Home Blog Page 457

অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে :জয়ন্ত মল্ল বৰুৱা । Jayanta Malla Baruah

অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে :জয়ন্ত মল্ল বৰুৱা । Jayanta Malla Baruah
অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে :জয়ন্ত মল্ল বৰুৱা । Jayanta Malla Baruah

Jayanta Malla Baruah : অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে : জয়ন্ত মল্ল বৰুৱা । মিঞাৰ সমৰ্থনত সপোন দেখা মানুহৰ সপোন কেতিয়াও বাস্তৱ নহয়ঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা অখিল গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ


২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা অখিল গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ৷ অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈ আছে৷- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ৷ আজি সাংবাদিকৰ আগত ২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মানুহে সপোন দেখিব লাগে, কিন্তু সপোনবিলাক বাস্তৱ হোৱা সপোন দেখিব লাগে৷ বাংলাদেশী মুছলমান, যাক আমি মিঞা বুলি কওঁ, সেই মিঞাৰ ভোটেৰে সপোন দেখা মানুহ অসমত বহুত আছে৷ যেতিয়ালৈকে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব থাকিব, অসমত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব থাকিব, তেতিয়ালৈকে মিঞাৰ সমৰ্থনত সপোন দেখা মানুহবিলাকৰ সপোনবিলাক বাস্তৱ নহয়৷ এইবিলাক বন্ধ কৰিবৰ কাৰণে আমি আছো, আমাৰ চৰকাৰ আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷


আনহাতে, ’২৬ত বিৰোধীৰ চৰকাৰ হ’লে জলসম্পদ মন্ত্ৰী হ’ব শ্বেৰমান আলী আহমেদ! এই সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত ৰাজ্যৰ পৰৱৰ্তী চৰকাৰত মন্ত্ৰী হোৱাৰ সপোন দেখা শ্বেৰমান আলী আহমেদক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মিঞাৰ সহযোগিতাত যিয়ে সপোন দেখে, সেই সপোনবিলাক বাস্তৱ নকৰিবৰ কাৰণে আমাৰ চৰকাৰ৷ আমি যেতিয়ালৈকে থাকিম, সেই সপোন কেতিয়াও বাস্তৱ নহয়৷ আমি থকালৈকে মিঞাৰ ভোটেৰে মুখ্যমন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে মন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে কিংমেকাৰ হোৱা যি সপোন- এই সপোনবিলাক বাস্তৱ হ’বলৈ নিদিওঁ৷ অসমৰ ৰাইজে আমাক সেই কাৰণে দায়িত্ব দিছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে৷

Bongaigaonবঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪

Bongaigaonবঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪
Bongaigaonবঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪

বঙাইগাঁওঃ ১৯ নবেম্বৰঃ কুষ্ঠৰোগ মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যেৰে কাইলৈৰ পৰা বঙাইগাঁও জিলাতো ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত ‘কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪’ আৰম্ভ হ’ব ( Bongaigaon)। বঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪৷ এই অভিযান সন্দৰ্ভত মঙলবাৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত জিলা যক্ষ্মা বিষয়া তথা এই অভিযানৰ দায়িত্বত থকা জিলা ন’ডেল বিষয়া ডাঃ প্ৰণৱ কুমাৰ ৰয়ে কয় যে কাইলৈৰ পৰা অৰ্থাৎ ২০ নবেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ বঙাইগাঁও জিলাত ‘কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ‘ চলিব ৷

Bongaigaonবঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪

এই সময়চোৱাত প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মী ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ দুবছৰৰ ওপৰৰ সকলো সদস্যক তেওঁলোকে কুষ্ঠৰোগৰ লক্ষণ যেনে ছালৰ বগা দাগ,ৰঙচুৱা দাগ বা তামবৰণীয়া চেতনাহীন দাগ, চেতনাহীন হাতৰ তলুৱা, ভৰিৰ তলুৱাত ,চকুৰ পতা ভালকৈ বন্ধ কৰিব নোৱাৰা আদি কথাবোৰ সুধিব আৰু পৰীক্ষা কৰিব ৷ যদি এই অভিযানৰ সময়ত তেনে কোনো ব্যক্তিৰ গাত সেই লক্ষণসমূহ থকাটো চিনাক্ত হয় তেতিয়াহলে তেনে ব্যক্তিক নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰ অথবা চিকিৎসালয়লৈ পঠিয়াব ৷ চিকিৎসালয়ত পৰীক্ষাৰ অন্তত যদি ৰোগবিধ হোৱাটো ধৰা পৰে তেতিয়াহলে লগে লগে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব ৷

ডাঃ ৰয়ে এই অভিযানত এগৰাকী আশাকৰ্মীৰ লগত এজন পুৰুষ স্বাস্থ্যকৰ্মীসহ দুজনীয়া একোটাকৈ দলে আশাকৰ্মীসকলৰ নিজ নিজ অঞ্চলৰ প্ৰতি ঘৰে ঘৰে যাব বুলিও কৈ কয় যে এই অভিযানৰ মূল উদ্দেশ্য হৈছে যদিহে সমাজৰ কোনোবা ব্যক্তি ৰোগবিধ চিনাক্ত নোহোৱাৰ ফলত তেনে ৰোগত ভুগি আছে তেতিয়াহলে তেওঁক চিনাক্ত কৰি উচিত চিকিৎসা প্ৰদানৰ জৰিয়তে সম্পূৰ্ণকৈ সুস্থ কৰি তোলাৰ লগতে যাতে তেওঁক আগলৈ গৈ বিকলাংগ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায় ৷ লগতে এই অভিযানৰ পিছত যাতে সমাজত এজনো এনে ৰোগী নাথাকে তাৰ বাবে গুৰুত্বাৰোপ কৰা হৈছে আৰু এখন কুষ্ঠৰোগ মুক্ত সমাজ গঢ়াৰ চেষ্টা কৰা হৈছে বুলি কয় ৷ ডাঃ ৰয়ে আৰু কয় যে কুষ্ঠৰোগ হ’ল বীজাণুৰ দ্বাৰা সংক্ৰমিত বেমাৰ ৷ ই কোনো পাপৰ ফলত বা পূৰ্বজন্মৰ অভিশাপৰ ফলত হোৱা বেমাৰ নহয় ৷ এই বেমাৰটো বীজাণুৰ দ্বাৰা সংক্ৰমিত হয় আৰু কম সংক্ৰমিত ৷ কুষ্ঠৰোগ মূলত শ্বাস – প্ৰশ্বাসৰ জৰিয়তে বিয়পি যায় ৷ কুষ্ঠৰোগ জন্মগত বা বংশগত নহয় ৷ এই ৰোগে প্ৰধানকৈ ছাল আৰু স্নায়ুক আক্ৰমণ কৰে ৷

ৰোগবিধ ধৰা পৰাৰ পিছত চিকিৎসা আৰম্ভ কৰাৰ পিছত আনৰ সৈতে একেলগে বহিব পাৰে, সমাজত একেলগে বিয়া – বাৰু খাব পাৰে আৰু বিবাহ কৰিবও পাৰে ৷ তেওঁ বৰ্তমান বঙাইগাঁও জিলাত সাতগৰাকী ৰোগী থকা বুলি কৈ তেওঁলোকৰ চিকিৎসা চলি থকা বুলিও জানিব দিয়ে ৷ ইপিনে সংবাদ মেলত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকাই কয় যে এই অভিযানৰ মূল উদ্দেশ্য হৈছে যাতে আমাৰ সমাজত কাৰোবাৰ যদি কুষ্ঠৰোগ চিনাক্ত নোহোৱাকৈ আছে তাক চিনাক্ত কৰিব পৰা যায় ৷ অভিযানৰ সময়ত আশাকৰ্মীসকলে লগত এজন পুৰুষ স্বাস্থ্যকৰ্মীক লৈ ঘৰে ঘৰে যাব আৰু কুষ্ঠৰোগৰ যিকেইটা লক্ষণ যেনে চেতনাহীন ছালৰ দাগ দেখা যায় ৷ কিছুমান অলপ বগা দাগ, ৰঙচুৱা দাগ বা তামবৰণীয়া দাগ, হাত -ভৰিবিলাক জিন – জিনাই থকা লক্ষণ থাকিলে সেয়া কুষ্ঠৰোগ হ’ব পাৰে বুলি ধাৰণা কৰা হয় ৷ গতিকে অভিযানৰ সময়ত যদি তেনে লক্ষণ থকা ব্যক্তি চিনাক্ত কৰা হয় তেতিয়াহলে তেওঁলোকক আশাকৰ্মীসকলে চিকিৎসকৰ ওচৰলৈ আনিব আৰু আমি তেওঁলোকৰ সকলো বিতং তথ্য লোৱাৰ লগতে তেওঁলোকৰ সংস্পৰ্শত থকা লোকসকলৰো সকলো কথা জানি লৈ জানিব পাৰিম যে তেওঁলোকৰ কুষ্ঠৰোগ হৈছে নে নাই ৷ যদি হৈছে তেতিয়া সেইমতে চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব ৷ মূলত হৈছে সজাগতা ৷ কাৰণ কুষ্ঠৰোগ কোনো লাজ কৰিবলগীয়া, ভয় কৰিবলগীয়া, ঘৃণ কৰিবলগীয়া বা কাৰোবাৰ পূৰ্বজন্মৰ পাপৰ ফলত হোৱা তথা ভগবানৰ অভিশাপৰ বাবে হোৱা বেমাৰ নহয় ৷ কুষ্ঠৰোগ হ’ল বীজাণুৰ পৰা হোৱা বেমাৰ ৷ আমাৰ বীজাণুৰ পৰা যিকোনো বেমাৰ হ’ব পাৰে ৷ সেয়ে আমি যদি প্ৰথমাৱস্থাতে ৰোগটো চিনাক্তকৰণ কৰি চিকিৎসা প্ৰদান কৰিব পাৰো তেতিয়াহলে সম্পূৰ্ণৰূপে সুস্থ হয় আৰু পিছলৈও কোনো অসুবিধা নহয় ৷ সুস্থ সৱল জীৱন যাপন কৰিব পাৰিব ৷ সেয়ে এই অভিযানৰ সময়ত সকলোকে আগবাঢ়ি আহি অভিযানৰ উদ্দেশ্যক সফল কৰি তুলি এখন কুষ্ঠৰোগ মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনায় ৷

ৰঙা লিপষ্টিক আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ প্ৰতীক কেনেকৈ

আমেৰিকান অভিনেত্ৰী মেৰিলিন মনৰোৱে গাঢ় ৰঙা ওঁঠ, পাতল সোণালী চুলি, আকৰ্ষণীয় মেকআপেৰে লাখ লাখ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সাত দশকৰ পাছতো দৰ্শকে তেওঁক মনত ৰাখি আহিছে। বিশ্বৰ জনপ্ৰিয় কণ্ঠশিল্পী টেইলৰ চুইফটৰ কথা নকওঁৱেই! তেওঁৰ আচৰিত সংগীত প্ৰতিভাৰ লগতে তেওঁৰ ৰঙা লিপষ্টিক সমগ্ৰ বিশ্বতে পৰিচিত। তাৰকাসকলে কিয় ষ্টাইল ষ্টেটমেন্ট দিবলৈ ৰঙা ওঁঠ বাছি লয়? কেনেকৈ ৰঙা লিপষ্টিক হৈ পৰে আত্মবিশ্বাস আৰু মৰ্যাদাৰ প্ৰতীক?

ওঁঠৰ ৰং হিচাপে ৰঙাৰ ব্যৱহাৰ প্ৰাচীন মেছ’পটেমিয়াৰ পৰাই আৰম্ভ হৈছিল। উচ্চ শ্ৰেণী আৰু ৰাজপৰিয়ালৰ মহিলাসকলে শিলৰ গুড়ি আৰু বগা সীহৰ মিশ্ৰণেৰে ওঁঠত ৰং কৰিছিল। লিপষ্টিক বিৱৰ্তনৰ ইতিহাসত কুইন অৱ বিউটি ক্লিওপেট্ৰাৰ নামো আছে। প্ৰাচীন মিচৰত ৰাণী ক্লিওপেট্ৰাই নিজেই কাৰ্মাইন নামৰ এক প্ৰকাৰৰ পোক-পৰুৱাৰে ওঁঠ ৰঙা কৰিছিল। ইয়াৰ উপৰিও মিচৰীয়াসকলে এলজিন, আয়’ডিন আৰু ব্ৰ’মিনৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰঙা ৰং বনাই ওঁঠত ব্যৱহাৰ কৰিছিল। তেতিয়াৰ পৰাই অভিজাত আৰু ৰজাঘৰীয়া লোকৰ ব্যৱহাৰৰ বাবে ৰঙা ওঁঠ ক্ষমতা আৰু সামাজিক মৰ্যাদাৰ প্ৰতীক হৈ পৰিছে।

বিদ্ৰোহৰ প্ৰতীক হিচাপে ৰঙা লিপষ্টিক

২০ শতিকাত ৰঙা লিপষ্টিক ৰাজনৈতিক আন্দোলনত বিদ্ৰোহৰ প্ৰতীক হৈ পৰিছিল। মহিলাৰ ৰাজনৈতিক অধিকাৰ আৰু ভোটাধিকাৰ সুনিশ্চিত কৰিবলৈ সংগঠিত হোৱা ভোটাধিকাৰ আন্দোলনৰ সময়ত মহিলাসকলে সাহস আৰু প্ৰতিবাদৰ চিন স্বৰূপে ওঁঠত ৰঙা ৰং সানিছিল। আনকি সৌন্দৰ্য্য উদ্যোগী এলিজাবেথ আৰ্ডেনেও এই আন্দোলনত অংশগ্ৰহণ কৰা মহিলাসকলক ৰঙা লিপষ্টিক বিতৰণ কৰিছিল, যিটো সেই সময়ত মহিলা মুক্তিৰ প্ৰতীক হৈ পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দেশপ্ৰেম আৰু ধৈৰ্য্যৰ প্ৰতীক হিচাপে ৰঙা লিপষ্টিক ব্যৱহাৰ কৰা হৈছিল, যেতিয়া বজাৰত “বিজয় ৰঙা” নামৰ উজ্জ্বল ৰঙা ৰঙৰ এটা বেলেগ ছাঁ প্ৰৱৰ্তন কৰা হৈছিল। যুদ্ধোত্তৰ হলিউডৰ কিংবদন্তি যেনে মেৰিলিন মনৰো আৰু অড্ৰে হেপবাৰ্নে এই ৰঙা লিপষ্টিকক সৌন্দৰ্য্য আৰু ফেশ্বনৰ প্ৰতিমূৰ্তি হিচাপে গঢ়ি তুলিছিল।

আধুনিক যুগত বল্ড ৰঙা ওঁঠ আত্মবিশ্বাস আৰু গ্লেমাৰৰ প্ৰতীক। বৰ্তমানৰ তাৰকাসকলৰ ভিতৰত টেইলৰ চুইফটে ৰঙা লিপষ্টিক বাছি লৈছে। টেইলৰ চুইফট আৰু ৰঙা ওঁঠ প্ৰায় সমাৰ্থক হৈ পৰিছে। ৰঙা লিপষ্টিক কেৱল এটা সাধাৰণ প্ৰসাধন সামগ্ৰী নহয়, বৰঞ্চ নাৰীৰ শক্তি, মৰ্যাদা আৰু আত্মবিশ্বাসৰ প্ৰতীক। ৰঙা ৰঙে আচলতে এক বেলেগ তীব্ৰ আৱেগ আৰু আকৰ্ষণৰ সৃষ্টি কৰে যিটো আন কোনো ৰঙে কৰিব নোৱাৰে। ফলত ই ফেশ্বনৰ বাহিৰত হৈ দৈনন্দিন জীৱনত বিদ্ৰোহ, সাহস, আনকি প্ৰতিবাদৰ প্ৰতীক হৈ পৰিল। ৰঙা ওঁঠৰ কালজয়ী আবেদনে সেয়েহে ইয়াক আন সকলো লিপষ্টিক ৰঙৰ পৰা আঁতৰাই ৰাখিছে।

AMERICA:ইজৰাইলক অস্ত্ৰ বিক্ৰী বন্ধ কৰিব আমেৰিকাই

গাজাত সাধাৰণ নাগৰিকক সাহায্য দিয়াত বাধা দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ইজৰাইলক অস্ত্ৰ বিক্ৰী বন্ধ কৰাৰ সন্দৰ্ভত আমেৰিকাই চেনেটত ভোটদান কৰিবলৈ সাজু ।

স্বতন্ত্ৰ চিনেটৰ বাৰ্নি চেণ্ডাৰছে এই প্ৰস্তাৱ আনি এক বিবৃতিত কয়, ‘গাজাত যুদ্ধ প্ৰায় সম্পূৰ্ণৰূপে আমেৰিকাৰ কৰদাতাৰ ধন আৰু যোগান ধৰা অস্ত্ৰৰে চলি আছে। ইজৰাইলে আমেৰিকাৰ অস্ত্ৰ ব্যৱহাৰ কৰি জনবসতিপূৰ্ণ অঞ্চলত বোমা বিস্ফোৰণ কৰি শ শ সাধাৰণ নাগৰিকক হত্যা কৰিছে, যিটো অনৈতিক আৰু অবৈধ।”


ইজৰাইলৰ প্ৰতি ডেম’ক্ৰেট আৰু ৰিপাব্লিকান উভয়ৰে প্ৰবল সমৰ্থনে এই প্ৰস্তাৱসমূহ গৃহীত হোৱাৰ সম্ভাৱনা কম কৰি তুলিছে। কিন্তু বহুতে বিশ্বাস কৰে যে ইয়াৰ ফলত ইজৰাইল চৰকাৰ আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনক গাজাত অসামৰিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব পাৰে।

গাজাৰ ২৩ লাখ লোকৰ অধিকাংশই স্থানচ্যুত হৈছে। খাদ্যৰ অভাৱত সমগ্ৰ অঞ্চলটো ভয়াৱহ দুৰ্ভিক্ষৰ আশংকা। ১৩ মাহৰ ইজৰাইলী দখলত প্ৰায় ৪৪ হাজাৰ পেলেষ্টাইনী নিহত হৈছে বুলি গাজাৰ স্বাস্থ্য বিষয়াসকলে প্ৰকাশ কৰিছে।

এই প্ৰস্তাৱৰ সহযোগী পৃষ্ঠপোষকতা কৰিছিল ডেম’ক্ৰেটৰ চিনেটৰ জেফ মাৰ্কলি আৰু পিটাৰ ৱেলচে। ইয়াত ১২০ মিমি মৰ্টাৰৰ গুলী আৰু যৌথ প্ৰত্যক্ষ আক্ৰমণৰ অস্ত্ৰ-শস্ত্ৰ (জেডিএএম) বিক্ৰী নিষিদ্ধ কৰাৰ আহ্বান জনোৱা হৈছে। আনহাতে, ডেম’ক্ৰেট চিনেটৰ ব্রায়ান শ্বাটজে আন এটা প্রস্তাৱ উত্থাপন কৰিছে, য’ত টেংকৰ গোলাবাৰুদ বিক্ৰী নিষিদ্ধ কৰাৰ আহ্বান জনোৱা হৈছে।

বয়িং কোম্পানীয়ে নিৰ্মাণ কৰা জেডিএএমক প্ৰচলিত বোমাক নিখুঁতভাৱে নিৰ্দেশিত বোমালৈ ৰূপান্তৰিত কৰাৰ প্ৰযুক্তি হিচাপে ব্যৱহাৰ কৰা হয়।

২০২৩ চনৰ অক্টোবৰ মাহত হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা বাইডেন ইজৰাইলৰ তীব্ৰ সমৰ্থক হৈ পৰে। কিন্তু যোৱা মাহত বাইডেন প্ৰশাসনে ইজৰাইলক সকীয়াই দিয়ে যে যদিহে ৩০ দিনৰ ভিতৰত গাজালৈ সাহায্য প্ৰদান উন্নিত নহয় তেন্তে সামৰিক সাহায্য সীমিত হ’ব।

সময়সীমাৰ শেষত বাইডেন প্ৰশাসনে কয় যে ইজৰাইলে সকাহ প্ৰদানৰ ক্ষেত্ৰত লাহে লাহে কিন্তু সন্তোষজনক অগ্ৰগতি লাভ কৰিছে।

Assam Cabinet Decision। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে?

Assam Cabinet Decision। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্যিক কেবিনেটে?
Assam Cabinet Decision। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্যিক কেবিনেটে?

Assam Cabinet Decision। মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা এক সংবাদমেলত কেবিনেটৰ সিদ্ধান্ত সমূহ ৰাজহুৱা কৰে।

কেবিনেটত ৰাজ্যত অনুষ্ঠিত হবলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যত নতুন ভোটাৰ তালিকা চলিত বৰ্ষৰে ৩০ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। যদিহে ৩০ ডিচেম্বৰত তালিকা প্রকাশ পায়, তেন্তে ১০ ফেব্রুৱাৰীৰ পূৰ্বে নিৰ্বাচনৰ অন্ত পৰিব।জানুৱাৰী মাহৰ প্রথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ কথাও ৰাজহুৱা কৰে মুখ্যমন্ত্ৰীয়ে।


ইফালে ২০২৫ৰ ২৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আছাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্রাষ্ট্রাকচাৰ ছামিটত অংশ লোৱাৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। কেবিনেট বৈঠকত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।কৰিমগঞ্জ জিলাৰ নাম নতুনকৈ নামাকৰণ কৰা হৈছে আজিৰ কেবিনেটত। কৰিমগঞ্জ জিলাৰ নতুন নাম হৈছে- শ্ৰীভূমি। মুখ্যমন্ত্ৰীয়ে কয়, ১০০ বছৰ পূৰ্বে ‘কবিগুৰু’ ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ (Karimganj) জিলাক ‘শ্ৰীভূমি’ বুলি বৰ্ণনা কৰিছিল। অৰ্থাৎ মা লক্ষ্মীৰ ভূমি।

Guwahati । গোটানগৰ ৰাস মহোৎসৱৰ সামৰণি ; অংকীয়া ভাওনা মঞ্চস্থ কেলিগোপাল নাট

Guwahati । গোটানগৰ ৰাস মহোৎসৱৰ সামৰণি ; অংকীয়া ভাওনা মঞ্চস্থ কেলিগোপাল নাট
Guwahati । গোটানগৰ ৰাস মহোৎসৱৰ সামৰণি ; অংকীয়া ভাওনা মঞ্চস্থ কেলিগোপাল নাট

মালিগাঁও, ১৯ নৱেম্বৰ : Guwahati । গুৱাহাটীৰ মালিগাঁও ৰেলনগৰী হিচাপে পৰিচিত ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰ প্ৰাংগনত ১৫ নবেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ৰাস মহোৎসৱৰ আজি নিশা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰে ।

১৭ নৱেম্বৰত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৰাস মহোৎসৱথলীত উপস্থিত হৈ ৰাস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা দাঙি ধৰে

আনহাতে ৰাস মহোৎসৱৰ আজি সামৰণিৰ দিনা নিশালৈ জনসমুদ্ৰত পৰিণত হৈছে ৰাসথলী । হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম আৰু বহু বিশিষ্ট লোকৰ আগমণে স্বাভাবিকতে উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে মহোৎসৱথলীত। ১৭ নৱেম্বৰত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৰাস মহোৎসৱথলীত উপস্থিত হৈ ৰাস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা দাঙি ধৰি কয় ৰাসৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণই আত্মাৰ লগত পৰমাত্মাৰ মিলন তথা সংযোগ ঘটাবলৈ সক্ষম হৈছে।

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতাই কেলিগোপাল নাটখন দৰ্শক হিচাপে উপভোগ কৰে

আনহাতে ১৮ নৱেম্বৰৰ দিনা নিশা ৰাসথলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাত কেলিগোপাল নামৰ নাটখন মঞ্চস্থ কৰা হয়। আনকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ কুইন ওজা, অসম খনি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা ৰাস মহোৎসৱ উদযাপন কমিটিৰ মুখ্য সম্পাদক অশোক কুমাৰ ভৰালী, সাংস্কৃতিক কৰ্মী, পৰিচালক বিপুল ভৰালীকে ধৰি বহু বিশিষ্ট লোক আৰু প্ৰায় দুই হাজাৰৰো অধিক লোকে কেলিগোপাল নাটখন দৰ্শক হিচাপে উপভোগ কৰে।

আনহাতে আজি সামৰণিৰ দিনা সন্ধিয়া ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা সমূহ বিতৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বঁটা সমূহ বিতৰণ কৰে ৰাস মহোৎসৱ উদযাপন কমিটিৰ সভাপতি বলেন ঠাকুৰীয়া, কাৰ্যকৰী সভাপতি হেমন্ত কুমাৰ দাস, মূখ্য সম্পাদক অশোক কুমাৰ ভৰালী, সম্পাদকত্ৰয় দ্বিজেন দাস, যুগল ভৰালী আৰু পংকজজ্যোতি দাসকে ধৰি কেবাজনো কৰ্মকৰ্তাই। আনহাতে নিশা অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত কংকণা ভাগৱতী , ৰাজীৱ ৰৌছনকে ধৰি কেবাজনো ন – পুৰণি শিল্পীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত তিনি হাজাৰ লোকক আপ্লুত কৰে।

SPORTS: ৰোহিত-গিলৰ অবিহনে খেলপথাৰত নামিব ভাৰতীয় দল !

২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সীমান্ত গাভাস্কাৰ ট্ৰফী ২০২৪-২৫। পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ। এই মেচখনৰ বাবে ব্যস্ত হৈ পৰিছে টিম ইণ্ডিয়া।
আনহাতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমখন টেষ্ট মেচ খেলিব নোৱাৰিব কাৰণ শেহতীয়াকৈ তেওঁ দ্বিতীয়টো সন্তানৰ পিতৃ হৈ পৰিছে। এনে পৰিস্থিতিত তেওঁ পৰিয়ালৰ সৈতে সময় কটাবই আছে।

অধিনায়ক হ’ব পাৰে জস্প্ৰিত বুমৰাহ


ৰোহিত শৰ্মাৰ অনুপস্থিতিত বেগী বলাৰ যশপ্ৰীত বুমৰাহক ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব দিব পাৰে । আনহাতে, অনুশীলনৰ সময়ত ভাৰতৰ মিডল অৰ্ডাৰ বেটছমেন শুভ্মান গিলো আঘাতপ্ৰাপ্ত হয়।

এনে পৰিস্থিতিত গিল হয়তো প্ৰাৰম্ভিক কেইখনমান মেচৰ বাহিৰত থাকিব পাৰে। ভাৰতীয় দলটোৱে প্ৰথম টেষ্টত ৰোহিত শৰ্মা আৰু শুবমান গিলৰ অবিহনেই খেলিব।

পণ্টে ৬ নম্বৰত খেলিব পাৰে


উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে ৬ নম্বৰত খেলপথাৰত নামিব পাৰে।
প্ৰথম টেষ্টত অভিষেক ঘটোৱাৰ সুযোগ পাব পাৰে নীতিশ ৰেড্ডীয়ে।
ভাৰতীয় দ্ৰুত বলিঙৰ কমাণ্ড হ’ব যশপ্ৰীত বুমৰাহ।
দলটোৰ আন ২ গৰাকী বেগী বলাৰ হ’ব পাৰে মহম্মদ চিৰাজ আৰু প্ৰসিধ কৃষ্ণ।
ইয়াৰ উপৰিও ভাৰতীয় দলটোৱে স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক সুযোগ দিব পাৰে।

Rahul Gandhi: ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কিয়,কি বুলি কটাক্ষ কৰিলে

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে থানেত বিজেপি নেতা বিনোদ টাউডেৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত টাউডে টকা বিতৰণ কৰা দেখা গৈছে। এই সন্দৰ্ভত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰে। এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘটনা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি প্ৰশ্ন কৰিছে যে এই ধন কাৰ পৰা আহিছে।

কি ক’লে ৰাহুল গান্ধীয়ে?


ৰাহুল গান্ধীয়ে X ত পোষ্ট কৰি কয় যে মোডীজী, কাৰ পৰা আহিল এই ৫ কোটি টকা? ৰাজহুৱা ধন লুট কৰি কোনে আপোনাক টেম্পোত পঠিয়াইছিল? ইয়াৰ পূর্বেও বিভিএৰ কর্মীসকলে থানেত বিজেপি নেতা তাৱদে ভোটাৰক ধন বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ টাউডেৰ বাবে এখন হোটেলত হুলস্থুলৰ সৃষ্টি হৈছিল। বিভিএৰ কৰ্মীসকলেও শ্লোগান দি টাউডেক নগদ ৫ কোটি টকা বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। হোটেলখনত হোৱা হুলস্থুলৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।

ধন বিতৰণৰ অভিযোগ বিজেপিৰ


পালঘৰৰ নলাসোপাৰা বিধান সভা সমষ্টিত অৱস্থিত এই হোটেলখন। বহুজন বিকাশ আঘাদীৰ বিধায়ক ক্ষীতিজ ঠাকুৰ আৰু তেওঁৰ কৰ্মীসকলে বিজেপিক ধন বিতৰণৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ নাকচ কৰি বিনোদ তাৱদে কয় যে নলাসোপাৰা বিধায়কৰ এখন বৈঠক চলি আছে। মই তেওঁলোকক ভোটদানৰ দিনটোৰ আৰ্হি আচৰণ বিধি, ভোটিং মেচিনবোৰ কেনেকৈ ছীল কৰা হ’ব আৰু আপত্তি থাকিলে কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়ে বুজাবলৈ গ’লোঁ৷

নিৰ্বাচন আয়োগৰ পৰা তদন্তৰ দাবী


তেওঁ কয় যে বিভিএৰ নেতা আপ্পা ঠাকুৰ আৰু ক্ষিতিজে আমি ধন বিতৰণ কৰা যেন অনুভৱ কৰিছিল। বিজেপি নেতাজনে কয় যে নিৰ্বাচন আয়োগ আৰু আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি চিচিটিভিৰ ফুটেজ লওক। ৪০ বছৰ ধৰি পাৰ্টিত আছো। আপ্পা ঠাকুৰ আৰু ক্ষিতিজে মোক চিনি পায়। গোটেই দলটোৱে মোক চিনি পায়। তথাপিও মই বিশ্বাস কৰোঁ যে নিৰ্বাচন আয়োগে নিৰপেক্ষ তদন্ত কৰিব।

বিজেপিৰ হিট বেকঃ বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে বিৰোধী দল মহা বিকাশ আঘাদীক আক্ৰমণ কৰি কয় যে এই ভিত্তিহীন অভিযোগ মহাৰাষ্ট্ৰত এমভিএৰ শেষ প্ৰয়াস হিচাপে উত্থাপন হৈছে। বিনোদ তাৱদে আমাৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু দলৰ বহু কাম-কাজ চোৱাচিতা কৰি আছে। (নলাশোপাৰা) সমষ্টিৰ প্ৰাৰ্থীয়ে তেওঁক সভাত উপস্থিত থাকিবলৈ কয়। সি পাৰ হৈ গৈ আছিল, গতিকে সি মান্তি হ’ল। ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে দলীয় কৰ্মীসকলক জ্ঞান দিবলৈ এনে সভা অনুষ্ঠিত কৰা হয়। হোটেলখনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈ আমি অনুৰোধ জনাইছো। ৫ কোটি টকা পকেটত ভৰাই ল’ব নোৱাৰি। যদি কোনোবাই কঢ়িয়াই লৈ ফুৰিছিল তেন্তে সেয়া দেখা যাব। তেওঁলোকে প্ৰমাণ দেখুৱাব লাগে আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰিব নালাগে।

MODI: প্ৰধানমন্ত্ৰী মোডী-মেলোনীৰ বৈঠকত প্ৰস্তুত কৰা পাঁচ বছৰীয়া ৰোডমেপ, অৰ্থনীতিয়ে পাব বুষ্টাৰ ড’জ

জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে সোমবাৰে ব্ৰাজিলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াত প্ৰধানমন্ত্ৰী মোডী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ মাজত এক বৈঠক হয়। এই বৈঠকত ভাৰত আৰু ইটালীৰ মাজত আগন্তুক পাঁচ বছৰৰ বাবে এক কৰ্ম পৰিকল্পনা ৰচনা কৰা হয়। এই পৰিকল্পনাত প্ৰতিৰক্ষা, বাণিজ্য, স্বচ্ছ শক্তি আৰু সংযোগকে ধৰি কেইবাটাও নিৰ্দিষ্ট পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰা হয়।
ভাৰত-ইটালী কাৰ্য্য পৰিকল্পনা ২০২৫-২৯ত অৰ্থনৈতিক সহযোগিতা, বিনিয়োগ, শক্তি, প্ৰযুক্তি, মহাকাশ পৰিকল্পনা, প্ৰতিৰক্ষা, নিৰাপত্তা, প্ৰব্ৰজন, সংযোগ আৰু গতিশীলতা আদি সামৰি লোৱা হৈছে।


বিশ্বব্যাপী মঞ্চত একেলগে কাম কৰাৰ সংকল্প
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, সোমবাৰে সন্ধিয়া জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত অনুষ্ঠিত হোৱা আলোচনাত মোডী আৰু মেল’নীয়ে গণতন্ত্ৰ, শাসনৰ ভাগ-বতৰা কৰা মূল্যবোধক ৰক্ষা কৰিবলৈ বহুপক্ষীয় আৰু বিশ্বব্যাপী মঞ্চত একেলগে কাম কৰিবলৈ সন্মত হয় আইন আৰু বহনক্ষম উন্নয়নৰ এটা সংকল্প গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ‘আমাৰ কথা-বতৰা প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সম্পৰ্ক গভীৰ কৰাৰ ওপৰত কেন্দ্ৰিত আছিল। সংস্কৃতি, শিক্ষা আৰু এনেধৰণৰ অন্যান্য ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ কথাও আমি কথা পাতিলোঁ। ভাৰত-ইটালীৰ বন্ধুত্বই উন্নত নিৰ্মাণত বহুখিনি অৰিহণা যোগাব পাৰে।
বিগত দুবছৰৰ ভিতৰত এইখন আছিল পঞ্চমখন বৈঠক। ইটালীৰ পুগ্লিয়াত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত জুন মাহত মোডী আৰু মেলনীৰ অন্তিমবাৰৰ বাবে সাক্ষাৎ হৈছিল।


ভাৰত-ইটালী কাৰ্য্য পৰিকল্পনা ২০২৫-২৯ৰ ঘোষণা


তেওঁলোকৰ আলোচনাৰ অন্তত এম ই এয়ে কয় যে দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰি ২০২৫-২৯ চনৰ যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা ঘোষণা কৰে। য’ত তেওঁৰ আগন্তুক পাঁচ বছৰৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰা হৈছে।


প্ৰতিৰক্ষা আৰু নিৰাপত্তাকে ধৰি বহু বিষয়ত একমতত উপনীত হয়


যৌথ কাৰ্য্য পৰিকল্পনাৰ অধীনত দুয়োখন দেশে বাণিজ্য, বিনিয়োগ, বিজ্ঞান, প্ৰযুক্তি, স্বচ্ছ শক্তি, মহাকাশ, প্ৰতিৰক্ষা আৰু সংযোগ আৰু অন্যান্য বিষয়ত সহমতত উপনীত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ভাৰত আৰু ইটালীয়ে কেইবাটাও ক্ষেত্ৰত নিয়মীয়াকৈ মন্ত্ৰী আৰু চৰকাৰী আলোচনাত মিলিত হ’ব।


দুয়োখন দেশৰ অৰ্থনীতি আৰু জনসাধাৰণে লাভৱান হ’ব


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে মোডী আৰু মেলনীয়ে গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স আৰু ইণ্ডিয়া-মিডল ইষ্ট-ইউৰোপ ইকনমিক কৰিডৰকে ধৰি বহুপক্ষীয় কৌশলগত পদক্ষেপ ৰূপায়ণৰ বাবেও একেলগে কাম কৰি যাবলৈ সন্মত হৈছে। এই আঁচনিসমূহে দুয়োখন দেশৰ অৰ্থনীতি আৰু জনসাধাৰণক উপকৃত কৰিব।

Ukraine:আজি ইউক্ৰেইনৰ যুদ্ধৰ ১০০০ দিন সম্পূৰ্ণ হ’ল

আজি মঙলবাৰে (১৯ নৱেম্বৰ) ইউক্ৰেইনৰ যুদ্ধৰ ১০০০ দিন সম্পূৰ্ণ হ’ল। ১০০০ দিনৰ পাছতো বিভিন্ন ফ্ৰণ্টত যুঁজ চলি আছে। কিয়েভত এতিয়াও মাজে মাজে ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলি আছে। এনে পৰিস্থিতিত জানুৱাৰী মাহত পুনৰ আমেৰিকাত ৰাষ্ট্ৰপতি হ’বলৈ উলাইছে ড’নাল্ড ট্ৰাম্প।

ইফালে, ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পূৰ্বে জো বাইডেনে ৰাছিয়াত ৰকেট আক্ৰমণৰ অনুমতি দিছিল ইউক্ৰেইনক। ৰাছিয়াইও এনে যিকোনো আক্ৰমণৰ বাবে সাজু বুলি প্ৰতি ভাবুকি দিছিল । অৱশ্যে ট্ৰাম্পে হোয়াইট হাউছলৈ আহি এই নীতি সলনি কৰাৰো সম্ভাৱনা আছে।

বিশেষজ্ঞসকলে কয় যে কেৱল এই পদক্ষেপে ৩৩ মাহজোৰা যুদ্ধৰ স্বৰূপ সলনি কৰাৰ সম্ভাৱনা নাই।

ইতিমধ্যে এই যুদ্ধৰ ফলত হাজাৰ হাজাৰ ইউক্ৰেইনীয় লোকে প্ৰাণ হেৰুৱাইছে। লাখ লাখ লোকে বিদেশত আশ্ৰয় লৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ডাঙৰ সংঘাত এয়া। ফলত সামৰিক ক্ষতিৰ পৰিসৰ গোপন কৰি ৰখা হৈছে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পশ্চিমীয়া দেশসমূহে যি হিচাপ কৰে, তাত এখন দেশ আৰু আন এখন দেশৰ হিচাপৰ মাজত বহু পাৰ্থক্য দেখা যায়। অৱশ্যে দুয়োপক্ষই যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। বহু লোক আহতও হৈছে।

ইউক্ৰেইনৰ প্ৰতিটো অঞ্চলৰ প্ৰায় প্ৰতিটো পৰিয়ালেই যুদ্ধৰ পিছৰে পৰা শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। ডাঙৰ চহৰৰসমূহৰ পৰা দূৰৈৰ গাঁওলৈকে ৰাতি বাৰে বাৰে চাইৰেন বাজি আছে।

মানুহে নিৰাপদ আশ্ৰয় বিচাৰি নিদ্ৰাহীনভাবে ৰাতি কটাইছে। অৱশ্যে ট্ৰাম্প জয়ী হোৱাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে এই যুদ্ধৰ বিষয়ে তেওঁ কি সিদ্ধান্ত ল’ব সেয়া সময়তহে দেখা যাব?

ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত কোনো ধৰণৰ আলোচনা হোৱা নাই। সম্ভাৱ্য আলোচনাৰ পূৰ্বে দুয়োখন দেশে শক্তি বৃদ্ধি কৰিব বিচাৰিব পাৰে।

ইৰাণৰ পৰা ৰাছিয়াই লাভ কৰিছিল ড্ৰ’ন। প্ৰায় ১১ হাজাৰ উত্তৰ কোৰিয়াৰ সৈন্যইও কুৰ্স্কত যুদ্ধ কৰিছে। কিয়েভৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে উত্তৰ কোৰিয়াৰ এক লাখ সৈন্য প্ৰেৰণৰ ক্ষমতা আছে।