এয়া বিশেষভাৱে প্ৰশংসনীয় কথা যে ভাৰততকৈ কোনো দেশে ৰে’লৰ জড়িয়তে অধিকলোক কঢ়িয়াই নিব নোৱাৰে। ভাৰতীয় বছৰি ১ লাখ কোটিৰো অধিক যাত্ৰী কিলোমিটাৰ (পিকেএম) আৰু বছৰি প্ৰায় ৬৮৫ কোটি যাত্ৰী কঢ়িয়াই নিয়াৰ অভিলেখ গঢ়িছে।
এই কৃতিত্ব অতুলনীয়, আনকি আমাৰ চুবুৰীয়া চীনেও দেশ খনৰ অধিক বিস্তৃত ৰে’ল নেটৱৰ্ক আৰু তুলনামূলকভাবে বিশাল জনসংখ্যা থকা স্বত্বেও ভাৰতৰ তুলনাত প্ৰায় আধাসংখ্যক যাত্ৰী (বছৰি প্ৰায় ৩০০ কোটি) পৰিবহণ কৰিছে। ভাৰতীয় ৰে’লত সুৰক্ষাৰ লক্ষ্যণীয় উন্নতিৰ প্ৰমাণ হিচাপে কব পাৰি যে দেশত এতিয়া ৰে’ল দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।
যাত্ৰীৰ সংখ্যা আৰু অন্তৰ্ভুক্ত ট্ৰেকৰ দৈৰ্ঘ্য্য বিবেচনা কৰিলে এনে সাফল্যসমূহ আৰু অধিক আকৰ্ষণীয় ৰূপত ধৰা দিয়ে। দেশত এতিয়া প্ৰতিদিনে গড়ে ২ কোটিৰো অধিক লোকে ৭০,০০০ ৰুটকিলোমিটাৰ (আৰকেএম) দৈৰ্ঘ্য্যৰ ৰে’ল নেটৱৰ্ক অতিক্ৰম কৰি আহিছে। বিশেষ ঋতুত এই সংখ্যা প্ৰতিদিনে ৩ কোটিত উপনীত হয়, যাৰ ফলত আন এক বিশ্ব অভিলেখৰ সৃষ্টি হৈছেþ।
এই কথাৰ কাৰ্যকৰী অৰ্থ হৈছে এয়াই যে ভাৰতে প্ৰতিদিনে দেশ খনৰ জনসংখ্যাৰ প্ৰায় ২ক্ম লোকক ৰে’লেৰে সুৰক্ষিতভাৱে পৰিবহণ কৰি আহিছে, চীনত এই হাৰ মাত্ৰ ০.৫৮ক্ম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ০.০৯ক্ম।
Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা
মিত্ৰজোঁট চৰকাৰৰ অৰ্থ হ’ল উমৈহতীয়া বুজাবুজি বা এজেণ্ডাৰ ভিত্তিত এটাতকৈ অধিক ৰাজনৈতিক দল বা গোট একত্ৰিত(Indian Coalition Politics) হোৱা আৰু চৰকাৰ গঠন কৰা। সাধাৰণতে যেতিয়া সংসদীয় গণতন্ত্ৰত এটা দলে একক সংখ্যা গৰিষ্ঠতা নেপায় তেতিয়া এটাকৈও অধিক দল লগ হৈ এটা বহু দলীয় জোট বন্ধন কৰে আৰু এই বহু দলীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰে।
কেতিয়াবা এনে মিত্ৰজোঁট নিৰ্বাচনৰ আগতেও কৰিব পাৰে, আৰু কেতিয়াবা প্ৰয়োজন হলে নিৰ্বাচনৰ পিছতো এনে মিত্ৰগোট গঠন কৰি চৰকাৰ গঠন কৰে।
সাধাৰণতে মিত্ৰজোঁটৰ চৰকাৰসমূহৰ এটা কাঠামো থাকে যাৰ ভিতৰত থাকি সকলো দলেই কাম কৰে বা কৰিব লাগে। কেতিয়াবা সাধাৰণ নিৰ্বাচনৰ পিছত কোনো দলে যদি নিৰ্ণায়ক সদস্য জিকাই আনিব নোৱাৰে আৰু তেতিয়া আঞ্চলিক দল বা অন্যান্য দলৰ লগত মিত্ৰজোঁট গঠন কৰি কেন্দ্ৰতেই হওক অথবা ৰজ্যতেই হওক চৰকাৰ গঠন কৰে বা কৰিব পাৰে।
এই ক্ষেত্ৰত আঞ্চলিক দল হলেও ৰাষ্ট্ৰীয় ৰাজনীতিত সমানে অংশ গ্ৰহণ কৰি মন্ত্ৰী হৈ সমগ্ৰ ৰাষ্ট্ৰতেই কাম কৰিব পাৰে বা কৰাৰ সুযোগ পায়। এই ক্ষেত্ৰত আঞ্চলিক দল সমূহে মিত্ৰজোঁটৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত সমানে সমানে কাম কৰিলেও নিজৰ আত্ম অভিমান ৰক্ষা কৰি চলিলে বৃহৎ ৰাষ্ট্ৰীয় দলৰ কাৰ্পেটৰ তললৈ ঠেলি নিব নোৱাৰে।
কিন্তু যদি আঞ্চলিক দলে বৃহৎ ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰ জোত কৰি নিজৰ স্ব অভিমান আৰু আঞ্চালিকতা বাদক বিসৰ্জন দিয়ে তেন্তে এনে আঞ্চলিক দলে নিজৰ স্বকীয়তা হেৰুৱায় আৰু নিজৰ অঞ্চলত বা ৰাজ্যত ৰাইজৰ মাজত বিশ্বাস যোগ্যতা কমি যায়।
কিছুমান আঞ্চলিক ৰাজনৈতিক দল নিজ ৰাজ্যৰ স্থায়ী বৈশিষ্ট্য হৈ পৰা দেখা যায় কিন্তু নিজ গৃহ ৰাজ্যৰ বাহিৰত এনে আঞ্চলিক দলৰ শক্তি কম বা একেবাৰেই নাথাকিবও পাৰে। তামিলনাডুৰ ডিএমকে আৰু এআইএডিএমকে, অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম, পঞ্জাৱৰ আকালি দল, অসমত অসম গণপৰিষদ আৰু জম্মু-কাশ্মীৰত নেশ্যনেল কনফাৰেন্স ইত্যাদি দলসমূহৰ ৰাষ্ট্ৰীয় ৰাজনীতিত শক্তিশালী ভূমিকা নাথাকিলেও নিজৰ নিজৰ গৃহ ৰাজ্যত যথেষ্ট শক্তিশালী ভূমিকা লৈ থকা দেখা যায়।
১৯৭২ চনত আন এগৰাকী জনপ্ৰিয় তামিল অভিনেতা এম ৰামচন্দ্ৰনে ডিএমকে দলত বিভাজন ঘটাই এআইএডিএমকে গঠন কৰে আৰু তেওঁৰ নেতৃত্বত ১৯৭৭ চনৰ পৰা ১৯৮৯ চনলৈ তামিলনাডুৰ শাসকীয় দল হিচাপে পৰিগণিত হয়। তেওঁৰ মৃত্যুৰ পিছত পুনৰ ডিএমকেয়ে তামিনাডুত চৰকাৰ গঠন কৰে। তাৰ পিছত জয়াললিতাৰ নেতৃত্বত পুনৰ তামিলনাডুত এআইডিএমকে দলে চৰকাৰ গঠন কৰে। ১৯৯৬ চনৰ নিৰ্বাচনত ডিএমকে পুনৰবাৰ ক্ষমতা দখল কৰে।
কিন্তু ২০০১ আৰু ২০১১ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ জয়াললিতাৰ নেতৃত্বত এআইএডিএমকে দলে জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত এম কে ষ্টালিনৰ নেতৃত্বত ডিএমকেয়ে নিৰ্বাচনত জয়লাভ কৰে। কাৰ্যতঃ এই আঞ্চলিক দল দুটাই পৃথক পৃথক নেতৃত্বৰ অধীনত ৰাজ্য খনত চৰকাৰ গঠন কৰি আহিছে।
অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছ দলক দুৰ্গ হিচাপে গণ্য কৰা হৈছিল কাৰণ কংগ্ৰেছে তিনি দশক ধৰি ৰাজ্যখনত অবিৰতভাৱে শাসন কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল তেলেগু দেশম দলে এই ধাৰা ভংগ কৰিছিল। ১৯৮২ চনত এন টি ৰামা ৰাৱে তেলেগু দেশম দল গঠন কৰে আৰু ৯ মাহৰ ভিতৰতে দলটোৱে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহে।
১৯৮৯ চনত কেন্দ্ৰত নেশ্যনেল ফ্ৰণ্টৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনত তেলেগু দেশম দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ পিছত ১৯৯৪ চনৰ নৱেম্বৰ মাহত পুনৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰি অন্ধ্ৰপ্ৰদেশত ক্ষমতালৈ আহিছিল তেলেগু দেশম পাৰ্টী। ১৯৯৯ চনৰ বিধানসভা নিৰ্বাচনত তেলেগু দেশম দলে এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত ক্ষমতা অক্ষুণ্ণ ৰাখিছিল।
পুনৰ ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত এন চন্দ্ৰবাবু নাইডুৰ অধীনত তেলেগু দেশম দল পুনৰ ক্ষমতালৈ আহে। ইতিমধ্যে ২০১৪ চনত অন্ধপ্ৰদেশৰ পৰা পৃথক কৰি তেলেংগানা ৰাজ্যৰ জন্ম হয়। সেই বছৰতেই অৰ্থাৎ ২০১৪ চনত তেলেংগনাটো আন এটা আঞ্চলিক ৰাজনৈতিক দল তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। পুনৰ ২০১৮ চনত নতুন ৰাজ্য তেলেংগানাত, তেলেংগানা ৰাষ্ট্ৰ সমিতি ক্ষমতালৈ আহে আৰু ৰাজ্যত দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰে।
শিৰোমণি আকালি দল পঞ্জাৱৰ এটা আঞ্চলিক ৰাজনৈতিক দল। কংগ্ৰেছৰ পিছতেই ১৯২০ চনত প্ৰতিষ্ঠা কৰা এটা বহু পুৰণি ৰাজনৈতিক দল। এই দলটো ভাৰতৰ দ্বিতীয় পুৰণি দল বুলি স্বীকৃতি প্ৰাপ্ত ৰাজনৈতিক দল। ভাৰত পাকিস্তানৰ বিভাজনৰ সময়ত আকালি দলে স্বতন্ত্ৰ শিখস্তান বিচাৰি দাবী জনাইছিল আৰু প্ৰচাৰ চলাইছিল আৰু দলটো তাৰ ওপৰত ভিত্তি কৰিয়েই সংগঠিত কৰিছিল।
কিন্তু ১৯৫০ চনত স্বাধীন ভাৰতত ভাষাৰ ভিত্তিৰ ৰাজ্য পুনৰ্গঠন প্ৰক্ৰিয়াত পাঞ্জাৱী ভাষীৰ বাবে পাঞ্জাবক সুকীয়া ৰাজ্যৰ মৰ্য্যদা দিয়াত এই আন্দোলনে সাম কাটে। ১৯৬২ চনত প্ৰথম বাৰৰ বাবে পাঞ্জাব বিধান সভাত আকালি দলে ১৫৪ খন বিধান সভা আসনৰ মাজত ১৬ জন বিধায়ক নিৰ্বাচিত কৰি পঠিয়াই আৰু মুখ্য বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। তাৰ পিছত পুনৰ ১৯৬৭ চনত ২৪খন আসনত বিজয়ী হয় আৰু সেইবাৰ ওলমা বিধান সভা হয় আৰু ১৯৬৮ চনত বিধান সভা ভংগ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়।
পুনৰ ১৯৬৯ চনত বিধান সভা নিৰ্বাচন হয় আৰু আকালি দলে ৪৩ জন বিধায়ক জিকাই আনিলেও কোনো দলে সংখ্যগৰিষ্ঠতা নোপোৱাৰ বাবে পুনৰ ১৯৭১ চনত পাঞ্জাৱ বিধানসভা ভংগ কৰা হয় আৰু ১৯৭২ চনত পুনৰ নিৰ্বাচন হয় আৰু আকালি দলে মাত্ৰ ২৪ আসন পাবলৈ সক্ষম হয়। এই গোটেই সময় চোৱাত কংগ্ৰেছ দল, পাঞ্জাৱত শাসিত দল আছিল।
১৯৭৭ চনৰ নিৰ্বাচনত আকালি দলে জনতা পাৰ্টীৰ লগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। কিন্তু আকালি দলে মিত্ৰ জোতৰ চৰকাৰ চলাব নোৱাৰিলে আৰু ১৯৮০ চনত চৰকাৰৰ পতন হয়। পুনৰ ১৯৮০ চনত কংগ্ৰেজে চৰকাৰ গঠন কৰে। তাৰ পিছত ১৯৮৫ চনত প্ৰথম বাৰৰ বাবে আকালি দলে অকলে চৰকাৰ গঠন কৰে কিন্তু ১৯৮৭ চনত চৰকাৰ ভংগ হয় আৰু ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়।
১৯৯২ চনত কংগ্ৰেছৰ হাতত আকলি দল পুনৰ পৰাস্ত হয় আৰু সেইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰে। ২০০৭ চনত শিৰোমণি আকালি দল মিত্ৰ জোটৰ সৈতে লগলাগি পাঞ্জাৱৰ বিধান সভাৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ আহে। মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় প্ৰকাশ সিংহ বাদল। ২০১২ চনত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত পুনৰ শিৰোমণি আকালি দল আৰু ইয়াৰ মিত্ৰজোঁটে জয়লাভকৰে। কিন্তু ২০২২ চনত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত নতুন আঞ্চলিক দল, আম আদমী পাৰ্টিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু চৰকাৰ গঠন কৰে। ২০২২ চনত আম আদমি পাৰ্টি দিল্লী আৰু পাঞ্জাৱৰ আঞ্চলিক দল হিচাপে স্বীকৃত আছিল।
এটি দীঘলীয়া সংগ্ৰামৰ অন্তত ১৯৮৫ চনত ‘অসম গণ পৰিষদ’ নামেৰে অসমত এটা আঞ্চলিক দলৰ জন্ম হয়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত অবৈধ বিদেশী বহিষ্কাৰ আন্দোলন হৈছিল আৰু ১৯৮৫ চনত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ সন্মুখত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আন্দোলনকাৰী নেতাৰ মাজত ‘অসম চুক্তি’ নামেৰে এখন চুক্তি সম্পাদিত হয় আৰু তাৰ লগে লগেই আন্দোলনকাৰী নেতা সকলে লগলাগি ‘অসম গণ পৰিষদ’ নামেৰে এটা ৰাজনৈতিক দলৰ জন্ম দিয়ে আৰু লগে লগেই অসম বিধানসভাৰ নিৰ্বাচনত অংশ লৈ এখন মিত্ৰজোঁটৰ চৰকাৰৰ গঠন কৰে আৰু তেতিয়াৰ ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰে।
যি অবৈধ বিদেশী বিষয় লৈ আন্দোলন হৈছিল, আৰু অসম চুক্তি সম্পাদিত হৈছিল সেই চুক্তি মতে অসম গণ পৰিষদ চৰকাৰে কাম কৰিব নোৱাৰিলে। চুক্তি মতে তথাকথিত অবৈধ বিদেশী নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত আৰু বহিষ্কাৰ কৰাত দায়িত্ব আসম গণ পৰিষদে কাৰ্যকৰী কৰিব পৰা নাছিল, কাৰণ ইতিমধ্যেই সংসদে অবৈধ বিদেশী প্ৰমাণ কৰাটো অধিক কঠিন কৰি তোলা এখন আইন প্ৰণয়ন কৰিছিল।
পিছত ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত দলটোৰ কিছু সদস্য আঁতৰি আহি নতুন অসম গণ পৰিষদ গঠন কৰে। ফলত সেই বছৰ অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত দলটোৱে মুখ থেকেচা খায়। কিন্তু ১৯৯৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে পুনৰ ক্ষমতালৈ উভতি আহিবলৈ সক্ষম হয়। ২০১৪ চনৰ পৰা অসম গণ পৰিষদ দলটো ভাৰতীয় জনতা পাৰ্টীৰ এটা সহযোগী দল হৈ আছে আৰু শাসনত আছে। শ্বেখ মহম্মদ আব্দুল্লাই জম্মু আৰু কাশ্মীৰত নেশ্যনেল কাউন্সিল নামেৰে এটা আঞ্চলিক দলৰ প্ৰতিষ্ঠা কৰে।
মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ফাৰুক আব্দুল্লা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হয়। ১৯৮০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় সন্মিলনে জম্মু-কাশ্মীৰৰ প্ৰভাৱশালী দল হৈয়েই থাকিল আৰু বেছিভাগ সময় ৰাজ্য চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিলে। ১৯৮৭ চনৰ ৰাজ্যিক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দ্য নেচনেল কনফাৰেন্সে জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। জম্মু-কাশ্মীৰৰ আন এটা আঞ্চলিক দল হৈছে পিপলছ ডেম’ক্ৰেটিক পাৰ্টি। ১৯৯৯ চনত মহম্মদ ছাইদে প্ৰতিষ্ঠা কৰিছিল পিপলছ ডেম’ক্ৰেটিক পাৰ্টি। ২০০২ চনৰ অক্টোবৰ বিধানসভা নিৰ্বাচনত এই দলে জম্মু-কাশ্মীৰৰ ক্ষমতাও দখল কৰিছিল।
মেঘালয় ৰাজ্যত নেশ্যনেল পিপলচ পাৰ্টি এটা মেঘালয়ৰ আঞ্চলিক দল। এই দলৰ দলপতি কাৰণেড চাংমা ডাঙৰীয়াই ২০১৮ চনৰ পৰা শাসকীয় দল হৈ আছে। যদিও কৰনেড চংমাৰ নেশ্যনেল পিপলেছ পাৰ্টি মেঘালয় বিধান সভাত সংখ্যা গৰিষ্ঠ দল নহয় কিন্তু এই দলে আন দুটা আঞ্চলিক দল ক্ৰমে ইউনাইটেড ডেমক্ৰেতিক পাৰ্টি, হিল ষ্টেট পিপলছ ডেমক্ৰেতিক পাৰ্টি আৰু ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত এখন মিত্ৰ দলৰ চৰকাৰ চলাই আছে।
অসমত বহুত আঞ্চলিক দল আছে। ইয়াৰ ভিতৰত অসম গণ পৰিষদ, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰতিক পাৰ্টি (এআইইউডিএফ), বড়োলেণ্ড পিপলচ পাৰ্টি(বিপিএফ), ইউনাইটেড পিপলচ পাৰ্টি লিবাৰেল(ইউপিপিএল), ৰাইজৰ দল, অসম জাতীয় পৰিষদ ইত্যাদি। ইয়াৰ উপৰি কিছু সৰু সৰু আঞ্চলিক দল আছে, যিবিলাক দলৰ অস্তিত্ব ৰাইজৰ মাজত সাধাৰণতে আলোচনা হোৱা দেখা নেযায়।
আঞ্চলিক গণ মৰ্চা (এজিএম), অসম ভাৰতীয় জনতা পাৰ্টী (এবিজেপি), বৰাক ডেমক্ৰতিক ফ্ৰণ্ট (বিডিএফ), প্লেইন ট্ৰাইবচ কাউন্সিল অব অসম (পিটিচিএ), ৰাভা জাতীয় ঐক্য মঞ্চ (আৰজেএএম), টিয়া জাতীয় ঐক্য মঞ্চ (টিজেএএম) আদি। ইয়াৰ উপৰি আৰু কিছু আঞ্চলিক দল অসমত আত্ম প্ৰকাশ কৰিছিল, কিন্তু এতিয়া এই দলসমূহ হয় কোনো দলৰ লগত লীন হৈ গৈছে অথবা বৰ্তমান ইয়াৰ অস্তিত্ব নাইকীয়া হৈছে।
যেনে, অল পিপলচ পাৰ্টি (এপিপি), বড়ো পিপলচ প্ৰগ্ৰেচিভ ফ্ৰণ্ট (বিপিপিএফ), তৃণমূল গণ পৰিষদ (টিজিপি), ইত্যাদি। গান মুক্তি সংগ্ৰাম মঞ্চ দলটি সদ্যহতে ৰাইজৰ দলৰ লগত, অসম লেবাৰ পাৰ্টি আম আদমি পাৰ্টীৰ লগত, ইউনাইটেড মাইনৰিতিচ ফ্ৰণ্ট (এআইইউডিএফ)ৰ লগত লীন হৈছে।
কেইগৰাকিমান সদাসয় ব্যক্তিয়ে সদ্যহতেপূৰ্বাঞ্চলীয় লোক পৰিষদ (পিএলপি) দলটি পুনৰ কাৰ্য্যকৰী কৰিবলৈ প্ৰচেষ্টা চলাই আছে। ওপৰত আলোচনা কৰা সৰু সৰু আঞ্চলিক দলসমূহে সাধাৰণতে নিৰ্বাচনসমূহত ভাগ লোৱা দেখা নেযায়। ভাৰতৰ ৰাজনীতিত অথবা অসমৰ ৰাজনীতিত এই সৰু সৰু আঞ্চলিক দলসমূহে কোনো ধৰণৰ প্ৰভাৱ পেলোৱা দেখা নেযায়।
ভাৰতৰ ধনী উদ্যোগপতিৰ নাম যেতিয়াই চৰ্চা হয়, তেতিয়াই আম্বানী-আদানীৰ দৰে ব্যৱসায়ীৰ নাম প্ৰায়বোৰ মানুহৰ মনলৈ আহে। তেওঁলোক টকা উপাৰ্জনকাৰীৰ ভিতৰত প্ৰথম বা দ্বিতীয় স্থানত থাকিলেও, কিন্তু দানকাৰীৰ কথা আহিলে দেশৰ এই প্ৰবীণ উদ্যোগপতিসকল দিল্লীৰ এজন ব্যৱসায়ীতকৈ পিছ পৰি আছে। দাতাৰ তালিকাত শীৰ্ষত আছে এগৰাকী দিল্লী ব্যৱসায়ীজনৰ নাম। হুৰুণ ইণ্ডিয়াৰ ২০২৪ বৰ্ষৰ দানকাৰীৰ তালিকা ঘোষণা কৰা হৈছে। নতুন দানকাৰী তালিকা অনুসৰি সৰ্বাধিক দান দিয়াসকলৰ ভিতৰত নাদৰ পৰিয়াল শীৰ্ষত আছে।(Shiv Nadar) ২০২৪ বিত্তীয় বৰ্ষত শিৱ নাদৰ ফাউণ্ডেচনে ২১৫৩ কোটি টকা আগবঢ়াইছে।
এইচ চি এলৰ সহ-প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ নাম এডেলগিভ হুৰুন ইণ্ডিয়া ফিলান্থ্ৰপি লিষ্ট ২০২৪ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।(Hurun India Philanthropy List 2024)দেশৰ বৃহত্তম দানকাৰীৰ তালিকাত শীৰ্ষত আছে শিৱ নাদৰৰ পৰিয়াল। এইবাৰ তেওঁ ২১৫৩ কোটি টকা আগবঢ়াইছে। অৰ্থাৎ তেওঁ দৈনিক ৫.৯০ কোটি টকা দান কৰিছিল। এই তালিকাত দ্বিতীয় স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল। ২০২৩-২৪ বিত্তীয় বৰ্ষত তেওঁ ৪০৭ কোটি টকাৰ অনুদান আগবঢ়াইছে। তৃতীয় স্থানত আছে বাজাজ পৰিয়াল, যিয়ে ৩৫২ কোটি টকা আগবঢ়াইছে। আদানী পৰিয়ালে ৩৩০ কোটি টকা আগবঢ়াইছে। একেৰাহে বহু বছৰ ধৰি তেওঁ দেশৰ সৰ্ববৃহৎ দাতাৰ চকী দখল কৰি আহিছে।(Gautam Adani)
নাদৰ পৰিয়ালৰ নাম প্ৰায়ে দাতাৰ তালিকাত শীৰ্ষত থাকে। দেশৰ ভিতৰতে সৰ্বাধিক অনুদান আগবঢ়োৱা শীৰ্ষ ১০ জন ব্যক্তিয়ে মুঠ ৪৬২৫ কোটি টকা আগবঢ়ায়। শিক্ষাৰ পৰা আৰম্ভ কৰি সামাজিক কাম-কাজলৈকে সকলো কামৰ বাবে উদ্যোগপতিসকলে দান দিয়ে।(Mukesh Ambani)
গুৱাহাটী, ৯ নৱেম্বৰঃ অসমীয়া ভাষাই দ্ৰূপদী ভাষাৰ স্বীকৃতি লাভৰ উদ্দেশ্যৰে ৰাজ্যজুৰি অসম চৰকাৰৰ নিৰ্দেশত ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰা হৈছে। আজি চিলাপথাৰ কলেজৰ প্ৰেক্ষাগৃহত সদৌ মিচিং ছাত্ৰ সন্থা(Mising Students’ Union) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিলাপথাৰ টাউন সমিতিৰ সহযোগত পালন কৰা হয় ভাষা গৌৰৱ সপ্তাহ।
টিএমপিকেৰ চিলাপথাৰ টাউন সমিতিৰ সভাপতি মৃদুল মিন্টু দলেৰ সঞ্চালনাত অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ‘অ মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতৰে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি চিলাপথাৰ কলেজৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক যোগানন্দ গগৈয়ে কয়, ইতিহাসৰ পাতনি মেলিলে অসমীয়া ভাষা প্ৰায় ২৪০০ বছৰ পুৰণি এটি ভাষা।
বিগত অতবছৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হোৱা নাছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আইৰ মুখৰ ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছে। যিটোৱে সমূগ্ৰ অসমবাসীয়ে গৌৰৱৰ দিন হিচাপে আজি উদযাপন কৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ মুঠ ১১ টা ধ্ৰুপদী ভাষাৰ অন্যতম এটি ভাষা হৈছে অসমীয়া ভাষা।
অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা জন্ম হোৱ বহুতে কয় যদিও অসমীয়া ভাষা এটি নিজস্ব ভাষা হয় সি সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা নহয়। যিটো কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰালয়ৰ, সংস্কৃতি মঞ্চই গম পাইছে যাৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিবলৈ সক্ষম হৈছে।
এই স্বীকৃতি লাভে ভাষাৰ উত্তৰণৰ আৰু অধিক হোৱাৰ লগতে এতিয়াৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষাই স্হান পাব। আৰু অসমীয়া ভাষাৰ গ্ৰহন্ত্ৰালয় নিৰ্মাণ হব। বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে আইৰ মুখৰ ভাষাক অধ্যয়ন- চৰ্চা বাবে পূজি আবন্টন দিব।
বিভিন্ন ইন্টাৰনেট সমূহত অসমীয়া ভাষাই স্হান পোৱাৰ পথ প্ৰশস্ত হৈছে। এটা সময়ত অসমতে অসমীয়া ভাষা এলাগী হৈ পৰিছিল। কিন্ত পুনৰ প্ৰতিষ্ঠাৰ বাবে খ্ৰীষ্টান সকলে অসমীয়াক যি উদ্গনি যোগাইছিল তাক আমি পাহৰিলে নহব বুলি কয়। ভাষা এটা সৃষ্টি হব হলে আমাক প্ৰথমে লিপি বৰ্ণ অবিহনেই ভাষা সৃষ্টি হব পাৰে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক-লেখক কবি ভুৱন দাসে হাজাৰ বছৰীয়া এটি ঐতিহ্য সাহিত্য সংস্কৃতি থকাৰ বাবেই আজি ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে অসমীয়া ভাষাই। তেওঁ আৰু কয় যে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ বহু বছৰ পূৰ্বৰ পৰাই দিল্লী বিশ্ববিদ্যালয়ৰ লগতে পশ্চিমবঙ্গৰ বিশ্ববিদ্যালয়ত অসমীয়া ভাষা স্বীকৃতি আছিল।
মোগলৰ আমোলত অসমত অসমীয়া ভাষাক দমন কৰিব পৰা নাছিল যদিও পৰৱৰ্তীকালত অসমত ব্ৰিটিছ শাসনত অসমত পশ্চিমবঙ্গৰ কেইজনমান লোকৰ উচতনিত অসমত অসমীয়া ভাষাৰ পৰিৰ্ৱতে অফিচ কাছাৰীত বাংলা ভাষা প্ৰচলিত হৈছিল । পাছত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কেধৰি বহু অসমীয়া ভাষা বিশিষ্ট সাহিত্যিক বুৰঞ্জীবিদৰ প্ৰবল প্ৰচেষ্টাৰ ফলত অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠা হয়।
কিন্ত সিহঁতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক যি ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে তাৰ বাবে আমাৰ ভাষাই আৰু অধিক শক্তিশালী হব বুলি ভাষণত কয়। পাছতেই সভাত উপস্থিত মিচিং আগম কৌবাঙৰ সভাপতি ডাঃ হৰিনাৰায়ণ পেগু, টিএমপিকেৰ সভাপতি তিলক দলে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, ভাষা অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে।
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভে অসমীয়া ভাষাৰ লগতে বৃহত্তৰ অসমীয়া জাতিয়ে বিশ্বব্যাপি ৰূপ পাবলৈ সক্ষম হব বুলি সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে অসম তথা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানত এম এম কেৰ সাধাৰণ সম্পাদক ইন্দিৰা চুংক্ৰাঙ, টিএমএমকেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু, উপসভানেত্ৰী বন্তিৱালা পেগু, চিলাপথাৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নবীন কাৰ্দঙ, মিচিং আৰ্টিষ্ট এছোচিয়েচনৰ লক্ষ্য মৰাঙ, চিলাপথাৰ প্ৰেছ ক্লাৱ সম্পাদক লবিৰাম বৰিৰ লগতে মিচিং জাতীয় দল সংগঠনৰ কৰ্মীৰ উপৰিও বহু বিশিষ্ট বুদ্ধিজীৱি-সাহিত্যিক গণ্য মান্য উপস্থিত থাকে। শেষত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ পৰিৱেশনৰে অনুষ্ঠানৰ সামৰণি পৰে।