Home Blog Page 437

Uttarpradesh: বাইক আৰোহীক ৪০ মিটাৰ চোচোৰাই নিলে ট্ৰেভেলাৰে ! ভয়ংকৰ দুৰ্ঘটনা

ৰাস্তাত বাইক আৰোহীক ৪০ মিটাৰ চোচোৰাই নিলে ট্ৰেভেলাৰে ! ভয়ংকৰ দুৰ্ঘটনা
ৰাস্তাত বাইক আৰোহীক ৪০ মিটাৰ চোচোৰাই নিলে ট্ৰেভেলাৰে ! ভয়ংকৰ দুৰ্ঘটনা

উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ চোৰগলীয়া থানাৰ অধীনত সংঘটিত এটি পথ দুৰ্ঘটনাই স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি ককাকৰ সৈতে বাইক চলাই ঘৰলৈ গৈ আছিল এজন যুৱক। হঠাতে পিছফালৰ পৰা এখন ট্ৰেভেলাৰৰ খুন্দাত প্ৰাণ হেৰুৱাই যুৱকজনে। ট্ৰেভেলাৰখনে বাইকখন চোচোৰাই প্ৰায় ৪০ মিটাৰ লৈ যায়। এই মৰ্মান্তিক দুৰ্ঘটনাত ককাক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। আনহাতে ঘটনাৰ পিছতে অভিযুক্ত চালকজনে গাড়ীৰ চাবি লৈ পলায়ন কৰে।

আৰক্ষীৰ তথ্য অনুসৰি মৃত যুৱকজনৰ নাম দিৱাকৰ ভাট ওৰফে দীপাংশ (২২)। চোৰগালিয়া অঞ্চলৰ বাসিন্দা আৰু আইতাকৰ ঘৰৰ পৰাই দিৱকৰে পুলিচৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।

Cinema Lovers Day: ২৯ নৱেম্বৰ-‘চিনেমা প্ৰেমী দিৱস’

Cinema Lovers Day: ২৯ নৱেম্বৰ-‘চিনেমা প্ৰেমী দিৱস’ চিনেমাপ্ৰেমীৰ বাবে ভাল খবৰ। সমগ্ৰ দেশৰ নিৰ্বাচিত চিনেমা হলত টিকটৰ মূল্য হ’ব মাত্ৰ ৯৯ টকা। সমগ্ৰ দেশে আজি ২৯ নৱেম্বৰ দিনটো ‘চিনেমা প্ৰেমী দিৱস’ হিচাপে পালন কৰিছে। কেৱল আজিৰ দিনটোৰ বাবে দেশৰ ৪ হাজাৰৰো অধিক অংশগ্ৰহণকাৰী চিনেমা হলত টিকটৰ মূল্য ৯৯ টকা লোৱা হ’ব। ফলত দিনটো কাৰ্যতঃ চিনেমাপ্ৰেমীৰ বাবে এক উৎসৱেই। মহানগৰীৰ মাল্টিপ্লেক্স আৰু অন্যান্য প্ৰধান থিয়েটাৰত এই অফাৰ প্ৰযোজ্য। গতিকে চিনেমা প্ৰেমীসকলৰ বাবে ২৯ তাৰিখে দৰ্শকে মাত্ৰ ৯৯ টকাত যিকোনো চিনেমা উপভোগ কৰিব পাৰিব। ইয়াৰ পূৰ্বে মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়া চিনেমা প্ৰেমী দিৱসৰ দিনা ৰাজ্যসমূহৰ কেইবাখনো নতুনকৈ মুক্তি পাবল'গীয়া ছবি দৰ্শকৰ বাবে অপেক্ষা কৰি আছে। সিংহম আকৌ এবাৰ, ভুল ভুলয়া ৩, মোৱানা ২, যমলায়ে জীৱন ভানু, সাবৰমতী এসমূহ চিনেমা দৰ্শকে মাত্ৰ ৯৯ টকাত চাবলৈ সুযোগ পাব।
Cinema Lovers Day: ২৯ নৱেম্বৰ-‘চিনেমা প্ৰেমী দিৱস’

