Home Blog Page 436

Gautam Adani: আদানী গোচৰৰ সন্দৰ্ভত ভাৰত চৰকাৰে মুখ খুলিলে!

Gautam Adani
Gautam Adani

উৎকোচ লোৱাৰ অভিযোগত উদ্যোগপতি গৌতম আদানী আৰু সাতজন লোকৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰৰ পৰোৱানাৰে সন্দৰ্ভত মুখ খুলিলে ভাৰত চৰকাৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আদানীৰ গ্ৰেপ্তাৰৰ পৰোৱানা সন্দৰ্ভত এতিয়াও আমেৰিকাই যোগাযোগ কৰা নাই ভাৰত চৰকাৰৰ সৈতে।(Gautam Adani)

আনহাতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে আমেৰিকাত আদানীৰ সৈতে জড়িত আইনী প্ৰক্ৰিয়াৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক নাই। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এক প্ৰেছ বিবৃতিত কয় যে এয়া আমেৰিকাৰ ন্যায়পালিকা আৰু ব্যক্তিৰ মাজত আইনী বিষয়, কিন্তু নতুন দিল্লীয়ে কয় যে কেৱল প্ৰতিষ্ঠিত আইনী আৰু পদ্ধতিগত পদক্ষেপহে অনুসৰণ কৰা হ’ব।(Gautam Adani in Bribery Case)

শেহতীয়াকৈ আদানীক আমেৰিকাৰ আদালতে চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। আনকি গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। অভিযোগ অনুসৰি বজাৰৰ তুলনাত অধিক মূল্যত সৌৰশক্তি বিক্ৰী কৰাৰ বাবে কোটেচন লাভ কৰিবলৈ অন্ধ্ৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ চৰকাৰী বিষয়াক ২২৩৭ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ আদানীৰ বিৰুদ্ধে।

Samantha Ruth: কন্যাৰ বিবাহ বিচ্ছেদৰ বাবে পিতৃৰ হৃদয় ভাঙি গৈছিল, কবিতা লিখি দুখ প্ৰকাশ কৰিছিল; সামান্থাৰ পিতৃৰ মৃত্যু

Samantha Ruth
Samantha Ruth

দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ পিতৃৰ মৃত্যু। ইফালে তেওঁৰ কিছুমান পুৰণি কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কন্যা সামান্থাৰ বিবাহ বিচ্ছেদ পিছত পিতৃয়ে কবিতা লিখি দুখ প্ৰকাশ কৰিছিল। সামন্থাই নাগা চৈতন্যৰ সৈতে ২০১৭ চনত বিবাহপাশত আবদ্ধ হৈছিল। (Samantha Ruth)কিন্তু তেওঁলোকৰ বিবাহৰ ৪ বছৰৰ পিছতে ২০২১ চনত দুয়োৰে বিচ্ছেদ হয়। ইপালে অভিনেত্ৰীগৰাকীৰ পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ এটা কবিতা ভাইৰেল হৈ পৰিছে।

সামান্থা আৰু নাগা চৈতন্যৰ বিচ্ছেদৰ সন্দৰ্ভত সামন্থাৰ পিতৃ জোচেফ প্ৰভুৱেও এই সিদ্ধান্তক লৈ নিজৰ আৱেগ ফেচবুকত শ্বেয়াৰ কৰিছিল। শুকুৰবাৰে তেওঁৰ মৃত্যুৰ পিছত পুনৰ চৰ্চালৈ আহিছে জোচেফৰ আৱেগিক কবিতাটো। যিটো এতিয়া ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।(Samantha Ruth Father Death)

তেওঁ লিখিছিল-

‘বহু দিনৰ আগতে,
এটা কাহিনী আছিল,
আৰু এতিয়া তেওঁ আৰু নাই!
গতিকে, এটা নতুন কাহিনী আৰম্ভ কৰোঁ;
আৰু এটা নতুন অধ্যায়!’.

এই কবিতাটো শ্বেয়াৰ কৰাৰ সময়ত সামন্থা আৰু চৈতন্যৰ বিয়াৰ পুৰণি ছবিও শ্বেয়াৰ কৰা হৈছিল। তেওঁৰ কথা আৰু কবিতাই অনুৰাগীসকলক বহুখিনি আপ্লুত কৰিছিল আৰু তেওঁলোকে জোচেফলৈ বহু সহায়ক বাৰ্তা প্ৰেৰণ কৰিছিল।

Uric Acid: ইউৰিক এচিডৰ ফলত গাঁঠিৰ বিষ হয় নেকি? এই ফলবোৰৰ পৰা পাব বিষৰ উপশম

Uric Acid
Uric Acid

ইউৰিক এচিড আজিকালি এটা সাধাৰণ সমস্যা হৈ পৰিছে। সাধাৰণতে কমবয়সীয়া লোকৰ পৰা বৃদ্ধলৈকে এই ৰোগে দেখা দিয়ে। বিশেষকৈ শীতকালত এই সমস্যা বাঢ়ে, যাৰ বাবে ইউৰিক এচিড ৰোগীয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এই ৰোগৰ বাবে আপুনি চিকিৎসা গ্ৰহণ কৰা লগতে বহু ধৰণৰ ঔষধো খাব লাগে। কিন্তু যদি আপুনি আপোনাৰ দৈনন্দিন খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰে তেন্তে এই সমস্যা হ্ৰাস কৰাটো সহজ হ’ব। (Uric Acid)ইউৰিক এচিড ৰোগীয়ে কোনবোৰ ফল খাব লাগে জানো আহক-(Fruits For Uric Acid)

১/ কমলা
কমলা ভিটামিন চিৰ সমৃদ্ধ উৎস হিচাপে জনা যায় যদিও কমলাত ভিটামিন ই, ফলেট আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে যিয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থ হ্ৰাস কৰাত সহায় কৰে। কমলা টেঙা খোৱাৰ ফলত ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনাও কমি যায়।

২/ আপেল
ইউৰিক এচিড বৃদ্ধি হ’লে আপেলৰ বেছিকৈ খাব লাগে কাৰণ আপেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত তেজত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস পাব পাৰে। আপেলক স্বাস্থ্যকৰ খাদ্যৰ শ্ৰেণীত ৰখা হয়, গতিকে আপেল খাব পাৰে।

৩/ কিউই
কিউই এবিধ অতি পুষ্টিকৰ ফল, যিটো ইউৰিক এচিড ৰোগীৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ভিটামিন চিৰ পৰিমাণ বেছি হোৱাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লগতে তেজৰ প্লেটলেট ৰক্ষা কৰে, ইয়াত ভিটামিন চি, ভিটামিন ই আৰু ফ’লেটও পোৱা যায়।

৪/ কল
কল অতি সাধাৰণ খাদ্য, ইউৰিক এচিড বৃদ্ধিৰ সমস্যা থকাসকলৰ বাবে এই ফল উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। আচলতে এই ফলত পিউৰিন কম পোৱা যায়, যাৰ ফলত গাউটৰ সম্ভাৱনা কম হয়।

