Home Blog Page 475

US Presidential Election 2024: কোনে মাৰিব শেষ হাঁহি। আজি আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন

আজি আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন
আজি আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ হ’লে এজন প্ৰাৰ্থীয়ে কমেও ২৭০টা নিৰ্বাচনী ভোট লাভ কৰাটো প্ৰয়োজনীয়। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ মূল যুঁজখন ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট কমলা হেৰিছৰ মাজত।(US Presidential Election 2024)সকলোৱে মনত প্ৰশ্ন কোনে মাৰিব শেষ হাঁহি। গুৱাম দ্বীপত স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান। সকলো সমীক্ষা আৰু অন্যান্য অনুমানৰ ভিত্তিত ২০২৪ চনত অতি কঠিন প্ৰতিযোগিতা হ’ব বুলি কোৱা হৈছে। দুয়োৰে কোনোৱেই ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ প্ৰয়োজনীয় হয়তো ২৭০টা নিৰ্বাচনী ভোট লাভ কৰিব নোৱাৰিব।(Donald Trump)

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত টাই(Tie) হ’লে ‘জৰুৰীকালীন নিৰ্বাচন’ অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে। অৰ্থাৎ যদি নিৰ্বাচন টাইত শেষ হয়, তেন্তে ট্ৰাম্প আৰু হেৰিছে ২৬৯-২৬৯টা নিৰ্বাচনী ভোট লাভ কৰে, তেন্তে পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেইটো কংগ্ৰেছে সিদ্ধান্ত ল’ব।(Kamala Harris)

কংগ্ৰেছৰ গৱেষণা সেৱাৰ মতে প্ৰতিখন ৰাজ্যই জনসংখ্যা যিয়েই নহওক কিয়, আকস্মিক নিৰ্বাচনত ৰাষ্ট্ৰপতিৰ বাবে একক ভোট দিয়ে। অৰ্থাৎ প্ৰতিখন ৰাজ্যৰ কংগ্ৰেছৰ গোটে নিৰ্বাচনী মহাবিদ্যালয়ৰ সৰ্বাধিক ভোটাৰ থকা তিনিজন প্ৰাৰ্থীৰ ভিতৰত এজনক বাছি ল’ব। গৰিষ্ঠসংখ্যক ৰাজ্যৰ সমৰ্থন লাভ কৰা প্ৰাৰ্থীয়ে জয়ী হ’ব।(America)

পৰৱৰ্তী নিৰ্বাচনতো যদি টাই হৈ পৰে তেন্তে কি হ’ব?

যিহেতু আমেৰিকাত ৫০খন ৰাজ্য আছে, গতিকে কংগ্ৰেছতো টাই হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছত যদি ৰাষ্ট্ৰপতি পদৰ বাবে টাই হয়, তেন্তে এজন প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা নোপোৱালৈকে ভোটদান পুনৰাবৃত্তি কৰা হয়।ষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে দায়িত্ব ল’ব।

Chhath Puja 2024: আজিৰে পৰা আৰম্ভ হৈছে ষট্ পূজা, ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত

ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত
ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত

আজিৰে পৰা আৰম্ভ হৈছে ষট্ পূজা, ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত। ঠেকুৱা কেৱল ছঠ পূজাৰ এক গুৰুত্বপূৰ্ণ প্ৰসাদ নহয়, ই স্বাস্থ্যৰ বাবেও বহু উপকাৰী। বিশেষকৈ ষট পূজাৰ সময়ত বনোৱা ঠেকুৱা অতি সহজে বনাব পাৰে। ই কেৱল সোৱাদৰ বাবেই বিখ্যাত নহয়, স্বাস্থ্যৰো বহু উপকাৰো আছে।(Health Benefits Of Thekua)

সাধাৰণতে ঘেঁহুৰ আটা, গুৰ, নাৰিকল আৰু শুকান ফলৰ সৈতে ঠেকুৱা তৈয়াৰ কৰা হয়। যাৰ বাবে ই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। নিয়মিতভাৱে ঠেকুৱা খালে আপুনি এই সুবিধাসমূহ লাভ কৰিব-


ঠেকুৱাত গুড় আৰু ঘেঁহুৰ আটা থাকে, যিটো শক্তিৰ উত্তম উৎস। গুড়ত প্ৰাকৃতিক চেনি থাকে, যিয়ে শৰীৰক সতেজতা আৰু শক্তি প্ৰদান কৰে। গুড় খালে শৰীৰটো সতেজ হৈ থাকে, বিশেষকৈ উৎসৱৰ সময়ত যেতিয়া মানুহে বহুদেৰি ধৰি উপবাসে থাকে তেতিয়া ঠেকুৱা খাব লাগে।(eating traditional food thekua)

  • ঠেকুৱাত ঘেঁহুৰ আটা আৰু নাৰিকলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিটো পাচনতন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই অন্ত্ৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। নিয়মিতভাৱে ঠেকুৱা খালে পাচনতন্ত্ৰ উন্নত হয়।

  • গুড়ৰ বহুতো এন্টিঅক্সিডেন্ট গুণ আছে। যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এন্টিঅক্সিডেন্ট গুণৰ বাবে ঠেকুৱা খালে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন হয়।

ঠেকুৱাত থকা আলমণ্ড আৰু কাজুৰ দৰে শুকান ফল হাড়ৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ আদি খনিজ পদাৰ্থ থাকে, যাৰ ফলত হাড়বোৰ মজবুত হয়। বিশেষকৈ বয়স বৃদ্ধিৰ সময়ত হাড় মজবুত কৰাৰ বাবে এইটো প্ৰয়োজনীয়।

  • গুড়ত উপস্থিত কিছুমান উপাদানে মানসিক চাপ কমোৱাত সহায় কৰে। ই মগজুক শান্ত কৰে আৰু উদ্বেগৰ মাত্ৰা হ্ৰাস কৰে।
  • ঠেকুৱাত থকা নাৰিকল আৰু শুকান ফল ছালৰ বাবেও উপকাৰী। এইবোৰে ছালত আৰ্দ্ৰতা প্ৰদান কৰে আৰু ইয়াৰ গ্লো বৃদ্ধি কৰে।

By Eelection। ‘বিৰোধী ঐক্য মঞ্চ আমি বিচাৰো আৰু ‘২৬ত হ’বই, তাত কোন কোন থাকে সময়ত দেখা যাব’

By Eelection। 'বিৰোধী ঐক্য মঞ্চ আমি বিচাৰো আৰু '২৬ত হ'বই, তাত কোন কোন থাকে সময়ত দেখা যাব'
By Eelection। 'বিৰোধী ঐক্য মঞ্চ আমি বিচাৰো আৰু '২৬ত হ'বই, তাত কোন কোন থাকে সময়ত দেখা যাব'

গুৱাহাটী, ৪ নবেম্বৰঃ এইবাৰ মই ৰাইজক আমাৰ সপক্ষে আৰু শাসক পক্ষৰ বিপক্ষে ভোটদানৰ বাবে এটা আগ্ৰহ দেখা পাইছো ৷ সাধাৰণতে উপ নিৰ্বাচন বিলাকত শাসক পক্ষই খুব সুন্দৰকৈ ৱাক অভাৰ পোৱাই দেখা যায়(By Eelection)৷

কিন্তু এইবাৰ মই দেখিবলৈ পাইছো যে বহুকেইটা সমষ্টিত শাসক পক্ষ সেয়া লাগিলে অসম গণ পৰিষদ হওক বা বিজেপিয়েই হওক তেওঁলোক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু এই প্ৰত্যাহ্বান আমাৰ বাবে নিশ্চয় এটা ভাল খবৰ যে আমাক তেওঁলোকে একেবাৰে ৱাক অভাৰ দিব পৰা দল বুলি ভবা নাই আৰু যুঁজ দিব লগীয়া হৈছে৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ৷ শেহতীয়াকৈ উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী কংগ্ৰেছ দলেও বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত গতি প্ৰদান কৰা পৰিলক্ষিত হৈছে৷ সঘনাই সমষ্টিটোত দলৰ নেতাৰ আগমণ ঘটাৰ লগতে চলাইছে নিৰ্বাচনী প্ৰচাৰ৷

ইয়াৰ মাজতে সোমবাৰে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজন কৰে এখন সংবাদ মেলৰ ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈও উপস্থিত থকা সংবাদ মেলত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক দেৱব্ৰত শইকীয়াই শাসকীয় অগপ দল সন্দৰ্ভত কয় যে বঙাইগাঁৱত অগপ দলৰ মাজত এটা বিভাজন হ’ল আৰু তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বুলি কৈ তেৰ-চৈধ্যখন পঞ্চায়তৰ বহু তৃণমূল কৰ্মীয়ে পদত্যাগ কৰি নিজাববীয়া বিশেষ সিদ্ধান্ত ল’বলৈ আগবাঢ়ি গ’ল ৷

আমাৰ দলটোৰো কেইবাজনো প্ৰাৰ্থী প্ৰত্যাশী আছিল ৷ কিন্তু আমাৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পিছত আমি সকলোৱে একেলগে কাম কৰি আছো আৰু এইটো এটা ডাঙৰ প্ৰথম প্লাচ পয়েণ্ট ৷ মই ফণীভূষণ চৌধুৰীক ব্যক্তিগত ভাবে শ্ৰদ্ধা কৰো ৷ কিন্তু মই যি যি ঠাইত সভা কৰিলো তাত মই দেখা পাইছো যে ৮৫ চনৰ পৰা একেৰাহে প্ৰতিনিধিত্ব কৰা ফণীভূষণ চৌধুৰীয়ে শাসক পক্ষকৰ হৈ দুবাৰকৈ মন্ত্ৰী আৰু যোৱা সময়চোৱাত শাসক পক্ষৰ হৈ দহ বছৰৰ অধিক কাল বিধায়ক হৈ থকাৰ পিছতো যেনে ধৰণে বহুখিনি কাম কৰিবলগীয়া আছিল তেনে ধৰণে কৰা নাই ৷

ব্যক্তিগতভাবে মই কাকো দোষাৰোপ কৰিব নেপায় ৷ কিন্তু সকলোৱে জানে যে তেওঁৰ এটা ইচ্ছা আছিল আৰু এইবাৰো মন্ত্ৰীসভাত স্থান পাব নেকি চিন্তা কৰিছিল ৷ সেয়ে মন্ত্ৰীসভাত স্থান নোপোৱাৰ কাৰণেই বোধকৰো বিধায়ক হিচাপে তেখেতৰ যিখিনি ভূমিকা তেখেতৰ ছাগে আমুৱাইছে ৮৫ চনৰ পৰা কৰি কৰি ৷ সেই কাৰণে ইয়াৰ উন্নয়নৰ বাবে বহুক্ষেত্ৰত তেওঁ গুৰুত্ব দিয়া নাই ৷

ইয়াৰ ফলত নিৰ্বাচনী প্ৰক্ৰিয়াত যেনে ধৰণে আমি ৰাইজৰ প্ৰতিনিধিয়ে ৰাইজৰ হৈ মাত মাতিব লাগে ,এই ক্ষেত্ৰত বঙাইগাঁৱৰ প্ৰতিনিধিজনৰ ভূমিকা মই বিধানসভাত অভাব দেখা পাইছো ৷ তেওঁ কয় যে ইয়াৰ উদাহৰণ হ’ল বঙাইগাঁও চহৰত এজাক বৰষুণ হলেই বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷ যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা যোৱা সময়চোৱাত বহুকেইটা আঁচনি হৈছে ৷ আঁচনি ভালকৈ ৰূপায়ণ কৰিছে নে নাই সেইটো এটা বেলেগ কথা, সেইটো দুৰ্নীতিৰ কথা ৷

ডিব্ৰুগড় চহৰক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবলৈ গৈ সৰ্বানন্দ সোণোৱালৰ দিনতে বহু টকাৰ কাম হৈছিল ৷ যোৰহাটতত তেনেকুৱা কাম হৈছিল ৷ কিন্তু বিশৃংখলভাবে কাম কৰাৰ বাবে তাৰ ফল পোৱা নাই ৷ কিন্তু বঙাইগাঁও চহৰ তেনেকুৱা আঁচনি হৈছে নে নাই মোৰ সন্দেহ ৷ সেইদৰে পৌৰসভাই কৰ বৃদ্ধি কৰি গৈ আছে যদিও যিখিনি সুবিধা দিব লাগে সেই সা- সুবিধাখিনি দিয়া নাই ৷

নলা – নৰ্দমাৰ সু ব্যৱস্থা নাই , পৰিকল্পিত পাৰ্কিঙৰ ব্যৱস্থা নাই, বিকল্প পথৰ ব্যৱস্থা নাই, খোৱা পানীৰ অভাৱ আদি বহুখিনি এই অঞ্চলৰ প্ৰতিনিধিগৰাকীৰ প্ৰতি মোৰ অভিযোগ আছে ৷ বিশেষ আঁচনি ল’ব পাৰিলেহেতেন যদিও তেওঁলোকে লোৱা দেখা নাই ৷ কাৰণ তেখেতো এজন পদেন সদস্য ৷ তেঁও নিশ্চিতভাবে কামখিনি চৰকাৰৰ লগত যোগাযোগ কৰি কৰাব পাৰিলেহেতেন ৷ ইপিনে প্ৰাক্তন বিধায়কগৰাকীৰ সাধুতা সন্দৰ্ভত কয় যে ফণীভূষণ চৌধুৰীক ব্যক্তিগতভাবে সকলোৱে সাধু বুলিয়ে জানে ৷

কিন্তু সাধু হলেও এছ আই কেলেংকাৰীত তেখেতৰ নাম জড়িত হৈছিল ৷ এছ আই কেলেংকাৰীৰ ক্ষেত্ৰতে মই যদি ক’ব যাও তেতিয়াহলে কেৰালা ইলেক্ট্ৰোনিক ডেভেলপমেণ্ট কৰ্পৰেশ্যনক কামখিনি কৰিবলৈ দিছিল ৷ কিন্তু অসম আৰক্ষীয়ে কেলট্ৰোনৰ পৰিচালন সঞ্চালকক এটা প্ৰশ্ন নুশুধিলে যে আপোনালোকে কাৰোবাক উপ ঠিকা দিছিল নেকি ? বঙাইগাঁৱো কোনোবা দুজনমানৰ নাম ওলাইছিল ৷

সেইবিলাক কেলেংকাৰীত কিজানি আজিও ডাঙৰ বৰমূৰীয়া জড়িত হৈ আছে আৰু সেই কাৰণে গাপ দিয়া হৈছে ৷ যেনে ধৰণে যোৱা সময়চোৱাত বহুকেইটা কেলেংকাৰী গাপ দিয়া হৈছে ৷ বিজেপি দলৰ নেত্ৰীয়ে আত্মহত্যা কৰিবলগীয়া অৱস্থা হৈছে ৷ আনহাতে পঞ্চায়তসমূহ দীৰ্ঘদিন ধৰি তেওঁলোকৰ দখলত থকাৰ পিছতো যেনে ধৰণৰ উন্নয়ন হ’ব লাগিছিল সেইখিনি উন্নয়ন হোৱা নাই ৷ এই বছৰো যে নহয় সেইটো ধুৰূপ ৷ কাৰণ তেওঁলোকে শ্ৰমিকৰ বাজেট কাটি দিছে ৷ সেয়ে এইবাৰো কাম কম হ’ব ৷ একেদৰে বঙাইগাঁও কলেজখনো বিশ্ববিদ্যালয় কৰিলে ৷

কিন্তু বিশ্ববিদ্যালয় নামতহে হৈছে, যিটো নতুন শিক্ষা নীতিত বিশ্ববিদ্যালয় হ’ব লাগে সেইমতে হোৱা নাই ৷ নামত এখন বিশ্ববিদ্যালয় দিয়া হৈছে ৷ বিৰোধী দলপতি শইকীয়াই আৰু কয় যে এই সমষ্টিটো আমি কোচ ৰাজবংশী জনগোষ্ঠী অধ্যুষিত অঞ্চল বুলি জানো ৷ ১৯৯৬ চনত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত দুবাৰকৈ অধ্যাদেশ জাৰি কৰি হলেও কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হৈছিল আৰু ২০১৬ চনত বঙাইগাঁও – কোকৰাঝাৰ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে কৈছিল যে জনজাতিকৰণৰ ফাইলটো মোৰ টেবুলত আছে অসমত আপোনালোকে বিজেপিৰ শাসন আনক ,মই এমাহৰ ভিতৰত জনজাতিকৰণ কৰি দিম ৷

তাৰ পিছত আজিলৈকে যে জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ একো ব্যৱস্থা লোৱা নাই এইটো ক্ষেত্ৰত বিধায়কগৰাকীৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগিছিল ৷ কাৰণ হাজাৰ হলেও আমাৰ নিজৰ নিজৰ জাতীয় চেতনা আছে, জাতীয়তাবাদ আছে ৷ এই জাতীয়তাবাদৰ পিছত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলৰ এজন বিধায়ক হিচাপে তেওঁ যিখিনি কৰিব লাগিল সেইখিনি কৰা দেখা পোৱা নাই ৷

সমষ্টিটোৰ অন্তৰ্গত বিদ্যাপুৰ, চিকিবিকি, বামুণীটিলা, কাকাৰাগাঁও আদি অঞ্চচলত কোনো ধৰণৰ উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠা নাই ৷ যি সময়ত ভাৰত চৰকাৰে প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় দিম বুলি কয়, যি সময়ত প্ৰতিখন জিলাতে অভিযান্ত্ৰিক মহাবিদ্যালয় দিম বুলি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে সেই সময়ত সাধাৰণ এখন মহাবিদ্যালয় যে এই অঞ্চলবিলাকত হৈ উঠা নাই এইটোৱে বিধায়কজনৰ কৰ্মদক্ষতাৰ বৰ্তমান সময়ত প্ৰমাণ নকৰে ৷ কৰ্মদক্ষ আছিল ৷

ইয়াৰ উপৰিও চম্পাৱতী নদীৰ ওপৰত দলং হৈ নুঠাৰ বাবেও বহুলোকে দুৰ্ভোগ ভুগি আছে ৷ সেইদৰে ৰে’লৱে ফুট অভাৰব্ৰীজ এখনৰো অভাৱ ৷ তেওঁ অগপ আৰু বিজেপিক সমালোচনা কৰি পুনৰ কয় যে অসম গণ পৰিষদ ১৯৮৫ চনত যেতিয়া শাসনলৈ আহিলে তেতিয়া বিদেশীমুক্ত অসমৰ কথা কলে আৰু অসম চুক্তি ৰূপায়ণ কৰিবলৈ এই দলটোৰ জন্ম হৈছিল ৷ তাৰ পিছত নাগৰিকত্ব সংশোধনী আইন ২০২০ অহাৰ পিছত ২০১৪ চনলৈ যি কোনো ব্যক্তিয়ে অসমত প্ৰৱেশ কৰিলে তেওঁলোকক নাগৰিকত্ব দিয়াৰ কথা কলে ৷

নতুন মানুহক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ এজন সদস্য হিচাপে মোৰ কোনো আপত্তি নাই ৷ কিন্তু অসম চুক্তিখনৰ সন্মান, অসমীয়া মানুহৰ আত্ম মৰ্যদা, যিটো আন্দোলনৰ কাৰণে ৮৫৫ জন শ্বহীদ হ’ল( ক’বলৈ গলে আৰু ইয়াতকৈ বেছি হ’ব ৷ কাৰণ এই যে সংঘৰ্ষ হৈছিল তাত বিভিন্ন মানুহৰ প্ৰাণ হানি হৈছিল) ৷ সেয়ে গতিকে এইখিনি থকাৰ পিছত যি নতুন বিদেশী আনিব লাগে অসমক তাৰ আওতাৰ পৰা বাহিৰত ৰাখি নাগৰিকত্ব সংশোধনী আইনখন প্ৰয়োগ কৰিব পাৰিলে হয় ৷

কিন্তু অসমীয়া মানুহক চৰম অপমান কৰি বিজেপিয়ে অসম চুক্তিখনক সমূলাঞ্চে ব্যৰ্থ প্ৰতিপন্ন কৰিছে ২০১৪ চনলৈকে অসমত বিদেশীক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি ৷ তেনে ক্ষেত্ৰত অগপই কেনেকৈ শাসক পক্ষৰ লগত মন্ত্ৰীসভাত বৰ্তি আছে ? ২০১৯ চনত অলপ সময়ৰ কাৰণে ৰাইজক আভুৱাভাৰিবলৈ আইনখন অহাৰ পূৰ্বে দেখুৱাইছিল মন্ত্ৰীসভাৰ পৰা আঁতৰি থাকি ৷ যিটো আটাইতকৈ ডাঙৰ প্ৰশ্ন বঙাইগাঁওবাসীৰ কাৰণে ৷

ৰাইজে আঞ্চলিকতাবাদী শক্তিক ৮৫ চনৰ পৰা একেৰাহে নিৰ্বাচিত কৰি আহিছে, সেই আঞ্চলিকতাবাদী শক্তিক মই সেৱা জনাই এই প্ৰশ্নটো এইবাৰ ফণীভূষণ চৌধুৰী আৰু অগপ দলক শুধিব বুলি আশা কৰো ৷ আমাৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ কথা জানেই ৷ তেওঁ অসম আন্দোলনৰ লগত জড়িত আছিল, এজন অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু এতিয়া তেওঁ আমাৰ দলৰ হৈ কাম কৰিবলৈ আগবাঢ়ি আহিছে ৷

এজন নতুন মুখৰ প্ৰাৰ্থী আৰু আমি সকলোৱে তেওঁক আগবঢ়াই দিছো ৷ অসমৰ ধলাই, বিহালি, চামগুৰি এই গোটেইবিলাক সমষ্টিত আমি প্ৰত্যাহ্বান দিবলৈ সন্মুখীন হৈছো আৰু বঙাইগাঁও সমষ্টিটো যথেষ্ট ভালফল দেখুৱাৰ আশা আছে বুলি কয় ৷ ইপিনে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে কংগ্ৰেছৰ শাসনকালতে প্ৰথম ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে প্ৰয়োজনীয় বৈশিষ্ট আছে নে নাই তাৰ বাবে আৰ্থ সামাজিক জৰীপ কৰা হৈছিল ৷

জৰীপ কৰেতেই প্ৰায় দুই আঢ়ৈ বছৰ সময় লাগিছিল ৷ লগতে কোচ ৰাজবংশীসকলক অধ্যাদেশ জাৰি কৰি জনজাতিকৰণ কৰা হৈছিল ৷ কিন্তু সেই প্ৰতিবেদনৰ অভাবত বাদ পৰিলে ৷ কেবিনেটত গৃহীত কৰাৰ পৰা সকলোখিনি কাম কংগ্ৰেছৰ দিনতে কৰা হৈছিল ৷ বিজেপিয়েতো প্ৰতিশ্ৰুতি দিছিল ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ৷

গোটেই কামখিনি কংগ্ৰেছে কৰি থৈছিল আৰু শাসনভাৰ গ্ৰহণৰ এমাহৰ পিছতে বিজেপিয়ে জনজাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ আঠ বছৰ হৈ গল ৷ এই আঠ বছৰকাল কি কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে চাপগুৰি সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধান তেওঁ কয় যে অসমৰ পাঁচটা বিধানসভা সমষ্টিত যেনেকৈ কংগ্ৰেছ দলে এক অভূতপূৰ্বভাবে আত্মপ্ৰকাশ কৰিব, চামগুৰিতো কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী নিৰ্ঘাত জিকিব ৷ সেই কাৰণে বিজেপি শংকিত হৈ পৰিছে আৰু তেওঁলোক সকলো নামি পৰিছে ৷ গুণ্ডা বাহিনীলৈ কংগ্ৰেছী মানুহৰ ওপৰত আক্ৰমণ কৰিছে ৷ গাড়ী- মটৰ ভাঙি চাৰিওফালে সন্ত্ৰাসৰ ৰাজত্ব কৰিছে ৷

গতিকে এইবিলাকে এইটোকে স্পষ্ট কৰি দিছে যে তেওঁলোকে ভীষণ ভয় খাইছে আৰু যেনে তেনে নিৰ্বাচন জিকিবলৈ তেওঁলোকে যি কোনো কূট কৌশল কৰিবৰ কাৰণে জপিয়াই পৰিছে ৷ ইপিনে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছক গাদ্দাৰ বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে অখিল গগৈয়ে কি কৈছে মই শুনাও নাই, দেখাও নাই ৷ তেওঁটো বহুত কথা কৈ থাকে ৷ সেই বিলাক কথাৰ উত্তৰ মই নেভাবো অসম প্ৰদেশ কংগ্ৰেছে দিব ৷

বিৰোধী ঐক্য মঞ্চ আমি বিচাৰো আৰু ২৬ ত হ’বই ৷ তাত কোন কোন থাকে সময়ত দেখা যাব ৷ কিন্তু ২৬ ত কংগ্ৰেছৰ নেতৃত্বত এক বিৰোধী দলৰ ঐক্য মঞ্চ হ’ব আৰু আমি একেলগে বিজেপিৰ অপ শাসন উৎখাত কৰি দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ’ম ৷

তেওঁ বিহালি সমষ্টিটো কংগ্ৰেছে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলি কৈ তাৰ ফল সকলোৱে দেখিব আৰু তেৰ নবেম্বৰত ৰাইজে সেই সিদ্ধান্ত ল’ব ৷ উল্লেখ্য যে সোমবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ বঙাইগাঁৱত উপস্থিত হৈ পদলীয় প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে ৷ সংবাদ মেলত দলীয় প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ, জিলা কংগ্ৰেছৰ সভাপতি আদিকে ধৰি নেতাসকলো উপস্থিত আছিল ৷

Bhupen Hazarika: ভূপেনদাৰ ‘মে’ড ইন ইটালী’ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী

Bhupen Hazarika।ভূপেনদাৰ 'মে'ড ইন ইটালী'ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী
Bhupen Hazarika।ভূপেনদাৰ 'মে'ড ইন ইটালী'ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী

গুৱাহাটী, ৪ নৱেম্বৰঃ ভূপেনদাক কলিয়াবৰবাসীয়ে কলিয়াবৰীয়া বুলিয়ে কয়। শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা(Bhupen Hazarika) কলিয়াবৰীয়া। কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি উজনিলে যোৱাৰ দিনৰে পৰা বুলি তেখেতে নিজেই কৈ গৈছে(Made in Italy)।

শিল্প প্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনৰ লগত বন্ধুত্ব সুলভ সম্পৰ্ক গঢ় লোৱাৰ পৰাই ভূপেনদাৰ সেউজীয়া মনটোক বুজি উঠিছিল শিল্পপ্ৰাণে। বহুবাৰ অনুৰোধ কৰাৰ পিছত ‘শিল্পীৰ পৃথিৱী’ নাম আলোচনীত চন্দ্ৰ ফুকনে আহ্বান জনালে(story of two Kaliabaris)– কুঠৰীলৈ আহক, কুৰীৰ সেউজী শোভাৰ মাজতে জিৰণি লওক। কথা মতেই কাম। ভূপেনদাই কুঠৰীত এডোখৰ মাটি কিনি ঘৰ এটি সাজিলে।

উজনি লৈ আহোতে-যাওঁতে ‘আপোন ঘৰত’ জিৰণী লৈ ঘৰটি দীপালী কৰি ৰাখে(Tinsukia Sadiya Bridge)। এনেকৈয়ে ভূপেনদাৰ কলিয়াবৰৰ প্ৰতি মৰম গাঢ় হ’ল, কুঠৰীখনক, কুৰীৰ মানুহক নিজৰ বুলি ভাবিলে। নবৰ আলিৰ ঘৰচোৱা পাতিলে, পিচলৈ সেই ঘৰ-মাটি বিক্ৰী নোহোৱালৈকে সুৰেন নেওগে সেই ঘৰৰ চোৱা-চিতা কৰিলে। দিন বাগৰিল।

কুঠৰীৰ আপোন ঘৰত ভূপেনদা

ভাৰত ৰত্ন, সঙ্গীত সূৰ্য ড০ ভূপেন হাজৰিকাৰ(Bhupendra) ত্ৰয়োদশ স্মৃতি দিৱস সমগ্ৰ ৰাজ্যই পালন কৰিব। উকা হৈ ৰল ভূপেনদাৰ কুৰীৰ ‘আপোন ঘৰ’। ভূপেনদাৰ এই ‘আপোন ঘৰ’ৰ এক অকথিত কাহিনী সোঁৱৰণ কৰি সুধাকণ্ঠৰ স্মৃতি দিৱসৰ প্ৰাকক্ষণত আৱেগিক হৈ পৰিছে কলিয়াবৰৰ দুগৰাকী ভূপেনদাৰ অনুৰাগী।

ভূপেনদাৰ একান্ত অনুগামী, ভূপেনদাৰ মহাপ্ৰয়াণত পূত্ৰৱত ধৰ্ম পালন কৰা সাংস্কৃতিক কৰ্মী ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ একান্ত যত্নত কলিয়াবৰৰ সংযোগৰ প্ৰযোজনাত ‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ নামৰ এক শ্ৰব্য কেছেটত ‘এইখন কলিয়াবৰ’ শীৰ্ষক গীত গাই কলিয়াবৰৰ সৈতে ভূপেনদাৰ সম্পৰ্ক যাউতিযুগীয়া কৰি থৈ গ’ল।

গীতটিৰ ৰচনা কলিয়াবৰৰ সাহিত্যিক পেঞ্চনাৰ তথা শিক্ষক প্ৰয়াত কুসুম বৰাদেৱে, সুৰ শিল্পী পেঞ্চনাৰ যোগেন বৰদলৈৰ। ২০০১ চনৰ নৱেম্বৰ মাহৰ ৯ তাৰিখে গুৱাহাটীত ‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ শ্ৰব্য কেছটটিৰ উন্মোচনী সভাত কলিয়াবৰক মূল বিষয় হিচাপে লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে ইচ্ছা প্ৰকাশ কৰে আৰু সেই দায়িত্ব ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ হাততেই অৰ্পণ কৰে।

পৰৱৰ্তী সময়ত ‘সংযোগ’ৰ প্ৰযোজনাত ‘কলিয়াবৰ আজীৱন কলিয়াবৰ’ শীৰ্ষক তথ্যচিত্ৰ নিৰ্মাণৰ যো-জা সম্পূৰ্ণ কৰাৰ পাছত ২০০২ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখে শুভ মহুৰতৰ বাবে কলিয়াবৰৰ কুঠৰীস্থিত ‘আপোন ঘৰ’ত ভূপেনদা উপস্থিত হয়। কলিয়াবৰৰ বিভিন্ন স্থানৰ ভিন্ন স্তৰৰ ব্যক্তিৰ উপস্থিতিত মাঙ্গলিক নীতি-নিয়মেৰে ‘কলিয়াবৰ আজীৱন কলিয়াবৰ’ তথ্যচিত্ৰৰ শুভ মহুৰত সমাপন হয়।

মূহুৰ্ত স্থাপনৰ পাছতেই ভূপেনদা ৰাওনা হয় শিৱসাগৰৰ এক সাংস্কৃতিক কাৰ্যসূচীত যোগ দিবলৈ। লাহে-লাহে কুঠৰীৰ ভূপেনদাৰ গৃহৰ পৰাও উপস্থিত ৰাইজ ঘৰমূৱা হ’ল। দুই-এটা থাকি যোৱা কাম কৰিবলৈ তাত থাকিল ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ লগতে দুই-এজন। তেনে সময়তে এখন টেবুলত আৱিস্কাৰ হ’ল এজোৰ চশ্মা। কাৰ চশ্মা জানিবলৈ বৰ বেছি সময় নালাগিছিল, সেইবোৰ ভূপেনদাৰ চশ্মা।

এই সন্দৰ্ভত ৰৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই কয় – চশ্মাযোৰ পালোঁ হয়, কিন্ত এতিয়া কি কৰা যায়? ভূপেন বহু দূৰেই পালেগৈ, যোগাযোগৰো আজিৰ দৰে সহজ নাছিল। শিৱসাগৰলৈ যাব বুলিহে গম পাইছোঁ, কাৰোবাক পঠিয়াবলৈও ক’লৈ পঠিয়ায়, কাক পঠিয়ায়? মনলৈ আহিল, ভূপেনদা তেজপুৰৰ ডা০ লক্ষী গোস্বামীৰ ঘৰৰ পৰা আহিছে।

ভাগ্য ভাল লক্ষী গোস্বামীৰ ঘৰৰ ফোন নম্বৰটো আছিল। ফোন কৰিলোঁ, ফোনটো দীপ বাইদেউয়ে ধৰিলে। জীপ বাইদেউ মানে লক্ষী গোস্বামীৰ পৰিবাৰ।

তেখেতে ভূপেনদাৰ শিৱসাগৰৰ ফুকন নগৰৰ ব’ৰ্ডিং খেল পথাৰত সাংস্কৃতিক কাৰ্যসূচী লৈ গৈছিল বুলি ক’লে। ঠিকনাটো বাৰু পালোঁ, এতিয়া কাক পঠিয়াওঁ? মোৰ কাষতে আছিল ৰবীন বৰা, মোৰ ঘৰৰ ওচৰৰ দলিবাৰী গাঁৱৰ। সাংস্কৃতিক প্ৰাণ ল’ৰা, ভূপেনদাৰ গান গাই, গান শুনি ভাল পোৱা ল’ৰা। ইতিমধ্যে বিহু গীত লিখি জনপ্ৰিয় হৈছে।

জুবিন গাৰ্গ, অনুপম শইকীয়া, কৃষ্ণমণি নাথে ৰবীনৰ বিহু গাই জনপ্ৰিয় হৈছে; লগতে ৰবীনকো চিনি পোৱা হৈছে। ৰবীনে চশ্মাৰ কথাবোৰ গম পাই মোৰ লগতে ইফাল-সিফাল কৰি আছে। মই সুধিলোঁ– যাবি? সিও তপৰাই উত্তৰ দিলে যাম। পিছে তাৰ হাতত পইচা নাই। মই বোলো চিন্তা কৰিব নালাগে।

লগে-লগে ভূপেনদাৰ ঘৰৰ মুখৰ পৰাই শিৱসাগৰৰ গাড়ীত উঠাই দিলোঁ। ঈশ্বৰক চিন্তা কৰিলোঁ, যাতে গীতৰ অনুষ্ঠান আৰম্ভ হোৱা আগেয়ে ৰবীন গৈ নিৰ্দিষ্ট ঠাই পাইগৈ। এই বিৰল অভিজ্ঞতাৰ সাক্ষী গীতিকাৰ-সুৰকাৰ ৰবীন বৰাই সুঁৱৰী কয়– আমি সেইদিনা তথ্যচিত্ৰৰ মহুৰতলৈ আনসকলে লগত হাটবৰৰ পৰা ৰঞ্জিতদাৰ নেতৃত্বত ৰাওনা হ’লোঁ। ভূপেনদাৰ গীত শুনি, গীত গাই ভাল পোৱা ল’ৰা।

তেনে প্ৰৰণাতে দুই-একে বিহুগীত লিখিছোঁ। জুবিন গাৰ্গ, কৃষ্ণ মণি নাথ, অনুপম শইকীয়াৰ কৃপাত ৰাইজে চিন পোৱা হৈছে। ভূপেনদাক সেই দিনা লগ পাই ভৰি চুই আশীৰ্বাদ ল’বলৈ সুবিধা পাই ধন্য হৈছিলোঁ। গীতৰ চৰ্চা চলাই যাবলৈ আমাক প্ৰেৰণা দিছিল। সেই আশীৰ্বাদৰ ফলতেই হয়তু পাছলৈ সঙ্গীতৰ ক্ষেত্ৰখনত জড়িত হৈ থাকিবলৈ সুবিধা পালোঁ।

কুঠৰীত ভূপেন দাই চশ্মাজোৰ এৰি থৈ বিৰল যোৱাৰ ঘটনাটোৰ লগত জড়িত হ’বলৈ পোৱা তোৰ জীৱনৰ সৌভাগ্যৰ বিষয় আছিল যিটোয়ে আজিও মোৰ মন প্ৰাণ শিহৰিত কৰি তোলে। চশ্মাযোৰক লৈ ৰঞ্জিতদাৰ চিন্তাৰ দেখি মইও ভাবিলোঁ, চশ্মাযোৰ নহ’লে ভূপেনদাৰ বহুত অসুবিধা হ’ব।

তেনেতে ৰঞ্জিত দাই মোক ক’লে ভূপেনদাৰ চশ্মাযোৰ দিবলৈ তই শিৱসাগৰলৈ যাবি? মই ক’লোঁ যাব লাগিলে যাম, কিন্তু মোৰ হাতত ইমান টকা নাই। ৰঞ্জিত দাই চশ্মাযোৰ মোৰ হাতত দি ক’লে, যি চিন্তা কৰিব নালাগে, টকা কেইটামান হাতী গুজি দি ক’লে এয়া ল আৰু হ’ল। মোক একপ্ৰকাৰ টানি আনি ৰাষ্টাৰ পোৱালেহি। শিৱসাগৰলৈ যোৱা উঠাই দিলে।

ইতিমধ্যে বিয়লি চাৰি বাঢ়িছে। বাছত উঠিছে মই চশ্মাযোৰ ভালকৈ চালোঁ। ‘মে’ড ইন ইটালী’ লিখা চশ্মাযোৰ আটোম-টোকাৰিকৈ তোলাৰ জেপত ভৰাই ল’লোঁ, যাতে কোনো ক্ষতি নহয় তাৰ বাবে ওৰে বাট জেপতে হাত এটা সাৱটি গৈ নিশা আখ্যান বজাত শিৱসাগৰ পালোঁগৈ। শিৱসাগৰ পাই ফুকন নগৰৰ ঠিকনা সুধি কোনোমতে ওলালোগৈ।

সাংস্কৃতিক অনুষ্ঠান হ’বলগীয়া অস্থায়ী প্ৰেক্ষাগৃহত জন সমাগমৰ হৈছিলেই। ভূপেনদাৰ অনুষ্ঠানলৈ সময় আছে। কাকো চিনি নোপোৱা ঠাইখন ভূপেনদাক কেনেকৈ লগ পাম তাকে চিন্তা কৰিলে। লাহে-লাহে মঞ্চৰ কাষ পালোঁগৈ। তাতে পোৱা ইজন-সিজনক সুধিলোঁ ভূপেনদা ক’ত আছে? কাৰো বৰ বিশেষ সহাৰি নাপালোঁ। তেওঁলোকেনো কেনেকৈ জানিব, মই কিয় আহিছোঁ।

তেনেতে মঞ্চৰ পৰা ওলাই অহা পৰমেশ্বৰদা মানে বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক লগ পালোঁ। মোক দেখি সুধিলে, ৰবীন তুমি, ইয়াত কেনেকৈ? মই বোলো ভুপেনদাৰ চশ্মাযোৰ… শেষ নহ’লেও, পৰমেশ্বৰ দাই ক’লে ভূপেনদাৰ চশ্মাযোৰ বিচাৰি পোৱা নাই, ক’ত ধৰিলে কোনেও নাজানে। মই চশ্মাযোৰ দেখুৱাই ক’লোঁ এইবোৰ।

পৰমেশ্বৰদা আচৰিত। ক’লে আঁহা-আঁহা। একপ্ৰকাৰ টানি নি গ্ৰীণ ৰুম পোৱালেগৈ। গুৰু-গম্ভীৰভাৱে ভূপেনদা চকী এখনত বহি আছে। পৰমেশ্বৰ দাই ভূপেনদাক ক’লে, এয়া ৰবীন, কলিয়াবৰৰ পৰা আহিছে। মই সেৱা এটা জনালোঁ। ভূপেনদাই মোলৈ চাই ক’লে, তোমাকতো কুঠৰীত পাই আহিছোঁ।

লগে-লগে পৰমেশ্বৰ দাই মোৰ হাতৰ পৰা চশ্মাযোৰ লৈ ভূপেনদাক দেখুৱাই ক’লে এইবোৰ আপোনাৰ চশ্মা। কুঠৰীত এৰি থৈ আহিছিল, ৰবীনে লৈ আহিছে। ইমান দূৰৰ পৰা চশ্মাযোৰ লৈ শিৱসাগৰ পোৱা বিষয়টোত ভূপেনদা আচৰিত হ’ল যদিও মনত এক সন্তুষ্টিৰ বাবে এটাও দেখা পালোঁ।

মোক ক’লে, তুমি বৰ কষ্ট কৰি মোৰ চশ্মাযোৰ ইয়ালৈ লৈ আহিলা। গতিকে, তুমি এনেকৈ যাব নোৱাৰিবা। মোৰ অনুষ্ঠান চাই, খাই-বৈহে যাব পাৰিবা। সেই বুলি উদ্যোক্তা এজনক মাত মোক প্ৰেক্ষাগৃহত হোৱাৰ দায়িত্ব দিলে। ক’লে– মোৰ আলহী, ভালকৈ চোৱা-চিতা কৰিবা। মই পুনৰ সেৱা এটা কৰি প্ৰেক্ষাগৃহত বহিলোঁগৈ।

ভূপেনদাৰ সম্পূৰ্ণ অনুষ্ঠান চাই শেষ কৰি শেহ নিশা বাছত উঠি ঘৰ পালোঁহি। এই বিৰল অভিজ্ঞতাৰটোৱে মোক এতিয়াও শিহৰিত কৰি তোলে। এজন মহান অসমীয়াক অকণমান হ’লেও সেৱা আগবঢ়াবলৈ সুবিধা পালোঁ। মোৰ জীৱন ধন্য হ’ল। ৫ নৱেম্বৰত ভূপেনদাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী।

এই দিনটোত সমগ্ৰ অসমে সঙ্গীত সূৰ্যক স্মৰণ কৰিব। মোৰ দৰে এগৰাকী সামান্য সঙ্গীত অনুৰাগীয়ে তেখেতক সোঁৱৰিম, পুনৰ যাতে অসমতে জন্ম লৈ অসমৰ গৌৰৱ বঢ়াই তাৰে কামনা কৰিম। কুঠৰীৰ দুগৰাকী বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনক। এই দুইগৰকী ব‍্যক্তিৰ অধীৰ আগ্ৰহক আওকাণ কৰিব নোৱাৰি কলিয়াবৰৰ কুঠৰীত এখনি নিজাপি ঘৰ সজাৰ সিদ্ধান্ত ল’লে।

সেই উদ্দেশ‍্যে কুঠৰীত মাটি বিচৰা কামটো দুই কলিয়াবৰীয়াৰ ওপৰতেই দায়িত্ব পৰিল, মাটিও পালে–চাহাব আলীৰ এবিঘা, পদুম বাহাদুৰৰ দুবিঘা, ইচমাইল শ্বেখৰ এবিঘাকে ধৰি প্ৰায় বিশ বিঘা মাটি ভূপেনদাই কিনিলে। ১৯৭২ চনৰ আগে-পাছে কুঠৰীত এটি ঘৰো সাজিলে।

আজীৱন উৰণীয়া মৌ ৰূপে সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা জীৱন চাহাৰাৰ বেদুইন এইজনা শিল্পীৰ কুঠৰী আছিল মৰুদ‍্যান। তেখেতে কৈ গৈছে ‘কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে’। সুধাকণ্ঠৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস‍্যৰ কুঠৰীৰ ঘৰখনৰ প্ৰতি আছিল প্ৰৱল হেঁপাহ। কুঠৰীৰ ঘৰখনৰ বাদে সঙ্গীত সূৰ্য‍্য ড০ ভূপেন হাজৰিকাৰ নিজাপি ঘৰ নাই।

ই কলিয়াবৰীয়াৰ এক অনন‍্য আপুৰুগীয়া সম্পদ। ড০ ভূপেন হাজৰিকাই নিজে কৈছিল– কুঠৰীত এটা সাংস্কৃতিক কেন্দ্ৰ আৰু পুত্ৰ তেজৰ ইচ্ছা মতে বৌদ্ধ ধৰ্মাৱলম্বীৰ বাবে জিৰণিস্থল গঢ়ি তোলা হ’ব। সেই ইচ্ছা জীৱিত কালৰ পূৰ্ণ নহ’ল যদিও চৰকাৰৰ সদিচ্ছা থাকিলে সেই আশা পূৰণ হোৱা আশা ৰাখিছে কলিয়াবৰবাসীয়ে।

লেখকঃ ৰূপজ্যোতি গোস্বামী (Rupjyoti Goswami)

Zubeen Garg । জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন …

Zubeen Garg । জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন …
Zubeen Garg । জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন …

Zubeen Garg । জুবিন গাৰ্গে কোনটো ভাষাত গান গোৱা নাই । জুবিন গাৰ্গক অকল কন্ঠশিল্পী বুলি কলে ভূল কোৱা হ’ব । সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া ব্যক্তি জুবিন গাৰ্গ । প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপ-ভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। জুবিন গাৰ্গক জীৱিত কালতে সন্মান দিয়া প্ৰয়োজন , প্ৰকৃতি ভালপোৱা জুৱিন গাৰ্গে সাধাৰণ মানুহক ভাল পায় । মানুহৰ লগতে থাকি ভালপোৱা এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গে ।


তথাপিও জুবিন গাৰ্গৰ সৃষ্টিৰাজিয়ে যিখিনি সন্মান পাব লাগিছিল সেইখিনি পোৱা দেখা নাযায় ৷ দুটা দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ ভঁৰাল চহকী কৰা জুবিন গাৰ্গৰ দৰে স্বনামধন্য সংগীত শিল্পী এজনক যেতিয়া কেৱল এজন “জনপ্ৰিয় গায়ক” হিচাপে প্ৰক্ষেপিত কৰি শিৰোনামা প্ৰকাশ কৰা হয় তেতিয়াই জুবিন গাৰ্গ সম্পৰ্কে মানুহৰ অজ্ঞতা কিমান পৰ্যায়ৰ তাক চিনিব পাৰি। ‘অনামিকা” শ্ৰব্য এলবামৰ যোগেদি এজন সফল গীতিকাৰ আৰু সুৰকাৰ হিচাপে নব্বৈৰ দশকতেই নিজৰ পৰিচয় দি থৈছে৷ “বেদনাৰ জ্বলা জুঁই কেতিয়া নুমাবা” বুলি ‘অনামিকা’ৰ প্ৰতি
আৱেগিক প্ৰশ্ন কৰা সেই জুবিনৰ কলমৰ পৰা আজিও নিগৰিত হৈ আছে এনে বহু চিৰসেউজ গীতৰ কলি।


ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা।
অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ‌ কণ্ঠদান কৰিছে ।
১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ জুবিন গাৰ্গে সৃষ্টী কৰি গৈছে ।
আমি জুৱিন গাৰ্গৰ ভাল কথাবোৰ আলোচনা কৰাৰ প্ৰয়োজন আছে । হিৰুদাই কেনেকৈ জুবিন গাৰ্গক বুকুত সোমাই লৈছিল । নিজস্ব সৃষ্টিৰাজিৰে তথা স্বকীয় প্ৰকাশভংগীৰে জীৱন্ত কিংবদন্তিলৈ‌ ৰূপান্তৰিত হোৱা জুবিন গাৰ্গৰ অসমীয়া সংগীত জগতলৈ অৱদান সম্পৰ্কে নতুনকৈ কোৱাৰ‌ হয়তো কোনো প্ৰয়োজন নাই।


কেতিয়াবা যদি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত প্ৰেমৰ সন্ধান বিচাৰি “কঁকাল খামুচীয়া গাল গুলপীয়া/তুমি কোন সৰগৰ পৰী..”
ৰ দৰে গান লিখিছে কেতিয়াবা আকৌ সোণৰ অসম গঢ়াৰ আহ্বান গীতৰ মাজেৰেই প্ৰকাশ কৰিছে!
“শান্তি দিয়া/মুক্তি দিয়া/সোণৰ অসম ৰচিবলৈ/সেউজ দিয়া/শস্য দিয়া/চিৰকাল ফুলিবলৈ..” । ইয়াৰ উপৰিও ৰাজনৈতিক নেতা সকলক উদ্দেশ্য কৰি জুবিন গাৰ্গে কন্ঠ দান কৰিছিল – পলিটিক্স নকৰিবা বন্ধু!…. সংগীত পৰিচালক হিচাপেও বাংলা আৰু অসমীয়া ছবি জগতত জুবিন গাৰ্গৰ এক সুকীয়া পৰিচয় আছে ৷ ২০০০ চনতে মুনিন বৰুৱাৰ ”হিয়া দিয়া নিয়া” ছবিখনত সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গে প্ৰমান কৰি দিছিল নিজৰ স্বকীয় দক্ষতাৰ কথা । শেষতীয়াকৈ “ৰত্নাকৰৰ(২০১৯)” ছবিখনতো সংগীত পৰিচালক হিচাপে আছিল প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ।

A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ
A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

গুৱাহাটী, ৪ নবেম্বৰঃ প্ৰায় দুকুৰি দুবছৰৰ অন্তত(A Call to Friendship) গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ(Natural Beauty of the Brahmaputra) মাজত দেওবাৰে পুনৰ মিলিত হ’ল নলবাৰীৰ চৰকাৰী গৰ্ডন(Gordonians) উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অৰ্ধ শতাধিক সহপাঠী।

তিনি কুৰিৰ দেওনা স্পৰ্শ কৰিবলগীয়া এইসকল প্ৰাক্তন গৰ্ডনিয়ানৰ মিলন সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সকলো আহি আবেগিক হৈ পৰে। পানীখাইটিস্থিত(Panikhaiti) অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে ১৯৮২ বৰ্ষৰ গৰ্ডনিয়ানসকলৰ পুনৰ মিলন অনুষ্ঠানত ইজনে সিজনক প্ৰত্যক্ষ কৰি নষ্টালজিক হৈ পৰে(Karbi Anglong)।

সমাৰোহত প্ৰতিগৰাকী সহপাঠীয়ে ৰোমন্থন কৰিলে চল্লিছটা বৰ্ষৰ পূৰ্বৰ স্মৃতি। নিজৰ ষাঠিটা বসন্তৰ বৃদ্ধাৱস্থা পাহৰি বিভিন্নজনে নাচ-গান-কবিতা আবৃত্তিৰে মুখৰিত কৰি তোলে লুইতৰ চাপৰিৰ পাৰ।

বন্ধুত্বৰ আহ্বান নেওচিব নোৱাৰি কাৰ্বি আংলঙৰ হাওৰাঘাটৰ ইংৰাজীৰ বিষয় শিক্ষক ভূপেন্দ্ৰ শৰ্মা মাত্ৰ এঘন্টাৰ বাবে হ’লেও আহি অংশ ললে প্ৰাক্তন গৰ্ডনিয়ানৰ সমাৰোহত।

কোকৰাঝাৰস্থি বি টি আৰৰ ৰেচম সঞ্চালক অঞ্জন কুমাৰ চক্ৰৱৰ্তী, বঙাইগাঁওস্থিত ধুবুৰী জলসিঞ্চন চক্ৰৰ কাৰ্যবাহী অভিযন্তা কমল কুমাৰ শৰ্মা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ৰত্নকিংকৰ গোস্বামীও আহি ৰোমন্থন কৰিলে গৰ্ডনত অতিবাহিত কৰা স্মৃতি।

নাৰেংগীৰ সেনা ছাউনীত কৰ্মৰত মনোজ বুজৰ বৰুৱাৰ বিশেষ উদ্যোগ আৰু কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ অধ্যক্ষ তপন বৰ্মনৰ বদান্যতাত অনুষ্ঠিত এই মিলন সমাৰোহ আবেগিক কৰি তোলে অৰুণ জ্যোতি শৰ্মা আৰু কমল শৰ্মাৰ স্বৰচিত কবিতা আবৃত্তি আৰু ৰত্নকিংকৰ গোস্বামীৰ হিন্দী গীতে।

নলবাৰীৰপৰা অহা যোগাচাৰ্য স্বামী বৰুণ আনন্দই মানৱ জীৱনশৈলীৰ সম্পৰ্কত বৌদ্ধিক প্ৰদান কৰি সকলোকে মাৰ্গ দৰ্শন কৰে। অতি ব্যস্ততাৰ মাজতো নলবাৰীৰপৰা আহি অংশ গ্ৰহণ কৰে দিগন্ত বৰ্মন, ভূপানন্দ ৰায় বৰুৱা, অজয় শৰ্মা, জগদীশ দত্ত, ফণীন্দ্ৰ হালৈ, বংকিম শৰ্মা, কালিন্দ্ৰ দাস, অতুল শৰ্মা, হেমন্ত কলিতা, মৃদুল কুমাৰ শৰ্মা, আৰিফুদ্দিন আহমেদ, মনোজ তালুকদাৰ, ঘনশ্যাম ভৰালী আদিয়ে।

গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজীৰ মূৰব্বী অধ্যাপক দিব্যৰঞ্জন খাটনিয়াৰ, ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ অভিযন্তা মৃণ্ময় ভূঞা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ যুটীয়া সচিব ৰঞ্জন কুমাৰ দাস, কণক ডেকা, ৰাণা শৰ্মা আদিয়েও দুকুৰি বছৰৰ বন্ধুত্বৰ সান্নিধ্য বিচাৰি গুৱাহাটীৰ বিভিন্ন স্থানৰপৰা পানীখাইটিৰ মিলন সমাৰোহলৈ ধাপলি মেলি আহে।

Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু

Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু
Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু

গুৱাহাটী, ৪ অক্টোবৰঃ কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি। তেখেতে ১৯৬৮ চনত গ্লাছগ’ বিশ্ববিদ্যালয়ৰ পৰা খনিজ ৰসায়ন (Mineral Chemistry) বিষয়ত ডক্টৰেট উপাধি লাভ কৰে।

উল্লেখযোগ্য যে, ড০ গকুল গোস্বামীয়েই কলিয়াবৰৰ উচ্চ শিক্ষানুষ্ঠান কলিয়াবৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল(Prominent Geologist and Educationist)।

তেখেত ১৯৬৩ চনৰপৰা ১৯৬৫ চনলৈকে আৰ্য্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপক আছিল। ১৯৬৯ চনৰপৰা ১৯৭০ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। ১৯৭০ চনৰপৰা ১৯৭৪ চনলৈকে ভাৰত চৰকাৰৰ ভূবৈজ্ঞানীক জৰীপ বিভাগৰ (Geological Survey of India)ৰ খনিজ বিভাগ (Mineral Physics Division)ত বিজ্ঞানী হিচাবে কৰ্মৰত আছিল।

১৯৭৪ চনৰপৰা ১৯৯৯ চনলৈকে উৰিষ্যাৰ ডালমিয়া ইনষ্টিটিউট অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ চেণ্টাৰৰ মুখ্য বিজ্ঞানী হিচাপে অৱসৰ লয়। এগৰাকী বিজ্ঞানী হিচাপে তেখেতৰ উল্লেখযোগ্য অৱদান আছিল– সুদীর্ঘ জীৱনকালত তেখেতে ৯৩খন গৱেষণা পত্ৰ লিখি উলিয়াই প্ৰকাশ কৰিছিল।

তেখেতৰ তত্বাবধানত গৱেষণা কৰি চিমেন্ট বিষয়ত ২জনে আৰু ৰিফেক্টৰীজ ব্ৰিক্সৰ বিষয়ত এজনে ডক্টৰেট ডিগ্রী পাইছিল। শিক্ষাৰ ক্ষেত্রত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমৰ বাবে Mineralogy (স্নাতক শ্ৰেণী) আৰু Geology (প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণী) দুখন কিতাপ লিখি উলিয়াইছিল।

তদুপৰি, ড০ গোস্বামীয়ে ১৯৯৪ চনত ভাৰতৰ চিমেন্ট উদ্যোগৰ অডিটৰিয়েল বৰ্ডৰ সদস্য আছিল। লগতে ইণ্ডিয়ান থাৰ্মেল এনালাইছিছ ছ’চাইটি আৰু অসম বিজ্ঞান সমিতিৰো সদস্য আছিল।


পত্নী, পুত্ৰ-বোৱাৰী, নাতি তথা পৰিয়াল-পৰিজনক এৰি ইহলীলা সম্বৰণ কৰা বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যুত জন্মস্থান কলিয়াবৰৰ শ্ৰীশ্ৰীভোলাগুৰি সত্ৰৰ লগতে গুণমুগ্ধই শোক প্ৰকাশ কৰিছে।

Puri Jagannath Temple: পুৰী জগন্নাথ মন্দিৰৰ দেৱালত একাধিক ফাট

পুৰী জগন্নাথ মন্দিৰৰ দেৱালত একাধিক ফাট
পুৰী জগন্নাথ মন্দিৰৰ দেৱালত একাধিক ফাট

পুৰী জগন্নাথ মন্দিৰৰ দেৱালত একাধিক ফাট! পুৰীৰ জগন্নাথৰ মূল মন্দিৰৰ বাহিৰত মন্দিৰৰ সীমা নিৰ্ধাৰণ কৰা এখন ডাঠ দেৱাল আছে, যাক মেঘনাদ পাচেৰী বুলি কোৱা হয়।(Puri Jagannath Temple)এই দেৱালখনে মূল মন্দিৰটোক সুৰক্ষা প্ৰদান কৰে। শেহতীয়াকৈ পুৰীৰ জগন্নাথ মন্দিৰৰ বাহিৰৰ দেৱালত একাধিক ফাট মেলিছে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ জৰুৰীভাৱে পুৰাতত্ত্ববিদসকলক আহ্বান জনোৱা হৈছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ওড়িশা চৰকাৰে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ সহায় বিচাৰিছে। বেৰৰ ফাট মেৰামতি কৰিব।(cracks on the wall of puri jagannath temple)

দ্বাদশ শতিকাত নিৰ্মিত মন্দিৰৰ এনে ফাট দেখি চিন্তিত হৈ পৰিছে মন্দিৰৰ কৰ্তৃপক্ষ। জগন্নাথ মন্দিৰৰ ভিতৰত আনন্দবজাৰ নামৰ এলেকা আছে। তাৰ পৰাই জগন্নাথৰ প্ৰসাদ বিক্ৰী হয়। সেই অঞ্চলৰ পৰা লেতেৰা পানী বাহিৰৰ বেৰৰ ফাটৰ মাজেৰে ছিটিকি যোৱা বুলি জানিব পৰা গৈছে৷ দেৱালখন তিতি থকাৰ বাবে ক্ৰমান্বয়ে ক্ষতিৰ সৃষ্টি হৈছে। বহুতৰ মতে এই পৰিস্থিতি দীৰ্ঘদিনীয়া অসাৱধানতাৰ বাবেই গঢ় লৈ উঠিছে। ওড়িশা চৰকাৰে অৱশ্যে সন্দেহ কৰে যে এ এছ আইৰ অনুমতি অবিহনে জগন্নাথ মন্দিৰৰ যিকোনো কামৰ ফলত ফাট মেলিছে। চৰকাৰে তদন্ত কৰি আছে। (jagannath temple)

পুৰী মন্দিৰৰ পৰিস্থিতিক লৈ মন্দিৰ কৰ্তৃপক্ষ আৰু বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে কয় যে, আমি তদন্ত কৰি আছো যে কিয় বেৰত ফাট মেলিছে। দেৱাল মেৰামতিৰ বাবে সাজু হৈছে ASI।

Hanuman chalisa: মঙলবাৰে পাঠ কৰক হনুমান চালিছা, কেৰিয়াৰৰ অগ্ৰগতিৰ লগতে দূৰ হ’ব এই সমূহ অসুবিধা

মঙলবাৰে পাঠ কৰক হনুমান চালিছা
মঙলবাৰে পাঠ কৰক হনুমান চালিছা

হিন্দু ধৰ্মত মঙলবাৰটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয়। ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ দুখ, কষ্ট দূৰ হয় আৰু জীৱনত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়।(Hanuman chalisa)মঙলবাৰে ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ এজন ব্যক্তিয়ে ৰীতি-নীতি অনুসৰি হনুমান চালিছা পাঠ কৰিব লাগে। (Tuesday)হনুমান চালিছা পাঠ কৰিলে বহুতো অলৌকিক উপকাৰ পোৱা যায়।(Success in career)জানো আহক এই সমূহৰ বিষয়ে-

১)
ৰাশিফলত থকা গ্ৰহৰ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ এজন ব্যক্তিয়ে নিয়মিতভাৱে হনুমান চালিছা পাঠ কৰিব লাগে।

২)
বিয়া নোহোৱা ব্যক্তিয়ে নিয়মিতভাৱে হনুমান চালিছা পাঠ কৰিব লাগে। এনে কৰিলে আগতীয়াকৈ বিবাহ হোৱাৰ সম্ভাৱনা থাকে।

৩)
কোনোবাই যদি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হয় তেন্তে তেওঁক হনুমান চালিছা পাঠ কৰিবলৈ পৰামৰ্শ দিয়া হয়। ইয়াৰ দ্বাৰা ভগৱান হনুমানে তেওঁক ৰোগৰ পৰা মুক্ত কৰে।

৪)
কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ হনুমান চালিছা ভক্তিৰে আবৃত্তি কৰিব লাগে। ইয়াৰ দ্বাৰা সফলতাৰ সকলো দুৱাৰ মুকলি হয়।

৫)
যিকোনো ধৰণৰ বাস্তু দোষ দূৰ কৰিবলৈ হনুমান চালিছা পাঠ কৰিব লাগে।

Bus Accident in Uttarakhand: ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২০ জন, নিহত পৰিয়াললৈ ৪ লাখ; আহতলৈ ১ লাখ টকা ঘোষণা

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২০ জন
ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২০ জন

আজি পুৱা উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ মাৰ্চুলাত সংঘটি হয় ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনা হোৱা ভয়াৱহ বাছ দুৰ্ঘটনাত ৪৫ জনীয়া যাত্ৰীবাহী বাছ এখন মাৰ্চুলাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমা।ল যাত্ৰীবাহী বাছখনৰ ২০ জন লোকৰ মৃত্যু হয়। বাছখন গড়ৱালৰ পৰা কুমাওন অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ ঘটনা।(Bus Accident in Uttarakhand)

স্থানীয় আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি জৰুৰীকালীন সেৱাই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।(Almora district)

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শোক প্ৰকাশ কৰি জিলা প্ৰশাসনক উদ্ধাৰ প্ৰচেষ্টা ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনায়।(Uttarakhand Chief Minister Pushkar Singh Dhami)

লগতে মুখ্যমন্ত্রীয়ে আহত, নিহত পৰিয়াললৈ ক্ষতিপূৰণৰ ঘোষণা কৰে। প্রাণ হেৰুৱাৰ বাবে ৪ লাখ টকা আৰু আহতসকলৰ বাবে ১ লাখ টকাৰ প্রদান আগবঢ়ায়৷

স্থানীয় কৰ্তৃপক্ষই আশ্বাস দিছে যে দলসমূহে আহতসকলক উলিয়াই আনি ওচৰৰ হাস্পতাললৈ লৈ যোৱাৰ বাবে কাম কৰি আছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলৰ বাবে প্ৰয়োজন সাপেক্ষে বিশেষ চিকিৎসা কেন্দ্ৰলৈ বিমানযোগে পঠোৱাৰ ব্যৱস্থা কৰা হ’ব।