Home Blog Page 460

চন্দ্ৰৰ এটা ফালে আগ্নেয়গিৰি আছিল, এসময়ত বিস্ফোৰণ ঘটিছিল: নতুন অধ্যয়নত প্ৰকাশ

কোটি কোটি বছৰৰ আগতে চন্দ্ৰৰ এটা ‘ৰহস্যময়’ দূৰৱৰ্তী অংশত এটা আগ্নেয়গিৰি বিস্ফোৰণ হৈছিল। ঠিক যেনেকৈ এতিয়া আমি পৃথিৱীত বহু আগ্নেয়গিৰি বিস্ফোৰণ দেখিবলৈ পাওঁ। এই কথা প্ৰকাশ কৰিছে এক নতুন অধ্যয়নে।

এই গৱেষণাৰ ফলাফল যোৱা শুকুৰবাৰে (১৫ নৱেম্বৰ) নেচাৰ এণ্ড চাইন্স নামৰ আলোচনীখনত প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি গৱেষকসকলে চন্দ্ৰৰ মাটি বিশ্লেষণ কৰিছে। চন্দ্ৰৰ এটা ফালৰ পৰা শিল আৰু নমুনা লৈ ঘূৰি অহা প্ৰথমখন মহাকাশযান চীনৰ চাং’ই-৬, যাৰ অৱস্থা এতিয়াও পৃথিৱীত ভালদৰে বুজা হোৱা নাই।

দুটা পৃথক দলে তাত আগ্নেয়গিৰিৰ শিলৰ টুকুৰা উদ্ধাৰ কৰে, যিবোৰ প্ৰায় ২.৮ বিলিয়ন বছৰ পুৰণি। এটা টুকুৰা ৪.২ বিলিয়ন বছৰ পুৰণি।

এৰিজোনা বিশ্ববিদ্যালয়ৰ গ্ৰহ আগ্নেয়গিৰি বিজ্ঞানী ক্রিষ্টোফাৰ হেমিল্টনে কয় যে চন্দ্ৰৰ দূৰ দূৰণিৰ পৰা নমুনা সংগ্ৰহ কৰাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। কাৰণ এইটো এনেকুৱা এটা ক্ষেত্ৰ যাৰ বিষয়ে আমাৰ হাতত তথ্য নাই।

কিন্তু বিজ্ঞানীসকলে এতিয়া গম পাইছে যে পৃথিৱীৰ পৰা অলপ দূৰৈত চন্দ্ৰত সক্ৰিয় আগ্নেয়গিৰি আছিল। নাছাৰ লুনাৰ ৰিকনেছান্স অৰ্বিটাৰৰ তথ্যকে ধৰি পূৰ্বৰ গৱেষণাৰ পৰা অনুমান কৰা হৈছে যে সুদূৰপ্ৰসাৰী অঞ্চলতো আগ্নেয়গিৰিৰ অতীত থাকিব পাৰে।

নিজৰ ভুলৰ বাবেই এতিয়া মৃত্যুৰ পথত আছে পাকিস্তান, নাছাৰ কেমেৰাত ধৰা পৰিল মাৰাত্মক ছবি

পাকিস্তানে বিগত কিছুদিন ধৰি অতিৰিক্ত প্ৰদূষণৰ সন্মুখীন হৈছে। সমগ্ৰ বিশ্বতে পাকিস্তানৰ কেইবাটাও স্থানত বায়ু প্ৰদূষণৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। ভয়াৱহ প্ৰদূষণৰ সন্মুখত পাকিস্তানক ইউনিচেফে নিজেই নিয়ন্ত্ৰণত আহিবলৈ আহ্বান জনাইছে।

কিছুদিন আগতে জানিব পৰা মতে মুলতানত AQI ৭৬০ৰ পৰা ১৯১৪ লৈ বৃদ্ধি পাইছে। লাহোৰ আৰু মুলতান নামৰ দুখন চহৰৰ অৱস্থা এতিয়া অতি ভয়াৱহ। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা মুলতানৰ AQI য়ে ২০০০ অতিক্ৰম কৰিলে। বায়ু প্ৰদূষণৰ বাবে তাত বায়ুৰ দৃশ্যমানতা দিনক দিনে কমি আহিছে। তাতো বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত কেইবাজনো লোক নিহত-আহত হৈছে।

পাকিস্তানৰ পঞ্জাৱৰ পৰিস্থিতি আৰু বেছি ভয়াৱহ। চৰকাৰে তাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ১৭ নৱেম্বৰলৈ কেইবাঠাইতো বিদ্যালয় আৰু সংগ্ৰহালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে নাছাই পাকিস্তানৰ ভয়াবহ প্ৰদূষণৰ ছবিও প্ৰকাশ কৰিছে। ডাঠ কম্বলৰ দৰে পাকিস্তানৰ জলবায়ুত ঘন ক’লা ধোঁৱা বিয়পি পৰিছে যি ছবি নাছাই ইতিমধ্যে প্ৰকাশ কৰিছে।

