Home Blog Page 455

Air Pollution Side Effects: বায়ু প্ৰদূষণে কি কি ৰোগৰ সৃষ্টি কৰে?

Air Pollution Side Effects
Air Pollution Side Effects

বায়ু প্ৰদূষণ এক গুৰুতৰ সমস্যা, বায়ু প্ৰদূষণৰ প্ৰভাৱ আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটা ওপৰতে পৰে। এনে পৰিস্থিতিত সুস্থ হৈ থাকিবলৈ যিমান পাৰি কমকৈ প্ৰদূষণৰ সংস্পৰ্শলৈ আহিব লাগে। বৰ্তমান বায়ু প্ৰদূষণ এক ভয়াৱহ বিশ্বজনীন সমস্যাত পৰিণত হৈছে। ইয়াৰ ফলত স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হৈছে।(Air Pollution Side Effects)

প্ৰদূষণৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হয়। দীৰ্ঘদিন ধৰি প্ৰদূষিত বায়ু উশাহ ল’লে জীৱনলৈ ভয়াৱহ ভাবুকি আহিব পাৰে। বায়ু প্ৰদূষণৰ ফলত কি কি ৰোগ সৃষ্টি হয় মানৱ শৰীৰত জানো আহক-

বায়ু প্ৰদূষণৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বতাহত থকা ক্ষতিকাৰক কণিকাবোৰে ৰক্তবাহী নলীৰ ক্ষতি কৰে, যাৰ ফলত ৰক্ত সঞ্চালন সঠিকভাৱে নহয় আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়ি যায়। এই অৱস্থাৰ বাবে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সমস্যা হয়।(Air Pollution)

বায়ু প্ৰদূষণত কেন্সাৰ মৌলও থাকে, যিবোৰে উশাহৰ জৰিয়তে হাওঁফাওঁলৈ গৈ মাৰাত্মক টিউমাৰৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও এই পদাৰ্থবোৰে হাওঁফাওঁৰ কোষবোৰকো ক্ষতি কৰে।(Lung cancer)

বায়ু প্ৰদূষণে শ্বাস-প্ৰশ্বাসতন্ত্ৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ই হাঁপানীৰ আক্ৰমণৰ সূচনা কৰিব পাৰে আৰু ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD)ৰ দৰে অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে।

বায়ু প্ৰদূষণেও মগজুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। অধ্যয়নত দেখা গৈছে যে বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে ডিমেনচিয়া, এলঝেইমাৰ ৰোগ আৰু অন্যান্য স্নায়ুজনিত বিকাৰৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।(Mental disorder)

গৰ্ভৱতী মহিলা বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে তেওঁলোকৰ সন্তানৰ বিকাশৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ভিতৰত জন্মৰ সময়ত কম ওজন, শিশুৰ মৃত্যু আৰু স্নায়ু বিকাশৰ বিকাৰ আদি অন্যতম।

AR Rahman Saira Banu: এ আৰ ৰহমান আৰু মোহিনী দেৰ মাজত কি সম্পৰ্ক? জানক প্ৰকৃত সত্য

AR Rahman Saira Banu Divorce
AR Rahman Saira Banu Divorce

চলচ্চিত্ৰ জগতৰ সুপৰিচিত গায়ক তথা সুৰকাৰ এ আৰ ৰহমানে বিবাহৰ ২৯ বছৰৰ পিছত ১৯ নৱেম্বৰ মঙলবাৰে সন্ধিয়া ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৱে বিচ্ছেদৰ কথা ঘোষণা কৰে।(AR Rahman Saira Banu) আনহাতে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ পিছদিনাই বছৰ বছৰ ধৰি ৰহমানৰ দলত ৰহমাৰ সৈতে কাম কৰি অহা বেছিষ্ট মোহিনী দেয়েও স্বামী মাৰ্ক হাৰ্টছুচৰ পৰা বিচ্ছেদৰ কথা ঘোষণা কৰে। এই খবৰ পোহৰলৈ অহাৰ পিছত ছ’চিয়েল মিডিয়াত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কক লৈ চলিছে চৰ্চা। ইফালে ৰহমান আৰু ছাইৰাৰ অধিবক্তাৰ ক’লে বহু কথা।(AR Rahman Saira Banu Divorce)

গায়ক আৰু সংগীত সুৰকাৰ এ.আৰ ৰহমানে ১৯৯৫ চনত বিবাহপাশত আবদ্ধ হৈছিল। ৰহমান আৰু ছাইৰা বানু তিনিটা সন্তান খাটিজা ৰেহমান, ৰহিমা ৰহমান আৰু এ.আৰ. আমিনৰ পিতৃ-মাতৃ । ১৯ নৱেম্বৰ মঙলবাৰে সন্ধিয়া ৰহমানে নিজৰ টুইটাৰ হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিছিল। এই পোষ্টটোত তেওঁ পত্নী ছাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। তেওঁ লিখিছে, ‘আমি ত্ৰিশ বছৰ ধৰি একেলগে থকাৰ আশা কৰিছিলোঁ, কিন্তু সকলো শেষ হৈ যায়। এই সম্পৰ্ক ভাঙি যোৱাৰ পিছতো আমি ইয়াৰ অৰ্থ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম। লগতে তেওঁ লিখে, ‘অনুগ্ৰহ কৰি আমি লোৱা সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তাক সন্মান কৰক। আমি কোনো ধৰণৰ ঘৃণা নিবিচাৰো। ইয়াৰ উপৰিও এই বিষয়ত কথা পাতি থাকোঁতে ৰেহমান আৰু ছাইৰাৰ অধিবক্তা বন্দনা শ্বাহেও কয় যে ৰেহমান আৰু ছাইৰা পৃথক হোৱাৰ পিছত এতিয়ালৈকে আৰ্থিক বিষয়ত কোনো আলোচনা হোৱা নাই। তেওঁ কয়, ‘এই বিবাহ বিচ্ছেদ শান্তিপূৰ্ণভাৱে হ’ব আৰু দুয়োজনে এই সিদ্ধান্তক গুৰুত্বসহকাৰে লৈছে। এয়া কোনো প্ৰৱঞ্চনামূলক বিবাহ বিচ্ছেদ নহয়।(Rumoured)

আহাতে চৰ্চালৈ আহিছে ৰহমান আৰু মোহিনীৰ সম্পৰ্কৰ কথা। এনে খবৰৰ চৰ্চাৰ মাজতে তেওঁলোকৰ মাজত কোনো ধৰণৰ সম্পৰ্ক থকাৰ কথা তেওঁ অস্বীকাৰ কৰিছে ৰহমানৰ অধিবক্তাই। ৰহমান আৰু ছাইৰাৰ অধিবক্তা বন্দনা শ্বাহে কয়, ‘তেওঁলোকৰ মাজত কোনো সম্পৰ্ক নাই। ছাইৰা আৰু ৰহমানে নিজেই এই সিদ্ধান্ত লৈছে। ৰহমান আৰু ছাইৰা বানুৱে বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে ‘আৱেগিক চাপ’ বুলি উল্লেখ কৰিছে।(Bssist Mohini Dey)

আনহাতে কলকাতাৰ বেছিষ্ট মোহিনী দেয়ে নিজৰ ইনষ্টাগ্ৰাম যোগে স্বামীৰ পৰা বিচ্ছেদৰ কথা ঘোষণা কৰে। তেওঁ যেতিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল তেতিয়া সেই পোষ্টটো সোনকালে ভাইৰেল হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কাৰণ আছিল ৰেহমান-মোহিনীয়ে একেলগেই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।

Radish: চৰ্দি, কাহৰ পৰা সকাহ পাবলৈ শীতকালত খাদ্যত অন্তৰ্ভুক্ত কৰক মূলা

Radish
Radish

শীতকালত স্বাস্থ্যৰ বাবে মূলা অতি উপকাৰী। যদি আপুনি চৰ্দি, কাহ, পাচনতন্ত্ৰৰ বিকাৰ, মেদবহুলতাৰ দৰে সমস্যাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক মূলা।(Radish) সাধাৰণতে চালাডত বা পাচলি হিচাপে খোৱা মূলা বিশেষকৈ শীতকালত খাব লাগে। মূলাত পোৱা পুষ্টিকৰ উপাদানে শৰীৰক চৰ্দি, কাহৰ পৰা ৰক্ষা কৰাত সহায় কৰে। মূলাত ভিটামিন চি, আঁহ, আৰু এন্টিঅক্সিডেন্ট থাকে। সেইবাবে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূলা অতি উপকাৰী। (Radish Benefits)

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

মূলাত ভাল পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। শীতকালত মানুহৰ চৰ্দি আৰু কাহৰ দৰে সমস্যা প্ৰায়ে বাঢ়ে। মূলাই শৰীৰক বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কম হয়।(include radish in winter)


পাচনত সহায়ক-মূলাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিটো পাচনতন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে গুৰুত্বপূৰ্ণ। ই পেটৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, এচিডিটি আৰু বদহজম দূৰ কৰাত সহায় কৰে।

ওজন হ্ৰাস কৰাত সহায়ক-মূলাত কেলৰিৰ পৰিমাণ অতি কম, যাৰ বাবে ই ওজন কমাবলৈ এক উৎকৃষ্ট খাদ্য বুলি গণ্য কৰা হয়। মূলাই শৰীৰৰ প্ৰাকৃতিক বিষমুক্তকাৰী হিচাপে কাম কৰে।

ছালখন সুস্থ কৰি ৰাখে-মূলাত পানী আৰু ভিটামিন চিৰ প্ৰচুৰ পৰিমাণে থকাৰ বাবে ই ছালৰ বাবেও উপকাৰী। ই ছালখনক জলসিঞ্চিত কৰি ৰাখে আৰু লগতে তেজৰ সঞ্চালনও উন্নত কৰে, যিয়ে মুখলৈ গ্লো আনে। শীতকালত ছালখন প্ৰায়ে শুকান আৰু নিৰ্জীৱ হৈ পৰে সেইবাবে শীতকালত মূলা খালে মূলাই ছালখনক পুষ্টিকৰ আৰু সুস্থ কৰি ৰাখে।

MANIPUR:মণিপুৰৰ সাতখন জিলাত আৰু তিনিদিনলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব, আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যস্ত প্ৰশাসন

মণিপুৰৰ অশান্তিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সাতখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আইন-শৃংখলা নিয়ন্ত্ৰণত ৰাখিবলৈ সেই জিলাসমূহত ১৬ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট। বুধবাৰে মণিপুৰ চৰকাৰে গাইডলাইন প্ৰকাশ কৰি কয় যে সেই সাতখন জিলাত আৰু তিনিদিনলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব। ইম্ফল পূৱ, ইম্ফল পশ্চিম, কাকচিং, বিষ্ণুপুৰ, থৌবাল, চুৰাচান্দপুৰ আৰু কাংপোকপি জিলাত এই নিয়ন্ত্ৰণ বলবৎ হৈ আছে।

অশান্ত মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অহা ১৬ নৱেম্বৰত ম’বাইল আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। যদিও ১৮ নৱেম্বৰৰ পৰা ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হৈছিল, তথাপিও মোবাইল ইণ্টাৰনেট বন্ধ হৈ আছে। ব্ৰডবেণ্ড সেৱা বন্ধ হোৱাৰ বাবে বিভিন্ন কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু স্বাস্থ্য কেন্দ্ৰসমূহ সমস্যাৰ সন্মুখীন হৈছিল। সেইবাবেই মণিপুৰ চৰকাৰে ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।

শেহতীয়াকৈ মণিপুৰৰ জিৰিবামত কুকি উগ্ৰপন্থী আৰু চি আৰ পি এফ জোৱানৰ মাজত গুলীচালনা সংঘটিত হৈছে। অভিযোগ অনুসৰি সেই সময়ত কুকি উগ্ৰপন্থীৰ এটা দলে মেইটেই সম্প্ৰদায়ৰ তিনিগৰাকী মহিলা আৰু তিনিটা শিশুক অপহৰণ কৰিছিল। পিছত দুটা পৰ্যায়ত উদ্ধাৰ কৰা হয় ৬ জন লোকৰ মৃতদেহ। তেওঁলোকৰ মৃতদেহ চিনাক্ত হোৱা নাই। অৱশ্যে অপহৃত ছয়জন লোকৰ মৃতদেহ নদীত ওপঙি যোৱাৰ অভিযোগ বহু লোকে। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মণিপুৰত পুনৰ উত্তেজনা। অভিযুক্তক ন্যায় আৰু শাস্তি প্ৰদানৰ দাবীত ইম্ফলৰ ৰাজপথত প্ৰতিবাদ।

শনিবাৰেও একে পৰিস্থিতিত মণিপুৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী সপম ৰঞ্জন, গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী এল সুসিন্দ্ৰ সিং, বিজেপিৰ বিধায়ক আৰু মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ জোঁৱাই আৰ কে ইমোৰ ঘৰতো আক্ৰমণ কৰা হয়। জিৰিবাম জিলাত ৬ জন লোকক হত্যা কৰাৰ অভিযোগত অভিযুক্তসকলক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আক্ৰমনকাৰীয়ে দাবী জনাইছে। সেই ঘটনাৰ পিছত প্ৰশাসনে আইন-শৃংখলা নিয়ন্ত্ৰণত ৰাখিবলৈ মণিপুৰৰ সাতখন জিলাত ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত লয়।

Medical Science । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পৰীক্ষাত উজলিল অক্লান্ত

Medical Science । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পৰীক্ষাত উজলিল অক্লান্ত
Medical Science । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পৰীক্ষাত উজলিল অক্লান্ত

গুৱাহাটী, ২০ নৱেম্বৰ: Medical Science । অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান চমুকৈ এইমছ এ অনুষ্ঠিত কৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পরীক্ষাত উজলিল অসম সন্তান। প্রবেশ পৰীক্ষাত ৪৯ সংখ্যক স্থান দখল কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অত্যন্ত মেধাবী ছাত্রী অক্লান্তা ভট্টাচাৰ্য্যই। তেজপুৰৰ কলিবাৰীৰ পংকজ ভট্টাচার্য্য আৰু ময়ূৰী ভাগবতী ভট্টাচার্য্যৰ সন্তান ডা অক্লান্তাই কঠোৰ অধ্যয়নৰ জৰিয়তে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।

মেধাবী ছাত্রী অক্লান্তা ভট্টাচাৰ্য্য

উল্লেখ্য যে আই চি এছ ই ব’ডৰ মাধ্যমিক পরীক্ষাত সংস্কৃতি ডা গুৰুকুল বিদ্যালয়ৰ পৰা ৯৯’৮ শতাংশৰে দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা ডা’ অক্লান্তা বিশ্বনাথ চাৰিআলি নিবাসী সদৌ অসম মইনা পাৰজাত প্ৰাক্তন সভাপতি জিতেন ভাগৱতীৰ জী নাতিনী তথা বিশিষ্ট ব্যবসায়ী মৃপেন ভাগবতীৰ ভাগিনী।

আনহাতে উচ্চতৰ মাধ্যমিক পরীক্ষাত চাই আৰ এন এছ বিদ্যালয়ৰ পৰা ৯৭ শতাংশ নম্বৰৰে উত্তীর্ণ হোবা ভট্টাচার্য্যই চিকিৎসা বিজ্ঞানব সর্ব ভাৰতীয় প্রবেশ পৰীক্ষাত ৫১৫ সংখ্যক স্থানলৈ অখিল ভাৰতীয় আয়ুবিঞ্জান প্রতিষ্ঠানত অধ্যয়ন কৰে আৰু তাৰ পৰা কেইবাটাও বিষয়ত গল্ড মেডেল সহ স্নাতক ডিগ্ৰী লাভ কৰে।

Bone কঁকালৰ বিষৰ সমস্যা

কঁকালৰ বিষ আজিকালি বহুতৰে বাবে দৈনন্দিন সমস্যা। এই বিষ নানা কাৰণত হ’ব পাৰে, যিয়ে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়। বেছিভাগ ক্ষেত্ৰতে বহু সময় বহি থকা কাম, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু মানসিক চাপ কঁকালৰ বিষৰ প্ৰধান কাৰণ। কিন্তু সজাগতা আৰু কিছু সহজ পদক্ষেপেৰে এই সমস্যা ৰোধ কৰিব পৰা যায়।

এই প্ৰতিবেদনত কঁকালৰ বিষৰ কাৰণ আৰু ইয়াৰ ফলপ্ৰসূ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰা হ’ব-

কঁকালৰ বিষ কিয় হয়?

কঁকালৰ বিষ বহুতৰে বাবে এক সাধাৰণ সমস্যা। এই বিষ বিভিন্ন কাৰণত হ’ব পাৰে। ইয়াৰ কিছুমান মূল কাৰণ তলত উল্লেখ কৰা হ’ল-

পেশী কঠিন হ’লে: অস্বাভাৱিক বা অত্যধিক শাৰীৰিক কাৰ্য্যকলাপ, যেনে-গধুৰ বস্তু দঙা বা দীৰ্ঘ সময় থিয় হৈ থকাৰ ফলত পিঠিৰ পেশী টান বা কঠিন হ’ব পাৰে।

অস্বাস্থ্যকৰ ভাবে বহাৰ অভ্যাস: অস্বাস্থ্যকৰভাৱে বহু সময় বহি থাকিলে কঁকালত হেঁচা পৰে, যাৰ ফলত বিষ হ’ব পাৰে। কম্পিউটাৰৰ সন্মুখত কাম কৰাৰ সময়ত অস্বাস্থ্যকৰ ভাৱে বহিলে ই বৃদ্ধি হ’ব পাৰে।

শাৰীৰিক অৱস্থানঃ একেৰাহে থিয় বা বহি থকাৰ অভ্যাসে পিঠিৰ পেশীবোৰত আঘাত হানিব পাৰে।

বয়সৰ লগত জড়িত পৰিৱৰ্তন: বয়সৰ লগে লগে হাড় আৰু পেশীৰ স্বাস্থ্য হ্ৰাস পায়। হাড়ৰ দুৰ্বলতা বা ডিস্কৰ সমস্যা বেছিকৈ দেখা যায়।

অংগৰ সমস্যাঃ লাম্বাৰ ডিস্কত চাপ দিলে (ডিস্ক হাৰ্নিয়া) বিষ হ’ব পাৰে। এই সমস্যাই কঁকালৰ স্নায়ুত হেঁচা প্ৰয়োগ কৰে।

মানসিক চাপঃ উদ্বেগ আৰু মানসিক চাপে কঁকালৰ বিষ আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে। মানসিক চাপে শৰীৰৰ পেশীৰ টান বৃদ্ধি কৰাত সহায় কৰে।

বেমাৰঃ কিছুমান ৰোগ, যেনে বাত বিষৰ ফলত কঁকালৰ বিষ হ’ব পাৰে। এই ধৰণৰ ৰোগত বিষ সাধাৰণতে সংক্ৰমণ বা প্ৰদাহৰ ফলত হয়।

কঁকালৰ বিষত ল’ব লগা সাৱধানতা

ব্যায়াম আৰু ফিজিঅ’থেৰাপি: পিঠিৰ পেশী আৰু অংগবোৰক নমনীয় কৰি তোলাত ষ্ট্ৰেচিং অতি ফলপ্ৰসূ। দৈনিক ১০-১৫ মিনিট ষ্ট্ৰেচিং কৰিব লাগে। যেনে-খোজকঢ়া, চাইকেল চলোৱা আৰু সাঁতোৰা। এই অভ্যাসে পেশীৰ শক্তি বৃদ্ধি কৰে আৰু বিষ কমায়। বিষ বেছি হ’লে ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ ল’ব লাগে। কিছুমান বিশেষ ব্যায়ামে পিঠিৰ সমস্যা ভাল কৰাত সহায় কৰিব পাৰে।

সুস্থ জীৱন-যাপন: অতিৰিক্ত ওজনৰ বাবে কঁকালৰ ৰেখাত চাপ পৰে। স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মীয়া ব্যায়াম অতি প্ৰয়োজনীয়। সঠিকভাৱে বহি থকাটো অতি গুৰুত্বপূৰ্ণ। অফিচত কাম কৰাৰ সময়ত এখন আৰামদায়ক চকী ব্যৱহাৰ কৰিব লাগে। সঠিক উচ্চতাত ডেস্ক আৰু চকী ব্যৱহাৰ কৰাটোও প্ৰয়োজনীয়।

গৰম আৰু ঠাণ্ডা পেক: কঁকালৰ বিষৰ বাবে গৰম পানীৰ বেগ ব্যৱহাৰ কৰিব পাৰি। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু পেশীবোৰ শিথিল কৰে। বিষ বেছি হ’লে বৰফৰ পেক ব্যৱহাৰ কৰিব লাগে। ই প্ৰদাহ কমোৱাত সহায় কৰে।

সঠিক পুষ্টিঃ হাড়ৰ স্বাস্থ্য বজাই ৰখাৰ বাবে গাখীৰ, মাছ, কণী আৰু শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। বিভিন্ন ফল-মূলে শৰীৰৰ প্ৰদাহ কমোৱাত সহায়ক।

মানসিক চাপ পৰিচালনা কৰা: মানসিক চাপে কঁকালৰ বিষ আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে। গতিকে নিয়মীয়া যোগাসন আৰু ধ্যান কৰিলে মানসিক চাপ কমি যায় আৰু বিষৰ পৰা উপশম পোৱা যায়।

কঁকালৰ বিষ এটা গুৰুতৰ সমস্যা হ’ব পাৰে, কিন্তু ই পৰিচালনাযোগ্য। উপৰোক্ত পদ্ধতি অনুসৰণ কৰিলে বিষ কমাব পাৰি। বিষ থাকিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। সুস্থ জীৱনশৈলী, নিয়মীয়া ব্যায়াম আৰু উপযুক্ত পুষ্টি কঁকালৰ বিষৰ পৰা হাত সাৰিবলৈ মূল চাবিকাঠি। সুস্থ কঁকালৰ ৰেখা আৰু সুখী জীৱন সুস্থ অভ্যাসৰ জৰিয়তে নিশ্চিত কৰিব পাৰি।

International-আত্মঘাতী গাড়ী বোমা আক্ৰমণত পাকিস্তানত নিহত ১২ জন সেনা জোৱান । Pakistan

International-আত্মঘাতী গাড়ী বোমা আক্ৰমণত পাকিস্তানত নিহত ১২ জন সেনা জোৱান । Pakistan
International-আত্মঘাতী গাড়ী বোমা আক্ৰমণত পাকিস্তানত নিহত ১২ জন সেনা জোৱান । Pakistan

নিউজ ডেস্কঃ (Pakistan) পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত কালি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।বুধবাৰে বিষয়টো নিশ্চিত কৰি সেনা বিষয়াসকলে কয় যে আক্ৰমণকাৰীয়ে গাড়ীত বিস্ফোৰক লৈ সেনা চকীৰ সন্মুখলৈ আহি বিস্ফোৰণ ঘটায়। (International suicide)

বিগত কেইমাহমানৰ ভিতৰত এইটোৱেই আছিল আটাইতকৈ মাৰাত্মক আক্ৰমণ। আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলি সংঘটিত হয়। ইয়াৰ ফলত পাকিস্তানী তালিবান (খাৱাৰীজ)ৰ ৬ জন সদস্য নিহত হয়।

বিবৃতিটোত এই কথাও পোহৰলৈ আহিছে যে দুৰ্বৃত্তই গাড়ীৰে সেনা চকীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও চেক পোষ্টত ৰখাই দিয়া হয়। তাৰ পিছতে বিস্ফোৰণত আউটপোষ্টৰ দেৱালৰ এটা অংশ ভাঙি কাষৰ আন্তঃগাঁথনিৰ ক্ষতিসাধন হয়।হাফিজ গুল বাহাদুৰ গ্ৰুপ নামৰ পাকিস্তানী তালিবানৰ এটা বিচ্ছিন্ন গোটে এক বিবৃতিত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

Health: শীতকালত হাঁপানীৰ সমস্যা: মানি চলক কিছুমান নিয়ম

শীতকাল প্ৰায় আহি পালেহিয়েই…। শীতকালৰ পাতল ঠাণ্ডা বতাহ পুৱাৰ পৰা দুপৰীয়ালৈকে বলি থাকে। এই বতৰত উষ্ণতা হ্ৰাস পোৱাৰ লগতে বায়ুৰ আৰ্দ্ৰতাও কমি যায়। বহু লোকৰ উশাহ-নিশাহৰ সমস্যা হয়। বিশেষকৈ কাৰোবাৰ হাঁপানী ৰোগ হ’লে উশাহ-নিশাহৰ সমস্যাত পৰে।

শীতকালত বতাহত ধূলিৰ পৰিমাণ বেছি থাকে। নিউমোনিয়াৰ পৰা হোৱা সাধাৰণ চৰ্দিৰ লগতে কম উষ্ণতাত বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বীজাণু সক্ৰিয় হৈ উঠে। ফলত সংক্ৰমণ বৃদ্ধি পায়। আৰু সেই সংক্ৰমণৰ ফলত উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে।

শীতকালত হাঁপানী ৰোগীয়ে কিছুমান নিয়ম মানি চলিলে সুবিধা হয়। কৰ’না পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত বহু লোকে মাস্ক পৰিধান কৰা বন্ধ কৰিছে। মাস্কে ধোঁৱা আৰু বিভিন্ন বীজাণুৰ পৰা সুৰক্ষা প্ৰদান কৰে। গতিকে ঘৰৰ পৰা ওলাই গ’লে মাস্ক পিন্ধিব লাগে।

বাহিৰৰ পৰা অহাৰ পিছত চাবোনেৰে ভালদৰে হাত ধুব লাগে। চেনিটাইজাৰ অনবৰত বেগত ৰাখিলে ভাল। দৈনিক খাদ্যত শাক-পাচলি বা ফল-মূল ৰাখিব লাগে যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। হাওঁফাওঁৰ শক্তিও বৃদ্ধি কৰিব লাগে। প্ৰটিনজাতীয় খাদ্য দৈনিক আহাৰৰ তালিকাত ৰাখিব লাগে। মাছ, মাংস, কণী, দালি, গাখীৰ, বাদাম, শাক-পাচলি আদি প্ৰটিনযুক্ত প্ৰচুৰ পৰিমাণে খাব লাগে। শৰীৰক জলসিঞ্চিত কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণৰ পানী খাব লাগে।

হাঁপানী ৰোগত আক্ৰান্ত সকলো বয়স্ক লোকে বাধ্যতামূলক নিউমোনিয়া, ইনফ্লুৱেঞ্জাৰ টিকা ল’ব লাগে। ইনহেলাৰ লগত ৰাখিব লাগিব।

সঘনাই গাখীৰ, চাহ বা কফি নাখাব, বাহিৰলৈ ওলাই যাওঁতে শীতল পানীয়, ঠাণ্ডা শ্বাৰবেট বা আইচক্ৰীম নাখাব। যদি উশাহ-নিশাহ লোৱাত অসুবিধা হয় বা হাঁপানী হয়, তেন্তে কুহুমীয়া পানীত এচিকুট নিমখ দি খাব পাৰে। তেনে কৰিলে আপুনিও আৰাম পাব।

অমলখি খালে বৰ ভাল। তাৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। আমলখি খালে হাওঁফাওঁৰ পৰা প্ৰদূষক বা বিষাক্ত পদাৰ্থ আঁতৰ হয়। প্ৰতিদিনে সামান্য পৰিমাণৰ তুলসীৰ ৰস খালে চৰ্দি আৰু কাহ আৰু কফ ৰোধ হয়। তুলসীৰ পাত উতলাই চাহ হিচাপে খাব পাৰি।

বায়ুপথ আৰু হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে উশাহ-নিশাহৰ ব্যায়াম কৰক। অনুলোম-বিলোম, কাপালভাটি অভিজ্ঞ প্ৰশিক্ষকৰ পৰামৰ্শ লৈ কৰিব পাৰি। হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ ঘৰতে কিছু যোগাসন কৰক। তেতিয়া গোটেই বছৰটো হাঁপানী নিয়ন্ত্ৰণত থাকিব।

Bollywood:পৰিচালক ৰাকেশ ৰোচনৰ অন্তিমখন ছবি হ’ব পুত্ৰ ঋত্বিকৰ ‘কৃষ-৪’

‘krish-4’ । নিজৰ কেৰিয়াৰত নায়ক হিচাপে হাৰ্টথ্ৰব আছিল তেওঁ, সেয়েহে পৰিচালক হিচাপেও হিট চিনেমা আগবঢ়াই আহিছে ৰাকেশ ৰোশনে । ‘কৰণ-অৰ্জুন’ৰ পৰা আৰম্ভ কৰি ‘কহো না প্যাৰ হায়’ বা শেহতীয়া ‘ ‘কৃষ’’লৈকে ৰাকেশে ছবি নিৰ্মাণৰ ক্ষেত্ৰত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে। অৱশ্যে বলীউডৰ এই প্ৰভাৱশালী পৰিচালকজনে পৰিচালনা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেওঁৰ পুত্ৰৰ সৈতে তেওঁৰ শেষ চিনেমা হ’ব ‘কৃষ ৪’। এই মন্তব্য ৰাকেশ ৰোশনৰ।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাকেশ ৰোশনে কয় যে ‘কৃষ ৪’ তেওঁৰ শেষ চিনেমা হ’ব।

ৰাকেশ ৰোশনে কয়, ‘মই ‘কৃষ ৪’ চিনেমাখন নিৰ্মাণ কৰিম। মোৰ লগত আন এজন পৰিচালক থাকিব। কিন্তু ই নিশ্চিত যে ‘কৃষ-৪’ নিৰ্মাণ হ’ব।

বহুতে সমালোচনা কৰি কয় যে ৰাকেশ ৰোশনৰ চিনেমাত অভিনয় কৰিয়েই হৃতিক ছুপাৰহিট আহিছিল। পিতৃৰ বাবেই কেৰিয়াৰৰ সফলতাৰ শিখৰত উপনীত হোৱাটো সহজ হৈ পৰিছিল।

ৰাকেশ ৰোশন পৰিচালিত চিনেমা ‘কহো না প্যাৰ হায়’, ‘কই মিল গয়া’, ‘কৃষ’ ছবিয়েই আটাইতকৈ বেছি হিট ছবি। শুনা যায় যে ‘কৃষ-৪’ বনোৱাৰ দায়িত্ব হৃতিকে নিজেই লৈছে।

America: কিয়েভত আমেৰিকাই বন্ধ কৰিলে দূতাবাস, নাগৰিকক সাজু হ’বলৈ নিৰ্দেশ

ৰাছিয়াৰ আক্ৰমণৰ আশংকাত কিয়েভত থকা আমেৰিকাই দূতাবাস বন্ধ কৰিছে। ইউক্ৰেইনত থকা দেশখনৰ নাগৰিকসকলকো ক্ষিপ্ৰতাৰে খালী কৰাৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে।

ইউক্ৰেইনে আমেৰিকাৰ দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ভূখণ্ডত আক্ৰমণ কৰাৰ এদিন পিছতে এই সতৰ্কবাণী দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনৰ বিৰুদ্ধে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ অনুমতি দিছিল।

অতিৰিক্ত সাৱধানতাৰ বাবেই দূতাবাস বন্ধ কৰি দিয়া হৈছে আৰু দূতাবাসৰ কৰ্মচাৰীক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

ইউক্ৰেইনে গধুৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ অনুমোদন জনোৱাৰ খবৰৰ মাজতে শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ পাৱাৰ গ্ৰীডত ১২০টা ক্ষেপণাস্ত্ৰ আৰু ৯০টা ড্ৰ’নেৰে আক্ৰমণ চলাইছিল। ফলত বিদ্যুৎ ব্যৱস্থাৰ ব্যাপক ক্ষতিসাধন কৰি ৭ জন লোকৰ মৃত্যু হয়।

ইউক্ৰেইনৰ নিৰাপত্তা পৰিষদৰ চেণ্টাৰ ফৰ কাউণ্টাৰিং ডিচিনফৰ্মেচনৰ মুৰব্বী এণ্ড্ৰি কোভালেংকোৱে কয় যে ৰাছিয়াই আৰু অধিক বিমান আক্ৰমণ চলাবলৈ সাজু। আপোনালোকক সোঁৱৰাই দিওঁ, ৰাছিয়াই ইউক্ৰেইনত কেইবামাহো ধৰি ধাৰাবাহিক আক্ৰমণৰ বাবে মিছাইল মজুত কৰি ৰাখিছে। ইয়াৰ ভিতৰত আছে KH-101 মিছাইল, যিটো তেওঁলোকে এতিয়াও উৎপাদন কৰি আছে।

ৰাছিয়াই কেইবামাহো ধৰি পশ্চিমীয়া দেশসমূহক সকীয়াই দি আহিছে যে যদিহে ৱাশ্বিংটনে ইউক্ৰেইনক ৰাছিয়ালৈ আমেৰিকা, ব্ৰিটিছ আৰু ফ্ৰান্সৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ অনুমতি দিয়ে, তেন্তে মস্কোৱে সেই নাটোৰ সদস্যসকলক ইউক্ৰেইনৰ যুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি বিবেচনা কৰিব।

যোৱা অক্টোবৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ৰাছিয়াৰ ভিতৰত আমেৰিকাত নিৰ্মিত অস্ত্ৰৰে ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণৰ অনুমতি দিয়াৰ সতৰ্কবাণী দিছিল। এই পৰিস্থিতিত মঙলবাৰে পুটিনে “বিস্তৃত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে” পাৰমাণৱিক মতবাদ সলনি কৰে।