চিনেমাপ্ৰেমীৰ বাবে ভাল খবৰ। সমগ্ৰ দেশৰ নিৰ্বাচিত চিনেমা হলত টিকটৰ মূল্য হ’ব মাত্ৰ ৯৯ টকা। সমগ্ৰ দেশে আজি ২৯ নৱেম্বৰ দিনটো ‘চিনেমা প্ৰেমী দিৱস’ হিচাপে পালন কৰিছে। কেৱল আজিৰ দিনটোৰ বাবে দেশৰ ৪ হাজাৰৰো অধিক অংশগ্ৰহণকাৰী চিনেমা হলত টিকটৰ মূল্য ৯৯ টকা লোৱা হ’ব। ফলত দিনটো কাৰ্যতঃ চিনেমাপ্ৰেমীৰ বাবে এক উৎসৱেই। মহানগৰীৰ মাল্টিপ্লেক্স আৰু অন্যান্য প্ৰধান থিয়েটাৰত এই অফাৰ প্ৰযোজ্য।

গতিকে চিনেমা প্ৰেমীসকলৰ বাবে ২৯ তাৰিখে দৰ্শকে মাত্ৰ ৯৯ টকাত যিকোনো চিনেমা উপভোগ কৰিব পাৰিব। ইয়াৰ পূৰ্বে মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়া চিনেমা প্ৰেমী দিৱসৰ দিনা ৰাজ্যসমূহৰ কেইবাখনো নতুনকৈ মুক্তি পাবল’গীয়া ছবি দৰ্শকৰ বাবে অপেক্ষা কৰি আছে। সিংহম আকৌ এবাৰ, ভুল ভুলয়া ৩, মোৱানা ২, যমলায়ে জীৱন ভানু, সাবৰমতী এসমূহ চিনেমা দৰ্শকে মাত্ৰ ৯৯ টকাত চাবলৈ সুযোগ পাব।

Pak-Bangla: পাকিস্তানৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছে বাংলাদেশে ! ৫২ বছৰৰ পাছত কোটি কোটি টকাৰ অস্ত্ৰ ভৰ্তি এখন জাহাজ বাংলাদেশত উপস্থিত

পাকিস্তানৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছে বাংলাদেশে ! ৫২ বছৰৰ পাছত কোটি কোটি টকাৰ অস্ত্ৰ ভৰ্তি এখন জাহাজ বাংলাদেশত উপস্থিত বাংলাদেশত অশান্তিৰ সৃষ্টি হৈ থকাৰ মাজতে তেওঁলোকে সেনাবাহিনীৰ বাবে পাকিস্তানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ ক্ৰয় কৰিছে। প্ৰায় ৫২ বছৰৰ পাছত পাকিস্তানৰ পৰা অস্ত্ৰ কঢ়িয়াই অনা এখন জাহাজ বাংলাদেশত উপস্থিত হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সময়ত ৰাজ্যৰ কোষাগাৰত জমা হৈ থকা ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈ আহিছে। পাকিস্তানৰ পৰা এই অস্ত্ৰ ক্ৰয়ৰ আঁৰত মধ্যভোগীৰ সন্দেহৰ সৃষ্টি হোৱাৰ লগতে চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পতনৰ পিছত নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব লোৱাৰ বহুদিন নৌহওঁতেই সেনাই কয় যে তেওঁলোকৰ গোলাবাৰুদ আৰু ৰাইফলৰ গুলীৰ অভাৱ হৈছে। এনে পৰিস্থিতিত প্ৰয়োজনীয় সা-সঁজুলিৰ ব্যৱস্থা কৰিব লাগে। বাংলাদেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়বোৰ দেশেই গোলাবাৰুদৰ যোগান সন্দৰ্ভত সন্তোষজনক উত্তৰ পোৱা নাই। ইয়াৰ পিছত একাংশ উপদেষ্টাই পাকিস্তানৰ পৰা গোলাবাৰুদ আমদানি কৰাৰ পৰামৰ্শ দিলে। ইতিমধ্যে আৰ্থিক সংকটত ভুগি থকা পাকিস্তান চৰকাৰে প্ৰথমে টকা পালে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব বুলি কৈছে। পাকিস্তানৰ নিৰাপত্তা সংস্থাই তেওঁলোকৰ প্ৰশাসনক পৰামৰ্শ দিছে যে বাংলাদেশে যি ধন দিব সেই ধন গ্ৰহণ কৰিব লাগে কিয়নো ১৯৭১ চনৰ পিছত বাংলাদেশে পোনপটীয়াকৈ পাকিস্তানৰ পৰা অস্ত্ৰ বিচাৰিছে। বাতৰিৰ সূত্ৰ অনুসৰি বাংলাদেশে পাকিস্তানৰ পৰা ৫০ হাজাৰ গুলী, ৩ হাজাৰ ইউনিট টেংক গুলী, ৫০ টন আৰ ডি এক্স বিস্ফোৰক আৰু ২০ হাজাৰ গুলী বিচাৰিছে। বিষয়টো যথেষ্ট আমোদজনক কাৰণ বাংলাদেশে অৰ্ডাৰ দিয়া অস্ত্ৰৰ পৰিমাণ শ্বেখ হাছিনাৰ সময়তকৈ বহু বেছি। ৫২ বছৰৰ পাছত পাকিস্তানৰ পৰা অস্ত্ৰৰে ভৰা এখন জাহাজ বাংলাদেশত উপস্থিত হয় চট্টগং বন্দৰত। অৱশ্যে বাংলাদেশলৈ কিমান অস্ত্ৰ-শস্ত্ৰ আহিছে সেয়া আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। নৱেম্বৰৰ মাজভাগত পাকিস্তানৰ পৰা সাগৰীয় পথেৰে এখন জাহাজ চট্টগং বন্দৰত উপস্থিত হয়। বাংলাদেশ সেনাই এই অস্ত্ৰসমূহ ব্যৱহাৰ কৰিব যদিও অস্ত্ৰ ক্ৰয় প্ৰক্ৰিয়াত মধ্যভোগীৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে মহম্মদ ইউনুছৰ লগতে বাংলাদেশ সেনাৰ বহু উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে।
পাকিস্তানৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছে বাংলাদেশে ! ৫২ বছৰৰ পাছত কোটি কোটি টকাৰ অস্ত্ৰ ভৰ্তি এখন জাহাজ বাংলাদেশত উপস্থিত

Pak-Bangla । বাংলাদেশত অশান্তিৰ সৃষ্টি হৈ থকাৰ মাজতে তেওঁলোকে সেনাবাহিনীৰ বাবে পাকি*স্তানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ ক্ৰয় কৰিছে। প্ৰায় ৫২ বছৰৰ পাছত পাকিস্তানৰ পৰা অস্ত্ৰ কঢ়িয়াই অনা এখন জাহাজ বাংলাদেশত উপস্থিত হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সময়ত ৰাজ্যৰ কোষাগাৰত জমা হৈ থকা ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈ আহিছে। পাকিস্তানৰ পৰা এই অস্ত্ৰ ক্ৰয়ৰ আঁৰত মধ্যভোগীৰ সন্দেহৰ সৃষ্টি হোৱাৰ লগতে চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পতনৰ পিছত নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব লোৱাৰ বহুদিন নৌহওঁতেই সেনাই কয় যে তেওঁলোকৰ গোলাবাৰুদ আৰু ৰাইফলৰ গুলীৰ অভাৱ হৈছে। এনে পৰিস্থিতিত প্ৰয়োজনীয় সা-সঁজুলিৰ ব্যৱস্থা কৰিব লাগে। বাংলাদেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়বোৰ দেশেই গোলাবাৰুদৰ যোগান সন্দৰ্ভত সন্তোষজনক উত্তৰ পোৱা নাই। ইয়াৰ পিছত একাংশ উপদেষ্টাই পাকিস্তানৰ পৰা গোলাবাৰুদ আমদানি কৰাৰ পৰামৰ্শ দিলে। ইতিমধ্যে আৰ্থিক সংকটত ভুগি থকা পাকিস্তান চৰকাৰে প্ৰথমে টকা পালে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব বুলি কৈছে। পাকিস্তানৰ নিৰাপত্তা সংস্থাই তেওঁলোকৰ প্ৰশাসনক পৰামৰ্শ দিছে যে বাংলাদেশে যি ধন দিব সেই ধন গ্ৰহণ কৰিব লাগে কিয়নো ১৯৭১ চনৰ পিছত বাংলাদেশে পোনপটীয়াকৈ পাকিস্তানৰ পৰা অস্ত্ৰ বিচাৰিছে।

বাতৰিৰ সূত্ৰ অনুসৰি বাংলাদেশে পাকিস্তানৰ পৰা ৫০ হাজাৰ গুলী, ৩ হাজাৰ ইউনিট টেংক গুলী, ৫০ টন আৰ ডি এক্স বিস্ফোৰক আৰু ২০ হাজাৰ গুলী বিচাৰিছে। বিষয়টো যথেষ্ট আমোদজনক কাৰণ বাংলাদেশে অৰ্ডাৰ দিয়া অস্ত্ৰৰ পৰিমাণ শ্বেখ হাছিনাৰ সময়তকৈ বহু বেছি। ৫২ বছৰৰ পাছত পাকিস্তানৰ পৰা অস্ত্ৰৰে ভৰা এখন জাহাজ বাংলাদেশত উপস্থিত হয় চট্টগং বন্দৰত। অৱশ্যে বাংলাদেশলৈ কিমান অস্ত্ৰ-শস্ত্ৰ আহিছে সেয়া আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

নৱেম্বৰৰ মাজভাগত পাকিস্তানৰ পৰা সাগৰীয় পথেৰে এখন জাহাজ চট্টগং বন্দৰত উপস্থিত হয়। বাংলাদেশ সেনাই এই অস্ত্ৰসমূহ ব্যৱহাৰ কৰিব যদিও অস্ত্ৰ ক্ৰয় প্ৰক্ৰিয়াত মধ্যভোগীৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে মহম্মদ ইউনুছৰ লগতে বাংলাদেশ সেনাৰ বহু উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে।

Biswajit Daimary। ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত-বিনিময় বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীৰ

Biswajit Daimary। ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত-বিনিময় বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীৰ
Biswajit Daimary। ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত-বিনিময় বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীৰ

Biswajit Daimary।

ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত-বিনিময় কৰিলে বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে
বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰী বামুণীমৈদামস্থিত আবোটানি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল
ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰী

নতুন বিধানসভা ভৱন পৰিদৰ্শন কৰিবলৈ অহা বামুণীমৈদামস্থিত আবোটানি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত-বিনিময় কৰিলে বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে

Agninav Shiv Mandir: আজি মোৰ প্ৰাৰ্থনা এটাই, দোষীয়ে শাস্তি পাওক : শিখা মজিন্দাৰ বেজবৰুৱা

Agninav Shiv Mandir
Agninav Shiv Mandir

নিশা নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড। (Agninav Shiv Mandir)

চুৰে লুটি নিলে মন্দিৰৰ মূল শিৱ মূৰ্তিৰ লগতে ত্ৰিশূলসহ সোণ, ৰূপৰ আ-অলংকাৰ।

পুৱা শিমলুগুৰি ৰে’লেৱে আৰক্ষীয়ে হাতে-লোটে চোৰক আটক কৰাৰ লগতে মন্দিৰৰ মূল শিৱ মূৰ্তি লগতে সোণ, ৰূপৰ আ-অলংকাৰসহ ত্ৰিশূল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।(agninav mandir shiva statue stolen)

চুৰি কাণ্ড সংঘটিত কৰা আৰিফ আলি নামৰ চোৰ এটাক শিমলুগুৰি ৰেল’ৱে জংচনত আটক কৰে আৰু আন এটা চোৰ কৌশলেৰে পলাই যায়।

চোৰটোৰ ঘৰ তিতাবৰত বুলি জানিব পৰা গৈছে।

মূৰ্তিভাগ পোৱাৰ পিছতে হুকহুকাই কান্দি উঠলি অগ্নিনাভ মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বেজবৰুৱা।

মূৰ্তিভাগ লাভ কৰি কি ক’লে মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বেজবৰুৱাই, শুনক-

Aishwarya Rai: নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে ঐশ্বৰ্য ৰায়ে

Aishwarya Rai
Aishwarya Rai

দাম্পত্য জীৱনৰ বিভিন্ন ঘটনা চৰ্চালৈ আহিছে ঐশ্বৰ্য-অভিষেকৰ। বহুদিন ধৰি চৰ্চাত আছে ঐশ্বৰ্য-অভিষেকৰ বিচ্ছেদৰ কথা। এতিয়া পুনৰ চৰ্চালৈ আহিছে সেই খবৰ। কিয়নো ঐশ্বৰ্য নামৰ পিছত ‘বচ্চন’ উপাধিটো দেখা নগ’ল। গতিকে ঐশ্বৰ্য আৰু অভিষেক বচ্চনৰ বিচ্ছেদ হৈছে নেকি সেই সন্দৰ্ভত অনুৰাগী মনত কৌতুহলী প্ৰশ্ন।(Aishwarya Rai)

শেহতীয়াকৈ ডুবাইত আয়োজন কৰা গ্ল’বেল উইমেনছ ফ’ৰামৰ এক অনুষ্ঠানত অংশ লৈছিল ঐশ্বৰ্যই। তাত তেওঁৰ নাম পৰ্দাত ‘আন্তঃৰাষ্ট্ৰীয় তাৰকা ঐশ্বৰ্য ৰায়’ হিচাপে দেখা যায়। কিন্তু নামটোৰ শেষত ‘বচ্চন’ উপাধিটো দেখা নগ’ল। গতিকে ঐশ্বৰ্যৰ নামৰ পৰা ‘বচ্চন’ উপাধিটো আঁতৰোৱা সন্দৰ্ভত মানুহৰ মনত ৰহস্যৰ প্ৰশ্ন উত্থাপন হয়। ছ’চিয়েল মিডিয়াত এই বিষয়টোৰ ওপৰত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। (Global Women’s Forum)

কেৱল সেয়াই নহয়, ঐশ্বৰ্যৰ মন্তব্যও ভাইৰেল হৈ পৰিছে। তাত ঐশ্বৰ্যই কয়, যদি বিভিন্ন ক্ষেত্ৰৰ মানুহ একত্ৰিত হয়, সকলোৰে মাত শুনা যায়, তেন্তে বহুখিনি সাধন হ’ব পাৰে। সমাজৰ পৰিৱৰ্তন সম্ভৱ, সমতা সম্ভৱ আৰু পৃথিৱীৰ সকলো ঠাইতে নাৰীৰ বাবে সুযোগৰ সৃষ্টি হয়। ঐশ্বৰ্যৰ এনে মন্তব্যক সকলোৰে প্ৰশংসা কৰিছে, তেনেকৈয়ে বহু লোকেও মন্তব্য কৰিছে যে তেওঁক বহুদিনৰ মূৰত সুখী যেন লাগিছে।

কিন্তু ডুবাইৰ অনুষ্ঠানত ঐশ্বৰ্যৰ নামৰ কাষত ‘বচ্চন’ শিৰোনামটো পৰ্দাত দেখা নগ’লেও অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এই বচ্চন উপাধি আছে। কিন্তু ছ’চিয়েল মিডিয়াত ঐশ্বৰ্য ইমান সক্ৰিয় নহয়। গতিকে জল্পনা-কল্পনা অব্যাহত।

Katrina Kaif: কেটৰিনাৰ দৰে ছালৰগৰাকী হ’ব বিচাৰে নেকি? ৰাতি আৰু দিনত কি লগাব জানি লওক

Katrina Kaif
Katrina Kaif

৪০ বছৰৰ পিছত আমাৰ বহুতৰে সৌন্দৰ্য নোহোৱা হৈ যায়। ধুনীয়া মুখ, তীক্ষ্ণ চকু, উজ্জ্বল ছাল ৪০ বছৰৰ পিছত বহুতৰে নোহোৱা হৈ যায়। কিন্তু ৪০ বছৰো পিছতো অভিনেত্ৰী কেটৰিনা কাইফৰ সৌন্দৰ্য যেন ম্লান পৰা নাই। নায়িকাৰ সৌন্দৰ্য্যৰ চৰ্চা প্ৰায়ে চৰ্চা চলি আহিছে। অনুৰাগীসকলে জানিব বিচাৰে তেওঁলোকে কেনেকৈ নিজক ধুনীয়া কৰি ৰাখে। অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ ৰহস্য বিষয়ে জানিবলৈও আগ্ৰহী মহিলাসকল তথা যুৱতীসকল। অভিনেত্ৰীসকলে ডায়েট মানি চলে এই কথা সকলোৱে জানে। লগতে ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু তেওঁলোকে মুখত কি লগাই সেই কৌতুহলৰ অন্ত নাই।(Katrina Kaif) গতিকে জানো আহক কেটৰিনা কাইফৰ সৌন্দৰ্যৰ বিষয়ে জানো আহক-

কিছুদিন পূৰ্বে এটা ভিডিঅ’ত অভিনেত্ৰী কেটৰিনাই নিজৰ সৌন্দৰ্যৰ গোপন কথা প্ৰকাশ কৰিছিল। তেওঁ প্ৰায়ে ৰাতিপুৱা সাৰ পোৱাৰ পিছত ছালৰ যত্ন লয়। ৰাতিপুৱা উঠি মুখত কেইটোপালমান ফেচিয়েল অইল লগাব। লাহে লাহে হাতেৰে মালিচ কৰিব। কেটৰিনাই এই নিয়ম মানি চলে সেইবাবেই তেওঁৰ ছালখন উজ্বলি থাকে।(Beauty Tips)

কিন্তু সকলোৱে জানে যে কেৱল মেকআপেই সৌন্দৰ্য নবঢ়াই। ছালখন সুস্থ কৰি ৰাখিবলৈ পানী খোৱাটো গুৰুত্বপূৰ্ণ। আৰু সেইবাবেই কেটৰিনাই ৰাতিপুৱা আৰম্ভ ২ গিলাচ পানী খায়। পুষ্টিবিদসকলে কয় যে পানী হৈছে ডিটক্স ড্ৰিংক, যিয়ে শৰীৰৰ পৰা প্ৰদূষক বা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। সাৰ পোৱাৰ পিছত পানী খোৱাটো অতি প্ৰয়োজনীয়। পানী খাই বিলাহীৰ ৰস খাই অভিনেত্ৰীগৰাকীয়ে।

অভিনেত্ৰীগৰাকীৰ মতে, সৌন্দৰ্য্য বজাই ৰাখিবলৈ নিয়মীয়াকৈ ছালৰ যত্ন লোৱাটো প্ৰয়োজনীয়। তদুপৰি নায়িকাগৰাকীয়ে যিমান পাৰে প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ পৰিহাৰ কৰিব বিচাৰে। শ্বুটিঙৰ বাহিৰে বিশেষ মেকআপ নকৰে তেওঁ।

চলিত বৰ্ষৰ আৰম্ভণিতে অভিনেত্ৰীগৰাকীয়ে ‘মেৰী ক্ৰীছমাছ’ নামৰ এখন ছবিত অভিনয় কৰিছিল। ছবিখনত কেটৰিনাৰ অভিনয়কো প্ৰশংসা কৰিছিল অনুৰাগীয়ে।

“Man is for man”। “মানুহে মানুহৰ বাবে” এই বাক্যশাৰীক সাৰোগত কৰি আগবাঢ়িছে এদল যুৱক

"মানুহে মানুহৰ বাবে" এই বাক্যশাৰীক সাৰোগত কৰি আগবাঢ়িছে এদল যুৱক
"মানুহে মানুহৰ বাবে" এই বাক্যশাৰীক সাৰোগত কৰি আগবাঢ়িছে এদল যুৱক

“Man is for man”। ৰহাৰ দীঘলদৰিৰ প্ৰায় ১০জনীয়া যুৱকৰ এটা দলে কাম কৰি আহিছে প্ৰকৃতি, বন্যপ্ৰাণী আৰু মানুহৰ বাবে”এক নতুন যাত্ৰা” নামেৰ গঠন হোৱা এই দলটোৱে বিভিন্ন ঠাইৰ মানসিক ভাৰসাম্যতা হেৰুৱা ব্যক্তি সকলক কৰি আহিছে সহায়।


সমাজে সংগ নিদিয়া, দেখিলেই ভয় খোৱা লোকসকলক মৰম স্নেহৰ মাজেৰে দাড়ি চুলি কাটি এজোৰ নতুন পোছাক পৰিধান কৰাই দি আহিছে এক ন-ৰূপ ।থিক সেইদৰে ৰহা টোলগেটৰ সমীপত এনে এজন ব্যক্তিক স্থানীয় লোকে প্ৰত্যক্ষ কৰি যুৱক কেইজনক খৱৰ কৰাত যুৱকৰ দলটো আহি দাড়ি চুলি কাটি গা ধুৱাই এজোৰ নতুন পোছাক পৰিধান কৰাই এমুঠি অন্ন যোগান ধৰে।


বৰ্তমানলৈকে এই দলটোৱে প্ৰায় ১২ জন এনে ব্যক্তিক এক ন ৰূপ দি তেওঁলোকৰ পৰিয়ালক গতাই দি আহিছে আৰু
তেওঁলোকে কয় যে এই সকললোকক মৰম আৰু যত্নৰ প্ৰয়োজন বহু ক্ষেত্ৰত আত্মীয়ৰ হেমাহি বা দ্বায়িত্বহীনতাৰ বাবে এইসকল লোকৰ এনে অৱস্থা হয়।


সমাজৰ প্ৰতিজন ব্যক্তিক ওলাই আহি পাৰ্যমানে এনেধৰণৰ ব্যক্তিক সহায় কৰিবলৈ আহ্বান জনাই দলটোৱে। এক নতুন যাত্ৰাৰ এই যাত্ৰাক ইতিমধ্যে শলাগ লৈছে সকলোৱে।

Narendra Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মহিলা এছ পি জি কামাণ্ডো, ফটোখনক লৈ চৰ্চা সামাজিক মাধ্যমত

Narendra Modi
Narendra Modi

সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এগৰাকী মহিলা কমাণ্ডো। প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ দায়িত্বত মহিলা এছ পি জি কমাণ্ডো বুলি চলিছে চৰ্চা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। এই ছবিখন সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ। সামাজিক মাধ্যমত ভাইৰেল ছবিখনৰ, মহিলা কমাণ্ডো গৰাকী বিশেষ সুৰক্ষা গোটৰ অংশ। ২০১৫ চনৰ পৰা বিশেষ সুৰক্ষা গোটৰ অংশ হৈ পৰিছে মহিলা কমাণ্ডোসকল। বিশেষ সুৰক্ষা গোটত বৰ্তমান প্ৰায় ১০০ গৰাকী মহিলা কমাণ্ডো আছে।(Narendra Modi)


ছ’চিয়েল মিডিয়াত একাংশ লোকে দাবী কৰিছে যে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তাৰ বাবে মহিলা কমাণ্ডো মোতায়েন কৰা হৈছে। এই কথা সঁচা নহয়। মহিলা কমাণ্ডো বহু বছৰ ধৰি এছ পি জিৰ অংশ হৈ আহিছে। ২০১৫ চনৰ পৰা মহিলাসকলক ক্ল’জ প্ৰটেকচন টিম (চিপিটি)ত অন্তৰ্ভুক্ত কৰা হৈছে। আনকি ২০১৭ চনতো পি এম মোদীৰ ঘনিষ্ঠ নিৰাপত্তা মহলত মহিলা কমাণ্ডো মোতায়েন কৰা হৈছিল। তেতিয়া তেওঁৰ হিমাচল ভ্ৰমণৰ ছবিত মহিলা কমাণ্ডোও দেখা গৈছিল। ২০১৭ চনত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে চাৰিখন দেশ ভ্ৰমণৰ বাবে ৰাওনা হৈছিল, তেতিয়া তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থাত মহিলা কমাণ্ডো মোতায়েন কৰা হৈছিল।(female spg commando)

এছ পি জি কি?

SPG অৰ্থাৎ বিশেষ সুৰক্ষা গোট পোনপটীয়াকৈ ভাৰত চৰকাৰৰ অধীনলৈ আহে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিজৰ দেহৰক্ষীয়ে হত্যা কৰাৰ পিছত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰায় ৩ হাজাৰ জোৱান থকা এছ পি জি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কিছুমান ক্ষেত্ৰত তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ দায়িত্ব লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পিতৃ-মাতৃ, পত্নী আৰু সন্তানকো এছপিজি সুৰক্ষাৰ পৰিসৰত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু ২০১৯ চনত এছ পি জি আইন সলনি কৰি এই ব্যৱস্থা আঁতৰাই দিয়া হয়। এতিয়া কেৱল প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত থকা পৰিয়ালৰ সদস্যসকলেহে লাভ কৰে এছপিজি সুৰক্ষা। বৰ্তমান সময়ত কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে SPG ৰ নিৰাপত্তাৰ ব্যৱস্থা লাভ কৰিছে।

Agninav Shiv Mandir: নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড! চুৰে লুটি নিলে মন্দিৰৰ মূল শিৱ মূৰ্তি

Agninav Shiv Mandir
Agninav Shiv Mandir

নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাৰ্য। নিশা অগ্নিনাভ মন্দিৰৰ শিৱ মূৰ্তি চুৰে লৈ যায়।(Agninav Shiv Mandir)

মন্দিৰৰ মূল শিৱ মূৰ্তিৰ লগতে চুৰে লুটি নিলে ত্ৰিশূলসহ সোণ, ৰূপৰ আ-অলংকাৰ।(Nazira)

ইতিমধ্যে উদ্ধাৰ কৰিছে সকলো চুৰি সামগ্ৰী। শিমলুগুৰি ৰে’লেৱে আৰক্ষীয়ে হাতে-লোটে চোৰক আটক কৰাৰ লগতে মন্দিৰৰ মূল শিৱ মূৰ্তি লগতে সোণ, ৰূপৰ আ- অলংকাৰসহ ত্ৰিশূল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চুৰি কাণ্ড সংঘটিত কৰা আৰিফ আলি নামৰ চোৰ এটাক শিমলুগুৰি ৰেল’ৱে জংচনত আটক কৰে আৰু আন এটা চোৰ কৌশলেৰে পলাই যায়।

চোৰটোৰ ঘৰ তিতাবৰত বুলি জানিব পৰা গৈছে।