জাৰি কৰা জাননীখনত সেই গীতসমূহৰ নামো সন্নিবিষ্ট কৰা হৈছিল য’ত ‘পাঞ্জ তাৰা’ আৰু ‘পটিয়ালা পেগ’ৰ দৰে গীতৰ কথা উল্লেখ কৰা হৈছিল। দিলজিৎ দোচাঞ্জেও এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছিল। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে তেওঁৰ সেই ভিডিঅ’। ইফালে তেওঁৰ আন এটা ভিডিঅ’ই তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে, য’ত দিলজিৎ দোচাঞ্জে ভাৰতত সুৰা নিষেধাজ্ঞা সন্দৰ্ভত মুকলি কিছু কথা কয়।(Diljit Dosanjh On Alcohol Banned In India)
তেওঁ কয় যে যিদিনাৰ পৰাই প্ৰতিখন ৰাজ্যই DRY STATE ঘোষণা কৰিব, সেইদিনাৰ পৰাই মই জীৱনত কেতিয়াও সুৰাৰ ওপৰত গীত পৰিৱেশন নকৰোঁ। ক’ৰোণাত সকলো বন্ধ হৈছিল কিন্তু সুৰা চলি আছিল। য’ত য’ত মোৰ শ্ব’ হ’ব তাতে DRY DAY ঘোষণা কৰক মই সুৰাৰ ওপৰত গান নাগাওঁ। গীত পৰিৱেশন কৰাৰ মাজতে কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জৰ কথাই মুহিলে সকলো দৰ্শকক।(punjabi singer)
লগতে তেওঁ কয় যে বলীউডৰ তাৰকাসকলে সুৰাৰ বিজ্ঞাপন দিয়ে, কিন্তু তেওঁ তেনে নকৰে। তেওঁ লগতে কয় যে তেওঁ য’তেই যায় তাতেই মনে মনে নিজৰ শ্ব’টো কৰি গুচি আহে, কিন্তু মানুহে তেওঁক কিয় আমনি কৰে। তেওঁ এনে এটা আন্দোলন আৰম্ভ কৰাৰ কথা কয়, য’ত যদি সকলো ৰাজ্যই নিজকে dry state বুলি ঘোষণা কৰে, তেন্তে তেওঁ জীৱনত সুৰাৰ ওপৰত কোনো গান নাগাব। দিলজিতে লগতে কয় যে কৰ’নাৰ সময়ত সকলো বন্ধ আছিল, কিন্তু সুৰাৰ দোকান বন্ধ নাছিল।
তেওঁৰ শ্ব’ত যদি ড্ৰাই ডে ঘোষণা কৰা হয় তেন্তে তেওঁ সুৰাৰ ওপৰত গান নাগাব বুলিও কয়। তেওঁৰ বাবে গীত সলনি কৰাটো অতি সহজ কাৰণ তেওঁ নতুন শিল্পী নহয়।
আপুনি নিশ্চয় চলচ্চিত্ৰ জগতৰ এনে বহু তাৰকাৰ কথা পঢ়িছে বা শুনিছে, যিয়ে কোনোবা নহয় কোনোবা কাৰণত নিজৰ ধৰ্ম সলনি কৰে। আজিও আমি আপোনালোকক কম চলচ্চিত্ৰ জগতৰ তেনে এগৰাকী অভিনেত্ৰীৰ কথা, যিয়ে প্ৰেমৰ স্বাৰ্থত নিজৰ ধৰ্ম সলনি কৰিছিল, কিন্তু প্ৰেম সফল নহ’ল। অৱশ্যে আজি এইগৰাকী অভিনেত্ৰী এই উদ্যোগৰ অন্যতম শীৰ্ষ অভিনেত্ৰী, যিয়ে বহু ব্লকবাষ্টাৰ ছবি দৰ্শকলৈ আগবঢ়াই কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক হ’ল।(nayanthara)
যদিও ধৰ্ম সলনি কৰিছিল তথাপিও তেওঁক অনুৰাগীয়ে বহুত ভাল পায় আৰু আজিও তেওঁ উদ্যোগটোৰ অন্যতম শীৰ্ষ অভিনেত্ৰী। হয়, দক্ষিণৰ অভিনেত্ৰী নয়নতাৰা কথা কৈছোঁ।(Lady Superstar)
২০০৩ চনত মালয়ালম ছবি ‘মানচিনাকাৰে’ৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ হয়। আজি নয়ন্তৰাক দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ লেডী ছুপাৰষ্টাৰ বুলি কোৱা হয়। কেৰিয়াৰত চাউথৰ প্ৰায় প্ৰতিজন ডাঙৰ ছুপাৰষ্টাৰৰ সৈতে কাম কৰিছিল। চিনেমালৈ অহাৰ আগতে নয়ন্তৰাই টিভিত আয়োজক হিচাপে কাম কৰিছিল। প্ৰথমখন ছবিৰ সফলতা লাভ কৰাৰ পিছত তেওঁ বহু ডাঙৰ ডাঙৰ ছবিৰ পৰা অফাৰ লাভ কৰিবলৈ আৰম্ভ কৰে। ২০১৮ চনত ফৰ্বছ ইণ্ডিয়া ১০০ চেলিব্ৰিটি তালিকাত অন্তৰ্ভুক্ত হোৱা দক্ষিণ চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী নায়িকা হিচাপে পৰিগণিত হয়।(Nayanthara Birthday)
এইগৰাকী অভিনেত্ৰী খ্ৰীষ্টান ধৰ্মত জন্মগ্ৰহণ কৰিছিল। কলেজত পঢ়ি থাকোঁতে তেওঁ মডেলিং আৰম্ভ কৰিছিল। ২০০৩ চনত অভিনেত্ৰীগৰাকীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০ বছৰ ধৰি এই উদ্যোগত কাম কৰি আহিছে। এই সময়ছোৱাত তেওঁ ৮০খনতকৈও অধিক ছবিত কাম কৰিছে। আনহাতে ননয়নতাৰাৰ প্ৰকৃত নাম আছিল ডায়েনা মৰিয়াম কুৰিয়েন। আজি অভিনেত্ৰীগৰাকীয়ে ৪০ বছৰীয়া জন্মদিন পালন কৰিছে। ১৯৮৪ চনৰ ১৮ নৱেম্বৰত কৰ্ণাটকৰ বেংগালুৰুত জন্মগ্ৰহণ কৰিছিল।(south actress nayantara)
আনহাতে নয়নতাৰা ব্যক্তিগত জীৱনৰ কথা ক’লে যোৱা ২০ বছৰ ধৰি চলচ্চিত্ৰ জগতত কাম কৰি আহিছে। এই সময়ছোৱাত তেওঁ কেৱল খ্যাতি অৰ্জন কৰাই নহয়, বহু টকা উপাৰ্জন কৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি নয়নতাৰাৰ মুঠ সম্পত্তি ২০০ কোটি টকা। ২০২২ চনত তেওঁ চলচ্চিত্ৰ প্ৰযোজক বিগনেশ শিৱনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ দুটা সন্তান আছে।(Vignesh Shivan)
বিচাৰকসকলে ভিক্টোৰিয়াৰ নাম বিজয়ী হিচাপে ঘোষণা কৰাৰ লগে লগে তেওঁঁ প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল। তেওঁৰ জয়ত ইমানেই সুখী হৈছিল যে আৱেগিক হৈ পৰিছিল ভিক্টোৰিয়া। আনকি তেওঁৰ চকুলোও বৈ আহিল।
এইবাৰ ভাৰতৰ পৰা মিছ ইউনিভাৰ্ছ ২০২৪লৈ গৈছিল ৰিয়া সিংহা। শীৰ্ষ ৩০ ৰ ভিতৰত স্থান লাভ কৰাত সফলতা লাভ কৰে ছানীয়ে। কিন্তু শীৰ্ষ ১২ত আহিব নোৱাৰিলে। যাৰ বাবে কোটি কোটি ভাৰতীয়ৰ সপোন ছিন্নভিন্ন হৈ পৰিল।