Home Blog Page 449

Dialect: ছিৰিয়াত পোৱা গৈছে বিশ্বৰ আটাইতকৈ পুৰণি লিপি, কি গোপন কথা লুকাই আছে

Dialect: ছিৰিয়াত পোৱা বিশ্বৰ আটাইতকৈ পুৰণি লিপি, কি গোপন কথা লুকাই আছে ৱেবডেস্ক: শেহতীয়াকৈ ছিৰিয়াৰ পুৰাতত্ত্ববিদৰ এটা দলে বিশ্বৰ আটাইতকৈ পুৰণি লিপি আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। তেওঁলোকৰ মতে এই লিপিয়ে ভাষাৰ বিকাশ আৰু প্ৰাথমিক মানৱ ইতিহাসৰ লিখিত যোগাযোগৰ আৰম্ভণিৰ নতুন আভাস প্ৰদান কৰিব। প্ৰত্নতত্ত্ববিদসকলে কয় যে, ছিৰিয়াৰ এটা প্ৰত্নতাত্ত্বিক স্থান খনন কৰাৰ সময়ত মাটিৰ তলত এই লিপি আৱিষ্কাৰ কৰা হৈছিল। প্ৰাথমিক বিশ্লেষণত দেখা গৈছে যে ইয়াৰ বয়স ৩৪০০ বছৰ হ’ব পাৰে। গৱেষকসকলৰ মতে এই বৰ্ণমালাক প্ৰথম পৰ্যায়ত ব্যৱহৃত শব্দ আৰু অভিব্যক্তিৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে গণ্য কৰা হয়। প্ৰকল্পটোৰ নেতৃত্ব দিয়া মুখ্য পুৰাতত্ত্ববিদগৰাকীয়ে কয় যে এই আৱিষ্কাৰে প্ৰাচীন সভ্যতাসমূহৰ লেখাৰ বিৱৰ্তন কেৱল উন্মোচন কৰাই নহয়, ভাষাৰ ইতিহাসৰ বহু অজ্ঞাত অধ্যায়ো উন্মোচন কৰিব। ভাষাবিজ্ঞান আৰু মানৱ সংস্কৃতিৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি। গৱেষকসকলৰ মতে সেই সময়ৰ মানুহৰ দৈনন্দিন জীৱনশৈলী, ধৰ্মীয় বিশ্বাস আৰু সামাজিক সংগঠনৰ গুৰুত্বপূৰ্ণ তথ্য এই লেখাসমূহৰ পৰা লাভ কৰিব পৰা যায়। বৰ্তমান এই ফলকসমূহ বিশ্লেষণ কৰিবলৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। বিশ্বৰ ইতিহাসবিদ আৰু ভাষাবিদসকলে এই আৱিষ্কাৰক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। বহুতে আশা কৰে যে ই কেৱল ছিৰিয়াৰেই নহয়, সমগ্ৰ মধ্যপ্ৰাচ্যৰ ইতিহাস পুনৰ লিখিব। এই ধৰণৰ লেখাৰ পৰা সেই সময়ৰ মানুহৰ জীৱনৰ বহু গোপন কথা সকলোৰে আগত প্ৰকাশ পাব। সময়ৰ লগে লগে মানৱ জীৱনৰ বিৱৰ্তনৰ এক শুদ্ধ ৰূপৰ সৃষ্টি হ’ব।
Dialect: ছিৰিয়াত পোৱা বিশ্বৰ আটাইতকৈ পুৰণি লিপি, কি গোপন কথা লুকাই আছে

ৱেবডেস্ক: শেহতীয়াকৈ ছিৰিয়াৰ পুৰাতত্ত্ববিদৰ এটা দলে বিশ্বৰ আটাইতকৈ পুৰণি লিপি আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। তেওঁলোকৰ মতে এই লিপিয়ে ভাষাৰ বিকাশ আৰু প্ৰাথমিক মানৱ ইতিহাসৰ লিখিত যোগাযোগৰ আৰম্ভণিৰ নতুন আভাস প্ৰদান কৰিব। প্ৰত্নতত্ত্ববিদসকলে কয় যে, ছিৰিয়াৰ এটা প্ৰত্নতাত্ত্বিক স্থান খনন কৰাৰ সময়ত মাটিৰ তলত এই লিপি আৱিষ্কাৰ কৰা হৈছিল।

