Home Blog Page 447

BJP defeated Congress in Dhalai:ধলাইত ৯ হাজাৰ ৯৮টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস

BJP defeated Congress in Dhalai:ধলাইত ৯ হাজাৰ ৯৮টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস
BJP defeated Congress in Dhalai:ধলাইত ৯ হাজাৰ ৯৮টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস

শিলচৰ, ২৪ নৱেম্বৰঃ ধলাইত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ জয়লাভ(BJP defeated Congress in Dhalai)। কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থক পৰাস্ত কৰে তেওঁ।(Assam By-Election) বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। প্ৰায় ৯ হাজাৰ ৯৮টা ভোটত জয়ী নীহাৰ ৰঞ্জন দাস।

অতি আকৰ্ষণীয় হৈ পৰিছিল নীহাৰ ৰঞ্জন দাস আৰু ধ্ৰুৱজ্যোতি মাজৰ যুঁজ। অৱশেষ শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী নীহাৰে। এইদিনা প্ৰথম ৰাউণ্ডৰ পৰা বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস আগুয়াই যায়। প্ৰথম ৰাউণ্ডৰ দুই হাজাৰতকৈ বেছি ভোট লাভ কৰি বিজেপি প্ৰাৰ্থী আগুৱাই যায়।

এইদিনা ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত ৯০৯৮টা ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে। শনিবাৰৰ দিনা ধলাই বিধানসভা উপ-নিৰ্বাচনৰ সম্পূৰ্ণ ভোট গননাৰ পিছত বিজেপিয়ে লাভ কৰে ৬৯৯৪৫টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰে ৬০৮৪৭টা ভোট।

বিজয়ী হোৱাৰ পিছত আইএছটিটি চৌহদত বিজেপি সমৰ্থকসকলে ফটকা ফুটাই আৰু আবিৰ দলিয়াই আনন্দ উল্লাস কৰে। নীহাৰ ৰঞ্জন দাসে বক্তব্যত এই বিজয়ক ৰাইজৰ বিজয় তথা ধলাইবাসীক উৎসৰ্গ কৰে। বিজেপি চৰকাৰে সদায় ৰাইজৰ স্বাৰ্থত কাম কৰি অহাৰ বাবেই এই বিজয়ৰ কাৰণ বুলিও তেওঁ কয়।

ভৱিষ্যতে ধলাইৰ উন্নয়নক আৰু আগুৱাই নিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ।(Muslim-dominated Constituency) নীহাৰঞ্জন দাসে ধলাইবাসীৰ লগতে মুখ্যমন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰে। ইফালে, ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে জয়লাভ কৰাৰ পিছত উপ-নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিধায়ক কৌশিক ৰায় আৰু সাংসদ পৰিমল শুক্লবৈদ্যই সন্তোষ প্ৰকাশ কৰে। ভোট গণনাৰ প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৫৩১৯টা আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে ৩১৬৫টা ভোট লাভ কৰে।

দ্বিতীয় ৰাউণ্ডত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে ৫৫৫৭টা আৰু কংগ্ৰেছ প্ৰাৰ্থী ৩৬৩০টা লাভ কৰে। বিজেপি প্ৰাৰ্থী ৪০৭৪ টা ভোটত আগুৱাই যায়। তৃতীয় ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৫৯৮০টা আৰু কংগ্ৰেছ প্ৰাৰ্থী ৩২৭৭ টা ভোট লাভ কৰে। এই ৰাউণ্ডত ১০০৬৪ ভোটত অগ্ৰসৰ হয় বিজেপি।

চতুৰ্থ ৰাউণ্ডৰ পিছত ধলাই বিধানসভা সমষ্টিত ৮৪৩৩টা ভোটত আগবাঢ়ে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস। চতুৰ্থ ৰাউণ্ডৰ পিছত বিজেপিয়ে লাভ ২২১১৮ ভোট আৰু কংগ্ৰেছে ১৩৬৮৫ ভোট লাভ কৰে। পঞ্চম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৫২১৩ টা আৰু কংগ্ৰেছ প্ৰাৰ্থী ৩০০৫ টা ভোট লাভ কৰে।

বিজেপি প্ৰাৰ্থীৰ ভোট ২৭ ৪০৩ আৰু কংগ্ৰেছ প্ৰাৰ্থী ১৬৬৯৮ টা ভোট লাভ কৰে।এই ৰাউণ্ডত ১০৭০৫ ভোটত বিজেপি প্ৰাৰ্থী আগুৱাই যায়।ষষ্ঠ ৰাউন্ডৰ গণনাৰ অন্তত ৪৯১৩ ভোটত অগ্রগতি বিজেপি প্রার্থী নীহাৰ ৰঞ্জন দাসে৷বিজেপিয়ে মোট ভোট লাভ কৰে ২৯২৩৫ আৰু কংগ্ৰেছে লাভ কৰে ২৪৩২২ টা ভোট।

সপ্তম ৰাউণ্ডত নীহাৰ ৰঞ্জন দাসে ৩৩২১৯ টা ভোট লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী ২৯৯১৪ টা ভোট লাভ কৰে। এই ৰাউণ্ডত ৩৩০৫ টা ভোটত বিজেপি প্ৰাৰ্থী আগুৱাই যায়। অষ্টম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৩৬৫৯২ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী ৩৪৮৩১ টা ভোট লাভ কৰে।এই ৰাউণ্ডত কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে ব্যবধান কমি আহে ১৭৬১ টা ভোটত আগুৱাই যায়।

এই ৰাউণ্ডত সংখ্যালঘু এলেকা ভাগা বজাৰৰ ভোট গ্ৰহণ হয়। ইয়াৰ বাবে সংখ্যালঘু ভোটৰ জৰিয়তে কংগ্ৰেছ প্ৰাৰ্থীৰ ব্যবধান কমি আহে। নবম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৪০৫১৪ টা আৰু কংগ্ৰেছ প্ৰাৰ্থী ৩৯৯৪৭ টা ভোট লাভ কৰে। ইয়াত দুই প্ৰাৰ্থী মাজত ভোটৰ ব্যৱধান কমি ৫৬৭ টা হয়। দশম ৰাউন্ডৰ ভোট গণনাৰ পিছত ৩৪৩৮ ভোটত অগ্রগতি বিজেপি প্রার্থী নীহাৰ ৰঞ্জন দাসে৷

১১ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ৫০৯৭৫ টা ভোট লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী ৪৫২৫৮ টা ভোট লাভ কৰে। ইয়াত আগবাঢ়ি যায় ৫৭১৭টা ভোটৰ ব্যৱধানত। ১২ ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৫৫৬৫২ আৰু কংগ্ৰেছ প্ৰাৰ্থী ৪৮৮২১টা ভোট লাভ কৰে। ইয়াত বিজেপি প্ৰাৰ্থী৬৮৩১ ভোটত আগুৱাই যায়।

