Home Blog Page 431

Flower: অপৰাজিতা ফুলৰ চাহৰো আছে যাদুকৰী গুণ

Flower: অপৰাজিতা ফুলৰ চাহৰো আছে যাদুকৰী গুণ
Flower: অপৰাজিতা ফুলৰ চাহৰো আছে যাদুকৰী গুণ

গাঢ় নীলা ৰঙৰ অপৰাজিতা ফুল কেৱল চাবলৈয়ে ধুনীয়াই নহয়, ইয়াৰ পুষ্টিকৰ মূল্যও অন্তহীন। অপৰাজিতা ফুলৰ চাহ যাক ‘নীলা চাহ’ বুলিও কোৱা হয়, ই সম্পূৰ্ণ কেফেইনবিহীন বনৌষধি চাহ।

যিহেতু ই মনক শান্ত কৰি ৰাখি শৰীৰকো সুস্থ কৰি ৰাখে। চাও আহক-

১) হজম শক্তিত সহায় কৰে

অপৰাজিতা ফুলৰ চাহত ৰেচক গুণ আছে যিয়ে পাচনত সহায় কৰে। ই কোষ্ঠকাঠিন্য দূৰ কৰাত আৰু সুস্থ পাচনতন্ত্ৰ গঢ়ি তোলাত সহায় কৰে।

২) তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে

অপৰাজিতা ফুলৰ চাহে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে।

৩) এন্টিঅক্সিডেন্টৰ দ্বাৰা শৰীৰ সমৃদ্ধ কৰে

অপৰাজিতা ফুলৰ চাহত এন্থ’চাইনিন, প্ৰ’এন্থ’চাইনিডিন আৰু কুৱেৰচেটিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে যিয়ে আমাৰ শৰীৰৰ ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাত সহায় কৰে আৰু কোষক মানসিক চাপ আৰু ক্ষতিৰ পৰা ৰক্ষা কৰে।

৪) শৰীৰৰ বিষ নাইকিয়া কৰে

অপৰাজিতা ফুলৰ চাহ নিয়মিতভাৱে খালে শৰীৰৰ বিষৰ পৰা উপশম পোৱা যায়। এই চাহে শৰীৰৰ অতিৰিক্ত উত্তেজনা হ্ৰাস কৰাত সহায় কৰে আৰু সামগ্ৰিক স্বাস্থ্য উন্নত কৰে।

৫) ওজন নিয়ন্ত্ৰণত সহায় কৰে

অপৰাজিতা ফুলৰ চাহে ভোক কমোৱাত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণ কৰে।

৬) হাঁপানী ৰোগ প্ৰতিৰোধ

ইয়াত উপস্থিত থকা চেপনিন আৰু ফ্লেভন’ইড যৌগবোৰে হাঁপানী ৰোগ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰে।

Pakistan: পা*কিস্তানত সা*ম্প্ৰদায়িক হিং*সাত মৃ*ত্যুৰ সংখ্যা ১৩০জনলৈ বৃদ্ধি

Pakistan: পাকিস্তানত সাম্প্ৰদায়িক হিংসাত মৃত্যুৰ সংখ্যা ১৩০জনলৈ বৃদ্ধি
Pakistan: পাকিস্তানত সাম্প্ৰদায়িক হিংসাত মৃত্যুৰ সংখ্যা ১৩০জনলৈ বৃদ্ধি

উত্তৰ-পশ্চিম পাকিস্তানত বিগত ১০ দিনত সা*ম্প্ৰদায়িক হিং*সাত ১৩০ জন লোকৰ মৃ*ত্যু হৈছে। এই হিং*সাত্মক ঘটনাত আহত হৈছে আন ২০০ জন লোক।
কুৰৰাম পাকিস্তানৰ খাইবাৰ পখ্তুনখোৱা প্ৰদেশৰ এখন জিলা। ২১ নৱেম্বৰত কুৰৰাম জিলাত কনভয়ত ব*ন্দুকধাৰীৰ এম্বুছত ৫২ জন লোক নিহত হৈছিল। ইয়াৰে অধিকাংশই আছিল ছিয়া মুছলমান। এই আক্ৰমণৰ পিছতে সা*ম্প্ৰদায়িক হিং*সা আৰম্ভ হয়। আনহাতে এই আক্ৰমণৰ দায়িত্ব কোনেও স্বীকাৰ নকৰাৰ বাবে প্ৰতিদ্বন্দ্বী গোটসমূহে প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণ কৰাৰ লগতে কেইবাটাও অঞ্চলত অগ্নিসংযোগ কৰে।যোৱা ২৪ নৱেম্বৰত চৰকাৰী বিষয়াসকলে সাত দিনীয়া যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছিল যদিও ফল নধৰিল। ফলত বিগত ২৪ ঘণ্টাত অঞ্চলটোত ১৪ জন লোকৰ মৃ*ত্যু হোৱাৰ লগতে ২৭ জন লোক আহত হয়।কুৰৰাম আফগানিস্তানৰ সীমান্তৱৰ্তী পাকিস্তানৰ এটা জনজাতীয় অঞ্চল। দেশৰ আন প্ৰান্তত সংখ্যালঘু হোৱাৰ বিপৰীতে কুৰৰাম জিলাৰ কিছুমান অঞ্চলত ছিয়া মুছলমান সংখ্যাগৰিষ্ঠ। কুৰৰাম জিলাত ছিয়া মুছলমানৰ আধিপত্য আছে যদিও সংখ্যা কম। সাধাৰণতে এই অঞ্চলৰ ছিয়া মুছলমানসকলে পাকিস্তানৰ সংখ্যাগৰিষ্ঠ চুন্নী মুছলমানৰ সৈতে শান্তিপূৰ্ণভাৱে বাস কৰে। কিন্তু যোৱা জুলাইৰ পৰা কুৰৰাম জিলাৰ ভূমি বিবাদ গৈ সাম্প্ৰদায়িক দাঙ্গালৈ পৰিণত হোৱাৰ লগতে দুয়োপক্ষৰ বহু লোকৰ মৃ*ত্যু হৈছে। কুৰৰাম জিলাৰ উপ আয়ুক্ত জাভেদ উল্লাহ মেহছুদে কয় যে জনজাতীয় নেতাৰ সৈতে যুদ্ধবিৰতিৰ আলোচনা চলি আছে লগতে শান্তি বজাই ৰাখিবলৈ নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে।সমেহছুদে লগতে কয় যে, ‘কৰ্তৃপক্ষই অঞ্চলটোত ইণ্টাৰনেট আৰু মোবাইল সেৱা পুনৰ আৰম্ভ কৰিছে।’কিন্তু প্ৰাদেশিক ৰাজধানী পেছাৱৰক পাৰাচিনাৰ চহৰৰ সৈতে সংযোগ কৰা মূল ঘাইপথটোৰ সকলো যাতায়ত বন্ধ কৰি দিয়াৰ ফলত খাদ্য, ইন্ধন আৰু ঔষধৰ নাটনি হৈছে।ইয়াৰ উপৰিও আফগানিস্তানৰ সৈতে খাৰলাচী সীমান্তত বাণিজ্য আৰু যাতায়ত বন্ধ কৰা হৈছে।

Married man: বিবাহিত পুৰুষৰ বয়স বাঢ়ে লাহে লাহে,অবিবাহিত পুৰুষৰ বাঢ়ে সোনকালে

Married man: বিবাহিত পুৰুষৰ বয়স বাঢ়ে লাহে লাহে,অবিবাহিত পুৰুষৰ বাঢ়ে সোনকালে বয়সকলৈ চিন্তা প্ৰায় সকলোৰে হয়। বহুতেই বাৰ্ধক্যক ৰোধ কৰিবলৈ চেষ্টা কৰে। কিন্তু আপুনি বাৰু জানেনে? বিবাহিত পুৰুষৰ বয়স অবিবাহিত পুৰুষতকৈ সোনকালে বাঢ়ে যদিও মহিলাৰ ক্ষেত্ৰত এই প্ৰভাৱ দেখা নাযায়। শেহতীয়াকৈ এখন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলৰ এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে। সেই অধ্যয়নৰ ফলাফল অনুসৰি বিবাহিত পুৰুষৰ বয়স নিশ্চিতভাৱে লাহে লাহে বাঢ়ে যদিও বিবাহ বিচ্ছেদ বা পত্নী নথকা পুৰুষৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।আনহাতে মহিলাৰ ওপৰত কৰা অধ্যয়নৰ ফলাফলত দেখা গৈছে যে বিবাহিত মহিলাৰ বয়সৰ শাৰীৰিক প্ৰভাৱ অবিবাহিত মহিলাতকৈ বিশেষভাৱে পৃথক নহয়। ইপিনে বিবাহ বিচ্ছেদ হোৱা বা স্বামীৰ মৃত্যু হোৱা মহিলাতকৈ অবিবাহিত মহিলাৰ বয়স যথেষ্ট বেছি যেন লাগে। গৱেষকসকলে কয় যে বিবাহে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। টৰন্টো বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ লাইফ কোৰ্চ এণ্ড এজিঙৰ এজন গৱেষকৰ মতে তেওঁলোকৰ অধ্যয়নত ৭ হাজাৰতকৈ অধিক মধ্যবয়সীয়া আৰু বয়সস্থ কানাডিয়ানক অনুসৰণ কৰা হৈছিল। তেতিয়া তেওঁলোকে দেখিছিল যে কিছুমান মানুহৰ বয়সৰ চাপ শৰীৰত এক নিৰ্দিষ্ট ধৰণেৰে বৃদ্ধি পায়, আনহাতে কিছুমানৰ শৰীৰত সেই চাপ দেখা নাযায়।' তেওঁ লগতে কয় যে মানুহৰ বয়স বৃদ্ধি হোৱাত কিহে বাধা দিয়ে আমি এবাৰ বুজি পালে প্ৰাপ্তবয়স্কসকলক বয়স বৃদ্ধিৰ লগে লগে উন্নত জীৱন যাপন কৰাত ভালদৰে সহায় কৰিব পাৰিম।
Married man: বিবাহিত পুৰুষৰ বয়স বাঢ়ে লাহে লাহে,অবিবাহিত পুৰুষৰ বাঢ়ে সোনকালে

বয়সকলৈ চিন্তা প্ৰায় সকলোৰে হয়। বহুতেই বাৰ্ধক্যক ৰোধ কৰিবলৈ চেষ্টা কৰে। কিন্তু আপুনি বাৰু জানেনে? বিবাহিত পুৰুষৰ বয়স অবিবাহিত পুৰুষতকৈ সোনকালে বাঢ়ে যদিও মহিলাৰ ক্ষেত্ৰত এই প্ৰভাৱ দেখা নাযায়। শেহতীয়াকৈ এখন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলৰ এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে। সেই অধ্যয়নৰ ফলাফল অনুসৰি বিবাহিত পুৰুষৰ বয়স নিশ্চিতভাৱে লাহে লাহে বাঢ়ে যদিও বিবাহ বিচ্ছেদ বা পত্নী নথকা পুৰুষৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।আনহাতে মহিলাৰ ওপৰত কৰা অধ্যয়নৰ ফলাফলত দেখা গৈছে যে বিবাহিত মহিলাৰ বয়সৰ শাৰীৰিক প্ৰভাৱ অবিবাহিত মহিলাতকৈ বিশেষভাৱে পৃথক নহয়। ইপিনে বিবাহ বিচ্ছেদ হোৱা বা স্বামীৰ মৃত্যু হোৱা মহিলাতকৈ অবিবাহিত মহিলাৰ বয়স যথেষ্ট বেছি যেন লাগে। গৱেষকসকলে কয় যে বিবাহে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

টৰন্টো বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ লাইফ কোৰ্চ এণ্ড এজিঙৰ এজন গৱেষকৰ মতে তেওঁলোকৰ অধ্যয়নত ৭ হাজাৰতকৈ অধিক মধ্যবয়সীয়া আৰু বয়সস্থ কানাডিয়ানক অনুসৰণ কৰা হৈছিল। তেতিয়া তেওঁলোকে দেখিছিল যে কিছুমান মানুহৰ বয়সৰ চাপ শৰীৰত এক নিৰ্দিষ্ট ধৰণেৰে বৃদ্ধি পায়, আনহাতে কিছুমানৰ শৰীৰত সেই চাপ দেখা নাযায়।’

তেওঁ লগতে কয় যে মানুহৰ বয়স বৃদ্ধি হোৱাত কিহে বাধা দিয়ে আমি এবাৰ বুজি পালে প্ৰাপ্তবয়স্কসকলক বয়স বৃদ্ধিৰ লগে লগে উন্নত জীৱন যাপন কৰাত ভালদৰে সহায় কৰিব পাৰিম।

International Badminton Championships:গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ-১০০ আন্তৰ্জাতিক বেডমিণ্টন

International Badminton Championships:গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ-১০০ আন্তৰ্জাতিক বেডমিণ্টন
International Badminton Championships:গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ-১০০ আন্তৰ্জাতিক বেডমিণ্টন

গুৱাহাটী, ২ ডিচেম্বৰঃ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত কাইলৈৰ পৰা আৰম্ভ হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা(International Badminton Championships)৷

ভাৰতীয় দলত অসমৰ তিনি খেলুৱৈ প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে

বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত(UNEX-Sunrise Masters Super-100) অংশ লোৱাৰ বাবে ইতিমধ্যে ভাৰতৰ লগতে বিশ্বৰ ২৩খন দেশৰ পুৰুষ আৰু মহিলা শ্বাটলাৰ আহি গুৱাহাটীত উপস্থিত হৈছে৷ আজি সকলো খেলুৱৈয়ে প্ৰতিযোগিতাস্থলীত অনুশীলনো কৰে৷(Ashwini Ponappa)

উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে চীন আৰু জাপানৰ শ্বাটলাৰ(Chinese and Japanese shuttler)৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি আয়োজক ভাৰতৰ (২১৪) পাছতে চীনৰ ৩২ জনীয়া দলটো প্ৰতিযোগিতাৰ দ্বিতীয় সৰ্ববৃহৎ দল৷

আনহাতে, জাপান দলৰ সদস্যৰ সংখ্যা হ’ল পাঁচ৷ প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ কোৱালিফায়িং ৰাউণ্ডৰ মেচ খেলিব অসমৰ ঈশাৰাণী বৰুৱা, সুৰজ গোৱালা আৰু অৰিজিত চলিহাই৷ ঈশাৰাণী আৰু অৰিজিতে একক শাখাত খেলাৰ বিপৰীতে ডাবলছত খেলিব সুৰজে৷

আঘাতৰ বাবে অস্মিতা চলিহাই অংশ লোৱাৰ পৰা বিৰত আছে বুলি সম্পাদক ওমৰ ৰছিদে জনায়৷ বি ডব্লিউ এফে গুৱাহাটী মাষ্টাৰ্ছৰূপে নিৰ্ধাৰণ কৰা প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ লগতে মিক্সড ডাবলছ শাখাৰো খেল অনুষ্ঠিত হ’ব৷

তিনি আৰু চাৰি ডিচেম্বৰত কোৱালিফায়িং ৰাউণ্ডৰ খেল হোৱাৰ বিপৰীতে পাঁচ ডিচেম্বৰৰ পৰা ৰাউণ্ড অব ১৬ৰ খেল আৰম্ভ হ’ব৷ মুঠ এক লাখ ইউএছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখন আঠ ডিচেম্বৰত সমাপ্ত হ’ব৷ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা হ’ল ৪৬১গৰাকী৷

আনহাতে, খেল পৰিচালকৰূপে থাকিব ১৩০গৰাকী টেকনিকেল বিষয়া৷ ভাৰতীয় অনুৰাগীৰ দৃষ্টি থাকিব বিগত বৰ্ষত মহিলা ডাবলছৰ খিতাপ জয় কৰা অশ্বিনী প’নাপ্পা আৰু তানিশা ক্ৰিষ্টোৰ ওপৰত৷ আজি উভয় শ্বাটলাৰে দীৰ্ঘ সময় ধৰি অনুশীলনো কৰে৷

North Korea: ৰাছিয়াই নিজক ৰক্ষা কৰাৰ অধিকাৰ আছে: উত্তৰ কোৰিয়াৰ নেতাকিম জং জং উন

ৰাছিয়াই নিজক ৰক্ষা কৰাৰ অধিকাৰ আছে: উত্তৰ কোৰিয়াৰ নেতাকিম জং জং উন উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে কয় যে ইউক্ৰেইনৰ যুদ্ধত কিয়েভে আমেৰিকাৰ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে। সেই অস্ত্ৰবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ যুঁজ দিয়াৰ অধিকাৰ ৰাছিয়াৰ আছে। শুকুৰবাৰে (৩০ নৱেম্বৰ) ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছভৰ সৈতে হোৱা বৈঠকত তেওঁ এই মন্তব্য কৰে। কিম জং উনে এই বৈঠকৰ সময়ত কয় যে আমেৰিকা আৰু পশ্চিমে ইউক্ৰেইনক ৰাছিয়াৰ ভিতৰত আক্ৰমণ কৰিবলৈ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। সেইবাবেই ৰাছিয়াই বিপক্ষক উপযুক্ত সঁহাৰি দিব লাগে। কিমৰ মতে, কেচিএনএই কয় যে উত্তৰ কোৰিয়াৰ চৰকাৰ, সেনা আৰু জনসাধাৰণে ৰাছিয়ান ফেডাৰেচনৰ নীতিক সদায় সমৰ্থন কৰিব যাতে সাম্ৰাজ্যবাদীসকলে আধিপত্য বিয়পোৱাৰ বাবে কৰা কাৰ্য্যৰ পৰা নিজৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক ৰক্ষা কৰিব পাৰে। মন কৰিবলগীয়া যে যোৱা জুন মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকত কিম জং উনে স্বাক্ষৰ কৰা ব্যাপক কৌশলগত অংশীদাৰিত্ব চুক্তিৰ অধীনত উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে সামৰিককে ধৰি সকলো ক্ষেত্ৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। সেই সময়ত দুয়োখন দেশৰ মাজত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছিল।
ৰাছিয়াই নিজক ৰক্ষা কৰাৰ অধিকাৰ আছে: উত্তৰ কোৰিয়াৰ নেতাকিম জং জং উন উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে কয় যে ইউক্ৰেইনৰ যুদ্ধত কিয়েভে আমেৰিকাৰ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে। সেই অস্ত্ৰবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ যুঁজ দিয়াৰ অধিকাৰ ৰাছিয়াৰ আছে। শুকুৰবাৰে (৩০ নৱেম্বৰ) ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছভৰ সৈতে হোৱা বৈঠকত তেওঁ এই মন্তব্য কৰে। কিম জং উনে এই বৈঠকৰ সময়ত কয় যে আমেৰিকা আৰু পশ্চিমে ইউক্ৰেইনক ৰাছিয়াৰ ভিতৰত আক্ৰমণ কৰিবলৈ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। সেইবাবেই ৰাছিয়াই বিপক্ষক উপযুক্ত সঁহাৰি দিব লাগে। কিমৰ মতে, কেচিএনএই কয় যে উত্তৰ কোৰিয়াৰ চৰকাৰ, সেনা আৰু জনসাধাৰণে ৰাছিয়ান ফেডাৰেচনৰ নীতিক সদায় সমৰ্থন কৰিব যাতে সাম্ৰাজ্যবাদীসকলে আধিপত্য বিয়পোৱাৰ বাবে কৰা কাৰ্য্যৰ পৰা নিজৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক ৰক্ষা কৰিব পাৰে। মন কৰিবলগীয়া যে যোৱা জুন মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকত কিম জং উনে স্বাক্ষৰ কৰা ব্যাপক কৌশলগত অংশীদাৰিত্ব চুক্তিৰ অধীনত উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে সামৰিককে ধৰি সকলো ক্ষেত্ৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। সেই সময়ত দুয়োখন দেশৰ মাজত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছিল।


ৰাছিয়াই নিজক ৰক্ষা কৰাৰ অধিকাৰ আছে: উত্তৰ কোৰিয়াৰ নেতাকিম জং জং উন

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে কয় যে ইউক্ৰেইনৰ যুদ্ধত কিয়েভে আমেৰিকাৰ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে। সেই অস্ত্ৰবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ যুঁজ দিয়াৰ অধিকাৰ ৰাছিয়াৰ আছে।

শুকুৰবাৰে (৩০ নৱেম্বৰ) ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছভৰ সৈতে হোৱা বৈঠকত তেওঁ এই মন্তব্য কৰে। কিম জং উনে এই বৈঠকৰ সময়ত কয় যে আমেৰিকা আৰু পশ্চিমে ইউক্ৰেইনক ৰাছিয়াৰ ভিতৰত আক্ৰমণ কৰিবলৈ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। সেইবাবেই ৰাছিয়াই বিপক্ষক উপযুক্ত সঁহাৰি দিব লাগে।

কিমৰ মতে, কেচিএনএই কয় যে উত্তৰ কোৰিয়াৰ চৰকাৰ, সেনা আৰু জনসাধাৰণে ৰাছিয়ান ফেডাৰেচনৰ নীতিক সদায় সমৰ্থন কৰিব যাতে সাম্ৰাজ্যবাদীসকলে আধিপত্য বিয়পোৱাৰ বাবে কৰা কাৰ্য্যৰ পৰা নিজৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক ৰক্ষা কৰিব পাৰে।

মন কৰিবলগীয়া যে যোৱা জুন মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকত কিম জং উনে স্বাক্ষৰ কৰা ব্যাপক কৌশলগত অংশীদাৰিত্ব চুক্তিৰ অধীনত উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে সামৰিককে ধৰি সকলো ক্ষেত্ৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। সেই সময়ত দুয়োখন দেশৰ মাজত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছিল।

Wild Elephants:বকোত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ বলি বনৰীয়া হাতী

Wild Elephants:বকোত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ বলি বনৰীয়া হাতী
Wild Elephants:বকোত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ বলি বনৰীয়া হাতী

গুৱাহাটী, ২ ডিচেম্বৰঃ ৰাজ্যৰ ঠাই বিশেষে সঘনাই সংঘটিত হৈ আহিছে হাতী মানুহৰ মাজত সংঘাত(Conflict between elephants and humans)। কামৰূপ জিলাৰ বকোৰ বনাঞ্চলত দীৰ্ঘদিনে বিচৰণ কৰি আহিছে এটা বৃহৎ বনৰীয়া হাতীৰ পাল(Wild Elephants)।

সম্প্ৰতি জীৱ শ্ৰেষ্ঠ নিকৃষ্ট মানুহৰ অবিবেচক কৰ্ম কাণ্ডৰ বাবে বনাঞ্চল সংকুচিত হৈ পৰিছে।(Boko) ফলত বনৰীয়া হাতীৰ উপৰি বনৰীয়া জীৱ-জন্তুৰ বাসস্থানৰ অভাৱ হৈ পৰিছে।

ইফালে স্থানীয় প্ৰশাসন যন্ত্ৰৰ জ্ঞাতসাৰেই একাংশ অমানুষিক লোকৰ বদ স্বভাৱৰ বাবেও বনাঞ্চল সংকুচিত হৈ পৰিছে। যধে মধে বনাঞ্চলৰ ভূমি ধ্বংস কৰি অথবা বনাঞ্চলৰ বন ভূমি দখল কৰি ধান, তামোল, কল, ৰৱৰ তথা অন্যান্য বাগান স্থাপন কৰি নিজৰ কু-অভিসন্ধি ৰচনা কৰিছে।

এই ক্ষেত্ৰত স্থানীয় প্ৰশাসন যন্ত্ৰ নিৰৱ সাক্ষী তথা মৌন হৈ আহিছে। ইয়াৰ বাবে সমাজ সংগঠকসকলে(Social organizer) সৰ্বত্ৰে গৰিহণা দিছে বন বিভাগৰ লগতে স্থানীয় প্ৰশাসনক। উল্লেখ্য, ভূল কাৰ ? হাতীৰ নে জীৱশ্ৰেষ্ঠ বুলি কোৱা আমি মানুহবোৰৰ? আমি মানুহবোৰে জীৱ জন্তুৰ বসতিস্থল ধংস কৰা নায় জানো ?

আমি বোৰে কও হাতীয়ে আমাৰ খেতি বাৰী ধংস কৰিলে। কিন্তু এবাৰ ভাৱকচোন আচলতে কোনে কাৰ ক্ষতি কৰিছে ? আমি গজৰাজৰ লগতে অন্যান্য জীৱ জন্তুৰ ঠাই দখল কৰি সিহতৰ বসতিৰ পৰা আদি কৰি খাদ্যলৈকে সকলো ধংস কৰি এটিয়া আমি কৈছো যে হাতীয়ে আমাৰ ক্ষতি কৰিছে।

আমিবোৰ সচাই জীৱশ্ৰেষ্ঠ নে ? আজি বকোৰ ৰাজাপাৰা মুহিপাৰাৰ(Rajapara Muhipara) জীৱশ্ৰেষ্ঠৰ এক নিকৃষ্ট কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বকো অঞ্চল। বনভূমি দখল কৰি প্ৰকৃতিৰ বাবে ভাবুকি কঢ়িয়াই অনা এচাম দস্যুৱে নিজৰ স্বাৰ্থৰ বাবে বৈদ্যুতিক কাৰেন্টেৰে হত্যা কৰিলে এটি নিষ্পাপ গজৰাজৰ।

এটিয়া লক্ষণীয় হ’ব যে কি শাস্তি পাব উক্ত হত্যাকাৰী দস্যু সকলে। নে আইনৰ সুৰুঙাৰে বাচি যাব দানৱ ৰূপী মানৱসকলে ? পাৰিব নে বন বিভাগে বন ধংস ৰোধ কৰি বন্য জীৱ কুলৰ শান্তি ঘূৰাই আনিব ?

নে কেৱল ৰাজহ সংগ্ৰহতে ব্যস্ত হৈ বৰমুৰীয়াৰ আশীষ ধন্য হৈ থাকিব পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া। বনৰীয়া হাতীৰ মৃত্যু ঘটোৱা নিকৃষ্ট মনৰ কৃষক ৰূপী বণিক সকলে শাস্তি পাৱনে ?

Constitution: সংবিধানৰ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত বিতৰ্ক

সংবিধানৰ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত বিতৰ্ক হ’ব
সংবিধানৰ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত বিতৰ্ক হ’ব

সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত চলি থকা অচলাৱস্থাৰ মাজতে এতিয়া অহা সপ্তাহত সংবিধান সন্দৰ্ভত বিতৰ্কৰ বাবে সাজু হৈছে সকলো দল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে হোৱা সৰ্বদলীয় বৈঠকত সকলো দলৰ নেতাই এই কথাত সন্মতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰন ৰিজিজুৱে কয় যে ১৩ আৰু ১৪ ডিচেম্বৰত লোকসভাত সংবিধানৰ ওপৰত বিতৰ্ক হ’ব, আনহাতে ১৬ আৰু ১৭ ডিচেম্বৰত ৰাজ্যসভাত বিতৰ্ক হ’ব। ইয়াৰ উপৰিও সকলো দলেই সদন সুচাৰুৰূপে চলাবলৈও সন্মতি প্ৰকাশ কৰিছে।

সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত বিৰোধীয়ে বিভিন্ন বিষয়ত হুলস্থুলৰ সৃষ্টি কৰে, সেয়েহে সদনৰ কাম-কাজৰ সময়ত অবিৰত অচলাৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সৰ্বদলীয় বৈঠক আহ্বান কৰে। একেখন বৈঠকতে লোকসভাৰ অধ্যক্ষই সকলো দলৰ নেতাৰ সন্মুখত সংবিধান সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। এই সন্দৰ্ভত সকলো দলৰ নেতাই সন্মতি প্ৰকাশ কৰিছে।

এছ পি আৰু টিএমচিৰ সাংসদে উত্থাপন কৰিব তেওঁলোকৰ সমস্যা
তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে জনোৱা মতে, অহা ১৩ আৰু ১৪ ডিচেম্বৰত লোকসভাত সংবিধান সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব।

আজিৰ বৈঠকত মঙলবাৰে সমাজবাদী পাৰ্টিৰ সাংসদসকলে সম্বলৰ বিষয়টো উত্থাপন কৰিব আৰু তৃণমূল কংগ্ৰেছৰ সাংসদে বাংলাদেশ বিষয়ত নিজৰ মতামত দাঙি ধৰিব বুলি সহমতত উপনীত হোৱা বুলিও তেওঁ কয়।

কংগ্ৰেছ আৰু বিজেপিৰ মাজত অভিযোগ আৰু পাল্টা অভিযোগ

মোডী ৩.০ত সংবিধানৰ লগত খেলা-ধূলা কৰা হ’ব বুলি বিৰোধীৰ আক্ৰমণৰ প্ৰতি শাসকীয় বিজেপিয়ে ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে বহুবাৰ বিৰোধীয়ে লোকসভাত যদি বিজেপিয়ে পুনৰ নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা পায় তেন্তে সংবিধান সংশোধন কৰিব বুলি কৰা দাবী নাকচ কৰিছে।

২৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল সংসদৰ শীতকালীন অধিৱেশন। কিন্তু বিভিন্ন বিষয়ত সংসদত অবিৰত অচলাৱস্থাৰ সৃষ্টি হৈছিল। সম্বলৰ হিংসাত্মক সমস্যা সন্দৰ্ভত আলোচনাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে তৃণমূলৰ সাংসদসকলে বাংলাদেশৰ বিষয়টো উত্থাপন কৰিব বুলি দাবী জনাইছিল।

Tea: চাহৰ সৈতে পকৰা হয়তো আপুনিও ভালপাই! কিন্তু, নাখাব…

Tea
Tea

দিনটোত একাপ, দুকাপকৈ কিমান চাহ খোৱা হয়তো কাৰো হিচাব নাথাকে। দিনটোৰ ভিতৰত একাপ চাহটো প্ৰায় লোকেই খাই। চাহ খোৱাৰ অভ্যাস থকা মানুহে চাহ নোখোৱাকৈ থাকিব নোৱাৰে। চাহ এক অস্বাস্থ্যকৰ পানীয় যদিও চাহৰ ঔষধি গুণো আছে। কিন্তু চাহৰ লগত আপুনি কি কি মৌল যোগ কৰিছে তাৰ ওপৰত ভিত্তি কৰি চাহৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে ক’ব পাৰি। (Tea)

চাহত কি কি বস্তু যোগ নকৰিব জানো আহক-(Never Mix These Food Items With Tea)

১/ গাখীৰ আৰু চেনি
চাহত গাখীৰ আৰু চেনি মিহলি নকৰিলেহে চাহ স্বাস্থ্যকৰ, কিন্তু মানুহে চাহ আৰু চেনি যোগ নকৰাকে চাহৰ সোৱাদ নাপায়।

২/ গুড়
চাহত গুড় মিহলাই খাব নালাগে কাৰণ ইয়াৰ ফলত বদহজম আৰু মধুমেহ ৰোগৰ আশংকা সৃষ্টি হয়।

৩/ নিমখীয়া বস্তু
চাহৰ সৈতে নিমখীয়া বস্তু যেনে-পকৰা, ভুজিয়া কেতিয়াও চাহৰ লগত খাব নালাগে।

Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো

Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো
Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো

বৰপথাৰ, ২ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বৰপথাৰত শনিবাৰে সন্ধ্যা উপস্থিত হয়হি দুই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু (Jamuna Bodo) যমুনা বড়ো(Lovmuna)।

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত অলিম্পিক পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনাৰ গৃহভূমি বৰপথাৰত নিৰ্মাণ কৰা হৈছিল লাভলীনা বৰগোঁহাই(Lovlina Borgohain) নামেৰে এখন বক্সিং একাডেমী। উল্লেখ্য, শেষতীয়াকৈ অলিম্পিকৰ বাবে ব্যস্ত হৈ থকাৰ পিছত নৱ প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে সময় দিব বিচাৰিছে লাভলীনাই৷

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত(World Women’s Boxing Championships) ব্ৰঞ্জৰ পদক বিজয়ী বান্ধৱী যমুনা বড়োৰ সৈতে লাভলীনা বৰগোহাঁই বক্সিং একাডেমীত(Lavlina Bargohai Boxing Academy) প্ৰশিক্ষন গ্ৰহণ কৰি থকা প্ৰশিক্ষাৰ্থী সকলক বক্সিঙৰ টিপছ দিয়ে দুই বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়োৱে।

অলিম্পিক আৰু বিশ্ব বক্সিংৰ দৰে খেলুৱৈ জীৱনৰ সৰ্ব্বোচ ক্ৰীড়া প্ৰতিযোগিতাত পদক অর্জন কৰি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট দুই খেলুৱৈৰ লক্ষ্য অনাগত দিনত অসমৰ খেলুৱৈসকলক বিশ্ব ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱাৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা।

যাৰ বাবে এই ক্ষেত্ৰত আগন্তুক দিনত বান্ধৱী যমুনা বড়োৰ সৈতে একে লগে কাম কৰাৰ ইচ্ছা থকা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। আৰু উক্ত অভিযানৰ আৰম্ভণি হিচাপে লাভলীনাই নিজা নামেৰে গৃহভুমি বৰপথাৰত স্থাপন কৰা লাভলীনা বৰগোহাঁই বক্সি একাডেমীৰ খেলুৱৈসকলক সাক্ষাৎ কৰে৷

আনহাতে, বান্ধৱী লাভলীনা বৰগোহাঁইৰ লগত প্ৰথমবাৰ বাবে গোলাঘাটলৈ আহি অতি আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে বিশ্ব বক্সিংৰ পদক বিজয়ী যমুনা বড়োৱে৷

আনহাতে, সাম্প্ৰতিক সময়ত বিশেষকৈ নৱ প্ৰজন্মই ধপাতজাতীয় তথা অনান্য ৰাগিয়াল বস্তুৰ প্রতি অধিক আকৰ্ষিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নৱপ্ৰজন্মক সেই ৰাগিয়াল বস্তু সমুহ বৰ্জন কৰিবলৈ আহবান জনাই।

আৰু ক্ৰীড়াৰ জড়িয়তেহে নৱপ্ৰজন্মক এই নিচাজাতীয় বস্তৰ প্ৰতি থকা আসক্তি সলনি কৰিব পৰা যাব বুলি কয় বক্সাৰ লাভলীনা বৰগোঁহায়ে৷ এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী তথা নিজ সন্তানক বিশেষকৈ অভিভাৱক-অভিভাৱিকা সকলে অধিক গুৰুত্ব প্ৰদান কৰিবলৈও আহবান জনাই বক্সাৰগৰাকীয়ে।

Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন

Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন
Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন

গুৱাহাটী, ২ নৱেম্বৰঃ কামৰূপৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰঙ্গেশ্বৰী-টুপামাৰী যুৱকসকলৰ উদ্যোগত আৰু টুপামাৰী(Tupamari) বজাৰৰ সৌজন্যত আয়োজন কৰা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন(Football Tournament) দেওবাৰে সামৰণি পৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলনত লাম্পি এফচি(Lampi football team) দলে হাহিম জিজাং ফুটবল দলক ৩-২ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়।(Nagarbera) খেলৰ শেষত সন্ধিয়া বটাঁ বিতৰণী সভাঅনুষ্ঠিত কৰে।

খেল পৰিচালনা সমিতিৰ সভাপতি আহমেদ ইমতিয়াজ বুলবুলৰ সঞ্চালনাত আৰু সম্পাদক আবুল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা বটাঁ বিতৰণী সভাত ২০,০০১ টকা লগতে ট্ৰফী বিজয়ী আৰু ১৫,০০১ টকা লগতে ট্ৰফী বিজেতা দলক প্ৰদান কৰে।(Meghalaya)

উক্ত বটাঁ বিতৰণী সভাত সন্মানীয় অতিথি হিচাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা-অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যবাহী সদস্য কোৰবান আলী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ক্ৰমে আনোৱাৰ পৰামানিক, আজিবৰ ৰহমান, ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰফিকুল ইছলাম, আমছু’ৰ সহঃসাধাৰণ সম্পাদক ফিৰাজুল হক, টুপামাৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ প্ৰাক্তন সভাপতি হাতেম আলী আহমেদ, টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকা, টুপামাৰী হাই স্কুলৰ সহঃশিক্ষক ছুৰুজ জামাল আহমেদ, টুপামাৰী এলপি স্কুলৰ প্ৰধান শিক্ষক জমিৰ উদ্দিন, টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ছাদ্দাম হুছেইন, সামাজ সেৱক ছুলতান মামুদ, টুপামাৰী মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতি আব্দুল হামিদ, জনপ্ৰিয় গায়িকা ৱাহিদা ৰহমান, যুৱ ব্যৱসায়ী ৰবিউল আলমৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

খেলখন চাবলৈ খেলপথাৰৰ চৌপাশে কেবা সহস্ৰাধিক দৰ্শকৰ সমাগম ঘটে, চূড়ান্ত খেলখনক কেন্দ্ৰ কৰি উচৱমুখৰ হৈ পৰে বৃহত্তৰ টুপামাৰী অঞ্চল। অঞ্চলটোত ক্ৰমাগত ভাবে বৃদ্ধি পাব ধৰা নিচাসক্ত মানসিকতাৰ পৰা যুৱচামক মুক্ত কৰাৰ বাবেই আৰু টুপামাৰী (কড়িতলা) বজাৰৰ উন্নয়নৰ স্বাৰ্থত এই দীঘলীয়া খেল প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি খেল পৰিচালনা সমিতিৰ সম্পাদক তথা ‘দৈনন্দিন বাৰ্তা’ কাকতৰ স্থানীয় সাংবাদিক আবুল হুছেইনে মন্তব্য কৰে।