Home Blog Page 429

Himanta Biswa Sarma। এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ

Himanta Biswa Sarma। এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ
Himanta Biswa Sarma। এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ

Himanta Biswa Sarma। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎকৰাৰ পাছত শৰ্মাই এছ জয় শংকৰ. জেপি নাড্ডা, জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে । মঙলবাৰে শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নাড্ডাক সাক্ষাৎ কৰে ।

মঙলবাৰে শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নাড্ডাক সাক্ষাৎ কৰে
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে শৰ্মাই

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ শৰ্মাই অসমত অগ্ৰাধিকাৰযুক্ত আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণকৰণ নিশ্চিত কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ৰ আগবঢ়োৱা সমৰ্থনত সন্তোষ প্ৰকাশ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে শৰ্মাই। ২০২৫ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই শৰ্মাই।
কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই। নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ সময়ত শৰ্মাই ২০২৫ চনত আয়োজন কৰিবলগীয়া ‘এডভাণ্টেজ আছাম’ত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়।

INDIAN MONEY: অধিক হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য

INDIAN MONEY: অধিক হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা মঙলবাৰে টকাৰ মূল্য সৰ্বকালৰ বাবে সৰ্বনিম্ন স্তৰলৈ নামি আহে। ইয়াৰ বিপৰীতে আমেৰিকান ডলাৰ শক্তিশালী হৈ পৰিছে। মঙলবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৪.৭৫ টকালৈ হ্ৰাস পায়। যদিও দিনৰ শেষত সামান্য বৃদ্ধি পাই ৮৪.৬৮ টকা হয়। আনহাতে, ডলাৰৰ সূচকাংক ১০৬.৫০ লৈ বৃদ্ধি পাইছে। বিশ্লেষকসকলে কয় যে টকাৰ মূল্য আৰু অধিক হ্ৰাস পালেহেঁতেন, কিন্তু ভাৰতৰ কেন্দ্ৰীয় বেংক আৰ বি আইৰ হস্তক্ষেপে কিছু পৰিমাণে বাধা প্ৰদান কৰিছে। অৱশ্যে ধাৰাবাহিকভাৱে টকাৰ মূল্য হ্ৰাসক লৈ উদ্বিগ্ন হৈ পৰিছে ব্যৱসায়ীসকল। টকা সুস্থিৰ কৰাৰ বাবে কেইবামাহো ধৰি বজাৰত হস্তক্ষেপ কৰি আহিছে আৰ বি আইয়ে। সোমবাৰেও ০.২৫ শতাংশ হ্ৰাস পাইছে টকা। সেইটো আছিল ছমাহৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰাস। স্থানীয় মুদ্ৰাৰ এই হ্ৰাসৰ মূল কাৰণ হ’ল ভাৰতৰ জিডিপি বৃদ্ধিৰ চিন্তা। এএনজেডৰ অৰ্থনীতিবিদ তথা বজাৰ বিশ্লেষক ধীৰাজ নিমে কয়, "ভাৰতৰ জিডিপি বৃদ্ধিৰ দুৰ্বলতাই বিনিয়োগকাৰীৰ আত্মবিশ্বাস স্তব্ধ কৰিব পাৰে। আনহাতে, শেহতীয়াকৈ আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পোৱাৰ ফলতো টকাৰ হ্ৰাস ত্বৰান্বিত হৈছে।" ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত যোৱা ২৭ ছেপ্টেম্বৰৰ তুলনাত দুমাহত ৪৮ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। এনে পৰিস্থিতিত ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস বন্ধ কৰিবলৈ আৰ বি আইয়ে মুদ্ৰা বজাৰত তীব্ৰ হস্তক্ষেপ কৰিছে। ২৭ ছেপ্টেম্বৰত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। আৰ বি আইৰ শেহতীয়া হিচাপ অনুসৰি যোৱা ২২ নৱেম্বৰত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.৩১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫৬.৫৮ বিলিয়ন ডলাৰ হৈছে। ইপিনে বিশেষজ্ঞসকলে কয় যে মজুত হ্ৰাস পোৱাৰ কাৰণ হ’ল ডলাৰৰ বহিঃপ্ৰবাহ বৃদ্ধি। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৫.৪ শতাংশলৈ হ্ৰাস পাইছে, যিটো প্ৰায় দুবছৰৰ ভিতৰত সৰ্বনিম্ন। যোৱা বছৰৰ একে সময়ছোৱাত দেশৰ বৃদ্ধিৰ হাৰ ৮.১ শতাংশ। মূলতঃ উৎপাদন খণ্ডৰ মন্দাৱস্থাৰ বাবেই বৃদ্ধি হ্ৰাস পাইছে। যিটো দেশৰ অৰ্থনীতিৰ বাবে চিন্তাৰ কাৰণ। কিন্তু এতিয়াও দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিত আছে ভাৰত। কাৰণ চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত চীনৰ বৃদ্ধি ৪.৬ শতাংশ। ইয়াৰ পূৰ্বে ২০২২-২৩ বিত্তীয় বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৪.৩ শতাংশলৈ লেহেমীয়া হৈছিল। দেশৰ মুঠ মূল্য সংযোজিত ৫.৬ শতাংশ, যিটো পূৰ্বৰ ত্ৰৈমাসিকত ৬.৮ শতাংশ। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত কৃষি খণ্ডত ৩.৫ শতাংশ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ ২ শতাংশ আছিল। কিন্তু উৎপাদন খণ্ডৰ বৃদ্ধিৰ গতি পূৰ্বৰ ত্ৰৈমাসিকত ৭ শতাংশৰ তুলনাত ২.২ শতাংশলৈ হ্ৰাস পাইছে।
INDIAN MONEY: অধিক হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা মঙলবাৰে টকাৰ মূল্য সৰ্বকালৰ বাবে সৰ্বনিম্ন স্তৰলৈ নামি আহে। ইয়াৰ বিপৰীতে আমেৰিকান ডলাৰ শক্তিশালী হৈ পৰিছে। মঙলবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৪.৭৫ টকালৈ হ্ৰাস পায়। যদিও দিনৰ শেষত সামান্য বৃদ্ধি পাই ৮৪.৬৮ টকা হয়। আনহাতে, ডলাৰৰ সূচকাংক ১০৬.৫০ লৈ বৃদ্ধি পাইছে। বিশ্লেষকসকলে কয় যে টকাৰ মূল্য আৰু অধিক হ্ৰাস পালেহেঁতেন, কিন্তু ভাৰতৰ কেন্দ্ৰীয় বেংক আৰ বি আইৰ হস্তক্ষেপে কিছু পৰিমাণে বাধা প্ৰদান কৰিছে। অৱশ্যে ধাৰাবাহিকভাৱে টকাৰ মূল্য হ্ৰাসক লৈ উদ্বিগ্ন হৈ পৰিছে ব্যৱসায়ীসকল। টকা সুস্থিৰ কৰাৰ বাবে কেইবামাহো ধৰি বজাৰত হস্তক্ষেপ কৰি আহিছে আৰ বি আইয়ে।
সোমবাৰেও ০.২৫ শতাংশ হ্ৰাস পাইছে টকা। সেইটো আছিল ছমাহৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰাস। স্থানীয় মুদ্ৰাৰ এই হ্ৰাসৰ মূল কাৰণ হ’ল ভাৰতৰ জিডিপি বৃদ্ধিৰ চিন্তা। এএনজেডৰ অৰ্থনীতিবিদ তথা বজাৰ বিশ্লেষক ধীৰাজ নিমে কয়, “ভাৰতৰ জিডিপি বৃদ্ধিৰ দুৰ্বলতাই বিনিয়োগকাৰীৰ আত্মবিশ্বাস স্তব্ধ কৰিব পাৰে। আনহাতে, শেহতীয়াকৈ আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পোৱাৰ ফলতো টকাৰ হ্ৰাস ত্বৰান্বিত হৈছে।” ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত যোৱা ২৭ ছেপ্টেম্বৰৰ তুলনাত দুমাহত ৪৮ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। এনে পৰিস্থিতিত ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস বন্ধ কৰিবলৈ আৰ বি আইয়ে মুদ্ৰা বজাৰত তীব্ৰ হস্তক্ষেপ কৰিছে। ২৭ ছেপ্টেম্বৰত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। আৰ বি আইৰ শেহতীয়া হিচাপ অনুসৰি যোৱা ২২ নৱেম্বৰত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.৩১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫৬.৫৮ বিলিয়ন ডলাৰ হৈছে। ইপিনে বিশেষজ্ঞসকলে কয় যে মজুত হ্ৰাস পোৱাৰ কাৰণ হ’ল ডলাৰৰ বহিঃপ্ৰবাহ বৃদ্ধি। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৫.৪ শতাংশলৈ হ্ৰাস পাইছে, যিটো প্ৰায় দুবছৰৰ ভিতৰত সৰ্বনিম্ন। যোৱা বছৰৰ একে সময়ছোৱাত দেশৰ বৃদ্ধিৰ হাৰ ৮.১ শতাংশ। মূলতঃ উৎপাদন খণ্ডৰ মন্দাৱস্থাৰ বাবেই বৃদ্ধি হ্ৰাস পাইছে। যিটো দেশৰ অৰ্থনীতিৰ বাবে চিন্তাৰ কাৰণ। কিন্তু এতিয়াও দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিত আছে ভাৰত। কাৰণ চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত চীনৰ বৃদ্ধি ৪.৬ শতাংশ। ইয়াৰ পূৰ্বে ২০২২-২৩ বিত্তীয় বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৪.৩ শতাংশলৈ লেহেমীয়া হৈছিল। দেশৰ মুঠ মূল্য সংযোজিত ৫.৬ শতাংশ, যিটো পূৰ্বৰ ত্ৰৈমাসিকত ৬.৮ শতাংশ।
জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত কৃষি খণ্ডত ৩.৫ শতাংশ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ ২ শতাংশ আছিল। কিন্তু উৎপাদন খণ্ডৰ বৃদ্ধিৰ গতি পূৰ্বৰ ত্ৰৈমাসিকত ৭ শতাংশৰ তুলনাত ২.২ শতাংশলৈ হ্ৰাস পাইছে।