APCU memorandum to CM:মফচলীয় সাংবাদিকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপ্‌কুৰ স্মাৰকপত্ৰ

APCU memorandum to CM:মফচলীয় সাংবাদিকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপ্‌কুৰ স্মাৰকপত্ৰ
APCU memorandum to CM:মফচলীয় সাংবাদিকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপ্‌কুৰ স্মাৰকপত্ৰ

গুৱাহাটী, ২৯ নৱেম্বৰঃ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ জীৱন বীমা আঁচনি ৰূপায়নত শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই(APCU memorandum to CM) ইতিবাচক সঁহাৰি জনাইছে৷

উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বিত্ত মন্ত্ৰী হৈ থকা সময়চোৱাত ৰাজ্যখনৰ চৰকাৰী চাকৰিবিহনীন সাংবাদিকসলৰ জীৱন আৰু আৰ্থিক নিৰাপত্তাৰ কথা অনুভৱ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বাজেটৰ ভাষণত প্ৰতিবছৰে এককালীন সাহাৰ্য প্ৰদান কৰা আৰু জীৱন বীমা আঁচনিৰ অধীনত অন্তৰ্ভূক্ত কৰাৰ কথা সদৰি কৰিছিল৷(Local Journalists) শেহতীয়াকৈ কালি অসমৰ চৰকাৰী চাকৰিবিহীন সাংবাদিকসলৰ একমাত্ৰ সংগ্ৰামী মঞ্চ তথা অসম চৰকাৰৰ শ্ৰম আয়ুক্তালয়ৰ পঞ্জীয়নৰ্ভূক্ত সাংবাদিক সংগঠন ‘আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্‌ ইউনিয়ন’ চমুকৈ ‘আপ্‌কু’ৰ এটি প্ৰতিনিধি দলে এই বিষয়টো পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীক এক স্মাৰক পত্ৰযোগে দৃষ্টিগোচৰ কৰোৱাত তেখেতে ইতিবাচক সঁহাৰি প্ৰদান কৰাৰ লগতে সমগ্ৰ বিষয়টো ভালদৰে অধ্যয়ন কৰি শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ ইংগিত প্ৰদান কৰে৷

আপ্‌কুৰ সম্পাদক প্ৰধান শৰৎ শেনছোৱাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰা মতে কালি নিশা প্ৰায় জ্জ্ববজাত সংগঠনটোৰ সভাপতি স্বপন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, উপ-সভাপতি ৰতন কলিতা, সম্পাদক প্ৰধান আৰু কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে মুখ্যমন্ত্ৰীগৰাকীক দিশপুৰ জনতা ভৱনস্থিত কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে৷ আৰম্ভণিতে ৰাজ্যখনৰ বিগত বিধানসভা নিৰ্বাচনত ঐতিহ্যমণ্ডিত জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ পঞ্চদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে অসম মাতৃক সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰা কৰ্মযোগী ড॰ শৰ্মাক আপকুৰ তৰফৰ পৰা ফুলাম গামোচা, স্মাৰক, অভিনন্দন পত্ৰ আৰু সংঠনটোৱে প্ৰকাশ কৰি উলিওৱা দুখন স্মাৰক গ্ৰন্থৰে উষ্ম সম্ভাষণ জনোৱা হয়৷

সাক্ষাৎকালত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ চৰকাৰী চাকৰিবিহীন মফচলীয় সাংবাদিকসকলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ সমস্যা সম্বলিত এক স্মাৰক পত্ৰও প্ৰদান কৰা হয়৷ স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি গুৱাহাটীৰ মহানগৰৰ আশে-পাশে ‘আপ্‌কু’ৰ এটা স্থায়ী কেন্দ্ৰীয় কাৰ্যালয় নিৰ্মাণৰ বাবে অতি কমেও ৩ কঠা চৰকাৰী ভূমি আবণ্টন দিয়াৰ ৰগতে সংগঠনটোৰ কাৰ্যলয় নিৰ্মাণৰ বাবে ৰাজ্যচৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় পুঁজি মোকলাই দিয়া, অসমৰ বি.টি.আৰ. প্ৰশাসনৰ দৰে অসম চৰকাৰেও ৰাজ্যখনৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদকৰ্মীসকলৰ জীৱন আৰু আৰ্থিক নিৰাপত্তা সুনিশ্চিত হোৱাকৈ ‘সাংবাদিকৰ জীৱন বীমা’ [JOURNALIST LIFE INSURENCE] আঁচনি প্ৰৱৰ্তন কৰা, আগন্তুক ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা অসম বিধান সভাৰ বাজেট অধিৱেশনত দাখিল কৰিবলগীয়া ২০২৫-২৬বৰ্ষৰ বিত্তীয় বাজেটত‘মফচলীয় সাংবাদিকৰ এককালীন সাহাৰ্য’ আৰু ‘সাংবাদিকৰ জীৱন বীমা আঁচনি’ৰ বাবে প্ৰয়োজনীয় ধন ধাৰ্য কৰা, অৱসৰী সাংবাদিকৰ পেঞ্চনৰ ধন মাহিলী ৮ হেজাৰ টকাৰ পৰিৱৰ্তে ২০ হেজাৰ টকালৈ বৃদ্ধি কৰা, প্ৰতিবছৰে ৰাজ্যখনৰ অতি কমেও মাত্ৰ ৪০ [চল্লিশ] গৰাকী সাংবাদিকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদিক অথবা সংশি¡ষ্ট সংবাদিকগৰাকীৰ পৰিয়ালৰ কোনো লোকৰ গুৰুতৰ অসুখ নাইবা দুৰ্ঘটনাজনিত কাৰণত চিকিৎসালয়ত চিকিৎসা গ্ৰহণৰ নামত ব্যয় হোৱা সম্পূৰ্ণ ধন মোকলাই দিয়া, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদকৰ্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ত হোৱাকৈ ‘ আয়ুষ্মান কাৰ্ড’ প্ৰদানৰ ব্যৱস্থা কৰা আৰু এই কাৰ্ডৰ সহায়ত চৰকাৰী, বেচৰকাৰী খণ্ডৰ সংশ্লিষ্ট চিকিৎসালয়সমূহত সকলো ৰোগৰ চিকিৎসা কৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা, অসমৰ সংবাদকৰ্মীসকলক উপযুক্ত যোগ্যতাৰ ভিত্তিত মিডিয়া ফেলশ্বিপ প্ৰদানৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, পূৰ্বৰ চৰকাৰে ৰূপায়ন কৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত গ্ৰাম্য সাংবাদিকৰ চুবুৰীয়া ৰাজ্য ভ্ৰমণ আঁচনিখন পুনৰ প্ৰৱৰ্তন কৰা, বিগত বহু বছৰ ধৰি অসংশোধিত ৰূপত চলি থকা অসম চৰকাৰ তথা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিজ্ঞাপনৰ নিৰিখ পুনৰ সংশোধন কৰাৰ লগতে সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানসমূহে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা বিজ্ঞাপনৰ বাবদ যি অনাদায় ধন পাব লগা আছে সেই, সেই ধন অনতি বিলম্বে মোকলাই দিয়াকে আদি কৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আপ্‌কুৰ প্ৰতিনিধি দলটোৱে আহ্বান জনায়৷

