Home Blog Page 458

Trump:ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱা আগতেই ইলন মাস্কৰ খং কিয় উঠিল

ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পূৰ্বেও উদ্যোগপতি ইলন মাস্কৰ খং উঠিছে কিয় ! আচলতে এই ক্ষোভৰ সৃষ্টি হৈছে এই নিৰ্বাচনত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ পুৰণি ঘনিষ্ঠ সহযোগীসকলৰ ক্ষমতা বৃদ্ধি পোৱাৰ পিছত।
৫ নৱেম্বৰত ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছত ইলন মাস্কে বিশ্বৰ আটাইতকৈ শক্তিশালী অনিৰ্বাচিত ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি, কেবিনেট নিযুক্তিক লৈ ইলন মাস্ক আৰু ট্ৰাম্পৰ দীৰ্ঘদিনীয়া উপদেষ্টা বৰিছ এপষ্টেইনৰ মাজত বিবাদৰ সৃষ্টি হৈছে।

এক্সিয়াছৰ প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহৰ বুধবাৰে মাৰ-এ-লাগোৰ এটা ক্লাবত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত এই বিবাদ পোহৰলৈ আহিছিল। সূত্ৰ অনুসৰি ইলন মাস্কে বৰিছ এপষ্টেইনে নিৰ্বাচিত কৰা কেবিনেট প্ৰাৰ্থীসকলক প্ৰশ্ন কৰে। এই কথাত বৰিছৰ খং উঠে। ইলন মাস্কেও বৰিছ এপষ্টেইনক ট্ৰাম্পৰ ব্যক্তিগত সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত ফাদিল কৰাৰ অভিযোগ উত্থাপন কৰে।

মাস্কে অভিযোগ কৰে যে ন্যায় বিভাগৰ নিযুক্তি আৰু হোৱাইট হাউছৰ অধিবক্তা নিৰ্বাচনত এপষ্টেইনৰ ভূমিকা অধিক আছিল। ইয়াৰ পিছত ইলন মাস্কে নিজৰ পছন্দৰ মানুহক মন্ত্ৰীসভাত স্থান দিয়াৰ ওপৰত জোৰ দিছিল। সূত্ৰৰ ভিত্তিত এক্সিঅ’ছে এই বিবাদ বহু পৰিমাণে বৃদ্ধি পোৱা বুলি ৰিপ’ৰ্ট কৰিছিল।

এপষ্টেইনৰ পৰামৰ্শ অনুসৰি মেট গেটজক এটৰ্নী জেনেৰেল আৰু উইলিয়াম মেকগিনলিক হোৱাইট হাউছৰ অধিবক্তাৰ পদত নিযুক্তি দিয়া হৈছে। ট্ৰাম্পৰ অধিবক্তা টড ব্লাঞ্চ আৰু এমিল ব’ভকো ন্যায় বিভাগৰ শীৰ্ষ পদত নিযুক্তি দিয়া হৈছে। এই নিযুক্তিসমূহক লৈ বিচলিত হৈছে মাস্ক। কওঁ যে অপৰাধমূলক গোচৰত ড’নাল্ড ট্ৰাম্পক বচাবলৈ এপষ্টেইনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত এপষ্টেইনে কেবিনেট নিযুক্তিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

শেহতীয়াকৈ ইলন মাস্কে ড’নাল্ড ট্ৰাম্পৰ সৈতে ইউক্ৰেইন আৰু তুৰস্কৰ ৰাষ্ট্ৰপতিৰ সৈতে ফোনত বাৰ্তালাপ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আমেৰিকাত ইৰাণৰ ৰাষ্ট্ৰদূতৰ সৈতেও গোপন বৈঠকত মিলিত হৈছে। মন্ত্ৰীসভাৰ নিযুক্তি আৰু গুৰুত্বপূৰ্ণ বৈঠকত মাস্কৰ ক্ৰমবৰ্ধমান ভূমিকাক লৈ আতংকিত হৈ পৰিছে ট্ৰাম্পৰ পুৰণি মিত্ৰসকল। তেওঁ নিজকে অসুৰক্ষিত অনুভৱ কৰিছে। ইলন মাস্কৰ ক্ৰমবৰ্ধমান ক্ষমতাই ড’নাল্ড ট্ৰাম্পৰ পুৰণি সহযোগীসকলৰ মাজত মতানৈক্যৰ সৃষ্টি কৰিছে। কিছুমান মানুহৰ মতে ইলন মাস্কে নিজৰ সীমা অতিক্ৰম কৰিছে।

Pakistan:পাকিস্তানত পৃথক পৃথক আক্ৰমণত ৮ জন জোৱান নিহত, ৭ জন আৰক্ষী অপহৰণ

পাকিস্তানৰ বিভিন্ন প্ৰান্তত পৃথক পৃথক আক্ৰমণত ৮ জন জোৱান নিহত হোৱাৰ লগতে ৭ জন আৰক্ষীক অপহৰণ কৰা হয়। মঙলবাৰে (১৯ নৱেম্বৰ) এই তথ্য নিশ্চিত কৰে দেশৰ আৰক্ষী আৰু চোৰাংচোৱা বিষয়াই।

নাম প্ৰকাশ নকৰাকৈ এজন চোৰাংচোৱা বিষয়াই জনোৱা মতে, স্থানীয় সময় অনুসৰি সোমবাৰে (১৮ নৱেম্বৰ) খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ তিৰাহ অঞ্চলত সংঘটিত হোৱা এক এনকাউণ্টাৰত ৮ জন জোৱান আৰু ৯ জন সন্ত্ৰাসবাদী নিহত হয়।

এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পাকিস্তানৰ তালিবানে। একেখন প্ৰদেশতে এক সুকীয়া আক্ৰমণত ৭ জন আৰক্ষীক চেক প’ষ্টৰ পৰা অপহৰণ কৰা হয়। নাম প্ৰকাশ নকৰাকৈ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে আক্ৰমণকাৰীয়ে আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লৈ ​​যায়।

মহম্মদ জিয়া উদ্দিন নামৰ আন এজন আৰক্ষী বিষয়াইও এই অপহৰণ নিশ্চিত কৰিছে।

শেহতীয়াকৈ আফগানিস্তানৰ সীমান্তৱৰ্তী পাকিস্তানৰ বিভিন্ন অঞ্চলত তালিবানৰ আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে ২৫ অক্টোবৰত পাকিস্তানী তালিবানে ১০ জন আৰক্ষীক হত্যা কৰিছিল। ইয়াৰ উপৰিও যোৱা শনিবাৰে দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানত বিচ্ছিন্নতাবাদীৰ আক্ৰমণত ৭ জন জোৱানৰ প্ৰাণহানি হয়।

ইয়াৰ এসপ্তাহ পূৰ্বে প্ৰাদেশিক ৰাজধানী বেলুচিস্তানৰ ৰে’ল ষ্টেচনত একেটা গোটৰ বোমা আক্ৰমণত ১৪ জন জোৱানসহ ২৬ জন লোক নিহত হৈছিল।

বিশেষজ্ঞসকলৰ মতে সীমান্ত অঞ্চলত তালিবান আৰু বিচ্ছিন্নতাবাদীৰ হিংসাত্মক কাৰ্যকলাপ পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

skine:শীতকালত ছালখন সুন্দৰ কৰি ৰাখিবলৈ কি কৰিব লাগে

skine । শীত আহিলে ছালৰ সৌন্দৰ্য্য কমে। শীতকালত কঠোৰ আৰু ঠাণ্ডা বতাহে আমাৰ ছালৰ আৰ্দ্ৰতা, প্ৰাকৃতিক তেল শোষণ কৰে। ছালখন শুকান হৈ পৰে। আইনাৰ সন্মুখত থিয় হ’লে হাত ভৰি, মুখ আৰু ডিঙিৰ ছালখন নিৰ্জীৱ যেন লাগে।

বহুতে এই কথাত হতাশ হৈ পৰে। বহুতে ভাবে যে শীতকাল শেষ হ’লেহে সমস্যাটো কমিব। ঠাণ্ডাত আৰ্দ্ৰতাৰ অভাৱত বহু সমস্যা অধিক ভয়াৱহ হৈ পৰে। এইবোৰৰ পৰা মুক্তি পাবলৈ সঠিক যত্ন আৰু ছালৰ ধৰণৰ বাবে ক্ৰীম বা মইশ্ব’ৰাইজাৰৰ প্ৰয়োজন হয়। যিয়ে ছালখনক হাইড্ৰেটেড আৰু গ্ল’য়িং কৰি ৰখাত সহায় কৰিব।

‘ .
শীতকালত ছালখন সুন্দৰ কৰক

ছাল শুকান হ’লে কেতিয়াবা ছালৰ ৰোগ হ’ব পাৰে। প্ৰতিদিনে গা ধোৱাৰ পিছত আৰু ৰাতিপুৱা ভাল মানৰ মইশ্ব’ৰাইজাৰ লগাব লাগে। কিন্তু শৰীৰৰ ওপৰতহে বডি মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰাটো ভাল। মুখৰ বাবে সুকীয়াকৈ ফেচ মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। কাৰণ মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংশৰ ছাল একে নহয়। শীতকালত ছালখন কোমল কৰি ৰাখিবলৈ তেল বা পানী ভিত্তিক মইশ্ব’ৰাইজাৰে ভাল কাম কৰে।
বহুতে শীতকালত গা ধুবলৈ কুণ্ঠাবোধ কৰে। এই অভ্যাস ছালৰ বাবে ক্ষতিকাৰক। বৰঞ্চ নিয়মীয়াকৈ গা ধোৱাৰ ফলত ছালখন আৰ্দ্ৰ হৈ থাকে। গা ধোৱাৰ সময়ত পানীত আৱশ্যকীয় তেল মিহলাই ল’ব পাৰে। ইয়াৰ ফলত ছালত মইশ্ব’ৰাইজাৰৰ তৰপ এটা সৃষ্টি হয়। শীতকালত ছালত ৰ’দ লগালে ভাল যদিও নিয়মিতভাৱে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। অন্যথা ছালখন ক’লা হৈ পৰিব পাৰে। আনকি আন সমস্যাৰো সৃষ্টি হ’ব পাৰে। বাহিৰলৈ ওলোৱাৰ আধা ঘণ্টা আগতে নিশ্চয়কৈ ছানস্ক্ৰীণ লগাব লাগে। ভৰি ৰুক্ষ বা ফাটি গ’লে ৰাতি ভাল মইশ্ব’ৰাইজাৰ লগাব লাগে আৰু মোজা পিন্ধি শুৱ লাগে। বহুত কমি যাব।

শীতকালত দৈনিক ছালৰ যত্ন ল’ব লাগে। আৰ্দ্ৰতা ধৰি ৰাখিবলৈ নিয়মিতভাৱে ছালত লোচন আৰু মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব লাগে। শীতকালতো ওঁঠৰ বিশেষ যত্নৰ প্ৰয়োজন হয়। শীতকালত ওঁঠ দুটা অধিক সুক্ষ্ম হয়। বহুবাৰ ওঁঠ শুকান হৈ ফাটি যায়। গতিকে প্ৰতিদিনে নিয়মিতভাৱে লিপ বাম লগাব লাগে। শুই উঠাৰ আগতেও লগাব লাগে। ইয়াৰ উপৰিও ওঁঠৰ মৰা ছাল আঁতৰাবলৈ সপ্তাহত ২-৩ বাৰ ওঁঠত ধুই লোৱাটোও জৰুৰী। ইয়াৰ বাবে চেনি, মৌ, নেমুৰ ৰস মিহলাই ওঁঠত ঘঁহিব পাৰি।

শীতকালত ছালৰ যত্ন লোৱাটো অধিক উপকাৰী। শীতকালত শুকান বতাহে ধূলিৰ পৰিমাণ বৃদ্ধি কৰে। এই সময়ত বাহিৰৰ পৰা উভতি আহি মুখখন পৰিষ্কাৰ কৰক। গাখীৰত কপাহ ডুবাই গোটেই মুখখন মচিব। এই কামটো দুবাৰৰ পৰা তিনিবাৰ কৰক। শুকুৱাৰ পিছত মুখখন ভালদৰে ধুই মইশ্ব’ৰাইজাৰ লগাব। গাখীৰত থকা লেক্টিক এচিড মূলতঃ এক প্ৰকাৰৰ আলফা-হাইড্ৰক্সি এচিড, যিয়ে ছালৰ ভিতৰৰ পৰা মলি পৰিষ্কাৰ কৰাত সহায় কৰে।

ছালত মইশ্ব’ৰাইজাৰ বা লোচন ব্যৱহাৰ কৰাৰ পিছত এক্সফ’লিয়েচন অতি প্ৰয়োজনীয়। ই মৃত কোষৰ স্তৰটো আঁতৰাই ভিতৰৰ কোমল, স্পন্দনশীল ছালখন উন্মোচন কৰে। এইবোৰৰ লগতে নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

খাদ্যৰ লগতে বিভিন্ন ফল-মূল, তৰল বা পানীযুক্ত খাদ্য ৰাখিব লাগে। ভিটামিন-ই আৰু ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য যেনে বাদাম, তেল বা চৰ্বিযুক্ত মাছ, গুটি আদিয়ে ছালৰ ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰিব। শীতকালতো ছাল উজ্জ্বল হৈ উঠিব।

Pushpa 2 : ‘পুষ্পা ২’ত এখন নতুন মুখৰ আভাস! কোন এই অভিনেতা জন? অপেক্ষা ৫ ডিচেম্বৰলৈ

Pushpa 2
Pushpa 2

দেওবাৰে মুক্তি পালে ‘পুষ্পা ২’ৰ ফাৰ্ষ্ট লুক। দৰ্শকৰ মাজত ‘পুষ্পা ২’ক লৈ সৃষ্টি হৈছে ৰহস্য। ছবিখনৰ আভাস দেখিয়ে অনুমান কৰা হৈছে যে এই ছবিখনে বক্স অফিচত ধুমুহাৰ দৰে বিয়পিব। কিন্তু আন এজন অভিনেতাই প্ৰথম দৃষ্টি আকৰ্ষণ কৰিলে ‘পুষ্পা ২’ত। কোন এই অভিনেতাজন? অভিনেতাজনক লৈ চলিছে চৰ্চা।(Pushpa 2)

খবৰ অনুসৰি সেই অভিনেতা অভিনেতা ছৈফ আলী খানৰ ‘পুত্ৰ’। ১৯৯১ চনৰ ৭ জুনত কৰ্ণাটকৰ বাংগালুৰুত জন্মগ্ৰহণ কৰিছিল এই অভিনেতাগৰাকীয়ে। তেওঁৰ নাম হৈছে তৰাক। পৰিয়ালৰ কোনো এজনো অভিনয়ৰ সৈতে জড়িত নাছিল। অৱশ্যে সৰুৰে পৰা অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। আল্লুৰ সৈতে ‘পুষ্পা ২’ ছবিত অভিনয় কৰি তেওঁ নিজৰ কেৰিয়াৰৰ এক নতুন মাইলৰ খুঁটি গঢ়িবলৈ ওলাইছে। ২০২০ চনত তৰাকে ৰাধিকা ননৈয়া নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেওঁ। ৰাধিকা চলচ্চিত্ৰ জগতৰ লগত জড়িত নহয়। (Actor Tarak)

ছ’চিয়েল মিডিয়াত কম সময়ৰ ভিতৰতে নিজৰ নাম উজলাই তুলিছে তাৰকাগৰাকীয়ে। ইতিমধ্যে তেওঁৰ ইনষ্টাগ্ৰাম পেজত ফ’ল’ৱাৰৰ সংখ্যাই ১৮ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

Healthy Meal: বিভিন্ন সংক্ৰমণ ৰোগৰ পৰা বচাবলৈ বয়োবৃদ্ধৰ খাদ্যত কি কি ৰাখিব

Healthy Meal
Healthy Meal

শীতকালত বহু বেমাৰে মানুহক আক্ৰমণ কৰে, সেইবাবে ঘৰত বয়োবৃদ্ধক ভাল খাদ্য খুৱাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।(Healthy Meal) এই বতৰত জ্বৰ, চৰ্দি, এলাৰ্জীৰ সমস্যা বাঢ়ি যায়। গতিকে খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।

শীতকালত ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি অলপ বেছি গুৰুত্ব দিয়া উচিত। বয়োবৃদ্ধসকলে নিয়ম মানি চলা আৰু খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।

জ্যেষ্ঠসকলৰ খাদ্যত উপযুক্ত পৰিমাণৰ প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু স্বাস্থ্যকৰ চৰ্বি থাকিব লাগে। ৰাতিপুৱা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত ব্ৰেকফাষ্ট খাব লাগে। ব্ৰেকফাষ্ট গাখীৰ-কৰ্ণফ্লেক বা ডালিয়া খিচিৰিৰ বা শাক-পাচলিৰ সৈতে ওটছ হ’ব পাৰে। গাখীৰ হজম নহ’লে হাতেৰে বনোৱা গৰম ৰুটি দুখন আৰু এবাটি দাইল খাব লাগে। লগতে বতৰৰ ফল খাব পাৰে। চোবাই খাবলৈ অসুবিধা হ’লে ফলৰ ৰস খাব পাৰে।(healthy diet for older people)

আনহাতে নেমুৰ ৰস, ধনীয়া পাত, পাচলি খাব পাৰে শীতকালত। যিমান কম তেল খাব সিমানেই ভাল। কেঁচা নিমখ একেবাৰে নাখাব। ৰন্ধা-বঢ়াত চেনিৰ পৰিমাণ কমাই দিব। প্ৰটিনৰ বাবে কণী, পনিৰ বা মাংস, বিভিন্ন বাদাম, স্বাস্থ্যকৰ চৰ্বিৰ বাবে শুকান ফল খাদ্যত ৰাখিব লাগে। খোৱাৰ পিছত টেঙা দৈ খাব পাৰে।

প্ৰাপ্তবয়স্কক দিনটোত যিকোনো দুবিধ প্ৰটিন দিব লাগে। যদি কণী খাই হজম নহয় তেন্তে কণীৰ বগা অংশহে দিব। পাচনতন্ত্ৰৰ সমস্যা হ’লে মাংসতকৈ মাছ খোৱাই ভাল। সেউজীয়া শাক-পাচলি বেছিকৈ খাব। বয়সৰ লগে লগে তেজত হিম’গ্লবিনৰ মাত্ৰা কমি যায়। গতিকে আইৰণ সমৃদ্ধ খাদ্য খাওক। দিনটোত এটা বা দুটা খেজুৰ খাব।

Artificial Rain in Delhi: এজাক বৰষুণৰ প্ৰয়োজন দিল্লীত, বৰষুণ বিচাৰি লিখিলে চিঠি

Artificial Rain in Delhi
Artificial Rain in Delhi

প্ৰদূষণৰ পৰা বাচিবলৈ এজাক বৰষুণৰ অপেক্ষাত দিল্লীবাসী। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বহু অঞ্চলত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৫০০ পৰ্যন্ত হৈছে। সেইবাবে মানুহে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। দিল্লীত কৃত্ৰিম বৰষুণ বিচাৰি কেন্দলৈ চিঠি লিখিলে।(Artificial Rain in Delhi)

দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰীলৈ কৃত্ৰিম বৰষুণৰ বাবে এখন পত্ৰ লিখিছে। গোপাল ৰায়ে কয় যে দিল্লীত যান-বাহনৰ ওপৰত ধাৰাবাহিকভাৱে বাধা আৰোপ কৰা হৈছে আৰু ধোঁৱাৰ আৱৰণ আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে।(Delhi Pollution)

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গোপাল ৰায়ে কয় যে আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ অবিৰতভাৱে চিঠি লিখা হৈছে। এসময়ত অনলাইন সভাও অনুষ্ঠিত হৈছিল যদিও এতিয়া কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকল সভা অনুষ্ঠিত কৰিবলৈ সাজু হোৱা নাই। আনহাতে, দিল্লী চৰকাৰে ইতিমধ্যে কৃত্ৰিম বৰষুণৰ বাবে সকলো প্ৰস্তুতি চলাইছে। গোপাল ৰায়ে কৈছে যে যোৱা তিনিদিন ধৰি উত্তৰ প্ৰদেশ, দিল্লী, পঞ্জাৱ, ৰাজস্থান আৰু বিহাৰেই হওক সমগ্ৰ উত্তৰ ভাৰতত ধোঁৱাৰ আৱৰণ বিয়পি পৰিছে।(Gopal Rai)

গোপাল ৰায়ে কৈছে যে আমি যান-বাহনৰ ওপৰত সৰ্বাধিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ চেষ্টা কৰিছো। আমি অনুভৱ কৰিছোঁ যে এতিয়া দিল্লীত কৃত্ৰিম বৰষুণৰ কাম কৰাৰ সময় আহি পৰিছে। ইয়াৰ বাবে আমি আগষ্ট মাহতে প্ৰস্তুতি আৰম্ভ কৰিলোঁ। যাতে পৰিস্থিতি বেয়ালৈ গতি নকৰে। আনহাতে দেশৰ প্ৰধানমন্ত্ৰীলৈ আহ্বান যে তেওঁৰ মন্ত্ৰীসকলক এখন সভা অনুষ্ঠিত কৰিবলৈ কওক।

Ayushmann Khurrana: মোক দিয়াতকৈ দান কৰক ধনখিনিঃ নিউয়ৰ্ক কনচাৰ্টত এই কথা ক’লে আয়ুষ্মান খুৰানাৰে

Ayushmann Khurrana
Ayushmann Khurrana

বলীউড চলচ্চিত্ৰ জগতৰ প্ৰতিভাশালী অভিনেতা আয়ুষ্মান খুৰানা কেৱল এজন অভিনেতাই নহয়, তেওঁ এগৰাকী গায়কো। আয়ুষ্মান খুৰানাৰ অনুৰাগী কেৱল দেশতে নহয় বিদেশতো আছে। শেহতীয়াকৈ নিউয়ৰ্কত আয়ুষ্মান খুৰানাৰ কনচাৰ্টৰ সময়ত এজন অনুৰাগীয়ে তেওঁ গালৈ পইচা দলিয়াইছিল, সেই ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।(Ayushmann Khurrana)

ভিডিঅ’টোত অনুৰাগীৰ জনৰ তেওঁৰ দেশী ষ্টাইলটো দেখি আয়ুষ্মানেও অতি ধেমেলীয়াভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বৰ্তমান আয়ুষ্মান খুৰানাৰ সেই মন্তব্য অনুৰাগীসকলে বহুত ভাল পাইছে আৰু সামাজিক মাধ্যমত সেই মন্তব্যৰ ভিডিঅ’ বিয়পি পৰিছে। আনহাতে কনচাৰ্টত অনুৰাগীয়ে তেওঁৰ সেই মন্তব্য শুনি জোৰেৰে হাত চাপৰি বজাইছিল।(New York)লগতে সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তেওঁৰ আন অনুৰাগীসকলেও প্ৰশংসা কৰিছে। বৰ্তমান আয়ুষ্মান খুৰানাই নিউয়ৰ্ক, চিকাগো, ছান জোছ আদি আমেৰিকাৰ চহৰত নিজৰ বেণ্ড ‘আয়ুষ্মান ভাভা’ৰ সৈতে সংগীত কনচাৰ্ট কৰি আছে।(Concert)

গীত পৰিৱেশন কৰি থকাৰ সময়ত অনুৰাগী জনে আয়ুষ্মানলৈ লক্ষ্য কৰি ডলাৰ উৰুৱাতে আয়ুষ্মানে ক’লে-এই ধনখিনি দান কৰক বা বাল কামত ব্যৱহাৰ কৰক। আয়ুষ্মানৰ এনে মন্তব্য দৰ্শকৰ মন চুই গৈছিল। তেওঁৰ এনে মন্তব্যৰ বাবে অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁক প্ৰশংসাৰে ওপচাই পেলাইছে।

Swara Bhaskar: পুনৰবাৰ চৰ্চালৈ আহিছে অভিনেত্ৰী স্বৰা ভাস্কৰ

Swara Bhaskar
Swara Bhaskar

স্বৰা ভাস্কৰ আৰু বিতৰ্কৰ মাজত যেন পুৰণি সম্পৰ্ক আছে। স্পষ্টবাদী অভিনেত্ৰীগৰাকী প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। মুছলমান যুৱকৰ সৈতে অভিনেত্ৰী স্বৰা ভাস্কৰ বিবাহ হোৱাৰ পিছতে বহু বিতৰ্ক আৰু সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হৈছিল। এতিয়া আকৌ এবাৰ এখন ফটোক লৈ স্বৰা ট্ৰ’লৰ সন্মুখীন হৈছে। (Swara Bhaskar)

স্বামী ফাহজ আহমেদৰ সৈতে ৩৬ বছৰীয়া স্বৰা ভাস্কৰৰ ফটো ভাইৰেল হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰিল এই ফটোখন। ভাইৰেল ফটোখনত স্বৰা আৰু ফাহাদৰ সৈতে আছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ মুখপাত্ৰ মৌলানা সজ্জাদ নোমানী। ফটোখনত কেৱল স্বৰাক মৌলানাক লৈ ট্ৰ’ল কৰাই নহয়, তেওঁৰ শৰীৰৰ পৰিৱৰ্তনৰ বাবেও সমালোচনা কৰিছে।(swara bhaskar meets maulana sajjad nomani)

মৌলানাৰ সৈতে স্বৰাৰ ফটো টুইটাৰযোগে শ্বেয়াৰ কৰিছে স্বামী ফাহজ আহমেদে। আনহাতে ফহজ আহমেদে এইবাৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এন চি পিৰ পৰা অনুশক্তি নগৰৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এয়া তেওঁৰ প্ৰথম বিধানসভা নিৰ্বাচন। (Fahad Ahmad)

Eggs: ৰাতিপুৱা নে ৰাতি, কোন সময়ত খাব লাগে কণী

Eggs
Eggs

যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে আপুনি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব। তাৰ বাবে আপুনি আপোনাৰ খাদ্যত কণী অন্তৰ্ভুক্ত কৰিব লাগিব।(eggs) কণীক পুষ্টিৰ এক উৎকৃষ্ট উৎস বুলি গণ্য কৰা হয়। কণীত প্ৰটিন, ভিটামিন বি ১২, চেলেনিয়াম, ওমেগা-৩ ফেটি এচিড আৰু আয়’ডিন আদি পুষ্টিকৰ উপাদান থাকে। অৱশ্যে কণী খোৱাৰ আছে সঠিক সময়। সঠিক সময়তহে কণী খাব লাগে।(egg benefits)

কণী খোৱাৰ সঠিক সময়ৰ বিষয়ে জানি লওঁ আহক-(right time to eat eggs)


ৰাতিপুৱা কণী খোৱাৰ উপকাৰিত

শৰীৰক ৰাতিপুৱা শক্তিৰ প্ৰয়োজন হয় আৰু কণীত থকা প্ৰটিন আৰু ভিটামিনে শৰীৰক গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে। ৰাতিপুৱা কণী খালে শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা ভালে থাকে।

ৰাতি কণী খোৱাৰ উপকাৰিতা-

শৰীৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো ৰাতি অধিক সক্ৰিয় হয়। আপুনি শুই থকাৰ সময়ত শৰীৰে পেশীবোৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰে আৰু কণীত থকা উচ্চমানৰ প্ৰটিনে এই প্ৰক্ৰিয়াটো উন্নত কৰাত সহায় কৰে। ৰাতি কণী খালেও টোপনিৰ মান উন্নত হয়। কাৰণ ইয়াত থকা ট্ৰিপ্ট’ফেনৰ অনিদ্ৰা প্ৰতিৰোধী গুণ আছে, যাৰ ফলত টোপনি ভাল হয়।

কোনটো সঠিক সময় ভাল-

দুয়োটা সময়তে কণী খোৱাৰ সুফল আছে যদিও সেয়া নিৰ্ভৰ কৰে আপোনাৰ জীৱনশৈলী আৰু শৰীৰৰ প্ৰয়োজনীয়তাৰ ওপৰত। যদি আপুনি ৰাতিপুৱা সোনকালে সাৰ পাই দিনটো কামৰ বাবে ওলাই যায় তেন্তে কণী ব্ৰেকফাষ্টত খাব লাগে। একে সময়তে যদি আপুনি ৰাতি পাতল আহাৰ খাই ভাল পাই তেন্তে ৰাতি কণী খাব পাৰে।

Delhi Pollution: বায়ু প্ৰদূষণৰ বাবে বিদ্যালয় বন্ধ ঘোষণা দিল্লীত…

Delhi Pollution:
Delhi Pollution:

ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে লৈছে ভয়াৱহ ৰূপ। দিল্লী-এনচিআৰত হঠাৎ বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰাই জন জীৱন ভয়াবহ কৰি তুলিছে। মানুহৰ উশাহ-নিশাহত অসুবিধা সৃষ্টি হৈছে।(Delhi Pollution)

ক্ৰমাৎ বৃদ্ধি প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-এনচিআৰত আজিৰে পৰা দশম, দ্বাদশ শ্ৰেণীৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰিছে। তাৰ পৰিৰ্ৱতে অনলাইনত পাঠদান হ’ব। ইয়াৰ সমান্তৰালকৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (JNU)তীব্ৰ প্ৰদূষণ আৰু বিপজ্জনক AQIৰ কথা উল্লেখ কৰি ২২ নৱেম্বৰলৈকে অনলাইন ক্লাছ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।(School Closed)

দিল্লীৰ বায়ু ইমানেই বিষাক্ত হৈ পৰিছে যে দিল্লীত বসবাস কৰা লোকসকলে যদি মুকলি বতাহত উশাহ লৈছে, তেন্তে তেওঁলোকে ৪০টা চিগাৰেটৰ সমতুল্য ধোঁৱাৰ উশাহ লৈছে। দিল্লী-এনচিআৰত বায়ু প্ৰদূষণৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ চিন্তা বাঢ়িছে। এক প্ৰতিবেদন অনুসৰি প্ৰদূষণ বৃদ্ধিৰ লগে লগে এয়াৰ পিউৰিফায়াৰ আৰু মাস্কৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে দিল্লীত।(Online Class)

বৰ্ধিত বায়ু প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত সোমবাৰে নিশা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে দশম আৰু দ্বাদশ শ্ৰেণী বন্ধ কৰি অনলাইন পাঠদান অব্যাহত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে দশম আৰু দ্বাদশৰ বাহিৰে সকলো শ্ৰেণী অনলাইনত পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰ লগতে নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ সকলো বিদ্যালয়কে দ্বাদশ শ্ৰেণীলৈকে অনলাইন পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।