Home Blog Page 468

Women’s Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে

Women's Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে
Women's Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে

গুৱাহাটী, ১১ নৱেম্বৰঃ মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনা(Women’s Ras) বালিগাঁৱৰ হৰিমন্দিৰতো লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ(Ras Festival) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।

ঐতিহাসিক পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবেলিও বালিগাঁওবাসীয়ে অতিথিক আদৰিবলৈ ককালত টঙালি বান্ধিছে৷ ঢকুৱাখনা(Dhakuakhana) বালিগাঁৱৰ ৰাইজে এতিয়া ৰাসলীলাৰ প্ৰস্তুতি বাবে চলাইছে আখৰা৷

লক্ষ্মী পূৰ্ণিমা দিনটোৰ পৰাই অতি ধুমধামেৰে বালিগাঁৱৰ হৰিমন্দিৰৰ প্ৰাংগণত কৰিছে আখৰা৷ এই মাহজোৰা অনুশীলনৰ অন্তত গাওঁখনৰ বুকুলৈ মথুৰা বৃন্দাবন নমাই আনি দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যেৰে আয়োজন কৰা ৰাস মহোৎসৱে বালিগাঁওবাসীক পূৰ্ণাংগ ৰূপ প্ৰদান কৰে৷

সেয়েহে বালিগাঁৱৰ নামঘৰত এতিয়া উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে। সভাপতি শোভন বৰুৱা আৰু সম্পাদক বিদ্যাধৰ বৰুৱাই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে বালিগাঁৱৰ নাট্য সমাজৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ২৮, ২৯ আৰু ৩০ কাতি অৰ্থাৎ ইংৰাজীৰ ১৪, ১৫ আৰু ১৬ নবেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে মঞ্চত দৰ্শকক চমক দিয়াৰ মানসেৰে কৌশলেৰে দৰ্শকক আমোদ দিব।

তদুপৰি বালিগাঁৱৰ নাট্য সমাজে ৰাসোৎসৱত স্থানীয় শিল্পী লগতে আমন্তিত অতিথি শিল্পীক্ৰমে “ৰেঙনি” চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপ’ষ্টৰ” অভিনেতা অশ্চিনী ডেকা অৰ্থাৎ মুকুতাই নাট্যাভিনয় কৰিব বুলি আমাক জনিবলৈ দিয়ে।

ইয়াৰ উপৰি বালিগাঁৱৰ এই ৰাস মহোৎসৱত এটা দিন কেৱল মহিলাৰ দ্বাৰা ৰাস মঞ্চস্থ হব৷ সেইহে গাঁৱৰ প্ৰতিজন ডেকাই এতিয়া অত্যাধুনিক কাৰিকৰী কলা-কুশলেৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ জোৰদাৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতি বছৰে উদযাপিত হৈ অহি বালিগাঁৱৰ এই ৰাস মহোৎসৱে ৭৩টা বছৰ অতিক্ৰম কৰিলে।

সেইহে বালিগাঁৱৰ যুৱকসমাজে পূৰ্বৰ দৰেই এইবাৰো ৰাসলীলাৰ মঞ্চত শিশু কৃষ্ণৰ পৰা কংস বধলৈকে কৃষ্ণলীলাসমূহৰ মঞ্চস্থ কৰা লগতে এই দিশত বালিগাঁৱৰ ৰাইজে প্ৰতি বছৰে সাংস্কৃতিক দিশলৈ যথেষ্টখিনি অৱদান আগবঢ়াই আহিছে। এতিয়া যুৱকসমাজে ঢকুৱাখনাবাসীৰ ৰাইজৰ লগতে অসমবাসীৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে৷

Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে ‘ৰতন টাটা’

Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে 'ৰতন টাটা’
Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে 'ৰতন টাটা’

গুৱাহাটী, ১১ নৱেম্বৰঃ যশস্বী উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ এমাহ পূৰ্তিৰ দিনটোতে প্ৰকাশ পালে টাটাৰ বৈচিত্ৰ্যময় জীৱনৰ আধাৰত সাংবাদিক খনীন্দ্ৰ কুমাৰ ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থ ‘ৰতন টাটা(Ratan Tata)’৷

‘বনলতা’ৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনত ৰতন টাটাৰ বিচিত্ৰ জীৱন আৰু কৰ্মৰ নানা বৰ্ণাঢ্য দিশৰ লগতে টাটা গোষ্ঠীৰ(Tata Group) ডেৰশ বছৰীয়া গৌৰৱোজ্বল ইতিহাসো সন্নিৱিষ্ট হৈছে৷

উদ্যোগপতি হিচাপে ৰতন টাটাৰ চমকপ্ৰদ সাফল্য, টাটা গোষ্ঠীৰ বিশ্বজোৰা বিস্তাৰ, নানা প্ৰত্যাহ্বান অতিক্ৰমী কৰা অসাধ্য সাধন, জীৱনজোৰা জনকল্যাণকামী কৰ্ম, টাটাৰ সৰল জীৱনশৈলী আৰু আদৰ্শ আদি দিশ গ্ৰন্থখনত বৰ্ণিত হৈছে৷

তদুপৰি গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে নুছেৰৱানজী টাটা আৰু জামছেদজী টাটাৰ পৰা আৰম্ভ কৰি টাটাৰ পূৰ্বপুৰুষৰো সংগ্ৰাম তথা উত্তৰণৰ কাহিনী(Cornell University College of Architecture)৷

অসমৰ সৈতে থকা ৰতন টাটাৰ দীৰ্ঘ সম্পৰ্ক আৰু অতুলনীয় অৱদানৰ কথাও বিস্তৃতভাৱে আলোকপাত কৰা হৈছে গ্ৰন্থখনত৷

কেবল কেঞ্চাৰ হাস্পতাল বা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কথাই নহয়, এসময়ত উগ্ৰপন্থী অধ্যুষিত অসমত চাহ বাগিচা পৰিচালনাৰ ক্ষেত্ৰত টাটা গোষ্ঠীয়ে সন্মুখীন হোৱা অভাৱনীয় পৰিস্থিতিৰ কথাও গ্ৰন্থখনত বৰ্ণিত হৈছে(Harvard Business School)৷

ৰতন টাটাৰ সাফল্য-মন্ত্ৰৰ কথা বিশেষভাৱে আলোচনা কৰাৰ লগতে জীৱনক উদ্দেলিত কৰিব পৰা টাটাৰ প্ৰায় ডেৰ কুৰি সোণসেৰীয়া উক্তিও গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে(Cornell University)৷

নেন’ৰ সপোন আৰু বাস্তৱ, মধুৰ প্ৰতিশোধ লৈ জাগুৱাৰ-লেণ্ডৰোভাৰ অধিগ্ৰহণ, ২৬/১১ৰ মুম্বাই আক্ৰমণৰ সময়ত টাটাৰ ভূমিকা, টাটাৰ প্ৰেম, চাইৰাছ মিস্ত্ৰীৰ সৈতে সংঘাত আৰু বিবাদ, পাইলটৰ ৰূপত টাটা, গেংষ্টাৰৰ বিৰুদ্ধে কৰা সংগ্ৰাম, টাটাৰ ইচ্ছাপত্ৰ আদি সকলো দিশ গ্ৰন্থখনত সামৰি লোৱা হৈছে৷

‘বনলতা’ৰ প্ৰকাশক প্ৰদ্যুৎ হাজৰিকাই উল্লেখ কৰিছে যে মহান উদ্যোগপতি গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ হিচাপেই এই বিশেষ গ্ৰন্থখন প্ৰকাশ কৰা হৈছে৷এখন অনুপ্ৰেৰণামূলক গ্ৰন্থ হিচাপে ’ৰতন টাটা’ই সকলো শ্ৰেণীৰ পঢ়ুৱৈক আকৃষ্ট কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে লেখক খনীন্দ্ৰ কুমাৰ ডেকাই৷

Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত

Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত
Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত

ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।

এয়া বিশেষভাৱে প্ৰশংসনীয় কথা যে ভাৰততকৈ কোনো দেশে ৰে’লৰ জড়িয়তে অধিকলোক কঢ়িয়াই নিব নোৱাৰে। ভাৰতীয় বছৰি ১ লাখ কোটিৰো অধিক যাত্ৰী কিলোমিটাৰ (পিকেএম) আৰু বছৰি প্ৰায় ৬৮৫ কোটি যাত্ৰী কঢ়িয়াই নিয়াৰ অভিলেখ গঢ়িছে।

এই কৃতিত্ব অতুলনীয়, আনকি আমাৰ চুবুৰীয়া চীনেও দেশ খনৰ অধিক বিস্তৃত ৰে’ল নেটৱৰ্ক আৰু তুলনামূলকভাবে বিশাল জনসংখ্যা থকা স্বত্বেও ভাৰতৰ তুলনাত প্ৰায় আধাসংখ্যক যাত্ৰী (বছৰি প্ৰায় ৩০০ কোটি) পৰিবহণ কৰিছে। ভাৰতীয় ৰে’লত সুৰক্ষাৰ লক্ষ্যণীয় উন্নতিৰ প্ৰমাণ হিচাপে কব পাৰি যে দেশত এতিয়া ৰে’ল দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

২০০০-০১ চনত ৪৭৩টা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল যদিও ২০২৩-২৪ বৰ্ষত এনে দুৰ্ঘটনাৰ সংখ্যা ৪০ টালৈ লৈ হ্ৰাস পাইছে। এই প্ৰগতি হৈছে ট্ৰেক উন্নত কৰা, মানৱবিহীন লেভেল ক্ৰছিং আঁতৰ কৰা, নিয়মীয়াকৈ দলঙৰ অৱস্থা নিৰীক্ষণ কৰা আৰু ষ্টেচনবোৰ ডিজিটালাইজড কৰাৰ বাবে গ্ৰহণ কৰা কেন্দ্ৰীভূত প্ৰচেষ্টাৰ বাবে।

যাত্ৰীৰ সংখ্যা আৰু অন্তৰ্ভুক্ত ট্ৰেকৰ দৈৰ্ঘ্য্য বিবেচনা কৰিলে এনে সাফল্যসমূহ আৰু অধিক আকৰ্ষণীয় ৰূপত ধৰা দিয়ে। দেশত এতিয়া প্ৰতিদিনে গড়ে ২ কোটিৰো অধিক লোকে ৭০,০০০ ৰুটকিলোমিটাৰ (আৰকেএম) দৈৰ্ঘ্য্যৰ ৰে’ল নেটৱৰ্ক অতিক্ৰম কৰি আহিছে। বিশেষ ঋতুত এই সংখ্যা প্ৰতিদিনে ৩ কোটিত উপনীত হয়, যাৰ ফলত আন এক বিশ্ব অভিলেখৰ সৃষ্টি হৈছেþ।

এই কথাৰ কাৰ্যকৰী অৰ্থ হৈছে এয়াই যে ভাৰতে প্ৰতিদিনে দেশ খনৰ জনসংখ্যাৰ প্ৰায় ২ক্ম লোকক ৰে’লেৰে সুৰক্ষিতভাৱে পৰিবহণ কৰি আহিছে, চীনত এই হাৰ মাত্ৰ ০.৫৮ক্ম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ০.০৯ক্ম।

ভাৰতীয় ৰে’লৰ বাবে, যাত্ৰীসকলৰ সুৰক্ষা হৈছে প্ৰধান অগ্ৰাধিকাৰৰ বিষয়। ভাৰতীয় ৰে’লে ২০২৩-২৪ বৰ্ষত সুৰক্ষা সম্পৰ্কীয় প্ৰকল্পত ১ লাখ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰিছে। চলিত বিত্তীয় বৰ্ষত আৰু অধিক ব্যয়ৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে ৰে’লৰ প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ, দলং, ট্ৰেক আৰু চিগনেলিং প্ৰণালীৰ উন্নতি সাধনৰ লগতে ৰে’লপথৰ কাষত থকা পথত আণ্ডাৰ আৰু অভাৰ ব্ৰীজ নিৰ্মাণৰ জৰিয়তে ট্ৰেকৰ ওচৰত পথ সুৰক্ষা উন্নত কৰা হৈছে।

ৰে’ল সুৰক্ষা সম্পৰ্কীয় পদক্ষেপৰ বাবেই দেশত প্ৰতি নিযুত ৰে’ল কিলোমিটাৰ (এপিএমটিকে) ত দুৰ্ঘটনাৰ সংখ্যা ২০০০-০১ চনত ০.৬৫ৰ পৰা ২০২৩-২৪ বৰ্ষত ০.০৩ লৈ হ্ৰাস পাইছে। ইয়াৰ কাৰণ হৈছে অত্যাধুনিক ট্ৰেক ৰক্ষণাবেক্ষণ ব্যৱস্থা তথা নৱীকৃত যন্ত্ৰ আদিৰ ব্যৱহাৰেৰে ট্ৰেকৰ ৰক্ষণাবেক্ষণ, ট্ৰেকৰ ত্ৰুটি নিৰ্ধাৰণৰ উন্নত পদ্ধতি, ৱেল্ডিঙত হোৱা বিসংগতি দূৰ কৰা আদি। ভাৰতীয় ৰে’লৱেই আধুনিক ট্ৰেক ৰক্ষণাবেক্ষণ যন্ত্ৰৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি কৰিছে।

ভাৰতীয় ৰে’লে ট্ৰেকৰ ৰক্ষণাবেক্ষণ উন্নত কৰাৰ বাবে ২০১৩-১৪ বৰ্ষলৈকে মাত্ৰ ৭০০ ট্ৰেক ৰক্ষণাবেক্ষণ যন্ত্ৰৰ তুলনাত এতিয়া ইয়াৰ সংখ্যা ১,৬৬৭ লৈ বৃদ্ধি কৰিছে। ইয়াৰ উপৰি সম্পদৰ নিৰ্ভৰযোগ্যতা অধিক বৃদ্ধি কৰাৰ অৰ্থে সমগ্ৰ নেটৱৰ্কত ৰে’ল গ্ৰাইণ্ডিং কাৰ্যকৰী কৰা হৈছে।


তদুপৰি, দুৰ্বৃত্তৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ বিশেষকৈ ধ্বংসাত্মক কাৰ্য, ট্ৰেকৰ ক্ষতিগ্ৰস্ত কৰা, আৰু বিপজ্জনক সামগ্ৰী ট্ৰেকত স্থাপন কৰাৰ দৰে বিপদসমূহ সমাধানৰ বাবে নিৰন্তৰ ট্ৰেক পেট্ৰ’লিঙৰ ব্যৱস্থা কৰা হৈছে। ৰে’ল পৰিচালনাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰতি গুৰুতৰ বিপদাশংকা সৃষ্টি কৰা বিষয়সমূহ মোকাবিলা কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।

এই ফলাফলবোৰ অক্ষুণ্ণ ৰাখিবলৈ আৰু সেইবোৰক অধিক উন্নত কৰিবলৈ প্ৰযুক্তিগত হস্তক্ষেপ আৰু লক্ষ্যযুক্ত প্ৰশিক্ষণৰ এক মিশ্ৰিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেনে পদক্ষেপৰ এটা মূল বিষয় হৈছে কুঁৱলীপ্ৰৱণ এলেকাবোৰ চিনাক্ত কৰাত সহায় কৰিবলৈ লোকো পাইলটসকলৰ বাবে জিপিএছ-আধাৰিত ফগ পাছ সঁজুলিৰ সংখ্যা বৃদ্ধি কৰা; তেনে সঁজুলিৰ সংখ্যা এতিয়া ২১,৭৪২ হৈছে। ২০১৪-১৫ বৰ্ষত তেনে সঁজুলিৰ সংখ্যা মাত্ৰ ৯০টা আছিল।

লোকো পাইলটৰ সতৰ্কতা বৃদ্ধি কৰাৰ বাবে সকলো লোকোমোটিভত ভিজিলেন্স কণ্ট্ৰোল ডিভাইচ (ভিচিডি) স্থাপন কৰা হৈছে, যি ২০১৩-১৪ বৰ্ষত ১০,০০ তকৈ কম আছিল আৰু বৰ্তমান সেই সংখ্যা ১৬,০২১টা লৈ বৃদ্ধি কৰা হৈছে। উন্নত চিগনেলিং চিষ্টেম, যেনে পেনেল ইণ্টাৰলকিং, ৰুট ৰিলে ইণ্টাৰলকিং আৰু ইলেক্‌ট্ৰনিক ইণ্টাৰলকিং ব্ৰড-গজ পথৰ ৬,৬৩৭টা ষ্টেচনৰ ভিতৰত ৬,৫৭৫ টা ষ্টেচনত প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰি লোকো-পাইলটসকলে এতিয়া ড্ৰাইভিং দক্ষতা বৃদ্ধি কৰিবলৈ চিমুলেটৰ-আধাৰিত প্ৰশিক্ষণ (ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰ আধাৰত) গ্ৰহণ কৰিছে। আনহাতে ফ্ৰণ্ট লাইনকৰ্মচাৰীসকলে অগ্নি নিৰ্বাপনৰ কৌশল আৰু অগ্নি নিৰ্বাপক যন্ত্ৰৰ ব্যৱহাৰৰ প্ৰশিক্ষণ লাভ কৰিছে। সামগ্ৰিকভাৱে, ২০২৩-২৪ বৰ্ষত ৬ লাখৰো অধিক ৰে’ল কৰ্মচাৰীয়ে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আদি লাভ কৰিছে।

মানৱ সুৰক্ষাৰ উপৰি ভাৰতীয় ৰে’লৱেই ২০২৪-২৫ বৰ্ষত ট্ৰেকৰ কাষত ৬,৪৩৩ কিলোমিটাৰ বেৰ স্থাপন কৰি বন্যপ্ৰাণী আৰু পশুধন সুৰক্ষাৰ দিশটো টনকিয়াল কৰিছে। ২০২৪ চনৰ আগষ্ট মাহলৈকে এনে বেৰ ১,৩৯৬ কিলোমিটাৰ সম্পূৰ্ণ হোৱাৰ লগতে এই পথবোৰত গৰুৰ সৈতে হোৱা ৰে’লৰ সংঘৰ্ষৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে।


এই পদক্ষেপবোৰৰ পৰিপূৰক হিচাপে দবা বোৰ এলএইচবি দবালৈ পৰিৱৰ্তন কৰা হৈছে, যিবোৰত দুৰ্ঘটনাৰ ক্ষতি হ্ৰাস কৰিব পৰা বৈশিষ্ট্য আছে, যাৰ ফলত এনে দবাবোৰ লাইনচ্যুত হোৱাৰ সম্ভাৱনা হ্ৰাস পাইছে আৰু যাত্ৰীসকল আঘাতপ্ৰাপ্ত হোৱাৰ আশংকাও হ্ৰাস পাইছে।

দুৰ্ঘটনা সংঘটিত হ’লে সংঘৰ্ষত ইটো দবা সিটোৰ ওপৰত উঠি যোৱাৰ ঘটনা হ্ৰাস কৰাৰ বাবে প্ৰস্তুত কৰা এই দবাবোৰ প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ লৈকে গতিবেগেৰে সুৰক্ষিতভাবে চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

এলএইচবি দবাৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। ২০২৩-২৪ বৰ্ষত ৪,৯৭৭টা এলএইচবি দবা নিৰ্মাণ কৰা হৈছে, যি ২০১৩-১৪ বৰ্ষত উৎপাদিত ২,৪৬৭টা এলএইচবি দবাৰ দুগুণতকৈও অধিক। এক কথাত ভাৰতত এতিয়া ৰে’লেৰে কৰা ভ্ৰমণ আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে।

এ কে খাণ্ডেলৱাল (লেখক অৱসৰপ্ৰাপ্ত সদস্য, ইনফ্ৰা ৰে’লৱে ব’ৰ্ড)

Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা

Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা
Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা

মিত্ৰজোঁট চৰকাৰৰ অৰ্থ হ’ল উমৈহতীয়া বুজাবুজি বা এজেণ্ডাৰ ভিত্তিত এটাতকৈ অধিক ৰাজনৈতিক দল বা গোট একত্ৰিত(Indian Coalition Politics) হোৱা আৰু চৰকাৰ গঠন কৰা। সাধাৰণতে যেতিয়া সংসদীয় গণতন্ত্ৰত এটা দলে একক সংখ্যা গৰিষ্ঠতা নেপায় তেতিয়া এটাকৈও অধিক দল লগ হৈ এটা বহু দলীয় জোট বন্ধন কৰে আৰু এই বহু দলীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰে।

কেতিয়াবা এনে মিত্ৰজোঁট নিৰ্বাচনৰ আগতেও কৰিব পাৰে, আৰু কেতিয়াবা প্ৰয়োজন হলে নিৰ্বাচনৰ পিছতো এনে মিত্ৰগোট গঠন কৰি চৰকাৰ গঠন কৰে।

সাধাৰণতে মিত্ৰজোঁটৰ চৰকাৰসমূহৰ এটা কাঠামো থাকে যাৰ ভিতৰত থাকি সকলো দলেই কাম কৰে বা কৰিব লাগে। কেতিয়াবা সাধাৰণ নিৰ্বাচনৰ পিছত কোনো দলে যদি নিৰ্ণায়ক সদস্য জিকাই আনিব নোৱাৰে আৰু তেতিয়া আঞ্চলিক দল বা অন্যান্য দলৰ লগত মিত্ৰজোঁট গঠন কৰি কেন্দ্ৰতেই হওক অথবা ৰজ্যতেই হওক চৰকাৰ গঠন কৰে বা কৰিব পাৰে।

এই ক্ষেত্ৰত আঞ্চলিক দল হলেও ৰাষ্ট্ৰীয় ৰাজনীতিত সমানে অংশ গ্ৰহণ কৰি মন্ত্ৰী হৈ সমগ্ৰ ৰাষ্ট্ৰতেই কাম কৰিব পাৰে বা কৰাৰ সুযোগ পায়। এই ক্ষেত্ৰত আঞ্চলিক দল সমূহে মিত্ৰজোঁটৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত সমানে সমানে কাম কৰিলেও নিজৰ আত্ম অভিমান ৰক্ষা কৰি চলিলে বৃহৎ ৰাষ্ট্ৰীয় দলৰ কাৰ্পেটৰ তললৈ ঠেলি নিব নোৱাৰে।

কিন্তু যদি আঞ্চলিক দলে বৃহৎ ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰ জোত কৰি নিজৰ স্ব অভিমান আৰু আঞ্চালিকতা বাদক বিসৰ্জন দিয়ে তেন্তে এনে আঞ্চলিক দলে নিজৰ স্বকীয়তা হেৰুৱায় আৰু নিজৰ অঞ্চলত বা ৰাজ্যত ৰাইজৰ মাজত বিশ্বাস যোগ্যতা কমি যায়।

কিছুমান আঞ্চলিক ৰাজনৈতিক দল নিজ ৰাজ্যৰ স্থায়ী বৈশিষ্ট্য হৈ পৰা দেখা যায় কিন্তু নিজ গৃহ ৰাজ্যৰ বাহিৰত এনে আঞ্চলিক দলৰ শক্তি কম বা একেবাৰেই নাথাকিবও পাৰে। তামিলনাডুৰ ডিএমকে আৰু এআইএডিএমকে, অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম, পঞ্জাৱৰ আকালি দল, অসমত অসম গণপৰিষদ আৰু জম্মু-কাশ্মীৰত নেশ্যনেল কনফাৰেন্স ইত্যাদি দলসমূহৰ ৰাষ্ট্ৰীয় ৰাজনীতিত শক্তিশালী ভূমিকা নাথাকিলেও নিজৰ নিজৰ গৃহ ৰাজ্যত যথেষ্ট শক্তিশালী ভূমিকা লৈ থকা দেখা যায়।


তামিলনাডুত প্ৰধান আঞ্চলিক ৰাজনৈতিক দল দুটা হ’ল ডিএমকে আৰু এআইএডিএমকে। স্বাধীনতাৰ পিছৰে পৰা তামিলনাডু ৰাজ্যৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহে আধিপত্য বিস্তাৰ কৰি আহিছে। ১৯৪৪ চনত জাষ্টিচ পাৰ্টী নামৰ দলটোক পুনৰ সংগঠিত কৰা হয় দ্ৰাবিদা কাঝাগম (ডিকে) নামেৰে আৰু ইয়াৰ নেতৃত্ব গ্ৰহণ কৰে ই ভি ৰামাস্বামী নাইকাৰে।

দল গঠন কৰিয়েই দলটোৰ মুৰব্বীয়ে দ্ৰাবিড় পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ বাবে স্বতন্ত্ৰ দ্ৰাবিদাস্তান হোৱাৰ লক্ষ্য ঘোষণা কৰে আৰু লক্ষ্যত উপনীত হবলৈ সংগঠনৰ বিস্তাৰ আৰম্ভ কৰে। ১৯৪৯ চনত এই দলটোৰ পৰা কাৰিজমাটিক চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ চি এন আন্নদুৰাইয়ে তেওঁৰ অনুগামীসকলৰ সৈতে দল এৰি গুচি যায় আৰু এটা নতুন দল ডিএমকে প্ৰতিষ্ঠা কৰে। ১৯৬০ চনৰ মাজভাগত হিন্দীক চৰকাৰী জাতীয় ভাষা হিচাপে জাপি দিয়াৰ প্ৰচেষ্টাক সফলতাৰে পৰাস্ত কৰা আন্দোলনত ডিএমকেৰ বিশিষ্ট ভূমিকা আছিল।

এই আন্দোলনৰ মাজেদি তেখেতে দলটোক সু সংগঠিত কৰাত সফল হয় আৰু ১৯৬৭ চনৰ নিৰ্বাচনত আন্নাদুৰাইৰ নেতৃত্বত ডিএমকে তেতিয়াৰ মাদ্ৰাজ (এতিয়া তামিলনাডু) ৰাজ্যৰ শাসকীয় দলত পৰিণত হয়। তেখেতৰ দিনতেই মাদ্ৰাছ ৰাজ্যৰ নামটো সলনি কৰি তামিলনাডু ৰখা হয়। তেওঁৰ দিনতেই সংসদত ডিএমকে দলটো তৃতীয় বৃহত্তম বিৰোধী দলত পৰিণত হয়। ১৯৬৯ চনত আন্নাদুৰাইৰ মৃত্যুৰ পিছত এম কৰুণানিধিয়ে দল আৰু চৰকাৰৰ নেতৃত্ব লয়।

১৯৭২ চনত আন এগৰাকী জনপ্ৰিয় তামিল অভিনেতা এম ৰামচন্দ্ৰনে ডিএমকে দলত বিভাজন ঘটাই এআইএডিএমকে গঠন কৰে আৰু তেওঁৰ নেতৃত্বত ১৯৭৭ চনৰ পৰা ১৯৮৯ চনলৈ তামিলনাডুৰ শাসকীয় দল হিচাপে পৰিগণিত হয়। তেওঁৰ মৃত্যুৰ পিছত পুনৰ ডিএমকেয়ে তামিনাডুত চৰকাৰ গঠন কৰে। তাৰ পিছত জয়াললিতাৰ নেতৃত্বত পুনৰ তামিলনাডুত এআইডিএমকে দলে চৰকাৰ গঠন কৰে। ১৯৯৬ চনৰ নিৰ্বাচনত ডিএমকে পুনৰবাৰ ক্ষমতা দখল কৰে।

কিন্তু ২০০১ আৰু ২০১১ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ জয়াললিতাৰ নেতৃত্বত এআইএডিএমকে দলে জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত এম কে ষ্টালিনৰ নেতৃত্বত ডিএমকেয়ে নিৰ্বাচনত জয়লাভ কৰে। কাৰ্যতঃ এই আঞ্চলিক দল দুটাই পৃথক পৃথক নেতৃত্বৰ অধীনত ৰাজ্য খনত চৰকাৰ গঠন কৰি আহিছে।


অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছ দলক দুৰ্গ হিচাপে গণ্য কৰা হৈছিল কাৰণ কংগ্ৰেছে তিনি দশক ধৰি ৰাজ্যখনত অবিৰতভাৱে শাসন কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল তেলেগু দেশম দলে এই ধাৰা ভংগ কৰিছিল। ১৯৮২ চনত এন টি ৰামা ৰাৱে তেলেগু দেশম দল গঠন কৰে আৰু ৯ মাহৰ ভিতৰতে দলটোৱে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহে।

১৯৮৯ চনত কেন্দ্ৰত নেশ্যনেল ফ্ৰণ্টৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনত তেলেগু দেশম দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ পিছত ১৯৯৪ চনৰ নৱেম্বৰ মাহত পুনৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰি অন্ধ্ৰপ্ৰদেশত ক্ষমতালৈ আহিছিল তেলেগু দেশম পাৰ্টী। ১৯৯৯ চনৰ বিধানসভা নিৰ্বাচনত তেলেগু দেশম দলে এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত ক্ষমতা অক্ষুণ্ণ ৰাখিছিল।

পুনৰ ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত এন চন্দ্ৰবাবু নাইডুৰ অধীনত তেলেগু দেশম দল পুনৰ ক্ষমতালৈ আহে। ইতিমধ্যে ২০১৪ চনত অন্ধপ্ৰদেশৰ পৰা পৃথক কৰি তেলেংগানা ৰাজ্যৰ জন্ম হয়। সেই বছৰতেই অৰ্থাৎ ২০১৪ চনত তেলেংগনাটো আন এটা আঞ্চলিক ৰাজনৈতিক দল তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। পুনৰ ২০১৮ চনত নতুন ৰাজ্য তেলেংগানাত, তেলেংগানা ৰাষ্ট্ৰ সমিতি ক্ষমতালৈ আহে আৰু ৰাজ্যত দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰে।


শিৰোমণি আকালি দল পঞ্জাৱৰ এটা আঞ্চলিক ৰাজনৈতিক দল। কংগ্ৰেছৰ পিছতেই ১৯২০ চনত প্ৰতিষ্ঠা কৰা এটা বহু পুৰণি ৰাজনৈতিক দল। এই দলটো ভাৰতৰ দ্বিতীয় পুৰণি দল বুলি স্বীকৃতি প্ৰাপ্ত ৰাজনৈতিক দল। ভাৰত পাকিস্তানৰ বিভাজনৰ সময়ত আকালি দলে স্বতন্ত্ৰ শিখস্তান বিচাৰি দাবী জনাইছিল আৰু প্ৰচাৰ চলাইছিল আৰু দলটো তাৰ ওপৰত ভিত্তি কৰিয়েই সংগঠিত কৰিছিল।

কিন্তু ১৯৫০ চনত স্বাধীন ভাৰতত ভাষাৰ ভিত্তিৰ ৰাজ্য পুনৰ্গঠন প্ৰক্ৰিয়াত পাঞ্জাৱী ভাষীৰ বাবে পাঞ্জাবক সুকীয়া ৰাজ্যৰ মৰ্য্যদা দিয়াত এই আন্দোলনে সাম কাটে। ১৯৬২ চনত প্ৰথম বাৰৰ বাবে পাঞ্জাব বিধান সভাত আকালি দলে ১৫৪ খন বিধান সভা আসনৰ মাজত ১৬ জন বিধায়ক নিৰ্বাচিত কৰি পঠিয়াই আৰু মুখ্য বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। তাৰ পিছত পুনৰ ১৯৬৭ চনত ২৪খন আসনত বিজয়ী হয় আৰু সেইবাৰ ওলমা বিধান সভা হয় আৰু ১৯৬৮ চনত বিধান সভা ভংগ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়।

পুনৰ ১৯৬৯ চনত বিধান সভা নিৰ্বাচন হয় আৰু আকালি দলে ৪৩ জন বিধায়ক জিকাই আনিলেও কোনো দলে সংখ্যগৰিষ্ঠতা নোপোৱাৰ বাবে পুনৰ ১৯৭১ চনত পাঞ্জাৱ বিধানসভা ভংগ কৰা হয় আৰু ১৯৭২ চনত পুনৰ নিৰ্বাচন হয় আৰু আকালি দলে মাত্ৰ ২৪ আসন পাবলৈ সক্ষম হয়। এই গোটেই সময় চোৱাত কংগ্ৰেছ দল, পাঞ্জাৱত শাসিত দল আছিল।

১৯৭৭ চনৰ নিৰ্বাচনত আকালি দলে জনতা পাৰ্টীৰ লগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। কিন্তু আকালি দলে মিত্ৰ জোতৰ চৰকাৰ চলাব নোৱাৰিলে আৰু ১৯৮০ চনত চৰকাৰৰ পতন হয়। পুনৰ ১৯৮০ চনত কংগ্ৰেজে চৰকাৰ গঠন কৰে। তাৰ পিছত ১৯৮৫ চনত প্ৰথম বাৰৰ বাবে আকালি দলে অকলে চৰকাৰ গঠন কৰে কিন্তু ১৯৮৭ চনত চৰকাৰ ভংগ হয় আৰু ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়।

১৯৯২ চনত কংগ্ৰেছৰ হাতত আকলি দল পুনৰ পৰাস্ত হয় আৰু সেইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰে। ২০০৭ চনত শিৰোমণি আকালি দল মিত্ৰ জোটৰ সৈতে লগলাগি পাঞ্জাৱৰ বিধান সভাৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ আহে। মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় প্ৰকাশ সিংহ বাদল। ২০১২ চনত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত পুনৰ শিৰোমণি আকালি দল আৰু ইয়াৰ মিত্ৰজোঁটে জয়লাভকৰে। কিন্তু ২০২২ চনত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত নতুন আঞ্চলিক দল, আম আদমী পাৰ্টিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু চৰকাৰ গঠন কৰে। ২০২২ চনত আম আদমি পাৰ্টি দিল্লী আৰু পাঞ্জাৱৰ আঞ্চলিক দল হিচাপে স্বীকৃত আছিল।


এটি দীঘলীয়া সংগ্ৰামৰ অন্তত ১৯৮৫ চনত ‘অসম গণ পৰিষদ’ নামেৰে অসমত এটা আঞ্চলিক দলৰ জন্ম হয়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত অবৈধ বিদেশী বহিষ্কাৰ আন্দোলন হৈছিল আৰু ১৯৮৫ চনত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ সন্মুখত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আন্দোলনকাৰী নেতাৰ মাজত ‘অসম চুক্তি’ নামেৰে এখন চুক্তি সম্পাদিত হয় আৰু তাৰ লগে লগেই আন্দোলনকাৰী নেতা সকলে লগলাগি ‘অসম গণ পৰিষদ’ নামেৰে এটা ৰাজনৈতিক দলৰ জন্ম দিয়ে আৰু লগে লগেই অসম বিধানসভাৰ নিৰ্বাচনত অংশ লৈ এখন মিত্ৰজোঁটৰ চৰকাৰৰ গঠন কৰে আৰু তেতিয়াৰ ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰে।

যি অবৈধ বিদেশী বিষয় লৈ আন্দোলন হৈছিল, আৰু অসম চুক্তি সম্পাদিত হৈছিল সেই চুক্তি মতে অসম গণ পৰিষদ চৰকাৰে কাম কৰিব নোৱাৰিলে। চুক্তি মতে তথাকথিত অবৈধ বিদেশী নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত আৰু বহিষ্কাৰ কৰাত দায়িত্ব আসম গণ পৰিষদে কাৰ্যকৰী কৰিব পৰা নাছিল, কাৰণ ইতিমধ্যেই সংসদে অবৈধ বিদেশী প্ৰমাণ কৰাটো অধিক কঠিন কৰি তোলা এখন আইন প্ৰণয়ন কৰিছিল।

যি অসম চুক্তিৰ গইনা লৈ অসম গণ পৰিষদ গঠন হৈছিল আৰু অসম চুক্তি কাৰ্যকৰী কৰিম বুলি কথা দি অসম গণ পৰিষদে নিৰ্বাচন খেলি চৰকাৰ গঠন কৰিছিল, সেই চুক্তিখন কাৰ্যকৰী কৰাত অসম গণ পৰিষদ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছিল। ইয়াৰ ফলত অসম গণ পৰিষদৰ জনসমৰ্থন হ্ৰাস পায় আৰু ১৯৯০ চনৰ নৱেম্বৰ মাহত চৰকাৰখনক বৰ্খাস্ত কৰা হয় আৰু ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰা হয়। ক্ষমতাৰ পৰা আঁতৰি অহাৰ পিছত আভ্যন্তৰীণ কাজিয়াৰ ফলত অসম গণ পৰিষদ দুৰ্বল হৈ পৰে।

পিছত ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত দলটোৰ কিছু সদস্য আঁতৰি আহি নতুন অসম গণ পৰিষদ গঠন কৰে। ফলত সেই বছৰ অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত দলটোৱে মুখ থেকেচা খায়। কিন্তু ১৯৯৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে পুনৰ ক্ষমতালৈ উভতি আহিবলৈ সক্ষম হয়। ২০১৪ চনৰ পৰা অসম গণ পৰিষদ দলটো ভাৰতীয় জনতা পাৰ্টীৰ এটা সহযোগী দল হৈ আছে আৰু শাসনত আছে।
শ্বেখ মহম্মদ আব্দুল্লাই জম্মু আৰু কাশ্মীৰত নেশ্যনেল কাউন্সিল নামেৰে এটা আঞ্চলিক দলৰ প্ৰতিষ্ঠা কৰে।

মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ফাৰুক আব্দুল্লা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হয়। ১৯৮০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় সন্মিলনে জম্মু-কাশ্মীৰৰ প্ৰভাৱশালী দল হৈয়েই থাকিল আৰু বেছিভাগ সময় ৰাজ্য চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিলে। ১৯৮৭ চনৰ ৰাজ্যিক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দ্য নেচনেল কনফাৰেন্সে জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। জম্মু-কাশ্মীৰৰ আন এটা আঞ্চলিক দল হৈছে পিপলছ ডেম’ক্ৰেটিক পাৰ্টি। ১৯৯৯ চনত মহম্মদ ছাইদে প্ৰতিষ্ঠা কৰিছিল পিপলছ ডেম’ক্ৰেটিক পাৰ্টি। ২০০২ চনৰ অক্‌টোবৰ বিধানসভা নিৰ্বাচনত এই দলে জম্মু-কাশ্মীৰৰ ক্ষমতাও দখল কৰিছিল।


মেঘালয় ৰাজ্যত নেশ্যনেল পিপলচ পাৰ্টি এটা মেঘালয়ৰ আঞ্চলিক দল। এই দলৰ দলপতি কাৰণেড চাংমা ডাঙৰীয়াই ২০১৮ চনৰ পৰা শাসকীয় দল হৈ আছে। যদিও কৰনেড চংমাৰ নেশ্যনেল পিপলেছ পাৰ্টি মেঘালয় বিধান সভাত সংখ্যা গৰিষ্ঠ দল নহয় কিন্তু এই দলে আন দুটা আঞ্চলিক দল ক্ৰমে ইউনাইটেড ডেমক্ৰেতিক পাৰ্টি, হিল ষ্টেট পিপলছ ডেমক্ৰেতিক পাৰ্টি আৰু ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত এখন মিত্ৰ দলৰ চৰকাৰ চলাই আছে।


অসমত বহুত আঞ্চলিক দল আছে। ইয়াৰ ভিতৰত অসম গণ পৰিষদ, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰতিক পাৰ্টি (এআইইউডিএফ), বড়োলেণ্ড পিপলচ পাৰ্টি(বিপিএফ), ইউনাইটেড পিপলচ পাৰ্টি লিবাৰেল(ইউপিপিএল), ৰাইজৰ দল, অসম জাতীয় পৰিষদ ইত্যাদি। ইয়াৰ উপৰি কিছু সৰু সৰু আঞ্চলিক দল আছে, যিবিলাক দলৰ অস্তিত্ব ৰাইজৰ মাজত সাধাৰণতে আলোচনা হোৱা দেখা নেযায়।

আঞ্চলিক গণ মৰ্চা (এজিএম), অসম ভাৰতীয় জনতা পাৰ্টী (এবিজেপি), বৰাক ডেমক্ৰতিক ফ্ৰণ্ট (বিডিএফ), প্লেইন ট্ৰাইবচ কাউন্সিল অব অসম (পিটিচিএ), ৰাভা জাতীয় ঐক্য মঞ্চ (আৰজেএএম), টিয়া জাতীয় ঐক্য মঞ্চ (টিজেএএম) আদি। ইয়াৰ উপৰি আৰু কিছু আঞ্চলিক দল অসমত আত্ম প্ৰকাশ কৰিছিল, কিন্তু এতিয়া এই দলসমূহ হয় কোনো দলৰ লগত লীন হৈ গৈছে অথবা বৰ্তমান ইয়াৰ অস্তিত্ব নাইকীয়া হৈছে।

যেনে, অল পিপলচ পাৰ্টি (এপিপি), বড়ো পিপলচ প্ৰগ্ৰেচিভ ফ্ৰণ্ট (বিপিপিএফ), তৃণমূল গণ পৰিষদ (টিজিপি), ইত্যাদি। গান মুক্তি সংগ্ৰাম মঞ্চ দলটি সদ্যহতে ৰাইজৰ দলৰ লগত, অসম লেবাৰ পাৰ্টি আম আদমি পাৰ্টীৰ লগত, ইউনাইটেড মাইনৰিতিচ ফ্ৰণ্ট (এআইইউডিএফ)ৰ লগত লীন হৈছে।

কেইগৰাকিমান সদাসয় ব্যক্তিয়ে সদ্যহতেপূৰ্বাঞ্চলীয় লোক পৰিষদ (পিএলপি) দলটি পুনৰ কাৰ্য্যকৰী কৰিবলৈ প্ৰচেষ্টা চলাই আছে। ওপৰত আলোচনা কৰা সৰু সৰু আঞ্চলিক দলসমূহে সাধাৰণতে নিৰ্বাচনসমূহত ভাগ লোৱা দেখা নেযায়। ভাৰতৰ ৰাজনীতিত অথবা অসমৰ ৰাজনীতিত এই সৰু সৰু আঞ্চলিক দলসমূহে কোনো ধৰণৰ প্ৰভাৱ পেলোৱা দেখা নেযায়।

ডাঃ ভবেন চৌধুৰী (Dr. Bhaben Chowdhury)

Bulldozer Action: বুলড’জাৰৰ জৰিয়তে ঘৰ ভঙাৰ অনুমতি দিয়া বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত: মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

Bulldozer Action
Bulldozer Action

উত্তৰ প্ৰদেশ চৰকাৰৰ বুলডজাৰ কাৰ্য্যক লৈ দেশৰ উচ্চতম ন্যায়লয়ে নিৰ্দেশ দিছে। উচচতম ন্যায়ালয়ে কয় যে ভাৰতৰ নাগৰিকৰ সা-সম্পত্তি ধ্বংস কৰাৰ ভাবুকি দিব নোৱাৰিব। আইনৰ মতে ‘বুলডজাৰ ন্যায়’ সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কয় যে বুলডজাৰৰ জৰিয়তে ন্যায় প্ৰদান কৰাটো কোনো ন্যায় ব্যৱস্থাৰ অংশ হ’ব নোৱাৰে।(Bulldozer Action)

চিজেআইৰ (CJI) নেতৃত্বত গঠিত বিচাৰপীঠে কয় ‘বুলডজাৰৰ জৰিয়তে ন্যায় প্ৰদানৰ এনে উদাহৰণৰ ঘটনা ক’তো পোহৰলৈ অহা নাই।

ৰাজ্য চৰকাৰে বুলডজাৰ চলোৱাৰ আগতে কৰিব লাগিব এই সমূহ কাম-

আদালতে কয় যে ৰাজ্য চৰকাৰৰ এনে স্বেচ্ছাচাৰী আৰু একপক্ষীয় কাৰ্যক সহ্য কৰিব নোৱাৰি। যদি ইয়াৰ অনুমতি দিয়া হয় তেন্তে ৩০০ অনুচ্ছেদৰ অধীনত সম্পত্তিৰ অধিকাৰৰ সাংবিধানিক স্বীকৃতি মৃত পত্ৰলৈ পৰিণত হ’ব।(Supreme court) 

শনিবাৰে চিজেআইৰ অৱসৰৰ প্ৰাকক্ষণত আপলোড কৰা বিশদ আদেশত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে বাধ্যতামূলক সুৰক্ষা ব্যৱস্থা নিৰ্ধাৰণ কৰি আদালতে ৰায় দিয়ে যে যিকোনো ঘৰ ভাঙি পেলোৱাৰ পূৰ্বে সঠিক জৰীপ, লিখিত জাননী আৰু আপত্তি বিবেচনা কৰা উচিত। এই নিৰ্দেশনা উলংঘা কৰা বিষয়াসকলে অনুশাসনমূলক ব্যৱস্থা আৰু অপৰাধমূলক দুয়োটা অভিযোগৰ সন্মুখীন হ’ব লাগিব।(Supreme Court on bulldozer Justice)

কোনো সম্পত্তি ভাঙি পেলোৱাৰ পূৰ্বে ছটা প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে আদালতে। প্ৰথম- বিষয়াসকলে প্ৰথমে বৰ্তমানৰ ভূমিৰ ৰেকৰ্ড আৰু মানচিত্ৰ পৰীক্ষা কৰিব লাগিব। দ্বিতীয়তে, প্ৰকৃত বেদখল চিনাক্ত কৰিবলৈ তেওঁলোকে সঠিক জৰীপ কৰিব লাগিব। তৃতীয়- অভিযুক্ত বেদখলকাৰীক তিনিখন লিখিত জাননী জাৰি কৰিব লাগে। চতুৰ্থ- তেওঁলোকৰ আপত্তি বিবেচনা কৰি তাৰ পিছত কাৰ্য্যৰ বাবে স্পষ্ট আদেশ দিয়া উচিত। পঞ্চম- বেদখলকাৰীক তেওঁলোকৰ বেদখল স্বেচ্ছাই আঁতৰাবলৈ উপযুক্ত সময় দিব লাগে আৰু ছয় নম্বৰ দিব লাগে- প্ৰয়োজন হ’লে অতিৰিক্ত মাটি আইনীভাৱে অধিগ্ৰহণ কৰিব লাগে। ইয়াৰ পিছতহে আন কোনো ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

সংবিধানৰ ৩০০ক অনুচ্ছেদত উল্লেখ আছে যে কোনো ব্যক্তিক আইনৰ কৰ্তৃত্ব অবিহনে নিজৰ সম্পত্তিৰ পৰা বঞ্চিত কৰা নহ’ব। ২০১৯ চনত উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ এটা ঘৰ ভাঙি পেলোৱাৰ সৈতে জড়িত গোচৰত ৬ নৱেম্বৰত শীৰ্ষ ন্যায়ালয়ে ৰায় দিয়ে। ইয়াৰ উপৰিও বিচাৰপীঠে অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে আবেদনকাৰীক ২৫ লাখ টকা ক্ষতিপূৰণ দিবলৈ ইউ পিৰ যোগী আদিত্যনাথ চৰকাৰক নিৰ্দেশ দিয়ে। এটা পথ প্ৰকল্পৰ বাবে আবেদনকাৰীৰ ঘৰ ভাঙি পেলোৱা হৈছিল।(Uttra Pradesh)

Shiv Nadar: ভাৰতৰ সৰ্বাধিক দানকাৰী ব্যক্তিজন হ’ল শিৱ নাদাৰ, ২০২৪ বৰ্ষত ২১৩৫ কোটিৰ দান শিৱ নাদাৰৰ

Shiv Nadar
Shiv Nadar

ভাৰতৰ ধনী উদ্যোগপতিৰ নাম যেতিয়াই চৰ্চা হয়, তেতিয়াই আম্বানী-আদানীৰ দৰে ব্যৱসায়ীৰ নাম প্ৰায়বোৰ মানুহৰ মনলৈ আহে। তেওঁলোক টকা উপাৰ্জনকাৰীৰ ভিতৰত প্ৰথম বা দ্বিতীয় স্থানত থাকিলেও, কিন্তু দানকাৰীৰ কথা আহিলে দেশৰ এই প্ৰবীণ উদ্যোগপতিসকল দিল্লীৰ এজন ব্যৱসায়ীতকৈ পিছ পৰি আছে। দাতাৰ তালিকাত শীৰ্ষত আছে এগৰাকী দিল্লী ব্যৱসায়ীজনৰ নাম। হুৰুণ ইণ্ডিয়াৰ ২০২৪ বৰ্ষৰ দানকাৰীৰ তালিকা ঘোষণা কৰা হৈছে। নতুন দানকাৰী তালিকা অনুসৰি সৰ্বাধিক দান দিয়াসকলৰ ভিতৰত নাদৰ পৰিয়াল শীৰ্ষত আছে।(Shiv Nadar) ২০২৪ বিত্তীয় বৰ্ষত শিৱ নাদৰ ফাউণ্ডেচনে ২১৫৩ কোটি টকা আগবঢ়াইছে।

এইচ চি এলৰ সহ-প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ নাম এডেলগিভ হুৰুন ইণ্ডিয়া ফিলান্থ্ৰপি লিষ্ট ২০২৪ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।(Hurun India Philanthropy List 2024)দেশৰ বৃহত্তম দানকাৰীৰ তালিকাত শীৰ্ষত আছে শিৱ নাদৰৰ পৰিয়াল। এইবাৰ তেওঁ ২১৫৩ কোটি টকা আগবঢ়াইছে। অৰ্থাৎ তেওঁ দৈনিক ৫.৯০ কোটি টকা দান কৰিছিল। এই তালিকাত দ্বিতীয় স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল। ২০২৩-২৪ বিত্তীয় বৰ্ষত তেওঁ ৪০৭ কোটি টকাৰ অনুদান আগবঢ়াইছে। তৃতীয় স্থানত আছে বাজাজ পৰিয়াল, যিয়ে ৩৫২ কোটি টকা আগবঢ়াইছে। আদানী পৰিয়ালে ৩৩০ কোটি টকা আগবঢ়াইছে। একেৰাহে বহু বছৰ ধৰি তেওঁ দেশৰ সৰ্ববৃহৎ দাতাৰ চকী দখল কৰি আহিছে।(Gautam Adani)

নাদৰ পৰিয়ালৰ নাম প্ৰায়ে দাতাৰ তালিকাত শীৰ্ষত থাকে। দেশৰ ভিতৰতে সৰ্বাধিক অনুদান আগবঢ়োৱা শীৰ্ষ ১০ জন ব্যক্তিয়ে মুঠ ৪৬২৫ কোটি টকা আগবঢ়ায়। শিক্ষাৰ পৰা আৰম্ভ কৰি সামাজিক কাম-কাজলৈকে সকলো কামৰ বাবে উদ্যোগপতিসকলে দান দিয়ে।(Mukesh Ambani)

দাতাৰ তালিকাত ১ নম্বৰ স্থানত বহি থকা শিৱ নাদৰে ১৯৭৬ চনত এটা গেৰেজৰ পৰা নিজৰ কোম্পানীটো আৰম্ভ কৰিছিল। গেৰেজত ভেটি স্থাপন কৰা এইচ চি এল দেশৰ আগশাৰীৰ আই টি কোম্পানীত পৰিণত হৈছে। ১৯৪৫ চনৰ ১৪ জুলাইত তামিলনাডুৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা শিৱ নাদৰে আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো কইম্বাটুৰৰ পি এছ জি কলেজৰ পৰা ইলেক্ট্ৰিক এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰৰ ডিগ্ৰী লাভ কৰে। ১৯৬৭ চনত পুনেৰ ৱালচান্দ গ্ৰুপৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি দিল্লীৰ ডিচিএম গ্ৰুপত কম্পিউটাৰ প্ৰগ্ৰেমাৰ হিচাপে কাম কৰে। কেইবছৰমান কাম কৰাৰ পিছত তেওঁ উপলব্ধি কৰিলে যে তেওঁক ইয়াৰ বাবেই সৃষ্টি কৰা হোৱা নাই, তেওঁ চাকৰি এৰি ১৯৭৬ চনত বন্ধু কেইজনমানৰ সৈতে এইচ চি এল স্থাপন কৰে। ঘৰৰ গেৰেজৰ পৰা আৰম্ভ কৰা হৈছিল।

Worlds Most Polluted country: বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ কোনখন? কৃত্ৰিম বৰষুণ সৃষ্টিৰ পৰিকল্পনা

Worlds Most Polluted country
Worlds Most Polluted country

পাকিস্তানত মানুহৰ উশাহ-নিশাহত সমস্যাত পৰিছে। জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে পাকিস্তানত। পাকিস্তানত প্ৰদূষণৰ মাত্ৰা এনে মাত্ৰাত উপনীত হৈছে আপুনি শুনিলে আচৰিত হ’ব। ইয়াত এখন চহৰত AQI য়ে ২০০০ ৰ ওপৰত উপনীত হৈছে। আপুনি নিশ্চয় পাকিস্তানৰ দৰিদ্ৰতাৰ কথা শুনিছে। এইবাৰ প্ৰদূষণে পাকিস্তানত অভিলেখ গঢ়িছে। পাকিস্তানৰ মুলতানত ২১০০ অতিক্ৰম কৰিলে AQI এ।(Worlds Most Polluted country)

অৰ্থাৎ বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰখন বৰ্তমান পাকিস্তানত আছে। পাকিস্তানৰ প্ৰদূষণৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছে যে সূৰ্য্যটো দেখা নাপাই জনসাধাৰণে। বাহিৰৰ বতাহ সম্পূৰ্ণ বিষাক্ত। চকুত জ্বলা-পোৰা ক’ৰে। বৰ্তমান পাকিস্তানৰ পৰিস্থিতি লকডাউনৰ দৰে হৈ পৰিছে। (Lockdown in Pakistan)

মুলতানত AQI 2135 আৰু লাহোৰত AQI 1900 ৰেকৰ্ড কৰিছে। যিটো বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বোচ্চ AQI। পাকিস্তানৰ পঞ্জাৱৰ পৰিস্থিতি এনেকুৱা যে সকলো বন্ধ কৰিবলগীয়া হৈছে। প্ৰদূষণৰ বাবে ইয়াৰ বিদ্যালয়সমূহ বন্ধ কৰি দিছিল। ৰাজহুৱা আৰু ব্যক্তিগত উদ্যান, চিৰিয়াখানা, খেলপথাৰত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। লাহোৰ, গুজৰাৱালা, ফৈছালাবাদ, মুলতানত এনে পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও মুকলি আকাশৰ তলত কাম কৰা আৰু বাহিৰৰ কাম-কাজ কৰাতো বাধা আৰোপ কৰা হৈছে। কেৱল এয়াই নহয়, যিয়েই এই আদেশ উলংঘা কৰিব তেওঁক পাকিস্তান দণ্ডবিধিৰ (ধাৰা ১৮৮)ৰ অধীনত শাস্তি দিয়া হ’ব।(worlds most polluted country pakistan)

কেৱল এয়াই নহয়, প্ৰদূষণ বন্ধ কৰাত ব্যৰ্থ হোৱাৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়েও চৰকাৰক তিৰস্কাৰ কৰিছে। নিশা ৮ বজাৰ পিছত দোকান বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। পাকিস্তানৰ পঞ্জাৱ চৰকাৰে এই প্ৰদূষণ চম্ভালিব পৰা নাই তদুপৰি কিছুদিন পূৰ্বে ভাৰতকো ইয়াৰ বাবে জগৰীয়া কৰিছে; এতিয়া প্ৰদূষণৰ বাবে বিশ্বত লাজৰ সন্মুখীন হোৱা পাকিস্তানে প্ৰদূষণ বন্ধ কৰিবলৈ কৃত্ৰিম বৰষুণ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে।

Water Chestnut: শীতকাল আৰম্ভৰ লগে লগে বজাৰত ওলাইছে পানী শিঙৰি, পুষ্টিকৰ ফল পানী শিঙৰিৰ আছে বহু অপকাৰিতাও

Water Chestnut
Water Chestnut

শীতকাল আৰম্ভ হোৱাৰ লগে লগে বজাৰত পানী শিঙৰি ওলাবলৈ আৰম্ভ কৰিছে। ই স্বাস্থ্যৰ বাবে বহুতো উপকাৰী গুণেৰে ভৰপূৰ। ভিটামিন এ, ভিটামিন চি, মেগনেছিয়াম, পটাছিয়াম আৰু ফাইবাৰ আদি পুষ্টিকৰ উপাদান পানী শিঙৰিত পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে। কিন্তু কিছুমান লোকে পানী শিঙৰি খালে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ পেট ফুলা আৰু বদহজম ৰোগত আক্ৰান্ত লোকে সাৱধানে পানী শিঙৰি খাব লাগে।(Water Chestnut)

আচলতে পানী শিঙৰিত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক। কিন্তু যেতিয়া ইয়াক অত্যধিক বা বেছিকৈ সেৱন কৰা হয় তেতিয়া ইয়াৰ ফলত গেছ আৰু বদহজম হ’ব পাৰে। বিশেষকৈ যিসকলৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেওঁলোকৰ বাবে পানী শিঙৰি হজম কৰাত অসুবিধা হ’ব পাৰে, যাৰ বাবে তেওঁলোকে পেটত গধুৰতা আৰু বিষ অনুভৱ কৰিব পাৰে।(water chestnut side effects)

বিশেষজ্ঞসকলৰ মতে, গেষ্ট্ৰিক বা ইৰিটেবল বাৱেল চিনড্ৰম (IBS) ৰোগত আক্ৰান্ত লোকসকলে পানী শিঙৰি খোৱাৰ পৰা বিৰত থাকিব লাগে। পানী শিঙৰি ত থকা আঁহৰ বাবে এই লোকসকলৰ হজম শক্তি কঠিন হৈ পৰে, যাৰ ফলত গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কেঁচা পানী শিঙৰি খালেও পেটত গধুৰতা হ’ব পাৰে। গতিকে উতলাই বা সিজাই খালে অধিক উপকাৰ হয়। লগতে যিসকল লোকৰ পেটৰ হজম শক্তি দুৰ্বল হয় তেওঁলোকে ইয়াক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

যদি কোনোবাই পানী শিঙৰি খোৱাৰ পিছত পেটৰ অস্বস্তি অনুভৱ কৰে তেন্তে গৰম পানী খাব পাৰে বা আদাৰ চাহ সেৱন কৰিব পাৰে, যিয়ে হজম শক্তিত সহায় কৰে। সদায় মনত ৰাখিব যে যিকোনো বস্তু অত্যধিক ভাৱে খালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

Mising Students’ Union: চিলাপথাৰ কলেজত মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন

Mising Students' Union: চিলাপথাৰ কলেজত মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত 'ভাষা গৌৰৱ সপ্তাহ' উদযাপন
Mising Students' Union: চিলাপথাৰ কলেজত মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত 'ভাষা গৌৰৱ সপ্তাহ' উদযাপন

গুৱাহাটী, ৯ নৱেম্বৰঃ অসমীয়া ভাষাই দ্ৰূপদী ভাষাৰ স্বীকৃতি লাভৰ উদ্দেশ্যৰে ৰাজ্যজুৰি অসম চৰকাৰৰ নিৰ্দেশত ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰা হৈছে। আজি চিলাপথাৰ কলেজৰ প্ৰেক্ষাগৃহত সদৌ মিচিং ছাত্ৰ সন্থা(Mising Students’ Union) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিলাপথাৰ টাউন সমিতিৰ সহযোগত পালন কৰা হয় ভাষা গৌৰৱ সপ্তাহ।

টিএমপিকেৰ চিলাপথাৰ টাউন সমিতিৰ সভাপতি মৃদুল মিন্টু দলেৰ সঞ্চালনাত অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ‘অ মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতৰে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি চিলাপথাৰ কলেজৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক যোগানন্দ গগৈয়ে কয়, ইতিহাসৰ পাতনি মেলিলে অসমীয়া ভাষা প্ৰায় ২৪০০ বছৰ পুৰণি এটি ভাষা।

বিগত অতবছৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হোৱা নাছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আইৰ মুখৰ ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছে। যিটোৱে সমূগ্ৰ অসমবাসীয়ে গৌৰৱৰ দিন হিচাপে আজি উদযাপন কৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ মুঠ ১১ টা ধ্ৰুপদী ভাষাৰ অন্যতম এটি ভাষা হৈছে অসমীয়া ভাষা।

অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা জন্ম হোৱ বহুতে কয় যদিও অসমীয়া ভাষা এটি নিজস্ব ভাষা হয় সি সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা নহয়। যিটো কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰালয়ৰ, সংস্কৃতি মঞ্চই গম পাইছে যাৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিবলৈ সক্ষম হৈছে।

এই স্বীকৃতি লাভে ভাষাৰ উত্তৰণৰ আৰু অধিক হোৱাৰ লগতে এতিয়াৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষাই স্হান পাব। আৰু অসমীয়া ভাষাৰ গ্ৰহন্ত্ৰালয় নিৰ্মাণ হব। বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে আইৰ মুখৰ ভাষাক অধ্যয়ন- চৰ্চা বাবে পূজি আবন্টন দিব।

বিভিন্ন ইন্টাৰনেট সমূহত অসমীয়া ভাষাই স্হান পোৱাৰ পথ প্ৰশস্ত হৈছে। এটা সময়ত অসমতে অসমীয়া ভাষা এলাগী হৈ পৰিছিল। কিন্ত পুনৰ প্ৰতিষ্ঠাৰ বাবে খ্ৰীষ্টান সকলে অসমীয়াক যি উদ্গনি যোগাইছিল তাক আমি পাহৰিলে নহব বুলি কয়। ভাষা এটা সৃষ্টি হব হলে আমাক প্ৰথমে লিপি বৰ্ণ অবিহনেই ভাষা সৃষ্টি হব পাৰে।

ভাৰতত থকা যিমানবোৰ প্ৰান্তীয় ভাষা আছে তাৰে সকলোতকৈ প্ৰথম চতুৰ্থ-শতিকাত অসমীয়া ভাষাতেই সপ্তকাণ্ড ৰামায়ণ অসমীয়া ভাষাত অনুবাদ কৰা হৈছিল বুলি ভাষণ আগবঢ়াই চৰকাৰে লোৱা এনে সিদ্ধান্তৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি সকলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাবলৈ আহ্বান জনায়।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক-লেখক কবি ভুৱন দাসে হাজাৰ বছৰীয়া এটি ঐতিহ্য সাহিত্য সংস্কৃতি থকাৰ বাবেই আজি ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে অসমীয়া ভাষাই। তেওঁ আৰু কয় যে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ বহু বছৰ পূৰ্বৰ পৰাই দিল্লী বিশ্ববিদ্যালয়ৰ লগতে পশ্চিমবঙ্গৰ বিশ্ববিদ্যালয়ত অসমীয়া ভাষা স্বীকৃতি আছিল।

মোগলৰ আমোলত অসমত অসমীয়া ভাষাক দমন কৰিব পৰা নাছিল যদিও পৰৱৰ্তীকালত অসমত ব্ৰিটিছ শাসনত অসমত পশ্চিমবঙ্গৰ কেইজনমান লোকৰ উচতনিত অসমত অসমীয়া ভাষাৰ পৰিৰ্ৱতে অফিচ কাছাৰীত বাংলা ভাষা প্ৰচলিত হৈছিল । পাছত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কেধৰি বহু অসমীয়া ভাষা বিশিষ্ট সাহিত্যিক বুৰঞ্জীবিদৰ প্ৰবল প্ৰচেষ্টাৰ ফলত অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠা হয়।

কিন্ত সিহঁতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক যি ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে তাৰ বাবে আমাৰ ভাষাই আৰু অধিক শক্তিশালী হব বুলি ভাষণত কয়। পাছতেই সভাত উপস্থিত মিচিং আগম কৌবাঙৰ সভাপতি ডাঃ হৰিনাৰায়ণ পেগু, টিএমপিকেৰ সভাপতি তিলক দলে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, ভাষা অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে।

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভে অসমীয়া ভাষাৰ লগতে বৃহত্তৰ অসমীয়া জাতিয়ে বিশ্বব্যাপি ৰূপ পাবলৈ সক্ষম হব বুলি সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে অসম তথা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত এম এম কেৰ সাধাৰণ সম্পাদক ইন্দিৰা চুংক্ৰাঙ, টিএমএমকেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু, উপসভানেত্ৰী বন্তিৱালা পেগু, চিলাপথাৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নবীন কাৰ্দঙ, মিচিং আৰ্টিষ্ট এছোচিয়েচনৰ লক্ষ্য মৰাঙ, চিলাপথাৰ প্ৰেছ ক্লাৱ সম্পাদক লবিৰাম বৰিৰ লগতে মিচিং জাতীয় দল সংগঠনৰ কৰ্মীৰ উপৰিও বহু বিশিষ্ট বুদ্ধিজীৱি-সাহিত্যিক গণ্য মান্য উপস্থিত থাকে। শেষত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ পৰিৱেশনৰে অনুষ্ঠানৰ সামৰণি পৰে।

Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…

Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…
Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…

নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰীঃ আজি শ্ৰী ৰতন টাটাজীৰ(Ratan Naval Tata) মৃত্যুৰ এমাহ পূৰ্ণ হ’ল। যোৱা মাহৰ আজিৰ দিনটোতে, যেতিয়া মই তেওঁৰ মৃত্যুৰ খবৰ পাইছিলো, মই সেই সময়ত আছিয়ান সন্মিলনলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই আছিলো। ৰতন টাটাজী আমাৰ পৰা আঁতৰি যোৱাৰ বেদনাই এতিয়াও মোৰ মনত দুখ দি আছে।

তেওঁ নথকাৰ এই বিষটো পাহৰি যোৱাটো সহজ কথা নহয়। ৰতন টাটাজীক হেৰুৱাই ভাৰতে ইয়াৰ এজন মহান পুত্ৰক হেৰুৱাইছে। দেশে এক অমূল্য ৰত্ন হেৰুৱাইছে।(PM Narendra Modi)

আজিও চহৰৰ পৰা গাঁৱলৈকে মানুহে তেওঁ নথকাৰ কথা গভীৰভাৱে অনুভৱ কৰিছে। আমি সকলোৱে এই দুখৰ সমভাগী।

উদ্যোগখণ্ডৰ উদীয়মান উদ্যোগীয়েই হওঁক বা পেছাদাৰীয়েই হওঁক, সকলোৱে তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে।পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত লোকসকল, সমাজ সেৱাৰ সৈতে জড়িত লোকসকলো তেওঁৰ মৃত্যুত সমানে ম্ৰিয়মান। কেৱল ভাৰততে নহয় , সমগ্ৰ বিশ্বই ৰতন টাটাৰ মৃত্যুত দুখ অনুভৱ কৰিছে।(Prime Minister of India)

যুৱসকলৰ বাবে শ্ৰী ৰতন টাটা এক অনুপ্ৰেৰণা আছিল। তেওঁৰ জীৱন, তেওঁৰ ব্যক্তিত্বই আমাক সোঁৱৰাই দিয়ে যে এনে কোনো সপোন নাই যাক পূৰণ কৰিব নোৱাৰি, এনে কোনো লক্ষ্য নাই য’ত উপনীত হ’ব নোৱাৰি। ৰতন টাটাজীয়ে সকলোকে শিকাই গৈছে যে আনক নম্ৰ প্ৰকৃতিৰে সহায় কৰিও সফলতা অৰ্জন কৰিব পাৰি।


ৰতন টাটা জী ভাৰতৰ উদ্যোগ খণ্ডৰ সৰ্বশ্ৰেষ্ঠ পৰম্পৰাৰ এক প্ৰতিভূ আছিল। তেওঁ নিৰ্ভৰযোগ্যতা, উৎকৃষ্টতা আৰু উৎকৃষ্ট সেৱাৰ দৰে মূল্যবোধৰ এক অটল প্ৰতিনিধি আছিল।

তেওঁৰ নেতৃত্বতে টাটা গোটে সমগ্ৰ বিশ্বতে সন্মান, সততা আৰু বিশ্বাসযোগ্যতাৰ প্ৰতীক হিচাবে নতুন শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ইমান সফলতাৰ পিছতো তেওঁ সম্পূৰ্ণ নম্ৰতা আৰু বিনয়েৰে সকলো কৃতিত্ব গ্ৰহণ কৰিছিল।

আনৰ সপোনক নৱৰূপ দান কৰা, আনক তেওঁলোকৰ সপোন পূৰণ কৰাত সহায় কৰা, এয়া আছিল শ্ৰী ৰতন টাটাৰ আটাইতকৈ উৎকৃষ্ট গুণবোৰৰ ভিতৰৰে এটা ।

শেহতীয়া বছৰবোৰত তেওঁ ভাৰতৰ ষ্টাৰ্টআপৰ ক্ষেত্ৰখনক পথ প্ৰদৰ্শন কৰাৰ লগতে ভৱিষ্যতৰ সম্ভাৱনাৰে পৰিপূৰ্ণ উদ্যোগত বিনিয়োগ ককৰাৰ বাবে আগবাঢ়ি আহিছিল। তেওঁ যুৱ উদ্যোগীসকলৰ আশা আৰু আকাংক্ষাৰ লগতে ভাৰতৰ ভৱিষ্যত গঢ়ি তোলাৰ সম্ভাৱনাৰ কথাও হৃদয়াংগম কৰিব পাৰিছিল।

ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰচেষ্টাক সমৰ্থন কৰি তেওঁ নতুন প্ৰজন্মক নতুন সপোন দেখিবলৈ আৰু আৰু সকলো বিপদাশংকা কান্ধ পাতি ল’বলৈ উৎসাহিত কৰিছিল। তেওঁৰ পদক্ষেপে ভাৰতত উদ্ভাৱন আৰু উদ্যোগৰ সংস্কৃতি বিকশিত কৰাত সহায় কৰিছে। আমি নিশ্চিতভাৱে আগন্তুক দশকবোৰত ভাৰতত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পাম।

ৰতন টাটাজীয়ে সদায় সৰ্বশ্ৰেষ্ঠ মানৰ সামগ্ৰী প্ৰস্তুত কৰি আহিছিল। তেওঁ সদায় সেৱাৰ সৰ্বশ্ৰেষ্ঠ মানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু ভাৰতীয় উদ্যোগসমূহক বিশ্বব্যাপী মান নিৰ্ধাৰণ কৰাৰ পথ দেখুৱাইছিল।

আজি যিটো সময়ত ভাৰতে ২০৪৭ চনৰ ভিতৰত বিকাশৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, আমি কেৱল এক বিশ্বব্যাপী মান নিৰূপণ কৰিহে বিশ্বত আমাৰ বিজয়ৰ ধ্বজা উত্তোলন কৰিব পাৰিম। মই আশা কৰোঁ যে তেওঁৰ দৃষ্টিভংগীয়ে আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু ভাৰতে বিশ্বমানৰ মান নিশ্চিতকৰণেৰে নিজৰ পৰিচয় শক্তিশালী কৰিব।

ৰতন টাটাৰ মাহাত্ম্য বোৰ্ডৰ সদস্য বা সহকৰ্মীসকলক সহায় কৰাতে সীমাবদ্ধ নাছিল। সকলো জীৱৰ প্ৰতি তেওঁৰ সহানুভূতি আছিল। জন্তুৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেমৰ কথা সুবিদিত। তেওঁ জীৱ-জন্তুৰ কল্যাণৰ বাবেও বিভিন্ন প্ৰচেষ্টাক গ্ৰহণ কৰিছিল।

তেওঁ প্ৰায়ে তেওঁৰ কুকুৰবোৰৰ ফটো শ্বেয়াৰ কৰিছিল, যিবোৰ তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ আছিল। মোৰ মনত আছে যেতিয়া মানুহে ৰতন টাটাজীক বিদায় জনাবলৈ ভিৰ কৰিছিল… সেই সময়ত তেওঁৰ মৰমৰ কুকুৰ ‘গোৱা’ও সেমেকা চকুৰে তাত উপস্থিত হৈছিল।

ৰতন টাটা জীৰ জীৱনৰ এটা পৰম উপলব্ধি এয়াই আছিল যে নেতৃত্ব কেৱল কৃতিত্বৰ দ্বাৰা নহয়, আটাইতকৈ দুৰ্বল লোকসকলৰ কথা চিন্তা কৰি তেওঁলোকৰ হকে কাম কৰাৰ সামৰ্থ্যৰ দ্বাৰাও বিচাৰ কৰা হয়।

ৰতন টাটাজীয়ে সদায় নেশ্যন ফাৰ্ষ্টৰ ভাবনাক সৰ্বোচ্চ স্থান দিছিল। ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মুম্বাইত তেওঁ প্ৰতিষ্ঠা কৰা তাজ হোটেলখন পুনৰ সময়ৰ বিলম্ব নকৰি তৎক্ষণাৎ মুকলি কৰাটো সংকটৰ সময়ত ৰাষ্ট্ৰ ঐক্যবদ্ধ হোৱাৰ এক প্ৰতীক হিচাবে পৰিগণিত হৈছিল।

তেওঁৰ এনে পদক্ষেপে এটা ডাঙৰ বাৰ্তা দিছিল যে – ভাৰত ৰুদ্ধ হৈ নপৰে … ভাৰত নিৰ্ভীক আৰু সন্ত্ৰাসবাদৰ ওচৰত শিৰনত কৰিবলৈ অস্বীকাৰ কৰিছে।

ব্যক্তিগতভাৱে, মই যোৱা কেইটামান দশকত তেওঁক ঘনিষ্ঠভাৱে জনাৰ সৌভাগ্য লাভ কৰিছো। আমি গুজৰাটত একেলগে কাম কৰিছিলো। তেওঁলোকৰ কোম্পানীবোৰৰ দ্বাৰা বৃহৎ বিনিয়োগ কৰা হৈছিল। সেইবোৰৰ ভিতৰত এনে বহু প্ৰকল্প অন্তৰ্ভুক্ত আছিল, যিবোৰকলৈ তেওঁ অতি আৱেগিক আৰু উৎসাহিত আছিল।

যেতিয়া মই কেন্দ্ৰত শাসনভাৰ লোৱা চৰকাৰত যোগদান কৰিছিলো, আমি আমাৰ ঘনিষ্ঠ বাৰ্তালাপ অব্যাহত ৰাখিছিলো আৰু তেওঁ সদায় আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাত এক প্ৰতিশ্ৰুতিবদ্ধ অংশীদাৰ হৈ আছিল।

স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি শ্ৰী ৰতন টাটাৰ উৎসাহে মোৰ হৃদয় বিশেষভাবে স্পৰ্শ কৰিছিল। তেওঁ এই গণ আন্দোলনৰ এগৰাকী উল্লেখনীয় তথা সক্ৰিয় সমৰ্থক আছিল। তেওঁ বুজি পাইছিল যে ভাৰতৰ প্ৰগতিৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্যকৰ অভ্যাস কিমান গুৰুত্বপূৰ্ণ।

অক্টোবৰৰ আৰম্ভণিতে স্বচ্ছ ভাৰত অভিযানৰ দশম বাৰ্ষিকীত তেওঁ প্ৰকাশ কৰা ভিডিঅ’ বাৰ্তাটো মোৰ এতিয়াও মনত আছে। এই ভিডিঅ’ বাৰ্তাটো তেওঁৰ অন্তিম ৰাজহুৱা উপস্থিতিৰ ভিতৰৰে এটা হিচাবে পৰিগণিত হৈছে।

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো তেওঁৰ আন এক লক্ষ্য আছিল, যিটো আহ্বান তেওঁৰ হৃদয়ৰ পৰাই অনুৰণিত হৈছিল। মই দুবছৰ পূৰ্বে অসমত হোৱা অনুষ্ঠানটোৰ কথা মনত পেলাইছো , য’ত আমি যুটীয়াভাৱে ৰাজ্যখনৰ বিভিন্ন কৰ্কট চিকিৎসালয় উদ্বোধন কৰিছিলো।

সেই উপলক্ষে দিয়া ভাষণত তেওঁ স্পষ্টকৈ কৈছিল যে তেওঁ জীৱনৰ অন্তিম বছৰবোৰ স্বাস্থ্য খণ্ডলৈ উৎসৰ্গা কৰিব বিচাৰে। স্বাস্থ্যসেৱা আৰু কৰ্কট ৰোগৰ যত্ন সুলভ তথা সহজ কৰি তোলাৰ বাবে তেওঁ গ্ৰহণ কৰা প্ৰচেষ্টাই এই কথা প্ৰমাণ কৰিছে যে কৰ্কট ৰোগত আক্ৰান্ত লোকসকলৰ প্ৰতি তেওঁ কিমান সহানুভূতিশীল আছিল।

মই ৰতন টাটাজীক এজন বিদ্বান ব্যক্তি হিচাপেও মনত ৰাখিছো- তেওঁ প্ৰায়ে মোলৈ বিভিন্ন বিষয়ত লিখি পঠিয়াইছিল, সেয়া শাসনৰ বিষয়েই হওঁক, কামৰ প্ৰশংসা কৰাই হওঁক বা নিৰ্বাচনত জয়ী হোৱাৰ পিছত অভিনন্দন বাৰ্তা প্ৰেৰণ কৰাই হওঁক।

মাত্ৰ কেইসপ্তাহমান আগতে, মই স্পেইনৰ চৰকাৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত পেদ্ৰো ছানছেজৰ সৈতে বদোদৰাত আছিলো আৰু আমি যুটীয়াভাৱে এটা বিমান নিৰ্মাণ কাৰখানা উদ্বোধন কৰিছিলো।

ভাৰতত চি-২৯৫ বিমানখন এই কাৰখানাতে নিৰ্মাণ কৰা হ’ব। শ্ৰীযুত ৰতন টাটাই এই কামটো আৰম্ভ কৰিছিল। সেই সময় খিনিত মই শ্ৰীযুত ৰতন টাটাক বহুত মনত পেলাইছিলো।

আজি যেতিয়া আমি তেওঁক স্মৰণ কৰিছো, এই সময়ত আমি তেওঁ কল্পনা কৰা সমাজখনৰ কথাও মনত ৰাখিব লাগিব। য’ত ব্যৱসায়ে ভাল কামৰ বাবে এক শক্তি হিচাপে কাম কৰে, য’ত প্ৰতিজন ব্যক্তিৰ সম্ভাৱনাক মূল্য দিয়া হয় আৰু য’ত সকলোৰে কল্যাণ তথা সুখৰ ওপৰত আধাৰ কৰি প্ৰগতিৰ সোপান ৰচনা কৰা হয়।

ৰতন টাটাজী এতিয়াও তেওঁৰ জীৱন দৰ্শন আৰু সপোনবোৰৰ মাজতে জীয়াই আছে, যি সপোন তেওঁ পূৰণ কৰিছিল। ভাৰতক এক উন্নত, সহানুভূতিশীল আৰু আশাৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবেই অনাগত দিনত সকলো প্ৰজন্ম ৰতন টাটাজীৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব।