Home Blog Page 430

Shobitha Shivanna: ৩০ বছৰ বয়সতে জীৱনৰ মায়া-মোহৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰীয়ে!

Shobitha Shivanna
Shobitha Shivanna

এফালে পুষ্পা ২ৰ বাবে দক্ষিণৰ তাৰকাসকলে বাতৰিৰ শিৰোনাম দখল কৰি আছে আনফালে দক্ষিণৰ ছবিজগতৰ পৰা এটা বেয়া খবৰ আইছে। এগৰাকী অভিনেত্ৰীৰ মৃত্যুৰ বাতৰিয়ে প্ৰায়ে বতমান সংবাদ শিৰোনাম দখল কৰিছে। কানাড়া অভিনেত্ৰী শ্বোবিতা শিভান্নাৰ মৃত্যু। তেলেংগানাৰ কোণ্ডাপুৰৰ নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয়। অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।(Shobitha Shivanna)

খবৰ অনুসৰি শোবিতা শিৱন্নাক নিজ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয়। বৰ্তমান আৰক্ষীয়ে গোচৰ ৰুজু কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।(south actress)

৩০ বছৰীয়া শ্বোবিতা শিৱন্নাৰ মৃত্যুৰ খবৰ পাই স্তম্ভিত হৈ পৰে কানাড়া চিনেমাৰ তাৰকা। একে সময়তে অনুৰাগীসকলেও ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ বিদায়ক লৈ শোক প্ৰকাশ কৰিছে। অৱশ্যে এতিয়ালৈকে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ সদস্য কোনো মন্তব্য দিয়া নাই এই ঘটনাৰ সন্দৰ্ভত। (Telangana)

শ্বোবিতা শিভান্নাই প্ৰথমে কানাড়া চিনেমাত কৰ্মৰত আছিল। টিভিৰ লগতে ছবিতো কাম কৰিছিল। তেওঁ এৰাডলা মূৰু, এটিএম: এটেম্পট টু মাৰ্ডাৰ, অন্ধ কাথে হেলা, জেকপট আৰু ভাণ্ডানা আদি প্ৰকল্পত কাম কৰিছিল। কেৱল এয়াই নহয় ব্ৰহ্মগন্তু, নিনিন্দলেৰ দৰে টিভি শ্ব’তো কাম কৰিছিল।

Winter Bathing Tips: সাৱধান! শীতকালত গৰম পানীৰে গা ধোৱে নেকি? গৰম পানীৰে গা ধোৱা পৰিণতি ভয়ানক

Winter Bathing Tips
Winter Bathing Tips

শীতকালত গা ধোৱাৰ বাবে বহুতে গৰম পানী ব্যৱহাৰ কৰে। এই অভ্যাসে কেৱল শাৰীৰিক আৰাম দিয়াই নহয় মানসিক চাপো কমায়। অৱশ্যে গৰম পানীৰে গা ধোৱাৰ উপকাৰিতাৰ লগতে কিছু অপকাৰিতাও আছে। বিশেষকৈ হৃদৰোগীৰ বাবে গা ধোৱা পানীৰ উষ্ণতা সঠিক হোৱাটো অতি প্ৰয়োজনীয়।(Winter Bathing Tips) শীতকালত সুস্থ হৈ থাকিবলৈ আপোনাৰ বাবে কোন ধৰণৰ পানীৰে গা ধোৱাটো উপকাৰী জানি লওক-(side effects of hot shower)

গৰম পানীৰে গা ধোৱাৰ উপকাৰিতা

গৰম পানীৰে গা ধুলে পেশীৰ বিষ কমে, যাৰ ফলত শাৰীৰিক সকাহ পোৱা যায়।

ইয়াৰ উপৰিও ই শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ বাবে অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ শৰীৰৰ সকলো অংগত সঠিকভাৱে উপস্থিত হয়।

গৰম পানীয়ে ছিদ্ৰবোৰ মুকলি কৰি মলিবোৰ উলিয়াই দিয়ে, যাৰ ফলত ছালখন পৰিষ্কাৰ হয়।

গৰম পানীৰে গা ধুলে সমগ্ৰ শৰীৰ শান্ত হয়, যাৰ ফলত জঠৰতা আৰু বিষৰ পৰা সকাহ পোৱা যায়।

আনহাতে গৰম পানীৰে গা ধোৱাৰ অসুবিধা-

গৰম পানীয়ে ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা আঁতৰাই দিয়ে, যাৰ ফলত ছালখন শুকাই যায় আৰু ইয়াৰ ফলত বিষ, খজুৱতি বা ফাট মেলিব পাৰে।

গৰম পানীৰে গা ধুলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়, যাৰ ফলত বি পি বৃদ্ধি হ’ব পাৰে। বিশেষকৈ যিসকলৰ ইতিমধ্যে বি পি বা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা আছে তেওঁলোকে গৰম পানীৰে গা ধুব নালাগে।

অত্যধিক গৰম পানীৰে গা ধোৱাৰ পিছত কিছুমান মানুহৰ মূৰ ঘূৰাব পাৰে, কাৰণ ইয়াৰ ফলত শৰীৰত দুৰ্বলতা আৰু ভাগৰুৱা হয়।

পানীৰ উষ্ণতা সঠিক

শীতকালত গা ধোৱাৰ বাবে পানীৰ উষ্ণতা বেছি ঠাণ্ডা বা বেছি গৰম হ’ব নালাগে। লুকৱাৰম পানীয়েই সৰ্বোত্তম বিকল্প, যি পানী কেৱল আৰামদায়ক নহয়, ছাল আৰু বি পিৰ ওপৰতো ভাল প্ৰভাৱ পেলায়। যদি আপুনি গৰম পানীৰে গা ধোৱে তেন্তে গা ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ সঠিকভাৱে প্ৰয়োগ কৰাটোও গুৰুত্বপূৰ্ণ।

Dhakuakhana। নটসূৰ্য নাট সমাৰোহ ২০২৪ আৰম্ভ

Dhakuakhana। নটসূৰ্য নাট সমাৰোহ ২০২৪ আৰম্ভ
Dhakuakhana। নটসূৰ্য নাট সমাৰোহ ২০২৪ আৰম্ভ

Dhakuakhana। সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ‘নটসূর্য’ৰ ২৮সংখ্যক বার্ষিক নাট সমাৰোহ ৫দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ । উদ্বোধনী নাট হিচাপে ঢকুৱাখনাৰ পৰা গৌৰৱ বৰুৱাৰ নেতৃত্বত অহা ভাস্কৰ বৰুৱাৰ ৰচিত আৰু পৰিচালিত, ঢকুৱাখনা এক্টিং একাডেমী প্রযোজিত নাটক ‘মলখু’ নাটখন মঞ্চস্থ কৰে।

'নটসূর্য'ৰ ২৮সংখ্যক বার্ষিক নাট সমাৰোহ ৫দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ

ঢকুৱাখনা এক্টিং একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ অভিনীত “মলখু” এ গুৱাহাটীৰ সাংস্কৃতিক জগতৰ বৌদ্ধিক সমাজৰ লগতে ৪ শতাধিক নাট্যপ্ৰেমীৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হয়। নাটখনত অভিনয় কৰে” ঋতুৰাজ চেতিয়া, ইমণ হাজৰিকা, গিলবার্ড গগৈ, স্বপ্নীল গগৈ, দেৱর্শী দত্ত, জুমন সূত, পিংকু বৰৱা, প্রজ্ঞান সূত, বিশ্বজিৎ সূত, তনয় প্রতীম বৰৱা, পীযূষ প্রীতম বৰুৱা, দিপজ্যোতি গগৈ, অবিনাশ সূত, প্রজ্ঞান জ্যোতি বৰা, মেঘালী সূত, গৰিমা গগৈ, দেৱীমণি দিহিঙ্গীয়া, দেবযানী বৰা, নয়ন জ্যোতি দত্ত,

Dhakuakhana। নটসূৰ্য নাট সমাৰোহ ২০২৪ আৰম্ভ

উজ্জশ্রী খনিকৰ, ধন্যা কুমাৰী কোঁৱৰ, বৈষবী, অন্বেষা চমুৱা, অভিজ্ঞান চমুৱা, ঝকশ্রী সন্দিকৈ, পুর্ব্বী বুঢ়াগোহাঁহ আৰু ভাবেন তামুলী, পোহৰত-তপন বৰুৱাৰ, নৃত্য নির্দেশনাত- বাবা গগৈ, সংগীতত থকা -দিব্য জ্যোতি চুতীয়া, নিতু কোঁৱৰ, কৌশিক বৰুৱা, হিবঞ্জিত ফুকন। ঢকুৱাখনাৰ বিধায়ক তথা প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে কলাক্ষেত্ৰত উপস্থিত হৈ অভিনয় শিল্পীসকলক অভিনন্দন জনোৱাৰ লগতে মত বিনিময় কৰে।

ঢকুৱাখনাৰ মলখু নাটকে বুটলিলে ব্যাপক সমাদৰ

Chaolung Sukaphaa:চাওলুং চুকাফা

Chaolung Sukaphaa:চাওলুং চুকাফা
Chaolung Sukaphaa:চাওলুং চুকাফা

উজনি বাৰ্মাৰ (ম্যানমাৰ) ইৰাৱতী আৰু চেলুইন নদীৰ মাজত অৱস্থিত এখন টাই ৰাজ্য মুং-ৰি-মুং-ৰাম।(Chaolung Sukaphaa) ৰাজ্যখনৰ কিছুমানলোকে ইৰাৱতী নৈ পাৰ হৈ মুং-মিত নামৰ এখন নতুন ৰাজ্য গঠন কৰে। ৰজাৰ নাম আছিল চাও-খুন-খাম- খেন-ফা। এই ৰাজ্যখনৰ সীমা বহল আন এখন নতুন দেশৰ জন্ম হয় মাও- লুং নামেৰে। এই ৰাজ্যৰ ৰজা তাই-পং।

মাও-লুঙৰ চুবুৰীয়া ৰাজ্যৰ নাম মুং-মিত।ৰজাৰ নাম চাও ফু- চাং-খাং অথবা চাও চাং- নেউ। তাই-পঙৰ কন্যা নাং- মুং- ব্লক খাম ছেং অথবা নাং- মুঙক বিয়া দিয়া হৈছিল চাং- নেউলৈ।

(২)

নাং- মুং ৰূপৱতীৰ লগতে সকলো কামতে পাকৈত। স্বামী শাসন কাৰ্য, দেশৰ উন্নয়নমূলক কামত ব্যস্ত থকাৰ বাবে সন্তান সম্ভৱা নাং মুং পিতৃৰ ৰাজ্য মাও- লুঙৰ ৰাজধানী চেংচেলৈ গুচি আহে। মাকৰ বৰ মৰমৰ আছিল নাং মুং। তেওঁৰ জীয়েকে এটি সুন্দৰ স্বাস্থ্যবান পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে সৰগৰ দেৱতা লেংডনক ( ইন্দ্ৰ) পূজা কৰিছিল।


১১৮৯ খৃষ্টাব্দত নাং মুঙে এটি সুন্দৰ সুঠাম পুত্ৰ সন্তানৰ জন্ম দিয়ে। ৰজাৰ পুত্ৰ যুৱৰাজ পামেউপুঙৰ পুত্ৰ সন্তান নাছিল। আছিল চাৰিগৰাকী ছোৱালী। সেয়ে পামেউপুঙৰ পিছত এই নৱজাতকেই ৰজা হ’ব বুলি সকলোৱে আনন্দ পালে। ৰাজলক্ষণযুক্ত নাতিক পাই ৰজা – ৰাণী, এনায়েক( আইতা) আৰু প্ৰজাগণ সুখী হ’ল।

নাম ৰাখিলে চুকাফা। অৰ্থ হ’ল- বাঘৰ দৰে সাহসী বংশ আৰু গৃহত জন্ম বাবে ‘চ্যু’ , পিতৃ বংশৰ কঠীয়া মাওলুঙলৈ অনাৰ বাবে ‘কা’ আৰু ল’ৰাটো বহু আকাংক্ষিত স্বৰ্গৰ দান বাবে ‘ফা’। তিনিও শব্দ মিলাই ‘ চুকাফা’ । তেওঁৰ জন্মৰ কিছুদিনৰ পিছতে জ্বৰত ভুগি মাতৃ নাং মুঙৰ মৃত্যু হয়। এনায়েকৰ হাতত লালিত পালিত হ’ল চুকাফা।

(৩)

চুকাফাক সকলো ধৰণৰ শিক্ষা দিয়া হ’ল। বুৰঞ্জী, ৰাজনীতি, আইন, যুদ্ধ বিদ্যা, ধৰ্ম, সমাজনীতি, অৰ্থনীতি, যুক্তি তৰ্ক, কৃষি কৰ্ম সকলোতে বুৎপত্তি অৰ্জন কৰিলে। পুত্ৰ সন্তানহীন মোমায়েক পামেউপুঙে তেওঁৰ পিছত চুকাফাই ৰজা হ’ব বুলি কথা দিছিল। ৰজাৰ সকলো নীতি- নিয়মো শিকালে।


কিন্তু বুঢ়া বয়সত মোমায়েক এটা পুত্ৰ সন্তানৰ পিতৃ হ’ল। ৰাণী নাংফাই জন্ম দিয়ে এটি ল’ৰা সন্তান। চুকাফাৰ মনত দুখ হ’ল যে মোমায়েকৰ পুত্ৰ সন্তানৰ জন্ম হ’ল যেতিয়া তেওঁ ৰজা হ’ব নোৱাৰিব। মোমায়েকৰ সিদ্ধান্ত এতিয়া সলনি হৈ যাব। এই সন্তানৰ নাম চুখানফা। পিছলৈ পামেউপুং আৰু এটা পুত্ৰ সন্তানৰ পিতৃ হয়। নাম চামলুংফা।

কিন্তু চুখানফাই অধিক গুৰুত্ব পালে। তেওঁৰ জন্মৰ পিছত চুকাফাৰো গুৰুত্ব নোহোৱা হৈ পৰিল। দূৰদৰ্শী, স্বাধীনমনা চুকাফাই চুখানফাৰ পৰা বলপূৰ্বক সিংহাসন কাঢ়ি নিজে ৰজা হোৱাৰ কথা নাভাবি পিতৃ ৰাজ্যলৈ যোৱাৰ কথা ভাবিলে।

মোমায়েকৰ মৃত্যুৰ পিছত নাবালক চুখানফাক ৰজা নাপাতি সৰু ৰাণী খাম লুঙক অস্থায়ী ভাৱে ৰজা পাতে। উপযুক্ত হৈয়ো চুকাফাক ৰাজনীতি কৰি ৰজা হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল।

(৫)

চুকাফাই শেষত পিতৃ ৰাজ্য মুংমিতলৈ ঘূৰি আহিল। বৃদ্ধ পিতৃ চাও ফু ছাংখাই তিনিজন পুত্ৰৰ মাজত ৰাজ্যখন তিনিটা ভাগ কৰি গটাই দিলে। মূল ৰাজ্য মুংমিতৰ ৰজা হ’ল চুকাফা। ইপিনে মাও লুঙৰ ৰজা হৈ অহংকাৰী চুখানফাই ভায়েক চামলুংফাক দিগ্বিজয় কৰিবলৈ পঠিয়ায়। তেওঁ ভালেমান ৰাজ্য জয় কৰিলে।

ভাতৃৰ এই সফল দিগ্বিজয়ৰ কথা শুনি ভয় খালে চুখানফাই। এদিন তেওঁক ক্ষমতাচ্যুত কৰি নিজেই ৰজা হোৱাৰ আশংকা কৰিলে। সেয়ে দিগ্বিজয়ৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পথত বিশ্বাসঘাটকতা কৰি চুখানফাই ভায়েকক বধ কৰাই চিন্তামুক্ত হৈছিল।


ইয়াৰ পিছত তেওঁ চুকাফাৰ তিনি ভাতৃৰ ৰাজ্যলৈ চকু দিলে। চুখানফাই তিনিওকে নিজৰ অধীন কৰাৰ ইচ্ছাৰে বাৰ্তা পঠিয়ালে। চুকাফা হতভম্ব হ’ল। এখন দেশ স্বাধীন ভাৱে চলাই থকাৰ পাছত কিয় আনৰ পৰাধীন হ’ব। তেওঁৰ প্ৰস্তাৱ কোনেও গ্ৰহণ নকৰাত ক্ষুব্ধ হয় চুখানফা। তেওঁ ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে চুকাফাৰ ডাঙৰ ককায়েক ছুজাতফাৰ টাইপং ৰাজ্য আক্ৰমণ কৰি দখল কৰে আৰু ছুজাতফাক নিৰ্বাসন দিলে। মোমায়েকৰ পুত্ৰৰ এই কাৰ্যত মনত বহুত দুখ পালে চুকাফাই।

সকলোৰে লগত মিলি সুখ- শান্তিৰে দেশ শাসন কৰাৰ সপোন থানবান কৰিলে চুখানফাই। কিন্তু চুকাফাই নিজৰ বংশৰ মাজতে যুদ্ধ কৰাৰ ইচ্ছা নকৰিলে। ইপিনে চুকাফাক বশ্যতা স্বীকাৰ কৰিবলৈ চুখানফাই দি থকা বাৰ্তা বাৰে বাৰে প্ৰত্যাখ্যান কৰাত আক্ৰমণৰ হুংকাৰ দিলে। তথাপি চুকাফাই নীৰৱ হৈ ৰ’ল।

চুখানফা মাওলুঙৰ ৰজা হোৱাত যিমান সুখী হৈছিল, এতিয়া তেওঁৰ পিতৃ ৰাজ্য অধিকাৰ কৰি তেওঁক বহতীয়া কৰিবলৈ ওলোৱাৰ প্ৰচণ্ড মানসিক আঘাত পায় চুকাফাই এখন নতুন ৰাজ্যৰ সন্ধানত তাৰ পৰু আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে। অশান্তিৰ মাজত থকাটো নিবিচাৰি প্ৰজাগণক লৈ এখন নতুন দেশ পাতি তাত শান্তিৰে থকাৰ ইচ্ছা কৰি এদিন পিতৃ ৰাজ্য ত্যাগ কৰিলে চুকাফাই।

(৬)

নতুন ৰাজ্যৰ সন্ধানত চুকাফাৰ লগত ওলাল তিনিগৰাকী ৰাণী। মন্ত্ৰী, বিষয়া, ৰাজ পৰিয়াল, সেনা বাহিনী, ৯০০০ প্ৰজা, ৩০০০ ঘোঁৰা, হাতী, চোমদেউৰ মূৰ্তি। অস্ত্ৰ- সস্ত্ৰ আদি। পশ্চিম দিশলৈ এক দীঘলীয়া যাত্ৰা। পৰ্বত, পাহাৰ, হাবি- জংঘল, নৈ, বিল পাৰ হৈ আহি আহি পাটকাই পৰ্বত পাইছিল।

ইপিনে চুখানফাই চুকাফাৰ নতুন দেশৰ সন্ধানত যোৱা বুলি জানি ভালেই পালে। চুকাফাক বন্দী কৰি বশ কৰিব নোৱাৰিলেও এই অভিযানৰ প্ৰতি সমৰ্থন দি বিভিন্ন হয় বস্তু উপহাৰ দিলে আৰু কিছু সৈন্যই পাটকাই পৰ্বতলৈ আগবঢ়াই থৈ গ’ল।
বাটত যিমানবোৰ লোক আৰু সৰু সৰু ৰাজ্য পাইছিল, কাকো শত্ৰুতা নকৰি বন্ধুত্ব গঢ়ি আগবাঢ়িছিল।

মাজে মাজে কিছুমান সমতল ভূমিত খেতি খোলা কৰি কিছু দিন জিৰণি লৈ পুনৰ আগবাঢ়ি এদিন চেৰাই দয় নামৰ ঠাইখনত উপস্থিত হৈছিল। সৰু পাহাৰৰ টিলাত উঠি সন্মুখৰ সেউজীয়া সমতল ভূমি দেখি কৈছিল – মুং দুন চুন খাম। অৰ্থাৎ এইখনেই সোণালী শস্যৰে ভৰি থকা দেশ।

১২ বছৰ কাল অহাৰ পিছত এই চেৰাই দয়তে চুকাফাই স্থায়ীভাৱে ৰাজধানী পাতে। পিছলৈ এই চেৰাই দয় চৰাইদেউ হয়গৈ। চেৰাই ডয়ৰ অৰ্থ – পাহাৰৰ জিলিকা নগৰ। তেওঁক এই ৰাজ্য স্থাপনত সহায় কৰে বাটত পোৱা গাওঁবোৰ বশ্যতা স্বীকাৰ কৰা জনজাতীয় সৰু ৰজাবোৰে। স্থানীয় লোকসকলে সৰগৰ পৰা নামি অহা বুলি ভাৱি তেওঁক স্বৰ্গদেউ বুলিছিল।

চুকাফাক এই লোকসকলে দেৱতা ঈশ্বৰ ‘আহাম’ বা ‘ আহাম- বায়’ বুলি ভবাৰ বাবে এই শব্দৰ পৰাই আহম বা আহোম শব্দৰ উৎপত্তি হয়। শ্যাম দেশৰ মানুহ বাবে আচাম বুলি কৈছিল আৰু এই শব্দৰ পৰাই ‘ আসাম’ বা ‘অসম’ হয়। ১২২৮ৰ পৰা ১২৬৮ খৃষ্টাব্দলৈ সম্পূৰ্ণ ৪০ বছৰ ৰাজত্ব কৰা চুকাফাৰ মৃত্যু হয়। সম্পূৰ্ণ ৰাজকীয় মৰ্যাদাৰে চৰাইদেউত চুকাফাক সমাধিস্থ কৰা হৈছিল।

যুগললোচন দাস (Jugallochan Das)

Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি

Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি
Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি

গুৱাহাটী, ২ ডিচেম্বৰঃ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ৰ(Angelic Bonds) ১৭ বছৰীয়া ছাত্ৰ সন্দীপ বাকালীয়ে(Sandeep Bakali) এক অনন্য সাফল্য লাভ কৰিছে৷(Amazon) এই বয়সতে প্ৰকাশ কৰি উলিয়াইছে ‘এঞ্জেলিক বণ্ডছ-দ্যা জাৰ্ণি অৱ ড্ৰীমছ, লাভ এণ্ড ৰেজিলিয়েন্স’ (Angelic Bonds: The journey of Dreams, Love and resilience) শীৰ্ষক তেওঁৰ প্ৰথমখন গল্প পুথি৷

ইয়াৰ জৰিয়তে তেওঁ সাহিত্যিক জগতত এক নতুন পৰিচয় লাভ কৰিছে।(journey of Dreams) নবম শ্ৰেণীৰ ছাত্ৰ সন্দীপৰ এই সাফল্যই তেওঁৰ গল্প লিখাৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু কঠোৰ পৰিশ্ৰমৰ উদাহৰণ দাঙি ধৰিছে৷

এই গল্প পুথিখনে ইতিমধ্যে পাঠকৰ যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছে৷(Love and resilience) য’ত প্ৰেমৰ ওপৰত এটা নতুন দৃষ্টিভংগী আগবঢ়াইছে। এঞ্জেলিক বণ্ডছত সপোন, প্ৰেম আৰু ধৈৰ্য্যৰ গভীৰ থীমসমূহৰ বৰ্ণনা দিয়া হৈছে৷

যি সকলো বয়সৰ পাঠকৰ মাজত বিশেষ সঁহাৰি লাভ কৰিছে। আধুনিক প্ৰেমৰ কাহিনীৰ পৰা আঁতৰি গল্প পুথিখনে স্থায়ী সম্পৰ্ক আৰু অৰ্থপূর্ণ বন্ধুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই কাহিনী যিকোনো পাঠকৰ বাবে অনুপ্ৰাণিতকৰ আৰু প্ৰাণস্পৰ্শী। উল্লেখ্য, সন্দীপৰ এই পুথিখন ১৯খন দেশত মুকলি কৰা হৈছে, যাৰ জৰিয়তে অতি কম বয়সতে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰিচয় লাভ কৰিছে।

এঞ্জেলিক বণ্ডছ এমাজন কিণ্ডল আৰু পথি ডট কমত উপলব্ধ। ভাৰতীয় পাঠকসকলে পোহতি ডট কমৰ জৰিয়তে এই বিশেষ সংস্কৰণ সংগ্ৰহ কৰিব পাৰে। সন্দীপ বাকালীৰ যাত্ৰাই তৰুণ লেখকৰ বাবে এটা বিশেষ অনুপ্ৰেৰণা যোগায়।

তেওঁৰ সফলতাই প্ৰমাণ কৰে যে সপোনক বাস্তৱায়িত কৰাৰ বাবে বয়সৰ কোনো বাধা নাই। কঠোৰ পৰিশ্ৰম, উচ্ছাহ আৰু সহনশীলতাৰে যিকোনো লক্ষ্য সাধন কৰিব পৰা যায়।

যিহেতু এঞ্জেলিক বণ্ডছ বিশ্বজুৰি পাঠকৰ মাজলৈ গৈছে, সেয়ে সন্দীপৰ এই কাহিনীয়ে তৰুণ প্ৰতিভাসকলৰ বাবে আশা আৰু সাহসৰ দীপশিখা ৰূপে কাম কৰিব।

লগতে ই আমাক সোঁৱৰাই দিয়ে যে নিষ্ঠা আৰু সৃষ্টিশীলতাৰে কেনেকৈ সৰু চহৰ এখনৰ ১৭ বছৰীয়া ল’ৰা এজনেও বিশ্বব্যাপী নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিব পাৰে৷

Honey Bee: ৰহস্যময় জীৱনেৰে কেনেকৈ মৃত্যু হয় মতা মৌমাখিৰ

Honey Bee: ৰহস্যময় জীৱনেৰে কেনেকৈ মৃত্যু হয় মতা মৌমাখিৰ মতা মৌমাখিৰ জীৱন মানেই এক ৰহস্য, যি মৌমাখিৰ জীৱনচক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আচৰিত কথাটো হ’ল, যৌন সম্পৰ্কৰ সময়ত মতা মৌমাখিৰ এণ্ড’ফেৰাছ ভাঙি যায় বাবেই লগে লগে মৃত্যু হয়। সেইবাবেই এই ঘটনাক “The Dramatic Sexual Suicide” বুলি কোৱা হয়। উল্লেখ্য যে, এটা মৌচাকত মাত্ৰ এজনী ৰাণী মৌমাখি থাকে। ৰাণীক কেন্দ্ৰ কৰিয়েই মৌচাক নিৰ্মাণ কৰা হয়। প্ৰকৃতি এক অদ্ভুত নিয়ম য’ত মৌমাখিয়ে নিজে জীয়াই থকাৰ বাবেই নহয়, সমগ্ৰ প্ৰজাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰে। বিশেষকৈ মতা মৌমাখিৰ জন্মৰ মাত্ৰ এটাই উদ্দেশ্য থাকে— ৰাণী মৌমাখিৰ সৈতে সং*গম কৰা। মতা মৌমাখিয়ে জানে যে এই সং*গমৰ পিছত সিহঁতৰ মৃত্যু অনিবাৰ্য। তথাপি তেওঁলোকে এই উদাৰ কৰ্তব্যৰ পৰা আঁতৰি নাযায়। সন্মুখত আন কোনো বাট নাথাকিলেও মৃত্যুৰ বাবে সাজু হয়। মৌমাখিৰ মৌচাকত মাত্ৰ এগৰাকী ৰাণী থাকে। এই ৰাণী মৌমাখিৰ মূল কাম হ’ল কণী পৰা। শ্ৰমিক মৌমাখিয়ে ফুলৰ পৰা মৌ সংগ্ৰহ কৰে আৰু ৰক্ষণাবেক্ষণৰ কাম কৰে। কিন্তু মতা মৌমাখিৰ জীৱন সম্পূৰ্ণ বেলেগ। ইহঁতৰ কোনো শ্ৰমৰ প্ৰয়োজন নাই, আনকি ইহঁতৰ খাদ্যও শ্ৰমিক মৌমাখিৰ মুখলৈকে আনি দিয়ে। কিন্তু মতা মৌমাখিৰ একমাত্ৰ কাম হ’ল ৰাণী মৌমাখিৰ লগত সংগম কৰা। মতা মৌমাখিৰ জীৱনচক্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিঘটনাটো হ’ল ‘পুৰুষ ধর্মসভা’। ইয়াত বহুতো মতা মৌমাখি গোট খাই ৰাণী মৌমাখি আহি পোৱালৈ অপেক্ষা কৰে।
Honey Bee: ৰহস্যময় জীৱনেৰে কেনেকৈ মৃত্যু হয় মতা মৌমাখিৰ

মতা মৌমাখিৰ জীৱন মানেই এক ৰহস্য, যি মৌমাখিৰ জীৱনচক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আচৰিত কথাটো হ’ল, যৌন সম্পৰ্কৰ সময়ত মতা মৌমাখিৰ এণ্ড’ফেৰাছ ভাঙি যায় বাবেই লগে লগে মৃত্যু হয়। সেইবাবেই এই ঘটনাক “The Dramatic Sexual Suicide” বুলি কোৱা হয়। উল্লেখ্য যে, এটা মৌচাকত মাত্ৰ এজনী ৰাণী মৌমাখি থাকে। ৰাণীক কেন্দ্ৰ কৰিয়েই মৌচাক নিৰ্মাণ কৰা হয়। প্ৰকৃতি এক অদ্ভুত নিয়ম য’ত মৌমাখিয়ে নিজে জীয়াই থকাৰ বাবেই নহয়, সমগ্ৰ প্ৰজাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰে। বিশেষকৈ মতা মৌমাখিৰ জন্মৰ মাত্ৰ এটাই উদ্দেশ্য থাকে— ৰাণী মৌমাখিৰ সৈতে সং*গম কৰা। মতা মৌমাখিয়ে জানে যে এই সং*গমৰ পিছত সিহঁতৰ মৃত্যু অনিবাৰ্য।

তথাপি তেওঁলোকে এই উদাৰ কৰ্তব্যৰ পৰা আঁতৰি নাযায়। সন্মুখত আন কোনো বাট নাথাকিলেও মৃত্যুৰ বাবে সাজু হয়।

মৌমাখিৰ মৌচাকত মাত্ৰ এগৰাকী ৰাণী থাকে। এই ৰাণী মৌমাখিৰ মূল কাম হ’ল কণী পৰা।

শ্ৰমিক মৌমাখিয়ে ফুলৰ পৰা মৌ সংগ্ৰহ কৰে আৰু ৰক্ষণাবেক্ষণৰ কাম কৰে। কিন্তু মতা মৌমাখিৰ জীৱন সম্পূৰ্ণ বেলেগ।

ইহঁতৰ কোনো শ্ৰমৰ প্ৰয়োজন নাই, আনকি ইহঁতৰ খাদ্যও শ্ৰমিক মৌমাখিৰ মুখলৈকে আনি দিয়ে। কিন্তু মতা মৌমাখিৰ একমাত্ৰ কাম হ’ল ৰাণী মৌমাখিৰ লগত সংগম কৰা। মতা মৌমাখিৰ জীৱনচক্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিঘটনাটো হ’ল ‘পুৰুষ ধর্মসভা’।

ইয়াত বহুতো মতা মৌমাখি গোট খাই ৰাণী মৌমাখি আহি পোৱালৈ অপেক্ষা কৰে।

Orange: কমলা খাই ভাল পায় নেকি আপুনিও,বিশেষজ্ঞসকলে কি কয়

Orange: কমলা খাই ভাল পায় নেকি আপুনিও,বিশেষজ্ঞসকলে কি কয় শীতকালত বজাৰত বহুত কমলা পোৱা যায় যদিও আমাৰ বহুতেই এই সোৱাদযুক্ত ফলৰ গুৰুত্ব বুজি নাপাওঁ। অৱশ্যে ভিটামিন চিৰে ভৰপূৰ এই ফল দৈনিক খাব লাগে। বিশেষজ্ঞসকলৰ মতে শীতকালত যদি আপুনি যিকোনো ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰি স্বাস্থ্যসন্মত খাদ্য খাব লাগে। ব্যায়াম কৰাৰ লগতে বতৰৰ ফলো খাব লাগে। তাৰে ভিতৰত কমলাও এটা। কমলাৰ উপকাৰিতাৰ বিষয়ে জানো আহক- উচ্চ ৰক্তচাপ হ্ৰাস কৰে বিশেষজ্ঞসকলৰ কয়, যদি আপুনি ৰক্তচাপৰ সমস্যাত ভুগিছে ​​তেন্তে শীতকালত প্ৰতিদিনে এটাকৈ কমলা খাওক। আচলতে কমলাৰ বহুতো গুণ আছে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি কমলা খালে উচ্চ ৰক্তচাপৰ সমস্যাও কমি যায়। কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে কমলাত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত ফ্লেভনয়ড আৰু কেৰটিনয়ডৰ দৰে শক্তিশালী এন্টিঅক্সিডেন্ট থাকে। যিয়ে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কেন্সাৰৰ পৰাও সুৰক্ষা দিয়ে। গতিকে প্ৰতিদিনে কমলা খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয় বুলি বিশেষজ্ঞসকলৰ কয়। শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায় বিশেষজ্ঞসকলে কয়,কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে দিনটোত অন্ততঃ এটা কমলা খাব লাগে। প্ৰতিদিনে এটা কমলা খালে অতি ঠাণ্ডাতো সুস্থ হৈ থকা সম্ভৱ। ৰক্তহীনতাৰ সম্ভাৱনা কমে কমলাত থকা ভিটামিন চিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে। প্ৰতিদিনে এটা কমলা খালে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পাব। গতিকে শীতকালত প্ৰতিদিনে কমলা খোৱাটো বাঞ্ছনীয় বুলি বিশেষজ্ঞসকলে কয়।
Orange: কমলা খাই ভাল পায় নেকি আপুনিও,বিশেষজ্ঞসকলে কি কয়

শীতকালত বজাৰত বহুত কমলা পোৱা যায় যদিও আমাৰ বহুতেই এই সোৱাদযুক্ত ফলৰ গুৰুত্ব বুজি নাপাওঁ। অৱশ্যে ভিটামিন চিৰে ভৰপূৰ এই ফল দৈনিক খাব লাগে।

বিশেষজ্ঞসকলৰ মতে শীতকালত যদি আপুনি যিকোনো ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰি স্বাস্থ্যসন্মত খাদ্য খাব লাগে। ব্যায়াম কৰাৰ লগতে বতৰৰ ফলো খাব লাগে। তাৰে ভিতৰত কমলাও এটা।

কমলাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

উচ্চ ৰক্তচাপ হ্ৰাস কৰে
বিশেষজ্ঞসকলৰ কয়, যদি আপুনি ৰক্তচাপৰ সমস্যাত ভুগিছে ​​তেন্তে শীতকালত প্ৰতিদিনে এটাকৈ কমলা খাওক। আচলতে কমলাৰ বহুতো গুণ আছে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি কমলা খালে উচ্চ ৰক্তচাপৰ সমস্যাও কমি যায়।

কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে
কমলাত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত ফ্লেভনয়ড আৰু কেৰটিনয়ডৰ দৰে শক্তিশালী এন্টিঅক্সিডেন্ট থাকে। যিয়ে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কেন্সাৰৰ পৰাও সুৰক্ষা দিয়ে। গতিকে প্ৰতিদিনে কমলা খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয় বুলি বিশেষজ্ঞসকলৰ কয়।

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়
বিশেষজ্ঞসকলে কয়,কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে দিনটোত অন্ততঃ এটা কমলা খাব লাগে। প্ৰতিদিনে এটা কমলা খালে অতি ঠাণ্ডাতো সুস্থ হৈ থকা সম্ভৱ।

ৰক্তহীনতাৰ সম্ভাৱনা কমে
কমলাত থকা ভিটামিন চিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে। প্ৰতিদিনে এটা কমলা খালে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পাব। গতিকে শীতকালত প্ৰতিদিনে কমলা খোৱাটো বাঞ্ছনীয় বুলি বিশেষজ্ঞসকলে কয়।

