VIDEO | Telangana: Tollywood actor Allu Arjun (@alluarjun) reunites with his family after spending a day in jail. The family welcomes him as he arrives at his residence in Jubilee Hills, Hyderabad.#AlluArjun#Pushpa2pic.twitter.com/UDCjoyE9nb
কংগনা ৰানাৱটেও আল্লু অৰ্জুনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এটা টিভি চেনেলৰ সৈতে হোৱা বাৰ্তালাপত কুইন অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ আল্লু অৰ্জুনৰ সৈতে আছে। যি হ’ল, হ’ব নালাগিছিল। যদি কোনো ছুপাৰষ্টাৰ বা হাই প্ৰফাইল কেছ আছে তেন্তে এই কাম কৰাটো ভুল। কিন্তু প্ৰট’কল থাকিব লাগে। য’ত আছে সকলো সুৰক্ষাৰ ব্যৱস্থা।
যোৱা ৪ ডিচেম্বৰত পুষ্প ২ৰ প্ৰদৰ্শনীত এগৰাকী মহিলাৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছিল। অভিনেতাজনৰ উপৰিও চিক্কাডপল্লী থানাত তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু ছবি মেনেজাৰৰ বিৰুদ্ধেও ১০৫ আৰু ১১৮ (১) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
A for apple, B for beetroot আৰু C for carrot! এবিচিৰ ৰস স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই ৰস খালে শীতকালত হোৱা বহুতো ৰোগৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে।(Winter Juice)শীতকালত শৰীৰক অতিৰিক্ত যত্নৰ প্ৰয়োজন। উষ্ণতা হ্ৰাস পোৱাৰ বাবে সংক্ৰমণকে ধৰি বহু ৰোগৰ আশংকা বৃদ্ধি পায়। লগতে খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত এবিচিৰ ৰস সেৱনে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰিব পাৰে।
তেলেংগানা উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ জামিন দিয়াৰ কেইঘণ্টামান পিছতে শনিবাৰে পুৱা ৬.৩৫ বজাত অভিনেতা আল্লু অৰ্জুনক মুকলি কৰি দিয়া হয় আৰু চাঞ্চলগুডা জেলৰ পৰা। সন্ধ্যা থিয়েটাৰত, পুষ্পা-২ৰ প্ৰিমিয়াৰত সংঘটিত ঘটনাৰ সৈতে জড়িত অভিযোগত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। বিষয়াসকলৰ মতে, নিশা জামিনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে অভিনেতাগৰাকীয়ে নিশা কাৰাগাৰত সময় কটায়।
পুষ্পা-২ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত সন্ধ্যা ৭০ এম এম থিয়েটাৰত সংঘটিত হোৱা ষ্টেম্পেড ঘটনাত তেওঁৰ নাম সাঙোৰ খাইছিল য’ত এগৰাকী মহিলাক নিহত হৈছিল আৰু তেওঁৰ পুত্ৰই ব্যক্তিগত চিকিৎসালয়ত জীৱন যুদ্ধত যুঁজি আছে।
Scientist Mihir Kanti Chowdhury:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য, বিজ্ঞানী মিহিৰ কান্তি চৌধুৰীৰ পৰলোক
তেজপুৰ, ১৩ ডিচেম্বৰঃ ওৰেটো জীৱন শিক্ষা সাধনাত ব্ৰতী আৰু শৈক্ষিক উৎকৰ্ষ সাধনত জড়িত ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ মিহিৰ কান্তি চৌধুৰীৰ(Scientist Mihir Kanti Chowdhury) পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে আজি শোকাচ্ছন্ন কৰে তেজপুৰ বিশ্ববিদ্যালয় চৌহদ৷(Vice-Chancellor)
স্মৰ্তব্য যে, বিশিষ্ট বিজ্ঞানী প্ৰফেছৰ চৌধুৰীয়ে ২১ মে’, ২০০৭ত বিশ্ববিদ্যালয়খনত উপাচাৰ্য্য হিচাপে যোগদানেৰে ২০১৭ চনৰ ২০ মে’লৈকে কাৰ্যভাৰ গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ আন্ত:গাঁথনি তৰান্বিত কৰি তোলাৰ লগতে বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতো অনবদ্য অৱদান আগবঢ়াইছিল৷
আজি পুৱাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই দুঃসংবাদ লাভ কৰাৰ পিছত সমগ্ৰ বিশ্ববিদ্যালয়খনতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, ১৯৪৭ চনৰ ৭ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা বিশিষ্ট বিজ্ঞানী তথা অধ্যাপক চৌধুৰী গৱেষণা আৰু শৈক্ষিক ক্ষেত্ৰত অসাধাৰণ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে গতিশীল শৈক্ষিক প্ৰশাসক হিচাপেও বিশেষ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।
এসময়ৰ গুৱাহাটীস্থ আই আই টিৰ গৱেষণা আৰু উন্নয়নৰ ডীন ৰূপে ,আই আই টি গুৱাহাটীৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী আৰু শিলচৰ নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ মুৰব্বীৰ দায়িত্ব সফলতাৰে সম্পন্ন কৰিছিল৷ আনকি তেওঁ কেইবাটাও পেছাদাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা আৰু সমিতিৰ সৈতে বিশেষ ভাৱে জড়িত আছিল৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুটাকৈ কাৰ্যকালৰ উপাচাৰ্য হিচাপে ১০ বছৰীয়া পৰিক্ৰমাত তেজপুৰ বিশ্ববিদ্যালয় তেওঁৰ পৰিয়ালৰ দৰে হৈ পৰাই নহয় বিশ্ববিদ্যালয়খনক এক বিখ্যাত শৈক্ষিক অনুষ্ঠান হিচাপে গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