Home Blog Page 459

Delhi Pollution: বায়ু প্ৰদূষণৰ বাবে বিদ্যালয় বন্ধ ঘোষণা দিল্লীত…

Delhi Pollution:
Delhi Pollution:

ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে লৈছে ভয়াৱহ ৰূপ। দিল্লী-এনচিআৰত হঠাৎ বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰাই জন জীৱন ভয়াবহ কৰি তুলিছে। মানুহৰ উশাহ-নিশাহত অসুবিধা সৃষ্টি হৈছে।(Delhi Pollution)

ক্ৰমাৎ বৃদ্ধি প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-এনচিআৰত আজিৰে পৰা দশম, দ্বাদশ শ্ৰেণীৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰিছে। তাৰ পৰিৰ্ৱতে অনলাইনত পাঠদান হ’ব। ইয়াৰ সমান্তৰালকৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (JNU)তীব্ৰ প্ৰদূষণ আৰু বিপজ্জনক AQIৰ কথা উল্লেখ কৰি ২২ নৱেম্বৰলৈকে অনলাইন ক্লাছ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।(School Closed)

দিল্লীৰ বায়ু ইমানেই বিষাক্ত হৈ পৰিছে যে দিল্লীত বসবাস কৰা লোকসকলে যদি মুকলি বতাহত উশাহ লৈছে, তেন্তে তেওঁলোকে ৪০টা চিগাৰেটৰ সমতুল্য ধোঁৱাৰ উশাহ লৈছে। দিল্লী-এনচিআৰত বায়ু প্ৰদূষণৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ চিন্তা বাঢ়িছে। এক প্ৰতিবেদন অনুসৰি প্ৰদূষণ বৃদ্ধিৰ লগে লগে এয়াৰ পিউৰিফায়াৰ আৰু মাস্কৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে দিল্লীত।(Online Class)

বৰ্ধিত বায়ু প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত সোমবাৰে নিশা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে দশম আৰু দ্বাদশ শ্ৰেণী বন্ধ কৰি অনলাইন পাঠদান অব্যাহত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে দশম আৰু দ্বাদশৰ বাহিৰে সকলো শ্ৰেণী অনলাইনত পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰ লগতে নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ সকলো বিদ্যালয়কে দ্বাদশ শ্ৰেণীলৈকে অনলাইন পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Kampur Book Festival 2024:কামপুৰ গ্ৰন্থ উৎসৱ-২০২৪ত থগিত মহন্তঃ গ্ৰন্থ হৈছে মানুহৰ প্ৰকৃত বন্ধু

Kampur Book Festival 2024:কামপুৰ গ্ৰন্থ উৎসৱ-২০২৪ত থগিত মহন্তঃ গ্ৰন্থ হৈছে মানুহৰ প্ৰকৃত বন্ধু
Kampur Book Festival 2024:কামপুৰ গ্ৰন্থ উৎসৱ-২০২৪ত থগিত মহন্তঃ গ্ৰন্থ হৈছে মানুহৰ প্ৰকৃত বন্ধু

গুৱাহাটী, ১৮ নৱেম্বৰঃ কামপুৰত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হোৱা কামপুৰ গ্ৰন্থ উৎসৱৰ(Kampur Book Festival 2024) দেওবাৰে সফলতাৰে সামৰণি পৰে।

কামপুৰ নিউজ নেটৱৰ্কৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে কমল-কিৰণ গ্ৰন্থালয় আৰু গ্ৰন্থপ্ৰেমীৰ সহযোগত ১৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা গ্ৰন্থ উৎসৱৰ প্ৰথম কাৰ্যসূচী শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কামপুৰৰ জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰে।

তাৰ পাছতেই বিষ্ণুৰাভা দেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে। গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই। দ্বাৰ মুকলি কৰি জিলা সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কয় যে-” গ্ৰন্থ অধ্যয়নে মানুহক জ্ঞানী কৰি তোলে। গ্ৰন্থ অধ্যয়ন নিয়মীয়াকৈ কৰিব লাগে। গ্ৰন্থ হৈছে মানুহৰ প্ৰকৃত বন্ধু”।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লেখিকা বিণু লস্কৰ ঠাকুৰীয়ই কয় যে- “কামপুৰ নিউজ নেটৱৰ্ক আৰু কমল-কিৰণ গ্ৰন্থালয়ে গ্ৰন্থ উৎসৱ পালন কৰি কামপুৰত গ্ৰন্থ অধ্যয়নৰ এক সুস্থ পৰিৱেশ সৃষ্টি কৰিছে।

গ্ৰন্থ উৎসৱৰ দৰে অনুষ্ঠানে গ্ৰাম্যাঞ্চলত ভাষা-সাহিত্যৰ ভৰাল সমৃদ্ধ কৰিব”। যুৱ লেখক ৰাজু সমীৰণে আঁত ধৰা গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ “নতুন কবিতা”ৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট কবি মদাৰজ্যোতি,সদৌ অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, জিলা কবি সন্মিলনৰ সভাপতি দূৰ্গেশ্বৰ বৰকটকী, সম্পাদক দীপজ্যোতি কাকতি, কামপুৰ শাখা সাহিত্য সভাৰ সভাপতি লক্ষীকান্ত নাথ, উপ-সভাপতি ত্ৰিদিৱ লস্কৰ, সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট লেখক মোলান লস্কৰ, জ্যেষ্ঠ সাংবাদিক নলিনী বৰঠাকুৰ,ধৰণী শইকীয়া,প্ৰমোদ বৰা,কামপুৰৰ জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ সুধাময় দাস,সমাজকৰ্মী প্ৰমোদ লস্কৰ,মতিউৰ ৰহমান,দেউতি বৰা,যতীন বৰা, কবি অশোকৰাম ভট্টাচাৰ্যকে প্ৰমূখ্য কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি।

অনুষ্ঠানত উপস্থিত থাকে কামপুৰ লেখিকা সমিতিৰ বিষয়ববীয়াকে ধৰি সদস্যা সকল। ১৬ নৱেম্বৰত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে কুইজ,কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ আৰু গ্ৰন্থ প্ৰদান কৰে উদযাপন সমিতিয়ে।

গ্ৰন্থ উৎসৱত অংশ লয় প্ৰিয়দৰ্শিনী গ্ৰন্থ বিক্ৰেতা আৰু বনচাই প্ৰকাশনে। অনুষ্ঠানৰ সৰ্বদিশতে সহযোগিতা আগবঢ়োৱাৰ বাবে গ্ৰন্থপ্ৰেমী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে কামপুৰ গ্ৰন্থ উৎসৱ উদযাপন সমিতিয়ে।

Chutia-Deuri Sahitya Sabha:বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা চুতীয়া-দেউৰী সাহিত্য সভা গঠন

Chutia-Deuri Sahitya Sabha:বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা চুতীয়া-দেউৰী সাহিত্য সভা গঠন
Chutia-Deuri Sahitya Sabha:বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা চুতীয়া-দেউৰী সাহিত্য সভা গঠন

গুৱাহাটী, ১৮ নৱেম্বৰঃ বোকাখাত বনগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্রত আজি বোকাখাতৰ ১২খন চুতীয়া(Chutia-Deuri Sahitya Sabha) জাতি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক সদস্যৰে এখন সাধাৰণ সভা আহ্বান কৰা হয়(Bokakhat)।

উক্ত সভাত কমাৰগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন সন্মিলনৰ সভাপতি প্ৰতাপ বৰাক জিলা চুতীয়া জাতি সন্মিলনৰ(Chutia Jati Sammelan) সভাপতি, কুৰুৱাবাহী পৰঙনীয়াৰ শিক্ষক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল বৰাক কাৰ্যকৰী সভাপতি, প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি অহা বোকাখাতৰ বে-চৰকাৰী সংগঠন গ্ৰাছ, বোকাখাতৰ সম্পাদক, সমাজ কৰ্মী ইন্দ্ৰেশ্বৰ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৫ জনীয়া এখন পূৰ্ণাংগ জিলা চুতীয়া জাতি সন্মিলনৰ সমিতি গঠন কৰা হয়।

উক্ত সভাতে বোকাখাত জিলা চুতীয়া-দেউৰী সাহিত্য সভাৰ সমিতিখনো গঠন কৰা হয়। এই সমিতিত ক্ৰমে সভাপতি দুলাল বৰা, কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ বৰা আৰু সাধাৰণ সম্পাদকৰ পদত শৰৎ শইকীয়া নিৰ্বাচিত হৈ ৩১ জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।

চুতীয়া উন্নয়ন পৰিষদৰ পৰা অহা ৪০ লাখ টকাৰ বাজেট প্ৰস্তুত কৰা, চুতীয়া জাতিৰ নিবনুৱা সকলৰ কাৰিকৰী আৰু পশু পালনৰ প্ৰশিক্ষণৰ ব্যবস্থা হাতত লোৱা, চুতীয়া গাঁওসমূহত চুতীয়াৰ কলা-কৃষ্টি, ভাষা আদি চিনাকী কৰোৱাকে ধৰি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়।

আগন্তুক সময়ত সমষ্টিৰ সকলো চুতীয়া লোকৰ উন্নতিৰ বাবে এক আঁচনি প্ৰস্তুত কৰা হৈছে আৰু সেই অনুযায়ী কামত আগবঢ়াৰ পৰিকল্পনা লোৱা হৈছে। প্ৰতাপ বৰাই পৰিচালনা কৰা সভাত আহ্বায়ক যতীন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে।

সভাত চুতীয়া-দেউৰী সাহিত্য সভা, অসমৰ সভাপতি তথা উন্নয়ন পৰিষদৰ সদস্য প্ৰতাপ চন্দ্র নেওগ আৰু সম্পাদক যতীন শইকীয়া, আন এজন উন্নয়ন পৰিষদৰ সদস্য চন্দ্র গগৈৰ লগতে চুতীয়া জাতিৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Dr. Bhupen Hazarika’s 100 songs:ড° ভূপেন হাজৰিকাৰ ১০০ গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ

Dr. Bhupen Hazarika's 100 songs:ড° ভূপেন হাজৰিকাৰ ১০০ গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ
Dr. Bhupen Hazarika's 100 songs:ড° ভূপেন হাজৰিকাৰ ১০০ গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ

গুৱাহাটী, ১৮ নৱেম্বৰঃ এক যাত্ৰাৰ মধ্যক্ষণত আজি বোকাখাতত উপস্থিত হয়(Dr. Bhupen Hazarika’s 100 songs) অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য হাজৰিকা। বোকাখাত নাট্য মন্দিৰত উপস্থিত হৈ ড° হাজৰিকাই(Dr. Surjya Hazarika) কয়- “অসম সাহিত্য সভাৰ(Asom Sahitya Sabha) সৰ্বোচ্চ পদবী সভাপতিৰ বাবে নিৰ্বাচন হোৱাতকৈ মনোনীত সভাপতি হোৱাই ভাল।

সেইটো ময়ো ভাল দেখো। কিন্তু সভাপতি হিচাপে দায়িত্ব লৈ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা সভাৰ যিখন সংবিধানৰ দ্বাৰা আমি কাম কৰিছোঁ, সেই সংবিধানে নিৰ্বাচন অৱধাৰিত কৰিছে।

অসম সাহিত্য সভাৰ সংবিধান অনুসৰি নিৰ্বাচনী পদ্ধতি অৱলম্বন কৰা হৈছে।” উল্লেখ্য, ১৭ নৱেম্বৰত দেৰগাঁৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি গুৱাহাটীলৈ ঘূৰি যোৱাৰ পথত তেখেত বোকাখাত নাট্য মন্দিৰত সোমাই যায়।

অসম সাহিত্য সভাই ৫গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম তালিকা প্ৰস্তুত কৰি ৰাজহুৱা কৰিছিল। তাৰে তিনি গৰাকীয়ে নিজা নাম প্ৰত্যাহাৰ কৰাত এতিয়া নিৰ্বাচন অনুষ্ঠিত হ’ব দুজনৰ মাজত।

মহিলাক সুবিধা দিয়া হৈছিল সভাপতিৰ পেনেলত। এয়া অসম সাহিত্য সভাৰ মহিলা সাহিত্যিকৰ প্ৰতি জনোৱা শ্ৰদ্ধা। কিন্তু তেখেতে নিজৰ নাম প্ৰত্যাহাৰৰ বাবে আহ্বান জনালে।

নিৰ্বাচন অনুষ্ঠিত হ’ব ড° বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ মাজত।অসম সাহিত্য সভাত ৬০ হাজাৰ আজীৱন সদস্য আছে। এই সকলোকে সাহিত্য সভাৰ অধিৱেশনলৈ নিমন্ত্ৰণ কৰা নহয় বুলি উঠা অভিযোগ সন্দৰ্ভত জানিব বিচৰাত সভাপতি গৰাকীয়ে কয় যে এই সকলৰ সকলোকে অধিৱশনলৈ নিমন্ত্ৰণৰ ব্যৱস্থা আছে।

অৱশ্যে আজি কালি প্ৰত্যেকলৈকে ব্যক্তিগত চিঠি প্ৰেৰণ কৰাৰ সুবিধা নেথাকে। তেখেতসকলক অন্য পদ্ধতিৰে নিমন্ত্ৰণ দিয়া হয়। ক্ৰমে অসম সাহিত্য সভা বিতৰ্কত সোমাই পৰা সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত ড° হাজৰিকাই কয় যে এনে এক বৃহৎ অনুষ্ঠানত বিতৰ্ক থাকিবই।বিতৰ্ক গঠন মূলক হ’লে সভাৰ উপকাৰ হয়।

ভাল কামতহে বিতৰ্ক থাকে। গঠনমূলক বিতৰ্কই সংগঠনক শক্তিশালী কৰে।অসম সাহিত্য সভাৰ আন এগৰাকী বিষয়ববীয়া অনংগ নাথো উপস্থিত আছিল সভাপতি গৰাকীৰ সৈতে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত অসম সাহিত্য সভাৰ সভাপতি, সাহিত্যিক, ড° ভূপেন হাজৰিকাৰ গীতৰ একত্ৰ সংকলন “গীতাৱলী”ৰ জনকগৰাকীয়ে কয় যে সুধাকন্ঠৰ ১০০টা অতি জনপ্ৰিয় গীত ইংৰাজী ভাষালৈ অনুবাদ কৰা কাম সম্পূৰ্ণ হৈছে।

এই গ্ৰন্থ খনত অসমীয়া ভাষাতো গীতসমূহ প্ৰকাশৰ দিহা কৰা হৈছে। তদুপৰি ৰোমান লিপিত অসমীয়া উচ্চাৰণতো গীতসমূহ সন্নিৱিষ্ট কৰা হৈছে। ড° ভূপেন হাজৰিকাৰ প্ৰতিটো গীত পৰৱৰ্তী সময়ত অনুবাদৰ একত্ৰ সংকলন প্ৰকাশৰো চিন্তা কৰি থকা হৈছে।

এই কামে সুধাকন্ঠৰ গীত আৰু সুৰক বিশ্ব ব্যাপী প্ৰতিষ্ঠা কৰিব বুলিও আশাবাদী বিশিষ্ট সাহিত্যিকগৰাকী। বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া, সম্পাদক জিতু শৰ্মা ৰাজখোৱা, উপদেষ্টা মহাবীৰ প্ৰসাদ আগৰৱালা, সুধাকন্ঠৰ একালৰ সহযোগী জিতেন শৰ্মা ৰাজখোৱাই দুয়ো গৰাকীকে সম্বৰ্ধনা জ্ঞাপন কৰে।

Russia । ৰাছিয়া চৰকাৰৰ আমন্ত্ৰণমৰ্মে ৰাছিয়ালৈ যাব বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম

Russia । ৰাছিয়া চৰকাৰৰ আমন্ত্ৰণমৰ্মে ৰাছিয়ালৈ যাব বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম
Russia । ৰাছিয়া চৰকাৰৰ আমন্ত্ৰণমৰ্মে ৰাছিয়ালৈ যাব বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম

দৈনন্দিন বাৰ্তাৰ সেৱা, ১৮ নৱেম্বৰঃ Russiaৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড০ আছমা বেগমক (Dr. Asma Begum)। ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়াৰ প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, অৰ্থনীতি মন্ত্ৰী আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ব্ৰিকছৰ আন সকলো সদস্য দেশৰ প্ৰতিনিধি আৰু ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত ভাৰতীয় প্ৰতিনিধিৰ সৈতে তেওঁ বৈঠকত অংশগ্ৰহণ কৰিব।

বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম


ব্ৰিকছ সংস্থাসমূহৰ ৰাছিয়ান ফেডাৰেচনৰ সভাপতিত্বৰ কাৰ্য্য পৰিকল্পনাৰ অংশ হিচাপে ২০২৪ চনৰ ২১-২২ নৱেম্বৰত ব্ৰিকছ দেশসমূহৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ (শৰৎকালীন অধিবেশন) চেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হ’ব।মঞ্চৰ গুৰুত্ব হৈছে ফলপ্ৰসূ ব্যৱসায়িক যোগাযোগ, অঞ্চলসমূহৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ অন্যান্য দেশসমূহৰ সৈতে বহুবিষয়ক সহযোগিতা শক্তিশালী কৰা, ব্ৰিকছ দেশসমূহ আৰু ৰাছিয়ান ফেডাৰেচনৰ সৈতে গঠনমূলক আলোচনা কৰা আদি। এই কাৰ্যসূচীত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয় আৰু চেণ্ট পিটাৰ্ছবাৰ্গ প্ৰশাসনে সহযোগ কৰিছে।

ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত ভাৰতীয় প্ৰতিনিধিৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব ড০ আছমা বেগমে

ব্ৰিকছৰ পূৰ্বৰ কাৰ্যসূচীৰ বাহিৰত থকা বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লক্ষ্যৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে । ব্ৰিকছ দেশসমূহৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় নগৰ মঞ্চ (শৰৎকালীন অধিবেশন)ৰ অৰ্থনৈতিক কংগ্ৰেছৰ বিষয়বস্তু হৈছে “জনস্বাস্থ্য সুৰক্ষা”। বৈঠকত আৰ্কটিক উন্নয়নৰ সম্ভাৱনা, জনস্বাস্থ্য, পৰিৱেশ বিজ্ঞান, পৰ্যটন, সামাজিক উন্নয়ন, অঞ্চলসমূহৰ বহনক্ষম উন্নয়ন, শিক্ষা, সংস্কৃতি, যুৱ নীতি, ক্ৰীড়া, ৰাজহুৱা কূটনীতি আদি বিষয়ৰ ওপৰত পেনেল আলোচনা অনুষ্ঠিত হ’ব।

Hot Water। গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে…

Hot Water। গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে…
Hot Water। গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে…

Hot Water । বহুতে শীতকালত সকলোৱেই গা ধুবলৈ কুণ্ঠাবোধ কৰে। কিছুমান মানুহে শীতকালত গৰম পানী নোহোৱাকৈ গা ধুবই নোৱাৰে। কিন্তু গৰম পানীৰে গা ধোৱাটো শৰীৰৰ বাবে কিমান ভাল বা বেয়া হয় আমি সেয়া একো গুৰুত্ব নিদিওঁ। একো নজনাকৈ আমি গৰম পানী অবিহনে গা ধোৱাৰ কথা এমুহূৰ্তৰ বাবেও ভাবিব নোৱাৰো।

গৰম পানীৰে অবিৰতভাৱে গা ধুলে পুৰুষৰ উৰ্বৰতা হ্ৰাস পায়। ল’ৰাই যদি গৰম পানীৰে দীঘলীয়া সময় গা ধুলে সন্তান জন্ম দিয়াত সমস্যা হয়। গতিকে ল’ৰাবোৰে সদায় ঠাণ্ডা পানীৰে গা ধুব লাগে।

অধ্যয়নত দেখা গৈছে যে অত্যন্ত ঠাণ্ডাত গৰম পানীত গা ধুলে হঠাৎ হৃদযন্ত্ৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আনকি হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি কৰে। গতিকে যিসকলৰ হৃদযন্ত্ৰৰ সমস্যা আছে তেওঁলোকে গৰম পানীৰে গা ধুবলৈ নোধোৱাই ভাল।

গৰম পানীৰে গা ধুলে ছালৰ আৰ্দ্ৰতা কমি যায়।ফলত ছালখন ৰুক্ষ হৈ পৰে। ফলত ছালৰ সৌন্দৰ্য্য ক্ৰমান্বয়ে কমি যায়। গতিকে প্ৰয়োজন নহ’লে গৰম পানীত গা ধোৱা বন্ধ কৰক।
ঠাণ্ডা পানীত গা ধুলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ফলত বিভিন্ন ধৰণৰ সংক্ৰমণত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি যায়।

গৰম পানীত গা ধুলে ৰক্তচাপৰ পৰিৱৰ্তন হ’ব পাৰে। হৃদৰোগ থকা লোকৰ কিবা গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি।

গৰম পানীত গা ধুলে মূৰ ঘূৰোৱা, শৰীৰ দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। অধ্যয়নত দেখা গৈছে যে গৰম পানীত গা ধুলে শৰীৰৰ ৰক্তচাপৰ পৰিৱৰ্তন ঘটে আৰু এনে সমস্যা শৰীৰত দেখা যায়।

খোৱাৰ পিছত ভুলতেও গৰম পানীত গা ধুব নালাগে। ই শৰীৰৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি কৰে।

অহা দশকত চীনৰ জনসংখ্যা ৫ কোটি ১০ লাখ হ্ৰাস পোৱাৰ সম্ভাৱনা

অহা দশকত চীনৰ জনসংখ্যা ৫১ মিলিয়ন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, যিটো আমেৰিকাৰ কেলিফৰ্ণিয়াৰ আকাৰতকৈও অধিক। বৰ্তমান দেশখনৰ নীতি নিৰ্ধাৰকসকলে কমি অহা জন্মৰ হাৰ বৃদ্ধিৰ বাবে সংগ্ৰাম কৰি আছে।

এক প্ৰতিবেদন অনুসৰি ২০৩৫ চনৰ ভিতৰত চীনৰ জনসংখ্যা ১.৩৬ বিলিয়নলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

বিশ্লেষক আডা লীয়ে অনুমান কৰিছে যে ২০১২ চনৰ পৰা এনে পৰিস্থিতি দেখা নাই য’ত ২০২১ চনলৈকে জনসংখ্যা ১.৪১ বিলিয়নৰ পৰা হ্ৰাস পাইছে।
লীয়ে কয় যে ২০২৪ চনত সাময়িকভাৱে জন্মৰ সংখ্যা বৃদ্ধি পাব পাৰে। কাৰণ, বছৰটো সন্তান জন্ম দিয়াৰ বাবে শুভ সময় বুলি গণ্য কৰা হয়।

কিন্তু যোৱা বছৰৰ জন্মৰ হাৰ বৃদ্ধি হোৱাটো অল্পকালীন আছিল, আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ’বও পাৰে। বিশেষকৈ বিবাহৰ হাৰ সৰ্বকালৰ নিম্নতম স্তৰলৈ নামি আহিছে।
বৰ্তমান চীনত ক্ৰমবৰ্ধমান জনসংখ্যা সংকটৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰসংঘৰ অনুমান অনুসৰি ২১০০ চনৰ ভিতৰত জনসংখ্যা বৰ্তমানৰ জনসংখ্যাৰ আধা হ’ব পাৰে।

দশক দশক ধৰি চলি অহা নিষেধাজ্ঞামূলক পৰিয়াল গঠন নীতি, বৰ্ধিত জীৱন-যাপনৰ ব্যয় আৰু পৰিৱৰ্তিত সামাজিক নীতি-নিয়মই মহিলাৰ উৰ্বৰতা হ্ৰাস কৰিছে। সংকুচিত হৈ অহা কৰ্মশক্তি আৰু বৃদ্ধি পোৱা বৃদ্ধ জনসংখ্যাই অৰ্থনীতি, পেঞ্চন ব্যৱস্থা আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে।
সোমবাৰে লীয়ে এক প্ৰতিবেদনত কয় যে নীতি নিৰ্ধাৰকসকলে প্ৰজনন আৰু শিশু স্বাস্থ্য সেৱাৰ উন্নতি আৰু শিশুৰ যত্ন অধিক সুলভ কৰি তোলাকে ধৰি সংস্কাৰ ত্বৰান্বিত কৰাৰ সম্ভাৱনা আছে।

যোৱা কিছু বছৰত বেইজিঙে জন্ম নীতিত আমূল পৰিৱৰ্তন সাধন কৰিছে। চীনে ২০১৬ চনত এক সন্তান নীতিৰ অন্ত পেলাই তাৰ ঠাইত দুটা সন্তানৰ নীতি নিৰ্ধাৰণ কৰিছিল।

পুনৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী পদত শিক্ষাবিদ হৰিণী অমৰাসুৰিয়া

শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰি মাৰ্ক্সবাদী ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিলে শিক্ষাবিদ হৰিণী অমৰাসুৰিয়াক।


সোমবাৰে (১৮ নৱেম্বৰ) ২১ জনীয়া মন্ত্ৰীসভাও বাছি লয় দিছানায়াকে। ৰাজধানী কলম্বোৰ ৰাষ্ট্ৰপতি সচিবালয়ত পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন সংবিধানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিকে ধৰি ব্যাপক সংস্কাৰৰ পৰিকল্পনা কৰিছে আৰু ভয়াৱহ অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰৰ বাবে সংগ্ৰাম কৰি থকা দেশখনত দুৰ্নীতি দমন কৰাৰ কথা ঘোষণা কৰিছে।

২২ লাখ জনসংখ্যাৰ শ্ৰীলংকা বৈদেশিক মুদ্ৰাৰ তীব্ৰ নাটনিৰ বাবে সংকটত পৰিছে। ইয়াৰ অৰ্থনীতি ২০২২ চনত ৭.৩ শতাংশ আৰু যোৱা বছৰ ২.৩ শতাংশ সংকুচিত হৈছিল। এতিয়া দেশখন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ বিত্তীয় কাৰ্যসূচীৰ মাজেৰে আগবাঢ়িছে।

৫৪ বছৰীয়া হৰিণী অমৰসুৰিয়াই শিক্ষা, উচ্চ শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণ মন্ত্ৰালয়তো প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। যোৱা ছেপ্টেম্বৰ মাহত তেওঁ প্ৰথমখন অন্তৱৰ্তীকালীন চৰকাৰত কাৰ্যনিৰ্বাহ কৰিবলৈ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল যদিও ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি নিৰ্বাচনত দিছনায়াকে জয়লাভ কৰিছিল।

প্ৰবীণ সাংসদ বিজিতা হেৰাথক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। আনন্দ বিজয়ায়েক জন সুৰক্ষা আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ নতুন মন্ত্ৰী আৰু বিমল ৰত্নায়কে পৰিবহণ, ঘাইপথ, বন্দৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

চন্দ্ৰৰ এটা ফালে আগ্নেয়গিৰি আছিল, এসময়ত বিস্ফোৰণ ঘটিছিল: নতুন অধ্যয়নত প্ৰকাশ

কোটি কোটি বছৰৰ আগতে চন্দ্ৰৰ এটা ‘ৰহস্যময়’ দূৰৱৰ্তী অংশত এটা আগ্নেয়গিৰি বিস্ফোৰণ হৈছিল। ঠিক যেনেকৈ এতিয়া আমি পৃথিৱীত বহু আগ্নেয়গিৰি বিস্ফোৰণ দেখিবলৈ পাওঁ। এই কথা প্ৰকাশ কৰিছে এক নতুন অধ্যয়নে।

এই গৱেষণাৰ ফলাফল যোৱা শুকুৰবাৰে (১৫ নৱেম্বৰ) নেচাৰ এণ্ড চাইন্স নামৰ আলোচনীখনত প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি গৱেষকসকলে চন্দ্ৰৰ মাটি বিশ্লেষণ কৰিছে। চন্দ্ৰৰ এটা ফালৰ পৰা শিল আৰু নমুনা লৈ ঘূৰি অহা প্ৰথমখন মহাকাশযান চীনৰ চাং’ই-৬, যাৰ অৱস্থা এতিয়াও পৃথিৱীত ভালদৰে বুজা হোৱা নাই।

দুটা পৃথক দলে তাত আগ্নেয়গিৰিৰ শিলৰ টুকুৰা উদ্ধাৰ কৰে, যিবোৰ প্ৰায় ২.৮ বিলিয়ন বছৰ পুৰণি। এটা টুকুৰা ৪.২ বিলিয়ন বছৰ পুৰণি।

এৰিজোনা বিশ্ববিদ্যালয়ৰ গ্ৰহ আগ্নেয়গিৰি বিজ্ঞানী ক্রিষ্টোফাৰ হেমিল্টনে কয় যে চন্দ্ৰৰ দূৰ দূৰণিৰ পৰা নমুনা সংগ্ৰহ কৰাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। কাৰণ এইটো এনেকুৱা এটা ক্ষেত্ৰ যাৰ বিষয়ে আমাৰ হাতত তথ্য নাই।

কিন্তু বিজ্ঞানীসকলে এতিয়া গম পাইছে যে পৃথিৱীৰ পৰা অলপ দূৰৈত চন্দ্ৰত সক্ৰিয় আগ্নেয়গিৰি আছিল। নাছাৰ লুনাৰ ৰিকনেছান্স অৰ্বিটাৰৰ তথ্যকে ধৰি পূৰ্বৰ গৱেষণাৰ পৰা অনুমান কৰা হৈছে যে সুদূৰপ্ৰসাৰী অঞ্চলতো আগ্নেয়গিৰিৰ অতীত থাকিব পাৰে।

নিজৰ ভুলৰ বাবেই এতিয়া মৃত্যুৰ পথত আছে পাকিস্তান, নাছাৰ কেমেৰাত ধৰা পৰিল মাৰাত্মক ছবি

পাকিস্তানে বিগত কিছুদিন ধৰি অতিৰিক্ত প্ৰদূষণৰ সন্মুখীন হৈছে। সমগ্ৰ বিশ্বতে পাকিস্তানৰ কেইবাটাও স্থানত বায়ু প্ৰদূষণৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। ভয়াৱহ প্ৰদূষণৰ সন্মুখত পাকিস্তানক ইউনিচেফে নিজেই নিয়ন্ত্ৰণত আহিবলৈ আহ্বান জনাইছে।

কিছুদিন আগতে জানিব পৰা মতে মুলতানত AQI ৭৬০ৰ পৰা ১৯১৪ লৈ বৃদ্ধি পাইছে। লাহোৰ আৰু মুলতান নামৰ দুখন চহৰৰ অৱস্থা এতিয়া অতি ভয়াৱহ। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা মুলতানৰ AQI য়ে ২০০০ অতিক্ৰম কৰিলে। বায়ু প্ৰদূষণৰ বাবে তাত বায়ুৰ দৃশ্যমানতা দিনক দিনে কমি আহিছে। তাতো বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত কেইবাজনো লোক নিহত-আহত হৈছে।

পাকিস্তানৰ পঞ্জাৱৰ পৰিস্থিতি আৰু বেছি ভয়াৱহ। চৰকাৰে তাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ১৭ নৱেম্বৰলৈ কেইবাঠাইতো বিদ্যালয় আৰু সংগ্ৰহালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে নাছাই পাকিস্তানৰ ভয়াবহ প্ৰদূষণৰ ছবিও প্ৰকাশ কৰিছে। ডাঠ কম্বলৰ দৰে পাকিস্তানৰ জলবায়ুত ঘন ক’লা ধোঁৱা বিয়পি পৰিছে যি ছবি নাছাই ইতিমধ্যে প্ৰকাশ কৰিছে।

ইউনিচেফে কয় যে প্ৰদূষণৰ ভয়াৱহ পৰিস্থিতিয়ে তাত পাঁচ বছৰৰ তলৰ ১ কোটি ১০ লাখ শিশুৰ স্বাস্থ্যজনিত চিন্তাৰ সৃষ্টি কৰিছে। যিসকল শিশুৱে পাকিস্তানৰ সেই প্ৰদূষিত অঞ্চলবোৰত উশাহ লৈ আছে, তেওঁলোকৰ স্বাস্থ্য দিনক দিনে অৱনতি ঘটিছে। ইউনিচেফে লগতে প্ৰকাশ কৰিছে যে বিগত বছৰত পাকিস্তানত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ১২ শতাংশ হোৱাৰ লগতে প্ৰদূষণৰ ফলত গৰ্ভৱতী মহিলাও প্ৰভাৱিত হৈছে। সম্প্ৰতি ইউনিচেফে চৰকাৰক ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়।