Home Blog Page 433

Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ

Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ
Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ

গুৱাহাটী, ১ ডিচেম্বৰঃ বাংলাদেশত(Bangladesh Chalo) সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাই ভাৰতত, বিশেষকৈ অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বাংলাদেশত এখন ভাৰতীয় বাছৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তনে প্ৰতিক্ৰিয়া অধিক তীব্ৰ হৈ পৰিছে।

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক গৰিহণা দি আৰু মহাৰাজ চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবীত বিভিন্ন সনাতনী গোটৰ উদ্যোগত “বাংলাদেশ চলো” অভিযানৰ আৰম্ভ কৰা হৈছে শ্ৰীভূমিত।

বাংলাদেশৰ বিৰুদ্ধে আজি শ্ৰীভূমিত সহস্ৰাধিক প্ৰতিবাদকাৰী সমবেত হয়। সুতাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে আৰু প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ তো লিপ্ত হয় বুলি খবৰ পোৱা গৈছে। এই ঘটনাত এজন প্ৰতিবাদকাৰী আহত হয়।

সীমান্তৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত হিন্দু জাতীয়তাবাদী সংগঠনসমূহে বৃহৎ সংখ্যাত সমবেত হৈ বাংলাদেশৰ বিৰুদ্ধে হুংকাৰ দিয়ে। আমনহাতে এক বাইক ৰেলীত অংশগ্ৰহণ কৰি বাংলাদেশৰ পতাকা ভৰিৰে মোহাৰি ‘জয় শ্ৰী ৰাম’, ‘ইউনুছ চৰকাৰ হায় হায়’, ‘ইউনুছ মুৰ্দাবাদ’ আদি শ্লোগান দি প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তোলে।

ইয়াৰ মাজতে শ্ৰীভূমিৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱা হয়। প্ৰতিবাদকাৰীয়ে বাংলাদেশত প্ৰৱেশ হোৱাৰ উদ্দেশ্য বেৰিকেড ভাঙি পেলোৱাৰো চেষ্টা চলায় যদিও স্পৰ্শকাতৰ সীমান্ত অঞ্চলত আইন-শৃংখলা বজাই ৰাখিবলৈ কৰ্তৃপক্ষই হস্তক্ষেপ কৰে।

উল্লেখ্য বাংলাদেশৰ মাজৰে যাত্ৰা কৰা ভাৰতৰ বাছ এখনৰ ওপৰত আজি মৌলবাদীয়ে বাংলাদেশৃৰ ভূমিত আক্ৰমণ চলায়৷ এই ঘটনাৰ পিছতে ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে বাংলাদেশৰ মাজেৰে যাত্ৰা কৰা ভাৰতীয় বাছৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰে।

শ্যামলী পৰিবাহনে পৰিচালনা কৰা বাছখন ত্ৰিপুৰাৰ আগৰতলাৰ পৰা কলকাতালৈ গৈ থকা অৱস্থাত বাংলাদেশৰ ব্ৰহ্মনবৰীয়া বিশ্ব ৰোডত আক্ৰমণৰ সন্মুখীন হয়৷

মন্ত্ৰী চৌধুৰীয়ে কয় যে বাছখনত এখন ট্ৰাকে খুন্দা মাৰে, এয়া যেন এক… ইচ্ছাকৃতভাৱে দুৰ্ঘটনা সংঘটিত কৰাৰ চেষ্টা আছিল। ঘটনাস্থলীত ভাৰতীয় যাত্ৰীসকলৰ প্ৰতি শত্ৰুতা প্ৰদৰ্শন কৰা স্থানীয় ব্যক্তি একাংশ সমবেত হোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।

আক্ৰমণকাৰীয়ে ভাৰত বিৰোধী শ্লোগানেৰে যাত্ৰীসকলক ভাবুকি প্ৰদান কৰে। স্থানীয় ৰাইজে ভাৰতীয় যাত্ৰীসকলক মৃত্যুৰ ভাবুকিও দিয়ে বুলি অভিযোগ উঠিছে।

Protesting farmers march towards Delhi:দেশত আকৌ জাগিব কৃষক

Protesting farmers march towards Delhi:দেশত আকৌ জাগিব কৃষক
Protesting farmers march towards Delhi:দেশত আকৌ জাগিব কৃষক

গুৱাহাটী, ১ ডিচেম্বৰঃ আকৌ জাগিব কৃষক।আকৌ উত্তাল হ’ব দেশৰ ৰাজধানী চহৰ নতুন দিল্লী(Protesting farmers march towards Delhi)। কাৰণ ৬ ডিচেম্বৰত পুনৰ প্ৰতিবাদী কৃষকে দিল্লী অভিমুখে যাত্ৰা কৰিব। আজি আনুষ্ঠানিকভাবে এই কথা প্ৰকাশ কৰে আগশাৰীৰ কৃষক নেতাই।

উল্লেখ্য সংযুক্ত কিষাণ মৰ্চা(United Kisan Morcha) (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চা (কেএমএম)ৰ(Kisan Mazdur Morcha) বেনাৰত কৃষকসকলে ১৩ ফেব্ৰুৱাৰীৰ পৰাই পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু আৰু খানৌৰী সীমান্তত শিবিৰ পাতি আছে।

কৃষকসকলে কৃষকৰ দিল্লী অভিমুখী পদযাত্ৰা নিৰাপত্তা বাহিনীয়ে বন্ধ কৰি দিয়াৰ পিছৰে পৰাই বহু কৃষকে সীমান্তত শিবিৰ পাতি ৰৈ আছে।

ইয়াৰ মাজতে পঞ্জাৱৰ কৃষক নেতা সৰৱান সিং পাণ্ডেৰে দেওবাৰে কয় যে তেওঁলোকৰ নেতাৰ নেতৃত্বত এদল কৃষকে ৬ ডিচেম্বৰত খোজকাঢ়ি দিল্লী অভিমুখে যাত্ৰা কৰিব ।

তেওঁ প্ৰতিবাদকাৰী কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ আলোচনা নকৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে । এম এছ পিৰ ওপৰত আইনী নিশ্চয়তাকে ধৰি তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে পূৰণ কৰাৰো তেওঁ দাবী জনায়।

দেওবাৰে সাংবাদিকক সম্বোধন কৰি কেএমএম নেতা পান্ধেৰে কয় যে ২৯৩ দিন ধৰি শম্ভু আৰু খানৌৰীত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এতিয়া কৃষকৰ প্ৰতিবাদ পুনৰ দিল্লীলৈ বিয়পিব।

শম্ভুৰ পৰা ৰাজধানী অভিমুখে যাত্ৰা কৰাৰ পৰিকল্পনা সন্দৰ্ভত সবিশেষ ব্যক্ত কৰি পাণ্ডেৰে কয় যে প্ৰথম “জাথা” (গোট) কৃষকৰ নেতৃত্বত থাকিব সতনম সিং পান্নু, সুৰিন্দৰ সিং চৌটালা, সুৰজিৎ ​​সিং ফুল আৰু বলজিন্দৰ সিং।

লগত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া গোটটোৱে শান্তিপূৰ্ণভাৱে দিল্লী অভিমুখে ৰাওনা হ’ব বুলিও তেওঁ কয়। প্ৰথমটো গোটৰ কৃষক, দিল্লীলৈ যাত্ৰাৰ সময়ত আম্বালাৰ জাগী চহৰৰ মাজমজিয়া, মহৰা শস্যৰ বজাৰ, খানপুৰ জাত্তন আৰু হাৰিয়ানাৰ পিপলিত ৰব বুলিও তেওঁ কয়।

পাণ্ডেৰে কয় যে কৃষকসকলে প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ খোজকাঢ়ি গৈ ৰাতি পথতে কটাব।

বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি পাণ্ডেৰে কয় যে ১৮ ফেব্ৰুৱাৰীৰ পিছৰে পৰা প্ৰতিবাদকাৰী কৃষকৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱা নাই।কেন্দ্ৰৰ বিৰুদ্ধে গা এৰা দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তেওঁলোকে আমাৰ সৈতে হোৱা আলোচনা বন্ধ কৰি দিছে।

Dipa:দিপাৰ বিবাদমান ভূমিত অৰুণাচলৰ পেট্ৰল পাম্প স্থাপনক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া

Dipa:দিপাৰ বিবাদমান ভূমিত অৰুণাচলৰ পেট্ৰল পাম্প স্থাপনক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া
Dipa:দিপাৰ বিবাদমান ভূমিত অৰুণাচলৰ পেট্ৰল পাম্প স্থাপনক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ ডিচেমম্বৰঃ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ চকুমুদা কুলিৰ স্বভাৱৰ গইনা লৈ অসমৰ ভূমিৰ ওপৰত অব্যাহত আছে অৰুণাচলৰ(Arunachal Pradesh) ব্যাপক আগ্ৰাসন।(Dipa)

দশক দশক ধৰি অসমৰ ভূমি হিচাপে পৰিচিত জোনাই সমষ্টিৰ ডিমৌ-দিপাৰ ৰে’ল পথৰ উত্তৰ দিশৰ বিশাল এলেকা অৰুণাচলৰ বুলি প্ৰদেশখনৰ একাংশই দাবী জনাই আহিছে।

নিৰ্মাণ কৰিছে বিলাতী মদৰ দোকান, প্ৰকাণ্ড ঘৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান।লিকাবালিৰ পৰা দিপালৈকে সাত হেজাৰোধিক হেক্টৰ ভূমি অৰুণাচলৰ বুলি পূৰ্বৰ পৰাই দাবী জনাই আহিছে।ইমানতে সীমাৱদ্ধ নাথাকি এইবাৰ ৰে’ল পথৰ দক্ষিণ দিশেৰ য’তেই অৰুণাচল লোকে ঘৰ সাজি আছে বা ভূমি কিনি খেতি বাতি কৰি আহিছে সেই ভূমিকেই অৰুণাচলৰ বুলি দাবী জনাই ব্যাপক আগ্ৰাসনৰ ব্লুপ্ৰিণ্ট ৰচিছে।

এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ প্ৰশাসনে সদায় আগ্ৰাসী অৰুণাচলৰ পক্ষ লৈ উৎসাহিত কৰি আহিছে। অবশ্যে এই অঞ্চলটোৰ অসমীয়া ৰাইজক অসমৰে প্ৰশাসনে ভূমি অধিকাৰ প্ৰাপ্তিত সহযোগ কৰাটো বাদেই শেহতীয়াকৈ বসুন্ধৰা ০.৩ প্ৰ-পত্ৰ পুৰনৰো সুবিধা দিয়া নাই।

আনপিনে দিপা ৰে’ল পথ আৰু বাছ পথৰ মাজৰ বিবদমান ভূমিত এইবাৰ অৰুণাচলৰ বেপৰীয়ে প্ৰস্তুতি চলালে এটা পেট্ৰল পাম্প স্থাপনৰ। অৰুণাচল প্ৰদেশৰ কোটাত নিৰ্মীয়ান ইণ্ডিয়ান অয়েলৰ ডিপুটোৰ ভূমিত ইতিমধ্যেই পকী চাৰিসীমা বেৰা নিৰ্মাণৰ প্ৰস্তুতি চলাইছে।

নিৰ্মীয়মান ডিপুটোৰ ভূমিডোখৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰু গৰাকীয়ে ৰাজহ পৰিশোধ কৰে ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত। তেনেস্থলত অসমৰ ভূমি হৈ নাথাকিলেও অন্ততঃ এই স্থানত বিবাদমান ভূমি হোৱাৰ বাবে স্থায়ী নিৰ্মাণ কাৰ্য বন্ধ হ’ব লাগিছিল।

অথচ অসমৰ প্ৰশাসনৰ ধৃতৰাষ্ট্ৰ ভূমিকাৰ বাবে লাই পাই ”এদেউ দুদেউ লোটা নিয়াৰ চেও” দৰে অব্যাহত ৰাখিছে বেদাখলৰ কুচকাৱাজ। এনেদৰে অসমৰ ভূমিত অৰুণাচলৰ নথি পত্ৰ উলিয়াই পেট্ৰল ডিপোৰ দৰে ডাঙৰ প্ৰতিষ্ঠান স্থাপন কৰি অসমৰ মোটা অংকৰ ৰাজহ লাভৰ পথো বন্ধ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে।

ডিপু স্থাপন কৰিছে অসমৰ মাটিত। গ্ৰাহক সকলো হব অসমৰ। পিছে ৰাজহ আৰু মুনাফা লাভ কৰিব অৰুণাচলে। তদুপৰি এই অঞ্চলটো বিবাদমান আখ্যা দিয়াৰ বাবে অসমৰ কোনো লোককে যিকোনো ধৰনৰ স্থায়ী নিৰ্মাণ কাৰ্য চলালে অৰুণাচলে নিজা থানাত এজাহাৰ দি তাৎক্ষণিকভাৱে নিৰ্মাণ বন্ধ কৰি দিয়ে।

অথচ যুগে যুগে অসমৰ ভূমি হিচাপে পৰিচিত এই ভূমিত অসমৰ লোকক এখন ক্লাৱ বা কাৰ্যালয় স্থাপন কৰিবলৈ নিদিয়ে বুলি সীমান্ত অঞ্চলটোৰ ৰাইজে তীব্ৰ আক্ষেপ কৰি শীঘ্ৰেই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি পেট্ৰল পাম্পৰ লগতে যিকোনো স্থায়ী নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে। অন্যথা অঞ্চলত স্থানীয় ৰাইজৰ সম্পৰ্ক অৱনতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সকিয়াই দিছে ৰাইজে।

Assam Secretariat Cricket Club:এছবিআই গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত অসম সচিবালয় ক্ৰিকেট ক্লাব চেম্পিয়ন

Assam Secretariat Cricket Club:এছবিআই গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত অসম সচিবালয় ক্ৰিকেট ক্লাব চেম্পিয়ন
Assam Secretariat Cricket Club:এছবিআই গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত অসম সচিবালয় ক্ৰিকেট ক্লাব চেম্পিয়ন

গুৱাহাটী, ১ ডিচেম্বৰঃ অসম সচিবালয় ক্ৰিকেট ক্লাবৰ(Assam Secretariat Cricket Club) দ্বাৰা আয়োজিত SBI-গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত(SBI Guwahati Office Premier League) অসম সচিবালয় ক্ৰিকেট ক্লাবে চেম্পিয়নৰ খিতাপ দখল কৰিছে।

আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত চুড়ান্ত খেলখনত টছত জিকি চেন্ট্ৰেল ওৱাৰহাউচিং কৰ্পৰেচনে(Central Warehousing Corporation) ২০ অভাৰত ১৭১ ৰান সংগ্ৰহ কৰে।

কুশ্বাগ্ৰা মানসে ৮টা ছয় আৰু ৭টা চাৰিৰে ৯৮ ৰানৰ এক অনবদ্য ইনিংছৰ খেলে। প্ৰত্যুত্তৰত অসম সচিবালয় ক্ৰিকেট ক্লাবে পাৰ্থিৱ কাশ্যপ শৰ্মাৰ ৮৮ ৰান আৰু হিৰণ্য হাজৰিকাৰ ৬৪ ৰানৰ সহায়ত ১৬ অভাৰতে লক্ষ্য অতিক্ৰম কৰি ৯ উইকেটত বিজয় সাব্যস্ত কৰে।

খেলৰ শেষত জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ সচিব কৈলাশ কাৰ্তিক, আইএএছ(IAS) দেৱে অসম সচিবালয় ক্ৰিকেট ক্লাবৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু প্ৰতিযোগিতাখন ভৱিষ্যতেও অনুষ্ঠিত কৰাৰ বাবে মত পোষণ কৰে।

তেখেতৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ(Department of Health and Family Welfare) যুটীয়া সচিব ইন্দ্ৰাণী লস্কৰ, উপ-সচিব চন্দন কাকতি, ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰ বিকি মেছ, চেন্ট্ৰেল ওৱাৰহাউচিং কৰ্পৰেচনৰ ৰিজনেল মেনেজাৰ অভিশেষ আনন্দৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তি উপষ্ঠিত থাকে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ আৰু বলাৰৰ বঁটা লাভ কৰে অসম সচিবালয়ৰ পাৰ্থিৱ কাশ্যপ শৰ্মাই আৰু নীলিম জ্যোতি গগৈয়ে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কুশ্বাগ্ৰ মানসে।

Neck Pain: পৰিৱৰ্তিত বতৰত ডিঙিৰ বিষ স্বাবাৱিক! ডিঙিৰ বিষৰ পৰা কিদৰে উপশম পাব

Neck Pain
Neck Pain

শীতকাল অহাৰ লগে লগে বহুতে ডিঙিৰ বিষত ভুগে, যিটো এটা সাধাৰণ সমস্যা। ঠাণ্ডা বতৰত এই সমস্যা বৃদ্ধি পায়। ঠাণ্ডা বতাহৰ বাবেই হওক,প্ৰদূষণৰ বাবে হওক এই ডিঙিৰ বিষে আপোনাৰ দৈনন্দিন কাম-কাজত অসুবিধাৰ সৃষ্টি কৰাই। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে প্ৰায়ে এই সমস্যাৰ সৃষ্টি হয়। কিছুমান ঘৰুৱা উপায়ৰ জৰিয়তে আপুনি ঠাণ্ডাৰ বাবে হোৱা ডিঙিৰ বিষৰ পৰা সকাহ পাব পাৰে।(Neck Pain)

ডিঙিৰ বিষৰ অন্যতম সহজ আৰু ফলপ্ৰসূ ঘৰুৱা প্ৰতিকাৰ হ’ল উষ্ণ উত্তেজনা। ইয়াৰ বাবে মাত্ৰ গৰম পানীৰ বটল বা গৰম তিতা কাপোৰ ডিঙিত ১৫-২০ মিনিট ৰাখিব। গৰমৰ বাবে আপোনাৰ পেশীবোৰ শিথিল হ’ব আৰু আক্ৰান্ত অংশত তেজৰ সোঁত বৃদ্ধি পাব, যাৰ ফলত বিষ আৰু জঠৰতা কমিব।(Neck Pain Home Remedies)

গৰম পানীত নিমখ দি গা ধুলে ডিঙিৰ বিষৰ পৰা সকাহ পাব। এই নিমখত মেগনেছিয়াম পোৱা যায় যিয়ে ডিঙিৰ পেশীৰ বিষ কমোৱাত সহায় কৰে।

আদা প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে জনাজাত। আদাৰ চাহ খালে ডিঙিৰ পেশীৰ ফুলা কমিব পাৰে, যাৰ ফলত বিষৰ পৰা উপশম পোৱা যায়। এটুকুৰা গৰম পানীত থেতেলিয়া তাত অলপ মৌ দি খাব পাৰে।

নিমখ গাৰ্গল কৰাটো অতি ফলপ্ৰসূ প্ৰতিকাৰ হিচাপে গণ্য কৰা হয়। এইটো এটা যুগ যুগ ধৰি চলি অহা ঔষধ যিটো বহু দিনৰ পৰা চলি আহিছে। ইয়াৰ বাবে এগিলাচ কুহুমীয়া পানীত নিমখ মিহলাই কিছু সময় গাৰ্গল কৰি থাকিব। ইয়াৰ ফলত ডিঙিৰ বিষৰ পৰা সকাহ পোৱা যায়।

Rohit Sharma and Ritika Sajdeh: সামাজিক মাধ্যমত পুত্ৰৰ নাম প্ৰকাশ ৰোহিত-ঋতিকাৰ

Rohit Sharma and Ritika Sajdeh
Rohit Sharma and Ritika Sajdeh

ৰোহিত শৰ্মা আৰু ঋতিকা সাজদৰ পুত্ৰৰ নাম প্ৰকাশ। ছচিয়েল মিডিয়াত পুত্ৰৰ নাম ঘোষণা কৰিলে ৰোহিতৰ পত্নীয়ে ঋতিকাই। বৰ্তমান সীমান্ত-গাওস্কাৰ ট্ৰফী খেলিবলৈ অষ্ট্ৰেলিয়াত আছে ৰোহিত। ১৫ নৱেম্বৰত দ্বিতীয় সন্তানৰ পিতৃ-মাতৃ হয় ৰোহিত-ঋতিকাৰ।(Rohit Sharma and Ritika Sajdeh)

ক্ৰিকেটপ্ৰেমীসকলে ৰোহিত-ৰীতিকাৰ পুত্ৰৰ নাম জানিবলৈ আগ্ৰহী হৈ পৰিছিল। ডিচেম্বৰৰ প্ৰথম দিনাই ৰোহিতৰ পত্নীয়ে প্ৰকাশ কৰে সন্তানৰ নাম। ভাৰতৰ টেষ্ট আৰু এদিনীয়া অধিনায়কৰ পুত্ৰৰ নাম ‘আহান’।(Ahaan) বৰদিন উপলক্ষে ঋতিকাই এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী পোষ্ট কৰে। তাত চাৰিটা পুতলাৰ ছবি দিয়ে। এটা পুতলাৰ টুপীত নিজৰ নাম, এটাত ৰোহিতৰ নাম, এটাত কন্যা সমীৰাৰ নাম লিখিলে। আন এটা সৰু পুতলাৰ টুপীত ‘আহান’ লিখা আছে। তেওঁ পৰিয়ালটোৰ চাৰিজন সদস্যৰ ছবি দিলে। ‘আহান’ নামৰ অৰ্থ হ’ল সূৰ্য্য উদয়। পুত্ৰ জন্মৰ ১৫ দিনৰ পাছত ঋতিকাই তেওঁৰ নাম প্ৰকাশ কৰে।(Rohit Sharma and Ritika Sajdeh son name revealed)

২০১৫ চনত তেওঁলোকৰ প্ৰথমটি কন্য়া সন্তান জন্ম হৈছিল। ৯ বছৰৰ পাছত দ্বিতীয় বাৰৰ বাবে পিতৃ হ’ল ৰোহিত-ঋতিকা।

Vivek Oberoi: কেৰিয়াৰৰ প্ৰত্যাহ্বানৰ মাজতো ১২০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী বিবেক অবেৰয়

Vivek Oberoi
Vivek Oberoi

এসময়ত বলীউডত বহু অভিনেতা বৰ্জনৰ সন্মুখীন হৈছিল, তাৰে মাজৰ এজন বিবেক অবেৰয়। কিছুমান অভিনেতা লাইমলাইটৰ পৰা আঁতৰি গৈছে। কিন্তু বিবেক অবেৰয় এনে এজন অভিনেতা যিয়ে এনে বৰ্জনৰ বলি হোৱাৰ পিছতো সফলতাৰ শিখৰত উপনীত হয়। বৰ্তমান বিবেকৰ সম্পত্তিৰ পৰিমাণ ১২০০ কোটি টকা। তেওঁৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে জানক।(Vivek Oberoi)

আশা কৰা ধৰণে বিবেক অবেৰয়ৰ বলীউড যাত্ৰা বৰ বেছি ভাল নাছিল। কেইবাখনো হিট ছবিত অভিনয় কৰাৰ পিছতো বলিউদে বয়কট কৰিছিল তেওঁক। ২০০২ চনত বিবেকে বলীউডত ভৰি দিছিল, সেই বছৰতে তেওঁ এটা কোম্পানীও আৰম্ভ কৰে। সাথিয়া, মস্তি, ওমকাৰাৰ দৰে ছবিত তেওঁ অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। প্ৰথমতে বিবেক এই উদ্যোগটোৰ এজন প্ৰধান ব্যক্তি আছিল যদিও ঐশ্বৰ্য ৰায়ৰ সৈতে তেওঁৰ সম্পৰ্ক বিতৰ্কৰ বিষয় হৈ পৰাত সকলো যেন সলনি হৈ গ’ল।(1200 Crore)

বলিউদৰ বৰ্জনে বিবেকৰ জীৱনত এক কঠিন পৰ্যায়ৰ সৃষ্টি কৰিছিল যদিও হতাশাৰ সন্মুখীন হোৱাতকৈ তেওঁ নতুন পথ গঢ়িবলৈ বাছি লৈছিল। পৰিৱৰ্তি সময়ত তেলেগু আৰু মালয়ালম ছবিৰ লগতে ৱেব ছিৰিজতো কাম কৰিছিল বিবেকে।(Bollywood)

অভিনয় কেৰিয়াৰৰ উপৰিও বিবেক অবেৰয়ে উদ্যোগীকৰণৰ দিশত সফল পৰিৱৰ্তন সাধন কৰিছে। তেওঁ ৰিয়েল এষ্টেট কোম্পানী কৰ্মা ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইভেণ্ট মেনেজমেণ্ট ফাৰ্ম মেগা এণ্টাৰটেইনমেণ্ট প্ৰতিষ্ঠা কৰে। তদুপৰি ৰাছ আল খাইমাহত ভিত্তি কৰি ২৩০০ কোটি টকাৰ উদ্যোগ একুৱা আৰ্ক প্ৰকল্পৰ আঁৰত তেওঁ আছে। তেওঁৰ ব্যৱসায়িক পৰ্টফলিঅ’ত কেইবাটাও ষ্টাৰ্টআপ কোম্পানীত বিনিয়োগো অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ উদ্যোগীকৰণ যাত্ৰাৰ কথা চিন্তা কৰি খবৰ আহিছে যে বিবেকে অভিনয়ক নিজৰ আবেগ বুলি গণ্য কৰে, একে সময়তে ব্যৱসায়ক নিজকে শক্তিশালী কৰাৰ উপায় হিচাপে লয়।

