Home Blog Page 463

Allu Arjun: বন্ধুৰ বাবে সুৰাৰ দোকানলৈ গ’ল অভিনেতা আল্লু অৰ্জুন

Allu Arjun
Allu Arjun

বৰ্তমান পুষ্পা ২ লৈ ব্যস্ত দক্ষিণৰ অভিনেতা আল্লু অৰ্জুন। তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক স্থানীয় সুৰাৰ দোকানত দেখা গৈছিল। এতিয়া তেওঁ এই ভাইৰেল ক্লিপটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।(Allu Arjun)

২০১৭ বৰ্ষৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল য’ত তেওঁক গোৱাৰ স্থানীয় সুৰাৰ দোকানত দেখা গৈছিল। এই ক্লিপটো চাই প্ৰতিজন অনুৰাগীয়ে আচৰিত হৈ পৰিল। এতিয়া আল্লুৱে সেই দোকানখনলৈ কিয় গৈছিল সেই কথা তেওঁ নিজেই কৈছে। (Pushpa 2)

৪৫০ কোটি টকাৰ সম্পত্তি থকা আল্লু অৰ্জুনক ভাইৰেল ভিডিঅ’টোৰ বিষয়ে সোধাত আল্লুৱে স্বীকাৰ কৰে যে ভিডিঅ’টোত তেওঁ আছিল। লগতে সুৰা কিনা বুলিও ক’লে। আল্লুৱে আৰু স্পষ্ট কৰি দিয়ে যে তেওঁ বন্ধুৰ বাবে সুৰা কিনিছিল। আল্লুৱে ক’লে যে যিজন বন্ধুৰ কথা তেওঁ উল্লেখ কৰিছিল, তেওঁকো তেওঁৰ সৈতে হোৱা আড্ডা শ্ব’ত দেখা যাব। এই খণ্ডটোৰ প্ৰিমিয়াৰ হ’ব ১৪ নৱেম্বৰত। ভাইৰেল ভিডিঅ’টোৰ কথা ক’বলৈ গ’লে ২০১৭ বৰ্ষৰ ভিডিঅ’।(Rashmika mandanna)


পুষ্পা ২ লৈ পুষ্পৰাজৰ চৰিত্ৰত চিনেমালৈ ঘূৰি আহিছিল আল্লু অৰ্জুন। এতিয়া চন্দনৰ চোৰাং ব্যৱসায়ৰ অধিক কাহিনী ছবিখনত দেখুওৱা হ’ব। য’ত তেওঁৰ সৈতে ৰশ্মিকা মণ্ডন্নাকো দেখা যাব। ২০২৪ চনৰ ৫ ডিচেম্বৰত মুক্তি পাব ছবিখন। জনা যায় যে আল্লু অৰ্জুন হৈছে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ আৰু প্ৰথমজন তেলেগু ছুপাৰষ্টাৰ। ২০২৩ চনতেই তেওঁ পুষ্পাৰ বাবে এই বঁটা লাভ কৰিছিল।(Goa)

Skin Steaming Treatment: ভাপ ছালৰ চিকিৎসা মুখৰ বাবে কিয় গুৰুত্বপূৰ্ণ? ভাপৰ উপকাৰিতাৰ বিষয়ে জানক

Skin Steaming Treatment
Skin Steaming Treatment

আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে মানুহে মুখত ভাপ লয়। কিন্তু ভাপৰ উপকাৰিতাৰ বিষয়ে বহুতে নাজানে।(Skin Steaming Treatment)আহকচোন ই ছালৰ বাবে ইমান উপকাৰী কিয় জানো। ই আৰামদায়ক আৰু ঘৰতে অতি সহজে কৰিব পাৰি। ষ্টীম বাথক গ্ল’য়িং ছালৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়, কাৰণ ই ছালখন পৰিষ্কাৰ আৰু গ্ল’য়িং কৰি তোলে। ইয়াৰ উপৰিও ছালৰ ছিদ্ৰ খুলি ছালখন সুস্থ কৰি ৰখাতো সহায় কৰে। মুখমণ্ডলত ভাপ দিয়াটোও কলাজেন উৎপাদনত সহায় কৰি এন্টি এজিঙৰ বাবে অত্যন্ত উপকাৰী।(Benefits of Skin Steaming Treatment)

ভাপত লোৱাৰ উপকাৰিতাৰ- মুখত ভাপ দিলে শুকান ছাল আঁতৰে। ক’লা দাগ আৰু মৃত ছালৰ কোষ আঁতৰ হয়, লগতে তেল কমোৱাতো সহায়ক বুলি প্ৰমাণিত হয়। এই প্ৰক্ৰিয়াটো কৰিলে মুখৰ পৰা মলি আঁতৰি যায়, পিম্পল কমি যায়, মুখৰ বিষাক্ত উপাদান আঁতৰ হয়, যাৰ বাবে ছালখন হাইড্ৰেটেড আৰু গ্ল’য়িং হৈ থাকে।(glow)