প্ৰাথমিক বিশ্লেষণত দেখা গৈছে যে ইয়াৰ বয়স ৩৪০০ বছৰ হ’ব পাৰে। গৱেষকসকলৰ মতে এই বৰ্ণমালাক প্ৰথম পৰ্যায়ত ব্যৱহৃত শব্দ আৰু অভিব্যক্তিৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে গণ্য কৰা হয়। প্ৰকল্পটোৰ নেতৃত্ব দিয়া মুখ্য পুৰাতত্ত্ববিদগৰাকীয়ে কয় যে এই আৱিষ্কাৰে প্ৰাচীন সভ্যতাসমূহৰ লেখাৰ বিৱৰ্তন কেৱল উন্মোচন কৰাই নহয়, ভাষাৰ ইতিহাসৰ বহু অজ্ঞাত অধ্যায়ো উন্মোচন কৰিব।

ভাষাবিজ্ঞান আৰু মানৱ সংস্কৃতিৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি। গৱেষকসকলৰ মতে সেই সময়ৰ মানুহৰ দৈনন্দিন জীৱনশৈলী, ধৰ্মীয় বিশ্বাস আৰু সামাজিক সংগঠনৰ গুৰুত্বপূৰ্ণ তথ্য এই লেখাসমূহৰ পৰা লাভ কৰিব পৰা যায়। বৰ্তমান এই ফলকসমূহ বিশ্লেষণ কৰিবলৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। বিশ্বৰ ইতিহাসবিদ আৰু ভাষাবিদসকলে এই আৱিষ্কাৰক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে।

বহুতে আশা কৰে যে ই কেৱল ছিৰিয়াৰেই নহয়, সমগ্ৰ মধ্যপ্ৰাচ্যৰ ইতিহাস পুনৰ লিখিব। এই ধৰণৰ লেখাৰ পৰা সেই সময়ৰ মানুহৰ জীৱনৰ বহু গোপন কথা সকলোৰে আগত প্ৰকাশ পাব। সময়ৰ লগে লগে মানৱ জীৱনৰ বিৱৰ্তনৰ এক শুদ্ধ ৰূপৰ সৃষ্টি হ’ব।

Devendra Fadnavis: পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব পাৰে দেৱেন্দ্ৰ ফাড়নাবিছ

Devendra Fadnavis
Devendra Fadnavis

২৬ নৱেম্বৰত মহাৰাষ্ট্ৰত নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা৷ পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে চৰ্চালৈ দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম৷ (Devendra Fadnavis)

মহাৰাষ্ট্ৰৰ নাগপুৰ দক্ষিণ পশ্চিম আসনৰ পৰা আগবাঢ়ি আছে উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ পাছত কিছু সময় পিছ পৰি ৰ’ল যদিও পিছত তেওঁ অগ্ৰগতি লাভ কৰে। নিজৰ সমষ্টিত ২৪,৫৯৩ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ফাড়নাবিছ। ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰফুল্ল গুড়েৰ মুখামুখি ফাড়নাবিছ।(Nagpur South West Election Result)

২০০৯ চনৰ পৰা বিধানসভাত নাগপুৰ দক্ষিণ পশ্চিম আসনখনক প্ৰতিনিধিত্ব কৰি আহিছে ফাড়নাবিছে। বৰ্তমান একনাথ শিণ্ডেৰ নেতৃত্বত গঠিত চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে আছে ফাড়নাবিছ। আনহাতে কাইলৈ মহাৰাষ্ট্ৰত মহায়ুটী বিধায়কসকলৰ বৈঠক৷ বৈঠকত নিৰ্বাচন কৰা হ’ব বিধায়িনী দলৰ নেতা৷ বৈঠকত নিৰ্বাচিত হোৱা নেতাই হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷(Maharashtra)

Pet Care Tips: পোহনীয়া জন্তুৰো হয় শ্বাস-প্ৰশ্বাসজনিত সমস্যা…

Pet Care Tips
Pet Care Tips

বায়ু প্ৰদূষণে পোহনীয়া জন্তুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে! বায়ু প্ৰদূষণৰ ফলত পোহনীয়া জন্তুৰো শ্বাস-প্ৰশ্বাসজনিত সমস্যা হয়। বহু ক্ষেত্ৰত ছালত বিভিন্ন সমস্যাইও দেখা দিয়ে।(Pet Care Tips)

বতৰৰ পৰিবৰ্তনৰ সময়ত বহু লোকৰ এই সমস্যা হয়। পোহনীয়া জন্তুৰো চৰ্দি হ’ব পাৰে। শীতকালৰ আৰম্ভণিতে বায়ুত ধূলিৰ কণা, বিভিন্ন ধৰণৰ কণা, ভাইৰাছৰ পৰিমাণ বাঢ়ি যায়। গতিকে মানুহৰ দৰে কীট-পতংগৰো এলাৰ্জী সম্পৰ্কীয় সমস্যা হ’ব পাৰে। পশু চিকিৎসকৰ মতে কয় যে বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে পোহনীয়া জন্তুৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। বহু ক্ষেত্ৰত ছালৰ এলাৰ্জীও দেখা দিয়ে।(Air pollution)

এই ক্ষেত্ৰত প্ৰদূষণৰ ভয়ত পোহনীয়া জন্তু ঘৰৰ ভিতৰত ৰখাটোও ভাল ধাৰণা নহয়। ৰাস্তাত নহ’লে দিনটোত এবাৰ হ’লেও ছাদলৈ নিব লাগে। বিপদৰ কথা উপলব্ধি কৰি মানুহে তেহেতঁৰ মুখত মাস্ক পিন্ধাব লাগে।

পোহনীয়া জন্তুটোৰ কি কি সমস্যা হয়-

১) যদি স্বাভাৱিক উশাহ-নিশাহৰ সলনি হঠাতে উশাহ-নিশাহৰ কষ্ট আৰম্ভ হয়, তেন্তে সাৱধান হ’ব। কেৱল চৰ্দিয়েই নহয়, এলাৰ্জী সম্পৰ্কীয় সমস্যাইও এনে অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

২) স্বভাৱতে পোহনীয়া জন্তুবোৰৰ মাজে মাজে খজুৱতি হয়। কিন্তু যদি অতিমাত্ৰা হয় তেন্তে সাৱধান হওক।

৩) ঠাণ্ডা হ’লে সৰমেয়াদৰ চকু আৰু নাকত সমানে পানী দিব। কিন্তু, এই একে সমস্যা প্ৰদূষণৰ ফলতো হ’ব পাৰে। চকু ৰঙা বা নাক খজুৱতি দেখা পালে সাৱধান হওক।

৪)প্ৰদূষণৰ বাবে পোহনীয়া জন্তু অসুস্থ হ’লে আচৰণৰ পৰিৱৰ্তনও হ’ব পাৰে। খাবলৈ অনিচ্ছা, অলসতা বা উদ্বেগৰ সমস্যা হ’ব পাৰে।

পোহনীয়া জন্তুক বাহিৰলৈ নিয়াৰ সময়ত মাস্ক পৰিধান কৰাব লাগেনে-

মুখত মাস্ক পিন্ধিলে বায়ুত থকা ধূলিৰ কণা বা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ উশাহ-নিশাহৰ জৰিয়তে প্ৰত্যক্ষভাৱে হাওঁফাওঁত প্ৰৱেশ কৰিব নোৱাৰে। ধোঁৱা, ধূলিৰ পৰা হোৱা প্ৰাথমিক ক্ষতিও প্ৰতিৰোধ কৰিব পাৰি। কিন্তু সেয়া মানুহৰ ক্ষেত্ৰতহে প্ৰযোজ্য, জীৱ-জন্তুৰ ক্ষেত্ৰত নহয়।

যদি বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ে তেন্তে পোহনীয়া জন্তুবোৰক কেইদিনমান ঘৰৰ ভিতৰতে ৰখাটো ভাল।

Tarun Gogoi Death Anniversary: আজি অসমৰ তিনি কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী

Tarun Gogoi Death Anniversary
Tarun Gogoi Death Anniversary

আজি অসমৰ তিনি কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী। ২০২০ চনৰ ২৩ নৱেম্বৰৰ দিনটোতে ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰয়াত ৰাজনীতিবিদগ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷(Tarun Gogoi Death Anniversary)

স্বভাৱসুলভ হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজনীতিত ১৫ টা বছৰ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ চলাই গৈছিল৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ আজি তেওঁৰ মৃত্যু তিথিত বিভিন্নজনে সোঁৱৰিছে।

পিতৃ মৃত্যুতিথিত সোঁৱৰি সামাজিক মাধ্যমত তেওঁ লিখিছে,”সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব সফলতাৰে পালন কৰাৰ লগতে অসমৰ তিনিটা কাৰ্যকালৰ সফল মুখ্যমন্ত্ৰী আছিল তেওঁ ,কল্যাণকামী গণতান্ত্ৰিক চিন্তাৰ মৌলিকতাৰে বিশ্বাস আৰু আস্থাৰ বিকশিত অসম গঢ়িছিল তেখেতে,সন্ত্ৰাস জৰ্জৰ অশান্ত অসমত শান্তিৰ কঠীয়া সিঁচি প্ৰগতিৰ দিশেৰে আগুৱাই নিবলৈ সক্ষম হৈছিল তেওঁ,শিক্ষা,স্বাস্থ্য,লোক নিৰ্মাণ,কৃষি,জনস্বাস্থ্য কাৰিকৰী,জলসিঞ্চন আদি প্ৰায় প্ৰতিটো বিভাগকে নতুন ৰূপত গঢ়ি তোলাৰ লগতে নতুন নতুন উদ্যোগ গঢ়ি আত্ম নিৰ্ভৰশীলতাৰ আৰু লাখ লাখ নিবনুৱাৰ সংস্থাপনৰ পদক্ষেপ লৈছিল তেওঁ।বাকপটুতা, স্পষ্টবাদীতা বুদ্ধিদীপ্ততা কৰ্মদক্ষতা আৰু বিৰল নিকাভাৱমূৰ্তিৰ সমাহাৰ সেইগৰাকী মহান জননেতা পদ্মভূষণ প্ৰয়াত তৰুণ গগৈ দেৱৰ পুত্ৰৰূপে তেখেতৰ চতুৰ্থ বাৰ্ষিক মৃত্যুতিথিত পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰিছো । দেউতা আপুনি যতেই আছে তাৰেই পৰা আমাকো মূল্যবোধ আৰু সততাৰে দেশৰহৈ সমাজৰহৈ কাম কৰি যাবলৈ আৰ্শীবাদ কৰিব।”লগতে তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।(Gaurav Gogoi)

আনহাতে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী সামাজিক মাধ্যমত লিখে,” আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ দেৱৰ মৃত্যুদিন । এই দিনতোত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।”

১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত জন্ম হোৱা তৰুণ গগৈয়ে অসমৰ তিনি কালৰ মুখ্যমন্ত্ৰী হৈ নিয়াৰিকৈ চলাই নিছিল শাসন ভাৰ।

Diganta Ghatowal: বিহালীত জয়লাভ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ

Diganta Ghatowal
Diganta Ghatowal

ৰাজ্যৰ ৫ বিধানসভা উপ-নিৰ্বাচনৰ প্ৰথমটো ফলাফল ঘোষণা।(Diganta Ghatowal)


বিহালীত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে


৯,০৫৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপি প্ৰাৰ্থীগৰাকী।(Assam by-election result update)


এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে।(Bihali)


১৩টা ৰাউণ্ডৰ ভোটগণনা ইতিমধ্যে অন্ত পৰিছে।

কংগ্ৰেছৰ জয়ন্ত বৰাৰ বিৰুদ্ধে জয়লাভ কৰে দিগন্ত ঘাটোৱালে।

Wayanad by-election Result: ৱায়ানাডত ৩ লাখৰো অধিক ভোটত ব্যাপক অগ্ৰগতি প্ৰিয়ংকা গান্ধীৰ

Wayanad by-election Result
Wayanad by-election Result

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ভাতৃ ৰাহুল গান্ধীৰ পিছত কেৰালাৰ ৱায়ানাডৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ যেন সাজু ! ৰাহুল গান্ধীয়ে ৰাবৰেলীলৈ যোৱাৰ সময়ত এৰি থৈ যোৱা খালী পদ পূৰণৰ বাবে অনুষ্ঠিত হোৱা সংসদীয় উপ-নিৰ্বাচনত ৩ লাখৰো অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী।এই পৰ্যন্ত ৪.৬ লাখৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে।(Wayanad by-election Result)চিপিআইৰ প্ৰবীণ সত্যন মকেৰী প্ৰায় ১.৫ লাখ ভোট লাভ কৰি পিছ পৰি থকাৰ বিপৰীতে প্ৰায় ৮৪ হাজাৰ ভোট লাভ কৰি তৃতীয় স্থানত আছে বিজেপিৰ নব্য হৰিদাস।(Priyanka Gandhi)

ৱায়ানাদৰ পৰা প্ৰিয়ংকা গান্ধীকে ধৰি মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই আসনৰ পৰা ৰাহুল গান্ধী নিৰ্বাচিত হৈছিল, যাৰ ফলত তেওঁ আমেথিত পৰাস্ত হোৱাৰ পিছতো লোকসভাৰ সদস্য হৈ থাকিবলৈ সক্ষম হৈছিল। ২০২৪ চনত তেওঁ ৰাজ্যসভালৈ যোৱাৰ পিছত মাতৃ ছোনিয়া গান্ধীয়ে খালী কৰি থৈ যোৱা ৱায়ানাড আৰু ৰাবাৰেলী দুয়োটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। দুয়োখন আসন লাভ কৰি তেওঁ ৰাবাৰেলীক ৰখাৰ সিদ্ধান্ত লয় আৰু ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাক ৱায়ানাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিলে।(by-election Result 2024)

ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ আৰু প্ৰাক্তন কংগ্ৰেছী মুৰব্বী ছোনিয়া গান্ধীয়ে বিগত এমাহ ধৰি প্ৰিয়ংকা গান্ধীৰ হৈ সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছিল।

এই ৱায়নাডত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ৰ দিশে প্ৰিয়ংকা গান্ধী। ৩ লাখ ভোটৰ বৃহৎ ব্যৱধানত অগ্ৰগতি প্ৰিয়ংকা গান্ধীৰ । আনহাতে সমষ্টিটোত তৃতীয় স্থানতহে আছে বিজেপিৰ প্ৰাৰ্থী।

Amit Shah Meet Vikrant Massey: ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ দলক সাক্ষাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ প্ৰশংসাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰিলে দ্য সবৰমতী ৰিপ’ৰ্ট

Amit Shah Meet Vikrant Massey
Amit Shah Meet Vikrant Massey

টিভি উদ্যোগ আৰু বলীউডত সুদৃঢ় স্থান দখল কৰা বিক্ৰান্ত মেছিয়ে বৰ্তমান শিৰোনাম দখল কৰিছে সদ্য মুক্তিপ্ৰাপ্ত ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ৰ বাবে। যিখন ছবিয়ে বক্স অফিচত স্থান লাভ কৰিছে ১ সপ্তাহ। ১৫ নৱেম্বৰত ছবিখন ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখনত বিক্ৰান্ত মেছিৰ সৈতে ৰাশী খান্না আৰু ৰিদ্ধি ডোগ্ৰাই অভিনয় কৰিছে। ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে যথেষ্ট সহায়। ছবিখনে প্ৰথম সপ্তাহত মুঠ ১১.৪৫ কোটি টকা উপাৰ্জন কৰে।(Amit Shah Meet Vikrant Massey)

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়েও ছবিখনৰ প্ৰশংসা কৰে। ইয়াৰ উপৰিও অমিত শ্বাহে ছবিখন যথেষ্ট প্ৰশংসা কৰে। (Amit Shah Meet Vikrant Massey and Ekta Kapoor)

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে বিক্ৰান্ত মেছি, একতা কাপুৰ আৰু ৰিদ্ধি ডোগ্ৰাক লগ কৰে। ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ দলক সাক্ষাৎ কৰি টুইটাৰত ফটো শ্বেয়াৰ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। (The Sabarmati Report)

আহাতে ‘সবৰমতী ৰিপ’ৰ্ট’ বহু ৰাজ্যত কৰমুক্ত কৰা হ’ল। ২০০২ চনত সংঘটিত হোৱা গোধৰা ৰেল দুৰ্ঘটনাৰ আধাৰত এই ছবিখনৰ কাহিনী। য’ত অযোধ্যাৰ পৰা উভতি অহাৰ সময়ত কমেও ৫৯ জন হিন্দু ভক্তক জ্বলাই দিয়া হৈছিল।

এক্সত শ্বেয়াৰ কৰা ছবিসমূহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে একতা আৰ কাপুৰ, বিক্ৰান্ত মেছি আদিৰ সৈতে কথা পাতি থকা দেখা গৈছে। বিজেপি শাসিত বহু ৰাজ্যই ছবিখনক কৰমুক্ত কৰে। ইয়াৰ ভিতৰত হাৰিয়ানা, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ আদি ৰাজ্যত কৰমুক্ত এই ছবিখন।

দেশৰ সমান্তৰালকৈ চৰ্চিত চিনেমাখন শুক্ৰবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ চিনেমা হলত উপভোগ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে। ছবিখন উপভাগ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ছবিখন গুজৰাটৰ অমানৱীয় হত্যাকাণ্ডৰ ওপৰত প্ৰস্তুত কৰা হৈছে । এই ছবি খন সৰ্বসাধাৰণ লোকে চাব লাগে, কাৰণ এই ঘটনাৰ পিছতেই গোটেই দেশত সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈছিল। ইয়াৰ আঁৰত কোন চক্ৰ জৰিত হৈ আছিল সেয়া দেখুওৱা হৈছে। সেয়েহে সকলোকে ছবিখন চাবলৈ অনুৰোধ জনাইছোঁ।

Assam by-election result update: চামগুৰিত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুচেইন, বঙাইগাঁৱত আগবাঢ়িছে দিপ্তীময়ী চৌধুৰী

Assam by-election result update
Assam by-election result update

আজি দেশৰ লগতে ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা হৈ আছে ভোটগণনা।
ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে বিহালী, বঙাইগাঁও, ধলাই, চামগুৰি আৰু ছিদলী।(Assam by-election result update)

এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। EVMএ নিৰ্ধাৰণ কৰিব তেওঁলোকৰ ভাগ্য- কাৰ নামত আছে কোনটো সমষ্টি!(Assam by-election result 2024)

বৰ্তমানলৈকে তৃতীয় ৰাউণ্ডত চামগুৰিত আগবাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুচেইন, পিছ পৰিছে বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা।

বঙাইগাঁৱত সপ্তম ৰাউণ্ডত আগবাঢ়ি আছে দিপ্তীময়ী চৌধুৰী, পিছ পৰি আছে ব্ৰজেনজিৎ সিংহ।

ছিদলীত ষষ্ঠ ৰাউণ্ডত আগবাঢ়ি আছে UPPL।

ধলাইত চতুৰ্থ ৰাউণ্ডত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস।

বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আগবাঢ়ি আছে।পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা।


Maharashtra & Jharkhand Assembly Elections Results: ৱায়ানাডত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী, মহাৰাষ্ট্ৰত আগবাঢ়ি আছে বিজেপিৰ মিত্ৰজোঁট; কিন্তু ঝাৰখণ্ডত…

Maharashtra & Jharkhand Assembly Elections Results
Maharashtra & Jharkhand Assembly Elections Results

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ ফোট গণনা চলি আছে। ৱায়ানাদত প্ৰিয়ংকা গান্ধীয়ে বৃহৎ ব্যৱধানত আগবাঢ়ি আছে যদিও মহাৰাষ্ট্ৰত বিজেপিৰ মিত্ৰজোঁটে আগবাঢ়ি আছে, কিন্তু ঝাৰখণ্ডত প্ৰথম অৱস্থাত এন ডি এ আগবাঢ়ি আছিল যদিও গণনাৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে যুঁজখন অধিক কটকটীয়া হৈ পৰিছে।(Maharashtra & Jharkhand Assembly Elections Results)

মহাৰাষ্ট্ৰত বিজেপিৰ ‘মহাজুতি’ আগবাঢ়িছে। ২৮৮খন আসনৰ ভিতৰত ২০০ৰো অধিক আসনত আগবাঢ়ি আছে।

বায়ানাডত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী। বিজেপি প্ৰাৰ্থী নব্য হৰিদাসক ৬০ হাজাৰৰো অধিক ভোটত পিছ পেলাই আগবাঢ়িছে প্ৰিয়ংকা গান্ধী।(Priyanka Gandhi)

মহাৰাষ্ট্ৰৰ অনুশক্তিনগৰ সমষ্টিত আগবাঢ়িছে এন চি পি (শ্বাৰদ গোট)ৰ নেতা অভিনেত্ৰী স্বৰা ভাস্কৰৰ স্বামী ফাহাদ আহমেদে।

আনহাতে ঝাৰখণ্ডত প্ৰথম অৱস্থাত এন ডি এ আগবাঢ়ি আছিল যদিও গণনাৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে যুঁজখন যেন কটকটীয়া হৈ পৰিছে। ‘ইণ্ডিয়া’ আৰু এন ডি এৰ মাজৰ ব্যৱধান কমি আহিছে।

পুনে জিলাত গণনাৰ আৰম্ভণিতে আগবাঢ়ি আছে এন চি পিৰ অজিত পাৱাৰে। ভতিজা যুগেন্দ্ৰ পাৱাৰৰ বিৰুদ্ধে যুঁজিছে তেওঁ। যুগেন্দ্ৰৰ সমৰ্থন আছে শাৰদ পাৱাৰৰ গোটৰ।

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰিও পশ্চিম বংগকে ধৰি ১৫খন ৰাজ্যৰ ৪৮খন বিধানসভা আৰু দুটা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ব।

Teeth Pain: দাঁতৰ বিষৰ সমস্যা সমাধান কৰক এই সমূহ উপাদানৰ জৰিয়তে

Teeth Pain
Teeth Pain

দাঁতৰ বিষ যিকোনো ব্যক্তিৰ বাবে অসহ্যকৰ বিষ। দাঁতৰ বিষত প্ৰায় লোকৰে অস্বস্তিৰ অনুভৱ হয়। এনে সমস্যা যিকোনো বয়সতে সম্ভৱ আৰু দাঁতৰ বিষৰ আঁৰত বহু কাৰণ থাকিব পাৰে। যেনে দাঁতৰ ক্ষয়, মুখৰ সংক্ৰমণ ইত্যাদি। যদি আপুনি দাঁতৰ বিষত ভুগিছে, তেন্তে ইয়াত আমি আপোনাক কিছুমান ঘৰুৱা সামগ্ৰীৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰে।(Teeth Pain)

দাঁতৰ বিষৰ পৰা উপশম পাবলৈ ৫ টা ঘৰুৱা উপায়

১) নিমখ আৰু গৰম পানীৰে গাৰ্গল কৰক
দাঁতৰ বিষ কমাবলৈ গৰম পানীত নিমখ মিহলাই কিছু সময় মুখত ৰাখি গাৰ্গল কৰক, ইয়াৰ ফলত বিষ কমিব।(Toothache Problem)

২/ লং তেল
লঙৰ তেলে দাঁতৰ বিষ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে দাঁতৰ ওচৰত এটা লং ৰাখি লাহে লাহে চোবাই খাব লাগে বা বিষ হোৱা দাঁতটোত লঙৰ তেল লগাব লাগে।

৩/ আদাৰ ৰস
আদাৰ ৰসে দাঁতৰ বিষ দূৰ কৰাত সহায় কৰিব পাৰে। আদাৰ সৰু টুকুৰা কাটি তাৰ ৰস আক্ৰান্ত দাঁতত লগাব পাৰে।

৪) হালধি আৰু নিমখ
হালধি আৰু নিমখৰ মিশ্ৰণে দাঁতৰ বিষ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে হালধি আৰু নিমখ সৰু সৰুকৈ মিহলাই বিষ হোৱা দাঁতটোত লগালে ভাল ফলাফল পাব।(home remedies)

৫/ সতেজ নেমুৰ ৰস
নেমুৰ ৰসে দাঁতৰ বিষ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে সতেজ নেমুৰ ৰস উলিয়াই বিষ হোৱা দাঁতটোত লগাব লাগে।