Home Blog Page 414

Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু

Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু
Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু

গুৱাহাটী, ১৫ ডিচেম্বৰঃ তবলাৰ সম্ৰাট জাকিৰ হুছেইন(Zakir Hussain) আৰু নাই।হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে যুঁজি থাকি চিকিৎসাধীন হৈ থকা জাকিৰ হুছেইনৰ আজি আমেৰিকাৰ এখন চিকিৎসালয়ত(San Francisco hospital) মৃত্যু ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।(Legendary Tabla Maestro) তেওঁৰ মেনেজাৰ নিৰ্মলা বাচানীয়ে প্ৰকাশ কৰা মতে হুছেইনক ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিংবদন্তি তবলাবাদক আল্লাহ ৰাখাৰ জ্যেষ্ঠ পুত্ৰ জাকিৰ হুছেইনে পিতৃৰ পদাংক অনুসৰণ কৰি ভাৰত আৰু সমগ্ৰ বিশ্বতে এক পৰিচিত নাম হৈ পৰিছিল। মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই জাকিৰ হুছেইনে তেওঁৰ প্ৰতিভাৰ বলত বহুতৰে মাজত চিনাকি হৈ পৰিছিল।(flautist Rakesh Chaurasia)

জীৱনকালত বহু বঁটা লাভ কৰা জাকিৰ হুছেইনে তেওঁৰ কেৰিয়াৰত পাঁচটা গ্ৰেমী বঁটা লাভ কৰিছিল। তেওঁ তিনিটা গ্ৰেমী বঁটা লাভ কৰিছিল চলিত বৰ্ষৰ আৰম্ভণিতে ৬৬ সংখ্যক গ্ৰেমী বঁটা অনুষ্ঠানত।(Manager Nirmala Bachani)

ভাৰতৰ অন্যতম বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ জাকিৰ হুছেইনক ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্ম বিভূষণ বঁটা আগবঢ়োৱা হৈছিল।

Dihanam: শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন

Dihanam
Dihanam

দিহানাম পৰিৱেশনেৰে অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰাৰ উদ্দেশ্যে এই বিশাল আয়োজন। শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন।(Dihanam)

গুৰুজনাৰ অমৰ সৃষ্টিয়ে পুণৰ প্ৰাণ পাই উঠিছে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়াম। যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰ উদ্যোগত ১০,১০১গৰাকী আই মাতৃয়ে পৰিবেশন কৰিছে দিহানাম।

অসমৰ বিভিন্ন জিলাৰ পৰা আই মাতৃৰ সকল সমবেত হৈ দিহানাম পৰিবেশন। দিহানামেৰে মুখৰিত শিৱসাগৰৰ আকাশ বতাহ। সংগীতা বৰা আৰু স্নিগ্ধা বৰা মূল আয়তী হিচাপে দিহানাম পৰিবেশন কৰে।

অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত আছিল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰী শ্ৰী পিতাম্বৰ দেৱগোস্বামী। এই অনুস্থানত বিধায়ক অখিল গগৈও উপস্থিত থাকে।

Brinjal: শীতকালত পুৰা বেঙেনা খাই নে? পুৰা বেঙেনাৰ আছে বহু উপকাৰিতা

Brinjal
Brinjal

বেঙেনা স্বাস্থ্যৰ বাবে অতি উপকাৰী। বেঙেনাত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হজম শক্তি উন্নত কৰে। কেলৰি কম আৰু আঁহ বেছি হোৱাৰ বাবে বেঙেনাই ওজন হ্ৰাসতো সহায় কৰে।(Brinjal)

বেঙেনাত বহুতো গুৰুত্বপূৰ্ণ ভিটামিন থাকে, যি সমূহ স্বাস্থ্যৰ বাবে উপকাৰী। বেঙেনাত ভিটামিন চি, কে আৰু বি৬ তাকে। ভিটামিন চি এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।(health benefits of Brinjal)

ভিটামিন কে এ হাড় সুস্থ কৰি ৰখাত সহায় কৰে। ভিটামিন বি ৬ য়ে মগজুৰ বিকাশ আৰু স্নায়ুতন্ত্ৰৰ কাৰ্য্যক্ষমতা উন্নত কৰে। এই ভিটামিনসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

বেঙেনাই ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰাখে। বিশেষকৈ শীতকালত যেতিয়া শাৰীৰিক ক্ৰিয়া-কলাপ কমি যায় তেতিয়া বেঙেনাৰ দৰে কম কেলৰিযুক্ত শাক-পাচলি খাব পাৰে। বেঙেনা খালে শৰীৰে প্ৰয়োজনীয় পুষ্টি আৰু শক্তি লাভ কৰে।

Varun Dhawan: ‘দেশৰ হনুমান’ অমিত শ্বাহ: অভিনেতা বৰুণ ধাৱন!

Varun Dhawan
Varun Dhawan

বলীউডৰ অভিনেতা বৰুণ ধাৱনে তেওঁৰ প্ৰথমখন ৱেব ছিৰিজ ‘চিটাডেল: হানি বানি’ৰ সফলতাৰ পিছত তেওঁৰ আগন্তুক একচন ছবি ‘বেবী জন’ৰ বাবে শিৰোনাম দখল কৰিছে। ছবিখন মুক্তি পোৱাৰ পূৰ্বে অভিনেতাগৰাকীয়ে মিডিয়া ইভেণ্টত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত হৈছিল অভিনেতাগৰাকী। য’ত তেওঁ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক বহু প্রশ্ন কৰিছিল, তাৰে এটাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল৷ কেৱল এয়াই নহয়, ভাইৰেল হৈ থকা এই প্ৰশ্নৰ অতি ধেমেলীয়া উত্তৰো দিলে অমিত শ্বাহে।(Varun Dhawan)

তেওঁৰ উত্তৰ শুনাৰ পিছত বৰুণ ধাৱনেও তেওঁক প্ৰশংসা কৰিলে। এই অনুষ্ঠানৰ সময়ত তেওঁ অমিত শ্বাহক ‘দেশৰ হনুমান’ বুলি অভিহিত কৰে। আচলতে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বলীউডৰ অভিনেতা বৰুণ ধাৱনে সংবাদ মাধ্যমৰ এক অনুষ্ঠানত অংশ লৈছিল। এই অনুষ্ঠানৰ সময়ত বৰুণে সাংবাদিকৰ দৰে অমিত শ্বাহক কিছু প্ৰশ্ন কৰে। ইফালে অমিত শ্বাহে ধেমালিতে বৰুণক ক’লে, ‘এই মানুহবোৰৰ দৰে সাংবাদিক নহ’বা’। বৰুণে হাঁহি হাঁহি উত্তৰ দিলে, ‘নাই ছাৰ’।(Varun Dhawan On Amit Shah)

ইয়াৰ পিছত বৰুণে ক’লে, ‘আপুনি যি ক’লে মই বৰ আপ্লুত হ’লো। মাত্ৰ এটা প্ৰশ্ন সুধিব লগা আছে ভগৱান ৰাম আৰু ৰাৱণৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্য কি আছিল?’ তেওঁৰ প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয়, ‘এ কোনো কোনো লোকে ধৰ্মক নিজৰ দায়িত্ব বুলি গণ্য কৰে, আনহাতে কিছুমানে ধৰ্মক নিজৰ সুবিধা অনুসৰি গণ্য কৰে। এইটোৱেই হৈছে ৰাম আৰু ৰাৱণৰ পাৰ্থক্য। ৰামে ধৰ্ম অনুযায়ী জীৱন যাপন কৰিছিল, আনহাতে ৰাৱণে নিজৰ ইচ্ছামতে ধৰ্ম সলনি কৰিবলৈ চেষ্টা কৰিছিল।

ইয়াৰ পিছত বৰুণে ক’লে, ‘এসময়ত মই ভাবিছিলো যে ৰাৱণৰ জ্ঞানৰ অহংকাৰ আছে, আনহাতে ভগৱান ৰামৰ অহংকাৰৰ জ্ঞান আছে’। ইয়াৰ পিছত অমিত শ্বাহে কৈছিল যে দুয়োজনেই অহংকাৰৰ সংজ্ঞাৰ অধীনলৈ আহে। ইয়াৰ পিছত বৰুণে ক’লে, ‘মই আপোনাক বহুবাৰ টিভিত দেখিছো, কিন্তু আজি প্ৰথমবাৰৰ বাবে আপোনাক লাইভত চাই আছো। কিছুমানে আপোনাক ৰাজনীতিৰ চাণক্য বুলি কয়, কিন্তু মই কওঁ যে আপুনি আমাৰ হনুমান বুলি ক’ম, যিয়ে কোনো স্বাৰ্থহীনতা নোহোৱাকৈ দেশৰ সেৱা কৰি আছে।

বৰুণ ধাৱনৰ নতুন ছবি ‘বেবী জন’২৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব। এই ছবিখনৰ পৰিচালনা কৰিছে দক্ষিণৰ পৰিচালক এথলিয়ে। বৰুণ ধাৱনৰ লগতে কীৰ্তি সুৰেশ, বামিকা গাব্বি, জেকী শ্ৰফৰ দৰে মহান অভিনেতাক ছবিখনত দেখা যাব। ইয়াৰ উপৰিও ছবিখনত ছলমান খানক এটা সৰু চৰিত্ৰত দেখা যাব। এই ছবিখনক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত।

Travel Food: বিদেশলৈ গৈ সমস্যাত পৰে নিৰামিষভোজীসকল! বিশ্বৰ বহু দেশত নিৰামিষ খাদ্য সহজলভ্য নহয়

Travel Food: বিদেশলৈ গৈ সমস্যাত পৰে নিৰামিষভোজীসকল! বিশ্বৰ বহু দেশত নিৰামিষ খাদ্য সহজলভ্য নহয়
Travel Food: বিদেশলৈ গৈ সমস্যাত পৰে নিৰামিষভোজীসকল! বিশ্বৰ বহু দেশত নিৰামিষ খাদ্য সহজলভ্য নহয়

বিদেশলৈ যোৱাৰ আগতে কিছুমান কথা জানি ল’ব লাগে।(Travel Food)যদি আপুনি নিৰামিষভোজী হয় তেন্তে বহিঃৰাজ্যলৈ যাওঁতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। বিশ্বৰ বহু দেশত নিৰামিষ খাদ্য সহজলভ্য নহয়। তেতিয়া কি কৰিব?

ভাৰতত যেনেকৈ খাদ্য আৰু সংস্কৃতিৰ বৈচিত্ৰ্য আছে, পৃথিৱীৰ আন দেশতো আছে। সেই দেশবোৰ ভ্ৰমণ কৰিবলৈ, তেওঁলোকৰ সংস্কৃতি জানিবলৈ তেওঁলোকৰ খাদ্য খাব লাগিব। কাৰণ যিকোনো ঠাইৰ খাদ্য স্থানীয় ৰীতি-নীতি আৰু বিশ্বাসকে ধৰি বহু কথাৰ লগত জড়িত। কিন্তু বহু দেশত নিৰামিষ খাদ্য সহজে পোৱা নাযায়। এনে নহয় যে নিৰামিষ খাদ্য উপলব্ধ নহয়। কিন্তু সেই খাদ্য বিচাৰি উলিওৱাটো বিদেশী পৰ্যটকৰ বাবে সহজ নহয়, সেইটোৱেই সমস্যা।

চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম আদি দেশলৈ যাত্ৰা কৰা বহু ভাৰতীয়ই এই সমস্যাৰ সন্মুখীন হয়। নিৰামিষ খাদ্য খোৱাৰ কোনো সমস্যা নাই। কিন্তু যদি কোনোবা নিৰামিষভোজী হয় তেন্তে খাদ্য বিচাৰি পোৱাটো কঠিন হৈ পৰে। বহু ভাৰতীয়ইও বিভিন্ন ট্ৰেভেল ব্লগত বিভিন্ন সময়ত এনে বিষয়ৰ ওপৰত বহু কথা কয়।গতিকে বহিঃৰাজ্যত পৰ্যটকে ভাল নিৰামিষ খাদ্য কেনেকৈ পাব?

১. যিকোনো দেশলৈ যোৱাৰ আগতে তেওঁলোকৰ বিশেষ খাদ্য, নিৰামিষভোজীৰ বিষয়ে জানিব লাগিব। ইণ্টাৰনেট ব্ৰাউজ কৰি, ব্লগ চাই ইয়াৰ বিষয়ে এটা ধাৰণা ল’ব পাৰিব। বিশেষ নিৰামিষ নামৰ তালিকা আৰু শুদ্ধ উচ্চাৰণ আগতীয়াকৈ জনা উচিত।

২. তেওঁলোকৰ স্থানীয় ভাষা শিকা সম্ভৱ নহয় যদিও অত্যাৱশ্যকীয় বাক্য শিকিব পাৰি। যেনে, ‘মই নিৰামিষ খাওঁ’। “মই মাছ, মাংস, কণী নাখাওঁ”।

৩.কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে, স্থানীয় ভাষাত সেইবোৰৰ নাম জানি লওক। বহু দেশত মানুহে স্থানীয় ভাষাৰ বাহিৰে আন কোনো ভাষা বুজি নাপায়।

৪. প্ৰযুক্তিৰ সহায়ত নিৰামিষ খাদ্যৰ ঠিকনা বিচাৰি উলিওৱাটো বহুত সহজ হৈ পৰে। বিভিন্ন দেশত বিভিন্ন খাদ্যৰ এপ আছে। যিকোনো দেশলৈ যোৱাৰ আগতে মোবাইলত এপ ইনষ্টল কৰি সেই দেশৰ খাদ্য আৰু ৰেষ্টুৰেণ্টৰ বিষয়ে জানিব পাৰিব।

Pushpa 2 Box Office Collection: অতি সোনকালে আহিব পুষ্পা-৩, মুক্তিৰ ১০ দিনত ১১৯০ কোটি টকা সংগ্ৰহ পুষ্পা-২ৰ

Pushpa 2 Box Office Collection
Pushpa 2 Box Office Collection

আল্লু অৰ্জুন, ৰশ্মিকা মণ্ডন্না আৰু ফাহাধ ফাচিল অভিনীত ছবি ‘পুষ্পা ২: দ্য ৰুল’ এ যোৱা ১০ দিন ধৰি বক্স অফিচত জোকাৰণি তুলিছে। প্ৰথম দিনাৰ পৰাই ছবিখনে ভাল উপাৰ্জন কৰি আহিছে। ছবিখনে মুক্তিৰ প্ৰথম সপ্তাহতে বহু ছবিৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰে। কেৱল এয়াই নহয়, উপাৰ্জনৰ ক্ষেত্ৰত এই বছৰ মুক্তি পোৱা ব্লকবাষ্টাৰ ছবিকেইখনক পিছপেলাই পুষ্পা-২ এ। মুক্তিৰ দহদিনত ছবিখনে কিমান উপাৰ্জন কৰিলে জানো আহক।(Pushpa 2 Box Office Collection)

প্ৰথম দিনাৰ পৰাই ছবিখনে ভাল উপাৰ্জন কৰিছে। ছবিখনৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিও বৰ ভাল আছিল। শুকুৰবাৰে ছবিখনে ৩০ কোটিৰো অধিক উপাৰ্জন কৰে। সপ্তাহৰ শেষৰ ফালে ইয়াৰ উপাৰ্জন আৰু বৃদ্ধি পাইছে। শনিবাৰে উপাৰ্জন আু বৃদ্ধি পালে। ছাকনিলকৰ প্ৰতিবেদন অনুসৰি ‘পুষ্পা ২’ৰ দ্বিতীয় শনিবাৰে সকলো ভাষাতে প্ৰায় ৬২.৩ কোটি টকা সংগ্ৰহ কৰে। এনে পৰিস্থিতিত দেওবাৰে ছবিখনৰ সংগ্ৰহ ৭০ কোটি টকা হ’ব পাৰে বুলি আশা কৰা হৈছে।

মুক্তিৰ ৭ দিনৰ ভিতৰত ছবিখনে ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল। প্ৰতিবেদন অনুসৰি শুকুৰবাৰলৈকে ছবিখনে বিশ্বজুৰি ১১০৫ কোটি টকা উপাৰ্জন কৰিছিল আৰু দশম দিনৰ উপাৰ্জনৰ পিছত ছবিখনৰ মুঠ সংগ্ৰহ ১১৭০ৰ পৰা ১১৮০ কোটি টকা হৈছেগৈ। এতিয়া আল্লু অৰ্জুনৰ ছবিখনে ১১৯০০ কোটি টকাৰ পৰিসংখ্যা স্পৰ্শ কৰে।

বিশেষ কথাটো হ’ল এই ছবিখনে ‘বাহুবলী ২’, ‘কে জি এফ ২’, ‘আৰ আৰ আৰ’ আৰু ‘পাথান’ৰ দৰে ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰাৰ সমান্তৰালভাৱে ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’, ২০১৯ৰ দৰে ব্লকবাষ্টাৰ ছবিৰ অভিলেখো ভংগ কৰিছে। ‘ষ্ট্ৰী ২’, ‘দেৱৰা’ আৰু ‘দ্য গ্ৰেটেষ্ট অৱ অল টাইম’ৰ দৰে ছবিৰ অভিলেখো ভংগ হৈছে। লগতে এই ছবিখনে কম সময়ৰ ভিতৰতে চলিত বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে আৰু অনাগত দিনত ছবিখনে আৰু বহু অভিলেখ সৃষ্টি কৰিব পাৰে।