আনহাতে আপকুৰ প্ৰতিনিধি দলটোৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বিগত কেইমাহমানৰ পৰা শাৰিৰীক ভাৱে অসুস্থ হৈ থকা আপকুৰ মুখ্য উপদেষ্টা তথা আমাৰ অসম কাকতৰ মঙ্গলদৈৰ প্ৰতিনিধি আব্দুল খালেকলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ২৫ হেজাৰ টকাৰ চেক আগবঢ়োৱাৰ লগতে সাংবাদিক গৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে।

Endangered Chinese wild boar:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌ

Endangered Chinese wild boar:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌ
Endangered Chinese wild boar:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌ

গুৱাহাটী, ২৯ নৱেম্বৰঃ অসমৰ ৰাইমনা(Raimana National Park) ৰাষ্ট্ৰীয় উদ্যানত চীনা বনৰৌৰ(Endangered Chinese wild boar) উপস্থিতি ধৰা পৰিছে আৰু সংৰক্ষণবিদ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা বনৰৌৰ প্ৰথমটো ফটোগ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰিছে।

অসমৰ বন বিভাগৰ কচুগাঁও বন সংমণ্ডলৰ নেতৃত্বত অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক (www.aaranyak.org) আৰু অন্য সংগঠনে চলোৱা অধ্যয়নৰ পাছত আন্তর্জাতিক স্বীকৃতিপ্ৰাপ্ত বৈজ্ঞানিক, সতীৰ্থ বিশেষজ্ঞ পৰ্যালোচিত জাৰ্নেল “জাৰ্নেল অৱ থ্ৰেটেণ্ড টেক্সা”ত প্ৰকাশিত গৱেষণা পত্ৰত এই আৱিষ্কাৰৰ বিষয়ে নিশ্চিত কৰা হৈছে।(aaranyak) উদ্যানখনৰ পশ্চিম ৰেঞ্জৰ অন্তৰ্গত ৰঙানদী অঞ্চলত স্থাপন কৰা কেমেৰাত ২০২২ চনৰ ৩০ জানুৱাৰী আৰু ২৮ ফেব্ৰুৱাৰীত চীনা বনৰৌৰ তিনিখন ফটো বন্দী হৈছিল।

ৰঙানদীত লগ লগা আৰু শাল গছৰ আধিপত্য থকা অৰ্ধপৰ্ণপাতী অৰণ্যৰে আবৃত এটা শুকান জুৰিত চীনা বনৰৌৰ ফটোকেইখন বন্দী কৰা হৈছিল। গৱেষণা পত্ৰখনৰ মূল লিখক, আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড০ দীপাংকৰ লহকৰে কয়, গৱেষণা পত্ৰখনে অসম আৰু উত্তৰ-পূব ভাৰতত পোৱা ভাৰতীয় বনৰৌৰ ক্ষেত্ৰত থকা এটা বিভ্ৰান্তিও দূৰ কৰিছে আৰ ই ‘আই ইউ চি এন ৰেডলিষ্ট’ৰ বিতৰণৰ মানচিত্ৰখনৰ সম্ভাব্য শুধৰণিত সহায় কৰিব”।

আৰাণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ এম ফিৰোজ আহমেদ, ভানু সিনহা, প্ৰাঞ্জল তালুকদাৰ, বিশ্বজিৎ বসুমতাৰী, টুনু বসুমতাৰী, ৰামি এইচ বেগম, নিবিড় মেধি, নিতুল কলিতা আৰু অভিষেক হৰিহৰেও এই গৱেষণা পত্ৰখন প্ৰস্তুত কৰাত সহায় কৰে। উল্লেখ্য, চীনা পেংগোলিন (Manis pentadactyla) হৈছে সৰ্বাধিক সৰবৰাহ হোৱা, অকলশৰীয়াকৈ থকা, নিশাচৰ, গাঁতত থকা এবিধ স্তন্যপায়ী প্ৰাণী। ইয়াৰ বিচৰণভূমি সন্দৰ্ভত বিশেষ তথ্য উপলব্ধ নহয়।

ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানৰ সংমাণ্ডলিক বন বিষয়া ভানু সিনহাই কয়, “ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টাৰ উত্তৰণৰ উদ্দেশ্যে চলি থকা নিৰন্তৰ গৱেষণাৰ অংশ হিচাপে উদ্যানখনত চীনা বনৰৌৰ উপস্থিতিৰ তথ্য লিপিবদ্ধ কৰা হৈছে।

মোৰ বোধেৰে এই কাৰ্যই ৰাইমনাত সংৰক্ষণৰ উদ্যমক সবল কৰিব আৰু অতি সোনকালে অধিক অনাৱিষ্কৃত তথ্য লিপিবদ্ধ কৰাটো নিশ্চিত কৰাত সহায় কৰিব”।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতত দুটা প্ৰজাতিৰ বনৰৌ- ভাৰতীয় বনৰৌ (Manis crassicaudata) আৰু চীনা বনৰৌ (Manis pentadactyla) পোৱা যায়।

বৰ্তমান চীনা বনৰৌ ভাৰত, ভূটান, বাংলাদেশ, নেপাল, ম্যানমাৰ, থাইলেণ্ড, চীন, হংকং, টাইৱান, লাওছ, আৰু ভিয়েটনাম আদি পূব, উত্তৰ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত পোৱা যায়। ভাৰতত চীনা বনৰৌৰ আৱাসভূমি হিমালয়ৰ পাদদেশ, উত্তৰ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে সীমাবদ্ধ।

BANGLADESH: সন্ন্যাসী চিন্ময়ৰ ভয়ত কঁপিছে নেকি ইউনুছ চৰকাৰ! কাৰাবন্দী প্ৰভুক খাদ্য আৰু ঔষধ দিয়াৰ অপৰাধত ২ শিষ্যক গ্ৰেপ্তাৰ

সন্ন্যাসী চিন্ময়ৰ ভয়ত কংপিছে নেকি ইউনুছ চৰকাৰ! কাৰাবন্দী প্ৰভুক খাদ্য আৰু ঔষধ দিয়াৰ অপৰাধত ২ শিষ্যক গ্ৰেপ্তাৰ ইস্কনৰ সন্ন্যাসী চিন্ময় প্ৰভুৰ গ্ৰেপ্তাৰৰ পাছতে উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় বাংলাদেশত। ইফালে সন্ন্যাসী চিন্ময়ৰ দুজন হিন্দু শিষ্যক গ্ৰেপ্তাৰ কৰা হৈছে । জানিব পৰা মতে, জেলত খাদ্য দিবলৈ যোৱা দুই শিষ্যক গ্ৰেপ্তাৰ কৰিছে। ইস্কনৰ সন্ন্যাসী চিন্ময় প্ৰভুক বাংলাদেশত জেলত ৰখা ইতিমধ্যে পাঁচ দিন হ’ল। বাংলাদেশত উত্তপ্ত হৈ পৰিছে চিন্ময় প্ৰভুক গ্ৰেপ্তাৰকলৈ পৰিস্থিতি। দেশখনৰ হিন্দু পৰম্পৰাবাদীসকলে তেওঁৰ মুক্তিৰ দাবীত ৰাজপথলৈ ওলাই আহি হিন্দুসকলৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। মুঠতে পৰিস্থিতি এতিয়া অগ্নিময়। এনে পৰিস্থিতিত দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে চিন্ময়ক কাৰাগাৰত থকা ভক্তসকলক খাদ্য যোগান ধৰিবলৈ অনুমতি দিছিল। বৈষ্ণৱ ৰান্ধনীৰ দ্বাৰা ৰন্ধা খাদ্য ডেলিভাৰী কৰিবলৈও অনুমতি প্ৰদান কৰিছিল।কিন্তু শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাৰ ওচৰত কটকটীয়া নিৰাপত্তাৰক্ষীৰে আগুৰি থকা চিন্ময়ৰ বিশেষ চেলত দুই শিষ্য খাদ্যলৈ উপস্থিত হয়। অভিযোগ অনুসৰি খাদ্য আৰু ঔষধ ডেলিভাৰী দিয়া সেই দুই সংগীক গ্ৰেপ্তাৰ কৰা হয়। প্ৰসংগক্ৰমে ইস্কন স্বৰূপ দাস নামৰ আন এজন সন্ন্যাসীকো চট্টগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰে। ইফালে বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, "কেইমাহমান পূৰ্বে শ্ৰীকৃষ্ণ মন্দিৰৰ অধ্যক্ষ লীলাৰাজ গৌৰ দাস, সদস্য গৌৰাং দাস আৰু চট্টগং পুণ্ডাৰিক আৰু চিন্ময় কৃষ্ণ দাসক সাংগঠনিক অনুশাসন উলংঘা কৰাৰ বাবে ধামৰ অধ্যক্ষই ইস্কনৰ সাংগঠনিক পদকে ধৰি সকলো কাৰ্য্যৰ পৰা নিলম্বিত কৰিছে। চিন্ময় দাস ইস্কন বাংলাদেশৰ মুখপাত্ৰ নহয়। গতিকে তেওঁৰ বক্তব্য সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত।” আনহাতে ইস্কনে স্পষ্ট কৰি দিছে যে চিন্ময় কৃষ্ণৰ ইস্কনৰ সৈতে এতিয়া সম্পৰ্ক নাই। গতিকে তেওঁৰ অনুগামীসকলৰ গতিবিধিৰ বাবে ইস্কন দায়ী নহয়। ইস্কনৰ বক্তব্য ওলোৱাৰ পিছতে চিন্ময় কৃষ্ণৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে ইস্কনে। ইয়াৰ পিছত ইস্কনে এক নতুন বিবৃতি প্ৰকাশ কৰি কয় যে ইস্কনে চিন্ময়কৃষ্ণৰ আন্দোলন, বাংলাদেশৰ হিন্দু আৰু হিন্দু ধৰ্মীয় স্থানসমূহ সুৰক্ষাৰ বাবে তেওঁৰ প্ৰচেষ্টাক সমৰ্থন কৰে। তেওঁৰ পৰা কোনো দূৰত্ব সৃষ্টি হোৱা নাই।
সন্ন্যাসী চিন্ময়ৰ ভয়ত কংপিছে নেকি ইউনুছ চৰকাৰ! কাৰাবন্দী প্ৰভুক খাদ্য আৰু ঔষধ দিয়াৰ অপৰাধত ২ শিষ্যক গ্ৰেপ্তাৰ

ইস্কনৰ সন্ন্যাসী চিন্ময় প্ৰভুৰ গ্ৰেপ্তাৰৰ পাছতে উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় বাংলাদেশত। ইফালে সন্ন্যাসী চিন্ময়ৰ দুজন হিন্দু শিষ্যক গ্ৰেপ্তাৰ কৰা হৈছে । জানিব পৰা মতে, জেলত খাদ্য দিবলৈ যোৱা দুই শিষ্যক গ্ৰেপ্তাৰ কৰিছে।

ইস্কনৰ সন্ন্যাসী চিন্ময় প্ৰভুক বাংলাদেশত জেলত ৰখা ইতিমধ্যে পাঁচ দিন হ’ল। বাংলাদেশত উত্তপ্ত হৈ পৰিছে চিন্ময় প্ৰভুক গ্ৰেপ্তাৰকলৈ পৰিস্থিতি। দেশখনৰ হিন্দু পৰম্পৰাবাদীসকলে তেওঁৰ মুক্তিৰ দাবীত ৰাজপথলৈ ওলাই আহি হিন্দুসকলৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। মুঠতে পৰিস্থিতি এতিয়া অগ্নিময়। এনে পৰিস্থিতিত দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে চিন্ময়ক কাৰাগাৰত থকা ভক্তসকলক খাদ্য যোগান ধৰিবলৈ অনুমতি দিছিল। বৈষ্ণৱ ৰান্ধনীৰ দ্বাৰা ৰন্ধা খাদ্য ডেলিভাৰী কৰিবলৈও অনুমতি প্ৰদান কৰিছিল।কিন্তু শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাৰ ওচৰত কটকটীয়া নিৰাপত্তাৰক্ষীৰে আগুৰি থকা চিন্ময়ৰ বিশেষ চেলত দুই শিষ্য খাদ্যলৈ উপস্থিত হয়। অভিযোগ অনুসৰি খাদ্য আৰু ঔষধ ডেলিভাৰী দিয়া সেই দুই সংগীক গ্ৰেপ্তাৰ কৰা হয়। প্ৰসংগক্ৰমে ইস্কন স্বৰূপ দাস নামৰ আন এজন সন্ন্যাসীকো চট্টগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইফালে বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, “কেইমাহমান পূৰ্বে শ্ৰীকৃষ্ণ মন্দিৰৰ অধ্যক্ষ লীলাৰাজ গৌৰ দাস, সদস্য গৌৰাং দাস আৰু চট্টগং পুণ্ডাৰিক আৰু চিন্ময় কৃষ্ণ দাসক সাংগঠনিক অনুশাসন উলংঘা কৰাৰ বাবে ধামৰ অধ্যক্ষই ইস্কনৰ সাংগঠনিক পদকে ধৰি সকলো কাৰ্য্যৰ পৰা নিলম্বিত কৰিছে। চিন্ময় দাস ইস্কন বাংলাদেশৰ মুখপাত্ৰ নহয়। গতিকে তেওঁৰ বক্তব্য সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত।” আনহাতে ইস্কনে স্পষ্ট কৰি দিছে যে চিন্ময় কৃষ্ণৰ ইস্কনৰ সৈতে এতিয়া সম্পৰ্ক নাই। গতিকে তেওঁৰ অনুগামীসকলৰ গতিবিধিৰ বাবে ইস্কন দায়ী নহয়। ইস্কনৰ বক্তব্য ওলোৱাৰ পিছতে চিন্ময় কৃষ্ণৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে ইস্কনে। ইয়াৰ পিছত ইস্কনে এক নতুন বিবৃতি প্ৰকাশ কৰি কয় যে ইস্কনে চিন্ময়কৃষ্ণৰ আন্দোলন, বাংলাদেশৰ হিন্দু আৰু হিন্দু ধৰ্মীয় স্থানসমূহ সুৰক্ষাৰ বাবে তেওঁৰ প্ৰচেষ্টাক সমৰ্থন কৰে। তেওঁৰ পৰা কোনো দূৰত্ব সৃষ্টি হোৱা নাই।

Money: টকা গনা মেচিন বেয়া বাবেই আয়কৰ অভিযানত উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ লাগিল দুদিন

Money: টকা গনা মেচিন বেয়া বাবেই আয়কৰ অভিযানত উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ লাগিল দুদিন দেশৰ বিভিন্ন প্ৰান্তত আয়কৰ বিভাগত তালাচীৰ খবৰ বিভিন্ন সময়ত শুনা যায়। কিন্তু দেশৰ ইতিহাসত আয়কৰ ফাঁকিৰ এক আচৰিত দৃষ্টান্ত আছে য’ত উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ দুদিন সময় লাগিছিল। টকা গণিব পৰা মেচিনটো বেয়া বাবেই উদ্ধাৰ হোৱা ধন ৩৫২ কোটি টকা গণনা কৰিবলৈ লাগিল দুদিন। সুৰা কাৰখানা বৌধ ডিষ্টিলেৰীজ প্ৰাইভেট লিমিটেডৰ কাৰখানাত আয়কৰ বিভাগে এক তালাচী চলাইছিল। উৰিষ্য়া আৰু ঝাৰখণ্ডত থকা কোম্পানীটোৰ কাৰ্যালয়ত এই তালাচী চলোৱাৰ পাছত একেলগে ইমান টকা দেখা পাই আয়কৰ বিষয়াসকল আচৰিত হৈ পৰে। ষ্টীলৰ আলমাৰীত টকাৰ সজাই থোৱা আছিল। বিশেষ সঁজুলিৰ সহায়ত মাটিৰ তলত গোপন সুৰংগ এটাও উদ্ধাৰ হয়। প্ৰথম দিনাই উদ্ধাৰ হয় ১৫০ কোটি টকা। ইমান টকা গণি থাকোঁতে আয়কৰ বিভাগৰ কেইবাটাও মেচিন বিকল হৈ পৰে। মুঠ ৪০টা মেচিনেৰে গণনা কৰিছিল ৫০জন বেংক কৰ্মচাৰীয়ে। অৱশেষত এই দুটা কাৰ্যালয়ৰ পৰা মুঠ ৩০০ কোটি টকা উদ্ধাৰ কৰা হয়। আন কাৰ্যালয়তো অভিযান চলাই বহু ধন উদ্ধাৰ কৰে। ১০ দিনৰ অনুসন্ধানৰ অন্তত মুঠ ধনৰাশি ৩৫২ কোটি টকা উদ্ধাৰ হয়। দেশৰ ইতিহাসত ই সৰ্বাধিক। অজয় দেৱগনে সতীশ কৌশিকৰ ঘৰত অভিযান চলাই ৰেড চিনেমাৰ পৰা ধন উদ্ধাৰ কৰা দৃশ্যৰ দৰেই ঘটনা। আয়কৰ বিভাগে ২০১৯ চনৰ পৰা ২০২১ চনলৈকে কৰা হিচাপ-নিকাচত এই বিসংগতি ধৰা পৰিছিল। ইয়াৰ পিছতে আয়কৰ বিভাগে বিধায়ক যোগেশ সিঙৰ নাম এই অনুসন্ধানত জড়িত পৰাত অভিযোগ অস্বীকাৰ কৰে বিজেডিৰ বিধায়কগৰাকীয়ে। উদ্ধাৰ হোৱা কোটি কোটি টকাৰ সৈতে কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ সাহুৰো নাম জড়িত হৈ পৰে জড়িত। বিগত সময়ত এই তালাচী অভিযান চলোৱা সকলো বিষয়াকে কেন্দ্ৰীয় চৰকাৰে সন্মান জনায়।
Money: টকা গনা মেচিন বেয়া বাবেই আয়কৰ অভিযানত উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ লাগিল দুদিন

দেশৰ বিভিন্ন প্ৰান্তত আয়কৰ বিভাগত তালাচীৰ খবৰ বিভিন্ন সময়ত পোৱা যায়। কিন্তু দেশৰ ইতিহাসত আয়কৰ ফাঁকিৰ এক আচৰিত দৃষ্টান্ত আছে য’ত উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ দুদিন সময় লাগিছিল। টকা গণিব পৰা মেচিনটো বেয়া বাবেই উদ্ধাৰ হোৱা ধন ৩৫২ কোটি টকা গণনা কৰিবলৈ লাগিল দুদিন।

সুৰা কাৰখানা বৌধ ডিষ্টিলেৰীজ প্ৰাইভেট লিমিটেডৰ কাৰখানাত আয়কৰ বিভাগে এক তালাচী চলায়। উৰিষ্য়া আৰু ঝাৰখণ্ডত থকা এই কোম্পানীটোৰ কাৰ্যালয়ত তালাচী চলোৱাৰ পাছত একেলগে ইমান টকা দেখা পাই আয়কৰ বিষয়াসকল স্তম্ভিত হৈ পৰে। আলমাৰীত টকাই টকা। বিশেষ সঁজুলিৰ সহায়ত মাটিৰ তলত থকা গোপন সুৰংগ এটাও উদ্ধাৰ কৰে। প্ৰথম দিনাই উদ্ধাৰ হয় ১৫০ কোটি টকা। ইমান টকা মুঠ ৪০টা মেচিনেৰে ৫০জন বেংক কৰ্মচাৰীয়ে গণনা কৰি থাকোঁতেই আয়কৰ বিভাগৰ কেইবাটাও মেচিন বিকল হৈ পৰে। । অৱশেষত এই দুটা কাৰ্যালয়ৰ পৰা মুঠ ৩০০ কোটি টকা উদ্ধাৰ কৰা হয়। আন কাৰ্যালয়তো অভিযান চলাই বহু ধন উদ্ধাৰ কৰে আয়কৰ বিভাগে। ১০ দিনৰ অনুসন্ধানৰ অন্তত মুঠ ধনৰাশি ৩৫২ কোটি টকা উদ্ধাৰ হয়। দেশৰ ইতিহাসত ই সৰ্বাধিক। প্ৰকৃততে ২০১৯ চনৰ পৰা ২০২১ চনলৈকে কৰা হিচাপ-নিকাচত এই বিসংগতি ধৰা পেলাইছিল আয়কৰ বিভাগে। ইয়াৰ পিছতে আয়কৰ বিভাগে বিজেডিৰ বিধায়ক যোগেশ সিঙৰ নাম এই অনুসন্ধানত জড়িত হৈ পৰাত তেওঁ এই অভিযোগ অস্বীকাৰ কৰে। উদ্ধাৰ হোৱা কোটি কোটি টকাৰ সৈতে কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ সাহুৰো নাম জড়িত হৈ পৰে ।বিগত সময়ত এই তালাচী অভিযান চলোৱা সকলো বিষয়াকে কেন্দ্ৰীয় চৰকাৰে সন্মান জনায়।