ছালৰ ভাপ প্ৰক্ৰিয়া

১) ছালখন কোমল ক্লিনজাৰেৰে মালিচ কৰি ভালদৰে পৰিষ্কাৰ কৰক।
২) ইয়াৰ পিছত ছালখন কমেও ১০ মিনিট ভাপত দিব।
৩) ভাপ খোৱাৰ পিছত ১৫ মিনিটৰ বাবে মুখত মাস্ক লগাই পৰিষ্কাৰ পানীৰে ধুব লাগে।
৪) চাউলৰ আটা স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰে।
৫) ছালখন গ্লোয়িং কৰিবলৈ মুখত এলোভেৰা জেল ঘঁহিব লাগে।

মাহত ৪ৰ পৰা ৫ বাৰ এই প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰিলে লাভ কৰিব কোমল ছাল।

ছালৰ ভাপত ওলোৱাৰ প্ৰভাৱ

১) মুখখন ভাপত দিলে ছিদ্ৰবোৰ খোল খায় আৰু জমা হোৱা মলি আঁতৰাই ছালখন ভালদৰে পৰিষ্কাৰ কৰে।

২) ভাপেৰে ক’লা দাগ আৰু বগা দাগ কমায়, যিবোৰ স্ক্রাব কৰাৰ সময়ত ছালত সহজে দ্ৰৱীভূত হয়।

৩) গৰম ভাপ আৰু ঘামৰ সংমিশ্ৰণৰ বাবে ই আপোনাৰ ৰক্তবাহী নলী বহল কৰি ৰক্ত সঞ্চালন বৃদ্ধি কৰে।

Canadian Amphibious Plane: ব্ৰহ্মপুত্ৰৰ বুকুত চলিল কানাডাৰ ‘উভচৰী বিমান’

Canadian Amphibious Plane: ব্ৰহ্মপুত্ৰৰ বুকুত চলিল কানাডাৰ 'উভচৰী বিমান'
Canadian Amphibious Plane: ব্ৰহ্মপুত্ৰৰ বুকুত চলিল কানাডাৰ 'উভচৰী বিমান'

গুৱাহাটী, ১৫ নৱেম্বৰঃ মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত আজি আয়োজিত পৰীক্ষামূলক ‘উভচৰী বিমান'(Canadian Amphibious Plane) চিপ্লেনৰ(Seaplane) উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে।

অসমৰ যাতায়াত তথা পৰ্যটনৰ ক্ষেত্ৰত যুগান্তকাৰী সংযোজন ঘটা সামুদ্ৰিক বিমানখনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পুৱা উৰণ আৰম্ভ কৰে আৰু আকাশত কিছু সময় থকাৰ অন্তত গুৱাহাটী পাণ্ডু ঘাটত সফল অৱতৰণ কৰে।

চিপ্লেনৰ সফল পৰীক্ষণৰ অন্তত তেওঁ এই সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে আজি অসমৰ কাৰণে এটা বিশেষ দিন। অসমত পোন প্ৰথমবাৰৰ বাবে চিপ্লেন নামিছে।

এয়া আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন। পৰীক্ষামূলকভাৱে আজি চিপ্লেন বৰঝাৰ বিমানবন্দৰৰ পৰা পাণ্ডু ঘাটলৈকে চলাই আমি নামিছো(Brahmaputra)।

তেওঁ পুনৰ কয় যে এই চিপ্লেন কিমান সোনকালে নিয়মীয়া চলাচলৰ পৰ্যায়লৈ আনিব পৰা যায়, তাৰ বাবে আমাৰ প্ৰচেষ্টা থাকিব। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে সাধাৰণতে ভাৰতবৰ্ষত সামুদ্ৰিক বিমান আজিলৈকে সাগৰতহে ব্যৱহাৰ কৰা হৈছিল আৰু আজি প্ৰথমবাৰৰ বাবে অসমত ব্ৰহ্মপুত্ৰ নদীত সামুদ্ৰিক বিমানৰ উৰণ পৰীক্ষণ কৰাটো এক অন্যতম ঐতিহাসিক মূহূৰ্ত।

সংবাদ মাধ্যক উদ্দেশ্যি তেওঁ কয় যে আপোনালোকে জানি আনন্দিত হ’ব যে ভাতবৰ্ষত চিপ্লেন প্ৰথমবাৰৰ কাৰণে নদীত নামিছে। ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাৰ্ডত নামিছে, কিন্তু আজি চিপ্লেন প্ৰথমবাৰৰ কাৰণে নদীত নামিছে।

গতিকে এইটো আমাৰ কাৰণে আনন্দৰ কথা। এই চিপ্লেন অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰতখনত এটা ডাঙৰ সংযোজন। এই চিপ্লেন যদি আমি অসমৰ কাজিৰঙা(Kaziranga National Park), উমৰাংচু(Umrangchu), মাজুলী, ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰো- অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো বা পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব।

মন্ত্ৰীগৰাকীয়ে চিপ্লেনৰ সফল পৰীক্ষণত অত্যন্ত আনন্দ অনুভৱ কৰা বুলি ব্যক্ত কৰে। তেওঁ পৰিবহণ বিভাগ আৰু পৰ্যটন বিভাগক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।


উৰণৰ অভিজ্ঞতা বৰ্ণনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সামুদ্ৰিক বিমানৰ এই উৰণ অতিকৈ চমকপ্ৰদ আছিল। এই বিমানৰ সংযোজন অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংযোজন হিচাপে পৰিগণিত হ’ব।

আমি আশাবাদী যে, অহা ছমাহৰ পৰা এবছৰৰ ভিতৰত আমি চিপ্লেন অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ বাবে সকলো কাৰ্য সম্পন্ন কৰিব পাৰিম।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমৰ বৰ্দ্ধিত পৰ্যটন উদ্যোগৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কয় যে অসম নদী, জলাশয়েৰে ভৰপূৰ গতিকে প্ৰতিখন পৰ্যটনস্থলী যেনে কাজিৰঙা, উমৰাংছ’, পবিতৰা আদি স্থানসমূহত ছিপ্লেনৰ সংযোজনে বিভিন্ন পৰ্যটকৰ বাবে পৰিবহণ সুচল কৰিব আৰু কম পৰিচিত পৰ্যটনস্থলীসমূহো উদঘাটন কৰাত সহায়ক হিচাপে বিবেচিত হ’ব।

মন্ত্ৰীগৰাকীয়ে পৰৱ্ৰতী সময়ত কাজিৰঙা, মাজুলী বা উমৰাংছ’তো ইয়াৰ পৰীক্ষণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ

Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ
Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ

গুৱাহাটী, ১৫ নৱেম্বৰঃ এপিডিচিএল(APDCL) মিৰ্জা ইএছডিৰ উদ্যোগত(Smart Meter), উপ-সংমণ্ডল অভিযন্তা সিদ্ধাৰ্থ গোস্বামীৰ নেতৃত্বত সুমিত কুমাৰ সিনহা-চিইঅ’, জিইচি-২, ধনমণি ৰাজবংশী, এজিএম, মিৰ্জা বৈদ্যুতিক বিভাগৰ লগতে এডভান্সড মিটাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচ প্ৰভাইডাৰ (এএমআইএছপি) দলটোৰ সহযোগত বৃহস্পতিবাৰে মিৰ্জাত স্মাৰ্ট মিটাৰৰ উপৰত গ্ৰাহকসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰা হয়।

সভাত স্থানীয় নেতাসকলৰ লগতে প্ৰফুল্ল কলিতা (কাৰ্যবাহী সদস্য, আঞ্চলিক বিদ্যুৎ সুৰক্ষা সমিতি), দিলীপ কুমাৰ ৰাভা আৰু নিপেন ৰাভা (সাধাৰণ সদস্য, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ)কে ধৰি স্থানীয় গাঁওবাসী উপস্থিত থাকে।

সভাত স্মাৰ্ট মিটাৰৰ বিষয়ে ভুল ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে বাস্তৱ সময়ত বিদ্যুৎ ব্যৱহাৰ নিৰীক্ষণ, স্বচ্ছ বিলিং আৰু খৰচ নিয়ন্ত্ৰণ তথা ৰাহিৰ দৰে মূল সুবিধাসমূহৰ ওপৰত আলোকপাত কৰা হৈছিল।

গ্ৰাহকসকলক নতুন প্ৰযুক্তিৰ সুবিধাসমূহ বুজাবলৈ স্মাৰ্ট প্ৰিপেইড মিটাৰ আৰু পৰম্পৰাগত মিটাৰৰ তুলনামূলক অধ্যয়ন দেখুওৱা হৈছিল।

লগতে অনুষ্ঠানত মাই বিজুলী(My Bijulee) এপটোৰ এটা নিৰ্দেশনামূলক ভিডিঅ’ প্ৰদৰ্শন কৰা হৈছিল, য’ত ব্যৱহাৰকাৰীসকলক এপটোৰ জৰিয়তে তেওঁলোকৰ বিদ্যুতৰ ব্যৱহাৰ কেনেকৈ অনুসৰণ আৰু পৰিচালনা কৰিব পাৰি সেই বিষয়ে জ্ঞান আৰু নিৰ্দেশনা দিয়া হৈছিল(Consumer Awareness)।

এই পদক্ষেপৰ লক্ষ্য আছিল গ্ৰাহকক সবলীকৰণ কৰা, স্বচ্ছতা নিশ্চিত কৰা আৰু শক্তিৰ কাৰ্যক্ষমতাক প্ৰসাৰ কৰাৰ লগতে সামগ্ৰিক সন্তুষ্টি আৰু বিদ্যুৎ ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি কৰা।(ASSAM ELECTRICITY REGULATORY COMMISSION)

Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট
Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

গুৱাহাটী, ১৫ নৱেম্বৰঃ উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল দহ দিনীয়া অসম গ্ৰন্থমেলা, যোৰহাট(Assam Book Fair)৷ যোৰহাট(Jorhat) জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৩ বজাত উদ্বোধন কৰা হয়৷

ইয়াত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই(Khanapara Veterinary Science College playground)৷ তেওঁ ভাষণত কয়— “আজি ড° বাণীকান্ত কাকতীদেৱৰ জন্ম আৰু মৃত্যু দিৱস৷ আজি ভাষাবিদ ড° গোলোক চন্দ্ৰ গোস্বামীদেৱৰো জন্ম দিৱস৷

সত্যৰ সন্ধানেই সাহিত্যঃ অনুৰাধা শৰ্মা পূজাৰী

অসমীয়া ভাষাটোক স্বকীয় ভাষা হিচাপে পৰিচয় দিয়াৰ ক্ষেত্ৰত এই দুয়োগৰাকী পণ্ডিতৰ অৱদান অপৰিসীম৷ এইবাৰ অসমীয়া ভাষাই ধ্ৰুপদীৰ মৰ্যাদা লাভ কৰিলে৷ এয়া আমাৰ বাবে গৌৰৱ আৰু আনন্দৰ বতৰা(North East Book Fair)৷ গ্ৰন্থমেলা মানেই ভাষা-সাহিত্যৰ চৰ্চাৰ এখন নিৰ্ভৰযোগ্য থলী৷অসম গ্ৰন্থমেলা, যোৰহাটতো এই বিষয়ক আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে৷

ধ্ৰুপদী মৰ্যাদা অসমীয়া ভাষাৰ ঐতিহাসিক প্ৰাপ্যঃ সুভাষ চন্দ্ৰ শতপথী

আশা কৰিছোঁ এই অনুষ্ঠান সফলকাম হ’ব৷”(All Assam Publishers and Book Sellers’ Association) তেওঁ লগতে কয় যে ধ্ৰুপদীৰ স্বীকৃতি লাভে অসমীয়া ভাষাক ভৱিষ্যতৰ দিনবোৰত বিভিন্ন প্ৰকাৰে লাভান্বিত কৰিব৷ অসমীয়া ভাষাৰ স্বতন্ত্ৰ পৰিচয় চৌদিশে প্ৰসাৰিত হ’ব৷

সাহিত্যৰ মাজেৰে গ্ৰন্থই এই পৰিচয় কঢ়িয়াই নিব৷ সভাখনত বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰে ওড়িষাৰ বিশিষ্ট সাহিত্যিক সুভাষ চন্দ্ৰ শতপথীয়ে৷ ভাষণত তেওঁ এইবুলি কয়— “অসমীয়া ভাষাই ধ্ৰুপদীৰ মৰ্যাদা লাভৰ বাবে অসমবাসীক অভিনন্দন জ্ঞাপন কৰিছোঁ৷

অসমীয়া ভাষাৰ স্বতন্ত্ৰ পৰিচয় চৌদিশে প্ৰসাৰিত হ’বঃ সুমন্ত চলিহা

এয়া অসমীয়া ভাষাৰ বাবে ঐতিহাসিক প্ৰাপ্য৷” তেওঁ পুনৰ কয়— মই বুৰঞ্জীৰ ছাত্ৰ তথা শিক্ষক হিচাপে দীৰ্ঘদিন ধৰি গ্ৰন্থমেলাৰ সৈতে জৰিত হৈ আছোঁ৷ গ্ৰন্থমেলা হৈছে লেখক-পাঠক-প্ৰকাশকৰ সংযোগস্থলী আৰু বৌদ্ধিক অনুশীলনৰ থলী৷ গ্ৰন্থ উদ্যোগৰ সৈতে জৰিত থকা সকলে অনুবাদৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত৷

অনুবাদে ভাষা-সাহিত্যৰ সম্প্ৰসাৰণ ঘটায়৷ অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ এক বিশ্বজনীন আৱেদন আছে৷ এইসমূহ জগতমুখী কৰাৰ পথ গ্ৰন্থৰ জৰিয়তেই নিৰ্ণয় কৰা সম্ভৱ৷

প্ৰসংগক্ৰমে অসম চৰকাৰে ওড়িষাত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক উচ্চ প্ৰশংসা কৰে৷ আন এগৰাকী বিশেষ অতিথি, সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে অসমীয়া ভাষাক লৈ আমি এতিয়া আৰু শংকিত হৈ থকাৰ প্ৰয়োজন নাই৷

ধ্ৰুপদী স্বীকৃতিয়ে অসমীয়া ভাষাৰ শিপা যে মজবুত সেই কথাকে প্ৰমাণ কৰিলে৷ লগতে তেওঁ কয়—“গ্ৰন্থৰ উত্তৰাধিকাৰী কোন হ’ব এয়া এতিয়াৰ ডাঙৰ প্ৰশ্ন৷ আমাৰ বুকচেল্‌ফৰ কিতাপবোৰৰ দায়িত্ব ভৱিষ্যত প্ৰজন্মই ল’বনে? ঘৰে-বাহিৰে ঠাই টুটি আহিছে৷ গতিকে ভাল কিতাপ ৰাখিবলৈ ডাঙৰ পুথি ভঁৰাল, জিলা পুথি ভঁৰাল আদিত সেই ঠাই উলিয়াব লাগিব৷

প্ৰযুক্তিয়ে বিভিন্ন বস্তু নোহোৱা কৰি দিলে ৷ চিঠি-পত্ৰৰ আদান-প্ৰদানৰ ঠাইত মেছেজ আহিল, গ্ৰীটিংছ কাৰ্ড হেৰাই গ’ল৷ এয়া সঁচাকৈয়ে চিন্তাৰ বিষয়৷” তেওঁ অন্য ভাষালৈ অসমীয়া ভাষাৰ ভাল কিতাপ অনুবাদৰ পোষকতা কৰি কয় যে পৃথিৱীত বেছিকৈ প্ৰচলিত ভাষাত অনুবাদ হ’লে ভাল, কাৰণ তেতিয়া অধিক মানুহে পঢ়াৰ সুযোগ লাভ কৰে৷

এইক্ষেত্ৰত অনুবাদক আৰু প্ৰকাশক সকল সচেতন হ’ব লাগিব ৷ তেওঁ পুনৰ কয়— “সত্যৰ সন্ধানেই সাহিত্য৷ ইয়াত ৰাজনীতি নাই৷ সাহিত্য প্ৰকৃতিৰ দৰেই স্বতন্ত্ৰ৷”

ইয়াত বিশেষ অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সাহিত্যিক ড° অদিতি বেজবৰুৱাই৷ তেওঁ কয় যে অসম গ্ৰন্থমেলাৰ আয়োজন যোৰহাটবাসীৰ বাবে অতি আনন্দৰ বতৰা৷ কিতাপ আমাৰ বাবে অমূল্য সম্পদ৷ গ্ৰন্থ হৈছে জ্ঞানৰ পথ দেখুওৱা পোহৰ৷ গতিকে কিতাপৰ ভৱিষ্যতক লৈ আমিও দায়ৱদ্ধ হ’ব লাগিব৷

সভাখনত বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷ তেওঁ কয়—“অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যখনত কাৰ্যতঃ প্ৰজ্ঞাৰ উৎসৱ উদ্‌যাপন কৰিছে৷ এয়া সমাজ-জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ৷”

তেওঁ লগতে কয় যে চৰ্চা নোহোৱা হ’লে ভাষাই মৃত্যুৰ দিশে গতি কৰে৷ আমাৰ ইয়াতো কাকত-আলোচনীৰ বিক্ৰী কমি অহা বুলি বিদ্বৎ সমাজৰ মাজত আলোচনা হৈ আহিছে৷ দুখৰ বিষয় শিক্ষক সকলেই কিতাপ নপঢ়ে। এয়া শুভ লক্ষণ নহয়৷ কিতাপ পঢ়াৰ আন্দোলন নতুনকৈ গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে৷

আশা কৰোঁ গ্ৰন্থমেলাই এই আন্দোলনৰ বাট মুকলি কৰিব৷” সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৈধুৰীয়েও সভাখনত অংশগ্ৰহণ কৰে ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ আদৰণী ভাষণেৰে আৰম্ভ হয় উদ্বোধনী সভাখন৷ তেওঁ ভাষণ প্ৰসংগত কয়—“অসম গ্ৰন্থমেলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ পৰা বিভিন্ন প্ৰান্তলৈ গ্ৰন্থমেলা সম্প্ৰসাৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই গ্ৰন্থ উৎসৱলৈ লেখক-পাঠক-প্ৰকাশকৰ ইতিবাচক সঁহাৰিয়ে আমাৰ পাথেয়৷ অসমৰ বাহিৰতো, বাংগালুৰুত আমি গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰিছোঁ৷

গ্ৰন্থৰ প্ৰতি মানুহৰ সমাদৰ বৃদ্ধি , ভাষা-সাহিত্যৰ চৰ্চা তথা বৌদ্ধিক কছৰৎ অধিক উন্নত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা-পৰামৰ্শ আৰু শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ আগ্ৰহ-পৰিকল্পনাৰ বাবেই অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো সম্ভৱ হৈ উঠিছে৷

সমান্তৰালভাৱে গ্ৰন্থমেলাসমূহত অনুষ্ঠিত হৈ আহিছে সাহিত্য-সংস্কৃতি-ইতিহাস আদিৰ বিষয়ে ভিন্ন ভিন্ন আলোচনা সত্ৰ আৰু বিদ্যালয়-মহাবিদ্যালয়সমূহৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা৷ প্ৰতিটো অনুষ্ঠানতে ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ৷

আশা প্ৰকাশ কৰিছোঁ সকলোৰে সহযোগিতাৰে অসম গ্ৰন্থমেলা, যোৰহাট সাফল্যমণ্ডিত হ’ব৷” উদ্বোধনী সভাৰ প্ৰাৰম্ভতে এটি সৰস্বতী বন্দনা পৰিৱেশন কৰি জোনাকী সংঘ বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ভূয়সী প্ৰশংসিত হয়৷ ইয়াৰ পাছতে সাংস্কৃতিক প্ৰতিযোগিতাৰ মনপৰশা কাৰ্যূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ৷

Nalbari । বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিলে বোৱাৰীক কিয় ?

Nalbari । বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিলে বোৱাৰীক কিয় ?
Nalbari । বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিলে বোৱাৰীক কিয় ?

১৫ নবেম্বৰ,নলবাৰীঃ (Nalbari) নলবাৰী জিলাৰ মুকালমুৱাৰ ৩ নং ভেলামাৰীত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা । অভিয়োগ অনুসৰি স্বামীৰ লগতে স্বামী গৃহৰ মানুহে বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিয়ে বোৱাৰী ফৰিদা বেগমৰ । প্ৰায় ৫ বছৰ আগতে ৩ নং ভেলামাৰীৰ জেহেৰুল ইছলামৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ফৰিদা বেগমে ।

বিবাহৰ পিছৰে পৰা স্বামীৰ লগতে স্বামীৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল ফৰিদা বেগমৰ ওপৰত । যোৱা সোমবাৰে ফৰিদা বেগমে স্বামীৰ পৰা ১০০ টকা খোজাক লৈ ফৰিদা বেগমক স্বামী জেহেৰুল ইছলামে অশ্লীল গালি গালাজ পাৰে । কেইমাহ মান পূৰ্বে ফৰিদা বেগমে পিতৃ গৃহৰ পৰা ৫০ হাজাৰ টকা আনি দিছিল স্বামীৰ পৰিয়ালক ।

গালি গালাজ কৰাৰ পিছত ফৰিদা বেগমে পিতৃ গৃহৰ পৰা আনি দিয়া টকা ঘূৰাই বিচৰাত জেহেৰুল ইছলামৰ লগতে তেওঁৰ পিতৃ , মাতৃয়ে অমানৱীয় ভাৱে মাৰ পিট কৰি ফৰিদা বেগমৰ দুইখন হাত ভাঙি দিয়ে । ইতিমধ্যে ভুক্ত ভোগী ফৰিদা বেগমে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Breakfast: উচ্চ ৰক্তচাপ ৰোগীয়ে ব্ৰেকফাষ্ট কৰাৰ সঠিক সময় জানি লওক, নহ’লে বি পি বৃদ্ধি বাঢ়িব

Breakfast
Breakfast

ব্যস্ত জীৱনত মানুহে প্ৰায়ে ব্ৰেকফাষ্ট নকৰে বা খৰখেদাকৈ ব্ৰেকফাষ্ট কৰে।(Breakfast) কিন্তু ব্ৰেকফাষ্ট নকৰাৰ বহু অসুবিধা আছে। ইয়াৰ বিপৰীতে উচ্চ ৰক্তচাপ ৰোগীয়ে উপযুক্ত সময়ত ব্ৰেকফাষ্ট কৰিব লাগে যাতে তেওঁলোকৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ব্ৰেকফাষ্ট কৰাৰ সঠিক সময় জানি লওক-

উচ্চ ৰক্তচাপৰ সমস্যা এটা অতি সাধাৰণ সমস্যা। এই সমস্যা বৰ্তমান বৃদ্ধৰ লগতে যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পাইছে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰি এই ৰোগ হ্ৰাস কৰিব পাৰি। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল দিনটোৰ প্ৰথম আহাৰ অৰ্থাৎ ৰাতিপুৱা ব্ৰেকফাষ্ট, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ৰক্তচাপত পৰে। ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। যিসকল লোকে ব্ৰেকফাষ্ট নকৰে তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি, সেয়েহে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কেতিয়াও বাদ দিব নালাগে।(High blood pressure)

ব্ৰেকফাষ্ট কেনেকৈ কৰিব লাগে-
বিশেষজ্ঞসকলৰ মতে যদি আপুনি উচ্চ ৰক্তচাপত আক্ৰান্ত তেন্তে আপুনি পুষ্টিকৰ উপাদান সমৃদ্ধ ব্ৰেকফাষ্ট কৰিব লাগে। স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰিলে আপোনাৰ হৃদযন্ত্ৰৰ কাম অধিক ফলপ্ৰসূভাৱে কৰিবলৈ প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে আপোনাৰ ৰক্তচাপও বৃদ্ধি কৰে।

কিমান সময়ত ব্ৰেকফাষ্ট কৰিব লাগে
বিশেষজ্ঞসকলৰ মতে স্বাস্থ্যসন্মত ৰক্তচাপৰ বাবে সাৰ পোৱাৰ এঘণ্টাৰ ভিতৰতে ব্ৰেকফাষ্ট কৰিব লাগে। এনে কৰিলে আপোনাৰ শৰীৰে তেজত থকা গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰৰ ওপৰত কম মানসিক চাপ পৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। সাৰ পোৱাৰ ৩০ৰ পৰা ৬০ মিনিটৰ ভিতৰত খাদ্য গ্ৰহণ কৰিলে মানসিক চাপৰ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস পায় আৰু ইনচুলিন উৎপাদন উন্নত হয়, যাৰ ফলত উচ্চ ৰক্তচাপও হ্ৰাস পায়।

ব্ৰেকফাষ্ট নকৰাৰ অসুবিধা
যদি আপুনি ব্ৰেকফাষ্ট নকৰে তেন্তে আপোনাৰ শৰীৰত বহু সমস্যাৰ সৃষ্টি হয়। খালী পেটত থাকিলে এচিড গঠন হয় যাৰ ফলত গেছৰ সমস্যা হয়, বি পি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু গ্লুক’জৰ মাত্ৰাও বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও ব্ৰেকফাষ্ট এৰিলে হৃদৰোগৰ সম্ভাৱনা ২১% বৃদ্ধি পাব পাৰে। গতিকে যদি আপুনি ব্ৰেকফাষ্ট মিছ কৰে, তেন্তে এই অভ্যাসটো লগে লগে সলনি কৰক আৰু ব্ৰেকফাষ্ট কৰক। লগতে খৰখেদাকৈ ব্ৰেকফাষ্ট কৰাৰ পৰিৱৰ্তে ভাল সময় উলিয়াওক কাৰণ ৰক্তচাপ আপোনাৰ খাদ্যাভ্যাসৰ লগতো জড়িত হৈ আছে লাহে লাহে খাদ্য গ্ৰহণ কৰিলে আপোনাৰ হজম শক্তি সুস্থ হৈ থাকে আৰু ৰক্তচাপও নিয়ন্ত্ৰণত থাকে।

Guwahati Water Supply: গুৱাহাটী মহানগৰীৰ ২৮টাকৈ অঞ্চলত আজিৰে পৰা বন্ধ থাকিব পানী যোগান। ক’ত, ক’ত থাকিব বন্ধ থাকিব পানী যোগান

Guwahati Water Supply
Guwahati Water Supply

গুৱাহাটী মহানগৰীৰ ২৮টাকৈ অঞ্চলত আজিৰে পৰা ৩ দিনৰ বাবে বন্ধ থাকিব পানী যোগান।(Guwahati Water Supply)

পানী যোগান বন্ধ থাকিব লতাশিল, পাণবজাৰ, খাৰমূলি, উলুবাৰী, ৰূপনগৰ, তৰুণ নগৰ, ভাস্কৰ নগৰ, স্বৰাজ নগৰ, হেঙেৰাবাৰী, ড০ জাকিৰ হুছেইন ৰোড অমিয়া নগৰ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা ছাৰ্ভিচ, জু-ৰোড, অনিল নগৰ, নবীন নগৰ, শ্রীনগৰ, গীতানগৰ, এম টি ৰোড, অম্বিকাগিৰি নগৰ, সুন্দৰপূৰ, মানিকনগৰ, ডাউন টাউন, বৰমটৰীয়া, ৰামছাশিল, শিলপুখুৰীত।

গুৱাহাটী জল ব’ৰ্ডে জাৰি কৰিলে এই জাননী। ১৭ নৱেম্বৰলৈ বন্ধ থাকিব পানী যোগান। পানী যোগানৰ বাবে সংযোজন কৰিব নতুন অঞ্চল।

Banana And Apple: কল আৰু আপেল কিয় একেলগে খাব নালাগে, জানেনে?

Banana And Apple
Banana And Apple

সতেজ ফল খোৱাটো সদায় স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু কেতিয়াবা আমাক কোৱা হয় যে দুটা ফল একেলগে খাব নালাগে, কিন্তু কিয় খাব নালাগে সেই বিশয়ে হয়তো আমি বহুতে নাজানো।(Banana And Apple)কোনবোৰ ফল একেলগে খাব নালাগে, কিয় ২ টা ফলৰ প্ৰকৃতি বেলেগ হ’ব পাৰে। এই বিষয়ে জানো আহক-

কল আৰু আপেল একেলগে খাব নালাগে, এই দুয়োবিধে আপোনাক বহুতো পুষ্টিকৰ উপকাৰ দিব পাৰে। দুয়োটা ফলতে অত্যাৱশ্যকীয় ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ থাকে গতিকে একেলগে খালে দৈনিক পুষ্টিকৰ উপাদানৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে।

আপেল আৰু কল একেলগে খোৱাৰ উপকাৰিতা

১/ পুষ্টিৰ লাভ

কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম, ভিটামিন চি, ভিটামিন বি ৬ আৰু আঁহ থাকে। প্ৰাকৃতিক চেনি আৰু কাৰ্বহাইড্ৰেটৰ বাবে ইহঁতে তৎক্ষণাত শক্তি প্ৰদান কৰে। কলত থকা পটাছিয়াম হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। আনহাতে আপেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, বিশেষকৈ পেক্টিন, যিয়ে হজম শক্তিত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰত থকা ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট। একেলগে খালে আপুনি এই প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহৰ সংমিশ্ৰণ এটা পৰিবেশনত পায়, যিয়ে শৰীৰৰ একাধিক কাৰ্য্যক সমৰ্থন কৰে।

২) হজম শক্তিত সহায় কৰে

দুটা ফল একেলগে খোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ চিন্তা হ’ল হজম শক্তি। কিন্তু কল আৰু আপেলৰ হজম সময় একে। কল সামান্য ষ্টাৰচযুক্ত হোৱাৰ বাবে বেছিভাগ ফলতকৈ লাহে লাহে হজম হয়, আনহাতে আপেলত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা আঁহ থাকে, যিয়ে হজম প্ৰক্ৰিয়াত সহায় কৰে। এই সংমিশ্ৰণে আচলতে বহু লোকৰ হজম শক্তি উন্নত কৰিব পাৰে, কিয়নো আপেলত থকা আঁহে পাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলি থকাত সহায় কৰে। দুয়োটা ফলে কোষ্ঠকাঠিন্যও ৰোধ কৰিব পাৰি।

৩/ তেজৰ চেনিৰ ভাৰসাম্য

আপেলৰ লগত কল মিহলাই খালে তেজৰ চেনিৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হ’ব পাৰে। কলত প্ৰচুৰ প্ৰাকৃতিক চেনি থকাৰ বিপৰীতে আপেলত থকা আঁহে তেজত চেনিৰ নিৰ্গমন লেহেমীয়া কৰে। অৰ্থাৎ কল, আপেল একেলগে খালে চেনিৰ দ্ৰুত বৃদ্ধি ৰোধ কৰিব পাৰি, যাৰ ফলত সুস্থিৰ শক্তি মুক্ত হ’ব পাৰে।

এই লোকসকলে সমস্যাৰ সন্মুখীন হ’ব পাৰে

আমাৰ বেছিভাগৰে বাবে কল আৰু আপেল একেলগে খোৱাটো স্বাস্থ্যকৰ বুলিহে কোৱা হয়। কিন্তু সংবেদনশীল পেট বা খিংখিঙীয়া আন্ত্ৰিক চিনড্ৰম (IBS) থকা কিছুমান লোকে আঁহৰ পৰিমাণৰ বাবে হজম শক্তি সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনে ক্ষেত্ৰত এই ফলবোৰ পৃথকে পৃথকে খাব লাগে বা সুষম আহাৰত অন্তৰ্ভুক্ত কৰাটোৱেই উত্তম।

Delhi Pollution: ডিজেল বাহন বন্ধ, বিদ্যালয় বন্ধ! দিল্লীত প্ৰদূষণে ভয়াবহ অৱস্থা, AQI য়ে অতিক্ৰম কৰিলে ৪৫০

Delhi Pollution
Delhi Pollution

দিল্লীত ভয়াবহ ৰূপত বায়ু প্ৰদূষণ হৈছে। বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্য অনুসৰি প্ৰদূষণ অৰ্থাৎ বায়ুৰ গুণাগুণ ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ বাবে দিল্লীৰ মানুহৰ অৱস্থা দুৰ্বিষহ। এনচিআৰত AQI ৪০০ৰ পৰা ৫০০ৰ ভিতৰত। দিল্লীৰ নয়ডা, গাজিয়াবাদ, ফৰিদাবাদ আৰু গুৰুগ্ৰামৰ পৰিস্থিতি আৰু অধিক বেয়া। আজি ৰাতিপুৱাদিল্লী-এনচিআৰৰ ৰাইজৰ অৱস্থা ‘শ্বাসৰুদ্ধকৰ’ হৈ পৰিছিল। (Delhi Pollution)

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু পশ্চিম ৰাজস্থানত ঘন কুঁৱলীৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। একে সময়তে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, উপ হিমালয় পশ্চিম বংগ আৰু ছিকিম, বিহাৰ আৰু ঝাৰখণ্ডত পুৱা ঘন কুঁৱলীৰ বাবে ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে।(weather update)

আইএমডিৰ তথ্য অনুসৰি আজি দক্ষিণ ভাৰতৰ তামিলনাডু, কেৰালা, কৰ্ণাটক, উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ তেলেংগানাত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দক্ষিণ কোংকন আৰু গোৱা আৰু দক্ষিণ মধ্য মহাৰাষ্ট্ৰত বৰষুণ হ’ব পাৰে।(IMD)

এনে পৰিস্থিতিত প্ৰথম কথা আপুনি আতংকিত নহ’ব। অত্যাৱশ্যকীয় কাম নকৰাকৈ ঘৰৰ পৰা ওলাই নাযাব। ৰাতিপুৱা আৰু গধূলি ফুৰিবলৈ নাযাব। ঘৰৰ বাহিৰত ভাল মানৰ মাস্ক পৰিধান কৰক। মাস্ক নাথাকিলে অন্ততঃ মুখখন কপাহী কাপোৰেৰে ঢাকি ৰাখিব লাগে। ধূলি আৰু ধোঁৱাৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহিব। যদি আপুনি কিবা সমস্যা অনুভৱ কৰে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।(Delhi)