Home Blog Page 444

Chutia Students’ Union:চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশন

Chutia Students' Union:চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশন
Chutia Students' Union:চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশন

গোলাঘাট, ২৫ নৱেম্বৰঃ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান আৰু স্বায়ত্ব শাসন(Tribalization and Autonomy) প্ৰদানৰ দাবীত সোমবাৰৰ পৰা গোলাঘাটত আমৰণ অনশনৰ(Immortal hunger strike) কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই(Chutia Students’ Union)।

‘২৬ৰ নিৰ্বাচনত বিজেপিক গাদীৰ পৰা ওফৰাই দিয়াৰ হুংকাৰ

গোলাঘাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত ৰূপায়ন কৰা এই কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাসহ দহগৰাকী বিষয়ববীয়াই অংশ গ্ৰহণ কৰিছে।

চৰকাৰে জনজাতিকৰণৰ প্ৰতিশ্ৰতি নিদিয়া পৰ্যন্ত এই কাৰ্যসূচী চলাই যোৱাৰ হুংকাৰ প্ৰদান সংগঠনটোৰ।এই কাৰ্যসূচীত অংশ লৈ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই কয় বৰ্তমানৰ চৰকাৰখনে চুতীয়া জনগোষ্ঠীক চূড়ান্তভাৱে প্ৰতাৰণা কৰি আহিছে৷

প্ৰধানমন্ত্ৰীগৰাকীয়েও ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল যদিও সেইয়া ফুটুকাৰ ফেনত পৰিণত হ’ল৷ চৰকাৰখনে যদি জনজাতিকৰণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্হা গ্ৰহণ নকৰে তেতিয়া আগন্তুক ২০২৬ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়াই দিয়ে ৷

তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক সঁকিয়াই দিব বিচাৰিছোঁ অসমৰ চুতীয়া জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰক। জনজাতিকৰণৰ নামত বাৰম্বাৰ ৰাজনীতি কৰণ কৰা হৈছে, প্ৰতাৰণা কৰা হৈছে আৰু চুতীয়া জাতি ছাত্ৰ সন্থাই প্ৰতাৰণা কেতিয়াও মানি নলয়।

ইয়াৰ উপৰি চুতীয়াসকলক স্বায়ত্বশাসন ব্যৱস্থাৰ পৰা আতৰাই ৰখা হৈছে। আগন্তুক ছয় মাহৰ ভিতৰত চুতীয়া সকলক স্বায়ত্বশাসন ব্যৱস্থা প্ৰদান কৰিব লাগিব আৰু ঐতিহাসিক চুতীয়া ৰাজধানীৰ প্ৰাচীন কৃতিচিহ্নসমূহ(Ancient monuments) দেশে স্বাধীনতা ৭৭ বছৰ অতিক্ৰম কৰাৰ পাছতো সংৰক্ষণৰ ব্যৱস্থা নকৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

আগন্তুক ছমাহৰ ভিতৰত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ নকৰে অহা ‘২৬ৰ নিৰ্বাচনত বিজেপি দলক শাসনৰ গাদীৰ পৰা ওফৰাই পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ম। ভুমিপুত্ৰ(Bhumiputra) হিচাপে আজিৰ তাৰিখত চুতীয়াসকল কিয় প্ৰতাৰিত হৈ আহিছে। আমাৰ ভোক লাগিছে, কিন্তু চৰকাৰে আমাক কেৱল ললিপপ চুপিবলৈ দি আহিছে।

গতিকে প্ৰধানমন্ত্ৰী, জনজাতি মন্ত্ৰী, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এটা প্ৰশ্নৰ উত্তৰ দিব লাগে যে চুতীয়াসকলক জনজতিকৰণৰ পৰা কিয় বাদ পৰি ৰ’ল? ইয়াৰ সঠিক উত্তৰ চৰকাৰে আমাক দিব লাগিবই বুলি তেওঁ দাবী কৰে।

এই আমৰণ অনশন কাৰ্যসূচীত সভাপতি মহেন বৰাৰ উপৰি সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া, বিষয়ববীয়া অংশুমান শইকীয়া, সত্যৰঞ্জন হাজৰিকা, সূৰ্য হাজৰিকা, লীলাকান্ত চুতীয়া, ভাস্কৰ বৰা,জয়ন্ত বৰা, ধ্ৰুৱ বৰা আৰু লোহিত শইকীয়াই অংশ গ্ৰহণ কৰিছে।

Language: নতুন ভাষা শিকাৰ আমেজ লওক

Language: নতুন ভাষা শিকাৰ আমেজ লওক
Language: নতুন ভাষা শিকাৰ আমেজ লওক

দক্ষতা বৃদ্ধিৰ বাবে নতুন ভাষা শিকাৰ কোনো বিকল্প নাই। বহুতে অতি আনন্দৰে নতুন ভাষা শিকিলেও বহুতেই ভয় কৰে। ভয়ক কেনেকৈ জয় কৰিব পাৰি আৰু জীৱনত সহজে নতুন দক্ষতা গোটাব পাৰি ভাৱকচোন..

নিয়মীয়া অনুশীলন
বিশেষজ্ঞসকলৰ মতে নিয়মীয়া অনুশীলন হৈছে নতুন ভাষা শিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। প্ৰতিদিনে কমেও ২০-৩০ মিনিট এটা নতুন ভাষাৰ অনুশীলন কৰিব লাগে। ই মগজুত ভাষাৰ ধাৰণা শিকিবলৈ আৰু সৃষ্টি কৰাত সহায় কৰিব।

শব্দভাণ্ডাৰ বৃদ্ধি কৰা
নতুন শব্দ শিকিবলৈ প্ৰতিদিনে কিছুমান নতুন শব্দ লিখি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। বিশেষজ্ঞসকলে ডায়েৰী এখন ৰাখিবলৈ পৰামৰ্শ দিয়ে, য’ত আপুনি নতুন শব্দ আৰু ইয়াৰ অৰ্থ লিখিব।

কথা কোৱাৰ অভ্যাস
ভাষা এটা শিকিলে এটা ডাঙৰ বাধা হ’ল কোৱাৰ অভ্যাস। স্থানীয় লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰক বা ভাষা শিক্ষণ গোটত যোগদান কৰক। বিশেষজ্ঞসকলে কয় যে সংলাপ আৰু ভূমিকা পালন অতি ফলপ্ৰসূ।

বিভিন্ন সম্পদ ব্যৱহাৰ কৰা
বিভিন্ন মাধ্যমৰ পৰা শিক্ষা লোৱাটো অতি ফলপ্ৰসূ। কিতাপ, অনলাইন পাঠ্যক্ৰম, এপ, পডকাষ্ট আৰু ইউটিউব ভিডিঅ’ ব্যৱহাৰ কৰক। বিভিন্ন উৎসই আপোনাক নতুন দৃষ্টিভংগী আৰু শিক্ষণ পদ্ধতি দিব।

সংস্কৃতি বুজি পোৱা
নতুন ভাষা আৰু ইয়াৰ সংস্কৃতিৰ সৈতে পৰিচিত হোৱাটোও গুৰুত্বপূৰ্ণ। চিনেমা চোৱা, সংগীত শুনা আৰু কিতাপ পঢ়িলে ভাষাৰ ব্যৱহাৰ আৰু সংস্কৃতিৰ বিষয়ে গভীৰভাৱে বুজিব পাৰিব। বিশেষজ্ঞসকলে কয় যে এইটো ভাষা শিক্ষণৰ এক মজাৰ বিষয়।

ভুলৰ পৰা শিকক
ভুল কৰাটো শিক্ষণৰ এক অপৰিহাৰ্য অংগ। বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে ভুলৰ ওপৰত জোৰ দিয়াৰ পৰিৱৰ্তে সেইবোৰক শিক্ষণ অভিজ্ঞতা হিচাপে ল’ব লাগে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভাষাটো ভালদৰে শিকিব।

সময় দিয়ক
নতুন ভাষা শিকিবলৈ সময় লাগে। বিশেষজ্ঞসকলৰ মতে ধৈৰ্য্য আৰু ধাৰাবাহিকতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। কেইদিনমানৰ পিছত ফলাফল দেখিব।

Bollywood: ৰণবীৰে ফাদিল কৰিলে আলিয়াৰ গোপন তথ্য

Bollywood: ৰণবীৰে ফাদিল কৰিলে আলিয়াৰ গোপন তথ্য বলীউডৰ দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। অৱশ্যে স্বামী ৰণবীৰে এক ঘটনা প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীক আচৰিত কৰি তুলে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনা। বলীউড হুংগামাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ ৰণবীৰ কাপুৰে গোৱাত এখন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল। সেই সময়ত অভিনেতাগৰাকীয়ে অৰ্থাৎ পত্নী আলিয়া ভাটৰ সৈতে প্ৰথম সাক্ষাৎকাৰৰ কথা কয়। তেওঁ কোৱা মতে দুয়োৰে বয়সৰ ব্যৱধান যথেষ্ট বেছি। সেয়েহে আলিয়া সৰু হৈ থাকোতে প্ৰথমবাৰৰ বাবে ৰণবীৰ কাপুৰক আলিয়াই সুধিছিল, "কিশোৰ কুমাৰ কোন?" অনুষ্ঠানত ৰণবীৰে কেৱল আলিয়াৰ কথাই নহয়, সংস্কৃতি আৰু শিল্পৰ বিষয়েও কয়। তেওঁ কয় যে তেওঁলোকৰ সংস্কৃতি আৰু শিল্পৰ উৎস সংৰক্ষণ কৰাটো প্ৰতিটো প্ৰজন্মৰ দায়িত্ব। ৰণবীৰৰ ভাষাত ‘নিজৰ সংস্কৃতি আৰু শিল্পৰ উৎস সংৰক্ষণ কৰাটো প্ৰতিটো প্ৰজন্মৰ দায়িত্ব।’ গতিকে তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষতে ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ ‘ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱ’ আয়োজন কৰিবলৈ ওলাইছে। এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ৰাজ কাপুৰৰ ১০খন ছবি। ৰণবীৰে কয়, ‘আশাকৰো আপোনালোক সকলোৱে এই উৎসৱলৈ আহিব। ৰণবীৰে কয় যে তেওঁ ৰাজ কাপুৰৰ ওপৰত এখন বায়’পিক নিৰ্মাণৰ কথাও চিন্তা কৰিছে। ইয়াৰ বাবে তেওঁ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে কথা পাতিছিল। ৰাজ কাপুৰৰ ‘শ্ৰী ৪২০’ ছবিখনো পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰণবীৰে।
Bollywood: ৰণবীৰে ফাদিল কৰিলে আলিয়াৰ গোপন তথ্য

বলীউডৰ দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। অৱশ্যে স্বামী ৰণবীৰে এক ঘটনা প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীক আচৰিত কৰি তুলে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনা।

বলীউড হুংগামাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ ৰণবীৰ কাপুৰে গোৱাত এখন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল। সেই সময়ত অভিনেতাগৰাকীয়ে অৰ্থাৎ পত্নী আলিয়া ভাটৰ সৈতে প্ৰথম সাক্ষাৎকাৰৰ কথা কয়। তেওঁ কোৱা মতে দুয়োৰে বয়সৰ ব্যৱধান যথেষ্ট বেছি। সেয়েহে আলিয়া সৰু হৈ থাকোতে প্ৰথমবাৰৰ বাবে ৰণবীৰ কাপুৰক আলিয়াই সুধিছিল, “কিশোৰ কুমাৰ কোন?”

অনুষ্ঠানত ৰণবীৰে কেৱল আলিয়াৰ কথাই নহয়, সংস্কৃতি আৰু শিল্পৰ বিষয়েও কয়। তেওঁ কয় যে তেওঁলোকৰ সংস্কৃতি আৰু শিল্পৰ উৎস সংৰক্ষণ কৰাটো প্ৰতিটো প্ৰজন্মৰ দায়িত্ব। ৰণবীৰৰ ভাষাত ‘নিজৰ সংস্কৃতি আৰু শিল্পৰ উৎস সংৰক্ষণ কৰাটো প্ৰতিটো প্ৰজন্মৰ দায়িত্ব।’ গতিকে তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষতে ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ ‘ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱ’ আয়োজন কৰিবলৈ ওলাইছে। এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ৰাজ কাপুৰৰ ১০খন ছবি।

ৰণবীৰে কয়, ‘আশাকৰো আপোনালোক সকলোৱে এই উৎসৱলৈ আহিব।

ৰণবীৰে কয় যে তেওঁ ৰাজ কাপুৰৰ ওপৰত এখন বায়’পিক নিৰ্মাণৰ কথাও চিন্তা কৰিছে। ইয়াৰ বাবে তেওঁ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে কথা পাতিছিল। ৰাজ কাপুৰৰ ‘শ্ৰী ৪২০’ ছবিখনো পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰণবীৰে।

Iran: নেতা*নিয়াহুৰ মৃ*ত্যু*দ*ণ্ড বি*চা*ৰে ই*ৰা*নে

Iran: নেতা*নিয়াহুৰ মৃ*ত্যু*দ*ণ্ড বি*চা*ৰে ই*ৰা*নে
Iran: নেতা*নিয়াহুৰ মৃ*ত্যু*দ*ণ্ড বি*চা*ৰে ই*ৰা*নে

ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু ইহুদী ৰাষ্ট্ৰৰ অন্যান্য শীৰ্ষ বিষয়াসকলক ফাঁ*চী দিয়াৰ আহ্বান জনাইছে।

যোৱা সপ্তাহত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে নেতানিয়াহু, ইজৰাইলৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্ট আৰু হামাছৰ নেতা মহম্মদ ডেইফৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পিছতে এই মন্তব্য কৰে।

সোমবাৰে (২৫ নৱেম্বৰ) তেহৰাণত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ অৰ্ধসামৰিক বাহিনীক সম্বোধন কৰি আলী খামেনেই কয় যে গাজা আৰু লেবাননত জিয়নিষ্ট শাসনে সংঘটিত কৰা যুদ্ধাপৰাধৰ বাবে গ্ৰেপ্তাৰৰ পৰোৱানাই যথেষ্ট নহয়। নেতানিয়াহুক ফাঁচী দিব লাগে, এই অপৰাধী নেতাসকলক মৃত্যুদণ্ড দিব লাগিব।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আইচিচিৰ ন্যায়াধীশসকলে তেওঁলোকৰ ৰায়দানত কয় যে গাজাৰ অসামৰিক জনসাধাৰণৰ বিৰুদ্ধে হ*ত্যা, নিৰ্যা*তন আৰু অনাহাৰে থকা অপৰাধমূলক কাৰ্য্যৰ বাবে নেতানিয়াহু আৰু গেলেণ্ট দায়ী বুলি বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে।

২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী ভূখণ্ড গাজাত ইজৰাইল আৰু হামাছৰ মাজত শত্ৰুতা আৰম্ভ হয়। আল আকছাত ইজৰাইলৰ হুলস্থুলৰ প্ৰতিক্ৰিয়া স্বৰূপে হামাছে ইজৰাইলত প্ৰৱেশ কৰি ১১০০ জন লোকক হত্যা কৰাৰ লগতে ২০০ জন পণবন্দীক নিজৰ দখললৈ লৈ যায়। তেতিয়াৰ পৰাই ইজৰাইলে গাজাত ৪৪ হাজাৰতকৈ অধিক লোকক হত্যা কৰিছে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু।

Toothpaste: ঘৰুৱা বিভিন্ন কামৰ ব্যৱহাৰ হয় টুথপেষ্ট

Toothpaste: ঘৰুৱা বিভিন্ন কামৰ ব্যৱহাৰ হয় টুথপেষ্ট
Toothpaste: ঘৰুৱা বিভিন্ন কামৰ ব্যৱহাৰ হয় টুথপেষ্ট

Toothpaste । সকলোৱে জানে যে দাঁত টুথপেষ্টেৰে চাফা কৰা হয়। কিন্তু দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰেও কিমানজনে জানে যে টুথপেষ্ট ঘৰুৱা বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি?

টুথপেষ্টৰ বিভিন্ন ব্যৱহাৰ…

১. জোতা চাফা কৰিবলৈ টুথপেষ্ট অতি উপযোগী। স্নিকাৰ বা চামৰাৰ জোতা শুকান কোমল কাপোৰেৰে ঘঁহিলে আপোনাৰ বোকাময় জোতাযোৰ নতুনৰ দৰে জিলিকি উঠিব।

২. ঘৰত ল’ৰা-ছোৱালী থাকিলে বেৰত আঁচোৰ মাৰিলে শুকান কাপোৰেৰে মচিব পাৰিব ।

৩. বাথৰুমৰ আইনাখনত ভাপ জমা হ’লে টুথপেষ্ট ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। আইনাখনত জেল টুথপেষ্ট লগাই পাতল কাপোৰেৰে পৰিষ্কাৰ কৰক।

৪. চাহ বা কফিৰ মগত হালধীয়া ৰঙৰ দাগ আঁতৰাবলৈ প্ৰথমে টুথপেষ্ট কিছু সময়ৰ বাবে লগাব লাগে। পাছত ভালদৰে ধুই পৰিষ্কাৰ কৰি লওক। নিমিষতে জিলিকি উঠিব।

৫. ৰান্ধি লোৱাৰ পিছত হাতৰ পৰা পিয়াঁজ-নহৰুৰ গোন্ধটো আঁতৰাবলৈ টুথপেষ্ট কেইটোপালমান হাতত ঘঁহিলে দুৰ্গন্ধ নিমিষতে নাইকিয়া হৈ যাব।

৬/ হঠাতে কাপোৰত কলমৰ দাগ পৰিল? চিন্তাৰ কোনো কোৰণ নাই। টুথপেষ্টৰ সহায়ত সোনকালে দাগ আঁতৰাব পাৰি। দাগ আঁতৰ হ’লে কাপোৰখন ডিটাৰজেণ্টেৰে ধুব লাগে। আপুনিও একেদৰে লিপষ্টিকৰো দাগ আঁতৰাব পাৰে।

৭. স্পঞ্জত টুথপেষ্টেৰে চিঙ্কটো স্ক্রাব কৰি পানীৰে ধুই পেলাওক। ঝলমলীয়া হোৱাৰ উপৰিও দুৰ্গন্ধবোৰো আঁতৰোৱা হ’ব।

৮. কাঠৰ আচবাবত পানীৰ দাগ আঁতৰাবলৈ টুথপেষ্ট ব্যৱহাৰ কৰক।

৯. কাৰ্পেটত চাহ বা কফিৰ দাগ পৰিলে তাৰ ওপৰত টুথপেষ্ট কিছু ঘঁহি চাফা কৰিব।

১০. লোহাৰ আগফালে থকা দাগবোৰে কাপোৰ লেতেৰা কৰিলে কোমল কাপোৰ এখনেৰে টুথপেষ্টেৰে পৰিষ্কাৰ কৰি আন এখন কাপোৰেৰে মচি দিব।

১১. পুৰণি কোমল ব্ৰাছত অলপ টুথপেষ্ট লগাওক। ইয়াৰ পিছত ৰূপৰ গহনাবোৰ লাহে লাহে তাৰ লগত ঘঁহি লওক। ইয়াৰ পিছত পাতল কাপোৰেৰে লাহে লাহে মচি পৰিষ্কাৰ কৰক। ক’লা দাগ ওলাব আৰু সম্পূৰ্ণ চিকচিকিয়া হৈ পৰিব।

Elen Musk: বিশ্ব ইতিহাসৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক

Elen Mask: বিশ্ব ইতিহাসৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ চিইঅ’ ইলন মাস্কে ব্যক্তিগত সম্পদৰ নতুন অভিলেখ গঢ়িলে। তেওঁৰ সম্পত্তি এতিয়া ৩৪৮ বিলিয়ন ডলাৰ। সোমবাৰে (২৪ নৱেম্বৰ) ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকৰ ভিত্তিত দ্য নিউজ ইণ্টাৰনেশ্যনেলে এনে বাতৰি প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প জয়ী হোৱাৰ পিছৰে পৰা টেছলাৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে ইলন মাস্কে ইতিহাসৰ শীৰ্ষতম ধনী স্থান দখল কৰিছে। আমেৰিকাৰ নিৰ্বাচনৰ দিনৰে পৰা টেছলাৰ শ্বেয়াৰ ৪০ শতাংশ বৃদ্ধি পাইছে। মাত্ৰ যোৱা শুকুৰবাৰেহে শ্বেয়াৰৰ মূল্য ৩.৮ শতাংশ বৃদ্ধি পাই ৩৫২.৫৬ ডলাৰ হয়। এই হাৰ তিনি বছৰতকৈ অধিক সময়ৰ ভিতৰত সৰ্বাধিক। ইয়াৰ জৰিয়তে মাস্কৰ সম্পত্তি ৭ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত তেওঁৰ নেট ৱৰ্থে পূৰ্বৰ অভিলেখ অতিক্ৰম কৰিলে। ইয়াৰ পূৰ্বে ২০২১ চনৰ নৱেম্বৰ মাহত এই অভিলেখ গঢ়িছিল। সেই সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৩২ হাজাৰ ৩ কোটি ডলাৰ। ট্ৰাম্পৰ সৈতে মাস্কৰ ঘনিষ্ঠ সম্পৰ্কই মূলধনী বজাৰৰ বিনিয়োগকাৰীক আস্থা প্ৰদান কৰিছে। ট্ৰাম্পক সমৰ্থন কৰাৰ পিছত মাস্কে তেওঁৰ প্ৰচাৰ পুঁজিলৈ ১০ কোটি ডলাৰতকৈ অধিক বৰঙণি আগবঢ়ায়। ট্ৰাম্পে ইলন মাস্কক নিজৰ প্ৰশাসনত চৰকাৰী দক্ষতা বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ ওলাইছে। ই হ’ব নতুন বিভাগ। বায়’টেকন’লজীৰ উদ্যোগী বিবেক ৰামাস্বামীয়েও মাস্কৰ সৈতে তাত কাম কৰিব। টেছলাৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশ যান নিৰ্মাণৰ দৰে উদ্যোগেও ইলন মাস্কৰ সম্পদ বৃদ্ধিত ভূমিকা গ্ৰহণ কৰিছে। বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি লেৰী এলিছনৰ তুলনাত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ মূল্য ৮ বিলিয়ন ডলাৰ বেছি। লেৰী এলিছনৰ সম্পত্তিৰ পৰিমাণ ২৩,৫০০ মিলিয়ন ডলাৰ।
Elen Mask: বিশ্ব ইতিহাসৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক

ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ চিইঅ’ ইলন মাস্কে ব্যক্তিগত সম্পদৰ নতুন অভিলেখ গঢ়িলে। তেওঁৰ সম্পত্তি এতিয়া ৩৪৮ বিলিয়ন ডলাৰ।

সোমবাৰে (২৪ নৱেম্বৰ) ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকৰ ভিত্তিত দ্য নিউজ ইণ্টাৰনেশ্যনেলে এনে বাতৰি প্ৰকাশ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প জয়ী হোৱাৰ পিছৰে পৰা টেছলাৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে ইলন মাস্কে ইতিহাসৰ শীৰ্ষতম ধনী স্থান দখল কৰিছে।

আমেৰিকাৰ নিৰ্বাচনৰ দিনৰে পৰা টেছলাৰ শ্বেয়াৰ ৪০ শতাংশ বৃদ্ধি পাইছে। মাত্ৰ যোৱা শুকুৰবাৰেহে শ্বেয়াৰৰ মূল্য ৩.৮ শতাংশ বৃদ্ধি পাই ৩৫২.৫৬ ডলাৰ হয়। এই হাৰ তিনি বছৰতকৈ অধিক সময়ৰ ভিতৰত সৰ্বাধিক।

ইয়াৰ জৰিয়তে মাস্কৰ সম্পত্তি ৭ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত তেওঁৰ নেট ৱৰ্থে পূৰ্বৰ অভিলেখ অতিক্ৰম কৰিলে। ইয়াৰ পূৰ্বে ২০২১ চনৰ নৱেম্বৰ মাহত এই অভিলেখ গঢ়িছিল। সেই সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৩২ হাজাৰ ৩ কোটি ডলাৰ।

ট্ৰাম্পৰ সৈতে মাস্কৰ ঘনিষ্ঠ সম্পৰ্কই মূলধনী বজাৰৰ বিনিয়োগকাৰীক আস্থা প্ৰদান কৰিছে। ট্ৰাম্পক সমৰ্থন কৰাৰ পিছত মাস্কে তেওঁৰ প্ৰচাৰ পুঁজিলৈ ১০ কোটি ডলাৰতকৈ অধিক বৰঙণি আগবঢ়ায়।

ট্ৰাম্পে ইলন মাস্কক নিজৰ প্ৰশাসনত চৰকাৰী দক্ষতা বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ ওলাইছে। ই হ’ব নতুন বিভাগ। বায়’টেকন’লজীৰ উদ্যোগী বিবেক ৰামাস্বামীয়েও মাস্কৰ সৈতে তাত কাম কৰিব।

টেছলাৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশ যান নিৰ্মাণৰ দৰে উদ্যোগেও ইলন মাস্কৰ সম্পদ বৃদ্ধিত ভূমিকা গ্ৰহণ কৰিছে।

বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি লেৰী এলিছনৰ তুলনাত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ মূল্য ৮ বিলিয়ন ডলাৰ বেছি। লেৰী এলিছনৰ সম্পত্তিৰ পৰিমাণ ২৩,৫০০ মিলিয়ন ডলাৰ।

Cancer। “হাঁহিয়ে কেঞ্চাৰ বেমাৰো ৰোধ কৰিব পাৰি”-গণেশ তামুলী

Cancer। "হাঁহিয়ে কেঞ্চাৰ বেমাৰো ৰোধ কৰিব পাৰি"-গণেশ তামুলী
Cancer। "হাঁহিয়ে কেঞ্চাৰ বেমাৰো ৰোধ কৰিব পাৰি"-গণেশ তামুলী

২৫, নবেম্বৰঃ ৰঙিয়াৰ বিশিষ্ট সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱশৰ্মাৰ সোঁৱৰণত সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ্ ক্রিয়েচনৰ উদ্যোগত ‘প্রয়াত বানেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষক বঁটা’ শীর্ষক ষষ্ঠ বাৰ্ষিক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয় (Cancer)।ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভবণ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থ প্ৰতিম ডেকাই। ইয়াৰ পিছতে প্ৰয়াত বাণেশ্বৰ দেৱ শৰ্মাৰ প্ৰতিচ্ছবিলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত শিক্ষাবিদ গৰাকীৰ পত্নী জয়মতী দেৱী আৰু সমাজকৰ্মী দেৱ সাহাই।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পৰেশ বৈশ্য, পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল কলিতৰ উপস্থিতিত নলবাৰীৰ সাংবাদিক তথা শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ পৰিচালক মজিবুৰ ৰহমানক “মানৱ দৰদী বঁটা” প্ৰদান কৰা হয়।বঁটা প্ৰদান অনুষ্ঠানৰ কাৰ্যকৰী সভাপতি জাভেদ জামান, সম্পাদক পংকজ পল্লৱ শৰ্মাই সামগ্ৰীক পৰিচালনা কৰা আৰু সহকাৰী সম্পাদক জ্যোতিৰ্ময় শৰ্মা আৰু চাকিল আহমেদে সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটোত প্ৰয়াত বাণেশ্বৰ দেৱ শৰ্মা জীৱন যোৰা সাধনা বঁটা গ্ৰহণ কৰা বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে কথা আৰু গীতেৰে উপস্থিত ৰাইজক সন্মোহিত কৰে।এটাৰ পিছত আন এটাকৈ গীতেৰে উপস্থিত ৰাইজক আপ্লুত কৰি তোলে প্ৰসিদ্ধ শিল্পী গৰাকীয়ে।সাপ্তাহিক গণস্তম্ভ কাকতৰ সম্পাদক চম্পক কলিতা,নলবাৰীৰ দুই জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা, এম মহিবৰ ৰহমান,শিক্ষা বিষয়া মইনুল হ’ক প্ৰমুখ্যে বিশিষ্ট ব্যাক্তি সকল উপস্থিত থকা অনুষ্ঠানটোত জগন্নাথ ভূঞাক ৰাজ্যিক কৃতি শিক্ষকৰ বটা,নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ গনেশ তামুলীক গণ হিতৈষী,বিশিষ্ট লেখিকা, উপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্যক সু- অনি বটা,ধীৰেণ বৰ্মনক সমাজ সেৱক আৰু আলাউদ্দিন আহমেদে সমাজ সংগঠক বঁটাৰ লগতে শিক্ষাবিদ ভুপেন দাস,বিশিষ্ট নাট্যকাৰ ধীৰেন বৰ্মন, ক্ৰীড়া সংগঠক আব্দুল মজিদ, বাণেশ্বৰ দেৱ শৰ্মা সাহিত্য বঁটা গোপাল জালানক,সমাজ সংগঠক আলাউদ্দিন আহমেদ,মবিদুল ইছলামক ক্ৰীড়া প্ৰাণ বঁটা,অধ্যাপক তানজিনট ইছলামক শিক্ষা উদ্যামিতা বঁটা,ডাঃ চক্ৰধৰ বৰ্মনক মানৱ সেৱা বঁটাকে ধৰি বিভিন্ন ক্ষেত্ৰত জড়িত আন কেবাজনকো বিশেষ বঁটাৰে সন্মানিত কৰা হয় । ইফালে প্ৰয়াত বাণেশ্বৰ দেৱ শৰ্মা সোৱৰণি ৰাজ্যিক ৰচনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কটন বিশ্ববিদ্যালয়ৰ কাঞ্চিতা শৰ্মা আৰু ২য় শ্ৰেষ্ঠ বিজয়ী দ্বাৰকুছি জাতীয় বিদ্যালয়ৰ মৰিয়মক পুৰস্কৃত কৰা হয়।একেখন মঞ্চতে পংকজ পল্লৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্রন্থ ‘দৈষ্টিক’ৰ উন্মোচন কৰে এমন্ত্ৰণৰ উপ প্ৰৱন্ধক তথা সংস্কৃতিৰ দাপোন কাকতৰ মুখ্য সম্পাদক দিনমনি ভাণ্ডাৰ কায়স্থই ।উন্মোচনী ভাষণ প্ৰসঙ্গত উপযুক্ত পিতৃৰ প্ৰতি উপযুক্ত পদক্ষেপ ৰূপে পঙ্কজ পল্লৱ শৰ্মাৰ প্ৰয়াসৰ শলাগ লয় উন্মোচক গৰাকীয়ে।আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাৰ উপস্থিতিত ৰূপায়িত কাৰ্যসূচীত মুখ্য অতিথিৰূপে বিশিষ্ট শিক্ষাবিদ পৰেশ চন্দ্ৰ বৈশ্য ই অংশগ্ৰহণ কৰে।ইফালে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী জাকিয়া আলফুলক শিশু প্ৰতিভা বঁটা প্ৰদানৰ লগতে আন কেবাগৰাকী বিশিষ্ট ব্যাক্তিক জীৱনযোৰা কৃতিত্বৰ স্বীকৃতি স্বৰূপে বটা আগবঢ়োৱা হয়।ৰাজ্যিক পৰ্যায়ত ক্যাৰাটে, কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাত অনন্য কৃতিত্বত প্ৰদৰ্শন কৰা কণমানি জাকিয়া আলফুলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।সংগীত -নৃত্যৰে জীপাল হৈ পৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা ,কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণী চৰণ কলিতা,শিক্ষক মুনীন্দ্ৰ ডেকা, অধ্যক্ষ বিপুল কলিতাৰহুল আলী, উজ্বল ডেকা, মুকুল ভূঞা,জয়ন্ত কুমাৰ শৰ্মা,অভিনেতা হৰিশ তালুকদাৰ প্ৰমুখ্যে ভালে সংখ্যক গন্য মান্য ব্যাক্তি উপস্থিত থাকে ।

Trump: ট্ৰাম্প প্ৰশাসনৰ কৃষিমন্ত্ৰী হ’ল সচিব ব্ৰুক ৰলিন্স

Trump: ট্ৰাম্প প্ৰশাসনৰ কৃষিমন্ত্ৰী হ'ল সচিব ব্ৰুক ৰলিন্স আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰুক ৰলিন্সক পৰৱৰ্তী প্ৰশাসনৰ কৃষি সচিব হিচাপে নিৰ্বাচিত কৰিব। ট্ৰাম্পে এক বিবৃতিত কয় যে আমেৰিকাৰ কৃষকসকল সঁচাকৈয়ে আমাৰ দেশৰ মেৰুদণ্ড আৰু আমাৰ পৰৱৰ্তী কৃষি সচিব হিচাপে ব্ৰুকে তেওঁলোকক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাৰ নেতৃত্ব দিব। যদিহে চেনেটে তেওঁৰ মনোনয়নত অনুমোদন জনায় তেন্তে তেওঁ দেশৰ প্ৰতিখন কাউন্টিত কাৰ্যালয় থকা এক লাখ বিষয়াৰ মন্ত্ৰালয়ৰ নেতৃত্ব দিব।কৃষি বিভাগৰ কাম-কাজত কৃষি আৰু পুষ্টিৰ কাম-কাজ, বন, গৃহ আৰু কৃষি বিত্ত, খাদ্য সুৰক্ষা, গ্ৰাম্য উন্নয়ন, কৃষি গৱেষণা, বাণিজ্য আৰু বহুতো।পূৰ্বৰ বিত্তীয় বৰ্ষত (২০২৪) কৃষি বিভাগৰ বাজেট আছিল প্ৰায় ৪৪ বিলিয়ন ডলাৰ।নিযুক্ত মন্ত্ৰীগৰাকীৰ কাৰ্যসূচীয়ে গ্ৰাম্য আৰু চহৰীয়া আমেৰিকানসকলৰ খাদ্যাভ্যাস আৰু খৰচৰ অভ্যাসত প্ৰভাৱ পেলাব। অন্যান্য কামৰ লগতে কৃষি বিভাগৰ বিষয়াসকলে বাণিজ্যিক চুক্তিৰ আলোচনা কৰে, খাদ্য আৰু পুষ্টিৰ ওপৰত পৰামৰ্শ দিয়ে, মাংসৰ গুণাগুণ পৰীক্ষা কৰে, বনজুইৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু গ্ৰাম্য অঞ্চলত ব্ৰডবেণ্ড সেৱাৰ তদাৰক কৰে। ট্ৰাম্পে কয় যে আমেৰিকাৰ কৃষকসকলক সমৰ্থন কৰা, আমেৰিকাৰ খাদ্য স্বাৱলম্বীতা ৰক্ষা কৰা আৰু আমেৰিকাৰ সৰু কৃষি চহৰসমূহক পুনৰ সমৃদ্ধিশালী কৰাৰ বাবে ব্ৰুক’ৰ দায়বদ্ধতা অতুলনীয়। নিৰ্বাচনৰ সময়ত দ্য আমেৰিকা ফাৰ্ষ্ট পলিচি ইনষ্টিটিউটৰ সদস্যসকলে ট্ৰাম্পৰ প্ৰচাৰ দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল আৰু তেওঁৰ আগন্তুক প্ৰশাসনৰ নীতি গঢ় দিয়াত সহায় কৰিছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ব্ৰুক ৰলিন্সে ঘৰুৱা নীতি পৰিষদৰ অধ্যক্ষতা কৰিছিল। কৃষি সচিব হিচাপে ৰলিন্সে প্ৰশাসনক জৈৱ ইন্ধনৰ বাবে কৰ ৰেহাই কেনেকৈ কাৰ্যকৰী কৰিব লাগে, বা কাৰ্যকৰী কৰিব লাগে সেই বিষয়ে পৰামৰ্শ দিব, কিয়নো এই খণ্ডটোৱে বিমান পৰিবহণৰ বাবে নবীকৰণযোগ্য ইন্ধনৰ সৈতে আগবাঢ়ি যাব বিচাৰিছে। আমেৰিকা-মেক্সিকো-কানাডা ত্ৰিপাক্ষিক বাণিজ্য চুক্তি নবীকৰণৰ ওপৰত অহা বছৰৰ আলোচনাৰ নেতৃত্ব দিব নিযুক্ত মন্ত্ৰীগৰাকীয়ে। আলোচনাৰ ওপৰত বিতৰ্ক ওলমি আছে, কিয়নো মেক্সিকোৱে জিনীয়ভাৱে পৰিৱৰ্তিত (জিএম) কুঁহিয়াৰৰ আমদানি বন্ধ কৰিব বিচাৰিছে আৰু কানাডাই দুগ্ধজাত সামগ্ৰীৰ ওপৰত কোটা আৰোপ কৰিছে। ট্ৰাম্পে পুনৰ কয় যে তেওঁ বৃহৎ পৰিমাণৰ আমদানি কৰ আৰোপ কৰিব যাৰ ফলত কৃষি খণ্ডত প্ৰভাৱ পৰিব।
Trump: ট্ৰাম্প প্ৰশাসনৰ কৃষিমন্ত্ৰী হ'ল সচিব ব্ৰুক ৰলিন্স

আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰুক ৰলিন্সক পৰৱৰ্তী প্ৰশাসনৰ কৃষি সচিব হিচাপে নিৰ্বাচিত কৰিব।

ট্ৰাম্পে এক বিবৃতিত কয় যে আমেৰিকাৰ কৃষকসকল সঁচাকৈয়ে আমাৰ দেশৰ মেৰুদণ্ড আৰু আমাৰ পৰৱৰ্তী কৃষি সচিব হিচাপে ব্ৰুকে তেওঁলোকক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাৰ নেতৃত্ব দিব।

যদিহে চেনেটে তেওঁৰ মনোনয়নত অনুমোদন জনায় তেন্তে তেওঁ দেশৰ প্ৰতিখন কাউন্টিত কাৰ্যালয় থকা এক লাখ বিষয়াৰ মন্ত্ৰালয়ৰ নেতৃত্ব দিব।কৃষি বিভাগৰ কাম-কাজত কৃষি আৰু পুষ্টিৰ কাম-কাজ, বন, গৃহ আৰু কৃষি বিত্ত, খাদ্য সুৰক্ষা, গ্ৰাম্য উন্নয়ন, কৃষি গৱেষণা, বাণিজ্য আৰু বহুতো।পূৰ্বৰ বিত্তীয় বৰ্ষত (২০২৪) কৃষি বিভাগৰ বাজেট আছিল প্ৰায় ৪৪ বিলিয়ন ডলাৰ।নিযুক্ত মন্ত্ৰীগৰাকীৰ কাৰ্যসূচীয়ে গ্ৰাম্য আৰু চহৰীয়া আমেৰিকানসকলৰ খাদ্যাভ্যাস আৰু খৰচৰ অভ্যাসত প্ৰভাৱ পেলাব।

অন্যান্য কামৰ লগতে কৃষি বিভাগৰ বিষয়াসকলে বাণিজ্যিক চুক্তিৰ আলোচনা কৰে, খাদ্য আৰু পুষ্টিৰ ওপৰত পৰামৰ্শ দিয়ে, মাংসৰ গুণাগুণ পৰীক্ষা কৰে, বনজুইৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু গ্ৰাম্য অঞ্চলত ব্ৰডবেণ্ড সেৱাৰ তদাৰক কৰে।

