Home Blog Page 411

Sweets: প্ৰতিদিনে নহয়, কিন্তু মাজে সময়ে মিঠাই খাব! হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ এক নতুন কৌশল

Sweets
Sweets

মিঠাইক মানুহে প্ৰায়ে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰে। ওজন বৃদ্ধি, ডায়েবেটিছ বা হৃদযন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ পেলোৱাৰ দৰে ভয়ে আমাক মিঠাইৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰাই। কিন্তু আপুনি জানেনে যে কেতিয়াবা কেতিয়াবা মিঠাই খালে আপোনাৰ হৃদযন্ত্ৰ সুখী হয় আৰু আপোনাক সুস্থ কৰি ৰাখিব পাৰে?(Sweets)

৮ ডিচেম্বৰত ফ্ৰন্টিয়াৰ্ছ ইন পাব্লিক হেল্থত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত চেনিৰ প্ৰভাৱৰ ধৰণ নিৰ্ভৰ কৰে আপুনি কি ধৰণৰ চেনি গ্ৰহণ কৰিছে তাৰ ওপৰত। উদাহৰণস্বৰূপে, চেনিযুক্ত পানীয়তকৈ মিঠাই, চকলেট আৰু মৌৰ দৰে প্ৰাকৃতিক বিকল্প হৃদযন্ত্ৰৰ বাবে ভাল বুলি ক’ব পাৰে।(Heart)

এই অধ্যয়নত প্ৰায় ৭০ হাজাৰ লোকৰ খাদ্য আৰু জীৱনশৈলীৰ তথ্য বিশ্লেষণ কৰা হৈছিল। গৱেষকসকলে মিঠাইৰ পৰা ৭.৫% কেলৰি পোৱা লোকৰ হৃদযন্ত্ৰৰ স্বাস্থ্য সৰ্বোত্তম বুলি জানিব পৰা গৈছে। বিশেষ কথাটো হ’ল, যিসকল লোকে চেনি একেবাৰে নাখায় তেওঁলোকৰ তুলনাত কম পৰিমাণে মিঠাই খোৱা লোকৰ স্বাস্থ্য ভাল হোৱা দেখা গ’ল।

গৱেষকৰ মতে মিঠাইত থকা কঠিন চেনি শৰীৰে লাহে লাহে হজম কৰে। ইয়াৰ বাবে চুগাৰৰ মাত্ৰা হঠাতে বাঢ়ি নাযায়, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত বিশেষ চাপ নপৰে। ইয়াৰ বিপৰীতে চেনিযুক্ত পানীয়ত থকা চেনি সোনকালে হজম হয়, যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি পাব পাৰে।

বিশেষজ্ঞসকলৰ মতে দৈনিক ২৫-৩৭.৫ গ্ৰাম চেনি সেৱন কৰাটো হৃদযন্ত্ৰৰ বাবে ভাল। এই পৰিমাণ ২০০০ কেলৰিযুক্ত খাদ্যৰ ৫-৭.৫%। কিন্তু মনত ৰাখিব, আমেৰিকানসকলৰ দৰে দৈনিক ৭১ গ্ৰাম চেনি নাখাব।

BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ

BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ
BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ

১৮ ডিচেম্বৰ ২০২৪ঃ BJP । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে জিলাই জিলাই অনুষ্ঠিত কৰি অহা মণ্ডল সভাপতিৰ নিযুক্তি সংগঠন পৰ্বৰ সমান্তৰালকৈ অলপতে বিজেপি দলৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাসৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ ১৮টা মণ্ডল সভাপতিৰ পদত দলটোত দীৰ্ঘদিনৰ পৰা সক্ৰিয়তাৰে সেৱা আগবঢ়াই ১৮ গৰাকীকৈ বিজেপি দলৰ কৰ্মকৰ্তাক নিযুক্তি প্ৰদান কৰা হয় ।

অনুৰূপধৰণে চাবুৱা -লাহোৱাল সমষ্টিৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত ৭০ গৰাকীকৈ বুথৰ সভাপতিৰ সৰ্বসন্মতি আৰু প্ৰস্তাবমৰ্মে ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি প্ৰদান কৰা হয় । ভাৰতীয় জনতা পাৰ্টীত বিগত পোন্ধৰ বছৰৰ পৰা সক্ৰিয়তাৰে দলটোৰ স্বাৰ্থত নিৎস্বাৰ্থ ভাৱে কুমুদ দত্তই যেনেদৰে সেৱা আগবঢ়াই আহিছে ৷কুমুদ দত্তৰ এই ৰাজনৈতিক দক্ষতাৰ মৰ্মে লাহোৱাল বিজেপি মণ্ডলৰ সভাপতি পদত দত্তক নিযুক্তি দিয়াৰ পিছতে লাহোৱাল বিজেপি মণ্ডলৰ দলীয় সদস্য সকলৰ মাজত এতিয়া উল্লাসৰ বন্যা বোৱা বুলি জানিব পৰা গৈছে ৷

লাহোৱাল বিজেপি মণ্ডলৰ কাৰ্যালয়ত নৱনিযুক্ত সভাপতি কুমুদ দত্ত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মকতা সকলে উষ্ম আদৰণি জনোৱাৰ লগতে সম্বন্ধনা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানতে অন্যান্য দলীয় কৰ্মকতা সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ যুটীয়া সাধাৰণ সম্পাদক লাটু বৰুৱা ,পৰাগ বৰুৱাৰ লগতে উপসভাপতি যুগান্ত গগৈ ,প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্যা বিভাৰাণী গগৈৰ লগতে ৰমাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰতি চেতিয়াইও সম্বন্ধনা জ্ঞাপন কৰে বুলি জানিবলৈ দিয়ে ৷

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা
Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

১৮ ডিচেম্বৰ, ২০২৪ঃ Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

ভূ-খণ্ডৰ পাৰস্পৰিক বিষয়সমূহৰ লগতে ভূটানৰ সৈতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও সৌহার্দ্যপূর্ণ অলোচনা কৰে । এই আলোচনাক লৈ মুখ্যমন্ত্রী ড৹ শৰ্মাই কয়, “ভূটান আৰু অসমৰ মাজত পূর্বৰে পৰা ৭ টা বাণিজ্যিক পথেৰে দুয়োখন ভূ-খণ্ডৰ মাজত যাতায়ত ব্যৱস্থা অব্যাহত আছে । অসম-ভূটান সীমান্তত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ভূটানৰ ব্যৱসায়ীসকলৰ চাহিদা অনুসৰি দুয়োখন ভূ-খণ্ডৰ মাজত ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি অতিৰিক্ত পথৰ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াব ৷”

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!
Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

গুৱাহাটী, ১৭ ডিচেম্বৰঃ দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

পূৰ্বেকেতিয়াও হিমপাত নোহোৱা ওড়িশাত হঠাতে হিমপাত হোৱাত বতৰ বিজ্ঞানীসকলো আনকি আচৰিত হৈ পৰিছে। উত্তাপ ৩ ডিগ্ৰী চেলছিয়াছৰ তললৈ যোৱাৰ পিছতে ওড়িশাৰ বিভিন্ন ঠাইত দেখা পোৱা গৈছে বৰফ।(winter wonderland)

ওড়িশাৰ সুন্দৰগড়ৰ কইডা আৰু ময়ুৰভঞ্জৰ(Sundergarh and Mayurbhanj) বিভিন্ন অঞ্চলত বৰফ পৰাৰ লগতে তাপমাত্ৰা তিনি ডিগ্ৰী চেলছিয়াছৰ তললৈ অৱনমিত হৈছে। কইডা অঞ্চলৰ বহু ঠাইত মুকলি পথাৰ আৰু ওপৰৰ বাহনত বৰফে পাতল চাদৰ মেলি দিয়া পৰিলক্ষিত হয়।

ৰাজ্য খনৰ মূলতঃ টেনছা, কলতা, মালদা, কইডা, কাছিৰা অঞ্চলত তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে হিমপাতৰ ঘটনা ঘটিছে। ইতিমধ্যে সুন্দৰগড় জিলাৰ বাবে ঠাণ্ডাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

ময়ুৰভঞ্জতো বিগত তিনিদিন ধৰি তাপমাত্ৰা ৩ ডিগ্ৰী চেলছিয়াছৰ তলত থকাত তীব্ৰ ঠাণ্ডা পৰিস্থিতিৰ সৃষ্টি হৈছে। ছিমিলিপালতো হিমপাত হোৱা দেখা গৈছে। ইফালে এই শীতপ্ৰবাহৰ বাবে দৈনিক মজুৰি কৰা শ্ৰমিক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, আৰু বৃদ্ধসকলৰ বহু অসুবিধা হৈছে।

ইপিনে উষ্ণতা হ্ৰাস পোৱাৰ লগে লগে পৰ্যটকৰ ভিৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বহুতে হিমপাতৰ দৃশ্য প্ৰত্যক্ষ কৰি নয়ন জুৰাইছে।

Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ’লেই সমস্যা আৰম্ভ হয়…

Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ'লেই সমস্যা আৰম্ভ হয়…
Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ'লেই সমস্যা আৰম্ভ হয়…

গুৱাহাটী, ১৭ ডিচেম্বৰঃ উত্তৰ প্ৰদেশত শেহতীয়াকৈ হিন্দু লোকৰ ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ(Warning To Stone-Pelters) কৰাৰ ঘটনা বৃদ্ধি পাইছে।

এনে ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে(CM Yogi Adityanath)। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে যেতিয়াই কোনো হিন্দু লোকৰ শোভাযাত্ৰা মুছলমান জনবসতিপূৰ্ণ অঞ্চলৰ(Muslim-populated area) মাজেৰে পাৰ হৈ যায় তেতিয়াই সমস্যা আৰম্ভ হয়। দুৰ্বত্তই তেনে শোভাযাত্ৰাক লক্ষ্য কৰি শিল নিক্ষেপ কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আইন উলংঘা কৰাসকলক সকীয়াই দি কয় যে ভাৰত বাবৰৰ পৰম্পৰাৰে নহয়, ৰামৰ পৰম্পৰাৰে পৰিচালিত হ’ব।

সম্ভলৰ হিংসাৰ বিষয়টোক লৈ বিৰোধীৰ প্ৰতিবাদৰ কথা কওঁতে যোগী আদিত্যনাথে কয় যে বিৰোধী দলসমূহে তথ্য লুকুৱাই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে।

মুখ্যমন্ত্ৰী আদিত্যনাথে লগতে কয় যে যেতিয়াই কোনো হিন্দু(Hindu Procession) প্ৰক্ৰিয়া মুছলমান জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে পাৰ হৈ যায় তেতিয়াই সমস্যা আৰম্ভ হয়।

তেওঁ প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া কোনো হিন্দু স্থানীয় অঞ্চলৰ মাজেৰে বা মন্দিৰৰ সন্মুখত মহৰমৰ শোভাযাত্ৰা বা কোনো মুছলমানলোকৰ শোভাযাত্ৰা পাৰ হৈ যায় তেতিয়া কোনো সমস্যাৰ সৃষ্টি নহয়, তথাপিও যেতিয়া কোনো মছজিদৰ কাষেৰে বা মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলৰ মাজেৰে হিন্দু শোভাযাত্ৰা পাৰ হৈ যায় তেতিয়া সমস্যাৰ সৃষ্টি হয়।

‘জয় শ্ৰী ৰাম’(Jai Shri Ram) শ্লোগান বিষয়টোক লৈ ভাষণ দি মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে এই ধ্বনি উত্তেজক নহয়, বৰঞ্চ বিশ্বাসৰ প্ৰতিফলন। “‘জয় শ্ৰী ৰাম’ কোৱাটো কোনো সাম্প্ৰদায়িক কথা নহয়….” মুখ্যমন্ত্ৰী আদিত্যনাথে কয়।(Allah-u-Akbar)

One nation one election bill: এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিধেয়ক: ভাল-বেয়া বিবেচনা কৰিব যুটীয়া সংসদীয় কমিটীয়ে

One nation one election bill: এক ৰাষ্ট্ৰ এক নিৰ্বাচন' বিধেয়ক: ভাল-বেয়া বিবেচনা কৰিব যুটীয়া সংসদীয় কমিটীয়ে
One nation one election bill: এক ৰাষ্ট্ৰ এক নিৰ্বাচন' বিধেয়ক: ভাল-বেয়া বিবেচনা কৰিব যুটীয়া সংসদীয় কমিটীয়ে

১৭ ডিচেম্বৰ, গুৱাহাটীঃ One nation one election bill । যুটীয়া সংসদীয় কমিটী অৰ্থাৎ জে পি চিলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰা ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছ সাংসদ ৰাজীৱ শুক্লাই কয়, “এই বিধেয়কখন জে পি চিলৈ প্ৰেৰণ কৰাটো ভাল ।
আমিও একেটা দাবী কৰি আছিলোঁ । জে পি চিত বিধেয়কখনৰ বিতং আলোচনা হ’ব লাগে । বিধেয়কখনত বহুতো ত্ৰুটি আছে ।”

আনহাতে, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে – বিধেয়কখনক অসাংবিধানিক বুলি অভিহিত কৰি কয় যে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে । মঙলবাৰে লোকসভাৰ অধ্যক্ষই সদনত বিধেয়কখন উত্থাপনৰ ওপৰত হোৱা ভোটদানত ২৬৯ গৰাকী সদস্যই সপক্ষে আৰু ১৯৬ গৰাকী সদস্যই বিপক্ষে ভোটদান কৰে ।

Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ ‘হৃদয়ৰ নীলা পাহি’ উন্মোচন

Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ 'হৃদয়ৰ নীলা পাহি' উন্মোচন
Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ 'হৃদয়ৰ নীলা পাহি' উন্মোচন

নগাঁও, ১৭ ডিচেম্বৰঃ নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড° কৰবী কোঁছৰ ‘হৃদয়ৰ নীলা পাহি'(Blue Flower of Heart) নামৰ উপন্যাসখন উন্মোচন কৰা হয়।

উপন্যাসখন উন্মোচন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° মৃদুল হাজৰিকাই। উন্মোচনী ভাষণত উপাচাৰ্য গৰাকীয়ে কয়, একোখন উপন্যাস যদিও ফিকচন তাৰ মাজতে সত্যতা লুকাই থাকে।

মানুহৰ জীৱনক লৈয়ে উপন্যাস হয়।(Hridayor Neela Pahi) জীৱন যাত্ৰাত বহু সমস্যা থাকে, আৱেগ থাকে।(Sankardev University) জীৱনত বহু প্ৰত্যাহ্বানৰ প্ৰতিফলন থাকে। সেই প্ৰতিফলনখিনিক একেলগ কৰি বাস্তৱায়িতাৰ লগত লগলগাই উপন্যাস একোখন সৃষ্টি হয়। লেখকৰ নিজস্ব শৈলীৰ মাজেদি এক নতুন সৃষ্টি হয়।

অনুষ্ঠানত বিশিষ্ট সাংবাদিক-শিক্ষাবিদ ড° হিতেশ ডেকাই ভাষণ দি কয়- জীৱনৰ প্ৰথমখন কিতাপ নিজৰ প্ৰথম সন্তানৰ দৰে। মানুহৰ জীৱনত বিভিন্ন ৰং থাকে। ৰংবোৰ মাজে মাজে সলনি হৈ থাকে। জীৱনত প্ৰেমৰ আৱেগ থাকে, বিচ্ছেদৰ বিৰল বেদনা থাকে। কৰবী কোঁচৰ উপন্যাসখনত লেখিকাৰ আৱেগ-আন্তৰিকতা প্ৰথমৰ পৰা শেষলৈকে আছে।

সাহিত্যৰ বিভিন্ন পথাৰ থাকে। প্ৰৱন্ধ আছে, কবিতা আছে, গল্প আছে। আজিকালি চুপাৰ স্পেচিয়েলিষ্টৰ যুগ। সকলো পুখুৰীতে বৰশী বালে মাছ পোৱা নাযায়। গতিকে লেখিকা গৰাকীয়ে সাহিত্যক্ষেত্ৰত কেৱল উপন্যাসত মনোনিৱেশ কৰিব লাগে। ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ২৯৪ পৃষ্ঠাৰ উপন্যাস ‘হৃদয়ৰ নীলা পাহি’ৰ লেখিকা ড° কৰবী কোঁছে কয়, মই যে এখন উপন্যাস লিখিম সেয়া মোৰ বাবে এক সপোন আছিল।

বয়স বঢ়াৰ লগে লগে মানুহৰ চিন্তা ধাৰণা পৰিপক্ব হৈ গৈ থাকে। লক ডাউনত ঘৰতে বন্দী হৈ থকা সময়ত কিছুমান চৰিত্ৰ মনলৈ আহিছিল। উপন্যাস বুলি আৰম্ভ কৰা নাছিলো, মানুহৰ জীৱনৰ ৰংবোৰ একেলগ কৰিব বিচাৰিছিলো।

অনুষ্ঠানটোত ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাস ৰাজখোৱা, লেখক-সাংবাদিক শৈলেন শইকীয়া, লেখক-প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্ত অতিথি হিচাপে উপস্হিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে অধ্যাপক পাৰ্থপ্ৰতিম ফুকন আৰু সামৰণি ভাষণ দিয়ে অধ্যাপিকা ড° ত্ৰিবেণী বৰাই। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী উপস্হিত থাকে।

Priyanka Gandhi Bangladesh Bag: হাতে হাতে আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ বুলি লিখা বেগ লৈ প্ৰতিবাদ বিৰোধীৰ

Priyanka Gandhi Bangladesh Bag
Priyanka Gandhi Bangladesh Bag

কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভাৰ সাংসদ হোৱা প্ৰিয়ংকা গান্ধীয়ে ‘পেলেষ্টাইন’ থকা বেগ এটা লৈ সংসদত উপস্থিত হৈছিল। আনহাতে মঙলবাৰে বাংলাদেশৰ সংখ্যালঘুসকলৰ সৈতে মাত মাতিবলৈ বেগ লৈ আহি উপস্থিত হয় প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীৰ বাংলাদেশৰ বেগত লিখা আছে ‘ষ্টেণ্ড উইথ হিন্দু এণ্ড খ্ৰীষ্টানছ অৱ বাংলাদেশ’। প্ৰিয়ংকা গান্ধীৰ উপৰিও সংসদৰ বাহিৰত বাংলাদেশৰ সংখ্যালঘু লোকৰ সপক্ষে প্ৰতিবাদ সাব্যস্ত কৰে আন কংগ্ৰেছী সাংসদসকলে। ভাৰত চৰকাৰ, জ্ঞানলৈ আহক, বাংলাদেশৰ সংখ্যালঘুসকলক ন্যায় দিয়ক’ আদি শ্লোগান উত্থাপন কৰে।(Priyanka Gandhi Bangladesh Bag)

সোমবাৰে পেলেষ্টাইন বেগৰ বাবে শাসকীয় দলৰ বিপুল বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল প্ৰিয়ংকা গান্ধীয়ে। অৱশ্যে এফালে প্ৰিয়ংকা গান্ধীক লৈ বিজেপি নেতাসকলে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে আনফালে কংগ্ৰেছকে ধৰি বহু বিৰোধী নেতাই প্ৰিয়ংকা গান্ধীক ৰক্ষা কৰিছে। প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ ‘পেলেষ্টাইন’ বেগত কেন্দ্ৰীয় মন্ত্ৰী বি এল ভাৰ্মাই কয় যে তেওঁ মুছলমান তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। তেওঁ আৰু কয় যে ৰাহুল গান্ধী হওক বা প্ৰিয়ংকা গান্ধী হওক, তেওঁলোকে বহিঃৰাজ্যলৈ গৈ বিদেশী কথাৰ অধিক প্ৰচাৰ কৰে।

বাংলাদেশত সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে সংসদৰ বাহিৰত হাতে হাতে ‘আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ’ বুলি লিখা থকা মোনা লৈ প্ৰতিবাদ কৰে বিৰোধীয়ে৷

Assam-Meghalaya border:অসম-মেঘালয় সীমান্তত পুনৰ খাছীয়াৰ দপদপনি

Assam-Meghalaya border:অসম-মেঘালয় সীমান্তত পুনৰ খাছীয়াৰ দপদপনি
Assam-Meghalaya border:অসম-মেঘালয় সীমান্তত পুনৰ খাছীয়াৰ দপদপনি

বৈঠালাংছ’, ১৭ ডিচেম্বৰঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত(Assam-Meghalaya border) পুনৰ খাছীলোকৰ(Khasia) উদ্ভণ্ডালি তথা পথনিৰ্মাণত বাধা দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ প্ৰাপ্ত বাতৰি অনুসৰি, অসম চৰকাৰৰ অসমমালা ২.০ আঁচনিৰ অধীনত এটি পথনিৰ্মাণৰ কাম হামৰেণৰ পৰা খান্দুলিলৈ চলি আছে৷

প্ৰায় ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটিৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে অসম-মেঘালয় সীমান্তৰ আম-ইহ অঞ্চললৈ আহি একাংশ খাছীলোকে পথনিৰ্মাণত বাধা প্ৰদান কৰি গুচি যায়৷ খান্দুলিলৈ দুই কিলোমিটাৰ থকা এই দুৰত্বত খাছীলোকে কেইবাবৰো আহি ধমক দিয়াৰ লগতে পথনিৰ্মাণৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷

পথনিৰ্মাণত জড়িত শ্ৰমিকসকলে উপায়ন্তৰ হৈ প্ৰাণৰ ভয়ত আম-ইহৰ পৰা খান্দুলিলৈ পথনিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে৷ সমগ্ৰ বিষয়টি কাৰ্বি পৰিষদৰ অন্তৰ্গত সীমান্ত সুৰক্ষা সমিতিৰ অধ্যক্ষ আগষ্টিন হাঞ্চেই জ্ঞাত হোৱাত পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনকো অৱগত কৰে৷

ইয়াৰ পিছতেই জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাই উক্ত অঞ্চলটি পৰিদৰ্শন কৰি অসমভূমিৰ অন্তৰ্গত স্থান হোৱা বাবে পথনিৰ্মাণৰ কাম বন্ধ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে আম-ইহত থকা সীমান্ত পহৰা চকীক বিষয়টিৰ সন্দৰ্ভত সজাগ হৈ থাকিবলৈও নিৰ্দেশনা প্ৰদান কৰে৷

আনহাতে, পূৰ্বতে গঠন কৰা দুই সীমামুৰীয়া ৰাজ্যৰ সীমান্ত শান্তি সমিতিয়ে বিষয় সন্দৰ্ভত শান্তি-সম্প্ৰীতি অটুট ৰাখি উন্নয়নমূলক আচঁনি গ্ৰহণত কোনো বাধা প্ৰদান নকৰাৰ বিষয়ক লৈ আজি পুনৰ এক বৈঠক বহাৰ সিদ্ধান্ত গ্ৰহণেৰে মেঘালয়ৰ খাছীলোকসকলক আজি আম-ইহ অঞ্চললৈ মাতি পঠিয়াইছিল যদিও বিয়লি ৪ বজালৈ মেঘালয়ৰ পৰা কোনোলোক নহাত পুনৰ পথনিৰ্মাণৰ কামটি স্থানীয় ৰাইজ আৰু কাৰ্বি ছাত্ৰ সন্থাৰ উপস্থিতিত আৰম্ভ কৰা হয়৷

এই পথনিৰ্মাণ কাম আম-ইহৰ পৰা খান্দুলিৰ দিশলৈ প্ৰায় ৫০০ মিটাৰ দূৰত্বলৈ আৰম্ভ কৰি গৈ থকা অৱস্থাতেই হঠাতে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক আৰু এগৰাকী গাঁওবুঢ়া আহি উপস্থিত হৈ পথনিৰ্মাণৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷

উক্ত স্থানত উপস্থিত থকা কাৰ্বি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে পথনিৰ্মাণৰ কাম বন্ধ কৰা নহ’ব বুলি প্ৰত্যুত্তৰ দিয়াত দুই ফৈদৰ মাজত বহুসময় ধৰি বাকবিতণ্ডা হোৱাৰ লগতে মতানৈক্যৰ সৃষ্টি হয়৷ ইয়াৰ পিছতেই মেঘালয়ৰ খাছী গাওঁবুঢ়া আৰু উপ-আৰক্ষী অধীক্ষকগৰাকীৰ কিছু শান্ত হোৱাত অসমভূমিৰ অন্তৰ্গত অঞ্চলটিত পুনৰ পথনিৰ্মাণৰ কাম আৰম্ভ কৰা হয়৷

বাতৰি লিখা পৰলৈকে পথনিৰ্মাণৰ কাম অব্যাহত ৰাখি অতি সোনকালে উক্ত অঞ্চলৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে প্ৰচেষ্টা চলাই নিৰ্মাণকাৰী সংস্থাটোৱে৷ আনহাতে, এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰশান্ত ইংতিয়ে কয় যে আমাৰ অসমভূমিত আমাৰ চৰকাৰৰদ্বাৰা গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰাত আমি সদায় সহায় কৰিম৷

গতিকে, আজি আমাৰ ছাত্ৰ সন্থাৰ বহু সদস্যই আহি অসম-মেঘালয় সীমান্তত পথনিৰ্মাণৰ এই কামটোত সুৰক্ষা প্ৰদান কৰিছোঁ যাতে আমাৰ এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ হৈ যায়৷ সমান্তৰালকৈ কাৰ্বি পৰিষদৰ সীমান্ত সুৰক্ষা সমিতিৰ অধ্যক্ষ আগষ্টিন হাঞ্চেইও সাংবাদিকৰ আগত প্ৰকাশ কৰে যে আমি কোনোধৰণৰ সীমাৰ বাবে ইয়াত মতানৈক্যৰ সৃষ্টি কৰিবলৈ অহা নাই বা কৰিবও বিচৰা নাই৷

আমি মাথোঁ উন্নয়নমূলক আঁচনিৰ কাম কৰাতহে গুৰুত্ব প্ৰদান কৰিছোঁ, সেইয়া লাগিলে অসম চৰকাৰৰ পৰাই হওঁক বা মেঘালয় চৰকাৰৰ পৰাই হওঁক৷ আমি উন্নয়নমূলক কাম-কাজ কৰাত কেতিয়াও বাধা প্ৰদান নকৰোঁ বা কাকোৱেই বাধা প্ৰদান কৰিব নিদিওঁ বুলিও মন্তব্য কৰে হাঞ্চেই৷

উল্লেখযোগ্য যে অসমভূমিত থকা খাছীলোকে কৃষিকৰ্মৰ কাম সম্পূৰ্ণ কৰি খেতি চপোৱাৰ পিছতেই সীমান্তকেন্দ্ৰিক সমস্যাৰ সৃষ্টি কৰাৰ লগতে কৃষিকাৰ্য চলি থকাৰ সময়ত কোনোধৰণৰ সংঘাত সৃষ্টি নকৰে বুলি একাংশলোকে সাংবাদিকৰ আগত সদৰী কৰে৷

High BP: শীতকালত দৈনিক এই ৪ টা শুকান ফল খাওক আৰু ৰক্তচাপৰ সমস্যাৰ পৰা সকাহ পাওক

High BP
High BP

উচ্চ বিপিৰ সমস্যা সমাধানৰ বাবে শীতকালত দৈনিক এই ৪ টা শুকান ফল খাই ৰক্তচাপৰ সমস্যা সমাধান কৰক।(High BP)

শীতকালত কেৱল ঠাণ্ডাই নহয়, স্বাস্থ্যৰ বাবেও বহু প্ৰত্যাহ্বানৰ সৃষ্টি হয়। এই ঋতুত উচ্চ ৰক্তচাপৰ সমস্যা সাধাৰণ হৈ পৰে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত পৰে। আনহাতে বিশেষজ্ঞসকলৰ মতে ঠাণ্ডাৰ বাবে শিৰাবোৰ সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়।

এনে পৰিস্থিতিত যদি আপুনি খাদ্যত কিছুমান বিশেষ শুকান ফল অন্তৰ্ভুক্ত কৰে তেন্তে ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰি। সেই ৪টা শুকান ফলৰ বিষয়ে জানো যিবোৰ উচ্চ বি পি নিয়ন্ত্ৰণত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

১/ আলমণ্ড
মেগনেছিয়াম, পটাছিয়াম আৰু স্বাস্থ্যকৰ চৰ্বি আলমণ্ডত পোৱা যায়। যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও আলমণ্ডত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰে। দৈনিক ৫-৬ টা আলমণ্ড খালে ৰক্তচাপৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।

২/ আখৰোট
ৰক্তচাপ হ্ৰাস কৰাত ফলপ্ৰসূ ওমেগা-৩ ফেটি এচিডৰ এক উৎকৃষ্ট উৎস আখৰোট। ই ৰক্তবাহী নলী শিথিল কৰি তেজৰ সোঁত উন্নত কৰে। শীতকালত দৈনিক ৩-৪ টা আখৰোট খালে উচ্চ বি পিৰ সমস্যা ভাল হ’ব পাৰে।

৩/ কিচমিচ
কিচমিচত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ছডিয়ামৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ৰাতিপুৱা ১০-১২টা কিচমিচ তিয়াই ৰাতি তিয়াই খোৱাটো উচ্চ বি পি ৰোগীৰ বাবে অতি উপকাৰী।

৪/ পিষ্টাচিয়া
পিষ্টাচিয়ে ৰক্তবাহী নলীৰ প্ৰদাহ কমায় আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। পিষ্টাচিয়াত পটাছিয়াম আৰু স্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।