Home Blog Page 413

Kakopathar College। অকৰ্তৃত্বশীলভাৱে ভাৰতীয় সেনাৰ দখলত মহাবিদ্যালয়ৰ ভূমি ! মহাবিদ্যায়ৰ ভূমিত স্থায়ী টাৱাৰ নিৰ্মাণৰ যো-জা সেনা বাহিনীৰ

Kakopathar College। অকৰ্তৃত্বশীলভাৱে ভাৰতীয় সেনাৰ দখলত মহাবিদ্যালয়ৰ ভূমি ! মহাবিদ্যায়ৰ ভূমিত স্থায়ী টাৱাৰ নিৰ্মাণৰ যো-জা সেনা বাহিনীৰ
Kakopathar College। অকৰ্তৃত্বশীলভাৱে ভাৰতীয় সেনাৰ দখলত মহাবিদ্যালয়ৰ ভূমি ! মহাবিদ্যায়ৰ ভূমিত স্থায়ী টাৱাৰ নিৰ্মাণৰ যো-জা সেনা বাহিনীৰ

১৬ ডিচেম্বৰ,২০২৪: Kakopathar College।তিনিচুকীয়া জিলাৰ বৃহত্তৰ কাকপথাৰ অঞ্চলত উচ্চ শিক্ষাৰ অনুষ্ঠান কাকপথাৰ মহাবিদ্যালয়খন ১৯৯৫ চনত ৰাইজৰ সহযোগত স্থাপন কৰা হয়। পৰবৰ্তী সময়ত চৰকাৰী নিয়ম অনুসৰি কণিষ্ঠ মহাবিদ্যালয় আৰু বিগত ২০২০ চনৰ নতুন শিক্ষা নীতি অনুসৰি জেষ্ঠ মাধ্যমিক বিদ্যালয় ৰূপে মহাবিদ্যালয়খনে সেৱা আগবঢ়াই আছে। কিন্তু এই মহাবিদ্যালয়খনৰে ভূমি দখলত কৰাত নামিছে ভাৰতীয় সেনা ।

উল্লেখ্য যে, মহাবিদ্যালয়খনে কুমচাং চাহবাগিছাৰ পৰা ১৫ বিঘা মাটিৰ আৱণ্টণ লাভ কৰিছিল। বিদ্যালয়ৰ নিচেই কাষতে থকা পর্যটন গৃহটো আজি বহু বছৰৰ পৰা ভাৰতীয় সেনা বাহিনীৰ চাউনী হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও বর্তমান সেনা বাহিনীয়ে বিদ্যালয়খনৰো এক বৃহৎ অংশৰ মাটিত অস্থায়ী শিবিৰ সম্প্ৰসাৰণ কৰিছে। সম্প্ৰতি সেনাই শিবিৰ সম্প্ৰসাৰণ কৰা বিদ্যালয়ৰ মাটিত এটা ‘টাৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই নিৰ্মাণ কাৰ্যই মহাবিদ্যালয়খনৰ প্ৰায় দুবিঘা মাটি অধিগ্ৰহণ কৰিব । ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে বিদ্যালয় কৰ্তৃত্বপক্ষৰ লগতে স্থানীয় ৰাইজ । কিয়নো বিদ্যালয়খনত নতুনকৈ বাণিজ্য শাখা অন্তৰ্গভুক্ত কৰাৰ উপৰিও বিজ্ঞান শাখাৰ বাবেও আবেদন জনোৱা ।

এনে ক্ষেত্ৰত শ্ৰেণী কোঠা সম্প্ৰসাৰণৰ দিশটোত ভূমি অধিগ্ৰহণ কৰি ৰাখিলে অসুবিধাৰ সৃষ্টি হ’ব । কিন্তু এই স্পৰ্শকাতৰ বিষয়টো জিলা প্ৰশাসনক অৱগত কৰাৰ পাছতো বৰ্তমানলৈকে কোনো যথোচিত ব্যৱস্থা গ্ৰহণ নকৰাটোহে আশ্বৰ্যজনক বিষয় । উদ্বেগ প্ৰকাশ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । এতিয়া জিলা প্ৰশাসনে বিষয়টো কিদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

