Home Blog Page 41

মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs…হ’ম পেজত ওলাল – Better Luck Next Time Paijaan…

মুকলিৰ পাছতে হেক হ'ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs...হ'ম পেজত ওলাল - Better Luck Next Time Paijaan…
মুকলিৰ পাছতে হেক হ'ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs...হ'ম পেজত ওলাল - Better Luck Next Time Paijaan…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কংগ্ৰেছে আৰম্ভ কৰিছিল who is hbs নামৰ এটা ৱেবছাইট। ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে ৱেবছাইটটো উন্মোচন কৰাৰ প্ৰায় এঘণ্টাৰ পিছতেই ৱেবছাইটটো খুলিলেই হোমপেজত দেখুৱায়, “Better Luck Next Time Paijaan…”। এই ঘটনাৰ পিছতেই সামাজিক মাধ্যমত বিষয়টো দ্ৰুতগতিত ভাইৰেল হৈ পৰে। উল্লেখ্য যে, হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক জীৱন আৰু কাৰ্যকাল সম্পৰ্কে তথ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল ৱেবছাইটটো। কিন্তু মুকলিৰ প্ৰায় ১ ঘন্টাৰ পাছতে ৱেবছাইটটো হেক হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উক্ত ঘটনাৰ পিছতেই কংগ্ৰেছে তৎক্ষণাত ৱেবছাইটটো বন্ধ কৰি দিয়ে। আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটোত তেওঁ লিখে যে – “কথাত— 4K Ultra HD, কামত— 144p Buffering । কংগ্ৰেছে অলপ আগতে আৰম্ভ কৰিছিল ‘who is hbs’ শীৰ্ষক এটা ৱেবছাইট। পিছে এতিয়া ৱেবছাইটটো খুলিলেই হোমপেজত দেখুৱায়~ Better Luck Next Time Paijaan… । এটা ৱেবছাইট ভালকৈ মুকলি কৰিব নজনা কংগ্ৰেছ দলে আকৌ চৰকাৰ গঠনৰ সপোন দেখে, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে!”

উল্লেখ্য যে, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াসহ ৪ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে। ৯ ফেব্ৰুৱাৰীত জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবাদমেলত মিছা, ভিত্তিহীন, অপমানজনক বক্তব্য কৰাৰ বাবে তৰিব গোচৰ তেওঁ। এই কথা সামাজিক মাধ্যম যোগেৰে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় – ‘হিট এণ্ড ৰাণ’ ৰাজনীতিৰ দিন এতিয়া শেষ হ’ল। কংগ্ৰেছৰ হাতত যদি তথ্য আছে আদালতত প্ৰমাণ কৰিক। অন্যথা গান্ধী পৰিয়ালৰ এই অভিযোগ সহ্য কৰা নহ’ব। এই চাৰি নেতাক গান্ধী পৰিয়ালৰ আজ্ঞাবহ ভৃত্য আখ্যা মুখ্যমন্ত্ৰীৰ।

উজনি অসমত মিঞা খেদা অভিযানৰ বেনাৰ ফলাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ অসমীয়া যুৱ মঞ্চৰ

উজনি অসমত পুনৰ আৰম্ভ হৈছে মিঞা খেদা অভিযান ৷ বিশেষকৈ শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ অংশস্বৰূপে বেনাৰ আৰিছে জাতীয় সংগ্ৰামী সেনা নামৰ সংগঠনে ৷ কিন্তু কোনো দূস্কৃতিকাৰীয়ে মঙলবাৰে ফালিলে সংগঠনটোৰ এই বেনাৰ পোষ্টাৰ ৷

এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে অসমীয়া যুৱ মঞ্চই ৷ বেনাৰ ফলা কাৰ্যক কাপুৰুষালী আখ্যা দি সংগঠনটোৰ নেতৃত্বই ক’লে এয়া ইউনিছ তামুলীৰ দৰে ব্যক্তিৰ মন্তব্যৰ পাছতে সংঘটিত হৈছে ৷ লগতে সংগঠনটোৱে ক’লে ইউনিছ তামুলীয়ে নিজৰ জাতিটোক প্ৰতাৰণা কৰি ধৰ্মক লৈহে গুৰুত্ব দিছে ৷ যাৰ বাবে মিঞা মূলৰ মানুহক নগাঁও, মৰিগাঁৱৰ পৰা আনি কামত লগাম বুলি আস্ফালন কৰিছে ৷

যি কাৰ্যই ইউনিছ তামুলীয়ে যে জাতিটোক নহয়, ধৰ্মকহে প্ৰাধ্যান্য দিছে সেয়া ওলাই পৰিল ৷লগতে অসমীয়া যুৱ মঞ্চই বেনাৰ ফলাৰ লগত জড়িতক নপুংসক আখ্যা দিয়ে ৷ সংগঠনটোৱে লগতে কয় ইউনিছ তামুলীৰ দৰে তথাকথিত ব্যক্তিয়ে প্ৰতি বাৰেই এই অভিযানৰ বাধা দি আহিছে নিজৰ জাতিটোক প্ৰতাৰণা কৰি ৷ গতিকে সংগঠনটোৰ দাবী বেনাৰ ফলা কাৰ্যত জড়িত দূস্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি দিয়ক ৷

ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ।

ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ।
ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ।

ৰঙিয়া বিধানসভা সমষ্টিত অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাই।বিগত সময়চোৱাত কেইবাটাও অনুষ্ঠানত মহিলা সকলে নামৰ সমগ্ৰ বিচাৰিছিল আৰু আজি নিজ হাতে প্ৰদান কৰে এই সমূহ সামগ্ৰী। নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে, সিমানে ৰঙিয়া বিধানসভা সমষ্টিত বিজেপি দলৰ টিকট প্ৰত্যাশীসকলৰ ভিতৰত ৰাতুল শৰ্মা অন্যতম হৈ পৰিছে।

কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হাজো বিধানসভা সমষ্টিৰ এক বৃহৎ অংশ ৰঙিয়া সমষ্টিলৈ অন্তৰ্ভুক্ত হোৱাত, পূৰ্বৰ হাজো সমষ্টি বৰ্তমানৰ ৰঙিয়া বিধানসভা সমষ্টিৰ যুৱনেতা তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ এই সমষ্টিত এক শক্তিশালী ভেটি আছে।
ৰাতুল শৰ্মাই সমষ্টিটোৰ চুক-কোণে নিৰ্বাচনী প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰি দিছে। আজিৰ এই কাৰ্যসূচীত সমষ্টিৰ প্ৰায় অৰ্ধশতাধিক মহিলা দলক নামৰ সামগ্ৰী দিয়াৰ উপৰিও, বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক খেল-ধেমালিৰ সামগ্ৰী প্ৰদান কৰা কৰিছে। এই সামগ্ৰীবোৰে খেলুৱৈসকলৰ মাজত খেলৰ পৰিৱেশ আৰু খেলুৱৈসুলভ মনোভাৱ বৃদ্ধি কৰাত অৰিহণা যোগাব। ৰাতুল শৰ্মাৰ এই সমাজসেৱামূলক আৰু উৎসাহবৰ্ধক কাৰ্যই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ প্ৰশংসা আদায় কৰিছে।


উল্লেখযোগ্য যে, বিগত সময়ছোৱাত অসম যুৱ আয়োগৰ সদস্য তথা ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে সমষ্টিটোত কেইবাটাও চৰকাৰী আঁচনিৰ শুভাৰম্ভণি কৰিছে। তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতিৰ অতি ঘনিষ্ঠ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একনিষ্ঠ সেৱক হিচাপে পৰিচিত। ৰাতুল শৰ্মাই সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণসিংহা বজাইছে।
এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বৰ পৰা সেউ-সংকেত লাভ কৰি ৰাতুল শৰ্মাই ৰঙিয়া সমষ্টিত নিৰ্বাচন প্ৰচাৰ অভিযান জোৰদাৰভাৱে আৰম্ভ কৰিছে। সমষ্টিৰ চুক-কোণে বেনাৰ, পোষ্টাৰ আদিৰে সজ্জিত কৰা হৈছে। এই প্ৰচাৰসমূহে ৰাতুল শৰ্মাৰ ৰাজনৈতিক অভিযানক গতিশীল কৰি তুলিছে।

Garima Saikia Garg: বিবাহবাৰ্ষিকীত বৃদ্ধাশ্রমৰ আই-মাতৃক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান গৰিমা শইকীয়া গাৰ্গৰ

