Home Blog Page 466

West Karbi Anglong: ১৯৫১ চনৰ আগত অহা সকলোৱে পাব ভূমিপট্টাঃ তুলিৰাম ৰংহাং

West Karbi Anglong: ১৯৫১ চনৰ আগত অহা সকলোৱে পাব ভূমিপট্টাঃ তুলিৰাম ৰংহাং
West Karbi Anglong: ১৯৫১ চনৰ আগত অহা সকলোৱে পাব ভূমিপট্টাঃ তুলিৰাম ৰংহাং

গুৱাহাটী, ১২ নৱেম্বৰঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ(West Karbi Anglong) বৈঠালাংছ’স্থিত ছেৰদিহুন আক্লাম ক্ষেত্ৰত আজি ভূমিপট্টা বিতৰণ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে৷

জিলাখনৰ ১১২নং আমৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ছেৰদিহুন আক্লাম ক্ষেত্ৰত অনুষ্ঠিত কৰা এক ৰাজহুৱা সভাত বিনামূলীয়াকৈ ভূমিপট্টা(Free Land Patta) বিতৰণ কৰা হয়৷

সাংসদ অমৰছিং তিছ’ৰ উপস্থিতিত অনুসূচিত জনজাতি লোকৰ বাবে এই ভূমিপট্টা বিতৰণ কৰা হয়৷

১১২নং আমৰিত বিনামূলীয়া ভূমিপট্টা বিতৰণ তুলিৰাম ৰংহাঙৰ

‘পুৰথিমি আকেমাং’ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে জিলাখনৰ দুটা বিধানসভা সমষ্টি ক্ৰমে ১১১নং ৰংখাং আৰু ১১২নং আমৰিৰ(Amri) বাবে সৰ্বমুঠ পোন্ধৰ হাজাৰ ভূমিপট্টা প্ৰথমাৱস্থাত বিতৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে৷

তাৰোপৰি, ১৯৫১ চনৰ পূৰ্বে আহি কাৰ্বি আংলঙত বসবাস কৰি থকা প্ৰতিগৰাকী লোকেই ভূমিপট্টা পাব বুলি মন্তব্য কৰে৷

ইয়াৰ বাহিৰে কোনোলোকেই কাৰ্বি ভূমিত পট্টা নাপাব বুলিও জানিবলৈ দিয়ে৷ আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপৰিও কাৰ্বি ৰজা লংছিং ৰংহাং, সাংসদ অমৰছিং তিছ’, পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’, বিধায়ক ক্ৰমে ৰূপছিং টেৰন, দৰছিং ৰংহাং, বিদ্যাছিং ইংলেং, কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’, ডি উফিং মাছলাই, ৰিতেশ ইংহি, লুনছিং তেৰন, পাৰিষদ ক্ৰমে লংবিছন বে’, হেদছিং ৰংফাৰ, অভিজিৎ ক্ৰ’, কাচে ৰংপিপি, তিলোত্তমা হাষ্ণু, জিলা আয়ুক্ত সাৰংগপাণি শৰ্মা, জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, চৰকাৰী গাঁওবুঢ়াবৃন্দ, প্ৰাক্তন সাংসদ, বিধায়ক, পাৰিষদবৃন্দ, কাৰ্বি পৰিষদৰ বৰ্ডৰ অধ্যক্ষবৃন্দৰ লগতে দহসহস্ৰাধিক ৰাইজ উপস্থিত থাকে৷

Dholar Oja Mohendra Chutia: ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়ালৈ ‘বৰেণ্য শিল্পী বঁটা’ আৰু নৱ প্ৰজন্মৰ কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকালৈ ‘যুৱ নক্ষত্ৰ বঁটা’

Dholar Oja Mohendra Chutia: ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়ালৈ 'বৰেণ্য শিল্পী বঁটা' আৰু নৱ প্ৰজন্মৰ কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকালৈ 'যুৱ নক্ষত্ৰ বঁটা'
Dholar Oja Mohendra Chutia: ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়ালৈ 'বৰেণ্য শিল্পী বঁটা' আৰু নৱ প্ৰজন্মৰ কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকালৈ 'যুৱ নক্ষত্ৰ বঁটা'

যোৰহাট, ১২ নৱেম্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন যোৰহাটৰ ধলাজানত অনুষ্ঠিত হৈ যায়(Dholar Oja Mohendra Chutia)।এই অনুষ্ঠানত পতাকা উত্তোলনৰ পিছতেই প্ৰতিনিধি সভাৰ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অসীমজ্যোতি শইকীয়াই।

এই অনুষ্ঠানৰ প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভাত যোৰহাট জিলা সমিতিৰ যুটীয়া সম্পাদক পল্লৱ দাস আৰু জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰঞ্জন শইকীয়াৰ লগতে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি উত্তম মহন্ত, জিলা সাংগঠনিক সম্পাদক প্ৰাঞ্জল দাসৰ উপস্থিতত ২০২৪ পৰা ২০২৬ লৈকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ বণিয়া, উপ-সভাপতি মনঞ্জিৎ বণিয়া, বিতু নায়ক, সাধাৰণ সম্পাদক বিনোদ বণিয়া, যুটীয়া সম্পাদক দিৱজ্যোতি সন্দিকৈ আৰু বিশ্বজিৎ বৰাক লৈ ৩১ জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দায়িত্ব অৰ্পণ কৰা হয়।

আনহাতে দ্বিতীয় দিনাৰ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে ধলাজান অঞ্চলৰ ক্ৰীড়া সংগঠক তথা টেকেলা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱেন দত্তই।

এই সভাতে ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়ালৈ ‘বৰেণ্য শিল্পী বঁটা’ আৰু নৱ প্ৰজন্মৰ কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকালৈ(Young Singer Prandheep Hazarika) ‘যুৱ নক্ষত্ৰ বঁটা’ প্ৰদান কৰা হয়।

ইয়াৰ পিছতেই ধলাজান খেলপথাৰত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভুক্ত চাৰিটা মহিলা ফুটবল দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতাত জংঘল ব্লক ক’চিং চেন্টাৰে কাকজান ক’চিঙ চেন্টাৰ ২-১ গ’লত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

এই অনুষ্ঠানৰ বঁটা বিতৰণি‌ সভাত সভাপতিত্ব কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সাংগঠনিক সম্পাদক প্ৰাঞ্জল দাসে।

এই সভাত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শিৱ কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱ বৰা, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডৰ লগতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক যোগেন দত্ত উপস্থিত থাকে।

এই সভাত বিজয়ী আৰু বিজিত দলক ট্ৰ’ফী আৰু মান পত্ৰ প্ৰদান কৰা হয়। লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলক মান পত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, এই সভাতে তিনিজন কৃতি শিক্ষক ৰূপজ্যোতি গগৈ, জয়ন্ত হাজৰিকা আৰু ৰাজকুমাৰ গুপ্তাক বিশেষ ভাবে সন্মান জনোৱাৰ লগতে অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱা হয়।

Pakistan AQI: এক কোটিৰো অধিক শিশুৰ জীৱন বিপদত পাকিস্তানত, শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান UNICEFৰ

এক কোটিৰো অধিক শিশুৰ জীৱন বিপদত পাকিস্তানত
এক কোটিৰো অধিক শিশুৰ জীৱন বিপদত পাকিস্তানত

দৰিদ্ৰতাৰ সৈতে যুঁজি থকা পাকিস্তানত প্ৰদূষণৰ বিপজ্জনক মাত্ৰা ভয়ংকভাৱে বৃদ্ধি পাইছে। বিগত এমাহ ধৰি লাহোৰ আৰু পঞ্জাৱৰ ১৭খন জিলাত বিষাক্ত ধোঁৱা আৰু কুঁৱলীৰ ডাঠ তৰপেৰে আৱৰি ধৰিছে। পৰিস্থিতি এনেকুৱা যে শিশুৰ স্বাস্থ্যৰ ওপৰত প্ৰদূষণৰ বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ শিশু সংস্থাইও সোমবাৰে পাকিস্তানক সকীয়াই দিছে। (Pakistan AQI)হাজাৰ হাজাৰ লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।(pakistan)

