Home Blog Page 445

TURMERIC: ৰাতিপুৱা কেঁচা হালধী আৰু জলকীয়াৰ জুতি

প্ৰতিদিনে পুৱা কেঁচা হালধী খাই নেকি সকলোৱে জানে যে ৰাতিপুৱা কেঁচা হালধী নিয়মীয়াকৈ খালে ই শৰীৰক বহু উপকাৰ সাধন কৰে। বহুতেই খালী পেটত কেঁচা হালধী খায়, আৰু বহুতে গৰম পানীৰ লগত মিহলাই হালধীৰ গুড়ি খায়। ইপিনে হালধীৰ লগত জলকীয়া খোৱাৰ সুফল কেইবাগুণ বেছি বুলি জানিব পৰা গৈছে। আচলতে হালধী আৰু জলকীয়া, দুয়োটা শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু পৃথকে পৃথকে খোৱাৰ পৰিৱৰ্তে এই দুই উপকৰণক একেলগে খোৱা দেখা যায় বহুতকে। হালধীত কাৰকুমিন নামৰ এবিধ পদাৰ্থ থাকে। এই কাৰকুমিনৰ ওপৰত হালধীৰ উপকাৰিতা বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু কাৰকুমিনক শৰীৰত ভালদৰে শোষণ কৰিব নোৱাৰে, ইয়াক জলকীয়াৰ লগত খালেহে সম্পূৰ্ণৰূপে শৰীৰে শোষণ কৰে। এই দুটা ৰন্ধন উপাদানে আক্ষৰিক অৰ্থত যাদুৰ দৰে কাম কৰি শৰীৰৰ একাধিক ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে বুলি গৱেষক সকলে কয়। বিষৰ চিকিৎসাত হালধী বহুদিনৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে। হালধীয়ে আচলতে শৰীৰটোক ভিতৰৰ পৰাই সুস্থ কৰি আনে যদিও ইয়াত জলকীয়া দিলে ই বেছি খৰকৈ কাম কৰে। জলকীয়াত থকা পাইপেৰিনে কোষবোৰ সক্ৰিয় কৰে। এই মছলা দুটাই দীৰ্ঘদিনীয়া বিষ বা স্নায়ু সম্পৰ্কীয় বিষো নিৰাময় কৰে। আয়ুৰ্বেদত বাতবিষৰ বিষ কমোৱাৰ বাবে হালধী ব্যৱহাৰৰ কথা উল্লেখ আছে। হালধী আৰু জলকীয়াই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। কেঁচা হালধী আৰু জলকীয়া একেলগে মিহলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি গলাত সহায় কৰে। প্ৰতিদিনে পুৱা খালী পেটত গৰম পানীত হালধী, জলকীয়া আৰু আদা খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। হালধী আৰু জলকীয়া একেলগে কেন্সাৰৰ বিৰুদ্ধেও যুঁজিব পাৰে। হালধীত থকা কাৰকুমিনে কেন্সাৰ কোষ ধ্বংস কৰাত সহায় কৰে। স্তন কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত হালধীৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ।
ৰাতিপুৱা কেচা হালধী আৰু জলকীয়াৰ জুতি

নিউজ ডেস্কঃ কলোৱে জানে যে ৰাতিপুৱা কেঁচা হালধী নিয়মীয়াকৈ খালে ই শৰীৰক বহু উপকাৰ সাধন কৰে। বহুতেই খালী পেটত কেঁচা হালধী খায়, আৰু বহুতে গৰম পানীৰ লগত মিহলাই হালধীৰ গুড়ি খায়। ইপিনে হালধীৰ লগত জলকীয়া খোৱাৰ সুফল কেইবাগুণ বেছি বুলি জানিব পৰা গৈছে। আচলতে হালধী আৰু জলকীয়া, দুয়োটা শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু পৃথকে পৃথকে খোৱাৰ পৰিৱৰ্তে এই দুই উপকৰণক একেলগে খোৱা দেখা যায় বহুতকে।

TURMERIC

হালধীত কাৰকুমিন নামৰ এবিধ পদাৰ্থ থাকে। এই কাৰকুমিনৰ ওপৰত হালধীৰ উপকাৰিতা বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু কাৰকুমিনক শৰীৰত ভালদৰে শোষণ কৰিব নোৱাৰে, ইয়াক জলকীয়াৰ লগত খালেহে সম্পূৰ্ণৰূপে শৰীৰে শোষণ কৰে। এই দুটা ৰন্ধন উপাদানে আক্ষৰিক অৰ্থত যাদুৰ দৰে কাম কৰি শৰীৰৰ একাধিক ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে বুলি গৱেষক সকলে কয়।

বিষৰ চিকিৎসাত হালধী বহুদিনৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে। হালধীয়ে আচলতে শৰীৰটোক ভিতৰৰ পৰাই সুস্থ কৰি আনে যদিও ইয়াত জলকীয়া দিলে ই বেছি খৰকৈ কাম কৰে। জলকীয়াত থকা পাইপেৰিনে কোষবোৰ সক্ৰিয় কৰে। এই মছলা দুটাই দীৰ্ঘদিনীয়া বিষ বা স্নায়ু সম্পৰ্কীয় বিষো নিৰাময় কৰে। আয়ুৰ্বেদত বাতবিষৰ বিষ কমোৱাৰ বাবে হালধী ব্যৱহাৰৰ কথা উল্লেখ আছে।

হালধী আৰু জলকীয়াই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। কেঁচা হালধী আৰু জলকীয়া একেলগে মিহলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি গলাত সহায় কৰে। প্ৰতিদিনে পুৱা খালী পেটত গৰম পানীত হালধী, জলকীয়া আৰু আদা খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়।

