বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ব্ৰিটিছ নাগৰিক জন টিনিছউডৰ ১১২ বছৰ বয়সত মৃত্যু হৈছে। তেওঁ উত্তৰ পশ্চিম ইংলেণ্ডৰ চাউথপ’ৰ্টৰ এটা কেয়াৰ হোমত বাস কৰিছিল। মঙলবাৰে এই তথ্য প্ৰকাশ কৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে।
১৯১২ চনৰ ২৬ আগষ্টত লিভাৰপুলত জন্মগ্ৰহণ কৰা টিনিছউডৰ সোমবাৰে মৃত্যু হয়।
জন্টা বিৰোধীসকলে শাসকীয় ম্যানমাৰৰ জন্টাৰ শাসনক প্ৰতিহত কৰিবলৈ আৰম্ভ কৰে। শান্তিপূৰ্ণ প্ৰতিবাদ হিচাপে আৰম্ভ হোৱা কথাটো পিছলৈ একাধিক সশস্ত্ৰ বিদ্ৰোহলৈ পৰিণত হ’ল। টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে নিজৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত এক বিবৃতিত কয় যে উত্তৰ শ্বান ৰাজ্যত থকা নিজৰ ভূখণ্ডত সামৰিক বাহিনীৰ বিমান আক্ৰমণ বন্ধ কৰি আলোচনা কৰিব বিচাৰে।
টাং নেচনেল লিবাৰেচন আৰ্মীৰ মুখপাত্ৰ লৱে কয় যে আমাৰ সাধাৰণ নাগৰিকসকল বিমান আক্ৰমণ আৰু অন্যান্য সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি এটা উপায় বিচাৰিব লাগিব।
নিৰ্বাচনত ইমৰাণ খানৰ দলটোৱে আন যিকোনো দলতকৈ অধিক আসন লাভ কৰিছিল যদিও সামৰিক প্ৰভাৱৰ প্ৰতি অধিক নমনীয় বুলি বিবেচিত দলসমূহৰ মিত্ৰজোঁটে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই পেলাইছিল। এতিয়া ইছলামবাদত চলি থকা প্ৰতিবাদৰ এই দুটা মূল দাবী- ‘ইমৰাণ খানক মুকলি কৰি দিয়া’, আৰু কথিতভাৱে ঠগবাজী কৰা নিৰ্বাচনী ফলাফল উলংঘা কৰা।
ইমৰাণ খানৰ দল – পাকিস্তান তেহৰিক-ই-ইনছাফ বা পিটিআই-এ নিজৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰাৰ চেষ্টাৰ বিৰুদ্ধে সংকল্প প্ৰকাশ কৰি সমগ্ৰ দেশতে সঘনাই সমাৱেশ কৰি চৰকাৰী সকলো দমন কাৰ্যসূচীক অৱজ্ঞা কৰিছে। ইছলামাবাগত বৰ্তমানৰ এই সমাৱেশ হৈছে যোৱা বছৰ আগষ্ট মাহত ইমৰাণ খান জেললৈ যোৱাৰ পিছত তেওঁৰ সমৰ্থনত কৰা সৰ্ববৃহৎ প্ৰতিবাদ।
যদিও প্ৰতিবাদসমূহ শান্তিপূৰ্ণ হোৱাৰ উদ্দেশ্য আছিল, আৰক্ষী পিছুৱাই যোৱাৰ পিছত ই হিংসাত্মক ৰূপ ধাৰণ কৰে য’ত চাৰিজন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয় আৰু প্ৰায় এক ডজন লোক গুৰুতৰভাৱে আহত হয়।