১৩ ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৬০৯৪৫ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী ৫১৬৪৮ টা ভোট লাভ কৰে। এই ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৯২৯৭টা ভোটত আগুৱাই যায়। ১৪ ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৬৫৩৬৬ টা ভোট লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী ৫৫৪৯৭টা ভোট লাভ কৰে। ইয়াত বিজেপি প্ৰাৰ্থী ৯৮৭৯ টা ভোটত আগুৱাই যায়।

শেষ ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৬৮৭৫৯টা ভোট লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী ৫৯৭৪২ টা ভোট লাভ কৰে। এই ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ৯০২৭টা ভোটত আগুৱাই কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰে। পিছত সৰ্বমুঠ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে ৬৯৯৪৫টা‌ ভোট লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থদেৱে ৬০৮৪৭টা ভোট লাভ কৰে।

ইয়াৰ ফলত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে ৯০৯৮টা ভোট লাভ কৰি বিজয়ী হয়। ইপিনে নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাসে ৫০৬১ ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰে। তদুপৰি নোটাই ১৫২৮টা ভোট লাভ কৰি চতুৰ্থ স্থান লাভ কৰে। এইদিনা শান্তি শৃংখলাৰে শিলচৰৰ আইএছটিটি ভোট গ্ৰহণ অনুষ্ঠিত হয়।

Fruits in Winter: কমলাৰ লগতে আৰু কি কি ফল শীতকালত নিয়মিতভাৱে খাব লাগে?

Fruits in Winter
Fruits in Winter

শীতকালত সুস্থ হৈ থাকিব বিচাৰিলে ফলমূল খোৱাটো গুৰুত্বপূৰ্ণ। শীতকালত চৰ্দি আৰু কাহৰ সমস্যা বেছিকৈ দেখা যায়। লগতে শীতকালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আন ঋতুতকৈ অলপ দুৰ্বল হয়।(Fruits in Winter) গতিকে আপুনি সহজেই ৰোগৰ পৰা সংক্ৰমিত হ’ব পাৰে। আনহাতে বিভিন্ন প্ৰকাৰৰ ফল-মূলে এই ৰোগবোৰৰ পৰা আঁতৰি থাকিবলৈ আমাক সহায় কৰে। গতিকে শীতকালত কি কি ফল খাব লাগে, জানি লওক।(Fruits Health Benefits)

কমলা – শীতকালত ভিটামিন চি সমৃদ্ধ কমলা খাব পাৰে। ভিটামিন চি সমৃদ্ধ ফল-মূলে আমাৰ শৰীৰত সংক্ৰমণ হ’বলৈ নিদিয়ে। ইয়াৰ উপৰিও ভিটামিন চি সমৃদ্ধ ফলবোৰে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভিটামিন চি সমৃদ্ধ ফল আমাৰ চুলি আৰু ছালৰ বাবেও উপকাৰী।

আপেল – আপেল দৈনিক খাব পাৰে। আপেল খালে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। ফলত আপেল খালে হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে থাকে। আপেলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্টো থাকে। শীতকালত প্ৰতিদিনে এটা আপেল খাব পাৰে।

অমিতা – অমিতা অন্যতম স্বাস্থ্যকৰ ফল। অমিতা খালে আপুনি বহুতো উপকাৰ পাব। অমিতাত খাদ্য আঁহ থাকে। গতিকে এই ফল খালে আপুনি বদহজমৰ সমস্যাৰ পৰা মুক্তি পাব। লগতে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হ’ব। অমিতাত ভিটামিন চি-অ’ থাকে। গতিকে শীতকালত অমিতা খাব পাৰে।

Family-centric politics:চামগুৰিত অৱসান ঘটিল ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ

Family-centric politics:চামগুৰিত অৱসান ঘটিল ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ
Family-centric politics:চামগুৰিত অৱসান ঘটিল ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ

গুৱাহাটী, ২৪ নৱেম্বৰঃ ২৪ বছৰীয়া দীৰ্ঘ বিৰতিৰ পাছত অৱশেষত চামগুৰিৰ(Samaguri) পৰা অৱসান ঘটিল ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ(Family-centric politics)।

২০০১ চনৰ পৰা চামগুৰিৰ কংগ্ৰেছী বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা ৰকিবুল হুছেইনে চামগুৰি সমষ্টিবাসী ৰাইজলৈ পিঠি দি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দহ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল৷(BJP)

হুছেইনে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত চামগুৰি সমষ্টিৰ খালি হোৱা আসনখনৰ বাবে নিজৰ পুত্ৰক উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাই চামগুৰিত ৰকিবুলৰ পিতৃৰ দিনৰ পৰা চলি অহা পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পুনৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।

ৰাজনীতিৰ অ আ ক খ নজনা পুত্ৰ তাঞ্জিল হুছেইনক চামগুৰিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাই পুত্ৰক বিধান সভালৈ পঠাই চামগুৰি আসনখন নিজৰ পুত্ৰৰ বাবে সংৰক্ষিত কৰিব বিচাৰিছিল।

চামগুৰি সমষ্টিটো পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছটো উপ-নিৰ্বাচন হোৱাৰ বাবে পুৰণি সমষ্টিৰ মতেই নিৰ্বাচন অনুষ্ঠিত হৈছিল।ৰাজনীতিত নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি অহা ৰকিবুলে সমষ্টিৰ সহজ সৰল সংখ্যালঘু ৰাইজৰ কান্ধত বন্দুক থৈ নিৰ্বাচনী বৈতৰনী পাৰ কৰিছিল। ভয়, ভাবুকি, গুণ্ডাগিৰিৰ বাবে চামগুৰিৰ ভোটাৰ ৰাইজে মুকলিকৈ আন দলক সমৰ্থন আগবঢ়াব পৰা নাছিল।

বিগত নিৰ্বাচন সমূহত জয়লাভ কৰাৰ পিছতে যিসকলে আন দলক সৰ্মথন কৰিছিল তেওঁলোকক বিভিন্ন ধৰণে ৰকিবুলৰ গুণ্ডা বাহিনীয়ে হাৰাশাস্তি কৰি আহিছিল। ৰকিবুলৰ ভেৰোণীয়া গুণ্ডাই নিৰ্বাচনৰ পিছতে আন দলৰ সমৰ্থকৰ ঘৰৰ টিঙ খুলি নিয়া, খেতিৰ ধান কাটি নিয়া, দম কল উঠাই নিয়া, ঘৰলৈ শিলগুটি দলিওৱা আদি কাৰ্য্য সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল।

অতি ভিতৰুৱা অঞ্চলত বসবাস কৰা সংখ্যালঘূ ৰাইজে এনে ধৰণৰ সন্ত্ৰাসৰ বাবে মুকলিকৈ আন দলক সমৰ্থন কৰিব পৰা নাছিল। যাৰ সুবিধা ৰকিবুল বাহিনীয়ে লৈ আহিছিল। বৰ্তমান সময়ত ৰকিবুল বাহিনীৰ এই গুণ্ডাৰাজৰ অৱসান ঘটাবলৈ সংখ্যালঘু ৰাইজৰ লগতে আন লোক সকলেও উপ নিৰ্বাচনটোক মুল অস্ত্ৰ হিচাপে লৈছিল।

ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক শাসনৰ অৱসান ঘটাবলৈ বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক সংখ্যা লঘু ৰাইজেও মুকলি সৰ্মথন জনাইছিল। শিক্ষিত তথা এজন দক্ষ নেতা দিপ্লুৰঞ্জনক পাই চামগুৰি বাসীয়ে দম্ভ, অহংকাৰী ৰকিবুল হুছেইনক এসেকা দিয়া আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক অৱসান ঘটাবলৈ দিপ্লুৰঞ্জনক বিপুল ভোটেৰে কৰালে জয়লাভ।

সাধাৰণতে সংখ্যালঘু ৰাইজে বিজেপি দলক সমৰ্থন নকৰে বুলি ভবা যায় বা সচেতন মহলে ক’ব খোজে যদিও চামগুৰিৰ সংখ্যা লঘু ৰাইজ তাৰ ব্যতিক্ৰম হোৱা দেখা গ’ল। সংখ্যালঘু ভোটাৰৰ মাজৰ পৰা বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৪২ শতাংশৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হ’ল। যাৰ বাবে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা চামগুৰি সমষ্টিত প্ৰথমবাৰৰ বাবে এইবাৰ পদুম ফুলিল।

চামগুৰিৰ উপ নিৰ্বাচনৰ এই ফলাফলে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে।

উল্লেখ্য, উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই সমষ্টিটোত চামগুৰিৰ কাষৰীয়া সমষ্টিৰ বিধায়ক জিতু গোস্বামী, সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মা, অগপৰ নগাঁও জিলা সভাপতি মণিমাধৱ মহন্ত, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাকে ধৰি অগপ আৰু বিজেপিৰ নেতৃবৰ্গই চামগুৰি সমষ্টিটো বিজেপিৰ মিত্ৰজোঁটে লাভ ফলাফল পাবলৈ প্ৰচেষ্টা চলাইছিলো।

ইয়াৰ উপৰি বিধায়ক জিতু গোস্বামীয়ে বাট পথকে ধৰি বিভিন্ন উন্নয়ন মূলক কামেৰে ভোটাৰ ৰাইজৰ মাজত সোমাই পৰা বাবে নিৰ্বাচনৰ পূৰ্বৰে পৰা ভোটাৰৰ মন বিজেপি মুখী হ’বলৈ আৰম্ভ কৰে।

ইফালে নিৰ্বাচনত মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, কেইবাজনো বিধায়ক, অগপ নেতা মণিমাধৱ মহন্ত, মুজিবুৰ ৰহমান, সুৰেশ বৰাকে ধৰি বিজেপিৰ নেতা-কৰ্মীসকলে ভোটাৰৰ মাজত সোমাই পৰি প্ৰচাৰ চলোৱাৰ বাবে বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়।

Imran Shah’s birthday:কথাশিল্পী ইমৰান শ্বাহৰ ওপজাত দিনত গুণমুগ্ধ, শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা

Imran Shah's birthday:কথাশিল্পী ইমৰান শ্বাহৰ ওপজাত দিনত গুণমুগ্ধ, শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা
Imran Shah's birthday:কথাশিল্পী ইমৰান শ্বাহৰ ওপজাত দিনত গুণমুগ্ধ, শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা

শিৱসাগৰ, ২৪ নৱেম্বৰঃ শিৱসাগৰ নগৰৰ ধাইআলিস্থিত পদ্মশ্রী সন্মানপ্ৰাপক(Padma Shri) ইমৰান শ্বাহৰ(Imran Shah’s birthday) বাসভৱনত শনিবাৰে অনুষ্ঠিত হোৱা তেখেতৰ ৯২সংখ্যক ওপজা দিনৰ বিশেষ কাৰ্যসূচীত অগণন শুভাকাঙ্ক্ষীৰ শুভেচ্ছা গ্ৰহণ কৰি কথাশিল্পী ইমৰান শ্বাহে আৱেগিক হৈ সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে এনেকৈয়ে সকলোকে লগ পাই থাকিলে কাম কৰাৰ সাহস পাম বুলি উল্লেখ কৰে।(Indian Assamese language)

সাহিত্যিকগৰাকীৰ বৰ জীয়ৰী ইশ্বানু শ্বাহে আত ধৰা কাৰ্যসূচীত সাহিত্যিকগৰাকীক তেখেতৰ তিনি নাতি-নাতিনী ৰিম, এহচাচ আৰু ৰেয়ানে শুভেচ্ছা জনোৱাৰ পিছতেই তেওঁৰ গুণমুগ্ধই কিতাপৰ টোপোলা, গামোচা, ফুলৰ থোপা আদিৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

(Government of India) সাহিত্যিকগৰাকীয়ে নতুন প্রজন্মৰ লেখক-লেখিকাসকলৰ উদ্দেশ্যি কয় যে, কঠোৰ পৰিশ্ৰমৰ অবিহনে লেখকৰ জীৱনত অন্য স্হিৰ পথ নাই।(Bharat Ratna) তেওলোকে পৰিশ্ৰমৰ লগতে গভীৰ অধ্যয়ন আৰু লিখাৰ যত্ন লব লাগিব বুলি ব্যক্ত কৰে।

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বহু সংখ্যক বিদ্যালয় বন্ধ হৈ পৰাৰ কাৰণৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত সাহিত্যিকগৰাকীয়ে কয় যে, এখন বিদ্যালয় এটা জাতীয় সম্পদ। সেই সম্পদ কোনোবাই নষ্ট কৰি দিব সেইটো সহজ কথা নহয়। এই ক্ষেত্ৰত ৰাইজ সচেতন হ’ব লাগিব বুলি উল্লেখ কৰে।

শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত সাহিত্যিকগৰাকীৰ ৰচনাৱালীৰ তৃতীয় খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বৃহৎ কলেবৰৰ এই গ্ৰন্থ উন্মোচন কৰি সাহিত্যিকগৰাকীৰ বাল্যবন্ধু ডাঃ দেৱেন গগৈয়ে লৰালি কালৰ বহু কথা ৰোমন্হন কৰি আজিৰ অনুষ্ঠানত বন্ধুৰ ৰচনাৱলী উন্মোচন কৰি আত্মহাৰা হৈ পৰে।

তেখেতে আজিৰ মূহূৰ্ততো কোনোদিন পাহৰিব নোৱাৰি বুলি ব্যক্ত কৰি বন্ধুক জন্মদিনৰ ওলগ জ্ঞাপন কৰি আৰু অধিক সাহিত্য সৃষ্টি কৰি যাবলৈ অনুপ্ৰেৰণা দিয়ে। সন্তোষ দত্তই আঁত ধৰা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত সমীৰন বৰা, স্মৃতিৰেখা গগৈ, প্ৰেম গগৈ, স্বৰ্ণজ্যোতি বৰা বৰবৰা, জিলা সাহিত্য সভাপতি ডঃ নিৰুপমা মহন্ত, স্নিগ্ধাৰাণী গগৈয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰা অনুষ্ঠানত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ ৰীতামনি বৰাই কথাশিল্পী ইমৰান শ্বাহৰ সাহিত্য কৰ্মৰ এক অবলোকন দাঙি ধৰাৰ লগতে শ্বাহ চাৰৰ চুটিগল্পৰ সন্দৰ্ভত এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে।

জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পদক যোগ গগৈ, শিক্ষাবিদ চিন্তাশীল লেখক ডঃ জ্যোতিপ্ৰসাদ শইকীয়া, ডঃ প্ৰকাশ কটকী, আব্দুল জেলিল,প্ৰেম গগৈ, বিনোৱা টায়ে, ৱালিউল্লাহকে আদি কৰি সাহিত্যিক গৰাকীৰ ভালেমান গুণমুগ্ধ উপস্থিত থাকে। উল্লেখযোগ্য যে, ১৯৩৩ চনত শিৱসাগৰৰ ধাই আলিত জন্ম গ্রহণ কৰিছিল ইমৰান শ্বাহে।

তেওঁৰ পিতৃ মহম্মদ শ্বাহ আৰু মাতৃ মৰিয়ম নিচা। ধাইআলিৰ ২নং প্রাথমিক বিদালয়ত শিক্ষা জীৱনৰ আৰম্ভ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুল, কটন কলেজ, শিৱসাগৰ কলেজ আদিত উচ্চশিক্ষা সম্পন্ন কৰে। নৱম শ্রেণীত থাকোতেই ১৯৫১ চনত প্ৰকাশ পাই তেওঁৰ প্ৰথম কাব্য সংকলন “বনবাসী”।

ৰামধেনু যুগৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ ইমৰান শ্বাহৰ ইতিমধ্যে ৮ খন গল্প সংকলন, ১০খন উপন্যাস, ২খন প্ৰৱন্ধ সংকলন, ১খন জীৱনী, ৩খন অনুদিত গল্প আৰু কেইবাখনো সম্পাদিত গল্প সংকলন, তিনি খন কাব্য সংকলন আৰু ১খন গীতৰ গ্রন্থ প্ৰকাশ পাইছে।

২০১২ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি পদ অলংকৃত কৰা শ্বাহে তেওঁৰ সুকীয়া গদ্য ৰীতি আৰু সাহিত্য কৰ্মৰ বাবে সন্মানীয় অসম উপত্যকা বঁটাৰ লগতে আজানপীৰ বঁটা লাভ কৰিছে।

ভাৰত চৰকাৰৰ পৰা পদ্মশ্রী সন্মান লাভ কৰা বৰেণ্য সাহিত্যিক গৰাকীৰ আজি ৯২ সংখ্যক ওপজা দিনত অগণন গুণমুগ্ধই তেখেতক বিভিন্ন উপহাৰে জন্মদিনৰ ওলগ জনোৱা অনুষ্ঠানত ডঃ জ্যোতিপ্রসাদ শইকীয়াৰ প্ৰকাশিত কবিতা “প্ৰাজ্ঞতনু” কবিতাটি মিলন খনিকৰে আবৃত্তি কৰাৰ উপৰিও নাজিম আলী, প্ৰবীণ হাজৰিকা,প্ৰভাত কোৱৰে শ্বাহ চাৰৰ গীত পৰিৱেশন কৰাৰ লগতে কণমানি জ্যোতিষ্মান ফুকন, লীজা সন্দিকৈয়ে গীত পৰিৱেশন কৰে।

অনুষ্ঠানত ৰবাৰ্ট ফষ্ট্ৰৰ ষ্টপিং বাই ওদছ অন এ স্নয়ী ইভিনিং কবিতাটি আস্হা ভৰালীয়ে পাঠ কৰাৰ পিছতেই ইমৰান শ্বাহে অসমীয়ালৈ অনুবাদ কৰা কবিতাটি আবৃত্তি কৰে পল্লৱী ফুকনে। হাৰেজা বেগমে কবিতা আবৃত্তি কৰাৰ লগতে জেহিৰুদ্দিন খানৰ প্ৰকৃতি আৰু স্বাস্থ্য গ্ৰন্থখনি ইমৰান শ্বাহে উন্মোচন কৰাৰ অনুষ্ঠানত আজি প্ৰকাশিত সাংবাদিক অনন্ত স্মিথৰ প্ৰৱন্ধ পাঠ কৰে নৱনীত হাজৰিকাই।

নেহা যোগ প্ৰশিক্ষণ কেন্দ্র, অসম উন্নতি সভা, শিৱসাগৰ প্ৰেছ ক্লাব, দিচাং ধাইআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ যুবদল, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সাংস্কৃতিক মহাসভা, অনুশীলন গোট, আজানপীৰ ভৱন আৰু গৱেষণা কেন্দ্র, শিৱসাগৰ জিলা কবিতা আবৃত্তি পৰিষদ, আসাম টক, অসম নাট্য সন্মিলন, নিউ লুক একাডেমী, শিৱসাগৰ কবি চক্র, আৰোহণ কলা-সংস্কৃতি অনুষ্ঠান, শিৱসাগৰ ই-ৰিক্সা সংস্থা, ২নং ধাইআলি লৰা প্ৰাথমিক বিদ্যালয়, ন-মাটি, জয়সাগৰ, অৰুণোদয়, শিমলুগুৰি, চাৰিং, ৰুদ্ৰসাগৰ, ধিতাইপুখুৰী, নাজিৰা, জাজী, মুকুল, সমন্বয় শাখা সাহিত্য সভাৰ লগতে শতাধিক অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে সাহিত্যিকগৰাকীক গামোচা, চেলেং, কিতাপৰ টোপোলা, গছপুলি, সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰে।

Hemant Soren: ২৬ নৱেম্বৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে

Hemant Soren
২৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মমতা বেনাৰ্জী, ৰাহুল গান্ধী, অখিলেশ যাদৱ, অৰবিন্দ কেজৰিৱালে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।(Hemant Soren)

মঙলবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে। ২৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মমতা বেনাৰ্জী, ৰাহুল গান্ধী, অখিলেশ যাদৱ, অৰবিন্দ কেজৰিৱালকে ধৰি ভাৰত বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।(Hemant Soren)

জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটে বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি ৫৬খন আসন লাভ কৰে। ২৬ নৱেম্বৰত দ্বিতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে।(JMM)

আজি ছোৰেনে ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগৱাৰক ৪ বজাত সাক্ষাৎ কৰাৰ কথা। আজি চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰিব বুলি সূত্ৰই জনায়।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ মমতা বেনাৰ্জী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, আৰজেডি নেতা তেজস্বী যাদৱকে ধৰি বিৰোধী INDIA ব্লকৰ গুৰুত্বপূৰ্ণ নেতাসকলে শপত গ্ৰহণ উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা।

জেএমএম, কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি), চিপিআই-এমএলকে ধৰি এই মিত্ৰজোঁটে ৮১ খন আসনৰ ভিতৰত বিধানসভাত মুঠ ৫৬খন আসন লাভ কৰে।

জেএমএমই ৩৪খন, কংগ্ৰেছে ১৬খন, আৰজেডিয়ে ৪খন, আৰু চিপিআই-এমএলে ২খন আসন লাভ কৰি ভাৰতীয় ব্লক মিত্ৰজোঁটৰ বাবে একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতাৰ বাট মুকলি হয়।

AGP defeated the Congress: বঙাইগাঁৱত কংগ্ৰেছক ৩৫,১৬৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়

AGP defeated the Congress: বঙাইগাঁৱত কংগ্ৰেছক ৩৫,১৬৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়
AGP defeated the Congress: বঙাইগাঁৱত কংগ্ৰেছক ৩৫,১৬৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়

গুৱাহাটী, ২৪ নৱেম্বৰঃ অৱধাৰিতভাবেই ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল অগপ(AGP defeated the Congress) তথা মিত্ৰজোটৰ(Alliance) হাতলৈ গ’ল৷ অক্ষত হৈ থাকিল অগপ দলৰ দুৰ্গ বঙাইগাঁও৷

সমষ্টিটোৰ পৰা নিৰ্বাচিত হ’ল অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury)৷ মিত্ৰজোটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ বিজয়ে সমষ্টিটোকলৈ যে আন দলে বিজয়ৰ সপোন ৰচি লাভ নাই তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি দিলে৷(Dainandin Barta)

লগতে অগপ দলৰ জ্যেষ্ঠ নেতা তথা সমষ্টিটোৰ পৰা বিগত ১৯৮৫ চনৰ পৰা একেৰাহে আঠবাৰকৈ নিৰ্বাচিত হৈ অহা ফণীভূষণ চৌধুৰীয়ে সমষ্টিটো যেনেদৰে নিজৰ দখলত ৰাখি আঞ্চলিকতাবাদী ৰাজনীতিৰ দুৰ্গ হিচাপে চিহ্নিত কৰি আহিছিল সেই ধাৰা এই বাৰো অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ল দলটোৱে৷(NDA vs India)

কেৱল পাৰ্থক্য সমষ্টিটোৰ জনপ্ৰতিনিধিগৰাকী সলনি হ’ল৷ কিন্তু নৱ নিৰ্বাচিত জনপ্ৰতিনিধি গৰাকীও আকৌ অগপ দলকে প্ৰতিনিধিত্ব কৰে৷ তাতোকৈ ডাঙৰ কথাটো হ’ল নৱ নিৰ্বাচিত জনপ্ৰতিনিধি গৰাকী হ’ল সমষ্টিটোৰ প্ৰাক্তন বিধায়ক গৰাকীৰ পত্নী৷ সেয়ে একেখন ঘৰতে সমষ্টিবাসীয়ে লগ পাব সাংসদ আৰু বিধায়িকাক৷

উল্লেখ্য যে ৰাজ্যৰ আন চাৰিটা বিধানসভা সমষ্টিৰ লগতে বঙাইগাঁও বিধানসভা সমষ্টিৰো উপ-নিৰ্বাচনৰ ভোট গণনা শনিবাৰে পুৱা আঠ বজাৰ পৰা আৰম্ভ হয়৷ বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত প্ৰথম ৰাউণ্ডৰ পৰাই মিত্ৰজোটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে অগ্ৰগতি লাভ কৰে৷

ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ লগতে আন ছয় গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে তেওঁৰ ওচৰ চাপিবলৈকো সক্ষম নহ’ল৷ অৱশ্যে পূৰ্বৰ তুলনাত অগপই ভোট কিছু কম পাইছে৷ ভোট গণনাৰ অন্তত অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে মুঠ ৭৪,৭৩৪ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ ব্ৰজেনজিৎ সিংহক ৩৫,১৬৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অসম বিধানসভালৈ নিৰ্বাচিত হয়৷

কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই লাভ কৰে মুঠ ৩৯,৫৭০ টা ভোট৷ উল্লেখ্য, কংগ্ৰেছ দলৰো ভোট কমাহে পৰিলক্ষিত হয়৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে মিত্ৰজোটৰ প্ৰাৰ্থী গৰাকীক প্ৰত্যাহ্বান জনাব বুলি বহুতে ভাবিছিল যদিও সেয়া নিৰ্বাচনৰ ফলাফলত প্ৰতিফলিত নহ’ল৷

সেইদৰে অগপ দলত প্ৰাৰ্থিত্বকেন্দ্ৰিত সংঘাত সৃষ্টি হোৱাৰ ফলত দলত্যাগ কৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত অগপ দল তথা প্ৰাৰ্থী গৰাকী শ’লঠেকত পৰিব বুলি বিৰোধী দলৰ লগতে বিভিন্ন মহলত চৰ্চা চলিছিল যদিও তাৰো বিশেষ প্ৰভাৱ নপৰিল৷

একেদৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলি অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভতো ভোটাৰ ৰাইজে বিশেষ গুৰুত্ব নিদিলে৷ যাৰ বাবে সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই শেষ মুহূৰ্তত মিত্ৰজোটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে মাৰিলে বিজয়ৰ হাঁহি৷ নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰে লাভ কৰে কেৱল ১৩,৩৮১ টাহে ভোট৷

আনহাতে নিৰ্দলীয় প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰে ৫,০১৩টা, গৌতম ৰায়ে ২,৮৯৬টা, দীপক দাসে ১,৮৬৮টা, মৃত্যুঞ্জয় ৰাভাই ১,৩৪৫টা আৰু ভদ্ৰেশ্বৰ বৰ্মনে ১,০৯৯টা ভোট লাভ কৰে৷ একেদৰে ন’টাত ভোট পৰে ২,৭১৪ টা৷ সমষ্টিটোৰ পৰা এইবাৰ মুঠ আঠগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷

সমষ্টিটোত উপৃনিৰ্বাচনত মুঠ ১,৪২,৬২০ টা ভোট দান হয়৷ ইপিনে মিত্ৰজোটৰ প্ৰাৰ্থী গৰাকীৰ জয় নিশ্চত হোৱাৰ পিছতে ভোট গণনা কেন্দ্ৰৰ বাহিৰত অগপ-বিজেপিৰ দলীয় নেতা-কৰ্মীসকলে প্ৰাৰ্থী গৰাকীকলৈ বিজয় উৎসৱ আৰম্ভ কৰে৷ ফটকা ফুটাই, ৰং খেলি তথা নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে৷

লগতে দীপ্তিময়ী চৌধুৰীয়ে জয়লাভ কৰাৰ পিছত প্ৰাৰ্থী গৰাকীক দলীয় নেতা-কৰ্মীসকলে বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ পৰা এখন ফুলেৰে সজ্জিত বাহনত তুলি বেণ্ড-পাৰ্টী আদিৰে চহৰৰ মাজেৰে বিজয় সমদল উলিয়াই বৰপাৰাৰ জিলা অগপ কাৰ্যালয়লৈ আদৰি আনে৷ এই সময়চোৱাত বিভিন্ন স্থানত সমৰ্থকসকলে ফটকা ফুটাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰে৷

