Home Blog Page 428

Silapathar:৫০ হেজাৰ টকাৰ বিনিময়ত নৱজাতক শিশুক বিক্ৰী গোলাঘাটৰ দম্পত্তীৰ

Silapathar:৫০ হেজাৰ টকাৰ বিনিময়ত নৱজাতক শিশুক বিক্ৰী গোলাঘাটৰ দম্পত্তীৰ
Silapathar:৫০ হেজাৰ টকাৰ বিনিময়ত নৱজাতক শিশুক বিক্ৰী গোলাঘাটৰ দম্পত্তীৰ

গুৱাহাটী, ৪ ডিচেম্বৰঃ ধেমাজিৰ চিলাপথাৰত(Silapathar) নৱজাতক ক্ৰয় বিক্ৰয়ৰ ভয়ংকৰ কাণ্ডই পুনৰ জোকাৰি তুলিছে সমূগ্ৰ চিলাপথাৰৰ লগতে ধেমাজি(Dhemaji) জিলাত।কিছুদিন পূৰ্বে শিশু বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহৰ পৰা শিশু ক্ৰয় বিক্ৰয়ৰ এক ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌহওঁতেই পুনৰ শিশু বিক্ৰীৰ ভয়ংকৰ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে।(Golaghat)

প্ৰাপ্ত খবৰ মতে, গোলাঘাটৰ ৭২১নং ৰে’ল পথৰ ৫নং ৱাৰ্ডৰ বাসিন্দাৰ ইদুল আলি(৩৪)ৰ পত্নী সীমা বেগমে(৩০) ২৫ ছেপ্টেম্বৰত যোৰহাট(Jorhat) চিকিৎসা মহাবিদ্যালয়ত তৃতীয়বাৰৰ বাবে এটি শিশুৰ জন্ম দিয়ে।(India)

প্ৰায় ২ মাহৰ পাছত ২৩ নৱেম্বৰ তাৰিখে যোৰহাটৰে হিমাশ্ৰী বৰা নামৰ মধ্যভোগীৰ সহযোগত চিলাপথাৰৰ কৈল্যাণ কেন্দ্ৰৰ নিবাসী শেৱালী দাস(৩২) আৰু সুনিতা দেৱী(২৮)ৰ সৈতে হিমাশ্ৰী বৰাৰ সহযোগত ৫০ হেজাৰ টকাৰ বিনিময়ত পিতৃ-মাতৃয়ে বিক্ৰী কৰে নিজ শিশুটিক।

কিছুদিনৰ অনন্তঃ নিজ শিশুৰ স্নেহ মোহৰ ভাৱে পুনৰ ২ ডিচেম্বৰ তাৰিখে সুনিতা দেৱীৰ পৰা নিজ নৱজাতক ঘূৰাই বিছাৰে মাতৃ সীমা বেগমে। পৰৱৰ্তী পৰ্যায়ত বগীবিল দলঙৰ নিচেই কাষৰ পৰা নিজ শিশুক সুনিতা দেৱীৰ পৰা ঘূৰাই নিয়া মূহুৰ্ত্তৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত।

উদ্ধাৰ কৰে শিশুটিৰ লগতে আটক কৰে শিশুটিৰ পিতৃ-মাতৃ লগতে ক্ৰয়তা সুনিতা দেৱীক। আৰক্ষীয়ে তৎকালীনভাৱে ধেমাজি জিলা শিশু কল্যাণ সমিতিক (চিডব্লিউচি) মাতি আনি তদন্ত ভাৱে গতাই দিয়াত কালি সন্ধিয়াই চি ডব্লিউ চিয়ে উভয়পক্ষক মাতি নি সোধ-পোছ কৰাত সমূগ্ৰ ঘটনা সন্দৰ্ভত স্বীকাৰোক্তিৰ প্ৰদান কৰে চিডব্লিউচিৰ ওচৰত।

লগে লগে চিলাপথাৰ থানাত চিডব্লিউচিয়ে লিখিত এজাহৰ দাখিল কৰাৰ ভিত্তিতেই চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় ন্যাস সংহিতা আইনৰ ৬১(২)/১৪৩(৪)/আৰ/ডব্লিউ ৮১ জেজেপি ধাৰাৰ ২৩২/২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি শিশুটিৰ পিতৃ- ইদুল আলি, মাতৃ- সীমা বেগম আৰু নৱজাতক ক্ৰয় কৰা সুনিতা দেৱীক গ্ৰেপ্তাৰ কৰি সোধ-পোছৰ অন্তঃ আজি দুপৰীয়া ধেমাজি জিলা কাৰাগাৰত জেল হাজোতলৈ প্ৰেৰণ কৰে।

অৱশ্যেই সুনিতা দেৱীৰ স্বামী শেৱালী দাস আৰু যোৰহাটৰ হিমাশ্ৰী বৰাক এতিয়াও আৰক্ষীকে গ্ৰেপ্তাৰ কৰিব পৰা নাই দুই পলাতক বুলি জানিব পৰা গৈছে।

মাথো এটামাহৰ পূৰ্বে চিলাপথাৰৰ প্ৰতিষ্ঠিত শিশু বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহৰ পৰা শিশু ক্ৰয় বিক্ৰয়ৰ ভয়ংকৰ কাণ্ডই জোকাৰি যোৱা ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌহওতেই পুনৰ চিলাপথাৰত তেনে কাৰ্য্যৰ খৱৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনত।

কিমান নিঠুৰ পাষণ্ডৰ ব্যক্তি হলে টকাৰ বিনিময়ত নিজ সন্তানক বিক্ৰী কৰিব পাৰে তাকে লৈ ব্যাপক চৰ্চা চলিছে সচেতন ৰাইজৰ মাজত। শিশু ক্ৰয় বিক্ৰীৰ ভয়ংকৰ এই মানৱ সৰবৰাহ কাণ্ডত আৰু কোন জড়িত আছে আৰক্ষীৰ সঠিক তদন্তত সকলো ওলাই আহিব বুলি মন্তব্য কৰিছে ৰাইজে।

RBI:ৰিজাৰ্ভ বেংকৰ ঘোষণাঃ ২০০০ টকীয়া নোটৰ ৯৮.০৮% ঘূৰি আহিছে

RBI:ৰিজাৰ্ভ বেংকৰ ঘোষণাঃ ২০০০ টকীয়া নোটৰ ৯৮.০৮% ঘূৰি আহিছে
RBI:ৰিজাৰ্ভ বেংকৰ ঘোষণাঃ ২০০০ টকীয়া নোটৰ ৯৮.০৮% ঘূৰি আহিছে

গুৱাহাটী, ৪ ডিচেম্বৰঃ সন্ত্ৰাসবাদীৰ হাতোৰাৰ পৰা দেশৰ অৰ্থনীতিক মুক্ত কৰা আৰু কলা ধন ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি দিছিল(RBI)৷

ইয়াৰ পিছতে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে মানুহৰ হাতত থকা ২০০০ টকীয়া নোট(Rs2000 notes) ঘূৰাই অনাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ ঘোষণা কৰিছে যে ২০০০ টকীয়া নোটৰ ৯৮.০২ শতাংশ বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে।

কিন্তু ইয়াৰ পিছতো এতিয়াও প্ৰচলিত কেইখনমান নোট আইনী হিচাপে বৈধ হৈ আছে, যাৰ ফলত এতিয়াও লেনদেনৰ বাবে সেইবোৰ ব্যৱহাৰ কৰিব পৰা যাব।২০২৩ চনৰ ১৯ মে’ত আৰ বি আইয়ে ২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি জনসাধাৰণক তেনে নোট ওভতাই দিবলৈ কৈছিল।

উল্লেখ্য, ১০০০ আৰু ৫০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণৰ পিছত ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰথমে এই উচ্চ মূল্যৰ নোটৰ প্ৰচলন কৰা হৈছিল।

২০২৪ চনৰ ২৯ নৱেম্বৰলৈকে প্ৰচলিত ২০০০ টকীয়া নোটৰ মুঠ মূল্য ৩.৫৬ লাখ কোটি টকাৰ পৰা হ্ৰাস পাই ১৯ মে’, ২০১৯ত ৬,৮৩৯ কোটি টকা হৈছিল। ২০২৩ চনৰ ৭ অক্টোবৰত সমগ্ৰ দেশৰ সকলো বেংকৰ শাখাতে ২০০০ টকাৰ জমা বা বিনিময়ৰ সুবিধা উপলব্ধ কৰা হৈছিল।

কিন্তু এই সেৱা এতিয়া ২০২৪ চনৰ ৯ অক্টোবৰৰ পৰা ১৯টা আৰ বি আইৰ কাৰ্যালয়ত সীমাবদ্ধ হৈ আছে। ইয়াত, ব্যক্তি বা সংস্থাই পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত এই ধন জমা দিব পাৰে।

আৰ বি আই ইছ্যু অফিচ আহমেদাবাদ, বাংগালুৰু(Bengaluru), বেলাপুৰ, ভূপাল, ভুৱনেশ্বৰ(Bhubaneswar), চণ্ডীগড়, চেন্নাই, গুৱাহাটী(Guwahati), হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা, আৰু তিৰুৱনন্তপুৰমত এনে নোট এতিয়াও সলনি কৰিব পৰা যায়৷

Cabinetনিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet। নিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Cabinet। নিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet। এতিয়াৰে পৰা ৰাজহুৱা স্থান, হোটেল-ৰেস্তোঁৰাত নিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা অসমৰ কোনো ।এতিয়াৰে পৰা ৰাজহুৱা স্থান, হোটেল-ৰেস্তোঁৰাত নিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা অসমৰ কোনো হোটেল-ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰিব নোৱাৰিব। সামজিক অনুষ্ঠানতো গো-মাংস পৰিৱেশন নিষিদ্ধ হ’ব। অৰ্থাৎ ৰাজহুৱা স্থানতো গো-মাংস ভক্ষণ বা পৰিৱেশন কৰিব নোৱাৰিব।। সামজিক অনুষ্ঠানতো গো-মাংস পৰিৱেশন নিষিদ্ধ হ’ব। অৰ্থাৎ ৰাজহুৱা স্থানতো গো-মাংস ভক্ষণ বা পৰিৱেশন কৰিব নোৱাৰিব।


পূৰ্বে মন্দিৰৰ ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত গোমাংস নিষিদ্ধ কৰা হৈছিল। এতিয়া সমগ্ৰ অসমতে সেয়া কাৰ্যকৰী হ’ব।
দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰসংগও উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, অহা ৭ তাৰিখে দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাত এক সৰু সম্প্ৰসাৰণ হ’ব। কাইলৈ বা পৰহিলৈ সবিশেষ লাভ কৰিব। বৰাকৰ পৰা নিশ্চিতভাৱে স্থান পাব মন্ত্ৰীসভাত। এজনে পায় নে দুজনে পায় সেয়া চাব লাগিব বুলি কলে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে বিজেপি নেতৃত্বক এই সন্দৰ্ভত সবিশেষ তথ্য দাখিল কৰা হৈছে।

Education and Teachers:বিষয়ঃ শিŽক্ষা আৰু শিŽক্ষক

Education and Teachers:বিষয়ঃ শিŽক্ষা আৰু শিŽক্ষক
Education and Teachers:বিষয়ঃ শিŽক্ষা আৰু শিŽক্ষক

এই পৃথিৱীত মানুহেই হ’ল একমাত্ৰ চিন্তাশীল জীৱ।(Education and Teachers) এই গুণটোৰ বাবেই মানুহক কোৱা হয় জীৱশ্ৰেষ্ঠ। চিন্তাশীল বা চিন্তাশক্তি বুলিলে যিখন ক্ষেত্ৰ চিহ্নিত কৰাহয়, সেই ক্ষেত্ৰখন হ’ল বৌদ্ধিক ক্ষেত্ৰ। বৌদ্ধিক ক্ষেত্ৰৰ বিকাশত যিখন ক্ষেত্ৰই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেই ক্ষেত্ৰখনেই হ’ল শৈক্ষিক ক্ষেত্ৰ।(Equip) গতিকে শিক্ষা অবিহনে আমাৰ জীৱন অৰ্থহীন। প্ৰকৃত অৰ্থত, ‘শিক্ষা’ এই শব্দটোৱেই সবাতোকৈ গভীৰ তথা মহত্তম্‌ শব্দ।

শিক্ষাৰ জৰিয়তেহে মানুহে লাভ কৰে অনাবিল আনন্দ, উৎসাহ, উদ্যম, কৰ্মস্পৃহা প্ৰেৰণা আদি। স্বামী বিবেকানন্দই কৈছিল- “আমাক সেই শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰে।”(Prospective) শিক্ষা ব্যৱস্থাটোৰ ওপৰতেই এটা জাতি বা এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে।

মানৱ সভ্যতাৰ বিকাশৰ লগে লগে শিক্ষাৰ লক্ষ্য, নীতি ভূমিকা আদি বিভিন্ন ৰূপত প্ৰকাশ পাই আহিছে। শিক্ষাৰ মূল লক্ষ্য হৈছে মানুহ গঢ়া। বিশিষ্ট শিক্ষাবিদ হাৰ্বাট স্পেন্সাৰে শিক্ষা সম্পৰ্কে কৈছিল- ‘শিক্ষাই এটি শিশুক প্ৰকৃত জীৱন যাপনৰ উপযোগী কৰি তুলিব লাগিব, শিক্ষাই ক’ব লাগিব কেনেকৈ আমি শৰীৰ প্ৰতিপালন কৰিব লাগে, কেনেকৈ মনৰ কৰ্ষণ কৰিব লাগে, কেনেকৈ সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু কেনেকৈ এজন সুনাগৰিক গঢ়ি তুলিব পাৰি।’

শিক্ষাই সমাজৰ আৰু নিজৰ উন্নতিৰ কাৰণে প্ৰত্যেক ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক গুণাৱলীৰ সম্পূৰ্ণৰূপে বিকাশ সাধন কৰি তোলে। শিক্ষাই মানুহক সংবেদনশীল কৰি গঢ় দি তোলাৰ লগতে মানৱীয় গুণৰাজিৰ বিকাশ ঘটাই। জ্যেষ্ঠজনক সন্মান কৰাৰ মনোবৃত্তি গঠনত সহায় কৰে আৰু সৰ্বোপৰি মানুহক সংস্কৃতিবান আৰু ৰুচিসম্পন্ন কৰি তোলে, আত্মসন্ম§ানবোধ জগাই তোলে আৰু সামাজিকভাৱে সজাগ কৰি তোলে। অৱশ্যে শিক্ষাৰ দিশত অভিজ্ঞতাৰ শিক্ষা আৰু আনুষ্ঠানিক শিক্ষা একে কথা নহয়।

এজন নিৰক্ষৰ মানুহৰো এটা উচ্চশিক্ষিত মন থাকিব পাৰে আৰু তাৰ বিপৰীতে এজন আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত উচ্চ ডিগ্ৰীধাৰী লোকৰ মনো অশিক্ষিত মনৰ সাঁচৰ হৈ থাকিব পাৰে।(Wider Community) মহামতি অশোক, আকবৰ অথবা চাওলুং চ্যুকাফা আনুষ্ঠানিক শিক্ষাৰে কিমানদূৰ শিক্ষিত হৈ ইতিহাসক কেনেধৰণৰে গতি প্ৰদান কৰি নিজৰ নাম আৰু কৰ্মক সোণালী আখৰৰে কাললৈ জাকত জিলিকাবলৈ সক্ষম হৈছিল সেইটো সৰ্বজন স্বীকৃত বিষয়। অৱশ্যে সাম্প্ৰতিক সময়ত ফটফটীয়া দিশটো হ’ল সভ্যতাৰ বিকাশত আনুষ্ঠানিক শিক্ষাৰ গুৰুত্বহে সৰ্বাধিক।(Attitudes)

তাহানিৰ গুৰুকুল শিক্ষা ব্যৱস্থাই হওঁক বা আজিৰ অত্যাধুনিক ছেটেলাইট্‌ ক্লাচৰুমৰ ব্যৱস্থাই হওঁক- সকলো সভ্যতাৰ সকলো শিক্ষা ব্যৱস্থাতে সত্তাৰ বিকাশৰ বাবে, প্ৰয়োজনীয় সচেতনতাক সমৃদ্ধ কৰিবৰ বাবে শৈক্ষিক পৰিস্থিতিৰ মূল্যায়ণ যে অনস্বীকাৰ্য সেয়া প্ৰমাণিত। দৰাচলতে শিক্ষা মানৱ জীৱনৰ পূৰ্ণতাৰ স্বাক্ষৰ। শিক্ষাই মানৱ জীৱনত শুদ্ধ চিন্তা আৰু সৎ কৰ্মৰ পথ মোকলাই তোলে। জীৱনত কেনেদৰে সফলতা লাভ কৰিব পাৰি, কেনেভাৱে জীৱন নিৰ্বাহ কৰিলে জন্মলাভৰ সাৰ্থকতা হয়, সেই দিশৰ সন্ধান একমাত্ৰ উপযুক্ত শিক্ষাইহে দিব পাৰে। শিক্ষাৰ লগতে জড়িত হৈ আছে মানৱ-জীৱনৰ ক্ৰমোন্নতিৰ সম্পৰ্ক।


এখন দেশৰ সমৃদ্ধি আৰু জীৱন নিৰ্বাহৰ প্ৰগতি নিৰ্ভৰ কৰে মানদণ্ডসম্পন্ন শিক্ষাব্যৱস্থাৰ ওপৰত। আচলতে দেশ এখন যিমানেই সম্পদশালী নহওক কিয়, শিক্ষাৰ দিশটো যদি পুতৌলগা হয়, তেতিয়াহ’লে দেশখনে কেতিয়াও প্ৰগতি কৰিব নোৱাৰে। আজি যিবোৰ দেশে আধুনিক শিক্ষা-ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি নতুন শিক্ষা ব্যৱস্থা প্ৰৱৰ্ত্তনেৰে আধুনিক জীৱনৰ লগত সংগতি ৰাখিবলৈ সক্ষম হৈছে, সেইবোৰ দেশৰ জনসাধাৰণে তেনে শিক্ষা লাভ কৰি স্বাভাৱিকতে উপকৃত হৈছে।

সাম্প্ৰতিক সময়ত গোলকীকৰণৰ জৰিয়তে সমগ্ৰ বিশ্বত শিক্ষা বিষয়টোৰ ওপৰত যঠেষ্ট গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ সামগ্ৰিক উন্নয়ণৰ হেতু ‘সকলোৰে বাবে শিক্ষা’ এই ব্যৱস্থাৰ বাস্তৱ ৰূপায়ণৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে। দেখা গৈছে, বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে আধুনিক শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে বিভিন্ন আঁচনি আৰু বিভিন্ন পৰিকল্পনা যুগুতাই শিক্ষানীতিক বাস্তৱমুখী কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

এটা কথা ঠিক যে ৰাষ্ট্ৰৰ শিক্ষা আয়োগসমূহে বা চৰকাৰে শিক্ষাপদ্ধতিৰ উন্নয়ণৰ বাবে যিমানেই আঁচনি বা পৰিকল্পনা নলওক কিয়, এইবোৰক প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰাত মূখ্য ভূমিকা গ্ৰহণ কৰে সমাজ, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে। সমাজৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ মানদণ্ড উন্নত কৰি গতিশীল সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই ছাত্ৰ-ছাত্ৰীৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ সাধন কৰি সুস্থ, সৱল, সুনাগৰিক হিচাপে গঢ়ি তোলাত মূখ্য ভূমিকা পালন কৰে শিক্ষকসকলে।

শিক্ষক হৈছে এক চিৰপ্ৰজ্বলিত বন্তি যাৰ জ্যোতিয়ে আলোকিত কৰে এখন সমাজ, এটা জাতি। মানুহ গঢ়াৰ খনিকৰৰূপী শিক্ষকসকলেই আমৃত্যু কৃচ্ছসাধনৰ মাজেদি ভৱিষ্যত প্ৰজন্মক প্ৰতিনিয়ত জ্ঞানৰ পোহৰৰে উদ্ভাষিত কৰি তোলে। কোৱা হয় – ‘শিক্ষক জন্মহে হয়, গঢ় দিব নোৱাৰি (‘Teacher is born, not made’)। শিক্ষকসকল সমাজৰ আটাইতকৈ উল্লেখনীয় আৰু সন্মানীয় ব্যক্তি। শিক্ষকসকলক ত্যাগ আৰু আদৰ্শৰ প্ৰতীক বুলি কোৱা হয়। শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কৰ বিষয়ে সকলোৱেই জ্ঞাত।

শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বন্ধু, পথ-প্ৰদৰ্শক। প্ৰখ্যাত দাৰ্শনিক এৰিষ্ট’টলে কৈছিল-‘শিক্ষকসকল পিতৃ-মাতৃতকৈও শ্ৰদ্ধাৰ পাত্ৰ, কাৰণ পিতৃ-মাতৃয়ে সন্তান জন্মহে দিয়ে, জীৱন ধাৰণৰ প্ৰণালী নিৰূপণ কৰে শিক্ষকে’। শিক্ষকৰ পৰা লাভ কৰা জ্ঞান এজন ছাত্ৰই আজীৱন মনৰ মাজত আলফুলে কঢ়িয়াই লৈ ফুৰে। আমাৰ ভাৰতীয় সমাজতো শিক্ষকসকলৰ প্ৰতি সকলোৰে মনত এটা অতি উচ্চ ধাৰণা প্ৰোথিত হৈ আছে।

প্ৰাচীন কালৰে পৰাই ছাত্ৰসকলে গুৰু বা শিক্ষকক দেৱতাতুল্য জ্ঞান কৰি আহিছে। গুৰুৰ আশ্ৰমত থাকি গুৰুৰ আদেশ আৰু উপদেশ বিনা-প্ৰতিবাদে আখৰে আখৰে পালন কৰিছিল। ‘গুৰু ব্ৰহ্মা গুৰু বিষু্ণ! গুৰু দেৱ মহেশ্বৰ! গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱেই নমঃ’।


মহান দাৰ্শনিক, আদৰ্শ শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল- ‘শিক্ষক সকল সমাজৰ এক শ্বাশ্বত প্ৰয়োজন। তেওঁলোকে বৌদ্ধিক, সাংস্কৃতিক আৰু প্ৰযুক্তিগত কৌশল এটা প্ৰজন্মৰ পৰা আন এটালৈ সংবহন কৰি সভ্যতাৰ চাকিগছি জ্বলাই ৰাখে’। এগৰাকী শিক্ষকৰ বাবে শিক্ষাদান এটা পবিত্ৰ সেৱা। নিজৰ বিস্ত´ত জ্ঞানেৰে ছাত্ৰ-ছাত্ৰীক শুদ্ধ-সত্য পথেৰে নিয়াটো শিক্ষকৰ মূখ্য কৰ্তব্য।

শিক্ষকসকল ছাত্ৰৰ পৰম বন্ধু, শুভাকাংক্ষী, পথ-প্ৰদৰ্শক, জ্ঞানদাতা তথা পিতৃস্বৰূপ হৈ পৰিলেহে ছাত্ৰ-ছাত্ৰীসকল জ্ঞানেৰে মহিমামণ্ডিত হৈ ভৱিষ্যত জীৱনত নিজকে সফল কৰি গঢ়ি তুলিব পাৰিব। এজন প্ৰকৃত আৰু আদৰ্শ শিক্ষক হ’বলৈ কিছুমান বিশেষ গুণৰ অধিকাৰী হোৱা একান্তই বাঞ্চনীয়। যোগ্যতা, বিচক্ষণতা, দক্ষতা, চৰিত্ৰ, ৰসিকতা, বাকপটুতা আৰু তৎপৰতা হৈছে এখন সফল আৰু আদৰ্শবান প্ৰকৃত শিক্ষকৰ চাবিকাঠি। শিক্ষক সকল হ’ব লাগিব জিজ্ঞাসু, অনুসন্ধিৎসু আৰু অধ্যয়ণশীল।

যি ভাষাৰ মাধ্যমত তেওঁ শিক্ষাদান কৰিব, সেই মাধ্যম তেওঁ পুংখানুপুংখকৈ আয়ত্ব কৰিব লাগিব। তেওঁ হ’ব লাগিব আদৰ্শৱান, সৎ, সহনশীল, সদাচাৰী, ধৈৰ্যশীল, স্নেহপৰায়ণ, সমদৃষ্টিসম্পন্ন, ন্যায়নিষ্ঠ, নীতিনিষ্ঠ, সময়ানুৱৰ্তী, সত্যবাদী আৰু ত্যাগী। সহজ-সৰল জীৱন-যাপন আৰু উচ্চ চিন্তা পোষণ (‘Simple Living High Thinking’)- এই আদৰ্শ শিক্ষকসকলে সৰোগত কৰা উচিত।

ইউনেস্ক’ ই ১৯৯৬ চনত প্ৰকাশ কৰা ‘What Makes a Good Teacher’ গ্ৰন্থত শিক্ষকৰ থাকিবলগীয়া গুণৰ বিষয়ে কোৱা হৈছে- ‘শিক্ষক এজন ধৈৰ্যশীল আৰু দয়ালু, নমনীয় আৰু প্ৰত্যুপন্নমতি, সহিষু্ণ আৰু মুক্ত মনৰ হোৱা উচিত। তেওঁ হাস্যৰসিক, উৎসাহী আৰু শিকাই আনন্দপোৱা বিধৰ হ’ব লাগে। শিক্ষকজন সৎ, কল্পনাপ্ৰৱণ, সৃষ্টিক্ষম, দক্ষ, আত্মশৃংখল, সহায়ক, নম্ৰ আৰু নিৰহংকাৰী হোৱা উচিত।” শিক্ষক হোৱাৰ আগতে বহু ব্যক্তিৰ এই গুণসমূহ নাথাকিব পাৰে, কিন্তু শিক্ষকতাক বৃত্তি হিচাপে ল’লে এই গুণ সমূহৰ অধিকাৰী হ’বই লাগিব। শিক্ষকতা মাথো এক বৃত্তিয়েই নহয়, ই ত্যাগ আৰু দায়িত্ববোধৰ প্ৰতীকস্বৰূপ।

প্ৰকৃতাৰ্থত গুণী, জ্ঞানী, সত্যবাদী, কৰ্তব্যপৰায়ণ, সুদক্ষ শিক্ষকসকলে বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে এটি উপযুক্ত জাতি তৈয়াৰ কৰিব পাৰে। শিক্ষকসকলে অনুধাৱন কৰা উচিত যে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ লোৱা প্ৰথম কিতাপখন হৈছে তেওঁলোকৰ আগত উপবিষ্ট হোৱা শিক্ষক গৰাকী। তেওঁলোকে প্ৰথমতে শিক্ষকগৰাকীক হে অধ্যয়ণ কৰে, পিছতহে তেওঁ কৰা পাঠদানত মনোনিৱেশ কৰে।

শিক্ষক সকলক ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিমূহুৰ্ততে অনুকৰণ কৰে। সেয়ে শিক্ষকগৰাকীয়ে নিজকে আদৰ্শনীয ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তিৰ ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীৰ সন্মূখত থিয় হ’ব লাগিব। তাৰোপৰি, দেশ আৰু জাতি অহৰহ প্ৰগতিৰ দিশত ধাৱমান হ’বলৈ হ’লে শিক্ষকসকলে ন-ন জ্ঞানৰ অন্বেষণ স্বয়ংসম্পূৰ্ণ হৈ থকাতো অতিকে প্ৰয়োজনীয়।

জ্ঞানৰ আলোকৰে সমাজক আলোকিত কৰি তোলাত শিক্ষক সমাজৰ কৰণীয় নিশ্চিতভাৱে অপৰিসীম আৰু ইয়াৰ সামান্য হীনদেৰি হ’লেই ভৱিষ্যতৰ সমাজত এক বিৰূপ তথা নেতিবাচক প্ৰভাৱ পৰিব। কোৱা হয়, ‘এগৰাকী চিকিৎসকৰ ভুল চিকিৎসাত এজন ৰোগীৰ মৃত্যু হয়, কিন্তু এগৰাকী শিক্ষকৰ ভুল শিক্ষাত এটা জাতি ধবংস হ’ব পাৰে’।-

এই সম্পৰ্কে শিক্ষকসকল সদা-সচেতন হোৱা একান্ত প্ৰয়োজন। এজন প্ৰকৃত আদৰ্শবাদী শিক্ষক সদায় সমাজৰ বা দেশৰ আদৰণীয়, অণুকৰণীয় ব্যক্তি আৰু তেওঁ আগবঢ়াই যোৱা বৰঙণি ছাত্ৰ-ছাত্ৰী তথা সমাজে সদায় শ্ৰদ্ধা আৰু সন্মানৰে গ্ৰহণ কৰাৰ লগতে তেওঁ দেখুৱাই যোৱা আদৰ্শ উজ্বলময় ৰূপত কাললৈ সমাজত জিলিকি থাকিব।


কোঠাৰী শিক্ষাআয়োগৰ ‘Education and National Development’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছিল – ‘ভাৰতবৰ্ষৰ ভৱিষ্যৎ ইয়াৰ শ্ৰেণীকোঠা সমূহত তৈয়াৰ হয় (‘The Destiny Of India Is Now Being Shaped In Her Classroom’)। বৰ্তমান শিক্ষা ব্যৱস্থা শিশুকেন্দ্ৰীক যদিও শিক্ষাৰ্থীৰ কিছুমান প্ৰবৃত্তিগত প্ৰৱণতা, প্ৰতিক্ৰিয়া আৰু আচৰণ সুনিয়ন্ত্ৰীত কৰি সজ অভ্যাস গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীৰ সৰ্বাংগিণ বিকাশ কৰি এক সুস্থ ব্যক্তিত্ব গঠনত নিশ্চিতভাৱেই শিক্ষকগৰাকীয়ে সবল ভুমিকা পালন কৰে।

সম্প্ৰতিক কালৰ শিক্ষা ব্যৱস্থাৰ মূল নীতি হৈছে আনন্দদায়ক আৰু ফলপ্ৰসু শিক্ষা। ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো ধৰণৰ মানসিক আৰু শাৰিৰীক কষ্ট নোপোৱাকৈ শিক্ষাগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি বিশেষ দৃষ্টি নিক্ষেপ কৰা হৈছে। বৰ্তমান সময়ত শিক্ষকসকলে শিশুৰ মনোবৈজ্ঞানিক দিশ অধ্যয়ণ কৰি পাঠদান কৰিব লাগিব। শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ যাতে স্থবিৰতাই দেখা নিদিয়ে আৰু মানৱ-সম্পদৰ অপচয় হ’ব নোৱাৰে তাৰ বাবে শিক্ষা আয়োগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যিখিনি শিক্ষক সমাজৰ সদ্দিচ্ছা আৰু সহযোগিতা অবিহনে কেতিয়াও ফলপ্ৰসু হ’ব নোৱাৰে।

শিক্ষকসকলে নতুন নতুন কৌশল শ্ৰেণীকোঠাত প্ৰয়োগ কৰি প্ৰায়োগিক দিশত ছাত্ৰ-ছাত্ৰীক উন্নত মানৰ শিক্ষাদান কৰিব লাগিব। একোটা শ্ৰেণীত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ৰুচি-অভিৰুচিৰ ছাত্ৰ-ছাত্ৰী থাকে। একেদৰে বিভিন্ন সমাজ ব্যৱস্থা আৰু পৰিৱেশৰ ৰ ভিন ভিন আচৰণৰ অনেক ছাত্ৰ-ছাত্ৰী থাকে। গতিকে এই সকলোবিলাক দিশলৈ লক্ষ্য ৰাখি এগৰাকী শিক্ষকে যদি শিশুমনঃস্তত্বৰ জ্ঞানেৰে আধুনিক বৈজ্ঞানিক শিক্ষাপ্ৰণালী প্ৰয়োগ কৰি শিক্ষাদানত ব্ৰতী হয় তেন্তে সেই শিক্ষা নিশ্চিতভাৱে ফলপ্ৰসু হৈ উঠিব।

তাৰোপৰি কেৱল পাঠ্যপুথিৰ সীমিত জ্ঞানৰ মাজতে ছাত্ৰ-ছাত্ৰীক সীমাবদ্ধ কৰি নাৰাখি শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক চৰিত্ৰগঠন, সৎ চিন্তা, সৎ কৰ্ম আদিৰে ব্যক্তিত্বৰ উৎকৰ্ষ সাধন কৰি দেশখনক ভাল পাব পৰা জাতিটোক ভাল পাব পৰা একোগৰাকী ‘ভাল মানুহ’ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে সদা জাগ্ৰত প্ৰহৰীৰ ভুমিকা পালন কৰিব লাগিব শিক্ষকসকলে। কিন্তু অতিসম্প্ৰতি, বিভিন্ন কাৰকৰ প্ৰভাৱত শিক্ষকসমাজৰ যি আপুৰুগীয়া মৰ্যদা, সেই মৰ্যদা বহুপৰিমানে ম্লান পৰি আহিছে।

ইয়াৰ অন্তৰালৰ কাৰণ বহুতো আছে যদিও একাংশ শিক্ষক (কম সংখ্যক)ৰ নিজৰ বৃত্তিগত দায়বদ্ধতা, সামাজিক দায়বদ্ধতা আৰু নৈতিক দায়বদ্ধতাৰ অভাৱ আৰু শিক্ষাদানৰ প্ৰতি প্ৰকাশ কৰা চৰম উদাসীনতা, বিভিন্ন কেলেংকাৰী তথা অপকৰ্মৰ সৈতে এচাম শিক্ষক জড়িত হোৱা, শিক্ষকতা বৃত্তিত যোগ্য আৰু মেধাৱী জনৰ বিপৰীতে অযোগ্য ব্যক্তিৰ সংখ্যা বৃদ্ধি আদি কাৰকে সমগ্ৰ শিক্ষক সমাজৰে মৰ্যদা বহু পৰিমানে যে লাঘৱ কৰিছে সি নিশ্চিত।

এককথাত শিক্ষকসকলে ইতিবাচক চিন্তা, কাৰ্যপ্ৰণালী, সামাজিক দায়বদ্ধতা আৰু আদৰ্শ জীৱন যাপনৰে ছাত্ৰ-ছাত্ৰীক জ্ঞান অৰ্জ্জনৰ বাবে অনুপ্ৰাণিত কৰি ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাব পাৰিলেহে শিক্ষকতাৰ সাৰ্থকতা থাকিব। শেষত ড০ এ. পি. জে. আব্দুল কালামে তেওঁৰ ‘India 2020- A Vission Of the New Millenium’ গ্ৰন্থত লিখি থৈ যোৱা এষাৰ বাক্যৰেই সামৰিব খুজিছো- ‘আপুনি এগৰাকী শিক্ষক হিচাপে আপোনাৰ যিমানখিনি ক্ষমতা আছে সেই ক্ষমতাৰে আপুনি ভৱিষ্যৎ প্ৰজন্ম গঢ় দিয়াৰ ক্ষেত্ৰত সমাজৰ অন্য এজনতকৈ বিশেষ ভূমিকাৰে অৱতীৰ্ণ হ’ব লাগিব।’


লোখকঃ হিমাংশু ৰণ্‌জন ভূঞা

UPPL । গোসাঁইগাঁৱৰ কাশিয়াবাৰীত ইউ পি পি এলৰ বিশাল জনসভা

UPPL । গোসাঁইগাঁৱৰ কাশিয়াবাৰীত ইউ পি পি এলৰ বিশাল জনসভা
UPPL । গোসাঁইগাঁৱৰ কাশিয়াবাৰীত ইউ পি পি এলৰ বিশাল জনসভা

গোসাঁইগাঁও মহকুমাৰ তথা বিটিচিৰ ৪ নম্বৰ যমদুৱাৰ সমষ্টিৰ কাশিয়াবাৰীত UPPL । ইউ পি পি এল দলৰ এখন আজি জন সভা অনুষ্ঠিত হয়। উক্ত বিশাল জন সভাত ইউ পি পি এল দলৰ নেতা কৰ্মী সকলে আগন্তুক বিটিচি নিৰ্বাচনৰ ওপৰত বক্তব্য দিয়াৰ উপৰি পূৰ্বৰ বিপিএফ চৰকাৰৰ কাম কাজক তীব্ৰ সমালোচনা কৰে।

এই বিশাল জন সভাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৩ হেজাৰ নেতা কৰ্মী ইউ পি পি এল দলত যোগদান কৰে। উল্লেখ যে বিটিচি নিৰ্বাচন চমু চাপি অহাৰ পূৰ্বে বিটিচি অঞ্চলত শাসক বিৰোধী শক্তিশালী হৈ পৰিছে। সমষ্টি সমষ্টিয়ে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ, জন সভা।আজিৰ এই জন সভা আৰু যোগদান কাৰ্যসূচীত মন্ত্ৰী উৰখাওঁ গৌৰা ব্ৰহ্ম মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, নিলোত স্বর্গয়াৰী , বিধায়ক জিৰণ বসুমতাৰী, লৰেন্স ইছলাৰী , বিটিচি উপ মুখ্য প্ৰধান গোবিন্দ চন্দ্ৰ বসুমতাৰী, দলৰ কেন্দ্ৰীয় নেতৃত্বই উপস্থিত থাকে।

Spiritual Journey:আধ্যাত্মিক যাত্ৰাৰ ১২ বছৰঃ এক ব্যক্তিগত প্ৰতিফলন

Spiritual Journey:আধ্যাত্মিক যাত্ৰাৰ ১২ বছৰঃ এক ব্যক্তিগত প্ৰতিফলন
Spiritual Journey:আধ্যাত্মিক যাত্ৰাৰ ১২ বছৰঃ এক ব্যক্তিগত প্ৰতিফলন

১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা আধ্যাত্মিক(Spiritual Journey) প্ৰতিষ্ঠান প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হৈছে আধ্যাত্মিক বিকাশ(Personal Reflection) আৰু ৰাজযোগৰ শিক্ষাৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত সংস্থা। আত্ম উপলব্ধি, ধ্যান, দৈনন্দিন জীৱনত আধ্যাত্মিক জ্ঞানৰ প্ৰয়োগ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে ই বিখ্যাত। ভাৰতৰ ৰাজস্থানৰ মাউণ্ট আবুত মুখ্য কাৰ্যালয় থকা এই বিশ্ববিদ্যালয়খনে ১৩০খনতকৈও অধিক দেশক সামৰি লৈছে আৰু বিশ্বত লাখ লাখ ছাত্ৰ-ছাত্ৰী আছে।

এই বিশ্ববিদ্যালয়ৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিসকলক আধ্যাত্মিক জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ জৰিয়তে নিজৰ জীৱন কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি সেই বিষয়ে শিকোৱা। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ মূলতে আছে ৰাজযোগ ধ্যান, যিটোৱে আভ্যন্তৰীণ শান্তি, মানসিক স্পষ্টতা আৰু ঐশ্বৰিকতাৰ সৈতে গভীৰ সংযোগৰ পোষকতা কৰে। এই প্ৰতিষ্ঠানটোৱে শান্তি, প্ৰেম, মমতা, নিস্বাৰ্থ সেৱাৰ গুৰুত্ব আদি মূল্যবোধকো প্ৰসাৰিত কৰে।

বিশ্ববিদ্যালয়খনে এই ভিত্তিত কাম কৰে যে প্ৰকৃত শিক্ষাই কেৱল শৈক্ষিক জ্ঞানক অতিক্ৰম কৰে আৰু ইয়াত আধ্যাত্মিক প্ৰজ্ঞাৰ খেতিও অন্তৰ্ভুক্ত কৰা হয়, যিয়ে ব্যক্তিগত ৰূপান্তৰ আৰু সমাজৰ উন্নতিৰ সূচনা কৰে। ছাত্ৰ-ছাত্ৰীসকলক আত্ম উপলব্ধিৰ যাত্ৰাত নামিবলৈ উৎসাহিত কৰা হয়৷ লগতে, আভ্যন্তৰীণ শক্তি আৰু আধ্যাত্মিক অন্তৰ্দৃষ্টিৰ জৰিয়তে জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ শিকায়।

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ১২ বছৰ সম্পূৰ্ণ কৰাটো এক গুৰুত্বপূৰ্ণ যাত্ৰা, যিয়ে কেৱল ব্যক্তিগত বৃদ্ধিয়েই নহয়, উদ্দেশ্য, পূৰ্ণতা আৰু ঈশ্বৰৰ সৈতে সংযোগৰ গভীৰ অনুভূতিও আনে। এই সময়ছোৱাত মই গভীৰ আধ্যাত্মিক পৰিৱৰ্তন ঘটাইছো আৰু জীৱন, সম্পৰ্ক আৰু মোৰ চৌপাশৰ জগতখনৰ প্ৰতি মোৰ দৃষ্টিভংগীৰ সম্পূৰ্ণ পৰিৱৰ্তন অনুভৱ কৰিছো।


এটা জীৱন পৰিৱৰ্তনকাৰী অভিজ্ঞতাঃ (A life changing experience) প্ৰথম যেতিয়া বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিলো তেতিয়া বহুদিনৰ পৰা সমাধান নোহোৱা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পাইছিলো৷ জীৱনৰ উদ্দেশ্য, আত্মাৰ স্বৰূপ আৰু কেনেকৈ স্থায়ী শান্তি আৰু সুখ বিচাৰি পাব পাৰি সেই বিষয়ে প্ৰশ্ন আছিল।

প্ৰথম অৱস্থাত ৰাজযোগ ধ্যান-ধাৰণাৰ শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, যিয়ে দৈনন্দিন জীৱনৰ সংগ্ৰামবোৰ অতিক্ৰম কৰাৰ বাবে ব্যৱহাৰিক আহিলা প্ৰদান কৰাৰ সহায় কৰে৷ ৰাজযোগৰ দৈনন্দিন অভ্যাসৰ জৰিয়তে ক্ৰমান্বয়ে মনৰ শান্তি অনুভৱ কৰিবলৈ ধৰিলোঁ, যিটো মই আগতে কেতিয়াও সন্মুখীন হোৱা নাছিলো। এসময়ত মোৰ চিন্তাধাৰাক গ্ৰাস কৰা মানসিক চাপ আৰু উদ্বেগ কমকৈ আৱৰি ধৰিলে আৰু মই শিকিলোঁ যে কেনেকৈ আভ্যন্তৰীণ শান্তিৰ গভীৰ অনুভূতি এটা গঢ়ি তুলিব পাৰি।

বিশ্ববিদ্যালয়ত মোক যিটোৱে আটাইতকৈ গভীৰভাৱে আঘাত কৰিছিল সেয়া আছিল শান্তি যে বাহ্যিক বস্তু নহয় সেই উপলব্ধি; ই ভিতৰৰ পৰাই আহে। বাহ্যিক পৰিস্থিতি নিৰ্বিশেষে যিকোনো মুহূৰ্ততে প্ৰৱেশ কৰিব পৰা সত্তাৰ অৱস্থা।

ইয়াত মই বেদ আৰু অন্য শাস্ত্ৰসমূহত সৌৰজগতৰ পৰ্য্যায়ৰ পৰা মানৱ চেতনাৰ সূক্ষ্মতালৈকে ঈশ্বৰৰ ইমান কঠিন পৰিচয় দিয়া হৈছে, তাক সহজে জানিব পাৰিছোঁ। মই ইয়াত শিকিলোঁ যে, সমগ্ৰ দিৱ্যত্ব মোৰ চেতনাৰ ভিতৰত লুকাই থকা। এই জ্ঞানৰ যোগেদি মই ঈশ্বৰৰ সৈতে মোৰ পিতৃ-পুত্ৰৰ সম্পৰ্ক বুজিলোঁ। কাৰণ এই বিশ্ববিদ্যালয়ত স্বয়ং ঈশ্বৰে এই জ্ঞান প্ৰসাৰিত কৰি আছে।


ধ্যান শক্তিঃ(power of meditation) পৰম আত্মা বা ঈশ্বৰৰ সৈতে সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাজযোগ ধ্যান-ধাৰণ আছিল এক মূল অনুশীলন যিয়ে মোক শান্তিৰ এক অটল ভেটি গঢ়ি তোলাত সহায় কৰিছে।

এই অভ্যাসৰ জৰিয়তে মই মনৰ অহৰহ ধুমুহাক নিস্তব্ধ কৰিবলৈ শিকিলোঁ, যাৰ ফলত মই মোৰ প্ৰকৃত স্বৰূপৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰিলোঁ। ধ্যানত মই স্পষ্টতা আৰু বুজাবুজি পাইছিলোঁ আৰু মোৰ অন্তৰ্জগতখন অধিক সংগঠিত হোৱাৰ লগে লগে মোৰ বাহ্যিক জগতখনেও সেই শৃংখলা আৰু সমন্বয়ক প্ৰতিফলিত কৰিবলৈ আৰম্ভ কৰিলে।


বিশ্ববিদ্যালয়খনত ধ্যান-ধাৰণাৰ বাবে এক শান্তিপূৰ্ণ আৰু সহায়ক পৰিৱেশৰ ব্যৱস্থা আছে। নিস্তব্ধ কেম্পাছ আৰু অভিজ্ঞ আধ্যাত্মিক শিক্ষকৰ পথ প্ৰদৰ্শনে এনে এক পৰিৱেশৰ সৃষ্টি কৰিলে য’ত মই মোৰ আধ্যাত্মিক বৃদ্ধিৰ ওপৰত সঁচাকৈয়ে মনোনিৱেশ কৰিব পাৰিলোঁ।

আত্ম উপলব্ধি, কৰ্ম, ধৰ্ম আদি বিষয়ৰ ওপৰত শ্ৰেণী, বক্তৃতা, কৰ্মশালাৰ জৰিয়তে প্ৰদান কৰা জ্ঞানে জীৱনৰ আধ্যাত্মিক সত্যৰ বিষয়ে মোৰ বুজাবুজি গভীৰ কৰি তুলিলে আৰু মোৰ দৈনন্দিন অভিজ্ঞতাত প্ৰয়োগ কৰিব পৰাকৈ ব্যৱহাৰিক পদ্ধতিৰ ব্যৱস্থা কৰিলে।


সম্পৰ্ক ৰূপান্তৰিত কৰাঃ(Transforming relationships) বিশ্ববিদ্যালয়খনত জড়িত হোৱা ১২ বছৰত মই অনুভৱ কৰা এটা গভীৰ পৰিৱৰ্তন হ’ল আনৰ সৈতে মোৰ সম্পৰ্ক। এই ঐশ্বৰিক শিক্ষাত কেৱল আনৰ লগত নহয়, নিজৰ লগতো বিশুদ্ধ, প্ৰেমময় আৰু সন্মানজনক সম্পৰ্ক গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আত্মা চেতনাৰ জাগ্ৰতি—আমি আমাৰ ভৌতিক শৰীৰতকৈ আধ্যাত্মিক সত্তা বুলি সচেতনতাই মোক অধিক সহানুভূতি আৰু বিচ্ছিন্নতাৰে পাৰস্পৰিক ক্ৰিয়াৰ কাষ চাপিবলৈ সহায় কৰিলে।

সম্পৰ্কত প্ৰত্যাহ্বানক মই বোজা হিচাপে নহয়, বৃদ্ধিৰ সুযোগ হিচাপে চাবলৈ ধৰিলোঁ। এই দৃষ্টিভংগীৰ পৰিৱৰ্তনে মোক আনৰ প্ৰতি আৰু নিজৰ প্ৰতি অধিক ধৈৰ্য্যশীল, সহনশীল আৰু ক্ষমাশীল হ’বলৈ সুবিধা কৰি দিলে। ধ্যান আৰু আত্মচিন্তাৰ অভ্যাস কৰি মই খং, ঈৰ্ষাৰ দৰে নেতিবাচক আৱেগক মুক্ত কৰিবলৈ শিকিলোঁ, যিবোৰে পূৰ্বতে মোৰ সম্পৰ্কবোৰক ডাৱৰীয়া কৰি পেলাইছিল। ফলত মই নিজকে অধিক সুসম আৰু পূৰ্ণতাপূৰ্ণ সংযোগেৰে আগুৰি থকা দেখিলোঁ৷


সেৱাৰ পথঃ বিশ্ববিদ্যালয়খনৰ এটা কেন্দ্ৰীয় শিক্ষা হ’ল যে প্ৰকৃত সুখ আনৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ পৰাই আহে। আধ্যাত্মিক যাত্ৰাত আগবাঢ়ি যোৱাৰ লগে লগে আনৰ মংগলৰ বাবে অৰিহণা যোগোৱাৰ লগতে ৰাজযোগৰ শিক্ষা বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰাৰ গভীৰ ইচ্ছা অনুভৱ কৰিলোঁ। এই ইচ্ছাই মোক ধ্যান শিকোৱা, বিদ্যালয়ৰ প্ৰচাৰ কাৰ্যসূচীত সহায় কৰা, আৰ্তজনক আধ্যাত্মিক পথ প্ৰদৰ্শন কৰা আদি বিভিন্ন ধৰণৰ সেৱাত জড়িত হ’বলৈ বাধ্য কৰাইছে।

বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় আৰু বিশ্বব্যাপী সেৱাৰ কাৰ্য্যকলাপত অংশগ্ৰহণ কৰাৰ যথেষ্ট সুযোগ প্ৰদান কৰে। আনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি মই দেখিলোঁ যে মই নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰিবলৈ সক্ষম হৈছো আৰু কোনো বস্তুগত কৃতিত্বই দিব নোৱাৰা পৰিপূৰ্ণতাৰ অনুভূতি অনুভৱ কৰিবলৈ সক্ষম হৈছো।


বিশ্বাস আৰু আধ্যাত্মিকতাক শক্তিশালী কৰাঃ এই ১২ বছৰৰ ভিতৰত বিশ্ববিদ্যালয়ৰ ঐশ্বৰিক আৰু শিক্ষাৰ প্ৰতি মোৰ বিশ্বাস ঘাতকভাৱে গভীৰ হৈ পৰিছে। মই বুজিলোঁ যে পৰমাত্মা বা ঈশ্বৰ মোৰ পিতা৷ এই বুজাবুজিয়ে জীৱনৰ প্ৰত্যাহ্বানৰ প্ৰতি মোৰ দৃষ্টিভংগীক ৰূপান্তৰিত কৰিলে, কিয়নো মই উপলব্ধি কৰিলোঁ যে জীৱনৰ পৰিস্থিতিৰ সন্মুখীন হোৱাত মই কেতিয়াও অকলশৰীয়া নাছিলো।

বিশেষকৈ অসুবিধা বা সন্দেহৰ মুহূৰ্তত ঐশ্বৰিক সমৰ্থনৰ শক্তি স্পষ্ট হৈ পৰিছিল। ইয়াৰ উপৰিও কৰ্মৰ ধাৰণা, কাৰণ আৰু ফলৰ নিয়মক আকোৱালি ল’বলৈ শিকিলোঁ। প্ৰতিটো কামৰ এটা পৰিণতি আছে বুলি বুজি পোৱাটোৱে মোক মোৰ চিন্তা, কথা আৰু কৰ্মৰ দায়িত্ব লোৱাত সহায় কৰিলে। এই আত্মসচেতনতাই মোক অধিক সততাৰে জীয়াই থাকিবলৈ উৎসাহিত কৰিলে আৰু মোৰ কাৰ্য্যসমূহ মোৰ আধ্যাত্মিক মূল্যবোধৰ সৈতে মিল থকাটো নিশ্চিত কৰিলে।


মাউণ্ট আবুৰ পৰিৱৰ্তনশীল অভিজ্ঞতাঃ মাউণ্ট আবুৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মুখ্যালয়ত ভ্ৰমণ কৰাটো বৰ্ণনাক অতিক্ৰম কৰা এক অভিজ্ঞতা। ৰাজস্থানৰ নিস্তব্ধ পাহাৰৰ মাজত অৱস্থিত বিশ্ববিদ্যালয়খনৰ পৰিৱেশটো শান্তি, আধ্যাত্মিকতা আৰু গভীৰ আত্মনিৰীক্ষণৰ ভাৱনাৰে ৰঞ্জিত। ই এনে এখন ঠাই য’ত আধ্যাত্মিক শিক্ষণ, আত্ম- উপলব্ধি আৰু প্ৰজ্ঞাৰ সন্ধানে একত্ৰিত হৈ সমন্বয় আৰু জ্ঞান-প্ৰকাশৰ পৰিৱেশ সৃষ্টি কৰে।

এই অভিজ্ঞতাৰ গভীৰ প্ৰভাৱ মোৰ ব্যক্তিগত শৈক্ষিক যাত্ৰাক আৰু অধিক গভীৰ কৰি তুলিছে। ইতিহাস আৰু আধ্যাত্মিকতাৰ ওপৰত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ভেটি স্থাপন কৰি মই শৈক্ষিক জ্ঞান আৰু আধ্যাত্মিক প্ৰজ্ঞাৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ সক্ষম হৈছো।

এই দুয়োটা শাখাক একত্ৰিত কৰা এখন কিতাপ লিখাটো মোৰ শিক্ষণৰ এক স্বাভাৱিক সম্প্ৰসাৰণ হৈ পৰিল। বিশ্ববিদ্যালয়খনৰ শিক্ষাই মোৰ ইতিহাসৰ বুজাবুজিক সমৃদ্ধ কৰিবলৈ প্ৰয়োজনীয় দাৰ্শনিক আৰু আধ্যাত্মিক অন্তৰ্দৃষ্টি প্ৰদান কৰিছে, আনহাতে মোৰ শৈক্ষিক পটভূমিয়ে মোক এই ধাৰণাসমূহ গাঁথনিগত, চিন্তাশীলভাৱে উপস্থাপন কৰিবলৈ অনুমতি দিছে।

ঐতিহাসিক অধ্যয়ন আৰু আধ্যাত্মিক জাগৰণৰ এই সংমিশ্ৰণে কেৱল শৈক্ষিকভাৱেই পূৰ্ণতা প্ৰদান কৰাই নহয়, আধ্যাত্মিকভাৱেও সমৃদ্ধিশালী কৰি তুলিছে। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ অভিজ্ঞতা মোৰ যাত্ৰাৰ এক অমূল্য অংশ বুলি প্ৰমাণিত হৈছে—যিটোৱে মোৰ বৌদ্ধিক সাধনা আৰু আধ্যাত্মিক বিকাশ দুয়োটাকে অনুপ্ৰাণিত কৰিছে। এতেকে, প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ১২ বছৰ সম্পূৰ্ণ কৰাটো এক পৰিৱৰ্তনশীল অভিজ্ঞতা।

আভ্যন্তৰীণ শান্তিৰ সন্ধান হিচাপে যিটো আৰম্ভ কৰিছিলো, সেয়া গভীৰ আত্ম- উপলব্ধি, আধ্যাত্মিক বৃদ্ধি আৰু সেৱাৰ যাত্ৰালৈ বিকশিত হৈছে। বিশ্ববিদ্যালয়খনে মোক কৃপা আৰু প্ৰজ্ঞাৰে জীৱনৰ জটিলতাক আতৰ কৰাৰ সঁজুলি যোগান ধৰিছে, লগতে ঐশ্বৰিকতাৰ সৈতে গভীৰ সংযোগৰ অনুভূতি গঢ়ি তোলাত সহায় কৰিছে। মই ভাব এই বিশ্ববিদ্যালয়ৰ ঐশ্বৰিক জ্ঞান সমগ্ৰ মানৱ জাতিৰ অতিকৈ আৱশ্যক৷


ব্ৰহ্মাকুমাৰ আকাশ সাহা (Brahma Kumar Akash Saha)

Brave Woman:সাহসী ছোৱালীৰ বিবাহ প্ৰত্যাখ্যান

Brave Woman:সাহসী ছোৱালীৰ বিবাহ প্ৰত্যাখ্যান
Brave Woman:সাহসী ছোৱালীৰ বিবাহ প্ৰত্যাখ্যান

গুৱাহাটী, ৪ ডিচেম্বৰঃ কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া বিধানসভা সমষ্টিৰ ২নং টুপামাৰীৰ অতি দুৰ্গম তথা চৰ অঞ্চলত বসবাস কৰা দৰিদ্ৰ পিতৃৰ পত্নী বহুদিন পূৰ্বেই ইহলিলা ত্যাগ কৰিলে(Brave Woman)।

মাতৃহীনা ছোৱালীজনীৰ সপোন লিখা-পঢ়া কৰি প্ৰতিষ্ঠিত হোৱাৰ। ছোৱালীজনীৰ সপোন পুৰণ কৰিবলৈ সক্ষম নোহোৱা তথা লিখা পঢ়াৰ খৰচ বহন কৰিব নোৱাৰি অৱশেষত পিতৃ সাহেব আলীয়ে বিয়া দি পিতৃৰ দায়িত্ব সামৰি লোৱাৰ সিদ্ধান্ত লৈছিল।

বদলা ৰাংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যায়নৰত ছোৱালীজনীয়ে উপাইবিহীন হৈ সাহসেৰে নিজৰ বিবাহৰ বিৰোধিতা(Refused to Marry) কৰে। নিজৰ বিবাহৰ বিৰোধিতা কৰি বদলা ৰাংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত বালিকা সুৰক্ষা মঞ্চ পৰিচালনা কৰা কৃতী শিক্ষক দীপক ৰাভা আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীক ঘটনাৰ বিষয়ে অৱগত কৰে।

তাৰ পিছতেই বালিকা সুৰক্ষা মঞ্চই নাবালিকা ছাত্ৰীগৰাকীৰ পিতৃৰ সিদ্ধান্ত খৰ্ব কৰিবলৈ সক্ষম হয়। ছোৱালীজনীৰ এই সাহসিকতাক(Courageous Girl) সন্মান জনাই বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত ‘সাহসিকতা বঁটা’ৰে সন্মানিত কৰে।

সেই খবৰ সামাজিক মাধ্যমৰ লগতে অসমৰ আগশাৰীৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতেই কিশোৰী ছাত্ৰীগৰাকীৰ সাহসিকতাক লৈ অঞ্চল জুৰি ব্যপক চৰ্চা আৰম্ভ হোৱাৰ উপৰি বিভিন্ন দল-সংগঠনে ছাত্ৰীগৰাকীৰ অগ্ৰগতি ভৱিষ্যৎ উজ্জ্বল কামনা কৰে।

মঙলবাৰে সাহসিকতা বঁটা লাভ কৰা ছাত্ৰীগৰাকীক সোণতলী টুপামাৰী প্ৰেছ ক্লাবৰ সভাপতি আবুল হাসেমৰ উপস্থিতিত প্ৰেছ ক্লাবৰ ফালৰ পৰা উদ্‌গণিমূলক বটা প্ৰদান কৰাৰ উপৰি বালিকা সুৰক্ষা মঞ্চই ছাত্ৰীগৰাকীক মানপত্ৰ প্ৰদান কৰি সন্মানিত কৰে।

বদলা ৰাংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপক ৰাভাই সাংবাদিকৰ আগত ৰাজ্য চৰকাৰৰ কৰ্ণগোচৰ হোৱাকৈ কয় যে অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী ছাত্ৰীগৰাকীৰ লিখা পঢ়াৰ খৰচ বহন কৰিব নোৱাৰি পিতৃয়ে ছাত্ৰীগৰাকীক বিবাহ দিয়াৰ প্ৰস্তুতি লৈছিল।

সেয়েহে ছাত্ৰীগৰাকীৰ লিখা-পঢ়াৰ বাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন।মনত অযুত সপোন পুহি ৰখা সপোন পুৰণৰ বাবে চৰকাৰে এককালীন সাহায্যৰ পোষকতা কৰাৰ উপৰি বাল্যবিবাহৰ দৰে ভয়ংকৰ দিশত নিজৰ সাহসিকতাৰে নিজৰ বিবাহৰ বিৰোধ কৰা ছোৱালীজনীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা সাহসিকতা বঁটা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী উত্থাপণ কৰে।

Ajit Kumar Bhuyan । অ’ এন জি চি প্ৰসংগত ৰাজ্যসভাত সৰৱ অজিত কুমাৰ ভূঞা

Ajit Kumar Bhuyan । অ' এন জি চি প্ৰসংগত ৰাজ্যসভাত সৰৱ অজিত কুমাৰ ভূঞা
Ajit Kumar Bhuyan । অ' এন জি চি প্ৰসংগত ৰাজ্যসভাত সৰৱ অজিত কুমাৰ ভূঞা

Ajit Kumar Bhuyan । নাজিৰাত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ মাণ্ডলিক
কাৰ্যালয়টো অসমৰ পৰা স্থানান্তৰ কৰিব খোজা বিষয়টোৰ প্ৰতি মঙলবাৰে ৰাজ্যসভাৰ মজিয়াত
চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷

সাংসদ অজিত কুমাৰ ভূঞাই কয়,”তেল,কয়লা, প্ৰাকৃতিক গেছ, চাহ আদিৰ ৰূপত প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত ব্ৰিটিছ যুগৰ পৰা অসম শীৰ্ষস্থানত আছিল ।ডিগবৈ তেল শোধনাগাৰ ব্ৰিটিছে প্ৰতিষ্ঠা কৰিছিল । স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে অ’ এন জি চি স্থাপন কৰিছিল । নাজিৰাত অ’ এন জি চিৰ আঞ্চলিক কাৰ্যালয়ক দেশৰ উত্তৰ-পূব অংশত অপৰিশোধিত সামগ্ৰীৰ অন্বেষণ আৰু উৎপাদনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । কিন্তু এতিয়া এক প্ৰণালীবদ্ধ ডিজাইনত ইয়াৰ কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ পৰিৱৰ্তে কিছুমান কামকাজ দিল্লী বা আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে ।
নিবিদা, বিত্ত, লজিষ্টিক আদি সম্পৰ্কীয় কামবোৰৰ কিছুমান ইতিমধ্যে স্থানান্তৰ কৰা হৈছে । এই কাৰ্যবোৰৰ বাবে জনসাধাৰণৰ মনত এক তীব্ৰ অসন্তুষ্টি বৃদ্ধি পাইছে ।”
এনেদৰে মন্তব্য কৰিলে ৰাজ্যসভাত সাংসদ অজিত কুমাৰ ভূঞা

Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ

Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ
Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ

গুৱাহাটী, ৪ ডিচেম্বৰঃ বৃটিছৰ শাসনকালত আসাম কোম্পানীয়ে নাজিৰা মহকুমাৰ চকীমুখত এটি বিমান ঘাটি প্ৰতিষ্ঠা কৰি ভাৰত তথা বিশ্বৰ বিভিন্ন স্থানলৈ অসমত উৎপাদিত চাহৰ ৰপ্তানি বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল(Bir Lachit Sena)।

দেশে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্ত্তী সত্তৰৰ দশক পৰ্যন্ত অসমৰ চাহ বাগিচাৰ উৎপাদিত মান বিশিষ্ট চাহ এই বিমান ঘাটিৰপৰা(Airport and IIT) আকাশী পথেৰে পৰিবহন ঘটোৱা হৈছিল।

নাজিৰাত(Nazira) আসাম কোম্পানীৰ মূল কাৰ্য্যালয় প্ৰতিষ্ঠাৰে ব্যৱসায়িক দক্ষতা আৰু প্ৰশাসনীয় শাসনভাৰ পৰিচালনাৰ চিনাকি দিয়া বৃটিছসকলৰ বাবে চকীমুখৰ বিমান-ঘাটিৰ গুৰুত্ব আছিল অপৰিসীম।পৰৱৰ্ত্তী সময়ত নাজিৰাত ভাৰত চৰকাৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’এনজিচিৰ(ONGC) মুখ্য কাৰ্যালয় স্থাপন কৰে।

উজনি অসমকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ খনন আৰু উৎপাদন ঘটাই ৰাষ্ট্ৰৰ ৰাজহ-ভৰাঁললৈ অসমৰ খাৰুৱা তেলেৰে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে।ইয়াৰ পিছতো বৰ্ত্তমানৰ চৰকাৰে নাজিৰাক সমজিলাৰ মৰ্যদা আগবঢ়াইছে যদিও নাজিৰাৰ সৰ্বাংগীন উন্নয়ন পৰিলক্ষিত হোৱা নাই।

অতি শেহতীয়াকৈ বীৰ লাচিত সেনা অসমে নাজিৰাৰ অনগ্ৰসৰতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।উত্তৰ পূৰ্বাঞ্চলৰ লগতে নাজিৰাৰ সৰ্বাংগীন উন্নয়নৰ বাট সূচল কৰি তুলিবলৈ নাজিৰাৰ ঐতিহাসিক চকীমুখৰ টমটমতলা হিচাপে পৰিচিত স্থানত পুৰণি বিমান বন্দৰটিক পুনৰ নতুনকৈ প্ৰতিষ্ঠাৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে।

লগতে এখন ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (আইআইটি) স্থাপনৰো দাবী জনাইছে বীৰ লাচিত সেনা, অসমে। সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ মুখ্য সচিব অনুপম সন্দিকৈৰ স্বাক্ষৰত আজি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ পৰিবহন মন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ নাজিৰাৰ সমজিলা আয়ুক্ত কণিকাৰ যোগেদি একোখনিকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে।

বীৰ লাচিত সেনাৰ এই দাবীয়ে নাজিৰাৰ সম্পদ আৰু সম্ভাৱনাক উপযুক্ত মূল্যায়নৰ যথাৰ্থ প্ৰয়োজনক চৰকাৰৰ ওচৰত ধৰাৰ লগতে নাজিৰা সমজিলাৰ উন্নয়নৰ হেতু চৰকাৰে ল’বলগীয়া দৃষ্টিভংগীক একপ্ৰকাৰে প্ৰয়োজনীতা আহি পৰিছে৷(Dainandin Barta)

Dhubri । ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ ধুবুৰী আৰক্ষীৰ

Dhubri । ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ ধুবুৰী আৰক্ষীৰ
Dhubri । ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ ধুবুৰী আৰক্ষীৰ

৪ ডিচেম্বৰ: Dhubri। ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কামত ব্যৱহাৰ হোৱা প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটলৈ ট্ৰেক্টৰৰে চুৰি কৰি লৈ যাব ধৰে যদিও এ,এম, কো, ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হৈ ৰটসহ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ বিভিন্ন সা-সামগ্ৰী সঘনাই চুৰি হৈ থাকে যদিও আজিলৈকে কোনেও এজন চোৰ কৰায়ুক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। AS 25 EC 4995 নম্বৰৰ ট্ৰেক্টৰত প্ৰায় ৫ হাজাৰ কুইণ্টল ৰট ভৰ্তি কৰি খেৰৰ তলত লুকাই ট্ৰেক্টৰে লৈ যাবলৈ ধৰিছিল।

আৰক্ষীয়ে খবৰ পোৱাৰ পাছত ট্ৰেক্টৰত প্ৰায় ৫ হাজাৰ কুইণ্টল ৰট ভৰ্তি ট্ৰেক্টৰ জব্দ কৰি এ,এম, কো, ৰোড বজাৰ নগৰ আৰক্ষী চকীত আনে। ইপিনে জব্দকৃত ট্ৰেক্টৰৰ যাবতীয় নথি পত্ৰৰ সময় সীমাৰ ম্যাদ উকলি গৈছে। জানিব পৰা মতে ট্ৰেক্টৰ গাড়ী সত্বাধিকাৰীক নাম আফজাল হক বুলি জানিব পৰা গৈছে ।

এতিয়া প্ৰশ্ন হয় আফজাল হকে কাক ভাড়া দিছিল এই ট্ৰেক্টৰ। নে নিজেই এই চুৰি কাণ্ডৰ লগত জড়িত সেয়া আৰক্ষীৰ তদন্তত ওলাব পাৰে সকলো ৰহস্য। এতিয়া ধুবুৰী আৰক্ষীয়ে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ কৰাৰ ঘটনাটো কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।