হালধী আৰু জলকীয়া একেলগে কেন্সাৰৰ বিৰুদ্ধেও যুঁজিব পাৰে। হালধীত থকা কাৰকুমিনে কেন্সাৰ কোষ ধ্বংস কৰাত সহায় কৰে। স্তন কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত হালধীৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ।

STRANGE: এটা জীৱনত দুবাৰ মৃত্যু হোৱা ৰাজনৈতিক নেতাজন…

এটা জীৱনত দুবাৰ মৃত্যু হোৱা ৰাজনৈতিক নেতাজন… জন ষ্টোনহাউচ। ব্ৰিটেইনৰ প্ৰাক্তন সংসদ সদস্য। ব্যক্তিগত জীৱনৰ পৰা ৰাজনৈতিক জীৱনলৈ যাৰ বৰ্ণিল যাত্ৰাই বিশ্ব ইতিহাসত স্থান দখল কৰি আছে। ষ্টোনহাউছক এতিয়াও ব্ৰিটেইনৰ জনসাধাৰণে এটা জীৱনত দুবাৰকৈ মৃত্যুবৰণ কৰাৰ বাবে মনত ৰাখিছে। প্ৰথম ঘটনাটো সংঘটিত হৈছিল ১৯৭৪ চনত। ষ্টোনহাউছে ব্যৱসায়ৰ বাবে মিয়ামিলৈ গৈছিল। তাত সাঁতুৰি থাকোঁতে হঠাতে সি নোহোৱা হৈ গ’ল। তাৰ কাপোৰবোৰ সাগৰৰ পাৰত পৰি আছিল। ব্যাপক অনুসন্ধানৰ পিছতো ষ্টোনহাউছ কেতিয়াও পোৱা নগ’ল। তেওঁৰ পত্নী আনকি তদন্তকাৰীয়েও তেওঁক ডুব যোৱা বুলি ভাবিছিল। ইফালে মৃত্যুৰ কাহিনী বনাইলৈ অষ্ট্ৰেলিয়ালৈ যোৱা বিমানত উঠিত সেই বছৰৰ বৰদিনৰ দিনা তেওঁক জীৱন্তে উদ্ধাৰ কৰা হৈছিল। জানিব পৰা মতে,ৰাজনৈতিক অস্থিৰতা, ব্যৱসায়ত যথেষ্ট লোকচান, ব্যক্তিগত জীৱনৰ সমস্যা আদিয়েও ষ্টোনহাউছক জুৰুলা কৰিছিল। তেওঁৰ ব্যক্তিগত মেনেজাৰৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। এসময়ত তেওঁৰ বিৰুদ্ধে কমিউনিষ্ট চোৰাংচোৱা বুলি অভিযোগ উঠিছিল। ইয়াৰ পিছত ফ্ৰেডেৰিক ফৰচাইথৰ উপন্যাস ‘দ্য ডে অৱ জেকেল’ৰ কাহিনী অনুকৰণ কৰি তেওঁ মৃত বুলি ভাও ধৰে। ১৯৬০ চনত হঠাতে তেওঁৰ নাম পোষ্টমাষ্টাৰ জেনেৰেল হিচাপে বিয়পি পৰে। ১৯৬৯ চনত পুনৰ পৰিস্থিতি সলনি হ’ল। তেওঁৰ বিৰুদ্ধে কমিউনিষ্ট চেকোস্লোভাকিয়াৰ চোৰাংচোৱা বুলি অভিযোগ উঠিছিল। তেতিয়াৰ পৰাই ষ্টোনহাউছৰ ৰাজনৈতিক জীৱন অধিক অশান্তিপূৰ্ণ হৈ পৰিল। ব্যৱসায়িক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। ১৯৭৫ চনৰ জানুৱাৰী মাহত এক সাক্ষাৎকাৰত ষ্টোনহাউছে কয় যে তেওঁ নতুন পৰিচয় ল’বলৈ বাধ্য হৈছে। পুৰণি ষ্টোনহাউছৰ মানসিক চাপ আছিল। চাপৰ পৰা সকাহ পোৱাৰ বাবে গা-ঢাকা। ১৯৭৬ চনত প্ৰৱঞ্চনাৰ অপৰাধত তেওঁক সাত বছৰৰ কাৰাদণ্ড বিহা হয়। তিনিটা হাৰ্ট এটেকৰ পিছত তেওঁৰ শাস্তি হ্ৰাস কৰা হয়। ১৯৭৮ চনত জন ষ্টোনহাউছে পত্নীক বিবাহ বিচ্ছেদ কৰে আৰু সম্পাদিকা শ্বিলা বাকলিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮৮ চনত তেওঁৰ মৃত্যু হয় ‘দ্বিতীয়বাৰৰ বাবে’ আৰু বাস্তৱিকতে।
এটা জীৱনত দুবাৰ মৃত্যু হোৱা ৰাজনৈতিক নেতাজন…

নিউজ ডেস্ক: জন ষ্টোনহাউচ। ব্ৰিটেইনৰ প্ৰাক্তন সংসদ সদস্য। ব্যক্তিগত জীৱনৰ পৰা ৰাজনৈতিক জীৱনলৈ যাৰ বৰ্ণিল যাত্ৰাই বিশ্ব ইতিহাসত স্থান দখল কৰি আছে। ষ্টোনহাউছক এতিয়াও ব্ৰিটেইনৰ জনসাধাৰণে এটা জীৱনত দুবাৰকৈ মৃত্যুবৰণ কৰাৰ বাবে মনত ৰাখিছে।

প্ৰথম ঘটনাটো সংঘটিত হৈছিল ১৯৭৪ চনত। ষ্টোনহাউছে ব্যৱসায়ৰ বাবে মিয়ামিলৈ গৈছিল। তাত সাঁতুৰি থাকোঁতে হঠাতে সি নোহোৱা হৈ গ’ল। তাৰ কাপোৰবোৰ সাগৰৰ পাৰত পৰি আছিল। ব্যাপক অনুসন্ধানৰ পিছতো ষ্টোনহাউছ কেতিয়াও পোৱা নগ’ল। তেওঁৰ পত্নী আনকি তদন্তকাৰীয়েও তেওঁক ডুব যোৱা বুলি ভাবিছিল। ইফালে মৃত্যুৰ কাহিনী বনাইলৈ অষ্ট্ৰেলিয়ালৈ যোৱা বিমানত উঠিত সেই বছৰৰ বৰদিনৰ দিনা তেওঁক জীৱন্তে উদ্ধাৰ কৰা হৈছিল।

জানিব পৰা মতে,ৰাজনৈতিক অস্থিৰতা, ব্যৱসায়ত যথেষ্ট লোকচান, ব্যক্তিগত জীৱনৰ সমস্যা আদিয়েও ষ্টোনহাউছক জুৰুলা কৰিছিল। তেওঁৰ ব্যক্তিগত মেনেজাৰৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। এসময়ত তেওঁৰ বিৰুদ্ধে কমিউনিষ্ট চোৰাংচোৱা বুলি অভিযোগ উঠিছিল। ইয়াৰ পিছত ফ্ৰেডেৰিক ফৰচাইথৰ উপন্যাস ‘দ্য ডে অৱ জেকেল’ৰ কাহিনী অনুকৰণ কৰি তেওঁ মৃত বুলি ভাও ধৰে।

১৯৬০ চনত হঠাতে তেওঁৰ নাম পোষ্টমাষ্টাৰ জেনেৰেল হিচাপে বিয়পি পৰে। ১৯৬৯ চনত পুনৰ পৰিস্থিতি সলনি হ’ল। তেওঁৰ বিৰুদ্ধে কমিউনিষ্ট চেকোস্লোভাকিয়াৰ চোৰাংচোৱা বুলি অভিযোগ উঠিছিল। তেতিয়াৰ পৰাই ষ্টোনহাউছৰ ৰাজনৈতিক জীৱন অধিক অশান্তিপূৰ্ণ হৈ পৰিল। ব্যৱসায়িক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।

১৯৭৫ চনৰ জানুৱাৰী মাহত এক সাক্ষাৎকাৰত ষ্টোনহাউছে কয় যে তেওঁ নতুন পৰিচয় ল’বলৈ বাধ্য হৈছে। পুৰণি ষ্টোনহাউছৰ মানসিক চাপ আছিল। চাপৰ পৰা সকাহ পোৱাৰ বাবে গা-ঢাকা। ১৯৭৬ চনত প্ৰৱঞ্চনাৰ অপৰাধত তেওঁক সাত বছৰৰ কাৰাদণ্ড বিহা হয়। তিনিটা হাৰ্ট এটেকৰ পিছত তেওঁৰ শাস্তি হ্ৰাস কৰা হয়। ১৯৭৮ চনত জন ষ্টোনহাউছে পত্নীক বিবাহ বিচ্ছেদ কৰে আৰু সম্পাদিকা শ্বিলা বাকলিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮৮ চনত তেওঁৰ মৃত্যু হয় ‘দ্বিতীয়বাৰৰ বাবে’ আৰু বাস্তৱিকতে।

MLA ,Binod Hazarika ।দুয়োটা কিডনী বিকল হোৱাৰ ১৩ বছৰীয়া শিশুৰ অনাদ্বীপৰ স্বাস্থ্য বুজ ললে বিধায়ক বিনোদ হাজৰিকাই

MLA ,Binod Hazarika ।দুয়োটা কিডনী বিকল হোৱাৰ ১৩ বছৰীয়া শিশুৰ অনাদ্বীপৰ স্বাস্থ্য বুজ ললে বিধায়ক বিনোদ হাজৰিকাই
MLA ,Binod Hazarika ।দুয়োটা কিডনী বিকল হোৱাৰ ১৩ বছৰীয়া শিশুৰ অনাদ্বীপৰ স্বাস্থ্য বুজ ললে বিধায়ক বিনোদ হাজৰিকাই

ডিব্ৰুগড়,২৫নৱেম্বৰ: লাহোৱালৰ ৰহমৰীয়াৰ এটি ১৩ বছৰীয়া শিশুৰ দুয়োটা কিডনী বিকল হোৱাৰ পিছত এতিয়া কাল অমানিশা নামি আহিছে পৰিয়ালটিলৈ । (MLA Binod Hazarika) অনাদ্বীপ ছত্ৰধৰা নামৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰজন জীয়াই থাকিবলৈ এটা হলেও কিডনী নতুনকৈ সংস্থাপিত কৰিব লাগিব বুলি চিকিৎসকে ঘোষনা কৰাত এতিয়া মূৰত সৰগ ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটিৰ।কিয়নো কমেও এটা কিডনী সংস্থাপিত কৰিবলৈ কেইবা লক্ষ টকাৰ প্ৰয়োজন যিটো দিনহাজিৰা কৰা কনমানিটিৰ পিতৃৰ বাবে কোনোপধ্যে সম্ভৱ নহয়।

লাহোৱালৰ ৰহমৰীয়াৰ কনমানিটো হৃদয়স্পৰ্শী কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হোৱা পাছতেই সহায়ত বাবে আগবঢ়ি আহিছে বিভিন্ন জন । দুয়োটা কিডনী বিকল হৈ দুৰ্বিসহ জীৱন কটোৱা অনাদীপৰ পৰিয়ালে সহায় বিচাৰি গৈছিল বিধায়ক লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা কাষলৈ । ইয়াৰ পাছতেই আজি লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই উপস্থিত হয় লাহোৱালৰ ৰহমৰীয়াৰ অনাদ্বীপ ছত্ৰধৰা গৃহত। খবৰ ললে দুৰ্ভগীয়া অনাদ্বীপ ছত্ৰধৰা ,দিলে যৎপৰোনাস্তি সহায় কৰাৰ আশ্বাস । আনকী বিধায়ক গৰাকীৰে চিকিৎস হৈতে শিশুটিৰ উন্নতৰ চিকিৎসা বাবে আলোচনা কৰে ।

AFFAIRS: পৰিকীয়া প্ৰেম কৰিলেও শাস্তি নাপায় ! কোনখন দেশত এই নতুন আইন প্ৰৱৰ্তন কৰা হৈছে

পৰকীয়া প্ৰেম কৰিলেও শাস্তি নাপায় ! কোনখন দেশত এই নতুন আইন প্ৰৱৰ্তন কৰা হৈছে পত্নীক প্ৰতাৰণা কৰাটো এতিয়া পৰা অপৰাধ নহয়, নিউয়ৰ্কত এতিয়া এই আইন সংশোধন কৰা হৈছে। শুকুৰবাৰে সেই দেশে এই আইন সলনি কৰিছে। ইয়াৰ পূৰ্বে যদি কোনোবাই এনে ব্যভিচাৰ কৰা বুলি ধৰা পৰিছিল তেন্তে তেওঁক তিনি মাহৰ কাৰাদণ্ড বিহা হৈছিল। সেইটো আইন এইবাৰ বাতিল কৰা হৈছে। PIC-1 গৱৰ্ণৰ কেথী হোচুলে স্বাক্ষৰ কৰিছে বিধেয়কখনত। তেওঁ কয় যে তেওঁৰ সুখী বৈবাহিক জীৱন ৪০ বছৰতকৈও অধিক হ’লেও এই আইন বাতিল কৰাৰ প্ৰয়োজন আছে। যদিও প্ৰথম দৃষ্টিত পৰকীয়া প্ৰেম জটিল যেন লাগিব পাৰে, তথাপিও ইয়াৰ বাবে শাস্তি দিয়াটো প্ৰয়োজনীয় নহয়। ১৯০৭ চনৰ পৰা নিউয়ৰ্কত এই আইন প্ৰযোজ্য হৈ আহিছে। সেই দেশৰ আইনত বিবাহ বহিৰ্ভূত সম্পৰ্কক সংজ্ঞায়িত কৰা হৈছে যে তেওঁৰ পত্নী বা স্বামী হৈও আন এজন ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰা কাৰ্য্য। তেওঁ কয় যে এনে সম্পৰ্ক জটিল। গতিকে ইয়াৰ অপব্যৱহাৰ প্ৰায়ে কৰা হয়। এই আইনখনে বিবাহ বিচ্ছেদ কৰাটো কঠিন কৰি তোলে। বিচ্ছিন্নতা নিষিদ্ধ কৰা এই আইনখন কেইবাখনো ৰাজ্যত প্ৰচলিত আছিল। বহু ৰাজ্যত এতিয়া এই আইন বাতিল কৰা হৈছে। কিন্তু এই আইনখন নিউয়ৰ্কত আছিল। ১৯০৭ চনৰ পৰা আজিলৈকে এই আইনৰ অধীনত মাত্ৰ ৩২ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। ইয়াৰে মাত্ৰ পাঁচজনকহে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হয়। EXTRAMERITAL AFFAIRS এই আইনখন শেষবাৰৰ বাবে ২০১০ চনত বলবৎ কৰা হৈছিল। এগৰাকী মহিলাৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য হৈছিল। জনা যায় যে তেওঁ পৰকীয়াভাবে এখন পাৰ্কত যৌন সম্পৰ্ক স্থাপন কৰিছিল এজন লোকৰ লগত। তাৰ আগতে ১৯৬০ চনত নিউয়ৰ্ক ৰাজ্যৰ এখন আয়োগে পৰ্যালোচনাত কৈছিল যে এই আইনখন কাৰ্যকৰী কৰাটো প্ৰায় অসম্ভৱ। পিছত আইনখন শ্বেলফত ৰখা হয়। অৱশেষত আৰু কোনো বাধা আৰোপ কৰা হোৱা নাছিল। উল্লেখ্য যে এতিয়াৰ পৰা পৰকীয়া প্ৰেম কৰিলেও কোনো শাস্তি দিয়া নহ’ব দেশখনত।
পৰকীয়া প্ৰেম কৰিলেও শাস্তি নাপায় !

পত্নীক প্ৰতাৰণা কৰাটো এতিয়া পৰা অপৰাধ নহয়, নিউয়ৰ্কত এতিয়া এই আইন সংশোধন কৰা হৈছে। শুকুৰবাৰে সেই দেশে এই আইন সলনি কৰিছে। ইয়াৰ পূৰ্বে যদি কোনোবাই এনে ব্যভিচাৰ কৰা বুলি ধৰা পৰিছিল তেন্তে তেওঁক তিনি মাহৰ কাৰাদণ্ড বিহা হৈছিল। সেইটো আইন এইবাৰ বাতিল কৰা হৈছে।

PIC-1

গৱৰ্ণৰ কেথী হোচুলে স্বাক্ষৰ কৰিছে বিধেয়কখনত। তেওঁ কয় যে তেওঁৰ সুখী বৈবাহিক জীৱন ৪০ বছৰতকৈও অধিক হ’লেও এই আইন বাতিল কৰাৰ প্ৰয়োজন আছে। যদিও প্ৰথম দৃষ্টিত পৰকীয়া প্ৰেম জটিল যেন লাগিব পাৰে, তথাপিও ইয়াৰ বাবে শাস্তি দিয়াটো প্ৰয়োজনীয় নহয়। ১৯০৭ চনৰ পৰা নিউয়ৰ্কত এই আইন প্ৰযোজ্য হৈ আহিছে। সেই দেশৰ আইনত বিবাহ বহিৰ্ভূত সম্পৰ্কক সংজ্ঞায়িত কৰা হৈছে যে তেওঁৰ পত্নী বা স্বামী হৈও আন এজন ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰা কাৰ্য্য।

তেওঁ কয় যে এনে সম্পৰ্ক জটিল। গতিকে ইয়াৰ অপব্যৱহাৰ প্ৰায়ে কৰা হয়। এই আইনখনে বিবাহ বিচ্ছেদ কৰাটো কঠিন কৰি তোলে। বিচ্ছিন্নতা নিষিদ্ধ কৰা এই আইনখন কেইবাখনো ৰাজ্যত প্ৰচলিত আছিল। বহু ৰাজ্যত এতিয়া এই আইন বাতিল কৰা হৈছে। কিন্তু এই আইনখন নিউয়ৰ্কত আছিল। ১৯০৭ চনৰ পৰা আজিলৈকে এই আইনৰ অধীনত মাত্ৰ ৩২ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। ইয়াৰে মাত্ৰ পাঁচজনকহে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হয়।

EXTRAMERITAL AFFAIRS

এই আইনখন শেষবাৰৰ বাবে ২০১০ চনত বলবৎ কৰা হৈছিল। এগৰাকী মহিলাৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য হৈছিল। জনা যায় যে তেওঁ পৰকীয়াভাবে এখন পাৰ্কত যৌন সম্পৰ্ক স্থাপন কৰিছিল এজন লোকৰ লগত। তাৰ আগতে ১৯৬০ চনত নিউয়ৰ্ক ৰাজ্যৰ এখন আয়োগে পৰ্যালোচনাত কৈছিল যে এই আইনখন কাৰ্যকৰী কৰাটো প্ৰায় অসম্ভৱ। পিছত আইনখন শ্বেলফত ৰখা হয়। অৱশেষত আৰু কোনো বাধা আৰোপ কৰা হোৱা নাছিল। উল্লেখ্য যে এতিয়াৰ পৰা পৰকীয়া প্ৰেম কৰিলেও কোনো শাস্তি দিয়া নহ’ব দেশখনত।

Kangana Ranaut: আজি মোৰ ঘৰ ভাঙিল, কাইলৈ আপোনাৰ অহংকাৰ পতন হ’ব!

Kangana Ranaut
Kangana Ranaut

মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত উদ্ধৱ থাকৰেৰ দল পৰাজিত হয়। বিজেপি-শিৱসেনা (একনাথ শিণ্ডে)-এনচিপি (অজিত পাৱাৰ)ৰ মিত্ৰতা বিপুল ভোটেৰে জয়লাভ কৰে। উদ্ধৱ থাকৰেৰ পৰাজয়ৰ পিছত কংগনাৰ অনুৰাগীসকলে ২০২০ চনৰ এটা ঘটনাৰ কথা মনত পেলাইছে।(Kangana Ranaut)

২০২০ চনত মুম্বাইত অবৈধ নিৰ্মাণৰ অভিযোগত বিএমচি (বৃহনমুম্বাই পৌৰ নিগম)ই কংগনাৰ ঘৰৰ কিছু অংশ ভাঙি পেলাইছিল। বিষয়টোক লৈ কংগনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ঘৰৰ এটা অংশ ভাঙি পেলোৱাৰ পিছত কংগনাই এটা ভিডিঅ’ পোষ্ট কৰে। উদ্ধৱে থাকৰে চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কংগনাই কৈছিল – উদ্ধৱ থাকৰে ‘চিনেমা মাফিয়া’ৰ লগত হাত মিলাই মোৰ ঘৰ ভাঙি ডাঙৰ প্ৰতিশোধ ল’লে কি বুলি ভাবিছা? মোৰ ঘৰখন আজি ভাঙিলা। কাইলৈ ​​আপোনাৰ অহংকাৰ পতন হ’ব। সময়ে সকলোকে ক’ব। মনত ৰখা উচিত পৰিস্থিতি সদায় একে নহয়।”(Uddhav Thakrey)

কংগনাই অনুভৱ কৰে যে এইবাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফল ঘোষণাৰ পিছতে উদ্ধৱে নিজৰ কৰ্মৰ ফল লাভ কৰিছে। সোমবাৰে এটা সংবাদ সংস্থাক কংগনাই কয়, ‘মই এনেকুৱা ফলাফল আশা কৰিছিলোঁ। ইতিহাসে সাক্ষ্য দিব, আমি কেনেকৈ দানৱ আৰু দৈত্যক চিনি পালোঁ। নাৰীক অসন্মান কৰা সকল দানৱৰ বাহিৰে আন একো নহয়।”

লগতে কংগনাই ক’লে, “মোৰ ঘৰ ভাঙিলে। মোক গালি-গালাজ কৰিলে। তেওঁলোকে ভাল আৰু ভুলৰ পাৰ্থক্য বুজি নাপায়, সেইটোৱেই প্ৰমাণ।”

Chicken: প্ৰতিদিনে চিকেন খাই নেকি? চিকেন খোৱাৰ ফলত শৰীৰত কেনে প্ৰভাৱ পৰে

Chicken
Chicken

ভোক লাগিলেই চিকেন পকৰা খাইনে নে চিকেন ৰোল খাই? কেতিয়াবা কাটলেট, কেতিয়াবা চেণ্ডুইচ, আকৌ চৌমিন-মেগী, আনকি পাস্তাতো চিকেন থাকে। ৰেষ্টুৰেণ্টত আমি প্ৰায়ে প্ৰথমে অৰ্ডাৰ কৰোঁ চিকেন। প্ৰতিদিনে বা প্ৰায়ে ব্ৰইলা বা কুকুৰা মাংস খোৱাৰ ফলত শৰীৰত কেনেধৰণৰ প্ৰভাৱ পৰে জানো আহক।(Chicken)

ব্ৰইলা খোৱাৰ বিশেষ ক্ষতি নহয়। আনহতে প্ৰতিদিনে ছাগলী মাংস খালে কলেষ্টেৰল বৃদ্ধি পাই কিন্তু চিকেন খালে এই ভয়ৰ পৰা হাত সাৰিব পাৰে। কিন্তু চিকেন কেনেকৈ ৰান্ধিব, কিমান খাব, সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। ১০০ গ্ৰাম চিকেনৰ পৰা প্ৰায় ১৬৫ কেলৰি লাভ কৰিব পাৰি, লগতে ৩১ গ্ৰাম প্ৰটিন আৰু ৩ গ্ৰাম চৰ্বিও লাভ কৰিব পাৰি। চিকেনত আইৰণ, জিংক, ভিটামিন বি ৬কে ধৰি কেইবাটাও ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।(Side Effects of Chicken)

গতিকে চিকেন খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। বহুতে ওজন কমাবলৈ চিকেন খাই। চিকেন সিজাই খাব লাগে বা চূপ বনাই খাব লাগে। কোনোবাই যদি দিনটোত দুবাৰকৈ আহাৰ খায়, তেন্তে তেওঁৰ ওজন, শৰীৰৰ গঠন, কেনেধৰণৰ শাৰীৰিক কাম কৰে, কিবা বেমাৰ আছে নে নাই, সেইবোৰ চাইহে চিকেন খাব লাগে।

চিকেন জোখত খালে খালে দৈনিক খাব পাৰে। কিন্তু বেছিভাগেই সেই নিয়ম মানি নচলে। প্ৰতিদিনে চিকেন পকৰা, ৰোল, চচ্চেজ, বাৰ্গাৰ খালে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বহুগুণে বৃদ্ধি পাব। দোকানৰ পৰা কিনা চিকেন চেণ্ডুইচ, বাৰ্গাৰ বা আন যিকোনো চিকেন বস্তু বহু দিন ৰাখি থয়। প্ৰচেছড মাংস খালে ইউৰিক এচিডৰ মাত্ৰাও বৃদ্ধি পাব পাৰে।

এদিনত এজন প্ৰাপ্তবয়স্কৰ কিমান প্ৰ’টিনৰ প্ৰয়োজন তেওঁৰ ‘BMI’ (Body Mass Index) চাই নিৰ্ণয় কৰা হয়। যিদিনা আপুনি চিকেন খাই, সেইদিনা দাইল কমকৈ খাব লাগে বা কণী, মাছ , পনিৰ খাব নালাগে। তেনে ক্ষেত্ৰত প্ৰটিনৰ মাত্ৰা বৃদ্ধি পাব আৰু ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব। বেছিভাগ মানুহেই এই নিয়ম মানি নচলে। তেতিয়াই বদহজম, গেছ আৰু পেট জ্বলা-পুৰাৰ সমস্যা বাঢ়ি যায়। প্ৰটিন বেছিকৈ খালে কিডনীৰো ৰোগ হ’ব পাৰে। সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হ’ব পাৰে। গতিকে সীমিত পৰিমাণৰ খোৱা উচিত।

A R Rahman-Saira Banu: এ আৰ ৰহমানৰ কিমান সম্পত্তি পাব ছাইৰা বানুৱে? অধিবক্তাই স্পষ্ট কৰিলে

A R Rahman-Saira Banu
A R Rahman-Saira Banu

এ আৰ ৰহমান আৰু ছাইৰা বানুৰ বিচ্ছেদৰ খবৰ মুখে মুখে চৰ্চা। তেওঁলোকৰ বিচ্ছেদৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগী বাকৰুদ্ধ হৈ পৰিছিল। তাৰকা দম্পতীৰ তিনিটা সন্তানো আছে। বিবাহৰ ২৯ বছৰৰ পাছত বিচ্ছেদ হোৱাৰ সিদ্ধান্তত দুখী তেওঁলোকৰ অনুৰাগী। বিচ্ছেদৰ পিছতে সম্পত্তি বিভাজনৰ সন্দৰ্ভত আৰম্ভ হ’ল বিতৰ্ক। সুৰকাৰৰ পত্নীয়ে তেওঁৰ বিশাল সম্পত্তিৰ আধা পাবনে। জনা যায় যে প্ৰায় ১৭২৮ কোটি টকাৰ মালিক এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুৰকাৰ এ আৰ ৰহমান। ২০০০ কোটিৰ সম্পত্তি তেওঁৰ।(A R Rahman-Saira Banu)

ছ’চিয়েল মিডিয়াত এনেধৰণৰ মন্তব্য প্ৰচাৰিত হোৱাৰ লগে লগে ছাইৰা বানুৰ অধিবক্তা বন্দনা শ্বাহে বিষয়টো সন্দৰ্ভত স্পষ্ট মন্তব্য প্ৰদান কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিচ্ছেদ হোৱা পত্নীয়ে বিচ্ছেদৰ পিছত স্বামীৰ মুঠ সম্পত্তিৰ আধা ৰক্ষণাবেক্ষণৰ বাবে পাব। এনে কোনো আইন এতিয়াও লিপিবদ্ধ হোৱা নাই। এই আইন সেয়েহে ৰহমান-ছাইৰা বানুৰ ক্ষেত্ৰতো প্ৰযোজ্য নহয়। লগতে তেওঁ কয় যে সুৰকাৰ-শিল্পীগৰাকীয়ে নিজৰ মুঠ সম্পত্তি আদালতত ঘোষণা কৰিছে। এইবাৰ ছাইৰা বানুৱে কি দাবী কৰিব, পৰিস্থিতি অনুযায়ী আদালতে বিবেচনা কৰিব।(Property)

অধিবক্তাগৰাকীয়ে স্পষ্টভাৱে কয় যে দুয়োপক্ষই দাখিল কৰা সকলো তথ্য আৰু প্ৰমাণৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হ’ব।(Divorce)

Healthy Tiffin: শীতকালত শিশুৰ খাদ্যাভ্যাস সলনি কৰক, এই ৪টা স্বাস্থ্যকৰ খাদ্য শিশুৰ টিফিনত দিয়ক

Healthy Tiffin
Healthy Tiffin

শীতকালত শিশুৰ এটা সুস্থ শৰীৰৰ বাবে দুপৰীয়াৰ আহাৰত তেওঁলোকৰ বাবে কিছু সোৱাদযুক্ত আৰু পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰক আৰু স্কুললৈ যোৱাৰ সময়ত টিফিনত দিয়ক।(Healthy Tiffin)

শীতকালত মানুহৰ ভোকৰ লগতে লোভও বৃদ্ধি পাই। এই ঋতুত ওজনো অতি দ্ৰুতগতিত বৃদ্ধি পায়, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কাৰণ মেদবহুলতাই বহু বেমাৰ সৃষ্টি কৰে শৰীৰত। আনহাতে শিশুৱে বেছিকৈ পেক কৰা খাদ্য খাই ভাল পায়, যাৰ বাবে তেওঁলোকে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয় আৰু গুৰুতৰ ৰোগৰ বলি হয় মাজে মাজে।(Healthy Lunch Ideas For Kids)

গতিকে আজি আমি আপোনালোকক কিছু পুষ্টিকৰ আৰু প্ৰটিন সমৃদ্ধ খাদ্যৰ বিষয়ে ক’ম, যিয়ে শিশুক স্বাস্থ্যৱান কৰি ৰখাই নহয়, ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰিব পাৰে। অভিভাৱকসকলে শিশু স্কুললৈ যোৱাৰ সময়ত এই খাদ্যসমূহ নিজৰ সন্তানৰ টিফিনত দিব পাৰে।

১.উত্তপম আৰু বিলাহী-উত্তাপম চেমোলিনাৰ সহায়ত তৈয়াৰ কৰা হয়, য’ত মেগনেছিয়াম, ফছফৰাছ আদিৰ উপৰিও প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন আৰু এ, বি ১, বি ২, বি ৩, বি ৬, বি ৯, বি ১২ আৰু চি ভিটামিন থাকে। বিলাহী, পনিৰ, পিয়াঁজ আৰু কেপচিকাম আদি শাক-পাচলিৰে বনাব পাৰে। দেশী ঘিউ বা অলিভ অইলত উত্তাপম বনাওক।

২) বিলাহী চাউলৰ সৈতে তিয়হ
বিলাহীৰে ভাত বনাবলৈ অলপ তেল বা ঘিউ ব্যৱহাৰ কৰি যিমান পাৰি সিমান শাক-পাচলি দিব লাগে, ইয়াত থকা ভিটামিন চিয়ে শৰীৰত এন্টিব’ডি উৎপন্ন কৰাত সহায় কৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু বতৰ পৰিৱৰ্তনৰ ফলত হোৱা ৰোগৰ পৰা ৰক্ষা পৰে। ইয়াৰ লগত তিয়হও দিব পাৰে, তিয়হে ছালখন সুস্থ কৰি ৰখাত সহায় কৰে।

৩) পানীৰ ভুজীয়া, পৰঠা আৰু চালাড
পনীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু ফছফৰাছ থাকে, যিয়ে হাড় মজবুত কৰাত সহায় কৰে। পনীৰত এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত উচ্চমানৰ প্ৰটিন থাকে, যিয়ে ছাল আৰু চুলিক সুস্থ কৰি ৰাখে। পনীৰ পৰঠা আৰু কম তেলত ভাজি চালাডৰ লগতে দুপৰীয়াৰ আহাৰত ল’ৰা-ছোৱালীক দিব পাৰে।

Rashmika Mandanna: গোপনে প্ৰেম! মুকলি আকাশৰ তলত আহাৰ গ্ৰহণ কৰিলে বিজয়-ৰশ্মিকাই

Rashmika Mandanna
Rashmika Mandanna

সামাজিক মাধ্যমত বনজুই দৰে বিয়পিছে এখন ফটো। ফটোখনত দেখা গৈছে বিখ্যাত তাৰকা দম্পতীয়ে মুকলি আকাশৰ তলত এখন ৰেষ্টুৰেণ্টত বহি খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত। হয়, বিজয় আৰু ৰশ্মিকাৰ কথা কৈছোঁ। দুয়োৰে প্ৰেমৰ সম্পৰ্কক লৈ বহু উৰাবাতৰি ওলাইছে। শেহতীয়াকৈ ভাইৰেল হোৱা এই ফটোখনে আৰু অধিক ৰহস্য সৃষ্টি কৰিছে অনুৰাগীৰ মাজত।(Rashmika Mandanna)

আনকি তেওঁলোক দুয়ো ভেকেচনত একেলগে সময় কটাবলৈ গৈছিল বুলিও খবৰ ওলাইছিল। কেতিয়াবা বিজয় দেৱেৰাকোণ্ডাৰ টি-চাৰ্ট পিন্ধি কেমেৰাৰ সন্মুখলৈ আহি ৰশ্মিকাই হাঁহিছিল। কিন্তু তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা কেতিয়াও কোৱা নাই। এইবাৰ দুয়োকে ব্যক্তিগতভাৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা দেখা গ’ল। পিছফালৰ পৰা কেমেৰাত তেওঁলোকৰ ফটো বন্দী কৰিলে এজন অনুৰাগীয়ে।(Vijay Deverakonda)

ছবিখনত তেওঁলোক দুয়োকে মুকলি আকাশৰ তলৰ ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি থকা দেখা গৈছে। আনকি বিজয় আৰু ৰশ্মিকাই মেচিং কাপোৰ পিন্ধিছে। বগা টি-চাৰ্টৰ ওপৰত বিজয়ে পিন্ধিছে নীলা ৰঙৰ বুটাম খোলা চাৰ্ট। মূৰত টুপী। আনহাতে ৰশ্মিকাই পিন্ধিছে নীলা ৰঙৰ ক্ৰপ টপ আৰু ডেনিম পেণ্ট। অনুৰাগীসকলে অনুমান কৰিছিল যে তেওঁলোকে এটা বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰিবলৈ মিল থকা ৰঙৰ সাজ-পোছাক পিন্ধিছিল।(Pushpa2)

বিজয়ে বৰ্তমান শ্ৰীলংকাত এখন ছবিখনৰ শ্বুটিং কৰি আছে। কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত বিজয়ে কৈছিল যে তেওঁৰ বয়স এতিয়া ৩৫ বছৰ। কোনো কাৰণতে তেওঁ ‘চিংগল’ নহয়। নেটিজেনৰ মতে, অতি শীঘ্ৰে তেওঁলোকে এই সম্পৰ্ক সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব।

সন্দীপ ৰেড্ডী বাংগাৰ ‘এনিমেল’ত শেষবাৰৰ বাবে দেখা গৈছিল ৰশ্মিকাক। এই ছবিখনত অভিনয় কৰাৰ বাবে ৰশ্মিকাক সমালোচনা কৰা হৈছিল ‘মিছ’জিনিষ্ট’ লেবেলৰ বাবে। ইয়াৰ পিছত তেওঁক দেখা যাব ‘পুষ্পা ২ত। ৫ ডিচেম্বৰত মুক্তি পাব এই ছবিখন। আনহাতে বিজয়ক‘ভিডি ১২’ নামৰ এখন ছবিত দেখা যাব।

Maharashtra: দেৱেন্দ্ৰ ফাড়নাবিছ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হ’লে আপত্তি এন চি পিৰ! কিন্তু শিৱসেনা আৰু বিজেপি এতিয়াও মৌন

Maharashtra
Maharashtra

২৬ নৱেম্বৰত মহাৰাষ্ট্ৰত নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা৷ পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে চৰ্চালৈ দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম৷ (Maharashtra)

ফলাফল ঘোষণাৰ ২৪ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ’ল। কিন্তু মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। একনাথ শিণ্ডেৰ শিৱসেনাই দেওবাৰে সন্ধিয়া সংসদীয় দলৰ বৈঠক আহ্বান কৰে। সেই বৈঠকৰ সবিশেষ জানিব পৰা হোৱা নাই যদিও শিৱসেনাৰ সূত্ৰৰ মতে, দলৰ বিধায়কসকলে শিণ্ডেক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত তেওঁলোকৰ যুক্তি হ’ল- শিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰত ‘মহায়ুতি’ মিত্ৰজোঁটে যথেষ্ট সফলতা লাভ কৰিছে। গতিকে তেওঁক মুখ্যমন্ত্রী নিৰূপণ নকৰিলে ভোটাৰলৈ ভুল বার্তা প্রেৰণ হ’ব পাৰে৷(Maharashtra Assembly Election 2024)

খবৰ অনুসৰি বিজেপিয়েও বিধায়কৰ সৈতে আলোচনাত বহিছে। কেৱল এন চি পি (অজিত পাৱাৰ)য়েহে মুখ্যমন্ত্ৰী পদৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। সংসদীয় দলৰ বৈঠকত এন চি পিৰ বিধায়কসকলে অজিতক নেতা হিচাপে বাছি লৈছিল। অৱশ্যে দলৰ জ্যেষ্ঠ নেতা ছগন ভুজবলে বিদায়ী উপ-মুখ্যমন্ত্ৰী অজিত মুখ্যমন্ত্ৰীৰ দৌৰত নথকাৰ কথা স্পষ্ট কৰি কয় যে বিজেপিয়ে যদি দেৱেন্দ্ৰ ফাড়নাবিছক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰে তেন্তে আমি সমৰ্থন কৰিম। এই ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই।”(Devendra Fadnavis)

২৮৮খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভাত অকল বিজেপিয়ে ১৩২খন আসন লাভ কৰে। আনহাতে মহায়ুটিৰ আন দুই অংশীদাৰ শিৱসেনা (শিন্দে)য়ে ৫৭ খন আৰু এন চি পি (অজিত) ৪১ খন আসন লাভ কৰে। আসনৰ সংখ্যাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ এয়া সৰ্বোত্তম ফলাফল। নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ মাত্ৰ ১৩খন আসন বাকী আছে। বিজেপিৰ সূত্ৰৰ মতে, এই পৰিস্থিতিত বহু সংখ্যক বিধায়কে দেৱেন্দ্ৰক মুখ্যমন্ত্ৰী কৰাৰ দাবী উত্থাপন কৰিছে। আৰ এছ এছৰ সমৰ্থনো নাগপুৰৰ এই নেতাৰ সপক্ষে গৈছে। কিন্তু ‘মিত্ৰৰোঁট’ নীতি অনুসৰণ কৰি বিজেপিয়ে এই বিষয়ত এতিয়া কোনো ঘোষণা কৰিব নিবিচাৰে। এই প্ৰসংগত মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰশেখৰ বাৱানকুলে কয় যে, “মুখ্যমন্ত্ৰী কোন হ’ব সেয়া দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু সংসদীয় ব’ৰ্ডে নিৰ্ধাৰণ কৰিব।” অংশীদাৰসকলৰ লগত আলোচনা কৰি এই সিদ্ধান্ত লোৱা হ’ব।(Ajit Power)