ইপিনে জয়লাভ কৰাৰ পিছত প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত সমষ্টিবাসীৰ লগতে মিত্ৰজোটৰ নেতা – কৰ্মীসকলে ধন্যবাদ জনাই কয় যে ভোটাৰ ৰাইজৰ যথেষ্ঠ সঁহাৰি থকাৰ বাবেই অগপৰ দুৰ্গ অক্ষত হৈ ৰ’ল৷ ৰাইজৰ অগপৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে ৷ সেই বাবেই আমাক ভোট প্ৰদান কৰিছে ৷

তেওঁ বৰ্তমান ৰাইজ তেওঁৰ লগত যিদৰে আছে আগন্তুক দিনবোৰত যাতে থাকে তাৰ বাবে আহ্বান জনায়৷ আনহাতে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীক অগপৰ বৃহৎ জয় সন্দৰ্ভত সোধাত তেওঁ কয় যে বৃহৎ জয় বুলি মই নকওঁ৷ লগতে অগপৰ জয় বুলি নকওঁ৷

এয়া মিত্ৰজোটৰ জয়৷ নিৰ্বাচনটো অগপই অকলে খেলা নাই৷ অগপ, বিজেপি আৰু ইউপিপিএল দল মিত্ৰজোটত আৱদ্ধ হৈ একেলগে খেলিছে৷ সেয়ে এয়া মিত্ৰজোটৰ জয়৷ তেওঁ একেখন ঘৰতে সাংসদ আৰু বিধায়িকাক পালে ৰাইজৰ কিছু সুবিধা হ’ব বুলিও কয়৷ লগতে বিজয়ৰ ব্যৱধানটো তেওঁ ভবাতকৈ কিছু কম হোৱা বুলি কৈ কয় যে এয়া বিভিন্ন কাৰণত হৈছে৷

কিন্তু আমি কিছু ভোট কম পাইছোঁ৷ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰে অগপতকৈ কংগ্ৰেছৰ ভোটহে বেছিকৈ কটা বুলিও কয়৷ ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ পৰাজয়ৰ মূল কাৰণ সন্দৰ্ভত সাংবাদিকে সোধাত অগপ সাংসদগৰাকীয়ে কয় যে ইয়াত আচলতে ব্ৰজেনজিৎ সিংহৰ পৰাজয় নহয়, মই কংগ্ৰেছ দলৰহে পৰাজয় বুলি কম৷

ইয়াত প্ৰাৰ্থীকেন্দ্ৰিক নিৰ্বাচন নহয়, দল হিচাপে নিৰ্বাচন হৈছে আৰু যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী পৰাজিত হৈছে, সেয়ে মই কংগ্ৰেছৰ পৰাজয় বুলিহে কম৷ তেওঁ কংগ্ৰেছ দলে প্ৰতিবাৰে পৰাজিত হ’ব বুলিও কয়৷ আনহাতে ২৬ ৰ নিৰ্বাচনকলৈ কি ক’ব বুলি সোধাত তেওঁ কয় যে অসমৰ জনসাধাৰণে মিত্ৰজোটক যেনে ধৰণে আঁকোৱালি লৈছে আৰু আস্থা-বিশ্বাস প্ৰকাশ কৰিছে তাৰ ফলত ২৬ৰ নিৰ্বাচনতো ইয়াৰ প্ৰতিফলন দেখিব৷

সাংসদ গৰাকীয়ে উপ-নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৰ ভোট লাভ কৰিবলৈ সক্ষম হোৱা বুলি কৈ কেইবাটাও কেন্দ্ৰত কংগ্ৰেছতকৈ মিত্ৰজোটৰ প্ৰাৰ্থী গৰাকীয়েহে অধিক ভোট লাভ কৰা বুলিও কয়৷ সাংসদ গৰাকীয়ে বঙাইগাঁৱত প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই বুলি কৈ কয় যে আমি ৰাইজৰ যি আশা-আকাংক্ষা আৰু সমস্যা সেইবোৰৰ বুজ লৈ থাকো আৰু ৰাইজে সদায় আমাক কাষতে পায়৷

যাৰ বাবে ৰাইজে যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ বুলি কোৱা হয় সেইটো তেওঁলোকে পোৱা নাই ৷ সাংসদ চৌধুৰীয়ে লগতে কয় যে সমষ্টিবাসীয়ে তেওঁক যেনেদৰে পাইছিল দীপ্তিময়ী চৌধুৰীকো তেনেদৰে পাব আৰু সহজে ৰাইজৰ লগত মিলি যাব৷ লগতে মিলি গৈ ৰাইজৰ সমস্যাসমূহৰ সৈতে জড়িত পৰিব আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁৰো কিছু সঁহাৰি থাকিব বা সহায় পাব৷

তেওঁ কয় যে মই ভাবো মোৰ কাৰ্যকালত যিখিনি উন্নয়ন হৈছিল আৰু হ’বলৈ বাকী আছিল বা আধৰুৱা হৈ আছে এই ডেৰটা বছৰত কৰিবলৈ সক্ষম হ’ব৷ আনহাতে ২৬ত বিজেপিৰে মিত্ৰতা থাকিলে দীপ্তিময়ী চৌধুৰীয়ে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব নে বুলি সাংবাদিকে সোধাত কয় যে এতিয়াও সময় আছে৷ সেয়ে আগতিয়াকৈ একো নকওঁ৷ সেইটো সময়ে ক’ব৷ কাৰণ দীপ্তিময়ী চৌধুৰী এগৰাকী গৃহণী আছিল৷ কিন্তু সময়ৰ আহ্বানত আজি নিৰ্বাচন খেলিবলগীয়া হ’ল৷

উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই সাংসদ চৌধুৰীক দেখা গল অন্য ৰূপত, বঙাইগাঁৱত চিৰ জীৱন অক্ষুন্ন থাকিব অগপৰ ভেটিঃ

বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থী তথা সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী জয় লাভ কৰাৰ দিনাই সাংসদ গৰাকীক দেখা গল এক ব্যতিক্ৰমী ৰূপত৷পত্নীয়ে জয় লাভ কৰাৰ পিছত চাৰিও ফালে দলীয় কৰ্মী-সমৰ্থকসকলে ফটকা ফুটাই তথা নাচি বাগি আনন্দ-উল্লাস প্ৰদৰ্শ কৰাৰ বিপৰীতে সাংসদ গৰাকীক উত্তৰ বঙাইগাঁৱৰ মূল পথৰ দাঁতিৰ এক স্থানত এখন শাক-পাচলিৰ দোকানত বিক্ৰেতাৰ ৰূপতহে দেখা গল ৷

বিক্ৰেতাৰূপী সাংসদ গৰাকীক ক্ৰেতাসকলে আগুৰি ধৰি সামগ্ৰী ক্ৰয় কৰাও পৰিলক্ষিত হ’ল৷এই সন্দৰ্ভত সাংসদ গৰাকীক সোধাত তেওঁ কয় যে কোনো বেলেগ ৰূপত নহয়, ইয়াতে ৰাইজৰ লগত মিলা মিছাকৈ আছো৷ আনহাতে অগপৰ ভেটি অক্ষুন্ন থকাত সুখী নে বুলি সোধাত জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে কয় যে অক্ষু্ন্ন থাকিল আৰু চিৰ জীৱন অক্ষুন্ন থাকিব৷

উল্লেখ্য, কিছু সময় পিছতে মূল পথছোৱাৰে নৱ নিৰ্বাচিত জনপ্ৰতিনিধি দীপ্তিময়ী চৌধুৰীক বাহনত তুলি দলীয় কৰ্মীসকলে বিজয় সমদল উলিয়াই আনি থকাত সাংসদ স্বামীয়ে পুত্ৰ তথা সমৰ্থকৰ সৈতে পথত থিয় হৈ সেই দৃশ্য উপভোগ কৰে ৷ ইপিনে নৱ নিৰ্বাচিত জনপ্ৰতিনিধি তথা পত্নীয়ে তাকে দেখি হাঁহি হাঁহি হাত জোকাৰি যায়৷

Cleaning Ear Mistakes: সাৱধান! কাণ চাফা কৰোঁতে নকৰিব এই সমূহ ভুল…

Cleaning Ear Mistakes
Cleaning Ear Mistakes

কাণৰ ভুল পৰিষ্কাৰ কৰা: সহজ যেন লাগে কাণ চাফা কৰাতোঁ সহজ নহয়। কাণ পৰিষ্কাৰ কৰাৰ সময়ত সাৱধান হ’ব লাগে।(Cleaning Ear Mistakes)কাণ আমি প্ৰায়ে ঘৰতে চাফা কৰোঁ। সহজ যেন লাগিলেও কাণ পৰিষ্কাৰ কৰাটো একেবাৰেই সহজ কাম নহয়। আমি বহুতে নিজে ঘৰত কাণ চাফা কৰোঁতে বহু ভুল কৰোঁ। সেই ভুলৰ ফলত ভয়াৱহ বিপদৰ সৃষ্টি হ’ব পাৰে।(Cleaning Ears at Home)


সঘনাই কাণ চাফা একেবাৰেই কৰিব নালাগে। আমাৰ শৰীৰত প্ৰাকৃতিক ব্যৱস্থা আছে যাৰ যোগেদি কাণৰ মলি নিজাববীয়াকৈ ওলাই আহে। সাধাৰণতে শুই থাকোঁতে আৰু গা ধুওঁতে কাণৰ মলি ওলাই আহে। আমি যেতিয়া খাদ্য চোবাই খাওঁ তেতিয়া ই কাণৰ মলিও ঢিলা কৰে। আনহাতে কাণত থকা মলিয়ে আমাক ৰোগ সৃষ্টিকাৰী অণুজীৱ, পোক-পৰুৱা আৰু মকৰা আদিৰ পৰা ৰক্ষা কৰে। (Ear)

কোনো চোকা বস্তু কাণত সুমুৱাই নিদিব। আঙুলিৰ নখ, গাড়ীৰ চাবি, পিন আদি ভৰাই কাণ চাফা নকৰিব। ইয়াৰ ফলত ভিতৰৰ কোমল কাণখনৰ ক্ষতি হ’ব পাৰে।

চোকা বস্তুৰ সংস্পৰ্শতো কাণৰ ড্ৰাম ফাটি যাব পাৰে, যাৰ ফলত শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে। কপাহেৰে কাণ পৰিষ্কাৰ কৰা লোকৰ অধিক ক্ষতি হয়। ইয়াৰ ফলত কঠিন হৈ পৰা কাণৰ মোম আৰু অধিক ভিতৰলৈ সোমাই যায়, যাৰ ফলত কাণৰ ড্ৰামৰ ক্ষতি হ’ব পাৰে আৰু কাণৰ বিষ হ’ব পাৰে।

বহুতে কাণ পৰিষ্কাৰ কৰিবলৈ হাইড্ৰজেন পেৰাক্সাইড ব্যৱহাৰ কৰে। ই কাণৰ মলি কোমল কৰে। কিন্তু হাইড্ৰজেন পেৰাক্সাইড বেছিকৈ ব্যৱহাৰ কৰিলে অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। কাণৰ ভিতৰৰ অংশত কিবা এটা বিন্ধি থকা যেন লাগিব পাৰে, আৰু কাণত বিষ হ’ব পাৰে।

কিছুমানে ঘৰুৱা ঔষধ হিচাপে কাণ পৰিষ্কাৰ কৰিবলৈও গৰম তেল ব্যৱহাৰ কৰে। কেইটোপালমান কাণত দিব। কিন্তু এই ক্ষেত্ৰত কিমান গৰম তেল বুজিব লাগে। বেছি গৰম হ’লে কাণৰ ভিতৰৰ ছালখন পুৰিব পাৰে। ভিতৰৰ কাণখন ক্ষতিগ্ৰস্ত হ’ব পাৰে।

গতিকে কাণ চাফা কৰোঁতে সাৱধান হ’ব লাগে।

Ajaz Khan: ইনষ্টাগ্ৰামত ৫৬ লাখ ফ’ল’ৱাৰ থকাৰ পিছতো মাত্ৰ ১৫৫টা ভোট লাভ কৰিলে অভিনেতা আজাজ খানে

Ajaz Khan
Ajaz Khan

ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ জৰিয়তে নিজৰ নাম উজলাই তোলা অভিনেতা আজাজ খানে ভাৰ্চোভা আসনৰ পৰা মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে তেওঁৰ ৰাজনৈতিক যাত্ৰাও পূৰ্বৰ লোকসভা নিৰ্বাচনৰ দৰেই হতাশাজনক আছিল।(Ajaz Khan)চন্দ্ৰশেখৰ আজাদৰ আজাদ সমাজ পাৰ্টি (কাংশী ৰাম)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা আজাজ খানে নিজৰ ৫৬ লাখ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰক ভোটলৈ ৰূপান্তৰিত কৰাত যেন ব্যৰ্থ হয়। নিৰ্বাচনত তেওঁ লাভ কৰিলে মাত্ৰ ১৫৫টা ভোট।(EVM)

এতিয়া আজাজ খানে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ পৰাজয়ৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে ইভিএমৰ কথা উল্লেখ কৰিছে। তেওঁ ক’লে, ‘সকলো ইভিএমৰ খেল। বছৰ বছৰ ধৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাজনীতিত থকা মানুহ। ডাঙৰ দলৰ ডাঙৰ নামৰ প্ৰাৰ্থীসকলে হাৰিছে আৰু অতি কম ভোট লাভ কৰিছে। মই এজন সমাজকৰ্মী যিয়ে ৰাইজৰ কণ্ঠ হ’বলৈ চেষ্টা কৰো আৰু আগলৈও কৰি যাম। তেওঁৰ এই ভিডিঅ’টোত বহুতে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।(Ajaz Khan On Loses Assembly Election)

ইনষ্টাগ্ৰামৰ উপৰিও আজাজে নিজৰ টুইটাৰ হেণ্ডেলতো এটা টুইট কৰিছিল য’ত তেওঁ লিখিছিল, ‘বিজয় ৩৪০০ কোটি টকালৈ… টকাৰ সন্মুখত জনসাধাৰণ হেৰুৱালে। মহাৰাষ্ট্ৰ’। এই টুইটটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত মানুহে তেওঁক ঠাট্টা-মস্কৰা কৰিছে। আনকি একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁৰ পৰিয়ালেও তেওঁক ভোট নিদিলে নেকি আৰু তেওঁক বহুত ট্ৰ’ল সন্মুখীন হৈছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আপোনাৰ পৰিয়ালেও আপোনাক ভোট দিয়া নাছিল নেকি?

Lachit Diwas 2024: আজি লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্মজয়ন্তী। মুখ্যমন্ত্ৰীয়ে লাচিত দিৱস উপলক্ষে ছ’চিয়েল মিডিয়াৰ প্ৰফাইলত ৰাখিলে বীৰ লাচিতৰ ফটো

Lachit Diwas 2024
Lachit Diwas 2024

আজি লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্মজয়ন্তী। ৰাজ্যজুৰি স্মৰণ বীৰ পুৰুষজনৰ শৌৰ্য-বীৰ্য। ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱত জন্ম হৈছিল লাচিত বৰফুকনৰ। তেওঁৰ পিতৃৰ নাম আছিল ম’-মাই তামূলী ফুকেলুং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷ (Lachit Diwas 2024)

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা হৈছে। অসমীয়া জাতিৰ বাবে “লাচিত বৰফুকন”এটা কেৱল চৰিত্ৰই নহয়। প্ৰতিজন স্বাভিমানী অসমীয়াৰ পৰিচয়, সাহস আৰু গৌৰৱ।(Lachit Borphukan)

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি লাচিত দিৱসৰ মহানক্ষণত তেখেতলৈ সন্মান হিচাপে ফে’চবুক, টুইটাৰ বা ৱাটছএপত বীৰ লাচিতৰ ফটো প্ৰফাইল ছবি হিচাপে ৰাখিবলৈ শনিবাৰে ফে’চবুক লাইভযোগে অসমবাসীৰ লৈ আহ্বান জনায়৷(himanta biswa sarma)

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ প্ৰফাইল ফটো হিচাপে ৰাখিলে বীৰ লাচিতৰ ফটো। ফটো ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিলে –

“লাচিত বৰফুকন : সশ্ৰদ্ধ প্ৰণাম 🙏

লাচিত বৰফুকনৰ বীৰত্ব আৰু শৌৰ্য গাথাই যুগে যুগে অসম তথা ভাৰতবাসীক আলোড়িত কৰি ৰাখিব৷ মহান আহোম সেনাপতিগৰাকীৰ সাহস, বীৰত্ব আৰু ত্যাগ তথা কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমাৰ চৰকাৰৰ দ্বাৰা ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ আমাৰ অসমৰ অদম্য সাহস, স্বাভিমান, শৌৰ্য আদিক প্ৰতিনিধিত্ব কৰে লাচিত বৰফুকনে৷ আজি অসম তথা ভাৰত বুৰঞ্জীৰ এই ঐতিহাসিক চৰিত্ৰটিক ৪০২সংখ্যক জয়ন্তীত হৃদয়ৰ গভীৰ কোণৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিলোঁ৷ আটাইলৈ অনুৰোধ, মহান অসমীয়াগৰাকীৰ আজিৰ জয়ন্তীৰ দিনটো প্ৰতিজনে উদযাপন কৰি তেখেতৰ মহান ত্যাগক পুনৰবাৰ ৰোমন্থন কৰক৷”

Navjot Singh Sidhu: মোৰ পত্নীয়ে চেনী ত্যাগ কৰি হালধি আৰ নিমপাতেৰে কৰ্কট ৰোগক পৰাস্ত কৰিলে বুলি দাবী নৱজোত সিং সিদ্ধুৰ…

Navjot Singh Sidhu
Navjot Singh Sidhu

শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেটাৰ তথা নেতা নৱজোৎ সিং সিদ্ধুৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ পত্নীৰ স্তন কেন্সাৰ চিকিৎসাৰ অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিছে।(Navjot Singh Sidhu)ভিডিঅ’টোত তেওঁ কৈছে যে তেওঁৰ পত্নীয়ে কাৰ্বহাইড্ৰেট আৰু চেনি ত্যাগ কৰি খাদ্য তালিকাত হালধি আৰু নিমপাত অন্তভুক্ত কৰি মাৰাত্মক কৰ্কট ৰোগক পৰাস্ত কৰিছিল। বৰ্তমান এই ভিডিঅ’টো যথেষ্ট চৰ্চালৈ আহিছে।(Cancer)

আনহাতে বিশেষজ্ঞসকলে কয় যে বৈজ্ঞানিক প্ৰমাণ অবিহনে ঘৰুৱা উপায়েৰে কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসা সম্ভৱ নহয়। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ) আৰু অন্যান্য আগশাৰীৰ স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি অস্ত্ৰোপচাৰ, কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিৰ দৰে প্ৰমাণিত ব্যৱস্থাৰেহে কৰ্কট ৰোগৰ চিকিৎসা কৰিব পৰা যায়।(neem leaves)

বহু গৱেষণা চলি আছে, য’ত হালধি আৰু নিমৰ দৰে মৌলৰ কেন্সাৰ প্ৰতিৰোধী এজেণ্টৰ অনুসন্ধান চলি আছে। কিন্তু এই পদাৰ্থবোৰ যে কৰ্কট ৰোগৰ চিকিৎসাত ফলপ্ৰসূ সেইটো প্ৰমাণ কৰিব পৰাকৈ এতিয়ালৈকে কোনো উচ্চমানৰ প্ৰমাণ পোৱা নাই। চিকিৎসকে কয় যে এনেধৰণৰ দাবী বিশ্বাস কৰি ৰোগীয়ে চিকিৎসাত বিলম্ব ঘটাব পাৰে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে।(turmeric)

চিকিৎসকে কয় যে প্ৰাথমিক পৰ্যায়ত কৰ্কট ৰোগ ধৰা পৰিলেহে ইয়াৰ চিকিৎসা ফলপ্ৰসূ হয়। ভুল আৰু প্ৰমাণিত নোহোৱা চিকিৎসাৰ প্ৰচেষ্টাৰ ফলত ৰোগ নিৰ্ণয় আৰু চিকিৎসাত পলম হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বিভ্ৰান্তিকৰ দাবীক বিশ্বাস নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে টাটা মেম’ৰিয়েল হাস্পতালে জাননী জাৰি কৰিছে। কেন্সাৰৰ কোনো লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লব। সঠিক সময়ত সঠিক চিকিৎসাৰ দ্বাৰা কৰ্কট ৰোগৰ সফল চিকিৎসা কৰিব পাৰি। ছ’চিয়েল মিডিয়াত বিয়পি পৰা এনে দাবীয়ে মানুহক বিপথে পৰিচালিত কৰিব পাৰে। গতিকে যিকোনো ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি কৰ্কট ৰোগৰ চিকিৎসাত প্ৰমাণিত চিকিৎসা পদ্ধতিক অগ্ৰাধিকাৰ দিব লাগে।