উল্লেখ্যে যে সংগঠন দুটাই পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছিল। বন্ধ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে কিছু স্থানত টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ সৈতে বাকবিতণ্ডা সৃষ্টি হয়।
Art and Culture: মনোবিজ্ঞানৰ ধাৰণাৰে উত্তৰ-পূব ভাৰতৰ শিল্প সংস্কৃতিক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছেঃ কলা সমালোচক জ্যোতি খাটনিয়াৰ
গুৱাহাটী, ১১ নৱেম্বৰঃ উত্তৰ-পূব ভাৰতৰ বিভিন্ন কলা(Art and Culture), সাহিত্যৰ সৃষ্টিৰাজিক বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ড আৰু কাৰ্ল গুস্তাভ য়ুঙৰ চিন্তাৰ মাজেৰে বিশ্লেষণ কৰাৰ সুযোগ আছে।
বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ এক ঐতিহাসিক জাতি হোৱাৰ পিছতো বিগত আৰু চলিত চৰকাৰসমূহে আজিকোপতি জনগোষ্ঠীটোক অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ লগত খোজত খোজ মিলাই সম্পূর্ণ মর্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত তিলমানো গুরুত্ব প্রদান কৰা দেখা নগ’ল।
বিপৰীতে মাহী আইৰ দৃষ্টিৰেহে চোৱা পৰিলক্ষিত হৈছে। জনগোষ্ঠীটোৰ একমাত্র ছাত্র সংগঠন তথা এক অনন্য প্রতিবাদী কণ্ঠ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীটোৰ ভাতৃ-ভগ্নী সংগঠনসমূহে জন্মলগ্নৰে পৰাই অসমৰ বিভিন্ন কোণত সিঁচৰতি হৈ থকা চুতীয়া ৰাইজৰ সহযোগত প্রাপ্য অধিকাৰ বিচাৰি গণতান্ত্রিকভাৱে দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখাৰ পিছতো সমস্যাসমূহ সমাধান কৰাৰ বিপৰীতে প্ৰতিখন চৰকাৰে চুতীয়াসকলৰ আৱেগ-অনুভূতিক লৈ কেৱল ৰাজনীতি কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাহে পৰিলক্ষিত হৈ আহিছে।
চুতীয়াসকল প্রতিখন চৰকাৰৰ বাবে অৱহেলাৰ পাত্ৰ আৰু কেৱল ভোটবেংকলৈ পর্যবসিত হৈ পৰিছে। আৰু যদি চৰকাৰে অহা বহাগ বিহুৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰে তেন্তে অনাগত দিনয় ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ ক্ষেত্ৰত চুতীয়া জাতি ছাত্ৰ সন্থাই এক বিশেষ ভূমিকা গ্ৰহণ কৰিব।
আজিৰ বিশাল গণ সমাবেশ কাৰ্যসূচীত উপস্থিত থাকে সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়া, উপদেষ্টা মধু মাধব শইকীয়া, ক্ষিৰুদ শইকীয়া প্ৰমুখ্যে কেন্দ্ৰীয় তথা জিলাৰ বিষয়ববীয়া।