Home Blog Page 473

Anupom Anurag: অসমীয়া পত্ৰোপন্যাসত নতুন সংযোজন কানন পেগুৰ ‘অনুপম অনুৰাগ’

Anupom Anurag: অসমীয়া পত্ৰোপন্যাসত নতুন সংযোজন কানন পেগুৰ 'অনুপম অনুৰাগ'
Anupom Anurag: অসমীয়া পত্ৰোপন্যাসত নতুন সংযোজন কানন পেগুৰ 'অনুপম অনুৰাগ'

“তোমালোকৰ গাঁৱৰ মনোৰম দৃশ্যবোৰ চকুৰ আগত ভাহি থাকে(Anupom Anurag)৷ জিৰ্ জিৰ্ কৈ বৈ থকা জুৰি,ঘন অৰণ্য আৰু উজনিমুৱা ৰে’লা ঝক্ ঝক্ শব্দবোৰে মনত ঢৌ তুলি যায়(Kanan Pegu)৷

তাতে তোমাৰ মিঠা মিঠা মাত, অস্পষ্টভাৱে গুণগুণোৱা গীতৰ কলিবোৰে দেহ-মন ৰোমাঞ্চিত কৰি তোলে৷”এনেদৰে প্ৰেমৰ মিঠা মিঠা গুণ থকা ৬৮খন প্ৰেম পত্ৰ অন্তভূক্তিৰে অসমীয়া পত্ৰোপন্যাসত নতুনকৈ সংযোজন হ’ল কানন পেগুৰ “অনুপম অনুৰাগ”(Unique Passion)৷ পত্ৰ মানে চিঠিৰ গুৰুত্ব অপৰিসীম। অতীতত যোগাযোগৰ মুখ্যমাধ্যম পত্ৰ আছিল(Bipul Sarma)৷

সেইদৰে প্ৰেম প্ৰকাশৰ বাবে প্ৰেমিক-প্ৰেমিকাৰ সহজ পথ আছিল চিঠি বা পত্ৰ।বৰ বেছি দুৰলৈ নগৈ ঊষা-অনিৰুদ্ধ প্ৰেম কাহিনীত পত্ৰৰ সুন্দৰ উদাৰহণ আছে(New Books)৷ ম’ৱাইল প্ৰচলনৰ আগলৈকে মনৰ ভাব প্ৰকাশৰ সহজ মাধ্যম এই পত্ৰ৷ প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম পত্ৰসমূহ সাহিত্য সৃষ্টিৰ এক প্ৰথম আৰু উৎকৃষ্টতম সম্পদ বুলি ক’ব পাৰোঁ৷

“তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী/নিতৌ নোহোৱা বাহী ন ন ফুল মেলে৷/যত শুঙো, চুমা খাওঁ, নালাগে আমনি/হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে৷”—(হেমচন্দ্ৰ গোস্বামী)৷অসমীয়া কাব্যসাহিত্যৰ হেমচন্দ্ৰ গোস্বামীৰ “প্ৰিয়তমা চিঠি”কবিতাটিয়ে বুজাই দিয়ে প্ৰেমিক-প্ৰেমিকাৰ বাবে প্ৰেম পত্ৰৰ গুৰুত্ব কিমান৷

এই প্ৰেম পত্ৰ বা অন্য বিষয় লৈ বিভিন্ন জনে বিভিন্ন জনলৈ লিখা পত্ৰ বা চিঠিৰ বহু বিখ্যাত সংকলন বিশ্বৰ সাহিত্যৰ বিখ্যাত গ্ৰন্থ ৷পত্ৰ সাহিত্যৰ ইতিহাস পুৰণি৷ সেইদৰে পত্ৰোপন্যাস বহুত আছে বিশ্ব সাহিত্যত৷ অসমীয়া সাহিত্যৰ কেইখন মান পত্ৰ উপন্যাস হৈছে-বিষ্ণু কিংকৰ কলিতাৰ “চিন্তা”, হলিৰাম ডেকাৰ “অলকালৈ চিঠি”, “অৰুণালৈ চিঠি”, প্ৰসন্ন কুমাৰ ডেকাৰ “প্ৰিয়ত্তমাসু” আদি৷

শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা কানন পেগুৰ “অনুপম অনুৰাগ” নামৰ পত্ৰোপন্যাস খন পঢ়াৰ সুযোগ লাভ কৰিছিলো৷ প্ৰায় ১১২ পৃষ্ঠাৰ গ্ৰন্থ খনৰ বাট চ’ৰাত কানন পেগুৱে লেখিছে —“ইয়াত সন্নিবিষ্ট কাহিনী আৰু পত্ৰবোৰ সঁচা৷ পত্ৰবোৰ প্ৰকাশ কৰোতে ইফাল-সিফাল কৰা নাই৷

ঠাই নামবোৰ একে ৰাখি নায়ক-নায়িকাৰ নামবোৰ মাত্ৰ সলনি কৰি দিয়া হৈছে৷” অৰ্থাৎ পত্ৰোপন্যাসখন সঁচা আৰু বাস্তৱ৷ গতিকে ১৯৭৩ চনত ধেমাজিৰ এজন মিছিং যুৱক অনুপমে অসম চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পঢ়িছিল আৰু তেতিয়াই ধেমাজি সদৰৰ পৰা ৬০কিলোমিটাৰ দূৰৰ জামজিং জাঁজি গাৱঁৰ অৰণ্যা নামৰ এগৰাকী মিছিং যুৱতীৰ প্ৰেমত পৰে যদিও অৰণ্যাই অনুপমক এৰি অন্য এজন যুৱকৰ লগত পলাই যায়৷

অৰণ্যাৰ এই প্ৰতাৰণা সহ্য কৰিব নোৱাৰি ভাগি পৰা অনুপমক প্ৰেৰণা দিয়াৰ বাবে বনানীয়ে সৰু চিঠি দিছিল৷ এইয়া আৰম্ভনি ,তাৰ পিছত বনানীৰ লগত প্ৰেম হয় অনুপমৰ৷ এই অনুপমে বনানীলৈ লেখা প্ৰেম পত্ৰসমূহক কানন পেগুৱে মালা গাঁঠি উপন্যাস ৰূপত প্ৰকাশ কৰিছে৷ “অনুপম অনুৰাগ”ৰ নায়ক অনুপমে নায়িকা বনানীলৈ লেখা ৬৮খন পত্ৰ আৰু ইয়াৰ লগতে প্ৰতিখন পত্ৰৰ আৰম্ভনিতে বনানীয়ে কৌশলেৰে এক সংযোগ স্থাপন কৰিছে যাতে চিঠি সমূহ পঢ়ি পাঠকৰ খেলিমেলি নহয় ৷

এই ৬৮খন চিঠিৰ লগত বনানীৰ মোমায়েকৰ এখন চিঠি সংযোগ কৰিছে,যিখন চিঠিয়ে বনানী আৰু অনুপমৰ মিলনত মুখ্য ভুমিকা গ্ৰহণ কৰিছে। “ডাক ঘৰত টিকট,এনভেলভ,ইনলেণ্ড কাৰ্ড নোপোৱাৰ বাবে চিঠি লিখিম বুলি ভাবিও লিখিব পৰা নাই৷ মোৰ ৰিজাল্ট ভাল হ’ল৷” এনেদৰে ১৯৭৩-১৯৭৫ চনৰ সময়ৰ বৰ্ণনা থকা “অনুপম অনুৰাগ”ত অনুপমৰ প্ৰথম বনানীলৈ চিঠি লেখিছিল ১৯৭৩ চনৰ ১২ মাৰ্চত আৰু শেষৰ খন চিঠি আছিল ১৯৭৫ চনৰ ১৯ নবেম্বৰ তাৰিখে৷

সেই সময়ত ডাকঘৰ,পিয়ন,ডাক টিকট,ইনলেণ্ড কাৰ্ড আদিৰ গুৰুত্ব কিমান সেই সময়ৰ বহুতে জানে ৷অনুপমে দিয়া ৬৮ খন পত্ৰত প্ৰেমিকাৰ পঢ়িবলৈ উৎসাহ দিয়াৰ লগতে চিঠিৰ মাজত সেই সময়ৰ ৰাজনৈতিক যাতায়তৰ কথা পোৱা যায় মাজে মাজে ৷অনুপমৰ চিঠি সমূহ পঢ়িলে ধাৰণা হয় যেন— “বনানীৰ প্ৰেম ফুলু নুফুলুকৈ থকা গোলাপৰ কলি আছিল ৷

”সেইবাবে বনানীয়ে ১৯৭৩চনত মেট্ৰিক পৰীক্ষাত (মাথোঁ ১নম্বৰ বাবে দ্বিতীয় বিভাগ নাপাল) উৰ্ত্তীণ হৈছিল। একেদৰে প্ৰেমিক অনুুপমে ডিব্ৰুগড়ত পঢ়িবলৈ অনুৰোধ জনোৱাৰ পিছটো লখিমপুৰ ছোৱালী মহাবিদ্যালয়ত পঢ়িছিল ৷মেট্ৰিক পৰীক্ষা সময়ত বনানীক উইনচাং(সেই সময়ত বহুত দামী আৰু ভাল) কলম উপহাৰ দিছিল। যদিও উপন্যাসত এই কথা উল্লেখ নাই৷

কানন পেগুৰ অন্য এক লেখাত এইয়া উল্লেখ আছে৷ কাৰণ উপন্যাসখন নায়ক নায়িকাৰ নামৰ বাদে সকলো সঁচা বুলি লেখিকাই উল্লেখ কৰিছে৷ সেইদৰে ১৯ নবেম্বৰ ১৯৭৫ তাৰিখৰ চিঠিৰ পিছতে নায়ক অনুপমে বনানীক পলুৱাই নি বিয়া পাতে৷ একেদৰে যোগাযোগ ব্যৱস্থাৰ কথা পোৱা যায় অনুপমৰ চিঠিত এনেদৰে, “যোৱা ০৯/০৪/১৯৭৫ তাৰিখে উত্তৰ লক্ষীমপুৰলৈ ওলাইছিলো।

বৰদলনিত গাড়ীখন বেয়া হোৱাৰ কাৰণে ঘূৰি আহিলো৷ উত্তৰ লক্ষীমপুৰলৈ যোৱাটো মোৰ বাবে চন্দ্ৰলৈ যোৱাৰ দৰে হৈছে৷” একেদৰে মাজে মাজে চিঠিত গীতৰ কলি আছে। উদাহৰণ স্বৰূপে —“তোমাৰ মৰমে মোৰ/দেহাত তুলিলে ঢৌ/কিযে মিঠা মিঠা/কিযে ভাল লগা৷”আকৌ কেতিয়াবা বনানীকো পিতৃ-মাতৃয়ে আন কাৰোবালৈ বিয়া দিব বুলি শুনি অনুপমে এনেদৰে লেখিছে— “তাৰোপৰি নৰ্থ বেংক কলেজৰ কোনোবা পেগু অধ্যাপকৰ লগত তোমাক বিয়া দিবলৈ ইচ্ছা কৰাৰ কথাও নোকোৱাকৈ থকা নাই৷

তোমাৰ সুখ-সমৃদ্ধিক হিংসা কৰাটো মোৰ ডাঙৰ পাপ হ’ব। মই ক’লো— বনানী সুখী হ’লে মই নিতান্তই সুখী হ’ম৷ কিন্তু কেনেবাকৈ দুখ দেখিলে সহ্য কৰিব নোৱাৰিম৷” হোমেন শইকীয়াৰ বেটুপাতে পাঠক আকৰ্ষণ কৰিব পৰা গ্ৰন্থ খন প্ৰকাশ কৰিছে চিলাপথাৰ কবি সমাজে৷ প্ৰতিখন চিঠিৰ আৰম্ভনিতে বনানীয়ে এক চমু বৰ্ণনাৰে কাহিনী গতি প্ৰদান কৰিছে৷

এনে ক্ষেত্ৰত বহু সময়ত লেখিকা কানন পেগু যেন অনুপমৰ নায়িকা বনানী বুলি ভাবিলৈ বাধ্য হ’ব৷ এইয়া হৈছে লেখিকাৰ সফলতা ৷আনহাতে গ্ৰন্থ খন পঢ়িলে ৭৩-৭৫ চনৰ এগৰাকী কিশোৰী আৰু এজন যৌৱনপ্ৰাপ্ত যুৱকৰ মানসিকতা তথা সেই সময়ৰ সঁচা প্ৰেমৰ বিষয়ে জানিব পাৰিব৷ একেদৰে ২০০০ চনৰ আগৰ পাঠক নষ্টালজিয়া হৈ পৰিব।

শেষত অনুপম বনানীৰ সফল প্ৰেমত দুয়ো হৃদয়ত গুঞ্জৰিত হৈছিল কিশোৰ কুমাৰৰ সেই বিখ্যাত গীতটি— “হা বাদল বিজুলি চন্দন পানী/যেইছা?আপনা প্যাৰ/ লেনা হোগা জনম হমে/ কৌই কৌই বাৰ/ আ ইতনা মধুৰ ইতনা মধুৰ/ তেৰা মেৰা প্যাৰ/ লেনা হোগা জনম হমে/ কৌই কৌই বাৰ৷”
অনুপম অনুৰাগ
কানন পেগু
মুল্য- ১০০টকা
প্ৰকাশক- চিলাপথাৰ কবি সমাজ

গ্ৰন্থ পৰিচয়াকঃ বিপুল শৰ্মা(Bipul Sarma)

Face Glow: মুখৰ উজ্বলতা ঘূৰাই আনিবলৈ দামী সামগ্ৰীৰ প্ৰয়োজন নাই, ঘৰুৱা এই ৫টা বস্তুৰে মুৰ ক’লা দাগ আঁতৰাই পেলাওক

Face Glow
Face Glow

মুখৰ সৌন্দৰ্য্যৰ বাবে আমি বহু ধৰণৰ ব্যয়বহুল চিকিৎসা গ্ৰহণ কৰি চিকিৎসকৰ পৰামৰ্শ লওঁ। এনে চিকিৎসাত আমাৰ বহু সময় আৰু ধন অপচয় হয়। কিন্তু, তেতিয়াও আমাৰ ছালৰ কোনো উন্নতি নহয়। দৈনিক ছালৰ যত্ন লোৱা হয় যদিও কপালৰ দৰে কিছুমান অংশত ক’লা দাগ আমি প্ৰায়ে মহিলা গাত দেখিবলৈ পাওঁ।(Face Glow)

আজি আমি আপোনালোকক ক’ম যে ঘৰতে থকা বস্তুৰে এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি। ঘৰুৱা এই ঔষধবোৰ অতি উপকাৰী আৰু সস্তা।(Remove blackness of your forehead with 5 home remedies)আপোনাৰ ছালৰ যত্ন ল’বলৈ এই টিপছসমূহ জানি লওকঃ

১/ কেঁচা গাখীৰ
আমাৰ ছালৰ যত্নৰ ৰুটিনৰ বাবে কেঁচা গাখীৰ আটাইতকৈ উত্তম ঘৰুৱা উপায়। মুখৰ পৰা ব্ৰণ, ক’লা দাগ আঁতৰোৱাত সহায় কৰে কেঁচা গাখীৰে। কেঁচা গাখীৰ আৰু গোলাপ পানী ব্যৱহাৰ কৰি মাস্ক বনাই কপালত লগাই ৫ৰ পৰা ১০ মিনিট লাহে লাহে মালিচ কৰিব। এনে কৰিলে কপালৰ পৰা আন্ধাৰ আঁতৰি যাব আৰু আপোনাৰ মুখখন কোমল আৰু আৰ্দ্ৰ হৈ থাকিব।

২) মৌ আৰু নেমু(Honey and lemon)
মৌ আৰু নেমুৰ মিশ্ৰণে ছালৰ বাবে এক্সফোলিয়েটৰ হিচাপে কাম কৰে। নেমুত ভিটামিন চিৰ গুণ আছে, যিয়ে মুখখন উজ্জ্বল কৰি তোলে। ইয়াৰ বাবে মৌত নেমুৰ ৰস মিহলাই পেষ্ট প্ৰস্তুত কৰি কপালত লগাওক। এই পেষ্ট প্ৰয়োগ কৰিলে কপালত ক’লা ৰং নোহোৱা হ’বলৈ আৰম্ভ কৰিব। লগতে যদি আপোনাৰ ছাল তেলীয়া হয় তেন্তে ই তেলীয়া নিয়ন্ত্ৰণতো সহায় কৰিব।

৩) তিয়হ
তিয়হ যেনেকৈ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, একেদৰে তিয়হে আমাৰ ছাললৈ উজ্বলতাত আনে। তিয়হে আমাৰ ছালখন মইশ্ব’ৰাইজ কৰাত সহায় কৰিব যদি আমাৰ ছালখন আৰ্দ্ৰ আৰু হাইড্ৰেটেড হৈ থাকে তেন্তে আমাৰ মুখখন উজ্বলি উঠিব। ইয়াৰ বাবে তিয়হখিনি ঘূৰণীয়া আকৃতিত কাটি প্ৰায় ১০ৰ পৰা ১৫ মিনিটমান কপালত লাহে লাহে মালিচ কৰিব লাগে। আপুনি লক্ষ্য কৰিব যে কেইদিনমানৰ ভিতৰতে আপোনাৰ ছালখন জিলিকি উঠিব আৰু সুস্থ হৈ উঠিব।

৪) বেচন
কপালত ক’লা ৰং আঁতৰাবলৈ বেচন লগাব লাগে। বেচন আৰু হালধি গুড়িৰ লগত মিহলাই পেষ্ট বনাওক। এতিয়া এই পেষ্টটো কপালত লগাই সম্পূৰ্ণ শুকাই যোৱালৈকে অপেক্ষা কৰক আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুব। ইয়াৰ দ্বাৰা কপালৰ ক’লা দাগৰ সমস্যা দূৰ কৰাত অতি উপকাৰী বুলি প্ৰমাণিত হ’ব।

৫)হালধি
সকলোৰে ঘৰত হালধি সহজে পোৱা যাব। হালধিয়ে যেনেকৈ মছলাক আচৰিত সোৱাদ দিয়ে, ছালখন উজ্বলি উঠাৰ বাবেও ইয়াক সৰ্বোত্তম বুলি গণ্য কৰা হয়। ইয়াৰ এন্টি-বেক্টেৰিয়েল গুণ আছে, যিয়ে ছালৰ পৰা মৃত কোষবোৰ আঁতৰাই আমাৰ ছালখন চিকচিকিয়া কৰি তোলাত সহায় কৰে। হালধি ব্যৱহাৰ কৰি কপালৰ ক’লা সহজেই আঁতৰাব পাৰি। ইয়াৰ বাবে হালধিৰ গুড়িত গোলাপ জল আৰু গাখীৰ মিহলাই ডাঠ পেষ্ট বনাই কপালত লগাব লাগে। কিছু সময়ৰ পাছত পৰিষ্কাৰ পানীৰে ধুব। ইয়াৰ ফলত কপালৰ ক’লা ৰং পৰিষ্কাৰ হ’ব।(no need expensive products to get glow on your face)

Car Petrol Consumption: গাড়ী এখন ট্ৰেফিক পইণ্টত ১ মিনিট ৰ’লে কিমান পেট্ৰল খৰচ হয়? এই কথা জানেনে গাড়ীৰ মালিকে

Car Petrol Consumption
Car Petrol Consumption

গাড়ী এখন ট্ৰেফিক পইণ্টত ১ মিনিট ৰ’লে কিমান পেট্ৰল খৰচ হয়? এই কথা জানেনে গাড়ীৰ মালিকসকলে বা কেতিয়াবা এই বিষয়ে জানিবলৈ চেষ্টা কৰিছে নে? আজি আমি এই বিষয়ে জনাম আপোনালোকক।(Car Petrol Consumption)

গাড়ী চলোৱাৰ সময়ত ১ মিনিটৰ বাবে থকা ট্ৰেফিক লাইটত আবদ্ধ হৈ থাকিলে বহুলোকে সেই সময়ত গাড়ীখনৰ ষ্টাৰট বন্ধ নকৰে। এনে পৰিস্থিতিত আপোনাৰ গাড়ীত ইন্ধনৰ ব্যৱহাৰ অব্যাহত থাকে। আপুনি হয়তো কোনোবা এটা সময়ত অনুমান কৰে যে ইন্ধনৰ খৰচ কিমান হয়। যদি আপুনিও এই কাম সঘনাই কৰে আৰু ট্ৰেফিক লাইটত ১ মিনিটৰ বাবে আপোনাৰ গাড়ীৰ ইন্ধন খৰচৰ বিষয়ে জানিব বিচাৰে তেন্তে এই লেখাটো আপোনাৰ বাবে।(traffic point)

গাড়ী ৰখাওঁতে ইন্ধন (পেট্ৰল/ডিজেল) (Petrol/Diesel)খৰচ গাড়ীৰ প্ৰকাৰ, ইঞ্জিনৰ ক্ষমতা, আৰু ইঞ্জিনৰ কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে যদি আপোনাৰ গাড়ীৰ ইঞ্জিন ১০০০ৰ পৰা ২০০০ চিচিৰ ভিতৰত হয়, তেন্তে ১ মিনিটৰ ষ্টপত প্ৰায় ০.০১ৰ পৰা ০.০২ লিটাৰ পেট্ৰল খৰচ হয়।

সৰু ইঞ্জিন (১০০০ৰ পৰা ১২০০ চিচি): সৰু ইঞ্জিন থকা বাহনে ১ মিনিটত প্ৰায় ০.০১ লিটাৰ পেট্ৰল খৰচ হ’ব পাৰে।

মধ্যমীয়া ইঞ্জিন (১৫০০ চিচি পৰ্যন্ত): এই বাহনসমূহে প্ৰতি মিনিটত প্ৰায় ০.০১৫ লিটাৰ খৰচ হ’ব পাৰে।

ডাঙৰ ইঞ্জিন (২০০০ চিচিতকৈ অধিক): ডাঙৰ ইঞ্জিনত ১ মিনিটত প্ৰায় ০.০২ লিটাৰ বা তাতকৈ অধিক ইন্ধন ব্যৱহাৰ কৰিব পাৰি।

এই ভিত্তিত যদি আপোনাৰ গাড়ীখন অনবৰতে ট্ৰেফিক লাইটত ৰৈ থাকিবলগীয়া হয়, তেন্তে ইয়াৰ ফলত এমাহত বহুত অতিৰিক্ত ইন্ধন ব্যয় হ’ব পাৰে।

আনহাতে ট্ৰেফিক লাইটত বহু সময় ৰৈ থকাৰ সময়ত গাড়ীৰ ইঞ্জিন বন্ধ কৰিলে বহু ইন্ধন ৰাহি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে যদি ষ্টপিং টাইম ৩০ ছেকেণ্ডতকৈ অধিক হয় তেন্তে ইঞ্জিনটো চুইচ অফ কৰিলে ইন্ধনৰ খৰচ কমোৱাৰ এটা ভাল উপায়।

ইয়াৰ সুবিধাসমূহ হ’ল-

ইন্ধন অৰ্থনীতি: ইঞ্জিন চলি থকাৰ সময়ত ইন্ধন অবিৰতভাৱে ব্যৱহাৰ কৰা হয়। ইঞ্জিন বন্ধ কৰিলে ইন্ধনৰ ব্যৱহাৰ পোনপটীয়াকৈ বন্ধ হৈ যায়।

প্ৰদূষণ হ্ৰাস: গাড়ীৰ ইঞ্জিন বন্ধ কৰিলে নিৰ্গমন বন্ধ হৈ পৰে, যাৰ ফলত পৰিৱেশৰ প্ৰদূষণ হ্ৰাস পায়।

ধন সঞ্চয়: ইন্ধন ৰাহি কৰিলেও দীৰ্ঘকালীনভাৱে ধন ৰাহি হয়।

গতিকে ট্ৰেফিক লাইটত ৩০ ছেকেণ্ডতকৈ অধিক সময় ৰৈ থাকিলে ইঞ্জিন বন্ধ কৰাটো এটা ভাল সিদ্ধান্ত।

US Presidential Election 2024 Results: যদি ড’নাল্ড ট্ৰাম্প নিৰ্বাচনত জয়ী হয় তেন্তে প্ৰথম দিনাই ল’ব এই সমূহ সিদ্ধান্ত…

US Presidential Election 2024 Results
US Presidential Election 2024 Results

চাৰি বছৰৰ পাছত হোয়াইট হাউছলৈ ঘূৰি অহা যেন লাগিছে ড’নাল্ড ট্ৰাম্পৰ। ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰাত তেওঁ সংখ্যাগৰিষ্ঠতাৰ ওচৰ চাপিছে। যদিহে ট্ৰাম্পে নিৰ্বাচনত জয়ী হয় তেন্তে ২০২৫ চনৰ জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। নিৰ্বাচনৰ এদিন পূৰ্বে ভোটাৰসকলৰ ওচৰত কৰা শেষ আবেদনত ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ প্ৰথম পদক্ষেপ কি হ’ব সেই কথাৰ আভাস দিছিল।(US Presidential Election 2024 Results)

জয়ী হ’লে ট্ৰাম্পে প্ৰথমে কি কৰিব?

৩ নৱেম্বৰ দেওবাৰে এক কথোপকথনত ট্ৰাম্পে কয় যে ৰবাৰ্ট এফ. কেনেডি জুনিয়ৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেনেডি জুনিয়ৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী দৌৰৰ অংশ আছিল যদিও পিছত তেওঁৰ নাম প্ৰত্যাহাৰ কৰি ট্ৰাম্পক সমৰ্থন কৰে। শনিবাৰে কেনেডি জুনিয়ৰে কয় যে ২০২৪ চনৰ নিৰ্বাচনত যদি ট্ৰাম্প জয়ী হয় তেন্তে তেওঁৰ প্ৰথম পদক্ষেপ হ’ব খোৱাপানীৰ পৰা ফ্ল’ৰাইড আঁতৰোৱাৰ কথা ঘোষণা কৰা।(Donald Trump)

আনহাতে ট্ৰাম্পক সোধাত তেওঁ কয় যে তেওঁ কেনেডি জুনিয়ৰৰ সৈতে এই বিষয়ে কথা পতা নাই। ট্ৰাম্পে কয় কেনেডীয়ে কিছুমান ভেকচিন নিষিদ্ধ কৰাৰ পৰামৰ্শও আগবঢ়ায়। এই সন্দৰ্ভত ট্ৰাম্পে তেওঁক প্ৰশংসা কৰি কয় যে তেওঁ কেনেডীৰ সৈতে এই বিষয়ে কথা পাতিব।(Fluoride)

ফ্ল’ৰাইড কি?

ফ্ল’ৰাইড হৈছে পৃথিৱীত প্ৰাকৃতিকভাৱে পোৱা এক খনিজ। কেনেডীয়ে ফ্ল’ৰাইডৰ সৈতে বহু ৰোগৰ সম্পৰ্ক ৰাখিছে। কিন্তু আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনকে ধৰি বহু চিকিৎসা গোটে ফ্ল’ৰাইডযুক্ত পানীক সমৰ্থন কৰে। দাঁতৰ ক্ষয় ৰোধ কৰে বুলি কয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (CDC)য়েও ফ্ল’ৰাইডক নিৰাপদ বুলি বিবেচনা কৰে। তেওঁলোকে খোৱাপানীত প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰামৰ সীমা নিৰ্ধাৰণ কৰিছে। কেনেডীয়ে অন্যান্য বিষয়ৰ লগতে Covid ভেকচিনক সমালোচনা আৰু সন্দেহ কৰাৰ বাবেও পৰিচিত।

November Rashifal: শনিয়ে সলনি কৰিব গতিপথ, বহু ৰাশিৰ মুকলি হ’ব ভাগ্য দুৱাৰ

শনিয়ে সলনি কৰিব গতিপথ, বহু ৰাশিৰ মুকলি হ'ব ভাগ্য
শনিয়ে সলনি কৰিব গতিপথ, বহু ৰাশিৰ মুকলি হ'ব ভাগ্য

জ্যোতিষৰ মতে প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ পিছত নিজৰ গতি সলনি কৰে। জ্যোতিষৰ হিচাপ অনুসৰি ১৫ নৱেম্বৰৰ সন্ধিয়া ৭:১৫ বজাত শনিয়ে পোনে পোনে নিজৰ মূল ৰাশি কুম্ভ ৰাশিলৈ গতি কৰিব। শনিৰ গতিৰ পৰিৱৰ্তনে ১২টা ৰাশিৰ আটাইকেইটা ৰাশিৰ লোকক প্ৰভাৱিত কৰিব।(November Rashifal) শনিয়ে সলনি কৰিব গতিপথ, বহু ৰাশিৰ মুকলি হ’ব ভাগ্য দুৱাৰঅৱশ্যে ইয়াৰ প্ৰভাৱ ৫ ৰাশিৰ বাবে অতি শুভ হ’ব। এই লোকসকলে বহুত টকা লাভ কৰিব আৰু অপৰিসীম অগ্ৰগতি লাভ কৰিব।(Shani) এই পাঁচ ৰাশিৰ বিষয়ে জানো আহক(vrish, karkat, kumbh, meen, kanya, rashi)

শনিৰ গতিৰ পৰিৱৰ্তন বৃষ ৰাশিৰ লোকৰ বাবে শুভ হ’বলৈ গৈ আছে। কামত অহা বাধাবোৰ আঁতৰি সফলতা লাভ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ বাবে সময় ভাল হ’ব।

কৰ্কট ৰাশিৰ লোকৰ বাবে হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ’ব। বিয়া নোহোৱা সকলৰ বাবে হয়তো সম্পৰ্ক আহিব। ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্ৰসাৰণ হ’ব পাৰে।

কন্যা ৰাশিৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। ব্যৱসায় বাঢ়িব। কেৰিয়াৰত নতুন সুযোগ পাব। বিনিয়োগৰ বাবে সময় অনুকূল হ’ব আৰু ভৱিষ্যতে আপুনি ভাল লাভ পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কষ্টৰ ফল পাব।

শনিৰ গতিৰ পৰিৱৰ্তনে কুম্ভ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিব ভাল খবৰ। আপোনাৰ কামত সফলতা লাভ কৰিব। আৰ্থিক লাভৰ সম্ভাৱনা থাকিব যাৰ ফলত আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হ’ব। চাকৰি বিচৰা লোকসকলে হয়তো নিজৰ আকাংক্ষিত চাকৰিৰ অফাৰ পাব পাৰে।

মীন ৰাশিৰ লোকৰ বাবে বিদেশ ভ্ৰমণৰ সম্ভাৱনা থাকিব। আপোনাৰ কামত অপৰিসীম সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত অগ্ৰগতি হ’ব। মন সুখী হৈ থাকিব আৰু মানসিক চাপ নাইকিয়া হৈ যাব। বিবাহিত জীৱনত আহি থকা সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব।(15 november will shine luck of vrish karkat kumbh meen kanya rashi)

Health Benefits Of Ghee: ঠাণ্ডা দিনত গা ধোৱাৰ পূৰ্বে নাভিত ঘিউ লগালে বহু সমস্যাৰ পৰা দূৰত থাকিব

ঠাণ্ডা দিনত গা ধোৱাৰ পূৰ্বে নাভিত ঘিউ লগাব
ঠাণ্ডা দিনত গা ধোৱাৰ পূৰ্বে নাভিত ঘিউ লগাব

নাভিত ঘিউ প্ৰয়োগ কৰিলে পোৱা বহুতো উপকাৰৰ বিষয়ে আয়ুৰ্বেদত কোৱা হৈছে। ই কেৱল শাৰীৰিক নহয় মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে, ভাৰতীয় পাকঘৰত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ খাদ্য সামগ্ৰী ঘিউ, ঘিউক আয়ুৰ্বেদতো বছৰ বছৰ ধৰি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কাৰণ ঘিউয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাও নিৰাময় কৰে।(Health Benefits Of Ghee)

বিশেষকৈ যদি ঠাণ্ডাৰ দিনত আপোনাৰ স্বাস্থ্য সঘনাই বেয়া হয়, তেন্তে প্ৰতিদিনে গা ধোৱাৰ আগতে নাভিত ঘিউ প্ৰয়োগ কৰিলে অতি উপকাৰী হ’ব পাৰে। নাভিত ঘিউ লগোৱাৰ প্ৰথা আয়ুৰ্বেদিক চিকিৎসাৰ সময়ৰ পৰাই চলি আহিছে। (Ghee)আচলতে নাভি হৈছে শৰীৰৰ কেন্দ্ৰবিন্দু আৰু ইয়াৰ মাজেৰে বহুতো স্নায়ু আৰু শক্তিৰ সোঁত সংযুক্ত হৈ থাকে। এনে পৰিস্থিতিত নাভিত ঘিউ প্ৰয়োগ কৰি তাত উপস্থিত থকা পুষ্টিকৰ উপাদান আৰু উপকাৰী গুণ শৰীৰৰ প্ৰতিটো কোণত উপনীত হয়। নাভিত ঘিউ লগোৱা কিছুমান উপকাৰিতাৰ বিষয়ে জানি লওক-

  • ঘিউ হৈছে প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ, যিয়ে ছালখনক হাইড্ৰেট কৰে। এনে পৰিস্থিতিত নাভিত ঘিউ লগালে ছাল আৰ্দ্ৰ হৈ থাকে, যাৰ ফলত শুকান আৰু খজুৱতিৰ সমস্যা দূৰ হয়। ই শুকান ছালখন কোমল কৰি তোলে।(apply ghee in navel before bathing)

আয়ুৰ্বেদৰ মতে নাভিত ঘিউ প্ৰয়োগ কৰিলে পাচনতন্ত্ৰই ভাল কাম কৰাত সহায় কৰে। ই অন্ত্ৰত ভাল বেক্টেৰিয়াক প্ৰসাৰিত কৰে আৰু হজম শক্তি মসৃণ কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ অন্যান্য সমস্যাও কমি যায়।(winter)

  • শীতকালত নাভিত ঘিউ লগালে শৰীৰ গৰম হৈ থাকে। ই শৰীৰক ঠাণ্ডাৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ঘিউৰ পুষ্টিকৰ উপাদানসমূহ শীতকালত বিশেষভাৱে উপকাৰী।
  • ঘিউৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। নাভিত ঘিউ প্ৰয়োগ কৰিলে শৰীৰত এক প্ৰকাৰৰ শান্তি অনুভৱ হয়, যাৰ ফলত মানসিক স্বাস্থ্যৰ উন্নতি হয়।
  • নাভিত ঘিউ প্ৰয়োগ কৰিলে ৰক্ত সঞ্চালন উন্নত হয়। ই অংগসমূহক উপযুক্ত পুষ্টি প্ৰদান কৰে আৰু শক্তিৰ মাত্ৰা বৃদ্ধি কৰে। উন্নত ৰক্ত পৰিবহনে শৰীৰত শক্তিৰ মসৃণ প্ৰবাহ নিশ্চিত কৰে।

AGP: অগপ মানে মাত্র তিনিজন মানুহঃ ভূপেন বৰা

AGP: অগপ মানে মাত্র তিনিজন মানুহঃ ভূপেন বৰা
AGP and Bhupen Bora: অগপ মানে মাত্র তিনিজন মানুহঃ ভূপেন বৰা

বঙাইগাঁও, ৫ নৱেম্বৰঃ হাতী আজি ক’তো নাই৷ হাতীৰ প্ৰতি মানুহৰ এতিয়া মৰম নাই৷ এতিয়া অগপ(AGP) মানে মাত্র তিনিজন মানুহ৷ ইয়াৰে এজন অতুল বৰা, এজন কেশৱ মহন্ত আৰু এজন হ’ল ফণীভুষণ চৌধুৰী(Nabou)৷

তিনিজন মানুহৰ ব্যক্তিগত ৰাজনৈতিক উচ্চাকাংক্ষাক জীয়াই ৰাখিবৰ কাৰণে এই দলটোকে তিনিজনে মিলি পেলাই ড° হিমন্ত বিশ্ব শর্মাৰ ওচৰত বন্ধকত দি থৈ দিছে৷ এওঁলোক তিনিজনে বন্ধকটো আছে(Assam Sonmilita Morcha)৷

অইন অইন ঠাইবিলাক যিমান আগবাঢ়ি গ’ল তাৰ বিপৰীতে কিন্তু বঙাইগাঁৱৰ সিমান উন্নতি হোৱা দেখা পোৱা নাইঃ প্ৰদ্যুৎ বৰদলৈ

এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ(APCC)৷ সমাগত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্রাক্‌ক্ষণত দলীয় প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ হৈ সমষ্টিটোৰ পঞ্চপুৰত মঙলবাৰে আয়োজিত এখন নির্বাচনী প্রচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে৷

অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীয়ে ব্যক্তিগত ৰাজনৈতিক উচ্চাকাংক্ষাক জীয়াই ৰাখিবৰ কাৰণে অগপ দলটোকে ড° হিমন্ত বিশ্ব শর্মাৰ ওচৰত বন্ধকত থৈছেঃ ভূপেন বৰা

প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কংগ্রেছ দলে বঙাইগাঁও সমষ্টিত প্রার্থিত্ব প্রদান কৰা ব্ৰজেনজিৎ সিংহই যদি জিকে আমাৰ কি হ’ব বুলি কৈ কয় যে গণতন্ত্রত প্রতিবাদৰ ভাষা আছে৷ প্রতিবাদৰ ভাষা হৈছে উপ নির্বাচনৰ ১৩ তাৰিখৰ ভোটটো৷ মই এনেকৈ নকও যে ব্ৰজেনজিৎ সিংহ জিকাৰ লগে লগে আপোনাৰ সকলো সমস্যা সমাধান হৈ যাব৷

কিন্তু তেখেতক জিকোৱাৰ লগে লগে আপুনি চৰকাৰক এটা প্রতিশোধ, চৰকাৰক এটা বার্তা দিব যে তোমালোকে আমাক যেনেকে ঠগিব পাৰা, তোমালোকে যেনেকে কথাবিলাক লুটি বাগৰ মাৰিব পাৰা, তোমালোকে যেনেকে আমাক মিছা কথা কব পাৰা, সেয়ে আমি এই বঙাইগাঁৱত হৰুৱাই পেলাই দিছো৷

বঙাইগাঁৱত কংগ্ৰেছ দলৰ বিজয় নিশ্চিত, মিত্ৰজোঁটৰ হৈ মন্ত্ৰী-বিধায়কে প্ৰচাৰত নামি পৰিলেও ইয়াত প্ৰভাৱ নপৰেঃ ব্রজেনজিৎ সিংহ

ইপিনে মূল্যবৃদ্ধিৰ প্ৰসংগ টানি আনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে বিজেপি-অগপ শাসন কালত গেছৰ চিলিণ্ডাৰ, আলু, পিঁয়াজকে ধৰি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি পালে৷ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে৷ গতিকে ইয়াৰ পিছতো যদি আমি অগপ-বিজেপিক ভোট দিও আৰু পুনৰ চিলিণ্ডাৰ, আলু, পিঁয়াজ, মিঠাতেলৰ দাম বৃদ্ধি পায় তেতিয়া চৰকাৰৰ গাত দোষ নপৰে, দোষটো আমাৰ সকলোৰে গাত পৰিব৷

কাৰণ হাতী যেতিয়া মাতাল হয়, হাতীয়ে যেতিয়া মাউতৰ কথা নুশুনা হয় তেতিয়া মাউতে অংকুশলৈ হাতীৰ মূৰত খোচে৷ এতিয়া হাতীৰ অৰ্থাৎ অগপৰ সমৰ্থনলৈ থাকি বিজেপিও মাতাল হৈছে৷ এতিয়া আপোনালোকে মাউতৰ নিচিনাকৈ অংকুশলৈ হাতীৰ মূৰত খুচিব নোৱাৰে৷

‘নবৌৰ ৰাজনৈতিক অভিজ্ঞতাই নাই’

কিন্তু তেৰ তাৰিখে বেলট বাকচত বুঢ়া আঙুলিৰ টিপাটো জোৰকৈ হাতৰ চিনত দিয়ে তেতিয়াহলে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰো বুকু কঁপি যাব আৰু ফণীভূষণ চৌধুৰীৰো বুকু কঁপি যাব৷ আপোনালোকে বুকু কঁপাই দিব পাৰে৷ গণতন্ত্ৰত ৰাইজ হৈছে ভাগ্যনিয়ন্তা৷ আমাৰ ক্ষমতা আছে আমি বিধায়ক বনাবও পাৰো, বদলাবও পাৰো৷

ৰাইজৰ ক্ষমতা আছে মুখ্যমন্ত্ৰী বনাবও পাৰে ভাঙিবও পাৰে৷ কিন্তু ক্ষমতা আপুনি বেছি সময়ৰ কাৰণে নেপায়৷ তেৰ তাৰিখে সাত বজাত আপোনাৰ ক্ষমতাটে আৰম্ভ হ’ব আৰু চাৰিমান বজালৈকে টিপা মৰাৰ পিছত ক্ষমতা গুচি যাব৷ অৰুণোদয়কে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সামালোচনা কৰি সভাপতি বৰাই কয় যে এতিয়া কেৱল পদুম ফুল৷

বিজেপিৰ বাজপেয়ী ভৱনত যিটো পদুম ফুল লগোৱা আছে সেইটোও লাগে লাগে শেতা পৰিবলৈ ধৰিছে৷ আনহাতে সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ভাষণত কয় যে অইন অইন ঠাইবিলাক যিমান আগবাঢ়ি গ’ল তাৰ বিপৰীতে কিন্তু বঙাইগাঁৱৰ সিমান উন্নতি হোৱা দেখা পোৱা নাই৷ কংগ্ৰেছৰ শাসনকালতে বিদ্ৰোহীৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক আলোচনাৰ মাজলৈ আনি সমাজত শান্তি স্থাপিত কৰিলো৷ কংগ্ৰেছৰ দিনতে কোচ ৰাজবংশীসকলক অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণ কৰা হৈছিল৷

কিন্তু দুৰ্ভাগ্যৱত সেই সময়ত কিছুমান তথ্য পাতিৰ অভাৱ থকাৰ কাৰণে কৰ্টে সেইটো মানি নললে৷ পিছত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ স্বীকৃতি দিবৰ কাৰণে আমি প্ৰয়োজনীয় সকলো তথ্য পাতি গোটাই অধ্যয়ণ কৰি ভাৰত চৰকাৰলৈ পঠিয়াইছিলো৷ কিন্তু এই সকলো কাম-কাজ কৰাৰ পিছতে ২০১৪ চনত দিল্লীত বিজেপি চৰকাৰ আহিল৷ তেওঁলোকে সকলো তথ্য পাতি থৈ দিলে৷ সৰ্বানন্দ সোণোৱাল আদি সকলোৱে মিছা প্ৰতিশ্ৰুতি দিলে৷

সেইদৰে ফণীভূষণ চৌধুৰীয়ে সৰ্বানন্দ সোণোৱালৰ মিলি আমাৰ থলুৱা মানুহখিনিক কেৱল ফাঁকিয়ে দিলে৷ সেয়ে যদিহে আপোনালোকে বিজেপিৰ অপ শাসন উৎখাত কৰি যদি ২০২৬ ত কংগ্ৰেছৰ নেতৃত্বত এখন জনদৰদী, এখন গোটেই অসমৰ ভাষা-ভাষী, জনগোষ্ঠীৰ মানুহক সন্মান প্ৰদৰ্শন কৰা, মৰ্যদা দিয়া, সকলোৰে দুখ দুৰ্দশা বুজি পায়, অসমখনক সুদুৰ প্ৰসাৰিভাবে, ব্যৱহাৰিকভাবে আগুৱাই লৈ যাবৰ কাৰণে এখন চৰকাৰ বিচাৰিছে আৰু বিজেপি-অগপৰ ফাঁকিবাজ, প্ৰতাৰণাৰ চৰকাৰক উৎখাত কৰিব বিচাৰিছে তেতিয়াহলে এই ছেমি ফাইনেল খেলখনত আমি জিকিব লাগিব৷

যদি ছেমি ফাইনেলখনত জিকিব নোৱাৰো তেতিয়াহলে আমি ‘২৬ৰ ফাইনেলত জিকিব নোৱাৰিম৷ গতিকে আমাৰ দলৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰি আমাক ফাইনেললৈ আগবঢ়াই দিয়ক বুলিও ৰাইজক আহ্বান জনায়৷ ইপিনে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে যিদিনাখন ‘কা’খনক সমৰ্থন জনাই বিজেপিৰ মন্ত্ৰীসভাত প্ৰৱেশ কৰিছিল সিদিনাখনেই অগপ দলে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে আৰু অসমৰ জাতীয় স্বাৰ্থক সিদিনাখনেই তেওঁলোকে বিসৰ্জন দিছে৷

মই সমগ্ৰ বঙাইগাঁওবাসীক অনুৰোধ জনাইছো যে আমি যিজন ব্যক্তিক প্ৰাৰ্থিত্ব দিছো তেখেত এজন আঞ্চলিকতাবাদী সত্তাৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত৷ আছুৰ ৰাজ্যিক সহ সম্পাদক আছিল৷ অবিভক্ত গোৱালপাৰা জিলা আছুৰ সাধাৰণ সম্পাদক আছিল৷ লগতে দীঘলীয়া সময় ধৰি অসমৰ এজন প্ৰশাসনীয় বিষয়া হিচাপে, আৰক্ষী বিষয়া হিচাপে ৰাজ্যখনত তেখেতৰ অৱদান সকলোৱে জানে৷

এজন অভিজ্ঞ, উচ্চ শিক্ষিত আৰু এই বঙাইগাঁৱৰ বোকা পানী গচকি ইয়াৰ বতাহ পানী খাই ডাঙৰ হোৱা আৰু বিধানসভাৰ মজিয়াত বঙাইগাঁৱক আহি থকা সময়ত শক্তিশালীভাবে প্ৰতিনিধিত্ব কৰাৰ স্বাৰ্থত ব্ৰজেনজিৎ সিংহৰ সপক্ষে যি হাৰত ৰাইজ ওলাই আহিছে এয়া ২০২৬ৰ কাৰণে এটা নতুন চিন্তা আৰু বাৰ্তা যে তেৰ নবেম্বৰত দিব সেইটো মই নিশ্চিত৷

ইপিনে অগপত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নমা শৈলেন্দ্ৰ সৰকাৰৰ কাৰণে কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ’ব নেকি বুলি সাংবাদিকে সোধাত সভাপতি বৰাই কয় যে আজিৰ তাৰিখত ইয়াত দুটা কথা ওলাই আছে৷ কাৰণ অগপ-বিজেপিয়ে যিগৰাকী প্ৰাৰ্থিক প্ৰক্ষেপ কৰিছে সেইগৰাকী প্ৰাৰ্থী আৰু কংগ্ৰেছ দলে যিগৰাকী প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰিছে কোনগৰাকী প্ৰাৰ্থীৰ লগত বঙাইগাঁৱৰ আত্মসন্মান আৰু বঙাইগাঁৱৰ স্বাভিমানে বিধানসভাৰ মজিয়াত গুৰুত্ব প্ৰকাশ পাব সেইটো হৈছে মূল ইচ্ছ্যু৷

তাৰোপৰি সকলোবে জানে যে ‘২৬ত দিছপুৰত বিজেপি নাথাকে৷ কংগ্ৰেছ ক্ষমতালৈ আহিব৷ ব্ৰজেনজিৎ সিংহ জিকি যোৱা মানে ২৬ লৈকে এগৰাকী জ্যেষ্ঠ বিধায়ক হ’ব৷ এই অঞ্চলৰ ৰাইজে কৈছে যে বহু কাম বাকী আছে৷ বাকী থকা কামখিনিক ৪০ বছৰে যিজন মানুহে কৰিব নোৱাৰিলে সেইজন মানুহৰ মানুহগৰাকীয়ে কৰিব পাৰিব নেকি? ৪০ বছৰে বঙাইগাঁৱত যিবিলাক কাম এজন মানুহৰ নেতৃত্বত সমাধান নহ’ল তেওঁৰ অৰ্ধাংগিণী যাক আমি গৃহিণী বুলি কওঁ৷

মই নবৌৰ কথাত বিৰোধীতা কৰিবলগীয়া নাই৷ কিন্তু মোৰ দাদাৰ নবৌয়ে সেই কাম কেনেকৈ কৰিব পাৰিব? কাৰণ নবৌৰ ৰাজনৈতিক অভিজ্ঞতাই নাই৷ নবৌক গোটেই ৪০ বছৰ ঘৰতে সুমুৱাই থলে৷ দাদাৰ অভিজ্ঞতা আছিল, কিন্তু নোৱাৰিলে৷ নবৌয়ে অভিজ্ঞতা লবলৈ ৰাজনীতিৰ পথাৰলৈ অহাই নাই৷ গতিকে সিংহৰ কথাটো ৰাইজে উপলব্ধি কৰিছে৷ সন্ধিয়া হিমন্ত বিশ্ব শৰ্মাইও টিভিত ফটো দেখিলে গম পাব যে কংগ্ৰেছৰ সপক্ষে কোন ওলাই আহিছে৷

আনহাতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সন্দৰ্ভত কয় যে মই পৰিয়ালতন্ত্ৰৰ কথা কোৱা নাই৷ মই নবৌৰ কথা কৈছোঁ৷ নবৌ ৰাজনৈতিকভাবে, সামাজিকভাবে বঙাইগাঁৱৰ মানুহৰ লগত, বঙাইগাঁৱৰ স্বাৰ্থৰ লগত প্ৰত্যক্ষভাবে কেতিয়াও জড়িত হোৱা নাই বুলি ইয়াৰ ৰাইজে কৈছে৷ যিহেতু নবৌ জড়িত নাছিল, গতিকে যি সুদক্ষতা আৰু পাৰদৰ্শিতা লাগে সেইখিনি কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ আছে৷ তেওঁ এছ পি হিচাপে এখন জিলা চলাইছিলে, আইজিপি হিচাপে এটা জ’ন চলাইছিলে৷

যিজন মানুহে আইন শৃংখলাৰ ক্ষেত্ৰত পাঁচখন ছয়খন জিলাৰ নেতৃত্ব ল’ব পাৰে, যিজন মানুহে অসমৰ এখন ডাঙৰ ডাঙৰ জিলাৰ দায়িত্ব ল’ব পাৰে তেওঁ অভিজ্ঞ৷ কাৰণ ৰাজনীতিত অভিজ্ঞতা লাগিব৷ এইটো প্ৰশিক্ষণৰ কেন্দ্ৰ নহয়৷ বিধানসভা প্ৰশিক্ষণ কেন্দ্ৰ নহয়৷ এইবাৰ মই গৈ প্ৰশিক্ষণ ল’ম অহাবাৰৰ পৰা মই কাম কৰিম৷ আমি এজন প্ৰশিক্ষিত আৰু অভিজ্ঞ ব্যক্তিক প্ৰাৰ্থিত্ব দিছো আৰু বঙাইগাঁৱৰ শিক্ষিত – সংস্কৃতিবান ৰাইজে এটা সুন্দৰ সিদ্ধান্ত যে ল’ব মই নিশ্চিত৷

সেইদৰে সভাত চামুচেৰে দি বেলচা মাৰি নিছে বুলি বিজেপিৰ বিৰুদ্ধে কৰা কটাক্ষ সন্দৰ্ভত সভাপতি বৰাই কয় যে- মই ৰাইজক কৈছো যে পিঁয়াজৰ দাম যেতিয়া এটকা বাঢ়িছিলে, আলুগুটিৰ দাম এটকা বাঢ়িছিলে, গেছৰ চিলিণ্ডাৰৰ দাম বিশ টকা বাঢ়িছিলে তেতিয়া চিলিণ্ডাৰ মূৰতলৈ যিসকলে আন্দোলন কৰিছিলে, পিঁয়াজ, আলুগুটিৰ মালা পিন্ধি যিসকলে আন্দোলন কৰিছিলে সেইসকল এতিয়া মূল্যবৃদ্ধিৰ সময়ত নিমাত৷ তেওঁলোকক সুধিলে এতিয়া কয় যে ১,২৫০ টকা অৰুণোদয় দিছো৷

সভাত মই অৰুণোদয় কোনে কোনে পাইছে হাত দাঙিবলৈ কৈছিলো৷ কিন্তু কোনেও হাত দঙা নাই৷ অৰুণোদয়ে পোৱা নাই৷ কিন্তু চিলিণ্ডাৰ বাৰশ টকা হৈ গ’ল, কৰবাত এঘাৰশ টকা হ’ল দৰৱৰ দাম তিনি গুণ হ’ল, লাইটৰ বিল তিনি গুণ বাঢ়িল৷ স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন৷ সেই কাৰণে মই কৈছো গান ওলাইছে৷ বিজেপি চৰকাৰৰ দিনত এই বুলি গান ওলাইছে যে- কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামুচেৰে দিছা তুমি বেলচা মাৰি নিছা৷ ৰাইজৰ মনৰ কথা গানত ওলাইছে৷

সেইটো মই ৰাইজক কৈছো আৰু ৰাইজে কৈছে সঁচা গান ৷ ইপিনে বঙাইগাঁও সমষ্টিত কংগ্রেছ দলে প্রক্ষেপিত ব্রজেনজিৎ সিংহই নিৰ্বাচনী প্ৰচাৰ ভাল দৰে চলি থকা বুলি সাংবাদিক সকলৰ সৈতে হোৱা বার্তালাপত উল্লেখ কৰে। তেওঁ কয় যে ৰাইজৰ মাজত কংগ্ৰেছক লৈ ব্যাপক উৎসাহ আৰু উদ্দীপনা দেখা গৈছে৷ অগপ নেতা ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে৷ গতিকে ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱত কংগ্ৰেছ দল নিশ্চিত হৈ পৰিছে।

আনহাতে মিত্ৰজোঁটৰ হৈ মন্ত্ৰী-বিধায়কে প্ৰচাৰত নামি পৰিলেও ইয়াত প্ৰভাৱ নপৰে বুলি উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচনী প্ৰচাৰৰ বাবে জাকে জাকে মন্ত্ৰী-বিধায়ক আহিলেও লাভ নাই। ৰাইজে কাম কাজ, নীতি-আদৰ্শ, প্ৰাৰ্থিত্ব সম্পৰ্কে চালি জাৰি চাইহে ভোট দিব৷ গতিকে মন্ত্ৰী আহিলেও বিশেষ ইয়াত প্ৰভাৱ নপৰে। লক্ষ্যণীয় যে মঙলবাৰে অনুষ্ঠিত নিৰ্বাচনী সভাত অগপ আৰু বিজেপিৰ পৰা কেইবাগৰাকীও কৰ্মী তথা সমৰ্থক কংগ্ৰেছ দলত যোগ দিয়ে বুলি তেওঁ জানিব দিয়ে।

উল্লেখ্য যে বঙাইগাঁও সমষ্টিৰ পঞ্চপুৰ, আটুগাঁও, টেঙাইগাঁও, ডেকেলিমাৰী, বঙাইগাঁও চহৰৰ বহুকেইটা ৱার্ডকে ধৰি বিভিন্ন প্রান্তত কংগ্রেছ দলৰ নির্বাচনী প্রচাৰ সভাত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ সৈতে সংগ দিয়ে সাংসদ প্রদ্যুৎ বৰদলৈ, বিধায়ক আব্দুল বাতিন খন্দকাৰ, বিধায়ক প্ৰদীপ সৰকাৰ, বঙাইগাঁও জিলা কংগ্রেছৰ সভাপতি আবুল কাশেম, উপ-সভাপতি গিৰিশ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা মুখপাত্ৰ জ্যোর্তিময় বৈশ্য আদিয়ে৷

Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

Bhupen Hazarika's Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন
Bhupen Hazarika's Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

গুৱাহাটী, ৫ নৱেম্বৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika’s Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত ‘ভূপেন্দ্ৰ বৈভৱ’ শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।

বিটিচি(BTC) প্ৰধান প্ৰমোদ বড়োৱে(Pramod Bodo) তেওঁৰ ভাষণত কয় যে প্ৰতিমূৰ্তিটো কেৱল ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিত জনোৱাতকৈও অধিক- ই একতা, সামূহিক বিকাশ আৰু সামাজিক সম্প্ৰীতিৰ স্থায়ী মনোভাৱক প্ৰতিনিধিত্ব কৰিব।

অসমৰ সংগীত, সংস্কৃতি আৰু সামাজিক একত্ৰীকৰণৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকাৰ অপৰিসীম অৱদানৰ কথা উল্লেখ কৰি বড়োৱে বিটিচি চৰকাৰৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰে। তেওঁ বড়োলেণ্ডৰ(Boroland) সকলো সম্প্ৰদায়ৰ সুকীয়া পৰিচয় সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰি লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক প্ৰগতিত সকলোৰে সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও কয়।

এই দৃষ্টিভংগীৰ অংশ হিচাপে বড়োৱে বড়োলেণ্ডৰ সামাজিক-সাংস্কৃতিক দৃশ্যপট বৃদ্ধিৰ লক্ষ্যৰে কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ কথা ঘোষণা কৰে। গুৰুত্বপূৰ্ণ ঘোষণাসমূহৰ ভিতৰত আছে তামুলপুৰত প্ৰখ্যাত সাংস্কৃতিক ব্যক্তিত্ব কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণ, বাক্সাত ড° ভূপেন হাজৰিকা ভৱন স্থাপন আদি। ইয়াৰ বাবে ব্যয় কৰা হৈছে ১০ কোটি টকাৰো অধিক ধন।

তদুপৰি, বড়োৱে ড° ভূপেন হাজৰিকাৰ ২০০ তকৈও অধিক গান বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে সমৰ্থন আগবঢ়াব বুলি কয়। কোকৰাঝাৰত সম্পন্ন হ’বলগীয়া প্ৰকল্পই ইতিমধ্যে গতি লাভ কৰিছে বুলি জানিব পৰা গৈছে।

অনুষ্ঠানত উপস্থিত থাকি অসমৰ বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী তথা কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী ইউজি ব্ৰহ্মই ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰাজিৰ প্ৰশংসা কৰি সমবেত লোকসকলক সম্বোধন কৰে। তেওঁ বড়োলেণ্ডৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি আৰু সহযোগিতা মনোভাব বৃদ্ধিৰ লগতে অঞ্চলটোৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ বাবে বিটিচিৰ প্ৰতিশ্ৰুতিৰ বিষয়ে কয়।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ডিজিপি কুলধৰ শইকীয়াই বিটিচি প্ৰশাসনে সুধাকণ্ঠৰ প্ৰতি জনোৱা সন্মানক প্ৰশংসা কৰে। তেওঁ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিটোক মানৱতাৰ এক শক্তিশালী প্ৰতীক আৰু ভৌগোলিক তথা সাংস্কৃতিক সীমা অতিক্ৰম কৰা ড° হাজৰিকাৰ বিশ্বব্যাপী প্ৰভাৱৰ স্মাৰক হিচাপেও অভিহিত কৰে।


অনুষ্ঠানত সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেন্স ইছলাৰী, কোকৰাঝাৰৰ আয়ুক্ত মাচন্দা পাৰ্টিন, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী, বিশিষ্ট শিল্পী কমল চন্দ্ৰ কটকীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

KHANIKAR PUTHI । খনিকৰ পুথি৷ সকলোৱেই জানে পুথিখনৰ বিষয়ে৷ সেৱা-ভক্তিৰে শ্ৰৱণ কৰে সকলোৱে…

খনিকৰ পুথি৷ সকলোৱেই জানে পুথিখনৰ বিষয়ে৷ সেৱা-ভক্তিৰে শ্ৰৱণ কৰে সকলোৱে…
এখন বিখ্যাত পুথি ‘খনিকৰ পুথি’

Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী

Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী
Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী

শিলচৰ, ৫ নৱেম্বৰঃ কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক’ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে।

ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)। তেওঁ কয়, বাংলাদেশী কোনে তৈয়াৰ কৰিছিল। কংগ্ৰেছে(Sonia Gandhi) বাংলাদেশী সৃষ্টি কৰিছে।

কংগ্ৰেছে দেশ বিভাজন কৰিছিল। কংগ্ৰেছৰ সোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়। কংগ্ৰেছে বাঙালী লোকক বাংলাদেশী কয়, বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হ’লে ছোনিয়া গান্ধী ইটালিয়ান(Italian)।

তেওঁ কয়, ১৯৭১ চনৰ আগতে যিসকলে ইয়ালৈ আহিছিল তেওঁলোকে অত্যাচাৰিতা হৈ আহিছিল(Italian Sonia Gandhi)। বৰ্তমান বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে।

মঙলবাৰে ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনি দুখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীৰ হৈ তীব্ৰ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বিএনএমপি হাইস্কুল আৰু পালংঘাটৰ চিচি জে চি হাইস্কুলৰ খেল পথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে ।

সভাত অংশ গ্ৰহণ কৰি প্ৰথমৰ পৰাই কংগ্রেসক ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই। কংগ্রেসৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইছ্যু নাই বাবেই নীহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি সজাই অসমৰ পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। বাংলাদেশী কোন হয়, সেয়া চোৱাৰ দায়িত্ব কংগ্ৰেছৰ নহয়।

সেই দায়িত্ব চৰকাৰৰ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ হল এনে গৰু, যিয়ে দানা খোৱাৰ পিচতো গাখীৰ নিদিয়ে। ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বাবে কেবাটাও পথ, সেতু, কলেজ সহ বিভিন্ন উন্নয়ন মুলক কামৰ প্ৰতিশ্ৰতি দিয়ে।

লগতে ধলাইত নতুনকৈ ১৫ৰ পৰা ২০ অৰুণোদয় দিয়া হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। ইফালে, ৰাজ‌্যত অনুষ্ঠিত হব লগা পাচটা সমষ্টিৰ উপ-নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত যদিও এটা সমষ্টিত বিজেপিৰ বাবে কষ্টকৰ হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

এই দিনা ধলাই অনুসূচিত বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ সমৰ্থনত ধলাই আৰু পালংঘাটত বিজয় সংকল্প সমাবেশৰ মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, কংগ্ৰেছ এটা গাখীৰ নিদিয়া গাই গৰু। যিমানেই দানা খুৱাব গাখীৰ নিদিয়ে।

কিন্তু বিজেপি হ’ল জাৰ্চি গৰু। দানা খুৱালে ষোল্ল লিটাৰ গাখীৰ দিব। কংগ্ৰেছক ভোট দিলে কোনো কাম নহয়। কংগ্ৰেছ মতা গৰুৰ দৰে। সেয়েহে যিমানেই ভোট দিব কাম কৰিব নোৱাৰিব। কংগ্ৰেছৰ বৰ্তমান কোনো ইছ্যু নাই। কংগ্ৰেছে ৰাইজক একো দিব নোৱাৰিব। অৰুণোদয়, নিযুত মইনা, ৰেচন কাৰ্ড, স্কুল-ৰাস্তা একো দিব নোৱাৰিব।

কিয়নো দিছপুৰ আৰু দিল্লীত বিজেপি চৰকাৰ আছে। বিজেপি অসমত ৫০ বছৰ থাকিব। তেতিয়ালৈ কংগ্ৰেছৰ চিনচাব নোহোৱা হৈ যাব। মুখ্যমন্ত্ৰীয়ে কয়, বৰ্তমান বৰাক আৰু ব্ৰহ্মপুত্ৰ আদি কোনো বিভেদ নাই। বৰাক উপত্যকাত নতুনকৈ কৰিমগঞ্জত মেডিকেল কলেজ হাস্পতাল নিৰ্মাণ হ’ব। ধলাইত বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীৰ বাবে অসীম লাভৱান হৈছে।

উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সমষ্টিটোত আহি আছে এখন আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়। নতুনকৈ ধলাইৰ ৰাস্তাৰ বাবে ৫০ কোটি টকা দিয়া হৈছে। বৰজালেঙ্গা আৰু নৰসিংপুৰত এখন কলেজ হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, পালংঘাটত প্ৰথম আহিছে।

পালংঘাটত ২০ কোটি টকাৰ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ষ্টেডিয়াম নিৰ্মাণ হ’ব। আমড়াঘাটে বৰাক নদীৰ ওপৰ সেতু নিৰ্মাণ কৰা হ’ব। ৩ অক্টোবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলা-অসমীয়া ভাষাকে ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

নীহাৰ ৰঞ্জন দাসক ভোট দি জয়ী কৰিলে ধলাইৰ উন্নয়নৰ দায়িত্ব তেওঁৰ বুলি উল্লেখ কৰে তেওঁ। এইদিনা ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ফ্ৰেব্ৰুৱাৰী ভিতৰত লাখ লাখ মহিলাই পাব ১০ হাজাৰ টকা।ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আধাৰকাৰ্ডৰ সমস্যা শেষ হৈছে। এই দিনা সাংসদ পৰিমল শুক্লবৈদ্যই কয়, কংগ্ৰেছৰ অভিযোগ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বিদেশী।

কংগ্ৰেছে দেশক দ্বিখণ্ডিত কৰিছে। অখণ্ড ভাৰতক বিখন্ডিত কৰিছে। কংগ্ৰেছে কেনেকৈ কব পাৰে বিদেশী আৰু স্বদেশী। নীহাৰ ৰঞ্জন দাসৰ ৰতনপুৰ চাহ বাগিচাত ঘৰ। আইৰংমাৰা স্কুলত পঢ়া-শুনা। শিক্ষক হিচাপে কৰ্মৰত আছিল। ৰতনপুৰ চাহ বাগিচাত ম্যানেজাৰ হিচাপে কাম কৰিছিল। পাকিস্তানৰ মানুহে‌ বিদেশী আৰু স্বদেশী কয়।

এইদিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উন্নমূলক কাম-কাজৰ প্ৰশংসা কৰে তেওঁ। কংগ্ৰেছৰ সভাত পাঁচশো মানুহ হোৱা নাই। ৰাহুল গান্ধীক আনিলে এক হাজাৰ মানুহ নহ’ব। ধলাইত বিজেপি বহু শক্তিশালী। ইয়াত কংগ্ৰেছে সমাবেশ কৰি কোনো লাভ নহ’ব বুলি উল্লেখ কৰে তেওঁ।

এইদিনা বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে কয়, নিষ্ঠা আৰু সততাৰ পুৰস্কাৰ লাভ কৰিছে। ২০০০ চনত বিজেপিত যোগদান কৰিছিল। এছচি বোৰ্ডেৰ চেয়াৰমেন হিচাপে কাছাৰত ৪৫টা শিবিৰ কৰি অনুসূচিত জাতিৰ চাৰ্টিফিকেট বিতৰণ কৰে। ধলাইত ১২টা শিবিৰ পাতি চাৰ্টিফিকেট বিতৰণ‌ কৰে। ৪০ হাজাৰ মানুহক এছ চি চাৰ্টিফিকেট প্ৰদান কৰিছে।

এন আৰচিৰ সময়ত দলীয় নিৰ্দেশত ৰাইজৰ কাম কাজ কৰিছিল। তেওঁ কয়, প্ৰতিজন দলীয় কৰ্মী সদস্য আৰু ৰাইজক লগত লৈ ধলাইৰ উন্নয়নত ভোট দি জয়যুক্ত কৰক।

এইদিনা বিজয় সংকল্প সমাবেশত উপস্থিত আছিল অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মালাহ, প্ৰাক্তন সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, বিধায়ক কৌশিক ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বিধায়ক মিহিৰ কান্তি সোম, বিধায়ক কৃষ্ণেন্দু পাল, বিধায়ক বিজয় মালাকাৰ, জিলা সভাপতি বিমলেন্দু ৰয়, কাছাৰ জিলাৰ প্ৰভাৰী বিশ্বৰূপ ভট্টাচাৰ্য, কংগ্ৰেছ সম্পাদক কণাদ পুৰকায়স্থ, মহিলা নেত্ৰী শিপ্ৰা গুণ, অনুপমা ৰয়।