Royal Endfield: কিয় বিশ্বজুৰি ৰয়েল এনফিল্ড মটৰ চাইকেল ইমান জনপ্ৰিয়

কিয় বিশ্বজুৰি ৰয়েল এনফিল্ড মটৰ চাইকেল ইমান জনপ্ৰিয়
কিয় বিশ্বজুৰি ৰয়েল এনফিল্ড মটৰ চাইকেল ইমান জনপ্ৰিয়

ৰয়েল এনফিল্ড, বিশ্বৰ মটৰ চাইকেল বজাৰত এক বিখ্যাত মডেল। ৰয়েল এনফিল্ডক বহুতে ভাৰতৰ ব্ৰেণ্ড বুলিহে গণ্য কৰে। যিহেতু ই ভাৰতীয় বাইকাৰৰ লগত ইমানেই জড়িত যে ইয়াৰ উৎপত্তি ভাৰতত যে নহয় ই বহুতৰেই অজ্ঞাত। ৰয়েল এনফিল্ডৰ শিপা আছে প্ৰকৃততে বৃটেইনত। ১৯০১ চনত ৰয়েল এনফিল্ডে যাত্ৰা আৰম্ভ কৰে। দুজন ব্ৰিটিছ উদ্যোগী বব ৱাকাৰ স্মিথ আৰু এলবাৰ্ট এডিয়ে এই মটৰ চাইকেলখন নিৰ্মাণ কৰিছিল। ১৯৫৫ চনত কোম্পানীটোৱে ভাৰতৰ মাদ্ৰাজ মটৰ্ছৰ সৈতে চেন্নাইত এছেম্বলি প্লাণ্ট স্থাপন কৰে। তেতিয়াৰ পৰাই ভাৰতৰ বাইক প্ৰেমীসকলৰ মনত ৰয়েল এনফিল্ডে ঠাই লয়। এই বাইকখন ভাৰতীয় বজাৰত অতি জনপ্ৰিয় কাৰণ ইয়াৰ শক্তিশালী ইঞ্জিন আৰু ষ্টাইলিছ লুক। বলীউডৰ বহু জনপ্ৰিয় তাৰকা আৰু ভাৰতীয় খেলুৱৈৰ প্ৰিয় ৰয়েল এনফিল্ড। ১৮৯৬ চনত এলবাৰ্ট এডিয়ে মিডলছেক্সৰ এনফিল্ডত থকা ৰয়েল স্মল আৰ্মছ ফেক্টৰীৰ বাবে যন্ত্ৰপাতি নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰে। ইয়াৰ পৰাই ৰয়েল এনফিল্ড নামটোৰ জন্ম হয়। সেই বছৰতেই তেওঁলোকে নিউ এনফিল্ড চাইকেল কোম্পানী লিমিটেড নামৰ এটা কোম্পানী ক্ৰয় কৰে। ইয়াৰ পৰাই ১৮৯৭ চনত ৰয়েল এনফিল্ডে সকলো ধৰণৰ চাইকেলৰ সঁজুলি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। ইংলেণ্ডত মটৰচালিত চাইকেল ক্ৰমান্বয়ে জনপ্ৰিয় হোৱাৰ লগে লগে এনফিল্ড কোম্পানীয়েও মটৰ চাইকেল নিৰ্মাণৰ সিদ্ধান্ত লয়। দুবছৰ ধৰি চেষ্টা কৰাৰ পিছত ১৯০১ চনত ৰয়েল এনফিল্ডে প্ৰথমখন মটৰবাইক মুকলি কৰে। এই ২৩৯ চিচি মটৰবাইকখনৰ শক্তি আছিল ১১.২ হৰ্চপাৱাৰ (hp)। কিন্তু ১৯০৯ চনত নিৰ্মিত তেওঁলোকৰ ভি-টুইন ২৯৭ চিচি ইঞ্জিন মটৰ চাইকেলেই ৰয়েল এনফিল্ডলৈ সফলতা কঢ়িয়াই আনিছিল। তাৰ পিছত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া যুদ্ধক্ষেত্ৰত ব্যৱহাৰৰ বাবে মটৰ চাইকেলৰ বিপুল চাহিদা আছিল। সেই সময়ত ৰয়েল এনফিল্ডে যুদ্ধক্ষেত্ৰৰ বাবে উপযোগী এখন অতি ডাঙৰ মটৰ চাইকেল লৈ আহিছিল। সেইখন ৭৭০চিচি আৰু ৬এচপিৰ ভিভি-টুইন মটৰ চাইকেল আছিল। যুদ্ধৰ সময়ত ৰয়েল এনফিল্ডে এই মটৰচাইকেলসমূহ কেৱল ব্ৰিটিছ সেনাবাহিনীলৈয়ে নহয়, বেলজিয়াম, ফ্ৰান্স, আমেৰিকা আৰু ৰাছিয়া আদি মিত্ৰশক্তিৰ সৈন্যবাহিনীকো যোগান ধৰিছিল। এই মটৰবাইকসমূহৰ মজবুত গঠন আৰু যান্ত্ৰিক নিৰ্ভৰযোগ্যতাৰ বাবে বিভিন্ন দেশৰ সেনাবাহিনীৰ মাজত অতি জনপ্ৰিয় আছিল।কেৱল প্ৰথম বিশ্বযুদ্ধৰ সময়তে নহয় দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো যুদ্ধক্ষেত্ৰত ৰয়েল এনফিল্ড মটৰ চাইকেল জনপ্ৰিয় আছিল। ব্ৰিটিছ চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈ ৰয়েল এনফিল্ড কোম্পানীয়ে সামৰিক গ্ৰেডৰ মটৰ চাইকেল নিৰ্মাণ আৰম্ভ কৰে। সেই সময়ত তেওঁলোকে ২৫০ চিচি, ৩৫০ চিচি আৰু ৫৭০ চিচি ইঞ্জিনযুক্ত মটৰ চাইকেল নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত ৰয়েল এনফিল্ড ডব্লিউ ডি/আৰ ই মডেলটো বিমানৰ পৰা পেৰাচুটেৰে চলাব পৰা যাব। যুদ্ধৰ পিছৰ সময়ছোৱাত ৰয়েল এনফিল্ডে নতুন মডেলৰ বাইক প্ৰৱৰ্তন কৰিছিল। এই সময়ত বজাৰলৈ আহিছিল বিখ্যাত মডেল “বুলেট”। ৩৫০ আৰু ৫০০ চিচিৰ এই বাইক কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে। ইয়াৰ পিছত আহিল ডাঙৰ ৰয়েল এনফিল্ড ছুপাৰ মিটিয়ৰ আৰু ছুপাৰ মিটিয়ৰ কনষ্টেলেচন। ইয়াৰে প্ৰতিখন আছিল ৭০০ চি.চি.ৰ। ১৯৪৯ চনত ভাৰতৰ বজাৰলৈ আহিছিল প্ৰথম ৩৫০ চিচিৰ। দেশৰ সামৰিক বাহিনীয়ে প্ৰথমে সেনাৰ ব্যৱহাৰৰ উদ্দেশ্যে এই বাইকসমূহ ভাৰতলৈ লৈ আহিছিল। ভাৰতীয় সেনাই বুলেট ৩৫০ৰ প্ৰথম ৮০০ ইউনিটক দেশৰ সীমান্তত টহল দিবলৈ নিৰ্দেশ দিয়ে। ভাৰতীয় বজাৰত জনপ্ৰিয়তাৰ বাবে ৰয়েল এনফিল্ডে ১৯৫৫ চনত চেন্নাইৰ এটা অতিৰিক্ত কাৰখানাত মাদ্ৰাজ মটৰ্ছৰ সৈতে যৌথ উদ্যোগত উৎপাদন আৰম্ভ কৰে। প্ৰথম অৱস্থাত মটৰবাইক এছেম্বলিং এই কাৰখানাতে কৰা হৈছিল। কিন্তু ১৯৬২ চনৰ পৰা সমগ্ৰ মটৰ চাইকেলখন ভাৰতত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে।

বৰ্তমান বিশ্বৰ ৫০ খনতকৈও অধিক দেশত ৰয়েল এনফিল্ড বিক্ৰী হয়। মূলতঃ গুণগত মান আৰু স্থায়িত্বৰ বাবেই ৰয়েল এনফিল্ড বাইক বিশ্ববিখ্যাত। বিভিন্ন মডেলৰ চি চি মটৰ চাইকেল বজাৰত উপলব্ধ। ইয়াৰ ভিতৰত ৩৫০ চিচি ইঞ্জিন বুলেট, ক্লাছিক, মিটিয়ৰ এণ্ড হাণ্টাৰ, ৪১১ চিচি স্ক্ৰাম, ৪৫০ চিচি গেৰিলা, হিমালয় আৰু ৬৫০ চিচি শ্বৰ্টগান, ছুপাৰ মিটিয়ৰ, ইন্টাৰচেপ্টৰ ৬৫০ আৰু কন্টিনেণ্টেল জিটি ৬৫০ মডেল অতি জনপ্ৰিয়।৩৫০ চিচিৰ প্ৰতিখন ৰয়েল এনফিল্ড বাইকত বেলেগ বেলেগ বৈশিষ্ট্য আছে। বুলেট, ক্লাছিক আৰু হাণ্টাৰ মডেলত উন্নত ইএফআই ইঞ্জিনৰ দ্বাৰা চালিত হ’ব। ক্লাছিক ৩৫০ মডেলত আছে একক চিলিণ্ডাৰ আৰু এয়াৰকুল্ড ৩৪৯ চিচি ইঞ্জিন। ই ৬,১০০ আৰ পি এমত ২০.২ বি এইচ পি হৰ্চপাৱাৰ আৰু ৪,০০০ আৰ পি এমত ২৭ এন এম টৰ্ক উৎপাদন কৰে। হাণ্টাৰ ৩৫০ মডেল বাইকখনৰ সন্মুখত ঘূৰণীয়া হেডলাইট, হেণ্ডেলবাৰৰ দুয়োফালে দুটা ৰিয়াৰ ভিউ মিৰ’ৰ, টাৰ্ণ ইনডিকেটৰ আৰু কনছ’ল আছে। লগতে ৰটাৰী চুইচ, টিয়াৰ-ড্ৰপ আকৃতিৰ ইন্ধনৰ টেংক। আনহাতে ৰয়েল এনফিল্ড বুলেট ৩৫০ এখন অতি পুৰণি মটৰবাইক। বাইকখনৰ বৰ্তমানৰ সংস্কৰণত ডুৱেল চেনেল এবিএছ ব্ৰেকিং চিষ্টেম ব্যৱহাৰ কৰা হৈছে। এই ব্ৰেকিং চিষ্টেমে বেয়া পথতো বাইকখন মসৃণভাৱে চলাবলৈ আৰু ৰ’বলৈ সহায় কৰে। মূলতঃ দীঘলীয়া ভ্ৰমণৰ বাবে এই বাইকখন জনপ্ৰিয়। আনহাতে ৰয়েল এনফিল্ড মিটিয়ৰ ৩৫০ আধুনিক ধাৰাৰ অভিজাত বাইক। ইয়াৰ ক্লাছিক ষ্টাইলৰ কনছ’ল পেনেল আৰু শক্তিশালী ঘূৰণীয়া হেডলাইট যথেষ্ট আকৰ্ষণীয়।

Bollywood: ‘টেকো পেত্নী’ৰ চৰিত্ৰত অভিনেত্ৰী নীনা গুপ্তাৰ ভিডিঅ’ ভাইৰেল

'টেকো পেত্নী'ৰ চৰিত্ৰত নীনা গুপ্তা, ভিডিঅ' ভাইৰেল ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ইউটিউব ইণ্ডিয়াৰ এটা ভিডিঅ’, য’ত বলীউডৰ বিখ্যাত অভিনেত্ৰী নীনা গুপ্তাক ‘আইকনিক গঞ্জী চুৰায়েল’ অৰ্থাৎ পেত্নী হিচাপে দেখা গৈছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ কমেডী দিশটো ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে যে অনুৰাগীসকল উন্মনা হৈ পৰিছে। বহু প্ৰতিভাশালী অভিনেত্ৰী নীনা গুপ্তাৰ অভাৱনীয় ৰূপান্তৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক অতি আনন্দ দিছে।এক প্ৰতিবেদন অনুসৰি কমেডী ভিডিঅ’টোত আন তিনিগৰাকী প্ৰভাৱশালী অভিনেত্ৰী শিৱশক্তি সচদেৱ, ইশিতা মংগল আৰু সাক্ষী সিদ্ৱানীয়েও অভিনয় কৰিছে। প্ৰভাৱশালীসকলে টেকো পত্নীৰ সেউজীয়া ছালৰ বাবে নিখুঁত মেকঅভাৰ, হেয়াৰ স্পা চেচনৰ পৰা আৰম্ভ কৰি ধোঁৱাময় চকু আৰু জিলিকি থকা সাজ-পোছাকলৈকে মেকঅভাৰ বৰ সুন্দৰ। ইউটিউব ইণ্ডিয়াৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে এতিয়ালৈকে ১৫ লাখৰো অধিক ভিউ লাভ কৰিছে। নীনা গুপ্তাৰ কন্যা তথা ভাৰতৰ বিখ্যাত ফেশ্বন ডিজাইনাৰ মাছাবা গুপ্তাই লিখিছে, ‘মই মৃত’। ভাৰতৰ যুৱ প্ৰজন্মৰ বিখ্যাত কমেডী কন্টেন্ট ক্ৰিয়েটৰ ডলী সিঙে প্ৰশংসা কৰি লিখিছে, ‘কোনে ভাবিলেহেঁতেন যে নীনা জীয়ে গঞ্জী চুৰেল হৈ এনে এটা ব্ৰেণ্ডৰ প্ৰচাৰ কৰিব! ই আইকনিক।' এই ভয়ংকৰ কল্পনাপ্ৰসূত চৰিত্ৰটোৰ সৈতে নীনা গুপ্তাৰ কমেডীৰ সংমিশ্ৰণে প্ৰমাণ কৰে যে,অভিনেত্ৰীগৰাকীৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ দৰ্শকক স্তম্ভিত আৰু মনোৰঞ্জন দিয়াৰ ক্ষমতা এতিয়াও আছে।
'টেকো পেত্নী'ৰ চৰিত্ৰত নীনা গুপ্তা, ভিডিঅ' ভাইৰেল

ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ইউটিউব ইণ্ডিয়াৰ এটা ভিডিঅ’, য’ত বলীউডৰ বিখ্যাত অভিনেত্ৰী নীনা গুপ্তাক ‘আইকনিক গঞ্জী চুৰায়েল’ অৰ্থাৎ পেত্নী হিচাপে দেখা গৈছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ কমেডী দিশটো ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে যে অনুৰাগীসকল উন্মনা হৈ পৰিছে। বহু প্ৰতিভাশালী অভিনেত্ৰী নীনা গুপ্তাৰ অভাৱনীয় ৰূপান্তৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক অতি আনন্দ দিছে।এক প্ৰতিবেদন অনুসৰি কমেডী ভিডিঅ’টোত আন তিনিগৰাকী প্ৰভাৱশালী অভিনেত্ৰী শিৱশক্তি সচদেৱ, ইশিতা মংগল আৰু সাক্ষী সিদ্ৱানীয়েও অভিনয় কৰিছে। প্ৰভাৱশালীসকলে টেকো পত্নীৰ সেউজীয়া ছালৰ বাবে নিখুঁত মেকঅভাৰ, হেয়াৰ স্পা চেচনৰ পৰা আৰম্ভ কৰি ধোঁৱাময় চকু আৰু জিলিকি থকা সাজ-পোছাকলৈকে মেকঅভাৰ বৰ সুন্দৰ। ইউটিউব ইণ্ডিয়াৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে এতিয়ালৈকে ১৫ লাখৰো অধিক ভিউ লাভ কৰিছে। নীনা গুপ্তাৰ কন্যা তথা ভাৰতৰ বিখ্যাত ফেশ্বন ডিজাইনাৰ মাছাবা গুপ্তাই লিখিছে, ‘মই মৃত’। ভাৰতৰ যুৱ প্ৰজন্মৰ বিখ্যাত কমেডী কন্টেন্ট ক্ৰিয়েটৰ ডলী সিঙে প্ৰশংসা কৰি লিখিছে, ‘কোনে ভাবিলেহেঁতেন যে নীনা জীয়ে গঞ্জী চুৰেল হৈ এনে এটা ব্ৰেণ্ডৰ প্ৰচাৰ কৰিব! ই আইকনিক।’ এই ভয়ংকৰ কল্পনাপ্ৰসূত চৰিত্ৰটোৰ সৈতে নীনা গুপ্তাৰ কমেডীৰ সংমিশ্ৰণে প্ৰমাণ কৰে যে,অভিনেত্ৰীগৰাকীৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ দৰ্শকক স্তম্ভিত আৰু মনোৰঞ্জন দিয়াৰ ক্ষমতা এতিয়াও আছে।

Mising Sports Carnival:মিচিং স্প’ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি

Mising Sports Carnival:মিচিং স্প'ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি
Mising Sports Carnival:মিচিং স্প'ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি

গোগামুখ, ২ ডিচেম্বৰঃ মিচিং জনগোষ্ঠীৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰা মিচিং স্প’ৰ্টছ কাৰ্নিভেল(Mising Sports Carnival) বৰ্ণিল কাৰ্যসূচীৰে কালি পুৱতি নিশা সামৰণি পৰিছে৷

২৮ নৱেম্বৰৰ পৰা ধেমাজি(Dhemaji) জিলাৰ গোগামুখত ১ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা স্প’ৰ্টছ কাৰ্নিভেলৰ দেওবাৰে সামৰণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল অলিম্পিক ৰূপৰ পদক বিজয়ী মীৰাবাই ছানু৷ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া ক্ষেত্ৰত বহু প্ৰতিভা আছে যদিও ইয়াক উপযুক্তভাৱে প্লেটফৰ্ম দিব পৰা নাই৷

যিসকলে ক্ৰীড়াৰ বাতাবৰণ পাইছে এইসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা লাভ কৰিছে৷ তেওঁ লগতে কয়, মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টিএমপিকেই স্প’ৰ্টছ ফেষ্টিভেল পাতি নতুন প্ৰতিভাক আৱিষ্কাৰ কৰিব বিচাৰিছে তাত মই আনন্দিত হৈছোঁ৷

যদি মই সময় পাই থাকোঁ তেন্তে যুৱ খেলুৱৈসকলক উৎসাহ দিবলৈ বাৰে বাৰে এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাত উপস্থিত থাকিব বুলি অলিম্পিক মেডেলিষ্ট মীৰাবাই ছানুৱে(Olympic medalist Meerabai Sanu) দোহাৰে৷

সামৰণি অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই(Dr. Samujjal Kumar Bhattacharya) টিএমপিকেই(TMPK) ক্ৰীড়াক্ষেত্ৰত লোৱা ভূমিকাক ভূয়সী প্ৰশংসা কৰাৰ লগতে কয়, টিএমপিকে আমাৰ ভাতৃ সংগঠন আৰু টিএমপিকেৰ শুভ কামত আমি সদায় সমৰ্থন দি আহিছোঁ৷

অসমৰ ইতিহাসত মিচিং জাতীয় সংগঠন টিএমপিকেই হৈছে মিচিং স্প’ৰ্টছ্‌ কাৰ্নিভেল অনুষ্ঠিত কৰা এটি জাতীয় সংগঠন৷ স্প’ৰ্টছ্‌ কাৰ্নিভেল এক সুন্দৰ পৰিৱেশত অনুষ্ঠিত হোৱা বুলি তেওঁ দোহাৰে৷ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুবন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবিহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুুমাৰ পেগু, টিএমপিকেৰ কেন্দ্ৰীয় সভাপতি তিলক দলে আদিয়ে৷

অনুষ্ঠানটোৰ উদ্দেশ্য ব্যখ্যা কৰে টিএমপিকেৰ কেন্দ্ৰীয় সম্পাদক ছান কুমাৰ পাংগিঙে৷ উল্লেখনীয় যে, টিএমপিকেৰ ১৬খন জিলা সমিতিক সামৰি অনুষ্ঠিত কৰা  মিচিং স্প’ৰ্টছ কাৰ্নিভেল দ্বিতীয় সংস্কৰণৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে ধেমাজি জিলা দলে৷ সোণৰ পদক ১২, ৰূপৰ পদক ৮, ব্ৰঞ্জৰ পদক ১৪টা লাভ কৰি মুঠ ৩৪ পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷

ধেমাজি জিলা দলে এইবাৰ সকলো ইভেণ্টতে দমনীয় খেল প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ মাজুলী জিলা দলে সোণৰ পদক ১০, ৰূপৰ পদক ৭ আৰু ব্ৰঞ্জৰ পদক ৬ লাভ কৰি মুঠ ২২টা পদকেৰে দ্বিতীয়, লখিমপুৰ জিলা দলে সোণৰ পদক ৮, ৰূপৰ পদক ১১ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৩টা পদক লাভ কৰি তৃতীয় স্থান লাভ কৰে৷

একেদৰে জোনাই দলে চতুৰ্থ, চিলাপথাৰ দলে পঞ্চম, ঢকুৱাখনা দলে ষষ্ঠ, শিৱসাগৰ দলে সপ্তম, শোণিতপুৰ জিলা দলে ৮ সংখ্যক স্থান, ডিব্ৰুগড় দলে নৱম, যোৰহাট দলে দশম, গোলাঘাট জিলা ১১ সংখ্যক স্থান, গুৱাহাটী দলে ১২ সংখ্যক স্থান, বিহপুৰীয়া দলে  ১৩ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়৷

শদিয়া, তিনিচুকীয়া আৰু চৰাইদেউ দলে এটা পদক লাভ কৰিবলৈ সক্ষম হয়৷ মিচিং স্প’ৰ্টছ কাৰ্নিভেলৰ শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ খেলুৱৈসকলক কালি নিশা জনসমুদ্ৰৰ মাজত পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়৷