Home Blog Page 45

Dhing: ধিং বিধান সভা সমষ্টিত প্ৰাক নিৰ্বাচনী তৎপৰতা বৃদ্ধি…

Dhing: ধিং বিধান সভা সমষ্টিত প্ৰাক নিৰ্বাচনী তৎপৰতা বৃদ্ধি...
Dhing: ধিং বিধান সভা সমষ্টিত প্ৰাক নিৰ্বাচনী তৎপৰতা বৃদ্ধি...

আগন্তুক অসম বিধানসভা (Dhing) নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই নগাঁও জিলাৰ নৱগঠিত ৫৫ নং ধিং বিধানসভা সমষ্টিত ৰাজনৈতিক তৎপৰতাই তীব্ৰ ৰূপ লৈছে।

২০০৬ চনৰ পৰা এআইইউডিএফৰ দখলত থকা সংখ্যালঘু অধ্যুষিত এই সমষ্টিটোত এইবাৰ সকলো ৰাজনৈতিক দলৰ মাজত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰ লক্ষ্য কৰা গৈছে।

কংগ্ৰেছ দলত পুৰুষ-মহিলা মিলাই সৰ্বাধিক ২৭ গৰাকীয়ে প্ৰাৰ্থীত্বৰ বাবে আবেদন জমা দিছে, যাৰ ভিতৰত বহু পৰিচিত ৰাজনৈতিক মুখ আছে। বিজেপি, অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফ দলতো একাধিক সম্ভাৱ্য প্ৰাৰ্থীৰ নাম চৰ্চাত থকাৰ বিপৰীতে ৰাইজৰ দলত কেৱল মাত্ৰ এগৰাকীহে প্ৰাৰ্থীক লৈ আলোচনা চলিছে।

বানপানী, গৰাখহনীয়া আৰু যাতায়ত ব্যৱস্থাৰ দুৰ্বলতা এই সমষ্টিটোৰ মূল সমস্যা হিচাপে ভোটাৰৰ মাজত উত্থাপিত হৈছে।

প্ৰায় ২.২০ লাখ ভোটাৰ থকা এই সমষ্টিটোত মহিলা আৰু যুৱ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাত নিৰ্বাচনী যুঁজ এইবাৰ অধিক আকৰ্ষণীয় হ’ব বুলি ৰাজনৈতিক সচেতন মহলে ধাৰণা কৰিছে।

আনহাতে কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তালিকাঃ

মন্দিয়া- আব্দুল খালেক

নিউ গুৱাহাটী- শান্তনু বৰা/নৱ তালুকদাৰ

ধিং- আব্দুল ছামাদ চৌধুৰী

নদুৱাৰ- পাৰ্থ প্ৰতীম বৰা

লখিমপুৰ- ঘন বুঢ়াগোহাঁই/ৰাণী নৰহ

কলিয়াবৰ- মেঘনাথ চেত্ৰী

ছিপাঝাৰ- বিনন্দ শইকীয়া

নলবাৰী- অশোক শৰ্মা

ৰঙিয়া- প্ৰাণজিৎ চৌধুৰী

হাজো- নন্দিতা দাস

নাওবৈচা- জে পি দাস

মাৰ্ঘেৰিটা- প্ৰতীক বৰদলৈ

ৰূপহীহাট- নুৰুল হুদা

দিছপুৰ- মীৰা বৰঠাকুৰ

পাকা বেতবাৰী- জাকিৰ হুছেইন শিকদাৰ

gyanashree bora: স্ব-ইচ্ছাই অধ‍্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই

gyanashree bora: স্ব-ইচ্ছাই অধ‍্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই
gyanashree bora: স্ব-ইচ্ছাই অধ‍্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই

অধ‍্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই।(gyanashree bora)

পুনৰ সক্রিয় ৰাজনীতিলৈ ঘূৰি আহিব ড০ জ্ঞানশ্রী বৰা।

স্ব-ইচ্ছাই চাকৰি ত্যাগ ড০ জ্ঞানশ্রী বৰাৰ।

গোৱালপাৰা কলেজৰ সহকাৰী অধ্যাপিকা পদত আছিল ড০ জ্ঞানশ্রী বৰা।

ৰাজনীতিত যোগদানৰ পূৰ্ণ সম্ভাৱনা ড০ জ্ঞানশ্রী বৰা।

গোৱালপাৰা মহাবিদ্যালয় ৰাসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ‍্যাপিকা হিচাপে কৰ্মৰত আছিল তেওঁ।

অধ‍্যাপিকা হিচাপে ২০২৩ চনৰ জুন মাহত যোগদান কৰিছিল।

২০২৬ৰ বিধান সভা নিৰ্বাচনত অৱৰ্তীণ হব বাবে এই সিদ্ধান্ত জ্ঞানশ্ৰী বৰাৰ।

দেৰগাঁও, খুমটাই অথবা মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা জ্ঞানশ্ৰী।

পূৰ্বেও ৰাইজ দলৰ কেইবাটাও দ্বায়িত্ব এৰি অধ‍্যাপিকা পদ বাছি লৈছিল জ্ঞানশ্ৰীয়ে।

CAA বিৰোধী আন্দোলনৰ সময়ত সামাজিক মাধ্যমত ব্যাপক জনপ্ৰিয় হৈছিল জ্ঞানশ্ৰী।

ACS Nupur Bora: পুনৰ গ্ৰেপ্তাৰ হ’ল দুর্নীতিগ্রস্ত ACS বিষয়া নুপূৰ বৰা

পুনৰ গ্ৰেপ্তাৰ হ'ল দুর্নীতিগ্রস্ত ACS বিষয়া নুপূৰ বৰা
পুনৰ গ্ৰেপ্তাৰ হ'ল দুর্নীতিগ্রস্ত ACS বিষয়া নুপূৰ বৰা

পুনৰ গ্ৰেপ্তাৰ ACS নুপূৰ বৰা।(ACS Nupur Bora)

CM ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক।

নুপূৰৰ বিৰুদ্ধে CMVত দাখিল হৈছিল এজাহাৰ।

টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈয়ে অবৈধভাবে ভূমি নামজাৰি কৰাৰ অভিযোগ।

বৰপেটাৰ জিলা আয়ুক্ত, সহকাৰী আয়ুক্তই দাখিল কৰিছিল এজাহাৰ।

জালিয়াতিৰে ভূমিৰ স্বত্ব সলনি কৰাৰ এক বৃহৎ চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ।

অভিযানৰ সময়ত নুপূৰ বৰাৰ পৰা ৭০ গৰাকী ব্যক্তিৰ সন্দেহজনক ভূমি নথি জব্দ।

Road Accident: নিশা মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনাঃ নিহত এগৰাকী যুৱতী

Road Accident: নিশা মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনাঃ নিহত এগৰাকী যুৱতী
Road Accident: নিশা মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনাঃ নিহত এগৰাকী যুৱতী

নিশা মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনা।(Road Accident)

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত।

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা অল্ট’ বাহনৰ।

থিতাতে নিহত নীহা দাস নামৰ এগৰাকী যুৱতী

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে UBER বাহন খনে।

ৰাধা গোবিন্দ বৰুৱা কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰী আছিল যুৱতীগৰাকী।

২ যুৱকসহ বাহনখনত আছিল যুৱতীগৰাকী।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ।

বিশাখাপট্টনমত মৃত্যু অসমৰ যুৱকৰ।

সোণাৰিৰ শুভংকৰ ভট্টচাৰ্য নামৰ যুৱকজনৰ মৃত্যু বিশাখাপট্টনমত।

কৰ্মসংস্থাপনৰ সন্ধানত ৩ মাহৰ পূৰ্বে বিশাখাপট্টনমলৈ গৈছিল শুভংকৰ।

সোণাৰিৰ সমীপৰ হিঙৰিতলী গঞ্জুপাৰা গাঁৱৰ বাসিন্দা শুভংকৰ।

মিঞাৰ ওপৰত চলা নিৰ্যাতন সহ্য কৰা নহ’ব বুলি হুংকাৰ এআইডিইউএফৰ

মিঞাৰ ওপৰত চলা নিৰ্যাতন সহ্য কৰা নহ'ব বুলি হুংকাৰ এআইডিইউএফৰ
মিঞাৰ ওপৰত চলা নিৰ্যাতন সহ্য কৰা নহ'ব বুলি হুংকাৰ এআইডিইউএফৰ

মুখ্যমন্ত্ৰীৰ মুছলমান বিৰোধী মন্তব্যৰ প্ৰতিবাদত ৰাজপথত জোৰ সমদল এআইডিইউএফৰ।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি যেন ক্ৰমাত গৰম হৈ পৰিছে।

সোমবাৰে মৈৰাবাৰীৰ ৰাজপথত নামিল এআইডিইউএফ দল।

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ বুলি ধ্বনি দিলে দলীয় কৰ্মী সকলে।

নগাঁও আৰু মৰিগাঁও জিলাৰ এআইডিইউএফ দলৰ যৌথ উদ্যোগত জোৰ সমদল উলিওৱা বুলি জানিব পৰা যায়।

জোৰ সমদলৰ নেতৃত্ব দিয়ে বিধায়ক আমিনুল ইছলামে।

লগতে উপস্থিত থাকে ধিং সমষ্টিৰ এআইডিইউএফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মতিউৰ ৰহমান আৰু লাহৰীঘাট সমষ্টিৰ ছিদ্দিক আহমেদ।

ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু – বিধায়ক জিতু গোস্বামী

ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু - বিধায়ক জিতু গোস্বামী
ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু - বিধায়ক জিতু গোস্বামী

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ শগুণবাহী আৰু লুংচুং চাহ বাগিছাত প্ৰায় ২৭০০ গৰাকী চাহ শ্ৰমিকক এটি কলি দুটি পাত আঁচনিৰ জড়িয়তে পাঁচ হাজাৰ টকাকৈ চেক বিতৰণ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।শগুণবাহী চাহ বাগিছাৰ পূজা মণ্ডপ আৰু লুংচুং চাহ বাগিছাৰ পূজা মণ্ডপত অনুষ্ঠিত হোৱা দুখনকৈ ৰাজহুৱা সভাত চেক বিতৰণ কৰে বিধায়ক গৰাকীয়ে।দুয়োখন সভাতে বিধায়ক গৰাকীয়ে দুশ বছৰীয়া চাহ উদ্যোগৰ শ্ৰমিক সকলক বিজেপি চৰকাৰ খনে কেনেদৰে উপকৃত কৰিছে উল্লেখ কৰাৰ লগতে চাহ শ্ৰমিক সকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে।

