Home Blog Page 472

Asthma Patients: সাৱধান! প্ৰদূষণ হাঁপানী ৰোগীৰ বাবে মাৰাত্মক, হাঁপানীৰোগীয়ে অৱলম্বন কৰক এই সমূহ সাৱধানতা

Asthma Patients: সাৱধান! প্ৰদূষণ হাঁপানী ৰোগীৰ বাবে মাৰাত্মক
Asthma Patients: সাৱধান! প্ৰদূষণ হাঁপানী ৰোগীৰ বাবে মাৰাত্মক

বায়ু প্ৰদূষণৰ মাত্ৰা অধিক হোৱা দিনত হাঁপানী ৰোগীয়ে অতিৰিক্ত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। কাৰণ বায়ুৰ গুণাগুণে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। প্ৰথমতে বায়ুৰ গুণাগুণ সূচকাংক (AQI) নিয়মিতভাৱে নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ।(Asthma Patients)AQI ২০০ ৰ ওপৰত উপনীত হ’লে বাহিৰৰ কাম-কাজ কম পৰিমাণে কৰক, আনহাতে ৩০০ বা ৪০০ ৰ ওপৰৰ স্তৰত সকলোৱে যিমান পাৰি ঘৰৰ ভিতৰত থাকিব লাগে। (poor air quality)ৰাতিপুৱা বাহিৰলৈ ওলাই যোৱাটো বিপদজনক হ’ব পাৰে হাঁপানী ৰোগী কিয়নো সেই সময়ত ধোঁৱাৰ বাবে প্ৰদূষণৰ মাত্ৰা অধিক হোৱা সময়। এই সময়ত হাঁপানী ৰোগীয়ে বাহিৰলৈ ওলাই গৈ ব্যায়াম কৰাটো পৰিহাৰ কৰিব লাগে। প্ৰদূষণ সাধাৰণতে পুৱা আৰু গধূলি বেছি হয়।(pollution)এই সময়ত ঘৰৰ বাহিৰত ব্যায়াম কৰাটো পৰিহাৰ কৰক আৰু ব্যায়াম কৰিবলগীয়া হ’লে পিছবেলা সময়খিনিত ব্যায়াম কৰক।

বিশেষকৈ হাঁপানী ৰোগীয়ে মাস্ক পৰিধান কৰিব লাগে। লগতে চিকিৎসকে দিয়া সকলো ঔষধ নিয়মীয়া আৰু সময়মতে ব্যৱহাৰ কৰিব লাগে। নাকৰ এলাৰ্জী হ’লে চিকিৎসকৰ নিৰ্দেশ অনুসৰি নাকৰ স্প্ৰেও ব্যৱহাৰ কৰিব লাগে।(pollution days can be fatal for asthma patients)

স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখক। ঘৰৰ ভিতৰত পৰিষ্কাৰ পৰিৱেশ বজাই ৰখা আৰু এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিলে ঘৰৰ ভিতৰৰ বায়ুৰ গুণাগুণ উন্নত হ’ব পাৰে। ইয়াৰ লগতে ধূমপান, ধূলি আৰু অন্যান্য ধৰণৰ বায়ু প্ৰদূষণৰ পৰা যিমান পাৰি দূৰত থাকিব। সুষম খাদ্য আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খালে হাঁপানী ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে। ফল-মূল আৰু শাক-পাচলিত পোৱা এন্টিঅক্সিডেন্টে প্ৰদূষণৰ ফলত হোৱা অক্সিডেটিভ চাপৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে।

Atul Bora: ভূপেন বৰাক বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছেঃ অতুল বৰা

Atul Bora: ভূপেন বৰাক বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছেঃ অতুল বৰা
Atul Bora: ভূপেন বৰাক বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছেঃ অতুল বৰা

গুৱাহাটী, ৬ নৱেম্বৰঃ এইকেইদিন ভূপেন বৰাকতো(Bhupen Bora) বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছে ৷ এইফালে অলপ ঘূৰা পকা কৰি আছে ৷ দেৱব্ৰত শইকীয়াও অলপ ঘূৰা পকা কৰি আছে আৰু পাৰ্যমানে আমাক গালি পাৰিছে ৷ কৈছে অগপ মানে অতুল বৰাৰ(Atul Bora) দল, কেশৱ মহন্তৰ দল, ফণীভূষণ চৌধুৰীৰ দল ৷

অসম গণ পৰিষদ ৰাইজৰ তেজেৰে গঢ়া দল আৰু এই কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ এই মন্তব্য অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৷ বুধবাৰে বঙাইগাঁৱত সমষ্টিটোৰ উপ নিৰ্বাচনৰ অগপ, বিজেপি আৰু ইউপিপিএল মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আদিৰ লগতে কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ এইদৰে কয় ৷

উল্লেখ্য যে মঙলবাৰে বঙাইগাঁৱৰ এখন নিৰ্বাচনী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অগপ দল আৰু দলটোৰ সভাপতি আদিক সমালোচনা কৰি কৈছিল যে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীয়ে ব্যক্তিগত ৰাজনৈতিক উচ্চাকাংক্ষাক জীয়াই ৰাখিবৰ কাৰণে অগপ দলটোকে ড° হিমন্ত বিশ্ব শর্মাৰ ওচৰত বন্ধকত থৈছে ৷

এতিয়া অগপ মানে কেৱল এই তিনিজন মানুহ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা এই মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে যেন টিঙিৰি তুলা হৈ পৰিছে অগপ সভাপতি অতুল বৰা ৷ যাৰ বাবে বুধবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত নিজৰ ভাষণত আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ সভাপতি বৰাক ৷

অগপ দলৰ সভাপতি অতুল বৰাই কয় যে তেখেতে আনক সমালোচনা কৰাৰ পৰিৱৰ্তে নিজৰ দলটো ঠিক কৰক ৷ ভৰিৰ তলৰ পৰা মাটি চপৰা চপৰে খহিছে ৷ পৰাজয়ৰ অভিলেখ গঢ়িছে ৷ দেশত কংগ্ৰেছে পৰাজয়ৰ অভিলেখ গঢ়িছে, ৰাজ্যখনৰ প্ৰতিটো নিৰ্বাচনত পৰাজয়ৰ অভিলেখ গঢ়িছে ৷

তথাপিতো গা লৰা নাই, দাংকোব পৰা কথা ৷ আকাশত চাং পতা মানুহ হৈছে ভূপেন বৰা ৷ এতিয়া ভালকে পৰ্যৱেক্ষণ কৰিলে দেব যে কংগ্ৰেছৰ লাহে লাহে মানুহবিলাক নোহোৱা হৈছে আৰু য’ত ত’ত মানুহ বিচাৰি ফুৰিছে ৷ বেলেগৰ পৰা আনি কংগ্ৰেছে টিকত দিবলগীয়া হৈছে ৷সম্ভৱত এইটোৱে একমাত্ৰ ৰাজনৈতিক দল যিটো দলত যোগদান কৰাৰ আগতে প্ৰাৰ্থিত্ব দিয়ে ৷

বিহালীত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে ৷ ইয়াতো তেনেকুৱাই বুলিব লাগিব ৷ কংগ্ৰেছ এচাম মানুহে বিজেপি মিত্ৰজোঁটৰ শাসন গ’ল, অগপৰ শাসন গ’ল, কংগ্ৰেছৰতো শাসন আছিলেই ৷ কিছুমান পুৰণি কংগ্ৰেছীসকলৰ অৱস্থা নাই ৷ নতুন মানুহ আহি গ’ল ৷ সেয়ে কৈছো যে কংগ্ৰেছৰ এতিয়া জঁকাটো আছে ৷ ইয়াৰ পিছতো আৰু ভূপেন বৰাই কেতিয়াবা কেতিয়াবা মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে ৷ আমি তেওঁক ক’ব খোজো যে আপুনি নিজৰ দলত চকু দিয়ক ৷

কংগ্ৰেছ দলটো এতিয়া এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৷ দুৰাৰোগ্য ৰোগ বুলিলে আমাৰ সচৰাচৰ মনলৈ আহে কেন্সাৰৰ কথা ৷ গতিকে কংগ্ৰেছ দলটো এতিয়া কেন্সাৰত আক্ৰান্ত ৷ ক্ষমতাৰ স্বাৰ্থত কেতিয়া কাৰ লগত মিত্ৰতা কৰে ঠিক নাই ৷ যেতিয়া চোলাটো দৰকাৰ হয় তেতিয়া চোলাটো পিন্ধে আৰু যেতিয়াই নালাগে বুলি ভাবে তেতিয়াই বুটাম খুলি দলিয়াই দিয়ে৷ এয়াই হৈছে কংগ্ৰেছ৷ এতিয়া আমি কংগ্ৰেছক সমালোচনা কৰিব নালাগে ৷

কাৰণ যিসকলৰ লগত সৌ সিদিনালৈকে হোটেলত চাহ খাইছিল, ভাত খাইছিল, একেলগে দাংকোব মৰা কথা কৈছিল এতিয়া সেইসকলেই তেওঁলোকৰ বিৰুদ্ধে যিখিনি ক’ব লাগে কৈ আছে৷ কংগ্ৰেছ এতিয়া দিশহাৰা হৈছে ৷ গতিকে আমি ভাবো যে আমীৰ অগপ, বিজেপি আৰু উইপিপিএলৰ সমৰ্থক আছে এইসকলে তেওঁলোকৰ বিষয়ে একো ক’বলৈ প্ৰয়োজন নাই ৷ ৰাইজে বুজি পাইছে আৰু ৰাইজে তেওঁলোকক উচিত শিক্ষা দিব বুলিও কয় ৷

ইপিনে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অগপ সভাপতি বৰাই কয় যে কংগ্ৰেছ কতো নিজিকে ৷ বঙাইগাঁৱতে চাওক আজিলৈকে বঙাইগাঁৱৰ ৰাইজ কংগ্ৰেছৰ ফালে যোৱা নাই৷ আনকি কংগ্ৰেছৰ শাসনৰ সময়তো যোৱা নাই ৷ কংগ্ৰেছ দল এটা ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত দল৷ যাৰ বাবে দেশৰ এখনৰ পিছত আন এখন ৰাজ্যত পৰাজয় বৰণ কৰিছে ৷

আনহাতে কংগ্ৰেছে পুনৰ বিৰোধী একত্ৰিত হ’ব বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে তেওঁলোকৰ পক্ষে সম্ভৱ নহ’ব ৷ বিৰোধীৰ যি সপোন সেয়া সপোন হৈয়ে ৰ’ব৷

Alliance Candidate Diptimoy Chowdhury: বঙাইগাঁৱত মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ- আজি ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে

Alliance Candidate Diptimoy Chowdhury: বঙাইগাঁৱত মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ- আজি ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে
Alliance Candidate Diptimoy Chowdhury: বঙাইগাঁৱত মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ- আজি ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে

গুৱাহাটী, ৬ নবেম্বৰঃ ফণীভূষণ চৌধুৰীয়ে সাংসদ হ’বলৈ ইমান ইচ্ছা কৰা নাছিলে(Alliance Candidate Diptimoy Chowdhury)৷ মই যেতিয়া প্ৰথমে ফণীভূষণ চৌধুৰীক সাংসদ হ’বৰ কাৰণে আপুনি প্ৰাৰ্থী হ’ব লাগে বুলি উল্লেখ কৰিছিলো তেখেতে মোক কৈছিল যে তেখেতৰ তেনেকুৱা কোনো আশা নাই৷

মই বঙাইগাঁৱৰ ৰাইজৰ লগতে থাকিব খোজো আৰু বঙাইগাঁৱৰ বিধায়ক হৈয়ে থাকিব খোজো৷ সাংসদ হ’ব নিবিচাৰো৷ মই অতুল বৰা, কেশৱ মহন্তক অনুৰোধ কৰিছিলো যে আসনখন যিহেতু আমি অগপক দিম সেয়ে ফণীদাতকৈ ভাল প্ৰাৰ্থী নাই৷ গতিকে আপোনালোকে ফণীভূষণ চৌধুৰীক অনুৰোধ কৰক আৰু মইএ যথেষ্ট অনুৰোধ কৰাৰ পিছত অৱশেষণত ফণীদাই নিৰ্বাচন খেলিবলগীয়া হ’ল৷ যেতিয়া ফণীভুষণ চৌধুৰীয়ে নিৰ্বাচন খেলিলে তেখেত জিকিলে আৰু উপ নিৰ্বাচন আহিলে৷

আমাৰ চৰকাৰৰ আৰু ডেৰ বছৰ কাৰ্যকাল আছে৷ এই ডেৰটা বছৰ যাতে ফণীভূষণ চৌধুৰীৰ দিনত হাতত লোৱা কীম-কাজসমূহ সম্পূৰ্ণ কৰিব পাৰো সেই কাৰণে আমি এই আসনখন অগপ দলৰ প্ৰতি আগবঢ়াইছিলো আৰু অগপ দলে ৰাইজৰ পৰা মতামতলৈ সকলোৰে লগত আলোচনা কৰি দীপ্তিময়ী চৌধুৰীক এই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আগবঢ়াইছে৷ মই ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে ফণীদাক যিমান ভোটত জিকাইছিলে, কাৰণ ফণীদা এজন পুৰুষ আছিলে এতিয়া নাৰী শক্তিও সংযোজিত হ’ল৷

সেয়ে ফণীদাতকৈও বিপুল ভোটত আপোনালোকে যাতে দীপ্তিময়ী চৌধুৰীক জয়ী কৰায় তাৰ বাবে অনুৰোধ জনাম৷ এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি এইদৰে কয়৷

বঙাইগাঁও চহৰৰ গান্ধী ময়দানত কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অগপ, বিজেপি আৰু ইউপিপিএল মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত কয় যে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই থাকো আৰু গুৱাহাটীৰ পিছত মই যোৱা চাৰে তিনি বছৰত আটাইতকৈ বেছি বঙাইগাঁওলৈ আহিছো আৰু বঙাইগাঁও সমষ্টিত আৰু বঙাইগাঁও জিলাত যিমান পৰা যায় সিমান কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো ৷

২০২২ চনৰ পাঁচ ডিচেম্বৰত মই প্ৰথমবাৰ বঙাইগাঁওলৈ আহিছিলো আৰু ৭১৩ কৌটি টকাৰ উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছিলো৷ মই বঙাইগাঁৱত অহাৰ সময়ত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, নতুনকৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম আৰম্ভ কৰিছিলো আৰু বিভিন্ন ধৰণৰ অসম মালাৰ পথকে ধৰি বহুকেইটা উন্নয়নমূলকসকাম হাতত লৈছিলো৷

দুৰ্গা পূজাৰ সময়ত মই আকৌ বঙাইগাঁওলৈ আহিছিলো আৰু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ যিটো গতি তাক দেখি মোৰ সঁচাকৈ ভাল লাগিছিল আৰু আজি মই গৌৰৱেৰে কৈছো যে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে আমি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খন ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়াম৷ চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিম৷

২০২৩ চনৰ চনৰ ২৭ ফেব্ৰুৱাৰীত মই বঙাইগাঁও জিলালৈ আকৌ এবাৰ আহিছিলো আৰু তেতিয়া ৫৫৭ কৌটি টকাৰ আৰু উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছিলো৷ শেহতীয়াকৈ এই বছৰৰ পাঁচ মাৰ্চত মই বঙাইগাঁওলৈ অহাৰ সময়ত আৰু ১৬৮ কৌটি টকাৰ কামৰ আধাৰশিলা স্থাপন বা উদ্বোধন কৰিছিলো৷ বীৰচিলাৰায় উৰণ সেতুত থীম পাৰ্ক, বিসৰ্জন ঘাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ স্থায়ী ভেঁটি , বঙাইগাঁও জিলা পুথি ভঁৰালত বীৰ চিলাৰায় আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তি, ইকো পাৰ্ক প্ৰকল্প, বঙাইগাঁও চহৰত নতুন সন্মিলিত কক্ষ আৰু বঙাইগাঁও জিলাত বিশেষকৈ বৰঘোলাৰ পৰা কীৰ্তনপাৰা পথত আই নদীৰ ওপৰত বিশাল দলঙৰো উদ্বোধন কৰিছিলো৷

ইয়াৰ উপৰিও বঙাইগাঁও জিলাত কেইবাটাও নতুন নতুন পথ, নতুন নতুন আঁচনি আৰম্ভ কৰিছিলো৷ ইয়াৰ ভিতৰত হাতত লোৱা ডাঙৰ আঁচনি আছিল বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নতকৰণ৷ ইতিমধ্যে অসম বিধান সভাই বঙাইগাঁও বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে অনুমতি দিছে আৰু আমি ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগতে নামভৰ্তিৰ পৰ্যায়লৈ লৈ যাম৷ লগতে বঙাইগাঁও বিশ্ববিদ্যালয়কো পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

তেওঁ লগতে কয় যে আজি বঙাইগাঁও নামনি এখনৰ এখন গৌৰৱময় চহৰ৷ কংগ্ৰেছ দলৰ শাসনৰ সময়ত কেতিয়াও গুৰুত্ব দিয়া হোৱা নাছিল৷ আজি বঙাইগাঁৱত বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ, চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য চলি আছে৷ বঙাইগাঁৱে স্বাধীনতাৰ পিছত ইমানখিনি গুৰুত্বপূৰ্ণ স্থান আগতে কেতিয়াও ল’ব পৰা নাছিল৷ মই ধন্যবাদ জনাম যে ফণীভূষণ চৌধুৰীৰ নিৰন্তৰ তপস্যা আৰু শ্ৰমৰ ফলত আজি বঙাইগাঁও অসমৰ ভিতৰতে এটা বিকশিত আৰু সুন্দৰ সমষ্টিলৈ ৰূপান্তৰ হৈছে৷

আমি আশা কৰো ফণীভূষণ চৌধুৰীয়ে যোৱা সময়চোৱাত যি কাম হাতত লৈছিল সেই গোটেইখিনি কাম সম্পূৰ্ণ কৰিবলৈ আমি দীপ্তিময়ী চৌধুৰীক বিপুল ভোটত জয়ী কৰিব লাগিব আৰু বঙাইগাঁৱৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাক এক নতুন দিগন্তলৈ লৈ যাব লাগিব৷ বিজেপি চৰকাৰখনে জাতি, মাটি,ভেঁটিৰ লগতে আমি নিৰন্তৰভাবে অসমৰ বিকাশ আৰু অসমক নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে গুৰুত্ব আৰোপ কৰিছো বুলি কৈ কয় যে আমাৰ ৰাজ্যত চাৰিওফালে এক উন্নয়নৰ পৰিৱেশৰ সৃষ্টি হৈছে৷

অসমৰ বুকুৰ পৰা সন্ত্ৰাসবাদ, হত্যা-হিংসা নোহোৱা হ’ল৷ আজি আমাৰ ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে৷ আজি যদি আমি বঙাইগাঁৱে নহয়, সমগ্ৰ ৰাজ্যখনত চাওঁ, আমাৰ যিমান সমস্যা আছিলে বড়ো আন্দোলনৰ সমস্যা, কাৰ্বি আন্দোলনৰ সমস্যা, আমাৰ মাজত থকা বিভিন্ন সমস্যা যিয়ে আমাৰ জাতিটোক দুৰ্বল কৰিছিল সেই সকলোবোৰ সমস্যা আমি যোৱা চাৰে তিনিটা বছৰত লাহে লাহে মীমাংসা কৰিবলৈ সক্ষম হৈছিলো ৷

আজি আমাৰ ৰাজ্যখনত এক নতুন পৰিৱেশ সৃষ্টি হৈছে ৷ যুৱক- যুৱতীসকলৰ মাজত এটা নতুন আশাৰ প্ৰতিচ্ছবি নিৰ্মাণ হৈছে বুলিও কয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে অসমত আটাইতকৈ ডাঙৰ পৰীক্ষা আছিল মেষ্ট্ৰিক পৰীক্ষা ৷ মেট্ৰিকত পাঁচ লাখতকৈ বেছি ল’ৰা – ছোৱালীয়ে পৰীক্ষা দিয়ে আৰু তাতোকৈ ডাঙৰ পৰীক্ষা আৰু আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাই ৷

কিন্তু আজি আমাৰ ৰাজ্যত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ বাবে যি পৰীক্ষা অনুষ্টিত কৰো তাত মেট্ৰিকতকৈও ডাঙৰ পৰীক্ষা হয় আৰু বাৰ লাখ ল’ৰা – ছোৱালীয়ে পৰীক্ষাত বহে ৷ সকলোৰে মনত বিশ্বাস হয় যে নিজৰ ল’ৰাটোৱে যদি ভালকৈ পঢ়ে আৰু পৰীক্ষা দিয়ে তেতিয়াহলে চাকৰি পাব পাৰে ৷ এতিয়া আৰু কোনেও নেভাবে চাকৰি পাবলৈ হলে কোনোবা ৰাজনৈতিক নেতাৰ ঘৰলৈ যাব লাগিব, দহ লাখ বিশ লাখ টকা কোনোবাক ঘোচ দিব লাগিব ৷

লোকসেৱাৰ পৰীক্ষাই হওক, তৃতীয়, চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাই হওক বা আৰক্ষীৰ পৰীক্ষাই হওক অসমৰ মানুহৰ মাজত এটা আস্থা আৰু বিশ্বাসৰ সৃষ্টি হৈছে ৷ দুখীয়া ঘৰৰ ল’ৰা – ছোৱালীয়েও চাকৰি পোৱাৰ ফলত শিক্ষাৰ প্ৰতি ল’ৰা – ছোৱালীৰ ঢাউতি বাঢ়িছে, মনোযোগ বাঢ়িছে ৷ পঢ়া- শুনাৰ পৰিৱেশ বাঢ়িছে ৷ এক লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰি এতিয়া আমি অহা দহ মে তাৰিখে ডেৰ লাখ চাকৰি সম্পূৰ্ণ কৰিবলৈ গৈ আছো ৷

ইপিনে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয় যে সেই সময়ত কংগ্ৰেছ দলৰ এজন মন্ত্ৰী আছিল ৰকিবুল হুছেইন ৷ মই ফেচবুকত তেওঁৰ এটা সাক্ষাৎকাৰ চাই আছিলো ৷ তাতে তেওঁ কৈছিলে যে মই চাকৰি দিয়া ল’ৰাই মোক বিৰোধিতা কৰি আছে ৷ কংগ্ৰেছৰ দিনত এটা অভিযোগ আছিল যে অসমৰ আৰক্ষী বিভাগত ৰকিবুল হুছেইনে যাকে ইচ্ছা কৰে তাকে চাকৰি দিছিল ৷

যোৱা পৰহি দিনাখন নিজে ফেচবুকত কৈছে যে মই চাকৰি দিয়া ল’ৰাই মোক বিৰোধিতা কৰি আছে ৷ তাৰমানে কংগ্ৰেছৰ দিনত অকল ৰাকেশ পালে চাকৰি দিয়া নাছিল ৷ ৰকিবুল হুছেইনেও নিজৰ ইচ্ছামতে চৰকাৰী চাকৰি যে দিছিল সেই কথা তেখেতৰ মুখেৰে প্ৰকাশ পাইছে ৷ মই আৰক্ষী বিভাগক কৈছো যে আপোনালোকে অতি সোনকালে গোচৰ এটা পঞ্জীয়ণ কৰক আৰু ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছিল সেই তালিকাখন বাহিৰ কৰক ৷

কাৰণ সেই তালিকাখন জনাটো অসমৰ মানুহৰ প্ৰয়োজনীয় ৷ কংগ্ৰেছৰ দিনত কেৱল ৰকিবুল হুছেইনে চাকৰি দিয়া নাছিল ৷ ৰাকেশ পালে এক কৌটি ডেৰ কৌটি টকালৈ চাকৰি দিছিল ৷ বঙাইগাঁৱত এক কৌটি টকা দি চাকৰি ল’ব পৰা কোনোবা আছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি আমি এক কৌটি টকা নহয় বৰং এটকাও নোলোৱাকৈ চাকৰি দিছো ৷

লগতে নিযুক্ত পত্ৰ ল’বলৈ যোৱাৰ সময়ত ডিঙিত গামোচা এখন পিন্ধাই সম্বৰ্ধনা জনাও ৷ তেওঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আঁচনিৰ কথা উল্লেখ কৰি কয় যে যোৱা ত্ৰিশ তাৰিখে অসমৰ ২৫ হাজাৰ ২ শ ৩৮ জন ল’ৰা – ছোৱালীক ব্যৱসায় কৰিবলৈ দুই লাখকৈ টকা আগবঢ়াইছো ৷ ইয়াৰে এক লাখ টকা চৰকাৰক ঘুৰাই দিব লাগিব আৰু এক লাখ টকা ঘূৰাব নালাগে ৷ আবেদন চলি আছে আৰু অহা তিনিমাহৰ ভিতৰত আকৌ ৭৫ হাজাৰ ল’ৰাক দুই লাখ টকাকৈ আগবঢ়াম ৷

যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি খাব পাৰে, পৰিয়ালটোক আগবঢ়াই নিব পাৰে ৷ ডেৰ লাখ চাকৰি, দুই লাখ ল’ৰা – ছোৱালীক আত্ম নিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি ৷ যোৱা চাৰে তিনি বছৰ আৰু আহিবলগীয়া ডেৰটা বছৰত আমাৰ অসমত পাঁচ লাখ ল’ৰা – ছোৱালীয়ে কৰ্ম সংস্থাপন লাভ কৰিব ৷ ৰাজ্যত শান্তিৰ পৰিৱেশ ঘূৰি অহাত আন্দোলন, বঙাইগাঁও বন্ধ, জিলা বন্ধৰ ঘটনাবোৰ লাহে লাহে নোহোৱা হৈছে ৷

আমি কাকো দাবী ধমকি দিয়া নাই যে আন্দোলন নকৰিব ৷ এতিয়া ল’ৰা – ছোৱালীৰ আন্দোলন কৰাৰ সময় নাই ৷ ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব ৷ মাৰ্চত লগে লগে আৰক্ষী আৰু নতুন চাকৰি ৩৫ হাজাৰৰ বিজ্ঞাপন উলিয়াই দিম ৷ আমি আমাৰ যুৱক শক্তিক যাতে বিপথে পৰিচালিত নহয় তাৰ বাবে ব্যস্ত কৰি ৰাখিছো ৷ আনহাতে অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি কয় যে ১৯ চেপ্টেম্বৰৰ পৰা অৰুণোদয় ৩.০ আঁচনি আৰম্ভ কৰিছো আৰু বঙাইগাঁও সমষ্টিত নতুনকৈ ১৫ হাজাৰ পৰিয়ালক দিম আৰু তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

সেইদৰে আয়ুষ্মান ভাৰত আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া আমি সিদ্ধান্ত লৈছো ৭০ বছৰৰ ওপৰৰ যি কোনো পুৰুষ – মহিলা, তেওঁ পেঞ্চন পাওক বা নাপাওক, চৰকাৰী বিষয়া – কৰ্মচাৰী আছিল বা নাছিল যদিও পাঁচ লাখ টকাৰ চিকিৎসা সাহাৰ্য লাভ কৰিব ৷ পৰিয়ালৰ ৰেচন কাৰ্ড নাথাকিলেও এই সুবিধা লাভ কৰিব ৷ আমি সকলোকে কাৰ্ড বনাই দিম ৷ আমাৰ চৰকাৰৰ দিনত ৰাজ্যখনত ১০ লাখ ৭৩ হাজাৰ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিছো ৷

মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ৰাইজক ভূমিৰ অধিকাৰ দিবলৈ সক্ষম হৈছিলো ৷ যোৱা কেইদিনমান আগতে মই বঙাইগাঁও জিলাত আহোতে প্ৰিমিয়াম বেছি হোৱাৰ কাৰণে ৰাবাৰ বাগান থকা যুৱক- যুৱতীসকলে মাটিবোৰ ল’ব পৰা নাই ৷ বঙাইগাঁও জিলাৰ ৰাবাৰ বাগানৰ কাৰণেও তেওঁ প্ৰিমিয়াম কম কৰি দিয়াৰ কথা ঘোষণা কৰে যাতে তেওঁলোকে মাটি ল’ব পাৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত কয় যে মিছন বসুন্ধৰাৰ বাবে মাটিৰ আবেদন কৰিবৰ বাবে আমাক তিনিটা প্ৰজন্মৰ কাগজ লাগে ৷ কেইদিনমান আগতে চাহ বাগিছা, আদিবাসী আৰু কেইটামান সম্প্ৰদায়ক আমি তিনিটা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিছিলো ৷ কিন্তু এই সভাত ঘোষণা কৰিব খুজিছো যে অসমৰ কোচ ৰাজবংশী লোকসকলেও তিনিটা প্ৰজন্মৰ কাগজ দিব নেলাগে ৷ যেনেকে এছ টি, এছ চিয়ে দিব নালাগে তেনেকে কোচ ৰাজবংশী বা আমাৰ অবিচি, এমঅবিচি সম্প্ৰদায়ৰ লোকেও কোনো তিনিটা প্ৰজন্মৰ কাগজ দিব নালাগে ৷ তেওঁ লোককো আমি তিনিটা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিছো যাতে মিছন বসুন্ধৰাত সকলো লোকে আমাৰ মাচি বাৰী ল’ব পাৰে ৷

তেওঁ আত্ম সহায়ক গোটৰ সদস্য সকলৰ বেংক একাউণ্টত মাৰ্চ মাহৰ আগতে দহ হেজাৰকৈ টকা জমা হ’ব বুলিও কয় ৷ ৪০ লাখ মহিলাই আবেদন কৰিছিল আৰু সেইবোৰ চালিজাৰি চোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হোৱা বুলি কয় ৷ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক গাখীৰ নিদিয়া বলধ গৰুৰ লগত তুলনা কৰি কয় যে কিছুমানে ভুলতে গৈ কংগ্ৰেছক ভোট দিব ৷ ভোট দিয়াৰ ছয়মাহ পিছত ক’ব পথ হোৱা নাই, চিকিৎসালয় হোৱা নাই,বিদ্যালয় হোৱা নাই ৷ কংগ্ৰেছ বিধায়কৰ ঘৰত গৈ কম আপোনাকতো ভোট দিলো আমাৰ কাম কিয় নহ’ল ৷ তেতিয়া কংগ্ৰেছ বিধায়কজনে ক’ব যে ভোট দিয়াৰ আগতে সুধিছিলি নেকি দিছপুৰ আৰু দিল্লীত আমাৰ চৰকাৰ আছে নে নাই ? দিল্লীত নৰেদ্ৰ মোদীৰ চৰকাৰ, দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৷

সেয়ে কংগ্ৰেছক ভোট দিয়াতকৈ দীপ্তিময়ী চৌধুৰীক ভোট দিলে বেছি কাম হ’ব ৷ তেওঁ ৰাইজক দীপ্তিময়ী চৌধুৰীক ফণীভূষণ চৌধুৰীয়ে যি ৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছিল তাতোকৈ অধিক ভোটত অৰ্থাৎ ৪১ হাজাৰ ভোটত জয়ী কৰিবলৈকো আহ্বান জনায় ৷ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি তথা অগপ দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে পৰিচালনা কৰা নিৰ্বাচনী সভাত অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই নিজৰ ভাষণত কয় যে ১৯৮৫ চনৰ পৰা ২০২১ চনলৈকে নীৰৱচিন্তভাবে এই সমষ্টিত আপোনালোকে আমাৰ প্ৰাৰ্থীক জিকাই আহিছে ৷

আমাৰ বাবে আপোনোলোক সাহস , আমাৰ বাবে আপোনালোক অনুপ্ৰেৰণা ৷ ১৯৮৫ চনৰ পৰা আপোনালোকে যেনে ধৰণে সনৰ্থন দি আহিছে, আমালৈ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰি আহিছে আমাৰ দৃঢ় বিশ্বাস আগন্তুক বিধানসভা উপ নিৰ্বাচনতো এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব ৷ আমি নিশ্চত হৈছো যে পূৰ্বতকৈও অধিক ভোটত এইবাৰ বঙাইগাঁৱৰ ৰাইজে আমাৰ মিত্ৰজোঁটত প্ৰাৰ্থীগৰাকীক জিকাব ৷ ২০১৬ ৰ পৰা বিজেপি আমাৰ লগত আছে আৰু আমি একেলগে নিৰ্বাচনৰ মুখামুখী হৈছো আৰু অগপ দল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ ৷

সেইদৰে ২০২১ ত উইপিপিএল আছে আৰু ২০২৪ ত এতিয়া ইউপিপিএল আছে ৷ আমি তিনিওটা দলৰ কাৰ্যকৰ্তা আৰু সমৰ্থকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কাৰণ যোৱা দিনবিলাকত এই সমষ্টিত মিত্ৰদলৰ ভেঁটি মজবুট কৰিব ৰাখিবৰ কাৰণে আৰু উন্নয়নৰ স্বাৰ্থত যিখিনি ত্যাগ কৰিছে ৷ তেওঁ কয় যে ৮৫ চনৰ পৰাই এই সমষ্টিটো অগপৰ দুৰ্গ আছিল আৰু আজিৰ দিনত এই সমষ্টিটো মিত্ৰদলৰ শক্তিশালী দুৰ্গ ৷ মিত্ৰদলৰ এই শক্তিশালী দুৰ্গত কংগ্ৰেছে আঘাত হনাত আৰু জিকাৰ সপোন দেখাতো অবাস্তৱ আৰু সেইটো একেবাৰে অসম্ভৱ ৷ বঙাইগাঁৱৰ ভোটদাতা যথেষ্ট সজাগ আৰু সস্তম আমি জানো ৷

ভোটদাতাসকল সজাগ আৰু সচেতন হোৱাৰ বাবেই ৮৫ চনৰ পৰা ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিপৰায়ণ কংগ্ৰেছক আপোনালোকে শিক্ষা দি আহিছে ৷ কংগ্ৰেছৰ দিনতো আপোনালোকে জিলা পৰিষদ, পঞ্চায়ত, পৌৰসভা গঠন কৰিব দিয়া নাই ৷ দেশৰ স্বাধীনতী অনা দল কংগ্ৰেছে দীঘলীয়া দিন ধৰি দেশত আৰু ভাৰতৰ অংগ ৰাজ্য অসমত দূৰ্নীতি, ভ্ৰষ্টাচাৰ, অন্যায় কৰিলে তাৰ উচিত প্ৰত্যুত্তৰ বঙাইগাঁওবাসীয়ে কেনেকে দিব লাগে সেইটো জানে বাবেই উচিত শিক্ষা কংগ্ৰেছক দিছে ৷ তেওঁ বিগত সময়চোৱাত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত সমষ্টিটোত ফণীভূষণ চৌধুৰী বিধায়ক হৈ থকাত এই সমষ্টিটোত বহুত কাম হৈছে বুলিও কয় ৷ আনহাতে মন্ত্ৰী ৰণজিত দাসে কয় যে ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱৰ কাৰণে কি কৰা নাই ৷

সেয়ে মোৰ তেওঁৰ ওপৰত ঈৰ্ষা জাগে ৷ সকলো কৰিছে ৷ ক’তো চাৰিটা পাঁচটা ভৱন নাই ৷ মুখ্যমন্ত্ৰীয়ে দুবাৰ বিকাশ যাত্ৰাত আহি ১৪৫৬ টকাৰ প্ৰকল্প দিছে ৷ কাম চলি আছে ৷ তেওঁ এইবাৰ মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীক ৪০ হাজাৰৰ অধিক ভোটত জিকাব লাগে বুলি ৰাইজক আহ্বান জনাই কয় যে আজিৰ তাৰিখত নিৰ্বাচন হলে ৩০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত ৷ সভাত অগপ দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ নেতা প্ৰমোদ বড়ো আদিয়েও ভাষণ দিয়ে ৷ সেইদৰে ৰাইজৰ সহযোগিতা বিচাৰি বক্তব্য ৰাখে প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়েও ৷

নিৰ্বাচনী সভাত সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰী, ইউপিপিএল দলৰ নেতা চন্দন ব্ৰহ্ম, অগপ নেতা ,অপূর্ব ভট্টাচার্য, উজ্বল কান্তি ৰায়,অশোক নাৰায়ন দেব,অশ্বিনী ৰায় আদি উপস্থিত আছিল ৷ ইপিনে নিৰ্বাচনী সভাৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাই সংবাদমাধ্যমৰ প্রতিনিধিৰ আগত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে গৃহ ৰাজ্য মন্ত্ৰী হৈ থকা সময়ত কাক কাক চাকৰি দিছিল সেই বিষয়ে তদন্তৰ নিৰ্দেশ দিছে বুলি ব্যক্ত কৰে ৷ মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ তেওঁ কয় যে বহু দিনৰ পৰা সন্দেহ আছিল যে ৰকিবুল হুছেইনে গৃহৰাজ্য মন্ত্ৰী হৈ থকাৰ সময়ত বহু লোকক পিছ দুৱাৰে দি চাকৰি দিছিল। এই বিষয় লৈ সেই সময়ত বিতৰ্কও হৈছিল ৷ কিন্তু যোৱা দুটা দিন আগত ৰকিবুল হুছেইনে এক সাক্ষাৎকাৰত লৰা এজনক চাকৰি দিয়াৰ কথা নিজে স্বীকাৰ কৰিছে ।

ৰকিবুল হুছেইনে চাকৰি দিয়াৰ পিছতো লৰাজনে নিৰ্বাচনত বিৰোধীতা কৰা প্ৰসংগ সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল ৷ কিন্তু ৰৰিবুল হুছেইনে নিজে কোনো লোকক চাকৰি দিব নোৱাৰে ৷ আনহাতে ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছে সেই কথা জনাৰ বাবে আৰক্ষীক তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব দি তেঁও কয় ‘ ৰাকেশ পালে অবৈধভাৱে চাকৰি দিয়াটো আমি সকলোৱে জানো ৷ যাৰ বাবে ৰাকেশ পালে জেলও খাবলগীয়া হৈছিল। কিন্তু ৰকিবুল হুছেইনে চাকৰি দিয়াটো আমি জনা নাছিলো ৷ যিহেতু তেওঁ বিষয়টো নিজে কৈছে গতিকে বিষয়টো চৰকাৰে তদন্ত কৰি চাব লাগিব ৷’ ইফালে বঙাইগাঁও আৰু ধলাইত মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি উল্লেখ কৰি তেঁও কয় ‘ সমষ্টিত গ’লে তাৰে পৰিৱেশ উপলব্ধি কৰিব পাৰি ৷

সমষ্টিত থিয় হৈ ৰাইজৰ মনৰ ভাৱসমুহ সহজতে জানিব পাৰি ৷ ইতিমধ্যে মই ধলাই আৰু বঙাইগাঁৱত গৈছো । দুয়োটা সমষ্টিতে আমি জয়লাভ কৰিব ।’ আনহাতে পৰৱৰ্তী সমষ্টিমুহত গৈ নিৰ্বাচনৰ পৰিৱেশ অৱগত হ’ব বুলিও তেঁও কয় ৷ ইফালে বিগত বিধানসভা নিৰ্বাচনত ফণীভূষণ চৌধুৰীয়ে ৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছিল যদিও এইবাৰ দিপ্তীময়ী চৌধুৰীয়ে ৪১ হাজাৰ ভোটত জয়ী হ’ব বুলি তেঁও কয় ৷

আনহাতে গড়ভঙা অভয়াৰণ্য পূৰ্ৱৰ দৰেই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে গড়ভঙা অভয়াৰণ্যক ‘ ৱাইল্ড লাইফ ‘ হিচাপে গঢ়ি তুলিব বিচৰা হৈছিল ৷ কিন্তু ইয়াকে কৰিব গ’লে মহানগৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। গড়ভঙা ফৰেষ্ট হিচাপেই আছে আৰু ইয়াক ‘ৱাইল্ড লাইফ ‘ ৰ প্ৰস্তাৱহে প্ৰত্যাহাৰ কৰা হৈছে বুলি কয়৷

Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই’

Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'
Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'

গুৱাহাটী, ৬ নবেম্বৰঃ বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই'(Drama Jui)। এই জুই এনেকৈ সম্প্ৰসাৰিত হৈ পৰে যে জুই চাই থকা দৰ্শকসকলে মাঘ মহীয়া জুইৰ উত্তাপ লৈহে যেন বহি আছে। যেন জুই এৰি কোনো উঠি যাব নোৱাৰে।

পূৱ বৰপেটাৰ একমাত্র অপেচাদাৰী নাট্য দল বহৰি নাট্য গোষ্ঠীয়ে ১৭ অক্টোবৰত বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত(Bahari Shaheed Smriti Rangmanch) নাট্যকাৰ হৰিহৰ মেধিৰ জুই নামৰ নাটখন মঞ্চস্থ কৰি পুনৰ বাৰ দৰ্শকৰ মনত সাচ বহুৱাবলৈ সক্ষম হ’ল। নাট্যগোষ্ঠীটোৱে জুই নাটখন ইমান সুন্দৰ ভাবে মঞ্চায়ন কৰে যে,আদিৰ পৰা অন্তলৈ হাজাৰোধিক দর্শকে নাটখন উপভোগ কৰি থাকে।

প্ৰতিটো নাট্য মূহূৰ্তত দৰ্শকৰ জাউৰি জাউৰি হাত চাপৰিত মুখৰিত হৈ থাকে শ্বহীদ স্মৃতি ৰঙ্গমঞ্চ প্ৰাঙ্গন। নাটকখন সুন্দৰভাৱে মঞ্চায়ন কৰাৰ বাবে প্রবীণ অভিনেতাসকলৰ লগতে এইবাৰ প্রথম বাৰৰ বাবে অভিনয় কৰা কেইবাজনো শিল্পীৰ নাম স্বীকাৰ কৰিবই লাগিব। মূলত নাটখন মনোগ্রাহী কৰাত পৰিচালক অজয় কুমাৰ দাসৰ লগতে সহ:পৰিচালক জয়ন্ত দাস সফল হৈছে।

পৰিচালকদ্বয়ে প্রতিজন অভিনেতা অভিনেত্রীৰ পৰা প্রয়োজনীয় দক্ষতাখিনি উলিয়াই অনাত সফল হৈছে। ইয়াৰ বাবে পৰিচালক অজয় দাস ধন্যবাদৰ পাত্র।শিল্পীসকলৰ সাৱলীল অভিনয় আৰু নাটখনৰ হৃদয়স্পর্শী কাহিনীয়ে দর্শকক মন্ত্রমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়। নাটকখনৰ নিপোটল কাহিনীটোক অভিনেতা-অভিনেত্রী সকলে সুন্দৰ অভিনয়েৰে আগবঢ়াই নিয়ে।

নাটক খনৰ বিশ্বজিৎ চৌধুৰীৰ চৰিত্ৰত জয়ন্ত দাসৰ সাবলীল তথা সুন্দৰ অভিনয়ে নাটখন উপভোগ্য কৰি তুলিছে। আনহাতে প্রায়ভাগ নাটকতে খলনায়কৰ চৰিত্রত অভিনয় কৰি সফল হোৱা বিশ্বমধু তালুকদাৰে এইবাৰো জুই নাটখনত মন্ত্ৰী পুত্ৰ ৰাকেশ বৰা নামৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত ঘৃনাৰ উন্মেষ ঘটাবলৈ সক্ষম হৈছে।

পুলিচ ইন্সপেক্টৰ অজয়ৰ চৰিত্ৰত পৰিচালক অজয় কুমাৰ দাসে নাটকখনক এক সুন্দৰ গতি দিয়াবলৈ সক্ষম হৈছে। ভৱ নামৰ অজলা চৰিত্রটোত দামোদৰ দাসৰ সুন্দৰ অভিনয়ে দর্শকক আপ্লুত কৰিছে। মন্ত্ৰীপুত্ৰ(Minister’s Son) ৰাকেশৰ সহযোগী দেৱৰ চৰিত্ৰত ধ্ৰুৱজিৎ দাসে চৰিত্রটোক সফল ৰূপে ডাঙি ধৰিছে যদিও মাজে মাজে উজুতি খাইছে।

ধনজিৎৰ চৰিত্ৰত সঞ্জীৱ শৰ্মাই সফলতা দাবী কৰিব পাৰে। অভয়ৰ চৰিত্ৰত অৱনি দাস সফল হৈছে বুলি কব পাৰি। বাদলৰ চৰিত্ৰত গৌতম গোস্বামীয়ে দৰ্শকৰ হৃদয় চুমিবলৈ সক্ষম হৈছে। কনিষ্টবলৰ চৰিত্ৰ আৰু ড্ৰাইভাৰ ওৰফে চিআইডি ইন্সপেক্টৰৰ ৰূপত দুই নবাগতা অভিনেতা ক্ৰমে সীমান্ত পাঠক আৰু বিশ্বজিত তালুকদাৰৰ হাস্যৰসে ভবিষ্যতৰ স্বাক্ষৰ বহন কৰিছে।

চিকিৎসকৰ চৰিত্ৰত সত্যজিত দাস সফল। প্ৰথম দৃশ্যতে মৃত্যুবৰন কৰা হৰ্ষৰ চৰিত্রত দেৱৰাজ দাসে ভালেই কৰিছে। হৰ্ষৰ পত্নী শেৱালীৰ চৰিত্ৰত বন্দনা তালুকদাৰে দৰ্শকক কন্দুৱাবলৈ সক্ষম হোৱাৰ বিপৰীতে শেৱালীৰ শাহুমাক ৰত্নাৰ চৰিত্ৰত অভিনয় কৰি মেঘালী দাস বৰুৱাই দৰ্শকক ক্ৰোধান্বিত কৰিবলৈ সক্ষম হৈছে।

এইবাৰ প্ৰথমবাৰৰ মঞ্চত অভিনয় কৰা জিমি পাঠকে কৰবীৰ চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ সক্ষম হৈছে। জিমিয়ে নাট্য চৰ্চা অব্যাহত ৰাখিলে প্ৰতিষ্ঠিত হোৱাটো নিশ্চিত। নাটকৰ প্ৰতিটো মূহূৰ্তত দৰ্শকৰ হাত চাপৰিত ৰজনজনাই পৰিছিল প্রেক্ষাগৃহ।

আৰু এই হাত চাপৰিয়ে উৎসাহিত কৰি তুলিছিল প্ৰতিজন নাট্যকৰ্মীকে। প্ৰেম, ৰোমান্স, চাচপেন্স, হাঁহি,কান্দোনেৰে নাটক খনৰ প্ৰতিটো চৰিত্ৰকে সমান গুৰুত্ব দি আগবঢ়া সুন্দৰ কাহিনীৰ বাবেই পুৱা ৪ বজালৈকে সহস্ৰাধিক দৰ্শক গিজগিজাই আছিল।

সফল অভিনেত্রী বন্দনাৰ কৰিঅগ্রাফো সুন্দৰ। ইপিনে মঞ্চৰ ভিতৰত থাকি ৰমেন মেধি, ব্রজেন পাঠক আৰু ক্ষিতিশ তালুকদাৰে নাটখনৰ সফল মঞ্চায়নৰ বাবে কৰা কামৰ বাবে ধন্যবাদৰ পাত্র।

শব্দ ধনজিৎ ডেকা আৰু পোহৰ ব্ৰজেন মেধিৰ। বহৰি নাট্যগোষ্ঠীৰ প্রতিবছৰে নতুনক উলিয়াই অনাব যি প্রচেষ্টা এইবাৰো সফল হৈছে। অপেচাদাৰী নাতিগোষ্ঠীটোৱে নাট্য চর্চা অব্যাহত ৰাখি নৱ প্রজম্মক বহৰিৰ নাট্য চৰ্চাৰ লগত সংপৃক্ত কৰক। নতুন চামচ উদ্বুদ্ধ কৰক, তাকেই কামনা কৰিছে নাট্যপ্ৰেমী ৰাইজে।

Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু

Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু
Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু

গুৱাহাটী, ৬ নৱেম্বৰঃ ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়।

এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)। নেন্সি ৰৱাৰ্টচ্ নামৰ এশ বছৰ গৰকা আইতাই(New Zealand grandmother Nancy Rowarts) ভাৰতৰ প্ৰেমত পৰি চতুৰ্থবাৰলৈ অসম ভ্ৰমণ কৰা আইতাই কঁকাল ভাঙি নাচিলে বিহুনাচ।

অসমৰ সেউজ পৰিৱেশ, চাহ বাগিচা, কাজিৰঙাৰ গঁড়, হাতী, হৰিণা, নদ-নদীয়ে সদায় আকৰ্ষণ কৰে বুলি ৰৱাৰ্টচে অতি আনন্দৰে জনায়। সেয়ে চতুৰ্থ বাৰলৈ অসমলৈ আহিছে। নিজকে এতিয়াও যুৱতী বুলি হাঁহি-হাঁহি জীৱন থাকিলে আকৌ অসমলৈ আহিব। গুৱাহাটীৰ পাণ্ডুৰ পৰা এম.ভি. মহাবাহু(MV Mahabahu) জাহাজেৰে লুইতৰ বুকুৰে আহি শিলঘাটত উপস্থিত পৰ্যটকৰ দলটো।

দলটো উপস্থিত হৈয়ে ১৮৪০ চনত ব্ৰিটিছ ডানল’প কোম্পানীয়ে স্থাপন কৰা বৰ্তমানৰ কলিয়াবৰ চাহ বাগিচাৰ সুন্দৰ পৰিৱেশত ১৬জনীয়া বিদেশী পৰ্যটকৰ দলটোয়ে মনোমোহা সেউজ পৰিৱেশ উপভোগ কৰে। কলিয়াবৰ পৰ্যটনক্ষেত্ৰত উপস্থিত হৈ কলিয়াবৰ চাহ বাগিচিৰ সেউজ পৰিৱেশত বিহু নৃত্য(Bihu Dances) চায় আনন্দ লোৱাৰ লগতে অসম সমবায় মৰাপাট কল, কলিয়াবৰ চাহ বাগিচাৰ কাৰখানা পৰিদৰ্শন কৰে বিদেশী পৰ্যটকৰ দলটোৱে।


মূলতঃ বয়োজ্যেষ্ঠ লোকৰে গঠিত বিদেশী ককা-আইতা অসমলৈ পৰ্যটক হিচাপে অহি কলিয়াবৰত বিহু নৃত্যত মন্ত্ৰমুগ্ধ হ’ল বিদেশী¸ ককাল ভাঙি নাচিলে বিদেশীনিয়ে।

২০২৪-২৫ পৰ্যটন বৰ্ষৰ এয়া দ্বিতীয়টো বিদেশী পৰ্যটকৰ দল আহি উপস্থিত কলিয়াবৰ পৰ্যটনক্ষেত্ৰত।


গুৱাহাটীৰ পাণ্ডুৰ পৰা এমভি মহাবাহু জাহাজৰে লুইতৰ জলপথেৰে শিলঘাটত আহি উপস্থিত হোৱা ১৬ জনীয়া বিদেশী পৰ্যটকৰ দলটিত নিউজিলেণ্ড¸ কেইবাখনো ইউৰোপীয় দেশ আৰু চীনৰ বিদেশী পৰ্যটক আছিল।


মঙ্গলবাৰৰ নিশাটো জাহাজতে কটাই আজি পুৱাই পুনৰ ৰাওনা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে বিদেশী পৰ্যটকৰ দলটো।

Raha Kapoor Birthday: দুবছৰীয়া হ’ল ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা

Raha Kapoor Birthday: দুবছৰীয়া হ'ল ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা
Raha Kapoor Birthday: দুবছৰীয়া হ'ল ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ কন্যা ৰাহাৰ জন্ম হৈছিল ২০২২ চনৰ ৬ নৱেম্বৰত। আজি ৰাহা দুবছৰীয়া হল। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কন্যা ৰাহা কাপুৰৰ দ্বিতীয়টো জন্মদিনত অনুৰাগীয়ে মৰমেৰে উপচাই পেলাইছে।(Raha Kapoor Birthday)

যেতিয়া দম্পতীহালে প্ৰথমবাৰৰ বাবে পাপাৰাজীৰ সৈতে ৰাহাক চিনাকি কৰাই দিছিল, তেতিয়া ৰাহাৰ সেই মৰম লগা ফটোকেইখন আৰু ভিডিঅ’টোৱে অনুৰাগীৰ হৃদয়ত ঠাই লৈছিল। (alia bhatt)

প্ৰায়ে ছ’চিয়েল মিডিয়াত পাপাৰাজীৰ কেমেৰাত বন্দী হোৱা ফটোত প্ৰকাশ পাই ৰাহাৰ কাপুৰৰ। (Ranbir Kapoor)ৰাহাৰ সৌন্দৰ্য্য যেন এপাহ ফুলৰ দৰে। কণমানি চেলিব্ৰিটি ৰাহাই আত্মীয় আৰু অনুৰাগীৰ পৰা জন্মদিনৰ শুভেচ্ছা লাভ কৰিছে। ৰাহাৰ আইতাক নিতু কাপুৰ(Neetu Kapoor), ৰাহাৰ পেহীয়েক আৰু মাহীয়েকে বিশেষভাৱে জন্মদিনৰ শুভেচ্ছা জনাইছে ৰাহাক।(Alia Bhatt and Ranbir Kapoor’s daughter Raha turns 2)

মাক-দেউতাকৰ সৈতে ৰাহাৰ কেইখনমান মৰমলগা ফটো দৰ্শকলৈ আগবঢ়ালোঁ-

পিতৃ-মাতৃৰ সৈতে দেৱালী উদযাপন ৰাহা কাপুৰৰ।

প্ৰাকৃতিক পৰিৱেশত পিতৃ-মাতৃৰ সৈতে ৰাহা।

ৰাহাই প্ৰথম জন্মদিনত এইদৰে কেক কাটিলে।

Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন

Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন
Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন

গুৱাহাটী, ৬ নৱেম্বৰঃ ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ(Senior journalist Gitanjali Vaishya Nath) গুৰুতৰভাৱে অসুস্থ। কৰ্কট ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে বৰ্তমান হাইদৰাবাদৰ বাছাভাটাৰাকম ইণ্ড’ এমেৰিকান কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।

ইয়াৰ পূৰ্বে তেওঁ হাইদৰাবাদৰ যশোদা হাস্পতালত চিকিৎসা গ্ৰহণ কৰিছিল। কৰ্কট(Cancer) ৰোগত আক্ৰান্ত সাংবাদিক গীতাঞ্জলি বৈশ্য নাথৰ ইতিমধ্যে দুবাৰকৈ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে(Daughter Appeals)। অতি ব্যয়বহুল চিকিৎসা চলাই যোৱাৰ ক্ষেত্ৰত সেয়ে সাংবাদিক নাথ এতিয়া আৰ্থিক অনাটনৰ সন্মুখীন হৈছে বুলি কন্যা সুদৰ্শিনী নাথে প্ৰকাশ কৰিছে।

সেয়ে ৰোগাক্ৰান্ত সাংবাদিক গীতাঞ্জলি বৈশ্য নাথৰ সহায় হোৱাকৈ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ কন্যা সুদৰ্শিনী নাথে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আৰ্থিক সাহায্যৰ বাবে আবেদন জনাইছে(Chief Minister for financial assistance)।

অসমৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ থকা গুৱাহাটীৰ নিবাসী গীতাঞ্জলি বৈশ্য নাথে ‘আমাৰ অসম’ কাকতকে ধৰি বহু কাকত-আলোচনীত বছৰৰ পিছত বছৰ ধৰি সেৱা আগবঢ়াই আহিছিল।

ইতিমধ্যে তেওঁৰ বিভিন্ন কাকত-আলোচনীত ১০৮০টাৰো অধিক প্ৰৱন্ধ প্ৰকাশ পাইছে। গীতাঞ্জলি বৈশ্য নাথ বৃহত্তৰ বামুণীমৈদাম, জ্যোতিনগৰ শাখা লেখিকা সন্থাৰো সভানেত্ৰী পদ অলংকৃত কৰিছিল।

তেওঁ ‘দৈনন্দিন বাৰ্তা’(Dainandin Barta) কাকতৰ সৈতেও বহু বছৰ ধৰি জড়িত আছিল। সাংবাদিকতাক এক নিচা হিচাপে গ্ৰহণ কৰা গীতাঞ্জলি বৈশ্য নাথৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্ন দল-সংগঠনে।

গীতাঞ্জলি বৈশ্য নাথৰ কন্যা সুদৰ্শিনী নাথে মাতৃৰ চিকিৎসাত সহায় হোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰ্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে।

47th US President Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প

47th US President Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প
47th US President Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প

ভাৰত, ৬ অক্টোবৰঃ সকলো ভৱিষ্যতবাণী মিছা প্ৰমাণিত কৰি বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি(47th US President Donald Trump) হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প(Victory With 60M Votes)।

দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ’ব ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০(Trump-277) মেজিক নম্বৰ(Kamala Harris-226)।

১৯৪৬ চনত ১৪ জুনত জন্ম গ্ৰহণ কৰা ট্ৰাম্পে ২০১৭ চনত প্ৰথমবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছিল। ২০২১ চনৰ লৈকে তেওঁ এই দায়িত্বত আছিল(Washington DC)।

বিতৰ্কৰ মাজত সোমাই পৰা ট্ৰাম্পৰ এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে ৫০ শতাংশৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হোৱা নাই।

ট্ৰাম্পৰ জয়ী খবৰ পোৱা পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক শুভেচ্ছা জনায়।

Elephant Deaths: বিষাক্ত ভেঁকুৰৰ বাবে মধ্যপ্ৰদেশত ১০টা হাতীৰ মৃত্যু

Elephant Deaths: বিষাক্ত ভেঁকুৰৰ বাবে মধ্যপ্ৰদেশত ১০টা হাতীৰ মৃত্যু
Elephant Deaths: বিষাক্ত ভেঁকুৰৰ বাবে মধ্যপ্ৰদেশত ১০টা হাতীৰ মৃত্যু

ভুপাল, ৬ অক্টোবৰঃ বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ(Elephant Deaths) কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ(MP government) বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত (Bandhavgarh Tiger Reserve)এটা গঁড়ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ৭২ ঘন্টাত তাত ১০টা হাতীৰ মৃত্যু। হাতীটোৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

কোনো কোনোৱে কৈ আছিল যে সেই হাতীবোৰক বিষ খুৱাই হত্যা কৰা হৈছিল। বন বিভাগৰ দুগৰাকী বিষয়াকো নিলম্বন কৰা হৈছে৷ এইবাৰ টক্সিক’লজীৰ(Neurotoxin Cyclopiazonic Acid) প্ৰতিবেদনত কোৱা হৈছে যে হাতীবোৰৰ মৃত্যু হৈছে ‘ইচ্ছাকৃত’ বিষক্ৰিয়াৰ ফলত নহয়(Chief Minister Mohan Yadav), কোডো বাজৰাত জন্ম হোৱা ভেঁকুৰৰ বাবে।

ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান বাৰেলীৰ প্ৰতিবেদনত কোৱা হৈছে যে মৃত হাতীকেইটাক ইচ্ছাকৃতভাৱে বিষক্ৰিয়া কৰা হোৱা নাছিল। ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত কোডো বাজৰা খাই মৃত্যুক সাৱটি লয় হাতী কেইটাই(BTR in Umaria district)৷ মৰণোত্তৰ পৰীক্ষাত হাতীৰ পেটত বাজৰাৰ অতিমাত্ৰা ঔষধ পোৱা গৈছে।

কোডো বাজৰাৰ বীজত থকা অন্যতম প্ৰধান মাইক্ৰ’টক্সিন বিষাক্ত চাইক্ল’পিয়াজ’নিক এচিড পোৱা গৈছিল। তাৰ পৰা বিষ বিয়পে। হাতীৰ মৃত্যুৰ ঘটনাই বহু দূৰলৈ বিয়পি পৰিছে। এই ঘটনাৰ লগে লগে মধ্যপ্ৰদেশৰ বনমন্ত্ৰী ৰামনিবাস ৰাৱটে তদন্তৰ নিৰ্দেশ দিয়ে।

দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হয়। মধ্যপ্ৰদেশ চৰকাৰেও ১০টা হাতীৰ মৃত্যুৰ কাৰণৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰে। একেদৰে দিল্লীৰ পৰা বিশেষজ্ঞ দলটোৱে বান্ধৱগড় পাইহি। ১৪ জন পশু চিকিৎসকৰ তত্বাৱধানত মৰণোত্তৰ পৰীক্ষা আৰম্ভ হয়।

প্ৰথম অৱস্থাত বিষক্ৰিয়াৰ বাবে হাতী দুটাৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছিল। মৃত আটাইকেইটা হাতীৰ পেটত বৃহৎ পৰিমাণৰ বাজৰা থকা দেখা গৈছে।

কিন্তু তদন্তকাৰীসকলে এই বিষক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছিল, বা ইয়াৰ আঁৰত ইয়াতকৈও বৃহৎ ষড়যন্ত্ৰ আছে নেকি? বন বিভাগৰ একাংশ বিষয়াৰো মতামত আছিল যে অতিমাত্ৰা কীটনাশকৰ ফলত হাতীবোৰৰ মৃত্যু হ’ব পাৰে।

ছজন কৃষককো চিনাক্ত কৰা হৈছে, যাৰ পথাৰৰ পৰা হাতীয়ে বাজৰা খাইছিল। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা টক্সিক’লজী প্ৰতিবেদনে সকলো জল্পনা-কল্পনা সমাপ্ত কৰে।

Ramayana Part 1: ২০২৬ৰ দীপাৱলীত ‘ৰাম-সীতা’ ৰূপে আহিব ৰণবীৰ-ছাই, ঘোষণা ‘ৰামায়ণ’ৰ মুক্তিৰ তাৰিখ

২০২৬ৰ দীপাৱলীত ‘ৰাম-সীতা’ ৰূপে আহিব ৰণবীৰ-ছাই
২০২৬ৰ দীপাৱলীত ‘ৰাম-সীতা’ ৰূপে আহিব ৰণবীৰ-ছাই

দীৰ্ঘদিন ধৰি অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱীৰ ‘ৰামায়ণ পাৰ্ট ১’লৈ। অৱশেষত অপেক্ষাৰ অন্ত পৰিল। বহু হিট ছবিৰ বাবে পৰিচিত চলচ্চিত্ৰ নিৰ্মাতা নীতিশ তিৱাৰীৰ পৰিচালনাত নমিত মালহোত্ৰাৰ এই ছবিখনে ভাৰতীয় চিনেমাক এক নতুন দিশ দিবলৈ গৈ আছে বুলি চৰ্চা চলিছে।(Ramayana Part 1)শেহতীয়াকৈ নমিত মালহোত্ৰাই ভাৰতৰ সৰ্ববৃহৎ ছবি ‘ৰামায়ণ’ৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। ২০২৬ আৰু ২০২৭ চনৰ দীপাৱলীত মুক্তি পাব ‘ৰামায়ণ’ৰ প্ৰথম আৰু দ্বিতীয় খণ্ড।(Ramayana Part 2)ছবিখনৰ পৰিচালনা আৰু নিৰ্মাণ অতি উজ্জ্বলভাৱে কৰা হৈছে, যাৰ বাবে ছবিখনক লৈ দৰ্শকৰ বহুত বেছি আশা।(Ranbir Kapoor)

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ প্ৰথমখন পোষ্টাৰ মুকলি

এই ছবিখনৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। নমিত মালহোত্ৰাই নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, ‘দহ বছৰৰ আগতে ৫০০০ বছৰতকৈও অধিক সময় কোটি কোটি মানুহৰ হৃদয়ত থকা এই মহাকাব্যখনক ডাঙৰ পৰ্দালৈ অনাৰ চেষ্টা কৰিছিলো।(sai pallavi) আজি মই সুখী যে এয়া এতিয়া যেন সঁচা হৈছে, কাৰণ আমাৰ দলটোৱে এই উদ্দেশ্যৰ দিশত কাম কৰি আছে। আমাৰ সংস্কৃতি, ইতিহাস আৰু সত্যক সঠিকভাৱে প্ৰতিফলিত কৰা আমাৰ ‘ৰামায়ণ’ৰ আটাইতকৈ সত্য, পবিত্ৰ আৰু আচৰিত ৰূপটো সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱা।(Nitesh Tiwari)

২০২৬ আৰু ২০২৭ চনৰ দীপাৱলীত মুক্তি পাব ছবিখনৰ দুয়োটা খণ্ড

লগতে তেওঁ লিখিছে, ‘আমাৰ সৈতে মিলি ‘ৰামায়ণ’ৰ আটাইতকৈ ডাঙৰ মহাকাব্যখনক গৌৰৱ আৰু সন্মানেৰে পুনৰুজ্জীৱিত কৰাৰ সপোন পূৰণ কৰক। ২০২৬ চনৰ দীপাৱলীত মুক্তি পাব ‘ৰামায়ণ’ৰ ১ম খণ্ড আৰু ২০২৭ চনৰ দীপাৱলীত ২য় খণ্ড। আমাৰ ‘ৰামায়ণ’ পৰিয়ালৰ এটি বিশেষ বাৰ্তা। আপোনাৰ কেলেণ্ডাৰত ২০২৬ আৰু ২০২৭ দীপাৱলী চিহ্নিত কৰক, কাৰণ ভাৰতৰ আটাইতকৈ ডাঙৰ ছবি ‘ৰামায়ণ’ৰ দুয়োটা অংশই সমগ্ৰ বিশ্বৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ গৈ আছে।