পাকিস্তানৰ পূৱ পঞ্জাৱ প্ৰদেশৰ ৫ বছৰৰ তলৰ এক কোটি ১০ লাখ শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বায়ু প্ৰদূষণৰ বাবে। এই শিশুসকলৰ বয়স ৫ বছৰৰ তলৰ। এই শিশুসকলে সন্মুখীন হোৱা বিপদৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানত থকা ইউনিচেফে এক বিবৃতিত চৰকাৰক এই ১ কোটি ১০ লাখ ক্ষতিগ্ৰস্ত শিশু আৰু অন্যান্যসকলৰ বাবে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ আহ্বান জনাইছে।(pollution)

বিগত মাহৰ পৰা পাকিস্তানত হোৱা প্ৰদূষণৰ বিধ্বংসী পৰিস্থিতিৰ বাবে জনসাধাৰণৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ ৪০ হাজাৰৰো অধিক লোকৰ চিকিৎসা কৰা হৈছে।

পাকিস্তানে শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে পঞ্জাৱৰ বহু ঠাইত ১৭ নৱেম্বৰলৈ বিদ্যালয় বন্ধ কৰি দিছে। লগতে ১০ দিনৰ বাবে সকলো উদ্যান আৰু সংগ্ৰহালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে কৰ্তৃপক্ষই।

Water: ৰাতি শুৱাৰ আগতে এগিলাচ পানী কিয় খাব লাগে? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক

ৰাতি শুৱাৰ আগতে খাব লাগে এগিলাচ পানী
ৰাতি শুৱাৰ আগতে খাব লাগে এগিলাচ পানী

পানী আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, আমাৰ শৰীৰত পানীৰ পৰিমাণ অতি বেছি। সেইবাবেই শৰীৰত পানীৰ পৰিমাণ কেতিয়াও কমি যাবলৈ দিয়া উচিত নহয়। (Water)ৰাতি শুৱাৰ আগতে এগিলাচ পানী খালে কি লাভ(benefits) হ’ব পাৰে জানো আহক-

১) প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব
শুৱাৰ আগতে পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যাৰ ফলত ভাইৰাছ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়। এনে পৰিস্থিতিত চৰ্দি, কাহ, জ্বৰ, ফ্লুৰ দৰে ৰোগৰ আশংকা কমি যাব।(drinking a glass of water before going to bed)

২)বৃক্কৰ স্বাস্থ্য
শুৱাৰ আগতে পানী খালে আপোনাৰ বৃক্কৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ই আমাৰ বৃক্ক পৰিষ্কাৰ কৰে আৰু লগতে বৃক্কৰ ক্ষতিৰ সম্ভাৱনাও হ্ৰাস কৰে।

৪) গাঁঠিৰ বিষ
শুৱাৰ আগতে পানী খালে গাঁঠিৰ বিষ ভাল হয়।

৫) ছাল পৰিষ্কাৰ কৰা
শুৱাৰ আগতে পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ যোৱাত সহায় কৰে। যাৰ ফলত ছাল পৰিষ্কাৰ আৰু সুন্দৰ হৈ থাকে। বিশেষকৈ ছালৰ সমস্যাত ভুগি থকাসকলৰ বাবে এই পদ্ধতি অতি ফলপ্ৰসূ।

Pandit Dimbeswar Neog: পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগক স্মৰণ

Pandit Dimbeswar Neog: পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগক স্মৰণ
Pandit Dimbeswar Neog: পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগক স্মৰণ

গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত মঙলবাৰে ‘ডিম্বেশ্বৰ নেওগ-আজলীতৰা নেওগ সোঁৱৰণী সৌৰভ সমিতি’ৰ(Pandit Dimbeswar Neog) উদ্যোগত প্ৰথিতযশা কবি-সমালোচক পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগৰ ৫৮সংখ্যক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷

‘ডিম্বেশ্বৰ নেওগ-আজলীতৰা নেওগ সোঁৱৰণী সৌৰভ সমিতিৰ উদ্যোগ

প্ৰথিতযশা কবি-সমালোচক পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগৰ ৫৮সংখ্যক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে স্মৃতিচাৰণ অনুষ্ঠান

প্ৰথিতযশা কবি-সমালোচক পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগৰ ৫৮সংখ্যক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে স্মৃতিচাৰণ অনুষ্ঠান

পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগক স্মৰণ

পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগক স্মৰণ

Shaktimaan: ২৭ বছৰৰ পিছত পুনৰ আহি আছে ‘শক্তিমান’

Shaktimaan
Shaktimaan

১৯৮১ চনত মুকেশ খান্নাই ‘ৰূহী’ ছবিৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ বহু হিন্দী ছবি আৰু টিভি শ্ব’ত কাম কৰিছিল। ১৯৮৮ চনত ‘মহাভাৰত’ত ভীষ্ম পীতামাহ আৰু ১৯৯৭ চনত ‘শক্তিমান’ত শক্তিমান আৰু গংগাধৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত। এই চৰিত্ৰসমূহে তেওঁক দৰ্শকৰ মাজত বিশেষ স্বীকৃতি প্ৰদান কৰিছিল। ইফালে এতিয়া খবৰ আহি আছে যে মুকেশ খান্নাই ৬৬ বছৰ বয়সত পুনৰবাৰ ‘শক্তিমান’ হিচাপে ঘূৰি আঙিব দৰ্শকৰ মাজলৈ।(Shaktimaan)

ইয়াৰ পূৰ্বেও ‘শক্তিমান’ৰ ওপৰত এখন ছবি নিৰ্মাণ কৰা বুলি চৰ্চা চলিছিল। মুকেশ খান্নাই নিজেই ঘোষণা কৰিছিল যে তেওঁ পুনৰ এই চৰিত্ৰটোত অভিনয় কৰিবলৈ সাজু হৈছে।(Mukesh Khanna)তেওঁৰ কিছুমান ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে, য’ত তেওঁ আইকনিক শক্তিমান সাজ-পোছাক পিন্ধি সংবাদ মাধ্যমৰ সৈতে কথা-বতৰা পতা দেখা গৈছে। অৱশ্যে তেওঁৰ একাংশ অনুৰাগীয়ে এই কথাত সুখী হোৱাৰ বিপৰীতে একাংশইও এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে। শেহতীয়াকৈ মুকেশ খান্নাইও এএনআইৰ সৈতে কথা পাতি এই কথা ঘোষণা কৰিছে।

তেওঁ কয় যে তেওঁ পুনৰ ‘শক্তিমান’ৰ চৰিত্ৰলৈ ঘূৰি আহিব। শক্তিমানত মই ভাল অভিনয় কৰিলোঁ কাৰণ সেই চৰিত্ৰটো মোৰ হৃদয়ৰ পৰাই আহিছিল। অভিনয়ৰ প্ৰকৃত অৰ্থ হৈছে আত্মবিশ্বাস। শ্বুটিং কৰি থাকোঁতে কেমেৰাৰ প্ৰতি গুৰুত্ব নিদিওঁ। মই শক্তিমান হৈ অতি সুখী আৰু এই কথাত মই অধিক সুখী। তেওঁ কয় ‘মই মোৰ কৰ্তব্য পালন কৰি আছো যিটো মই ১৯৯৭ চনত আৰম্ভ কৰিছিলো আৰু ২০০৫ চনলৈকে চলি আছিল’।(Mukesh Khanna Returned as Shaktimaan)

Chennai Rains: প্ৰচণ্ড বৰষুণৰ বাবে বিদ্যালয় বন্ধ চেন্নাইত, তামিলনাডুৰ ১৬খন জিলালৈ ইয়েল্ল’ এলাৰ্ট জাৰি

Chennai Rains
Chennai Rains

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১২ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে। লগতে চেন্নাই আৰু তামিলনাডুৰ আন ১৫খন জিলাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।(Chennai Rains)সোমবাৰে দক্ষিণ-পশ্চিম বংগ উপসাগৰৰ ওপৰত গঠন হোৱা নিম্ন চাপৰ ব্যৱস্থাই এই বৰষুণবিশেষকৈ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।(Tamil Nadu)

চেন্নাই, চেংগালপট্টু, কাঞ্চীপুৰম, তিৰুভাল্লুৰ, কুড্ডালোৰ, মায়লাদুথুৰাই, থাঞ্জাভুৰ, নগাপত্তিনাম, তিৰুভাৰুৰ, পুডুকোট্টাই, ৰামনাথপুৰম, ভিল্লুপুৰম, মাদুৰাই, বিৰুধুনগৰ, শিৱগংগা, আৰু থুথুকুডি আদি জিলাত ধুমুহাৰ সৈতে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।(Yellow Alert)

তামিলনাডুৰ উপকূল আৰু মান্নাৰ উপসাগৰত বতাহৰ গতিবেগ ঘণ্টাত ৩৫-৪৫ কিলোমিটাৰ হ’ব পাৰে, ঘণ্টাত ৫৫ কিলোমিটাৰ পৰ্যন্ত ধুমুহা বতাহৰ ফলত বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে, সেয়েহে মাছমৰীয়াসকলক ১৭ নৱেম্বৰ দেওবাৰলৈকে সাগৰত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।(fishermen)

ৰাজ্যখনৰ প্ৰবল বৰষুণৰ পূৰ্বাভাসৰ প্ৰতি সঁহাৰি জনাই আজি চেন্নাইৰ সকলো বিদ্যালয়ৰ বাবে বন্ধ ঘোষণা কৰিছে চেন্নাইৰ জিলা উপায়ুক্ত ৰশ্মী সিদ্ধাৰ্থ জাগাডে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে, য’ত তামিলনাডুৰ বিভিন্ন প্ৰান্তত তীব্ৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে।

Dry Lips Remedies: ঠাণ্ডাৰ বতৰত শুকান ওঁঠযুৰিত ব্যৱহাৰ কৰক এই পাঁচটা স্ক্ৰাব…

Dry Lips Remedies
Dry Lips Remedies

ঠাণ্ডাৰ সময়ত ওঁঠ শুকান হোৱাটো অতি সাধাৰণ কথা। এই সমস্যাৰ পৰা মুক্তি পাবলৈ আমি বেছিভাগেই লিপ বাম আৰু মইশ্ব’ৰাইজাৰৰ সহায়ত ওঁঠযুৰি হাইড্ৰেটেড কৰি ৰাখোঁ, কিন্তু আমি ছালৰ মৃত কোষবোৰ আঁতৰাবলৈ পাহৰি যাওঁ।(Dry Lips Remedies)

শীতকাল ওচৰ চাপি অহাৰ লগে লগে আমাৰ ছালখন শুকান হয় আৰু ফাটি যায়। এই বতৰত ওঁঠ শুকান হোৱাটো অতি সাধাৰণ কথা। এই ঋতুত ছাল ফাটিবলৈ আৰম্ভ কৰে।(winter season)সেয়েহে আমি মাজে মাজে ওঁঠযুৰি ধুই লোৱা উচিত, আজি আমি আপোনালোকক শীতকালত শুকান ওঁঠৰ পৰা মুক্তি পাবলৈ আৰু ওঁঠ (lips)কোমল কৰি ৰখাৰ ঘৰুৱা উপায়ৰ বিষয়ে ক’ম, যাতে এই ঠাণ্ডাত ওঁঠযুৰি কোমল কৰি ৰাখিব পাৰে-

১) চিনামন লিপ স্ক্ৰাব
এটা বাটিত আধা চামুচ ডালচেনিৰ গুড়ি, আধা চামুচ মৌ আৰু আধা চামুচ অলিভ অইল দি ভালদৰে মিহলাই লওক। তাৰ পিছত এই পেষ্ট ওঁঠত লগাই কোমল হাতেৰে কিছু সময় মালিচ কৰিব। ওঁঠৰ মৰা ছাল আঁতৰাই ওঁঠযুৰি ধুনীয়া দেখা যাব।

২) বাবলগাম লিপ স্ক্ৰাব
এই স্ক্ৰাব বনাবলৈ এচামুচ ষ্ট্ৰবেৰী, আধা চামুচ অলিভ অইল আৰু দুটোপাল গোলাপী ফুড কালাৰ মিহলাই লওক। এই সকলোবোৰ মিহলাই পেষ্ট বনাই ওঁঠত স্ক্ৰাবাৰ হিচাপে ব্যৱহাৰ কৰক। ওঁঠযুৰি হাইড্ৰেটেড আৰু কোমল হৈ পৰিব।