ইফালে লুংচুং চাহ বাগিছাৰ চেক বিতৰণ অনুষ্ঠানত বিধায়ক গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় আগন্তুক বিধানসভা নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত বিজেপিয়ে খেলাটো নিশ্চিত।ইফালে অসম জাতীয় পৰিষদৰ পৰা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু যদিও ৰাজনীতিৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম। ৰাজনীতিত কোনো শত্ৰু নাই কোনো মিত্ৰ নাই।ইফালে কংগ্ৰেছ আৰু অখিল গগৈৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় কংগ্ৰেছ আৰু অখিল গগৈয়ে কমিচন থকা আঁচনি লয়। তেওঁ লোকে সকলো আঁচনি বন্ধ কৰাটো বিচাৰে বুলি উল্লেখ কৰে। তেওঁ লোক মুংগিৰলাল কা হাচিন চৰকাৰ বুলি উল্লেখ কৰে।আজিৰ শগুণবাহী আৰু লুংচুং চাহ বাগিছাৰ এতি কলি দুটি পাতৰ চেক বিতৰণ অনুষ্ঠানত শ্ৰম বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰী,তিৱা কাউন্সিলৰ অধ্যক্ষ মদন বৰদলৈ কেইবাগৰাকীও চাহ জনজাতি নেতা ,বাগিচা সমূহৰ পৰিচালক সকল উপস্থিত থকাৰ লগতে দুয়োখন সভা তিনি সহস্ৰাধিক পুৰুষ মহিলা উপস্থিত থাকে।আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটি কলি দুটি পাতৰ চেক বিতৰণ কৰাৰ সমান্তৰালকৈ বঢ়মপুৰ সমষ্টিৰ চাহ বাগিচা সমূহৰ চেক সমূহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যৰ চাহ বাগিছা সমূহৰ ৬ লাখৰো অধিক শ্ৰমিক কৰ্মচাৰীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি মুঠ ৩০২ কোটি টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে।

গহপুৰ ৰে’ল ষ্টেচনত দূৰগামী ৰেলসমূহৰ নিয়মিত ষ্ট’পেজ প্রদানৰ দাবীত আৰু গহপুৰ ৰেল ষ্টেচনটোলৈ যোৱা মূল পথতোৰ নির্মাণৰ দাবী ৰেল মন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰন ।

গহপুৰ ৰে'ল ষ্টেচনত দূৰগামী ৰেলসমূহৰ নিয়মিত ষ্ট’পেজ প্রদানৰ দাবীত আৰু গহপুৰ ৰেল ষ্টেচনটোলৈ যোৱা মূল পথতোৰ নির্মাণৰ দাবী ৰেল মন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰন ।
গহপুৰ ৰে'ল ষ্টেচনত দূৰগামী ৰেলসমূহৰ নিয়মিত ষ্ট’পেজ প্রদানৰ দাবীত আৰু গহপুৰ ৰেল ষ্টেচনটোলৈ যোৱা মূল পথতোৰ নির্মাণৰ দাবী ৰেল মন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰন ।

গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি বিক্ষোভ কাৰ্য্যসূচী গ্ৰহন কৰা হয় ৷ গহপুৰ ষ্টেচনত অধিকাংশ দূৰগামী ৰেলৰ নিয়মিত ষ্টপেজৰ ব্যবস্থা নাই, যাৰ ফলত অৰুণাচল প্রদেশ আৰু পাশ্ববর্তী বহু গাঁও অঞ্চলৰ লক্ষাধিক ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত দুর্ভোগ ভূগি আহিছে। গহপুৰ ষ্টেচনদি পাৰ হৈ যোৱা দূৰগামী ৰেলসমূহত ষ্টপেজ নিদিয়াৰ ফলত অঞ্চলটোৰ ছাত্র-ছাত্রী, চাকৰিয়াল, ব্যবসায়ী, ৰোগীৰ অসুবিধাৰ সৃষ্টি হৈছে। ৰেল ধৰিবলৈ তেওঁলোকক বহু দূৰৰ অন্য ষ্টেচনলৈ যাবলগীয়া হয়, যাৰ ফলত-অতিৰিক্ত আর্থিক ব্যয় বৃদ্ধি হয় ৷ সময়ৰ অপচয় হৈছে চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত জৰুৰী যাতায়াত ব্যাহত হৈছে অঞ্চলটোৰ বাণিজ্যিক সম্ভাবনাও বাধাগ্রস্ত হৈছে। গহপুৰ এখন ঘনবসতিপূর্ণ অঞ্চল লগতে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱর্তী অঞ্চল, ইয়াত কেইবাখনো উচ্চশিক্ষা প্রতিষ্ঠান, নির্মিয়মান কনকলতা বিশ্ববিদ্যালয়, বজাৰ-কেন্দ্ৰ আৰু প্রশাসনিক কার্যালয় অবস্থিত। দৈনিক বহু সংখ্যক যাত্রীয়ে এই পথ ব্যৱহাৰ কৰে। স্থানীয় যাত্ৰীৰ সংখ্যা আৰু সামাজিক-আর্থিক গুৰুত্বৰ দিশৰ পৰা গহপুৰ ষ্টেচনত দূৰগামী ৰেলৰ ষ্টপেজ যুক্তিসংগত আৰু অত্যাবশ্যক বুলি কয় ৷


ইয়াৰ উপৰিও, এইটো নতুন দাবী নহয় বুলি জানিবলৈ দিয়ে। বহু বছৰ ধৰি স্থানীয় ৰাইজ, বিভিন্ন সংগঠন আৰু ছাত্র সন্থাই বিভাগীয় কর্তৃপক্ষৰ ওচৰত এই বিষয়ত দাবী জনাই আহিছে। একাধিকবাৰ আবেদন আৰু স্মাৰক পত্র দাখিল কৰাৰ পিছতো বিষয়টোত প্রয়োজনীয় গুৰুত্ব প্রদান কৰা হোৱা নাই বুলিও দুখ প্রকাশ কৰে। ৰাইজৰ দীর্ঘদিনীয়া ন্যায্য দাবীৰ প্রতি সহানুভূতিশীল হৈ গহপুৰ ৰেল ষ্টেচনত দূৰগামী ৰেলসমূহৰ অন্ততঃ আংশিক হলেও নিয়মিত ষ্টপেজৰ ব্যৱস্থা শীঘ্রে গ্রহণ কৰিবলৈ দাবী জনায় । লগতে গহপুৰ ৰেল ষ্টেচনলৈ যোৱা মূল পথতোৰ অৱস্থা অত্যন্ত সূচনীয় যাৰ ফলত বিভিন্ন ঘটনা হৈ আহিছে সেইয়ে অতি সোনকালে এই মূল পথতো নিৰ্মাণৰ কাৰণে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায়। অতি শীঘ্রে তেওলোকৰ দাবী সমূহ পুৰন নকৰিলে পুনৰ এটা মাহৰ পিছত গণতান্ত্রিক ভাবে কঠোৰ আন্দোলন কৰিব বুলিও জানিবলৈ দিয়ে ৷
নিতুল বৰা গহপুৰ।

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডাম্পাৰৰ খুন্দাত যুৱতীৰ মৃত্যুপথ অৱৰোধেৰে ৰাজপথ উত্তাল কৰিলে স্থানীয় ৰাইজে

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডাম্পাৰৰ খুন্দাত যুৱতীৰ মৃত্যুপথ অৱৰোধেৰে ৰাজপথ উত্তাল কৰিলে স্থানীয় ৰাইজে
তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডাম্পাৰৰ খুন্দাত যুৱতীৰ মৃত্যুপথ অৱৰোধেৰে ৰাজপথ উত্তাল কৰিলে স্থানীয় ৰাইজে

পুৱাই বৰডুবি থানাৰ অধীনৰ বাহাদুৰ চাৰিআলিত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী ২২ বছৰীয়া যুৱতীয়ে কৰুণভাৱে থিতাতে মৃত্যুক আকোৱালী লবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে মাটি কঢ়িওৱা এখন ডাম্পাৰে যুৱতী গৰাকীক মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে নিহত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি পুৱা প্ৰায় ৮:৩০ বজাত এ এছ ০৬ এ চি ৪৫৪৯ নম্বৰৰ মাটিভৰ্তি ডাম্পাৰখন চাৰিআলি চাহ বাগিচাৰ পৰা বাহাদুৰ চাৰিআলি বজাৰ দিশে আহি থাকোতে বাইচাইকেলেৰে আহি থকা দীপালী মুণ্ডা নামৰ যুৱতীগৰাকীক পিছফালৰ পৰা সজোৰে খুন্দা মৰাত তেওঁ মৃত্যুক আকোৱালী লয় ৷ উক্ত ঘটনাৰ পাছতেই উত্তেজিত হৈ পৰা স্থানীয় ৰাইজে বাহাদুৰ চাৰিআলিত সমবেত হৈ তিনিচুকীয়া-দুলিয়াজান পথচোৱা দীৰ্ঘসময় ধৰি অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে । ৰাইজে দুৰ্ঘটনাটোত জড়িত ডাম্পাৰখনৰ লগতে চালকজনক ধৰি আৰক্ষীক চমজাই দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী জনায় ৷ অৱৰোধৰ ফলত পথচোৱাৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । পাছত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি সুদীৰ্ঘ দিন ধৰি বৰডুবি থানা এলেকাত আৰক্ষীৰ নাকৰ তলেদি অবৈধভাৱে মাটি খনন আৰু সৰবৰাহ অব্যাহত আছে । যাৰফলত অঞ্চলটোত ডাম্পাৰৰ দৌৰাত্ম দিনক দিনে বৃদ্ধি পাইছে ৷ এই বিষয়ত ৰাইজৰ লগতে আদিবাসী ছাত্ৰ সন্থাই বৰডুবি আৰক্ষীক কেইবাবাৰো লিখিত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰিছে৷ফলত আজিৰ এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে প্ৰতিবাদস্থলীত উল্লেখ কৰে৷ ক্ষোভিত ৰাইজে পথ অৱৰোধৰ জৰিয়তে অঞ্চলটোত মাটিৰ অবৈধ খনন বন্ধ কৰাৰ দাবী তোলাৰ লগতে মৃত যুৱতীগৰাকীৰ নিকটাত্মীয়ক বিশ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী তুলি ডাম্পাৰখনৰ চালক আৰু ইয়াৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী জনায়। ইফালে অৱৰোধথলীত উপস্থিত হোৱা প্ৰশাসনিক বিষয়াক আদিবাসী ছাত্ৰ সন্থাই এক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

তামুলপুৰৰ লতিবাৰীত বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীক বিপুল সম্বৰ্ধনা

তামুলপুৰৰ লতিবাৰীত বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীক বিপুল সম্বৰ্ধনা
তামুলপুৰৰ লতিবাৰীত বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীক বিপুল সম্বৰ্ধনা

তামুলপুৰ জিলাৰ লতিবাৰীৰ জাজিকোণাত আজি বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীক স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ দ্বাৰা বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ স্থানীয় জ্যেষ্ঠ নাগৰিক ভগী কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনৰ আঁতধৰে দুলাল পাটোৱাৰীয়ে ৷ সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীৰ শৈশৱৰ পৰা সংগ্ৰাম কৰি অভিজ্ঞতা সঞ্চয় কৰি নিজে এজন উদ্যমী মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ৷

উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা পুষ্ট হেমপ্ৰভা দেৱীক তেওঁ মহিলা সবলীকৰণৰ জৰিয়তে মহিলা সকলক আগবঢ়াই লৈ যাবলৈ সভাত আহ্বান জনায় ৷ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা সম্বৰ্ধনা সভাত বিপিএফৰ যুৱ নেতা দীগন্ত বেজবৰুৱা,স্থানীয় উদ্যোগী ভৱেন কলিতা,প্ৰসন্ন মেধি আদিয়েও বক্তব্য আগবঢ়ায় ৷ আজিৰ সভাখনত নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি ৰাজু দাস,যুৱ নেতা নৱ কলিতা,কুশল দাস,অনুপম ভৰালী প্ৰমুখ্যে বহুসংখ্যক জ্যেষ্ঠ নাগৰিকেও অংশগ্ৰহণ কৰে ৷