Home Blog Page 443

National Dairy Day:শ্বেত বিপ্লৱৰ জনক, ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত ড০ ভাৰ্গিজ কুৰিয়েনৰ জন্মবাৰ্ষিকী পালন

National Dairy Day:শ্বেত বিপ্লৱৰ জনক, ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত ড০ ভাৰ্গিজ কুৰিয়েনৰ জন্মবাৰ্ষিকী পালন
National Dairy Day:শ্বেত বিপ্লৱৰ জনক, ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত ড০ ভাৰ্গিজ কুৰিয়েনৰ জন্মবাৰ্ষিকী পালন

গুৱাহাটী, ২৬ নৱেম্বৰঃ শ্বেত বিপ্লৱৰ জনক(Father of the White Revolution), ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত(Famous Dairy man of India), পদ্মশ্ৰী আৰু পদ্মবিভূষণ বঁটা প্ৰাপক ড০ ভাৰ্গিজ কুৰিয়েনৰ(Dr. Virgil Kurien) জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশতে পালন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস(National Dairy Day)।

অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগ তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰ চৌহদত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃ্হত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰা।(Dainandin Barta)

ভাষণ প্ৰদানত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে চৰকাৰে পশুধনৰ স্বাস্থ্য সেৱা, ছিটাকৰণ, মোবাইল ভেটেৰিনেৰি ইউনিট আদি বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে দুগ্ধ উৎপাদনকাৰী সকলৰ উত্তৰণৰ হকে বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। বিশ্বৰ সৰ্বমুঠ গাখীৰৰ ২৫% ভাৰতে উৎপাদন কৰে।

অসমত গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। সাম্প্ৰতিক সময়ত ৰাজ্যৰ শিক্ষিত যুৱ সমাজ দুগ্ধ উৎপাদন পামৰ প্ৰতি আগ্ৰহী হোৱাটো নিশ্চিতভাৱে এক শুভ লক্ষণ।

আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ দুগ্ধ সমবায় সমিতি তথা লিংগ নিৰ্ধাৰিত শুক্ৰ আঁচনিৰ অধীনস্থ কৃত্ৰিম প্ৰজনন কৰ্মীসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে ৩খন শ্ৰেষ্ঠ দুগ্ধ সমবায় সমিতি ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুমালিয়া, বঙাইগাঁওৰ প্ৰগতি, যোৰহাটৰ সুৰভি দুগ্ধ সমবায় সমিতিলৈ বঁটা প্ৰদান কৰা হয়।

লগতে কামৰূপৰ নিমাজুদ্দিন আহমেদ, ডিব্ৰুগড়ৰ মকিবুৰ আলী আৰু তিনিচুকীয়াৰ ডাঃ প্ৰভাত দত্তলৈ শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন কৰ্মীৰ বঁটা আগবঢ়োৱা হয়। তদূপৰি লিংগ নিৰ্ধাৰিত শুক্ৰ আঁচনিৰ অধীনস্থ ৩খন শ্ৰেষ্ঠ হিমায়িত শুক্ৰ ভাণ্ডাৰ ক্ৰমে খানাপাৰা, মঙ্গলদৈ আৰু অভয়াপুৰীলৈও বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত মন্ত্ৰী বৰাই কৃষক তথা গোপালকসকলৰ সুবিধাৰ্থে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ এক ত্ৰিভাষিক মোবাইল এপ্লিকেচনৰ শুভাৰম্ভ কৰে।

ইয়াৰ জৰিয়তে সকলো ধৰণৰ মোবাইল ছফ্টৱেৰৰ যোগেদি আঁচনি, পৰিকল্পনা আদিৰ তথ্য মূল্যায়নৰ উপৰিও কৃষক-গোপালক সকলে সংশ্লিষ্ট বিশেষজ্ঞৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰিব। অনুষ্ঠানত অসম চৰকাৰৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম পশুধন আৰু হাঁহ-কুকূৰা নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়া, পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ প্ৰধান সচিব মণিষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, সঞ্চালক অনিল চন্দ্ৰ দেউৰী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক পাঞ্চালী কাকতি, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শ‌ইকীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক-পশুপালকসকল উপস্থিত থাকে।

বিশিষ্ট সংগীত শিল্পী তথা পশুপালন বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডাঃ ৰূপজ্যোতি ওজাৰ ভজনেৰে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ অনুষ্ঠানত দুগ্ধ উৎপাদন আৰু লিংগ নিৰ্ধাৰিত শুক্ৰাণু বিষয়ক এখনি তথ্যচিত্ৰৰ প্ৰদৰ্শন কৰা হয়।

আনহাতে দুগ্ধ দিৱসৰ লগত সংগতি ৰাখি এখনি বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় আৰু ইয়াত বিভিন্ন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীত বিভিন্ন দুগ্ধজাত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয়।

Gyandeep Hazarika: কটনৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি

Gyandeep Hazarika
Gyandeep Hazarika

জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি।(Gyandeep Hazarika)

ডেলিভাৰী বয় হিচাপে জীৱিকা নিৰ্বাহ কৰি আছিল কটনৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদ্বীপে।

মেধাৱী ছাত্ৰজনক USTM কৰ্তৃপক্ষই দিছে নতুন কামৰ সন্ধান। (USTM)

USTMৰ অধ্যক্ষ মাহবুবুল হকক ২৫ নৱেম্বৰত সাক্ষাৎ কৰিছিল জ্ঞানদ্বীপে।

সাক্ষাৎ কৰি জ্ঞানদ্বীপক সম্বৰ্ধনাও জনাই USTMৰ অধ্যক্ষ মাহবুবুল হকে।

নতুন চাকৰিয়ে জ্ঞানদ্বীপলৈ কঢ়িয়াইছে যেন আশাৰ ৰেঙনি।

ফাঁচীবজাৰত জ্ঞানদ্বীপক প্ৰহাৰ কৰিছিল পাণবজাৰ থানাৰ তদানীন্তন OC ভাৰ্গৱ বৰবৰাই। (OC Bhargav Borbora)

High School Leaving Certificate Examination:সময়সূচী ঘোষণা- ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

High School Leaving Certificate Examination:সময়সূচী ঘোষণা- ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা
High School Leaving Certificate Examination:সময়সূচী ঘোষণা- ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

গুৱাহাটী, ২৬ নৱেম্বৰঃ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাবে বিবেচিত হৈ অহা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীৰ(15th February, 2025) পৰা অনুষ্ঠিত(High School Leaving Certificate Examination) কৰা হ’ব।

সোমবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে এই কথা ঘোষণা(Schedule Announcement) কৰাৰ লগতে পৰীক্ষাৰ সময়সূচীও প্ৰকাশ কৰে।

সেইমৰ্মে ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৩ মাৰ্চত অন্ত পৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা। বোৰ্ডে প্ৰকাশ কৰা সময়সূচী অনুসৰি বিভিন্ন তাৰিখত বিভিন্ন বিষয়ৰ পৰীক্ষা এনেদৰে অনুষ্ঠিত কৰা হ’ব।

১৫ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- ইংৰাজী,
১৭ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- আধুনিক ভাৰতীয় ভাষা,
২১ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- সাধাৰণ গণিত,


২২ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- ঐচ্ছিক বিষয়, দুপৰীয়া ১:৩০ বজাত- ঐচ্ছিক বিষয়,
২৪ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- সাধাৰণ বিজ্ঞান,


২৫ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- ফাইন আৰ্ট(ঐচ্ছিক), দুপৰীয়া ১:৩০ বজাত- বড়ো (ঐচ্ছিক),
২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- সমাজ বিজ্ঞান,


২৮ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত- মণিপুৰী, ছান্থালী (ঐচ্ছিক), দুপৰীয়া ১:৩০ বজাত অসমীয়া (ঐচ্ছিক)
, ১ মাৰ্চৰ পুৱা ৯ বজাত- হিন্দী (ঐচ্ছিক), গাৰমেণ্ট ডিজাইনিং,


৩ মাৰ্চৰ পুৱা ৯ বজাত- ঐচ্ছিক বিষয়ৰ উচ্চ গণিত, ভুগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, হোম ছায়েন্স, আৰবী, পাৰ্চী, নেপালী।

উল্লেখ্য, ২০২৫ চনৰ ২১-২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক বিষয়ৰ পৰীক্ষাসমূহ।

Classical Journey of the Assamese Language:অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা আৰু ইয়াৰ প্ৰথমগৰাকী সৈনিক ডঃ সংগীতা শইকীয়াৰ যুঁজখন

Classical Journey of the Assamese Language:অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা আৰু ইয়াৰ প্ৰথমগৰাকী সৈনিক ডঃ সংগীতা শইকীয়াৰ যুঁজখন
Classical Journey of the Assamese Language:অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা আৰু ইয়াৰ প্ৰথমগৰাকী সৈনিক ডঃ সংগীতা শইকীয়াৰ যুঁজখন

বৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মহত্ত্বপূৰ্ণ ভাষা অসমীয়াই দেশৰ সৰ্বোচ্চ ভাষা সন্মান ধ্ৰুপদীৰ মৰ্য্যাদা(Classical Journey of the Assamese Language) কেনেকৈ লাভ কৰিলে? মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ফে’চবুক, এক্স, সংবাদ মেল আদিত ঘোষণা কৰি আহিছে যে অসম চৰকাৰৰ উদ্যোগত অসম প্ৰকাশন পৰিষদে গঠন কৰি দিয়া প্ৰতিবেদন প্ৰস্তুতি সমিতি (Document Preparation Committee)-ৰ যি গৱেষণা প্ৰতিবেদন তাৰ আধাৰত আৰু সেই প্ৰতিবেদন সাহিত্য অকাডেমিৰ ধ্ৰুপদী ভাষা বিষেষজ্ঞ সমিতিৰ অনুমোদনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় কেবিনেটে যোৱা তিনি অক্টোবৰৰ সন্ধিয়া অসমীয়া (দেশৰ আন চাৰিটা ভাষাসহ)লৈ দেশৰ সৰ্বোচ্চ ভাষা সন্মান ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা আগবঢ়ায়৷(Dispur)

আনহাতে, একে সময়তে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ কুলধৰ শইকীয়ায়ো বিভিন্ন প্ৰচাৰ মাধ্যম, সংবাদ মেল আদিৰ জৰিয়তে ঘোষণা কৰি আহিছে যে সাহিত্য সভাৰ তেওঁৰ সভাপতিত্বৰ কালছোৱাত তেওঁৰ নেতৃত্বত গঠিত প্ৰতিবেদন প্ৰস্তুতি সমিতিৰ যি গৱেষণা প্ৰতিবেদন তাৰ আধাৰত অসমীয়াই লাভ কৰিলে ‘‘অসম সাহিত্য সভাৰ ইতিহাসৰ আটাইতকৈ বৃহৎ সফলতা’’ কেন্দ্ৰ প্ৰদত্ত ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা৷ যা হওক— যিখন সমিতিৰ প্ৰতিবেদনেই নহওক কিয়— অৱশেষত প্ৰায় আঠবছৰীয়া এক নীৰৱ বৌদ্ধিক আন্দোলনৰ ফলস্বৰূপে অসমীয়া ভাষাই লাভ কৰিলে কেন্দ্ৰ প্ৰদত্ত ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা৷ কিন্তু ৰাজ্য চৰকাৰে মহা সমাৰোহেৰে ‘ভাষা গৌৰৱ সপ্তাহ’ আৰু অসম সাহিত্য সভাই ‘ধ্ৰুপদী ভাষা দিৱস’ উদযাপন কৰাৰ এই সময়ছোৱাত পিছে অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰাৰ প্ৰথমগৰাকী সৈনিক পশ্চিমবংগৰ শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহঃ অধ্যাপিকা ডঃ সংগীতা শইকীয়াই(Dr. Sangeeta Saikia) এইক্ষেত্ৰত চলোৱা যুঁজখনৰ ভূমিকাক এই মুহূৰ্তত অসম প্ৰকাশন পৰিষদ বা অসম সাহিত্য সভা দুয়োটা অনুষ্ঠানেই অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে৷(Indo-Aryan language)


এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা লাভৰ বাবে চলোৱা যুঁজখন প্ৰথম আৰম্ভ কৰিছিল ডঃ সংগীতা শইকীয়াই৷ এই যুঁজখন আৰম্ভ হৈছিল আজিৰপৰা আঠ বছৰৰ আগেয়ে ১৮ নৱেম্বৰ ২০১৬ তাৰিখে ডঃ শইকীয়াই তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা এখন পত্ৰৰ যোগেদি৷ (পত্ৰখন ইয়াৰ লগতে গাঁঠি দিয়া হ’ল : SS_Doc_01)

এয়া আছিল অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্য্যাদা প্ৰাপ্তি যাত্ৰাৰ প্ৰথমটো পদক্ষেপ য’ত ডঃ শইকীয়াই তদানীন্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সম্বোধন কৰি সুনিৰ্দিষ্টভাৱে উল্লেখ কৰিছিল— ‘‘অসমীয়া ভাষাই কেন্দ্ৰীয় চৰকাৰ প্ৰদত্ত ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা লাভৰ বাবে লাগিব— (১) ৰাজ্য চৰকাৰৰ বিশেষ উদ্যোগ আৰু পৃষ্ঠপোষকতা৷ আৰু (২) ভাষা বিশেষজ্ঞ, ভাষাৰ বুৰঞ্জী প্ৰণেতাসকলৰ বিশেষ বৌদ্ধিক সহযোগ৷’’ অসমীয়া ভাষা যে কেন্দ্ৰীয় চৰকাৰৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে যোগ্য— সেই কথা সবিস্তাৰে জনাই তথা চৰকাৰীভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই ডঃ শইকীয়াই পত্ৰখনত লগতে উল্লেখ কৰিছিল— ‘‘আমাৰ জাতিটোৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বিবেচিত এই বিষয়টোত যথোচিত গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে চৰকাৰী অনুষ্ঠান ‘আনন্দৰাম বৰুৱা ভাষা-কলা সংস্থা’ বা অসমৰ বিশ্ববিদ্যালয়কেইখনৰ সহযোগত এইক্ষেত্ৰত অনতিবিলম্বে কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰক৷ যোগ্য পণ্ডিতমণ্ডলীৰ বৌদ্ধিক সহযোগিতা আৰু আনুষংগিক বিস্তৃত পৰিকল্পনাৰ ৰাজনৈতিক উদ্যোগ আৰু পৃষ্ঠপোষকতাই আমাৰ ভাষাটোক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অন্য এক মৰ্য্যাদাৰ স্থানত আসীন কৰোৱাব বুলি আশা কৰিব পাৰি৷’’


সংগীতা শইকীয়াৰ এই পত্ৰৰ সঁহাৰিস্বৰূপে সেই সময়ৰ মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰপৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিবলৈ বিষয়টোত সামগ্ৰিক কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণৰ বাবে এখন নিৰ্দেশ-পত্ৰ (UO No-CMO04/2016/4949, Dated: 1 December, 2016; পত্ৰখন ইয়াৰ লগতে গাঁঠি দিয়া হ’ল : SS_Doc_02) প্ৰেৰণ কৰে৷ পৰৱৰ্তী কালত বিষয়টো সাংস্কৃতিক পৰিক্ৰমাৰ অন্তৰ্গত নহয় বুলি তাৰপৰা যায় উচ্চ শিক্ষা বিভাগলৈ (No. CAD.93/2017/13; Dated Dispur, 1st April, 2017; পত্ৰখন ইয়াৰ লগতে গাঁঠি দিয়া হ’ল : SS_Doc_03)৷ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ কিছুদিন পাছতে ডঃ শইকীয়াই ২০১৭ চনৰ ৭ জানুৱাৰীত বিষয়টো সবিস্তাৰে প্ৰবন্ধ আকাৰে প্ৰকাশ কৰে ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদকীয় পৃষ্ঠাত (প্ৰবন্ধটো ইয়াৰ লগতে গাঁঠি দিয়া হ’ল : SS_Doc_04)৷ উল্লেখ্য যে এইটো আছিল অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰাৰ প্ৰথমটো প্ৰকাশিত প্ৰবন্ধ৷


অসমীয়া ভাষাই ধ্ৰুপদী মৰ্য্যাদা প্ৰাপ্তিৰ প্ৰতিবেদন প্ৰস্তুতি সমিতি গঠন তথা বিষয়টোত সামগ্ৰিক কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণৰ বাবে (বিভাগীয় বিষয়াসকলে যাতে অনতিবিলম্বে পদক্ষেপ গ্ৰহণ কৰে) মই মোৰ পৰিবাৰ সংগীতালৈ মুখ্য মন্ত্ৰী কাৰ্য্যালয় আৰু সাংস্কৃতিক সঞ্চালকালয়ৰপৰা প্ৰেৰণ কৰা পত্ৰকেইখন লৈ ২০১৭ৰ আৰম্ভণিৰপৰা ২০১৯ৰ শেষপৰ্য্যন্ত অলেখবাৰ সচিবালয়ৰ মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়, প্ৰেছ উপদেষ্টা ঋষীকেশ গোস্বামী, সাংস্কৃতিক পৰিক্ৰমা আৰু প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মাধুৰিমা বৰুৱা, শিক্ষা বিভাগৰ বিষয়া-লেখক জয়ন্ত মাধৱ বৰা তথা কাহিলিপাৰাৰ উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্য্যালয়ৰ বিভিন্ন বিষয়া-কৰ্মচাৰীৰ ওচৰলৈ তাঁত-বাতি কাঢ়ি প্ৰায় হতাশ হৈ পৰাৰ পৰ্য্যায় পালোঁগৈ৷ অৰ্থাৎ চৰকাৰে বিষয়টোৰ প্ৰথমটো পদক্ষেপ— প্ৰতিবেদন প্ৰস্তুতি সমিতিখন গঠন নকৰেহে নকৰে৷


ইয়াৰ মাজতে (২০১৭-১৯) সংগীতাই গুৱাহাটীলৈ আহি বিষয়টো (চৰকাৰে যাতে কাৰ্য্যকৰী উদ্যোগ গ্ৰহণ কৰে আৰু অন্যান্য বিদ্যায়তনিক প্ৰসংগত)ক লৈ অধ্যাপক বিশ্বেশ্বৰ হাজৰিকা, অধ্যাপক হীৰেন গোহাঁই, অধ্যাপক বীৰেন্দ্ৰনাথ দত্ত, অধ্যাপক অন্নদাচৰণ ভাগৱতী আদি পণ্ডিতসকলক লৈ বিভিন্ন আলোচনা চলায় আৰু নিজাববীয়াকৈ সমল সংগ্ৰহত লাগি যায়৷ সংগীতাৰ সৈতে সেই সময়ত ময়ো অসম ৰাজ্যিক সংগ্ৰহশালা, পুৰাতত্ত্ব বিভাগ (আমবাৰী), বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকৰ কাৰ্য্যালয় (পাণবজাৰ) আদিলৈ প্ৰায়েই বিভিন্ন সমল সংগ্ৰহৰ বাবে অহা-যোৱা কৰিছিলোঁ৷ ২০১৭তে আনকি সেই সময়ত কলকাতা ভ্ৰমণৰত অধ্যাপক নগেন শইকীয়াক শান্তিনিকেতনৰপৰা কলকাতালৈ গৈ সাক্ষাৎ কৰি বিষয়টো কেনেকৈ আগবঢ়াই নিব পাৰি সেই বিষয়ে বিস্তাৰিতভাৱে সংগীতাই আলোচনা কৰিছিল৷


‘অসমীয়া প্ৰতিদিন’ (৭ জানুৱাৰী, ২০১৭)ত সংগীতাৰ প্ৰবন্ধটো প্ৰকাশৰ পাছত বিষয়টোলৈ বিদ্ব্যৎমহলৰ মাজত অৱশ্যে একধৰণৰ সজাগতা অহা যেন পৰিলক্ষিত হয়৷ বহুকেইগৰাকী লেখক-ভাষা সচেতন ব্যক্তিয়ে সেই সময়ত অন্যতম চৰ্চিত অন্য এক প্ৰসংগ অসমীয়া লিপিৰ ইউনিক’ড স্বীকৃতিৰ লগতে অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্য্যাদা প্ৰসংগও বিভিন্ন সভাই-সমিতিয়ে আলোচনা কৰা আমাৰ পৰিলক্ষিত হয়৷ ইতিমধ্যে চৰকাৰী উদ্যোগৰ বিশেষ একো উম-ঘাম নেদেখি সংগীতাই তেওঁৰ অধীনত এগৰাকী ছাত্ৰীক বিষয়টোত বিস্তৃতভাৱে গৱেষণা কৰিবলৈ নিয়োগ কৰে৷ ২০১৯ চনত বিশ্বভাৰতীৰ অসমীয়া বিভাগৰ অধীনত সংগীতা শইকীয়াৰ তত্ত্বাৱধানত পি-এইচ ডিৰ বাবে পঞ্জীয়ন হোৱা ছাত্ৰীগৰাকীৰ গৱেষণাৰ বিষয়টো হ’ল— ‘অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ উপাদান’— যি হ’ল ধ্ৰুপদী অসমীয়া বিষয়ক প্ৰথমটো আনুষ্ঠানিক গৱেষণা কৰ্ম৷

ইয়াৰ পাছতে দৃশ্যপটলৈ আগমন ঘটে অসম সাহিত্য সভাৰ৷ ২০২০ চনৰ একেবাৰে আৰম্ভণিৰ ফালে সেই সময়ত নৱনিৰ্বাচিত সভাপতি ডঃ কুলধৰ শইকীয়াক মই লগ ধৰি বিষয়টো বিস্তাৰিতভাৱে আলোচনা কৰোঁ আৰু জনাওঁ যে ইমান এটা গুৰুত্বপূৰ্ণ বিষয় চৰকাৰে কোনো উদ্যোগ গ্ৰহণ নকৰাকৈ এনেয়ে পেলাই থৈ দিছে— আপুনি চৰকাৰ বাধ্য হোৱাকৈ কিবা এটা কৰিব লাগে৷ সংগীতায়ো শান্তিনিকেতনৰপৰা টেলিফোনযোগে শইকীয়াদেৱৰ লগত সবিশেষ আলোচনা কৰি কেনেকৈ চৰকাৰক সৈমান কৰি কামটো কৰাব পাৰি সেই বিষয়ে বহুবাৰ আলোচনা কৰে৷ কিন্তু কুল শইকীয়াই অন্য এটা উদ্যোগ গ্ৰহণ কৰিলে— চৰকাৰৰ স’তে আলোচনা নকৰি সাহিত্য সভাই নিজাববীয়াকৈ বিষয়টো আগবঢ়াই নিবলৈ উদ্যোগ গ্ৰহণ কৰিলে আৰু ডঃ নগেন শইকীয়াৰ নেতৃত্বত ২০২০ৰ কোনোবা এটা দিনত প্ৰতিবেদন প্ৰস্তুতি সমিতিখন গঠন কৰিলে৷ (সমিতিখনত সদস্য হিচাপে আছিল অধ্যাপক বিশ্বেশ্বৰ হাজৰিকা, অধ্যাপক সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী, অধ্যাপক নাৰায়ণ দাস, শিল্পী ননী বৰপূজাৰী, লিপিবিদ অশোক শৰ্মা, সংগীত শিল্পী তৰালি শৰ্মা আৰু অধ্যাপক মঞ্জিল হাজৰিকা৷ উল্লেখ্য যে এই সমিতিখন এতিয়ালৈকে সাহিত্য সভাই ৰাজহুৱা কৰা দৃষ্টিগোচৰ হোৱা নাই৷ 








এয়া সংগ্হ কৰা হৈছে ইয়াৰ এগৰাকী সদস্যৰ সৈতে হোৱা টেলিফোনিক কথোপকথনৰ জৰিয়তে৷) আনহাতে, একেটা বছৰতে (২০২০) অসম চৰকাৰ (উচ্চ শিক্ষা বিভাগ)-এও প্ৰতিবেদন প্ৰস্তুতি সমিতি গঠন কৰিবলৈ অসম প্ৰকাশন পৰিষদক দায়িত্ব ন্যস্ত কৰে আৰু পৰিষদে সুমন্ত চলিহাদেৱৰ নেতৃত্বত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা (আবিলেক)ৰ ভাষা আৰু ভাষাতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ডঃ ভাস্কৰজ্যোতি শৰ্মা, বৰভাগ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহঃ অধ্যাপিকা ডঃ নমিতা দেৱী (এখেত ডঃ ভাস্কৰজ্যোতি শৰ্মাৰ ভগ্নী) আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ মৃদুল বৰদলৈক সদস্য হিচাপে লৈ প্ৰতিবেদন প্ৰস্তুতি সমিতিখন গঠন কৰে৷ 








সমিতিত সদস্য সচিব হিচাপে থাকে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা৷ অনুমান কৰাত অসুবিধা নহয় যে ডঃ সংগীতা শইকীয়াই মুখ্যমন্ত্ৰীলৈ দিয়া চিঠিৰ আধাৰতেই অৱশেষত উচ্চ শিক্ষা বিভাগে প্ৰকাশন পৰিষদক এই দায়িত্ব ন্যস্ত কৰে৷ কিন্তু আশ্চৰ্য্যজনকভাৱে অসম সাহিত্য সভা অথবা অসম প্ৰকাশন পৰিষদ— কোনোখন সমিতিতে বিদ্যায়তনিকভাৱে বিষয়টো আগবঢ়াই নিয়া অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰাৰ প্ৰথমগৰাকী সৈনিক ডঃ সংগীতা শইকীয়াক সদস্য হিচাপে ৰখা নহ’ল৷ সংগীতা যদিও এখন সমিতিৰো সদস্য নহ’ল— নিজা উদ্যোগত বিদ্যায়তনিক আৰু অন্যান্য দিশেৰে বিষয়টোত কিন্তু একাগ্ৰচিত্তে লাগি থাকিল৷ ২০২০ চনৰ অক্টোবৰ সংখ্যা ‘সাতসৰী’ত প্ৰকাশ পায় ভাৰতীয় ধ্ৰুপদী ভাষাৰ চমু ইতিহাস আৰু অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্য্যাদা লাভৰ সম্ভাৱনা বিষয়ক সংগীতাৰ প্ৰবন্ধ ‘অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভৰ সম্ভাৱনীয়তা’৷ 






বিভিন্ন তথ্য খুঁচৰি আমি এইটোও গম পাইছিলোঁ যে কেৱল প্ৰতিবেদন প্ৰস্তুতি সমিতিৰেই কামটো নিসিজে৷ তাৰ বাবে বিধান সভা, লোক সভা বা ৰাজ্য সভাত বিষয়টো উত্থাপন হোৱাটোও জৰুৰী৷ ২০২২ৰ জুলাইত শান্তিনিকেতন ফুৰিবলৈ যোৱা ডঃ প্ৰাপ্তি ঠাকুৰ বাইদেউ আৰু তেওঁৰ গৃহস্থ, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন সংগীতাৰ বিভাগ (বিশ্বভাৰতীৰ অসমীয়া বিভাগ)লৈ যাওঁতে তাতে সংগীতাই এই গুৰুত্বপূৰ্ণ প্ৰসংগ সম্পৰ্কত ফুকনদেৱক বুজাই কয় আৰু দঢ়াই দঢ়াই অনুৰোধ কৰে যে বিধান সভাত প্ৰস্তাৱ গ্ৰহণৰ উপৰি লোকসভা বা ৰাজ্য সভাতো যেন কোনোবা সাংসদৰ জৰিয়তে বিষয়টো উত্থাপন কৰোৱা হয়৷ তাৰ কিছুদিন পাছতে (২০২২ চনৰ ১৯ ছেপ্টেম্বৰত) সংগীতাই দিয়া এই বিষয়ৰ প্ৰবন্ধ আৰু প্ৰাসংগিক তথ্য-পাতিৰেই বিধায়ক বিশ্বজিৎ ফুকনে বিধান সভাত বিষয়তো উত্থাপন কৰে৷ তেনেকৈ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ২০২২ৰে ১৬ ডিচেম্বৰত বিষয়টো ৰাজ্যসভাত উত্থাপন কৰে৷






অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্য্যাদা প্ৰাপ্তি যাত্ৰাৰ ইয়াৰ পাছৰ ইতিহাসখিনি ইতিমধ্যে বহুলভাৱে চৰ্চিত৷ কিন্তু যিগৰাকী অধ্যাপক-গৱেষকৰ উদ্যোগত এই যাত্ৰাটো প্ৰথম আৰম্ভ হ’ল— অসম চৰকাৰৰ উদ্যোগৰ ‘ভাষা গৌৰৱ সপ্তাহ’ অথবা অসম সাহিত্য সভাৰ উদ্যোগৰ ‘ধ্ৰুপদী ভাষা দিৱস’— ক’লৈকো এখনো নিমন্ত্ৰণী পত্ৰ তেওঁ নাপালে৷ এইটোও বাৰু ব্যক্তিগত হৰ্ষ-বিষাদৰ বিষয় বুলিয়ে ধৰি এতিয়ালৈকে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলোঁ৷ কিন্তু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম চৰকাৰৰ ভাষা গৌৰৱ সপ্তাহৰ পুস্তিকাত আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰতিবেদন প্ৰস্তুতি সমিতিৰ সদস্য ভাস্কৰজ্যোতি শৰ্মাই এই সংখ্যা ‘প্ৰকাশ’ (নৱেম্বৰ, ২০২৪) আলোচনীত অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্য্যাদা প্ৰাপ্তিৰ যাত্ৰা ২০২০ চনৰপৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰিছে— যিটো সম্পূৰ্ণৰূপে এটা ভুল উল্লেখ৷ 










ইতিমধ্যে অসম চৰকাৰৰ আহ্বানত উদযাপিত ভাষা গৌৰৱ সপ্তাহ (৩-৯ নৱেম্বৰ)ৰ প্ৰতিটো দিনৰ প্ৰতিটো অনুষ্ঠানতে তথা অসম সাহিত্য সভাৰ উদ্যোগৰ ধ্ৰুপদী ভাষা দিৱসৰ সভাতো অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্য্যাদা প্ৰাপ্তিৰ যাত্ৰা ২০২০ৰপৰা আৰম্ভ হোৱা বুলি প্ৰচাৰ চলোৱা হৈছে৷ অসম চৰকাৰ আৰু অসম সাহিত্য সভা উভয় পক্ষৰ এই উদ্দেশ্য প্ৰণোদিত মিথ্যাচাৰ খণ্ডন কৰাৰ উদ্দেশ্যেৰে তথা ২০২০ৰ আগৰ ইতিহাসখিনি ৰাইজক জনোৱাৰ উদ্দ্যেশেৰেহে আচলতে এই লেখা৷ সংগীতা শইকীয়া যিহেতু এই লেখকৰ পত্নী, সেয়ে সংগীতা বা মই নিজে নিজৰ ঢোল বজোৱা কামটোৰপৰা আঁতৰি থাকিবই খুজিছিলোঁ৷ কিন্তু ‘বস্তুনিষ্ঠ ইতিহাস’ বোলা বস্তুটো সুকীয়া এটা বল্তু৷ এটা সময়ত বুৰঞ্জীত কেৱল ৰজা-মহাৰজাকেন্দ্ৰিক কাহিনীয়েহে প্ৰাধান্য পাইছিল৷ আধুনিক ইতিহাস চৰ্চা তাৰ ওলোটা দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত৷ আজিৰ ইতিহাসত দেশ-কালৰ প্ৰতিটো বিষয় বা ঘটনাই লিপিবদ্ধ হয় বা হোৱা উচিত৷ অসম চৰকাৰৰ অনুষ্ঠানলৈ পত্ৰ এখন নাপাই বা অসম সাহিত্য সভাৰ ভাষা গৌৰৱ অনুষ্ঠানলৈ নিমন্ত্ৰণী নোপোৱাৰ বেজাৰত এই লেখা নহয়— অসমৰ ৰাইজক যথাৰ্থ ইতিহাসখিনি জনোৱাৰ উদ্দেশ্যেৰেহে এই লেখা৷ কাকো হেয় বা নিজকে উজলাবৰ বাবেও নহয়৷






এতিয়া আহোঁ এই বিজ্ঞপ্তিৰ আৰম্ভণিতে উল্লেখ কৰা কোনখন সমিতিৰ প্ৰতিবেদনৰ আধাৰত অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা লাভ কৰিলে সেই প্ৰসংগলৈ৷ আমি জনাত সাহিত্য অকাডেমিৰ উচ্চস্তৰীয় ভাষা বিশেষজ্ঞ সমিতিৰ বৈঠকত দুয়োখন প্ৰতিবেদনেই আলোচিত হৈছে৷ কিন্তু কোনখন গৱেষণা প্ৰতিবেদনৰ ভিত্তিত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে সেই কথা সাহিত্য অকাডেমিয়েও প্ৰকাশ কৰা নাই৷ (আগ্ৰহী কোনোৱে তথ্যৰ অধিকাৰ আইনৰ অধীনত ইচ্ছা কৰিলে তথ্যটো বিচাৰি উলিয়াবও পাৰে !) কিন্তু অসম চৰকাৰৰ লগতে অসম সাহিত্য সভাক এই বিষয়ে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাই মাৰ্গ দৰ্শন কৰা ডঃ সংগীতা শইকীয়াক অসম চৰকাৰ বা অসম সাহিত্য সভা— এই দুয়োটা পক্ষৰ কোনো এটা পক্ষয়ো নামোল্লেখ পৰ্য্যন্ত নকৰি সকলো কৃতিত্ব নিজৰ মাজতে দাবী কৰি থকাটোৱেহে কৌতুকৰ সৃষ্টি কৰিছে৷




ইতিমধ্যে অসম প্ৰকাশন পৰিষদৰ গৱেষণা প্ৰতিবেদনখন ৰাজহুৱা কৰা হৈছে৷ অসম সাহিত্য সভাকো আমি অনুৰোধ জনাওঁ— সেইখনো অনতিপলমে ৰাজহুৱা কৰক যাতে আগ্ৰহী ছাত্ৰ-গৱেষকসকলে দুয়োখন প্ৰতিবেদন লৈ তুলনামূলক (বিদ্যায়তনিক) অধ্যয়ন কৰিব পাৰে৷ দেখা গৈছে অসম সাহিত্য সভাৰ সদস্যসকল বিবিধ বিষয়, যেনে— সাহিত্য, ভাষা, লিপি, নৃতত্ত্ব, শিল্পকলা, সংগীত আদিত বিশেষভাৱে পাৰদৰ্শী হোৱাৰ বিপৰীতে প্ৰকাশন পৰিষদৰ সমিতিখনত এজনো প্ৰতিষ্ঠিত ভাষাবিদ, লিপিবিদ, পুৰাতত্ত্ববিদ, ইতিহাসবিদ আদি নাই৷ বিষয়টো কিন্তু চিন্তনীয়৷ বিশেষষজ্ঞ পণ্ডিতসকলে আগলৈ দুয়োখন প্ৰতিবেদন পুংখানুপুংখভাৱে আলোচনা কৰিব বুলি আশা প্ৰকাশ কৰিলোঁ৷

লেখকঃ কুশল দত্ত

Hyderabad News: খাদ্য খৰখেদাকৈ নাখাব! খাদ্য খৰখেদাকৈ খাই বিপদত হায়দৰাবাদৰ এটি শিশুৰ

Hyderabad News
Hyderabad News

হায়দৰাবাদত স্কুলৰ দুপৰীয়াৰ আহাৰ খাই ১১ বছৰীয়া এটি শিশুৰ মৃত্যু। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে খৰখেদাকৈ একেলগে তিনিটা পুৰী খাইছিল, যাৰ বাবে শিশুটি মৃত্যুমুখত পৰিল।(Hyderabad News)ছাত্ৰজনে খৰখেদাকৈ একেলগে তিনিটা পুৰী খোৱাৰ বাবে শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ বাবে তেওঁক লগে লগে ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত তেওঁৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু তাত শিশুটিক চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।(Eating in a hurry can lead to death)

এই ঘটনাই আমাক শিকাইছে যে খাদ্য খোৱাৰ সময়ত খৰখেদা কৰাটো কিমান বিপদজনক হ’ব পাৰে। আয়ুৰ্বেদৰ মতে খাদ্য কেৱল পেট ভৰোৱাৰ বাবেই নহয়, ই শৰীৰ আৰু মনৰ বাবে শক্তিৰ উৎস। কিন্তু সঠিকভাৱে খাদ্য গ্ৰহণ নকৰিলে ক্ষতিও হ’ব পাৰে।

১/ খাদ্য আসনত বহি শান্তিৰে খাব লাগে
আয়ুৰ্বেদত খাদ্য গ্ৰহণক পবিত্ৰ কাম বুলি গণ্য কৰা হয়। খোৱাৰ সময়ত সদায় শান্ত পৰিৱেশত বহি খাব লাগে। খৰখেদাকৈ খোৱা খাদ্য সঠিকভাৱে হজম নহয়, যাৰ ফলত গেছ, বদহজম আদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২) খাদ্য লাহে লাহে চোবাই খাব লাগে
আয়ুৰ্বেদত কোৱা হৈছে যে খাদ্য সঠিকভাৱে চোবাই খোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰতিটো কামোৰ ৩২ বাৰ চোবাই খাব লাগে যাতে ইয়াক সঠিকভাৱে হজম কৰিব পৰা যায়। সোনকালে খোৱা খাদ্য ডিঙিত আবদ্ধ হৈ পৰিব পাৰে বা পাচনতন্ত্ৰত হেঁচা প্ৰয়োগ কৰিব পাৰে, যেনেকৈ এই ঘটনাত ঘটিছিল।

৩/ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে
খাদ্য গ্ৰহণ কৰাৰ সময়ত বিক্ষিপ্ততা, যেনে ফোন চাই বা কথা-বতৰাত লিপ্ত হোৱাটোৱে আপোনাৰ হজম শক্তিত বেয়া প্ৰভাৱ পেলাব পাৰে। খাদ্য সম্পূৰ্ণ ঘনত্বৰে খাব লাগে, যাতে প্ৰতিটো কামোৰৰ পৰা শৰীৰে পুষ্টি লাভ কৰিব পাৰে।

এই ঘটনাটোৱে এক গুৰুতৰ সতৰ্কবাণী যে আমি খোৱাৰ ধৰণ আৰু আমাৰ ল’ৰা-ছোৱালীৰ প্ৰতি গুৰুত্ব দিব লাগে।

Maharashtra CM News: পদত্যাগ কৰিবলৈ সাজু নহয় শিন্দে; কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

Maharashtra CM News
Maharashtra CM News

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত এতিয়াও আলোচনা অব্যাহত। গ্ৰেণ্ড এলায়েন্সৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নামক লৈ হোৱা আলোচনাৰ বাবে মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনত পলম হৈছে। বিজেপিয়ে দেৱেন্দ্ৰ ফাড়নাবিচক পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে একনাথ শিন্দেক মুখ্যমন্ত্ৰী হৈ থকাত শিৱসেনাও অটল। বিজেপি আৰু শিৱসেনাৰ মাজত চলি থকা টাগ অফ ৱাৰৰ মাজতে সোমবাৰে নিশা দিল্লীত উপস্থিত হয় ফাড়নবিছ। (Maharashtra CM News)

সূত্ৰ অনুসৰি বিজেপিয়ে শিৱসেনা (শিন্দে) আৰু এনচিপি (অজিত পাৱাৰ)ক উপ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ দিব। মহাযুতিৰ তিনিজন ডাঙৰ নেতা – দেৱেন্দ্ৰ ফাড়নবিছ(Devendra Fadnavis), একনাথ শিন্দে(Eknath Shinde) আৰু অজিত পাৱাৰ সোমবাৰে দিল্লীত উপস্থিত হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যাৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’বলৈ তিনিও দিল্লীত উপস্থিত হৈছিল। মুখ্যমন্ত্ৰীক লৈ চৰ্চাত থকা অচলাৱস্থা দূৰ কৰিবলৈ তিনিওজনে বিজেপিৰ শীৰ্ষ নেতাক সাক্ষাৎ কৰিব পাৰে বুলি চৰ্চা চলিছিল। অৱশ্যে মঙলবাৰৰ পুৱালৈকে এনে কোনো বৈঠকৰ খবৰ নাছিল। শনিবাৰে ফাড়নাবিছে মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত হোৱা বিবাদ অস্বীকাৰ কৰি কয় যে মহাযুতিৰ নেতাসকলে একেলগে এই বিষয়ত সিদ্ধান্ত ল’ব।(Mahayuti)


Vaibhav Suryavanshi: IPLৰ সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশীক ১.১ কোটিত ক্ৰয় ৰাজস্থান ৰয়েলছৰ

Vaibhav Suryavanshi
Vaibhav Suryavanshi

IPLএ ১.১ কোটি টকাত ৰাজস্থান ৰয়েলছে মেগা নিলামত ক্ৰয় কৰে বিহাৰৰ ১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীক। IPLৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত বৈভৱ সূৰ্যবংশী। নিলামত সূৰ্যবংশীৰ ভিত্তি মূল্য ৩০ লাখ টকা আৰু দিল্লী কেপিটেলছে প্ৰথম নিলাম কৰে।(Vaibhav Suryavanshi)

দিল্লীৰ পিছতে ৰাজস্থানে এই খেলুৱৈজনক ক্ৰয় কৰে। কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰঞ্জি ট্ৰফীত অভিষেক ঘটোৱাৰ পূৰ্বে বৈভৱ সূৰ্য্যবংশীৰ প্ৰকৃত বয়স সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছিল যেতিয়া তেওঁৰ যোৱা বছৰৰ ভিডিঅ’ সাক্ষাৎকাৰ ভাইৰেল হৈছিল য’ত তেওঁ কৈছিল যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ বয়স ১৪ বছৰ হ’ব।(IPL)

বৈভৱ সূৰ্যবংশীক তেওঁৰ প্ৰকৃত বয়স কি বুলি সোধাতে তেওঁ কৈছিল যে মই ২০২৩ চনৰ ২৭ ছেপ্টেম্বৰত ১৪ বছৰ সম্পূৰ্ণ কৰিম। ইয়াৰ পূৰ্বে এক বিতৰ্কৰ সৃষ্টি হৈছিল য’ত একাংশ লোকে অভিযোগ কৰিছিল যে বৈভৱ সূৰ্য্যবংশীৰ প্ৰকৃত বয়স ১৫ বছৰ।

বৈভৱৰ বয়সৰ বিতৰ্কৰ মাজতে বৈভৱ সূৰ্যবংশীৰ পিতৃয়ে ক’লে, ‘ৰাজস্থান ৰয়েলছে তেওঁক নাগপুৰত বিচাৰৰ বাবে মাতিছিল। বিক্ৰম ৰাথোৰ ছাৰে (বেটিং প্ৰশিক্ষক) তেওঁক এনে এখন মেচৰ কাম দিছিল, য’ত তেওঁ এটা অভাৰত ১৭ ৰান কৰিব লগা হৈছিল। বিতুৱাই ৩টা ছয় কৰে। ট্ৰাইলত তেওঁ ৮টা ছয় আৰু ৪টা চতুৰ ৰান কৰে। তেওঁ কেৱল ক্ৰিকেট খেলিব বিচাৰে আৰু আন একো নহয়। কেইবছৰমানৰ আগতে সি ড’ৰেমনক ভাল পাইছিল, কিন্তু এতিয়া নহয়। এতিয়া তেওঁ কেৱল আমাৰ ল’ৰা নহয় গোটেই বিহাৰৰ। মোৰ ল’ৰাটোৱে বহুত কষ্ট কৰিছে। ৮ বছৰ বয়সত তেওঁ ১৬ বছৰ অনুৰ্ধ জিলা ট্ৰায়েলত ভাল প্ৰদৰ্শন আগবঢ়ায়। মই তেওঁক ক্ৰিকেট কোচিঙৰ বাবে সমস্তীপুৰলৈ লৈ গৈছিলোঁ আৰু তাৰ পিছত ঘূৰাই আনিছিলোঁ।

Elaichi: ইলাচিয়ে খুলিব আপোনাৰ ভাগ্য দুৱাৰ!

Elaichi
Elaichi

আপোনাক ভাগ্য লগ দিয়া নাই নেকি? আপুনি কিবা এটা কাম কৰিবলৈ গৈছে কিন্তু কামটো সফল হৈ উঠা নাই নেকি? আপুনিও অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে নেকি যে আপুনি কঠোৰ পৰিশ্ৰম কৰিছে কিন্তু ভাগ্যই আপোনাক লগ দিয়া নাই? তেন্তে এই সমাধান আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।(Elaichi) এই সমস্য়া সমাধানৰ দ্বাৰা ভাগ্যৰ দুৱাৰ খোল খাব। গতিকে জানক এই সমস্যা সমাধানৰ বিষয়ে।

সেউজীয়া ইলাচিয়ে আপোনাৰ এনে সমস্যা সমাধান কৰিব পাৰে। এই প্ৰতিকাৰৰ সহায়ত আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। কাৰণ জ্যোতিষ শাস্ত্ৰত সেউজীয়া ইলাচিক অতি ফলপ্ৰসূ আৰু কাৰ্যক্ষম বুলি গণ্য কৰা হয়। যদি কোনো ব্যক্তিয়ে সেউজীয়া ইলাচিৰ জৰিয়তে নিজৰ ভাগ্য সলনি কৰিব বিচাৰে বা সুখৰ কামনা কৰে তেন্তে জানক নিয়মসমূহ-

জ্যোতিষীসকলৰ মতে সেউজীয়া ইলাচি লক্ষ্মী দেৱীৰ বাবে অতি প্ৰিয়। সেইবাবে দেৱী লক্ষ্মীক পাঁচটা সেউজীয়া ইলাচি আগবঢ়াই নিৰাপদ স্থানত ৰাখক। এনে কৰিলে মাৰ কৃপাত ঋণৰ পৰা মুক্তি পাব। সেউজীয়া ৰঙক সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়, সেয়েহে ঘৰত সেউজীয়া ইলাচি ৰাখিলে ঘৰৰ সকলো ঠিকে থাকে।(green elaichi will open your luck)

ইয়াৰ বাহিৰেও যদি কোনো ব্যক্তিয়ে ৰাতি শুই থকা অৱস্থাত দুঃস্বপ্ন দেখে, তেন্তে সেউজীয়া ইলাচিৰ জৰিয়তে সেই সমস্যাৰ সমাধান কৰিব পাৰে। ইলাচিৰ প্ৰতিকাৰৰ লগত বেয়া সপোন নোহোৱা হৈ যায়। ইয়াৰ বাবে প্ৰথমে ১১ টা সেউজীয়া ইলাচি লৈ আঠুৱাৰ তলত ৰাখিব লাগিব। এনে কৰিলে দুঃস্বপ্নবোৰ দেখা বন্ধ হৈ যাব।

যদি বিবাহত কিবা বাধা আহি পৰে, তেন্তে ভগৱানক পাঁচটা সেউজীয়া ইলাচি আগবঢ়াই বিবাহত থকা বাধাবোৰ দূৰ কৰিব পাৰিব। দুখীয়াক ইলাচি দান কৰিলে ইচ্ছা পূৰণ হয়, আনহাতে ঘৰত সেউজীয়া ইলাচি ৰাখিলে ইতিবাচকতা আনে আৰু ঘৰৰ সমস্যা সমাধান হয়।

Rishabh Pant: ঋষভ পন্তৰ খাদ্যৰ তালিকাত কি কি আছিল? তেওঁৰ পুষ্টিবিদে জনালে সকলো…

Rishabh Pant
Rishabh Pant

আই পি এলৰ মেগা নিলামত ২৭ কোটি টকাত ক্ৰয় কৰা হৈছে টিম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ-বেটছমেন ঋষভ পন্তক। এতিয়া লক্ষ্ণৌ ছুপাৰজায়েণ্ট দলৰ অংশ হৈ এই প্ৰতিযোগিতাৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে প্ৰমাণিত হৈছে।(Rishabh Pant) কিন্তু ২০২২ চনত তেওঁ এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ বলি হৈছিল, বৰ্তমান তেওঁ সুস্থ হৈ পুনৰ খেল-পথাৰত উদ্যমেৰে খেলিছে।ঋষভ পন্ত আৰোগ্য হোৱাৰ সময়ত তেওঁ কি কি খাদ্য খাইছিল জানো আহক-

প্ৰথম অৱস্থাত তেওঁৰ হজম শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। পণ্টৰ ৰিকুৱেৰি ডায়েটৰ প্ৰথম দুসপ্তাহত প্ৰেচাৰ কুকাৰত চাউল আৰু মচুৰ দাইল মিহলাই তৈয়াৰ কৰা খিচিৰি আছিল। খিচিৰি কেৱল শৰীৰৰ বাবে পুষ্টিকৰ নহয় সহজে হজমো হয়। অতিৰিক্ত পুষ্টিৰ বাবে তাত কিছু শাক-পাচলিও যোগ কৰা হৈছিল।(Rishabh Pant Recovery Diet)

এচিডিটি আৰু গেষ্ট্ৰিক সমস্যা হ্ৰাস কৰিবলৈ খাদ্যত ৰসৰ মিশ্ৰণ অন্তৰ্ভুক্ত কৰা হৈছিল। বিলাহী, বিট, আমলখি, পদিনা, ধনীয়া, বিলাহী, তিয়হ আৰু শাক-পাচলি মিহলাই দিয়া হৈছিল।

ঋষভ পন্তে চিকেন খাই ভাল পায়, কিন্তু প্ৰথম সপ্তাহকেইটাত তেওঁক নিৰামিষ খাদ্য গ্ৰহণ কৰিছিল। এই সময়ছোৱাত তেওঁ পৰঠা, জুচিনি পেনকেক, ভেজ কাবাব আৰু চূপ খাইছিল। লাহে লাহে তেওঁক স্বাভাৱিক আৰু সঘনাই আহাৰ দিয়া হ’ল। এই খাদ্যত গুড় আৰু ঘিউ মিহলি খাদ্য দিয়া হৈছিল, যাৰ বাবে তেওঁ প্ৰটিন, ভাল চৰ্বি আৰু আইৰণ লাভ কৰিবলৈ আৰম্ভ কৰিছিল।

যেতিয়া ঋষভ পন্তৰ ফিটনেছ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ খাদ্যাভ্যাসত পৰিৱৰ্তন আহিল। এই সময়ত বিশেষ ধৰণৰ লাডু খাইছিল যিবোৰ বাদাম, মৌ আৰু খেজুৰেৰে তৈয়াৰ কৰা হৈছিল।

অৱশেষত ঋষভ সুস্থ হ’ল। সুস্থ হৈ ঋষভ পন্তে ক’লে তেওঁৰ পুষ্টিবিদ শ্বেতা শ্বাহৰ ডায়েট প্লেন গ্ৰহণ কৰাৰ পিছত কিছু উন্নতি হ’ল, তেওঁৰ ডায়েট প্লেনে মোক আৰোগ্য হোৱাত সহায় কৰিলে। আটাইতকৈ ভাল কথাটো হ’ল ডায়েট প্লেনটো এনেদৰে ৰখা হৈছিল যে মই মোৰ সকলো প্ৰিয় খাদ্য খাবলৈ পাইছিলোঁ। (nutritionist shweta shah)

Actress Amrita Gogoi:নগাঁও বাইপাছৰ ছানযুক্তি হোটেলৰ নিৰাপত্তাক লৈ সৰৱ অভিনেত্ৰী অমৃতা গগৈ

Actress Amrita Gogoi:নগাঁও বাইপাছৰ ছানযুক্তি হোটেলৰ নিৰাপত্তাক লৈ সৰৱ অভিনেত্ৰী অমৃতা গগৈ
Actress Amrita Gogoi:নগাঁও বাইপাছৰ ছানযুক্তি হোটেলৰ নিৰাপত্তাক লৈ সৰৱ অভিনেত্ৰী অমৃতা গগৈ

নগাঁও, ২৫ নৱেম্বৰঃ নগাঁও বাইপাছৰ(Nagaon Bypass) ছানযুক্তি নামৰ এখন হোটেলৰ(Sunyukti Hotel) নিৰাপত্তাৰ ফোপোলা দিশ উন্মোচন কৰি সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে(Actress Amrita Gogoi)।

ফেচবুক লাইভযোগে সমগ্ৰ ঘটনা বৰ্ণনা কৰি উজাৰিলে ক্ষোভ অভিনেত্ৰী অমৃতা গগৈয়ে

হোটেলখনৰ সুৰক্ষাৰ বিষয়ক লৈ সৰৱ হৈ পৰি ফেচবুক লাইভযোগে অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে, নগাঁও জিলাৰ দেওধৰ চাৰিআলিৰ এক ৰাসৰ অনুষ্ঠানত ৰাধাৰ ভূমিকাত অভিনয় কৰিবলৈ আহি ২২ নৱেম্বৰত তেওঁ আৰু এগৰাকী বান্ধৱীৰ সৈতে ছানযুক্তি হোটেলৰ দ্বিতীয় মহলাৰ ৩০৪ নম্বৰ ৰূমটোত আছিল।

ৰাসত অভিনয় কৰি ৰাসৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত ৰাস সমিতিৰ দুজন বিষয়ববীয়াই তেওঁলোকক আনি হোটেল খনত সেইদিনা নিশা দুই বজাত থৈ গৈছিল। হাত মুখ ধূই দুয়ো খাই বৈ নিশা তিনি বজাত শুবলৈ লয়।কিন্তু পুৱতি নিশা ৫.১০ বজাত কোনোবাই তেওঁ লোকৰ ৰূমটোৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰি থকা গম পাই দুয়ো আতংকিত হৈ কৰে।

অমৃতা ফুকনে ফেচবুক লাইভটোত আৰু সদৰি কৰা মতে, তেওঁ দুৱাৰ খনৰ আই হল্ডৰে বাহিৰলৈ চাওতে মুখত কাপোৰ বন্ধা যুৱক এজনক দুৱাৰ মুখত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে। লাহে লাহে দুৱাৰৰ লক আৰু খিলি খুলিবলৈ চেষ্টা কৰাত দুয়ো দুৱাৰখন জোৰেৰে হেঁচা দি চিঞৰ বাখৰ কৰে। তেতিয়াই হোটেলৰ মেনেজাৰলৈ তিনিবাৰ ফোন কৰে যদিও কোনো সঁহাৰি নাপালে।

পাছত ৰাস কমিটিৰ সম্পাদকক ফোন কৰি মাতি পঠায়। লগে লগেই ৰাস কমিটিৰ সম্পাদক জন হোটেল খনলৈ আহে আৰু পাছত তেওঁ আৰু বান্ধৱীয়ে বয়-বস্তু সহ হোটেলখন ত্যাগ কৰি গুচি যায়। অমৃতা ফুকনে অভিযোগ কৰা অনুসৰি, হোটেল খনৰ দ্বিতীয় মহলাত চি চি টি ভিৰ কোনো ব্যৱস্থা নাছিল।

যাৰ বাবে সমগ্ৰ ঘটনাটো ৰহস্যজনক হৈ আছে। কাৰণে সেই নিশাৰ চিচি টিভিৰ সমগ্ৰ ফুটেজ বিচৰাৰ পিছতো হোটেল কৰ্তৃপক্ষই নিদিয়াৰ অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ইপিনে, অভিনেত্ৰী অমৃতা গগৈৰ অভিযোগ খণ্ডন কৰিছে ছানযুক্তি হোটেলৰ স্বত্বাধিকাৰ আৰু কৰ্মচাৰীসকলে।

হোটেল কৰ্তৃপক্ষৰ ভাষ্য হ’ল সিদিনা হোটেল খনত নেপালৰ কাঠমাণ্ডুৰ পৰা অহা ৪০ জনীয়া তীৰ্থযাত্ৰী দল এটাও আছিল। তেওঁ লোকে পুৱতি নিশা হোটেল এৰিবলৈ যো জা চলাই আছিল। দলটোত বৃদ্ধ লোকো আছিল। হয়তো সেই দলটোৰেই কোনোবা সদস্যই সেই কোঠাটোত তেওঁলোকৰ লগৰ কোনোৱা থকা বুলি দুৱাৰ খন টানিছিল।

তেওঁ লোকৰ দাবী হ’ল ৫.২০ বজাত প্ৰায় পুৱাই হয়। সেই সময়ত কোনেও দুষ্কাৰ্য কৰিবলৈ সাহস নকৰে। সেইয়া কিবা ভুল বুজাবুজিৰ ঘটনা বুলিহে ক’ব বিচাৰে হোটেল কৰ্তৃপক্ষই। হোটেলৰ স্বত্বাধিকাৰ জনে কয় যে, চিচিটিভিৰ সকলো ফুটেজ তেওঁলোকৰ হাতত জমা আছে।সেইয়া পেন ড্ৰাইভত দিবলৈ সাজু কৰি ৰখা হৈছে।