এই খবৰ লাভ কৰাৰ পিছতেই জোনৰ ঘৰত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয় আৰু আত্মীয় স্বজন, গাঁৱবাসীৰ লগতে বিভিন্ন দল সংগঠনে ফুলাম গামোচাৰে আদৰণি জনাই আশীৰ্বাদ প্ৰদান কৰে।(Joon Rajbangshi)
উল্লেখ্য যে জোন ৰাজবংশীয়ে ইতিমধ্যেই নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে।
গাখীৰত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, কিন্তু যদি আপুনি গাখীৰত এবিধ বিশেষ সামগ্ৰী মিহলাই খাই তেন্তে ই আৰু পুষ্টিকৰ হৈ পৰিব। হয়, আমি ঘিউৰ কথা কৈছোঁ, যিটোক ‘লিকুইড গোল্ড’ বুলি ক’লেও হয়তো ভুল নহ’ব৷ আহক আমি গাখীৰৰ লগত ঘিউ মিহলি কৰি খালে স্বাস্থ্যৰ কি লকি উপকাৰ হয় জানি লওঁ।(Milk With Ghee Benefits)
গাখীৰৰ সৈতে ঘিউ মিহলাই খোৱাৰ উপকাৰিতা-
১) পুষ্টিকৰ পদাৰ্থ শোষণ বৃদ্ধি পাব (Nutrient Absorption) ঘিউ গাখীৰৰ সৈতে মিহলালে গাখীৰত থকা চৰ্বিত দ্ৰৱীভূত ভিটামিন (ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে) শোষণত সহায় কৰে, যাৰ ফলত শৰীৰত ইয়াৰ উপস্থিতি যথেষ্ট বৃদ্ধি পায়। আপোনাৰ শৰীৰে যিমানেই বেছি পুষ্টি লাভ কৰিব সিমানেই স্বাস্থ্যৰ বাবে উপকাৰী হ’ব।
২) শৰীৰে শক্তি লাভ কৰিব ঘিউত স্বাস্থ্যকৰ চৰ্বি থাকে যিয়ে আমাক শক্তি প্ৰদান কৰে আৰু ইয়াৰ জৰিয়তে ই শৰীৰৰ কাম-কাজত বহুত সহায় কৰে। এই কাৰণেই এই উৎকৃষ্ট সামগ্ৰীবিধ গাখীৰৰ সৈতে লগত মিহলাই খোৱাটো প্ৰয়োজনীয়।
২০২৪ চনৰ সৰ্বাধিক জনপ্ৰিয় ভাৰতীয় তাৰকাৰ তালিকা প্ৰকাশ। ২০২৪ বৰ্ষটো শেষ হ’বলৈ আৰু কেইটামান দিন বাকী আছে। এনে পৰিস্থিতিত আইএমডিবিয়ে ২০২৪ বৰ্ষৰ আটাইতকৈ জনপ্ৰিয় ভাৰতীয় তাৰকাৰ তালিকা প্ৰকাশ কৰিছে।(IMDB 2024)
আইএমডিবিৰ মতে, ‘২০২৪ চনৰ আটাইতকৈ জনপ্ৰিয় ভাৰতীয় তাৰকাত দ্বিতীয় স্থানত আছে দীপিকা পাডুকন। চলিত বৰ্ষত দুখন মেগা বাজেট ছবি মুক্তি পালে আৰু তেওঁ হৈ পৰে এগৰাকী মৰমলগা কন্যা দুৱাৰ মাতৃ। ২০২৪ চনত মুক্তি পোৱা তেওঁৰ দুখন ছবি হ’ল ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ আৰু সিংঘম এগেইন।
এই তালিকাত তিনি নম্বৰ স্থানত আছে ঈশান খট্টৰ। এইবাৰ হলিউডত এখন ৱেব চিৰিজত অভিষেক ঘটা ঈশানে। এই ধাৰাবাহিকখনৰ নাম হৈছে ‘The Perfect Couple’ যিখন চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নেটফ্লিক্সত মুক্তি পাইছিল। তেওঁৰ এই অভিনয়ৰ যথেষ্ট প্ৰশংসা হোৱাৰ লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিও লাভ কৰে।
চাৰি নম্বৰত শ্বাহৰুখ খান আৰু পাঁচ নম্বৰত শোভিতা ধূলিপালা। অৱশ্যে এই বছৰ কিং খানৰ এখনো ছবি মুক্তি পোৱা নাছিল। কিন্তু আন বহু কাৰণত তেওঁ বছৰটো লাইমলাইটত থাকিল। (deepika padukone)
ছয় নম্বৰত শৰ্বাৰী ৱাগ, ৭ নম্বৰত ঐশ্বৰ্য ৰায় শৰ্মা, ৮ নম্বৰত সামন্ত প্ৰভু আৰু ১০ নম্বৰত প্ৰভাস। এই সমগ্ৰ তালিকাত নাম লাভ কৰা সৌন্দৰ্য্য হৈছে এনিমেলৰ ‘ভাভি ২’ ত্ৰিপ্তী ডিমৰি।(aishwarya)
‘এনিমেল’ৰ পিছত ত্ৰিপ্তী নেছনেল ক্ৰাছ হৈ পৰিছিল। এইদৰে অভিনেত্ৰীগৰাকীয়ে আন সকলোকে পৰাস্ত কৰি তালিকাৰ ১ নম্বৰত স্থান পাই।(Tripti Dimri)
আল্লু অৰ্জুন, ৰশ্মিকা মাণ্ডন্না আৰু ফাহাধ ফাচিল অভিনীত এইবাৰৰ আটাইতকৈ চৰ্চিত ছবি ‘পুষ্পা ২: দ্য ৰুল’ ৫ ডিচেম্বৰ বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ চিনেমাগৃহতে মুক্তি লাভ কৰিছে। ইয়াৰ পূৰ্বে ৪ ডিচেম্বৰত হায়দৰাবাদত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল, য’ত বহু সংখ্যক অনুৰাগীয়ে ছবিখন চাবলৈ আহিছিল। বিশেষ কথাটো হ’ল ছবিখন মুক্তি পোৱাৰ আগতেই ছবিখনে অভিলেখ গঢ়ি তুলিছে। ছবিখনৰ মুক্তিৰ প্ৰথম দিনাই বাম্পাৰ ওপেনিং হ’ব পাৰে বুলি অনুমান কৰিব পাৰি। (Pushpa 2 Premiere Collection)
সুকুমাৰৰ পৰিচালনাত নিৰ্মিত আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২’ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। এই ছবিখন ২০২১ চনত মুক্তি পোৱা ‘পুষ্পা’ৰ ছিকুৱেল, য’ত পৰৱৰ্তী কাহিনী দেখুওৱা হৈছে। ছবিখন মুক্তি পোৱাৰ পিছত ছ’চিয়েল মিডিয়াতো ছবিখনৰ সমালোচনাও আৰম্ভ হৈছে, আনহাতে অনুৰাগীয়ে ছবিখনক ‘মেগা-ব্লকবাষ্টাৰ’ বুলি অভিহিত কৰিছে।
বক্স অফিচৰ ৰিপৰ্ট প্লেটফৰ্ম Sacnilk ৰ মতে, পুৱা ৮ বজালৈকে ছবিখনে ২১.০৪ কোটি টকা উপাৰ্জন কৰিছে। এই ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে।(Pushpa 2)
খবৰ অনুসৰি ‘পুষ্পা ২’ ছবিখনে ইতিমধ্যে বহিঃৰাজ্যত ৩০ কোটিতকৈ অধিক উপাৰ্জন কৰিছে আৰু ছবিখনৰ প্ৰিমিয়াৰৰ পূৰ্বে ঘৰুৱা বক্স অফিচৰ সংগ্ৰহই ৭০ কোটি টকা অতিক্ৰম কৰিছিল। ইয়াৰ লগে লগে ‘পুষ্পা ২’ এইবাৰৰ এডভান্স বুকিংত ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰা দ্বিতীয়খন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে প্ৰভাসৰ ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ই এই অভিলেখ গঢ়িছিল। বুকমাইশ্ব’ৱে চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰকাশ কৰা অনুসৰি ‘পুষ্পা ২’ৰ ইতিমধ্যে ১০ লাখ টিকট বিক্ৰী হৈছে আৰু অভিলেখত সৰ্বাধিক টিকট বিক্ৰী হোৱা ছবি হিচাপে পৰিগণিত হৈছে।
এই ছবিখন তামিল, তেলেগু, হিন্দী, কানাড়া, বাংলা আৰু মালয়ালম ভাষাত মুক্তি পাইছে। এইখনেই প্ৰথমখন পান ইণ্ডিয়া ছবি, যিখন ছবিও বাংলা ভাষাতো মুক্তি লাভ কৰিছে।
আপুনিয়ো হয়তো বিয়া, সকাম নাইবা কোনো সামাজিক অনুষ্ঠানত কলপাতত খাদ্য খাইছে। বহু ৰেষ্টুৰেণ্টত প্লেটৰ সলনি কলৰ পাত ব্যৱহাৰ কৰে। ভাৰতৰ বহু ঠাইত কলৰ পাত ৰন্ধা-বঢ়া, মেৰিয়াই লোৱা আৰু খাদ্য পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা হয়। বিশেষকৈ দক্ষিণ ভাৰতীয় বা দক্ষিণ এছিয়াৰ খাদ্য প্ৰায়ে কলপাতত পৰিবেশন কৰা হয়। এই পৰম্পৰাগত পদ্ধতিটো যুগ যুগ ধৰি চলি আহিছে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কলৰ পাত ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ কি কি লাভ হয়।(Banana Leaf)
কলপাতত খাদ্য খোৱাৰ উপকাৰিতা-
১/ পুষ্টিকৰ মূল্য কলৰ পাতত পলিফিনল, ভিটামিন এ আৰু ভিটামিন চি আদি বহুতো অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে।কল পাতৰ ওপৰত খাদ্য ৰাখিলে এই পুষ্টিকৰ মূল্য বৃদ্ধি পায়।(Benefits Of Eating On A Banana Leaf)
২/ ৰুচি বৃদ্ধি কৰে কলপাতত খাদ্য খালে খাদ্যৰ সোৱাদ বৃদ্ধি পাব পাৰে। পাতে খাদ্যত মৃদু, মাটিৰ সোৱাদ প্ৰদান কৰে যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে।
২০ নৱেম্বৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত মহাযুত মিত্ৰজোঁটে জয় লাভ কৰাৰ পিছত দুসপ্তাহতকৈ অধিক সময় ধৰি শীৰ্ষ পদত কোনে নেতৃত্ব দিব সেই লৈ থকা অচলাৱস্থাৰ অন্ত পেলাই আজি বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে মহাৰাষ্ট্ৰৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।(Ajit Pawar)
এই গৰাকী ক্ষণজন্মা বিদগ্ধ শিক্ষাবিদে বিশ্বৰ বহু কেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি বহু ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত লণ্ডনৰ স্কুল অব ইক’নমিক্স, জাৰ্মানিৰ বন বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়ৰ ওপৰিও ভাৰতৰ মুম্বাই বিশ্ববিদ্যালয়, পুনে বিশ্ববিদ্যালয় আদি প্ৰধান। তেওঁ লাভ কৰা ডিগ্ৰীও আছিল আকাশলংঘী উচ্চতাৰ।
তাৰ ভিতৰত “বৃটিছ-ভাৰতত প্ৰদেশ ভিত্তিত পূঁজি আৱণ্টন’ শীৰ্ষক থিচিচৰ বাবে এম.এচ.চি. ডিগ্ৰী, “টকাৰ সমস্যা” শীৰ্ষক থিচিচৰ বাবে ডি.এচ.চি. ডিগ্ৰী, ১৯২৫ চনত মুম্বাই বিধান পৰিষদৰ সদস্য, ১৯২৭ চনত ‘বাবাচাহেব’ উপাধী প্ৰদান, কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী, মুম্বাই ল’ জাৰ্নেলৰ সম্পাদক মণ্ডলীৰ সদস্য মনোনীত আদি কৰি নানান বিভূষনৰে বিভূষিত মহান কৰ্মযোগী ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰো কাণ্ডাৰী আছিল। মহামানৱ মহাত্মা গান্ধীৰ লগত কিছু কিছু ক্ষেত্রত মত-বিৰোধ আছিল যদিও দুয়োৱে দুয়োকে অত্যন্ত শ্ৰদ্ধা কৰিছিল।
স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ মন্ত্রী সভাত প্ৰথম গৰাকী আইন মন্ত্রী ড° ভীমৰাও ৰামজী আম্বেদকাৰ আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ ভাৰতীয় সংবিধান প্ৰস্তুত সমিতিৰ সভাপতি আছিল। এটা কথা অতি স্পষ্ট যে সেই সময়ত সৰ্বভাৰতীয় পৰ্যায়ত ড° আম্বেদকাৰ আছিল স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়ন কৰা সকলৰ অন্যতম উল্লখনীয় ব্যক্তি। ড° আম্বেদকাৰৰ বিষয়ে লিখি শেষ কৰাৰ সাধ্য আমাৰদৰে অজ্ঞ জনৰ নাই।
কবি যতীন্দ্ৰ নাথ দুৱাৰাৰ এষাৰি কবিতাত লিখাৰ দৰে – “তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ। গোটেই জীৱন জুৰি বিস্তৃত জীৱন যাৰ॥” এই গৰাকী মহান মনিষিয়ে ১৯৫৬ চনৰ ৬ ডিচেম্বৰত মানৱ শৰীৰ ত্যাগ কৰি নিৰ্বান লাভ কৰিলে। হেজাৰ হেজাৰ ভাৰতীয় দলিত, অস্পৃশ্য বুলি ভবা, নিৰ্যাতিত ভাৰত সন্তানৰ আত্মমৰ্যাদা, সামাজিক সন্মানক দৃঢ়তাৰে সামাজিক প্ৰতিষ্ঠা দি থৈ গ’ল।
আচলতে এই কথাও বিচাৰযোগ্য যে এনে হেন বুদ্ধিমত্তা, মূল্যবোধৰ মাপকাঠিৰে আজীৱন সংগ্ৰামী জীৱন অতিবাহিত কৰা ড° আম্বেদকাৰে বিশ্বৰ বুকুত নিজক সঠিকভাৱেই প্ৰতিষ্ঠা কৰিলে যদিও ভাৰতীয় প্ৰেক্ষাপতত আজিও যেন অবহেলিত হৈয়ে ৰ’ল। এয়া যেন ভাৰতীয় সমাজ ব্যৱস্থাৰে পৰিহাস।