Home Blog Page 474

Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান

Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান
Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান

বঙাইগাঁও, ৫ নৱেম্বৰঃ অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷

সংগঠন কেইটাৰ নেতৃত্বই লগতে কোচ ৰাজবংশী সকলক মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত তিনি প্ৰজন্মৰ নথিপত্ৰ প্ৰদানৰ পৰা ৰেহাই দিব নে নাই সেই কথা অহা ১০ নৱেম্বৰৰ আগতে স্পষ্ট কৰিবলৈকো মুখ্যমন্ত্ৰীক আহ্বান জনাইছে(Tibeto Burman languages)৷

অন্যথা ১০ নবেম্বৰৰ পিছত যৌথভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি বুলিও হুংকাৰ দিছে(Land Ownership)৷

উল্লেখ্য, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ ক্ষীতিশ বৰ্মন গোট, অতুল বৰ্মন গোট, সুনাধৰ ৰায় গোট, নিমাই ৰায় নেতৃত্বাধীন অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছু গোট আৰু কোচ ৰাজবংশী জাতীয় পৰিষদে মঙলবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত এখন যৌথ সংবাদমেল অনুষ্ঠিত কৰে(Upper Assam)৷

সংবাদ মেলত সংগঠনকেইটাৰ নেতৃত্বই কয় যে অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী সকলে সুদীৰ্ঘদিন ধৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুণৰ গঠনৰ বাবে গণতান্ত্ৰিকভাবে আন্দোলন কৰি আহিছে যদিও আজিলৈকে কেন্দ্ৰ আৰু অসমত শাসন কৰা কোনো এখন চৰকাৰে কোচ- ৰাজবংশীসকলৰ সমস্যা সমাধানৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগল।

বৰং কূট কৌশল কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠন সমূহক বিভাজনৰ ৰাজনীতিৰে আন্দোলনৰ পৰা আতৰাই ৰাখি সমস্যা সমূহ গাপ দি ৰাখিহে আছে৷ সেইদৰ সুদীৰ্ঘদিন ধৰি অসম তথা কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আছিল যদিও কংগ্ৰেছেও কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান নকৰিলে৷

একেদৰে বৰ্তমান অসম তথা কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে যদিও কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত হোহকা পিছলা নীতি গ্ৰহণ কৰি প্ৰতাৰণা কৰিব ওলাইছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ ভিজন ডকুমেণ্টত আৰু নিৰ্বাচনী সভা সমূহত স্পষ্টকৈ উল্লেখ কৰিছিল যে ‘কেন্দ্ৰ আৰু অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’লে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিব৷

কিন্তু দুৰ্ভাগ্যজনক কথাতো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত তিনিবাৰ আৰু অসমত দুবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ল যদিও বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি পালন নকৰি এতিয়া কংগ্ৰেছ দলৰ ওপৰত দোষাৰোপ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জনজাতিকৰণ দাবী সমাধানৰ পৰা আতৰি আহিছে৷

২০১৯ চনত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ বাবে ৰাজ্য সভাত বিধেয়ক উত্থাপনৰ পিছতে অসমৰ বৰ্তমানৰ জনজাতি সকলৰ বাবে সংৰক্ষিত অধিকাৰ সুৰক্ষিত কৰি অসমৰ ছয় জনগোষ্ঠীক কেনেকৈ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে তাৰবাবে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ পাঁচজনীয়া মন্ত্ৰী গোট গঠন কৰি দিছিল আৰু উক্ত মন্ত্ৰী গোটে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনৰে কেবাবাৰো আনুষ্ঠানিক বৈঠক কৰি জনজাতিকৰণ দাবী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল৷

কিন্তু ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত এতিয়া জনজাতিকৰণ সমস্যা সমাধান নকৰি জনজাতিকৰণৰ বিষয়টোকলৈ কংগ্ৰেছ দলৰে বোকা ছটিওৱা ৰাজনীতিতহে ব্যস্ত থকা দেখা গ’ল৷

মুখ্যমন্ত্ৰীৰ এই কাৰ্য চুড়ান্ত দুৰ্ভাগ্যজনক আৰু কোচ ৰাজবংশীসকলক কৰা প্ৰতাৰণাৰ এক জলন্ত উদাহৰণ বুলি ক্ষোভ প্ৰকাশ কৰি অসম চৰকাৰক তীব্ৰ ধিক্কাৰ দি কোচ ৰাজবংশী জাতীয় সংগঠন সমূহৰ নেতৃত্বই আৰু কয় যে, জনজাতিকৰণৰ দাবী সমাধান নকৰি এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মিছন বসুন্ধৰা ৩.০ জৰিয়তে অসমৰ ভূমি নামজাৰি তথা ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অসমৰ কেবাটাও জনগোষ্ঠীয়ে তিনিটা প্ৰজন্মৰ নথিপত্ৰ অবিহনে কৰিব পাৰিব বুলি সিদ্ধান্ত কৰিছে যদিও ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক উক্ত জনগোষ্ঠীৰ সতে সাঙুৰি নললে।

ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে আওপকীয়াকৈ কোচ ৰাজবংশীসকলক বিদেশী বা প্ৰৱজনকাৰী সজাই কোচ ৰাজবংশী সকলক ৰাজনৈতিকভাবে নিঃশেষ কৰিব বিচাৰিছে।

অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ জৰিয়তে হাজাৰ হাজাৰ ভূমি কোচ ৰাজবংশীসকল ভূমিস্বত্ব বা ভূমিৰ মালিকীস্বত্বৰ পৰা যুগযুগান্তৰলৈ বঞ্চিত হ’ব৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনা উচিত কোচ ৰাজবংশী সকলৰ ৰজা-মহাৰজাৰ শাসনত থকা দৰং, বেলতলা, কোচ হাজো, বিজনী, ছিদলী আদিৰ ৰজাই অসীম ত্যাগ কৰি ভাৰতবৰ্ষত যুক্ত হোৱাৰ কাৰণে এটা সময়ত বৰ অসম হৈছিল৷

কিন্তু বৰ্তমান অসম চৰকাৰে কোচ ৰাজবংশী সকলৰ অসীম ত্যাগক ভেঙুচালি কৰি ঐতিহাসিক জনগোষ্ঠীটো মানে-সন্মানে জীয়াই থকাত এতিয়া বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰাতো কেতিয়াও মানি ল’ব নোৱাৰি। গতিকে অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশী সকলক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনায় ৷

লগতে কোচ ৰাজবংশী সকলক মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত তিনি প্ৰজন্মৰ নথিপত্ৰ প্ৰদানৰ পৰা ৰেহাই দিব নে নাই সেই কথা অহা ১০ নৱেম্বৰৰ আগতে স্পষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়৷ অন্যথা ১০ নৱেম্বৰৰ পিছত আক্ৰাছুৱে যৌথভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব ৷

তাৰোপৰি উপ নিৰ্বাচনত আক্ৰাছুৱে বিশেষ ভূমিকা ল’ব বুলি কৈ প্ৰয়োজনত কোচ ৰাজবংশী জনগোষ্ঠীয়ে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিব৷ সেইদৰে বিজেপি চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে কোচ ৰাজবংশী জনগোষ্ঠীক তেওঁলোকক কি কাৰণত ভোট দিবলৈ আহ্বান জনাব বা কোচ ৰাজবংশীসকলে কি কাৰণত দলটোক ভোট দিব ?

কাৰণ প্ৰতিশ্ৰুতি পূৰণেই নকৰিলে বুলিও কয়৷ কোচ ৰাজবংশী সংগঠনকেইটাৰ নেতৃত্বই লগতে কোচ ৰাজবংশী সকলক বিজেপি নেতৃত্বাধীন অসম চৰকাৰে জনজাতিৰ তালিকাভুক্ত কৰাৰ লগতে কেএলঅৰে শান্তি আলোচনা কৰি শান্তিচুক্তি কৰিব নে নাই সেই কথাও মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ কবলৈ আহ্বান জনায়। অন্যাথা অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হব বুলিও সংবাদমেল যোগে হুংকাৰ দিয়ে৷

সংবাদমেলত আক্ৰাছু সভাপতি ক্ষীতিশ বৰ্মন, সুনিল ৰায়, সাধাৰণ সম্পাদক কপিল সিংহ, সুনাধৰ ৰায়, প্ৰচাৰ সম্পাদক উত্তম ৰায়, সহকাৰী সাধাৰণ সম্পাদক গোপাল ৰায় আৰু কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় উপস্থিত আছিল৷

Himanta Biswa Sarma । গাখীৰ নিদিয়া গৰু কংগ্ৰেছ , ভোট দি লাভ নাই !ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী

Himanta Biswa Sarma । গাখীৰ নিদিয়া গৰু কংগ্ৰেছ , ভোট দি লাভ নাই !ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী
বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ৫ নৱেম্বৰঃ ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা আহি ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) । ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সমষ্টিকেইটাত ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰিছে । ধলাইৰ বি এন এন পি হাইস্কুল আৰু পালংঘাটৰ চি চি জে চি হাইস্কুলৰ খেলপথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) ।

ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰথমৰ পৰাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ।


শৰ্মাই কয়, “কংগ্ৰেছৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইছ্যু নাই বাবেই নিহাৰ ৰঞ্জন দাসক বাংলাদেশী সজাই অসমৰ পৰিস্থিতি উত্তপ্ত কৰিব বিচাৰিছে । বাংলাদেশী কোন হয়, সেয়া চোৱাৰ দায়িত্ব কংগ্ৰেছৰ নহয় । সেই দায়িত্ব চৰকাৰৰ ।”
কংগ্ৰেছ দলত গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছ হ’ল এনে গৰু, যিয়ে দানা খোৱাৰ পিছতো গাখীৰ নিদিয়ে ।” ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে ।

ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা


ইয়াৰ উপৰি ধলাইৰ বাবে কেইবাটাও পথ, সেতু, কলেজসহ বিভিন্ন উন্নয়নমূলক কামৰ প্ৰতিশ্ৰতি দিয়ে । লগতে ধলাইত নতুনকৈ ১৫ ৰ পৰা ২০ হাজাৰক অৰুণোদয় দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । তাৰ বাবে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে । ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় দিল্লীত বিজেপি চৰকাৰ দিছপুৰত বিজেপি চৰকাৰ গতিকে উন্নয়ণৰ বাবে ধলাইত বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

Chhath Puja 2024: লৌকি ভাতেৰে আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত

Chhath Puja 2024: লৌকি ভাতেৰে আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত
Chhath Puja 2024: লৌকি ভাতেৰে আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত

গুৱাহাটী, ৫ নৱেম্বৰঃ মঙলবাৰৰ পৰাই দেশজুৰি চাৰিদিনীয়া কাৰ্যসূচীৰে(Chhath Puja 2024) আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত৷ আজি প্ৰথম দিনা লৌকি ভাতেৰে আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত(Hindu festival)৷

বুধবাৰে হ’ব খাৰনা৷ বৃহস্পতিবাৰে বিয়লি হ’ব প্ৰথম অৰ্ঘ্য(Sun God)৷ শুক্ৰবাৰে পুৱা হ’ব দ্বিতীয় অৰ্ঘ্য অৰ্থাৎ পাৰণ(Surya Dev)৷

নিজৰ পৰিয়ালৰ লগতে সমাজৰ সকলো স্তৰৰ ৰাইজৰ মংগল কামনা কৰি ভক্তসকলে উপবাসে থাকি পালন কৰিব পৱিত্ৰ ষট পূজা(Sister Chhathi Maiya)৷

আৰাধনা কৰিব সূৰ্য দেৱতাক৷ প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো ৰাজগড় অঞ্চলৰ ৰাইজ একত্ৰিত হৈ ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থান ষট পূজা ঘাটত পালন কৰিব এই পৱিত্ৰ ষট ব্ৰত৷

ষট পূজা উদযাপন সমিতিয়ে দিন-ৰাতি একাকাৰ কৰি ষট পূজা ঘাটত প্ৰস্তুতি চলাইছে৷ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ষট পূজা ঘাট৷ ষট পূজা উপলক্ষে শ্ৰীশ্ৰী যুৰীয়া আই থানো সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে৷

আলোকসজ্জাৰে সজ্জিত কৰা হৈছে সমগ্ৰ আই থান চৌহদ৷ পৰিস্কাৰ কৰি তোলা হৈছে সমগ্ৰ আই থান চৌহদ৷ নিৰ্মাণ কৰা হৈছে অস্থায়ী মণ্ডপ৷ নিয়োগ কৰা হৈছে স্বেচ্ছাসেৱক৷

শ্ৰীশ্ৰী যুৰীয়া আই থান ষট পূজা উদযাপন সমিতিয়ে ষট পূজা ঘাটলৈ সকলো ভক্তপ্ৰাণ ৰাইজক সাদৰেৰে আমন্ত্ৰণ জনাইছে৷

Assam Tiwa Students’ Union: জাগীৰোডত ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ তিৱা ছাত্ৰ সন্থা আৰু জনজাতীয় সংগঠনৰ

Assam Tiwa Students' Union: জাগীৰোডত ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ তিৱা ছাত্ৰ সন্থা আৰু জনজাতীয় সংগঠনৰ
Assam Tiwa Students' Union: জাগীৰোডত ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ তিৱা ছাত্ৰ সন্থা আৰু জনজাতীয় সংগঠনৰ

জাগীৰোড, ৫ নৱেম্বৰঃ জাগীৰোডত মঙলবাৰে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সদৌ তিৱা ছাত্ৰ সন্থা(Assam Tiwa Students’ Union) আৰু কেইবাটাও জনজাতীয় সংগঠনৰ৷ জাগীৰোড(Jagiroad) টাউন কমিটি গঠনৰ বিৰোধিতা, সংৰক্ষিত ট্ৰাইবেল বেল্ট ব্লক এলেকাত বেদখলকাৰীক উচ্ছেদ কৰা, তিৱা স্বায়ত্ব পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰা আদি কেইবাটাও দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী(NH 27)

জাগীৰোডৰ মাজমজিয়াত প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি(Assam)৷ আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত সৃষ্টি হয় হতাহতিৰ(Sixth Schedule)৷ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ ফলত হোৱা হতাহতিত কেইবাজনো প্ৰতিবাদকাৰীৰ লগতে আৰক্ষী কমবেছি পৰিমানে আঘাটপ্ৰাপ্ত হয়৷

পথ অৱৰোধৰ সময়চোৱাত ৰাজপথ আৱদ্ধ হৈ পৰে উজনি নামনি যানবাহন চলাচল৷ আগন্তুক দিনত মধ্য অসম বন্ধৰ দৰে ধাৰাবাহিক আন্দোলনেৰে পুনৰ মধ্য অসম উত্তপ্ত কৰাৰ হুংকাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে সহযোগী জনজাতীয় সংগঠনসমূহে৷

পৰৱৰ্তী সময়ত জাগীৰোড সমজিলা আয়ুক্ত বিমান দাস আৰু মায়ং ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

সদৌ তিৱা ছাত্র সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ এই প্ৰতিবাদত টাটা চেমি কণ্ডাক্টৰ প্রকল্পত স্থানীয় যুৱক-যুৱতীক সংস্থাপন দিয়াৰ বাবে অতিশীঘ্ৰে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায় সংগঠনকেইটাই৷

তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিবলৈ সদৌ তিৱা ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে। কিন্তু কোনোখন চৰকাৰেই বিষয়টো গুরুত্ব প্রদান কৰা নাই।

শেহতীয়াকৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম চৰকাৰৰ কেবিনেটে তিৱা, ৰাভা, মিচিং স্বায়ত্ব পৰিষদক সাংবিধানিক মর্যাদা প্রদান কৰাৰ বাবে কেবিনেট সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছিল যদিও কিন্তু সেই বিষয়ে জাতীয় সংগঠন আৰু পৰিষদৰ বিষয়ববীয়াই আজিলৈকে এই সন্দৰ্ভত অৱগত কৰা পৰিলক্ষিত নহ’ল আৰু কেন্দ্ৰীয় চৰকাৰলৈ সেই সিদ্ধান্ত প্ৰেৰণ কৰা হ’ল নে নাই অৱগত নহয় বুলি অভিযোগ উত্থাপন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰশান্ত মচৰঙে৷

গতিকে এই সন্দর্ভত অসম চৰকাৰৰ জাতীয় সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত অতিশীঘ্ৰে এখন ত্রি-পাক্ষীক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনায় জাতীয় সংগঠন কেইটাই। তিৱা স্বায়ত্ব পৰিষদ আৰু ট্রাইবেল বেল্ট ব্লকৰ অধীনৰ ২০ খন গাঁও সামৰি জাগীৰোড টাউন কমিটী গঠন কৰাৰ বাবে এক সিদ্ধান্ত গ্রহণ কৰিছে।

সদৌ তিৱা ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয়, উন্নয়ন লাগিব কিন্তু উন্নয়নৰ নামত ট্রাইবেল বেল্ট ব্লক ধ্বংস কৰি আৰু তিৱা স্বায়ত্ব পৰিষদ এলেকাৰ অস্তিত্ব বিপন্ন কৰি টাউন কমিটী গঠন কৰা সিদ্ধান্তক জাতীয় সংগঠন আৰু স্থানীয় ৰাইজে মানি ল’ব নলয় বুলি ক্ষোভ উজাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি অনিৰুদ্ধ মিথিয়ে।

গতিকে সময় থাকোতেই মূখ্যমন্ত্ৰীৰ হস্তক্ষেপত জাগীৰোড টাউন কমিটী গঠন কৰা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠন সমূহে। মধ্য অসমত ১৭টা ট্রাইবেল বেল্ট ব্লক গঠন কৰা হৈছিল। ইতিমধ্যে অসম চৰকাৰে সাহসিকতাৰে কামৰূপ (মেট্ট’) জিলাৰ ডিমৰীয়া ট্রাইবেল বেল্ট ব্লকৰ অন্তৰ্গত কচুতলীত কেইদিনমানৰ পূৰ্বে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিছিল।

সদৌ তিৱা ছাত্র আৰু জাতীয় সংগঠনে সেই উচ্ছেদৰ বাবে অসম চৰকাৰক কৃতজ্ঞতা জনাইছে। কিন্তু বর্তমানেও বহু ট্রাইবেল বেল্ট ব্লকত অবৈধভাবে ভূমি বেদখল হৈ আছে। মৰিগাঁও জিলাৰ ৭টা ট্রাইবেল বেল্ট ব্লকত প্রায় ২৮০২২ বিঘা মাটি অবৈধ বেদখল হৈ আছে। ঠিক তেনেকৈ বাকী বেল্ট ব্লকসমূহতো অবৈধ বেদখল হৈ আছে।

গতিকে যেনেদৰে কচুতলীত অবৈধ বেদখলকাৰীক উচ্ছেদ চলাই বেদখলমুক্ত কৰিলে একেলেখীয়াকৈ বাকী ট্রাইবেল বেল্ট ব্লকসমূহকো বেদখলমুক্ত কৰিবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় জাতীয় সংগঠন সমূহে৷

ভাৰতীয় সংবিধান অনুসৰি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক আঞ্চলিক তিৱা পৰিষদ গঠন কৰাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে যদিও কিন্তু আজিলৈকে এই সন্দৰ্ভত কোনোখন চৰকাৰে গুৰুত্ব প্রদান কৰা নাই।

গতিকে অতিশীঘ্ৰে কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক আঞ্চলিক তিৱা পৰিষদ গঠন কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠন কেইটাই।

উক্ত দাবীসমূহ পুৰন নহ’লে পৰবৰ্ত্তী সময়ত তীব্ৰ গনতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে তিৱা জাতীয় সংগঠন সমূহে৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ তিৱা ছাত্ৰ সন্থাৰ উগ-সভাপতি কন্দৰ্প হুকাই, বিত্ত সম্পাদক বিদ্যা মিথি, তিৱা যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰ, তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খ, সম্পাদক বকিন্দ্ৰ মছৰং, তিৱা মহিলা সন্থাৰ সভানেত্ৰী জোনালী মিথি, সম্পাদিকা জয়শ্ৰী দেউৰীৰ লগতে তিৱা সংগঠনৰ নেতৃস্থানীয় লোক আৰু প্ৰায় সহস্ৰাধিক তিৱা ৰাইজ প্ৰতিবাদত অংশগ্ৰহণ কৰে৷

Dhakuakhana: ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছসহ বেপাৰীক গ্ৰেপ্তাৰ

Dhakuakhana: ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছসহ বেপাৰীক গ্ৰেপ্তাৰ
Dhakuakhana: ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছসহ বেপাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী, ৫ অক্টোবৰঃ ঢকুৱাখনাৰ(Dhakuakhana) অলিয়ে গলিয়ে নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ মুকলি বেহা চলিছে। ঘৰে বাহিৰে মুকলি ভাবেই নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ ক্ৰয় বিক্ৰই চলি আহিছে ঢকুৱাখনাত।

ইপিনে(Lakhimpur) আজি ঢকুৱাখনা উপজিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি অঞ্চলৰ ৰাইজৰ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে মঙ্গলবাৰে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৫টা সন্দেহজনক ড্ৰাগছ ভৰ্তি কন্টেইনাৰ।

প্রাপ্ত তথ্য মতে, বিয়লি এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান(Charikadiya River)৷ এই অভিযানত ঢকুৱাখনা সদৰ থানাৰ অ’চি প্ৰিয়বত গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটাদলে এনে এক মাৰাত্মক বেহা উৎখাত কৰিবলৈ সক্ষম হয়(Brahmaputra)৷

আটক কৰে অজয় পেগু নামৰ এটা ড্ৰাগছ বেপাৰীৰ লগতে জব্দ কৰে এখন য়ামহা এফ জেদ এক্স বাইক। তথ্য মতে ঢকুৱাখনা আৰক্ষীৰ এজন জোৱানে কঠালগুৰি গাঁৱৰ অজয় পেগুৰ পৰা নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাৰ প্ৰস্তাৱ দিয়ে।

এইক্ষেত্ৰত সন্মতি দিয়ে ড্ৰাগছ বেপাৰী অজয় পেগুৱেও(Gangetic Dolphin)। ইয়াৰ পাছতে আৰম্ভ হয় অভিযান। ড্ৰাগছ বেপাৰীটোক জোৱানজনে নিজকে লখিমপুৰৰ ব্যক্তি বুলি চিনাকি দি পুৱা ৬ বজাৰ পৰা যোগাযোগ কৰাৰ পাছত নির্দিষ্ট ধনৰ বিনিময়ত ড্ৰাগছ বিক্ৰীৰ বাবে নিৰ্ধাৰিত স্থানলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছসহ যুৱকজনক গ্ৰেপ্তাৰ কৰি হাতে লোতে ড্ৰাগছ বেপৰিটোক থানালৈ আনে।

সম্প্ৰতি আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰি বিক্রেতাজনক জেৰা চলাই আছে। এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে।

এতিয়া প্ৰশ্ন হয় কোনদিশে আমাৰ প্ৰজন্ম!! উঠি অহাৰ প্ৰজন্মক ধ্বংসৰ গৰাসলৈ ঠেলি দিয়া মৰাত্মক ড্ৰাগছ নির্মূলৰো দাবী জনাইছে স্বানীয় ৰাইজৰ লগতে সমগ্র অঞ্চল বাসীয়ে।

ঢকুৱাখনাৰ পৰা পাপু বৰুৱাৰ প্ৰতিবেদন

Green Bananas: কাঁচ কলৰ আছে নানা স্বাস্থ্যৰ উপকাৰিতা, ই ৫টা দিশত উপকাৰ কৰে কাঁচ কলে

কাঁচ কলৰ আছে নানা স্বাস্থ্যৰ উপকাৰিতা
কাঁচ কলৰ আছে নানা স্বাস্থ্যৰ উপকাৰিতা

কলৰ এবিধ অতি পুষ্টিকৰ ফল, য’ত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়। এইটো এটা সাধাৰণ ফল যিটো কিনিবলৈ আপুনি বেছি টকা খৰচো কৰিব নালাগে। কিন্তু আপুনি কাঁচ কল খাইছেনে। কাঁচ কলৰ পিটিকা, ভাজি, চিপচ বনাই খাব পাৰে। নিয়মিতভাৱে কাঁচ কল খালে স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে।(Green Banana)

আমাৰ বহুতেই ওজন কমাবলৈ চেষ্টা কৰে, কিন্তু সফলতা লাভ নকৰে। এনে পৰিস্থিতিত কাঁচ কল খালে প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায় আৰু কেলৰিও কম। ইয়াৰ ফলত ভোক কমি যায়, কম খাদ্য খোৱা হয় আৰু লাহে লাহে ওজন কমি যায়।(Green Banana Benefits)

কাঁচ কলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট(Antioxidants) থাকে যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যাৰ ফলত কেন্সাৰ আৰু অক্সিডেটিভ ক্ষতিৰ দৰে ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।(Cancer)

(Bound Phenolics)ফেনলিক কাঁচ কলত প্ৰচুৰ পৰিমাণে পোৱা যায় যাৰ প্ৰিবায়টিক প্ৰভাৱ থাকে। ইয়াৰ লগে লগে ভাল বেক্টেৰিয়াই আমাৰ পেট আৰু ক্ষুদ্ৰান্ত্ৰত উপনীত হয় আৰু পাচন শক্তি উন্নত কৰাত সহায় কৰে।

কাঁচ কলৰ মিঠা কম কাৰণ ইয়াত পকা কলৰ তুলনাত কম চেনি থাকে। ইয়াৰ উপৰিও কাঁচ কলত অধিক প্ৰতিৰোধী ষ্টাৰচ থাকে যিয়ে তেজৰ চেনিৰ মাত্ৰা সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। কাঁচ কলৰ গ্লাইচেমিক ইনডেক্স ৩০ৰ ওচৰত থাকে যিটো ডায়েবেটিছ ৰোগীৰ বাবে ভাল।

Mahapurusha Srimanta Sankardeva: হৰিনামৰ ধ্বনিৰে মুখৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰ

Mahapurusha Srimanta Sankardeva: হৰিনামৰ ধ্বনিৰে মুখৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰ
Mahapurusha Srimanta Sankardeva: হৰিনামৰ ধ্বনিৰে মুখৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰ

গুৱাহাটী, ৫ নৱেম্বৰঃ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সাহিত্য-সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা, অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ(Mahapurusha Srimanta Sankardeva) উদাৰ মানৱতাবাদী, আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত ৩ নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ(Gurujana) ৫৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ(Srimanta Sankardeva Sangha) তিতাবৰ জিলা শাখাৰ অন্তৰ্ভূক্ত ২৬৩খন প্ৰাথমিক শাখা আৰু ১৩খন আঞ্চলিক শাখাত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱভাগী বিগত দুটা পষেকত পৃথকে পৃথকে উদযাপন কৰে।

পিছত তিতাবৰ নগৰৰ ন-আলিস্থিত ফল-ফুলেৰে প্ৰাকৃতিক সৌন্দৰ্য্যৰে সুশোভিত সংঘৰ(Mahapurush Madhabdev) তিতাবৰ জিলা শাখাৰ নামঘৰত জিলা ভিত্তিত উদযাপন কৰে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ।

পুৱা তিতাবৰৰ চুঙীৰ কুঁহি কমল নাৰ্চাৰীৰ স্বত্বাধিকাৰ তথা প্ৰকৃতিপ্ৰেমী ধ্ৰুৱ কমল হাজৰিকা, সংঘৰ তিতাবৰ জিলা শাখাৰ প্ৰাক্তন সম্পাদক তুৱাকান্ত বৰা, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ফুলেন হাজৰিকা আৰু জিলা সদস্য ৰেৱ শইকীয়াই নামঘৰ আৰু ‘বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া(Vaishnava Pandit Sonaram Chutia) বহুমুখী প্ৰকল্প’ৰ চৌহদত গছপুলি ৰোপণ, সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি, বিশিষ্ট সমাজকৰ্মী সুশীল গগৈয়ে পতাকা উত্তোলন কৰে।

পিছত খ্যাতিসম্পন্ন বিশিষ্ট নামাচাৰ্য, বৈষ্ণৱ অৰুণ চন্দ্ৰ বৰাৰ পৰিচালনাৰে নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়।

দুপৰীয়া সংঘৰ তিতাবৰ জিলা শাখাৰ শঙ্কৰী সংগীত বিদ্যালয়ৰ প্ৰশিক্ষক আৰু শিক্ষাৰ্থীসকলে দলীয় বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মূলৰ সদস্য বিজু কুমাৰ হাজৰিকা, চম্পা আৰান্ধৰা বৰা, মাধৱদেৱ বঁটাপ্ৰাপক ঘনকান্ত শইকীয়া, শৰণ সদস্য প্ৰেম গোৱালা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি, বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ জ্যেষ্ঠ নাগৰিক সুশীল গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সঙ্ঘৰ শৰণ সদস্য তথা শাস্ত্ৰজ্ঞ অজিত বৰাই।

বিশিষ্ট লেখক ডক্টৰ ধীৰেণ কলিতাই বাৰ্ষিক আলোচনী ‘অমৃত নিজৰা’ উন্মোচন কৰা সভাত চাৰি বছৰ বয়সৰ শিশু বক্তা অভিলাষা শইকীয়াৰ উপৰি অপ্ৰমেয় শইকীয়া, যুৱ বক্তা কল্যাণজ্যোতি শইকীয়া আৰু সঞ্জীৱ বৰাই ভাষণ প্ৰদান কৰে।

সংঘৰ তিতাবৰ জিলা শিশু, যুৱ আৰু আই-মাতৃ সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদানৰ উপৰি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একালৰ নিষ্ঠাবান সেৱক, ধৰ্মপ্ৰাণ গণেশ চাংমাই সোঁৱৰণত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত কাকডোঙা সীমান্তৱৰ্তী আঞ্চলিক শাখাৰ সঙ্গী স্মৃতি ৰেখা চাংমাইয়ে আগবঢ়োৱা আৰ্ত সাহাৰ্য তিতাবৰ সমজিলাৰ তিনিটা পৰিয়াল ক্ৰমে নগাবাট শঙ্কৰদেৱ বিদ্যালয়ৰ বিৰাজ গগৈ, জালুকনিবাৰী আঞ্চলিক শাখাৰ পপী বৰা, আমগুৰি খৰিকটীয়া আঞ্চলিক শাখাৰ জুৰি বৰুৱাক প্ৰদান কৰে।

লগতে গীত-নৃত্য-বাদ্য পৰিৱেশন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত অনুষ্ঠানত সমগ্ৰ তিতাবৰ সমজিলাৰ অগণন ভকত-বৈষ্ণৱ, শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অনুগামী তথা বাপ, আই, যুৱ, শিশু, সেৱক-সেৱিকাৰ উপৰি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বহুসংখ্যক শুভাকাঙ্খী লোকে লোকাৰণ্য হয় সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰৰ লগতে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বহুমুখী প্ৰকল্প’ৰ সুবিশাল চৌহদ।

ৰাতিলৈ সঙ্ঘৰ তিতাবৰ জিলা সেৱা বাহিনীৰ দ্বাৰা শঙ্কৰী সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী, সংস্কৃতি শাখা আৰু সেৱা বাহিনীৰ বাচকবনীয়া শিল্পীবৃন্দৰ গায়ন-বায়ন পৰিৱেশন আৰু বলিষ্ঠ অভিনয়ে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰৰ পৱিত্ৰ মজিয়াত সমবেত হোৱা অগণন দৰ্শকক মুগ্ধ কৰে।


‘দৈনন্দিন বাৰ্তা’ৰ তিতাবৰৰ প্ৰতিবেদক প্ৰসেনজিৎ ৰাজখোৱাৰ প্ৰতিবেদন

Bharat Ratna Bhupen Hazarika: নিতৌ এঘণ্টাকৈ মাইকযোগে ৰাইজক শুনাই সুধাকণ্ঠৰ কালজয়ী গীতঃ সুধাকণ্ঠ গীতেৰে পৰিৱেশ জিপাল কৰি তুলে সমৰেন্দ্ৰ নাৰায়ণ বৰাই

Bharat Ratna Bhupen Hazarika: নিতৌ এঘণ্টাকৈ মাইকযোগে ৰাইজক শুনাই সুধাকণ্ঠৰ কালজয়ী গীতঃ সুধাকণ্ঠ গীতেৰে পৰিৱেশ জিপাল কৰি তুলে সমৰেন্দ্ৰ নাৰায়ণ বৰাই
Bharat Ratna Bhupen Hazarika: নিতৌ এঘণ্টাকৈ মাইকযোগে ৰাইজক শুনাই সুধাকণ্ঠৰ কালজয়ী গীতঃ সুধাকণ্ঠ গীতেৰে পৰিৱেশ জিপাল কৰি তুলে সমৰেন্দ্ৰ নাৰায়ণ বৰাই

গুৱাহাটী, ৫ অক্টোবৰঃ নগাঁও জিলাৰ কামপুৰৰ এজন সংস্কৃতিকৱান যুৱক তথা সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰা। তেওঁ সুদীৰ্ঘ দিন নীৰৱে চলাই গৈছে এক নিৰলস প্ৰচেষ্টা।

সাংবাদিক বৰাই একক প্ৰচেষ্টাৰে ভাৰত ৰত্ন, হিয়াৰ আমঠ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ(Bharat Ratna Bhupen Hazarika) কালজয়ী গীতসমূহ মাইক যোগে ৰাইজক শুনাই আহিছে শিল্পী গৰাকীৰ মহাপ্ৰয়াণৰ দিনৰে পৰা। এমাহ নহয় এবছৰ নহয় নিৰবছিন্নভাবে চৈধ্যটা বছৰ আজি সম্পূৰ্ণ কৰিলে সুধাকন্ঠ গীতৰ কোলাত(Architecture)।

মন কৰিব লগা যে বিগত ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ(Gramophone Player) মহাপ্ৰয়াণৰ দিনৰ পৰাই প্ৰতিদিনে কামপুৰ নগৰৰ বজাৰত গীতসমূহ মাইকৰ যোগেদি প্ৰচাৰ কৰি আহিছে।

সুধাকণ্ঠ(Sudhakontho) ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ সময় বিয়লি ৪.৩৭ বজাৰ পৰা ৫.৩৭ বজালৈ মুঠ এঘন্টা সময়ৰ বাবে তেওঁ বাণীবদ্ধ অমৰ গীতসমূহ মাইকৰ যোগেদি কামপুৰ নগৰবাসীক শুনাই এক নজিৰ বহন কৰিছে সাংবাদিকগৰাকীয়ে।

জানিব পৰা মতে, ভূপেন হাজৰিকা(Nectar Throated) আজন্ম প্ৰেমিক এই সাংবাদিকগৰাকী। যিমানেই বতাহ, বৰষুণ বা প্ৰতিকূল পৰিস্থিতি নহওক সেই সময়ত ব্যক্তিগত সকলো কৰ্মক একাষৰিয়া কৰি এনেদৰে এক দায়িত্ব আৰু কৰ্তব্য হিচাপে পালন কৰি আহিছে। ফলত এঘন্টাৰ বাবে কামপুৰৰ বজাৰ জীপাল হৈ পৰে সুধাকণ্ঠৰ সুমধুৰ গীতৰে।

তদুপৰি একাংশ লোকৰ ভাষা মতে প্ৰতিজন কামপুৰীয়া ৰাইজ আবেলিৰ উক্ত সময়খিনিৰ বাবে অপেক্ষা কৰি থাকে আৰু বহুতৰ বাবে এই সময়খিনি হৈ পৰে অতি সুমধুৰ।

উল্লেখ্য যে সমগ্ৰ দেশত লকডাউন হৈ থকা সময়ত প্ৰায় সকলো লোক মানসিকভাৱে দুৰ্বল হৈ পৰা সময়তো সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰাই চৰকাৰী নীতি-নিয়মৰ মাজেদি শিল্পীগৰাকীৰ গীত শুনাই বহু লোকৰ মানসিক অৱসাদ দূৰ কৰিছিল।

আনহাতে ভূপেন হাজৰিকাৰ অমৰ গীতসমূহ শুনাবৰ বাবে কামপুৰ নগৰৰ ভিন্ন স্থানত খুঁটা স্থাপন কৰি মাইকৰ দ্বাৰা পৰিৱেশন কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে সাংবাদিক গৰাকীক।

এইক্ষেত্ৰত কামপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকে কয় যে সামাজিক -সাংস্কৃতিক অনুষ্ঠানবোৰত ওতঃপ্ৰোতভাৱে জড়িত সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰাই ভূপেন হাজৰিকা মৃত্যুৰ দিনাৰ পৰাই এনেদৰে মাইকৰ দ্বাৰা অমৰ গীতসমূহ পৰিবেশন কৰি এক সুকীয়া পৰিৱেশ সৃষ্টি কৰিছে।

তদুপৰি বৰ্তমান আধুনিকতাৰ ধামমুখীয়াত অসমীয়া নবপ্ৰজন্ম বাবে ই এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে বুলি অনুভৱ ব্যক্ত কৰা লগতে সাংবাদিকগৰাকীক শলাগ লয়।

ইফালে, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে এই মহান কৰ্মৰ বাবে সহায়-সহযোগিতা কৰিবৰ বাবে সুধাকণ্ঠ প্ৰেমীয়ে অনুৰোধ জনায়।

২০১১ চনৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি সাংবাদিকগৰাকীয়ে এক পৰিৱেশ সৃষ্টি কৰাৰ বাবে কামপুৰীয়া ৰাইজে সাংবাদিক বৰাক ধন্যবাদ জ্ঞাপন কৰিছে।


‘দৈনন্দিন বাৰ্তা’ৰ বঢ়মপুৰৰ প্ৰতিবেদক জয়ন্ত বৰাৰ প্ৰতিবেদন

Bhupen Hazarika Death Anniversary: হেম গগৈৰ বাঁহীৰ সুৰ, ঢোল-পেপাঁৰ মাতত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ কালজয়ী গীত

হেম গগৈৰ বাঁহীৰ সুৰ, ঢোল-পেপাঁৰ মাতত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ কালজয়ী গীত
হেম গগৈৰ বাঁহীৰ সুৰ, ঢোল-পেপাঁৰ মাতত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ কালজয়ী গীত

ভূপেনদা বিহীন ১৩টা বছৰ। তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিলে হেম গগৈয়ে।(Bhupen Hazarika Death Anniversary)

ব্যক্তিগৰাকীৰ নাম হেম গগৈ।(Hemo Gogoi)ঘৰ যোৰহাট জিলাৰ চেলেংহাট মাজুনগঞা গাঁৱত। আজি বহুতৰ বাবে অপৰিচিত হ’লেও ব্যক্তিজনৰ আছে এক সুকীয়া পৰিচয়।(Jorhat) এই ব্যক্তিজনৰ বাঁহীৰ সুৰ আৰু ঢোল পেপাঁৰ মাতত এসময়ত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ বহুকেইটা কালজয়ী গীত। (Bhupen Hazarika)

তেওঁ ৭০ দশকতে গাঁৱৰ চুকৰ পৰা গৈ কলিকতাৰ ভ্ৰাইবেছন ষ্টুডিঅ’ত ড০ ভূপেন হাজৰিকাৰ সৈতে গীতৰ ৰেকডিং কৰিছিল। সুধাকন্ঠৰ বৰ্ণিল সাংগীতিক যাত্ৰাৰ সাক্ষী তেওঁ। লুইতৰ পৰা টেমছলৈকে সুৰ তুলিছিল সুৰীয়া বাঁহীটোত। তেঁওৰ ঢোল পেপাঁৰ মাত ৰজন জনাইছিল ভূপেনদাৰ বিহুগীতত। জেতুকা কেচেটৰ বাণীবন্ধনৰ বাবে ভূপেন হাজৰিকাৰ সৈতে কলিকতাত বাদ্যযন্ত্ৰ সংগত কৰিবলৈ গৈ ঘূৰি অহা পলম হোৱা বাবে নিজৰ গৃহৰক্ষী বাহিনীৰ চাকৰিটো হেৰুৱাব লগা হৈছিল হেম গগৈয়ে।(Kalkata)

কিন্তু সুধাকন্ঠৰ এখন চিঠিৰ বাবে কথমপি বাচিছিল চাকৰি। এইগৰাকী প্ৰচাৰবিমুখ চহা শিল্পী হেম গগৈক আজিৰ নতুন প্ৰজন্মই চিনি নেপায়।সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত তেঁও প্ৰতি বছৰে নিজৰ পিতৃৰ মৃত্যু তিথিৰ দৰে পালন কৰি আহিছে। পুৱাই সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ-চাকি জ্বলাই সেৱা নিবেদিছে এই গৰাকী চহা শিল্পী হেম গগৈয়ে।

Attack on Hindu Temple in Canada: কানাডাত হিন্দু মন্দিৰত সংঘটিত ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ, ‘বন্দে মাতৰম’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে প্ৰতিবাদ

কানাডাত হিন্দু মন্দিৰত সংঘটিত ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ
কানাডাত হিন্দু মন্দিৰত সংঘটিত ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

কানাডাৰ ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত সংঘটিত হয় হিংসাত্মক পৰিস্থিতিৰ। কানাডাৰ ব্ৰেম্পটনৰ মন্দিৰত খালিস্তানীয়ে আক্ৰমণে কৰিছিল হিন্দু মন্দিৰ আৰু ভক্তক। ৩ নৱেম্বৰৰ এই আক্ৰমণৰ পিছতে ৪ নৱেম্বৰৰ সন্ধিয়া ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰৰ বাহিৰত এক বৃহৎ জনসমাগম হয়।(Attack on Hindu Temple in Canada)প্ৰতিবাদী সমাৱেশত অংশগ্ৰহণ কৰা ৰাইজৰ হাতত লৈছিল ভাৰতীয় পতকা। ‘বন্দে মাতৰম’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি দি ৰাইজে মন্দিৰ আৰু হিন্দুসকলৰ সৈতে সংহতি প্ৰদৰ্শন কৰে। খালিস্তানী পতাকা লৈ প্ৰতিবাদকাৰীয়ে হিন্দু মন্দিৰত মানুহৰ ওপৰত কৰা হিংসাত্মক ঘটনা সন্দৰ্ভত ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। আনহাতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে।(Canada)

ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰৰ বাহিৰত সমবেত হোৱা ৰাইজে জাষ্টিন ট্ৰুডো চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে। প্ৰতিবাদত অংশগ্ৰহণ কৰা এজনে কয় ‘আজি এটা কথা স্পষ্ট হৈছে- আমি থাকো কানাডাত আৰু আমাৰ জীৱন ভাৰতত বাস কৰে। হিন্দু কানাডিয়ানসকল কানাডাৰ প্ৰতি অতি আনুগত্যশীল। হিন্দু কানাডিয়ানৰ লগত যি হৈছে সেয়া ঠিক নহয়। হিন্দু কানাডিয়ানৰ লগত যি হৈছে সেয়া ভুল বুলি সকলো ৰাজনীতিবিদে উপলব্ধি কৰাৰ সময় আহি পৰিছে। আমি বিচাৰো কানাডাই হিন্দুসকলৰ লগত ভাল ব্যৱহাৰ কৰক। আমি বিচাৰো ভাৰত আৰু কানাডাৰ সম্পৰ্ক অধিক শক্তিশালী হওক হয়।(Narendra Modi)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক ‘ইচ্ছাকৃত আক্ৰমণ’ আৰু ‘আমাৰ কূটনীতিবিদসকলক ভয় খুৱাবলৈ কাপুৰুষ প্ৰয়াস’ বুলি অভিহিত কৰে। কানাডা চৰকাৰে ন্যায় নিশ্চিত কৰিব আৰু আইনৰ শাসন বজাই ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।এক্সত এটা পোষ্টত মোদীয়ে কয়, ‘কানাডাৰ এটা হিন্দু মন্দিৰত ইচ্ছাকৃতভাৱে কৰা আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো। (Hindu Temple)

একে সময়তে বৈদেশিক মন্ত্ৰী জয়শংকৰে ৰয়টাৰেও এই কাৰ্যক গৰিহণা দিয়ে। আনহাতে কানাডাৰ এজন প্ৰাক্তন মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক ‘সামাজিক আৰু ৰাজনৈতিকভাৱে মূৰ্খ ব্যক্তি’ বুলি অভিহিত কৰে।(massive protests)