সুকুমাৰৰ ৰচনা আৰু পৰিচালিত ‘পুষ্পা ২: দ্য ৰুল’ ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে। আল্লু অৰ্জুনে তেওঁৰ উজ্জ্বল অভিনয়ৰ লগতে ছবিখনত একচন দৃশ্যৰে দৰ্শকক আপ্লুত কৰিছিল। এই ছবিখন ২০২১ চনত মুক্তি পোৱা ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনৰ ছিকুৱেল। আল্লু অৰ্জুনৰ লগতে ৰশ্মিকা মণ্ডন্না আৰু ফাহাধ ফাছিলকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনৰ শেষত ইয়াৰ তৃতীয় খণ্ড ‘পুষ্পা ৩: দ্য ৰেম্পেজ’ও ঘোষণা কৰা হৈছে।

Wrinkles: এই ৫টা অভ্যাসৰ পৰা আঁতৰি থাকক! নহ’লে কম বয়সতে বৃদ্ধ ছালৰ গৰাকী হ’ব

Wrinkles
Wrinkles

বয়স ৪০ বছৰ পাৰ হোৱাৰ লগে লগে ছালখন ঢিলা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে মুখত বলিৰেখা দেখা দিয়ে। কিন্তু বলিৰেখা কেৱল বয়স বৃদ্ধিৰ লক্ষণ নহয়। বেয়া অভ্যাসৰ বাবে বহু সময়ত কম বয়সতে মুখত বলিৰেখা ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি আপুনি বয়সতকৈ সৰু দেখাব বিচাৰে তেন্তে এই অভ্যাসবোৰ সলনি কৰি আপুনি কম বয়সীয়া দেখা ছালৰ গৰাকী হ’ব পাব পাৰে।(Wrinkles)

ৰ’দত ওলাই যোৱা পূৰ্বে ছানস্ক্ৰীণ লগাব লাগে-
ছালৰ বাবে সূৰ্য্যৰ (UV) ৰশ্মি আটাইতকৈ বেছি ক্ষতিকাৰক। ইয়াৰ ফলত বলিৰেখা, ক’লা দাগ আনকি ছালৰ কৰ্কট ৰোগও হ’ব পাৰে। এনে অৱস্থাত বাহিৰলৈ ওলোৱাৰ ৩০ মিনিট আগতে এছ পি এফ ৩০ বা তাতকৈ অধিক ছানস্ক্ৰীণ লগাব লাগে আৰু বিশেষকৈ ঘাম বা পানীৰ সংস্পৰ্শলৈ অহাৰ পিছত দুঘণ্টাৰ মূৰে মূৰে পুনৰ প্ৰয়োগ কৰিব লাগে।

ধূমপান কৰা

ধূমপান কেৱল হাওঁফাওঁৰ বাবেই ক্ষতিকাৰক নহয়, ই আপোনাৰ ছালৰো ক্ষতি কৰে। ধূমপানৰ ফলত ৰক্তবাহী নলীবোৰ সংকুচিত হয়, যাৰ ফলত ছালত পুষ্টিকৰ উপাদান কম হয়।

অস্বাস্থ্যকৰ খাদ্য

আপুনি যি খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ছালৰ স্বাস্থ্যৰ ওপৰত পৰে। জাংক ফুড, চেনি আৰু প্ৰচেছড খাদ্য সামগ্ৰীত ছালখন সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ। এনে পৰিস্থিতিত এই খাদ্য পৰিহাৰ কৰিব লাগে। তাৰ পৰিৱৰ্তে খাদ্যত ফলমূল, শাক-পাচলি আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰক। এই খাদ্যসমূহত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে বলিৰেখা ৰোধ কৰাত সহায় কৰে।

পানীৰ অভাৱ

ডিহাইড্ৰেচনে আপোনাৰ ছালখন নিৰ্জীৱ কৰি তুলিব পাৰে। পানীয়ে আপোনাৰ ছালখন হাইড্ৰেটেড আৰু ধুনীয়া কৰি ৰখাত সহায় কৰে। এনে পৰিস্থিতিত দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে, পানীৰ পৰিমাণ বেছি থকা ফল-মূল আৰু শাক-পাচলি খাব লাগে।

চাপ

মানসিক চাপৰ ফলত কৰ্টিছল হৰম’ন বৃদ্ধি পায়, যাৰ ফলত ছালৰ কলাজেন হ্ৰাস পায়। এনে পৰিস্থিতিত মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন, ব্যায়াম বা ধ্যান অভ্যাস কৰক। ইয়াৰ বাহিৰেও যথেষ্ট পৰিমাণে টোপনি যাবলৈ চেষ্টা কৰিব।

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ ‘শিল্প-সাহিত্য বঁটা-২০২৪’

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ 'শিল্প-সাহিত্য বঁটা-২০২৪'
Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ 'শিল্প-সাহিত্য বঁটা-২০২৪'

গহপুৰ, ১৪ ডিচেম্বৰঃ ‘৪২ৰ গণ আন্দোলনৰ সক্ৰিয় কৰ্মী, কংগ্ৰেছ সেৱা বাহিনীৰ সেনানী মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ’ব।(Art and Literature Awards)

অসম নাট্য সন্মিলনৰ অন্তৰ্ভুক্ত বিশ্বনাথ জিলা নাট্য সন্মিলনৰ মধ্যকালীন অধিৱেশনখনৰ লগত সংগতি ৰাখি বিষ্ণু-জ্যোতি নাট্য সন্মিলনৰ সহযোগত গঠিত মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়া স্মৃতি ন্যাসৰ দ্বাৰা পোনপ্ৰথমবাৰৰ বাবে এটি বঁটা আগবঢ়োৱা হয়।

কাইলৈ দিনৰ ১২ বজাত পূব ডুবিয়া হাইস্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত শিশু সাহিত্যিক তথা বিশিষ্ট কাৰ্টুনিষ্ট তপন বৰুৱাক ‘মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়া শিল্প-সাহিত্য বঁটা-২০২৪’ প্ৰদান কৰা হ’ব। (Freedom Fighter Bagaram Dihingia Memorial Trust)

ন্যাসৰ সভাপতি দেৱেশ্বৰ বৰুৱা আৰু সম্পাদক বেণুধৰ দিহিঙীয়াই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা ঘোষণা কৰে। উল্লেখ্য যে স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী হিচাপে গণ আন্দোলনত জপিয়াই পৰা মুক্তি যুঁজাৰু বগাৰাম দিহিঙীয়া এগৰাকী শংকৰী সংস্কৃতিৰো সাধক আছিল। ইয়াৰ উপৰি সেই গৰাকী মুক্তিযোদ্ধাই কাব্য চৰ্চাও কৰিছিল।

১৯১৯ চনত জন্মগ্ৰহণ কৰা এইগৰাকী মুক্তিযোদ্ধাৰ উদ্ধাৰ হোৱা এখনি দিনলিপিৰ পৰা কিছু নিৰ্বাচিত কৰি ‘মাটিৰ গান'(song of the soil) নামৰ এখনি কাব্য সংকলনো কাইলৈ উন্মোচিত হ’ব বুলি জানিব পৰা গৈছে। ১৯৮৭চনত পৰলোকপ্ৰাপ্তি ঘটা মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষ যোৱা ২০১৫ চনত আৰম্ভ কৰাৰ পাছত আনুষ্ঠানিকভাৱে কাইলৈ সামৰণি পৰিব।

ইফালে পোন প্ৰথমবাৰৰ বাবে শিল্প-সাহিত্য বঁটা লাভ কৰা তপন বৰুৱাৰ ইতিমধ্যে বহুকেইখন শিশু গ্ৰন্থ প্ৰকাশ পাইছে। উল্লেখ্য, বিশিষ্ট কথাশিল্পী, কথাছবি পৰিচালক তথা বিশিষ্ট শিশু সাহিত্যিক ড০ ভৱেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা ‘সঁফুৰা’ত শিশু উপযোগী পদ্য চৰ্চাৰে সাহিত্যিক জীৱন আৰম্ভ কৰা গহপুৰৰ তপন বৰুৱাই অসমীয়া শিশু সাহিত্যক জীপাল কৰি আহিছে।

ড০ ভৱেন্দ্ৰনাথ শইকীয়াৰো প্ৰিয়ভাজন হৈ পৰা এইগৰাকী শিশু সাহিত্যিকে গহপুুুৰ মহকুমাৰ ঘাঁহিগাঁও তেলেনী প্ৰাথমিক বিদ্যালয়ত ১৯৮৭ চনত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এইগৰাকী শিক্ষকে ছাত্ৰ জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছিল যদিও শিক্ষক হিচাপে যোগদান কৰাৰ পাছতেই শৈক্ষিক ক্ষেত্ৰখনৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনটো সক্ৰিয় হৈ পৰে।

শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ এইগৰাকী শিল্পী মনৰ গৰাকীয়ে হাতত কলম তুলি লৈ শিশুৰ মনোজগতৰ আলেখলেখ সূক্ষ্ম দৃষ্টিৰে পদ্যৰ মাজেৰে প্ৰকাশ কৰাত মনোনিৱেশ কৰে। বৰ্তমান জকাপৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত তপন বৰুৱাই ‘সঁফুৰা’, ‘মুকুতা’, ‘মৌচাক’, ‘আমাৰ সাৰথি’, ‘অকণিৰ অগ্ৰদূত’, ‘নতুন ৰংমেলা’, ‘অকণিৰ জেউতি’ আদি অনেক শিশু উপযোগী আলোচনীত শিশুৰ মনোজগতৰ সৈতে খেলিলে আখৰৰ মাজেৰে।

১৯৮৭ চনতে ‘সঁফুৰা’ত শিশু পদ্য চৰ্চাৰে আত্মপ্ৰকাশ কৰা বৰুৱা সেই সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অকণিসকলৰ এজন প্ৰিয় হৈ পৰে। মাহৰ প্ৰথম দিনত মাহেকীয়া আলোচনীত তেওঁৰ পদ্য পঢ়িবলৈ আগ্ৰহেৰে বাট চাই থাকে অকণি। ইয়াৰ উপৰি তপন বৰুৱাই হাস্য-ব্যংগ মাহেকীয়া আলোচনী বৰ্তমান অধুনালুপ্ত ‘অবিকল’, ‘চিচিংফাক’ত ধাৰাবাহিকভাৱে লিমাৰিক, কাৰ্টুন অংকন কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।

তাৰ পাছতে তেওঁ বিশাল প্ৰকাশনৰ দ্বাৰা সাম্প্ৰতিক সময়ত প্ৰকাশ পাই থকা অসমৰ একমাত্ৰ হাস্য-ব্যংগ মাহেকীয়া আলোচনী ‘গিৰজনি’ত ধাৰাবাহিকভাৱে লিমাৰিক আৰু কাৰ্টুন অংকন কৰি ব্যংগ সাহিত্যকো সমৃদ্ধ কৰি আহিছে। ইয়াৰোপৰি এইগৰাকী লেখকে ‘প্ৰান্তিক’ আলোচনীটো নিয়মীয়াকৈ ‘আপদীয়া পদ্য’ চৰ্চা কৰি আহিছে।

গহপুুুৰ মহকুমাৰ কৃতী শিক্ষকৰ বঁটা প্ৰাপক শিক্ষক তথা শিশু সাহিত্যিক তপন বৰুৱাৰ প্ৰথমখনি গ্ৰন্থ প্ৰকাশ পাই ২০০৮ চনত। গোলাঘাটৰ পুথিতীৰ্থ প্ৰকাশনে প্ৰকাশ কৰা ‘অকণিহঁতৰ সৰু সৰু কবিতা’ গ্ৰন্থৰ জৰিয়তে তপন বৰুৱাই অকণিৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰে। তাৰ পাছতে এইগৰাকী শিশু সাহিত্যিকৰ ‘কঠালগুটিয়া’ নামৰ শিশু গ্ৰন্থখনি অকণিৰ সাহিত্য সভাই প্ৰকাশ কৰে।

গহপুৰৰ সৃষ্টি প্ৰকাশৰ দ্বাৰা ‘ডেমপেহা’, ‘আপদীয়া’ আৰু ‘পালোৱান’ নামৰ তিনিখন শিশু পদ্য পুথি প্ৰকাশ পায়। যোৰহাটৰ ৰংমেলা প্ৰকাশনৰ দ্বাৰা ‘সৰু সৰু পদ্য’ নামৰ অন্য এখন শিশু গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে গুৱাহাটীৰ ‘পুথি প্ৰকাশ’ নামৰ প্ৰকাশন গোষ্ঠীয়ে তপন বৰুৱাৰ ‘ডেৰকুৰি ৰসাল পদ্য’ আৰু ‘মইনাৰ পদ্য’, ‘আপদীয়া পদ্য মালা’ প্ৰকাশ কৰি অসমীয়া শিশু সাহিত্যক সমৃদ্ধিশালী কৰিছে।

‘গুটাচেৰেক সাধু’ নামৰ এটি শিশু পাণ্ডুলিপিৰ বাবে গুৱাহাটীৰ ‘হিয়াৰ ৰামধেনু’য়ে ২০১৬ চনত ‘শিশু সাহিত্য বঁটা’ প্ৰদান কৰি শিশু সাহিত্যিকগৰাকীক উৎসাহিত কৰি তুলিছে। ইয়াৰ উপৰি এইগৰাকী শিশু সাহিত্যিক তথা বিশিষ্ট কাৰ্টুন শিল্পীক ২০২১ চনত ‘নতুন ৰংমেলা’ আলোচনীৰ তৰফৰ পৰা সন্মানিত কৰা হৈছে।

এইগৰাকী বিশিষ্ট কাৰ্টুন শিল্পীয়ে বৰ্তমান সামাজিক মাধ্যম ‘ফেচবুক’ত ধাৰাবাহিকভাৱে সময়, সমাজ আৰু দেশৰ পৰিৱেশ-পৰিস্থিতিক প্ৰতিনিধিত্ব কৰি কাৰ্টুন অংকন কৰি অন্য এক খোৰাক যোগাই অহাৰ লগতে নিজৰ প্ৰতিবাদী সত্তাক উজ্জীৱিত কৰি আহিছে।

নেচনেল বুক ট্ৰাষ্টৰ উদ্যোগত আৰু শিশু আলোচনী ‘মৌচাক’ৰ সহযোগত যোৱা ২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত পাঁচ দিনীয়া অনুবাদ কৰ্মশালাত অংশগ্ৰহণ কৰি দেশৰ বিখ্যাত তিনিখন শিশু গ্ৰন্থ অনুবাদ কৰিও অনুবাদ সাহিত্যক সমৃদ্ধিশালী কৰে।

Rongali Bihu:ৰঙালীৰ বতৰা লৈ অহা স্মৃতিকাতৰ ডিচেম্বৰ মাহ

Rongali Bihu:ৰঙালীৰ বতৰা লৈ অহা স্মৃতিকাতৰ ডিচেম্বৰ মাহ
Rongali Bihu:ৰঙালীৰ বতৰা লৈ অহা স্মৃতিকাতৰ ডিচেম্বৰ মাহ

কলিয়াবৰ, ১৪ ডিচেম্বৰঃ কলিয়াবৰৰ জখলাবন্ধা বাণিজ্যিক কেন্দ্ৰ চৌবিশ ঘণ্টাই(Rongali Bihu) গ্ৰাহকৰ বাবে মুকলি হৈ থাকে হোটেল আৰু প্ৰায়বোৰ দোকান। দূৰণিবটীয়া যাত্ৰীবাহী বাছসমূহৰ যাত্ৰীৰ দিনে-নিশাই খাদ্য গ্ৰহণৰ স্থান।

বিশ্বনাথ চাৰিআলি, ৰাজাপাৰা, আমনিত এতিয়া আৰু নাই আগৰ সেই বিহুগীতকেন্দ্ৰিক নৈশ মাদকতাঃ নতুন বিহুগীতে গা সাতখন-আঠখন, মন উখল-মাখল কৰি তোলে নৈশযাত্ৰীৰঃ জানমণি, অঞ্জনা, মৰমজান, ৰাংঢালী, জোনবাই, গীতাঞ্জলিৰ বিহুয়ে আমনি কৰাৰ সময় এয়া

সমান্তৰালকৈ এই হোটেলসমূহৰ কাষতে গঢ় লৈ উঠিছিল পাণ-তামোলৰ দোকান।(Janmoni) যিসমূহ দোকান হোটেলৰ গ্ৰাহকৰ ওপৰত নিৰ্ভৰশীল আছিল। এই দোকানসমূহত নব্বৈৰ দশকৰ পৰা মনোৰঞ্জনৰ বাবে প্ৰায় চৌবিশ ঘণ্টাই অসমীয়া-হিন্দী গীতৰ কেছেট বাজিছিল।

এই দোকানসমূহৰ বেছি ভাগৰে তামোল-পাণ, চকলেট-টফী, চানা-ভূজিয়া-চীপ্‌ছ উপলব্ধ হৈছিল, লগতে জনপ্ৰিয় গীতৰ কেছেটো বিক্ৰী হৈছিল। সেই সময়ত বিহুৰ শ্ৰব্য কেছেটে জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰিছিল। আৰু এই বিহুগীতৰ কেছেটসমূহৰ অন্যতম প্ৰাপ্তিস্থান আছিল জখলাবন্ধা।

এটা সময়ত জখলাবন্ধাই কোনটো বিহুগীতৰ কেছেট(Anjona) জনপ্ৰিয় হ’ব, তাৰ মান নিৰূপণ কৰিছিল।(Rangdhali) জখলাবন্ধাত(Jakhalabandha) যিটো বিহুগীতৰ কেছেট বিক্ৰী সৰ্বাধিক হয়, সেই কেছেটটো সমগ্ৰ অসমতে জনপ্ৰিয় হ’ব যে ই খাটাং।

স্থানীয় বিহুবলীয়া লোকৰ লগতে জখলাবন্ধাৰ এই বিখ্যাত কেছেটৰ গ্ৰাহক আছিল উজনি-নামনিলৈ যাতায়াত কৰা দূৰণিবটীয়া বাছ আৰু ব্যক্তিগত বাহনৰ যাত্ৰীসকল।

এই বিহু কেছেটসমূহ এন কে প্ৰডাকচন, আৰ এম চি মিউজিক, ৱেভ্‌, এ এম চি, সোণ প্ৰডাকচন, পল্লৱী এণ্টাৰপ্ৰাইজেছ, জে ডি প্ৰডাকচন, এইচ এম ভি চিম্ফনিৰ লগতে বহুকেইটা প্ৰযোজনা গোষ্ঠীয়ে জনপ্ৰিয় বিহু কেছেট প্ৰযোজনা কৰিছিল।

তেনে এক সময়তে অসমৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰি বিশেষভাৱে স্বীকৃত কলিয়াবৰৰ তিনিগৰাকী জনপ্ৰিয় বিহুৱা ডেকা অচ্যুৎ শইকীয়া, দুষ্মন্ত হাজৰিকা আৰু প্ৰফুল্ল দাসে মিলি এক কেছেট প্ৰযোজনা গোষ্ঠী প্ৰতিষ্ঠা কৰিলে।

তিনিওজন বিহুৱাৰ নামৰ ইংৰাজী আদি আখৰেৰে নামকৰণ কৰা এ ডি পি প্ৰডাকচনে ১৯৯৭ চনত প্ৰথমবাৰলৈ ‘গীতাঞ্জলি’ নামৰ এটি বিহুগীতৰ কেছেট প্ৰযোজনা কৰি উলিয়াইছিল।

পুৰণি বিহুনামৰ মাধুৰ্য হেৰ-ফেৰ নোহোৱাকৈ নতুনৰ সংমিশ্ৰণেৰে নিৰ্মাণ কৰি নগঞা বিহুৱা কৃষ্ণমণি নাথৰ কণ্ঠত উলিওৱা গীতসমূহে সমগ্ৰ অসমতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।

এই গোষ্ঠীটোৰ জৰিয়তে বহুকেইজন স্থানীয় গীতিকাৰৰ জন্ম হ’ল, বহু গায়ক-গায়িকা, পৰিচালকৰ ভাগ্যৰ দুৱাৰ মেল খালে।

তিনি প্ৰযোজকৰ উপৰি ৰবীন বৰা, মুকুন্দ তামুলীৰ দৰে কেইবাজনো গীতিকাৰে বহুকেইটা জনপ্ৰিয় বিহুৰ জন্ম দিলে। লগতে আধুনিক আৰু টোকাৰী-দিহানাম জৰিয়তেও পৰিচিতি লাভ কৰিলে।

১৯৯৭ চনৰ পৰা ২০০১লৈকে ‘গীতাঞ্জলি’ বিহু কেছেটে জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। ‘এ ডি পি প্ৰডাকচনে বিহুগীতৰ লগতে টোকাৰী, দিহানাম আৰু আধুনিক গীতৰ বহুকেইটা কেছেটো প্ৰযোজনা কৰিছিল। কিন্তু সময়ৰ গতিত সিও লুপ্ত হ’ল। এটা জনপ্ৰিয় শিল্পকৰ্ম নোহোৱা হ’ল।

গায়ক-গায়িকা, গীতিকাৰ, বাদ্যবাদক, বাদ্যযন্ত্ৰী, কেছেট বিক্ৰেতা, প্ৰযোজক আদিৰ উপাৰ্জনৰ পথ এটা নোহোৱা হ’ল বুলি আক্ষেপ প্ৰকাশ কৰিলেও সেই মধুৰ সময়ৰ বিহুগীত জুৰি স্মৃতিকাতৰ হৈ পৰে ‘গীতাঞ্জলি’ বিহু কেছেট প্ৰযোজনা গোষ্ঠী ‘এ ডি পি প্ৰডাকচন’ৰ অন্যতম প্ৰযোজক অচ্যুৎ শইকীয়া এটা সময়ত বিহুৰ কেছেটৰ স্থান ল’লে চিডি আৰু পৰৱৰ্তী পৰ্যায়ত ভিচিডিয়ে সীমাহীন জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

বিহুগীতসমৃদ্ধ এই ভিচিডিবোৰ জনপ্ৰিয় হোৱা অন্যতম কাৰণ আছিল বিহুনাচৰ লগতে সেই গীতসমূহক কেন্দ্ৰ কৰি অসমীয়া জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰে এখন চুটি ছবি উপভোগ কৰিবলৈ পোৱাৰ সুবিধা।

পিছে এই ভিচিডিও এতিয়া অতীত হ’ল। বৰ্তমান সময়ত পূৰ্বৰ সেই বিহু শুনিবলৈ নোপোৱা হ’ল। দুই-এটা বিহু ইউ টিউব বা আন প্লে­টফৰ্মৰ যোগেদি প্ৰচাৰ হয় যদিও পূৰ্বৰ জনপ্ৰিয়তা নাই। গীতসমূহে পূৰ্বৰ মৰ্যাদা হেৰুৱালে।

এটা সময় আছিল, য’ত বিহুৰ জাননী বসন্তৰ কুলি-কেতেকীয়ে দিয়াৰ আগেয়ে দিছিল বিহু কেছেটে। সিও আঘোণ-পুহ মাহৰ শীত কালত। ডিচেম্বৰ মাহৰ প্ৰথম দিনটোৰ পৰাই বিহু কেছেটসমূহ মুক্তি দিয়াৰ পৰ্ব আৰম্ভ কৰিছিল।

ইয়াৰ কাৰণ আছিল দুটা— এটা হ’ল, বিহু প্ৰযোজক গোষ্ঠীসমূহে নিজৰ লাভৰ বাবে বহু আগেয়ে বিহুৰ কেছেটৰ মুক্তি দিছিল, যাৰ বাবে কিছু গোষ্ঠীৰ সমস্যা হৈছিল। সেয়েহে, এটা নিৰ্দিষ্ট দিন ঠিক কৰিছিল যাতে, সকলোৱে তাৰ বাবে পূৰ্বৰে পৰা সাজু হ’ব পাৰে।

দ্বিতীয়টো হ’ল, ডিচেম্বৰ মাহৰ পৰা অসমত পিকনিক পৰ্ব আৰম্ভ হয়। এই পিকনিকৰ সময়ত নতুন গীতৰ তালে তালে নচাৰ এক আকাংক্ষা বনভোজ দলৰ লোকসকলৰ মাজত দেখা যায়।

অসমীয়া যেতিয়া বনভোজত নাচিবলৈ বিহুতকৈ আৰু কি উপযুক্ত হ’ব পাৰে। ফলস্বৰূপে বনভোজৰ সময়ত এই কেছেটসমূহ মুক্তি দিয়াৰ ফলত বনভোজস্থলীত বিহুগীতৰ বিপণন অতি সহজতে হয়।

যি বিহু কেছেটসমূহৰ বিক্ৰী বৃদ্ধি পায়। জখলাবন্ধাত ডিচেম্বৰ মাহত দিনে-নিশাই নতুনকৈ মুক্তি দিয়া বিহুগীতসমূহ বাজি উঠিছিল। ডিচেম্বৰ মহাটোত কোনে আগতে বিহু কেছেট মুক্তি দি জনপ্ৰিয়তা লাভ কৰি ব্যৱসায়িকভাৱেও লাভৱান্বিত হয় তাৰ প্ৰতিযোগিতাত নামি পৰিছিল। এতিয়া আৰু জখলাবন্ধাত নাবাজে দেহ-মন আলোড়িত কৰা সেই বিহুগীতৰ কেছেট।

বছৰ পূৰ্বে এই ডিচেম্বৰ মাহতে উন্মোচন হৈছিল বহু বিহুগীতৰ কেছেট¸ ভিচিডি। কলিয়াবৰৰ জখলাবন্ধাতে উপলব্ধ হৈছিল বিহুগীতৰ কেছেট। কিন্তু যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই গ’ল সেই মধুৰ সময়। উপেক্ষিত হৈ যেন ৰ’ল ডিচেম্বৰ।

বহু জনপ্ৰিয় বিহু আৰু বিহুসুৰীয়া গীতৰ ভিচিডিৰ শ্বুটিং হৈছিল কলিয়াবৰত। সেই মধুৰ স্মৃতি ৰোমন্থন কৰি পুৰণি কেছেটকেইটাকে বুকুত সাবটি আজিও নষ্টালজিক হৈ উঠে কলিয়াবৰৰ বহু সংস্কৃতিৱান ব্যক্তি।

Na Khua: ১৫ ডিচেম্বৰত মহানগৰীৰ সাধনী ভৱনত ন-খোৱা উৎসৱ

Na Khua
Na Khua: ১৫ ডিচেম্বৰত মহানগৰীৰ সাধনী ভৱনত ন-খোৱা উৎসৱ

আঘোণ মানেই ন-খোৱা উৎসৱ। পূৰ্বৰ পৰাই অসমৰ গ্ৰাম্যাঞ্চলত প্ৰচলিত হৈ আহিছে ন-ধানৰ চাউলেৰে সকলোৱে মিলি এসাজ খোৱাৰ পৰম্পৰা। এই ন-খোৱা উৎসৱ চুতীয়া জনগোষ্ঠীৰ অন্যতম পৰম্পৰা।(Na Khua)

অতীজৰে পৰা আঘোণৰ বতৰত হাঁহে-মাহে নতুন ধানৰ চাউলেৰে সকলোৱে একেলগে এসাঁজ খোৱাৰ পৰম্পৰা ধৰি ৰাখিছে জনগোষ্ঠীটোৰ জনতাই। অৱশ্যে আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ এই ন-খোৱা পৰ্ব কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে যদিও চুতীয়া জনগোষ্ঠীৰ বহু গাঁৱত আজিও পৌৰাণিক ৰীতি-নীতিয়ে এই পৰ্ব পালন কৰি অহা হৈছে।

সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি তথা নৱ প্ৰজন্মৰ ইয়াৰ লগত চিনাকি কৰাই দিয়াৰ মানসেৰে ৰাজধানী গুৱাহাটীৰ মহানগৰীতো এইবাৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজে ন-খোৱা উৎসৱ আয়োজন কৰিছে।

চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত কাইলৈ অৰ্থাৎ ১৫ ডিচেম্বৰত বৰবাৰীৰ মেগাজিনস্থিত বীৰাংগনা সাধনী ভৱনত ন-খোৱা উৎসৱৰ আয়োজন কৰা হৈছে।

দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই উৎসৱলৈ মহানগৰীত বসবাস কৰা জনগোষ্ঠীটোৰ ৰাইজসকলক সাদৰে নিমন্ত্ৰণ জনাইছে উদ্যোক্তাই। এই সন্দৰ্ভত উদ্যোক্তা মনোজ কুমাৰ দাসৰ 6001641534 লগত যোগাযোগ কৰিব পাৰিব।