ট্ৰাম্পে কয় যে আমেৰিকাৰ কৃষকসকলক সমৰ্থন কৰা, আমেৰিকাৰ খাদ্য স্বাৱলম্বীতা ৰক্ষা কৰা আৰু আমেৰিকাৰ সৰু কৃষি চহৰসমূহক পুনৰ সমৃদ্ধিশালী কৰাৰ বাবে ব্ৰুক’ৰ দায়বদ্ধতা অতুলনীয়।

নিৰ্বাচনৰ সময়ত দ্য আমেৰিকা ফাৰ্ষ্ট পলিচি ইনষ্টিটিউটৰ সদস্যসকলে ট্ৰাম্পৰ প্ৰচাৰ দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল আৰু তেওঁৰ আগন্তুক প্ৰশাসনৰ নীতি গঢ় দিয়াত সহায় কৰিছিল।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ব্ৰুক ৰলিন্সে ঘৰুৱা নীতি পৰিষদৰ অধ্যক্ষতা কৰিছিল।

কৃষি সচিব হিচাপে ৰলিন্সে প্ৰশাসনক জৈৱ ইন্ধনৰ বাবে কৰ ৰেহাই কেনেকৈ কাৰ্যকৰী কৰিব লাগে, বা কাৰ্যকৰী কৰিব লাগে সেই বিষয়ে পৰামৰ্শ দিব, কিয়নো এই খণ্ডটোৱে বিমান পৰিবহণৰ বাবে নবীকৰণযোগ্য ইন্ধনৰ সৈতে আগবাঢ়ি যাব বিচাৰিছে।

আমেৰিকা-মেক্সিকো-কানাডা ত্ৰিপাক্ষিক বাণিজ্য চুক্তি নবীকৰণৰ ওপৰত অহা বছৰৰ আলোচনাৰ নেতৃত্ব দিব নিযুক্ত মন্ত্ৰীগৰাকীয়ে। আলোচনাৰ ওপৰত বিতৰ্ক ওলমি আছে, কিয়নো মেক্সিকোৱে জিনীয়ভাৱে পৰিৱৰ্তিত (জিএম) কুঁহিয়াৰৰ আমদানি বন্ধ কৰিব বিচাৰিছে আৰু কানাডাই দুগ্ধজাত সামগ্ৰীৰ ওপৰত কোটা আৰোপ কৰিছে।

ট্ৰাম্পে পুনৰ কয় যে তেওঁ বৃহৎ পৰিমাণৰ আমদানি কৰ আৰোপ কৰিব যাৰ ফলত কৃষি খণ্ডত প্ৰভাৱ পৰিব।

UNO: ২০২৩ চনত প্ৰতিদিনে গড়ে ১৪০ গৰাকী মহিলাক সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে : ৰাষ্ট্ৰসংঘ

২০২৩ চনত প্ৰতিদিনে গড়ে ১৪০ গৰাকী মহিলাক সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে : ৰাষ্ট্ৰসংঘ ২০২৩ চনত মহিলাৰ বাবে আটাইতকৈ মাৰাত্মক স্থান হৈ পৰিছে ঘৰ, য'ত প্ৰতিদিনে গড়ে ১৪০ গৰাকী মহিলা আৰু ছোৱালীক ঘনিষ্ঠ আত্মীয় বা পৰিয়ালৰ লোকে হত্যা কৰিছে। আমেৰিকাৰ মহিলা আৰু ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ আৰু অপৰাধৰ কাৰ্যালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২৩ চনত বিশ্বৰ প্ৰায় ৫১,১০০ মহিলা আৰু ছোৱালীক তেওঁলোকৰ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে। ২০২২ চনত এই সংখ্যা আছিল প্ৰায় ৪৮ হাজাৰ আঠশ লোক। আন্তঃৰাষ্ট্ৰীয় নাৰী নিৰ্যাতন বিৰোধী দিৱসত প্ৰকাশিত এই প্ৰতিবেদন। কিন্তু দুয়োটা সংস্থাই জোৰ দি কয় যে, এই ধৰণৰ লিংগভিত্তিক হিংসাই বিশ্বৰ প্ৰতিটো অঞ্চলৰ মহিলা আৰু ছোৱালীক প্ৰভাৱিত কৰি আহিছে। কোনো অঞ্চলেই ইয়াৰ পৰা ৰেহাই পোৱা নাই। প্ৰতিবেদনত পুনৰ কোৱা হৈছে যে, "মহিলা আৰু ছোৱালীৰ বাবে ঘৰটোৱেই আটাইতকৈ বিপজ্জনক ঠাই।" ২০২৩ চনত অন্তৰংগ সংগী আৰু পাৰিবাৰিক হিংসাৰ বাবে আফ্ৰিকাত সৰ্বাধিক হত্যাকাণ্ড সংঘটিত হৈছিল। তাত প্ৰায় ২১ হাজাৰ ৭০০ লোকৰ মৃত্যু হয়। এই ধৰণৰ মৃত্যুৰ হাৰো মহাদেশখনৰ জনসংখ্যাৰ তুলনাত সৰ্বাধিক আছিল। আফ্ৰিকা মহাদেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ২.৯ জন লোকৰ মৃত্যু হয়। আমেৰিকা আৰু ওচেনিয়াতো মৃত্যুৰ হাৰ অধিক আছিল। আমেৰিকাত প্ৰতি এক লাখ মহিলাৰ ভিতৰত ১.৬ জন আৰু ওচেনিয়াত প্ৰতি এক লাখৰ ভিতৰত ১.৫ জনী মহিলা। ইয়াৰ বিপৰীতে এছিয়া আৰু ইউৰোপত মৃত্যুৰ হাৰ বহু কম আছিল, প্ৰতি এক লাখ লোকৰ বিপৰীতে ক্ৰমে ০.৮ আৰু ০.৬ গৰাকী। প্ৰতিবেদন অনুসৰি ইউৰোপ আৰু আমেৰিকাৰ বেছিভাগ মহিলাকে ব্যক্তিগত পৰ্যায়ত সংগীয়ে হত্যা কৰি আহিছে। লগতে কোৱা হয় যে হত্যাৰ বলি হোৱা লোকৰ অধিকাংশই পুৰুষ আৰু কিশোৰ-কিশোৰী। কিন্তু পৰিয়ালৰ ভিতৰতে মহিলা আৰু ছোৱালীসকল মাৰাত্মক হিংসাৰ বলি হৈছে। ২০২৩ চনত প্ৰায় ৬০ শতাংশ হত্যা কৰা মহিলাক কোনো অন্তৰংগ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছিল। আৰু মুঠ হত্যাৰ বলি হোৱা লোকৰ ভিতৰত মহিলাৰ হাৰ ২০ শতাংশ। প্ৰতিবেদন অনুসৰি এনে হত্যাকাণ্ড আতংকজনকভাবে হাৰত বৃদ্ধি পাইছে। এই মৃত্যুসমূহ প্ৰায়ে লিংগভিত্তিক হিংসাৰ ফলত হয় আৰু সময়মতে আৰু ফলপ্ৰসূ হস্তক্ষেপৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়।
২০২৩ চনত প্ৰতিদিনে গড়ে ১৪০ গৰাকী মহিলাক সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে : ৰাষ্ট্ৰসংঘ