ইউনিচেফে কয় যে প্ৰদূষণৰ ভয়াৱহ পৰিস্থিতিয়ে তাত পাঁচ বছৰৰ তলৰ ১ কোটি ১০ লাখ শিশুৰ স্বাস্থ্যজনিত চিন্তাৰ সৃষ্টি কৰিছে। যিসকল শিশুৱে পাকিস্তানৰ সেই প্ৰদূষিত অঞ্চলবোৰত উশাহ লৈ আছে, তেওঁলোকৰ স্বাস্থ্য দিনক দিনে অৱনতি ঘটিছে। ইউনিচেফে লগতে প্ৰকাশ কৰিছে যে বিগত বছৰত পাকিস্তানত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ১২ শতাংশ হোৱাৰ লগতে প্ৰদূষণৰ ফলত গৰ্ভৱতী মহিলাও প্ৰভাৱিত হৈছে। সম্প্ৰতি ইউনিচেফে চৰকাৰক ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়।

উচ্চতা অনুসৰি কিমান ওজন আপোনাৰ ! গৱেষণাৰ প্ৰতিবেদনে আচৰিত কৰি তুলিব আপোনোকো…

আজিৰ তাৰিখত প্ৰতি দিনে কম বয়সতে জটিল ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে মানুহৰ জীৱনত। বহু ক্ষেত্ৰত ইয়াৰ আঁৰৰ কাৰণ হ’ল অতিৰিক্ত ওজন। আচলতে শৰীৰৰ চৰ্বি বাঢ়িলে বাহ্যিক সৌন্দৰ্য্যৰ বাবেই নহয়, সুস্বাস্থ্যৰ বাবেও ই লক্ষ্য়ণীয়। কাৰণ ওজন বৃদ্ধিয়ে কলেষ্টৰেল, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি ৰোগ বৃদ্ধি কৰে। গতিকে যেতিয়া ওজন বাঢ়েতেতিয়া চিন্তাৰ চাপ বৃদ্ধি পায়। কিন্তু আপুনি বাৰু জানেনে বয়স আৰু উচ্চতা অনুসৰি কিমান ওজন হ’ব লাগে শৰীৰৰ ?

ওজন নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰথমে এইকেইাট বিষয় জানক।

বিশেষজ্ঞসকলে কয় যে, জীৱনশৈলীয়ে শৰীৰৰ প্ৰকাৰৰ লগতে দৈনন্দিন কাম-কাজেও আমাৰ শৰীৰৰ ওজন নিৰ্ধাৰণ কৰে। কিন্তু বয়স আৰু উচ্চতা অনুসৰি কিমান ওজন হ’ব লাগে সেইটো জনাটো অতি জৰুৰী। কাৰণ এই বিষযে জানিলেহে আপুনি আগতীয়াকৈ মেদবহুলতাৰ লগত জড়িত ৰোগৰ পৰা সুৰক্ষিত হ’ব।

গৱেষণাৰ তথ্য অনুসৰি ৪ ফুট ১০ ইঞ্চি উচ্চতাৰ লোকৰ শৰীৰৰ ওজন ৪১ৰ পৰা ৫২ কিলোগ্ৰাম, উচ্চতা ৫ ফুট হ’লে ওজন ৪৪ৰ পৰা ৫৫.৭ কিলোগ্ৰাম হ’ব লাগে। যিসকলৰ উচ্চতা ৫ ফুট ২ ইঞ্চি, তেওঁলোকৰ ওজন ৪৯ৰ পৰা ৬৩ কিলোগ্ৰাম হ’ব লাগে। যদি উচ্চতা ৫ ফুট ৪ ইঞ্চি হয় তেন্তে ওজন ৪৯ৰ পৰা ৬৩ কিলোগ্ৰাম হ’ব লাগে।

যদি উচ্চতা পাঁচ ফুট ৬ ইঞ্চি হয় তেন্তে শৰীৰৰ ওজন ৫৩ৰ পৰা ৬৭ কিলোগ্ৰাম হ’ব লাগে। যদি উচ্চতা পাঁচ ফুট ৮ ইঞ্চি হয় তেন্তে ওজন ৫৬ৰ পৰা ৭১ কিলোগ্ৰাম হ’ব লাগে। আৰু যাৰ উচ্চতা পাঁচ ফুট ১০ ইঞ্চি, তেওঁলোকৰ ওজন ৫৯ৰ পৰা ৭৫ কিলোগ্ৰাম হ’ব লাগে। ৬ ফুটৰ ওজন ৬৩ৰ পৰা ৮০ কিলোগ্ৰাম হ’ব লাগে।

বয়স অনুযায়ী ওজন কিমান হ’ব লাগে সেই প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰকৃততে টান। কাৰণ বয়স, উচ্চতা, পুষ্টি, শৰীৰৰ গঠন আৰু বিভিন্ন কাৰকৰ ওপৰত আমাৰ ওজন নিৰ্ভৰ কৰে। কিন্তু অতিৰিক্ত ওজন যিকোনো বয়সতে শৰীৰৰ বাবে বিপদজনক। গতিকে সময় থকাৰ সময়ত সাৱধান হোৱাটো জৰুৰী।

BCCI Under 15:বিচিচিআইৰ ১৫ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলত নাজিৰাৰ স্বাস্তি বিশ্বকৰ্মা

BCCI Under 15:বিচিচিআইৰ ১৫ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলত নাজিৰাৰ স্বাস্তি বিশ্বকৰ্মা
BCCI Under 15:বিচিচিআইৰ ১৫ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলত নাজিৰাৰ স্বাস্তি বিশ্বকৰ্মা

গুৱাহাটী, ১৮ নৱেম্বৰঃ ২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা বিচিচিআইৰ ১৫ অনুৰ্ধৰ(BCCI Under 15) এদিনীয়া ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে অসম দলত নাজিৰা(Nazira) জিলা ক্ৰীড়া সন্থাৰ স্বাস্তি বিশ্বকৰ্মাই(Swasti Vishwakarma) স্থান লাভ কৰিছে।

উল্লেখ্য, কেইবাখনো ৰাজ্যৰ ১৫ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব লগা বিচিচিআইৰ উদ্যোগত ২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাত ১৫ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট দলটো অসম ক্ৰিকেট সন্থাই ইতিমধ্যে নিৰ্বাচিত কৰি তালিকা প্ৰেৰণ কৰিছে।

দলটোত নিৰ্বাচিত অন্যান্য ছোৱালীৰ লগতে নাজিৰা ক্ৰীড়া সন্থাৰ স্বাস্তি বিশ্বকৰ্মাই স্থান লাভ কৰি নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে।

স্বাস্তি বিশ্বকৰ্মা শিৱসাগৰ ষ্টেচন চাৰি আলিৰ নিবাসী অজয় বিশ্বকৰ্মা আৰু ৰঞ্জু সিঙৰ কন্যা।

satriya sanskriti diwas: ব্ৰহ্মচাৰী সত্ৰত “সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ “সত্ৰীয়া সংস্কৃতি দিৱস” উদযাপন, ৪ গৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকক সম্বৰ্ধনা

satriya sanskriti diwas
satriya sanskriti diwas

অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ অংকীয়া নাট, বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্যৰ চৰ্চা আৰু সাধনা, সংবৰ্ধন, সংৰক্ষণ আদিৰ লগতে পুৰণি পুথি-পাঁজিৰ বুৰঞ্জীৰ ভঁৰাল হৈছে অসমৰ সত্ৰ অনুষ্ঠান সমূহ। এই মন্তব্য বিশিষ্ট কবি -সাহিত্যিক, শিক্ষাবিদ তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ শৰৎ বৰকটকীৰ।(satriya sanskriti diwas) যোৱা ১৫ নৱেম্বৰত “সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ উদ্যোগত পুৰণিগুদাম তেলীয়াগাওঁস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীব্ৰহ্মচাৰী সত্ৰত অনুষ্ঠিত সত্ৰীয়া সংস্কৃতি দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভা ও সম্বৰ্দ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ড৹ বৰকটকীয়ে কয় যে “সদৌ অসম সত্ৰ মহাসভা”ই সত্ৰীয়া কলা-সংস্কৃতিৰ লগতে গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।(Satriya culture practitioners honoured)

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে সত্ৰসমূহৰ জৰিয়তে নৈতিক, সামাজিক মূল্যবোধৰ ভেটি স্থাপন কৰি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিজন অসমীয়াৰ বাবে চিৰকাললৈ অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ থাকিব। ভাষণ প্ৰসংগত ড৹ বৰকটকীয়ে সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ, বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে নগাঁও মহাবিদ্যালয়ৰ এসময়ৰ ছাত্ৰ “সদৌ অসম সত্ৰ মহাসভা”ৰ প্ৰধান সম্পাদক তথা নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীক ভূমিকাক ভূয়সী প্ৰশংসা কৰে। বিশিষ্ট সমাজকৰ্মী দয়াৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্যিক ইন্দ্ৰজিত বেজবৰুৱাই কয় যে যুগৰ লগত মিলিবলৈ সত্ৰীয়া সমাজে আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন। তেওঁ অসমীয়া সংস্কৃতিক লৈ অসমীয়া সমাজে গৌৰৱবোধ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।(nagaon)

“সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ সম্পাদক প্ৰদীপ শইকীয়া আৰু সহকাৰী সম্পাদক ললিত ফুকনে যুটীয়াভাৱে আঁত ধৰা সভাখনত সত্ৰীয়া সংগীত শিল্পী দক্ষিণা কাশ্যপে পৰিবেশন কৰা বৰগীত আৰু দৰ্শনা হাজৰিকাৰ সত্ৰীয়া নৃত্যই উপস্থিত জনতাক মন্ত্ৰমুগ্ধ কৰি তোলে। সভাত দিহানাম পৰিবেশন কৰে ব্ৰহ্মচাৰী সত্ৰৰ মহিলা শিল্পীসকলে । উক্ত সভাতে সত্ৰীয়া কলা-সংস্কৃতি তথা গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰচাৰ, প্ৰসাৰ তথা বিকাশৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়োৱা নগাঁও জিলাৰ জাজৰীৰ শ্ৰীশ্ৰী বাঘমৰা বজালবাৰী সত্ৰৰ সত্ৰাধিকাৰ লাৰুধন গোস্বামী, নগাঁও জিলাৰ ৰহাৰ সাহিত্যিক, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া, বঢ়মপুৰৰ বিশিষ্ট সমাজকৰ্মী দয়াৰাম কলিতা আৰু চামগুৰিৰ শিল্পীৰ কেকোৰাচুকৰ বিশিষ্ট সমাজকৰ্মী প্ৰবীণ বৰাক সম্বৰ্দ্ধনা জনোৱা হয়।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত “সদৌ অসম সত্ৰ মহাসভা”ৰ পতাকা উত্তোলন কৰে সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ সভাপতি তথা শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে। নামপ্ৰসংগতো নামাচাৰ্য হিচাপে অংশগ্ৰহণ কৰে সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে । বৰ্ণাঢ্য কাৰ্য্যসূচীৰ মাজেৰে সত্ৰীয়া সংস্কৃতি দিৱসটি সামৰণি পৰে l

Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে

Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে
Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে

১৬ জুলাই, ১৯৬৯ চন। আমেৰিকাই চন্দ্ৰ লৈ মানৱ যান প্ৰক্ষেপ কৰাৰ ভৰপক সময়,এক মিছন। মানৱযান চন্দ্ৰৰ অভিমুখে গতি কৰি আছে আৰু বিজ্ঞানীসকলৰ(Indian Mathematician) কম্পিউটাৰৰ পৰ্দাত দৃষ্টি নিৱদ্ধ।

তেনেতে এক যান্ত্ৰিক বিজুতিৰ বাবে ৰকেটৰ পৰা চিগনেল অহা বন্ধ হৈ গ’ল।সেই সময়ত নাছাৰ গোটত এজন ভাৰতৰ বিজ্ঞানী বহি আছিল আৰু তেওঁ অংকৰ সহায়ত কৰি দেখুওৱাৰ হিচাপ মতে নাছাই কামৰ নিৰ্দেশ দিলে আৰু যেতিয়া ৰকেটৰ পৰা চিগনেল আহিল, তেতিয়া নাছাৰ ভিতৰত অংকৰ সহায়ত কৰা মানুহজনৰ হিচাপ আৰু মহাকাশৰ ৰকেটৰ হিচাপ সম্পূৰ্ণ ভাৱে মিলি গৈছিল।

কিমানে জানো বাৰু এই মহান গণিতজ্ঞ জনৰ কথা!!এটা সময়ত তেওঁ ইমান বেয়া পৰ্যায় পালেগৈ যে তেওঁৰ মৃত্যুৰ শ-দেহ উঠাবলৈও এখন গাড়ী পোৱা নগৈছিল, যিজনে নাছা, টিআইএফআৰ (TIFR), আইএছআই (ISI) কলকাতালৈ অৱদান আগবঢ়াই গ’ল।

ইমানেই নহয়, তেওঁ আইনষ্টাইনৰ special theory of relativityৰ ওপৰতো প্ৰত্যাহ্বান জনাই গৈছে। তেওঁ হৈছে ভাৰতৰ গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিং(Vashishtha Narayan Singh)।


১৯৪৬ চনৰ ২ এপ্ৰিলত ভাৰতৰ বিহাৰৰ ভোজপুৰ জিলাৰ বসন্তপুৰ গাঁৱত লাল বাহাদুৰ সিং নামৰ এজন আৰক্ষী কনিষ্টবল আৰু লাহসো দেৱীৰ ঘৰত তেওঁৰ জন্ম হয়।

প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষা netarhat residential schoolত সমাপ্ত কৰে পৰবৰ্তী সময়ত তেওঁ জলপানী সৈতে ডিগ্ৰী পাটনা বিজ্ঞান মহাবিদ্যালয়ত আৰম্ভ কৰে। এই সময়তে তেওঁ শিক্ষকৰ কৰিব দিয়া নিয়মৰ উপৰিও নিজা নিয়মেৰে বহুতো অংকৰ প্ৰশ্ন সমাধান কৰিছিল, যাৰ ফলস্বৰূপে শিক্ষকৰ লগত মনোমালিন্য হৈছিল।

এদিন শিক্ষকে ল’ৰাটোৰ পৰীক্ষা লবলৈ কলেজখনে নিজৰ নিয়ম সলনি কৰি অংক বিষয়ত স্নাতকৰ প্ৰথম বৰ্ষত পঢ়ি থকা সময়তেই অংকৰ স্নাতকোত্তৰৰ শেষৰ বৰ্ষৰ পৰীক্ষা দিবলৈ কৈছিল। কিন্তু সকলোকে আচৰিত কৰি তেওঁ কেতিয়াও নপঢ়া।

স্নাতকোত্তৰৰ পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয়। এদিনাখন আমেৰিকাৰ কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত প্ৰফেচাৰ John L Kelly পাটনা বিজ্ঞান কলেজৰ গণিত বিষয়ক অধিবেশন এখনলৈ আহিছিল।

তেওঁ তাত উত্থাপন কৰা পাচঁটা প্ৰশ্ন বশিষ্ঠ নাৰায়ণ সিঙে সুন্দৰ ভাৱে উত্তৰ দিয়ে। সিঙৰ বুদ্ধিমত্তাৰ উমান পায় বশিষ্ঠ নাৰায়ণ সিঙক জন কেলিয়ে সম্পূৰ্ণ জলপানি আৰু নিজা খৰচত আমেৰিকালৈ লৈ যায় আৰু কেলিৰ তত্বাৱধানতে কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত Reproducing Kernels and Operators with a Cyclic Vector (Cycle Vector Space Theory)ৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।


ডক্টৰেট সম্পূৰ্ণ কৰিয়েই ৱাশ্বিংটন বিশ্ববিদ্যালয়ত প্ৰফেছাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পিছত নাছাত কেইবাৰ বছৰ ধৰি সেৱা আগবঢ়ায়। কিন্তু আমেৰিকাত থাকোঁতেই তেওঁ Schizophrenia (এই ৰোগত আক্ৰান্ত হলে মানুহজন অলপ খঙাল প্ৰকৃতিৰ হয়(Schizophrenia))নামৰ ৰোগত আক্ৰান্ত হয়।

বেমাৰটো উকমকনি আৰম্ভ হওঁতেই তেওঁ ভাৰতলৈ ঘূৰি আহে। ভাৰতত তেওঁ আই আই টি কাণপুৰত শিক্ষকতা কৰাৰ উপৰি টিআইএফআৰত আঠ মাহৰ বাবে আৰু আই এচ আই কলকতাত প্ৰৱক্তা হিচাপে সেৱা আগবঢ়ায়।


তেওঁ ১৯৭৩চনত বন্দনা সিংৰ লগত বিবাহ পাশত আৱদ্ধ হয়। কিন্তু সেই বেমাৰৰ বাবেই ১৯৭৬চনত পত্নীয়ে তেওঁক ডিভোৰ্চ দিয়ে। এসময়ত তেওঁক পৰিয়ালৰ মানুহে মেন্টেল চিকিৎসালয়ত ৰখাৰ ব্যৱস্থা কৰে।

এদিনাখন তেওঁ হস্পিটেলত থকাৰ সময়তেই তেওঁৰ পিতৃয়ে শেষ নিশ্বাস ত্যাগ কৰে,পিতৃৰ অন্তোস্টিক্ৰিয়া সমাপ্ত কৰিবলৈ আহি তেওঁ বেমাৰৰ পৰা অলপ হলেও মুক্ত হয় আৰু মেন্টেল হস্পিটেলত নথকাৰ কথাও পৰিয়ালৰ লোকক জনায়।


ইমানলৈকে ঠিকেই আছিল। এদিনাখন তেওঁ ভায়েকক লগ কৰিবলৈ ৰান্সীলৈ গৈছিল। ভায়েকে আৰ্মী চাকৰি কৰিছিল। কিন্তু হঠাৎ তেওঁ নোহোৱা হৈ পৰিল। এই খবৰটো গোটেই বিহাৰত বন জুইৰ দৰে বিয়পি পৰিল।

চাৰিবছৰৰ পাছত এদিন তেওঁৰ সম্ভেদ ওলাল কিন্তু তেওঁক পালে জাৱৰৰ দ’ম এটা লৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত।

তৎক্ষণাৎ পৰিয়ালৰ মানুহ আহি তেওঁক উদ্ধাৰ কৰে আৰু বিহাৰৰ চৰকাৰৰে তেওঁৰ বাবে লাগতিয়াল সকলো খৰচ বহন কৰে আৰু কেইবা বছৰলৈকে মেডিকেলত থকাৰ পিছত ২০১৯ চনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৰণোত্তৰভাৱে ভাৰত চৰকাৰে ২০২০ চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে।


লোখকঃ ৰিপল ৰঞ্জন কাশ্যপ

Zubeen Grag: জুবিন গাৰ্গলৈ ড° ভূপেন হাজৰিকা বঁটা ২০২৫, বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা

Zubeen Grag
Zubeen Grag

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজিৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে। অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘদিনে আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে আজি এই বিশেষ দিনটোত শিল্পীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাই বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০২৫ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। (Zubeen Grag)

বেলতলা পূবেৰুণ সংঘৰ ইনডৰ হলত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এখন সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে এই বঁটা ঘোষণা কৰি সংবাদ মাধ্যমৰ আগত আৰু কয় যে জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক দিশত বহু অৱদান আগবঢ়াইছে। আমি শিল্পীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আগন্তুক দিনত আৰু ন ন গীতৰ লগতে সাংস্কৃতিক দিশত উৎসাহেৰে কাম কৰি যাওক। এই বঁটাত শিল্পীগৰাকীক মানপত্ৰ, স্মাৰক, ফুলাম জাপি, শৰাই, ২ লাখ টকাৰ এখন চেক আৰু অন্যান্য উপহাৰ প্ৰদান কৰা হ’ব। (Zubeen Grag Birthday)

পূৰ্বৰ পৰম্পৰা অটুত ৰাখি ২০২৫ চনৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ বহাগী উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০১২ চনৰ পৰা ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে। ইয়াৰ ভিতৰত দিপালী বৰঠাকুৰ, জ্ঞানদা কাকতি, পাৰবিন চুলতানা, সুদর্শণা শর্মা, ড° লক্ষহীৰা দাস, জর্জ বেকাৰ, ৰবীনা টেণ্ডন আদি অন্যতম। সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ সভাপতি বিচিত্র বড়ো, সাংস্কৃতিক সম্পাদক জয়ন্ত বড়োকে ধৰি ধনজিত চৌধুৰী, চন্দন কুমাৰ শইকীয়া আদি উপস্থিত থাকে।(dr bhupen hazarika award 2025 to zubeen garg)

Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ ‘জোনোম সান ফালিথাই’

Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ 'জোনোম সান ফালিথাই'
Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ 'জোনোম সান ফালিথাই'

গুৱাহাটী, ১৮ নৱেম্বৰঃ অসমৰ বৃহৎ জনগোষ্ঠী বড়োসকলৰ জাতীয় জীৱনৰ সাহিত্য-সংস্কৃতি-কলাৰ (মেৰুদণ্ড স্বৰূপ) ৭৩ তম বড়ো সাহিত্য সভাৰ(Bodo Sahitya Sabha)’জোনোম সান ফালিথাই'(Jonom Saan Falithai) (প্ৰতিষ্ঠা দিৱস) সমগ্ৰ অসমৰ লগতে ওৰাঙতো ১৬ নৱেম্বৰত অতি উৎসাহজনক ভাৱে পালন কৰা হয়।

ওৰাং(Orang) প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ ৫৫ তম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংপৃক্ত কৰি ঐতিহাসিক আওনাজুলি গাঁৱত (বৰিগাও) দিনজোৰা মনোৰম কাৰ্যক্ৰমণিকাৰে অঞ্চলবাসীৰ সহযোগত ওৰাং প্ৰাইমাৰী বড়ো সাহিত্য সভাই আয়োজন কৰে এই স্মৰণীয় প্ৰতিষ্ঠা দিৱসৰ।

আওনাজুলি বাথৌ থানচালিৰ প্ৰাংগণত আয়োজন কৰা এই দিৱসত ৰাতি পুৱা ৭-৪৫ বজাত প্ৰতিনিধি আদৰণী অনুষ্ঠানৰ পিছতেই বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ওৰাং প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ সভাপতি ৰূপলাল দৈমাৰীয়ে।

ছহিদ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উন্মোচন কৰে উপ-সভাপতি অঞ্চোৰাং খুংগুৰ দৈমাৰীয়ে। সাহিত্য সেৱা আগবঢ়াই ইতিমধ্যে চিৰকাললৈ গুচি যোৱা ব্যক্তিসকলৰ নামত স্মৃতিচাৰণ অনুষ্ঠানটি শ্ৰদ্ধাৰ্ঘৰে উদ্ঘাটন কৰে অন্যতম উপ-সভাপতি শিক্ষক সুৰেণ দৈমাৰীয়ে।

ৰাতিপুৱা ৮-৪০ বজাত আওনাজুলি গাঁওসভাৰ উপদেষ্টা সমেশ্বৰ মোছাহাৰীয়ে উন্মোচন কৰে প্ৰতিনিধি শিবিৰ তথা মূল তোৰণ। উপদেষ্টা তথা স্থানীয় বিষ্ণু ৰাভা বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক-অৱসৰী প্ৰধান শিক্ষক মণ্টু বসুমতাৰীয়ে গেলাবিল স্বাস্থ্য উপ কেন্দ্ৰৰ চৌহদত চাৰিজোপা বকুল আৰু নাহৰ গছৰ পুলি ৰোপন কৰে।

এই কাৰ্য সম্পাদনৰ সময়ত উপস্থিত থাকে এ এন এম মিনতি ডেকা। এই প্ৰতিষ্ঠা দিৱসৰ সৈতে ৰজিতা খুৱাই ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আয়োজন কৰা কুইজ, কবিতা আবৃত্তি,থিতাতে লিখা কবিতা, চিত্ৰাংকন আদি প্ৰতিযোগিতাৰ অনুষ্ঠান উন্মোচন কৰে বিষ্ণু ৰাভা বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল দৈমাৰীয়ে।

সমস্ত প্ৰতিযোগিতাৰ পৰিচালনা আৰু বিচাৰকৰ দায়িত্ব পালন কৰে ৰাংগাদাও দৈমাৰী, দ্বিজেন বসুমতাৰী, যোগেন বসুমতাৰী,ডানিয়েল বসুমতাৰী, খগেন দৈমাৰী আদি গণ্যমান্য ব্যক্তিবৃন্দ। ইয়াৰ পিছতেই প্ৰাক্তন সভাপতি তথা কবি সাহিত্যিক বিজয় শংকৰ বসুমতাৰীৰ উদ্বোধনেৰে প্ৰতিনিধি সভাৰ সভাপতিৰ আসনত উপবিষ্ট থাকে ৰূপলাল দৈমাৰী।

অভ্যৰ্থনা সমিতিৰ সভাপতি অমূল্য দৈমাৰীয়ে ৰাখে আদৰণী ভাষণ। দিনৰ ১২বজাত অনুষ্ঠিত হয় “বড়ো ভাষাৰ উত্তৰণত বড়ো সাহিত্য সভাৰ ভূমিকা”শীৰ্ষক মনোজ্ঞ আলোচনা চক্ৰ। ৰূপলাল দৈমাৰীৰ সঞ্চালনাত আয়োজন কৰা এই আলোচক্ৰ উদ্বোধন কৰে ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে।

আলোচক ৰূপে মনস্পৰ্শী বাৰ্তা অৱলোকন কৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক বিপিন চন্দ্ৰ ব্ৰহ্ম, সাহিত্যিক মেব্লাৰাম বসুমতাৰী, লেখক অবিন্দ্ৰ কুমাৰ মোছাহাৰী, ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ সহঃসম্পাদক পদ্দ বসুমতাৰী।

সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰমোদ চন্দ্ৰ বসুমতাৰী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপূৰ্ণমা স্বৰ্গীয়াৰী বসুমতাৰী, জিলা কৃতি শিক্ষকৰ বঁটা প্ৰাপক বাসীৰাম বসুমতাৰী সমন্বিতে ৪১ গৰাকী আমন্ত্ৰিত অতিথি।

ইয়াৰ মাজতে অঞ্চলটোৰ ভিতৰত এইবেলি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা (বড়ো জনগোষ্ঠীৰ) বিষ্ণু ৰাভা বড়ো হাইস্কুলৰ কৃতি ছাত্ৰী বিনীতা বসুমতাৰী আৰু HSLC ২০২৪ বৰ্ষত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বঁটা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তামণ্ডীয়ে।

ওৰাং প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ উপ-সভাপতি ৰতন মোছাহাৰীৰ সঞ্চালনাত বিয়লি ২ বজাত অনুষ্ঠিত কবি সন্মিলন উন্মোচন কৰে কবি-সাহিত্যিক বাসীৰাম বসুমতাৰীয়ে।

একাধিকজনৰ কবিতা আবৃত্তিৰ অনুৰণনেৰে আওনাজুলিৰ চৌপাশ জীপাল হৈ পৰে। ওৰাং প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক হৰেণ বসুমতাৰীৰ সঞ্চালনাত বিয়লি ৩-৩০বজাত অনুষ্ঠিত হয় শিশু-যুৱসকলৰ অতি আগ্ৰহৰ বঁটা বিতৰণী সভা।

প্ৰাৰম্ভৰ পৰা শুভ সামৰণিলৈ সমস্ত অনুষ্ঠানৰ আঁত ধৰে ওৰাং প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ সম্পাদক ইউন্সা বড়োৱে।

Tongue Taste Change: এই সমূহ ৰোগত হঠাতে সলনি হয় জিভাৰ সোৱাদ

Tongue Taste Change
Tongue Taste Change

কেতিয়াবা আমাৰ জিভাই খাদ্যৰ সোৱাদ নাপায়। যদি জিভাই সোৱাদ নাপাই তেন্তে খাদ্য খাবলৈও মন নাযায়, যদি কেতিয়াবা অনুভৱ আপোনাৰো হয় তেন্তে কি ৰোগৰ লক্ষণ হ’ব জানো আহক।(Tongue Taste Change)

খাদ্য অবিহনে আমি বেছি দিন জীয়াই থাকিব নোৱাৰো, কিন্তু সকলোৱে কেৱল জীয়াই থাকিবলৈ খাদ্য নাখায়, খাদ্যৰ ভাল সোৱাদো বিচাৰে। যেতিয়া আমাৰ জিভাই খাদ্যৰ সোৱাদ লাভ নকৰে তেতিয়া হয়তো বহু গুৰুতৰ ৰোগৰ লক্ষণে দেখা দিব পাৰে। আমাৰ অসুখ হ’লে আমাৰ জিভাৰ ৰঙো সলনি হয়, যাৰ বাবে চিকিৎসাৰ সময়ত চিকিৎসকে প্ৰায়ে আমাৰ জিভালৈ চায়।(Tongue)

চৰ্দি-জ্বৰত কোনোবা যেতিয়া আক্ৰান্ত হয় তেতিয়াও আপুনি জিভাৰ সোৱাদ লাভ নকৰিব পাৰে। এইটো এটা সাধাৰণ শাৰীৰিক সমস্যা যদিও কিছুমানৰ ক্ষেত্ৰত ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে-


ডায়েবেটিছ ৰোগীৰ প্ৰায়ে জিভাৰ সোৱাদৰ পৰিৱৰ্তনৰ সন্মুখীন হয়। তেওঁলোকৰ ব্লাড চুগাৰৰ অৱস্থা জানিবলৈ এনে হ’ব পাৰে।

দাঁতৰ সমস্যাই জিভাৰ সোৱাদতো প্ৰভাৱ পেলাব পাৰে। জিঞ্জিভাইটিছ, গহ্বৰ বা মুখ পৰিষ্কাৰ নকৰাৰ বাবে এনে সমস্যাৰ সৃষ্টি হোৱাটো অতি সাধাৰণ কথা।

বহুতো স্নায়ুজনিত ৰোগ, যেনে- পাৰ্কিনছন ৰোগ, এলঝেইমাৰ বা মাল্টিপল স্ক্লেৰোচিছৰ ফলত জিভাৰ সোৱাদ সলনি হ’ব পাৰে।

কাহ আৰু চৰ্দিৰ সময়ত জিভাৰ সোৱাদ কমি যাব পাৰে, কাৰণ নাক বন্ধ হোৱাৰ বাবে এনে হয়। আচলতে আমাৰ সোৱাদ নিৰ্ণয়ৰ বাবেও নাকেই দায়বদ্ধ।

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল, এই সময়ছোৱাত বহু লোকৰ জিভাই সোৱাদ হেৰুৱাইছিল। এয়া Covid-19 ৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষণ।(Corona)

Tiger Shroff Baaghi 4: অতি শীঘ্ৰে ছবি গৃহলৈ আহি আছে Baaghi 4, মুকলি হ’ল প্ৰথমখন পোষ্টাৰ

Tiger Shroff Baaghi 4
Tiger Shroff Baaghi 4

টাইগাৰ শ্ৰফৰ বহু প্ৰত্যাশিত ছবি ‘বাঘী ৪’ৰ প্ৰথমখন পোষ্টাৰ মুক্তি হ’ল। কিছুদিনৰ পূৰ্বে টাইগাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত বাঘী ৪ ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।(Tiger Shroff Baaghi 4)

বৰ্তমান টাইগাৰ শ্ৰফক দেখা গৈছে অজয় ​​দেৱগন আৰু ৰোহিত শ্বেট্টীৰ পঞ্চমখন ছবি কপ ইউনিভাৰ্ছ ‘সিংহম এগেইন’ত। বক্স অফিচত দৰ্শকৰ পৰা সঁহাৰি লাভ কৰিছে ছবিখনে। এই ছবিখনে ১৭ দিনত ২৩০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে। এই ছবিখনৰ পিছত এতিয়া টাইগাৰে মুকলি কৰিছে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘বাঘী ৪’ৰ প্ৰথমখন পোষ্টাৰ। ছবিৰ পোষ্টাৰ দেখি আনন্দত আত্মাহাৰা অনুৰাগীসকল।(Tiger Shroff Baaghi 4)

মুকলি কৰা পোষ্টাৰখনত হাতত সুৰাৰ বটল আৰু মুখত চিগাৰেট লৈ টয়লেটৰ পাত্ৰ এটাত বহি থকা দেখা গৈছে টাইগাৰক। (Tiger Shroff )লগতে এখন হাতত আছে এপাট অস্ত্ৰও, কাপোৰত তেজও লাগি আছে। ছবিখনৰ পোষ্টাৰ চাই দৰ্শকে টাইগাৰৰ এই ছবিখন অতি ৰোমাঞ্চকৰ আৰু একচনেৰে ভৰা হ’ব বুলি অনুমান কৰিছে।(Baaghi 4)

খবৰ অনুসৰি ‘বাঘী ৪’ৰ শ্বুটিং বৰ্তমান চলি আছে। এই ছবিখন অহা বছৰ ২০২৫ চনৰ ৫ ছেপ্টেম্বৰত মুক্তি পাব।ছবিখনৰ প্ৰযোজক হৈছে ‘বাঘী’ ফ্ৰেঞ্চাইজি নিৰ্মাণ কৰা সাজিদ নাদিয়াদৱালা। ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকল।(tiger shroff announced baaghi 4)