৩) কফি লিপ স্ক্ৰাব
এইটো বনাবলৈ এটা বাটিত এক চামুচ কফি পাউদাৰ আৰু এচামুচ মৌ মিহলাই লওক। এতিয়া একমিনিটৰ বাবে ওঁঠত মালিচ কৰি পৰিষ্কাৰ পানীৰে ধুব। এনে কৰিলে ওঁঠযুৰি কোমল হৈ থাকিব।

৪.নাৰিকল তেল আৰু মৌ লিপ স্ক্ৰাব
এই স্ক্ৰাবটো বনাবলৈ এটা বাটিত এচামুচ নাৰিকল তেল, এচামুচ মৌ, দুচামুচ ব্ৰাউন চুগাৰ আৰু আধা চামুচ কুহুমীয়া পানী দি ভালদৰে মিহলাই লওক। তাৰ পিছত এই মিক্সাৰ ব্যৱহাৰ কৰি ওঁঠ স্ক্ৰাব কৰক, এই উপাদানসমূহত এন্টিঅক্সিডেন্ট, ফেটি এচিড আৰু হিলিং প্ৰপাৰ্টি থাকে, যিয়ে আপোনাৰ ওঁঠ কোমল কৰাত সহায় কৰে।

Sanjay Bangar Son Transformation: আৰিয়ান বাংগাৰ হ’ল আনায়া বাংগাৰ! প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ লিংগৰ পৰিৱৰ্তন

Sanjay Bangar Son Transformation
Sanjay Bangar Son Transformation

লিংগ পৰিৱৰ্তন কৰি চৰ্চাত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰ। ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ পুত্ৰ আৰিয়ান বাংগাৰৰ লিংগ পৰিৱৰ্তন। লিংগ পৰিৱৰ্তনৰ পাছতে নামো সলনি কৰিছে আৰিয়ান বাংগাৰে। নিজৰ নাম সলনি কৰি আনায়া বাংগাৰ ৰাখিছে আৰিয়ানে।(Sanjay Bangar Son Transformation)

প্ৰতি বছৰে বহু লোকে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ সহায়ত লিংগ পৰিৱৰ্তন কৰে, শেহতীয়া ঘটনাটো হৈছে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ সন্তানৰ।(Aryan Bangar)

সঞ্জয় বাংগাৰৰ কন্যা আনায়াই ছ’চিয়েল মিডিয়াত মুকলিকৈ প্ৰকাশ কৰিছে যে তেওঁ কেনেদৰে হৰম’ন ট্ৰেন্সফৰ্মেচন কৰিলে। জন্মৰ সময়ত তেওঁ ল’ৰা আছিল, মাক-দেউতাকে নাম ৰাখিছিল ‘আৰিয়ান’। কিন্তু ২০২৩ চনত তেওঁ হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী গ্ৰহণ কৰে যিয়ে তেওঁৰ পৰিচয় সম্পূৰ্ণৰূপে সলনি কৰি পেলায়। (Anaya Bangar)

হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী কি-(Hormone Replacement Therapy)

নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ মতে, হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী (HRT), যাক লিংগ-প্ৰতিফলিত হৰম’ন থেৰাপী (GAHT) বুলিও কোৱা হয়, হৈছে এনে এক চিকিৎসা চিকিৎসা যিয়ে কিন্ন সকলে নিজৰ শাৰীৰিক বৈশিষ্ট্যসমূহ লিংগ নিৰপেক্ষ সমকক্ষলৈ সলনি কৰিবলৈ অনুমতি দিয়ে পৰিচয়ৰ সৈতে। কিন্ন মহিলাৰ বাবে হৰম’ন থেৰাপীৰ উদ্দেশ্য হৈছে চৰ্বিৰ বিতৰণ সলনি কৰি, স্তনৰ বিকাশত সহায় কৰি আৰু পুৰুষৰ আৰ্হিৰ চুলিৰ বৃদ্ধি হ্ৰাস কৰি অধিক মহিলাৰ ৰূপ সৃষ্টি কৰা।

হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীত মূলতঃ ইষ্ট্ৰজেন, প্ৰজেষ্টেৰন বা দুয়োটাৰে সংমিশ্ৰণ জড়িত হৈ থাকে। হিষ্টেৰেকটমী কৰা মহিলাসকলৰ বাবে কেৱল ইষ্ট্ৰজেন থেৰাপী প্ৰায়ে প্ৰেছক্ৰিপচন কৰা হয়, কাৰণ সম্ভাৱ্য কৰ্কট ৰোগৰ পৰা জৰায়ুৰ আৱৰণক ৰক্ষা কৰিবলৈ প্ৰজেষ্টেৰন প্ৰধানকৈ প্ৰয়োজন।

যিসকল মহিলাৰ এতিয়াও জৰায়ু আছে, তেওঁলোকৰ বাবে সাধাৰণতে এণ্ডোমেট্ৰিয়েল কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কম্বাইণ্ড হৰম’ন থেৰাপী দিয়া হয়। হৰম’ন বিভিন্ন ধৰণে প্ৰয়োগ কৰিব পাৰি, যেনে ঔষধ, পেচ, জেল, ক্ৰীম বা আনকি ইমপ্লাণ্ট, ব্যক্তিগত প্ৰয়োজন আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰি নমনীয়তাৰ অনুমতি দিয়ে।

প্ৰতিজন ব্যক্তিৰ প্ৰয়োজন আৰু স্বাস্থ্যৰ লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰি হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ সময়সীমা ভিন্ন হয়। বহু লোকৰ বাবে কেইসপ্তাহমানৰ ভিতৰতে লক্ষণসমূহৰ পৰা উপশম আৰম্ভ হয় যদিও সম্পূৰ্ণ প্ৰভাৱ অনুভৱ কৰিবলৈ ৩ মাহলৈকে সময় লাগিব পাৰে।

Omega-3 Fatty Acids: মাছ নোখোৱাকৈ নিৰামিষ খাদ্য পৰাও লাভ কৰিব ওমেগা-৩ ফেটি এচিড…

Omega-3 Fatty Acids
Omega-3 Fatty Acids

ওমেগা-৩ ফেটি এচিডক অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান বুলি গণ্য কৰা হয়, যদি শৰীৰত ওমেগা-৩ ফেটি এচিডৰ অভাৱ হয় তেন্তে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। নিৰামিষ খাদ্যৰ জৰিয়তে কেনেকৈ লাভ কৰিব পাৰি ওমেগা-৩ ফেটি এচিড জানো আহক। (Omega-3 Fatty Acids) 

চৰ্বিযুক্ত মাছ খোৱাটো সকলোৱে সম্ভৱ নহয়, গতিকে নিৰামিষ খাদ্য খোৱাসকলে এই পুষ্টিকৰ উপাদানটো পাবলৈ কোনবোৰ নিৰামিষ খাদ্য খাব লাগিব জানি লওক।(Veg Foods)

১/ চয়াবিন(Soybean)
প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চয়াবিন খোৱা হয়, কিন্তু আপুনি হয়তো নাজানে যে ইয়াত ওমেগা-৩ ফেটি এচিডো প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।

২/ চিয়া বীজ(Chia Seeds)

চিয়া বীজ উদ্ভিদভিত্তিক ওমেগা-৩ ফেটি এচিড বিশেষকৈ আলফা-লিনোলেনিক এচিডৰ অন্যতম উত্তম উৎস। ই মগজুৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য আৰু ই প্ৰদাহ কমোৱা, কলেষ্টেৰলৰ মাত্ৰা কমোৱা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।

৩/ আখৰোট(Walnut)
শীতকালত আখৰোট খালে শৰীৰ গৰম হৈ থাকে, ই ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিডৰ মাজত এক উৎকৃষ্ট ভাৰসাম্য প্ৰদান কৰে। নিয়মিতভাৱে আখৰোট সেৱনে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে, মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে আৰু কিছুমান দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

৪) মেথি গুটি (Flaxseeds)
মেথি গুটিক আলফা-লিনোলেনিক এচিড নামৰ ওমেগা-৩ ফেটি এচিডৰ উৎকৃষ্ট উৎস বুলি ধৰা হয়। ইয়াৰ ফলত আমাৰ হজম শক্তি উন্নত হয় আৰু লগতে হৃদৰোগ প্ৰতিৰোধ হয়। ইয়াৰ উপৰিও চুলি আৰু ছালৰ সৌন্দৰ্য্যৰ প্ৰচাৰ কৰে।