২০২৩ চনত প্ৰতিদিনে গড়ে ১৪০ গৰাকী মহিলাক সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে : ৰাষ্ট্ৰসংঘ

২০২৩ চনত মহিলাৰ বাবে আটাইতকৈ মাৰাত্মক স্থান হৈ পৰিছে ঘৰ, য’ত প্ৰতিদিনে গড়ে ১৪০ গৰাকী মহিলা আৰু ছোৱালীক ঘনিষ্ঠ আত্মীয় বা পৰিয়ালৰ লোকে হত্যা কৰিছে।

আমেৰিকাৰ মহিলা আৰু ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ আৰু অপৰাধৰ কাৰ্যালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২৩ চনত বিশ্বৰ প্ৰায় ৫১,১০০ মহিলা আৰু ছোৱালীক তেওঁলোকৰ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে। ২০২২ চনত এই সংখ্যা আছিল প্ৰায় ৪৮ হাজাৰ আঠশ লোক।

আন্তঃৰাষ্ট্ৰীয় নাৰী নিৰ্যাতন বিৰোধী দিৱসত প্ৰকাশিত এই প্ৰতিবেদন।

কিন্তু দুয়োটা সংস্থাই জোৰ দি কয় যে, এই ধৰণৰ লিংগভিত্তিক হিংসাই বিশ্বৰ প্ৰতিটো অঞ্চলৰ মহিলা আৰু ছোৱালীক প্ৰভাৱিত কৰি আহিছে। কোনো অঞ্চলেই ইয়াৰ পৰা ৰেহাই পোৱা নাই। প্ৰতিবেদনত পুনৰ কোৱা হৈছে যে, “মহিলা আৰু ছোৱালীৰ বাবে ঘৰটোৱেই আটাইতকৈ বিপজ্জনক ঠাই।”

২০২৩ চনত অন্তৰংগ সংগী আৰু পাৰিবাৰিক হিংসাৰ বাবে আফ্ৰিকাত সৰ্বাধিক হত্যাকাণ্ড সংঘটিত হৈছিল। তাত প্ৰায় ২১ হাজাৰ ৭০০ লোকৰ মৃত্যু হয়। এই ধৰণৰ মৃত্যুৰ হাৰো মহাদেশখনৰ জনসংখ্যাৰ তুলনাত সৰ্বাধিক আছিল। আফ্ৰিকা মহাদেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ২.৯ জন লোকৰ মৃত্যু হয়।

আমেৰিকা আৰু ওচেনিয়াতো মৃত্যুৰ হাৰ অধিক আছিল। আমেৰিকাত প্ৰতি এক লাখ মহিলাৰ ভিতৰত ১.৬ জন আৰু ওচেনিয়াত প্ৰতি এক লাখৰ ভিতৰত ১.৫ জনী মহিলা।

ইয়াৰ বিপৰীতে এছিয়া আৰু ইউৰোপত মৃত্যুৰ হাৰ বহু কম আছিল, প্ৰতি এক লাখ লোকৰ বিপৰীতে ক্ৰমে ০.৮ আৰু ০.৬ গৰাকী।

প্ৰতিবেদন অনুসৰি ইউৰোপ আৰু আমেৰিকাৰ বেছিভাগ মহিলাকে ব্যক্তিগত পৰ্যায়ত সংগীয়ে হত্যা কৰি আহিছে।

লগতে কোৱা হয় যে হত্যাৰ বলি হোৱা লোকৰ অধিকাংশই পুৰুষ আৰু কিশোৰ-কিশোৰী। কিন্তু পৰিয়ালৰ ভিতৰতে মহিলা আৰু ছোৱালীসকল মাৰাত্মক হিংসাৰ বলি হৈছে।

২০২৩ চনত প্ৰায় ৬০ শতাংশ হত্যা কৰা মহিলাক কোনো অন্তৰংগ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছিল। আৰু মুঠ হত্যাৰ বলি হোৱা লোকৰ ভিতৰত মহিলাৰ হাৰ ২০ শতাংশ।

প্ৰতিবেদন অনুসৰি এনে হত্যাকাণ্ড আতংকজনকভাবে হাৰত বৃদ্ধি পাইছে। এই মৃত্যুসমূহ প্ৰায়ে লিংগভিত্তিক হিংসাৰ ফলত হয় আৰু সময়মতে আৰু ফলপ্ৰসূ হস্তক্ষেপৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়।

BANGLADESH: বাংলাদেশত গ্ৰেপ্তাৰ ইস্কনৰ চিন্ময় কৃষ্ণ দাস প্ৰভু, হিন্দুৰ সপক্ষে সমদল উলিয়াইছিল

হিন্দু নেতা তথা ইস্কন সদস্য চিন্ময় কৃষ্ণ দাস প্ৰভুক বাংলাদেশত গ্ৰেপ্তাৰ। জানিব পৰা মতে, ঢাকা বিমানবন্দৰৰ পৰা ভুৱা দেশদ্ৰোহৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি আৰক্ষীয়ে তেওঁক বহিঃৰাজ্যলৈ যাবলৈ অনুমতি দিব বিচৰা নাছিল। বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা হিংসাৰ বিৰোধিতা কৰি অহা চিন্ময় প্ৰভুৱে শেহতীয়াকৈ হিন্দুৰ সমৰ্থনত এক সমদল উলিয়াইছিল।
হিন্দু নেতা তথা ইস্কন সদস্য চিন্ময় কৃষ্ণ দাসক বাংলাদেশত গ্ৰেপ্তাৰ

হিন্দু নেতা তথা ইস্কন সদস্য চিন্ময় কৃষ্ণ দাস প্ৰভুক বাংলাদেশত গ্ৰেপ্তাৰ। জানিব পৰা মতে, ঢাকা বিমানবন্দৰৰ পৰা ভুৱা দেশদ্ৰোহৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি আৰক্ষীয়ে তেওঁক বহিঃৰাজ্যলৈ যাবলৈ অনুমতি দিব বিচৰা নাছিল। বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা হিংসাৰ বিৰোধিতা কৰি অহা চিন্ময় প্ৰভুৱে শেহতীয়াকৈ হিন্দুৰ সমৰ্থনত এক সমদল উলিয়াইছিল।