Railway: ৰে’লৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ ক্ষেত্ৰত আপোচ নকৰে এম্পলইজ ইউনিয়নে

ৰে'লৱেৰ শ্ৰমিক - কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ ক্ষেত্ৰত আপোচ নকৰে এম্পলইজ ইউনিয়নে মালিগাঁৱত এন এফ ৰে'লৱে এম্পলইজ ইউনিয়নৰ বিশাল নিৰ্বাচনী সভাত শ্ৰমিক নেতা মুনীন শইকীয়া ভাৰতীয় ৰে'লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪. ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ'ব । ইফালে নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিসেৱাই সামৰি লোৱা ৮ খন ৰাজ্যৰ ৰে'লৱে ষ্টেছন, ৰে'লৱে আৱাসিক এলেকা আৰু কাৰ্যালয় - কাৰখানা আদিত সৰু সৰু জনসভা, পথসভা, ৰেলী আদি অনুষ্ঠিত কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে। উল্লেখ্য যে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন এফ ৰে'লৱে এম্পলইজ ইউনিয়নে ৰে'লৱেৰ ৫৪ শতাংশ শ্ৰমিক - কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰে'লৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল । আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। কেইবা শতাধিক ৰে'লৱেৰ শ্ৰমিক,- কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাগ লৈ বিশিষ্ট শ্ৰমিক নেতা তথা এন এফ ৰে'লৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই কয় জন্মলগ্নৰে পৰা ইউনিয়নে ৰে'লৱেৰ শ্ৰমিক - কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে। ইউনিয়নে শ্ৰমিক - কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে। নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত যি আন্দোলন আৰম্ভ কৰিছে সেয়া মানি নোলোৱালৈকে চলি থাকিব। আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ যাতে অধিক ভোট লাভ কৰিব পাৰি তাৰ বাবে হাতে - কামে সকলোৱে নামি পৰিব লাগিব । এইবাৰ আমি ৭০ শতাংশতকৈ অধিক ভোট লাভ কৰিব পাৰিম বুলি আশাবাদী। ইফালে এন এফ ৰেলৱে এম্পলইজ ইউনিয়ন জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মুনীন শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে উপস্থিত সকলোৱে। সভাত ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অসম শাখাৰ সভাপতি হিৰণ্য বৰা, এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদক ক্ৰমে - দিগন্ত বৰুৱা, প্ৰকাশ বৰ্মন , দেবাশীস মুখাৰ্জী আৰু ৰুবুল বৰুৱা, কোষধক্ষ্য জোন দাসকে ধৰি কেবাজনো বিষয়ববীয়াৰ উপৰিও মাণ্ডলিক কমিটি আৰু গুৱাহাটীৰ কেবাখনো শাখা কমিটিৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকে। আনহাতে সভাত এম্পলইজ ইউনিয়নৰ নীতি, আদৰ্শ আৰু সংগ্ৰামী সত্ত্বাৰ প্ৰতি আস্থা, বিশ্বাস আৰু সমৰ্থন জনাই আন ট্ৰেড ইউনিয়নৰ বহুসংখ্যক ৰে'লৱেৰ শ্ৰমিক - কৰ্মচাৰী উপস্থিত থাকে ।
ৰে'লৱেৰ শ্ৰমিক - কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ ক্ষেত্ৰত আপোচ নকৰে এম্পলইজ ইউনিয়নে মালিগাঁৱত এন এফ ৰে'লৱে এম্পলইজ ইউনিয়নৰ বিশাল নিৰ্বাচনী সভাত শ্ৰমিক নেতা মুনীন শইকীয়া

মালিগাঁৱত এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ বিশাল নিৰ্বাচনী সভাত শ্ৰমিক নেতা মুনীন শইকীয়া

ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪. ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব । ইফালে নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিসেৱাই সামৰি লোৱা ৮ খন ৰাজ্যৰ ৰে’লৱে ষ্টেছন, ৰে’লৱে আৱাসিক এলেকা আৰু কাৰ্যালয় – কাৰখানা আদিত সৰু সৰু জনসভা, পথসভা, ৰেলী আদি অনুষ্ঠিত কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে। উল্লেখ্য যে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নে ৰে’লৱেৰ ৫৪ শতাংশ শ্ৰমিক – কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল । আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। কেইবা শতাধিক ৰে’লৱেৰ শ্ৰমিক,- কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাগ লৈ বিশিষ্ট শ্ৰমিক নেতা তথা এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই কয় জন্মলগ্নৰে পৰা ইউনিয়নে ৰে’লৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে। ইউনিয়নে শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে। নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত যি আন্দোলন আৰম্ভ কৰিছে সেয়া মানি নোলোৱালৈকে চলি থাকিব। আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ যাতে অধিক ভোট লাভ কৰিব পাৰি তাৰ বাবে হাতে – কামে সকলোৱে নামি পৰিব লাগিব । এইবাৰ আমি ৭০ শতাংশতকৈ অধিক ভোট লাভ কৰিব পাৰিম বুলি আশাবাদী। ইফালে এন এফ ৰেলৱে এম্পলইজ ইউনিয়ন জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মুনীন শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে উপস্থিত সকলোৱে। সভাত ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অসম শাখাৰ সভাপতি হিৰণ্য বৰা, এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদক ক্ৰমে – দিগন্ত বৰুৱা, প্ৰকাশ বৰ্মন , দেবাশীস মুখাৰ্জী আৰু ৰুবুল বৰুৱা, কোষধক্ষ্য জোন দাসকে ধৰি কেবাজনো বিষয়ববীয়াৰ উপৰিও মাণ্ডলিক কমিটি আৰু গুৱাহাটীৰ কেবাখনো শাখা কমিটিৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকে। আনহাতে সভাত এম্পলইজ ইউনিয়নৰ নীতি, আদৰ্শ আৰু সংগ্ৰামী সত্ত্বাৰ প্ৰতি আস্থা, বিশ্বাস আৰু সমৰ্থন জনাই আন ট্ৰেড ইউনিয়নৰ বহুসংখ্যক ৰে’লৱেৰ শ্ৰমিক – কৰ্মচাৰী উপস্থিত থাকে ।

Sports: গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন

গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন তিনি ডিচেম্বৰৰ পৰা সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত খেল অংশ ল’ব ২৩ খন দেশৰ ৪৬১ গৰাকী শ্বাটলাৰে অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ ৷ অহা তিনিৰ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা ৷ বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত ভাৰতৰ লগতে বিশ্বৰ ২৩ খন দেশৰ পুৰুষ আৰু মহিলা তাৰকা শ্বাটলাৰে অংশ ল’ব ৷ উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত বি ডব্লিউ এফৰ ছুপাৰ ১০০ প্ৰতিযোগিতা আয়োজন কৰাৰ গৌৰৱময় সুযোগ লাভ কৰিছে৷ বিগত বৰ্ষতো এই প্ৰতিযোগিতাখন অসমতে অনুষ্ঠিত হৈছিল তথা বি ডব্লিউ এফে ছুপাৰ ১০০ প্ৰতিযোগিতাখনৰ নাম গুৱাহাটী মাষ্টাৰ্ছ ৰূপে নিৰ্ধাৰণ কৰিছে ৷ যোৱাবাৰৰ দৰে এইবাৰো প্ৰতিযোগিতাখন গুৱাহাটীৰ সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ বিশ্ব বেডমিণ্টন ফেডাৰেছনৰ বাৰ্ষিক ক্ৰীড়া সূচীৰ সন্মানীয় ছুপাৰ ১০০ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ লগতে মিক্সড ডাবলছ শাখাৰো খেল অনুষ্ঠিত হ’ব ৷ মূল ৰাউণ্ডৰ খেলৰ পূৰ্বে প্ৰথম দুটা দিনত কোৱালিফায়িং ৰাউণ্ডৰ খেল হ’ব ৷ সেই অনুসৰি অহা তিনি আৰু চাৰি ডিচেম্বৰত কোৱালিফায়িং ৰাউণ্ডৰ খেল হোৱাৰ বিপৰীতে পাঁচ ডিচেম্বৰৰ পৰা মূল ৰাউণ্ডৰ খেল আৰম্ভ হ’ব ৷ মুঠ এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখন অহা আঠ ডিচেম্বৰত সমাপ্ত হ’ব ৷ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা হ’ল ৪৬১ গৰাকী৷ আনহাতে, খেল পৰিচালকৰূপে থাকিব ১৩০ গৰাকী টেকনিকেল বিষয়া ৷ উল্লেখ্য যে বিগত বৰ্ষতকৈ অংশগ্ৰহণকাৰী দেশ আৰু খেলুৱৈৰ সংখ্যা এইবাৰ বৃদ্ধি পাইছে ৷ যোৱাবাৰ ২০ দেশৰ ৩১৭ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল ৷ ইফালে, বিগত বৰ্ষত পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে শীৰ্ষ ৰেংকিঙৰ খেলুৱৈয়ে খেলা নাছিল যদিও এইবাৰ প্ৰতিখনত দেশৰে তাৰকা শ্বাটলাৰে প্ৰতিযোগিতাত অংশ ল’ব ৷ ঘৰত হ’বলগা এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ খেলুৱৈয়েও কোৱালিফায়িং ৰাউণ্ডৰ খেলত অংশ ল’ব ৷ প্ৰতিযোগিতাখনত ইতিমধ্যে আয়োজকে ভাৰতৰ লগতে চীন, মৰিচাছ, জাপান, ছিংগাপুৰ, থাইলেণ্ড, চাইনিছ টাইপে, ইংলণ্ড, ডেনমাৰ্ক, হংকং, ফ্ৰান্স, আৰৱ, আজাৰবাইজান, শ্ৰীলংকা, বাহৰেইন, অষ্ট্ৰেলিয়া, ভিয়েটনাম, আমেৰিকা, বাংলাদেশ আৰু মালয়েছিয়াৰ খেলুৱৈয়ে ২৭ নৱেম্বৰলৈ নাম পঞ্জিয়ন কৰিছে বুলি অসম বেডমিণ্টন সন্থাই জনাইছে ৷
গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন তিনি ডিচেম্বৰৰ পৰা সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত খেল অংশ ল’ব ২৩ খন দেশৰ ৪৬১ গৰাকী শ্বাটলাৰে

তিনি ডিচেম্বৰৰ পৰা সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত খেল

অংশ ল’ব ২৩ খন দেশৰ ৪৬১ গৰাকী শ্বাটলাৰে

অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ ৷ অহা তিনিৰ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা ৷ বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত ভাৰতৰ লগতে বিশ্বৰ ২৩ খন দেশৰ পুৰুষ আৰু মহিলা তাৰকা শ্বাটলাৰে অংশ ল’ব ৷ উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত বি ডব্লিউ এফৰ ছুপাৰ ১০০ প্ৰতিযোগিতা আয়োজন কৰাৰ গৌৰৱময় সুযোগ লাভ কৰিছে৷ বিগত বৰ্ষতো এই প্ৰতিযোগিতাখন অসমতে অনুষ্ঠিত হৈছিল তথা বি ডব্লিউ এফে ছুপাৰ ১০০ প্ৰতিযোগিতাখনৰ নাম গুৱাহাটী মাষ্টাৰ্ছ ৰূপে নিৰ্ধাৰণ কৰিছে ৷ যোৱাবাৰৰ দৰে এইবাৰো প্ৰতিযোগিতাখন গুৱাহাটীৰ সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ বিশ্ব বেডমিণ্টন ফেডাৰেছনৰ বাৰ্ষিক ক্ৰীড়া সূচীৰ সন্মানীয় ছুপাৰ ১০০ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ লগতে মিক্সড ডাবলছ শাখাৰো খেল অনুষ্ঠিত হ’ব ৷ মূল ৰাউণ্ডৰ খেলৰ পূৰ্বে প্ৰথম দুটা দিনত কোৱালিফায়িং ৰাউণ্ডৰ খেল হ’ব ৷ সেই অনুসৰি অহা তিনি আৰু চাৰি ডিচেম্বৰত কোৱালিফায়িং ৰাউণ্ডৰ খেল হোৱাৰ বিপৰীতে পাঁচ ডিচেম্বৰৰ পৰা মূল ৰাউণ্ডৰ খেল আৰম্ভ হ’ব ৷ মুঠ এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখন অহা আঠ ডিচেম্বৰত সমাপ্ত হ’ব ৷ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা হ’ল ৪৬১ গৰাকী৷ আনহাতে, খেল পৰিচালকৰূপে থাকিব ১৩০ গৰাকী টেকনিকেল বিষয়া ৷ উল্লেখ্য যে বিগত বৰ্ষতকৈ অংশগ্ৰহণকাৰী দেশ আৰু খেলুৱৈৰ সংখ্যা এইবাৰ বৃদ্ধি পাইছে ৷ যোৱাবাৰ ২০ দেশৰ ৩১৭ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল ৷ ইফালে, বিগত বৰ্ষত পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে শীৰ্ষ ৰেংকিঙৰ খেলুৱৈয়ে খেলা নাছিল যদিও এইবাৰ প্ৰতিখনত দেশৰে তাৰকা শ্বাটলাৰে প্ৰতিযোগিতাত অংশ ল’ব ৷ ঘৰত হ’বলগা এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ খেলুৱৈয়েও কোৱালিফায়িং ৰাউণ্ডৰ খেলত অংশ ল’ব ৷ প্ৰতিযোগিতাখনত ইতিমধ্যে আয়োজকে ভাৰতৰ লগতে চীন, মৰিচাছ, জাপান, ছিংগাপুৰ, থাইলেণ্ড, চাইনিছ টাইপে, ইংলণ্ড, ডেনমাৰ্ক, হংকং, ফ্ৰান্স, আৰৱ, আজাৰবাইজান, শ্ৰীলংকা, বাহৰেইন, অষ্ট্ৰেলিয়া, ভিয়েটনাম, আমেৰিকা, বাংলাদেশ আৰু মালয়েছিয়াৰ খেলুৱৈয়ে ২৭ নৱেম্বৰলৈ নাম পঞ্জিয়ন কৰিছে বুলি অসম বেডমিণ্টন সন্থাই জনাইছে ৷

Assam Assembly:আজি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত গ্ৰহণ কৰালে অসমৰ নৱ-নিৰ্বাচিত পাঁচগৰাকী বিধায়কক

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত গ্ৰহণ কৰালে অসমৰ নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কক আজি সন্ধিয়া ৪ বজাত সদ্য অনুষ্ঠিত উপ-নিৰ্বাচনত বিজয়ী অসমৰ নৱনিৰ্বাচিত ৫ গৰাকী বিধায়কক আজি নতুন বিধানসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , কেবিনেট মন্ত্ৰী আৰু বিধায়কসকলৰ উপস্থিতিত শপত গ্ৰহণ কৰাই অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উক্ত পাঁচজন বিধায়কৰ ভিতৰত আছে বিজেপিৰ তিনিজন, এজন কংগ্ৰেছৰ আৰু বিজিপিৰ দুই মিত্ৰদল - আসম গণ পৰিষদ (অগপ) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ। উল্লেখ্য যে, শপত গ্ৰহণ কৰা নৱ-নিৰ্বাচিত বিধায়ক কেইগৰাকী হ’ল ক্ৰমে বিহালীৰ বিজেপি বিধায়ক দিগন্ত ঘাটোৱাৰ, চামগুৰিৰ বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, ধলাইৰ বিজেপি বিধায়ক ৰঞ্জন দাস, ছিদলীৰ ইউপিপিএলৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, আৰু বঙাইগাঁৱৰ অগপ বিধায়ক দীপ্তিময়ী চৌধুৰীয। স্মৰ্তব্য য়ে, এই পাঁচটা সমষ্টিত সদ্য সমাপ্ত উপ-নিৰ্বাচনত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘটোৱাৰে বিশাল জয় লাভ কৰে। ঘটোৱাৰে ৫০,৯৪৭ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ৯,০৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে মাত্ৰ ১২১৭ টা ভোট লাভ কৰে। ছিদলীত এন ডি এৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিপিএফৰ সুধো কুমাৰ বসুমতাৰীক পৰাস্ত কৰি তেওঁ ৯৫,২৪৩টা ভোট লাভ কৰে।বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ বিৰুদ্ধে অগপৰ দীপ্তিময়ী চৌধুৰীয়ে ৭৪,৭৩৪টা ভোট লাভ কৰি জয়লাভ কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্ৰ তঞ্জিল হুছেইনৰ বিৰুদ্ধে বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মাই ২২ হাজাৰৰো অধিক ভোটত জয়লাভ কৰে। ইপিনে কংগ্ৰেছৰ ধ্ৰুবজ্যোতি পুৰকায়স্থৰ বিৰুদ্ধে ধলাই সমষ্টিত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে ৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। আজি অসম বিধান সভাৰ মজিয়াত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নৱনিৰ্বাচিত পাঁচোজন বিধায়ককে ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ নতুন ভূমিকাক অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আন্তৰিক শুভেচ্ছা জনায়। বিধানসভাৰ কাৰ্যসূচীত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণেৰে তেওঁলোকক প্ৰেৰণ কৰা লোকসকলৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিবলৈ পাঁচজন বিধায়ককে আহ্বান জনাই অধ্যক্ষগৰাকীয়ে।
অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত গ্ৰহণ কৰালে অসমৰ নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কক

আজি সন্ধিয়া ৪ বজাত সদ্য অনুষ্ঠিত উপ-নিৰ্বাচনত বিজয়ী অসমৰ নৱ-নিৰ্বাচিত ৫ গৰাকী বিধায়কক আজি নতুন বিধানসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী আৰু বিধায়কসকলৰ উপস্থিতিত শপত গ্ৰহণ কৰাই অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উক্ত পাঁচজন বিধায়কৰ ভিতৰত আছে বিজেপিৰ তিনিজন, আৰু বিজিপিৰ দুই মিত্ৰদলৰ – আসম গণ পৰিষদ (অগপ) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ। উল্লেখ্য যে, শপত গ্ৰহণ কৰা নৱ-নিৰ্বাচিত বিধায়ক কেইগৰাকী হ’ল ক্ৰমে বিহালীৰ বিজেপি বিধায়ক দিগন্ত ঘাটোৱাৰ, চামগুৰিৰ বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, ধলাইৰ বিজেপি বিধায়ক ৰঞ্জন দাস, চিদলীৰ ইউপিপিএলৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, আৰু বঙাইগাঁৱৰ অগপ বিধায়ক দীপ্তিময়ী চৌধুৰী।

স্মৰ্তব্য য়ে, এই পাঁচটা সমষ্টিত সদ্য সমাপ্ত উপ-নিৰ্বাচনত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘটোৱাৰে বিশাল জয় লাভ কৰে। ঘটোৱাৰে ৫০,৯৪৭ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ৯,০৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে মাত্ৰ ১২১৭ টা ভোট লাভ কৰে। চিদলীত এন ডি এৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিপিএফৰ সুধো কুমাৰ বসুমতাৰীক পৰাস্ত কৰি তেওঁ ৯৫,২৪৩টা ভোট লাভ কৰে।বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ বিৰুদ্ধে অগপৰ দীপ্তিময়ী চৌধুৰীয়ে ৭৪,৭৩৪টা ভোট লাভ কৰি জয়লাভ কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ বিৰুদ্ধে বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মাই ২২ হাজাৰৰো অধিক ভোটত জয়লাভ কৰে। ইপিনে কংগ্ৰেছৰ ধ্ৰুবজ্যোতি পুৰকায়স্থৰ বিৰুদ্ধে ধলাই সমষ্টিত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে ৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে।

আজি অসম বিধান সভাৰ মজিয়াত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নৱনিৰ্বাচিত পাঁচোজন বিধায়ককে ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ নতুন ভূমিকাক অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আন্তৰিক শুভেচ্ছা জনায়। বিধানসভাৰ কাৰ্যসূচীত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণেৰে তেওঁলোকক প্ৰেৰণ কৰা লোকসকলৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিবলৈ পাঁচজন বিধায়ককে আহ্বান জনাই অধ্যক্ষগৰাকীয়ে।