Home Blog Page 465

Children’s Day: শিশু দিৱস উদযাপন আৰু সংহত শিশু উন্নয়ন প্ৰকল্প

Children's Day: শিশু দিৱস উদযাপন আৰু সংহত শিশু উন্নয়ন প্ৰকল্প
Children's Day: শিশু দিৱস উদযাপন আৰু সংহত শিশু উন্নয়ন প্ৰকল্প

১৪ নৱেম্বৰত শিশু দিৱস(Children’s Day) উদযাপনৰ হৈ আহিছে এই বিষয়ে পুনৰ ব্যাখ্যা কৰা প্ৰয়োজন নাই(14 November)। এই পদক্ষেপৰ সুদূৰ প্ৰসাৰি গুণাগুণ আৰু উপকাৰীতাই এক বিশেষ সীমা অতিক্ৰম কৰাত সকলোৰে মাজত জনপ্ৰিয় দিৱস হিচাপে পৰিগণিত হৈছে।

ভাল লাগে যেতিয়া প্ৰতি জন শিশুৰ গুৰুত্ব, আকৰ্ষণ আৰু কেন্দ্ৰ বিন্দু শিশু দিৱসৰ প্ৰতি নিৰ্দিষ্ট কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহলাল নেহৰুৰ এই প্ৰচেষ্টাই শিশু নিৰ্মাণত বিশেষ অৰিহণা যোগায় আহিছে।


শিশু দিৱস শিশুসকলৰ প্রতি জৱাহৰলাল নেহেৰুৰ(Jawaharlal Nehru) অকৃত্রিম ভালপোৱা আৰু আকাঙ্খাৰ স্মৃতি ৰক্ষা কৰিবলৈ পালন কৰা হয়। শিশু দিৱসৰ আনন্দ আৰু উৎসৱৰ পিছত আমি নেহেৰুৰ মূল চিন্তা ধাৰাটো মনত ৰাখিব লাগিব যে শিশুসকলক এটা নিৰাপদ আৰু ভালপোৱাৰ পৰিবেশত বৃদ্ধি কৰা আৰু তেওঁলোকক দেশৰ উন্নয়নৰ বাবে প্ৰস্তুত কৰাৰ বাবে দক্ষতা বিকাশত গুৰুত্ব দিয়া(Integrated Child Development Project)।

তেতিয়াৰ দিনত শিশুৰ বাবে উপযোগী বাতাবৰণ সৃষ্টি কৰা অতীৱ প্ৰয়োজনীয় কথা আছিল। আজিৰ দৰে গৱেষণামূলক পাঠ্যক্ৰম নাছিল যত শিশুৰ পছন্দ অনুসৰি শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিব পাৰিছিল।

লাহে লাহে শিক্ষা ব্যবস্থাৰ মানদণ্ড উন্নীত কৰণ হৈ আহি আহি আজি এনে স্তৰ পাইছে, যত কোৱা হয় শিক্ষক ছাত্ৰৰ বাবেহে, ছাত্ৰৰ বাবে শিক্ষক নহয়। প্ৰতি ৩০ জন ছাত্ৰৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্ত কৰি প্ৰতি জন শিশুৰ সৰ্বাংগীন বিকাশৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি সেইমতে পাঠ্যক্ৰম খেল ধেমালি আনকি বিদ্যালয়ৰ পৰিৱেশ শিশু উপযোগী কৰি গঢ়াই তোলাৰ প্ৰয়াস কৰা হৈছে। সেই তাহানিৰ চাচা নেহৰুৰ এই প্ৰচেষ্টাই আজি পূৰ্ণাংগ ৰূপ ল’লে বুলি এক কথাত কব পাৰি।

বৰ্ত্তমান মাতৃ গৰ্ভত স্থিত লোৱাৰ পৰাই যাতে শিশু এজনে সুস্থ পৰিবেশত পৰিয়ালটোৱে বৃদ্ধি হ’বলৈ দিয়ে তাৰ বাবে সমাজ কল্যাণ বিভাগৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনত লাখ লাখ কৰ্মী নিযুক্ত কৰা হৈছে যাতে সন্তান সম্ভবা মাতৃ, পৰিয়াল আৰু বিভিন্ন হিতৈষী প্ৰতিষ্ঠানৰ লগত যোগসুত্ৰ স্থাপন কৰাত সহায় হয়(Children’s Film Society India)।


আকৌ জন্মৰ পিছৰে পৰা এই কৰ্মী সকলে গৃহ পৰিদৰ্শন কৰে আৰু মাতৃ তথা পৰিয়ালৰ লোক সকলক সাক্ষাৎ কৰি এটা সুন্দৰ পৰিবেশত শিশু এটি যাতে ডাঙৰ হ’ব পাৰে তাৰ বাবে ল’ৱ লগা সাৱধানতা সমূহৰ পৰামৰ্শ দিয়ে। ” একেবাৰে নোৱাৰিলে এশ বাৰে কৰা” নীতি সৰোগত কৰি এওঁলোকে মাতৃ গৰাকীক বুজনি দি দি শিশুক এটি পৈনত শিশু কৰি গৰহী তোলাত সহায় কৰে।

শিশু দিৱসত এই কৰ্মী সকলৰ অৱদান অবশ্যে কোনেও উল্লেখ কৰা দেখা নাযায়।বছৰৰ এটা দিন শিশু দিৱস উদযাপন কৰিলেই শিশুৰ বাবে উপযোগী বাতাবৰণ সৃষ্টি হ’ব বুলি ভবা টান। গোটেই বছৰৰ প্ৰতিটো দিন শিশুৰ বিকাশ আৰু বৃদ্ধিৰ বাবে কাম কৰা অক্লান্ত কৰ্মী যাক অংগনৱাদী কৰ্মী নামে পৰিচিত এওঁলোকৰ অৱদান অসীম। জন্মৰ আগত আৰু পিছত একেৰাহে যদি কোনোবাই এজন শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে অহৰহ চেষ্টা কৰে তেনে কেৱল আৰু কেৱল এই কৰ্মীসকল।


জন্মৰ সময়ত যদিও কাষত নেথাকে, চিকিৎসালয়ৰ পৰা ঘৰ পোৱাৰ মূহুৰ্তৰ পৰাই প্ৰতিটো কথা লক্ষ্য ৰাখে। মাতৃ দুগ্ধ পান কৰোৱাই হওক বা নৱজাতক থকা চৌপাশে হওক বা জন্মৰ সময়ৰ আসোঁৱাহ হওক সকলোৰে হিছাপ ৰখা হয় , যাতে সেইমতে সকলো খিনি শিশু উপযোগী কৰিব পৰাকৈ প্ৰস্তুত কৰি দিব পাৰে।

ছয় মাহলৈ শিশু এজনে কোনখিনি অনুভব কৰিব পাৰিছে, কিমান অনুকৰণ কৰিব পাৰিছে আৰু কিমান চিনাক্ত কৰন কৰিব পাৰিছে তাৰো নিৰ্দেশনা মতে আজিকালি জুখি মাখি চোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আকৌ দুই বছৰ বয়সলৈ একক খেলৰ বাবে আত্ম কেন্দ্ৰিক শিশুক কেনেধৰণৰ খেলা সঁজুলি ব্যৱহাৰ কৰিবলৈ দিব লাগিব, বা শিশুৰ উৎসুকতাক কিভাবে দীক্ষালৈ ৰূপান্তৰ কৰিব পাৰি তাৰ শিক্ষা মাতৃ সকলক দিয়াৰ প্ৰসায়ে শিশু এজনক অধিক নিৰাপদ কৰাত সহায় কৰে।

দুই বছৰৰ পৰা তিনি বছৰৰ ভিতৰৰ সময় খিনিত একেজন শিশুক প্ৰস্তুত বিদ্যালয়ৰ নিৰ্দেশনা আধাৰত মাতৃ তথা পৰিয়ালৰ লোকক পৰামৰ্শ দিয়ে আৰু তিনি বছৰত প্ৰাক প্ৰাথমিক শিক্ষা লাভ কৰা বাবে উৎসাহী কৰে। প্ৰাক প্ৰাথমিক শিক্ষা লাভ কৰা সুযোগ পোৱাৰ পিছত শিশু এজন আৰু পিছলৈ ঘূৰি চোৱা প্ৰয়োজন নহয়। কাৰণ প্ৰাক প্ৰাথমিক শাখাৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰাৰ সাঁকো নিৰ্মানত অৰিহণা যোগায় থকা অংগনৱাদী কেন্দ্ৰই এটি সুঁতি সৃষ্টি কৰি শিশু এজনক প্ৰকৃত ধাৰাত লগাই দিয়ে।

তেতিয়ালৈ শিশু এজন সুৰক্ষা সহ আনন্দদায়ক শিক্ষা জীৱন আৰম্ভ কৰা লগতে বাকীবোৰ দিশো বিকশিত হোৱাৰ চেষ্টা নিজেই কৰিবলৈ শিকা হয়। ভেঁটি যদি মজবুত হয়, মুধ্ছ খহা ভয় নেথাকে। কিন্তু বৰ্তমানেও ভেঁটি নিৰ্মাতা শিশু কল্যাণ বিভাগৰ এই কৰ্মী সকল উপেক্ষিত।


১৪ নৱেম্বৰৰ শিশু দিৱস ভাৰতত উদযাপন হয় আৰু অসমতো খুব উলহ মালহে অনুষ্ঠিত হোৱা দেখা যায়। এই অনুষ্ঠান বোৰত শিশুৰ দুই এটা অনুষ্ঠান ৰাখি বাকীখিনি সময় অভিভাৱক সকলক সুযোগ দিয়া হয়, এইটো ভাল ব্যবস্থা এই বাবেই যে সন্তানে পিতৃ মাতৃৰ প্ৰতিভা প্ৰত্যক্ষ কৰাৰ সুবিধা পায়।

১৪ নৱেম্বৰ শিশু দিৱসৰ দৰেই অন্য এটা দিৱস পালন কৰা হয় আৰু এইটো দিৱস বিশ্ব শিশু দিৱস বোলা হয়।২০ নৱেম্বৰত উদযাপন কৰা এই দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয়, যিটো ১৯৫৯ চনত ইউনাইটেড নেচনচৰ সাধাৰন সন্মেলনত শিশুসকলৰ অধিকাৰৰ ঘোষণা পত্রখন গ্রহণ কৰা দিনটোক চিহ্নিত কৰে। শিশুৰ বাবে এই দুয়োটা দিন অতি স্মৰণীয়।


শিশু দিৱস শিশুসকলৰ মঙ্গলৰ বাবে আমাৰ অঙ্গীকাৰৰ কথা মনত পেলায় আৰু নেহেৰুৰ সপোনক পূৰ্ণ কৰিবলৈ তেওঁলোকক শিকায়। শিশুসকলক মিলা প্রীতি কৰিবলৈ , ইজনে সিজনৰ লগত ভাগ বতৰা কৰিবলৈ, অনুকৰণ কৰিবলৈ, আত্ম নিয়ন্ত্ৰণ কৰিবলৈও শিক্ষা দিয়ে।

সকলোৱে যে শিশু সকলক ভবিষ্যতৰ দায়িত্ববান নাগৰিক গঢ়ি তুলিব লাগে, তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰিব লাগে এই ভাবাৰ্থ শিশু দিৱস উদযাপন দ্বাৰা উপলব্ধি কৰোৱাৰ প্ৰয়াস কৰে। সকলো শিশু ভবিষ্যত দেশৰ সুস্থ নাগৰিক হওক আৰু প্ৰতিজন সুস্থ নাগৰিক শিশুৰ বাবে কৰণীয় খিনি কৰি যাওক এইয়ে কামনা।

লেখকঃ নৱযানী বৰুৱা শইকীয়া

Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক

Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক
Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক

গুৱাহাটী, ১৩ নৱেম্বৰঃ মিচিং জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আসক্তি বৃদ্ধি কৰা আৰু মাদকদ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আৰম্ভ কৰা মিচিং অলিম্পিকে(Mising Olympics) এইবাৰ দ্বিতীয় সংস্কৰণত ভৰি দিলে৷

এইবাৰ মিচিং অলিম্পিক ধেমাজি জিলাৰ গোগামুখত(Dhemaji Gogamukh) ২৮-৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলা টিএমপিকেৰ(TMPK) আতিথ্যত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে।

মিচিং অলিম্পিক সাফল্যমণ্ডিত কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক সভাপতি, যুৱ সমাজকৰ্মী  জ্যোতি ভৰালীক কাৰ্যকৰী সভাপতি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুক সম্পাদক আৰু টিএমপিকেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কমানক কোষাধ্যক্ষ হিচাপে লৈ এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰাৰ লগতে অৰ্ধশতাধিক উপসমিতি গঠন কৰা হৈছে৷

টিএমপিকেৰ ক্ৰীড়া কোষৰ সদস্য সঞ্জীৱ মিলিয়ে জনোৱা মতে এইবাৰ মিচিং অলিম্পিকত ১৪ আৰু ১৭ বছৰ (ল’ৰা আৰু ছোৱালী শাখা) অনুৰ্ধ্ব ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতা, জেভলিন, শ্বটপুট, ডিচকাচ থ্ৰ’ প্ৰতিযোগিতা, হাইজাম্প, লং জাম্প প্ৰতিযোগিতা, আৰ্চাৰী, ফুটবল, কাবাডী আৰু মিচিং পৰম্পৰাগত খেল দগ্‌দিগ্‌ আদি প্ৰতিযোগিতাকে ধৰি প্ৰায় ১৫টা ইভেণ্ট(15 mega events) অন্তৰ্ভূক্ত কৰা হৈছে৷

আটাইবোৰ প্ৰতিযোগিতাত প্ৰায় ৩০০০ হাজাৰ প্ৰতিযোগীয়ে(3000 competitors) অংশগ্ৰহণ কৰিব৷ টিএমপিকেৰ মুঠ ১৬খন জিলা সমিতিয়ে নিজৰ নিজৰ জিলাৰ খেলুৱৈসকলক তদাৰক কৰিব আৰু ইতিমধ্যে গাঁও আঞ্চলিক আৰু জিলা ভিত্তিত খেলুৱৈ বাছনি প্ৰক্ৰিয়া প্ৰায়বোৰ জিলা সমিতিয়ে সম্পূৰ্ণ কৰিছে৷ 

টিএমপিকেৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ আৰু সম্পাদক সনাতন দলেয়ে জনোৱা মতে খেলুৱৈৰ সংখ্যা আৰু খেলৰ ইভেণ্ট বৃদ্ধি পোৱাৰ বাবে এইবাৰ গোগামুখৰ পাঁচখন খেলপথাৰ ব্যৱহাৰ কৰাৰ লগতে গোগামুখ আবতানি লত্তাক অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছে৷

অলিম্পিকৰ ইভেন্টসমূহ গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰ, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, গোগামুখ মহৰিকেম্পস্থিত ৰাজী গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ থিৰাং কৰা হৈছে৷

গোগামুখ মইনাপৰাস্থিত জংকি-পানৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন গেম ভিলেজ হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁলোকে জনাইছে আৰু অলিম্পিকৰ প্ৰতিটো দিনা সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে৷

উল্লেখ্য, বিগত ২০২৩ বৰ্ষত জোনাইত মিচিং অলিম্পিকৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল৷

Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও

Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও
Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও

গুৱাহাটী, ১৩ নৱেম্বৰঃ প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে(Foreign Tourists) ভিৰ কৰিছে।

কলিয়াবৰ গ্ৰাম্য পৰ্যটনলৈ নতুন সম্ভাৱনীয়তা

কলিয়াবৰতো লুইতৰ বুকুৰে জাহাজত অসম ভ্ৰমণলৈ আহিছে বিদেশী পৰ্যটক। সোমবাৰে আৰ ভি কিণ্ডত পাণ্ডৱত আহি শিলঘাটত(Shilghator Jahaz Ghat) লঙ্গৰ পেলোৱাৰ পাছত শিলঘাটৰ লুইতপৰীয়া গাঁও(Luitparia village) ফুৰিবলৈ ওলাল বিদেশী পৰ্যটক।

গাঁৱৰ মানুহৰ ঘৰত গৈ বহি বিদেশী পৰ্যটকে বুজ ল’লে গ্ৰাম্যঞ্চলৰ পৰিৱেশৰ সবিশেষ। শিলঘাট-ৰৱৰবাৰীৰ এনে দৃষ্টিনন্দন দৃশ্যই তাৰেই উমান দিছে।

যি গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তা উন্মোচন কৰিছে। কলিয়াবৰৰ শিলঘাট জাহাজ ঘাট বিদেশী পৰ্যটকে কোলাত তুলি ল’লে ছাগলী পোৱালি। কণমানি ছাত্ৰীয়ে বিদেশী পৰ্যটকক গামোচা পিন্ধাই আদৰণি জনায়।

বিদেশী পৰ্যটকক হাতত ধৰি বিহু নচুৱাই অসমীয়া মাধ্যমত পঢ়া দুই কণমানিয়ে বিদেশী পৰ্যটকৰ লগত ইংৰাজী ভাষাতে কথা পাতি গাঁৱৰ পৰিৱেশৰ বিষয়ে বুজাবলৈ চেষ্টা কৰে।


কলিয়াবৰৰ শিলঘাট নদী ঘাটত ‘আৰ ভি কিণ্ডত পাণ্ডৱ'(R V Kindot Pandavas) জাহাজৰে উপস্থিত ছুইজাৰলেণ্ড(Switzerland), ইউৰোপৰ পৰা ১৪গৰাকী বিদেশী পৰ্যটকৰ দল।


বিদেশী পৰ্যটকৰ এই ভ্ৰমণে কলিয়াবৰৰ গ্ৰাম্য পৰ্যটনলৈ এক নতুন সম্ভাৱনীয়তা কঢ়িয়াই আনিছে। কলিয়াবৰৰ শিলঘাট-ৰৱৰবাৰী গাঁও পৰিদৰ্শন কৰি আনন্দিত হৈ উঠে বিদেশী পৰ্যটকৰ দলটো।

KL Rahul: মোক নিজৰ মতে ক্রিকেট খেলিবলৈ স্বাধীনতা লাগে: কে এল ৰাহুল

KL Rahul
KL Rahul

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ এৰি ‘স্বাধীন’ হোৱা কে এল ৰাহুলে এইবাৰ আই পি এলত আন এটা দলৰ হৈ খেলিবলৈ আগ্ৰহী। ৰাহুলৰ প্ৰিয় দল বেংগালুৰু।(KL Rahu)বিৰাট কোহলীৰ দলৰ অধিনায়কত্ব কৰিব নোৱাৰিলেও ৰাহুলৰ কোনো আক্ষেপ নাই। লাগিব বুলি কোনো চৰ্ত নাই।

এটা চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাহুলে কয় ‘মোক নিজৰ মতে ক্রিকেট খেলিবলৈ স্বাধীনতা লাগে। নতুন দল এটা লাগে য’ত স্বতন্ত্রতা আছে। সুস্থ পৰিৱেশত মই IPL খেলিব খোজোঁ। সেইবাবে মই এইবাৰ LSG এৰিছোঁ। বহু দিন ধৰি মই ভাৰতীয় T-20 দলত স্থান লাভ কৰা নাই। ২০২৫ৰ IPLত উন্নত প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় দললৈ পুনৰ প্ৰত্যাৱৰ্তনৰ ইচ্ছা আছে।'(RCB)

আৰচিবিত সৰ্বোত্তম সময় পালোঁ। সেইখন মোৰ ঘৰ। ঘৰত অধিক সময় কটাব বিচাৰিব। মই তাত খেলি ডাঙৰ হৈছো। আৰ চি বিত খেলি কোনো সমস্যা নাই। তাত মানুহে মোক চিনি পায় কাৰণ মই সেই অঞ্চলৰ কানাড়া ল’ৰা। সুযোগ পালে ঘূৰি আহি ভাল পাম। কিন্তু নিলামত যিকোনো দললৈ যাব পাৰি।”

আৰচিবিৰ হৈ আইপিএলত খেলিবলৈ আৰম্ভ কৰিছিল ৰাহুলে। সেই সময়ত বিৰাট কোহলী, ক্ৰীছ গেইলে খেলি আছিল। হায়দৰাবাদত দুবছৰ কটোৱাৰ পিছত ২০১৬ চনত পুনৰ আৰচিবিলৈ উভতি আহে। দলটোক ফাইনেললৈ নিয়াৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত তেওঁ পঞ্জাব কিংছলৈ গৈ অধিনায়ক হয়। পিছত তেওঁ লক্ষ্ণৌতো অধিনায়ক আছিল।

ৰাহুলে কয়, মই কাকো নেতৃত্ব নিবিচাৰো। যদি কোনোবাই মোৰ নেতৃত্বৰ দক্ষতাত বিশ্বাস কৰে, মোৰ ক্ৰিকেট খেলত বিশ্বাস কৰে আৰু যোৱা চাৰি-পাঁচ বছৰত মই বিভিন্ন দলৰ নেতৃত্ব দিয়াৰ ধৰণটো ভাল পায়, তেন্তে নিশ্চিতভাৱে নেতৃত্বৰ ভূমিকা ল’বলৈ সন্মত হ’ব। কিন্তু অধিনায়কৰ বাবে যুঁজিবলৈ ইচ্ছুক নহয়। ড্ৰেছিং ৰুমৰ পৰিৱেশ ভাল হোৱা গ্ৰুপ এটালৈ যাব বিচাৰো। য’ত মই মৰম পাম।”

Devi Birthday: দুবছৰীয়া হ’ল বিপাশা বসুৰ কন্যা দেৱী, জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপত উপস্থিত কৰণ সিং গ্ৰভাৰ

Devi Birthday
Devi Birthday

বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ মৰমলগা কন্যা দেৱীৰ বয়স দুবছৰ হ’ল। কন্যাৰ জন্মদিন উদযাপনৰ বাবে মালদ্বীপত উপস্থিত হৈছে দম্পতী। মালদ্বীপৰ পৰাই দেৱীৰ ছুপাৰকিউট ফটো প্ৰকাশ কৰিছে। জন্মদিন উদযাপনৰ মৰমলগা ফটোও শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।(Devi Birthday)

কন্যাৰ জন্মদিনত মাতৃ বিপাশা বসুৱে লিখিছে এটা বিশেষ পোষ্ট। দেৱী বৰ মৰমলগা প্ৰতিখন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে বহুত ভাল পায়। (Bipasha Basu)

বিপাশাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত দেৱীৰ ভিডিঅ’ শ্বেয়াৰ কৰি আৱেগিক কেপচন দিয়ে।(Karan Singh Grover)

দম্পতীহালে মালদ্বীপত কন্যাৰ জন্মদিন উদযাপন কৰিছে ৷ বিপাশা-কৰণৰ কন্যা দেৱীৰ শ্বেয়াৰ কৰা ভিডিঅ’টোত অতি মৰমলগা দেখা গৈছে। (Devi Birthday Celebration)

ভিডিঅ’টোত, স্পষ্টকৈ দেখা গৈছে যে দেৱীয়ে জন্মদিনটোত নিজেই বালিতে উদযাপন কৰা হৈছিল। বেলুন আৰু ৰঙীন ফিতাও সজাই তোলা দেখা যায়। ইয়াৰ লগতে টেবুলত এটা সৰু কেকও ৰখা হয়।

Assamese in Assam: অসমত অসমীয়া কোন?

Assamese in Assam: অসমত অসমীয়া কোন?
Assamese in Assam: অসমত অসমীয়া কোন?

সমাজত সঘনাই শুনিব পোৱা প্ৰশ্ন এটাই মনত বহুত ভাৱৰ বুৰবুৰনিৰ সৃষ্টি কৰে। আচলতে অসমত অসমীয়া(Assamese in Assam) কোন?

প্ৰশ্নটো হ’ল, অসমত বসবাস কৰি থকা অসমীয়া আচলতে কোন(Indo-Aryan language)? আমি বুৰঞ্জীৰ পাত লুটিয়াই চালে জানিব পাৰোঁ যে স্বৰ্গদেউ চুকাফাৰ অসম আগমনৰ পিছৰেপৰা সংমিশ্ৰণ, সমন্বয় আৰু জাহযোৱা প্ৰক্ৰিয়াৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে।

যিদৰে আহোম, কছাৰী, কোচ, কৈৱৰ্ত, কায়স্থ, ব্ৰাহ্মণ, কলিতা আদি আছে, ঠিক তেনেদৰে মুছলমান, বৌদ্ধ,শিখ, জৈন, হিন্দু, খ্ৰীষ্টান আদিৰে অসমত অসমীয়া সমাজ গঢ়ি বসবাস কৰি আহিছে আৰু কেতিয়াবা এই বহু জাতিৰ মানুহবোৰৰ হৈ বিতৰ্ক হৈছে, সময়ত আকৌ সমাধানও হৈছে(Northeast India)।

তেনেদৰে ভূৱনমোহন দাসৰ ১৯৭৪ চনত সাহিত্য সভাত প্ৰকাশ পোৱা অন্য এখন গ্ৰন্থও তেখেতে ‘অসমীয়া জাতিৰ ইতিবৃত্তʼত এনেদৰে অসমীয়াৰ সংজ্ঞা লিখিছে,যে অসম নামেৰে কোনো ৰাজ্য নাছিল, অসমীয়া বুলি কোনো লোকো নাছিল, প্ৰাগজ্যোতিষ বা কামৰূপ শূণ্য পূৰী নাছিল(Native Speakers)।

সেইখনে পিছলৈ অসম নাম পায় আৰু তাৰেই বাসিন্দা সকলেই অসমীয়া বুলি পৰিচিত হয়।(জনগোষ্ঠী-প্ৰজাতীয় উপাদান- ড: ভুৱনমোহন দাস) ড: হেৰম্ব কান্ত বৰপূজাৰীয়ে লিখা গ্ৰন্থখনত, অসমীয়া: সংজ্ঞাৰ বিষয়ে স্বচ্ছ ছবি দেখা পোৱা নাযায়(Ethnologue)। কিন্তু ভূৱন মোহন দাসৰ লিখনিত দেখা পোৱা যায় যে অসমত বসবাস কৰি অহা সকলেই অসমীয়া বুলি কোৱা হয়।

তাৰ মানে আমি যি কোনো উপাধিকাৰীকে অসমীয়া বুলি কব পৰা যায়। কিন্তু এই খিনিতেই কিছু বিতৰ্কৰ যুক্তি বা সম্ভাৱনা ৰৈ যোৱা যেন লাগে। কাৰণ অসমৰ যি কোনো নাগৰিককে অসমীয়া বুলি ক’লে অনা- অসমীয়া বিচাৰি পোৱা নাযাব। সেয়ে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা ক্ষেত্ৰত কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে।


প্ৰসংগক্ৰমে কথা এটা উনুকিয়াব বিচাৰোঁ যে, অসমীয়া সংজ্ঞাৰ বিষয়ে ১৯৯৭ চনত ৭ মাৰ্চ তাৰিখৰ ‘প্ৰতিদিন’ কাকতত বিশিষ্ট লেখিকা ড: অনিমা গুহ মহাশয়াই ‘বিদ্বৎজনলৈ আবেদন’ শীৰ্ষক হৃদয়স্পৰ্শী এটা চুটি প্ৰবন্ধ লিখিছিল।

তেখেতৰ প্ৰবন্ধটোৰ জৰিয়তে বহুত তথ্য আৰু পূৰ্ব- প্ৰসংগ উল্লেখ কৰি “অসমীয়া কোন” বাহিৰৰ পৰা অহা এজন ভাৰতীয় কিমান দিন অসমত বসবাস কৰিলে, নতুবা কিমানটা পুৰুষ অসমতে জীৱ গ’লে তেওলোকক অসমীয়া বুলি পৰিচিত হ’ব পাৰিব, তাৰোপৰি সেই সকল ভাৰতীয়ই চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা এই মৰ্মে কিবা তথ্য পাতি উলিয়াব পাৰিব নেকি?


কিন্তু ড: অনিমা গুহৰ ঔৎসুকৰে ভৰা প্ৰশ্নটোৰ সেই সময়ত কোনো এজন অসমীয়া আগবাঢ়ি আহি উত্তৰ দিয়া মনত নপৰে।ড: গুহই হয়তো নিজৰ গুহ উপাধি টোৰ কাৰনে কিছুমান অসমীয়া উপাধিকাৰীৰ মনৰ বুজ ল’বলৈ ‘অসমীয়া কোন’এনেধৰণৰ প্ৰবন্ধ আকাৰে প্ৰকাশ কৰিছিল।


সংৰক্ষিণী আন্দোলনৰ সময়ত উত্থাপন হোৱা “অসমীয়া কোন” প্ৰশ্ন টোৱে বিতৰ্ক সৃষ্টি কৰিলেও ইতিবাচক সঁহাৰি আছিল। সেই সময়ত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সংৰক্ষিণী সভাʼৰহৈ তেখেতে অসমীয়া সংজ্ঞা দাঙি ধৰি কৈছিল যি সকলে অসমীয়া ভাষা সংস্কৃতি শ্ৰদ্ধা আৰু অসমীয়াৰ হৈ মাত মাতে তেওঁ লোক অসমীয়া বুলি মত পোষণ কৰে।


জাতীয়বাদী নেতা নীলমণি ফুকন দেৱে সম্পাদনা কৰা “দৈনিক বাতৰি”ৰ ১৯৩৫ চনৰ ২ অক্টোবৰৰ সংখ্যাত- আমি অসমীয়া, অসমীয়া সংজ্ঞাৰ কোনো ধৰ্ম, সম্প্ৰদায়ৰ,জাত কুলৰ বিশেষ ভাৱে নিবিচাৰোঁ। যিয়েই অসমীয়া ভাষা গ্ৰহণ কৰিব,যাৰ অৰ্থনৈতিক স্বাৰ্থ অসমত থাকিব, তেওঁকেই আমি অসমীয়া বুলি গ্ৰহণ কৰিম।


“দৈনিক অসমীয়া কাকতেও” বঙাল কোন ? শীৰ্ষক লেখনী এটাত বঙাল আৰু বঙালীৰ পাৰ্থক্য আঙুলিয়াই লিখিছিল যে,বংগ ভাষীয়েই হওঁক বা বেলেগ ভাষীয়ে হওঁক অসমলৈ আহি অসমীয়া সংস্কৃতি আদিৰ লগত মিলি অসমীয়াৰ লগত ককাই ভাইৰ দৰে মিলি আৰু অসমৰ স্বাৰ্থত মাত মাতি অসমতে স্থায়ী ভাৱে বসবাস কৰিছে। অসমীয়াই বঙাল বোলা নাই।


চিলেটৰ বসন্ত কুমাৰ দাস, বৈদ্যনাথ মূখাৰ্জী যিসকল নেতাই অসমীয়াৰ ন্যায্য স্বাৰ্থত মাত মাতিছিল,অথচ বঙালী ভাষাত কথা ক’লেও তেওঁ লোকও অসমীয়া ককাই ভাই। (সম্পাদক, দৈনিক অসমীয়া) দৈনিক অসমীয়াৰ সম্পাদকৰ এই দৃষ্টি ভংগীৰ মাজত ‘অসমীয়াʼৰ সংজ্ঞাৰ কোনো নিৰ্দিষ্ট ক্ষেত্ৰ, ধৰ্ম নতুবা বৰ্ণ নাছিল।

কেৱল নিজ নিজ ভাষা- সংস্কৃতি জীয়াই ৰাখিও যিসকলে অসমৰ বৃহত্তৰ স্বাৰ্থত মাত মাতে, অসমৰ বায়ু পানী লগতে মিলাই লয়,তেওৱেই অসমীয়া। “অৰুণোদয় “সংবাদ পত্ৰৰ জন্মৰ পৰা ( ১৮৪৬-১৮৫৪) ভাৰত স্বাধীনতা হোৱা লৈ ভাষা আৰু জাতীয় অস্তিত্বক কেন্দ্ৰ কৰি অসমত বহুল বাদ বিবাদ সৃষ্টি হৈছিল। আৰু তাৰেই গইনা লৈ অসমীয়া বুদ্ধিজীৱী এচামে বিভিন্ন প্ৰসংগত অসমীয়াৰ সংজ্ঞা নানা ধৰনে দাঙি ধৰিলে।

অসমীয়াৰ এই নতুন নতুন সংজ্ঞা দাঙি ধৰিছিল যদিও, কিছুমান উপাধি ধাৰী অসমীয়া ৰ বাদে আন জনগোষ্ঠীৰ লোকে অসমীয়া মধ্যবিত্ত প্ৰদত্ত অসমীয়াৰ সংজ্ঞাৰ সৈতে বহুতে একগোট হোৱা দেখা পোৱা নগৈছিল। ইয়াৰ কাৰণ হৈছে যি সকল মধ্যবিত্তই “অসমীয়া”ৰ বহল সংজ্ঞা দাঙি ধৰিছিল, সেই সকলে বহল অৰ্থত উদাৰ আৰু প্ৰগতিশীল চিন্তাৰ পৰিচয় দাঙি ধৰিব পৰা নাছিল।

অসমীয়া মধ্যবিত্তৰ নেতৃত্ব লোৱা লোকৰ দুৰ্বলতাৰ বাবে ই জনজাতীয় আৰু অজনজাতীয় লোক সকলৰ বহুত খিনি লোকে অসমীয়া বুলি ভবাৰ পিছতো পিছলৈ তেওঁ লোকে স্বকীয় জনজাতীয় পৰিচয় দিবলৈ গুৰুত্ব দিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ বাদে কোনো উপাধি কাৰী অসমীয়াই জনগোষ্ঠীয় পৰিচয় বিপৰীতে অসমীয়া পৰিচয়ৰ জনপ্ৰিয়তা আৰু কাৰ্য্যকৰী কৰিব পৰা নাছিল।

কুৰি শতিকাৰ অসমৰ অন্যতম শ্ৰেষ্ঠ খনিকৰ আৰু প্ৰকৃত অসমীয়া ৰূপে জনাজাত এই দুগৰাকী শিল্পী, সাহিত্যিক, সংগীতজ্ঞ আৰু কৃষ্টি সংস্কৃতিৰ ভাঙি যাব ধৰা বৃহত্তৰ অসমীয়া সমাজ- জীৱনক এক গোট কৰি ৰাখিবলৈ অতি উদাৰ ভাবে “অসমীয়া” সংজ্ঞা দাঙি ধৰিছিল তেখেতসকলে। জ্যোতিপ্ৰসাদৰ মতে সেই সকলেই অসমীয়া যি সকলে অসমৰ কৃষ্টি,ভাষা, সংস্কৃতি আৰু অৰ্থনীতি চহকী কৰি ৰাখিছে।

তেখেতৰ মতে তেতিয়াৰ বৰ অসমʼৰ খাচীয়া, জয়ন্তীয়া, ডফলা,আবৰ,অঁকা, চিংফৌ, মিৰি, কোচ কছাৰী,ৰাভা,বড়ো,লালুং, নেপালী, থলুৱা,মণিপুৰি,ন- অসমীয়া, মৈমনসিং আদিয়ে অসমীয়া আৰু এওঁলোকৰ শ্ৰমনিৰ্ভৰ সংস্কৃতিয়ে অসমৰ বাৰৰহণীয়া সমাজ জীৱনৰ চহকী কৰিছে। আকৌ বিষ্ণুপ্ৰসাদ ৰাভা ৰ মতেও মিকিৰ, মিচিং, কছাৰী, সোণোৱাল,খাচী,নগা,তাই, আহোম,মৰাণ,কোচ, কলিতা, ন-অসমীয়া, ন-পুৱা, ব্ৰাহ্মণ, কায়স্থ আদিয়ে বৃহত্তৰ অৰ্থত অসমীয়া আৰু এওঁলোকক লৈ গঢ়ি উঠিছিল বৃহত্তৰ অসমীয়া জাতি।


ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ভাৰত স্বাধীন হোৱাৰ তিনিটা দশকত নগা, মনিপুৰী,খাচী, খবৰ, অকা, ডফলা জনগোষ্ঠীয়ে “অসমীয়া” পৰিচয় ত্যাগ কৰি অসমৰ ভৌগোলিক সীমাৰ পৰা পৃথক হৈ স্বতন্ত্ৰ ৰাজ্যৰ বাসিন্দা হৈছে। কিন্তু বহুত জনগোষ্ঠী পৃথক হৈ যাব পাৰিলেও অসমৰ অসমীয়া হিচাপে চিনাকী দি অহা, এই সকলো অসমীয়াৰ ভিতৰত চাহ-জনগোষ্ঠী ন-পুৰণি মুছলমানসকলে সদায়েই অসমৰ অসমীয়া হিচাপে নিজকে চিনাকী দি আহিছে।

কিন্তু সময়ে সময়ে তৎস্বেও এই সকলক অসমীয়া বুলি পৰিচয় দিব নিবিচাৰে। এই সকলৰ মানসিকতাক দায়ী নকৰি, এই সকলে অসমৰ অসমীয়াৰ ওপৰত অজ্ঞতাহে বুলি ভাবিব লাগিব। এতিয়া কথা হ’ল,ভাগি ধৰা অসমৰ সমাজ জীৱনক পুনৰ সজীৱ কৰি ৰাখিবলৈ “অসমীয়া” অসমীয়া জাতিৰ এক সু-সংহতি,সু চিন্তিত আৰু সু-সংগঠিত ধাৰণা এটা বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচাৰ কৰিব লাগে।


অসমৰ সাহিত্য-সংস্কৃতিক সংগঠনৰ মঞ্চতো এই বিষয় টোৱে গুৰুত্ব পালে চুকাফা, শংকৰদেৱ, লাচিত বৰফুকন, ইছমাইল ছিদ্দিকি,লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস, আদিৰ সমন্বয়ৰ সমাজ খন আমি পুনৰ পাব পাৰোঁহক। তাৰ বাবে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ অৱদান, ভাষা সংস্কৃতি, আদিৰ পুন: মুল্যায়ন কৰিব লাগিব আৰু সকলোৰে সম-অধিকাৰ, সম-বিকাশৰ দাবী মানি লব লাগিব।


ওপৰৰ আলোচনাটো মাজেৰে আমি অসমীয়াʼৰ সংজ্ঞা ৰ যিখিনি সংক্ষেপে বিশ্লেষণ দাঙি ধৰা হ’ল,সেয়ে যথাৰ্থ নহয়। বিদ্বত সমাজে অধিক অগ্ৰনী ভুমিকা লৈ বিস্তৃত আলোচনা কৰিব লাগিব।

তথাপিও আমাৰ ব্যক্তিগত অভিমত দি কব বিচাৰোঁ যে,যি সকল অসমৰ স্থায়ী নাগৰিক তথা বাসিন্দা, যিসকলে অসমৰ মাটি আৰু প্ৰকৃতিৰ সৈতে অভিন্ন সম্পৰ্ক গঢ়ি তুলি ইয়াৰ কৃষি আৰু অৰ্থনীতিক চহকী কৰিছে, যিসকলে অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা, কৃষ্টি আৰু সংস্কৃতিক নিজৰ জনগোষ্ঠীৰ ভাষা, কৃষ্টি-সংস্কৃতিৰ সৈতে সম-মৰ্য্যদা প্ৰদান কৰে,যি সকলে অসমীয়া ভাষাক সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰাত আপত্তি নকৰে, যি সকলৰ উৎপাদনৰ স্হল অসম।

অসমৰ সমাজ জীৱনৰ কল্যাণৰ হকে ধন ব্যয় কৰে, আৰু যি সকলে অসমীয়া সমাজ জীৱনৰ সৈতে মানসিক সম্পৰ্ক গঢ়ি তোলাত আপত্তি নকৰে, তেওঁ লোকেই অসমীয়া। সেইসকলৰ অসমীয়াৰ উপাধি শইকীয়া, চুতীয়া, কৈৱৰ্ত, দলে, হুছেইন, ৰাভা, বড়ো, ৰংপি, গুহ, সাহা, ভট্টাচাৰ্য্য, দত্ত, তাঁতী, দেউৰী, উপধ্যায়ো হ’ব পাৰে। এই সকলোবোৰেই আমি অসমীয়া।

সংগ্ৰহ: ‘অসমীয়া আত্ম-জিজ্ঞাসা আৰু জাতীয় চিন্তা’ কিতাপৰ পৰা।

লেখিকা- জ্যোৎস্না ৰানী বেগম

Constipation: ৰাতিপুৱা শৌচাগাৰত অধিক সময় কটাব লাগে নেকি? সাৰ পোৱাৰ লগে লগে কৰক এই কাম, কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব নাইকিয়া

Constipation
Constipation

যদি ৰাতিপুৱা শৌচাগাৰত অধিক সময় কটোৱাটো আপোনাৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে, তেন্তে বুজিব যে ই কোষ্ঠকাঠিন্যৰ লক্ষণ হ’ব পাৰে। প্ৰায়ে দুৰ্বল জীৱনশৈলী, আঁহৰ অভাৱ আৰু পানী কম খোৱাৰ বাবেই কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি হয়। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ঔষধৰ সলনি কিছুমান সহজ ঘৰুৱা উপায় অতি ফলপ্ৰসূ হ’ব পাৰে।(Constipation) এনে এটা সহজ উপায় হ’ল ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এগিলাচ কুহুমীয়া পানী খাব লাগে।

ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খালে পেটৰ পেশীবোৰ শিথিল হোৱাত সহায় কৰে আৰু পাচনতন্ত্ৰই ভাল কাম কৰে। গৰম পানীয়ে অন্ত্ৰত উপস্থিত খাদ্যকো কোমল কৰি তোলে, যাৰ ফলত মলত্যাগ সহজ হৈ পৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস পাব পাৰি আৰু শৌচাগাৰত বেছি সময় কটোৱাৰ প্ৰয়োজন নাই।(toilet)

ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমতে কুহুমীয়া পানী এগিলাচত নেমুৰ ৰস বা এচিকুট হলধি দিব পাৰে। নেমুত থকা ভিটামিন চিয়ে শৰীৰৰ পৰা মলি আঁতৰোৱাত সহায় কৰে আৰু হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যাৰ ফলত পেটৰ ফুলা কমিব পাৰে।(do you spend more time in toilet)

এই সমস্যা দূৰ কৰিবলৈ খাদ্যত আঁহৰ পৰিমাণ বৃদ্ধি কৰক। যেনে ওট, গোটা শস্য, সেউজীয়া শাক-পাচলি আৰু সতেজ ফল-মূল। লগতে নিয়মিতভাৱে ব্যায়ামৰ প্ৰয়োজন, যেনে খোজ কঢ়া বা যোগাসন কৰা। লগতে গোটেই দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে শৰীৰত আৰ্দ্ৰতা বজাই ৰাখে আৰু মলত্যাগত সহায় কৰে।
দৈৰ দৰে প্ৰ’বায়’টিক খাদ্যইও অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু হজম প্ৰক্ৰিয়া মসৃণ কৰে।

এই সহজ ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পোৱাই নহয়, আপোনাৰ পাচনতন্ত্ৰও শক্তিশালী হৈ থাকিব। (do this one thing in morning)

Bhojpuri Actress Akshara Singh: ছলমান, শ্বাহৰুখৰ পিছত ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিং! অভিনেত্ৰীগৰাকীক দাবী ৫০ লাখ টকা

Bhojpuri Actress Akshara Singh
Bhojpuri Actress Akshara Singh

বিগত কিছুদিনৰ পৰা মনোৰঞ্জন জগতত চেলিব্ৰিটিসকলে অহৰহ ভাবুকি লাভ কৰি আহিছে। ছলমান খানৰ পৰা শ্বাহৰুখ খান আৰু মুনাৱাৰ ফাৰুকীয়ে শেহতীয়াকৈ ভাবুকি লাভ কৰিছে। ইফালে এনে পৰিৱেশৰ মাজতে ভোজপুৰী চিনেমা জগতলৈও ভাবুকি আহিছে। শেহতীয়াকৈ ভোজপুৰী ছবিৰ অভিনেত্ৰী অক্ষৰা সিঙে মৃত্যুৰ ভাবুকি লাভ কৰিছে। কেৱল এয়াই নহয়, ধন দাবীৰো দাবী উত্থাপন কৰা হৈছে অভিনেত্ৰীগৰাকীক।(Bhojpuri Actress Akshara Singh)

এই বিষয়টো পোহৰলৈ আহে যেতিয়া অক্ষৰা সিঙে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। অভিযুক্তই ভোজপুৰী অভিনেত্ৰীগৰাকীৰ পৰা ৫০ লাখ টকা দাবী কৰে। লগতে হত্যাৰ ভাবুকিও প্ৰদান কৰে। সোমবাৰে অভিনেত্ৰীগৰাকীলৈ আহে এই ভাবুকি।(Akshara Singh)

পঞ্চাশ লাখ টকাৰ ধন দাবীৰ দাবী অক্ষৰ সিঙৰ মোবাইলত। পাটনাৰ দনাপুৰ থানাত লিখিত আৱেদন দি গোচৰ ৰুজু কৰিছে অভিনেত্ৰীগৰাকীয়ে। এফআইআৰত লিখা আছে যে ১১ নৱেম্বৰৰ নিশা ১২:২০ৰ পৰা ১২:২১ বজাৰ ভিতৰত দুটা বেলেগ নম্বৰৰ পৰা ফোন আহিছিল, ফোন কৰাজনে তেওঁক গালি-গালাজ কৰি দুদিনত ৫০ লাখ টকা দিবলৈ কয়।(Bhojpuri)

কয় যে অভিযুক্তই ৫০ লাখ টকা নিদিলে দুদিনৰ ভিতৰতে হত্যা কৰিব বুলি ভাবুকি দিছিল।(actress akshara singh received death threats demands 50 lakh)বৰ্তমান দনাপুৰ থানাৰ বিষয়া প্ৰশান্ত কুমাৰ ভৰদ্বাজে কয় যে আৰক্ষীয়ে ধন দাবীৰ গোচৰ ৰুজু কৰি সংখ্যাৰ তদন্ত কৰি আছে। ইতিমধ্যে বলীউডত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ তাৰ মাজতে ভোজপুৰী ছবি জগততো এনে ঘটনা সংঘটিত হৈছে।(Salman Khan)

Pneumonia: চাৰিটা ঘৰুৱা উপায়েৰে নিউমোনিয়া ৰোগৰ কৰক সঠিক চিকিৎসা

Pneumonia
Pneumonia

নিউমোনিয়া হ’ল এক গুৰুতৰ সংক্ৰমণ যাৰ ফলত হাওঁফাওঁ ফুলি উশাহ-নিশাহ লোৱাত অসুবিধা হয়।(Pneumonia) নিউমোনিয়া ৰোগৰ ফলত ভাগৰুৱা, জ্বৰ, কাহ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে। কিন্তু ঔষধৰ লগতে কিছুমান ঘৰুৱা উপায়ো নিউমোনিয়াৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায়ক বুলি কোৱা হয়।(Symptoms of pneumonia) এনে চাৰিটা ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক-

১) আদা
আদাত প্ৰদাহ নিবাৰণকাৰী আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, যিয়ে সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰিব পাৰে। আদাৰ চাহ বা আদাৰ টুকুৰা চোবাই খালে ডিঙিৰ বিষৰ পৰা উপশম পোৱা যায় আৰু হাওঁফাওঁৰ প্ৰদাহ কমোৱাত সহায় কৰে। (Home Remedies)

২) নহৰু (Garlic)
নহৰুত থকা এন্টি-বেক্টেৰিয়েল গুণ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক। প্ৰতিদিনে পুৱা কেইটামান কেঁচা নহৰু খালে নিউমোনিয়াৰ পৰা সকাহ পোৱা যায়। নহৰু খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা শক্তিশালী কৰে।

৩)হালধী গাখীৰ
হালধীত এন্টিচেপ্টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে শৰীৰৰ প্ৰদাহ আৰু সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰে। এগিলাচ গৰম গাখীৰত আধা চামুচ হালধী মিহলাই খালে হাওঁফাওঁ পৰিষ্কাৰ হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

৪) ভাপ
ভাপ উশাহ ল’লে হাওঁফাওঁত আবদ্ধ হৈ থকা শ্লেষ্মা ঢিলা হোৱাত সহায় কৰে, যাৰ ফলত উশাহ-নিশাহ সহজ হয়। তাত পদিনা তেল বা ইউকেলিপ্টাছ তেল কেইটোপালমান দি ভাপ খালে নাকৰ পথ মুকলি হৈ পৰে আৰু সকাহ পোৱা যায়।

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস 'জেওৰা' উন্মোচন
Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস 'জেওৰা' উন্মোচন

গুৱাহাটী, ১২ নৱেম্বৰঃ গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস ‘জেওৰা'(Novel Jeora) উন্মোচন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত এক অনুষ্টুপীয়া অনুষ্ঠানত বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা(Novelist Ranju Hazarika), ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা আৰু ‘দৈনিক জনমভূমি’ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে উপন্যাসখন উন্মোচন কৰে। ভাষণত বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই কয়- ৰঞ্জিত পাটগিৰি নৱ প্ৰজন্মৰ লেখক।

উপন্যাসখনৰ নামটো আকৰ্ষণীয় হৈছে। ‘জেওৰা’ অসমীয়া গ্ৰাম্য সমাজৰ এটা পৰিচিত নাম। তেওঁ যাতে আগবাঢ়ি যায়, থমকি নৰয় তাৰে আশা কৰিলোঁ। এজন লেখকৰ বাবে ধৈৰ্য, একাগ্ৰতা আৰু সাহসৰ প্ৰয়োজন। নৱপ্ৰজন্মৰ লেখকসকল এনেদৰে আগবাঢ়ি যাওঁক। বহুতে সামাজিক মাধ্যমত গল্প, উপন্যাস লিখে, কিন্তু কিতাপৰ কথা সুকীয়া।

অসমীয়া সাহিত্যত ভাল উপন্যাসৰ প্ৰয়োজনীয়তা আছে। একোটা বঁটা পালে যে উপন্যাসখন ভাল হ’ব তেনে কোনো কথা নাই। বঁটা বাহন নোপোৱা উপন্যাসো পথন যোগ্য হ’ব পাৰে। ৰঞ্জিত পাটগিৰিৰ কলম যাতে থমকি নৰয় তাৰে আশা কৰিলোঁ।’ ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই ভাষণত কয়- ‘ৰঞ্জিত পাটগিৰি আমাৰ এজন কনিষ্ঠ সদস্য।

সম্প্ৰতি ম’বাইলে সকলো দিশতে গ্ৰাস কৰাৰ সময়ত ৰঞ্জিত পাটগিৰিয়ে ছখন গ্ৰন্থ লিখি উলিয়াইছে। এয়া সঁচাকৈয়ে ভাল লগা কথা। বহুতে কয় যে দিছপুৰ আমাৰ হৃদপিণ্ড। কিন্তু মই ভাবো, দিছপুৰ আমাৰ হৃদপিণ্ড নহয়। দিছ্পুৰত ৰাজনীতিৰ কছৰতহে হয়। আচলতে জাতিৰ হৃদপিণ্ড হৈছে এই পানবজাৰ।

পানবজাৰেহে হৃদয়ৰ বাৰ্তা দিয়ে। যেতিয়ালৈকে পানবজাৰ চিৰ যৌৱনা হৈ থাকিব তেতিয়ালৈকে জাতিৰ সমৃদ্ধি হৈ থাকিব, জাতিৰ শ্ৰীবৃদ্ধি হৈ থাকিব। জেওৰা উপন্যাস খনে ৰঞ্জিতক লিখিবলৈ অধিক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ।

জেওৰাৰ জৰিয়তে আমি আমাৰ চৌহদ নিৰাপদ কৰো। তেওঁ অধিক সাহসেৰে আগবাঢ়ি যাওক। ৰঞ্জিত পাটগিৰিৰ জেওৰাই অসমীয়া ভাষা-সাহিত্যৰ বোৱতী সুঁতিক খৰস্ৰোতা কৰাৰ ক্ষেত্ৰত সামান্যতম হ’লেও অৰিহণা যোগাব বুলি আশা কৰিলোঁ।’

ভাষণত ‘দৈনিক জনমভূমি’ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়- ৰঞ্জিত এজন ভাল কবি। ‘জেওৰা’ অনুসন্ধিসুৎ অসমীয়াৰ এটা চিনাকী নাম। এইখন উপন্যাস সকলোৰে চিনাকি হৈ পৰিব।

সৃষ্টি আৰু স্ৰষ্টা স্বতঃস্ফূৰ্তভাবে আহে। ৰঞ্জিতৰ খোজ অতি সবল।তেওঁৰ বহু কবিতা পঢ়িছোঁ।সৰু সৰু চিত্ৰ কল্পৰ মাজেৰে তেওঁ কবিতা লিখে। হৃদয় চুই যাব পৰা ভাষাৰ দখল তেঁওৰ আছে। হৃদয়ক উদ্বেলিয় কৰিব পৰা ভাষাৰ দখল বহুতৰে নাথাকে।

এই উপন্যাসখনো তেওঁ চেৰেকী শব্দটোৰে আৰম্ভ কৰিছে। জেওৰা এটা বৰ ভাল লগা শব্দ।’জেওৰা’ স্বচ্ছতাৰ প্ৰতীক। আজিকালি পকী দেৱাল হৈছে। যেতিয়ালৈকে গ্ৰাম্য সমাজত জেওৰা আছিল তেতিয়ালৈকে ইঘৰ মানুহে সিঘৰৰ চৌহদবোৰ দেখা পোৱা হৈ আছিল। জেওৰা আঁৰৰ মাজেৰেই মানুহে মানুহৰ অন্তৰবোৰ দেখি আছিল।

‘জেওৰা’ উপন্যাসখনেও মানুহৰ অন্তৰ স্পর্শ কৰক, সকলোৱে আদৰি লওঁক। ৰঞ্জিত পাটগিৰিৰ সৃষ্টি অধিক সুন্দৰ হওঁক তাৰে আশা কৰিলোঁ।’ ভাষণত ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেৱেন কলিতাই কয়-আজি সৰু এটা অনুষ্ঠান যদিও খুব ভাল লগা এটা অনুষ্ঠান আমাৰ প্ৰকাশনত অনুষ্ঠিত হ’ল।

ৰঞ্জিত পাটগিৰি নৱ প্ৰজন্মৰ এজন ভাল কবি, লেখক। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।’ ভাষণত কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিয়ে কয়-বিভিন্ন ঘাট-প্ৰতিঘাত,প্ৰেম, বিশ্বাস, সমাজৰ বিভিন্ন দিশ উপন্যাসখনৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। উপন্যাসৰ চৰিত্ৰসমূহৰ কথোপকথন কিছু সুকীয়া।

পাঠকে ভাল পাব বুলি আশা কৰিছোঁ।গ্ৰাম্য জীৱনৰ পটভূমিত লিখা এই সামাজিক উপন্যাসখন সকলোৱে আদৰি ল’ব বুলি আশা কৰিলোঁ।’

ৰাজদ্বীপ মহন্তই আঁতধৰা সভাখনত ৰেখা প্ৰকাশনৰ কৰ্মকতাৰ লগতে সংবাদ-সাহিত্য ক্ষেত্ৰৰে জড়িত কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে পানবজাৰৰ ৰেখা প্ৰকাশনে ‘জেওৰা’ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে।