Home Blog Page 420

Ranveer Singh Mom Donated Hair: নাতিনীয়েক দুৱাৰ তিনিমাহ সম্পূৰ্ণ, আইতাকে দান কৰিলে চুলি!

Ranveer Singh Mom Donated Hair
Ranveer Singh Mom Donated Hair

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ মৰমলগা কন্যা দুৱাৰ বয়স তিনি মাহ সম্পূৰ্ণ। নাতিনীয়েকৰ জীৱনৰ তিনিমাহ সম্পূৰ্ণ হোৱাৰ লগে লগে আইতাই এনে এটা সিদ্ধান্ত লৈছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে ইয়াৰ লগতে তেওঁৰ এই পোষ্টটোও দ্ৰুতগতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।(Ranveer Singh Mom Donated Hair) 

ৰণবীৰ সিঙৰ মাতৃ তথা দীপিকা পাডুকনৰ শাহুৱেক অঞ্জু ভৱনানীয়ে চুলি দান কৰিছে। অঞ্জুৱে এই কাম কৰাৰ কাৰণ হৈছে নাতিনীয়েক দুৱাৰ তৃতীয় মাহ সম্পূৰ্ণ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰ সিঙৰ মাতৃৰ পোষ্ট। পোষ্টৰ লগতেও তেওঁ কিছুমান ফটোও শ্বেয়াৰ কৰিছে। এই ছবিবোৰত তেওঁক চুলি কাটি থকা দেখা গৈছে।(Deepika Padukone)

ৰণবীৰ আৰু দীপিকাৰ কন্যা আইতাক অঞ্জুৰ অতি মৰমৰ। নাতিনীয়েকৰ তিনিমাহৰ মহীয়া জন্মদিন উদযাপনত অঞ্জুৱে নিজৰ চুলিখিনি দান কৰাৰ সিদ্ধান্ত লয়। ছ’চিয়েল মিডিয়াত ফটোৰ সৈতে এটা দীঘলীয়া কেপচন লিখিছিল মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে অঞ্জু ভৱনানীয়ে।(Anju Bhavnani)

অঞ্জুৱে ছচিয়েল মিডিয়াত পোষ্টটোত লিখিছে – ‘মোৰ প্ৰিয় দুৱা, তৃতীয় মাহৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ।’ আমি দুৱাৰ বৃদ্ধিৰ প্ৰতিমাহে উদযাপন কৰি আছো। ই আমাক ভাল আৰু দয়ালু হ’বলৈও সোঁৱৰাই দিয়ে। আশাকৰোঁ এই সৰু কামটোৱে কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যোৱা কোনোবা আৰ্তজনক সহায় কৰিব। তেওঁলোকক আৰাম আৰু আত্মবিশ্বাস দিব পাৰে।(Dua Padukone Singh)

অঞ্জু ভৱননীয়ে কান্ধলৈকে চুলি কাটিছে। চুলি কটাৰ পিছত অঞ্জুৱে তেওঁৰ নতুন ৰূপৰ ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

Pulses: ওজনো কমিব, হজম শক্তিও ঠিকেই থাকিব; দৈনিক দাইল খাব

Benefits of Eating Pulses
Benefits of Eating Pulses

আমি সকলোৱে স্বাস্থ্যসন্মত জীৱনশৈলী বিচাৰোঁ, কিন্তু কেতিয়াবা সঠিক পৰামৰ্শৰ অভাৱত সেয়া সম্ভৱ নহয়। প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দৈনন্দিন খাদ্যত দাইল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে, য’ত মচুৰ দাইল, বুট, মগু আৰু উৰাদ দাইল আদি অন্তৰ্ভুক্ত কৰা হয়। দাইলক ছুপাৰফুডৰ শ্ৰেণীত ৰখা হয়। দৈনন্দিন জীৱনত কিয় দাইল খাব লাগে জানো আহক।(Pulses)

দাইল খোৱাৰ উপকাৰিতা-(Benefits of Eating Pulses)

১/ পুষ্টিকৰ শক্তি কেন্দ্ৰ
আইৰণ, জিংক, পটাছিয়াম আৰু ভিটামিন বি আদি অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ দাইলে আমাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায় আৰু শৰীৰৰ বিভিন্ন কাৰ্য্যত সহায় কৰে।

২/ প্ৰটিনেৰে সমৃদ্ধ
দাইল হৈছে উদ্ভিদভিত্তিক প্ৰটিনৰ এক উৎকৃষ্ট উৎস, যাৰ বাবে নিৰামিষভোজীসকলৰ বাবে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰে দাইলে।

৩/ আঁহ সমৃদ্ধ খাদ্য
দাইলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ দৰে সমস্যা ৰোধ হয়।(health benefits)

৪/ হৃদযন্ত্ৰৰ স্বাস্থ্য
দাইলত ট্ৰেন্স ফেট আৰু কলেষ্টেৰল কম থাকে, দাইল খালে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৫) ডায়েবেটিছ ৰোগীক সহায় কৰে
দাইলত থকা পুষ্টিকৰ উপাদানে তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰাত সহায় কৰে, যাৰ বাবে বেছিভাগ খাদ্য বিশেষজ্ঞই ডায়েবেটিছ ৰোগীক দাইল খাবলৈ পৰামৰ্শ দিয়ে।

৬/ ওজন কম হব
দাইলত প্ৰটিন আৰু আঁহৰ সংমিশ্ৰণ থাকে, যিয়ে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৭) কৰ্কট ৰোগৰ আশংকা কমিব
বহু গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে দাইল খালে কলন কেন্সাৰকে ধৰি কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

Book Release: ডাঃ ববিতা বড়া গগৈৰ উপন্যাস ‘কাঁইট’ উন্মোচন

Book Release: ডাঃ ববিতা বড়া গগৈৰ উপন্যাস 'কাঁইট' উন্মোচন নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী লেখিকা ডাঃ ববিতা বড়া গগৈৰ সামগ্ৰিকভাৱে চতুৰ্থ তথা তৃতীয়খন উপন্যাস 'কাঁইট'ৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায় শিলপুখুৰীস্থিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ 'সভাঘৰ'ত। 'প্ৰজ্ঞা মিডিয়া হাইপ'ৰ বেনাৰত প্ৰকাশিত উপন্যাসখনি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক ৰত্না ভৰালী তালুকদাৰ আৰু বিশিষ্ট সাংবাদিক আৰু উদ্যোগী মনোৰম গগৈয়ে। ৯০ দশকৰ পটভূমিত ৰচিত 'কাঁইট'ত প্ৰতিফলিত হৈছে আলফা, ছালফা, বজৰংগ আৰু সেই কালিকা লগা সময়ৰ অসমৰ গাঁৱবিলাক, গাঁৱৰ সহজ সৰল মানুহবিলাকৰ কিছু জীয়া কাহিনী। যি কাহিনীয়ে পাঠকক বেলেগ এক দৃষ্টিভংগীৰে সেই সময়খিনি চাবলৈ বাধ্য কৰিব বুলি আশা প্ৰকাশ কৰে উন্মোচকদ্বয়ৰ লগতে প্ৰকাশক উজ্জ্বল বৰাই। গীত, নৃত্য, কথা-বাৰ্তাৰে মুখৰিত হৈ উঠা আজিৰ এই উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে ময়ুৰী দত্তই।
Book Release: ডাঃ ববিতা বড়া গগৈৰ উপন্যাস 'কাঁইট' উন্মোচন

নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী লেখিকা ডাঃ ববিতা বড়া গগৈৰ সামগ্ৰিকভাৱে চতুৰ্থ তথা তৃতীয়খন উপন্যাস ‘কাঁইট’ৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায় শিলপুখুৰীস্থিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ ‘সভাঘৰ’ত। ‘প্ৰজ্ঞা মিডিয়া হাইপ’ৰ বেনাৰত প্ৰকাশিত উপন্যাসখনি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক ৰত্না ভৰালী তালুকদাৰ আৰু বিশিষ্ট সাংবাদিক আৰু উদ্যোগী মনোৰম গগৈয়ে। ৯০ দশকৰ পটভূমিত ৰচিত ‘কাঁইট’ত প্ৰতিফলিত হৈছে আলফা, ছালফা, বজৰংগ আৰু সেই কালিকা লগা সময়ৰ অসমৰ গাঁৱবিলাক, গাঁৱৰ সহজ সৰল মানুহবিলাকৰ কিছু জীয়া কাহিনী। যি কাহিনীয়ে পাঠকক বেলেগ এক দৃষ্টিভংগীৰে সেই সময়খিনি চাবলৈ বাধ্য কৰিব বুলি আশা প্ৰকাশ কৰে উন্মোচকদ্বয়ৰ লগতে প্ৰকাশক উজ্জ্বল বৰাই। গীত, নৃত্য, কথা-বাৰ্তাৰে মুখৰিত হৈ উঠা আজিৰ এই উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে ময়ুৰী দত্তই।

Feature: ৪ টা গোপনীয় কথা পুৰুষে কেতিয়াও নকয়

Feature: ৪ টা গোপনীয় কথা পুৰুষে কেতিয়াও নকয় পুৰুষক সিমান জটিল নহয় বুলি ভবা যায়। দৰাচলতে তেওঁলোকৰ মনত বহুতো স্তৰ বা কথা থাকে, যিবোৰ আনে সাধাৰণতে নেদেখেও আৰু ধৰিবও নোৱাৰে। পুৰুষে বহুতো কথা অতি গোপনে ৰাখিব পাৰে। তেওঁলোকে নিবিচাৰে যে এগৰাকী মহিলা যদি জীৱনলৈ আহে তেন্তে ইমান দিনে লুকুৱাই ৰখা কথাবোৰ উন্মোচন কৰি পেলাব। কিন্পুতু আচৰিত কথা পুৰুষে কাকো কেতিয়াও নকোৱা কিছুমান ৰহস্য বৰ আমোদজনক... মানসিক সমৰ্থন প্ৰতিজন মানুহক তেওঁৰ সংগীৰ পৰা মানসিক সমৰ্থনৰ প্ৰয়োজন। কিন্তু তেওঁলোকে কেতিয়াও এইটো স্বীকাৰ নকৰে। পুৰুষসকলে সদায় নিজকে শক্তিশালী প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকে যদিও একে সময়তে, তেওঁ প্ৰেমো অনুভৱ কৰিব বিচাৰে। দৈনন্দিন জীৱনৰ চাপে সকলোকে প্ৰভাৱিত কৰে। পুৰুষো ইয়াৰ ব্যতিক্ৰম নহয়। তেওঁলোকে তেওঁলোকৰ হৃদয়ক-মনক সমৰ্থন কৰা প্ৰেম বিচাৰে সদায়। ভয় পুৰুষে কেতিয়াবাহে তেওঁলোকৰ ভয় প্ৰকাশ কৰে। কাৰণ তেওঁলোকে নিজকে দুৰ্বল হিচাপে দেখাব নিবিচাৰে। পুৰুষসকলক শক্তিশালী বুলিয়েই গণ্য কৰা হয় আৰু সমাজৰ সন্মুখত সাহসী মুখ হিচাপেই প্ৰক্ষেপ কৰা হয়। কিন্তু কেতিয়াবা বহু কথাত ভয়ো কৰে। কিন্তু তেওঁলোকে কেতিয়াও এইটো স্বীকাৰ নকৰে। দৃষ্টি পুৰুষে এইটো স্বীকাৰ নকৰে যে বেছিভাগেই কাষেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী মহিলালৈ চায়। বেছিভাগ পুৰুষেই মহিলাসকলক চেহেৰাৰ দ্বাৰা মূল্যাঙ্কন কৰে। তেওঁলোকে কাৰোবাক ভাল পোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়। কিন্তু তেওঁলোকে ভাবে যে এইটো স্বীকাৰ নকৰাটো বুদ্ধিমানৰ কাম। বিবাদ পুৰুষসকলে মহিলাৰ দৰে সৰু তুচ্ছ ঘটনা আৰু বিবাদৰ সৈতে থাকিবলৈ ভাল নাপায়। কেতিয়াবা, মহিলাসকলে আনকি তেওঁলোকে কিহৰ বিষয়ে যুঁজি আছে সেইটোও বুজি নাপায়। যদি পত্নী বা প্ৰেমিকে এটা সৰু বিষয়ত বিবাদ কৰে তেন্তে পুৰুষসকলে ইয়াত একেবাৰে মনোযোগ দিব নিবিচাৰে। কিন্তু তেওঁলোকে মুখ খুলিও ক'ব নোৱাৰে।
Feature: ৪ টা গোপনীয় কথা পুৰুষে কেতিয়াও নকয়

পুৰুষক সিমান জটিল নহয় বুলি ভবা যায়। দৰাচলতে তেওঁলোকৰ মনত বহুতো স্তৰ বা কথা থাকে, যিবোৰ আনে সাধাৰণতে নেদেখেও আৰু ধৰিবও নোৱাৰে। পুৰুষে বহুতো কথা অতি গোপনে ৰাখিব পাৰে। তেওঁলোকে নিবিচাৰে যে এগৰাকী মহিলা যদি জীৱনলৈ আহে তেন্তে ইমান দিনে লুকুৱাই ৰখা কথাবোৰ উন্মোচন কৰি পেলাব।

কিন্পুতু আচৰিত কথা পুৰুষে কাকো কেতিয়াও নকোৱা কিছুমান ৰহস্য বৰ আমোদজনক…

মানসিক সমৰ্থন

প্ৰতিজন মানুহক তেওঁৰ সংগীৰ পৰা মানসিক সমৰ্থনৰ প্ৰয়োজন। কিন্তু তেওঁলোকে কেতিয়াও এইটো স্বীকাৰ নকৰে। পুৰুষসকলে সদায় নিজকে শক্তিশালী প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকে যদিও একে সময়তে, তেওঁ প্ৰেমো অনুভৱ কৰিব বিচাৰে। দৈনন্দিন জীৱনৰ চাপে সকলোকে প্ৰভাৱিত কৰে। পুৰুষো ইয়াৰ ব্যতিক্ৰম নহয়। তেওঁলোকে তেওঁলোকৰ হৃদয়ক-মনক সমৰ্থন কৰা প্ৰেম বিচাৰে সদায়।

ভয়

পুৰুষে কেতিয়াবাহে তেওঁলোকৰ ভয় প্ৰকাশ কৰে। কাৰণ তেওঁলোকে নিজকে দুৰ্বল হিচাপে দেখাব নিবিচাৰে। পুৰুষসকলক শক্তিশালী বুলিয়েই গণ্য কৰা হয় আৰু সমাজৰ সন্মুখত সাহসী মুখ হিচাপেই প্ৰক্ষেপ কৰা হয়। কিন্তু কেতিয়াবা বহু কথাত ভয়ো কৰে। কিন্তু তেওঁলোকে কেতিয়াও এইটো স্বীকাৰ নকৰে।

দৃষ্টি

পুৰুষে এইটো স্বীকাৰ নকৰে যে বেছিভাগেই কাষেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী মহিলালৈ চায়। বেছিভাগ পুৰুষেই মহিলাসকলক চেহেৰাৰ দ্বাৰা মূল্যাঙ্কন কৰে। তেওঁলোকে কাৰোবাক ভাল পোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়। কিন্তু তেওঁলোকে ভাবে যে এইটো স্বীকাৰ নকৰাটো বুদ্ধিমানৰ কাম।

বিবাদ

পুৰুষসকলে মহিলাৰ দৰে সৰু তুচ্ছ ঘটনা আৰু বিবাদৰ সৈতে থাকিবলৈ ভাল নাপায়। কেতিয়াবা, মহিলাসকলে আনকি তেওঁলোকে কিহৰ বিষয়ে যুঁজি আছে সেইটোও বুজি নাপায়। যদি পত্নী বা প্ৰেমিকে এটা সৰু বিষয়ত বিবাদ কৰে তেন্তে পুৰুষসকলে ইয়াত একেবাৰে মনোযোগ দিব নিবিচাৰে। কিন্তু তেওঁলোকে মুখ খুলিও ক’ব নোৱাৰে।

Bollywood: প্ৰতাৰণা কৰাৰ অভিযোগত দিল্লী আদালতৰ চমন প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক

Bollywood: প্ৰতাৰণা কৰাৰ অভিযোগত দিল্লী আদালতৰ চমন প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক আইনী সমস্যাত পৰিছে বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ। প্ৰবীণ অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে । দিল্লী আদালতে তেওঁক চমন প্ৰেৰণ কৰিছে। দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে ধৰ্মেন্দ্ৰৰ লগতে আন দুজনক চমন জাৰি কৰিছে। দিল্লীৰ ব্যৱসায়ী সুশীল কুমাৰৰ অভিযোগৰ ভিত্তিত ধৰ্মেন্দ্ৰক চমন জাৰি কৰা হয়। ব্যৱসায়ীজনে ধৰ্মেন্দ্ৰৰ ৰেষ্টুৰেণ্ট গৰম ধৰম ধাবাৰ ফ্ৰেঞ্চাইজিক লৈ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। সুশীল কুমাৰৰ অভিযোগৰ পিছতে ন্যায়িক দণ্ডাধীশ যশদীপ চাহালে এই চমন জাৰি কৰিছে। অভিযোগ অনুসৰি গৰম ধৰম ধাবাত বিনিয়োগ কৰাৰ নামত তেওঁক বিপথে পৰিচালিত কৰা হৈছিল। ৫ ডিচেম্বৰত ন্যায়াধীশে জনোৱা মতে অভিযোগকাৰীয়ে প্ৰদান কৰা প্ৰমাণৰ পৰা দেখা গৈছে যে অভিযুক্তই নিজৰ স্বাৰ্থৰ বাবেই প্ৰতাৰণা কৰিছিল। ন্যায়ালয়ে ধৰ্মেন্দ্ৰ আৰু বাকী দুজন ব্যক্তিক প্ৰৱঞ্চনাৰ ৪২০ ধাৰা, ষড়যন্ত্ৰৰ ১২০ বি ধাৰা, আৰু আই পি চিৰ ৩৪ ধাৰাত আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া এই গোচৰৰ আঁৰৰ কাহিনী জানো আহক। ধৰ্মেন্দ্ৰৰ দুই সহযোগীয়ে ২০১৮ চনত ব্যৱসায়ী সুশীল কুমাৰৰ সৈতে যোগাযোগ কৰি উত্তৰ প্ৰদেশৰ ২৪ আৰু ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰম ধৰম ধাবা খোলাৰ প্ৰস্তাৱ দিছিল। দিল্লীৰ কৰ্ণাটক প্লেচ আৰু হাৰিয়ানাৰ মুৰ্থালত থকা ৰেষ্টুৰেণ্টখনৰ শাখাই প্ৰতিমাহে প্ৰায় ৭০-৮০ লাখ টকাৰ ব্যৱসায় কৰে বুলি কৈ দিল্লীস্থিত ব্যৱসায়ীগৰাকীয়ে ‘লোভ’ দেখুৱাইছিল। সুশীল কুমাৰে কয় যে তেওঁক ৪১ লাখ টকা বিনিয়োগ কৰিবলৈ কোৱা হৈছিল। এই বিনিয়োগৰ পৰা ৭ শতাংশ লাভ দিব বুলি কোৱা দুয়োজন ব্যক্তিৰ সৈতে কেইবাখনো বৈঠক আৰু ই-মেইল আলোচনা কৰিছিল সুশীলে। দিল্লীৰ ব্যৱসায়ীজনক ৬৩ লাখ টকা আৰু তাৰ লগতে কৰ দিবলৈও কোৱা হৈছিল।সুশীল কুমাৰৰ মতে ২০১৮ চনৰ ২২ ছেপ্টেম্বৰত তেওঁ এখন কাগজত স্বাক্ষৰ কৰা কৰিছিল। সকলো ব্যৱসায়িক চৰ্ত সেই পত্ৰখনত লিখা হৈছিল। প্ৰায় ১৮ লাখ টকাৰ চেকসহ নগদ ধন ৫০ লাখ দিয়াৰ পিছৰ পৰাই সুশীল কুমাৰৰ ফোন কলৰিচিভ কৰা বন্ধ কৰে। সুশীল কুমাৰে অভিযোগ কৰে যে তেওঁক প্ৰতাৰণা কৰা হৈছে। এই বিত্তীয় জালিয়াতিৰ গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত। এই দিনটোত ধৰ্মেন্দ্ৰক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।
Bollywood: প্ৰতাৰণা কৰাৰ অভিযোগত দিল্লী আদালতৰ চমন প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক

আইনী সমস্যাত পৰিছে বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ। প্ৰবীণ অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে । দিল্লী আদালতে তেওঁক চমন প্ৰেৰণ কৰিছে। দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে ধৰ্মেন্দ্ৰৰ লগতে আন দুজনক চমন জাৰি কৰিছে। দিল্লীৰ ব্যৱসায়ী সুশীল কুমাৰৰ অভিযোগৰ ভিত্তিত ধৰ্মেন্দ্ৰক চমন জাৰি কৰা হয়। ব্যৱসায়ীজনে ধৰ্মেন্দ্ৰৰ ৰেষ্টুৰেণ্ট গৰম ধৰম ধাবাৰ ফ্ৰেঞ্চাইজিক লৈ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। সুশীল কুমাৰৰ অভিযোগৰ পিছতে ন্যায়িক দণ্ডাধীশ যশদীপ চাহালে এই চমন জাৰি কৰিছে। অভিযোগ অনুসৰি গৰম ধৰম ধাবাত বিনিয়োগ কৰাৰ নামত তেওঁক বিপথে পৰিচালিত কৰা হৈছিল। ৫ ডিচেম্বৰত ন্যায়াধীশে জনোৱা মতে অভিযোগকাৰীয়ে প্ৰদান কৰা প্ৰমাণৰ পৰা দেখা গৈছে যে অভিযুক্তই নিজৰ স্বাৰ্থৰ বাবেই প্ৰতাৰণা কৰিছিল। ন্যায়ালয়ে ধৰ্মেন্দ্ৰ আৰু বাকী দুজন ব্যক্তিক প্ৰৱঞ্চনাৰ ৪২০ ধাৰা, ষড়যন্ত্ৰৰ ১২০ বি ধাৰা, আৰু আই পি চিৰ ৩৪ ধাৰাত আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া এই গোচৰৰ আঁৰৰ কাহিনী জানো আহক। ধৰ্মেন্দ্ৰৰ দুই সহযোগীয়ে ২০১৮ চনত ব্যৱসায়ী সুশীল কুমাৰৰ সৈতে যোগাযোগ কৰি উত্তৰ প্ৰদেশৰ ২৪ আৰু ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰম ধৰম ধাবা খোলাৰ প্ৰস্তাৱ দিছিল। দিল্লীৰ কৰ্ণাটক প্লেচ আৰু হাৰিয়ানাৰ মুৰ্থালত থকা ৰেষ্টুৰেণ্টখনৰ শাখাই প্ৰতিমাহে প্ৰায় ৭০-৮০ লাখ টকাৰ ব্যৱসায় কৰে বুলি কৈ দিল্লীস্থিত ব্যৱসায়ীগৰাকীয়ে ‘লোভ’ দেখুৱাইছিল। সুশীল কুমাৰে কয় যে তেওঁক ৪১ লাখ টকা বিনিয়োগ কৰিবলৈ কোৱা হৈছিল। এই বিনিয়োগৰ পৰা ৭ শতাংশ লাভ দিব বুলি কোৱা দুয়োজন ব্যক্তিৰ সৈতে কেইবাখনো বৈঠক আৰু ই-মেইল আলোচনা কৰিছিল সুশীলে। দিল্লীৰ ব্যৱসায়ীজনক ৬৩ লাখ টকা আৰু তাৰ লগতে কৰ দিবলৈও কোৱা হৈছিল।সুশীল কুমাৰৰ মতে ২০১৮ চনৰ ২২ ছেপ্টেম্বৰত তেওঁ এখন কাগজত স্বাক্ষৰ কৰা কৰিছিল। সকলো ব্যৱসায়িক চৰ্ত সেই পত্ৰখনত লিখা হৈছিল। প্ৰায় ১৮ লাখ টকাৰ চেকসহ নগদ ধন ৫০ লাখ দিয়াৰ পিছৰ পৰাই সুশীল কুমাৰৰ ফোন কলৰিচিভ কৰা বন্ধ কৰে। সুশীল কুমাৰে অভিযোগ কৰে যে তেওঁক প্ৰতাৰণা কৰা হৈছে। এই বিত্তীয় জালিয়াতিৰ গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত। এই দিনটোত ধৰ্মেন্দ্ৰক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।

আইনী সমস্যাত পৰিছে বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ। প্ৰবীণ অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে । দিল্লী আদালতে তেওঁক চমন প্ৰেৰণ কৰিছে। দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে ধৰ্মেন্দ্ৰৰ লগতে আন দুজনক চমন জাৰি কৰিছে। দিল্লীৰ ব্যৱসায়ী সুশীল কুমাৰৰ অভিযোগৰ ভিত্তিত ধৰ্মেন্দ্ৰক চমন জাৰি কৰা হয়। ব্যৱসায়ীজনে ধৰ্মেন্দ্ৰৰ ৰেষ্টুৰেণ্ট গৰম ধৰম ধাবাৰ ফ্ৰেঞ্চাইজিক লৈ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। সুশীল কুমাৰৰ অভিযোগৰ পিছতে ন্যায়িক দণ্ডাধীশ যশদীপ চাহালে এই চমন জাৰি কৰিছে। অভিযোগ অনুসৰি গৰম ধৰম ধাবাত বিনিয়োগ কৰাৰ নামত তেওঁক বিপথে পৰিচালিত কৰা হৈছিল। ৫ ডিচেম্বৰত ন্যায়াধীশে জনোৱা মতে অভিযোগকাৰীয়ে প্ৰদান কৰা প্ৰমাণৰ পৰা দেখা গৈছে যে অভিযুক্তই নিজৰ স্বাৰ্থৰ বাবেই প্ৰতাৰণা কৰিছিল। ন্যায়ালয়ে ধৰ্মেন্দ্ৰ আৰু বাকী দুজন ব্যক্তিক প্ৰৱঞ্চনাৰ ৪২০ ধাৰা, ষড়যন্ত্ৰৰ ১২০ বি ধাৰা, আৰু আই পি চিৰ ৩৪ ধাৰাত আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া এই গোচৰৰ আঁৰৰ কাহিনী জানো আহক। ধৰ্মেন্দ্ৰৰ দুই সহযোগীয়ে ২০১৮ চনত ব্যৱসায়ী সুশীল কুমাৰৰ সৈতে যোগাযোগ কৰি উত্তৰ প্ৰদেশৰ ২৪ আৰু ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰম ধৰম ধাবা খোলাৰ প্ৰস্তাৱ দিছিল। দিল্লীৰ কৰ্ণাটক প্লেচ আৰু হাৰিয়ানাৰ মুৰ্থালত থকা ৰেষ্টুৰেণ্টখনৰ শাখাই প্ৰতিমাহে প্ৰায় ৭০-৮০ লাখ টকাৰ ব্যৱসায় কৰে বুলি কৈ দিল্লীস্থিত ব্যৱসায়ীগৰাকীয়ে ‘লোভ’ দেখুৱাইছিল। সুশীল কুমাৰে কয় যে তেওঁক ৪১ লাখ টকা বিনিয়োগ কৰিবলৈ কোৱা হৈছিল। এই বিনিয়োগৰ পৰা ৭ শতাংশ লাভ দিব বুলি কোৱা দুয়োজন ব্যক্তিৰ সৈতে কেইবাখনো বৈঠক আৰু ই-মেইল আলোচনা কৰিছিল সুশীলে। দিল্লীৰ ব্যৱসায়ীজনক ৬৩ লাখ টকা আৰু তাৰ লগতে কৰ দিবলৈও কোৱা হৈছিল।সুশীল কুমাৰৰ মতে ২০১৮ চনৰ ২২ ছেপ্টেম্বৰত তেওঁ এখন কাগজত স্বাক্ষৰ কৰা কৰিছিল। সকলো ব্যৱসায়িক চৰ্ত সেই পত্ৰখনত লিখা হৈছিল। প্ৰায় ১৮ লাখ টকাৰ চেকসহ নগদ ধন ৫০ লাখ দিয়াৰ পিছৰ পৰাই সুশীল কুমাৰৰ ফোন কলৰিচিভ কৰা বন্ধ কৰে। সুশীল কুমাৰে অভিযোগ কৰে যে তেওঁক প্ৰতাৰণা কৰা হৈছে। এই বিত্তীয় জালিয়াতিৰ গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত। এই দিনটোত ধৰ্মেন্দ্ৰক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে ইনিচিয়েটিভ কম্পিটিটিভ এক্সাম

গুৱাহাটী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে ইনিচিয়েটিভ কম্পিটিটিভ এক্সাম :: প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সবলীকৰণৰ এক বিশেষ পদক্ষেপ :: পঞ্জীয়নৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ :: আজাৰা :: ১০ ডিচেম্বৰ :: গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱাকে ধৰি অসম অসামৰিক সেৱা, এছ এছ চি, চি জি এল, বেংকিং, এল আই চি-এ এ অ', জি আই চি-এ এম, চি এ পি এফ, নেট, জে আৰ এফ আৰু গেটৰ লগতে অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক পাৰদৰ্শিতা দেখুৱাবলৈ সজ্জিত কৰাৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ হিচাপে "ইনিচিয়েটিভ ফৰ কম্পিটিটিভ এক্সাম" (GUICE) আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । পাঠ্যক্ৰমৰ সময়সীমা এবছৰ আৰু পঞ্জীয়নৰ শেষ দিন অহা ২০ ডিচেম্বৰ । প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফল হ’বলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে অসম তথা উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলক সৱলীকৰণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে । আই চি ই-এ শৈক্ষিক প্ৰস্তুতি, মেণ্টৰশ্বিপ আৰু দক্ষতা-নিৰ্মাণৰ বাবে এক শক্তিশালী মঞ্চও প্ৰদান কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে-- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মিছন পূৰণৰ ক্ষেত্ৰত জি ইউ আই চি ই হৈছে কেৱল শৈক্ষিক উৎকৰ্ষতা বৃদ্ধি কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'ব পৰাকৈ সাজু হোৱাটো নিশ্চিত কৰা । প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ হৈছে পৰিৱৰ্তনশীল সুযোগৰ দুৱাৰদলি আৰু এই পদক্ষেপে ৰাজ্য আৰু জাতিৰ উন্নয়নত অৰিহণা যোগাব পৰাকে নতুন প্ৰজন্মক প্ৰস্তত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় দায়বদ্ধ।" উপাচাৰ্য অধ্যাপক ডঃ মহন্তই পুনৰ জানিবলৈ দিয়ে যে-- ইউ পি এছ চি, এ পি এছ চিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰফেশ্যনেল পাঠ্যক্ৰমৰ বাবে ৬০ খন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ বাবে ১০০ খন আসনৰ ব্যৱস্থা কৰা হৈছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ । ইউ পি এছ চি, এ পি এছ চি অসামৰিক সেৱা পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰফেচনেল পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সীমিত সংখ্যক মেৰিট-কাম-মিনছ বৃত্তি আৰু থকাৰ সুবিধা আছে । পাঠ্যক্ৰমৰ মাচুল ৩৫ হাজাৰ টকা । দুটা কিস্তিত মাচুল আদায় দিব লাগিব । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জি ইউ ফাউণ্ডেশ্যন পাঠ্যক্ৰম বাছি লোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কোনো ধৰণৰ বৃত্তিৰ ব্যৱস্থা নাই যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মীয়া স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়া হ’ব । সীমিত সংখ্যক প্ৰাৰ্থীৰ বাবে থকাৰ ব্যৱস্থা আছে । এই মাচুল ২০ হাজাৰ টকা । তিনিটা কিস্তিত মাচুল আদায় দিব লাগিব। কোটা নিয়ম অনুসৰি দুয়োটা পাঠ্যক্ৰমতে অনুসূচিত জাতি, অনুসূচিত জাতি আৰু নন-ক্ৰিমী লেয়াৰ অ’বিচি প্ৰাৰ্থীক নামভৰ্তি কৰা হ’ব। জি ইউ আই চি ই-এ ছাত্ৰ-ছাত্ৰীসকলক অভিজ্ঞ অধ্যাপক আৰু বিষয় বিশেষজ্ঞসকলে প্ৰদান কৰা এক বিস্তৃত পাঠ্যক্ৰম আগবঢ়াব। এই পদক্ষেপত নিয়মীয়া মক টেষ্ট, কৰ্মশালা, কেৰিয়াৰ কাউন্সিলিং আৰু সম্পদৰ বিস্তৃত ভঁৰালৰ প্ৰৱেশ আদিও অন্তৰ্ভুক্ত কৰা হৈছে। আৰ্থিকভাৱে দুখীয়া পৰিয়ালৰ ছাত্র-ছাত্রীসকলক সমন্বয় আৰু সম সুযোগ সুনিশ্চিত কৰাৰ বাবে পথ প্ৰদৰ্শন কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব ।
গুৱাহাটী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে ইনিচিয়েটিভ কম্পিটিটিভ এক্সাম

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সবলীকৰণৰ এক বিশেষ পদক্ষেপ :: পঞ্জীয়নৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱাকে ধৰি অসম অসামৰিক সেৱা, এছ এছ চি, চি জি এল, বেংকিং, এল আই চি-এ এ অ’, জি আই চি-এ এম, চি এ পি এফ, নেট, জে আৰ এফ আৰু গেটৰ লগতে অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক পাৰদৰ্শিতা দেখুৱাবলৈ সজ্জিত কৰাৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ হিচাপে “ইনিচিয়েটিভ ফৰ কম্পিটিটিভ এক্সাম” (GUICE) আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । পাঠ্যক্ৰমৰ সময়সীমা এবছৰ আৰু পঞ্জীয়নৰ শেষ দিন অহা ২০ ডিচেম্বৰ । প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফল হ’বলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে অসম তথা উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলক সৱলীকৰণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে । আই চি ই-এ শৈক্ষিক প্ৰস্তুতি, মেণ্টৰশ্বিপ আৰু দক্ষতা-নিৰ্মাণৰ বাবে এক শক্তিশালী মঞ্চও প্ৰদান কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে– গুৱাহাটী বিশ্ববিদ্যালয়ৰ মিছন পূৰণৰ ক্ষেত্ৰত জি ইউ আই চি ই হৈছে কেৱল শৈক্ষিক উৎকৰ্ষতা বৃদ্ধি কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰাকৈ সাজু হোৱাটো নিশ্চিত কৰা । প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ হৈছে পৰিৱৰ্তনশীল সুযোগৰ দুৱাৰদলি আৰু এই পদক্ষেপে ৰাজ্য আৰু জাতিৰ উন্নয়নত অৰিহণা যোগাব পৰাকে নতুন প্ৰজন্মক প্ৰস্তত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় দায়বদ্ধ।” উপাচাৰ্য অধ্যাপক ডঃ মহন্তই পুনৰ জানিবলৈ দিয়ে যে– ইউ পি এছ চি, এ পি এছ চিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰফেশ্যনেল পাঠ্যক্ৰমৰ বাবে ৬০ খন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ বাবে ১০০ খন আসনৰ ব্যৱস্থা কৰা হৈছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ । ইউ পি এছ চি, এ পি এছ চি অসামৰিক সেৱা পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰফেচনেল পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সীমিত সংখ্যক মেৰিট-কাম-মিনছ বৃত্তি আৰু থকাৰ সুবিধা আছে । পাঠ্যক্ৰমৰ মাচুল ৩৫ হাজাৰ টকা । দুটা কিস্তিত মাচুল আদায় দিব লাগিব । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জি ইউ ফাউণ্ডেশ্যন পাঠ্যক্ৰম বাছি লোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কোনো ধৰণৰ বৃত্তিৰ ব্যৱস্থা নাই যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মীয়া স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়া হ’ব । সীমিত সংখ্যক প্ৰাৰ্থীৰ বাবে থকাৰ ব্যৱস্থা আছে । এই মাচুল ২০ হাজাৰ টকা । তিনিটা কিস্তিত মাচুল আদায় দিব লাগিব। কোটা নিয়ম অনুসৰি দুয়োটা পাঠ্যক্ৰমতে অনুসূচিত জাতি, অনুসূচিত জাতি আৰু নন-ক্ৰিমী লেয়াৰ অ’বিচি প্ৰাৰ্থীক নামভৰ্তি কৰা হ’ব। জি ইউ আই চি ই-এ ছাত্ৰ-ছাত্ৰীসকলক অভিজ্ঞ অধ্যাপক আৰু বিষয় বিশেষজ্ঞসকলে প্ৰদান কৰা এক বিস্তৃত পাঠ্যক্ৰম আগবঢ়াব। এই পদক্ষেপত নিয়মীয়া মক টেষ্ট, কৰ্মশালা, কেৰিয়াৰ কাউন্সিলিং আৰু সম্পদৰ বিস্তৃত ভঁৰালৰ প্ৰৱেশ আদিও অন্তৰ্ভুক্ত কৰা হৈছে। আৰ্থিকভাৱে দুখীয়া পৰিয়ালৰ ছাত্র-ছাত্রীসকলক সমন্বয় আৰু সম সুযোগ সুনিশ্চিত কৰাৰ বাবে পথ প্ৰদৰ্শন কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব ।

Guwahati: অন্বেষ গোষ্ঠীৰ ৯০ সংখ্যক বৈঠক কবিতাৰ দিন হিচাবে উদযাপন

Guwahati: অন্বেষ গোষ্ঠীৰ ৯০ সংখ্যক বৈঠক কবিতাৰ দিন হিচাবে উদযাপন গুৱাহাটী মহানগৰৰ পশ্চিম প্রান্তৰ ধাৰাণুৰস্থিত অগ্ৰণী সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান "অন্বেষ গোষ্ঠী"ৰ ৯০ সংখ্যক মাহিলি বৈঠকখন ৮ ডিচেম্বৰত পশ্চিম জালুকবাৰীৰ খানামুখস্থিত ৰঙাআলি সমন্বয় ক্ষেত্রত ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় । বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক পৰীক্ষিত হালৈয়ে। অন্বেষ গোষ্ঠাৰ মহিলা সদস্য সকলে পৰিবেশন কৰা অন্বেষ সংগীত আৰু ধীৰেশ্বৰ দাসৰ বৰগীতেৰে মুকলি হোৱা বৈঠকখনৰ আদৰণি ভাষণ দিয়ে ৰঙাআলি সমন্বয় ক্ষেত্রব হৈ মহেশ্বৰ লহকৰে। বিগত ৮৯ সংখ্যক বৈঠকৰ চমু কাৰ্য্যবিৱৰণী পাঠ কৰে সহকাৰী সম্পাদক অতুল কলিতাই । বৈঠকত স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে - বাণীকান্ত গোহমী, ডঃ নলিনীকান্ত শর্মা, নিতা কলিতা, মামণি হাজৰিকা , জিতেন চন্দ্র দাস, নিজৰা বৰুৱা কলিতা, লক্ষ্মণ পাঠক, অর্পনা ডেকা, কুঞ্জলতা মেধি, মনালিছা দেবী, সোমা দাস, বিজুমণি বৰা কলিতা, মনোমতী অধিকাৰী, দীপিকা কলিতা, আবুল হুছেইন, ৰূপালী বর্মন, নীলিমা দত্ত, মনোবালা যখোৰীয়া বৈশ্য, ফুলমতী বৈশ্য, ড০ গীতা বর্মন, কমলেন্দ্র নাথ ঠাকুৰীয়া, জ্যোৎস্না মালাকাৰ, কৃষ্ণা চৌধুৰী আদিয়ে । আনহাতে পাঠ কৰা কবিতা সমূহৰ পৰ্য্যালোচনা আগবঢ়াই লেখিকা মণিৰূপা মিশ্ৰই। বৈঠকত ডঃ প্রদীপ কলিতা, পৰেশ হালৈ, নাৰায়ণ বৈশ্যই ভাষণ প্ৰদান কৰে । ইয়াৰ উপৰিও অতুল মেধী, ড০ দুর্গাচৰণ কলিতা, বদন কলিতা, কনমাণি নিভম হালৈ, কৃধানী কাশ্যাপ, দ্বিপেন কাকতিয়ে গীত পৰিবেশন কৰে। নৃপেন তালুকদাৰে বাদ্য সংগত কৰে। জাতীয় সংগীত পৰিবেশনৰে বৈঠকৰ সামৰণি পৰে ।
Guwahati: অন্বেষ গোষ্ঠীৰ ৯০ সংখ্যক বৈঠক কবিতাৰ দিন হিচাবে উদযাপন

গুৱাহাটী মহানগৰৰ পশ্চিম প্রান্তৰ ধাৰাণুৰস্থিত অগ্ৰণী সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান “অন্বেষ গোষ্ঠী”ৰ ৯০ সংখ্যক মাহিলি বৈঠকখন ৮ ডিচেম্বৰত পশ্চিম জালুকবাৰীৰ খানামুখস্থিত ৰঙাআলি সমন্বয় ক্ষেত্রত ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় । বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক পৰীক্ষিত হালৈয়ে। অন্বেষ গোষ্ঠাৰ মহিলা সদস্য সকলে পৰিবেশন কৰা অন্বেষ সংগীত আৰু ধীৰেশ্বৰ দাসৰ বৰগীতেৰে মুকলি হোৱা বৈঠকখনৰ আদৰণি ভাষণ দিয়ে ৰঙাআলি সমন্বয় ক্ষেত্রব হৈ মহেশ্বৰ লহকৰে। বিগত ৮৯ সংখ্যক বৈঠকৰ চমু কাৰ্য্যবিৱৰণী পাঠ কৰে সহকাৰী সম্পাদক অতুল কলিতাই । বৈঠকত স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে – বাণীকান্ত গোহমী, ডঃ নলিনীকান্ত শর্মা, নিতা কলিতা, মামণি হাজৰিকা , জিতেন চন্দ্র দাস, নিজৰা বৰুৱা কলিতা, লক্ষ্মণ পাঠক, অর্পনা ডেকা, কুঞ্জলতা মেধি, মনালিছা দেবী, সোমা দাস, বিজুমণি বৰা কলিতা, মনোমতী অধিকাৰী, দীপিকা কলিতা, আবুল হুছেইন, ৰূপালী বর্মন, নীলিমা দত্ত, মনোবালা যখোৰীয়া বৈশ্য, ফুলমতী বৈশ্য, ড০ গীতা বর্মন, কমলেন্দ্র নাথ ঠাকুৰীয়া, জ্যোৎস্না মালাকাৰ, কৃষ্ণা চৌধুৰী আদিয়ে । আনহাতে পাঠ কৰা কবিতা সমূহৰ পৰ্য্যালোচনা আগবঢ়াই লেখিকা মণিৰূপা মিশ্ৰই। বৈঠকত ডঃ প্রদীপ কলিতা, পৰেশ হালৈ, নাৰায়ণ বৈশ্যই ভাষণ প্ৰদান কৰে । ইয়াৰ উপৰিও অতুল মেধী, ড০ দুর্গাচৰণ কলিতা, বদন কলিতা, কনমাণি নিভম হালৈ, কৃধানী কাশ্যাপ, দ্বিপেন কাকতিয়ে গীত পৰিবেশন কৰে। নৃপেন তালুকদাৰে বাদ্য সংগত কৰে। জাতীয় সংগীত পৰিবেশনৰে বৈঠকৰ সামৰণি পৰে ।

State: দুৰ্যোগ স্থিতিস্থাপকতাৰ লক্ষ্যৰে যুৱক-যুৱতীসকলৰ সবলীকৰণ শীৰ্ষক ৰাজ্যিক সন্মিলন গুৱাহাটীত

দুৰ্যোগ স্থিতিস্থাপকতাৰ লক্ষ্যৰে যুৱক-যুৱতীসকলৰ সবলীকৰণ শীৰ্ষক ৰাজ্যিক সন্মিলন গুৱাহাটীত
দুৰ্যোগ স্থিতিস্থাপকতাৰ লক্ষ্যৰে যুৱক-যুৱতীসকলৰ সবলীকৰণ শীৰ্ষক ৰাজ্যিক সন্মিলন গুৱাহাটীত

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা (বি কে বি) প্ৰেক্ষাগৃহত “স্থিতিস্থাপক ভৱিষ্যতৰ লক্ষ্যৰে নব-প্ৰজন্মৰ সবলীকৰণ” শীৰ্ষক দুদিনীয়া ৰাজ্যিক অধিৱেশন উদ্বোধন কৰা হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আয়োজন কৰা এই অনুষ্ঠানৰ লক্ষ্য হৈছে যুৱক-যুৱতী আৰু সমাজৰ স্বেচ্ছাসেৱকসকলক দুৰ্যোগৰ বিঘিনিৰ সন্মুখীন হ’বলৈ দক্ষ কৰা আৰু তৃণমূল পৰ্যায়ত স্থিতিস্থাপকতা বৃদ্ধি কৰা।
অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাই এই অধিৱেশন উদ্বোধন কৰি প্ৰাকৃতিক আৰু মানৱ প্ৰৰোচিত দুৰ্যোগৰ প্ৰভাৱ কম কৰিবলৈ বহনক্ষম জীৱন-যাপন আৰু দুৰ্যোগৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। মানুহ, জীৱ-জন্তু আৰু পৰিৱেশ তন্ত্ৰৰ বাবে এক সুৰক্ষিত ভৱিষ্যত গঢ়ি তুলিবলৈ ইতিমধ্যে হৈ যোৱা দুৰ্যোগৰ সমূহৰ পৰা শিক্ষা গ্ৰহণ কৰি তাৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠান উপলক্ষে আয়োজিত প্ৰদৰ্শনী এখনো মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে।
এ.এছ.ডি.এম.এৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে কয় যে আপদা মিত্ৰ, চাৰ্কল লেভেল কুইক ৰেচপন্স টিম (চি কিউ আৰ টি)ৰ দৰে পদক্ষেপৰ জৰিয়তে যুৱ সঁহাৰিদাতাসকলক সবলীকৰণ কৰা, আৰু দুৰ্যোগৰ বাবে প্ৰস্তুতি বিদ্যালয়ৰ পাঠ্যক্ৰমত একত্ৰিত কৰাটো এক অগ্ৰাধিকাৰ। তেওঁ জোৰ দি কয় যে প্ৰশিক্ষিত যুৱক-যুৱতীসকলে জৰুৰীকালীন অৱস্থাত নিজৰ সম্প্ৰদায়ত প্ৰথম সঁহাৰিদাতা আৰু পৰিৱৰ্তনৰ এজেণ্ট হিচাপে কাম কৰিব পাৰে।
গৌহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননিগোপাল মহন্তই মুখ্য ভাষণত পৰম্পৰাগত পদ্ধতিসমূহক দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আধুনিক কৌশলৰ সৈতে মিহলি কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ অসমৰ ইতিহাসৰ উদাহৰণ দি, যেনে মিছিং জনগোষ্ঠীৰ বান-প্ৰতিৰোধী “চাং ঘৰ” আৰু ভাসমান চিকিৎসালয়ৰ দৰে বহনক্ষম পদক্ষেপ, স্থানীয় সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ।
আই আই টি গুৱাহাটীৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰৰ মুৰব্বী অৰুণাসী চক্ৰৱৰ্তীয়ে ২০২৩ চনত হিমালয় অঞ্চলত হোৱা ভয়াৱহ বানপানীৰ ওপৰত আলোকপাত কৰি শিক্ষাক দুৰ্যোগৰ প্ৰস্তুতিৰ সৈতে সংযোগ কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে বিশ্বজুৰি ১২ বিলিয়ন যুৱক দুৰ্যোগৰ আশংকাৰ সন্মুখীন হৈছে, যাৰ ফলত তেওঁলোকৰ প্ৰশিক্ষণ আৰু সজাগতা এক স্থিতিস্থাপক ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ।
এই কাৰ্যসূচীৰ সময়ত গৰ্লোছাই এম্পাৱাৰিং নেক্সট জেনেৰেচন ফৰ এ ৰেজিলিয়েণ্ট ফিউচাৰ শীৰ্ষক এখন কফি টেবুল বুক মুকলি কৰে। এই অনুষ্ঠানত জিলা প্ৰকল্প বিষয়া, ক্ষেত্ৰ বিষয়া, ৪০ জন শীৰ্ষ প্ৰদৰ্শনকাৰী আপদা মিত্ৰ স্বেচ্ছাসেৱক, আৰু ৬১ জন চিকিউআৰটি প্ৰতিনিধিয়ে জ্ঞান বিনিময় আৰু সামৰ্থ্য বিকাশৰ সুবিধা প্ৰদান কৰে।
কেৰেলা, কৰ্ণাটক, ওড়িশা, ছিকিমকে ধৰি ১০খন ৰাজ্যৰ প্ৰতিনিধিয়ে অধিৱেশনৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে তেওঁলোকৰ উত্তম পদ্ধতি আৰু উদ্ভাৱনীমূলক আৰ্হিসমূহ শ্বেয়াৰ কৰে। এ এছ ডি এম এৰ মূল কাৰ্যসূচী যেনে চি কিউ আৰ টি, ডি ডি আৰ এফ, সঞ্জীৱনী মহিলা কেডাৰ, আৰু কমিউনিটি ৰেচপন্স পৰ্টেল আদিও প্ৰদৰ্শন কৰা হয়।
এই সন্মিলনে জনগোষ্ঠীৰ অংশগ্ৰহণ, পৰম্পৰাগত জ্ঞান, আৰু উদ্ভাৱনী পদ্ধতিৰ লাভ উঠাই দুৰ্যোগ প্ৰতিৰোধী অসম গঢ়ি তোলাৰ বাবে এ এছ ডি এম এৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Watch: বিশ্বৰ আটাইতকৈ দামী ঘড়ী “গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন”

বিশ্বৰ আটাইতকৈ দামী ঘড়ী "গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন" ব্ৰিটেইনৰ গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন হৈছে বিশ্বৰ আটাইতকৈ দামী ঘড়ী। গ্ৰাফ ডাইমণ্ডছৰ দূৰদৰ্শী অধ্যক্ষ লৰেন্স গ্ৰাফে প্ৰথমে এই ঘড়ীটোৰ কল্পনা কৰিছিল। এই ঘড়ীটো প্লেটিনাম ব্ৰেচলেটত ১১০ কেৰেট মাল্টি ৰঙীন হীৰাৰে তৈয়াৰ কৰা হৈছে। প্ৰতিটো হীৰা বেলেগ বেলেগ আকৃতিত কাটি দিয়া হয়। ফেশ্বনৰ জগতখনত এই ঘড়ীটো আভিজাত্যৰ এক অনন্য প্ৰতীক। ২০১৪ চনত চুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বেচেলৱৰ্ল্ড প্ৰদৰ্শনীত প্ৰথমবাৰৰ বাবে এই ঘড়ীটো উন্মোচন কৰা হৈছিল। যিসকলে ঝলমলীয়া আৰু আকৰ্ষণীয় ঘড়ী ভাল পায় তেওঁলোকৰ বাবে গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন আদৰ্শ। ইয়াৰ মূল্য ৫ কোটি ৫ মিলিয়ন ডলাৰ (৬৫৮ কোটি ২৪ লাখ ২৭ হাজাৰ ৫০০ টকা)।
বিশ্বৰ আটাইতকৈ দামী ঘড়ী "গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন"

ব্ৰিটেইনৰ গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন হৈছে বিশ্বৰ আটাইতকৈ দামী ঘড়ী। গ্ৰাফ ডাইমণ্ডছৰ দূৰদৰ্শী অধ্যক্ষ লৰেন্স গ্ৰাফে প্ৰথমে এই ঘড়ীটোৰ কল্পনা কৰিছিল। এই ঘড়ীটো প্লেটিনাম ব্ৰেচলেটত ১১০ কেৰেট মাল্টি ৰঙীন হীৰাৰে তৈয়াৰ কৰা হৈছে। প্ৰতিটো হীৰা বেলেগ বেলেগ আকৃতিত কাটি দিয়া হয়। ফেশ্বনৰ জগতখনত এই ঘড়ীটো আভিজাত্যৰ এক অনন্য প্ৰতীক।

২০১৪ চনত চুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বেচেলৱৰ্ল্ড প্ৰদৰ্শনীত প্ৰথমবাৰৰ বাবে এই ঘড়ীটো উন্মোচন কৰা হৈছিল। যিসকলে ঝলমলীয়া আৰু আকৰ্ষণীয় ঘড়ী ভাল পায় তেওঁলোকৰ বাবে গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন আদৰ্শ। ইয়াৰ মূল্য ৫ কোটি ৫ মিলিয়ন ডলাৰ (৬৫৮ কোটি ২৪ লাখ ২৭ হাজাৰ ৫০০ টকা)।

World: ছি*ৰিয়াৰ ১ কোটি ৬০ লাখ লোকক জৰুৰী সাহায্যৰ প্ৰয়োজন: অ’চিএইচএই

Syria: ছিৰিয়াৰ ১ কোটি ৬০ লাখ লোকক জৰুৰী সাহায্যৰ প্ৰয়োজন: অ’চিএইচএই ছিৰিয়াৰ ১ কোটি ৬০ লাখ লোকক সাহায্যৰ জৰুৰী প্ৰয়োজন বুলি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাই মানৱীয় পৰিক্ৰমা সমন্বয়ৰ বাবে প্ৰকাশ কৰিছে। সোমবাৰে (৯ ডিচেম্বৰ) এক প্ৰতিবেদনত এই তথ্যসমূহ প্ৰদান কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ তথ্য অনুসৰি কেৱল ২৮ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত পশ্চিম আৰু উত্তৰ-পশ্চিম ছিৰিয়াৰ পৰা ১০ লাখ লোক স্থানচ্যুত হৈছিল। অধিক আশ্ৰয়, খাদ্য আৰু অনাময় ব্যৱস্থাৰ জৰুৰী প্ৰয়োজন। ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ মতে, শেহতীয়াকৈ মহিলা আৰু শিশুসকলক মূলতঃ আলেপ্পো, হামা, হোমছ, ইডলিবৰ পৰা স্থানচ্যুত কৰা হৈছে। তাত পৰিস্থিতি অত্যন্ত অস্থিৰ আৰু বিগত কিছুদিনত বহু লোক ঘৰলৈ উভতি অহাৰ খবৰ আহিছে। পৰিবহণ ব্যৱস্থাৰ পতনৰ ফলত সীমিত সংখ্যক লোকে যোগান আৰু মানৱীয় সাহায্যৰ বাবে হেতা-ওপৰা লগাইছে।
Syria: ছিৰিয়াৰ ১ কোটি ৬০ লাখ লোকক জৰুৰী সাহায্যৰ প্ৰয়োজন: অ’চিএইচএই

ছি*ৰিয়াৰ ১ কোটি ৬০ লাখ লোকক সাহায্যৰ জৰুৰী প্ৰয়োজন বুলি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাই মানৱীয় পৰিক্ৰমা সমন্বয়ৰ বাবে প্ৰকাশ কৰিছে।

সোমবাৰে (৯ ডিচেম্বৰ) এক প্ৰতিবেদনত এই তথ্যসমূহ প্ৰদান কৰিছে।

ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ তথ্য অনুসৰি কেৱল ২৮ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত পশ্চিম আৰু উত্তৰ-পশ্চিম ছি*ৰিয়াৰ পৰা ১০ লাখ লোক স্থানচ্যুত হৈছিল। অধিক আশ্ৰয়, খাদ্য আৰু অনাময় ব্যৱস্থাৰ জৰুৰী প্ৰয়োজন।

ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ মতে, শেহতীয়াকৈ মহিলা আৰু শিশুসকলক মূলতঃ আলেপ্পো, হামা, হোমছ, ইডলিবৰ পৰা স্থানচ্যুত কৰা হৈছে। তাত পৰিস্থিতি অত্যন্ত অস্থিৰ আৰু বিগত কিছুদিনত বহু লোক ঘৰলৈ উভতি অহাৰ খবৰ আহিছে।

পৰিবহণ ব্যৱস্থাৰ পতনৰ ফলত সীমিত সংখ্যক লোকে যোগান আৰু মানৱীয় সাহায্যৰ বাবে হেতা-ওপৰা লগাইছে।