Home Blog Page 416

Morigaon । ৰাজ্য চৰকাৰে মৰিগাৱঁত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বানীকান্ত কাকতি বঁটা

Morigaon । ৰাজ্য চৰকাৰে মৰিগাৱঁত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বানীকান্ত কাকতি বঁটা
Morigaon । ৰাজ্য চৰকাৰে মৰিগাৱঁত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বানীকান্ত কাকতি বঁটা

১৩ ডিচেম্বৰ, ২০২৪ঃ Morigaon । মৰিগাওঁ তৰুণৰাম ফুকন খেলপথাৰত অনুস্থিত হোৱা অনুষ্ঠানত জিলাখনৰ ১২১২৮ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰা লগতে ১০৮৬ গৰাকী ছাত্ৰ ছাত্ৰীক বানীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ উপৰিও ৬২২ গৰাকীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে৷


অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰী ,তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য
জীৱন চন্দ্র কোঁৱৰৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উপৰিও বহু কেইবাজনো সন্মানীয় উচ্চ পদস্থ বিষয়া উপস্থিত থকা পৰিলক্ষিত হয় । ভাষণ প্ৰসংগত মন্ত্ৰী , বিধায়কে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক উজ্জ্বল কামনা কৰি মন্তব্য আগবঢ়াই । আনহাতে ছাত্ৰ ছাত্ৰী সকলে যোগ্যতা অনুসৰি লাভ কৰা এই বঁটা সমুহ লৈ উৎফুল্লিত হোৱাৰো পৰিলক্ষিত হয় ৷

NALBARI। নলবাৰীৰ কটাহকুছিত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

NALBARI। নলবাৰীৰ কটাহকুছিত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
NALBARI। নলবাৰীৰ কটাহকুছিত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

১৩ডিচেম্বৰ,২০২৪ঃ (NALBARI) নলবাৰী জিলাৰ পূৱ প্ৰান্তত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিষ্টিতি উদ্ভৱ হয়।।কেইবা দিনো ধৰি বন্য হস্তীয়ে পূৱ নলবাৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পিছত আজি বনবিভাগে স্থানীয় ৰাইজৰ সহযোগত সন্ধা-পাইকাৰকুছি অঞ্চলৰ পৰা বন্য হস্তী সমূহক কটাহকুছি প্ৰান্তৰ নৈ পাৰলৈ খেদি পঠিয়াই।

ইয়াৰ পিছতে কটাহকুছিস্থিত কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত বন বিভাগৰ যুক্তি তৰ্ক লগাত প্ৰধান শিক্ষক বলেন স্বৰ্গীয়াৰীক শাৰিৰিক অপদষ্ট কৰাৰ অভিযোগ আহে।ইয়াৰ পিছত শিক্ষকজনৰ নিজ সন্তিনকো শাৰিৰিক অপদষ্ট কৰাৰ অভিযোগ তৰে।।আনহাতে বন বিষয়া গৰাকীয়ে উক্ত শিক্ষক গৰাকীয়ে বন বিষয়া জনক অপদষ্ট কৰাৰ পিছতহে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অৱগত কৰাই।

ইয়াৰ পিছত উত্তপ্ত জনতাই বন বিভাগক আগুৰি ধৰে আৰু এক উত্তপ্ত পৰিষ্টিতিৰ সৃষ্টি হয়।পিছত নলবাৰী আৰক্ষীয়ে পৰিষ্টিতি নিয়ন্ত্ৰণ কৰে।

Akil Gogoi ।শিৱসাগৰ জিলাত‌‌ অসম‌ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান অখিল গগৈৰ

Akil Gogoi ।শিৱসাগৰ জিলাত‌‌ অসম‌ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান অখিল গগৈৰ
Akil Gogoi ।শিৱসাগৰ জিলাত‌‌ অসম‌ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান অখিল গগৈৰ

১৩ ডিচেম্বৰ, ২০২৪ । (Akil Gogoi )ৰাজ্য চৰকাৰে কেবিনেট বৈঠক‌‌ সমূহ অসমৰ‌ বিভিন্ন জিলা সমূহত সময়ে সময়ে অনুষ্ঠিত কৰে। ডিমা-হাছাও , যোৰহাট, ধেমাজি আদি জিলা সমূহত অনুষ্ঠিত কৰা হৈছে যদিও শিৱসাগৰ জিলাত আজি পৰ্যন্ত কেবিনেট বৈঠক‌‌ অনুষ্ঠিত হোৱা নাই ।

ৰাজ্য আন স্হান সমূহ কেবিনেট বৈঠক‌‌ অনুষ্ঠিত কৰাৰ দৰে শিৱসাগৰ জিলাতো কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় এক সংবাদ মেল দিয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অসমৰ‌ এক ঐতিহ্যপূৰ্ণ জিলা শিৱসাগৰ জিলা। শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’লে বহু সমস্যাৰ সমাধান হ’ব বুলি বিশ্বাস অখিল গগৈৰ। অখিল গগৈৰ মতে কেবিনেট বৈঠক‌‌ কোনো এখন জিলাত অনুষ্ঠিত হ’লে সেই জিলা খনৰ মূল মূল সমস্যা সমূহ সমাধানৰ বাবে ব্যৱস্থা কৰা‌ গ্ৰহণ কৰে চৰকাৰে।

কিন্তু আজিলৈকে শিৱসাগৰত মূল সমস্যা সমূহ সমাধানৰ চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা‌ নাই। যদিহে অসমৰ চৰকাৰৰ কেবিনেট বৈঠক‌‌ শিৱসাগৰত অনুষ্ঠিত হয় তেন্তে শিৱসাগৰৰ মূল সমস্যা সমূহৰ ওপৰত চৰকাৰে গুৰুত্ব দিব বুলি বিশ্বাস অখিল গগৈৰ। সেয়ে শিৱসাগৰত কেবিনেট বৈঠক‌‌ অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় আজি এক সংবাদ মেল দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

Guwahati। গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনা ,দুৰ্গা মন্দিৰৰ প্ৰাংগণত কামনাৰ বলি হৈছিল এগৰাকী যুৱতী

Guwahati। গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনা ,দুৰ্গা মন্দিৰৰ প্ৰাংগণত কামনাৰ বলি হৈছিল এগৰাকী যুৱতী
Guwahati। গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনা ,দুৰ্গা মন্দিৰৰ প্ৰাংগণত কামনাৰ বলি হৈছিল এগৰাকী যুৱতী

১৩ ডিচেম্বৰ,২০২৪: (Guwahati) গড়চুকৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত এই নৰাধমৰ দলটোৰ কামনাৰ বলি হৈছিল এগৰাকী যুৱতী ।
গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনাৰ ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এতিয়া পলাতক হৈ আছে আন দুই অভিযুক্ত।


আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্ত দীপাংকৰ মুখীয়াৰ লগতে কুলদ্বীপ,
পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ ।বৰ্তমানো জালত পৰা নাই ৰবীন দাস আৰু কৃষ্ণ নামৰ আন দুই অভিযুক্ত।


যুৱতীগৰাকীক দলবদ্ধভাৱে অপকৰ্ম কৰি ভিডিঅ’ প্ৰস্তুত কৰিছিল এই পাষণ্ডৰ দলটোৱে। তাৰ পিছত সেই ভিডিঅ’ ভাইৰেল কৰিছিল।


গড়চুক আৰক্ষী থানাত কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ত থকা যুৱককেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছে একাংশ লোকৰ।

Cows। বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু

Cows। বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু
Cows। বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু

১৩ ডিচেম্বৰ,২০২৪। মৰিয়নিত পুৱতি নিশা আৰক্ষী চকীৰ সমীপৰ পৰাই বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু।(Cows)
মৰিয়নিৰ চেলেং চাহ বাগিছাত বিলাসী বাহন যোগে গৰু চোৰ।বাগিছাখনৰ সন্তোষ সিং নামৰ গো পালক জনৰ চোতালৰ পৰা পুৱতি নিশা এখন স্কপিঅ’ বাহনত অহা এটা চোৰৰ দলে এজনী গৰু চোৰ কৰি লৈ যায়।চোৰৰ দলটোৱে গৰু জনী স্কপিঅ’বাহনত উঠোৱা সময়ত গো পালক গৰাকী সাৰ পাই চিঞৰ বাখৰ কৰে যদিও গৰু সহ চোৰৰ দলটো ধোদৰ আলিয়েদি আমগুৰি


দিশে তীব্ৰ বেগেৰে পলাই যাবলৈ সক্ষম হয়।মটীয়া ৰংৰ স্কপিঅ’ বাহন খনত তিনিটা চোৰে গৰু জনী তোলা প্ৰত্যক্ষ কৰিছিল গো পালক গৰাকীয়ে।
মনকৰিব লগীয়া যে গৰু চুৰ হোৱা ঘটনাস্থলীৰ পৰা চেলেং আৰক্ষী চকীলৈ মাত্ৰ কেইশ মিটাৰ মানহে দূৰত্ব।আৰক্ষী চকীৰ সমীপতে বিলাসী বাহনত
চোৰ আহি ঘৰৰ চোতালৰ পৰা নিৰ্বিঘ্নে গৰু চোৰ কৰি লৈ ‍যোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰা লগতে গো পালক সকল চিন্তিত হৈ পৰিছে।

Brahmaputra।বিপজ্জনক হাৰত হ্রা*স পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Brahmaputra।বিপজ্জনক হাৰত হ্রা*স পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ
Brahmaputra।বিপজ্জনক হাৰত হ্রা*স পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

১২ ডিচেম্বৰ, ২০২৪ । Brahmaputra। ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চলিছে ঘোঁৰাগাড়ী আৰু খোজ কাঢ়িছে মানুহ।
ধুবুৰীত ভয়ংকৰ ভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী। মৰুভূমিৰ সদৃশ্য হৈ পৰা এই বিশাল বালি চৰত এতিয়া চলিছে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ আৰু ঘোঁৰাগাড়ী। ক্ৰমাৎ শুকাই গৈছে বাৰিষাত ভয়ংকৰ ৰূপধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ পক্ষ। সুজলা শুৱলা শয্য শামলা অসমৰ আয়ু ৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ শুকাই যোৱা বৃদ্ধি পাইছে উদ্ধেগ।
ধুবুৰীত কেইবাবছৰ ধৰি এনে ছবিয়ে চিন্তনীয় কৰি তুলিছে প্ৰকৃতি প্ৰেমী তথা সচেতন লোক সকলক। অতি বিপদজনক ভাবে হ্ৰাস পাইছে অসমৰ ভূ-গৰ্ভৰ জলস্তৰ। বিগত এটা দশকৰ ব্যৱধানত অসমৰ ভূগৰ্ভৰ ৮০০ কোটি ঘন মিটাৰ পানী হ্রাস পাইছে। কেন্দ্ৰৰ ভূ গৰ্ভৰ জলস্তৰ বৰ্ডৰ সমীক্ষাৰ প্ৰকাশ পোৱা মতে ২০১৩ চনত অসমৰ ভূগর্ভস্থ জলস্তৰ আছিল ২৮.৯ বিলিয়ন কিউবিক মিটাৰ।

এই জলধাৰা প্ৰতিবছৰে হ্ৰাস পাব ধৰিছে। সেই অনুসৰি ২০১৭ চনত ভূগর্ভস্থ জল ২৪.২৬ বিলিয়ন কিউবিক মিটাৰলৈ হ্রাস পোৱাৰ বিপৰীতে ২০২২ চনত ২১.৪ বিলিয়ন কিউবিক মিটাৰলৈ নিম্নগামী হয়। কেন্দ্ৰৰ ভূ গৰ্ভৰ জলস্তৰ বৰ্ডৰ শেহতীয়াকৈ সমীক্ষাৰ প্ৰকাশ পোৱা মতে দহ বছৰৰ ব্যৱধানত অৰ্থাৎ ২০২৩ চনত ভূগৰ্ভৰ জলৰাশি ২০.৯৩ বিলিয়ন কিউবিক মিটাৰলৈ হ্রাস পালে। ব্ৰহ্মপুত্ৰ বুকু শুকাই যোৱাত ধুবুৰীত ফেৰী নাও আহিবলগীয়া দক্ষিণ পাৰৰ ফকিৰগঞ্জ, জলেশ্বৰ, ফুলবাৰী, হাট শিঙিমাৰী আদি অঞ্চলৰ ফেৰী নাও সমূহ চলাচল বন্ধ হৈ পৰিছে। ফলত দক্ষিণ পাৰ তথা বিভিন্ন চৰাঞ্চলৰ যাত্ৰী সকলৰ চৰম অসুবিধাৰ সন্মুখীন হৈ পৰিছে। লগতে এই ব্ৰহ্মপুত্ৰ বুকু ভয়ংকৰ ভাবে শুকাই বালি চৰ পৰাত উদ্ধেগ্ন হৈ পৰিছে ৰাইজ।

ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ প্ৰধান নৈ উপ নৈ সমূহ শুকাই যোৱাৰ বাবেই ভূ গৰ্ভৰ পানী অভাৱনীয় হাৰত হ্ৰাস পাইছে। তদুপৰি জলবায়ু পৰিবৰ্তনৰ ফলত অসমত  উদ্ধেগজনক ভাবে বৰষুণৰ পৰিমানো হ্ৰাস পাই আহিছে। কম বৰষুণৰ বাবেই অসমত বৃদ্ধি পাব ধৰিছে খৰাং। প্ৰাকৃতিক ভাৰসাম্যনত্বাৰ দিনৰ বাবেই ভূ গৰ্ভৰ জলৰাশি হ্ৰাস হব ধৰিছে বুলি কব বিচাৰে বিশেষজ্ঞ সকলে । আৰু এনে পৰিস্থিতি যদি অব্যাহত থাকে তেতিয়াহলে ইতিহাস হবগৈ নেকি ব্রহ্মপুত্ৰ নদী কেন্দ্ৰীক সভ্যতা সংস্কৃতি। সেই প্ৰশ্নই এতিয়া চিন্তিত কৰি তুলিছে ৰাইজক। প্ৰশ্ন হয়। সময় থাকোতেই এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিব নে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে। সেয়া হব লক্ষণীয়।

‘Advantage Assam2.0’। ‘এডভেন্টেজ অসম২.০’ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

'Advantage Assam2.0'। 'এডভেন্টেজ অসম২.০'ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা
'Advantage Assam2.0'। 'এডভেন্টেজ অসম২.০'ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

গুৱাহাটী,১২ডিচেম্বৰ:’Advantage Assam2.0’। অসমত উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে অহা বছৰৰ ২৪ আৰু ২৫ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য ‘এডভেন্টেজ অসম ২.০’ৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয়।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লগা এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ পৰা উদ্যোগ মন্ত্ৰী বড়াই বুজ লয়।


সভাত ‘এডভেন্টেজ অসম ২.০’ৰ অতিথি সুশ্ৰুষা,সহযোগী সংস্হা,সমগ্ৰ সন্মিলনখনৰ প্ৰচাৰৰ কৌশল, নিৰাপত্তা ব্যৱস্হা, বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ,দেশ-বিদেশৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিব লগা ৰোড শ্ব’ আদিৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয়।সভাত অসম চৰকাৰৰ মুখ্য সচিব ড০ৰবি কোটা, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিট সিং,ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে জিলা প্ৰসাশন তথা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ বিষয়া সকল উপস্হিত থাকে।

Sports: বিৰাট-ৰোহিতৰ ভৱিষ্যতকলৈ বিস্ফোৰক অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কৰ

Sports: বিৰাট-ৰোহিতৰ ভৱিষ্যতকলৈ বিস্ফোৰক অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ শেষত টেষ্ট শৃংখলা হ’ব পাৰে শেষ টেষ্ট শৃংখলা ।ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাৰ বাবে ৰেডবল ক্ৰিকেটত হয়তো পুনৰ দেখা নাযাব এই চাৰি তাৰকাক। পেচ ফ্ৰেণ্ডলী অষ্ট্ৰেলিয়ান পিটচত ৰান কৰাটো কঠিন। গতিকে বেটছমেন আৰু দ্ৰুত বলাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গতিকে এতিয়া চৰ্চা চলি আছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাকলৈ। ভাৰতীয় ক্ৰিকেটৰ দুয়োগৰাকী ছুপাৰষ্টাৰৰ মাজত একেবাৰে মিল নাই। দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতিৰ অন্তত পাৰ্থত শতক অৰ্জন কৰে কোহলীয়ে। কিন্তু ৰোহিতৰ দূৰ্বল ফৰ্ম অব্যাহত থকাত দ্বিতীয় সন্তান জন্ম হোৱা বাবে তেওঁ প্ৰথম টেষ্টত খেলিব নোৱাৰিলে। এডিলেইডত দুটা ইনিংছত ৩ আৰু ৬ ৰান সংগ্ৰহ কৰে। খেলুৱৈসকলে দেশৰ হৈ খেলিলে ভাল টকা উপাৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে অনুভৱ কৰিছে যে এয়াও খেলুৱৈসকলৰ বাবে খেল অব্যাহত ৰখাৰ এক ডাঙৰ কাৰণ। ইয়াতেই নিৰ্বাচকৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠে । চেপেলে কয় যে, ‘এই কাৰণেই বাচনি সমিতিত এজন বয়স্ক নিৰ্বাচক থকাটো গুৰুত্বপূৰ্ণ। যাতে প্ৰয়োজন হ’লে কঠিন সিদ্ধান্তও ল’ব পাৰে। সৃষ্টিশীল মণ্ডলীত উপযুক্ত মানুহ থকাটো গুৰুত্বপূৰ্ণ। সঠিক নিৰ্বাচক নিৰ্বাচন কৰিব লাগে। তাৰকা ক্ৰিকেটাৰৰ সৈতে আলোচনা কৰিব পৰা সকলে কঠোৰ সিদ্ধান্ত ল’ব পাৰে। খেলুৱৈ হিচাপে উত্থান-পতন হ'বও পাৰে। ভাল খেলুৱৈক অতিৰিক্ত সুযোগো দিয়া হয়। গতিকে সঠিক ভাৰসাম্য ৰক্ষা কৰাটো অতি কঠিন হৈ পৰে বহু সময়ত।' অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ৰোহিতে ঘৰুৱা ক্ষেত্ৰত ১০ ইনিংছত মাত্ৰ ১৩৩ ৰানহে কৰিছিল। গড় ৰাণ আছিল ১৩.১০। একে সংখ্যক ইনিংছত কোহলিৰ ১৯২ ৰান। গড় ২১.৩৩। যদিহে অষ্ট্ৰেলিয়াত বাকী তিনিখন টেষ্টত তেওঁলোক ফৰ্মলৈ ঘূৰি নাহে তেন্তে এইখন হ’ব পাৰে দুয়োগৰাকী ছুপাৰষ্টাৰৰ বাবে শেষ টেষ্ট শৃংখলা।
Sports: বিৰাট-ৰোহিতৰ ভৱিষ্যতকলৈ বিস্ফোৰক অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কৰ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ শেষত টেষ্ট শৃংখলা হ’ব পাৰে শেষ টেষ্ট শৃংখলা ।ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাৰ বাবে ৰেডবল ক্ৰিকেটত হয়তো পুনৰ দেখা নাযাব এই চাৰি তাৰকাক। পেচ ফ্ৰেণ্ডলী অষ্ট্ৰেলিয়ান পিটচত ৰান কৰাটো কঠিন। গতিকে বেটছমেন আৰু দ্ৰুত বলাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গতিকে এতিয়া চৰ্চা চলি আছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাকলৈ। ভাৰতীয় ক্ৰিকেটৰ দুয়োগৰাকী ছুপাৰষ্টাৰৰ মাজত একেবাৰে মিল নাই। দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতিৰ অন্তত পাৰ্থত শতক অৰ্জন কৰে কোহলীয়ে। কিন্তু ৰোহিতৰ দূৰ্বল ফৰ্ম অব্যাহত থকাত দ্বিতীয় সন্তান জন্ম হোৱা বাবে তেওঁ প্ৰথম টেষ্টত খেলিব নোৱাৰিলে। এডিলেইডত দুটা ইনিংছত ৩ আৰু ৬ ৰান সংগ্ৰহ কৰে। খেলুৱৈসকলে দেশৰ হৈ খেলিলে ভাল টকা উপাৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে অনুভৱ কৰিছে যে এয়াও খেলুৱৈসকলৰ বাবে খেল অব্যাহত ৰখাৰ এক ডাঙৰ কাৰণ। ইয়াতেই নিৰ্বাচকৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠে । চেপেলে কয় যে, ‘এই কাৰণেই বাচনি সমিতিত এজন বয়স্ক নিৰ্বাচক থকাটো গুৰুত্বপূৰ্ণ। যাতে প্ৰয়োজন হ’লে কঠিন সিদ্ধান্তও ল’ব পাৰে। সৃষ্টিশীল মণ্ডলীত উপযুক্ত মানুহ থকাটো গুৰুত্বপূৰ্ণ। সঠিক নিৰ্বাচক নিৰ্বাচন কৰিব লাগে। তাৰকা ক্ৰিকেটাৰৰ সৈতে আলোচনা কৰিব পৰা সকলে কঠোৰ সিদ্ধান্ত ল’ব পাৰে। খেলুৱৈ হিচাপে উত্থান-পতন হ’বও পাৰে। ভাল খেলুৱৈক অতিৰিক্ত সুযোগো দিয়া হয়। গতিকে সঠিক ভাৰসাম্য ৰক্ষা কৰাটো অতি কঠিন হৈ পৰে বহু সময়ত।’ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ৰোহিতে ঘৰুৱা ক্ষেত্ৰত ১০ ইনিংছত মাত্ৰ ১৩৩ ৰানহে কৰিছিল। গড় ৰাণ আছিল ১৩.১০। একে সংখ্যক ইনিংছত কোহলিৰ ১৯২ ৰান। গড় ২১.৩৩। যদিহে অষ্ট্ৰেলিয়াত বাকী তিনিখন টেষ্টত তেওঁলোক ফৰ্মলৈ ঘূৰি নাহে তেন্তে এইখন হ’ব পাৰে দুয়োগৰাকী ছুপাৰষ্টাৰৰ বাবে শেষ টেষ্ট শৃংখলা।

Horoscope: শুক্ৰ আৰু ৰাহুৰ মিলনত ৩ ৰাশি আৰু সৌভাগ্য

Horoscope: শুক্ৰ আৰু ৰাহুৰ মিলনত ৩ ৰাশি আৰু সৌভাগ্য সকলো গ্ৰহেই নিয়মীয়াকৈ স্থান সলনি কৰি থাকে। যাৰ প্ৰভাৱ পৰে ১২টা ৰাশিৰ ওপৰতো। জ্যোতিষত শুক্ৰ আৰু ৰাহুৰ অতি গুৰুত্ব আছে। এই দুই শক্তিশালী গ্ৰহ যেতিয়া একত্ৰিত হয় তেতিয়া বিভিন্ন ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন ঘটে। অহা বছৰৰ ২৮ জানুৱাৰীত মীন ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। য'ত ইতিমধ্যে চতুৰ্দশীত বহি আছে ৰাহু। এনে পৰিস্থিতিত মীন ৰাশিত দুয়োটা গ্ৰহৰ লগ হ’ব। শুক্ৰক অসুৰৰ গুৰু আৰু ৰাহুক শুক্ৰৰ শিষ্য বুলি কোৱা হয়। গতিকে শুক্ৰৰ লগত থকাৰ বাবে ৰাহুৰ বেয়া প্ৰভাৱ বহু পৰিমাণে কমি যায়। ফলত ৰাহুৱে অশুভ ফলৰ পৰিৱৰ্তে শুভ ফল দিবলৈ আৰম্ভ কৰে। তিনিটা ৰাশিৰ জীৱন দুটা গ্ৰহৰ মিলনত সোণেৰে মেৰিয়াই লোৱা হ’ব। গতিকে, ভাগ্যৰ চকা কোনে ঘূৰাই দিব পাৰ্ব চাওঁক - কৰ্কট ৰোগঃ স্বাস্থ্য ভাল হ’ব, দীৰ্ঘদিনীয়া সপোনবোৰ ক্ৰমান্বয়ে বাস্তৱায়িত হ’ব। সামাজিক কামৰ প্ৰতি প্ৰৱণতা বাঢ়িব, ফলত সমাজত আপুনি সন্মান লাভ কৰিব। পুৰণি বিনিয়োগৰ পৰা আপুনি ডাঙৰ আৰ্থিক লাভ লাভ কৰিব পাৰে। চাকৰিটোত উন্নতি কৰাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সমৰ্থন পাব। তুলা ৰাশিঃ নতুন বছৰে তুলা ৰাশিৰ বাবে কঢ়িয়াই আনিব ভাল খবৰ। কাৰ্যালয়ত কামৰ শলাগ লোৱা হ’ব। চাকৰিটোত পদোন্নতিৰ সম্ভাৱনা থাকিব। শিশুৰ শিক্ষাৰ চিন্তা দূৰ হ'ব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। বিবাহত সুখ থাকিব। বাহিৰৰ ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বৃশ্চিক ৰাশিঃ শুক্ৰ-ৰাহু সংযোগ বৃশ্চিক ৰাশিৰ বাবে উপকাৰী হ’বলৈ গৈ আছে। দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ সম্ভাৱনা থাকে। নতুন চাকৰি এটা পাব পাৰি। ব্যৱসায়ত লাভ দেখিব। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। জীৱনৰ সকলো বিলাসীতা উপভোগ কৰাৰ সুযোগ পাব।
Horoscope: শুক্ৰ আৰু ৰাহুৰ মিলনত ৩ ৰাশি আৰু সৌভাগ্য

সকলো গ্ৰহেই নিয়মীয়াকৈ স্থান সলনি কৰি থাকে। যাৰ প্ৰভাৱ পৰে ১২টা ৰাশিৰ ওপৰতো। জ্যোতিষত শুক্ৰ আৰু ৰাহুৰ অতি গুৰুত্ব আছে। এই দুই শক্তিশালী গ্ৰহ যেতিয়া একত্ৰিত হয় তেতিয়া বিভিন্ন ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন ঘটে। অহা বছৰৰ ২৮ জানুৱাৰীত মীন ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। য’ত ইতিমধ্যে চতুৰ্দশীত বহি আছে ৰাহু। এনে পৰিস্থিতিত মীন ৰাশিত দুয়োটা গ্ৰহৰ লগ হ’ব।

শুক্ৰক অসুৰৰ গুৰু আৰু ৰাহুক শুক্ৰৰ শিষ্য বুলি কোৱা হয়। গতিকে শুক্ৰৰ লগত থকাৰ বাবে ৰাহুৰ বেয়া প্ৰভাৱ বহু পৰিমাণে কমি যায়। ফলত ৰাহুৱে অশুভ ফলৰ পৰিৱৰ্তে শুভ ফল দিবলৈ আৰম্ভ কৰে। তিনিটা ৰাশিৰ জীৱন দুটা গ্ৰহৰ মিলনত সোণেৰে মেৰিয়াই লোৱা হ’ব। গতিকে, ভাগ্যৰ চকা কোনে ঘূৰাই দিব পাৰ্ব চাওঁক –

কৰ্কট ৰোগঃ স্বাস্থ্য ভাল হ’ব, দীৰ্ঘদিনীয়া সপোনবোৰ ক্ৰমান্বয়ে বাস্তৱায়িত হ’ব। সামাজিক কামৰ প্ৰতি প্ৰৱণতা বাঢ়িব, ফলত সমাজত আপুনি সন্মান লাভ কৰিব। পুৰণি বিনিয়োগৰ পৰা আপুনি ডাঙৰ আৰ্থিক লাভ লাভ কৰিব পাৰে। চাকৰিটোত উন্নতি কৰাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সমৰ্থন পাব।

তুলা ৰাশিঃ নতুন বছৰে তুলা ৰাশিৰ বাবে কঢ়িয়াই আনিব ভাল খবৰ। কাৰ্যালয়ত কামৰ শলাগ লোৱা হ’ব। চাকৰিটোত পদোন্নতিৰ সম্ভাৱনা থাকিব। শিশুৰ শিক্ষাৰ চিন্তা দূৰ হ’ব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। বিবাহত সুখ থাকিব। বাহিৰৰ ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

বৃশ্চিক ৰাশিঃ শুক্ৰ-ৰাহু সংযোগ বৃশ্চিক ৰাশিৰ বাবে উপকাৰী হ’বলৈ গৈ আছে। দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ সম্ভাৱনা থাকে। নতুন চাকৰি এটা পাব পাৰি। ব্যৱসায়ত লাভ দেখিব। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। জীৱনৰ সকলো বিলাসীতা উপভোগ কৰাৰ সুযোগ পাব।

Feature: আপুনি কিমান ঘন্টা শুৱে…চাওক সবিশেষ

আপুনি কিমান ঘন্টা শুৱে…চাওক সবিশেষ মানসিক চাপ, অনিদ্ৰা এনে এটা অৱস্থা যেতিয়া এজন ব্যক্তিয়ে সাধাৰণ সময়তকৈ বহু কম টোপনি মাৰে। বিশেষজ্ঞসকলৰ মতে এজন সুস্থ প্ৰাপ্তবয়স্কই দৈনিক ৭-৮ ঘণ্টা শুব লাগে। যদি কোনো ব্যক্তিয়ে ৬ ঘন্টাতকৈ কম সময় বা যি বেছি সময় শুই থাকে তেওঁলোকৰ শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব। টোপনিৰ অভাৱৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতি জানি লওক। টোপনিৰ অভাৱত আপোনাৰ মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস পায়। ভ্ৰমৰ দৰে সমস্যাৰো সন্মুখীন হ’ব পাৰে। টোপনিৰ অভাৱে পাচনতন্ত্ৰতো প্ৰভাৱ পেলায়। টোপনিত অসুবিধা হোৱা লোকসকলৰ প্ৰায়ে কোষ্ঠকাঠিন্যৰ সমস্যা হয়। প্ৰতিদিনেই টোপনি কম হয়, কিন্তু কেতিয়াবাহে টোপনি আহিব আহে। গাড়ী চলোৱাৰ সময়ত যদি টোপনি আহে তেন্তে ডাঙৰ দুৰ্ঘটনা হ’ব পাৰে। টোপনিৰ অভাৱত চকুৰ সমস্যাও হ’ব পাৰে। বেছিভাগ মানসিক সমস্যাই টোপনিৰ অভাৱৰ লগত জড়িত। যদি আপুনি কম টোপনি যায় তেন্তে আপুনি মানসিক চাপ আৰু হতাশাৰ দৰে সমস্যাত ভুগিব পাৰে। প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি নাহিলে কেন্সাৰ, হাৰ্ট ষ্ট্ৰোক, ডায়েবেটিছ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি গৱেষকসকলে কয়। শোৱাৰ ৩ ঘণ্টা আগতে চাহ, কফি খোৱা বন্ধ কৰক। শোৱা কোঠাত লাইট বন্ধ হৈ ৰাখিব লগতে শব্দ যাতে প্ৰৱেশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।বিচনাখন বেছি কোমল বা বেছি কঠিন হ’ব নালাগে আনহাতে দিনটোত কমেও ৩০ মিনিট ব্যায়াম কৰক।
আপুনি কিমান ঘন্টা শুৱে…চাওক সবিশেষ

মানসিক চাপ, অনিদ্ৰা এনে এটা অৱস্থা যেতিয়া এজন ব্যক্তিয়ে সাধাৰণ সময়তকৈ বহু কম টোপনি মাৰে। বিশেষজ্ঞসকলৰ মতে এজন সুস্থ প্ৰাপ্তবয়স্কই দৈনিক ৭-৮ ঘণ্টা শুব লাগে। যদি কোনো ব্যক্তিয়ে ৬ ঘন্টাতকৈ কম সময় বা যি বেছি সময় শুই থাকে তেওঁলোকৰ শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব। টোপনিৰ অভাৱৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতি জানি লওক। টোপনিৰ অভাৱত আপোনাৰ মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস পায়। ভ্ৰমৰ দৰে সমস্যাৰো সন্মুখীন হ’ব পাৰে। টোপনিৰ অভাৱে পাচনতন্ত্ৰতো প্ৰভাৱ পেলায়। টোপনিত অসুবিধা হোৱা লোকসকলৰ প্ৰায়ে কোষ্ঠকাঠিন্যৰ সমস্যা হয়।

প্ৰতিদিনেই টোপনি কম হয়, কিন্তু কেতিয়াবাহে টোপনি আহিব আহে। গাড়ী চলোৱাৰ সময়ত যদি টোপনি আহে তেন্তে ডাঙৰ দুৰ্ঘটনা হ’ব পাৰে। টোপনিৰ অভাৱত চকুৰ সমস্যাও হ’ব পাৰে। বেছিভাগ মানসিক সমস্যাই টোপনিৰ অভাৱৰ লগত জড়িত। যদি আপুনি কম টোপনি যায় তেন্তে আপুনি মানসিক চাপ আৰু হতাশাৰ দৰে সমস্যাত ভুগিব পাৰে। প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি নাহিলে কেন্সাৰ, হাৰ্ট ষ্ট্ৰোক, ডায়েবেটিছ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি গৱেষকসকলে কয়।
শোৱাৰ ৩ ঘণ্টা আগতে চাহ, কফি খোৱা বন্ধ কৰক। শোৱা কোঠাত লাইট বন্ধ হৈ ৰাখিব লগতে শব্দ যাতে প্ৰৱেশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।বিচনাখন বেছি কোমল বা বেছি কঠিন হ’ব নালাগে আনহাতে দিনটোত কমেও ৩০ মিনিট ব্যায়াম কৰক।