Home Blog Page 462

Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ

Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ
Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ

গুৱাহাটী, ৪ ডিচেম্বৰঃ বৃটিছৰ শাসনকালত আসাম কোম্পানীয়ে নাজিৰা মহকুমাৰ চকীমুখত এটি বিমান ঘাটি প্ৰতিষ্ঠা কৰি ভাৰত তথা বিশ্বৰ বিভিন্ন স্থানলৈ অসমত উৎপাদিত চাহৰ ৰপ্তানি বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল(Bir Lachit Sena)।

দেশে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্ত্তী সত্তৰৰ দশক পৰ্যন্ত অসমৰ চাহ বাগিচাৰ উৎপাদিত মান বিশিষ্ট চাহ এই বিমান ঘাটিৰপৰা(Airport and IIT) আকাশী পথেৰে পৰিবহন ঘটোৱা হৈছিল।

নাজিৰাত(Nazira) আসাম কোম্পানীৰ মূল কাৰ্য্যালয় প্ৰতিষ্ঠাৰে ব্যৱসায়িক দক্ষতা আৰু প্ৰশাসনীয় শাসনভাৰ পৰিচালনাৰ চিনাকি দিয়া বৃটিছসকলৰ বাবে চকীমুখৰ বিমান-ঘাটিৰ গুৰুত্ব আছিল অপৰিসীম।পৰৱৰ্ত্তী সময়ত নাজিৰাত ভাৰত চৰকাৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’এনজিচিৰ(ONGC) মুখ্য কাৰ্যালয় স্থাপন কৰে।

উজনি অসমকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ খনন আৰু উৎপাদন ঘটাই ৰাষ্ট্ৰৰ ৰাজহ-ভৰাঁললৈ অসমৰ খাৰুৱা তেলেৰে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে।ইয়াৰ পিছতো বৰ্ত্তমানৰ চৰকাৰে নাজিৰাক সমজিলাৰ মৰ্যদা আগবঢ়াইছে যদিও নাজিৰাৰ সৰ্বাংগীন উন্নয়ন পৰিলক্ষিত হোৱা নাই।

অতি শেহতীয়াকৈ বীৰ লাচিত সেনা অসমে নাজিৰাৰ অনগ্ৰসৰতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।উত্তৰ পূৰ্বাঞ্চলৰ লগতে নাজিৰাৰ সৰ্বাংগীন উন্নয়নৰ বাট সূচল কৰি তুলিবলৈ নাজিৰাৰ ঐতিহাসিক চকীমুখৰ টমটমতলা হিচাপে পৰিচিত স্থানত পুৰণি বিমান বন্দৰটিক পুনৰ নতুনকৈ প্ৰতিষ্ঠাৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে।

লগতে এখন ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (আইআইটি) স্থাপনৰো দাবী জনাইছে বীৰ লাচিত সেনা, অসমে। সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ মুখ্য সচিব অনুপম সন্দিকৈৰ স্বাক্ষৰত আজি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ পৰিবহন মন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ নাজিৰাৰ সমজিলা আয়ুক্ত কণিকাৰ যোগেদি একোখনিকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে।

বীৰ লাচিত সেনাৰ এই দাবীয়ে নাজিৰাৰ সম্পদ আৰু সম্ভাৱনাক উপযুক্ত মূল্যায়নৰ যথাৰ্থ প্ৰয়োজনক চৰকাৰৰ ওচৰত ধৰাৰ লগতে নাজিৰা সমজিলাৰ উন্নয়নৰ হেতু চৰকাৰে ল’বলগীয়া দৃষ্টিভংগীক একপ্ৰকাৰে প্ৰয়োজনীতা আহি পৰিছে৷(Dainandin Barta)

Dhubri । ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ ধুবুৰী আৰক্ষীৰ

Dhubri । ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ ধুবুৰী আৰক্ষীৰ
Dhubri । ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ ধুবুৰী আৰক্ষীৰ

৪ ডিচেম্বৰ: Dhubri। ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কামত ব্যৱহাৰ হোৱা প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটলৈ ট্ৰেক্টৰৰে চুৰি কৰি লৈ যাব ধৰে যদিও এ,এম, কো, ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হৈ ৰটসহ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ বিভিন্ন সা-সামগ্ৰী সঘনাই চুৰি হৈ থাকে যদিও আজিলৈকে কোনেও এজন চোৰ কৰায়ুক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। AS 25 EC 4995 নম্বৰৰ ট্ৰেক্টৰত প্ৰায় ৫ হাজাৰ কুইণ্টল ৰট ভৰ্তি কৰি খেৰৰ তলত লুকাই ট্ৰেক্টৰে লৈ যাবলৈ ধৰিছিল।

আৰক্ষীয়ে খবৰ পোৱাৰ পাছত ট্ৰেক্টৰত প্ৰায় ৫ হাজাৰ কুইণ্টল ৰট ভৰ্তি ট্ৰেক্টৰ জব্দ কৰি এ,এম, কো, ৰোড বজাৰ নগৰ আৰক্ষী চকীত আনে। ইপিনে জব্দকৃত ট্ৰেক্টৰৰ যাবতীয় নথি পত্ৰৰ সময় সীমাৰ ম্যাদ উকলি গৈছে। জানিব পৰা মতে ট্ৰেক্টৰ গাড়ী সত্বাধিকাৰীক নাম আফজাল হক বুলি জানিব পৰা গৈছে ।

এতিয়া প্ৰশ্ন হয় আফজাল হকে কাক ভাড়া দিছিল এই ট্ৰেক্টৰ। নে নিজেই এই চুৰি কাণ্ডৰ লগত জড়িত সেয়া আৰক্ষীৰ তদন্তত ওলাব পাৰে সকলো ৰহস্য। এতিয়া ধুবুৰী আৰক্ষীয়ে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ কৰাৰ ঘটনাটো কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।

Himanta Biswa Sarma। এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ

Himanta Biswa Sarma। এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ
Himanta Biswa Sarma। এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ

Himanta Biswa Sarma। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎকৰাৰ পাছত শৰ্মাই এছ জয় শংকৰ. জেপি নাড্ডা, জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে । মঙলবাৰে শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নাড্ডাক সাক্ষাৎ কৰে ।

মঙলবাৰে শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নাড্ডাক সাক্ষাৎ কৰে
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে শৰ্মাই

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ শৰ্মাই অসমত অগ্ৰাধিকাৰযুক্ত আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণকৰণ নিশ্চিত কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ৰ আগবঢ়োৱা সমৰ্থনত সন্তোষ প্ৰকাশ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে শৰ্মাই। ২০২৫ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই শৰ্মাই।
কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই। নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ সময়ত শৰ্মাই ২০২৫ চনত আয়োজন কৰিবলগীয়া ‘এডভাণ্টেজ আছাম’ত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়।

INDIAN MONEY: অধিক হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য

INDIAN MONEY: অধিক হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা মঙলবাৰে টকাৰ মূল্য সৰ্বকালৰ বাবে সৰ্বনিম্ন স্তৰলৈ নামি আহে। ইয়াৰ বিপৰীতে আমেৰিকান ডলাৰ শক্তিশালী হৈ পৰিছে। মঙলবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৪.৭৫ টকালৈ হ্ৰাস পায়। যদিও দিনৰ শেষত সামান্য বৃদ্ধি পাই ৮৪.৬৮ টকা হয়। আনহাতে, ডলাৰৰ সূচকাংক ১০৬.৫০ লৈ বৃদ্ধি পাইছে। বিশ্লেষকসকলে কয় যে টকাৰ মূল্য আৰু অধিক হ্ৰাস পালেহেঁতেন, কিন্তু ভাৰতৰ কেন্দ্ৰীয় বেংক আৰ বি আইৰ হস্তক্ষেপে কিছু পৰিমাণে বাধা প্ৰদান কৰিছে। অৱশ্যে ধাৰাবাহিকভাৱে টকাৰ মূল্য হ্ৰাসক লৈ উদ্বিগ্ন হৈ পৰিছে ব্যৱসায়ীসকল। টকা সুস্থিৰ কৰাৰ বাবে কেইবামাহো ধৰি বজাৰত হস্তক্ষেপ কৰি আহিছে আৰ বি আইয়ে। সোমবাৰেও ০.২৫ শতাংশ হ্ৰাস পাইছে টকা। সেইটো আছিল ছমাহৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰাস। স্থানীয় মুদ্ৰাৰ এই হ্ৰাসৰ মূল কাৰণ হ’ল ভাৰতৰ জিডিপি বৃদ্ধিৰ চিন্তা। এএনজেডৰ অৰ্থনীতিবিদ তথা বজাৰ বিশ্লেষক ধীৰাজ নিমে কয়, "ভাৰতৰ জিডিপি বৃদ্ধিৰ দুৰ্বলতাই বিনিয়োগকাৰীৰ আত্মবিশ্বাস স্তব্ধ কৰিব পাৰে। আনহাতে, শেহতীয়াকৈ আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পোৱাৰ ফলতো টকাৰ হ্ৰাস ত্বৰান্বিত হৈছে।" ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত যোৱা ২৭ ছেপ্টেম্বৰৰ তুলনাত দুমাহত ৪৮ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। এনে পৰিস্থিতিত ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস বন্ধ কৰিবলৈ আৰ বি আইয়ে মুদ্ৰা বজাৰত তীব্ৰ হস্তক্ষেপ কৰিছে। ২৭ ছেপ্টেম্বৰত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। আৰ বি আইৰ শেহতীয়া হিচাপ অনুসৰি যোৱা ২২ নৱেম্বৰত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.৩১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫৬.৫৮ বিলিয়ন ডলাৰ হৈছে। ইপিনে বিশেষজ্ঞসকলে কয় যে মজুত হ্ৰাস পোৱাৰ কাৰণ হ’ল ডলাৰৰ বহিঃপ্ৰবাহ বৃদ্ধি। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৫.৪ শতাংশলৈ হ্ৰাস পাইছে, যিটো প্ৰায় দুবছৰৰ ভিতৰত সৰ্বনিম্ন। যোৱা বছৰৰ একে সময়ছোৱাত দেশৰ বৃদ্ধিৰ হাৰ ৮.১ শতাংশ। মূলতঃ উৎপাদন খণ্ডৰ মন্দাৱস্থাৰ বাবেই বৃদ্ধি হ্ৰাস পাইছে। যিটো দেশৰ অৰ্থনীতিৰ বাবে চিন্তাৰ কাৰণ। কিন্তু এতিয়াও দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিত আছে ভাৰত। কাৰণ চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত চীনৰ বৃদ্ধি ৪.৬ শতাংশ। ইয়াৰ পূৰ্বে ২০২২-২৩ বিত্তীয় বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৪.৩ শতাংশলৈ লেহেমীয়া হৈছিল। দেশৰ মুঠ মূল্য সংযোজিত ৫.৬ শতাংশ, যিটো পূৰ্বৰ ত্ৰৈমাসিকত ৬.৮ শতাংশ। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত কৃষি খণ্ডত ৩.৫ শতাংশ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ ২ শতাংশ আছিল। কিন্তু উৎপাদন খণ্ডৰ বৃদ্ধিৰ গতি পূৰ্বৰ ত্ৰৈমাসিকত ৭ শতাংশৰ তুলনাত ২.২ শতাংশলৈ হ্ৰাস পাইছে।
INDIAN MONEY: অধিক হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা মঙলবাৰে টকাৰ মূল্য সৰ্বকালৰ বাবে সৰ্বনিম্ন স্তৰলৈ নামি আহে। ইয়াৰ বিপৰীতে আমেৰিকান ডলাৰ শক্তিশালী হৈ পৰিছে। মঙলবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৪.৭৫ টকালৈ হ্ৰাস পায়। যদিও দিনৰ শেষত সামান্য বৃদ্ধি পাই ৮৪.৬৮ টকা হয়। আনহাতে, ডলাৰৰ সূচকাংক ১০৬.৫০ লৈ বৃদ্ধি পাইছে। বিশ্লেষকসকলে কয় যে টকাৰ মূল্য আৰু অধিক হ্ৰাস পালেহেঁতেন, কিন্তু ভাৰতৰ কেন্দ্ৰীয় বেংক আৰ বি আইৰ হস্তক্ষেপে কিছু পৰিমাণে বাধা প্ৰদান কৰিছে। অৱশ্যে ধাৰাবাহিকভাৱে টকাৰ মূল্য হ্ৰাসক লৈ উদ্বিগ্ন হৈ পৰিছে ব্যৱসায়ীসকল। টকা সুস্থিৰ কৰাৰ বাবে কেইবামাহো ধৰি বজাৰত হস্তক্ষেপ কৰি আহিছে আৰ বি আইয়ে।
সোমবাৰেও ০.২৫ শতাংশ হ্ৰাস পাইছে টকা। সেইটো আছিল ছমাহৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰাস। স্থানীয় মুদ্ৰাৰ এই হ্ৰাসৰ মূল কাৰণ হ’ল ভাৰতৰ জিডিপি বৃদ্ধিৰ চিন্তা। এএনজেডৰ অৰ্থনীতিবিদ তথা বজাৰ বিশ্লেষক ধীৰাজ নিমে কয়, “ভাৰতৰ জিডিপি বৃদ্ধিৰ দুৰ্বলতাই বিনিয়োগকাৰীৰ আত্মবিশ্বাস স্তব্ধ কৰিব পাৰে। আনহাতে, শেহতীয়াকৈ আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পোৱাৰ ফলতো টকাৰ হ্ৰাস ত্বৰান্বিত হৈছে।” ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত যোৱা ২৭ ছেপ্টেম্বৰৰ তুলনাত দুমাহত ৪৮ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। এনে পৰিস্থিতিত ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস বন্ধ কৰিবলৈ আৰ বি আইয়ে মুদ্ৰা বজাৰত তীব্ৰ হস্তক্ষেপ কৰিছে। ২৭ ছেপ্টেম্বৰত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। আৰ বি আইৰ শেহতীয়া হিচাপ অনুসৰি যোৱা ২২ নৱেম্বৰত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.৩১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫৬.৫৮ বিলিয়ন ডলাৰ হৈছে। ইপিনে বিশেষজ্ঞসকলে কয় যে মজুত হ্ৰাস পোৱাৰ কাৰণ হ’ল ডলাৰৰ বহিঃপ্ৰবাহ বৃদ্ধি। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৫.৪ শতাংশলৈ হ্ৰাস পাইছে, যিটো প্ৰায় দুবছৰৰ ভিতৰত সৰ্বনিম্ন। যোৱা বছৰৰ একে সময়ছোৱাত দেশৰ বৃদ্ধিৰ হাৰ ৮.১ শতাংশ। মূলতঃ উৎপাদন খণ্ডৰ মন্দাৱস্থাৰ বাবেই বৃদ্ধি হ্ৰাস পাইছে। যিটো দেশৰ অৰ্থনীতিৰ বাবে চিন্তাৰ কাৰণ। কিন্তু এতিয়াও দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিত আছে ভাৰত। কাৰণ চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত চীনৰ বৃদ্ধি ৪.৬ শতাংশ। ইয়াৰ পূৰ্বে ২০২২-২৩ বিত্তীয় বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধি ৪.৩ শতাংশলৈ লেহেমীয়া হৈছিল। দেশৰ মুঠ মূল্য সংযোজিত ৫.৬ শতাংশ, যিটো পূৰ্বৰ ত্ৰৈমাসিকত ৬.৮ শতাংশ।
জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত কৃষি খণ্ডত ৩.৫ শতাংশ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ ২ শতাংশ আছিল। কিন্তু উৎপাদন খণ্ডৰ বৃদ্ধিৰ গতি পূৰ্বৰ ত্ৰৈমাসিকত ৭ শতাংশৰ তুলনাত ২.২ শতাংশলৈ হ্ৰাস পাইছে।

Skill: অসমত দক্ষতা বিকাশৰ নতুন যুগৰ সূচনা,ঔদ্যোগিক সন্মিলন, ২০২৪

Skill: অসমত দক্ষতা বিকাশৰ নতুন যুগৰ সূচনা,ঔদ্যোগিক সন্মিলন, ২০২৪ "আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।"- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা চৰকাৰ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ মাজত শক্তিশালী সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে আজি ঔদ্যোগিক সন্মিলন, ২০২৪-ৰ আয়োজন কৰে য'ত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অনুষ্ঠান সম্বোধন কৰে। অসমৰ দক্ষতা শিক্ষা খণ্ডক শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ যুৱক-যুৱতীসকলক সাম্প্ৰতিক সময়ৰ কৰ্মশক্তিৰ চাহিদা পূৰণৰ বাবে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সমাধান সূত্ৰ সন্ধান কৰাই আছিল এই অনুষ্ঠানৰ প্ৰধান লক্ষ্য । মুখ্য ভাষণত মন্ত্ৰী বৰুৱাই উদ্যোগৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক অসমৰ দক্ষতা শিক্ষা খণ্ডৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আই টি আই সমূহৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা তথা পৰিচালনাৰ যোগেদি শিক্ষানুষ্ঠান সমূহ বিশ্ব মানৰ কৰি গঢ়ি তোলাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰী বৰুৱাই লগতে কয়- "অসমৰ দক্ষতা শিক্ষাৰ ৰূপান্তৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে আমি প্ৰতিটো বিধানসভা সমষ্টিত আই টি আই স্থাপন কৰাৰ পৰিকল্পনা কৰিছো আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডলৈ এই অনুষ্ঠান সম্প্ৰসাৰণৰ বাবেও চিন্তা কৰিছো। চৰকাৰৰ অভিলাষী পৰিকল্পনাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়ালৈ স্থাপন নোহোৱা ৭০টা সমষ্টিত নতুনকৈ আই টি আই স্থাপন কৰিব বিচাৰিছো। আমি উদ্যোগবিলাকক আই টি আই সমূহৰ দায়িত্ব গ্ৰহণ কৰি, উদ্যোগ-কেন্দ্ৰিক পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰয়োজন অনুসাৰে দক্ষ কৰ্মশক্তি সৃষ্টি কৰাত সহায় কৰি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ।" মন্ত্ৰী বৰুৱাই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ অসমৰ সুবিধাজনক ভৌগোলিক অৱস্থানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মন্তব্য কৰি কয়- "এসময়ত অসমক প্ৰান্তীয় অঞ্চল বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উদ্যোগৰ সহযোগিতাৰে অসম দেশৰ ভিতৰতে বিকাশৰ ইঞ্জিনত পৰিণত হ’ব পৰা থল আছে।"তুলনামূলক ভাৱে ৰাজ্যখনৰ যুৱ জনগাঁথনিৰ শক্তিক স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে দক্ষতা বিকাশক অগ্ৰাধিকাৰ দিয়াটো অতি প্ৰয়োজনীয়। তেওঁ উদ্যোগ ৪.০-ৰ অধীনত বৰ্তমানৰ আই টি আইসমূহক দক্ষতা বিকাশৰ 'চেন্টাৰ অফ এক্সেলেন্সলৈ' (centre of excellence) ৰূপান্তৰিত কৰা টাটা টেকন’লজিছৰ দৰে আগশাৰীৰ সংস্থাসমূহৰ সৈতে চলি থকা সহযোগিতাৰ ওপৰত আলোকপাত কৰে আৰু অন্যান্য উদ্যোগসমূহকো এই গতিধাৰাক অনুসৰণ কৰিবলৈ আহ্বান জনায়।মন্ত্ৰী বৰুৱাই ভাষণৰ সামৰণিত কয়- "আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।" এই অনুষ্ঠানত ৮৮ টাতকৈও অধিক আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ১৫০-ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আলোচনাৰ অন্তত Scientech, Festo Controls Pvt. Ltd, Honda CSR, ABB Pvt Ltd. and Janatics-কে ধৰি কেইবাটাও ঔদ্যোগিক সংস্থাৰ সৈতে চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিসমূহৰ লক্ষ্য হৈছে কাৰিকৰী প্ৰশিক্ষণ বৃদ্ধি কৰা, কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা, আৰু অসমৰ দক্ষতা বিকাশৰ পৰিৱেশ তথা আন্তঃগাথঁনি শক্তিশালী কৰা।ঔদ্যোগিক সন্মিলন, ২০২৪-য়ে অসমক দক্ষতা বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী মাত্ৰা প্ৰদান কৰিছে। ই চৰকাৰ আৰু উদ্যোগৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এক নতুন মানদণ্ড স্থাপন কৰিছে।
Skill: অসমত দক্ষতা বিকাশৰ নতুন যুগৰ সূচনা,ঔদ্যোগিক সন্মিলন, ২০২৪

“আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।”- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

চৰকাৰ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ মাজত শক্তিশালী সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে আজি ঔদ্যোগিক সন্মিলন, ২০২৪-ৰ আয়োজন কৰে য’ত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অনুষ্ঠান সম্বোধন কৰে। অসমৰ দক্ষতা শিক্ষা খণ্ডক শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ যুৱক-যুৱতীসকলক সাম্প্ৰতিক সময়ৰ কৰ্মশক্তিৰ চাহিদা পূৰণৰ বাবে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সমাধান সূত্ৰ সন্ধান কৰাই আছিল এই অনুষ্ঠানৰ প্ৰধান লক্ষ্য ।

মুখ্য ভাষণত মন্ত্ৰী বৰুৱাই উদ্যোগৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক অসমৰ দক্ষতা শিক্ষা খণ্ডৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আই টি আই সমূহৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা তথা পৰিচালনাৰ যোগেদি শিক্ষানুষ্ঠান সমূহ বিশ্ব মানৰ কৰি গঢ়ি তোলাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰী বৰুৱাই লগতে কয়- “অসমৰ দক্ষতা শিক্ষাৰ ৰূপান্তৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে আমি প্ৰতিটো বিধানসভা সমষ্টিত আই টি আই স্থাপন কৰাৰ পৰিকল্পনা কৰিছো আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডলৈ এই অনুষ্ঠান সম্প্ৰসাৰণৰ বাবেও চিন্তা কৰিছো। চৰকাৰৰ অভিলাষী পৰিকল্পনাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয়, “এতিয়ালৈ স্থাপন নোহোৱা ৭০টা সমষ্টিত নতুনকৈ আই টি আই স্থাপন কৰিব বিচাৰিছো। আমি উদ্যোগবিলাকক আই টি আই সমূহৰ দায়িত্ব গ্ৰহণ কৰি, উদ্যোগ-কেন্দ্ৰিক পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰয়োজন অনুসাৰে দক্ষ কৰ্মশক্তি সৃষ্টি কৰাত সহায় কৰি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ।”

মন্ত্ৰী বৰুৱাই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ অসমৰ সুবিধাজনক ভৌগোলিক অৱস্থানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মন্তব্য কৰি কয়- “এসময়ত অসমক প্ৰান্তীয় অঞ্চল বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ই আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উদ্যোগৰ সহযোগিতাৰে অসম দেশৰ ভিতৰতে বিকাশৰ ইঞ্জিনত পৰিণত হ’ব পৰা থল আছে।”তুলনামূলক ভাৱে ৰাজ্যখনৰ যুৱ জনগাঁথনিৰ শক্তিক স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে দক্ষতা বিকাশক অগ্ৰাধিকাৰ দিয়াটো অতি প্ৰয়োজনীয়। তেওঁ উদ্যোগ ৪.০-ৰ অধীনত বৰ্তমানৰ আই টি আইসমূহক দক্ষতা বিকাশৰ ‘চেন্টাৰ অফ এক্সেলেন্সলৈ’ (centre of excellence) ৰূপান্তৰিত কৰা টাটা টেকন’লজিছৰ দৰে আগশাৰীৰ সংস্থাসমূহৰ সৈতে চলি থকা সহযোগিতাৰ ওপৰত আলোকপাত কৰে আৰু অন্যান্য উদ্যোগসমূহকো এই গতিধাৰাক অনুসৰণ কৰিবলৈ আহ্বান জনায়।মন্ত্ৰী বৰুৱাই ভাষণৰ সামৰণিত কয়- “আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।”

এই অনুষ্ঠানত ৮৮ টাতকৈও অধিক আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ১৫০-ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
আলোচনাৰ অন্তত Scientech, Festo Controls Pvt. Ltd, Honda CSR, ABB Pvt Ltd. and Janatics-কে ধৰি কেইবাটাও ঔদ্যোগিক সংস্থাৰ সৈতে চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিসমূহৰ লক্ষ্য হৈছে কাৰিকৰী প্ৰশিক্ষণ বৃদ্ধি কৰা, কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা, আৰু অসমৰ দক্ষতা বিকাশৰ পৰিৱেশ তথা আন্তঃগাথঁনি শক্তিশালী কৰা।ঔদ্যোগিক সন্মিলন, ২০২৪-য়ে অসমক দক্ষতা বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী মাত্ৰা প্ৰদান কৰিছে। ই চৰকাৰ আৰু উদ্যোগৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এক নতুন মানদণ্ড স্থাপন কৰিছে।

South Korea: দক্ষিণ কোৰিয়াত সন্ধানহীন হৈছে ৩৮ জন ভিয়েটনামী পৰ্যটক

দক্ষিণ কোৰিয়াত সন্ধানহীন হৈছে ৩৮ জন ভিয়েটনামী পৰ্যটক
দক্ষিণ কোৰিয়াত সন্ধানহীন হৈছে ৩৮ জন ভিয়েটনামী পৰ্যটক

দক্ষিণ কোৰিয়াৰ ৰিজ’ৰ্ট দ্বীপ জেজুৰ পৰা নিৰুদ্দেশ হৈছে ৩৮জন ভিয়েটনামী পৰ্যটক।

যোৱা ১৪ নৱেম্বৰত ভিয়েটজেট এয়াৰৰ চাৰ্টাৰ্ড বিমানেৰে কমেও ৯০ জন ভিয়েটনামী পৰ্যটক এই দ্বীপটোত উপস্থিত হৈছিল। ভ্ৰমণসূচীৰ শেষৰ ষ্ট’পেজত যোগাযোগ হেৰুৱাই উভতি অহা বিমানত উঠিব নোৱাৰাৰ বাবে নিৰুদ্দেশ হয় ৩৮ জন।

সাধাৰণতে বিদেশীসকলে ভিছা অবিহনে ৩০ দিনলৈকে দ্বীপটোত থাকিব পাৰিব। ফলত ১৪ ডিচেম্বৰৰ পিছত ভিয়েটনামী পৰ্যটকসকল অবৈধ অনুপ্ৰৱেশকাৰী হৈ পৰিব।

দ্বীপটোৰ অভিবাসন কাৰ্যালয়ে চোৱাচিতামূলক চিচিটিভি কেমেৰা পৰীক্ষা কৰি তেওঁলোকৰ অৱস্থা জানিবলৈ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে।

Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালৰ কৰুণ জীৱনগাঁথাৰ বৰ্ণনাৰে মঞ্চস্থ নাটকে সচকিত কৰিলে অগণন ৰাইজক। চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ দেওবাৰৰ সাংস্কৃতিক সন্ধিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ-সুৰক্ষা সজাগতাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ আমন্ত্ৰণক্ৰমে দেওবাৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত তেওঁ গৌৰৱোজ্বল মহাৰজত জয়ন্তী বৰ্ষত উপনীত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকল, ভূমিদাতাসকল আৰু জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ সৰ্বাঙ্গীণ বিকাশেৰে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক, সামাজিক অগ্ৰগতিৰ বাবে অহোপুৰুষাৰ্থ কৰাসকলৰ অৱদানক শ্ৰদ্ধা জনায়। নিজকে এজন পৰিবহণ কৰ্মী হিচাপে চিনাকি দি তেওঁ সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ লগত সঙ্গতি ৰাখি ছাত্ৰছাত্ৰী, শিক্ষক অভিভাৱকক উদ্যেশ্যি পথত চলাচল কৰোতে বিশেষভাৱে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ মাজতে মহানগৰীৰ সমীপৱৰ্তী অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰই হেলমেট নিপিন্ধাকৈ দ্ৰুতগতিত বাইক চলাই দুৰ্ঘটনাগ্ৰস্থ হৈ পঙ্গুত্ব জীৱন কটাবলগীয়া হোৱাৰ লগতে পৰিয়ালটোৰ কৰুণ জীৱনগাথাৰ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আগবঢ়োৱা বৰ্ণনাৰ আধাৰত এখন সজাগতামূলক নাটক পৰিৱেশন কৰি সমাজৰ উঠিঅহা প্ৰজন্মক পথ-সুৰক্ষাৰ ক্ষেত্ৰত সজাগ-সচেতন কৰাৰ প্ৰয়াস কৰা হয় । সজাগতামূলক নাটকখন উপভোগৰ কৰি সাংস্কৃতিক সন্ধিয়াৰ শ্ৰোতা-দৰ্শকে বাস্তৱৰ জীৱন্ত কাহিনীত হুকহুকাই কান্দি উঠাটো আছিল পৰিবহণ বিভাগৰ কালিৰ ব্যতিক্ৰমী সজাগতামূলক কাৰ্যসূচীৰ মনকৰিবলগীয়া দিশ। সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক উদ্দেশ্যি যানবাহন চলাওঁতে সকলো সময়তে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সমূহ উনুকিয়াই দিয়ে । বিশেষকৈ সমাজৰ উঠিঅহা প্ৰজন্মক দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়কে হেলমেট পৰিধান কৰিবলৈ তেওঁ আহ্বান জনায়। মদ্যপান কৰি আৰু ম’বাইলত কথা পাতি কোনোৱে যাতে বাহন নচলায় তাৰবাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। একেদৰে দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিত বাহন চলাই নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰি ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত বাহাল ৰাখিবলৈ সকলোৰে প্ৰতি সবিনয় আহ্বান জনাই পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে সাম্প্ৰতিক সময়ত সকলোৱে নিজকে পথ সুৰক্ষা যোদ্ধা হিচাপে গঢ়ি তোলাটো জৰুৰী বুলি মন্তব্য কৰে।
Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালৰ কৰুণ জীৱনগাঁথাৰ বৰ্ণনাৰে মঞ্চস্থ নাটকে সচকিত কৰিলে অগণন ৰাইজক।

চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ দেওবাৰৰ সাংস্কৃতিক সন্ধিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ-সুৰক্ষা সজাগতাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ আমন্ত্ৰণক্ৰমে দেওবাৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত তেওঁ গৌৰৱোজ্বল মহাৰজত জয়ন্তী বৰ্ষত উপনীত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকল, ভূমিদাতাসকল আৰু জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ সৰ্বাঙ্গীণ বিকাশেৰে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক, সামাজিক অগ্ৰগতিৰ বাবে অহোপুৰুষাৰ্থ কৰাসকলৰ অৱদানক শ্ৰদ্ধা জনায়। নিজকে এজন পৰিবহণ কৰ্মী হিচাপে চিনাকি দি তেওঁ সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ লগত সঙ্গতি ৰাখি ছাত্ৰছাত্ৰী, শিক্ষক অভিভাৱকক উদ্যেশ্যি পথত চলাচল কৰোতে বিশেষভাৱে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ মাজতে মহানগৰীৰ সমীপৱৰ্তী অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰই হেলমেট নিপিন্ধাকৈ দ্ৰুতগতিত বাইক চলাই দুৰ্ঘটনাগ্ৰস্থ হৈ পঙ্গুত্ব জীৱন কটাবলগীয়া হোৱাৰ লগতে পৰিয়ালটোৰ কৰুণ জীৱনগাথাৰ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আগবঢ়োৱা বৰ্ণনাৰ আধাৰত এখন সজাগতামূলক নাটক পৰিৱেশন কৰি সমাজৰ উঠিঅহা প্ৰজন্মক পথ-সুৰক্ষাৰ ক্ষেত্ৰত সজাগ-সচেতন কৰাৰ প্ৰয়াস কৰা হয় । সজাগতামূলক নাটকখন উপভোগৰ কৰি সাংস্কৃতিক সন্ধিয়াৰ শ্ৰোতা-দৰ্শকে বাস্তৱৰ জীৱন্ত কাহিনীত হুকহুকাই কান্দি উঠাটো আছিল পৰিবহণ বিভাগৰ কালিৰ ব্যতিক্ৰমী সজাগতামূলক কাৰ্যসূচীৰ মনকৰিবলগীয়া দিশ। সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক উদ্দেশ্যি যানবাহন চলাওঁতে সকলো সময়তে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সমূহ উনুকিয়াই দিয়ে । বিশেষকৈ সমাজৰ উঠিঅহা প্ৰজন্মক দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়কে হেলমেট পৰিধান কৰিবলৈ তেওঁ আহ্বান জনায়। মদ্যপান কৰি আৰু ম’বাইলত কথা পাতি কোনোৱে যাতে বাহন নচলায় তাৰবাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। একেদৰে দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিত বাহন চলাই নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰি ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত বাহাল ৰাখিবলৈ সকলোৰে প্ৰতি সবিনয় আহ্বান জনাই পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে সাম্প্ৰতিক সময়ত সকলোৱে নিজকে পথ সুৰক্ষা যোদ্ধা হিচাপে গঢ়ি তোলাটো জৰুৰী বুলি মন্তব্য কৰে।

Nagaon । নগাঁৱৰ নেহৰুবালিত লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা

Nagaon । নগাঁৱৰ নেহৰুবালিত লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা
Nagaon । নগাঁৱৰ নেহৰুবালিত লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা

নেহৰুবালিৰ পৰা নগাঁও(Nagaon)জিলাৰ আয়ুক্তৰ কাৰ্যালয়লৈ কৰা হ’ল সহস্ৰাধিক ৰাইজৰ সমাবেশেৰে প্ৰতিবাদী সমদল।প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও। সম্প্ৰতি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সনাতনী হিন্দু লোকৰ ওপৰত চলি থকা নিৰ্যাতন, হত্যা-হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে নগাঁৱৰ সহস্ৰাধিক লোকে। (Jagran Manch)


লগতে ইস্কনৰ গুৰু চিন্ময় কৃষ্ণ দাসক বাংলাদেশ চৰকাৰে কৰায়ত্ব কৰি জেললৈ নিক্ষেপ কৰা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে লোক জাগৰণ মঞ্চ অসম নামৰ সংগঠনটোৱে। নগাঁও জিলা আযুক্ত গৰাকীৰ জৰিয়তে বাংলাদেশ চৰকাৰলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰিলে প্ৰতিবাদকাৰী সকলে। ইফালে শীঘ্ৰেই বাংলাদেশত সনাতনী হিন্দুসকলৰ ওপৰত নিৰ্যাতন


বন্ধ নহ’লে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈও কুন্ঠাবোধ কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰিলে লোক জাগৰণ মঞ্চ অসমৰ বিষয়ববীয়া সকলে।

Pushpa 2: অন্ধ্ৰ চৰকাৰৰ সমৰ্থনত ‘পুষ্পা ২’ৰ টিকটৰ মূল্যবৃদ্ধি, মুখ্যমন্ত্ৰীক কি ক’লে আল্লুৱে?

Pushpa 2
Pushpa 2

আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা ২’ মুক্তি পাব পাঁচ ডিচেম্বৰত। ছবিখনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এক উন্মাদনাৰ পৰিৱেশ। ছবিৰ টিকট বহুতে আগতীয়াকৈ বুকিং কৰিছে। ইফালে আল্লুৱে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক ধন্যবাদ জ্ঞাপন কৰে।(Pushpa 2)


আনহাতে শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ বিগ বাজেটৰ ছবিৰ টিকটৰ মূল্য বৃদ্ধিৰ বাবে সমৰ্থন আগবঢ়াইছে। ফলত ‘পুষ্পা ২’ ছবিখনো ইয়াৰ পৰা লাভৱান হ’ব। এই ছবিখনৰ টিকটৰ দামক লৈ অত্যন্ত বিতৰ্ক। দেশৰ একাংশ ৰাজ্যত প্ৰথম দিনাই টিকটৰ দাম ১ হাজাৰ টকা অতিক্ৰম কৰিছে। বহু ঠাইত পুনৰ টিকট পোৱা নাযায় বুলিও অভিযোগ। এই পৰিস্থিতিত চন্দ্ৰবাবুক ধন্যবাদ জনাই দক্ষিণৰ তাৰকাগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “চিনেমাৰ টিকটৰ দাম বৃদ্ধিত সহায় কৰাৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰক ধন্যবাদ। এই সিদ্ধান্ত তেলেগু ছবিৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ।”(Andhra Pradesh)

মঙলবাৰে পুৱা লাভ কৰা খবৰ অনুসৰি এই পৰ্যন্ত ‘পুষ্পা ২’ৰ ১২ লাখৰো অধিক টিকট বিক্ৰী হৈছে। যিয়ে তেলেগু ছবিতো ইতিহাস গঢ়ি তুলিছে। শেহতীয়াকৈ তেলেংগানা চৰকাৰে ‘পুষ্পা ২’ৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। আদালতত জনস্বাৰ্থৰ গোচৰো দাখিল কৰা হয়। মঙলবাৰে সেই গোচৰৰ শুনানি হয়।(N. Chandrababu Naidu)

Winter: শীতকালত খাব এই চাৰিবিধ শাক

Winter
Winter

শীতকাল অহাৰ লগে লগে সকলো সেউজীয়া পাচলি খাবলৈ মন যায় নহয় জানো। শাকৰ যথেষ্ট উপকাৰিতাৰ লগতে খাবলৈও যথেষ্ট সোৱাদ শাক। সেউজীয়া শাক-পাচলি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। শাকে বহু বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু লগতে শীতকালত শৰীৰক গৰম কৰি ৰখাতো সহায় কৰে শাকে। কোনবোৰ শাকে শীতকালত খাব লাগে জানো আহক।(Winter)

১/ সৰিয়হ
বেছিভাগ মানুহেই ঠাণ্ডা বতৰত সৰিয়হৰ শাক খাই। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত কেলচিয়াম, ফাইবাৰ আৰু ফছফৰাছৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰত তেজৰ সোঁত উন্নত কৰে আৰু লগতে ক্ষতিকাৰক হৃদৰোগ দূৰ কৰাত সহায় কৰে।(Best leafy Vegetables For Winters)

২/ পালেং
পালেং শাকত প্ৰচুৰ পৰিমাণে আঁহ আৰু পানী থাকে, যাৰ ফলত পেট পৰিষ্কাৰ হয়। যাৰ ফলত কোষ্ঠকাঠিন্যৰ দৰে পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। পালেং শাকত কেলচিয়াম আৰু ভিটামিনৰ দৰে পুষ্টিকৰ গুণ থাকে, যিয়ে হাড়ক মজবুত কৰি ৰাখে। পালেং শাক চুলিৰ বাবে অতি উপকাৰী।

৩/ জিলিমিলি শাক
জিলিমিলি শাকত ভিটামিন এ, চিৰ দৰে এন্টিঅক্সিডেন্ট আৰু এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু ছালৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰাত সহায় কৰে। যিয়েই নহওক, খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিলে ই চুলিক মজবুত কৰে আৰু লগতে চকুৰ দৃষ্টিশক্তিও চোকা কৰে।

৪/ মেথি শাক
মেথি শাকত অধিক পৰিমাণৰ পটাছিয়াম থাকে, যিয়ে আমাৰ শৰীৰৰ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও পাচনতন্ত্ৰ সবল কৰি ৰাখে। সপ্তাহত দুবাৰ খালে চুলিৰ বৃদ্ধি বৃদ্ধি পায়।