আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি।(Zubeen Garg Death Case)
৩ অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।
অমৃতপ্রভা মহন্ত, ২ দেহৰক্ষীৰ জামিনৰ ৰায় দিব আদালতে।
দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিনৰ দিব ৰায়।
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি।(Zubeen Garg Death Case)
৩ অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।
অমৃতপ্রভা মহন্ত, ২ দেহৰক্ষীৰ জামিনৰ ৰায় দিব আদালতে।
দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিনৰ দিব ৰায়।
‘বৰ্ডাৰ ২’ হিট (Border 2) হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ছানী দেওলে। পোষ্টটোত অভিনেতাগৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত তেওঁ নিজৰ অনুৰাগীসকলক ছবিখনৰ প্ৰতি থকা মৰমৰ বাবে ধন্যবাদ জনাইছে।
“বৰ্ডাৰ ২” ২০২৬ চনৰ প্ৰথমখন অভিলেখ ভংগকাৰী ছবি হিচাপে পৰিগণিত হৈছে। বক্স অফিচত ছবিখনৰ প্ৰদৰ্শনত সকলোৱে স্তম্ভিত হৈ পৰিছে। ছয় দিনৰ ভিতৰতে ঘৰুৱা বক্স অফিচত ২১৩ কোটি ₹ (২.১৩ বিলিয়ন) আৰু বিশ্বজুৰি ২৯০-২৯৫ কোটি (২.৯০ বিলিয়ন) টকা সংগ্ৰহ কৰে। ছবিখনৰ বাজেট আদায় কৰাৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰথমটো পোষ্ট ছানী দেওলৰ।
ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে ছানী দেওলে। ভিডিঅ’টো শ্বেয়াৰ কৰি ছানীয়ে কেপচনত লিখিছে, “মোৰ…আমাৰ বৰ্ডাৰ ২ক ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ…” তেওঁ এটা হাৰ্ট আইকনও শ্বেয়াৰ কৰে।
এই ভিডিঅ’টোত ছানী দেউলে কৈছে, “মোৰ কণ্ঠ কিমান দূৰলৈকে গৈছিল…আপোনালোকৰ হৃদয়লৈ…বৰ্ডাৰ ২ক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ।” অনুৰাগী আৰু চেলিব্ৰিটিসকলে অনবৰতে ছানীৰ এই ভিডিঅ’টোৰ ওপৰত মন্তব্য আগবঢ়াই আহিছে। ববি দেউল, কৰণ দেওল, আৰু মোনা সিঙে হাৰ্ট আইকন শ্বেয়াৰ কৰাৰ বিপৰীতে অনুৰাগীয়ে অভিনেতাজনক ছবিখনৰ সফলতাৰ বাবে অভিনন্দন জনাইছে।
‘বৰ্ডাৰ ২’-এ ৬ দিনত ৮টা ডাঙৰ অভিলেখ ভংগ কৰি ২০২৬ চনৰ প্ৰথমখন অভিলেখ ভংগকাৰী ছবি হিচাপে পৰিগণিত হয়।
২৩ জানুৱাৰীত মুক্তি লাভ কৰে ব্লকবাষ্টাৰ ছবি “বৰ্ডাৰ ২”। মুক্তিৰ পিছৰে পৰা ছবিখনে বক্স অফিচত চৰ্চা লাভ কৰিছে। এইবাৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ হিচাপে পৰিগণিত হৈছে আৰু এইবাৰৰ প্ৰথমখন ব্লকবাষ্টাৰ হোৱাৰ দৌৰতো আছে। “বৰ্ডাৰ ২” পৰিচালনা কৰিছে অনুৰাগ সিঙে।
আজিৰে পৰা আৰম্ভ হ’বলগীয়া দৰং -ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ ১২৫ বছৰীয়া বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞানুষ্ঠানৰ ব্যাপক প্ৰস্তুতি।
হাজাৰ হাজাৰ অতিথিক আদৰিবলৈ সাজু উদযাপন সমিতি।
বেদবাক্য মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হ’ব শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞস্থলী।
শ্ৰীশ্ৰীশম্ভুদেব দেৱ গোস্বামী স্মৃতি বঁটা আৰু শ্ৰেষ্ঠ শাখা সভাৰ বঁটা ঘোষণা।

ভাৰতী এয়াৰটেল , ভাৰতৰ অন্যতম বৃহৎ দূৰসংযোগ সেৱা প্ৰদানকাৰী, এডবি এক্সপ্ৰেছ যিটো হৈছে দ্ৰুত আৰু সহজ আৰু যিকোনো বস্তু সৃষ্টি কৰিব পৰা এপ, সমগ্ৰ ভাৰতত তেওঁলোকৰ ৩৬ কোটি গ্ৰাহকৰ হাতত প্ৰদান কৰিছে।
এই অংশীদাৰিত্বই এয়াৰটেলৰ সকলো গ্ৰাহকক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ প্ৰৱেশ প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে দ্ৰুত আৰু অনায়াসে উচ্চমানৰ সামাজিক সম্পত্তি, বিপণন সামগ্ৰী, চুটি ভিডিঅ’, ইত্যাদি সৃষ্টি কৰিব পাৰিব। এডবি এক্সপ্ৰেছ প্ৰিমিয়াম, যাৰ মূল্য প্ৰায় ৪,০০০* টকা, এবছৰৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা এই সুবিধা গ্ৰহণ কৰি এয়াৰটেলৰ গ্ৰাহকে তেওঁলোকৰ সৃজনশীল সক্ষমতা উদ্ভাৱন কৰিব পাৰে আৰু পূৰ্বৰ ডিজাইন অভিজ্ঞতা নাথাকিলেও প্ৰফেছনেল মানৰ কণ্টেন্ট সৃষ্টি কৰিব পাৰে।
এডবি এক্সপ্ৰেছ প্ৰিমিয়াম চাবস্ক্ৰিপচন মোবাইল, ৱাই-ফাই আৰু ডিটিএইচ গ্ৰাহককে ধৰি সকলো এয়াৰটেলৰ গ্ৰাহকৰ বাবে উপলব্ধ হ’ব। গ্ৰাহকে এয়াৰটেল থেংকচ এপত লগ অন কৰি এই চাবস্ক্ৰিপচনৰ সুবিধা ল’ব পাৰে, কোনো ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন নোহোৱাকৈ।

এই অংশীদাৰিত্ব সন্দৰ্ভত মন্তব্য কৰি সিদ্ধাৰ্থ শৰ্মা, ভাৰতী এয়াৰটেলৰ চিইঅ’ — কানেক্টেড হোমছ আৰু ডাইৰেক্টৰ — মাৰ্কেটিং, কয় যে, “এই অংশীদাৰিত্ব প্ৰযুক্তিতকৈও অধিক। ইয়াৰ অৰ্থ হৈছে লাখ লাখ ভাৰতীয়ক অত্যাধুনিক AI সঁজুলিৰে সৃষ্টি আৰু উদ্ভাৱনৰ বাবে সবলীকৰণ কৰা। প্ৰথম ৰিজ্যুম ক্ৰাফ্ট কৰা এজন ছাত্ৰৰ পৰা আৰম্ভ কৰি পোষ্টাৰ ডিজাইন কৰা এজন ক্ষুদ্ৰ ব্যৱসায়ৰ মালিক বা অনুসৰণকাৰীৰ বাবে ভিডিঅ’ সম্পাদনা কৰা এজন সৃষ্টিকৰ্তালৈকে আমি প্ৰতিজন এয়াৰটেলৰ গ্ৰাহকক আত্মপ্ৰকাশৰ সঁজুলিৰে শক্তিশালী কৰিব বিচাৰো। এডবি এক্সপ্ৰেছৰ সহায়ত বিশ্বমানৰ সৃষ্টিশীল সঁজুলিসমূহ এতিয়া বিলাসীতা নহয়—প্ৰতিজন ভাৰতীয়ৰ বাবে সেইবোৰ এক বাস্তৱ”৷
এডবিৰ ডিজিটেল মিডিয়াৰ সভাপতি ডেভিদ ৱাধৱানীয়ে কয় , “আমি এয়াৰটেলৰ সৈতে অংশীদাৰিত্ব কৰি সমগ্ৰ ভাৰতৰ লাখ লাখ লোকৰ মাজলৈ এডবি এক্সপ্ৰেছ প্ৰিমিয়াম বিনামূলীয়াকৈ আনিবলৈ পাই উৎফুল্লিত হৈছো, ভাৰতৰ সজীৱ সৃষ্টিকৰ্তা অৰ্থনীতিৰ বৃদ্ধি ত্বৰান্বিত কৰি আৰু মানুহক সহজেই ষ্টেণ্ডআউট কন্টেন্ট প্ৰস্তুত কৰিবলৈ সক্ষম কৰি তুলিছে – সেয়া তেওঁলোকৰ কেৰিয়াৰ বৃদ্ধি কৰাই হওক, ব্যৱসায় বৃদ্ধি কৰাই হওক বা তেওঁলোকৰ আবেগক প্ৰচাৰ কৰাই হওক।”
এডবি এক্সপ্ৰেছ প্ৰিমিয়ামে ব্যৱহাৰকাৰীক এডবিৰ উন্নতমানৰ ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে। ভাৰতীয় উৎসৱ, বিয়া আৰু আৰু স্থানীয় ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় আদিকে ধৰি হাজাৰ হাজাৰ বিশেষ ডিজাইন টেমপ্লেট চাবস্ক্ৰিপচনৰ সৈতে উপলব্ধ। ইয়াৰ AI-চালিত বৈশিষ্ট্যসমূহ যেনে তৎক্ষণাত পটভূমি আঁতৰোৱা, কাষ্টম ইমেজ প্ৰজন্ম, আৰু ৱান-টেপ ভিডিঅ’ সম্পাদনা, প্ৰিমিয়াম এডবি ষ্টক সম্পত্তি, ৩০,০০০ তকৈ অধিক পেছাদাৰী ফন্ট, ১০০জি বি ক্লাউড সংৰক্ষণ, আৰু অটো কেপচন আৰু তৎক্ষণাত আকাৰ সলনি, কোনো ৱাটাৰমাৰ্ক আৰু ডিভাইচসমূহৰ মাজত নিৰৱচ্ছিন্ন ছিংকৰ দৰে উন্নত বৈশিষ্ট্যসমূহো চাবস্ক্ৰিপচনৰ সৈতে উপলব্ধ।
ইংৰাজী, হিন্দী, তামিল, আৰু বাংলা ভাষাত এডবি এক্সপ্ৰেছৰ উপলব্ধতাৰ লগে লগে গ্ৰাহকে সুবিধাজনকভাৱে নিজৰ মাতৃভাষাত বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰিব পাৰিব। এডবি এক্সপ্ৰেছে সকলোৰে বাবে ব্যতিক্ৰমী বিষয়বস্তু উপলব্ধ কৰে, সেয়া উৎসৱৰ গ্ৰিটিং কাৰ্ড, বিয়াৰ নিমন্ত্ৰণী পত্ৰ, স্থানীয় ষ্ট’ৰৰ প্ৰচাৰ, বা হোৱাটছএপ ষ্টেটাছ আপডেটৰ বাবেই হওক।
এয়াৰটেলৰ সৈতে এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বাস্তৱ জগতৰ প্ৰভাৱ
এই অংশীদাৰিত্বৰ সৈতে, সকলো এয়াৰটেলৰ গ্ৰাহকে এতিয়া এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ শক্তিশালী জেনেৰেটিভ AI ক্ষমতাসমূহ দ্ৰুতভাৱে কাম কৰিবলৈ, তেওঁলোকৰ সৃষ্টিৰ মান বৃদ্ধি কৰিবলৈ, আৰু তলত দিয়া ধৰণেৰে ভিৰ কৰা ডিজিটেল স্থানত পৃথকভাৱে উজলাই তুলিব পাৰিব:
• সৃষ্টিকৰ্তা আৰু প্ৰভাৱশালী: সৃষ্টিকৰ্তাসকলে নিমিষতে এনে বিষয়বস্তু প্ৰস্তুত কৰিব পাৰে যিয়ে তেওঁলোকৰ অনন্য পৰিচয় প্ৰতিফলিত কৰে—সাজ-পোছাকৰ পৰা আৰম্ভ কৰি ভাষাৰ সূক্ষ্মতালৈকে—অনলাইন প্ৰকাশক পুনৰ গঢ় দিব পাৰে। ব্যৱহাৰ কৰাত সহজ ভিডিঅ’ সম্পাদনা সঁজুলি আৰু AI ইফেক্টসমূহে ভাইৰেল-প্ৰস্তুত বিষয়বস্তু সৃষ্টি কৰাটো অনায়াসে কৰি তোলে, ৰিলৰ পৰা ইউটিউব থাম্বনেইললৈকে।
• গ্ৰাহক: এডবি এক্সপ্ৰেছে মানুহক পেছাদাৰী ডিজাইনৰ বৃহৎ লাইব্ৰেৰীৰ জৰিয়তে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সহজে সংযোগ স্থাপন কৰি উৎসৱ উদযাপন, শুভ ৰাতিপুৱা কামনা বা ব্যক্তিগতকৃত আমন্ত্ৰণ প্ৰেৰণৰ সুবিধা প্ৰদান কৰে।
• ছাত্ৰ-ছাত্ৰী: ডিজিটেল যোগাযোগৰ দৰে অত্যাৱশ্যকীয় দক্ষতা বিকাশ কৰাৰ লগতে প্ৰকল্প, গতিশীল উপস্থাপন আৰু পৰ্টফলিঅ’ গঢ়ি তোলা।
• ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগী: নিজৰ ব্যৱসায় বা ব্ৰেণ্ড গঢ়ি তুলিব বিচৰা যিকোনো ব্যক্তিয়ে ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন, বিপণন পোষ্টাৰ, কিউ আৰ ক’ড, ল’গ’ আৰু বহুতো ডিজাইন কৰিব পাৰে—মিনিটৰ ভিতৰতে—সময় আৰু খৰচ ৰাহি কৰিব পাৰে।
• বজাৰকৰ্তা: বিজ্ঞাপনদাতা আৰু বজাৰকৰ্তাসকলে তেওঁলোকৰ প্ৰামাণিক পৰিচয়, পৰম্পৰা আৰু পৰিৱেশ প্ৰতিফলিত কৰা অন-ব্ৰেণ্ড ভিজুৱেল আৰু অভিযান প্ৰস্তুত কৰিব পাৰে—জেনেৰিক টেমপ্লেটৰ দ্বাৰা সৃষ্টি কৰা একেতাৰ সাগৰৰ বাহিৰলৈ গৈ।
*গ্ৰাহকৰ সুবিধা নিৰ্দিষ্ট ভিত্তি বৰ্তমান চাবস্ক্ৰিপচন, ১ বছৰৰ বাবে বৈধ। নিয়ম আৰু চৰ্ত্যাৱলী প্ৰযোজ্য
আজি শেষকৃত্য সম্পন্ন হ’ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ।(Ajit Pawar)
বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত শেষকৃত্য সম্পন্ন হ’ব অজিত পাৱাৰৰ।
উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।
বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়।
বাৰামতীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখন।
দুৰ্ঘটনাত মৃত্যু NCP নেতা অজিত পাৱাৰ।
বিমানখনত আছিল অজিত পাৱাৰকে ধৰি মুঠ ৬ গৰাকী লোক।
অজিত পাৱাৰসহ ৬ জন লোক নিহত হয় এই বিমান দুৰ্ঘটনাত।
নিৰ্বাচনী প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাৰামতীলৈ গৈছিল অজিত পাৱাৰ।
মহাৰাষ্ট্ৰৰ পৰা বাৰামতীত গৈ থকা অৱস্থাত বাৰামতীত অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ বিমান দুৰ্ঘটনা।
আগন্তুক ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নগাঁও জিলাৰ নৱগঠিত নগাঁও-বটদ্ৰৱা সমষ্টি আৰু একমাত্ৰ হিন্দু জনজাতিৰে ভৰপুৰ বঢ়মপুৰ সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱাই পুনৰ বাৰ প্ৰাৰ্থীত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে আৱেদন পত্ৰ জমা দিয়ে ৷
তেওঁক সহযোগিতা আগবঢ়াই যুৱ নেতা ড°অসীম কুমাৰ দাসৰ লগতে নগাঁও জিলা কংগ্ৰেছ দলৰ বিষয়ববীয়া,মহিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু যুৱ কংগ্ৰেছৰ সদস্য সকলে ৷
আজি আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।(Amit Shah)
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
নিশা ৯ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী।
ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।
কাইলৈ পুৱা ডিব্ৰুগড়ত আধাৰশিলা স্থাপন কৰিব অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ।
ধেমাজিত ভাগ ল’ব মিছিং সাংস্কৃতিক মহোৎসৱত।
সন্ধিয়া গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বৈঠক।
অসমৰ ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা দৃঢ় পদক্ষেপক আদৰণি জনাইছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই। দেওবাৰে শিৱসাগৰ জিলাত আয়োজিত এখন সংবাদ মেলত তেওঁ এই মত প্ৰকাশ কৰে। সংবাদমেলত চিতু বৰুৱাই কয় যে অসমক বাংলাদেশ, পাকিস্তানৰ দৰে হ’বলৈ দিব নোৱাৰোঁ। যদি সময় মতে অসমৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰি আৰু ভোটাৰ তালিকাৰ পৰা মিঞাৰ নাম কৰ্তন কৰা নাযায়, তেন্তে অসমীয়া জাতিটোৰ ভৱিষ্যৎ অন্ধকাৰময় হ’ব। সংবাদ মেলত তেওঁ স্পষ্ট ভাষাত কয় যে জাতীয় সংগ্ৰামী সেনা অসমৰ দাবী হৈছে এখন অবৈধ সন্দেহযুক্ত নাগৰিক মুক্ত আৰু বাংলাদেশী মিঞা মুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা।
এই দাবীক কেন্দ্ৰ কৰি সংগঠনটোৱে পূৰ্বেও ৰাজহুৱা মঞ্চত নিজৰ মত প্ৰকাশ কৰি আহিছে। লগতে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিক মিঞাৰ নাম কৰ্তন কৰাৰ ক্ষেত্ৰত যি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া ৰাজ্যখনৰ অখণ্ডতা আৰু সামগ্ৰিক সমন্বয় ৰক্ষাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতি সংৰক্ষণ, ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষা আৰু বিশেষকৈ অসমীয়া নাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত শলাগ ল’ব লগীয়া বুলি চিতু বৰুৱাই মন্তব্য কৰে। সংবাদ মেলত জাতীয় সংগ্ৰামী সেনা অসমে আগন্তুক দিনতো এই বিষয়ত সচেতনতা বৃদ্ধি আৰু প্ৰশাসনিক ব্যৱস্থাক সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে।
ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ মাজত আৰু মাথো দুটা মাহ বাকী থকা সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাব ধৰিছে ৰাজনৈতিক তৎপৰতা | যোৰহাট জিলাটো দিনক দিনে বৃদ্ধি পাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা সকলৰ কুচকাবাজ | এই কুচকাবাজৰ মাজতে যোৰহাটবাসীয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে জনপ্ৰতিনিধি এজন কেনেকুৱা হ’ব লাগে অথবা বৰ্তমানৰ জনপ্ৰতিনিধিৰ ভুমিকা আৰু দক্ষতা | বৰ্তমানৰ যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যক আলোচনাৰ মুল বিষয় হিচাপে লৈছে ৰাইজে | উক্ত সাক্ষাৎকাৰত পৰোক্ষ ভাৱে বিধায়ক জনে তেওঁৰ কাম কৰিবলৈ থাকি যোৱা বুলি স্বীকাৰ কৰা পৰিলক্ষিত হৈছিল | বিধায়ক গোস্বামীয়ে পূৰ্বে নিৰ্বাচন নেখেলে বুলি মন্তব্য কৰিছিল আৰু নৱ প্ৰজন্মক সুযোগ দিব লাগে বুলি কৈছিল | কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁ স্পষ্ট মন্তব্য কৰিছিল যে সমষ্টিটোৰ বাবে তেওঁৰ বহু কৰিব লগীয়া কাম আছে সেয়ে তেওঁ আগন্তুক নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দীতা আগবঢ়াব | আনহাতে যোৰহাট বিধান সভা সমষ্টিত বিজেপি দলৰ সিদ্ধাংকু অংকুৰ বৰুৱা, কংগ্ৰেছ দলৰ যুৱ নেতা কৃশানু বৰুৱা প্ৰাৰ্থীত্বৰ দাবীদাৰ |

এনে সময়ত এতিয়া যোৰহাট সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰীক এক সংঘাটৰ সৃষ্টি হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি | যদি হিতেন গোস্বামীৰ ৫ বছৰীয়া কাৰ্য্যকাল চোৱা হয় তেন্তে যোৰহাট সমষ্টিৰ ভিতৰত যি সমৃহ উন্নয়ন মুলক কাম হৈছে সকলো বোৰ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে ৰূপায়ন কৰিছে | সেয়েহে বিধায়ক জনে নিজাববীয়াকৈ কোনো উন্নয়ন মুলক আচনি আৰম্ভ কৰিব নোৱাৰিলে | বিধায়ক জনে সততে উন্নয়নৰ কথা কয় যদিও প্ৰকৃততে কিমান আছনি ৰূপায়ন কৰিলে তাক লৈ আলোচনা কৰিছে | ইয়াৰোপৰি সাধাৰণ ৰাইজৰ পৰা এক দূৰত্ব বজাই ৰখা বিধায়ক বুলি সৰ্মজন বিদিত হিতেন্দ্ৰ নাথ গোস্বামীৰ ৫ বছৰীয়া কাৰ্য্যকালৰ হিচাপ লবলৈও সাজু হৈছে ভোটাৰ সকল | আনহাতে নিজৰ দক্ষতা আৰু জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে বিজেপি দলৰ যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা | বৰুৱাই যোৰহাট সমষ্টত ইতিমধ্যে ঘৰ ঘৰে গৈ নিজৰ স্থিতি সৱল কৰিবলৈ কাম কৰি থক পৰিলক্ষিত হৈছে | ইতিমধ্যে ৫ টা কাৰ্য্যকাল যোৰহাট বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বৰ্তমন বিধাষক জনক প্ৰাৰ্থীত্ব প্ৰত্যাৰৰৰ দাবী তুলিছে সাধাৰণ ৰাইজে | সমান্তৰালভাৱে যোৰহাটৰ ৰাজনীতিত দেখা পোৱা গৈছে বিৰোধী দলৰ এজন যুৱ নেতা কৃশানু বৰুৱাক | কেৱল নিৰ্বাচনৰ সময়ত নহয় বিগত ৪ বছৰ ধৰি ৰাইজৰ কাষত থাকি নীৰৱে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি অহা কৃশানুৰ নামটো উচ্চাৰিত হৈছে যোৰহাটবাসীৰ মুখত | যোৰহাট সমষ্টিত যিহেতু আন ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি ইমান বেছি সুদৃঢ় নহয় সেয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি দুটা দলৰ মাজতেই হ’ব অস্তিত্ব ৰক্ষাৰ যুজ খন | লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পক্ষত জনাদেশ আছিল যদিও তাৰ পিছতে অনুস্থিত হোৱা পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খাইছিল কংগ্ৰেছ দলে | গতিকে আগন্তুক নিৰ্বাচনত দুয়োটা দলে সকলো দিশ চালিজাৰি চাই প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেয়া নিশ্চিত |