Skill: অসমত দক্ষতা বিকাশৰ নতুন যুগৰ সূচনা,ঔদ্যোগিক সন্মিলন, ২০২৪

Skill: অসমত দক্ষতা বিকাশৰ নতুন যুগৰ সূচনা,ঔদ্যোগিক সন্মিলন, ২০২৪ "আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।"- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা চৰকাৰ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ মাজত শক্তিশালী সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে আজি ঔদ্যোগিক সন্মিলন, ২০২৪-ৰ আয়োজন কৰে য'ত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অনুষ্ঠান সম্বোধন কৰে। অসমৰ দক্ষতা শিক্ষা খণ্ডক শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ যুৱক-যুৱতীসকলক সাম্প্ৰতিক সময়ৰ কৰ্মশক্তিৰ চাহিদা পূৰণৰ বাবে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সমাধান সূত্ৰ সন্ধান কৰাই আছিল এই অনুষ্ঠানৰ প্ৰধান লক্ষ্য । মুখ্য ভাষণত মন্ত্ৰী বৰুৱাই উদ্যোগৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক অসমৰ দক্ষতা শিক্ষা খণ্ডৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আই টি আই সমূহৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা তথা পৰিচালনাৰ যোগেদি শিক্ষানুষ্ঠান সমূহ বিশ্ব মানৰ কৰি গঢ়ি তোলাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰী বৰুৱাই লগতে কয়- "অসমৰ দক্ষতা শিক্ষাৰ ৰূপান্তৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে আমি প্ৰতিটো বিধানসভা সমষ্টিত আই টি আই স্থাপন কৰাৰ পৰিকল্পনা কৰিছো আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডলৈ এই অনুষ্ঠান সম্প্ৰসাৰণৰ বাবেও চিন্তা কৰিছো। চৰকাৰৰ অভিলাষী পৰিকল্পনাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়ালৈ স্থাপন নোহোৱা ৭০টা সমষ্টিত নতুনকৈ আই টি আই স্থাপন কৰিব বিচাৰিছো। আমি উদ্যোগবিলাকক আই টি আই সমূহৰ দায়িত্ব গ্ৰহণ কৰি, উদ্যোগ-কেন্দ্ৰিক পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰয়োজন অনুসাৰে দক্ষ কৰ্মশক্তি সৃষ্টি কৰাত সহায় কৰি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ।" মন্ত্ৰী বৰুৱাই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ অসমৰ সুবিধাজনক ভৌগোলিক অৱস্থানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মন্তব্য কৰি কয়- "এসময়ত অসমক প্ৰান্তীয় অঞ্চল বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উদ্যোগৰ সহযোগিতাৰে অসম দেশৰ ভিতৰতে বিকাশৰ ইঞ্জিনত পৰিণত হ’ব পৰা থল আছে।"তুলনামূলক ভাৱে ৰাজ্যখনৰ যুৱ জনগাঁথনিৰ শক্তিক স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে দক্ষতা বিকাশক অগ্ৰাধিকাৰ দিয়াটো অতি প্ৰয়োজনীয়। তেওঁ উদ্যোগ ৪.০-ৰ অধীনত বৰ্তমানৰ আই টি আইসমূহক দক্ষতা বিকাশৰ 'চেন্টাৰ অফ এক্সেলেন্সলৈ' (centre of excellence) ৰূপান্তৰিত কৰা টাটা টেকন’লজিছৰ দৰে আগশাৰীৰ সংস্থাসমূহৰ সৈতে চলি থকা সহযোগিতাৰ ওপৰত আলোকপাত কৰে আৰু অন্যান্য উদ্যোগসমূহকো এই গতিধাৰাক অনুসৰণ কৰিবলৈ আহ্বান জনায়।মন্ত্ৰী বৰুৱাই ভাষণৰ সামৰণিত কয়- "আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।" এই অনুষ্ঠানত ৮৮ টাতকৈও অধিক আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ১৫০-ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আলোচনাৰ অন্তত Scientech, Festo Controls Pvt. Ltd, Honda CSR, ABB Pvt Ltd. and Janatics-কে ধৰি কেইবাটাও ঔদ্যোগিক সংস্থাৰ সৈতে চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিসমূহৰ লক্ষ্য হৈছে কাৰিকৰী প্ৰশিক্ষণ বৃদ্ধি কৰা, কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা, আৰু অসমৰ দক্ষতা বিকাশৰ পৰিৱেশ তথা আন্তঃগাথঁনি শক্তিশালী কৰা।ঔদ্যোগিক সন্মিলন, ২০২৪-য়ে অসমক দক্ষতা বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী মাত্ৰা প্ৰদান কৰিছে। ই চৰকাৰ আৰু উদ্যোগৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এক নতুন মানদণ্ড স্থাপন কৰিছে।
Skill: অসমত দক্ষতা বিকাশৰ নতুন যুগৰ সূচনা,ঔদ্যোগিক সন্মিলন, ২০২৪

“আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।”- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

চৰকাৰ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ মাজত শক্তিশালী সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে আজি ঔদ্যোগিক সন্মিলন, ২০২৪-ৰ আয়োজন কৰে য’ত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অনুষ্ঠান সম্বোধন কৰে। অসমৰ দক্ষতা শিক্ষা খণ্ডক শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ যুৱক-যুৱতীসকলক সাম্প্ৰতিক সময়ৰ কৰ্মশক্তিৰ চাহিদা পূৰণৰ বাবে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সমাধান সূত্ৰ সন্ধান কৰাই আছিল এই অনুষ্ঠানৰ প্ৰধান লক্ষ্য ।

মুখ্য ভাষণত মন্ত্ৰী বৰুৱাই উদ্যোগৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক অসমৰ দক্ষতা শিক্ষা খণ্ডৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আই টি আই সমূহৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা তথা পৰিচালনাৰ যোগেদি শিক্ষানুষ্ঠান সমূহ বিশ্ব মানৰ কৰি গঢ়ি তোলাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰী বৰুৱাই লগতে কয়- “অসমৰ দক্ষতা শিক্ষাৰ ৰূপান্তৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে আমি প্ৰতিটো বিধানসভা সমষ্টিত আই টি আই স্থাপন কৰাৰ পৰিকল্পনা কৰিছো আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডলৈ এই অনুষ্ঠান সম্প্ৰসাৰণৰ বাবেও চিন্তা কৰিছো। চৰকাৰৰ অভিলাষী পৰিকল্পনাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয়, “এতিয়ালৈ স্থাপন নোহোৱা ৭০টা সমষ্টিত নতুনকৈ আই টি আই স্থাপন কৰিব বিচাৰিছো। আমি উদ্যোগবিলাকক আই টি আই সমূহৰ দায়িত্ব গ্ৰহণ কৰি, উদ্যোগ-কেন্দ্ৰিক পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰয়োজন অনুসাৰে দক্ষ কৰ্মশক্তি সৃষ্টি কৰাত সহায় কৰি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ।”