Garima Saikia Garg: বিবাহবাৰ্ষিকীত বৃদ্ধাশ্রমৰ আই-মাতৃক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান গৰিমা শইকীয়া গাৰ্গৰ
Garima Saikia Garg: বিবাহবাৰ্ষিকীত বৃদ্ধাশ্রমৰ আই-মাতৃক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান গৰিমা শইকীয়া গাৰ্গৰ

মানৱীয়তাৰ (Garima Saikia Garg) এক অনন্য নিদৰ্শন দাঙি ধৰি ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পিয়াৰলেছ হস্পিতালে মঠঘৰীয়াৰ মাতৃ নিৱাস বৃদ্ধাশ্ৰম আৰু সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ প্ৰায় ৪০ গৰাকী বৃদ্ধা মাতৃক প্ৰদান কৰে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা। সমাজ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে হস্পিতাল কৰ্তৃপক্ষই এই মাতৃসকলৰ স্বাস্থ্য পৰীক্ষা, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ, ৰোগ নিৰ্ণয় আৰু ঔষধৰ যাৱতীয় সকলো খৰচ নিজেই বহন কৰে।

গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত গ্ৰহণ কৰা এই বিশেষ পদক্ষেপৰ জৰিয়তে বৃদ্ধা মাতৃসকলক প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হয়। পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে এই কাৰ্যসূচীলৈ পূৰ্ণ সহযোগিতা আগবঢ়াই মাতৃসকলৰ অহা-যোৱাৰ বাবে পৰিবহনৰ ব্যৱস্থা কৰাৰ লগতে বিনামূলীয়া পৰামৰ্শ, ডায়গনষ্টিক সেৱা আৰু ঔষধ যোগান ধৰে।

হস্পিতালখনৰ এদল নিৰ্দিষ্ট বিশেষজ্ঞ চিকিৎসক আৰু কাৰিকৰী কৰ্মীয়ে এই মাতৃসকলৰ স্বাস্থ্যৰ পুংখানুপুংখ পৰীক্ষা সম্পন্ন কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ নিৰ্ণয় কৰি প্ৰতিগৰাকী হিতাধিকাৰীকে প্ৰয়োজনীয় চিকিৎসা আৰু ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

এই উদ্যোগৰ সন্দৰ্ভত পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে সদায় বিশ্বাস কৰে যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰে মানসম্পন্ন স্বাস্থ্যসেৱাৰ ওপৰত অধিকাৰ আছে। জ্যেষ্ঠ নাগৰিকসকলৰ যত্ন লোৱাটো আমাৰ বাবে এক দায়িত্ব আৰু গৌৰৱৰ বিষয়। গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত আৰম্ভ হোৱা এই উদ্যোগৰ অংশীদাৰ হ’বলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু ভৱিষ্যতেও এনেধৰণৰ অৰ্থপূৰ্ণ প্ৰচেষ্টালৈ আমাৰ সমৰ্থন অব্যাহত থাকিব।”

ইফালে, হস্পিতালখনৰ প্ৰচেষ্টাৰ শলাগ জনাই গৰিমা শইকীয়া গাৰ্গে কয়, “পৰিয়ালৰ অন্য সদস্যৰ দৰেই এই মাতৃসকলো মৰম, যত্ন আৰু চিকিৎসা সেৱা পোৱাৰ যোগ্য। এই কাৰ্যসূচী সফল কৰি তোলাৰ ক্ষেত্ৰত পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে আগবঢ়োৱা সৰ্বাত্মক সহযোগিতাৰ বাবে মই তেওঁলোকৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ। এনে সৰু সৰু প্ৰচেষ্টাই প্ৰকৃত প্ৰয়োজন থকা লোকসকলৰ মুখত হাঁহি বিৰিঙাব পাৰে আৰু তেওঁলোকক মানসিক শান্তি দিব পাৰে।”

৪ ফেব্ৰুৱাৰী দিনটো গৰিমা শইকীয়া গাৰ্গৰ বাবে এক বিশেষ তাৎপৰ্যৰ দিন। কাৰণ এই দিনটোতেই চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে যুগ্ম জীৱনৰ পাতনি মেলিছিল প্ৰয়াত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে। যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত হঠাতে হেৰাই যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি বিজড়িত তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ এই দিনটো এক মানৱীয় উদ্দেশ্যেৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গৰিমা গাৰ্গ শইকীয়াই। সেয়েহে এনে এক সমাজসেৱামূলক কাৰ্যত দিনটো উৎসৰ্গা কৰি তেওঁ ইয়াক স্মৰণীয় কৰি তোলে।

জ্যেষ্ঠ নাগৰিকসকলক, বিশেষকৈ বৃদ্ধাশ্ৰমৰ নিৱাসীসকলক মৰ্যাদাপূৰ্ণ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে অনাগত দিনতো এনেধৰণৰ জনহিতকৰ কাৰ্যসূচীৰ জৰিয়তে সমাজৰ সেৱা কৰি যাব বুলি পুনৰবাৰ নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

Dhing News: বিধায়িকা হোৱাৰ সপোন এগৰাকী চিকিৎসকৰ

বিধায়িকা হোৱাৰ সপোন মেলিছে এগৰাকী চিকিৎসকে।
বিধায়িকা হোৱাৰ সপোন মেলিছে এগৰাকী চিকিৎসকে।

নিৰ্বাচনৰ(Dhing News)দিন চমু চাপি অহাৰ লগে লগে এইবাৰ ধিঙত বিধায়িকা হোৱাৰ সপোন মেলিছে এগৰাকী চিকিৎসকে। ৰাইজক সেৱা কৰাৰ মানসেৰে ডাঃ আফৰুজা আৰ্চাৰীয়ে এইবাৰ ৰাইজৰ আৰ্শীবাদ বিচাৰি খোজ দিছে ধিঙৰ ঘৰে ঘৰে।

ধিং সমষ্টিৰ কংগ্ৰেছী পৰিয়ালৰ পৰা ওলাই অহা নেত্ৰী হিচাপে পৰিচিত ডাঃ আফৰুজা আনচাৰী ৰাজনৈতকভাৱে যথেষ্ট প্ৰভাৱশালী বুলি বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে। ইতিমধ্যেই ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ হৈ ধিং সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আবেদন কৰি নিৰ্বাচনী বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

আগন্তুক সময়ছোৱাত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদানৰ সুযোগ দিলে বিভিন্ন সমস্যা জৰ্জৰিত ধিং সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলি প্ৰতিক্ৰিয়া ব্যাক্ত কৰা পৰিলক্ষিত হৈছে।

gyanashree bora: ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই

gyanashree bora: ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই
gyanashree bora: ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই

ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই।(gyanashree bora)

কাইলৈ দিনৰ ১১ বজাত কৰিব যোগদান।

শিৱসাগৰত এই কথা ঘোষণা অখিল গগৈৰ।

মঙলবাৰে অধ‍্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই।

পুনৰ সক্রিয় ৰাজনীতিলৈ ঘূৰি আহিব ড০ জ্ঞানশ্রী বৰা।

স্ব-ইচ্ছাই চাকৰি ত্যাগ কৰে ড০ জ্ঞানশ্রী বৰাই।

গোৱালপাৰা কলেজৰ সহকাৰী অধ্যাপিকা পদত আছিল ড০ জ্ঞানশ্রী বৰা।

ৰাজনীতিত যোগদানৰ পূৰ্ণ সম্ভাৱনা ড০ জ্ঞানশ্রী বৰা।

গোৱালপাৰা মহাবিদ্যালয় ৰাসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ‍্যাপিকা হিচাপে কৰ্মৰত আছিল তেওঁ।

অধ‍্যাপিকা হিচাপে ২০২৩ চনৰ জুন মাহত যোগদান কৰিছিল।

২০২৬ৰ বিধান সভা নিৰ্বাচনত অৱৰ্তীণ হ’ব নে নহ’ব সেই বিষয়ত একো মন্তব্য কৰা নাই ড০ জ্ঞানশ্রী বৰাই।

Mamata Banerjee: উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক
অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। (Mamata Banerjee)

আজি উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাব মমতা বেনাৰ্জীয়ে।

SIR গোচৰ সন্দৰ্ভত যুক্তি দৰ্শাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

বংগ চৰকাৰে SIRৰ বিৰোধিতা কৰি সৰ্বোচ্চ ন্যায়ালয়ত তৰা গোচৰৰ আজি শুনানি আজি।

কোর্টত খোদ যুক্তি আগবঢ়োৱা মমতা বেনার্জীয়ে দেশৰ প্ৰথমজন মুখ্যমন্ত্রী হিচাপে বিবেচিত হ’ব।

আজি ইতিহাস ৰচনা কৰি প্ৰথম বাৰলৈ উচ্চতম ন্যায়ালয়ৰ শুনানীত এগৰাকী অধিবক্তা হিচাপে SIRৰ বিৰুদ্ধে যুক্তি আগবঢ়াব মমতা বেনাৰ্জীয়ে।

ন্যায়ালয়ৰ শুনানীত অধিবক্তা হিচাপে ভাগ লোৱা দেশৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ব মমতা।

বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, প্ৰবন্ধকাৰ, গল্পকাৰ শৰৎ চন্দ্ৰ শৰ্মাৰ দেহাৱসান

বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, প্ৰবন্ধকাৰ, গল্পকাৰ শৰৎ চন্দ্ৰ শৰ্মাৰ দেহাৱসান
বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, প্ৰবন্ধকাৰ, গল্পকাৰ শৰৎ চন্দ্ৰ শৰ্মাৰ দেহাৱসান

বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, প্ৰবন্ধকাৰ, গল্পকাৰ শৰৎ চন্দ্ৰ শৰ্মাৰ দেহাৱসান। ৮০ৰ দশকত পুলক গগৈৰ পৰিচালনাত নিৰ্মিত “সাদৰি” চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ৰবিন্দ্ৰ ভৱন আৰু জিলা পুথিভঁৰালত মঞ্চস্ত হোৱা “এখন যাত্ৰাৰ”, মই “ৰহমানে কৈছোঁ”, “শকুনিৰ প্ৰতিশোধ” আদিকে ধৰি প্ৰায় ৪৫ খন নাটকত অভিনয় কৰিছিল শৰৎ শৰ্মাই।

সমান্তৰালকৈ শৰাইঘাট নাট্য গোষ্ঠীয়ে বিগত ৫০ বছৰে মঞ্চস্থ কৰা প্ৰায়বোৰ নাটক পৰিচালনা কৰিছিল তেওঁ। সমান্তৰালকৈ বিভিন্ন বাতৰি-কাকত, আলোচনীত গল্প, প্ৰবন্ধ লিখি সমাদৰ বুটলিবলৈ সক্ষম হৈছিল প্ৰয়াত শৰ্মাই। ৫০বৰ্ষ গৰকা শৰাইঘাট নাট্যগোষ্ঠীৰ সভাপতি আছিল প্ৰয়াত শৰৎ চন্দ্ৰ শৰ্মা। আমিনগাঁৱ স্বৰ্ণ শাখা সাহিত্য সভাৰো প্ৰাক্তন সভাপতি আছিল শৰৎ শৰ্মা।

প্ৰয়াত শৰৎ চন্দ্ৰ শৰ্মাৰ মৃত্যুত কামৰূপ জিলাত পৰিছে গভীৰ শোকৰ ছাঁ। তেখেতৰ মৃত্যুত কামৰূপ জিলা সাহিত্য সভা, কামৰূপ জিলা সাংবাদিক সন্থা,উত্তৰ গুৱাহাটী সাংবাদিক সন্থা, শৰাইঘাট নাট্য গোষ্ঠী, আমিনগাঁৱ স্বৰ্ণ শাখা সাহিত্য সভা, বৃহত্তৰ আমিনগাঁৱ ৰঙালী বিহু সন্মিলনী আদি বিভিন্ন অনুষ্ঠানে জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি। শেষত “শৰাইঘাট শান্তি স্থল” ত পঞ্চভূতত বিলীন হয় প্ৰয়াত শৰৎ শৰ্মাৰ নশ্বৰ দেহ।

Zubeen Garg Death Case: ছিংগাপুৰত চলি থকা তদন্তত চাঞ্চল্যকৰ তথ্য ফাদিল

ছিংগাপুৰত চলি থকা তদন্তত চাঞ্চল্যকৰ তথ্য ফাদি
ছিংগাপুৰত চলি থকা তদন্তত চাঞ্চল্যকৰ তথ্য ফাদি

আজি পুনৰ ছিগাপুৰৰ ষ্টেট কৰ’নাৰ্ছ আদালতত জুবিন মৃত্যুৰ শুনানি।(Zubeen Garg Death Case)

৩ ফেব্ৰুৱাৰীৰ শুনানিত ঘটনাৰ প্ৰত্যক্ষদর্শীৰ সাক্ষ্য গ্রহণ আদালতৰ।

কেপ্পেল বে’ মেৰিনাত উপস্থিত হোৱাৰ সময়ত জুবিন গাৰ্গৰ-মুখত নাছিল সুৰাৰ গোন্ধ।

য়টত উঠিহে সুৰা পান কৰা বুলি সাক্ষ্যদান প্রবাসী অসমীয়াৰ।

শুনানিৰ সময়ত উপস্থিত আছিল জুবিনৰ খুড়াক মনোজ বৰঠাকুৰ।

উপস্থিত আছিল জুবিন গাৰ্গৰ পুত্ৰসম ৰাহুল গৌতম শর্মা।

All Assam Matak Yuba-Chatra Parishad: সদৌ অসম মটক যুৱ–ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰৰ সফল সামৰণি

সদৌ অসম মটক যুৱ–ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰৰ সফল সামৰণি
সদৌ অসম মটক যুৱ–ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰৰ সফল সামৰণি

সদৌ (All Assam Matak Yuba-Chatra Parishad) অসম মটক যুৱ–ছাত্ৰ পৰিষদৰ উদ্যোগত “অসমৰ মটক জনগোষ্ঠীৰ বিকাশ, উন্নয়নৰ সম্ভাৱনা আৰু সমস্যা সমূহ” শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ নতুন দিল্লীৰ Constitution Club of India ত সফলভাৱে অনুষ্ঠিত হৈ যায়। উক্ত আলোচনা চক্ৰত অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ ঐতিহাসিক পটভূমি, সামাজিক-অৰ্থনৈতিক অৱস্থা, শৈক্ষিক উন্নয়ন, সাংস্কৃতিক সংৰক্ষণ, ৰাজনৈতিক অংশগ্ৰহণ, লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। বিশিষ্ট অতিথি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই মটক জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত থকা বিপুল সম্ভাৱনাসমূহৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণযোগ্য নীতি-ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য ৰাখে। জনগোষ্ঠীটোৰ মেধাৱী ছাত্ৰী,উদিয়মান গায়িকা প্ৰস্তুতি নেওগে আঁতধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়াই।


ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰখনিত নিৰ্দিষ্ট বক্তা ৰূপে বক্তব্য ৰাখে মণিপুৰৰ অৱসৰ প্ৰাপ্ত মুখ্যন্যায়ধীশ সিদ্ধাৰ্থ মৃদুলে।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে বিশেষকৈ মটক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান, ৰজাদিনীয়া ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, শিক্ষাগত আৰু অৰ্থনৈতিক সৱলীকৰণৰ ক্ষেত্ৰত তৎকালীন পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় বক্তব্য ৰাখে।আলোচনা চক্ৰখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে নতুন দিল্লীৰ উচ্চন্যায়লয়ৰ অধিবক্তা তথা মটক যুৱ-ছাত্ৰ পৰিষদৰ আইনি উপদেষ্টা মণিষ দাসে। অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপণ বৰুৱাই শুভেচ্ছামূলক বক্তব্যত কয় যে, নতুন দিল্লীৰ দৰে ৰাষ্ট্ৰীয় মঞ্চত এই আলোচনা চক্ৰ অনুষ্ঠিত হোৱাটো মটক জনগোষ্ঠীৰ দাবী আৰু সমস্যাসমূহ দেশৰ নীতি-নিৰ্ধাৰক মহলৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

আলোচনা চক্ৰৰ সিদ্ধান্তসমূহ আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰা হ’ব বুলিও বক্তব্যত উল্লেখ কৰে। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰই মটক জনগোষ্ঠীৰ ঐক্য, সচেতনতা আৰু সংগঠিত আন্দোলনক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হয়।ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰত উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উদয় শংকৰ মহন,উপ সভাপতি অনন্ত বৰুৱা,দিব্যজ্যোতি গগৈ,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা,টাইপাৰ নতুন দিল্লীৰ সভাপতি পলাশ গগৈ,দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ঋষিকেশ কলিতা।