Home Blog Page 446

Rishab Pant: ২৭ কোটিৰে LSGৰ ক্ৰয় ঋষভ পণ্টক, লক্ষ্ণৌৰ স্বত্বাধিকাৰী গোৱেংকাৰ ক্ষোভ!

Rishab Pant
Rishab Pant

২৭ কোটি টকাত ঋষভ পণ্টক ক্ৰয় LSGৰ। IPL ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত ঋষভ পণ্ট। দেওবাৰৰ পৰা দুদিনীয়াকৈ IPL ২০২৫ৰ মেগা নিলাম।(Rishab Pant)

আনহাতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২৭ কোটি টকাত ঋষভ পণ্টক ক্ৰয় কৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে দলৰ মালিক সঞ্জীৱ গোৱেংকাৰে। তেওঁ অনুভৱ কৰে যে পণ্টক বেছি টকা দিয়া হৈছে।(LSG)

দিল্লী কেপিটেলে ‘ৰাইট টু মেচ কাৰ্ড’ ব্যৱহাৰ কৰি পন্টক ধৰি ৰাখিব বিচাৰিছিল। কিন্তু দিল্লীৰ সামৰ্থ নহ’ল। ফলত পন্ট লক্ষ্ণৌলৈ যায়। ২৭ কোটি টকাৰে LSGৰে ক্ৰয় কৰে ঋষভক। কিন্তু ইমান টকা দিব বুলি ভবা নাছিল দলৰ স্বত্বাধিকাৰীয়ে। গোৱেংকাই ক’লে, “আমাৰ এটা পৰিকল্পনা আছিল। আমি তেওঁৰ বাবে প্ৰায় ২৬ কোটি টকা ৰাখিছিলো। কিন্তু অলপ বেছি টকা দিলোঁ। কিন্তু তেওঁৰ দৰে ক্ৰিকেটাৰ এজন পাই আমি সুখী।’(IPL 2025 Auction)

গোৱেংকাই অনুভৱ কৰে যে পণ্টে তেওঁলোকৰ দলৰ শক্তি বঢ়াব। তেওঁ কয়, ‘পণ্ট এজন ডাঙৰ ক্ৰিকেটাৰ। অকলে মেচখন জিকিব পাৰে। তেওঁ দলৰ হৈ খেলে। এতিয়াৰ পৰা তেওঁ লক্ষ্ণৌৰ সদস্য।” পণ্ট আছিল দিল্লী কেপিটেলছৰ অধিনায়ক। লক্ষ্ণৌ দলৰ অধিনায়ক হ’বনে নহ’ব এই সন্দৰ্ভত এতিয়াও একো কোৱা নাই গোৱেংকাই।(Sanjiv Goenka)

Sesame: তিলত প্ৰটিন আৰু কেলচিয়াম থাকে যদিও এই ৫ ৰোগীয়ে খাব নালাগে তিল

Sesame
Sesame

তিল এবিধ স্বাস্থ্যকৰ খাদ্য। তিলত প্ৰটিন, কেলচিয়াম, আইৰণ আদি বহুতো উপকাৰী পুষ্টিকৰ উপাদান থাকে। সাধাৰণতে ঠাণ্ডা দিনত তিল বেছিকৈ খাই মানুহে, কাৰণ তিলৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ থাকে।(Sesame)

যদিও তিলৰ উপকাৰিতা বহুত বেছি তথাপিও তিল বেছিকৈ খালে বহু বাবে ক্ষতি হ’ব পাৰে আৰু স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰিব পাৰে। জানো আহক কোন কোন ৰোগীয়ে তিল খালে সমস্যা বৃদ্ধি হোৱাৰ আশংকা থাকে-

তিলত গ’ইট্ৰ’জেন নামৰ উপাদান থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিৰ কাৰ্য্যকলাপত প্ৰভাৱ পেলাব পাৰে। এই উপাদানসমূহে থাইৰয়ড হৰম’নৰ উৎপাদন হ্ৰাস কৰিব পাৰে, যাৰ ফলত হাইপ’থাইৰয়ডিজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত থাইৰয়ডৰ সমস্যা থকা লোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ তিল খাব নালাগে।(Sesame Side Effects)

কিছুমান মানুহৰ তিলৰ এলাৰ্জী হয়, যাৰ ফলত স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত যদি তিল খোৱাৰ পিছত খজুৱতি, ফোহা, ফুলা বা উশাহ লোৱাত অসুবিধা হয়, তেন্তে তিল খাব নালাগে।(sesame is protein calcium rich)

তিলত ছডিয়াম আৰু পটাছিয়াম ভাল পৰিমাণে থাকে যদিও কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ থাকিলে অত্যধিক পৰিমাণে তিল খোৱাটো ক্ষতিকাৰক হ’ব পাৰে। গতিকে উচ্চ ৰক্তচাপ ৰোগীয়ে সীমিত পৰিমাণে তিল খাব নালাগে।

গৰ্ভৱতী মহিলাই অতি কম পৰিমাণে তিল খাব লাগে। অতিৰিক্ত তিল কালে গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তনত প্ৰভাৱ পেলাব পাৰে আৰু গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। তিলৰ স্বাস্থ্য উপকাৰী যদিও গৰ্ভৱতী মহিলাই প্ৰচুৰ পৰিমাণে খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

তিলত অধিক পৰিমাণৰ আঁহ থাকে, যিটো সাধাৰণতে হজম শক্তিৰ বাবে উপকাৰী, কিন্তু পেটৰ সমস্যা যেনে গেছ, এচিডিটি বা ডায়েৰিয়াত ভুগি থকা লোকসকলে অত্যধিক পৰিমাণে তিল খাব নালাগে।

Assamese Hero:মহাবীৰ লাচিত বৰফুকন অসমীয়া বীৰ

Assamese Hero:মহাবীৰ লাচিত বৰফুকন অসমীয়া বীৰ
Assamese Hero:মহাবীৰ লাচিত বৰফুকন অসমীয়া বীৰ

কলিয়াবৰ, ২৪ নৱেম্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ(AJYCP) কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস(Assamese Hero) উদযাপন কৰিছে।

হিন্দু বীৰ বুলি প্ৰতিষ্ঠা কৰিব খোজাতো অত্যন্ত দুৰ্ভাগ্যজনকঃ পলাশ চাংমাই

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত দুদিনীয়াকৈ আদিৰে পৰা কুঁৱৰীটোল গান্ধী খেলপথাৰত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপনৰ দিহা কৰা বুলি জানিব পৰা গৈছে। প্ৰথম দিনা পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ কেন্দ্রীয় সভাপতি পলাশ চাংমাইয়ে।

চৰাইদেউত দৰে কলিয়াবৰৰো আহোম যুগৰ ঐতিহাসিক সমলেৰে ভৰপূৰ ঐতিহাসিক স্থান, কলিয়াবৰেও যোথোপযুক্ত গুৰুত্ব পাব লাগেঃ গুণীন হাজৰিকা

ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুলবৰ গোঁহায়ে। ইয়াৰ পাছতে লাচিতৰ প্ৰতিচ্ছবিত মাল্যার্পণ অনুষ্ঠান মুকলি কৰে পুলক বৰা। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতক(Lachit Barphukan) শ্ৰদ্ধাৰে সোঁৱৰণ কৰি কয়– আহোম ৰাজতন্ত্ৰ হ’লেও সেই সময়তে গণতন্ত্ৰৰ উন্মেষ ঘটিছিল।

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আঠশ বছৰ, অসমবাসীয়ে ইয়াৰ উদ্‌যাপন কৰিব লাগেঃ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা

ইয়াৰ অন্যতম উদাহৰণ বীৰ লাচিত(Great Hero)। এগৰাকী অতুলনীয় বীৰ ৰূপে অসমৰ সাহসৰ প্ৰতীক ৰূপে মোগলৰ বিৰুদ্ধে নৰীয়া গাৰে যুঁজত অৱতীৰ্ণ হৈ যি এক অনন্য সাহসৰ পৰিচয় দাঙি ধৰিলে সি আমাৰ অসমবাসীৰ বাবে, নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। এনে এগৰাকী বীৰযুদ্ধা অসমীয়াক হিন্দু বীৰ(Hindu Heroes) বুলি প্ৰতিষ্ঠা কৰাতো দুৰ্ভাগ্যজনক।


লাচিত দিৱস উপলক্ষে আয়োজন কৰা সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নাট্যকৰ্মী ভূপেন্দ্ৰনাথ হাজৰিকাই। অনুষ্ঠানত অংশ লয় বিশিষ্ট অভিনেত্রী ভ্রান্তি মেধীয়ে। ভ্ৰান্তি মেধিয়ে এই সন্দৰ্ভত কয়– বীৰ লাচিত যি ত্যাগ, সাহস, বীৰত্ব সি আজিও আমাক অনুপ্ৰেৰণা যোগাই আহিছে। এনে অনুষ্ঠানৰ জৰিয়তে বীৰগৰাকীৰ সোঁৱৰণে আমাৰ ইতিহাসৰ অতুলনীয় গুণ-গৰিমা স্মৰণ কৰি প্ৰতিজন অসমীয়া উৎসাহিত হয়। এই আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাত কলিয়াবৰৰ কেইবাটাও শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে।


বিয়লি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে পৰিষদৰ কেন্দ্রীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্রতাপ বৰুৱাই।

পৰিষদৰ দৃষ্টিভঙ্গী ব্যাখ্যা কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে কয়– অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ বীৰ-যোদ্ধা, নমস্য ব্যক্তিসকলক সদায় স্মৰণ কৰি আহিছে। ১৯৮৭ চনত যুৱ-ছাত্ৰ পৰিষদে তেজপুৰত কেন্দ্ৰীয়ভাৱে লাচিত দিৱস পালন কৰা পৰাই প্ৰতিবছৰে অসমৰ বিভিন্ন স্থানত লাচিত দিৱস পালন কৰি আহিছে।

তদুপৰি, বীৰ চিলাৰায়, কলাগুৰু, ৰূপকোঁৱৰ, সঙ্গীত সূৰ্যকে ধৰি বহুকেইগৰাকী মহান অসমীয়াক স্মৰণ কৰি তেখেতসকলৰ মহান আদৰ্শ সমূহ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ চেষ্টা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কৰি আহিছে। লাচিত দিৱস উপলক্ষে প্ৰকাশ কৰা স্মাৰক গ্ৰন্থ ‘হেংদাং’ উন্মোচন কৰি ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী, কলিয়াবৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যক গুণীন হাজৰিকাই চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে ঘোষণা কৰাত আনন্দ প্ৰকাশ কৰি কয়– চৰাইদেউৰ দৰে কলিয়াবৰো আহোম সাম্ৰাজ্যৰ এখন অতিকৈ গুৰুত্বপূৰ্ণ স্থান আছিল।

কলিয়াবৰ প্ৰধানতঃ আহোম সাম্ৰাজ্যৰ ৰণথলী আছিল। মিছা কোঠ, কেইবাটাও গড়, উদ্ধাৰ হোৱা আহোম যুগৰ বৰটোপকে ধৰি অনেক সময় থকা কলিয়াবৰৰো চৰাইদেউৰ দৰে ঐতিহাসিক গুৰুত্ব আছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে জাতীয়তাবাদী দল-সংগঠনৰো দায়িত্ব আছে। নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি অসমমখনক এক সুকীয়া পৰিচয় দাঙি ধৰা আহোম ৰাজত্বৰ বিষয়ে আলোকপাত কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্রজিৎ বেজবৰুৱাই।

১২২৮ চনত অসমত পদাৰ্পণ কৰি স্বৰ্গদেউ চুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা আঠশ বছৰত ভৰি দিছে। এনে এক সন্ধিক্ষণত অসমবাসীয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আঠশ বছৰ উপলক্ষে এক জাগৰণ গঢ়ি তুলিব লাগে যাতে নৱপ্ৰজন্মই নিজকে স্বাভিমানী অসমীয়া বুলি গৌৰৱ কৰিব পাৰে বুলি চিন্তা উদ্ৰেককাৰী বক্তব্য আগ বঢ়ায়।

নিশাৰ ভাগলৈ হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী মানস ৰবীনৰ সংগীতানুষ্ঠানেৰে সেই দিনাৰ কাৰ্যসূচী অন্ত পৰিব। দ্বিতীয় দিনা পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা আৰু বিষয় সভাৰে কাৰ্যসূচীৰ অন্ত পেলোৱা হ’ব।

Poetry recitation competition: নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

Poetry recitation competition: নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা
Poetry recitation competition: নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

গুৱাহাটী, ২৪ নৱেম্বৰঃ নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক প্ৰকল্পৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত ২৪ নবেম্বৰতা নীৰেন বৰুৱা(Neeren Baruah) সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা(Poetry recitation competition) আয়োজন কৰে৷

গুৱাহাটীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত ২০০৬ৰ পৰা আয়োজিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তৰ বহু আবৃত্তিকাৰে অংশগ্ৰহণ কৰে৷

প্ৰথম অঙ্কিতা গোস্বামী, দ্বিতীয় জোনালী ডেকা বৰুৱা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে দেৱাশীষ ৰাজকুমাৰে

উল্লেখযোগ্য যে ১৯৬০ চনৰ পৰা ২০০৪ চনৰ ভিতৰত প্ৰায় চাৰিটা দশক ধৰি অসমৰ আকাশ-বতাহ সোণালী কন্ঠৰে মুখৰিত কৰি ৰখা আৰু নিউ আৰ্ট প্লেয়াৰ্ছৰে এগৰাকী সন্মানীয় সদস্য, বিশিষ্ট শিল্পী-পৰিচালক তথা আকাশবাণীৰ জনপ্ৰিয় বাতৰি পৰিৱেশক প্ৰয়াত নীৰেন বৰুৱাৰ স্মৃতিত এই প্ৰতিযোগিতাখনি প্ৰতিবছৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগতে আয়োজিত হৈ আহিছে৷(Maintain a natural pace)

১৯৯৯-২০০১ চনলৈ এগৰাকী প্ৰতিভাৱান মঞ্চ পৰিচালক আৰু নিউ আৰ্ট প্লেয়াৰ্ছৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হৈ থাকিও প্ৰয়াত বৰুৱাই “সময়”, “সৰাপাতত বসন্ত”, “ঘৰ”, “মকৰা জাল”, “আবেলিৰ ৰ’দ”কে ধৰি বহু নাটক পৰিচালনা কৰিছিল৷ অতি জনপ্ৰিয় অনাতাঁৰ নাটক “সুৰ”, “বৰুৱাৰ সংসাৰ”, “সপোন সন্ধ্যা”, “বিৰিণা পাতৰ আঙুঠি” আদি অসংখ্য নাটকত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ অসমৰ চলচ্চিত্ৰ জগতলৈও নীৰেন বৰুৱাৰ উল্লেখযোগ্য অৱদান আছিল৷

সহকাৰী পৰিচালক হিচাপেও (তেওঁৰ স্বনামধন্য জ্যেষ্ঠ ভ্ৰাতৃ প্ৰয়াত নিপ বৰুৱা) তেওঁৰ উল্লেখনীয় ভূমিকা আছিল৷ “সোনমা”, “আজলি নবৌ”, “এন্হনী মোৰ নাম ”, “শকুন্তলা  আৰু শংকৰ জোচেফ আলী” আৰু “আই মোৰ জনমে জনমে”ত তেওঁ সহকাৰী পৰিচালক হিচাপে বৰুৱাই অৱদান আগবঢ়োৱাৰ লগতে “মুকুতা”, “সোণতৰা”, বৰুৱাৰ  সংসাৰ ” আদি চলচ্চিত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল৷ ২০২৪ বৰ্ষৰ বাবে আয়োজন কৰা এই সন্মানীয় প্ৰতিযোগিতাখনত আঁত ধৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ কোষাধ্যক্ষ কল্যাণ কুমাৰ দাসে৷ সংঘৰ উপসভানেত্ৰী মল্লিকা বৰুৱাই আদৰণি ভাষন প্ৰদান কৰে৷ 

প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰয়াত বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে প্ৰখ্যাত আবৃত্তিকাৰ অবনী বৰা, ইন্দ্ৰজিত দাস আৰু ডাঃ অৱনী চৌধুৰী৷ আবৃত্তি প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত বিশিষ্টা সত্ৰীয়া নৃত্যশিল্পী ডাঃ মিৰনন্দা বৰঠাকুৰ আৰু ভায়লিনা ঠাকুৰীয়াই নৃত্য পৰিবেশন কৰে৷


২৭ গৰাকী প্ৰতিযোগীয়ে  অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে অঙ্কিতা গোস্বামী, দ্বিতীয় পুৰস্কাৰ জোনালী ডেকা বৰুৱা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে দেবাশীষ ৰাজকুমাৰে৷ লগতে  তৃষ্ণা শইকীয়া দাস, কিংকৰ বৰা, গিতামনি ডেকা দাস আৰু আব্দুল মতলীব চৌধুৰীকো বিচাৰকৰ বিশেষ বঁটাৰে সন্মানিত কৰা হয়৷

প্ৰতিযোগিতাৰ শেষত বিচাৰকসকলে নিজৰ মতামত ব্যক্ত কৰি কয় যে আবৃত্তি কৰিবলৈ হ’লে কবিতাৰ প্ৰতি প্ৰেম, বাকপটুতা, আৰু অনুশীলন একান্তই প্ৰয়োজনীয়৷ অনুষ্ঠানৰ শেষত মুখ্য অতিথিৰূপে উপস্থিত থকা ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী বিশিষ্টা অভিনেত্ৰী মলয়া গোস্বামীয়ে বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে আৰু সকলো অংশগ্ৰহণকাৰীক প্ৰশংসা কৰে৷

লগতে মুখ্য অতিথি গৰাকীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ সান্নিধ্য সোৱঁৰাৰ লগতে একেৰাহে আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে শলাগ লয়৷ শেষত ড° সুৰঞ্জনা বৰুৱাই বটা বিতৰণী সভাৰ আঁত ধৰে আৰু শলাগৰ শৰাই আগবঢ়ায়৷ প্ৰতিযোগিতাখনি যুটীয়াকৈ সঞ্চালন কৰে কল্যাণ কুমাৰ দাস, জয়ন্ত শৰ্মা আৰু চেমিমা খাতুনে৷

AAP:’আপ’ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ

AAP:'আপ'ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ
AAP:'আপ'ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ

গুৱাহাটী, ২৪ নৱেম্বৰঃ দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আম আদমী পাৰ্টিৰ(AAP) বিশ্বনাথ জিলা(Bishwanath) সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক দায়িত্বৰ পৰা অপসাৰণ(president Mehuel Basumatary removed) কৰা হৈছে।

বিগত উপ-নিৰ্বাচনত(Assam By Election) মেহুৱেল বসুমতাৰীয়ে বিহালী বিধান সভা সমষ্টিৰ ‘আপ’ৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰত কোনো ধৰণৰ সহযোগিতা কৰা নাছিল।

দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে এই সন্দৰ্ভত তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।

কিন্তু বসুমতাৰীয়ে ৰাজ্যিক সভাপতিৰ নিৰ্দেশকো অগ্ৰাহ্য কৰিছিল। অৱশেষত সভাপতি মনোজ ধানোৱাৰৰ পৰামৰ্শ মৰ্মে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া স্বাক্ষৰিত নিৰ্দেশনা অনুসৰি মেহুৱেল বসুমতাৰীক জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰা হয়।

আনহাতে বিহালী সমষ্টিৰ আম আদমী পাৰ্টিৰ পৰাজিত প্ৰাৰ্থী তথা পূৰ্বে আপৰ বিশ্বনাথ জিলাৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা অনন্ত গগৈক(Ananta Gogoi) তৎকালীনভাৱে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।

Anil Kapoor: শ্বুটিঙৰ মাজতে পত্নীৰ সৈতে তাজমহল পৰিদৰ্শন অভিনেতা অনিল কাপুৰৰ

Anil Kapoor
Anil Kapoor

শ্বুটিঙৰ মাজতে পত্নীৰ সৈতে তাজমহল পৰিদৰ্শন অভিনেতা অনিল কাপুৰৰ। বৰ্তমান আগ্ৰাত হৈ আছে সুবেদাৰ ছবিৰ শ্বুটিং। দেওবাৰে বলীউডৰ বিখ্যাত অভিনেতা অনিল কাপুৰে আজি তাজমহল পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় আগ্ৰাত। অভিনেতাগৰাকীৰ বাবে সেয়া আছিল এক বিশেষ অভিজ্ঞতা, কিয়নো তাজমহল কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে সৌন্দৰ্য্য আৰু ঐতিহাসিক গুৰুত্বৰ বাবে বিখ্যাত তাজমহল।(Anil Kapoor)

যোৱা পাঁচ দিন ধৰি আগ্ৰাত অনিল কাপুৰে চুবেদাৰ ছবিৰ শ্বুটিং কৰি আছে। শ্বুটিঙৰ মাজতে আজি ৰাতিপুৱা প্ৰায় ১১ বজাত তেওঁ তাজমহলত উপস্থিত তাজমহলৰ সৌন্দৰ্য্য উপভোগ কৰে। অভিনেতাগৰাকীৰ তাজমহলত উপস্থিত হোৱা লগে লগে পৰ্যটকসকল আনন্দত আত্মহাৰা হৈ পৰে, বহুতো লোক নিজৰ প্ৰিয় চেলিব্ৰিটিগৰাকীক চাবলৈ তাজমহলৰ ওচৰত সমবেত হৈছিল।(Anil Kapoor visits taj mahal)

তাজমহলৰ ভৱিষ্যৎ আৰু সৌন্দৰ্য দেখি তেওঁ ঐতিহাসিক ঐতিহ্য বুলি অভিহিত কৰে। সুবেদাৰ ছবিৰ শ্বুটিং তাজমহলতো কৰিব পৰা যাব বুলি চৰ্চা চলিছে যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা

Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা
Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা

দেশপ্ৰেম নো আচলতে কি? বিখ্যাত ৰুছ সাহিত্যিক লিঅ’ টলষ্টয়ে দেশপ্ৰেম(Patriotism) সম্বন্ধে কৈছে- দেশপ্ৰেমৰ(Lachit Borphukan) আটাইতকৈ সহজ, স্পষ্ট আৰু নিঃসন্দেহ অৰ্থ শাসক সকলৰ বাবে তেওঁলোকৰ উচ্চাকাংক্ষা আৰু লোভী ইচ্ছা লাভ কৰাৰ এক উপায় আৰু শাসিত সকলৰ বাবে ক্ষমতাত থকা সকলৰ ওচৰত মানৱীয় মৰ্য্যাদা, যুক্তি, বিবেক আৰু দাসত্বৰ মোহ ত্যাগ কৰাৰ বাহিৰে আন একো নহয়।

(Patriotism is the Simplest, clearest and most indubitable signification is nothing else but a means of obtaining for the rulers ambitions and covetous desires and for the ruled the abdication of human dignity, reason, conscience and slavish enthrallment to those in power)

আনহাতে ১৯২৬ চনত সংবাদদাতালৈ লিখা এখন পত্ৰত মহাত্মা গান্ধীয়ে লিঅ’ টলষ্টয়ৰ দেশপ্ৰেমৰ সংজ্ঞাৰ লগত তেওঁৰ পাৰ্থক্য থকাৰ কথা স্বীকাৰ কৰি লিখিছিল… মোৰ দেশপ্ৰেম যথেষ্ট ধৈৰ্য্যশীল, ভাৰতৰ প্ৰতি মোৰ প্ৰেম সদায় বাঢ়িছে কিন্তু ই মোৰ ধৰ্মৰ পৰা উদ্ভৱ হৈছে আৰু সেয়েহে কোনো অৰ্থত একচেতিয়া নহয় (My patriotism is patient enough, my love for India is ever growing but it is derived from my religion and therefore in no sense exclusive) এই দুজন বিখ্যাত মনীষীৰ দেশপ্ৰেমৰ ধাৰনাৰ ওপৰত ভিত্তি কৰি এই লেখক এটা সিদ্ধান্তত উপনীত হৈছে যে দেশপ্ৰেম হ’ল ধৰ্ম,মানৱতা আৰু নিৰপেক্ষতাক প্ৰাধান্য দি আৱেগৰ দ্বাৰা পৰিচালিত হৈ আন্তৰিকতাৰে আৰু ভক্তিৰে দেশৰ সেৱা কৰা।(Heroism)


মোৰ ধৰ্ম মোৰ গৌৰৱ। মোৰ সাহস মোৰ দেশপ্ৰেম। মোৰ শক্তি মোৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকলো বীৰ। মোৰ গৰ্ব মই লাচিত বৰফুকনৰ(Battle of Saraighat) দেশৰ পুৰুষ। সদায় মই এজন ন জোৱান। সেই সৰুতে পঢ়ি অহা শ্ৰদ্ধাৰ কালিৰাম মেধিৰ ‘গৌৰৱ’ নামৰ প্ৰবন্ধত থকা কথাষাৰ হয়তো শিলৰ ৰেখাৰ দৰে সত্য। গৌৰৱ তিনি ঠাইৰ পৰা ওপজে। সৌভাগ্য, শৰীৰ আৰু মনৰ পৰা।নিজে কিবা ভাল কাম কৰক বা নকৰক জন্ম সূত্ৰে ধন আৰু মান লৈ অহা লোক সকলে সমাজত আগতেও উচ্চ স্থান পাইছিল, এতিয়াও পাই আছে আৰু হয়তো আগলৈও পাই থাকিব। নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হলেও ভূঞা পোৱালি। বৰুৱাৰ ঘৰৰ ল’ৰাই আগমালা আৰু আগঠগি পোৱাৰ নিয়ম মেধি ডাঙৰীয়াই কোৱাৰ দৰেই তাহানিৰ দৰে হয়তো ভৱিষ্যতেও থাকিব।কিন্তু আমাৰ নিচিনা মধ্যবিত্ত বা দৰিদ্ৰসকলৰ কি হ’ব!(Joymoti Konwari)


না ধন না মান। গতিকে আমাৰ নিচিনা মানুহ বোৰে একো একোজন পঙ্গুৰ দৰে লেকেচীয়াই লেকেচীয়াই কটাবলগীয়া হয়। আজি কেইবছৰমান মান আগতে মই হতাশাত ভুগিছিলো। দেশৰ জ্বলন্ত সমস্যা বোৰৰ লগতে আৰু কিবা কিবি। ইয়াত দুৰ্নীতি নামৰ দানৱটোৰ অতি অতিচাৰে মোক সামাজিক মাধ্যমত লিখিবলৈ বাধ্য কৰাইছিল- মই এজন পঙ্গু দেশ প্ৰেমিক। ইয়াৰ দ্বাৰা মই বুজাব বিচাৰিছিলো মোৰ কথা কোনে শুনিব আৰু কিয়বা শুনিব।

বহুতে মোক শান্তনা দি কৈছিল -দাদা তেনেকৈ নক’ব। আপুনি যদি পঙ্গু আমি বাৰু কি হ’ম।তেতিয়া মই সাহস পাইছিলো। তাৰ পিছত দুই এটা পোষ্ট ড্ৰাগছৰ বিৰুদ্ধে দি মাননীয় মুখ্যমন্ত্ৰী মোৰ ভাতৃসম ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে লোৱা পদক্ষেপক সমৰ্থন কৰিছিলোঁ। তাতো আকৌ অনুৰাগীৰ অনুৰোধ। বহুতে কলে আপোনাক আমি হেৰুৱাব নোখোজোঁ। আপুনি সাহিত্যৰ জগত খনতেই আৱদ্ধ হৈ থাকক। ড্ৰাগছ ব্যৱসায়ী সকলৰ হেনো হাতখন বৰ দীঘল। কথাটো শুনি অলপ ভয়ো লাগিছিল। মোৰো ল’ৰা ছোৱালী আছে। কিন্তু পিছলৈ লাচিতৰ কথা মনলৈ আহিল। তেওঁৰ হেংদানখনলৈ মনত পৰি নিজকে আকৌ প্ৰস্তুত কৰি মোৰ কাপটো ধাৰ দিবলৈ আৰম্ভ কৰিলোঁ।


এতিয়া আহো লাচিতৰ কথালৈ। ইতিহাস তথা লাচিতৰ বিষয়ে গৱেষণা কৰা বা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি প্ৰতিজন ভাৰতীয়ই বিশেষভাৱে প্ৰতিজন অসমীয়াই লাচিতৰ দেশপ্ৰেমক লৈ নিজে নিজে গৌৰৱ কৰা উচিত। অৰ্থাৎ শ্ৰদ্ধাৰ মেধি ডাঙৰীয়াৰ গৌৰৱ তিনি ঠাইৰ পৰা ওপজে কথাষাৰৰ লগত এই লেখকে গৌৰৱ চাৰি ঠাইৰ পৰা উৎপত্তি হয় বুলি কৈ ভাল পাব আৰু চতুৰ্থ বিধ দেশপ্ৰেম। যি মানুহৰ অন্তৰত দেশপ্ৰেম নাই সেই মানুহজনে শূন্যতে কেবা খলপীয়া অট্টালিকা সাজিলেও তেওঁ দৰিদ্ৰতাৰ তলত আৰু তেওঁলৈ এই লেখকৰ সদায় পুতৌ জন্মিব।


লাচিত বৰফুকনৰ বিষয়ে ইতিহাস অধ্যয়ন কৰি থকা বা লাচিতৰ বিষয়ে গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰী সকলেই যে লাচিতৰ বিষয়ে পঢ়িব লাগিব বা জানিব লাগিব তেনে নহয় বা লাচিত বৰফুকনৰ বিষয়ে যে কেৱল অসমীয়াইহে জানিব লাগিব সেইটোও নহয়। লাচিতৰ দেশপ্ৰেমৰ কথা ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমত বাস কৰা সকলোৱেই জানিব লাগিব।নৱ প্ৰজন্মই তেওঁৰ কথা এই কাৰণেই জনা উচিত যে তেওঁৰ দেশপ্ৰেম ইতিহাসৰ আৰু বহু কেইজন ভাৰতীয়ৰ দেশপ্ৰেমতকৈও সুকীয়া।

তাৰ ভিতৰত ছত্ৰপতি শিৱাজী,গুৰু টেগ বাহাদুৰৰ লগতে ঔৰংজেৱ। লাচিত বৰফুকনৰ লগত ঔৰংজেৱক মই মোৰ লেখাটোৰ মাজলৈ অনাৰ মূলতে হ’ল দুয়ো জনৰ ভিন্ন চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে।এজনৰ শাসনৰ লোভ আনহাতেদি এজনৰ দেশৰ প্ৰতি দায়বদ্ধতা। এজনে শাসনৰ বাবে নিজৰ দেউতাকক বন্দী কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু আনজনৰ চোকা তৰোৱালেৰে দেশৰ বাবে নিজৰ মোমায়েকৰ ডিঙি দুচেও কৰোতেও হাত কঁপা নাছিল। এয়াই অসমীয়া। ইয়াৰ পৰা ভাৰতীয় সকলৰো শিকিব লগীয়া বহু আছে।


এই খিনিতে মোৰ নিজস্ব এটি অনুভৱ ব্যক্ত কৰিবলৈ লৈছোঁ। মই তেতিয়া তৃতীয় মান শ্ৰেণীত। প্ৰায় প্ৰতিটো বছৰে আমাৰ ঘৰলৈ ছত্ৰপতি শিৱাজীৰ আগমন ঘটিছিল এখন কেলেণ্ডাৰৰ জৰিয়তে।ওচৰতে থকা এজন মাৰাঠা সম্প্ৰদায়ৰ লোকে প্ৰতি বছৰে ছত্ৰপতি শিৱাজীৰ ঘোঁৰাত উঠি থকা আলোকচিত্ৰৰ কেলেণ্ডাৰ এখন দি গৈছিল। এয়া যেন তেওঁৰ এক কৰ্তব্য। আটাইতকৈ ডাঙৰ কথা যে তেওঁ সেইখন লৈ ডিচেম্বৰৰ ৩০ বা ৩১ তাৰিখে আহি আমাৰ পৰিয়ালটোক শুভেচ্ছা জ্ঞাপন কৰি গৈছিল।

সেই সময়ত লাচিত বৰফুকনৰ কিছু কথা কিতাপত পঢ়িছিলো।সেই সময়তে এই দুজন দেশপ্ৰেমিকৰ তিনিটা কথাই মোক আকৰ্ষণ কৰিছিল। শিৱাজীৰ ঘোঁৰাটো, ডাঢ়ি কোছা আৰু লাচিতৰ তৰোৱাল।মনতে ভাব হৈছিল কেনেকৈ ঘোঁৰাত উঠিব পাৰো আৰু ঘোঁৰাটোৰ লেকাম লগাব পাৰো। এনেকুৱা এটা হাবিয়াস কৰি উত্তৰ লখিমপুৰত মোৰ পেহীৰ ঘৰলৈ গৈ ঘোঁৰাত উঠাৰ সুযোগ পাইছিলোঁ আৰু আচৰিত ধৰণে কিছু দূৰ যোৱাৰ পিছত মই ঘোঁৰাটোৰ লেকাম লগাবলৈ সক্ষম হৈছিলো।

পিছলৈ ডাঢ়ি কোছাৰ হাবিয়াসো পূৰণ কৰিছিলোঁ কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত তৰোৱাল খন লোৱাৰ সুযোগ অহা নাই যদিও বাঁহৰে সজা তৰোৱালৰ যুদ্ধ সমনীয়াৰ লগত কৰি পাইছিলো। ভগৱানৰ ওচৰত খাটনি ধৰিলোঁ তৰোৱাল লব লগীয়া পৰিস্থিতিৰ যেন অসম আৰু অসমীয়াৰ জাতীয় জীৱনলৈ আৰু কেতিয়াওঁ পুনৰ উভতি নাহে। এই কথা খিনি কোৱাৰ উদ্দেশ্য এয়েই যে এনে সৰু সুৰা ঘটনা প্ৰবাহে দেশ প্ৰেমৰ চেতনা জগাই তোলে। মাৰাঠী সম্প্ৰদায়ৰ মানুহজনে যে ছত্ৰপতি শিৱাজীৰ কেলেণ্ডাৰখন দি যায় তাৰ পৰা মই এটা কথাই বুজি পাইছিলো (পলমকৈ)তেওঁৰ জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধতা তথা দেশৰ প্ৰতি থকা শ্ৰদ্ধা। ইয়াৰ জৰিয়তে তেওঁ দেশপ্ৰেমো বিলাবলৈ সক্ষম হৈছিল।


এতিয়া আহো লাচিত বৰফুকনৰ জীৱনৰ লগত জড়িত হৈ থকা কিছু কথালৈ।লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী। তেওঁ আহোমৰ প্ৰথম গৰাকী বৰ বৰুৱা।স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁক এই উপাধিৰে বিভূষিত কৰিছিল। তেওঁৰ মাতৃৰ নাম আছিল নাগেশ্বৰী। অসমৰ ইতিহাসৰ জলঙাইদি চালে ১৬৪৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্ৰীষ্টাব্দলৈ অতি দুৰ্যোগ পূৰ্ণ সময় খিনিত পৰিবৰ্তন আনিবলৈ সক্ষম হোৱা এই বীৰ পুৰুষ জনৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত।


১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱৰ সেনা বাহিনীয়ে মীৰ জুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰজা পাতিছিল।


পৰাধীনতাৰ মুখ নেদেখা স্বাধীন চিতীয়া অসমীয়া জনগনে এই অপমান সহ্য কৰিব পৰা নাছিল। তেতিয়া সেই সময়ৰ ৰজা জয়ধ্বজ সিংহই নিজৰ স্বাধীনতা ঘূৰাই আনিবলৈ আপ্ৰান চেষ্টা কৰিছিল যদিও বিভিন্ন পৰিস্থিতি আৰু কাৰকৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল।

পৰাধীনতাৰ কথাটোৱে ৰজা জয়ধ্বজ সিংহক বৰ মনোকষ্ট দিছিল। এনে মনোকষ্ট লৈয়ে পৰাধীনতাৰ শিকলি পিন্ধি থকা অৱস্থাতে জয়ধ্বজ সিংহ স্বৰ্গগামী হয়।ইয়াৰ পিছত চক্ৰধ্বজ সিংহই ৰাজপাটত বহে। জয়ধ্বজ সিংহৰ দৰে চক্ৰধ্বজ সিংহইও এই পৰাধীনতাক সহজ ভাবে ল’ব পৰা নাছিল। ৰজা হৈয়েই তেওঁ এজন যোগ্য সেনাপতিৰ সন্ধানত নামি পৰে।

কিন্তু যোগ্য সেনাপতিৰ সন্ধান উলিয়াব নোৱাৰি স্বৰ্গদেউ বৰ দোমোজাত পৰিল। এনে দোমোজাত পৰি স্বৰ্গদেউৱে এদিনাখন নিজৰ অসহায় অৱস্থাটোৰ কথা দোলাকাষৰীয়া বৰুৱা লাচিতৰ আগত ব্যক্ত কৰিলে। এই কথা শুনি লাচিতে কৈছিল-স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি মানুহ হে?আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? স্বৰ্গদেৱে আদেশ দিবহে লাগে।মন কৰি চাওঁক। স্বৰ্গদেৱে সুযোগ দিলে উপযুক্ত সেনাপতি ইয়াতেই নিশ্চয় পাব। লাচিতৰ এনে উক্তি শুনি স্বৰ্গদেউ বৰ আনন্দিত হ’ল আৰু মোগলক পৰাস্ত কৰিবলৈ লাচিত বৰফুকনকে সেনাপতি পাতি বৰফুকন হিচাপে নিযুক্তি দিলে।


ইয়াৰ পিছতেই লাচিত নামি পৰিব লগা হৈছিল আলাবৈৰ যুদ্ধত। আলাবৈ আছিল আহোম আৰু মোগল সেনাৰ এক গুৰুত্বপূৰ্ণ তথা ৰক্তক্ষয়ী ৰণ। ১৬৬৯ খ্ৰীষ্টাব্দৰ ৫ আগষ্ট তাৰিখে বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দল পথাৰ অঞ্চলত আলাবৈ পাহাৰৰ সমীপত এই ৰণ হৈছিল।লাচিত বৰফুকনৰ বিৰোধীতাৰ পিছতো স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ নিৰ্দেশৰ বাবেই হোৱা এই যুদ্ধত একে দিনাই দহ হাজাৰ অসমীয়া সেনাই প্ৰানাহুতি দিব’লগীয়া হৈছিল। কিন্তু আলাবৈৰ ৰণে ইয়াৰ পিছত হোৱা শৰাইঘাটৰ ৰণক কিছু পৰিমাণে ম্লান কৰিলেও ইয়াক বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধ(Battle of Trafalgar)ৰ লগত তুলনা কৰিব পৰা যায়। ট্ৰাফেলগাৰ যুদ্ধই যেনেকৈ বৃটিছ নৌসেনাৰ আধিপত্য প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল ঠিক তেনেকৈ আলাবৈৰ ৰণে অসমীয়া সেনাৰ প্ৰবল আধিপত্য বিস্তাৰ কৰিবলৈ থকা হাবিয়াসৰ প্ৰমাণ দাঙি ধৰিছিল।


১৬৬৫ খ্ৰীষ্টাব্দৰ পৰা ১৬৭১ খ্ৰীষ্টাব্দৰ সময়ছোৱাত লাচিতে নিজৰ ব্যক্তিত্ব আৰু সবল নেতৃত্বৰ ছবিখন প্ৰতিফলিত কৰিবলৈ সমৰ্থ হৈছিল। প্ৰবল আত্মবিশ্বাসী লাচিতে অসমীয়া সেনাৰ মূৰত এটা কথা সুমুৱাই দিবলৈ সক্ষম হৈছিল যে অসমীয়া সেনাৰ জয় নিশ্চিত আৰু ৰামসিংহৰ পৰাজয়ো ভগৱানে নিশ্চিত কৰি থৈছে। যুদ্ধৰ আগ মুহূৰ্তত ৰামসিংহই নিজৰ সৈন্য বাহিনীৰ বল জুখিবলৈ দূতৰ হাতত এটোপোলা আফুগুটি লাচিতলৈ পঠিয়াইছিল। ইয়াৰ অৰ্থ আছিল যেনেদৰে আফুগুটি গণিব পৰা নাযায় তেনেধৰণে ৰামসিংহৰ সৈন্যৰ সংখ্যা গণনা কৰা সম্ভৱ নহয়। এক বিশাল সৈন্য বাহিনী।

ইয়াৰ প্ৰতুৎতৰত লাচিতে এচুঙা বালিৰে সৈতে এখন পটা পঠিয়াই দিছিল।ইয়াৰ অৰ্থ আছিল অসমীয়া সেনা ইমানেই শক্তিশালী যে বালি যেনেকৈ পটাত পিচিব নোৱাৰি তেনে দৰে অসমীয়া সেনাকো পৰাজিত কৰা সম্ভৱ নহয় কিন্তু আফুগুটি পটাত পিচি গুড়ি কৰিব পৰা যায়।অৰ্থাৎ লাচিতে বালি আৰু পটাখন পঠিয়াই ৰামসিংহক এক সাৱধান বাণী শুনাই দিছিল।

আকৌ এবাৰ ৰামসিংহই লাচিতক বিনা যুদ্ধে কিবা এটা সিদ্ধান্তত উপনীত হ’বলৈ জনোৱা এক প্ৰস্তাৱৰ প্ৰতুৎতৰত লাচিতে বাৰ্তাৰ জৰিয়তে ৰামসিংহক যুদ্ধ ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ আহ্বান জনাই তেওঁৰ বীৰত্বৰ পৰিচয় দিবলৈ কৈছিল অন্যথা তেওঁৰ যুদ্ধৰ যশস্যা কলঙ্কিত হ’ব বুলিও বাৰ্তা পঠিয়াইছিল। এই লেখকৰ দৃষ্টিত এয়া তেওঁৰ সবল নেতৃত্বৰ পৰিচায়ক। বিপৰীত পক্ষক তীব্ৰ মানসিক চাপত পেলোৱাটোৱেই হ’ল এজন নেতাৰ বুদ্ধিমত্তাৰ পৰিচয়।


ইয়াৰ পিছত অকনমান আহিছো অসমীয়াৰ গৌৰৱ ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ কথাটোলৈ। ৰণ জিকিবলৈ সামৰিক বাহিনীৰ শক্তিতকৈ চল আৰু কৌশলৰ অতি আৱশ্যক। সেয়ে লাচিতে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ পৰ্বত সংযোগ কৰি ৰাতিটোৰ ভিতৰতে গড় নিৰ্মাণ কৰিবলৈ নিজৰ মোমায়েকক দায়িত্ব দিছিল।

কিন্তু শেষ ৰাতি যেতিয়া লাচিতে গড় নিৰ্ম্মান স্থলীলৈ গৈ গড় সম্পূৰ্ণ নোহোৱাৰ কাৰণ মোমায়েকক সুধিছিল তেতিয়া মোমায়েকে কাম কৰি কৰি মানুহবোৰ ভাগৰি যোৱা বাবে অকনমান জিৰণি লোৱা বুলি কোৱাৰ লগে লগেই লাচিতে তৰোৱাল উলিয়াই ‘দেশতকৈ মোমাই ডাঙৰ নহয় বুলি’ মোমায়েকৰ শিৰশ্চেদ কৰিছিল।

এই ঘটনাৰ পিছতেই গড় মাৰিবলৈ লাগি থকা মানুহখিনিৰ থৰকাছুটি হেৰাই গৈছিল আৰু ৰাতিটোৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰিছিল। সেয়াই আছিল বৰফুকনৰ দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন। শৰাইঘাটৰ যুদ্ধ বিজয় হয়তো অসমীয়াৰ ইমান গৌৰৱ আৰু সাহসৰ প্ৰতীক হিচাপে চিহ্নিত নহ’ল হেঁতেন যদিহে লাচিতে সেই ত্যাগ আৰু সাহসী পদক্ষেপৰ বাৰ্তা অসমীয়া সমাজলৈ দি থৈ নগ’ল হেঁতেন।


১৬২২ খ্ৰীষ্টাব্দৰ পৰা ১৬৭২ খ্ৰীষ্টাব্দলৈ মাথো পঞ্চাশ বছৰীয়া জীৱন কালত লাচিতে আমাক কি দি গ’ল বুলি মোক যদি কোনোবাই প্ৰশ্ন কৰে মই ততালিকে এটা উত্তৰেই দিম-বিমূৰ্ত এখন হেংদাঙৰ লগতে কেতিয়াও ম্যাদ উকলি নোযোৱা দেশপ্ৰেমৰ দৰে এক মহৌষধ। কিন্তু মই আকৌ ওলোটাই প্ৰশ্ন কৰি ভাল পাম- আপোনালোকে লাচিতক বাৰু কি দিলে আৰু কি দিব!


১৯৯৯ চনৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA)য়ে তেওঁলোকৰ বছৰৰ শ্ৰেষ্ঠ কেডেট জনক লাচিত বৰফুকন স্বৰ্ণ পদক দিয়াৰ ব্যৱস্থা কৰিছে।বীৰ জনক সন্মান জনাই ২০১৬ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নৈৰ বুকুত ৩৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ৰাইজৰ বাবে মুকলি কৰি দিয়ে।

যোগ্যজনক সন্মান জনোৱাটো এটা জাতিৰ কৰ্তব্য। সেই কথাকে সাৰোগত কৰি হয়তো বৰ্তমানৰ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰেও ২০২২ চনটোত চাৰিশ বছৰীয়া লাচিত জয়ন্তী মহা ধুম ধামেৰে পালন কৰিলে।লাচিত জয়ন্তীৰ লগত সংগতি ৰাখি লাচিত বৰফুকনৰ নামত এটা মোবাইল এপ, ওৱেব প’ৰটেল, যোৰহাটৰ লাচিত মৈদাম সম্প্ৰসাৰণৰ লগতে ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণকে আদি কৰি আলাবৈত অসমীয়া সেনাৰ বীৰত্বৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে স্মাৰক ক্ষেত্ৰ নিৰ্মাণ আদিৰে ড০ শৰ্মা ডাঙৰীয়াই জাতিৰ হৈ লাচিতৰ লগতে অসমীয়া সেনাৰ দেশপ্ৰেমৰ বাৰ্তা সুকীয়া ৰূপত বিশ্ববাসীক দিলে।

অসমীয়া বীৰজনৰ লগতে অসমৰ বাবে প্ৰানাহুতি দিয়া বীৰ সকলক শ্ৰদ্ধা জনাবলৈ এনে এটা বৃহৎ আঁচনিয়ে ভৱিষ্যতে প্ৰতিগৰাকী অসম সন্তানৰ বাবে প্ৰেৰণা হোৱাৰ লগতে উঠি অহা প্ৰজন্মক জাতীয় বীৰজনৰ কথা সদায়েই সোঁৱৰাই থাকিব।

লেখকঃ প্ৰবোধ চন্দ্ৰ মিশ্ৰ

Lachit Divas: বৰপেটাৰোডত বীৰ লাচিত দিৱস উদযাপন

Lachit Divas
Lachit Divas

বৰপেটাৰোডত বীৰ লাচিত দিৱস উদযাপন। হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ উদ্যোগত আৰু বৰপেটাৰোড নগৰ সমিতিৰ সহযোগত বৰপেটাৰোড সাহিত্য সভা ভৱনত বীৰ লাচিত দিৱস উদযাপন।(Lachit Divas)

লাচিত দিৱস উপলক্ষে উলিয়াওৱা হয় বিশাল মটৰ চাইকেল ৰেলী। অদম্য জাতিপ্ৰেম আৰু অম্লান বীৰগাথাৰে অসমক বিশ্বৰ বুকুত এক অনন্য চিনাকি প্ৰদান কৰা মহান বীৰ লাচিত বৰফুকনৰ আজি ৪০২সংখ্যক জন্ম জনয়ন্তী। ৰাজ্যজুৰি বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীদিনটোত উদযাপন কৰা হৈছে বীৰ লাচিত দিৱস।(lachit diwas celebrates at barpetaroad)


সমান্তৰাল ভাৱে বৰপেটাৰোডতো হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ উদ্যোগত আৰু বৰপেটাৰোড নগৰ সমিতি,ৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে বৰপেটা ৰোড সাহিত্য সভা ভৱনত বীৰ লাচিত দিৱস উদযাপন কৰা হয়।
পুৱা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন,বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে বিশাল বাইক ৰেলিৰে চহৰখন পৰিভ্ৰমণ কৰা হয়।(Lachit Divas 2024)


দুপৰীয়া বৰপেটাৰোড সাহিত্য সভা ভৱনত এক মুকলি সভাৰ অনুষ্ঠিত কৰা হয়। উদযাপন সমিতিৰ সভাপতি প্ৰদীপ দেৱনাথৰ পৌৰহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটাসত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাস, বিশিষ্ট অতিথি হিচাপেও উপস্থিত থাকে বিটিআৰৰ ই এম গৌতম দাসৰ উপৰিও কেইবাগৰাকীয় বিশিষ্ট ব্যক্তি ।
উক্ত সভাত সামাজিক কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰে বৰঙণি যোগোৱা দহগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

Lachit Diwas: বৰডুমচাত লাচিত দিৱস উদযাপন, বিশাল খিলঞ্জীয়া জাগৰণ যাত্ৰা

Lachit Diwas
Lachit Diwas

বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু পেঙেৰী বৰডুমচা আঞ্চলিক সমিতি তথা ৰতনীপথাৰ গাঁৱবাসীৰ সহযোগত দুদিনীয়া বনাঢ্য কাৰ্যসূচীয়ে মহাবীৰ জাতীয় নায়ক লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জন্ম জয়ন্তী উদৰ্যাপন।(Lachit Diwas)

আজি দ্বিতীয় দিনৰ কাৰ্য্যসূচী অনুসৰি এক “বিশাল খিলঞ্জীয়া জাগৰণ যাত্ৰা” বাহিৰ কৰা হয়।(lachit diwas celebrates)

খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় ইউটিউবাৰ সময় গগৈয়ে।

উক্ত কাৰ্যসূচীত গ্ৰাম্য অঞ্চলটো গায়ন বায়ন, মৰাণ জনগোষ্ঠী, গোৰ্খা, টাই আহোম,আদিবাসী, দেউৰী, মৰাণসকলৰ তুলনি বিয়াকে ধৰি বহু কেইটা জাতীয় জনগোষ্ঠীয় সংস্কৃতিক দলে অংশ গ্ৰহণ কৰে।(Bordumcha)

আৱেলি অনুষ্ঠিত হোৱা মুকলি সভাৰ পিছতে সাংস্কৃতিক সন্ধিয়া গীতৰ শৰাইৰে কাৰ্যসূচী সামৰণি পৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে।

BJP wins in Samaguri:চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জিকাৰ আঁৰত সংখ্যালঘু ভোটাৰ

BJP wins in Samaguri:চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জিকাৰ আঁৰত সংখ্যালঘু ভোটাৰ
BJP wins in Samaguri:চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জিকাৰ আঁৰত সংখ্যালঘু ভোটাৰ

গুৱাহাটী, ২৪ নৱেম্বৰঃ সকলো জল্পনা কল্পনাৰ সামৰণি পেলাই অৱশেষত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই(Diplu Ranjan Sarmah) চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ(BJP wins in Samaguri) সক্ষম হয়।

শনিবাৰে ঘোষিত নিৰ্বাচনী(Assembly bypoll) ফলাফলত বিজেপি প্ৰাৰ্থীজনে ২৪ হাজাৰ ৫০১টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক পৰাজয় কৰে।

অসমৰ ৰাজনীতিত হিংসাত্মক ধাৰা সৃষ্টি কৰাত ৰকিবুল হুছেইনে পিএইচডি ডিগ্রী লাভ কৰিছে, তেওঁৰ দৰে মানুহৰ বাবেই কংগ্ৰেছ দল আজি ৰাইজৰ দ্বাৰা প্ৰত্যাখিত হৈছেঃ দিপ্লুৰঞ্জন শৰ্মা

ঘোষিত ফলাফল অনুযায়ী বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ৮১ হাজাৰ ৩২১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে ৫৬ হাজাৰ ৮২০টা ভোট লাভ কৰে।(Kaziranga) অন্যহাতেদি সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অন্য কেইজন প্ৰাৰ্থী আম আদমী পাৰ্টীৰ নুৰুল আমিন চৌধুৰীয়ে ৯৩৪ টা, আব্দুচ চুব্বুৰ মিঞাই ১৯৬টা, বীৰেন বাচাকে ১৪৯টা, ৰাব্বুল হকে ১৩৯টা, আব্দুল মজিদে ৩৭২টা, জেহিৰুল ইছলামে ১৭৬টা, ফাতেমা খাতুনে ২১৬টা, মোচ্চাবিৰ আলি আহমেদে ৭৫৫টা, শশী তাতীয়ে ৬৮১টা ভোট লাভ কৰে।

ইয়াৰ বিপৰীতে নটা ভোট আছিল ১০৬৫টা।(Dainandin Barta) বিজয়ী সাব্যস্ত হোৱা বুলি ফলাফল ঘোষণা হোৱাৰ পিচত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই সাংবাদিকৰ আগত চামগুৰিবাসী ৰাইজৰ বিশ্বাসক শিৰত লৈ আগবাঢ়ি যাব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।

চামগুৰিত নিৰ্বাচন জিকাৰ আঁৰত সংখ্যালঘু ভোটাৰ, সকলোৰে সমুহীয়া প্ৰচেষ্টাৰ ফলত আজি বিজেপিয়ে ভাল ফল দেখুওৱালৈ সক্ষম হ’লঃ মন্ত্ৰী বিমল বড়া

মূলতঃ দলৰ সাংগঠনিক কামকাজত দীৰ্ঘদিনৰ পৰা ব্যস্ত থকা দিপ্লুৰঞ্জন শৰ্মাই বৰ্তমান জনপ্ৰতিনিধি হিচাপে তেওঁৰ দায়িত্ব বৃদ্ধি পোৱা বুলি মন্তব্য কৰি লগতে কয় যে চামগুৰি সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি যোৱাই মোৰ লক্ষ্য।

আনহাতে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি দলে ব্যাপক হাৰত ৰিগিঙৰ আশ্ৰয় লোৱা বুলি সাংসদ ৰকিবুল হুছেইনে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপি দলৰ বিজয়ী প্ৰাৰ্থী শৰ্মাই কয়, অসমৰ ৰাজনীতিত হিংসাত্মক ধাৰা সৃষ্টি কৰাত ৰকিবুল হুছেইনে পিএইচডি ডিগ্রী লাভ কৰিছে। নাও বুৰিলেও তেওঁ টিঙৰ পৰা নামিব নুখুজে।

তেওঁৰ দৰে মানুহৰ বাবেই কংগ্ৰেছ দল আজি ৰাইজৰ দ্বাৰা প্ৰত্যাখিত হৈছে। আনহাতে ৰকিবুল হুছেইনে নিজৰ পুত্ৰৰ সন্মুখত বেয়া আদৰ্শ দাঙি ধৰা বুলি মন্তব্য কৰি বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই কয় যে, ‘কিছুদিন আগৰে পৰা চামগুৰি সমষ্টিৰ সভা সমূহত টিভিত ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ অথবা গো মাংসৰ ৰাজনীতি আদিৰে তেওঁ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছিল।

এনেবোৰ কাৰণতে সমষ্টিটোৰ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক প্ৰত্যাখ্যান কৰিছে। আনহাতে বিজেপি দলে যোগাত্মক ৰাজনীতি কৰে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে আমাৰ দলৰ বাবে সংখ্যা গুৰু অথবা সংখ্যালঘু বুলি কোনো কথা নাই। আমাৰ চৰকাৰৰ আঁচনি সমূহ সকলো শ্রেণীৰ লোকে লাভ কৰি আহিছে। আমি সদায় যোগাত্মক ধৰ্ম নিৰপেক্ষতাৰ কথা কওঁ।

এই যোগাত্মক ধৰ্মনিৰপেক্ষতা তোষামোদ নহয়।সকলোকে ন্যায় দিয়াটোৱেই আমাৰ ৰাজনীতি। আমি গনতান্ত্ৰিক প্ৰমুল্যবোধৰ ৰাজনীতি কৰো।তেওঁ লগতে কয় যে-‘২০০১ চনৰ পৰা ২০২৪ চনলৈকে চামগুৰিৰ ৰাইজৰ যি অবদমিত ক্ষোভ আছে সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল।চামগুৰিৰ ৰাইজে বিগত সময়ছোৱাত কংগ্ৰেছ তথা ৰকিবুল হুছেইন বাহিনীৰ অবদমনৰ বিৰুদ্ধে সংঘৰ্ষ কৰিলে।

চামগুৰিৰ ৰাইজে দিপ্লুৰঞ্জন শৰ্মাৰহৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।’ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই যি দায়িত্ব দিয়ে সেইয়া নিষ্ঠাৰে পালন কৰিম বুলি মন্তব্য কৰি বিজয়ী বিজেপি প্ৰাৰ্থীজনে কয় যে- ‘নেতৃত্বই যদি কাৰ্যালয় সম্পাদক হবলৈ দিয়ে কাৰ্যালয় সম্পাদক হম।যদি বুথ সম্পাদকৰ দায়িত্ব দিয়ে বুথ সম্পাদক হম। আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন উৎসৰ্গিত কাৰ্যকৰ্তা।

আগন্তুক ৫০ বছৰলৈকে অসমত ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোটৰ চৰকাৰ যাতে থাকে তাৰ বাবে কাম কৰি যাম।’ মোৰ দৃষ্টিত সংখ্যালঘু,সংখ্যাগুৰু বুলি কথা নাই বুলি মন্তব্য কৰি বিজেপি প্ৰাৰ্থীজনে সকলো কথা ভাৰতীয় নাগৰিক বুলি কয়। তেওঁ কয় যে- ‘মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি বহু কেইজন মন্ত্ৰী, বিধায়ক তথা চামগুৰি সমষ্টিৰ ৰাইজে নিৰ্বাচনত বিজেপি প্ৰাৰ্থীজনক জয়ী কৰিবলৈ যেনেধৰণৰ প্ৰচেষ্টা হাতত ল’লে সেইয়া অভূতপূৰ্ব।মই নিমিত্তহে মাথো। এই জয় উন্নয়নৰ জয়। এই জয় ভাৰতীয় জনতা পাৰ্টিৰ সবকা সাথ, সবকা বিকাশৰ জয়।’

ইপিনে মন্ত্ৰী কেশৱ মহন্তই কয় যে- ‘মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে। অগপ-বিজেপিৰ সন্মিলিত পদক্ষেপৰ প্ৰতি বিশ্বাস বাঢ়িছে। সেয়ে সংখ্যালঘু জনসাধাৰণেও সহযোগিতা কৰিছে।’ তেওঁ কয় যে- ‘ঐক্যবদ্ধ ভাবে যুজিলে অসমত দুই-এটা সমষ্টিৰ বাহিৰে সকলোতে মিত্ৰজোটৰ প্ৰাৰ্থী ২০২৬ চনৰ নিৰ্বাচনত জয়ী হব।

সংখ্যালঘু ,সংখ্যাগুৰু সকলোৱে একেলগে কাম কৰিব।’ মন্ত্ৰী বিমল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে- ‘চামগুৰিত নিৰ্বাচন জিকাৰ আঁৰত সংখ্যালঘু ভোটাৰ। সকলোৰে সমুহীয়া প্ৰচেষ্টাৰ ফলত আজি বিজেপিয়ে ভাল ফল দেখুওৱালৈ সক্ষম হ’ল। ৰাইজে একমাত্ৰ উন্নয়নৰ স্বাৰ্থতেই দিপ্লুৰঞ্জণ শৰ্মাক অধিক ভোটাৰ ব্যৱধানত জয়ী কৰালে।

‘চামগুৰি সমষ্টিৰ উপনিৰ্বাচনৰ তদাৰকৰ দায়িত্বত থকা বিধায়ক জিতু গোস্বামীয়ে কয় যে-‘আমি যি ধৰণে আশা কৰিছিলোঁ তাতকৈ বেছি ভাল ফলাফল লাভ কৰিছোঁ। ৰাইজৰ যি ধৰণৰ সহাৰি আছিল তাক দেখি মই আগতেও ভাবিছিলোঁ যে আমাৰ প্ৰাৰ্থী চামগুৰিত জিকিব।’ অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ কাৰণে ই এটা ভাল লক্ষণ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ কয় যে- ‘চামগুৰি সমষ্টিটোত এক অভিলেখ সৃষ্টি কৰি বিজেপিৰ পক্ষে যি জয় সাব্যস্ত হৈছে। ই এক শুভ লক্ষণ হিচাপে চিহ্নিত হৈছে। বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে কৰি অহা অপপ্ৰচাৰ সমুহক মিছা প্ৰমাণিত কৰি অৱশেষত সংখ্যালঘু অধ্যুষিত সমষ্টিটো আমাৰ পক্ষে গৈছে। এতিয়াৰে পৰা চামগুৰিত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অপশাসনৰ অন্ত পৰিব।


সাংসদ ৰকিবুল হুছেইনৰ সংবাদ মেলঃ অন্যহাতেদি পৰাজয় বৰণ কৰাৰ পিছত চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নগাঁৱস্থ নিজ বাসগৃহত এক সংবাদ মেল সম্বোধন কৰি কয় যে, ‘পূৰ্বেই মই কৈছিলোঁ ভোট গ্ৰহণৰ সময়ত বিজেপিয়ে ব্যাপক হাৰত ৰিগিং সংঘটিত কৰিছে।

এই সন্দৰ্ভত নিৰ্বাচনী আয়োগক অভিযোগ দিয়াৰ পিছতো কোনো ন্যায় পোৱা নগল। অকল ভোট কেন্দ্ৰতেই নহয় আজিও ভোট গণনা কেন্দ্ৰত বিজেপিৰ এজেন্ট সকলে একাংশ বিষয়াৰ লগত মিলি ৰিগিং কৰিছে। সি যি কি নহওঁক মই চামগুৰিবাসীৰ লগতে বিজয়ী বিজেপিৰ প্ৰাৰ্থী গৰাকীক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।

চামগুৰিত এতিয়া কেবল উন্নয়নৰ ৰাজনীতি হওক। লগতে শান্তি-সম্প্ৰীতি অটুট ৰাখি প্ৰাৰ্থী গৰাকীয়ে কাম কৰক।’চামগুৰিত দিপ্লুৰঞ্জণ শৰ্মা জয়ী হোৱাটো ভৱিষ্যতে দুগৰাকী বিধায়কৰ কাৰণে এক অশনী সংকেত কঢ়িয়াই আনিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি হুছেইনে কয় যে বঢ়মপুৰ আৰু কলিয়াবৰ সমষ্টিৰ পৰৱৰ্তী নিৰ্বাচনত বৰ্তমানৰ বিধায়ক দুগৰাকীৰ সন্মুখত এক প্ৰত্যাহ্বান হিচাপে থিয় দি প্ৰাৰ্থিত্বৰ দাবীদাৰ দিপ্লুৰঞ্জণ শৰ্মা।’