২ নৱেম্বৰত ৫৯ বছৰ বয়সত ভৰি দিলে বলিউদৰ কিং খানে। জন্মদিনৰ বিশেষ অনুষ্ঠানত তেওঁ অনুৰাগীৰ সন্মুখত এটা ডাঙৰ কথা ঘোষণা কৰিলে। তেওঁ কয় যে তেওঁ আটাইতকৈ বেয়া অভ্যাসবোৰৰ ভিতৰত এটা বেয়া অভ্যস এৰি দিছে, যিয়ে তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছিল।(Shah Rukh Khan)
হিন্দী চিনেমাৰ পৰা লাখ লাখ অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰা ‘কিং’ শ্বাহৰুখ খানে ২ নৱেম্বৰত ৫৯ সংখ্যক জন্মদিনত ধূমপান ত্যাগ কৰে। জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে। ২ নৱেম্বৰত ৫৯ বছৰ বয়সত ভৰি দিলে কিং খানে।(Shah Rukh Khan Quit This Bad Habit)
শ্বাহৰুখে ঘোষণা কৰিলে যে তেওঁ বহুদিনৰ পৰা চিগাৰেট খোৱাৰ অভ্যাস ত্যাগ কৰিছে। এই কথা নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কয়, ‘এতিয়া মই চিগাৰেট নাখাওঁ বন্ধুসকল। এইটো এটা ভাল কথা। এই বেয়া অভ্যাস ত্যাগ কৰি তেওঁ আশা কৰিছিল যে ইয়াৰ দ্বাৰা তেওঁৰ উশাহ-নিশাহৰ কষ্ট কমি যাব, কিন্তু লগতে কয় যে তেওঁ এতিয়াও ইয়াৰ প্ৰভাৱ অনুভৱ কৰি আছে। লগতে তেওঁ কয়, ‘মই ভাবিছিলো যে মোৰ ইমান উশাহ বন্ধ হোৱাৰ সমস্যা নহ’ব, কিন্তু এতিয়াও মোৰ একেই অনুভৱ হৈছে।’(breathlessness)
শ্বাহৰুখ খানে বহু বছৰ ধৰি ধূমপান আৰু কেফেইনৰ অভ্যাসৰ বিষয়ে আলোচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে ২০১১ চনত এক সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱনশৈলীৰ বিষয়ে কৈছিল যে তেওঁৰ ধূমপানৰ অভ্যাস আছে আৰু তেওঁ দিনটোত প্ৰায় ১০০ টা চিগাৰেট খাইছিল, খাবলৈ পাহৰিছিল, পানী নাখাইছিল আৰু চিগাৰেটৰ সৈতে খাইছিল ক’লা কফি।(Birthday)
ইলান মাক্সচেও কৈছে যে ইভিএমটো বিশ্বাস কৰিব নোৱাৰি ৷ সেয়ে চৰকাৰে ৰাইজৰ কথা শুনা উচিত৷ মই জয়ী হলেও ইভিএমৰ ওপৰত মোৰ সন্দেহ আছে৷ আনহাতে ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ অহংকাৰ হৈছে বুলি কোৱাৰ লগতে ২০২৬ত ৰাইজৰ দল আৰু বাকী অঞ্চলিক দল মিলি কংগ্ৰেছক বাদ দি চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত বিৰোধী দলপতি শইকীয়াই কয় যে মই তেনেকে নকওঁ৷
আগতে কৈছো যে এইটো ২৪ চনৰ নবেম্বৰ মাহ চলি আছে৷ সেয়ে ২৫ চনৰ ১২ মাহ সময় পাম আৰু ২৬ চনৰো অলপ সময় পাম৷ এইখিনি সময়ত আমি ৰাইজৰ মন আৰু পানী কেনেকৈ বাগৰে চাব লাগিব৷ আনহাতে কংগ্ৰেছ এটা বৃহৎ শক্তি বুলি কৈ যিটোৱে বিজেপিৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষত যুদ্ধ কৰি আছে৷
এইটোক আওকান কৰি যে আঞ্চলিকতাবাদী শক্তিয়ে অকলে জয়লাভ কৰিব এইটো মোৰ মনে নধৰে আৰু মই ভাবো অসমৰ জনগণেও তেনেকুৱা এটা কথা বিশ্বাস কৰিবলৈ টান পাব ৷ গতিকে বৰ্তমান সময়ত মই তেওঁলোকৰ ক্ষোভ বুজি পাইছো আৰু আমাৰো কিছু অসুবিধা আছিল ৷
সেয়ে এই সময়ত সাময়িকভাবে আমি একলগ হ’ব পৰা নাই৷ আগন্তুক সময়ত বিজেপি আমাৰ মূল শত্ৰু ৷ সেই কথাটো মনত ৰাখি যদি আমি কাম কৰো নিশ্চয় আমি বিজেপি বিৰোধী চৰকাৰ পাম৷
সাংবাদিকে পুনৰ বিধায়ক অখিল গগৈ মুছলমানৰ ত্ৰাণকৰ্তাস্বৰূপ হৈ পৰিছে আৰু উপ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি যিহেতু কংগ্ৰেছক সমালোচনা কৰিছে বুলি সোধাত তেওঁ কয় যে মই বৰ্তমান সময়ত বিজেপি বিৰোধী দলৰ কোনো এটা দলৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য দিব নিবিচাৰো৷
সেই প্ৰত্যাহ্বানৰ বাবে আপোনালোকক প্ৰস্তুত কৰিবলৈ ডিব্ৰু কলেজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজি এই মহাবিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু মানৱ সম্পদৰূপে নিজকে গঢ় দিবলৈ চেষ্টা কৰিছে। তাৰ বাবে আপোনালোক আটায়ে কৃতজ্ঞতাৰ পাত্ৰ।
তেওঁ অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সভাপতিৰ দ্বায়িত্ব পালন কৰিছিল। কবি হিচাপেও তেওঁৰ খ্যাতি আছিল। কেবাখনো গ্ৰন্থৰ ৰচক বৰুৱাই নিজা খৰচত কেবাখনো উচ্চ মানৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল।
কলিয়াবৰ, ৩ নৱেম্বৰঃ তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত।
পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম। কিন্তু কি প্ৰসঙ্গত এই চৰ্চা হৈছে সেই বিষয়ে জানিবলৈ অসম পৰ্যটন বিভাগৰ দ্বাৰা কেইবা কোটি টকাৰে নিৰ্মাণ কৰা ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’ৰ বিষয়ে জানি ল’ব লাগিব।
নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী এলেকা চুলুঙত অসম পৰ্যটন বিকাশ নিগম(Assam Tourism Department) স্থাপন কৰা ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটক বিনোদন উদ্যান।'(Water Sports and Tourism Park) ২০১০ চনৰ ১০ অক্টোবৰত এই উদ্যানখন মুকলি কৰিছিল তদানীন্তন ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰকিবুল হুছেইনে।
যি উদ্যানখনত ক’ভিড কালৰ আগলৈকৈ ৰাজ্যৰ বিভিন্ন স্থানৰ লোকৰ বিনোদনৰ এক উপযুক্ত স্থান হিচাপে চিহ্নিত হৈছিল। এই উদ্যানখনত শিশুৰ বাবে টয়-ট্ৰে’নকে ধৰি বিভিন ক্ৰীড়া সঁজুলি, জ্যেষ্ঠ-কনিষ্ঠৰ বাবে জল ক্ৰীড়াৰ অত্যাধুনিক সা-সৰঞ্জামেৰে সজ্জিত জল ভাণ্ডাৰৰ উপৰি খাদ্যৰ বাবে ৰেষ্টোৰাঁ, আকৰ্ষণীয় আলোক সজ্জা, ভিন্নৰঙী ফুল, আলংঙ্কৰিক গছেৰে সমৃদ্ধ আছিল।
নগাঁৱৰ দিশৰ কলিয়াভোমোৰা সেতুৰ মুখতে, বিশাল ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত এই উদ্যানখন নগাঁও, শোণিতপুৰ, গোলাঘাট জিলাৰ লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল(Brahmaputra River)। বন্ধৰ দিনত যথেষ্ট লোকৰ সমাগম হৈছিল। কলিয়াভোমোৰা সেতুৰে পাৰ হোৱা উত্তৰ-দক্ষিণ পাৰৰ লোকসকলেও ক্ষণিক জিৰাই খাদ্য গ্ৰহণ কৰিবলৈ এক উপযুক্ত স্থান বুলি আদৰি লৈছিল।
অসম চৰকাৰৰ ৰাজহো বৃদ্ধি কৰিছিল এই উদ্যানখনে। এই জনপ্ৰিয় আৰম্ভণিৰে পৰা উদ্যানখনে পৰিচিতি লাভ কৰিছিল ‘তাঞ্জ’ নামৰে। ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিলৰ নামৰ লগত সংগতি ৰাখি তাৰ নামৰে নামাকৰণ কৰা হৈছিল বুলি আজিও কলিয়াবৰৰ সচেতন মহলে দাবী কৰে। এই দাবী কিমান সত্য সি অৱশ্যে তদানীন্তন বিভাগীয় মন্ত্ৰী আৰু বিষয়াবৰ্গইহে জানিব।