বলীউডত কষ্টৰ সন্মুখীন হোৱাৰ পিছতো বিবেকে হাৰ নামানিলে। আজি তেওঁ চলচ্চিত্ৰ উদ্যোগ আৰু ব্যৱসায়িক জগত দুয়োটাতে সফলতা লাভ কৰিছে আৰু এতিয়া তেওঁৰ নাম দুয়োটা ক্ষেত্ৰতে সন্মানেৰে কোৱা হয়।

December: ডিচেম্বৰ ধনলক্ষ্মী যোগ, কোন কোন ৰাশিৰ জীৱনলৈ আহিব টকা-পইচা

Dhanalaxmi Yog 2024
Dhanalaxmi Yog 2024

নৱগ্ৰহত গ্ৰহ প্ৰভু মংগল গ্ৰহৰ অতি গুৰুত্বপূৰ্ণ। শৰীৰক কেনেকৈ তেজৰ প্ৰয়োজন। নৱগ্ৰহত থকা মংগল গ্ৰহেহে তেজৰ বাবে কাম কৰে। মংগল গ্ৰহই নিৰ্দিষ্ট সময়ৰ পিছত ৰাশি সলনি কৰে, যাৰ ফলত প্ৰতিটো ৰাশিৰ জীৱনত কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰভাৱ পৰে।(December)

৭ ডিচেম্বৰৰ পৰা মংগল গ্ৰহ ৰেট্ৰ’গ্ৰেড হ’ব।(Dhanalaxmi Yog 2024)এনে পৰিস্থিতিত প্ৰতিজন ৰাশিৰ ব্যক্তিৰ জীৱনত কোনোবা নহয় কোনোবা প্ৰকাৰে ধন লক্ষ্মীৰ প্ৰভাৱ পৰিব।(December Astrology)

কন্যা ৰাশি

এই ৰাশিৰ লোকৰ বাবে ধনলক্ষ্মী ৰাজ যোগ অতি উপকাৰী হ’ব পাৰে। এই ৰাশিত মংগল গ্ৰহ ১১ নং স্থানত থাকিব। এনে পৰিস্থিতিত এই ৰাশিৰ লোকে সুখ, সমৃদ্ধি আৰু ধন-সম্পত্তি লাভ কৰে। তেওঁলোকৰ বাবে যোগাযোগৰ দক্ষতা উন্নত হ’ব। বহু মনৰ কামনা পূৰণ হ’ব। লগতে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই ফল দিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে।

তুলা ৰাশি

এই ৰাশিত মংগল গ্ৰহক দশম স্থানত ৰাখি ধনলক্ষ্মী ৰাজযোগৰ সৃষ্টি কৰে। বহুত সফলতা লাভ কৰিব পাৰিব এই ৰাশিৰ লোকে। কেৰিয়াৰৰ ক্ষেত্ৰত বহু সুযোগ পাব পাৰে, যিয়ে আপোনাক সন্তুষ্ট কৰিব পাৰে। ব্যৱসায়তো আপুনি দুগুণ সুবিধা লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি

এই ৰাশিত মংগল গ্ৰহ শুভ ভাগ্যৰ ঘৰত অৰ্থাৎ নৱম স্থানত থাকিব। এনে পৰিস্থিতিত এই ৰাশিৰ লোকে বহু উপকাৰ পোৱাৰ সম্ভাৱনা থাকে। দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ’ব পাৰে। কৰ্মক্ষেত্ৰতো আপোনাৰ কামৰ শলাগ ল’ব। ইয়াৰ উপৰিও কিছুমান গধুৰ দায়িত্বও আপুনি কৰিবলগীয়া হ’ব পাৰে। ব্যৱসায় লাভৰ বহু পথ মুকলি কৰিব পাৰে। আৰ্থিক অৱস্থাও ভাল হ’ব।

Depression: উদ্বেগ, হতাশা দূৰ কৰিবলৈ খাব এই তিনিবিধ খাদ্য

Depression
Depression

মনটোক সুস্থ কৰি ৰাখিবলৈ সন্মুখত যি সুস্বাদু খাদ্য দেখিব তাকেই খালে শৰীৰৰ ওজন আৰু মানসিক চাপ দুয়োটাই বৃদ্ধি পাব। মনটোক সুস্থ কৰি ৰাখিবলৈ বা মনৰ পৰা চিন্তা, উদ্বেগ, হতাশা দূৰ কৰিবলৈ খাব কিছুমান বিশেষ খাদ্য।(Depression)

মনৰ পৰা উদ্বেগ, হতাশা দূৰ কৰিবলৈ খাব এই তিনিটা খাদ্য-

১) ডাৰ্ক চকলেট

ডাৰ্ক চকলেটত প্ৰায় ৭০ শতাংশ ক’ক’ থাকে। এন্টিঅক্সিডেন্ট আৰু ফ্লেভন’ইডেৰে সমৃদ্ধ ডাৰ্ক চকলেটে মগজুৰ প্ৰদাহ নিয়ন্ত্ৰণত ৰাখে। লগতে, ই ‘সুখী’ হৰম’ন বা এণ্ড’ৰ্ফিন নিৰ্গত কৰাত সহায় কৰে। ফলত উদ্বেগ আৰু হতাশাৰ দৰে সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰি। ডাৰ্ক চকলেটত সামান্য পৰিমাণৰ মেগনেছিয়ামো থাকে।

২) সাগৰীয় মাছ

বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে উদ্বেগ, হতাশা বা মানসিক চাপ নিয়ন্ত্ৰণত ওমেগা-৩ ফেটি এচিডে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই মৌল সাগৰীয় মাছত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও সাগৰীয় মাছত ভিটামিন ডিৰ পৰিমাণো বেছি। এই খনিজ পদাৰ্থই মানসিক স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰে।


৩) কেমোমিল চাহ

বহুতে কেমোমিল চাহৰ চুমুক দি ভাগৰ আৰু অনিদ্ৰা দূৰ কৰে। এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই পানীয়ই স্নায়ুৰ উত্তেজনা শান্ত কৰাতো সহায় কৰে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে কেমোমিলত কিছুমান ‘শান্তিদায়ক’ গুণ থাকে। টোপনি সমস্যা হ’লেও কেমোমিল চাহ খাবলৈ পুষ্টিবিদসকলে পৰামৰ্শ দিয়ে।

Eknath Shinde: কি হ’ব মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ সমীকৰণ! অসুস্থ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে

Eknath Shinde
Eknath Shinde

মহাৰাষ্ট্ৰৰ বিদায়ী মুখ্যমন্ত্ৰী একনাথ শিণ্ডে অসুস্থ। বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হৈছিল শিণ্ডে। তাৰ পৰা তেওঁ পোনে পোনে সতৰাৰ গাঁৱৰ ঘৰলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী। খবৰ অনুসৰি যোৱা দুদিন ধৰি তেওঁ জ্বৰত ভুগি আছে। ডিঙিত সংক্ৰমণো হৈছে। চিকিৎসকে ঘৰতে চিকিৎসা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীক।(Eknath Shinde)

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী পদক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰত বিজেপি-শিন্দেসেনা-এনচিপি (অজিত পাৱাৰ)ৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে। কিন্তু নতুন চৰকাৰৰ মুখ্যমন্ত্রী কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ শিন্দেক মুখ্যমন্ত্ৰী পদত ৰখা হ’ব নে নাই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। শনিবাৰে অজিত পাৱাৰে কয় যে এইবাৰ বিজেপিয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদ নিজৰ হাতত ৰাখিছে। অৰ্থাৎ শিন্দে যে মুখ্যমন্ত্ৰী নহ’ব সেয়া নিশ্চিত। এনে খবৰৰ মাজতে সতৰাত শিন্দেৰ অসুস্থতাৰ খবৰ আহে।(fever)

যোৱা দুদিন ধৰি একনাথ শিন্দে জ্বৰত ভুগি আছে। ডিঙিৰ সংক্ৰমণেও কথা কোৱাত অসুবিধাৰ সৃষ্টি কৰে। তেওঁক এন্টিবায়টিক দিয়া হৈছে। প্ৰয়োজন অনুসৰি চেলাইনো প্ৰয়োগ কৰা হৈছিল। শিণ্ডেক সম্পূৰ্ণ সুস্থ হ’বলৈ আৰু দুই-তিনি দিনৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। এতিয়াও জ্বৰৰ পাৰ্শ্বক্ৰিয়া আছে। তিনি-চাৰিজনীয়া চিকিৎসা দলে তেওঁক পৰ্যবেক্ষণত ৰাখিছে।