Home Blog Page 462

Delhi Pollution: দিল্লীত প্ৰদূষণৰ মাত্ৰা ভয়ংকৰ, এশৰো অধিক বিমান যাত্ৰাত পলম

Delhi Pollution
Delhi Pollution

প্ৰদূষণৰ বাবে স্তম্ভিত হৈ পৰিছে দিল্লীবাসী। একেৰাহে ৫ দিন ধৰি ৰাজধানীখনৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৪০০ৰ ওপৰত। দেওবাৰে পুৱাও দিল্লীৰ আকাশখন ধুলিময় হৈ পৰিছিল। লাহে লাহে চলাচল কৰে যান-বাহনসমূহ। এয়াৰক্ৰাফ্ট ট্ৰেকিং কোম্পানী ফ্লাইট্ৰাডাৰে কয় যে শ শ বিমান পলমকৈ উৰিছে। বাতিল কৰা হৈছে তিনিখন বিমান।(Delhi Pollution)

দিল্লীৰ বায়ুৰ গুণাগুণ নিৰ্ণয়ৰ বাবে ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৩৫টা নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত ২২টা নিৰীক্ষণ কেন্দ্ৰৰ বায়ুৰ গুণাগুণ সূচকাংক ‘গুৰুতৰ’ স্তৰত থকা দেখা গৈছে। দেওবাৰে পুৱা বায়ুৰ গুণাগুণ সূচকাংক বা AQI আটাইতকৈ বেয়া আছিল (বিলাক)। ৱাজিৰপুৰৰ মুণ্ডাকাৰ একিউআই আছিল ৪৬৭। আনন্দবিহাৰ ৫৭৭ ৰ AQI দিল্লীৰ এই স্থানসমূহত একুইয়ে ‘অতি বিপজ্জনক’ স্তৰত উপনীত হৈছে। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে-পাশে থকা অঞ্চলৰ বায়ুৰ মান ৪৪৫। ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ এই পৰিস্থিতি দেখি পৰিবেশবিদ আৰু প্ৰশাসন চিন্তিত হৈ পৰিছে। প্ৰদূষণৰ পৰিণতি নাগৰিকে ভুগিব পাৰে বুলি বিশ্বাস কৰা হয়। উশাহ-নিশাহৰ কষ্টকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে জনসাধাৰণ। ধোঁৱাৰ বাবে মহানগৰীৰ পথত গাড়ী চলোৱাৰ সময়ত চালকসকলে সমস্যাৰ সন্মুখীন হৈছে। বিমান উৰণৰ সময়তো সমস্যাৰ সন্মুখীন হৈছে পাইলট। তাৰ বাবেই বহু বিমান পলম হয়।(air quality)

দিল্লীতকৈ কম হ’লেও নয়ডা আৰু গুৰুগ্ৰামৰ AQI বৰ ভাল নহয়। দেওবাৰে নয়ডাৰ বায়ুৰ গুণাগুণ আছিল ৩০৮। গুৰুগ্ৰামৰ একিউআই আছিল ৩০৭।

ৰাজধানীৰ পথত অত্যধিক যান-বাহন চলাচল ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী আতিশীয়ে চৰকাৰী কাৰ্যালয়ৰ সময় সলনি কৰাৰ কথা ঘোষণা কৰিছে। যদিহে পথত যান-বাহন কম হয়, তেন্তে প্ৰদূষণৰ মাত্ৰাও হ্ৰাস পাব বুলি দিল্লী চৰকাৰৰ যুক্তি। ঘোষণা অনুসৰি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়। শেষ হ’ব ৫:৩০ বজাত। দিল্লী চৰকাৰী কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৬:৩০ বজাত শেষ হ’ব। আৰু দিল্লী পৌৰ নিগমৰ কাম আৰম্ভ হোৱাৰ সময় পুৱা ৮.৩০ বজাত। সন্ধিয়া ৫ বজাত শেষ হ’ব। পৰিস্থিতি চম্ভালিবলৈ দিল্লী চৰকাৰে ‘গ্ৰেডেড ৰেচপন্স একচন প্লেন’ (GRAP-3) আৰম্ভ কৰিছে। যান-বাহন অধিক হোৱা অঞ্চলত নিয়মীয়াকৈ পানী ছটিয়াই দিয়া হৈছে। প্ৰদূষণ বৃদ্ধি কৰিব পৰা কাম-কাজত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

Sunita Williams: মই সুস্থ, চিন্তাৰ কোনো কাৰণ নাইঃ মহাকাশৰ পৰা বাৰ্তা প্ৰেৰণ কৰিলে সুনীতা উইলিয়ামছে

Sunita Williams
Sunita Williams

চলিত বৰ্ষৰ জুন মাহত বয়িং ষ্টাৰলাইনাৰে ফ্ল’ৰিডাৰ পৰা সুনিতাছৰ সৈতে মহাকাশলৈ উৰা মাৰিছিল। গন্তব্যস্থান আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ। সেই সময়ত সুনীতাৰ ওজন আছিল ৬৩ কেজি। কিন্তু কিছুদিন আগতে তেওঁৰ এখন ফটো ওলোৱাৰ পিছত চিন্তা বাঢ়ি গ’ল জনসাধাৰণৰ।(Sunita Williams)


সুনীতা উইলিয়ামছৰ সেই ক্ষীণ মুখৰ ফটোখন দেখি সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছিল। মহাকাশত আবদ্ধ হৈ থকা ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি দেখাৰ পিছত মানুহৰ মনত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, সুনীতাৰ অৱস্থা ভাল হয়নে নে নহয় সকলোৰে মুখে মুখে প্ৰশ্ন সৃষ্টি হৈছিল।(health update)

কিন্তু এতিয়া সেই সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পৰিছে। মহাকাশৰ পৰা উইলিয়ামছে এটা বাৰ্তা প্ৰেৰণ কৰি তেওঁ ক’লে মোৰ ভাল, মই সুস্থ আছোঁ। চিন্তাৰ কোনো কাৰণ নাই।

ইয়াৰ পিছতো প্ৰশ্ন মানুহৰ মনত। সুনীতা যদি সুস্থ, তেন্তে তেওঁৰ শৰীৰৰ এই অৱস্থা কিয়? মহাকাশচাৰীগৰাকীক ফটোত কিয় ইমান বেমাৰী যেন লাগিছে?

সকলোৰে চিন্তা অতিক্ৰম কৰি সুনীতাই নিজৰ শাৰীৰিক অৱস্থাৰ বিষয়ে মুকলিকৈ ক’লে। তেওঁ কয় যে তেওঁ প্ৰায় ১৫০ দিন মহাকাশত কটালে। মহাকাশত দীৰ্ঘদিন থাকিলে শৰীৰৰ তৰল পদাৰ্থৰ কেইবাটাও পৰিৱৰ্তন ঘটে আৰু ইয়াৰ বাবেই তেওঁৰ ৰূপ সলনি হৈছে।

লগতে সুনীতাই কয় যে তেওঁ সম্পূৰ্ণ সুস্থ আৰু স্বাভাৱিক। চিন্তাৰ কোনো কাৰণ নাই। প্ৰকাশিত ছবিখনৰ কথা উল্লেখ কৰি তেওঁ কয়- মহাকাশত আমাৰ মূৰটো শৰীৰতকৈ বহুত ডাঙৰ দেখা যায়। কাৰণ, আমাৰ শৰীৰৰ সকলো তৰল পদাৰ্থ সমানে বৈ যাব নোৱাৰে। মগজুত জমা হয়। কিছু তৰল পৰিৱৰ্তনৰ বাবে ছবিখনত মোক বেলেগ ধৰণে দেখা গৈছিল।”

আনহাতে মহাকাশত থকাৰ সময়ত বহু ভৌতিক পৰিৱৰ্তন ঘটে বুলি তত্ত্বটোৱে কয়। ওজন কমি গৈ থাকে। শৰীৰত স্বাভাৱিকভাৱে তৰল পদাৰ্থ প্ৰবাহিত হ’ব নোৱাৰে। তৰল পদাৰ্থৰ গতি সলনি কৰে। বেছিভাগ ক্ষেত্ৰতে মগজুত তৰল পদাৰ্থ জমা হয়। ইয়াৰ ফলত শৰীৰত অস্বাভাৱিক চাপৰ সৃষ্টি হয়। দৃষ্টিশক্তি হেৰুৱাৰ আশংকা থাকে। এই বিষয়ে নাছাই দীৰ্ঘদিন ধৰি গৱেষণা কৰি আহিছে।(NASA)

নাছাৰ তথ্য অনুসৰি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত সুনীতাক পৃথিৱীলৈ ঘূৰাই অনা হ’ব। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰা হ’ব এখন নতুন মহাকাশযান। তেতিয়ালৈকে সুনীতা তাতেই থাকিব। খবৰ অনুসৰি ফেব্ৰুৱাৰী মাহত ইলন মাস্কৰ কোম্পানীৰ স্পেচএক্সৰ ‘ক্ৰু ড্ৰেগন’ মহাকাশযানে তেওঁলোকক ঘূৰাই আনিব।

Astrological Tips: ঘৰত নিমখ শেষ হ’লে কাষৰ ঘৰৰ পৰা নিমখ বিচাৰে নেকি? আনৰ ঘৰৰ পৰা কি কি বস্তু আনিব নালাগে জানক

Astrological Tips
Astrological Tips

আমি বহু বস্তু বহু মানুহৰ পৰা লওঁ। কেতিয়াবা প্ৰয়োজনৰ বাবেই লওঁ আৰু কেতিয়াবা ভাল লাগে বাবে লওঁ। কিন্তু জীৱনত আনৰ পৰা বিনামূলীয়াকৈ কিছু বস্তু ল’লে চৰম বিপদৰ সন্মুখীন হ’ব পাৰে আপুনি। আনৰ পৰা বিনামূলীয়াকৈ বস্তু ল’লে শনি গ্ৰহত বেয়া প্ৰভাৱ পৰে।(Astrological Tips)আনৰ পৰা কি কি বস্তু ল’ব নোৱাৰি চাওঁ আহক-

তেলঃ কাৰো পৰা কেতিয়াও তেল লব নালাগে আৰু তেল কেতিয়াও কাকো বিনামূলীয়াকৈ দিব নালাগে। শনিৰ লগত তেলৰ সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়। গতিকে কাৰো পৰা কেতিয়াও বিনামূলীয়াকৈ তেল লোৱা বা দিয়া উচিত নহয়। ইয়াৰ ফলত দৰিদ্ৰতা বৃদ্ধি পায়।(oil)

বেজী: কেতিয়াও কাৰো পৰা বিনামূলীয়া বেজী লব নালাগে। ফলত শনি দেৱৰ খং উঠে আৰু জীৱনলৈ নামি আহিব পাৰে বিভিন্ন দুৰ্যোগ।

লোহাঃ লোহা কোনেও বিনামূলীয়াকৈ নিদিয়ে বা ল’ব নালাগে। ই জীৱনত গুৰুতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাহিৰেও শনিবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰা উচিত নহয়।

নিমখ: কেতিয়াও কাৰো পৰা বিনামূলীয়াকৈ নিমখ ল’ব নালাগে। যদি নিমখ লোৱাটো অতি প্ৰয়োজনীয় হয়, তেন্তে তাৰ বিনিময়ত কিবা এটা দিয়াৰ পিছত নিমখ লওক। লগতে কেতিয়াও কাৰো হাতত পোনপটীয়াকৈ নিমখ নিদিব।(salt)

কলম: আপোনাৰ ব্যৱহৃত কলমটো কেতিয়াও শ্বেয়াৰ নকৰিব। বিশেষ প্ৰয়োজনৰ বাবে যদি কলম দিয়া হয়, তেন্তে অতি সোনকালে ঘূৰাই লৈ যাওক।(pen)

ঘড়ী: আনৰ পৰা কেতিয়াও বিনামূলীয়াকৈ ঘড়ী নিদিব বা ল’ব নালাগে। কাৰণ আপোনাৰ জীৱনত যি ভাল বেয়া হয়, সেই সময় আন কাৰোবাৰ হাতলৈ যায়। জীৱনতো ইয়াৰ বেয়া প্ৰভাৱ পৰে।(watch)

ৰুমাল: যিমানেই প্ৰয়োজন নহওক কিয়, ৰুমাল কেতিয়াও আনৰ পৰা ল’ব নালাগে। ইয়াৰ ফলত সেই ব্যক্তিজনৰ লগত অসুবিধাৰ সৃষ্টি হ’ব পাৰে।

Gum Bleeding: দাঁতৰ আলুৰ পৰা তেজ ওলাই নেকি? ৰক্তক্ষৰণ বন্ধ কৰাৰ উপায় জানি লওক

Gum Bleeding
Gum Bleeding

দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হোৱাটো এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা। যিয়ে বহু লোকক অসুবিধা সৃষ্টি কৰিব পাৰে। এই সমস্যা দাঁতৰ বিষ, জিভা ফুলা বা দাঁতৰ গহ্বৰৰ সমস্যাৰ বাবে হ’ব পাৰে। যদি আপুনিও আলুৰ ৰক্তক্ষৰণৰ বাবে অসুবিধা পাইছে, তেন্তে ইয়াৰ বাবে কিছুমান সহজ ঘৰুৱা উপায় বিষয়ে জানি লওক। ইয়াৰ বাবে আপুনি কিছুমান পাকঘৰৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব।(Gum Bleeding)

১) নিমখ আৰু গৰম পানীৰে গাৰ্গল কৰক
নিমখ মিহলি কৰা গৰম পানীৰে গাৰ্গল কৰিলে আলুৰ ৰক্তক্ষৰণ বন্ধ হোৱাত সহায়ক হয়। এই প্ৰতিকাৰেও দাঁতৰ আলুৰ ফুলা কমোৱাত সহায় কৰিব পাৰে।(Home Remedies)

২/ নিমৰ তেল(Neem Oil)
আলুৰ ৰক্তক্ষৰণ বন্ধ কৰাত নিম তেলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। ৰাতি শুৱাৰ আগতে আলুৰ ওপৰত লগাব পাৰে নিম তেল আৰু ৰাতিপুৱা ধুই পেলাব।

৩/ এলোভেৰাৰ ৰস(Aloe vera juice)
এলোভেৰাৰ ৰসেও আলুৰ ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰিব পাৰে। এলোভেৰাৰ পাত কাটি তাৰ পৰা উলিওৱা ৰস আলুৰ ওপৰত লগাব পাৰে।

৪) সতেজ ফলমূল আৰু শাক-পাচলি
সতেজ ফল-মূল খোৱাটো আলুৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে। ইয়াৰ লগে লগে আপোনাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰে আৰু দাঁতৰ আলুৰ স্বাস্থ্য ভাল হৈ থাকিব পাৰে।

৫) পানীৰ সঠিক ব্যৱহাৰ
পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটোও দাঁতৰ আলুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। সঠিক পৰিমাণত পানী খালে আপোনাৰ শৰীৰৰ সতেজতাৰ মাত্ৰা বজাই ৰাখে।

National Epilepsy Day: আজি ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস, মৃগীৰোগীৰ বাবে আছে ৪টা ছুপাৰফুড…

National Epilepsy Day
National Epilepsy Day

মৃগীৰোগীক সঠিক খাদ্যই তেওঁলোকৰ মগজুৰ স্বাস্থ্য উন্নত কৰা আৰু লক্ষণসমূহ পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। যদিও কোনো খাদ্যই মৃগী ৰোগ নিৰাময় কৰিব নোৱাৰে, তথাপিও কিছুমান বিশেষ পুষ্টিকৰ উপাদানে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, প্ৰদাহ হ্ৰাস কৰিব পাৰে।(National Epilepsy Day)

ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ দিনা মৃগী ৰোগত আক্ৰান্ত লোকক সহায় কৰিব পৰা কিছুমান গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ বিষয়ে জানি লওক-(Epilepsy)

১) ওমেগা-৩ ফেটি এচিডঃ মগজুৰ স্বাস্থ্যৰ বাবে ওমেগা-৩ ফেটি এচিড অতি গুৰুত্বপূৰ্ণ। এইবোৰে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে আৰু স্নায়ুসংবহনক সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ওমেগা-৩ সমৃদ্ধ খাদ্যই মৃগী ৰোগৰ আক্ৰমণ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। ছালমন আৰু চাৰ্ডিন, চিয়া গুটি আৰু আখৰোটৰ দৰে মাছৰ পৰা পাব পাৰি।

২) মেগনেছিয়ামঃ স্নায়ুজনিত স্বাস্থ্যৰ বাবে মেগনেছিয়াম অতি প্ৰয়োজনীয়, কিয়নো ই স্নায়ুৰ সংক্ৰমণ আৰু পেশীৰ সংকোচন নিয়ন্ত্ৰণ কৰে। মেগনেছিয়ামৰ অভাৱত মৃগী ৰোগৰ আক্ৰমণ বৃদ্ধি পাব পাৰে। পালেং, বাদাম আৰু দাইলৰ পৰা পাব পাৰে।

৩) ভিটামিন বি ৬ : ভিটামিন বি ৬ য়ে চেৰ’টনিন আৰু ড’পামিনৰ দৰে নিউৰ’ট্ৰান্সমিটাৰ গঠনত সহায় কৰে। বিশেষকৈ কিছুমান ধৰণৰ মৃগীৰোগত সহায় কৰে। কল আৰু আলুৰ পৰা পাব পাৰে এই ভিটামিন।

৪) এন্টিঅক্সিডেন্টঃ অক্সিডেটিভ চাপে মৃগী ৰোগৰ লক্ষণ বৃদ্ধি কৰিব পাৰে। ভিটামিন চি আৰু ইৰ দৰে এন্টিঅক্সিডেন্ট মগজুৰ কোষক সুৰক্ষা দিয়ে। জামুক, ছাইট্ৰাছ ফল আৰু বাদামৰ পৰা পাব পাৰি এই ভিটামিন।

মৃগীৰোগ নিয়ন্ত্ৰণৰ বাবে এই পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে মগজুৰ কাৰ্য্যক্ষমতা উন্নত কৰাত সহায়ক হ’ব পাৰে। মৃগীৰোগীয়ে সঠিক খাদ্য গ্ৰহণ কৰি সুস্থ আৰু সুষম জীৱন যাপন কৰিব পাৰে।(4 superfoods for diet of epilepsy patients)

National Press Day:বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

National Press Day:বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
National Press Day:বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

গুৱাহাটী, ১৬ নৱেম্বৰঃ বোকাখাত সমজিলা প্রশাসন, বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা বোকাখাত সমজিলাৰ সমূহ সাংবাদিকৰ সহযোগত সমগ্ৰ ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) পালন কৰা হয়৷

বোকাখাতৰ(Bokakhat) সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই কাৰ্যসুচীত বোকাখাত সমজিলাৰ সাংবাদিক সকলে অংশ গ্ৰহন কৰে৷

কাৰ্যসূচীৰ আৰম্ভণিতে বিভিন্ন সময়ত প্ৰান আহুতি দিয়া জ্ঞাত-অজ্ঞাত প্ৰয়াত সাংবাদকৰ্মী সকলক সোঁৱৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়(Kaziranga National Park)৷

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত এইবছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল আলোচ্য বিষয় “সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ”ৰ ওপৰত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথ আৰু সাংবাদিক ৰাজীৱ বৰাই নিজৰ তথ্যসম্বলিত বক্তব্য আগবঢ়ায়৷

আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচীৰ আঁত ধৰে বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়াই।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি বোকাখাতৰ সমজিলা আয়ুক্ত শিৱানী জের্ণগলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সকলো সাংবাদিকক শুভেচ্ছা জনায়।

আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে বোকাখাত সমজিলাৰ সহকাৰী আয়ুক্ত কুশল কলিতাই আৰু শলাগৰ শৰাই আগবঢ়াই বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নীৰা ৰায়ে।

Assam Football Players Association: অসম ফুটবল খেলুৱৈ সন্থাৰ নতুন সভাপতি জুৱেল বে, সম্পাদকৰ দায়িত্বত পুনৰবাৰ দূৰ্গা বড়ো

Assam Football Players Association: অসম ফুটবল খেলুৱৈ সন্থাৰ নতুন সভাপতি জুৱেল বে, সম্পাদকৰ দায়িত্বত পুনৰবাৰ দূৰ্গা বড়ো
Assam Football Players Association: অসম ফুটবল খেলুৱৈ সন্থাৰ নতুন সভাপতি জুৱেল বে, সম্পাদকৰ দায়িত্বত পুনৰবাৰ দূৰ্গা বড়ো

গুৱাহাটী, ১৬ নৱেম্বৰঃ অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাৰ(Assam Football Players Association) নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ জুৱেল বে(Jewel Bay), আনহাতে পুনৰবাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে আইএছএলৰ প্ৰাক্তন ফুটবলাৰ দূৰ্গা বড়োৱে(Durga Boro)।

শুকুৰবাৰে সন্ধিয়া অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সন্থাৰ বাৰ্ষিক সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নবীন প্ৰবীন ফুটবলাৰে অংশগ্ৰহণ কৰিছিল(FIFA)।

প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ হেম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত আগন্তুক চাৰি বছৰৰ বাবে নতুন কমিটি গঠন হয়। যত সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ক্ৰমে জুৱেল বে আৰু দূৰ্গা বড়োয়ে(AFA)।

নতুন সমিটিৰ মুখ্য উপদেষ্টা হল হেম দাস। কাৰ্য্যকৰী সভাপতি হল আৰমান আলি আৰু কোষাধাক্ষ হিচাপে নিৰ্বাচিত হৈছে বিজয় বৰগোহাঁই।

গজেন দাস যুটীয়া সম্পাদক আৰু যুটীয়া কোষাধাক্ষৰ দায়িত্বত আছে অশোক ৰামচিয়াৰী। সন্থাৰ ৭গৰাকী উপ-সভাপতি হ’ল ক্ৰমে ইজাজুল্লাহ, মুন্না চেত্ৰী, গিৰিন্দ্ৰ ৰাভা, জনক বসুমতাৰী, জিতু চেত্ৰী, ত্ৰিদিপ খাউন্ড আৰু বাবু সিং। নতুন কমিটিত ৭গৰাকী কাৰ্য্যনিৰ্বাহক সদস্যও আছে।

নতুন সমিটিয়ে ৰাজ্যজুৰি ফুটবলৰ বিকাশৰ বাবে কেবাটাও আঁচনি গ্ৰহন কৰিছে। ইফালে নেহৰু ষ্টেডিয়ামতে দিনৰ ভাগত অনুষ্ঠিত হৈছিল প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ প্ৰয়াত টচেন বড়া, ৰমেশ ফুকন,উৎপল বসুমতাৰী, দূৰ্গা চেত্ৰী, কুল বাহাদুৰ থাপা আৰু শিৱ গগৈৰ স্মৃতিত এখন প্ৰদৰ্শনীমূলক খেল।

যত প্ৰাক্তন ফুটবল খেলুৱৈ দলে ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাৱক ১-০ গলত পৰাস্ত কৰে। খেলখন প্ৰত্যক্ষ কৰিছিল প্ৰবীন খেলুৱৈ অৰুন বৰঠাকুৰ, দেবাশীষ ৰায়, স্বাধীন ডেকাৰজা, পৰেশ কাকতি, ডম্বৰু খনিকৰ মতিলাল দাস, অচিৎ দাস, বাহাৰুল ইছলাম, কিশোৰ চেত্ৰীৰ লগতে আন বহু জনে। সন্থাই অসম ৪গৰাকী ক্ৰীড়া সাংবাদিক ক্ৰমে পবিত্ৰ গগৈ, পুলিন সাহা, বিপুল বৰ্মন আৰু উদয় বৰগোহাঁইক সম্বৰ্ধনা জনায়।

National Press Day: তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

National Press Day
National Press Day

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত দিছপুৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।(National Press Day)

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানটোত প্ৰিণ্ট মিডিয়া, ডিজিটেল মিডিয়া আৰু ইলেক্টনিক মিডিয়াৰ বহু সংখ্যক সাংবাদিক-সংবাদকৰ্মীৰ লগতে জনসংযোগ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।(Dispur)

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয়-বস্তু আছিল সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে থাকি বহুমূলীয়া বক্তব্য প্ৰদান কৰে ড° কুলধৰ শইকীয়াই।(Dr. Kuladhar Saikia)

লগতে উক্ত অনুষ্ঠানটোত উপস্থিত থাকি নিজৰ বক্তব্য ৰাখে তথ্য আৰু জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়, The Assam Tribune কাকতৰ সম্পাদক পি জে বৰুৱা আৰু বিশিষ্ট সাংবাদিক ভূপেন্দ্ৰ নাথ ভটাচাৰ্য।

Novel:অমিলতা টায়ে মিলিৰ নতুন উপন্যাস ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’

Novel:অমিলতা টায়ে মিলিৰ নতুন উপন্যাস 'দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল'
Novel:অমিলতা টায়ে মিলিৰ নতুন উপন্যাস 'দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল'

অসমৰ বিভিন্ন কাকত আলোচনীত কবিতা প্ৰকাশ পোৱা অমিলতা টায়ে মিলিক আমি এগৰাকী কবি বুলি জানি আহিছিলো, যদিও শেহতীয়াভাৱে অমিলতা টায়ে মিলিৰ এখন উপন্যাস(Novel) পঢ়ি পুলকিত হ’লো। ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখনৰ নামেই পাঠকক আকৰ্ষণ কৰিব৷

‘দুষ্মন্ত আৰু শকুন্তলা’ কালিদাসৰ অমৰ শকুন্তলম্ নামৰ নাটকৰ কাহিনী সকলোৱে জানো৷ তাতে আঙঠি আমাৰ ভাৰতীয় পৰম্পৰাত কিমান গুৰুত্ব তাক নক’লেও হ’ব। প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমৰ চিন এই আঙঠি বা আমাৰ যুগ্ম জীৱনৰ চিনৰ প্ৰথম সাক্ষী আমাৰ বাওঁহাতৰ অনামিকা আঙুলিৰ আঙঠিটো৷

গতিকে পাঠকৰ বাবে আকৰ্ষণ সৃষ্টি কৰিব পৰা কৌশলৰ প্ৰথম ঢাপতে ঔপন্যাসিক অমিলতা টায়ে মিলি সফল হৈছে বুলি আমি ভাবোঁ। গতিকে ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ৰ ভিতৰলৈ যোৱা আগতে বিকাশ জ্যোতি বৰুৱাৰ বেটুপাতে আৰু উপন্যাসৰ নামে বুজাই দিয়ে এইখন এখন প্ৰেমৰ উপন্যাস হ’ব।

প্ৰেমৰ অনুভৱ সকলোৰে আছে৷ এই প্ৰেম সময়ত যদি প্ৰকাশ কৰিব নোৱাৰি তেনেহ’লে হৃদয়তে থাকি যায়। গতিকে সময় আমাৰ সকলোৰে বাবে গুৰুত্ব পূৰ্ণ। অমিলতা টায়ে মিলিয়েও সময়ক গুৰুত্ব দিছে। ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ কি গ’ল’ৰ প্ৰস্তাৱনাত ঔপন্যাসিকে লেখিছে— ‘সময়…৷/কাৰো বাবে অপেক্ষা নকৰে এই সময়…৷’

অৰ্থাৎ উপন্যাসখনৰ মুখ্য বিষয় সময়। সময় পৰাহৈ গ’লে বহু কথা কাম পাহৰণি গৰ্ভত হেৰাই যায়৷ সেই বাবে প্ৰায় কয়,সময়ৰ কাম সময়ত কৰিব লাগে৷ সময়ক ধৰি ৰখাৰ ধৃষ্টতা কাৰো নাই৷ পাহৰণি গৰ্ভত হেৰুৱা সময়ৰ সোনালী স্মৃতি ৰোমন্থন কৰিবহে পাৰো৷ ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখন প্ৰথম পুৰুষত লেখা স্মৃতি ৰোমন্থন৷

ঔপন্যাসিক অমিলতা টায়ে মিলিয়ে উপন্যাসখন আৰম্ভ কৰিছে এনেদৰে— ‘সুদীৰ্ঘ পঁয়ত্ৰিশ বছৰৰ পিছত গীতিয়ে তাইৰ পুৰণি বন্ধু অনুজক লগ পালে নাটকীয় ভাবে৷’ ইয়াৰ পিছতে একে পৃষ্ঠাতে ঔপন্যাসিকে উপন্যাসখনৰ কাহিনীৰ এক অনুমান কৰিবৰ বাবে পাঠকৰ বাবে ক্লু’ দিছে— ‘আজি অত বছৰে মনত পুহি ৰখা অযুত-অবুৰ্দ মান-অভিমান আৰু অকৃত্ৰিম ভালপোৱাৰ উত্তৰ বিচাৰিব৷

কিয়নো গীতিৰ হাতত এই অনুজে একো নোকোৱাকৈ এদিন গুঁজি দিছিল এটি আঙঠি৷’ ইয়াৰ পিছতে ঔপন্যাসিকে লেখিছে— ‘সেয়া আছিল প্ৰথম প্ৰেমৰ অভিজ্ঞান… ঠিক কন্ব মুণিৰ আশ্ৰমত ৰজা দুষ্মন্তই মুণিৰ পালিতা কণ্যা শকুন্তলাৰ সুকোমল হাতত গুঁজি দিয়াৰ দৰেই…৷’

অৰ্থাৎ নায়িকা গীতিৰ হাতত ৩৫বছৰৰ আগতে গুঁজি দিছিল আঙঠিটো যিটো কালিদাসৰ শকুন্তলা নাটকৰ দৰি বুলি উল্লেখ কৰিছে ৷আঙঠি গুঁজি দিয়া সময়ত নায়িকা গীতিৰ বয়স প্ৰায় ১৮বছৰ মানে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে (পৃষ্ঠা-১৫)৷গতিকে যৌৱনৰ উকমুকনিতে লাভ কৰা আঙঠিটোত আছে প্ৰেম, বিশ্বাস, ভয় আৰু কৌতূহল৷

সেই কৌতূহল, বিশ্বাস আৰু প্ৰেমৰ সন্ধান ল’ব যত্ন কৰিছে ৩৫বছৰৰ পিছত ঔপন্যাসিকৰ নিজৰ প্ৰায় ৫৩বছৰ বয়সত। কাৰণ ১৬০ পৃষ্ঠাৰ ৫০টা অধ্যায়ৰ উপন্যাসখন ঔপন্যাসিক প্ৰথম পুৰুষত স্মৃতি ৰোমন্থনত লেখা বাবে বহু সময়ত পাঠকৰ মনত নায়িকা গীতি ঔপন্যাসিক নিজেই যেন ধাৰণা হ’ব৷

সেই দৰে গীতিয়ে অনুজক পুনৰ ল’গ পোৱা সময়ত গীতি, ৰীতি অনুজৰ নিজৰ নিজৰ সংসাৰ আৰু পৰিয়াল লৈ ব্যস্ত৷ একেদৰে অসমীয়া সমাজ সংস্কৃতি আদিৰ লগতে অসমীয়া জাতিৰ অন্যতম বৃহৎ জনগোষ্ঠী মিছিং সমাজৰ সংস্কৃতিৰ ৰীতি নীতি ডাঙি ধৰিছে৷

যিহেতু ঔপন্যাসিক নিজে এগৰাকী মিছিং নাৰী হোৱা সুবাদত জনগোষ্ঠীটোৰ ৰীতি নীতি সংস্কৃতি সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে,যিয়ে পাঠকক স’ততে মোহিত কৰিব যেনে গুমৰাগৰ চ’মানৰ উল্লেখ হৈছে— ‘লঃলে লঃলে লঃলে/দাঃবঃ লঃলে লঃলে’ ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখন আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ পিছত আৰু কলেজ জীৱনৰ কথা আছে৷

যেনে কলেজৰ ৰেগিং আদি কৰি বহু মনত পেলাব৷ সেই সময়ত জুবিনৰ গান বহু জনপ্ৰিয় হৈছিল আৰু গানৰ কলি উল্লেখ আছে৷ ফলত পাঠকক একাত্ম হোৱাত সহায় কৰিব৷ সেইদৰে কাহিনী পটভূমি ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ লগতে অৰুণাচলৰ দৈ-মুখ আৰু নিৰজুলি ঠাই দুখনৰ কথা উল্লেখ আছে।

এনে উল্লেখ থকাৰ বাবি উপন্যাসখন পাঠকৰ বাবি বাস্তৱ হৈ পৰিছে৷ নাহৰ প্ৰকাশনে প্ৰকাশ কৰা আৰু বিকাশ জ্যোতি বৰুৱাৰ প্ৰচ্ছদে ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখনৰ নিদিষ্ট এজনো নায়ক নাই৷ কাৰণ আৰম্ভণিতে আঙঠি গুঁজি দিয়া অনুজ বা গীতিক বীয়া বাবে আগ্ৰহী কিৰণ নায়ক নহয়৷

তাৰ বিপৰীতে গীতি আৰু বান্ধৱী ৰীতি দুয়ো নায়িকাই উপন্যাসখন মুখ্য চৰিত্ৰ আৰু চালিকা শক্তি। নিদিষ্ট নায়ক নাই যদিও নায়িকা প্ৰধান উপন্যাস খনৰ কাহিনী,পটভূমি আৰু সহজ সৰল ভাষা ব্যৱহাৰে পাঠকক আকৰ্ষণ কৰিব৷ ঔপন্যাসিকে উপন্যাসখন আৰু কিছু চমু কৰাৰ সুযোগ আছিল। একে দৰে ভাৰতীয় দৰ্শনত আঙঠি নিপিন্ধাকৈ থাকি যোৱাটো এক ঋণাত্মক দিশ৷

প্ৰেমৰ এনে ঋণাত্মক দিশে বহু সময়ত মনোকষ্ট দিয়ে যাক বহু পাঠকে সহজভাৱে গ্ৰহণ নকৰিব পাৰে৷ তথাপি শেহতীয়া আমাৰ সংসাৰ পৰিয়ালৰ ক্ষেত্ৰত এনে ঋণাত্মক ধাৰণা ধনাত্মক ৰূপে গ্ৰহণ কৰিবলৈ বাধ্য হয় সুষ্ঠ সমাজ ব্যৱস্থাৰ স্বাৰ্থত৷

‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ ঔপন্যাসিকে এই ধনাত্মক বাৰ্তা দিব যত্ন কৰিছে পৰিয়াল আৰু সমাজৰ স্বাৰ্থত।

শেষত উপন্যাসখনত সংযোগ কৰা এটি গীতে পাঠকক উপন্যাসখনৰ প্ৰতি আমাৰ ধাৰণা— ‘যাদু তেৰী নজৰ/খুচবু তেৰী বদন/তু হা কৰ য়া না কৰ/ৱ হে তেৰী কিৰণ…’৷

Mahim Bara: ড০ ৰুমী কলিতাৰ ‘মহিম বৰাৰ চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন’ এটি প্ৰাসঙ্গিক আলোকপাত

Mahim Bara: ড০ ৰুমী কলিতাৰ ‘মহিম বৰাৰ চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন’ এটি প্ৰাসঙ্গিক আলোকপাত
Mahim Bara: ড০ ৰুমী কলিতাৰ ‘মহিম বৰাৰ চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন’ এটি প্ৰাসঙ্গিক আলোকপাত

নৱ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা ড০ ৰুমী কলিতাৰ ‘মহিম বৰাৰ(Mahim Bara) চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন’— শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থখনি অলপতে পঢ়াৰ সৌভাগ্য ঘটিছে।

পাঁচটা অধ্যায়ত সন্নিৱিষ্ট গ্ৰন্থখনিত পুংখানুপুংখ ভাৱে অসমীয়া চুটি গল্পৰ আৰম্ভণি আৰু বিকাশৰ বিশ্লেষণ আগবঢ়াইছে।

প্ৰথম অধ্যায়টোত চুটি গল্পৰ সংজ্ঞা জোনাকী যুগৰ গল্প সাহিত্য বিশেষকৈ সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা, শৰৎ চন্দ্ৰ গোস্বামী, নকুলচন্দ্ৰ ভূঞা, দণ্ডিনাথ কলিতা, ড০ সূযৰ্্য কুমাৰ ভুঞাৰ গল্পৰ বিষয়ে সুন্দৰ ভাৱে অৱলোকন কৰিছে।

আবাহন যুগৰ গল্প সাহিত্য বিশেষকৈ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, নকুল চন্দ্ৰ ভূঞা, হলীৰাম ডেকা, লক্ষ্মীনাথ ফুকন, বিৰিঞ্চি কুমাৰ বৰুৱা, ৰমা দাস, ত্ৰৈলোক্য নাথ গোস্বামী, ৰাধিকা মোহন গোস্বামী, কৃষ্ণ ভূঞা, মুনীন বৰকটকী, দ্বীপান্বিতা চৌধুৰী, চাহ চৈয়দ হাছান আলি, উমেশ চন্দ্ৰ শইকীয়া, উমাকান্ত শৰ্মাৰ দৰে স্বনামধন্য গল্পকাৰ সকলৰ গল্পৰ সন্দৰ্ভত চমু বৰ্ণনা সুন্দৰ ৰূপত পৰিস্ফুট হৈছে।

‘যুদ্ধোত্তৰ যুগ বা ৰামধেনু যুগৰ গল্প সাহিত্য’ৰ বিষয়ে লেখিকাই তথ্য ভিত্তিক ভাৱে বস্তুনিষ্ঠ বিষয় উপস্থাপন কৰা দেখা গৈছে। লেখাটোৰ শেষত নিজৰ ভাষাৰে উল্লেখ কৰিছে— সকলো যুগৰ সাহিত্যৰ পটভূমি নিৰ্মাণ হয় সমকালীন ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰি।

যুদ্ধোত্তৰ বা ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰসকল— চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভটাচাৰ্য, প্ৰফুল্ল দত্ত গোস্বামী, যোগেশ দাস, সৌৰভ কুমৰা চলিহা, ভবেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞি, চন্দ্ৰ প্ৰসাদ শইকীয়া, স্নেহ দেৱী, ৰোহিনী কুমাৰ কাকতি, লক্ষ্মীনন্দন বৰা, নিৰুপমা বৰগোহাঞি, পদ্ম বৰকটকী, মেদিনী চৌধুৰী, অতুলানন্দ গোস্বামী, নিৰোদ চৌধুৰী, শীলভদ্ৰ, মামণি ৰয়ছম গোস্বামী, ড০ নগেন শইকীয়া, ইমৰান শ্বাহ, প্ৰবীনা শইকীয়া, ঈশ্বৰ মহন্ত, গোবিন্দ্ৰ প্ৰসাদ শৰ্মা, কুমুদ গোস্বামী, অপূৰ্ব শৰ্মা, প্ৰণৱজ্যোতি ডেকা, হৰেকৃষ্ণ ডেকা, দিপালী দত্ত, আলিমুন্নিচ্ছা পীয়াৰ, ৰোহিনী কুমাৰ বৰা, ৰাজেন্দ্ৰ নাথ হাজৰিকা, চিত্ৰলতা ফুকন, মিনতি হাজৰিকা, সাধনা মজিন্দাৰ বৰুৱা, ফুল বৰা, পোলেন বৰকটকী, ত্ৰৈলোক্য নাথ ভট্টাচাৰ্য, ৰিজু হাজৰিকা, পজিৰ উদ্দিন আহমেদ, আৰু আৰতি দাস বৈৰাগীৰ গল্প সন্দৰ্ভত চমুটোকা সমূহে অসমীয়া সাহিত্যৰ পাঠকক কিছু নতুনত্বৰ সোৱাদ দিবলৈ সক্ষম হ’ব।

‘সাম্প্ৰতিক যুগৰ গল্প সাহিত্য’— শীৰ্ষক নিবন্ধটিত অৰুণ গোস্বামী, অনিল শইকীয়া, অখিল চক্ৰৱৰ্তী, অৰূপা পটংগীয়া কলিতা, অভিজিৎ শৰ্মা বৰুৱা, অৰ্পন শইকীয়া, ইন্দ্ৰকান্ত কাৰ্কী, উদয়াদিত্য ভৰালী, কৈলাশ শৰ্মা, গুনীন্দ্ৰ গায়ন, চন্দ্ৰ বৰপাত্ৰ গোহাঁই, ড০ জয়কান্ত গন্ধীয়া, জিতেন শৰ্মা, জ্যোতিষ শিকদাৰ, দুৰ্লভ বুঢ়াগোহাঁই, দীপালি ডেকা, দেৱব্ৰত দাস, পৰাগ কুমাৰ ভটাচাৰ্য, প্ৰফুল্ল চন্দ্ৰ বৰা, পূৰবী তামুলী, ড০ পৰমানন্দ ৰাজবংশী, প্ৰণতি গোস্বামী, প্ৰদীপ হাজৰিকা, প্ৰশান্ত কুমাৰ দাস, প্ৰদীপ কুমাৰ পূজাৰী, প্ৰশান্ত ৰাজগুৰু, প্ৰহ্লাদ কুমাৰ বৰুৱা, ফুল গোস্বামী, বিকিৰণ বৰদলৈ, বিৰিঞ্চি কুমাৰ মেধি, বসন্ত কুমাৰ ভটাচাৰ্য, মদন শৰ্মা, মীনাক্ষী চৌধুৰী, মনোৰমা বৰগোহাঞি, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, ৰংবং তেৰাং, ৰূপশ্ৰী গোস্বামীৰ গল্পৰ পটভূমি আৰু বিষয় বস্তু সন্দৰ্ভত নিপোটল বৰ্ণনা দাঙি ধৰিবলৈ সক্ষম হৈছে।

অসমীয়া গল্প সাহিত্যই জোনাকী যুগৰ পৰা বৰ্তমানলৈ এক গৌৰৱময় শতিকা অতিক্ৰম কৰি ভৱিষ্যতৰ দিশে ধাৱমান হোৱা কথাটো লেখিকা ড০ ৰুমী কলিতাই গৱেষণা মূলক দৃষ্টিৰে ফুটাই তোলাত সক্ষম হোৱা বুলি ক’ব পাৰি।

মুঠ পাঁচটা অধ্যায়ত বিভক্ত এই গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়— টমহিম বৰাৰ গল্প পটভূমি আৰু বিষয় বৈচিত্ৰ্য’ত সাহিত্যচাৰ্যৰ মহিমবৰাৰ গল্পৰ পটভূমি, বিষয়বস্তু গ্ৰাম্যজীৱন কেন্দ্ৰিক প্ৰভাৱ নগৰ কেন্দ্ৰিক প্ৰভাৱৰ বিষয়ে বিশেষ বৰ্ণনা দাঙি ধৰাত সফল হৈছে।

তৃতীয় অধ্যায়ত ‘মহিম বৰাৰ গল্পত নাৰী আৰু নাৰী মনস্তত্ব’ত অসমৰ সমাজ জীৱনত নাৰীৰ স্থান আৰু মৰ্যদা সাহিত্যত নাৰীৰ স্থান, নাৰী চৰিত্ৰৰ বিশিষ্টতা, নাৰী মনস্তত্ত্ব, ফ্ৰয়েডীয় তত্ত্বৰ প্ৰভাৱৰ বিষয়ে বিচাৰ বিশ্লেষণ আগবঢ়াইছে।

চতুৰ্থ অধ্যায়— “নাৰী মুক্তি আন্দোলন আৰু মহিম বৰাৰ গল্প’ত উৎপত্তি, বিকাশ আৰু বিস্তৃতি, অসমীয়া সাহিত্যত নাৰী মুক্তি চেতনা আৰু মহিমবৰাৰ গল্পত ইয়াৰ প্ৰতিফলন মহিম বৰাৰ সৃষ্টিতনাৰী পুৰুষৰ প্ৰেমৰ বিষয়ে দাঙি ধৰি অসমীয়া সাহিত্যত সাহিত্যচাৰ্য মহিম বৰাই গল্পৰ মাজেৰে নাৰী পুৰুষৰ প্ৰেম ভিন্নৰূপত উপস্থাপন কৰি সেই সময়ৰ অসমীয় সমাজখনক সুন্দৰ ভাৱে প্ৰতিফলিত কৰাৰ বিষয়ে নিজস্ব দৃষ্টিভংগী ব্যক্ত কৰিছে।

পঞ্চম অধ্যায়— ‘অসমীয়া গল্প সাহিত্যত মহিম বৰা’ শীৰ্ষক অধ্যায়টিত অসমীয়া গল্প সাহিত্যত মহিম বৰাৰ স্থান, মহিম বৰা সন্দৰ্ভত ভিন্নজনৰ দৃষ্টি ভংগী দাঙি ধৰিছে।

গ্ৰন্থখনিৰ জৰিয়তে লেখিকা ড০ ৰুমী কলিতাই গল্পকাৰ মহিম বৰাৰ নাৰী মন অতি দক্ষতাৰে বিচাৰ কৰিব পাৰিছে। তদুপৰি গ্ৰন্থখনিৰ মাজেৰে লেখিকাই মহিম বৰাৰ গল্পৰ আলোচনা পৰ্যালোচনাৰ মাজেৰে অসমীয়া সাহিত্যত নাৰীৰ স্থান আৰু নাৰীমুক্তি চেতনাৰ বিষয়েও আলোকপাত কৰিছে।

লেখিকাৰ শব্দ শিল্প প্ৰাঞ্জল আৰু মনোৰম। ১৮৩ পৃষ্ঠাৰ গ্ৰন্থখনিৰ মূল্য ২০০ টকা। গুৱহাটীৰ শব্দ শিল্প প্ৰকাশনে প্ৰকাশ বৰা গ্ৰন্থখনিয়ে অসমীয়া সাহিত্যৰ আলোচনাত ইতিবাচক প্ৰভাৱ পেলাব। পাঠক সমাজে আদৰি ল’লেই লেখিকাৰ শ্ৰম সাৰ্থক হ’ব।

লেখকঃ জগন্নাথ কলিতা