মন্ত্ৰী বৰুৱাই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ অসমৰ সুবিধাজনক ভৌগোলিক অৱস্থানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মন্তব্য কৰি কয়- “এসময়ত অসমক প্ৰান্তীয় অঞ্চল বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উদ্যোগৰ সহযোগিতাৰে অসম দেশৰ ভিতৰতে বিকাশৰ ইঞ্জিনত পৰিণত হ’ব পৰা থল আছে।”তুলনামূলক ভাৱে ৰাজ্যখনৰ যুৱ জনগাঁথনিৰ শক্তিক স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে দক্ষতা বিকাশক অগ্ৰাধিকাৰ দিয়াটো অতি প্ৰয়োজনীয়। তেওঁ উদ্যোগ ৪.০-ৰ অধীনত বৰ্তমানৰ আই টি আইসমূহক দক্ষতা বিকাশৰ ‘চেন্টাৰ অফ এক্সেলেন্সলৈ’ (centre of excellence) ৰূপান্তৰিত কৰা টাটা টেকন’লজিছৰ দৰে আগশাৰীৰ সংস্থাসমূহৰ সৈতে চলি থকা সহযোগিতাৰ ওপৰত আলোকপাত কৰে আৰু অন্যান্য উদ্যোগসমূহকো এই গতিধাৰাক অনুসৰণ কৰিবলৈ আহ্বান জনায়।মন্ত্ৰী বৰুৱাই ভাষণৰ সামৰণিত কয়- “আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।”

এই অনুষ্ঠানত ৮৮ টাতকৈও অধিক আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ১৫০-ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
আলোচনাৰ অন্তত Scientech, Festo Controls Pvt. Ltd, Honda CSR, ABB Pvt Ltd. and Janatics-কে ধৰি কেইবাটাও ঔদ্যোগিক সংস্থাৰ সৈতে চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিসমূহৰ লক্ষ্য হৈছে কাৰিকৰী প্ৰশিক্ষণ বৃদ্ধি কৰা, কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা, আৰু অসমৰ দক্ষতা বিকাশৰ পৰিৱেশ তথা আন্তঃগাথঁনি শক্তিশালী কৰা।ঔদ্যোগিক সন্মিলন, ২০২৪-য়ে অসমক দক্ষতা বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী মাত্ৰা প্ৰদান কৰিছে। ই চৰকাৰ আৰু উদ্যোগৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এক নতুন মানদণ্ড স্থাপন কৰিছে।

South Korea: দক্ষিণ কোৰিয়াত সন্ধানহীন হৈছে ৩৮ জন ভিয়েটনামী পৰ্যটক

দক্ষিণ কোৰিয়াত সন্ধানহীন হৈছে ৩৮ জন ভিয়েটনামী পৰ্যটক
দক্ষিণ কোৰিয়াত সন্ধানহীন হৈছে ৩৮ জন ভিয়েটনামী পৰ্যটক

দক্ষিণ কোৰিয়াৰ ৰিজ’ৰ্ট দ্বীপ জেজুৰ পৰা নিৰুদ্দেশ হৈছে ৩৮জন ভিয়েটনামী পৰ্যটক।

যোৱা ১৪ নৱেম্বৰত ভিয়েটজেট এয়াৰৰ চাৰ্টাৰ্ড বিমানেৰে কমেও ৯০ জন ভিয়েটনামী পৰ্যটক এই দ্বীপটোত উপস্থিত হৈছিল। ভ্ৰমণসূচীৰ শেষৰ ষ্ট’পেজত যোগাযোগ হেৰুৱাই উভতি অহা বিমানত উঠিব নোৱাৰাৰ বাবে নিৰুদ্দেশ হয় ৩৮ জন।

সাধাৰণতে বিদেশীসকলে ভিছা অবিহনে ৩০ দিনলৈকে দ্বীপটোত থাকিব পাৰিব। ফলত ১৪ ডিচেম্বৰৰ পিছত ভিয়েটনামী পৰ্যটকসকল অবৈধ অনুপ্ৰৱেশকাৰী হৈ পৰিব।

দ্বীপটোৰ অভিবাসন কাৰ্যালয়ে চোৱাচিতামূলক চিচিটিভি কেমেৰা পৰীক্ষা কৰি তেওঁলোকৰ অৱস্থা জানিবলৈ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে।

Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালৰ কৰুণ জীৱনগাঁথাৰ বৰ্ণনাৰে মঞ্চস্থ নাটকে সচকিত কৰিলে অগণন ৰাইজক। চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ দেওবাৰৰ সাংস্কৃতিক সন্ধিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ-সুৰক্ষা সজাগতাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ আমন্ত্ৰণক্ৰমে দেওবাৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত তেওঁ গৌৰৱোজ্বল মহাৰজত জয়ন্তী বৰ্ষত উপনীত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকল, ভূমিদাতাসকল আৰু জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ সৰ্বাঙ্গীণ বিকাশেৰে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক, সামাজিক অগ্ৰগতিৰ বাবে অহোপুৰুষাৰ্থ কৰাসকলৰ অৱদানক শ্ৰদ্ধা জনায়। নিজকে এজন পৰিবহণ কৰ্মী হিচাপে চিনাকি দি তেওঁ সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ লগত সঙ্গতি ৰাখি ছাত্ৰছাত্ৰী, শিক্ষক অভিভাৱকক উদ্যেশ্যি পথত চলাচল কৰোতে বিশেষভাৱে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ মাজতে মহানগৰীৰ সমীপৱৰ্তী অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰই হেলমেট নিপিন্ধাকৈ দ্ৰুতগতিত বাইক চলাই দুৰ্ঘটনাগ্ৰস্থ হৈ পঙ্গুত্ব জীৱন কটাবলগীয়া হোৱাৰ লগতে পৰিয়ালটোৰ কৰুণ জীৱনগাথাৰ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আগবঢ়োৱা বৰ্ণনাৰ আধাৰত এখন সজাগতামূলক নাটক পৰিৱেশন কৰি সমাজৰ উঠিঅহা প্ৰজন্মক পথ-সুৰক্ষাৰ ক্ষেত্ৰত সজাগ-সচেতন কৰাৰ প্ৰয়াস কৰা হয় । সজাগতামূলক নাটকখন উপভোগৰ কৰি সাংস্কৃতিক সন্ধিয়াৰ শ্ৰোতা-দৰ্শকে বাস্তৱৰ জীৱন্ত কাহিনীত হুকহুকাই কান্দি উঠাটো আছিল পৰিবহণ বিভাগৰ কালিৰ ব্যতিক্ৰমী সজাগতামূলক কাৰ্যসূচীৰ মনকৰিবলগীয়া দিশ। সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক উদ্দেশ্যি যানবাহন চলাওঁতে সকলো সময়তে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সমূহ উনুকিয়াই দিয়ে । বিশেষকৈ সমাজৰ উঠিঅহা প্ৰজন্মক দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়কে হেলমেট পৰিধান কৰিবলৈ তেওঁ আহ্বান জনায়। মদ্যপান কৰি আৰু ম’বাইলত কথা পাতি কোনোৱে যাতে বাহন নচলায় তাৰবাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। একেদৰে দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিত বাহন চলাই নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰি ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত বাহাল ৰাখিবলৈ সকলোৰে প্ৰতি সবিনয় আহ্বান জনাই পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে সাম্প্ৰতিক সময়ত সকলোৱে নিজকে পথ সুৰক্ষা যোদ্ধা হিচাপে গঢ়ি তোলাটো জৰুৰী বুলি মন্তব্য কৰে।
Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালৰ কৰুণ জীৱনগাঁথাৰ বৰ্ণনাৰে মঞ্চস্থ নাটকে সচকিত কৰিলে অগণন ৰাইজক।

চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ দেওবাৰৰ সাংস্কৃতিক সন্ধিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ-সুৰক্ষা সজাগতাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ আমন্ত্ৰণক্ৰমে দেওবাৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত তেওঁ গৌৰৱোজ্বল মহাৰজত জয়ন্তী বৰ্ষত উপনীত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকল, ভূমিদাতাসকল আৰু জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ সৰ্বাঙ্গীণ বিকাশেৰে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক, সামাজিক অগ্ৰগতিৰ বাবে অহোপুৰুষাৰ্থ কৰাসকলৰ অৱদানক শ্ৰদ্ধা জনায়। নিজকে এজন পৰিবহণ কৰ্মী হিচাপে চিনাকি দি তেওঁ সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ লগত সঙ্গতি ৰাখি ছাত্ৰছাত্ৰী, শিক্ষক অভিভাৱকক উদ্যেশ্যি পথত চলাচল কৰোতে বিশেষভাৱে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ মাজতে মহানগৰীৰ সমীপৱৰ্তী অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰই হেলমেট নিপিন্ধাকৈ দ্ৰুতগতিত বাইক চলাই দুৰ্ঘটনাগ্ৰস্থ হৈ পঙ্গুত্ব জীৱন কটাবলগীয়া হোৱাৰ লগতে পৰিয়ালটোৰ কৰুণ জীৱনগাথাৰ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আগবঢ়োৱা বৰ্ণনাৰ আধাৰত এখন সজাগতামূলক নাটক পৰিৱেশন কৰি সমাজৰ উঠিঅহা প্ৰজন্মক পথ-সুৰক্ষাৰ ক্ষেত্ৰত সজাগ-সচেতন কৰাৰ প্ৰয়াস কৰা হয় । সজাগতামূলক নাটকখন উপভোগৰ কৰি সাংস্কৃতিক সন্ধিয়াৰ শ্ৰোতা-দৰ্শকে বাস্তৱৰ জীৱন্ত কাহিনীত হুকহুকাই কান্দি উঠাটো আছিল পৰিবহণ বিভাগৰ কালিৰ ব্যতিক্ৰমী সজাগতামূলক কাৰ্যসূচীৰ মনকৰিবলগীয়া দিশ। সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক উদ্দেশ্যি যানবাহন চলাওঁতে সকলো সময়তে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সমূহ উনুকিয়াই দিয়ে । বিশেষকৈ সমাজৰ উঠিঅহা প্ৰজন্মক দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়কে হেলমেট পৰিধান কৰিবলৈ তেওঁ আহ্বান জনায়। মদ্যপান কৰি আৰু ম’বাইলত কথা পাতি কোনোৱে যাতে বাহন নচলায় তাৰবাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। একেদৰে দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিত বাহন চলাই নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰি ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত বাহাল ৰাখিবলৈ সকলোৰে প্ৰতি সবিনয় আহ্বান জনাই পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে সাম্প্ৰতিক সময়ত সকলোৱে নিজকে পথ সুৰক্ষা যোদ্ধা হিচাপে গঢ়ি তোলাটো জৰুৰী বুলি মন্তব্য কৰে।

Nagaon । নগাঁৱৰ নেহৰুবালিত লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা

Nagaon । নগাঁৱৰ নেহৰুবালিত লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা
Nagaon । নগাঁৱৰ নেহৰুবালিত লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা

নেহৰুবালিৰ পৰা নগাঁও(Nagaon)জিলাৰ আয়ুক্তৰ কাৰ্যালয়লৈ কৰা হ’ল সহস্ৰাধিক ৰাইজৰ সমাবেশেৰে প্ৰতিবাদী সমদল।প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও। সম্প্ৰতি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সনাতনী হিন্দু লোকৰ ওপৰত চলি থকা নিৰ্যাতন, হত্যা-হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে নগাঁৱৰ সহস্ৰাধিক লোকে। (Jagran Manch)


লগতে ইস্কনৰ গুৰু চিন্ময় কৃষ্ণ দাসক বাংলাদেশ চৰকাৰে কৰায়ত্ব কৰি জেললৈ নিক্ষেপ কৰা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে লোক জাগৰণ মঞ্চ অসম নামৰ সংগঠনটোৱে। নগাঁও জিলা আযুক্ত গৰাকীৰ জৰিয়তে বাংলাদেশ চৰকাৰলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰিলে প্ৰতিবাদকাৰী সকলে। ইফালে শীঘ্ৰেই বাংলাদেশত সনাতনী হিন্দুসকলৰ ওপৰত নিৰ্যাতন


বন্ধ নহ’লে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈও কুন্ঠাবোধ কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰিলে লোক জাগৰণ মঞ্চ অসমৰ বিষয়ববীয়া সকলে।

Pushpa 2: অন্ধ্ৰ চৰকাৰৰ সমৰ্থনত ‘পুষ্পা ২’ৰ টিকটৰ মূল্যবৃদ্ধি, মুখ্যমন্ত্ৰীক কি ক’লে আল্লুৱে?

Pushpa 2
Pushpa 2

আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা ২’ মুক্তি পাব পাঁচ ডিচেম্বৰত। ছবিখনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এক উন্মাদনাৰ পৰিৱেশ। ছবিৰ টিকট বহুতে আগতীয়াকৈ বুকিং কৰিছে। ইফালে আল্লুৱে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক ধন্যবাদ জ্ঞাপন কৰে।(Pushpa 2)


আনহাতে শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ বিগ বাজেটৰ ছবিৰ টিকটৰ মূল্য বৃদ্ধিৰ বাবে সমৰ্থন আগবঢ়াইছে। ফলত ‘পুষ্পা ২’ ছবিখনো ইয়াৰ পৰা লাভৱান হ’ব। এই ছবিখনৰ টিকটৰ দামক লৈ অত্যন্ত বিতৰ্ক। দেশৰ একাংশ ৰাজ্যত প্ৰথম দিনাই টিকটৰ দাম ১ হাজাৰ টকা অতিক্ৰম কৰিছে। বহু ঠাইত পুনৰ টিকট পোৱা নাযায় বুলিও অভিযোগ। এই পৰিস্থিতিত চন্দ্ৰবাবুক ধন্যবাদ জনাই দক্ষিণৰ তাৰকাগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “চিনেমাৰ টিকটৰ দাম বৃদ্ধিত সহায় কৰাৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰক ধন্যবাদ। এই সিদ্ধান্ত তেলেগু ছবিৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ।”(Andhra Pradesh)

মঙলবাৰে পুৱা লাভ কৰা খবৰ অনুসৰি এই পৰ্যন্ত ‘পুষ্পা ২’ৰ ১২ লাখৰো অধিক টিকট বিক্ৰী হৈছে। যিয়ে তেলেগু ছবিতো ইতিহাস গঢ়ি তুলিছে। শেহতীয়াকৈ তেলেংগানা চৰকাৰে ‘পুষ্পা ২’ৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। আদালতত জনস্বাৰ্থৰ গোচৰো দাখিল কৰা হয়। মঙলবাৰে সেই গোচৰৰ শুনানি হয়।(N. Chandrababu Naidu)

Winter: শীতকালত খাব এই চাৰিবিধ শাক

Winter
Winter

শীতকাল অহাৰ লগে লগে সকলো সেউজীয়া পাচলি খাবলৈ মন যায় নহয় জানো। শাকৰ যথেষ্ট উপকাৰিতাৰ লগতে খাবলৈও যথেষ্ট সোৱাদ শাক। সেউজীয়া শাক-পাচলি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। শাকে বহু বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু লগতে শীতকালত শৰীৰক গৰম কৰি ৰখাতো সহায় কৰে শাকে। কোনবোৰ শাকে শীতকালত খাব লাগে জানো আহক।(Winter)

১/ সৰিয়হ
বেছিভাগ মানুহেই ঠাণ্ডা বতৰত সৰিয়হৰ শাক খাই। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত কেলচিয়াম, ফাইবাৰ আৰু ফছফৰাছৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰত তেজৰ সোঁত উন্নত কৰে আৰু লগতে ক্ষতিকাৰক হৃদৰোগ দূৰ কৰাত সহায় কৰে।(Best leafy Vegetables For Winters)

২/ পালেং
পালেং শাকত প্ৰচুৰ পৰিমাণে আঁহ আৰু পানী থাকে, যাৰ ফলত পেট পৰিষ্কাৰ হয়। যাৰ ফলত কোষ্ঠকাঠিন্যৰ দৰে পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। পালেং শাকত কেলচিয়াম আৰু ভিটামিনৰ দৰে পুষ্টিকৰ গুণ থাকে, যিয়ে হাড়ক মজবুত কৰি ৰাখে। পালেং শাক চুলিৰ বাবে অতি উপকাৰী।

৩/ জিলিমিলি শাক
জিলিমিলি শাকত ভিটামিন এ, চিৰ দৰে এন্টিঅক্সিডেন্ট আৰু এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু ছালৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰাত সহায় কৰে। যিয়েই নহওক, খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিলে ই চুলিক মজবুত কৰে আৰু লগতে চকুৰ দৃষ্টিশক্তিও চোকা কৰে।

৪/ মেথি শাক
মেথি শাকত অধিক পৰিমাণৰ পটাছিয়াম থাকে, যিয়ে আমাৰ শৰীৰৰ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও পাচনতন্ত্ৰ সবল কৰি ৰাখে। সপ্তাহত দুবাৰ খালে চুলিৰ বৃদ্ধি বৃদ্ধি পায়।

Allu Arjun:’পুষ্পা ২’ মুক্তিৰ পূৰ্বে চকুলো টুকিলে আল্লু অৰ্জুনে? পৰিচালকে কি ক’লে অভিনেতাগৰাকীক

Allu Arjun
Allu Arjun

তেলেগু ছুপাৰষ্টাৰ আল্লু অৰ্জুন, ৰশ্মিকা মাণ্ডন্না আৰু ফাহাধ ফাচিলৰ বহু প্ৰত্যাশিত ছবি ‘পুষ্পা ২’ মুক্তিৰ বাবে মাজত মাত্ৰ দুটা দিন। এই ছবিখনক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত আৰু ছবিখনে ডাঙৰ পৰ্দাত আহিব বুলি আগ্ৰহেৰে অপেক্ষা কৰি আছে। বৰ্তমান ছবিখনৰ দলটো প্ৰচাৰত ব্যস্ত। ‘পুষ্পা ২’ ছবিখন পৰিচালনা কৰিছে সুকুমাৰে। শেহতীয়াকৈ হায়দৰাবাদত সুকুমাৰ আৰু আল্লু অৰ্জুনে এক অনুষ্ঠানত অংশ লৈছিল। অনুষ্ঠানটোৰ বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ আছে।(Allu Arjun)

তেনে এটা ভাইৰেল ভিডিঅ’ই ছ’চিয়েল মিডিয়াত অনুৰাগীৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছিল। এই ভিডিঅ’টোত আল্লু অৰ্জুনক অতি আৱেগিক হোৱা দেখা গ’ল। অভিনেতা আল্লুক চকুপানী মচি থকা দেখা গ’ল। আচলতে সোমবাৰে আল্লু অৰ্জুন আৰু সুকুমাৰে অনুৰাগীৰ মাজত প্ৰচাৰমূলক এটা অনুষ্ঠানত অংশ লৈছিল। এই অনুষ্ঠানৰ সময়ত দুয়োজনে ‘পুষ্পা ২’ৰ বিষয়ে কথা পাতিছিল আৰু ইজনে সিজনক প্ৰশংসা কৰিছিল। ইফালে পৰিচালক সুকুমাৰে আল্লু অৰ্জুনক ইমানেই প্ৰশংসা কৰিছিল যে তেওঁ আৱেগিক হৈ পৰিল আৰু সেই আৱেগিক মুহূৰ্তটো কেমেৰাত বন্দী হৈছিল।(Pushpa 2)

ভাইৰেল ভিডিঅ’টোত সুকুমাৰে আল্লু অৰ্জুনৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ প্ৰতি থকা নিষ্ঠাৰ প্ৰশংসা কৰে। এটা ভাইৰেল ভিডিঅ’ত সুকুমাৰে কয়, ‘‘পুষ্পা ১’ আৰু ‘পুষ্পা ২’ নিৰ্মাণৰ কাৰণ হ’ল বান্নীৰ প্ৰতি থকা মোৰ প্ৰেম।” আমাৰ সম্পৰ্ক শক্তিৰ বিনিময়ৰ দৰে। তেওঁ আৰু ক’লে, ‘প্ৰতিটো সৰু সৰু কাম, যেনে চকু টিপিয়াই বা সঠিক মাতেৰে কথা কোৱা, সকলো কামেই সৰ্বোত্তমভাৱে কৰে আল্লুৱে। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা যিকোনো পৰিচালকৰ বাবে প্ৰেৰণা হৈ পৰে।

লগতে পৰিচালক সুকুমাৰে কয় যে যেতিয়া তেওঁ ‘পুষ্পা’ৰ কাম আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ হাতত সম্পূৰ্ণ কাহিনী নাছিল। মই মাত্ৰ কেইটামান দৃশ্য বৰ্ণনা কৰিলোঁ। কিন্তু আল্লু অৰ্জুনৰ শক্তিয়ে মোক নতুন নতুন বস্তু সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰিলে।

Vikrant Massey: অভিনয়ৰ পৰা হঠাৎ অৱসৰ কিয় বিক্ৰান্ত মেছিৰ! টেলিভিছনৰ পৰ্দাৰ পৰা কিদৰে আত্মপ্ৰকাশ কৰিছিল বলিউদত

Vikrant Massey
Vikrant Massey

দেওবাৰে নিশা বলিউদৰ জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছিয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত ছবি জগতৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল। লগতে তেওঁ কৈছিল যে অভিনেতাগৰাকীক ২০২৫ চনত শেষবাৰৰ বাবে পৰ্দাত দেখা পাব।(Vikrant Massey)

বিক্ৰান্ত মিছিৰ জন্ম হৈছিল ১৯৮৭ চনৰ ৩ এপ্ৰিলত মহাৰাষ্ট্ৰৰ মুম্বাইৰ এটা মধ্যবিত্ত পৰিয়ালত। মাক-দেউতাক আৰু ভাতৃ, চাৰিদনীয়া পৰিয়ালৰ সদস্য আছিল অভিনেতগৰাকী।। তেওঁলোকৰ পৰিয়ালটো বৰ বেছি ধনী নাছিল।পৰিয়ালৰ দায়িত্ব ল’বলৈ বিক্ৰান্তই স্থানীয় কফি দোকানত চাকৰি কৰিছিল। তাত তেওঁ কফি প্ৰস্তুত কৰিছিল আৰু টেবুলো পৰিষ্কাৰ কৰিছিল।
আনহাতে বিক্ৰান্তৰ পৰিয়ালৰ চাৰিজন সদস্য চাৰিটা ভিন্ন ধৰ্মৰ আছিল। এটা পুৰণি সাক্ষাৎকাৰত বিক্ৰান্তই কয় যে তেওঁৰ পৰিয়ালৰ চাৰিজন লোকে বিভিন্ন ধৰ্মত বিশ্বাস কৰে। বিক্ৰান্তৰ পিতৃ খ্ৰীষ্টান, সেই ধৰ্মৰ ৰীতি-নীতি আৰু ৰীতি-নীতি নিষ্ঠাৰে পালন কৰে। মাতৃ শিখ আৰু ভাতৃ মুছলমান। ১৭ বছৰ বয়সত ভাতৃয়ে ধৰ্ম সলনি কৰি নিজৰ নাম সলনি কৰি মইন কৰি লয়। কিন্তু বিক্ৰান্ত নিজেই হিন্দু ধৰ্মৰ ৰীতি-নীতি মানি চলে।

ভাতৃ মুছলমান হোৱাৰ বাবে বিক্ৰান্তৰ পৰিয়ালে সমাজৰ তুচ্ছ-তাচ্ছিল্যৰ সন্মুখীন হ’বলগীয়াও হৈছিল। বিক্ৰান্তই মুম্বাইৰ স্কুল-কলেজৰ পৰা শিক্ষা সমাপ্ত কৰে। সৰুৰে পৰা অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। বিক্ৰান্তই সাত বছৰ বয়সৰ পৰাই মঞ্চত অভিনয় কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল তেওঁ।

কলেজত পঢ়ি থাকোঁতে বিক্ৰান্তই বেলেটৰ প্ৰশিক্ষণ লৈছিল। সহকাৰী কৰিঅ’গ্ৰাফাৰ হিচাপেও কাম কৰিছিল। ১৭ বছৰ বয়সতে প্ৰথম অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছিল। টেলিভিছন কোম্পানী এটাৰ এজন কৰ্মচাৰীয়ে তেওঁক মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত দেখি ভাল পাইছিল। পিছত তেওঁ বিক্ৰান্তক এখন হিট ধাৰাবাহিকত অভিনয়ৰ প্ৰস্তাৱ দিছিল।

টেলিভিছনৰ পৰ্দাত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল বিক্ৰান্তে। ২০০৪ চনত তেওঁ প্ৰথম অভিনয়ৰ সুযোগ লাভ কৰিছিল হিন্দী ধাৰাবাহিক ‘কাহান হুন মেইন’ত। কিন্তু এই ধাৰাবাহিকখন কেতিয়াও টিভিত প্ৰচাৰ হোৱা নাছিল। তেওঁৰ কাম মাজ বাটতে বন্ধ হৈ গ’ল। উপাৰ্জনৰ বাট আকৌ বন্ধ। ইয়াৰ পিছত বিক্ৰান্তই সেই প্ৰডাকচন কোম্পানীটোৰ চাকৰি বিচাৰিলে।

এইবাৰ অডিচনৰ জৰিয়তে নহয়, তাৰকাৰে ভৰা পাৰ্টিতো নহয়, বিক্ৰান্তই টয়লেটৰ শাৰীত থিয় হৈ অভিনয়ৰ প্ৰস্তাৱ পাইছিল। এটা পুৰণি সাক্ষাৎকাৰত বিক্ৰান্তই নিজৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰৰ বিষয়ে আলোচনা কৰি থাকোঁতে কৈছিল, “ৱাশ্বৰুমৰ বাহিৰত শাৰী পাতি থিয় হৈ। হঠাতে এগৰাকী মহিলা আগবাঢ়ি আহি সুধিলে, ‘আপুনি অভিনয় কৰিব বিচাৰে নেকি? আমাৰ অফিচলৈ আহিব।’ আচৰিত হৈ মই যাম বুলি ক’লোঁ৷

বিক্ৰান্তই মহিলাগৰাকীৰ অনুৰোধ অনুযায়ী তাইৰ অফিচ লগ কৰিবলৈ গৈছিল বুলি ক’লে। ‘ধূম মাচাও ধূম’ ধাৰাবাহিকত তেওঁক চাকৰিৰ প্ৰস্তাৱ দিয়া দিলে।

এনেদৰে বিক্ৰমৰ ৰঙীন পৰ্দাৰ জীৱন আৰম্ভ হৈছিল।