Alcohol: এদিন মদ খালে একো নহয়! এনেকৈ ভবা সকলৰ কি হ’ব এবাৰ পঢ়ক…

Alcohol
Alcohol

‘উইকেণ্ডত অলপ মদ খালে একো নহয়!’ যদি আপুনি এনে ভুল কৰিছে তেন্তে লিভাৰৰ কিছুমান সমস্যা কথা জানিলে আপোনাৰ বুকু বিষাই যাব।(Alcohol)শেহতীয়াকৈ ‘The Liver Doc’ নামৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদন দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল আচৰিত হৈ পৰিছে।

বহুতৰে দৈনিক মদ্যপান কৰাৰ অভ্যাস নাই কিন্তু বন্ধৰ দিনত মদ্যপানকৰাৰ অভ্যাস আছে। যদি এদিন মদ খাই ভাবে যে লিভাৰৰ একো নহয়। তেনেকৈ ভাবিলে ডাঙৰ ভুল হ’ব। সপ্তাহত এবাৰ হ’লেও মদ্যপান কৰাৰ অভ্যাসে যকৃতৰ গুৰুতৰ ক্ষতি কৰিব পাৰে।(Liver Damage due to Alcohol)

শেহতীয়াকৈ ডাক্তৰ আবে ফিলিপে ‘The Liver Doc’ নামৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল আচৰিত হৈ পৰিছে।

মদ্যপান কৰাটো একেবাৰেই ভাল অভ্যাস নহয়। সেয়েহে মদ্যপানৰ অভ্যাসৰ পৰা আঁতৰি থকাটো ভাল। কিন্তু বহুতে মাজে মাজে মদ খায়।

মদ্যপ্ৰেমীসকলক সকীয়াই দি ছ’চিয়েল মিডিয়াত লিখিছে ডাক্তৰ আবে ফিলিপে যে ‘এজন ৩২ বছৰীয়া ব্যক্তিয়ে বন্ধৰ দিনত মদ খোৱাৰ ফলত লিভাৰ সমস্যাত ভুগিছিল। স্বামীৰ জীৱন বচাবলৈ পত্নীয়ে লিভাৰৰ এটা অংশ দান কৰিছিল।” এই পোষ্টটো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত।


বহুতে ভাবে যে মাজে মাজে মদ্যপান কৰিলে একো নহয়। কিন্তু আচলতে এদিন মদ খোৱা আৰু দৈনিক মদ খোৱাৰ মাজত কোনো পাৰ্থক্য নাই।


নিয়মীয়াকৈ মদ্যপান কৰাটোৱেই আটাইতকৈ ক্ষতিকাৰক। নিয়মীয়াকৈ মদ্যপান কৰিলে যকৃতৰ ক্ষতি হব পাৰে। কিন্তু ক্ষতি কেৱল মদ্যপানৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে। জিন, খাদ্য, জীৱনশৈলী, যেনে ধূমপান বা অস্বাস্থ্যকৰ খাদ্যই এই ক্ষতি আৰু বেছিকৈ বৃদ্ধি কৰে।

Lucky Colour: জন্ম তাৰিখ অনুসৰি আপোনাৰ বাবে কোনটো ৰং ভাল? আপোনাৰ জন্ম তাৰিখে কি কয় জানি লওক

Lucky Colour
Lucky Colour

জন্ম তাৰিখ অনুসৰি আপোনাৰ ভাগ্যৰ ৰং জানি লওক! কোনবোৰ ৰঙে আপোনাৰ জীৱনলৈ সুখ, সৌভাগ্য আৰু শক্তি কঢ়িয়াই আনিব।(Lucky Colour)

কেৱল সংখ্যা বিজ্ঞানেই নহয় বৰণৰ জ্যোতিষশাস্ত্ৰৰ লগতো গভীৰ সম্পৰ্ক আছে গ্ৰহৰ প্ৰভাৱত বিভিন্ন ৰঙৰ ব্যৱহাৰে বিশেষ শুভ ফল দিয়ে বুলি বিশ্বাস কৰা হয়। জানি থওক যে জ্যোতিষৰ মতে যিকোনো ৰং বেছিকৈ ব্যৱহাৰ কৰিলে ভাল ফলাফল পোৱা যায়। ভাল বেয়াৰ প্ৰভাৱ নজনা বহু লোক জন্ম তাৰিখ অনুযায়ী ৰং ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে।(Lucky Colour according to Birthdate)

মাহৰ ১, ১০, ১৯, ২৮ তাৰিখে জন্ম হোৱা লোকসকল ৰবিৰ প্ৰভাৱত থাকে। গোলাপী, ৰঙা, হালধীয়া আৰু সেউজীয়া ৰং তেওঁলোকৰ বাবে শুভ ৰং।


২, ১১, ২০, ২৯ তাৰিখ চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত হয়। এই তাৰিখত জন্ম হোৱা লোকে যিকোনো ধৰণৰ বগা ৰং ব্যৱহাৰ কৰিব লাগে।

৩, ১২, ২১, ৩০ তাৰিখে জন্ম লোৱা সকল বৃহস্পতিৰ দ্বাৰা প্ৰভাৱিত হয়। যিকোনো ধৰণৰ হালধীয়া, পাতল ৰঙা, পাতল সেউজীয়া ৰং তেওঁলোকৰ বাবে ভাল।

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম লোৱা লোকসকল ৰাহুৰ দ্বাৰা প্ৰভাৱিত হয়। ক’লা, পাতল নীলা, বাদামী আৰু ধূসৰ ৰং এই তাৰিখত জন্ম লোৱাসকলৰ বাবে শুভ।

৫, ১৪, ২৩ তাৰিখে জন্ম লোৱা সকল বুধ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়। যিকোনো ধৰণৰ সেউজীয়া, হালধীয়া, পাতল নীলা ৰং তেওঁলোকৰ বাবে ভাল।

৬, ১৫, ২৪ তাৰিখত জন্ম হোৱা লোক শুক্ৰৰ দ্বাৰা প্ৰভাৱিত হয়। যিকোনো ধৰণৰ বগা, গোলাপী, পাতল নীলা আৰু আকাশ নীলা ৰং অধিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।

৭, ১৬, ২৫ তাৰিখে জন্ম লোৱা সকল কেতুৰ দ্বাৰা প্ৰভাৱিত হয়। সেউজীয়া আৰু ধূসৰ ৰং তেওঁলোকৰ বাবে অতি শুভ।

৮, ১৭, ২৬ তাৰিখে জন্ম লোৱা লোকসকল শনিৰ দ্বাৰা প্ৰভাৱিত হয়। এই তাৰিখত জন্ম হোৱা লোকে যিকোনো ধৰণৰ নীলা, আকাশ নীলা, ক’লা ৰং ব্যৱহাৰ কৰাটো ভাল।

Allu Arjun: কিয় মৃত মহিলাগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰা নাই অভিনেতা আল্লু অৰ্জুনে?

Allu Arjun
আল্লু অৰ্জুন এতিয়ালৈকে সেই মৃত মহিলাগৰাকীৰ ৮ বছৰীয়া আহত শিশুটিক লগ কৰিবলৈ যোৱা নাই কিয়? সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে ক'লে 'মই চিন্তিত'।(Allu Arjun)

‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ মুকলি অনুষ্ঠানত মৃত মহিলাগৰাকী পৰিয়ালৰ সদস্যক আৰু তেওঁৰ আহত পুত্ৰক আল্লু অৰ্জুনে এতিয়ালৈকে কিয় লগ কৰিবলৈ যোৱা নাই সেই সন্দৰ্ভত শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে।(Allu Arjun)
দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক ১৩ ডিচেম্বৰ শুকুৰবাৰে হায়দৰাবাদ সন্ধ্যা থিয়েটাৰ ষ্টেম্পেড গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল, তাৰ পিছত একেদিনাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰে যদিও তেওঁ লাভ জেলত ৰাতিটো কটাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই অহাৰ পিছত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে তেওঁ সময় কটাই। ইয়াৰ বাবেই তেওঁও বহুত ট্ৰলিঙৰ সন্মুখীন হৈছে, যাৰ আঁৰৰ কাৰণ হ’ল চিকিৎসালয়ত ভৰ্তি হোৱা আহত ৮ বছৰীয়া শিশুটি।সেই সন্দৰ্ভত শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে।(Allu Arjun On Stampede Victim Child)

বহু সংখ্যক ব্যৱহাৰকাৰীয়েও এই পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্ৰীতেজৰ স্বাস্থ্য সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আল্লু অৰ্জুনে কয় শ্ৰীতেজৰ অৱস্থাক লৈ মই বৰ চিন্তিত। এই শোকাৱহ ঘটনাৰ পিছত তেওঁ চিকিৎসাধীন হৈ আছে। তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ। আইনী প্ৰক্ৰিয়াৰ বাবে মোক এতিয়াই তেওঁক আৰু তেওঁৰ পৰিয়ালক লগ কৰিবলৈ পৰামৰ্শ দিয়া হোৱা নাই। মোৰ প্ৰাৰ্থনা তেওঁৰ লগত। তেওঁৰ চিকিৎসা আৰু পাৰিবাৰিক প্ৰয়োজনীয়তা পূৰণৰ দায়িত্ব ল’বলৈ মই সাজু। তেওঁক আৰু তেওঁৰ পৰিয়ালক সোনকালে লগ পাম বুলি আশা কৰিলোঁ।’

খবৰ অনুসৰি ভৰ্তি শিশুটি এতিয়াও ভেণ্টিলেটৰত আছে আৰু পেডিয়াট্ৰিক ইনটেনচিভ কেয়াৰ ইউনিট (পিআইচিইউ)ত চিকিৎসাধীন হৈ আছে।

Cigarette And Tea Combination: সাৱধান! চাহ আৰু চিগাৰেট একেলগে খোৱাৰ অভ্যাস আপোনাৰো আছে নেকি?

Cigarette And Tea Combination
Cigarette And Tea Combination

চাহ আৰু চিগাৰেটৰ সংমিশ্ৰণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে, যদি আপুনি চাহ আৰু চিগাৰেট একেলগে খাই তেন্তে আপুনি যিকোনো সময়তে অসুস্থ হৈ পৰিব পাৰে।চাহ-চিগাৰেট খোৱাৰ অভ্যাস স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অতি মাৰাত্মক বুলি কোৱা হয়।(cigarette and tea combination)


চাহৰ লগত চিগাৰেট খোৱাটো বহুতৰে অভ্যাসত পৰিণত হৈছে। বিশেষকৈ ঠাণ্ডা দিনত বহু লোকক চাহ আৰু চিগাৰেট প্ৰচুৰ পৰিমাণে সেৱন কৰা দেখা যায়। গৰম চাহ একাপ আৰু চিগাৰেট ফুঁৱাই কিছুমান মানুহে সতেজতা অনুভৱ কৰে। কিন্তু তেওঁলোকে নাজানে চাহ আৰু চিগাৰেটৰ এই সংমিশ্ৰণ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে চাহ আৰু চিগাৰেট একেলগে সেৱন কৰিলে স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি আপুনিও এনে লোকৰ মাজত অন্তৰ্ভুক্ত, তেন্তে এই অভ্যাস সময়মতে শুধৰাই লওক-

চাহত কেফেইন থাকে, যিয়ে টনিক হিচাপে কাম কৰে। ই পাচনতন্ত্ৰত প্ৰভাৱ পেলায় আৰু অন্ত্ৰৰ সংকোচন বৃদ্ধি কৰে, যাৰ ফলত মলত্যাগ সহজ হৈ পৰে। কিন্তু অত্যধিক চাহ সেৱনৰ কোষ্ঠকাঠিন্য আৰু অন্যান্য পাচনতন্ত্ৰ সমস্যাহে সৃষ্টি হয়।

অত্যধিক চাহ সেৱন কৰিলেও পেটত জ্বলা-পোৰা কৰিব পাৰে। যদি আপুনি লেক্ট’জ অসহিষ্ণু হয় তেন্তে চাহ আৰু চিগাৰেটৰ সংমিশ্ৰণে আৰু অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে পেট ফুলা আৰু পেটৰ গেছ।

আনহাতে চিগাৰেটত থকা নিকোটিনে স্নায়ুতন্ত্ৰক উদ্দীপিত কৰাৰ লগতে অন্ত্ৰৰ কাৰ্য্যকলাপতো প্ৰভাৱ পেলায়। নিকোটিনে অন্ত্ৰত ৰক্ত সঞ্চালন হ্ৰাস কৰে, যাৰ ফলত ইহঁতৰ কাম কৰাৰ ক্ষমতা হ্ৰাস পায়। অবিৰতভাৱে চিগাৰেট খোৱাৰ ফলত অন্ত্ৰৰ মাইক্ৰ’বায়’টাৰ ভাৰসাম্যতাও বিঘ্নিত হ’ব পাৰে, যাৰ ফলত হজম প্ৰক্ৰিয়াত প্ৰভাৱ পৰে।

চাহ আৰু চিগাৰেট পৰিহাৰ কৰাৰ উপায়

যদি আপুনি চাহ আৰু চিগাৰেট একেলগে সেৱন কৰে তেন্তে এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰথম পদক্ষেপটো হ’ল চাহ খোৱা কম কৰা। দৈনিক ৮-১০ গিলাচ পানী খালে আপোনাৰ শৰীৰত থকা পানীৰ অভাৱ পূৰণ কৰিব পাৰি আৰু কেফেইনৰ প্ৰভাৱো কমাব পাৰিব। লগতে যদি আপুনি ধূমপান কৰে তেন্তে এৰিবলৈ চেষ্টা কৰক।

Saif Ali Khan: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ছেইফ আলী খানৰ প্ৰশ্ন, ‘আপুনি কিমান সময় জিৰণি লয়?’

Narendra Modi
কিছুদিন পূৰ্বে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল। তেতিয়া ছেইফ আলী খানে প্ৰধানমন্ত্ৰী মোডীক সুধিছিল যে তেওঁ দিনটোত কিমান সময় জিৰণি লয়?(Saif Ali Khan)

কিছুদিন পূৰ্বে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল। (Saif Ali Khan)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পিছতে হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছেইফ আলী খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কি কথা পাতিছিল সেই কথা কয়।

ছেইফে প্ৰধানমন্ত্ৰী মোডীক সুধিছিল যে তেওঁৰ ব্যস্ততাৰ মাজত কিমান সময় জিৰণি ল’ব পাৰে। “তেওঁ মোৰ মা-দেউতাকৰ কথাও সুধিলে আৰু ক’লে যে আমি টাইমুৰ আৰু জেহক লগ কৰিবলৈ আনিম বুলি ভাবিছিল লগতে কৰীনাৰ অনুৰোধত তেওঁলোকৰ বাবে এখন কাগজত চহীও কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে!(PM Narendra Modi)

তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে ৰাতি প্ৰায় তিনি ঘণ্টা জিৰণি লয়। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এইটো মোৰ বাবে এক বিশেষ দিন। কাপুৰ পৰিয়ালে ৰাজ কাপুৰৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীক নিমন্ত্ৰণ কৰিবলৈ দিল্লীলৈ গৈছিল। (Kapoor Family)

আনহাতে কৰীনাৰ সামাজিক মাধ্যমৰ পোষ্টে ইণ্টাৰনেটৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এখন ছবিত প্ৰধানমন্ত্ৰী মোদীয়ে টাইমুৰ আৰু জেহৰ বাবে অটোগ্ৰাফ দিয়া দেখা গৈছে। আন ছবিত প্ৰধানমন্ত্ৰী মোডীক ছেইফ আলী খান, কৰিশ্মা কাপুৰ, ৰণবীৰ কাপুৰকে ধৰি কাপুৰ পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে মত বিনিময় কৰা দেখা গৈছে।

Zakir Hussain: কিংবদন্তি তবলাবাদক উস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ বহু চেলিব্ৰিটিৰ, তেওঁৰ পৰিয়াল আৰু সম্পত্তিৰ বিষয়ে জানক

Zakir Hussain
Zakir Hussain

বিশ্ববিখ্যাত তবলাবাদক তথা পদ্ম বিভূষণ উস্তাদ জাকিৰ হুছেইনৰ মৃত্যু, ছান ফ্ৰান্সিস্কোত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। আমেৰিকাত বাস কৰা ৭৩ বছৰীয়া সংগীতজ্ঞগৰাকী ৰক্তচাপৰ সমস্যাত ভুগি আছিল।(Zakir Hussain)

তথ্য অনুসৰি হুছেইনে তেওঁৰ মেনেজাৰ এণ্টনিয়া মিনিকোলাক বিয়া কৰাইছিল, যিগৰাকীও আছিল এগৰাকী কথক নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে – অনিছা আৰু ইছাবেলা। অনিছাই ইউ চি এল এ (ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া, লছ এঞ্জেলছ)ৰ পৰা অধ্যয়ন কৰি ছবি নিৰ্মাণ কৰে। ইছাবেলাই মানহাটানত নৃত্য শিকি আছে।(Zakir Hussain Passes Away)

‘হুছেইন’ক ৫টা গ্ৰেমী বঁটাৰে সন্মানিত কৰা হৈছিল-

মহান তবলাবাদক আল্লাহ ৰাখাৰ জ্যেষ্ঠ পুত্ৰ জাকিৰ হুছেইনে পিতৃৰ পদাংক অনুসৰণ কৰি ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে নিজৰ নাম অৰ্জন কৰিছে। হুছেইনে নিজৰ কেৰিয়াৰত পাঁচটা গ্ৰেমী বঁটা লাভ কৰিছে, ইয়াৰে তিনিটা চলিত বৰ্ষৰ আৰম্ভণিতে ৬৬ সংখ্যক গ্ৰেমী বঁটা লাভ কৰিছিল। ভাৰতৰ অন্যতম প্ৰখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ হুছেইনে ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্মবিভূষণ বঁটা লাভ কৰে।

নেট ৱৰ্থ কিমান?

তথ্য অনুসৰি জাকিৰ হুছেইনৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫-৬ কোটি টকা। ভাৰত আৰু বিদেশৰ সংগীতৰ ক্ষেত্ৰত তেওঁৰ সফলতাৰ বাবে তেওঁক শাস্ত্ৰীয় সংগীতৰ অন্যতম ধনী আৰু সন্মানীয় সুৰকাৰ বুলি গণ্য কৰা হয়।

৭৩ বছৰ বয়সত পৃথিৱীৰ পৰা বিদায় ল’লে বিখ্যাত তবলা মেষ্ট্ৰ’ জাকিৰ হুছেইনে। ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মহান শিল্পীগৰাকীয়ে। তেওঁৰ মৃত্যুৰ খবৰ পাই সকলোৱে শোক প্ৰকাশ পৰিছে। বহু চেলিব্ৰিটিৰ লগতে বহু অনুৰাগীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। ৰণবীৰ, কৰীনা, অমিতাভ আৰু মলাইকাইও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Dry Fruits: পানী নে গাখীৰ, শুকান ফল কিহত তিয়াই ৰাখিলে ছুপাৰফুড হ’ব?

Dry Fruits
Dry Fruits

শুকান ফল আমাৰ স্বাস্থ্যৰ বাবে অতচি উপকাৰী।(Dry Fruits)শীতকাল আৰম্ভ হোৱাৰ লগে লগে আমি শুকান ফল খোৱাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰোঁ, কাৰণ শুকান ফলত পুষ্টিকৰ উপাদানও থাকে। প্ৰায়ে কোৱা হয় যে আলমণ্ড, খেজুৰ, ডুমুৰ বা আখৰোট ৰাতি পানীত তিয়াই থোৱাৰ পিছত ৰাতিপুৱা খালে স্বাস্থ্যৰ সৰ্বাধিক উপকাৰ পোৱা যায়, কিন্তু শুকান ফল গাখীৰত তিয়াই থোৱাৰ পিছত খাব পাৰিনে? ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব জানো আহক-

শুকান ফল পানীত তিয়াই থ’লে কোমল হৈ পৰে, যিয়ে পাচনত সহায় কৰে আৰু ফাইটিক এচিড হ্ৰাস কৰি সকাহ দিয়ে। লগতে তিয়াই দিলে পুষ্টিকৰ পদাৰ্থ শোষণত উন্নত হয়। শুকান ফল তিয়াই থলে টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে আৰু অধিক উপকাৰী, কাৰণ ই চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

যেতিয়া আপুনি শুকান ফল গাখীৰত তিয়াই তেতিয়া ই বহুতো পুষ্টিকৰ উপাদান শোষণ কৰে য’ত প্ৰটিন, কেলচিয়াম, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ আদি অন্তৰ্ভুক্ত। এনে কৰিলে পুষ্টিকৰ পদাৰ্থ শোষণ আৰু আঁহৰ হজম ভাল ধৰণে হয়। যিসকলে সুস্থ অন্ত্ৰ বিচাৰে তেওঁলোকৰ বাবে ই অমৃততকৈ কম নহয়।

প্ৰতিজন ব্যক্তিৰ প্ৰয়োজন বেলেগ বেলেগ, গতিকে শুকান ফল পানীত নে গাখীৰত তিয়াব সেয়া নিৰ্ভৰ কৰে আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তাৰ ওপৰত। পানীত তিয়ালে হজম শক্তি উন্নত হয় আৰু চেনিৰ পৰিমাণ কমাব পাৰি। আনহাতে, গাখীৰত তিয়াই থ’লে ই বহুতো পুষ্টিকৰ উপাদানৰ সংমিশ্ৰণ ঘটায়। যদি আপুনি কম কেলৰিযুক্ত খাদ্য আৰু উন্নত হজম বিচাৰে তেন্তে শুকান ফল পানীত তিয়াব আৰু যদি আপুনি শাৰীৰিক শক্তি বিচাৰে তেন্তে গাখীৰৰ সহায় লওক কাৰণ ই প্ৰটিন আৰু কেলচিয়াম দুয়োটা যোগান ধৰিব।

Dr. Shivnath Burman:বিজ্ঞানমনস্ক যাত্ৰাই সুৱঁৰিলে ড০ শিৱনাথ বৰ্মনক

Dr. Shivnath Burman:বিজ্ঞানমনস্ক যাত্ৰাই সুৱঁৰিলে ড০ শিৱনাথ বৰ্মনক
Dr. Shivnath Burman:বিজ্ঞানমনস্ক যাত্ৰাই সুৱঁৰিলে ড০ শিৱনাথ বৰ্মনক

গুৱাহাটী, ১৫ ডিচেম্বৰঃ মোৰ সমসাময়িক হ’লেও ডঃ শিৱনাথ বৰ্মনৰ(Dr. Shivnath Burman) সৈতে মোৰ ঘনিষ্ঠতা অলপ দেৰিকৈ আৰম্ভ হৈছিল৷ কাৰণ আামাৰ কৰ্ম পদ্ধতি পৃথক আছিল৷

মই ঘাইকৈ বিজ্ঞান পঢ়ুওৱা আৰু ইয়াৰ জনপ্ৰিয়কৰণত ব্যস্ত আছিলোঁ আৰু বৰ্মন ব্যস্ত আছিল এখন বহল পৃথিৱীত—বিজ্ঞান বিষয়ক লেখাৰ উপৰি তেওঁ ব্যস্ত হৈছিল সংস্কৃতি, ব্যাকৰণ, শংকৰদেৱ সম্পৰ্কীয় চৰ্চাত৷— এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ডঃ কুলেন্দু পাঠকৰ(Dr. Kulendu Pathak)৷

উল্লেখ্য, সমাজত বিজ্ঞানমনস্কতাৰ প্ৰচাৰ তথা অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা প্ৰসাৰৰ হকে কাম কৰি থকা সংগঠন বিজ্ঞানমনস্ক যাত্ৰাই(Science-minded Journey) বিশিষ্ট বিজ্ঞান লেখক তথা সমাজ বিজ্ঞানী শিৱনাথ বৰ্মনৰ প্ৰতি শ্ৰদ্ধা হিচাপে আজি বৈজ্ঞানিক চেতনা দিৱস পালন কৰে৷ গুৱাহাটীৰ কৃষি নিবাস প্ৰেক্ষাগৃহত দিনৰ এঘাৰ বজাত এই দিবসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ অনুষ্ঠিত কৰে৷

এই অনুষ্ঠানতে দিয়া ভাষণত ডঃ পাঠকে আৰু কয় যে সৰ্বক্ষণ-কৰ্মী অবিহনে কোনো আন্দোলন সফল কৰিব নোৱাৰি৷ বিজ্ঞানমনস্কতা প্ৰসাৰৰ আন্দোলনতো বিজ্ঞানমনস্ক যাত্ৰাক এনে কৰ্মীৰ প্ৰয়োজন হ’ব৷

বিজ্ঞানমনস্ক যাত্ৰাৰ সম্পাদক নয়নজ্যোতি ভূঞাই জনাইছে আজিৰ দিনটোত গুৱাহাটীৰ সমান্তৰালভাৱে যোৰহাট, তিনিচুকীয়া, বৰপেটা, নগাঁও, বিশ্বনাথ চাৰিআলিত যাত্ৰাৰ উদ্যোগত এই দিবস পালন কৰা হয়৷ এই আটাই কেইখন ঠাইতে যাত্ৰাই প্ৰকাশ কৰা পুলিন কলিতা সম্পাদিত “যুক্তিবাদ আৰু বিজ্ঞানমনস্কতা” নামৰ এখন উন্মোচন কৰা হয়৷

গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ডঃ দীনেশ চন্দ্ৰ গোস্বামী, দিলীপ বৰা, ময়ুৰ বৰা আৰু জুনু বৰাই৷ কেন্দ্ৰীয় অনুষ্ঠানৰ আঁত ধৰে যাত্ৰাৰ সম্পাদক নয়নজ্যোতি ভুঞাই, আদৰণি ভাষণ দিয়ে সভাপতি ৰিপুঞ্জয় গগৈয়ে আৰু সামগ্ৰিক পৰিচালনা কৰে কাৰ্যকৰী সভাপতি হামজা চৌধুৰীয়ে৷

Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা

Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা
Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা

গুৱাহাটী, ১৫ ডিচেম্বৰঃ শীতত থৰ থৰকৈ কঁপিছে(Cold Weather) পঞ্জাৱ, হাৰিয়ানা৷ এই দুই ৰাজ্যৰ উপৰি দেশৰ আনম কেইবাখনো ৰাজ্যত শীত প্ৰবাহে(Chilly Winds) তীব্ৰ ৰূপ ধাৰণ কৰিছে৷

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড, হাৰিয়ানা, চণ্ডীগড়কে ধৰি সমগ্ৰ উত্তৰ ভাৰতত ৩দিন ধৰি তীব্ৰ শীত প্ৰবাহ অব্যাহত থাকিব৷

বিশেষকৈ ১৭ ডিচেম্বৰৰ পৰা এই শীত প্ৰবাহৰ তীব্ৰতা অধিক বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰেও পঞ্জাৱ আৰু হাৰিয়ানাত শীত প্ৰবাহ পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰে৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১০ ডিগ্ৰী চেলছিয়াছৰ নূন্যতম উষ্ণতা নথিভুক্ত কৰা হৈছে ফৰিদকোট অঞ্চলত৷

ফৰিদকোটেই ৰাজ্য খনৰ এই বছৰৰ এতিয়ালৈকে আটাইতকৈ ঠাণ্ডা হিচাবে পৰিগণিত হৈছে। পঞ্জাৱ, গুৰদাসপুৰ আৰু বাথিণ্ডাতোশীত প্ৰবাহ বৃদ্ধি পাইছে৷

সেই এলেকাসমূহত নূন্যতম তাপমাত্ৰা ২ ডিগ্ৰী চেলছিয়াছ আৰু ৪.৬ ডিগ্ৰী চেলছিয়াছ হৈছে৷ পাথানকোটত নূন্যতম ৩.৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে অমৃতসৰত ৩.৯ ডিগ্ৰী চেলছিয়াছ হৈছে৷

হাৰিয়ানাৰ হিছাৰত ১.৭ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে নাৰ্নাউলত নূন্যতম ৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা পঞ্জীয়ন কৰা বুলি বতৰ বিভাগে প্ৰকাশ কৰিছে। আনহাতে, ৰোহটাকে ৫.২ ডিগ্ৰী আৰু আম্বালাই ৫.৭ ডিগ্ৰী চেলছিয়াছ হৈছে৷ ৰাজস্থান ও পঞ্জাৱত কিছু স্থানত পাৰাস্তম্ভ শূন্যৰ তললৈ নামি যোৱা পৰিলক্ষিত হৈছে।

হিমাচল প্ৰদেশ. উত্তৰাখণ্ড, জন্মু-কাশ্মীৰ, লাদাখ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, ছত্তিশগড়, পশ্চিম বংগ, বিহাৰ, মহাৰাষ্ট্ৰ, বিদৰ্ভ, সৌৰাষ্ট্ৰ আৰু গুজৰাটৰ বিভিন্ন অংশত এতিয়া শীত প্ৰবাহে তাণ্ডৰ সৃষ্টি কৰিছে৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত পঞ্জাৱৰ আদমপুৰত পাৰাস্তম্ভ ০.৭ ডিগ্ৰী হৈছে।

ৰাজস্থানৰ ছিকাৰ জিলাৰ ফাতেহপুৰত ১.৩ ডিগ্ৰী আৰু মাউণ্ট আবুত ১.৪ ডিগ্ৰী পৰ্যন্ত হৈছে। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ, পূব ৰাজস্থান আৰু বিদৰ্ভৰ কিছু অঞ্চলত সৰ্বনিম্ন উষ্ণতা স্বাভাৱিকতকৈ ৩-৫ ডিগ্ৰী তলত। আন ঠাইতো নূন্যতম উষ্ণতা হ্ৰাস পাইছে।

মধ্যপ্ৰদেশতো শীতে কাবু কৰিছে নাগৰিকক৷ দক্ষিণ আৰু উপকূলীয় ভাৰতৰ বাহিৰেও অন্যান্য অঞ্চলতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। উত্তৰ-পূব ভাৰতৰ মণিপুৰ আৰু মেঘালয়ৰ কিছু অঞ্চলত অতি ঘন কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাইছে৷

অৱশ্যে অসমত এতিয়াও শীত প্ৰবাহ সিমান তীব্ৰতৰ হৈ উঠা নাই৷ বতৰ বিভাগে জনোৱা মতে, হাৰিয়ানা আৰু পঞ্জাৱৰ উমৈহতীয়া ৰাজধানী চণ্ডীগড়ত নূন্যতম তাপমাত্ৰা ৪.৮ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।