Home Blog Page 470

Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প

Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প
Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প

গুৱাহাটী, ৮ নৱেম্বৰঃ বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প(Donald Trump 2.0)। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ অগ্ৰসৰ হৈছে ড’নাল্ড ট্ৰাম্প।

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত ড’’নাল্ড ট্ৰাম্প- আন্তঃৰ্জাতিক বাণিজ্যত পৰিব সুদূৰপ্ৰসাৰী প্ৰভাৱ

ট্ৰাম্প হ’ব আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি। ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হোৱাৰ পিছতে এতিয়া আন্তৰ্জাতিক বাণিজ্যত(Global Trade) এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি বিভিন্ন বিশেষজ্ঞই মন্তব্য কৰিছে।

বিশেষকৈ ভাৰত(India), ইউৰোপ(Impact On Europe), চীন আদি দেশৰ ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি বহুতে কৈছে। লক্ষ্যণীয় কথাটো হ’ল ট্ৰাম্পে ৰাষ্ট্ৰপতি(US President) নিৰ্বাচনত বিজয়ী হোৱাৰ পিছতে বিশ্বৰ শ্বেয়াৰ বজাৰত উল্লেখনীয় উত্থান হোৱা পৰিলক্ষিত হৈছে।

ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ বাহিৰেও লেটিন আমেৰিকাৰ দেশসমূহতো ট্ৰাম্পৰ আগমনে বিশেষ প্ৰভাৱ পেলাব বুলি বিশেষজ্ঞমহলে ধাৰণা কৰিছে। ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক অতি পুৰণি। কিন্তু জ’ বাইডেনৰ দিনত শুল্কক লৈ হোৱা বিবাদৰ বাবে সেই সম্পৰ্কত কিছু ঘূণে ধৰিছিল।

কিন্তু লক্ষ্যণীয় কথাটো হ’ল ড’নাল্ড ট্ৰাম্প যেতিয়া আমেৰিকাৰ ৪৫সংখ্যক ৰাষ্ট্ৰপতি আছিল সেই সময়ত পিছে ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কত কোনোধৰণৰ বাধাৰ সৃষ্টি হোৱা নাছিল। ট্ৰাম্পে ইউৰোপ আৰু চীনৰ সৈতে শুক্ল সম্পৰ্কীয় সংশোধনৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে বিভিন্নজনে এতিয়া ধাৰণা কৰিছে।

যদি ট্ৰাম্পে সুৰক্ষামূলক বাণিজ্য নীতিসমূহ পুনৰ প্ৰৱৰ্তন কৰে তেন্তে তাৰ নেতিবাচক প্ৰভাৱো বিশ্বৰ বিভিন্ন দেশৰ ওপৰত পৰিব পাৰে বুলি বহুতে মন্তব্য কৰিছে। উল্লেখ্য, সুৰক্ষামূলক বাণিজ্য নীতিয়ে ঘৰুৱা উদ্যোগসমূহক অধিক সুৰক্ষা প্ৰদান কৰে আৰু স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী গ্ৰাহকক ক্ৰয় কৰিবলৈ বেছি উৎসাহিত কৰে।

আমেৰিকাই যদি তেনে নীতি গ্ৰহণ কৰে তেন্তে বিশ্ব বহু দেশে আমেৰিকালৈ কৰি অহা সামগ্ৰীৰ ৰপ্তানী ভালেখিনি হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। আমেৰিকাই চীনৰ পৰাও বহু সামগ্ৰী আমদানি কৰে।

চীনে আমেৰিকালৈ ৰপ্তানি কৰা বহু সামগ্ৰীৰ ওপৰত পূৰ্বে অতিৰিক্ত শুক্ল লগাইছিল। যি কথাই আমেৰিকাক ক্ষুণ্ণ কৰি তুলিছিল। আমেৰিকাই বহু সামগ্ৰী আমদানি কৰা বন্ধ কৰি দিছিল। বিশেষকৈ চীনৰ পৰা আমেৰিকাই ইলেকট্ৰনিক সামগ্ৰী অধিক আমদানি কৰে।

মেক্ৰ’ হাইভৰ মুখ্য কাৰ্যবাহী বিষয়া বিলাল হাফিজে প্ৰকাশ কৰা অনুসৰি চীনে যদি পূৰ্বৰ সেই নীতিতেই অটল হৈ থাকে তেন্তে ট্ৰাম্পৰ দিনতো চীনৰ সৈতে হয়তো আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী হৈ নপৰিব। উল্লেখ্য চলিত বৰ্ষৰ অক্টোবৰ মাহত চিকাগ’ৰ ইকন’মিক ক্লাবক ট্ৰাম্পে দিয়া ভাষণত এই বুলি কৈছিল যে তেওঁৰ প্ৰিয় শব্দ হৈছে শুক্ল বা কৰ।

তেওঁ এনে কথাৰ জৰিয়তে আমেৰিকাত উৎপাদিত সামগ্ৰীৰ ওপৰত অধিক শুক্ল আৰোপ কৰাৰ ইংগিতেই হয়তো দিছিল। যদি সেয়াই হয় তেন্তে বহু দেশে আমেৰিকাৰ পৰা আমদানি কৰা বহু সামগ্ৰীৰ আমদানি হ্ৰাস কৰিবলৈ বাধ্য হ’ব।

লক্ষণীয় কথাটো হ’ল ট্ৰাম্পে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো সকলো আমদানিকৃত সামগ্ৰীৰ ওপৰত দহ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

যদি সেই প্ৰতিশ্ৰুতি ট্ৰাম্পে পূৰণ কৰে তেন্তে বহু দেশে সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰতো অধিক ধন ভৰিব লাগিব। ইউৰোপৰ বহু দেশে বিলাসী সামগ্ৰীৰ লগতে প্ৰযুক্তি খণ্ডৰ বহু সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰি আহিছে।

যদি তেনে সামগ্ৰীৰ ওপৰত দহ শতাংশ কৰ লগোৱা হয় তেন্তে বিভিন্ন দেশে ব্যাপক অৰ্থনৈতিক সংকটৰ গ্ৰাসত পৰিব লাগিব বুলি বিশেষজ্ঞমহলে ধাৰণা কৰিছে।

Health: গা ধুই শুলে মগজু দুৰ্বল হয় নেকি? জানি লওক এই বিষয়ে…

Health
Health

আমি প্ৰত্যেকেই জানো যে ভাল টোপনিৰ বাবে আমাৰ বাবে দৈনিক ব্যায়াম, গা ধোৱাটো অতি প্ৰয়োজনীয় গতিকে আমি গৰম পানীৰে গা ধুব লাগে। গৰম পানীৰে গা ধুলে শৰীৰত যথেষ্ট সকাহ পোৱা যায়।(Health)

গা ধোৱাৰ পিছত তিতা চুলিৰে শুই থাকিলে আঠুৱা বা বিচনাত বেক্টেৰিয়া হ’ব পাৰে। ইয়াৰ ফলত মূৰৰ ছালৰ ক্ষতি হ’ব পাৰে, চুলি চিগি যোৱাৰ সমস্যা বৃদ্ধি পায় আৰু চুলিত উফিও হ’ব পাৰে।(better sleep)

আকৌ প্ৰত্য়কদিনাই গৰম পানীৰে গা ধুলে চকুৰ আৰ্দ্ৰতা কমি যায়। যাৰ বাবে চকু ৰঙা হৈ পৰে আৰু খজুৱতিৰ সমস্যা আৰম্ভ হয়। ইয়াৰ বাবে চকুৰ লগত জড়িত আন বহুতো সমস্যাও হ’ব পাৰে।(Bathing can increase your body temperature)

ৰাতি গা ধুলে আপোনাৰ টোপনি নষ্ট হ’ব পাৰে আৰু দিনটোৰ ভাগৰ দূৰ নকৰে। টোপনিৰ অসুবিধা হ’লে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। মগজুতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। মানসিক চাপ আৰু হতাশা বৃদ্ধি পাব পাৰে।

ৰাতিৰ আহাৰ খোৱাৰ পিছত গা ধুলে ওজন বৃদ্ধি হ’ব পাৰে। ইয়াৰ ফলত ফিটনেছ নষ্ট হোৱাই নহয় বহু ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ সৃষ্টি হ’ব পাৰে। মেদবহুলতা বৃদ্ধিৰ লগে লগে ডায়েবেটিছৰ দৰে ৰোগৰ আশংকা থাকে।


ৰাতি গা ধুলে গাঁঠিৰ বিষ হ’ব পাৰে, যাৰ ফলত খোজ কঢ়াত অসুবিধা হ’ব পাৰে। গভীৰ নিশা গা ধুলেও পেশীৰ ক্ৰেম্প হ’ব পাৰে, যাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Vastu Tips: ঘৰত এই ৩টা বস্তু কেতিয়াও খালীকে নাৰাখিব, পৰিয়ালটো বিপদৰ সন্মুখীন হ’ব

Vastu Tips
Vastu Tips

সনাতন ধৰ্মত বাস্তু শাস্ত্ৰক অত্যন্ত গুৰুত্ব দিয়া হৈছে। বাস্তু শাস্ত্ৰখন ঘৰ নিৰ্মাণ আৰু তাত থকা বস্তুবোৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত। কোৱা হয় যে আমি যদি বাস্তুৰ নিয়ম মানি কোনো কাম কৰো তেতিয়া ঘৰত ধনাত্মক শক্তিৰ সোঁত বাঢ়ে আৰু পৰিয়ালটো আগবাঢ়ি যায়। একে সময়তে যদি বাস্তু শাস্ত্ৰৰ নীতি-নিয়ম নামানে তেন্তে মানুহ দৰিদ্ৰ হ’বলৈ বেছি সময় নালাগে। (Vastu Tips)

আজি আমি আপোনালোকক এনে ৩টা কথা ক’ম, ঘৰৰ কিছুমান বস্তু কেতিয়াও খালীকে ৰখা উচিত নহয়।(three things should never be kept empty) যদি এই নিয়ম সমূহ নামানে তেন্তে পৰিয়ালটোৱে লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। সেই ৩টা বস্তু কি জানো আহক-

খালী ফুলদানি(Empty vase)

বাস্তুশাস্ত্ৰৰ মতে ঘৰত ৰখা ফুলদানি কেতিয়াও খালী ৰাখিব নালাগে। তাত ৰখা ফুলবোৰ যদি শুকাই যায়, তেন্তে তাৰ ঠাইত নতুন ফুল দিব লাগে। ভৰোৱা ফুলদানিবোৰে সম্পৰ্ক ভালে ৰাখে। আনহাতে খালী ফুলদানিবোৰে জীৱনত সজীৱতাৰ অভাৱক প্ৰতিনিধিত্ব কৰে। সেয়েহে ফুলৰ টাব কেতিয়াও খালি কৰিব নালাগে।

বাথৰুমৰ বাল্টি(bathroom bucket)

ঘৰৰ বাথৰুমত গা ধোৱাৰ বাবে বাল্টি সকলোৱে ৰাখে। সেই বাল্টিটো সদায় পানীৰে ভৰাই ৰাখিব লাগে। ভৰোৱা বাল্টি এটা ঘৰখনৰ ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক। যদি আমি বাল্টিটো খালী ৰাখোঁ তেন্তে পৰিয়ালটোৱে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।

মানিবেগ বা পাৰ্চ(wallet or purse)

বাস্তু বিশেষজ্ঞৰ মতে কোনো ব্যক্তিয়ে নিজৰ মানিবেগ বা পাৰ্চ খালী ৰাখিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। বহুত টকা নাথাকিলেও পাৰ্চত কিছু টকা নিশ্চয়কৈ ৰাখিব লাগে। সম্পূৰ্ণ মানিবেগে ধন-সম্পত্তি আকৰ্ষণ কৰে, আনহাতে খালী মানিবেগে দৰিদ্ৰতাক আকৰ্ষণ কৰে। সেয়েহে এনে মানিবেগ পৰিহাৰ কৰা উচিত।

Susie Wiles: প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাসত হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি মহিলাক

Susie Wiles: আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা মুখ্য কৰ্মচাৰী
Susie Wiles: আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা মুখ্য কৰ্মচাৰী

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ঐতিহাসিক জয়ৰ পিছত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে সকলোকে আচৰিত কৰি তুলিছে। (Susie Wiles)আমেৰিকাৰ ইতিহাসৰ যিকোনো নেতাৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক প্ৰত্যাৱৰ্তন হিচাপে অভিহিত কৰা হৈছে। ৩৪টা অভিযোগত দোষী সাব্যস্ত হোৱা আৰু মুখ বন্ধ কৰি ৰাখিবলৈ পৰ্ণ ষ্টাৰক ধন দিয়াৰ গোচৰত ৰায়দানৰ বাবে অপেক্ষা কৰি থকা ট্ৰাম্পৰ বাবে এই প্ৰতিযোগিতা সহজ নাছিল। কিন্তু তেওঁ ডেম’ক্ৰেটিক দলৰ প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰিবলৈ সক্ষম হ’ল।(White House chief of staff)

ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ সফলতাৰে পৰিচালনা কৰা চুজি উইলছ সমগ্ৰ নিৰ্বাচনত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এতিয়া তেওঁক হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হৈছে, যিটো এক ঐতিহাসিক মুহূৰ্ত কাৰণ তেওঁ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।(Donald Trump)ট্ৰাম্পে প্ৰথমে নিযুক্তি দিয়া চুজি উইলছক প্ৰথম পুৰস্কাৰ দিছে। ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ ডিজাইন কৰা চুজি উইলছক ট্ৰাম্পে নিজৰ মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি দিছে।(Us Election Results 2024)

উইলছে সদায় নিজকে অতি সাধাৰণভাৱে ৰাখিছিল। পৰ্দাৰ আঁৰত থাকি তেওঁ ট্ৰাম্পক ৰাষ্ট্ৰপতি হিচাপে গঢ়ি তুলিবলৈ বহুত কষ্ট কৰিছিল। বুধবাৰে বিজয় উদযাপনৰ সময়ত যেতিয়া তেওঁ দৰ্শকক সম্বোধন কৰাৰ সুযোগ পাইছিল।

ট্ৰাম্পে এক বিবৃতিত কয় যে ছুজি অতি স্মাৰ্ট, অভিজ্ঞ, প্ৰশংসিত আৰু সন্মানীয়। আমেৰিকাক পুনৰ মহান কৰি তুলিবলৈ চুজিয়ে অক্লান্তভাৱে কাম কৰি যাব। আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা মুখ্য কৰ্মচাৰী হিচাপে চুজিক নিযুক্তি দিয়াটো এক অবিশ্বাস্য সন্মান। তেওঁ আমাৰ দেশক গৌৰৱান্বিত কৰিব তাত মোৰ কোনো সন্দেহ নাই।

হোয়াইট হাউছৰ মুখ্য কৰ্মচাৰীয়ে ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ সহায়ক হিচাপে কাম কৰে, প্ৰতিযোগী ৰাজনৈতিক আৰু নীতিগত অগ্ৰাধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰে আৰু ৰাষ্ট্ৰপতিৰ এজেণ্ডা কাৰ্যকৰী কৰে। কেৱল এয়াই নহয়, ৰাষ্ট্ৰপতিৰ লগত কাৰ সুবিধা আছে সেইটোও তেওঁলোকে পৰিচালনা কৰে আৰু লগতে ৰাষ্ট্ৰপতিৰ সময় কেনেকৈ, কাক আৰু কেতিয়া দিব সেইটোও সিদ্ধান্ত লয়।

Virat-Anushka Dosa Date: ডোছা ডেটত বিৰাট-অনুষ্কা, ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে হাঁহি হাঁহি ফটোৰ প’জ

Virat-Anushka Dosa Date
Virat-Anushka Dosa Date

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলী অন্যতম জনপ্ৰিয় চেলিব্ৰিটি দম্পতী। কন্যা ভামিকা আৰু পুত্ৰ অকয় নামৰ দুই সন্তানৰ পিতৃ-মাতৃ দুয়ো। প্ৰায়ে বিৰাট আৰু অনুষ্কাক প্ৰায়ে ইজনে সিজনৰ লগত মানসম্পন্ন সময় উপভোগ কৰা দেখা যায়।(Virat-Anushka Dosa Date)

শেহতীয়াকৈ এই দম্পতীহালে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টলৈ গৈ ডোছা খাবলৈ গৈছিল।(Bollywood) এই সময়ত দম্পতীহালে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে এখন ফটোও তুলিছিল যিখন এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।(Anushka Sharma)

দম্পতী অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে কটোৱা সময়খিনিৰ ফটো বা ভিডিঅ’ অনুৰাগীয়ে বহুত ভাল পায়। শেহতীয়াকৈ মুম্বাইৰ এখন বিখ্যাত ডোছা ৰেষ্টুৰেণ্টত দক্ষিণ ভাৰতীয় খাদ্যৰ সোৱাদ লৈছিল দম্পতীহালে।(Dosa) এই সময়ত দম্পতীহালে ভাইৰেল বেনে ডোছা টেষ্ট কৰে। এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ ফটো।(Virat kohli)

ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে হাঁহি হাঁহি এখন ফটো তুলে দম্পতীহালে। এই সময়ত দুয়োকে মূৰত টুপী পিন্ধি কেজুৱেল আউটফিটত দেখা গৈছিল। ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে পোজ দি থকাৰ সময়তে অনুষ্কাক কান্ধত ধৰি থকা দেখা গৈছিল বিৰাট কোহলীক।

Acidity Issues: ৰাতিপুৱা খালী পেটত নাখাব এইসমূহ বস্তু

Acidity Issues
Acidity Issues

ৰাতিপুৱাৰ প্ৰথম আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ, যিয়ে আমাক গোটেই দিনটোৰ বাবে শক্তি যোগান ধৰে। কিন্তু ৰাতিপুৱা কিছুমান বিশেষ বস্তু খালে এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। কিন্তু কিছুমান বস্তু ৰাতিপুৱা খালে এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। যদি পাচনতন্ত্ৰ সঠিকভাৱে কাম নকৰে তেন্তে গেছ, জ্বলা-পোৰা আৰু টেঙা টেঙা ভাৱ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।(Acidity Issues) বিশেষকৈ ৰাতিপুৱা উপযুক্ত খাদ্যাভ্যাসৰ প্ৰতি লক্ষ্য ৰাখিব নোৱাৰিলে এই সমস্যাবোৰ আৰু গুৰুতৰ হৈ উঠিব পাৰে।

ৰাতিপুৱা খালী পেটত কিছুমান খাদ্য গ্ৰহণ কৰিলে এচিডিটি বৃদ্ধি হোৱাৰ আশংকা থাকে। কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে জানো আহক-

১/ চাহ আৰু কফি(Tea and coffee)
বেছিভাগ মানুহৰে ৰাতিপুৱা খালী পেটত চাহ বা কফি খোৱাৰ অভ্যাস থাকে। কিন্তু এই পানীয়বোৰ এচিডিটিৰ মূল কাৰণ হ’ব পাৰে। এইবোৰত থকা কেফেইনে পেটৰ এচিডিটি বৃদ্ধি কৰি পেটৰ বিষ আৰু টেঙা বেলচিংৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে গৰম পানী বা নেমুৰ পানী সেৱন কৰাটো ভাল বুলি কোৱা হয়।

২) কমলা আৰু নেমুৰ দৰে ছাইট্ৰাছ ফল(Citrus fruits)
ছাইট্ৰাছ ফলত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে যদিও খালী পেটত সেৱন কৰিলে এচিডিটি বৃদ্ধি পাব পাৰে। কমলা, নেমু, আঙুৰৰ দৰে ফলৰ ফলত পেটত এচিড বৃদ্ধি কৰি গেছ আৰু জ্বলনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ফলবোৰ ব্ৰেকফাষ্টৰ লগত বা পিছত খোৱাটো ভাল।

৩/ দৈ(Yogurt)
দৈ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় যদিও ৰাতিপুৱা খালী পেটত দৈ খালে এচিডিটি বৃদ্ধি পাব পাৰে। দৈত থকা বেক্টেৰিয়াই ৰাতিপুৱা পেটৰ এচিডিটি বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পেটত অস্বস্তি আৰু জ্বলন অনুভূতিৰ সৃষ্টি হয়। যদি আপুনি দৈ খাব বিচাৰে তেন্তে ব্ৰেকফাষ্টৰ লগত খালী পেটত খাব নালাগে।

৪) ভজা আৰু টেঙা খাদ্য
ৰাতিপুৱা খালী পেটত টেঙা বা ভজা খাদ্য খোৱাটো এচিডিটিৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। এইবোৰ বস্তুৱে পাচনতন্ত্ৰত হেঁচা প্ৰয়োগ কৰি এচিডৰ উৎপাদন বৃদ্ধি কৰে। ইয়াৰ ফলত পেটৰ বিষ আৰু গেছৰ সমস্যা হ’ব পাৰে।

ৰাতিপুৱা প্ৰথম আহাৰ সদায় পাতল আৰু সহজে হজম হোৱা খাদ্য হ’ব লাগে। যেনে অটচ, ফল-মূল আৰু গৰম পানী। ইয়াৰ ফলত পেটত উপযুক্ত পুষ্টি লাভ হয় আৰু এচিডিটিৰ কোনো সমস্যা নাথাকে।

Chhath Puja 2024: সূৰ্যোদয়ৰ লগে লগে সামৰণি পৰিল ষট্ পূজাৰ, ব্ৰতৰ অন্তত কি গ্ৰহণ কৰে ভক্তই

সূৰ্যোদয়ৰ লগে লগে সামৰণি পৰিল ষট্ পূজাৰ
সূৰ্যোদয়ৰ লগে লগে সামৰণি পৰিল ষট্ পূজাৰ

শুকুৰবাৰে সূৰ্যোদয়ৰ লগে লগে সূৰ্য্য পূজাৰ মহান উৎসৱ ষট্ পূজাৰ অন্ত পৰে। নৈৰ পাৰত সূৰ্য দেৱতাক হাজাৰ হাজাৰ ভক্তই আৰাধনা কৰে৷(Chhath Puja 2024)

পৌৰাণিক আৰু ধৰ্মীয় বিশ্বাস অনুসৰি যিয়ে সূৰ্য্য ঈশ্বৰক পূজা কৰে তেওঁ সুখ, শান্তি আৰু সমৃদ্ধি পায়। (chhath puja end)

৮ নৱেম্বৰত পুৱা ৬:৩৮ বজাত সূৰ্য্য উদয় হয়। এই সময়ছোৱাত ভক্তসকলে সূৰ্য্যক অৰ্ঘ্য আগবঢ়াই আৰু তাৰ পিছত সেৱা আগবঢ়াই ব্ৰত ভংগ কৰিব।

ষট্ পূজাৰ ব্ৰত ভংগ কৰাৰ সময়ত প্ৰথমে গাখীৰ খোৱা হয় আৰু তাৰ পিছত সূৰ্য্য ঈশ্বৰৰ পূজাত আগবঢ়োৱা প্ৰসাদ গ্ৰহণ কৰে। ব্ৰত ভংগৰ লগে লগে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লোৱা হয়।

পাৰাণৰ পিছত তাত উপস্থিত থকা মানুহৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। এই সময়ত উপবাসীতকৈ কম বয়সীয়া লোকে উপাসকৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়।(parana)

ষট্ পূজাৰ ব্ৰত ভাঙি থাকোঁতে মনত ৰাখিব যে খাদ্য টেঙা হ’ব নালাগে। কাৰণ এনে কৰা উচিত নহয়।ষট্ পূজাৰ ব্ৰতৰ প্ৰভাৱৰ বাবে জীৱনত সুখ, ধন-সম্পত্তি আৰু সৌভাগ্য বৃদ্ধি পাব। ষট্ পূজাৰ সময়ত উপবাসৰ ফল সঠিক পদ্ধতিৰে ব্ৰত ভংগ কৰিলেহে পোৱা যায়।

67th Commonwealth Parliamentary Conference: ছিডনীত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী

67th Commonwealth Parliamentary Conference: ছিডনীত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী
67th Commonwealth Parliamentary Conference: ছিডনীত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী

গুৱাহাটী, ৭ নবেম্বৰঃ অষ্ট্ৰেলিয়াৰ ছিডনীৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত অনুষ্ঠিত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনৰ(67th Commonwealth Parliamentary Conference) বৃহস্পতিবাৰে অন্ত পৰিল।

আজি কমনৱেলথ সংসদীয় সন্থাৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু চিপিএ ভাৰত অঞ্চলৰ সমৰ্থিত প্ৰাৰ্থী ড° ক্রিষ্টোফাৰ কালিলা(Dr. Christopher Kalila), সাংসদ (চিপিএ(CPA) জাম্বিয়া শাখা) চিপিএৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

সাধাৰণ সভাৰ অন্ত পৰাৰ পিছত আজি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ সময়ত উপাধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হয়, য’ত নিউজিলেণ্ডৰ সাংসদ কাৰ্মেল চেপুলোনি আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে(Assam Assembly Speaker Biswajit Daimari) সমৰ্থন কৰা এজন প্ৰাৰ্থীকো নতুন উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়।

পৰৱৰ্তী সন্মিলন, ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলন (৬৮ চিপিচি) বাৰ্বাডোছত ৬ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ, ২০২৫ লৈ অনুষ্ঠিত হ’ব।

এই সন্মিলনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, উপাধ্যক্ষ ড° নুমল মমিন(Dr. Numal Momin), সচিব দুলাল পেগু, যুটীয়া সচিব দীৰ্ঘ বৰুৱা, অধ্যক্ষৰ সচিব থাং জয়ফুল টনছিং আৰু অধ্যক্ষৰ অ’এছডি সৌমান বৰুৱাও উপস্থিত থাকে।

বিভিন্ন কৰ্মশালা, ছ’চাইটি অৱ ক্লাৰ্কছ এট দ্য টেবুল ৰ বৈঠক আদি সন্মিলনত অনুষ্ঠিত হয়। সন্মিলনখন সফল কৰি তোলাৰ বাবে প্ৰতিনিধি দলৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

 ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্য দেৱতাক পূজা আৰু স্মৰণ

সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই ষট পূজা 
সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই ষট পূজা 
সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই ষট পূজা 

Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ

Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ
Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ

ধুবুৰী, ৭ নৱেম্বৰ : ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

জিলা সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ সভাপতি তথা সাহিত্যিক গীতালী বৰুৱা সভাপতিত্ব বহা সভা খনত মুখ্য অতিথি হিচাবে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা উপস্থিত আছিল।লগতে ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ অনুষ্ঠানত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ অলকা শৰ্মাই ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহৰ তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে।


কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত কাছাৰীহাট শাখা সাহিত্য সভাৰ সুভাষ চন্দ্ৰ ৰায় সম্পাদক কাব্যান্দু বিকাশ অতিথি সকলক ফুলাম গামোছাৰে আদৰণী জনায়। অভ্যৰ্থনা সমিতিৰ সভাপতি মেহবুব হুছেইনে আদৰণী ভাষণ প্ৰদান কৰে। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত লেখক তৰনীকান্ত ৰায়ৰ ‘ডাঙ্কাৰ বিলৰ মাছ ‘ গ্ৰন্থ খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে অসমৰ সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই। লগতে সাহিত্যিক গীতালী বৰুৱা প্ৰকাশিত বহুকেইখন গ্ৰন্থ কাছাৰীহাট শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল হাতত অৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মোছলেমউদ্দিন আহমেদে ।তাৰোপৰি লেখক মুকুল কুমাৰ নাথৰ ‘মানৱতাৰ ঠিকনা বিচাৰি ‘গ্ৰন্থ খন কাছাৰীহাট সাহিত্য সভাক অৰ্পণ কৰে। সভাৰ আৰম্ভণীতে”চিৰ চেনেহী মোৰ ভাষা জননী” গীত আৰু সামৰণিত জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ ‘ সমবেত সংগীতেৰে কাছাৰীহাট অনুষ্ঠানৰ সমৰণি পৰে।