Home Blog Page 426

Cabinet Ministers: আজি কলাক্ষেত্রত চাৰি মন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠান

Cabinet Ministers: আজি কলাক্ষেত্রত চাৰি মন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠান
Cabinet Ministers: আজি কলাক্ষেত্রত চাৰি মন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠান

আজি শপত গ্ৰহণ কৰিব ৪ নতুন মন্ত্ৰীয়ে।(Cabinet Ministers)

মন্ত্ৰী হিচাপে শপত ল’ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে৷(Prasanta Phookan, Kaushik Rai, Krishnendu Paul, Rupesh Goala)

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য।

মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে কামাখ্যা মন্দিৰত ৩ বিধায়ক উপস্থিত।

মা কামাখ্যাৰ আশিস ল’লে কৌশিক ৰায়, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পালে।


Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ ‘একক চিত্ৰ প্ৰদৰ্শনী’

Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ ‘একক চিত্ৰ প্ৰদৰ্শনী’
Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ ‘একক চিত্ৰ প্ৰদৰ্শনী’

গুৱাহাটী, ৬ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক ভাল পোৱা স্ব-শিক্ষিত শিল্পী ড০ পুষ্প গগৈৰ(Dr. Pushpa Gogoi) একক চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি আছে।(Solo Painting Exhibition) বুধবাৰে বিয়লি চাৰি বজাত আৰম্ভ হোৱা চিত্ৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) সচিব সুদৰ্শন ঠাকুৰে।

প্ৰকৃতিয়ে মানুহ, মানুহেই প্ৰকৃতিঃ চিত্ৰশিল্পী ড০ পুষ্প গগৈ

আৰম্ভণি অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড০ শচীন্দ্ৰ কুমাৰ বৰঠাকুৰ, দিলীপ তামুলী, শোভাকৰ লস্কৰ আৰু অতুল চন্দ্ৰ বৰুৱাই বক্তব্য ৰাখে। ড০ পুষ্প গগৈৰ একক চিত্ৰ প্ৰদৰ্শনীখন থানেশ্বৰ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে দ্বাৰ মুকলি কৰা হয়। ১০ ডিচেম্বৰলৈকে চলিবলগীয়া একক চিত্ৰ প্ৰদৰ্শনীখন শিল্পী মনেশ্বৰ ব্ৰহ্মৰ নামত উৎসৰ্গা কৰিছে চিত্ৰশিল্পী ড০ পুষ্প গগৈয়ে।

বিভিন্ন স্থানত কৰ্মসূত্ৰে লাভ কৰা অভিজ্ঞতাই শিল্পীগৰাকীক চিত্ৰ অংকণত বিষয় নিৰ্বাচনত সহজ কৰি তোলে। বৰ্তমান ধেমাজিত নিগাজিকৈ থকা শিল্পীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি থকা একক চিত্ৰ প্ৰদৰ্শনীখনত বিভিন্ন বিষয়ত তুলি ধৰা ৯২খন চিত্ৰ দৰ্শকক বাবে প্ৰদৰ্শন কৰিছে।

১৯৪৭ চনত ধেমাজিত জন্মগ্ৰহণ কৰা ড০ পুষ্প গগৈয়ে ধেমাজি হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজৰ পৰা বি এছ চি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ড০ শশীন্দ্ৰ কুমাৰ বৰঠাকুৰৰ তত্বাৱধানত ‘উত্তৰ-পূৰ্বাঞ্চল তাই খামতিসকলৰ লোক উদ্ভিদ বিজ্ঞান’ বিষয়ত পি এইচ ডি লোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় পাঠ্যপুথি প্ৰণয়ন বিভাগৰ চিত্ৰ শিল্পী হিচাপেও কৰ্মজীৱন আৰম্ভ কৰে।(Thailand)

বিভিন্ন চৰকাৰী কাৰ্যালয়ত দায়িত্ব পালন কৰাৰ পিছত ধেমাজি মহাবিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে ২০০৬ চনত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে গাৰো হিলছ জিলাত মেঘালয় কৃষি বিভাগত প্লেণ্ট প্ৰটেকচন ইন্সপেক্টৰ হিচাপেও দায়িত্ব পালন কৰিছিল। ধেমাজিৰ পলসুৱা মাটিৰ সোণসেৰীয়া সুৱাসৰ মতলীয়া পৰিৱেশত ছবি অংকণ কৰাৰ অভিজ্ঞতা অভিনৱ।(ASEAN)

শিল্পীগৰাকীয়ে বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰাই ছবি অংকণ কৰি বিভিন্ন সময়ত বহু ঠাইত কৰি আহিছে। চিত্ৰ-ভাস্কৰ্য, নাটক, সংগীতৰ এক শিল্প কলা গোষ্ঠী এভাৰগ্ৰীণ আৰ্টিষ্ট এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক সম্পাদক, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু পিছলৈ সভাপতি, ‘কিংখাপ’ৰ প্ৰতিষ্ঠাপক সম্পাদক, লোক অভিজ্ঞান সমাজ আৰু জনজাতি আৰু অন্য জনগোষ্ঠী গৱেষণা কেন্দ্ৰ ‘উত্তৰ-পূৰ্বাঞ্চল তাই’ৰ সঞ্চালক, ধেমাজিত ১৯৭৭ চনত প্ৰতিষ্ঠা কৰা সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণি একাংক নাট প্ৰতিযোগিতাৰ প্ৰতিষ্ঠাপক আৰু পিছলৈ উপদেষ্টা, অসম নাট্য সন্মিলনৰ ধেমাজি শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক, অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য, জাৰ্মানীৰ বাৰ্লিনৰ পৰা প্ৰকাশিত গৱেষণামূলক জাৰ্নেল ‘তাই কালচাৰ’ৰ উপদেষ্টা-সদস্যৰ লগতে অসম সাহিত্য সভাৰ কেইবাবাৰো কাৰ্যকৰী সদস্যৰ দায়িত্ব পালন কৰে।

১৯৭৭ চনত স্থাপন কৰা ধেমাজি কলা মন্দিৰৰ প্ৰতিষ্ঠাপক সম্পাদক, সন্মিলিত সাহিত্য সভা মঞ্চৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে তাই গৱেষণাৰ বাবে চীন, থাইলেণ্ডকে ধৰি বিভিন্ন স্থানলৈ আন্তৰ্জাতিক আলোচনা চক্ৰত যোগদান কৰাৰ লগতে উদ্ভিদ বিজ্ঞানৰ লোক উদ্ভিদ বিজ্ঞান বিভাগ অথবা বনৌষধি পৰম্পৰাৰ বিভিন্ন ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰত যোগদান, ডকুমেেণ্টৰী, নাটৰ লগতে অন্যান্য কলা, সাহিত্য, সংস্কৃতিৰ বিভিন্ন সংগঠনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱাৰ লগতে বহু সামাজিক কামো কৰি আহিছে।

কটন মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সময়তেই ছবি অঁকাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি জ্যেষ্ঠসকলৰ লগতে শিক্ষাগুৰু আৰু বহুকেইগৰাকী কলাৰ গুৰুৰ পৰা প্ৰশংসা আৰু আশীৰ্বাদ লাভ কৰা ড০ গগৈয়ে ১৯৭৩ চনত গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ভৱনত প্ৰথমবাৰৰ বাবে একক চিত্ৰ প্ৰদৰ্শনীৰে কলামোদীৰ মন-প্ৰাণ জয় কৰিবলৈ সক্ষম হয়।

গুৱাহাটীৰ ৰাজ্যিক কলা বিথিকা তথা অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত ১৯৮২ চনত আৰু দ্বিতীয়বাৰৰ বাবে ১৯৮৬ চনত একক প্ৰদৰ্শনী আয়োজন কৰাৰ লগতে ২০০৩ চনত ধেমাজিৰ কিংখাপ আৰ্ট গেলেৰীত, ধেমাজিৰ কবি গোষ্ঠী ‘আৰ্চি’ৰ উদ্যোগত ২০০৫ চনত ধেমাজি প্ৰেছ ক্লাব ভৱনত, শিল্পীগৰাকীৰ ৬২সংখ্যক জন্মদিনত অভিনন্দন গ্ৰন্থ উন্মোচনৰ লগতে ২০০৯ চনত জিলা সাহিত্য সভা আৰু কিংখাপৰ উদ্যোগত ধেমাজি কিংখাপ আৰ্ট গেলেৰীত একক চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰে।

আনহাতে, ৰাজ্যৰ লগতে বিভিন্ন স্থানত দলীয় চিত্ৰ প্ৰদৰ্শনীতো শিল্পীগৰাকীৰ চিত্ৰ প্ৰদৰ্শন কৰা হয়। ১৯৮৫ চনত শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজ, ১৯৬৬ চনত কমল বাইলুঙৰ সৈতে ধেমাজি সাহিত্য সভাৰ উদ্যোগত ধেমাজি প্ৰমোদ ভৱনত, ১৯৬৮ চনত বি বৰুৱা মহাবিদ্যালয়ত, অমূল্য বৰুৱাৰ সৈতে ১৯৬৯ চনত কটন মহাবিদ্যালয়ত, ১৯৭০ আৰু ১৯৭১ চনত কটন মহাবিদ্যালয়ত দলীয় বাৰ্ষিক প্ৰদৰ্শনী, ১৯৭২ আৰু ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত দলীয় বাৰ্ষিক প্ৰদৰ্শনী, ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ প্ৰদৰ্শনী, ১৯৭৪ চনত অসম ফাইন আৰ্ট এণ্ড ছ’চাইটিত (গুৱাহাটী) আয়োজিত শিল্প কৰ্মশালাত, মেঘালয় কৃষি বিভাগৰ তুৰাত কৃষি মেলাত, ৰবীন্দ্ৰ ভৱনত অসম শিল্পীসকলৰ দলীয় চিত্ৰ প্ৰদৰ্শনী আৰু ইন্দ্ৰ কোচৰ সৈতে চিত্ৰ প্ৰদৰ্শনী, ডিব্ৰুগড়, লখিমপুৰ, বিশ্বনাথ চাৰিআলিকে ধৰি বহু স্থানত দলীয়ভাৱে চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ লগতে অসম সাহিত্য সভাৰ উদ্যোগত অসম ষ্টেট আৰ্ট গেলেৰীত চিত্ৰ প্ৰদৰ্শন কৰে।

চীনৰ কুনমিঙত অনুষ্ঠিত কৰ্মশালাত যোগদান কৰাৰ লগতে বেংককৰ থাইলেণ্ড কালচাৰ কমিচনৰ দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ লগতে মিজোৰাম, নগালেণ্ড, মণিপুৰ, অৰুণাচল, বেংকক, চীন, বাৰ্লিন, কিংখাপ আৰ্ট গেলেৰীৰ লগতে অসমৰ বিভিন্ন স্থানত ব্যক্তিগত সংৰক্ষণত শিল্পীগৰাকীৰ চিত্ৰ সংৰক্ষণ কৰা হৈছে। শিল্পীগৰাকীয়ে বহুকেইখন গ্ৰন্থ ৰচনা কৰাৰ লগতে ‘পাৱেল ক্লেৰ অন মডাৰ্ণ আৰ্ট’ গ্ৰন্থখন অনুবাদ কৰিছিল।

১৯৮১ চনত অসম সাহিত্য সভাই তেওঁ ৰচনা কৰা চিত্ৰ সম্পৰ্কীয় গ্ৰন্থ ‘আধুনিক পাশ্চাত্য চিত্ৰ শৈলী’, চুম্‌ফ্ৰা প্ৰকাশনৰ ‘প্ৰসংগ চিত্ৰকলা’, ‘চিত্ৰকলাৰ শিক্ষা’, আধুনিক পাশ্চাত্য চিত্ৰ শৈলী (বৰ্ধিত সংস্কৰণ)’, ‘অসমৰ আধুনিক শিল্পকলাৰ ইতিহাস ঃ এক ৰেঙণি’, ‘শিল্পকলাৰ কথা’ প্ৰকাশ হৈছে। ইতিমধ্যে বিভিন্ন প্ৰকাশিত অন্যান্য গ্ৰন্থবোৰৰ ভিতৰত ‘আহোম যুগৰ ভাস্কৰ্য্য আৰু স্থাপত্য’, ‘থাইলেণ্ড এখন তাই দেশ চাই আহিলোঁ’, ‘চ্যুকাফা য’ৰ পৰা আহিছিল’ (শ্বান ৰাজ্য ভ্ৰমণ), উপন্যাস ‘মনালিছা’, ‘চাও-লুং-চ্যুকাফা’, সম্পাদনা ‘তাই সংস্কৃতি’, নাট সংকলন ‘দৰবাৰী ৰাগৰ মুৰ্চনা’, নোমল গগৈৰ সৈতে ভাবানুবাদ ‘পাক পেঞকাকা— আহোম সৃষ্টিৰ তত্ব কথা’, ‘আহোম বুৰঞ্জী’, ‘পাখি লগা সিংহ’, ‘তাই ভাষা আৰু সাহিত্য’, চীনা ভাষাৰ পৰা অনুবাদ ‘ম্যুং মাওৰ বুৰঞ্জী’, ড০ অন্য জ্যোতি গগৈৰ সৈতে যুটীয়াকৈ ‘বহু ব্যৱহৃত বনৌষধ’ প্ৰণয়ন।

ইতিমধ্যে বহু বঁটাৰ লগতে সম্বৰ্ধনা গ্ৰহণ কৰা শিল্পীগৰাকীয়ে বিশেষকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা চ্যুকাফা বঁটা লাভ কৰাৰ লগতে অসম চৰকাৰৰ সাহিত্য আৰু শিল্পী পেন্সনপ্ৰাপকো। বিভিন্ন ঠাই ঘূৰি ভাল পোৱা শিল্পীগৰাকীয়ে থাইলেণ্ড, দক্ষিণ-পূব এছিয়া, লাওচ, ম্যানমাৰ, উত্তৰ ভিয়েটনাম, চীন, য়ুন্‌নাম প্ৰদেশ, ভূটান আৰু নেপাল ভ্ৰমণ কৰিছে।

শিল্পীগৰাকীয়ে কেৱল চিত্ৰ অংকণতেই ব্যস্ত নাথাকি তথ্য চিত্ৰ আৰু ছবি নিৰ্মাণতো সমানে গুৰুত্ব দি আহিছে। পদ্মনাথ গোহাঞিবৰুৱাৰ জীৱনৰ আধাৰত তথ্য চিত্ৰ নিৰ্মাণ কৰাৰ লগতে এৰাতিৰ কাহিনীও নিৰ্মাণ কৰিছিল। দূৰদৰ্শনৰ বিভিন্ন তথ্য চিত্ৰৰ স্কীপ্ট লিখাৰ লগতে থাইলেণ্ডৰ বিভিন্ন তথ্যচিত্ৰৰ নিৰ্দেশক হিচাপেও কাম কৰিছে। তাই আহোমৰ বিভিন্ন বিষয় সামৰি এখন তথ্য চিত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা শিল্পীগৰাকীয়ে নৱবৰ্ষত চিত্ৰ প্ৰদৰ্শনৰ বাবে পুনৰ থাইলেণ্ডলৈ যোৱাৰ আঁচনিও যুগুত কৰিছে।

Dark Chocolate: চকলেট খাই ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখক! কিন্তু এটা কথা মনত ৰাখিব

Dark Chocolate
Dark Chocolate

যদি আপুনি চকলেট খাই ভালপাই, তেন্তে এই খবৰটো আপোনাৰ বাবে। শেহতীয়াকৈ আমেৰিকাৰ এক অধ্যয়ন অনুসৰি সপ্তাহত পাঁচবাৰ ডাৰ্ক চকলেট খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।(Dark Chocolate)আনহাতে অত্যধিক মিল্ক চকলেট খালে ওজন বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে ফ্লেভানল (প্ৰাকৃতিক যৌগ) থাকে, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি আৰু ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। কিন্তু চকলেট আৰু টাইপ-২ ডায়েবেটিছৰ সম্পৰ্কৰ ওপৰত এতিয়ালৈকে কৰা গৱেষণাৰ ফলাফল নিৰ্ণায়ক হোৱা নাই।(type 2 diabetes)

ডাৰ্ক চকলেট খোৱাসকলৰ বিপদ কম-
যেতিয়া ডাৰ্ক আৰু মিল্ক চকলেটৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, তেতিয়া দেখা গৈছিল যে ডাৰ্ক চকলেট খোৱাসকলৰ ক্ষেত্ৰত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা ২১% হ্ৰাস পোৱাৰ বিপৰীতে মিল্ক চকলেট খোৱাসকলৰ ক্ষেত্ৰত এনে কোনো প্ৰভাৱ দেখা নগ’ল।

Farmers Protest: কৃষক বিদ্ৰোহত উত্তপ্ত পাঞ্জাৱ-হাৰিয়ানা! আজিৰে পৰা ‘দিল্লী চলো’ অভিযান

Farmers Protest
Farmers Protest

আজি শম্ভূ সীমান্তৰ পৰা প্ৰতিবাদী কৃষকৰ ‘দিল্লী চলো’ অভিযান। দিনৰ ১ বজাত প্ৰতিবাদী কৃষকৰ ১০১জনীয়া প্ৰথমটো দলে যাত্ৰা কৰে। ভূমি অধিগ্ৰহণ আইনৰ আসোঁৱাহ দূৰ কৰাৰ দাবীত এই বিক্ষোভ।(Farmers Protest)

যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰাই শম্ভূ সীমান্তত বিক্ষোভ অব্যাহত ৰাখিছে কৃষকে। কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী। ইফালে আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ প্ৰশাসন।

শম্ভূ সীমান্তত ১৪৪ ধাৰা জাৰি, ব্যাপক সংখ্যক CRPF জোৱান নিয়োগ। আম্বালাত দিনটোৰ বাবে প্ৰশাসনে বন্ধ কৰিছে সকলো শিক্ষানুষ্ঠান।

কৃষক বিদ্ৰোহত উত্তপ্ত এতিয়া পাঞ্জাৱ-হাৰিয়ানা সীমান্ত। প্ৰতিবাদকাৰী কৃষকক লক্ষ্য কৰি ধাৰাবাহিকভাৱে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ।

হাৰিয়ানা সীমান্তত বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰী কৃষকৰ। আটক এজন প্ৰতিবাদী কৃষক। উল্লেখ্য, আজি শম্ভূ সীমান্তৰ পৰা প্ৰতিবাদী কৃষকৰ ‘দিল্লী চলো’ অভিযান।(Haryana-Punjab Shambhu Border)

ইতিমধ্যে প্ৰতিবাদী কৃষকৰ ১০১জনীয়া প্ৰথমটো দলৰ যাত্ৰা আৰম্ভ। ভূমি অধিগ্ৰহণ আইনৰ আসোঁৱাহ দূৰ কৰাৰ দাবীত এই বিক্ষোভ।

Cough: শীতকালত ঘৰতে কাহৰ সমস্যা সমাধান কৰক

Cough
Cough

শীতকালত ঋতু পৰিবৰ্তনৰ বাবে কাহৰ লগতে জ্বৰ বা ভাইৰাছৰ সংক্ৰমণ হয়। কাহৰ সমস্যা সহজে সমাধান নহয়। কিন্তু কাহে দৈনন্দিন কাম-কাজতো বাধা দিয়ে। আনহাতে শীতকালীন কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চিৰাপ খাই। সেই চিৰাপ খোৱাৰ পিছতো বহুতৰে আকৌ টোপনি আহে। কেতিয়াবা কেতিয়াবা চিৰাপ খালেও কাহৰ সমস্যা সমাধান নহয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱা উপায়ৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰে।(Cough)

ঘৰুৱা উপায় সমূহ হৈছে-(Home Remedies for Cough)

১) এগিলাচ গৰম পানীত দুচামুচ মৌ, আধা চামুচ নেমুৰ ৰস আৰু অলপ আদাৰ ৰস মিহলাই দিনটোত কমেও দুই-তিনিবাৰ খালে শুকান কাহৰ পৰা সকাহ পাব।

২) এটুকুৰা আদাত নিমখ মিহলাই খালে কাহ কমিব পাৰে।

৩) দিনটোত দুবাৰমান মৌ খালে কাহৰ সমস্যা সমাধান হ’ব।

৪)চৰ্দি, কাহ আৰু ডিঙিৰ বিষ আৰু কৰ্কট কাহৰ ঋতুৰ পৰিৱৰ্তনৰ পৰা উপশম পাবলৈ লং মুখত ৰাখিব পাৰে।

৫) ডিঙিৰ বিষত কাহ হলে অলপ হালধি গৰম গাখীৰৰ লগত মিহলাই খাব পাৰে। নিয়মিতভাৱে এই পানীয় খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু কাহৰ পৰা উপশম পায়।

৬) কাহ হলে তুলসীৰ পাত চোবাই খাব লাগে। চাহৰ লগত তুলসী পাত মিহলাইও খাব পাৰে। তুলসীৰ পাতে কাহক অতি সোনকালে আৰোগ্য কৰে।

৭) বহু লোকৰ কাহৰ লগতে ডিঙিৰ বিষ হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে নিমখ আৰু কুহুমীয়া পানীৰে গাৰ্গল কৰিবলৈ পৰামৰ্শ দিয়ে। কাহ কমোৱাৰ বাবে এই ঘৰুৱা উপায় অতি উপযোগী।

Gunotsav: গুণোৎসৱৰ দিন ঘোষণা, গুণোৎসৱৰ বাবে মুকলি নির্দিষ্ট প’র্টেল

Gunotsav
Gunotsav

৬ জানুৱাৰীৰ পৰা ৩টা পর্যায়ত হ’ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ।(Gunotsav)

চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ৩৫খন জিলা।

প্রথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ৰাজ্যৰ ১১খন জিলাত।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১৪খন জিলা।

১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।

তৃতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১০খন জিলা।

৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।

গুণোৎসৱৰ বাবে প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে নির্দিষ্ট প’র্টেল।(Ranoj Pegu)

প’টেলটো মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

APSC Results: অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উজ্বলিল দেৰগাঁৱৰ অনুৰাগ প্ৰীতম বৰবৰা

APSC Results
APSC Results

অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উজ্বলিল দেৰগাঁৱৰ অনুৰাগ প্ৰীতম বৰবৰা।(APSC Results)


APSCৰ ACS বিভাগত ১৯ নম্বৰ স্থান দখল কৰি দেৰগাঁওলৈ গৌৰৱ কঢ়িয়ালে অনুৰাগে।(Dergaon)


দেৰগাঁৱৰ ৰজাবাহৰ গাঁৱৰ সাংস্কৃতিক কৰ্মী বাসৱ বৰবৰা আৰু মাতৃ ৰূপজ্যোতি বৰবৰাৰ পুত্ৰ অনুৰাগ প্ৰীতম বৰবৰা। পুত্ৰৰ সফলতাত এতিয়া উৎফুল্লিত পিতৃ-মাতৃ আৰু পৰিয়াল বৰ্গ।

Birthday: ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা, যশপ্রীত বুমৰাহ, শ্ৰেয়ছ আয়াৰৰ জন্মদিন

Birthday
Birthday

আজি ভাৰতীয় ক্ৰিকেট দলৰ ৫জনকৈ খেলুৱৈৰ ওপজা দিন। ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা, যশপ্রীত বুমৰাহ, শ্ৰেয়ছ আয়াৰ, কৰুণ নায়াৰ, ৰূদ্ৰ প্ৰতাপ সিঙৰ আজি জন্মদিন।(Birthday)

ৰবীন্দ্ৰ জাদেজাই আজি ৩৬ সংখ্যক জন্মদিন উদযাপন কৰে।(Ravindra Jadeja)

আজি ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্রীত বুমৰাহে ৩১ সংখ্যক জন্মদিন উদযাপন কৰিছে।(Jasprit Bumrah)

আজি ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰে ৩০ সংখ্যক জন্মদিন উদযাপন কৰিছে।(Shreyas Iyer)

ইয়াৰ উপৰিও কৰুণ নায়াৰে আজি ৩৪ সংখ্যক জন্মদিন উদযাপন কৰিছে।

ৰূদ্ৰ প্ৰতাপ সিঙৰ আজি 39 সংখ্যক জন্মদিন উদযাপন কৰিছে।

Maharashtra CM Oath Ceremony: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত বহু বলীউডৰ অভিনেতা-অভিনেত্ৰী

Maharashtra CM Oath Ceremony
Maharashtra CM Oath Ceremony

মহাৰাষ্ট্ৰত পুনৰ গঠন হ’ল দেৱেন্দ্ৰ ফাড়নাবিছ চৰকাৰ। পুনৰবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাবিছে। বহু ৰাজনীতিবিদৰ লগতে বলীউডৰ বহু ব্যক্তিয়েও মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈছিল। উক্ত অনুষ্ঠানত উপস্থিত হোৱা বলিউদৰ অভিনেতা-অভিনেত্ৰীসকলৰ ফটো, ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।ছলমান খানৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খান আৰু সঞ্জয় দত্তলৈকে সকলো তাৰকাই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু কোন কোন চেলিব্ৰিটিয়ে উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল জানো আহক।(Maharashtra CM Oath Ceremony)

ৰণবীৰ কাপুৰ আৰু ৰণবীৰ সিঙো উপস্থিত আছিল উক্ত অনুষ্ঠানটোত। ইয়াৰউপৰিও বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী বিদ্যা বালানক এই ফটোত দেখা গৈছিল।

ভাইৰেল হোৱা ফটো সমূহত এটা ফ্ৰেমত দেখা গৈছিল বলীউড আৰু ব্যৱসায়ৰ তিনিজন ব্যক্তিক, য’ত দেখা গৈছে বলীউডৰ দুজন প্ৰবীণ ছুপাৰষ্টাৰ ছলমান খান আৰু সঞ্জয় দত্ত। ইয়াৰ উপৰিও ব্যৱসায়িক মুকেশ আম্বানী। এনে অনুষ্ঠানত এনে চেলিব্ৰিটিক একেলগে দেখা পোৱাৰ দৰে অনুষ্ঠান অতি কম।

ভাইৰেল হোৱা সকলো ছবিৰ ভিতৰত অনুৰাগীসকলে নিশ্চয় এই ছবিখন আটাইতকৈ বেছি ভাল পাইছিল, কাৰণ এই ফটোখনত হিন্দী চিনেমাৰ ‘কৰণ-অৰ্জুন’ অৰ্থাৎ ছলমান খান আৰু শ্বাহৰুখ খানক একেলগে দেখা গৈছিল। এই ফটোখন দুয়োৰে অনুৰাগীৰ বাবে অতি বিশেষ।

আনহাতে এইখন ফটোখনত দুৱাৰ পিতৃ ৰণবীৰ সিং আৰু ৰাহাৰ পিতৃ ৰণবীৰ কাপুৰে বলীউডৰ কিং শ্বাহৰুখ খানৰ সৈতে কথা পাতি থকা দেখা গৈছে। যেতিয়া বলীউডৰ সকলো চেলিব্ৰিটিয়ে এটা ফ্ৰেমত কথা পাতি থকা দেখা পোৱা যায় তেতিয়া ফটোসমূহো অতি আকৰ্ষণীয় হৈ পৰে।

APSC Results: নলবাৰীক গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে, পুত্ৰৰ সাফল্যত মাতৃৰ চকুত চকুপানী

APSC Results: নলবাৰীক গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে
APSC Results: নলবাৰীক গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে, পুত্ৰৰ সাফল্যত মাতৃৰ চকুত চকুপানী

নলবাৰী জিলাৰ দিহজাৰী গাঁৱৰ নিৱাসী ৰাজেন ৰাজবংশী আৰু ক্ষীৰোদা ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ তথা মেধাৱী ছাত্ৰ জোন ৰাজবংশীয়ে সদ্য ঘোষিত APSC পৰীক্ষাত AAO 65 ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।(APSC Results)

এই খবৰ লাভ কৰাৰ পিছতেই জোনৰ ঘৰত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয় আৰু আত্মীয় স্বজন, গাঁৱবাসীৰ লগতে বিভিন্ন দল সংগঠনে ফুলাম গামোচাৰে আদৰণি জনাই আশীৰ্বাদ প্ৰদান কৰে।(Joon Rajbangshi)

উল্লেখ্য যে জোন ৰাজবংশীয়ে ইতিমধ্যেই নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে।