Home Blog Page 480

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?
Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে।

১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব হাতী চাফাৰী। ইতিমধ্যে কাজিৰঙাত ভীৰ কৰিছে বিদেশী পৰ্য্যটকে।যোৱাটো পৰ্যটন বৰ্ষত কাজিৰঙাই পৰ্যটকৰ পৰা আয় কৰিছিল আঠ কোটিৰো অধিক টকা(50th Anniversary)।

এনে পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলক লৈ মানুহৰ মাজত সৃষ্টি হৈছে কিছু সন্দেহ আৰু সংশয়। ১৯০৫ চনত কাজিৰঙা সংৰক্ষণৰ ইতিহাস(International standard hospital) আৰম্ভ হোৱাৰে পৰা ১২০ বছৰ গৰকীলে কাজিৰঙাই।

১৯০৪ চনত কলিকতাৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনে কাজিৰঙাত এটা খড়্গ থকা গঁড়(Indian Rhinoceros and Tiger Reserve) আছে বুলি জানি চাবলৈ আহিছিল।হাতীত উঠাই গঁড় দেখুৱাবলৈ নিছিল তেতিয়াৰ কাজৰঙাৰ হাতী মাউট নিগনা চিকাৰীয়ে।ভাল নাম বলোৰামৰ হাজৰিকাই।

কিন্তু এটাও গঁড় দেখা নেপালে লেডীগৰাকীৰয়ে। কিন্তু নিগনা চিকাৰীৰ পৰা গম পাইছিল কাজিৰঙাৰ গঁড় সম্বন্ধে বিশেষ তথ্য। ঘূৰি গৈ গঁড় সংৰক্ষণৰ বাবে আহ্বান জনাইছিল লৰ্ড কাৰ্জনক। অৱশেষত পত্নীৰ কথা মতেই ১৯০৫ চনৰ ১ জুনত ২৩২ বৰ্গ কিলোমিটাৰ সামৰি “প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল” ঘোষণা কৰে।

এইদৰে সংৰক্ষণৰ ইতিহাস আৰম্ভ কৰি ১৯০৮ চনত “সংৰক্ষিত বনাঞ্চল”, ১৯১৬ চনৰ ১০ নৱেম্বৰত “প্ৰমোদ উদ্যান”,১৯৩৮ চনত পৰ্যটকৰ বাবে মুকলি,১৯৫০ চনত “বন্যপ্ৰানী অভয়াৰণ্য” ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি কাজিৰঙাক “ৰাষ্ট্ৰীয় উদ্যান” মৰ্যাদা দিয়া হয়।

ঠিক এবছৰৰ পিছতে ইউনেস্কোৱে কাজিৰঙাক “বিশ্ব ঐতিহ্য ক্ষেত্ৰ”ৰ সন্মান প্ৰদান কৰে। ইতিপূৰ্বে কাজিৰঙাৰ শতবৰ্ষ ২০০৫ চনত উদ্যান কৰ্তৃপক্ষই পালন কৰিলে। ইফালে যোৱা ১১ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল।এই লৈ এতিয়া কাজিৰঙাক ভালপোৱা প্ৰকৃতিপ্ৰেমী সকলৰ মাজত চলিছে চৰ্চা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫০ বৰ্ষপূৰ্তিও সম্পন্ন হৈছ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে চিহ্নিত হোৱা, ৰাষ্ট্ৰীয় উদ্যান মৰ্যাদা পোৱা, সংৰক্ষণ ইতিহাসৰ ১২০ বছৰ অতিক্ৰম কৰা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আছেনে প্ৰয়োজনীয় আন্ত গাঁঠনি।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫০ তম বৰ্ষৰ সময়ত স্বাভাবিকতে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত উদ্বেগ ঘটিছে একাধিক প্ৰশ্নৰ। কাজিৰঙাৰ নিৰাপত্তাত নিয়োজিত বনৰক্ষী বনপালক সকল সততে বন্যপ্ৰাণীৰ আক্ৰমনৰ বলি হয়।

প্ৰয়োজন হয় তাৎক্ষণিক জৰুৰী চিকিৎসাৰ। সকলোৱে জানে,অসমৰ চাহ বাগিছা সমূহতো নিজাকৈ একোখন চিকিসালয় আছে। ব্যক্তিগত খণ্ডই হওক কিম্বা ৰাজহুৱা খণ্ডৰে হওক সকলো বৃহৎ উদ্যোগত আছে নিজা চিকিৎসালয়। কিন্তু ১২০ বছৰীয়া ইতিহাস গৰকা কাজিৰঙাত আজিও নহ’ল উদ্যানৰ নামত এখন সকলো সুবিধা থকা নিজা চিকিৎসালয়।বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয় আৰু কহঁৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ প্ৰাথমিক চিকিৎসালয়ৰ বাহিৰে নাই কোনো বিকল্প।

এই দুয়োখন চিকিৎসালয়ে বন্যপ্ৰাণীৰ আক্ৰমনৰ আহত সকলক মাত্ৰ ৰেফাৰহে কৰিব পাৰে। নিজা উন্নত চিকিৎসালয় নথকাৰ বাবেই এনে দৰে আহত ৰোগী অথবা পৰ্যটক মৃত্যুৰ মুখত পৰা উদাহৰণ আছে। বনকৰ্মী সকলৰ বাবে আৰু বন্যপ্ৰাণী আক্ৰমণত আহতজনৰ বাবে তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা কৰ্তৃপক্ষ আৰু চৰকাৰ কিয় নীৰৱ সিও চিন্তনীয় বিষয়৷

কিন্তু কাজিৰঙাৰ বনৰক্ষী, মাউত, তেওঁলোকৰ পৰিয়ালৰ বাবে আৰু দাঁতিকাষৰীয়া মানুহৰ বাবে এখন অত্যাধুনিক হস্পিতাল খুলিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷কাজিৰঙাক অৱলম্বন ৰূপে লৈ বিশ্বৰ বিভিন্ন এনজিঅ বৰ্তি আছে। এনে এনজিঅসমূহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰে উন্নত চিকিৎসালয় এখন লাগে বুলি কেতিয়াও আহ্বান জনাৱাৰ কোনো উদাহৰণ নায়।

অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰেও এনেবোৰ কথাত গুৰুত্ব দিয়া দেখা নাই।দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আহি কাজিৰঙা দৰ্শন কৰিলে। কিন্তু এখন চিকিৎসালয়ৰ প্ৰয়োজনীয়তাৰ স্পৰ্শকাতৰ আৰু মৌলিক প্ৰয়োজনৰ কথাটো অসম চৰকাৰ অথৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কিয় দৃষ্টিগোচৰ নকৰিলে সিয়ো চিন্তনীয়। হয়তো এইবোৰ সৰু সৰু মানুহৰ বিপদ।

যোৱা কেইটামান দিনত কেইবাগৰাকীও বন কৰ্মী আৰু সাধাৰণ লোক কাজিৰঙাৰ বন্যপ্ৰানীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আৰু নিহত হৈছে। ইফালে কাজিৰঙাৰ দাঁতি-কাষৰীয়া লোক বা পোহনীয়া জন্তু বন্য প্ৰাণীৰ দ্বাৰা আহত অথবা নিহত হ’লে দিব লগা উপযুক্ত ক্ষতিপূৰণ প্ৰসংগটো অসমত আজিও গুৰুত্বহীন কৰি ৰখা হৈছেনেকি, সিও প্ৰশ্নৰ বিষয়।

বন্যপ্ৰাণীৰ আক্ৰমণত আহত বা নিহত পশুধন, আক্ৰান্ত ব্যক্তি,কৃষি পথাৰ আদিৰ বাবে কাজিৰঙা বন বিভাগৰ হেনো কোনো নীতি নাই৷ নীতি নাই বাবেই পুঁজিও নাই৷ তাহানিতে বৃটিছে বনোৱা বন আইন এতিয়া সলনি কৰাৰ সময় আহি পৰিল৷ পূৰ্বৰ তুলনাত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত বাঢ়িছে৷

অসম চৰকাৰ আৰু স্থানীয় প্ৰতিনিধিয়ে কাজিৰঙাৰ এই বহুদিনীয়া সমস্যাটোৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’বনে, সিও প্ৰশ্নৰ বিষয়।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আন এটা সমস্যা হ’ল- কেজুৱেল কৰ্মীৰ সমস্যা৷ প্ৰায় সত্তৰ শতাংশ মাউত, ঘাঁচী আদি কেজুৱেল৷

আন আন বহুতো কেজুৱেল বনকৰ্মী আছে৷ এওঁলোকে নিজৰ জীৱন, ভৱিষ্যত, পৰিয়ালক অদৃষ্টৰ হাতত বন্ধকতথৈ উদ্যানত সেৱা আগবঢ়াই আছে। তাৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান থকাৰ বাবেই পৰিৱেশ স্পৰ্শকাতৰ অঞ্চল, নুমলীগড় শোধনাগাৰৰ বাবে উদ্যোগ ৰহিত অঞ্চল ৰূপে চিহ্নিত হোৱা বোকাখাতক লৈয়ো উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰৰ নাই কোনো বিশেষ উদ্যোগ।

এটা বন গৱেষণা কেন্দ্ৰ, ইণ্ডিয়ান ফৰেষ্ট ইঞ্চটিটিউটৰ দৰে অনুষ্ঠানত প্ৰতিষ্ঠাৰ কথাও কোনো দিন শুনা নাই। কাজিৰঙাৰ গাতে লাগি থকা বোকাখাত নগৰক পৰ্যটক নগৰ হিচাপে গঢ়ি তুলিবলৈ বোকাখাত বাসীয়ে ৫০ বছৰ ধৰি দাবী কৰি আহিছে যদিও,আজি পৰ্যন্ত নল’লে কোনো ব্যৱস্থা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৌৰৱ উজ্জ্বল ৫০ বছৰ অতিক্ৰম কৰিলে।

সেইদিনা উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰে কেৱল শুভেচ্ছা দিয়েই সামৰিলে কাৰ্যসূচী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৌলিক সমস্যা সমূ্হৰ বিষয়ে কোনো আলোচনাই নহ’ল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ৰাইজৰ সমস্যা সম্পৰ্কে কোনো সদিচ্ছা নাই কৰ্তৃপক্ষ অথবা চৰকাৰৰ।
লেখকঃ বুবুল দত্ত

Police Station: শিৱসাগৰত ‘আৰক্ষী চকী’ৰ‌ মঞ্চায়ন

Police Station: শিৱসাগৰত 'আৰক্ষী চকী'ৰ‌ মঞ্চায়ন
Police Station: শিৱসাগৰত 'আৰক্ষী চকী'ৰ‌ মঞ্চায়ন

গুৱাহাটী, ৩১ অক্টোবৰঃ ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰৰ সামাজিক অনুষ্ঠান “শিৱসাগৰ যুৱ দল”ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অলপতে বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক “আৰক্ষী চকী”(Police Station) সফলতাৰে মঞ্চায়ন কৰা হয়।

অসম সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ সমালোচক লেখক ড০ জ্যোতিপ্ৰসাদ শইকীয়াই যুৱদল প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে এই নাট খনিৰ শুভ উদ্বোধন কৰে(Shivsagar Youth Team)।

উদ্ধোধনী অনুষ্ঠানত যুৱদলৰ সভাপতি পূৰ্ণ কান্ত বৰা, সম্পাদক অৰ্ণৱ চাংমাই, উপদেষ্টা শিক্ষাবিদ কাৰ্তিক দত্ত, সদস্য বিমান শেনচোৱা, কল্যাণী বৰুৱা উপস্থিত থাকে।

“আৰক্ষী চকী” নাটকখনত সাম্প্ৰতিক সময়ৰ কিছুমান বাস্তৱ আৰু সমাজত সঘনে ঘটি থকা সৰু সৰু আমোদজনক আৰু সমান্তৰালকৈ চিন্তা উদ্ৰেককাৰী ঘটনা পৰিঘটনাকে নাট্য ৰূপত উপস্থাপন কৰা হৈছিল(Siva temple)।

আমাৰ প্ৰান্তীয় কোনো ঠাইৰ এখন আৰক্ষী চকীত কি দৰে অচি গোহাঁই দৰে আৰক্ষী বিষয়াই নিজৰ কৰ্ম দক্ষতাৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰৰ দৰে এজন সমাজৰ সভ্য‌-গব্য মুখা পিন্ধা ভন্দ ভদ্ৰ ব্যক্তিৰ(Rangpur) মুখা খুলি তেখেতৰ যি বিদ্যালয়ৰ সম্পত্তি আত্মসাৎ কৰাৰ কথা আছিল আৰু তেখেতৰ সেই সপোন অচি গোহাঁইয়ে সফল হ’বলৈ নিদিলে, আৰু তেখেতৰ ওপৰত উচিৎ আইনী ব্যৱস্থা গ্ৰহণ কৰে।

সৰ্ব সাধাৰণৰ মানুহৰ মাজত আৰক্ষী আৰু সাধাৰণ লোকৰ মাজৰ দূৰত্ব কমাই অনাৰ এক সুন্দৰ পৰিবেশ গঢ়ি তোলাৰ যি পদক্ষেপ গ্ৰহণ কৰে সেয়া সঁচাই শলাগনীয় আৰু দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হয়(Northeast Frontier Railways)।

অ চি গোহাঁইৰ চৰিত্ৰ অভিনয় কৰা অভিনেতা ৰিপুঞ্জীত হাজৰিকাৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। লগতে গগৈ কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰা সুদক্ষ অভিনেতা দেৱব্ৰত বৰঠাকুৰ আৰু নাথ কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গৌতম দত্ত ফুকনৰ খুহুতীয়া অভিনয়ে দশকৰ মুখত হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হয়, গভীৰ বিষয় হাস্যমধুৰভাৱে উপস্থাপন কৰাৰ বাবে নাট্যকাৰে কৰা পৰিকল্পনা অভিনেতা গৌতম দত্ত ফুকনৰ বলিষ্ঠ অভিনয়ত সুন্দৰ ভাৱে ফুতি উঠে।

এই নাটক খনত লগতে অভিনয় কৰে অসমৰ ভ্ৰাম্যমাণ জগতৰ অন্যতম জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ বেজবৰুৱাই আৰু প্ৰধান শিক্ষকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত সাজ বহুৱাবলৈ সক্ষম হয় সুদক্ষ অভিনেতা ড° মণি পাঠকে।

এসময়ত চাউণ্ড এণ্ড কমেডীৰ যোগেদি অসমত খলকনিৰ সৃষ্টি কৰা বলিষ্ঠ অভিনেতা জীৱন দেয়ে ফুলকোঁৱৰৰ চৰিত্ৰ অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।

অভিনেতা জীৱন দেৰ সুন্দৰ সংলাপ নিক্ষেপনে দৰ্শকৰ জাওৰিয়ে জাওৰিয়ে হাত চাপৰি লাভ কৰিবলৈ সক্ষম হয়। নাটক খনত অভিনয় কৰা বিশিষ্ট অভিনেতা সকল হ’ল অনুপ ভট্টাচাৰ্য্য, হেম বৰুৱা, হেমন্ত ভূঞা, ড° প্ৰদীপ গগৈ, বন্দনা শইকীয়া আৰু যদুমণি বড়াৰ অভিনয় শলাগীব লগীয়া আছিল।

নাট্য শিল্পী অভিনৱ দেৱ কাশ্যপ আৰু ফৰিদ আখতাৰ খানৰ মঞ্চ সজ্জা, কলা নিৰ্দেশনা আৰু আৱহ সংগীত তথা শ্যামল ৰাজগুৰু, ৰূপ পাল, অম্বৰীশ শৰ্মা, দীপ দত্ত, হিমাংশু ভাগৱতী আৰু প্ৰসন্ন বৰঠাকুৰৰ বিশেষ কাৰিকৰী সহযোগিতাই নাটখনক এক নতুন শৈল্পিক মাত্ৰা প্ৰদান কৰে।

PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’

PM Modi's UCC Pitch On Unity Day: 'India Moving Towards One Nation, One Secular Civil Code'
PM Modi's UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’

একতা নগৰ(গুজৰাট), ৩১ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইউনিফৰ্ম চিভিল কোড (UCC)ৰ পক্ষত দৃঢ় সমৰ্থন আগবঢ়াই কয় যে, চৰকাৰে ভাৰতত ‘এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা’ ৰূপায়ণৰ প্ৰচেষ্টা চলাই আহিছে, যি পদক্ষেপে দেশখনক “শক্তিশালী” কৰিব(PM Modi’s UCC Pitch On Unity Day) ।

ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘আজি আমি সকলোৱে ৱান নেচন আইডেন্টিটি – আধাৰৰ সফলতা দেখিবলৈ পাইছো আৰু বিশ্বইও ইয়াৰ ওপৰত আলোচনা কৰি আছে। আগতে ভাৰতত বিভিন্ন কৰ ব্যৱস্থা আছিল, কিন্তু আমি সৃষ্টি কৰিছিলো One Nation One Tax System – GST। আমি One Nation One Power Gridৰ জৰিয়তে দেশৰ শক্তি খণ্ডক শক্তিশালী কৰিলোঁ। One Nation One Ration Cardৰ জৰিয়তে দৰিদ্ৰ লোকৰ বাবে উপলব্ধ সুবিধাসমূহ একত্ৰিত কৰিলোঁ। আমি আয়ুষ্মান ভাৰতৰ ৰূপত দেশবাসীক One Nation One Health Insuranceৰ সুবিধা প্ৰদান কৰিছো।’

তেওঁ লগতে কয়, ‘একতাৰ বাবে আমাৰ এই প্ৰচেষ্টাসমূহৰ অধীনত আমি এতিয়া ৱান নেচন ৱান ইলেকচনৰ(One Nation One Election) দিশত কাম কৰি আছো, যিয়ে ভাৰতৰ গণতন্ত্ৰক শক্তিশালী কৰিব, যিয়ে ভাৰতৰ সম্পদৰ অনুকূল ফলাফল দিব আৰু উন্নত ভাৰতৰ সপোন পূৰণৰ ক্ষেত্ৰত দেশখনে এক নতুন গতি লাভ কৰিব। আজি ভাৰতে ৱান নেচন ৱান চিভিল কোডৰ(One Nation One Civil Code) দিশে আগবাঢ়িছে যিটো চেকুলাৰ চিভিল কোড।’

ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ ভিতৰৰ আৰু বাহিৰত একাংশ শক্তিয়ে দেশখনক অস্থিৰ কৰি তুলিবলৈ আৰু অৰাজকতা বিয়পাই বিশ্বত ৰাষ্ট্ৰখনৰ প্ৰতি নেতিবাচক ভাবমূৰ্তি গঢ়ি তুলিবলৈ চেষ্টা চলাই আহিছে। তেওঁ দেশখন থানবান কৰিবলৈ চেষ্টা কৰা “নগৰীয়া নক্সাল”ৰ এই নেক্সছটোক চিনাক্ত কৰিবলৈকো দেশবাসীক আহ্বান জনায়।

ভাৰতৰ একত্ৰীকৰণক লৈ লোকসকলৰ মাজত সন্দেহ আছিল যদিও চৰ্দাৰ পেটেলে ইয়াক সম্ভৱ কৰি তুলিলে বুলি উল্লেখ কৰি মোদীয়ে কয় যে দেশখনে আগন্তুক দুবছৰৰ বাবে পেটেলৰ ১৫০তম জন্ম জয়ন্তী উদযাপন কৰিব।

বিগত ১০ বছৰত চৰকাৰৰ প্ৰচেষ্টাৰ বাবে ভাৰতত নক্সালবাদে শেষ নিশ্বাস গণিছে বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয়,‘৭০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ ওপৰত শপত গ্ৰহণ কৰিছে।’

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোদীয়ে একতা দিৱসৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি দিৱসৰ পেৰেডৰো অভিবাদন গ্ৰহণ কৰে । দিৱস উপলক্ষে আয়োজিত এই পেৰেডত ভাগ লৈছিল দেশৰ ৯খন ৰাজ্যৰ পৰা অহা ১৬টা মাৰ্চিং কনটিঞ্জেণ্ট, এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীৰ দল, চাৰিটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ দল, এনচিচি, আৰু এটা বেণ্ডে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে এটা টুইটযোগে লিখিলে, ‘ভাৰত ৰত্ন চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। ৰাষ্ট্ৰৰ ঐক্য আৰু সাৰ্বভৌমত্ব সংৰক্ষণ তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আছিল। তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মই আমাৰ দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।’

Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন

Rajnath Singh Celebrates Diwali with Indian Armed Forces in Tezpur, Lauds Soldiers’ Courage and Dedication
Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন

তেজপুৰ, ৩০ অক্টোবৰ: কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত ৪ৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰে(Rajnath Singh Celebrates Diwali)। এই উপলক্ষে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰী, ৪ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিঙকে ধৰি ভাৰতীয় সেনাৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ।

দীপাৱালী উদযাপন উপলক্ষ্যে আয়োজিত বৰাখানাৰ সময়ত উপস্থিত থকা জোৱানসকলক সম্বোধন কৰি ৰাজনাথ সিঙে(Defense Minister Rajnath Singh) ভাৰত আৰু চীনৰ মাজত শেহতীয়া কূটনৈতিক অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে । যাৰ উদ্দেশ্য হৈছে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Line of Actual Control) স্থিৰতা পুনৰ ঘূৰাই অনা। তেওঁ কয়, “ভাৰত আৰু চীনে এল এ চিৰ কাষৰীয়া নিৰ্দিষ্ট অঞ্চলসমূহত সংঘাতৰ সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক আলোচনাত মিলিত হৈছে। আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছত আমি এক সহমতত উপনীত হৈছো যিয়ে শান্তিৰ পথ প্ৰশস্ত কৰিছে । এই সফলতা আপোনালোকৰ অনুশাসন আৰু সাহসৰ প্ৰমাণ।”

ভাৰতৰ চুবুৰীয়া দেশৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পর্ক বজাই ৰখাৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ উদ্ধৃতি দি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয়, ‘আমি আমাৰ বন্ধুক সলনি কৰিব পাৰো, কিন্তু আমাৰ ওচৰ-চুবুৰীয়াক নহয় ” তেওঁ পুনৰ কয় যে যদিও শান্তিপূৰ্ণ সম্পৰ্ক হৈছে পছন্দৰ পথ, তথাপিও চৰকাৰ সতৰ্ক হৈ আছে আৰু প্ৰয়োজন হ’লেই সীমান্তৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

সেনাবাহিনীৰ অদম্য মনোভাৱ আৰু অটল প্ৰতিশ্ৰুতিৰ কথা স্বীকাৰ কৰি ৰাজনাথ সিঙে তেওঁলোকক দেশৰ যুৱপ্ৰজন্মৰ বাবে প্ৰেৰণা বুলি উল্লেখ কৰে। তেওঁ মন্তব্য কৰে যে অতুলনীয় সাহস আৰু নিষ্ঠাৰে সেৱা আগবঢ়োৱা আমাৰ সৈনিকসকলৰ ওচৰত আমাৰ দেশ সদায় ঋণী হৈ থাকিব।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই অগ্ৰগতিৰ কাৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্ব বুলি উল্লেখ কৰি বিশ্বৰ মঞ্চত দেশৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ সশস্ত্ৰ বাহিনীৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত আলোকপাত কৰে। গতিশীল বিশ্ব নিৰাপত্তাৰ পৰিৱেশৰ মাজতে জোৱানসকলক সজাগ আৰু যিকোনো ভাবুকিৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনায়।

তদুপৰি পদবীৰ ভিতৰত সৌহাৰ্দ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ বৰাখানাৰ ধাৰণাটোক প্ৰশংসা কৰি কয়, “বৰাখানাই দেখুৱাইছে যে আমি কেৱল আমাৰ চৰকাৰী উপাধিতকৈও অধিক; আমি ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিত একত্ৰিত হোৱা এটা পৰিয়াল।”

পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ ওপৰিও ৰাজনাথ সিঙে সৈন্যবাহিনীৰ অপাৰেচনেল প্রস্তুতি সন্দৰ্ভত এক বিস্তৃত পৰ্যালোচনাও চলায় । তেওঁ এল এ চিৰ লগত সংলগ্ন অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু কাৰ্য্যকৰী দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে উন্নত সামৰিক প্ৰযুক্তিৰ সংহতিৰ বিষয়কলৈও ললে আপডেট । কৰ্পছৰ জোৱানসকলে আগবঢ়োৱা নিষ্ঠা আৰু ব্যতিক্ৰমী সেৱাৰ বাবে প্ৰশংসা কৰি তেওঁ বিশেষকৈ সীমান্ত অঞ্চলত ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক: Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা
Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

গুৱাহাটী, ৩০ অক্টোবৰঃ চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

প্ৰাপ্ত তথ্য লাভ কৰা মতে চিচিবৰগাঁও(Sissiborgaon) তহলদাৰী আৰক্ষী চকীৰ অধীনৰ নিলখ সুন্দৰপুৰ গাঁৱৰ বুদ্ধিমান বৰাৰ পত্নী সবিতা বৰাই যোৱা ৪ অক্টোবৰতা ডিব্ৰুগড়ৰস্থিত(Dibrugarh) অসম মেডিকেল কলেজ হাসপাতালত সন্ধিয়া প্ৰায় ৬ বাজি তেইশ মিনিট এটি নৱজাতক শিশুক জন্ম দিয়ে।

দুৰ্ভাগ্যজনকভাৱে জন্মদাত্ৰী পিতৃ-মাতৃয়ে শিশুটি জন্ম দিয়াৰ কিছু সময়ৰ পাছত মেডিকেলৰ আই চি ইউত এৰি পলায়ন কৰে। ইয়াৰ পাছত ঘটনা খৱৰ লাভ কৰি অনুসন্ধান চলাবলৈ নৱজাতকৰ পিতৃ-মাতৃক ধেমাজি শিশু কল্যাণ বিভাগৰ কাৰ্যালয়ত(Dhemaji Child Welfare Department Office) হাজিৰ হবলৈ নিৰ্দেশ প্ৰদান কৰাত চি ডব্লিউ চিত পিতৃ-মাতৃয়ে মেডিকেলৰ পৰা ঘৰ উভতি অহাৰ বাটত নৱজাতকৰ মৃত্যু হোৱাত ব্ৰহ্মপুত্ৰ নদীত শিশুটিৰ শেষকৃত্য সম্পন্ন কৰা হয় বুলি সাক্ষ্য প্ৰদান কৰে।

বিষয়টো চি ডব্লিউ চিয়ে সন্দেহজনক বুলি গণ্য কৰি নিজাববীয়াকৈ তদন্ত চলোৱাত অৱশেষত সকলো তথ্য পোহৰলৈ আহে যে। চিচিবৰগাঁও তহলদাৰী চকীৰ অধীনৰ নিলখৰ দম্পত্তীয়ে ৩০ হাজাৰ টকাৰ বিনিময়ত জোনাই বেবী পেগু চহৰীয়া নামৰ এগৰাকী মহিলাক বিক্ৰী কৰিছিল নিজ কন্যা শিশুটিক।

অৱশেষত গোপন তথ্যৰ ভিত্তিত অভিযান চলাই চিডব্লিউেয় (CWC) বিক্ৰী কৰা নৱজাতকটিক চিলাপথাৰ জোনাকী নগৰ স্থিত শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।শিশু বিশেষজ্ঞ ৰ বাসগৃহত বিক্ৰী কৰা নৱজাতক উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে নৱজাতক ক্ৰয়-বিক্ৰৰ এক বৃহৎ চক্ৰ।

নৱজাতক পিতৃ-মাতৃৰ বিস্ফোৰক ভাষ্য, পিতৃ-মাতৃৰ আজ্ঞাতে গাঁওৰক্ষী বাহিনীৰ দুই যুৱকে বিক্ৰী কৰিছিল নৱজাতকক। ইফালে মই নিজে কোচত লৈ মেডিকেলৰ এচি ৰুমত ভৰাই থৈ আহিছো কন্যা সন্তানটি নাৰ্চ বাইদেউহতে বহুত হাৰাহাস্তি কৰিলে আমাক পিছত আকৌ লৈ আহি বাটত এগৰাকী মহিলা পালো দি দিলো ভিডিপি পাৰ্টিয়ে কলে এইজনী নি কি কৰিবি, বাটত নিওঁতে মৰি থাকিলে কি কৰিবি দি দে এইকে বুলি পিতৃয়ে সংবাদমাধ্যমত জানিব দিয়ে৷

আনহাতে নাৰ্চে মোক সুধিচিলে মানুহ পালে কেচুৱাটো দি থৈ যাবি নেকি? 500 টকা এটা দিছিল ভাল বস্তু খাবলৈ বুলি মাকে সংবাদমাধ্যমত জানিবলৈ দিয়ে৷ ইতিমধ্যে ধেমাজি শিশু কল্যাণ সমিতিৰ অধ্যক্ষা ৰূপালী ডেকা বৰগোহাঁয়ে সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ চিলাপথাৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

অবৈধভাৱে নৱজাতক বিক্ৰী কৰা ঘটনাত শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ লগতে বেবী পেগু চহৰীয়া, বাবুল বৰা আৰু দিলীপ শইকীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। চিলাপথাৰ আৰক্ষীয়ে এজাহাৰ ভিত্তিত ২০৯/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলোৱাত ধনৰ বিনিময়ত নৱজাতক বিক্ৰী কৰা নিলখ সুন্দৰপুৰ গাওঁৰ পিতৃ-মাতৃৰ সবিতা বৰা, বুদ্ধিমান বৰা আৰু ঘটনাত জড়িত বাবুল বৰা নামৰ লোকজনক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।

অৱশ্যেই চিকিৎসকৰ ঘৰত শিশুটি উদ্ধাৰ হোৱা শিশু বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ লগতে আটক হোৱা নাই দিলীপ শইকীয়া নামৰ আন এজন অভিযুক্ত। যি ঘটাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰত। উল্লেখ্য যে চিলাপথাৰস্থিত এমআৰডি নাৰ্চিং হোমৰ স্বতাধিকাৰী তথা চিলাপথাৰ লাচিত বৰফুকন পথত থকা আৰোগ্য মেডিকেল চেম্বাৰত চিকিৎসা আগবঢ়োৱা

এইগৰাকী ডাঃ চন্দ্ৰজিৎ দলেৰ বিৰুদ্ধে পূৰ্বেও বহু ৰোগীক ভুল চিকিৎসা কৰাৰো বহু অভিযোগ আছে। সমূগ্ৰ ঘটাৰ উচিত তদন্তৰ কৰি দোষীক কঠোৰ শাস্তিৰ বিহাৰ দাবী জনাইছে স্থানীয় দল সংগঠনৰ লগতে সচেতন মহলে। ইফালে ঘটনাত অসম মেডিকেল কলেজ হাসপাতালৰ নাম সাঙুৰ খোৱা বিষয়টো খুবেই দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰি শিশুটিৰ জন্ম অসম মেডিকেল কলেজ হাসপাতালত হৈছিল যদিও পিতৃ-মাতৃয়ে শিশুটি এৰি পলায়ন কৰে।

পিছত মেডিকেল কতৃপক্ষই আৰক্ষীৰ লগতে নৱজাতকটিৰ পিতৃ-মাতৃক খৱৰ দিয়াত কিছু দিনৰ পাছত ভিডিপিৰ লগতে চিডব্লিউচিৰ উপস্থিতিত শিশুটিক পিতৃ-মাতৃক চমজাই দিয়া হৈছে। গতিকে শিশু ক্ৰয় বিক্ৰয়ৰ দৰে কোনো ঘটনা অসম মেডিকেল কলেজ হাসপাতালৰ ভিতৰত সংঘটিত হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঁঞাই।

চিলাপথাৰত শিশু বিক্ৰীৰ লগত জড়িত ৪ জনক জেল হাজোতলৈ প্ৰেৰণঃ পলাতক অৱস্থাতে অগ্ৰীম জামিন বিছাৰি হাহাঁকাৰ চিকিৎসকৰ আৰু নৱজাতক ক্ৰয় কৰা স্বামী-স্ত্ৰীৰ

ধেমাজিৰ চিলাপথাৰত নৱজাতক ক্ৰয়-বিক্ৰয়ৰ ভয়ংকৰ কাণ্ডৰ নতুন মুৰ। সংবাদমাধ্যমৰ আগত চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ কু-কাণ্ডৰ কথা ফাদিল কৰিলে এজন প্ৰত্যক্ষদৰ্শীয়ে। ডিব্ৰুগড় এ এম চি এইচৰ চৌহদতে বিক্ৰী কৰা হৈছিল নৱজাতকটিক বুলি ভাষ্য প্ৰদান কৰিলে আৰক্ষীৰ দ্বাৰা প্ৰেৰণ নিলখ কৈলাশপুৰৰ দিলীপ শইকীয়া নামৰ ব্যক্তিজনে।

ডিব্ৰুগড় এএমচিএইচত কৰ্মৰত এগৰাকী নাৰ্ছেই শিশুটি বিক্ৰী কৰিবলৈ যোগাযোগ কৰাই দিছিল চিলাপথাৰৰ প্ৰভাবশালী চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলে আৰু জোনাইৰ বেবী পেগু চহৰীয়াৰ সৈতে। শিশু বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ পত্নীৰ জ্যেষ্ঠ ভগ্নী আছিল বেবী পেগু চহৰীয়া। চিকিৎসক ডাঃ দলে আৰু নৱজাতক ক্ৰয় কৰা বেবী পেগু চহৰীয়াৰ আত্মীয় আছিল সেইগৰাকী নাৰ্ছ।

ধেমাজি নিলখ সুন্দৰপুৰ গাওঁৰ সবিতা বৰা আৰু বুদ্ধিমান বৰাৰ পূৰ্বে চাৰিটি সন্তান থকাৰ বাবেই পঞ্চমটি সন্তানক বিক্ৰী কৰিছিল নাৰ্ছ আৰু গাওঁৰক্ষী বাহিনীৰ সদস্য বুবুল বৰাৰ সহযোগত।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত ধেমাজি CWC ৰ অধ্যক্ষাই দাখিল কৰা এজাহাৰ ভিত্তিত চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ 61(2)143(4)BNS R /W SEC 75/81 juvenile justice care and Protection ধাৰাৰ অন্তৰ্গত ২০৯/২০২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি নৱজাতকৰ পিতৃ বুদ্ধিমান বৰা,মাতৃ সবিতা বৰা আৰু গাওঁৰক্ষী বাহিনীৰ সদস্য বুবুল বৰাৰ লগতে প্ৰত্যক্ষদৰ্শীৰ বুলি নিজকে দাবী কৰা দিলীপ শইকীয়াক আটক কৰি সোধ-পোছ কৰাৰ অন্তত আজি চাৰিওজনকে ধেমাজি জিলা ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাৰ পাছত প্ৰেৰণ কৰা হয় জেল হাজোতলৈ।

ইফালে একেটা গোচৰতে অভিযুক্ত চিলাপথাৰস্থিত এম আৰ ডি নাৰ্চিংহোমৰ স্বতাধিকাৰী তথা চিলাপথাৰৰ প্ৰভাৱশালী শিশু বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ লগতে গ্ৰেপ্তাৰৰ ভয়ত অগ্ৰীম জামিন বিছাৰি হাহাকাৰ কৰিছে নৱজাতক ক্ৰয় কৰা দম্পত্তীয়ে।

সঘনে যোগাযোগ অধিবক্তাৰ সৈতে নৱজাতক ক্ৰয় কৰা বেবী পেগু চহৰীয়া আৰু তেওঁৰ স্বামীৰ। বৰ্তমানেও আৰক্ষীয়ে আটক কৰা নাই চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলে,বেবী পেগু চহৰীয়া আৰু তেওঁৰ স্বামীক। যাক লৈ সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

শিশুটি উদ্ধাৰ হোৱা ঘৰৰ গৰাকী ডাঃ দলেক আৰক্ষীয়ে কিয় ৰহস্যজনক কাৰণত গ্ৰেপ্তাৰ কৰা নাই তাকলৈ ৰাইজে ৰহস্যৰ গোন্ধ পাইছে। কোনো ৰাজনৈতিক নেতাৰ আশিষ থকাৰ সুবাদত আৰক্ষীয়ে চিকিৎসকজনৰ ওচৰ চাপিবলৈ সাহস দেখুৱাব পৰা নাই সাধাৰণ ৰাইজে বু বু বা বা কৰিছে।

ইফালে বেবী পেগু চহৰীয়া আৰু তেওঁৰ স্বামীক বিছাৰি জোনাই আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলিও গোপন খবৰ পোৱা গৈছে।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

Rajnath Singh Stops at Tezpur Airbase En Route to Tawang for Diwali Celebrations with Border Troops
Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

তেজপুৰ, ৩০ অক্টোবৰ: দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে পুৱা উপস্থিত হয় তেজপুৰস্থিত বায়ুসেনাৰ বিমানবন্দৰত(Rajnath Singh Stops at Tezpur Airbase) । দুদিনীয়া কাৰ্যসূচীৰে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিশেষ বিমানখনে প্ৰতিকূল বতৰৰ বাবে তেজপুৰত অৱতৰণ কৰে(Diwali Celebrations with Border Troops) । বায়ুসেনাৰ বিমানবন্দৰত অৱতৰণ কৰি মন্ত্ৰীগৰাকীয়ে বায়ুসেনা বাহিনীৰ অতিথিশালাতে আজি নিশাটোৰ বাবে বাহৰ পাতে ৷

অৱশ্যে বতৰ ভাল হলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে টাৱাঙত উপস্থিত হৈ সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপনৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰাৰ সম্ভাৱনা আছে (Rajnath Singh Diwali celebration)। পূৰ্বতে সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত(India-China border)ৰ টাৱাঙত নিয়োজিত হৈ থকা ভাৰতীয় সেনাৰ জোৱানসকলৰ লগত দীপাৱলী উদযাপন কৰিব । ইয়াৰ বাবে ইতিমধ্যে সেনাৰ তৰফৰ পৰা টাৱাঙত প্ৰস্তুতিও সম্পন্ন কৰা হৈছে ।

https://twitter.com/rajnathsingh/status/1851444088450793496?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1851444088450793496%7Ctwgr%5Ec3e5e944f27d25e50b8dfd6e53447ba10dc998e4%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.etvbharat.com%2Fas%2Fstate%2Fdefence-minister-rajnath-singh-halts-at-tezpur-due-to-bad-weather-assam-news-ass24103004057

তাৰোপৰি স্থানীয় প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বৃহস্পতিবাৰে টাৱাং যুদ্ধ স্মাৰকৰ সমীপত বীৰ যোদ্ধা তথা অখ্যাত নায়ক মেজৰ বব খাটিঙৰ বীৰত্বৰ প্ৰতি উৎসৰ্গিত এটি সংগ্ৰহালয় উদ্বোধন কৰাৰো আছে কাৰ্যসূচী । লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৬ ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তিও মুকলি কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

সীমান্তৰ পৰা ভাৰত আৰু চীনে দুয়োখন দেশৰ সেনা প্ৰত্যাহাৰ কৰি এতিয়াৰে পৰা সীমান্তত দুয়োখন দেশৰ সেনাই একেলগে টহল আৰম্ভ কৰাৰ সিদ্ধান্তৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ ভাৰত-চীন সীমান্তৰ টাৱাং ভ্ৰমণ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

অৱশ্যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ পৰৱৰ্তী ভ্ৰমণ সম্পৰ্কে সেনা তথা প্ৰতিৰক্ষা বিভাগে বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: India-China Border Tensions: ভাৰত চীন সীমান্তৰ দেপছাং আৰু ডেমচৌকৰ পৰা পিছুৱালে ভাৰত আৰু চীনৰ সেনা

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

Chutia Students' Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ
Chutia Students' Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

গুৱাহাটী, ৩০ অক্টোবৰঃ “বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students’ Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ’ব।

https://fb.watch/vy5L1dLYN6

“এই মন্তব্য চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়াৰ। অসমৰ উল্লেখনীয় জনগোষ্ঠী চুতীয়াসকলক চৰকাৰে বাৰম্বাৰ কৰা প্ৰতাৰণা বিৰুদ্ধে, চুতীয়াসকলক তৎকালে জনজাতিকৰণ কৰা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত সোমবাৰে ধেমাজি নগৰৰ আন্তঃৰাজ্যিক বাছ আস্থানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে, সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি(Soumarpeeth) জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলনৰ সহযোগত দিনৰ ১১ বজাৰ পৰা কেইবা সহস্ৰাধিক লোকৰ(President Mahen Bora) উপস্থিতিত অনুষ্ঠিত হোৱা এক বিশাল গণ সমাৱেশত এইদৰে মন্তব্য কৰে চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়াই।

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণসমাৱেশ

লগতে নেতাজনে চুতীয়াসকলে সাংবিধানিক মৰ্যদা নোপোৱা লৈকে পূৰ্বতকৈও শক্তিশালীভাৱে আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব, আমি বহুত সহ্য কৰিলোঁ, আমাক বহু প্ৰতাৰণা কৰা হ’ল; আৰু সহ্য কৰা নহ’ব, আমি হাত সাৱতি বহি নাথাকোঁ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দক্ষ মুখ্যমন্ত্ৰী বুলি জাহিৰ কৰিলেই নহ’ব চুতীয়াসকলক জনজাতি মৰ্যদা দি নিজৰ দক্ষতা প্ৰমাণ কৰক বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাক আহ্বান জনায় অন্যথা চুতীয়াসকলৰ সংগ্ৰাম অধিক জংগী হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে।

ধেমাজি বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক লোক সমবেত হোৱা উক্ত সভাত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই উপস্থিত থাকি কয় যে আজি বৃহৎ চুতীয়া জাতিৰ অনান্য ভাই-ককাইসকলে কেতিয়াবাই জনজাতিৰ মৰ্য্যদা পাই নিজৰ সুবিধা আৰু অধিকাৰ উপভোগ কৰি আছে।

কিন্তু ৰাজনৈতিক চক্ৰত পৰি চুতীয়াসকল আজিও নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ চুকে-কোণে থকা চুতীয়া জনগোষ্ঠীৰ ৰাইজক একত্ৰিত কৰি নিজৰ অধিকাৰ আঁজুৰি আনিবলৈ এইবাৰ ভালকৈ যুঁজ দিবলৈ সাঁজু হৈছে আৰু আধিকাৰ নোপোৱালৈকে নিৰবিচ্ছিন্নভাৱে চলি থাকিব।

আমাক ভিক্ষা নালাগে আমাক আমাৰ অধিকাৰ লাগে। তেজ দি হ’লেও এইবাৰ অধিকাৰ আজুৰি আনিম তাৰবাবে সকলো ৰাইজক সাজু হ’বলৈ আহ্বান জনায়।

অহা ব’হাগ মাহৰ ভিতৰত জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে সন্থাই যিকোনো পৰ্যায়লৈ যাবলৈ সাজু হৈছে বুলি সকীয়নি দিয়ে। আগন্তুক নিৰ্বাচনত বাৰুকৈয়ে এই চৰকাৰক এসেকা দিবলৈ সংকল্পবদ্ধ হৈছে। চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে চুতীয়া জনগণ সজাগ হৈছে, জাগিছে।


আনহাতে, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই উক্ত গণ সমাৱেশত অংশগ্ৰহণ কৰি জাতি-মাটি-ভেটিৰ সপোন দেখুওৱা বিজেপি চৰকাৰখনে গাদী দখল কৰি নিজৰ প্ৰতিশ্ৰুতি পাহৰিলে। এসময়ৰ অসমৰ সৌমাৰপীঠত শৌৰ্য্য বীৰ্যৰে শাসন কৰা উল্লেখনীয় ৰাজ শক্তি তথা অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে।

এই প্ৰতাৰণাৰ প্ৰতিফল অহা ২০২৬ত প্ৰতাৰকসকলে নিশ্চিতভাৱে পাবই। যদি চুতীয়াসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰে তেন্তে তাৰ কু-ফল ভোগিব লাগিব বুলিবই এতিয়াই নিশ্চিত হৈ থাকক বুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। বিজেপি চৰকাৰ বাবে আৰ্শীবাদ নহয়, অভিশাপ।

মিচিং স্বায়ত্ত শাসিত পৰিষদত বিসংগতিপূৰ্ণ ভাৱে কিছু অঞ্চল অন্তৰ্ভুক্ত কৰাটো চৰকাৰৰ এক চক্ৰান্ত বুলিও মন্তব্য কৰে। সমাবেশত বক্তব্য ৰখা চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াইও ৰাইজক উদ্দেশ্যি কয় যে চুতীয়াসকলক জনজাতি কৰা লগতে ভাৰত আৰু অসম চৰকাৰে অসমক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰি অসমৰ খিলঞ্জীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০০ দিনৰ ভিতৰত চুতীয়া জনগোষ্ঠীকে প্ৰমুখ্যে কৰি অসমৰ কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণৰ কৰিব বুলি আস্বাস দি বিগত ১০ বছৰে কাৰ্যকৰী নকৰিলে।

চুতীসকলক বঞ্চনা কৰা বিপৰীতে ইতিমধ্যে প্ৰদান কৰা আৰু প্ৰস্তাবিত ষষ্ঠ অনুসূচীৰ স্বায়ত্ব-শাসিত অঞ্চলত চুতীয়া অধ্যুষিত বহু অঞ্চল বলপূৰ্বকভাৱে জাপি দিছে। যেতিয়ালৈ চুতীয়াসকলে এনেদৰে ভুৱা আশ্বাস দিয়া ৰজাঘৰক বাধ্য কৰাব নোৱাৰিব তেতিয়ালৈকে চুতীয়া ৰাইজ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈয়েই থাকিব লাগিব।

সেয়ে নিজৰ অধিকাৰ সাব্যস্ত নকৰালৈকে চুতীয়া ৰাইজে শান্তিৰে বহি নাথাকি সংগ্ৰামৰ পথত জপিয়াই পৰিবলৈ আহ্বান জনায়। আনহাতে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক দ্বয় ক্ৰমে দেৱজ্যোতি শইকীয়া আৰু নৃপেন শইকীয়াইও বক্তব্য ৰাখি চুতীয়াসকলক চৰকাৰ আৰু একাংশ জনপ্ৰতিনিধিয়ে বাৰম্বাৰ প্ৰৱঞ্চনা কৰি আহিছে।

চুতীয়া অধ্যুষিত অনগ্ৰসৰ অঞ্চলসমূহই তাৰ জ্বলন্ত প্ৰমাণ। চুতীসকলে নিজৰ উন্নয়ন, জনজাতিৰ মৰ্য্যদা আৰু স্বায়ত্ব শাসিত পৰিষদ বাবে কঠোৰ সংগ্ৰামৰ বিকল্প নাই বুলি কোৱা লগতে চুতীয়াসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবী জনায়। আৰু সকলোকে এক হৈ নিজৰ অধিকাৰ বাবে সংগ্ৰামত জপিয়াই পৰিবলৈ আহ্বান জনায়।

উক্ত সমাবেশত জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই অংশগ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্থায়ী সুৰক্ষাৰ বাবে জনগোষ্ঠীসমূহক জনজাতি কৰণ কৰাটো বাঞ্চনীয় যদিও বৰ্তমানৰ চৰকাৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। এই চৰকাৰে ৰাইজক বিভিন্ন সমস্যাত পেলাই ধৰ্ম-সম্প্ৰদায়, জাতি-জনগোষ্ঠীৰ কুটিল খেল খলি গাদী দখলৰ ৰাজনীতিত ব্যস্ত হৈ আছে।

চুতীয়া জনগোষ্ঠীৰ যিসকল নেতা-কৰ্মীয়ে বিজেপি দলত সেৱা আগবঢ়াই আছে তেনে লোকসকলে চুতীসকলৰ সামগ্ৰীক স্বাৰ্থত তথা চুতীয়াসকলক জনজাতি নকৰালৈকে বিজেপিৰ পৰা পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে।

চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা অজয় চুতীয়া আৰু সাধাৰণ সম্পাদক পঙ্কজ চুতীয়াই আঁত ধৰা এই গণ সমাবেশত জিলা সমিতিৰ সভাপতি মিণ্টু চুতীয়া, মটক যুৱ পৰিষদৰ উপদেষ্টা উদয় শংকৰ মহন, চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক উপদেষ্টা গুণশ্বৰ ভৰালী আদিয়ে বক্তব্য ৰাখে।

সমাবেশত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ বুদ্ধিন্দ্ৰ বৰুৱা, অৱসৰী অধ্যাপক ড০ সৰ্বেশ্বৰ চুতীয়া আদি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক
Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

গুৱাহাটী, ৩০ অক্টোবৰঃ (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ’ব। (Dighalipukhuri)
দীঘলী পুখুৰী কি? ক’ত ? কিয় বিখ্যাত ? তাৰ ব্যাখ্যা নিশ্চয় আপোনাসৱৰ আগত নতুনকৈ দাঙি নধৰিলেও হ’ব।
ৰাজ্যখনৰ প্ৰথমশাৰীৰ দুটা উচ্চশিক্ষাৰ অনুষ্ঠান ওচৰত সদাউন্নত শিৰেৰে বহু স্মৃতি বহন কৰি থকা অম্লজানদায়িনী গছ কেইজোপা নাইকীয়া হৈ যাব বুলি ওলোৱা খবৰটোৱে সচেতন সকলক উদ্বেগজনকভাৱে বিব্ৰত কৰি তোলাটো স্বাভাৱিক কথা| তাৰ বিৰোধত তৎক্ষণাত সামাজিক মাধ্যমত গঢ়ি উঠিল এক অভিলেখ সৃষ্টিকাৰী জনমত| যাৰ জোৱাৰ এতিয়াও অব্যাহত| ভাল লগা কথাটো হ’ল, প্ৰতিবাদৰ ক্ষেত্ৰত মানুহৰ ব্যস্ততা, ভৌগোলিক দূৰত্বকে মুখ্য কৰি বিভিন্ন প্ৰতিকূলতা থকাৰ সত্বেও বিৰোধৰ অৰ্থে বিদুৎক্ষিপ্ৰ গতিত সৃষ্টি হোৱা বিশাল জনমত| এই বিশাল জনমত দেখি, ভৱিষ্যত অসমৰ এখন উদীপ্ত ছবি মননত ক্ৰমাৎ স্পষ্ট হৈ উঠিছে| কিয়নো যি মাটি বা মাতৃৰ জাগ্ৰত সন্তানৰ সংখ্যা অধিক, সেই আইৰ আগত থিয় হ’ব খোজা দুৰ্যোগ-বিপত্তি দূৰতে বিদূৰ হৈ ৰয়| সুবিশাল সমদল, একেৰাহে বহুদিন ৰাজপথত জোৰদাৰ প্ৰতিবাদ নকৰাকৈয়ে কেনেকৈ পৰিশীলিতভাৱে ফলপ্ৰসূ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা যায়, অসমীয়াই সেয়া গ্লবেলি দ্বিতীয়বাৰৰ বাবে কৰি দেখুৱালে।


(প্ৰথম বাৰ কভিড কালত প্ৰতিবাদৰ বাবে ৰাস্তালৈ নোলোৱাকৈ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে নেচনেল বৰ্ড ফ’ৰ ৱাইল্ড লাইফে অনুমোদন জনোৱাৰ সময়ত অনুৰূপ জনমত গঢ়ি উঠিছিল)

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টোৰ গুৰুত্ব সহৃদয়তাৰে অনুভৱ কৰি, ইতিহাস সৃষ্টিকাৰী জনতাৰ দৃঢ় জনমতৰ প্ৰতি সন্মান জ্ঞাপন কৰি
জনতাক আশ্বস্ত কৰিবলৈ সামাজিক মাধ্যমত জনালে যে তেখেতসকলৰ চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত তেখেতসকলে আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছে৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ সকলো অংশীদাৰক আহ্বান কৰিলে।

তেখেতে যেনেকৈ কয় তেনেকৈ কথা ৰাখে।
কভিড কালত আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ
কিদৰে তেখেতে কভিডক পৰাজয় কৰাই আমাক তাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ দিন, ৰাতি নিৰন্তৰ অক্লান্ত ভাৱে সন্মুখৰ পৰা যুঁজিছিল।
ৰাজ্যবাসীৰ মনোবল ভাঙিব নিদিয়াকৈ অভয় কৰি ৰাখিছিল।

সেই বিশ্বাসেৰে পুনৰ তেখেতৰ কথাত আমি আশ্বাসিত হলোঁ- গছবোৰৰ ক্ষতি নোহোৱাকৈয়ে আমাৰ চহৰৰ উন্নয়ন হ’ব।

তাৎক্ষণিক বিপুল-বিৰোধৰ প্ৰতিক্ৰিয়ায়ে যে প্ৰথমতেই সঁহাৰি পাইছে, সেয়াই এই বিষয়ৰ বাহিৰেও অন্য বিভিন্ন উপলক্ষৰ হেতু যোগাত্মক কিম্বা আশাব্যঞ্জক কথা| এই জোৱাৰ স্তিমিত নহওক|
গছবোৰৰ লগতে তাৰ লগত সহবাস কৰা তৰু, তৃণ পতংগ সমূহ কুশলে থাকক|
নিৰ্যাতিত হ’বলৈ ওলোৱা
নিমাত বৃক্ষ, তৰু-তৃণে কৰিব লগা প্ৰতিবাদৰ ভাষা সংবেদনশীল উশাহ গ্ৰহণ কৰোতাই বিনম্ৰ-বলিষ্ঠ কন্ঠেৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখি, হৃদয় ভৰি উঠিল| লগতে হৃদয় ভৰি উঠিল ওৰে ৰাতি ছাত্ৰ সমাজে গছ বোৰ ৰখি থকা দৃশ্য বাতৰিত দেখি, একাধিকদিন ৰাজপথলৈ ওলাই অহা সচেতন যুৱ শক্তি আৰু জ্যেষ্ঠ সকলৰ প্ৰতিবাদৰ পৰিশীলিত ৰূপ দেখি।
আজিৰ মানুহে অন্ততঃ উশাহৰ ধাৰ সুজিবলৈ শিকিছে| এই কথা ঠিক, প্ৰকৃতিৰ কন্ঠ আমিয়েই হৈ থাকিব লাগিব কিয়নো আমি ইয়াৰ অন্যতম শ্ৰেষ্ঠ সৰৱ অংশ।

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক
Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ,৩০ অক্টোবৰ: নিশা কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কবৰস্থানৰ কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত আটক হল এক ভণ্ড তান্ত্ৰিক ৷ (Hypocrite) ধৃত তান্ত্ৰিক গৰাকী কাছাৰৰ শিলডুবিৰ অজিব উদ্দিন । জানিব পৰা মতে, স্থানীয় ফখৰ উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ২৯ দিন পূৰ্বে মৃত্যু হৈছিল । মৃত্যুৰ পাছত লোক জনক অঞ্চলটোৰ কবৰস্থানত কবৰস্ত কৰা হৈছিল ৷

যোৱা নিশা ফখৰ উদ্দিনৰ পুত্ৰ কবৰস্থানৰ সম্মুখৰে যোৱাৰ সময়ত হঠাৎ প্ৰত্যক্ষ কৰে যে দুজন লোকে তেওঁৰ পিতৃৰ কবৰ খান্দি মৃতদেহ তুলাৰ চেষ্টা কৰি আছে । ঘটনা প্ৰত্যক্ষ কৰি যুবক জনে চিঞৰবাখৰ আৰম্ভ কৰিলে স্থানীয় লোক সকল উপস্থিত হয়। আৰু কবৰ খান্দি থকা দুজন লোকৰ মাজত এজন স্থানীয় লোকে আটক কৰে যদিও আনজন পলাই যাবলৈ সক্ষম হয় । আটক হোৱা লোক জনক ৰাইজে সোধপোছ কৰিলে তেওঁ জনায় যে তন্ত্ৰমন্ত্ৰৰ বাবে তেওঁলোকে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহিছিল। পলাই যোৱা তান্ত্ৰিক জনৰ নাম চাদ্দাম হুছেইন বুলি জনায় ধৃত তান্ত্ৰিক জনে। ইপিনে ভয়ংকৰ এই ঘটনাৰ পাছত উত্তেজিত একাংশ ৰাইজে লপাথপা দিয়ে ভণ্ড তান্ত্ৰিক জনক আৰক্ষীৰ হাতত গতাই দিয়ে। ঘটনা সন্দৰ্ভত শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীত ৰুজু কৰা হৈছে গোচৰ। আনহাতে স্থানীয় ৰাইজৰ অভিযোগ যোৱা ১ বছৰ পূৰ্বে একেই কবৰস্থানৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ কবৰৰ পৰা তুলি কোনো দুৰ্বৃত্তই মূৰ কাটি লৈ গৈছিল।

Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ’ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ
Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

ঢকুৱাখনাৰ পৰা-ৰাজীৱ বৰুৱা,৩০ অক্টোবৰ:-“এক সুস্থ শৈক্ষিক ব্যৱস্থা,সু-স্বাস্থ্য সেৱাৰ ব্যৱস্থা আৰু যাতায়তৰ সু-ব্যৱস্থাইহে এখন সমাজক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। মানুহক কৰ্মহীন চিন্তাহীন কৰি তোলা বিভিন্ন চৰকাৰী আঁচনিয়ে কেতিয়াও সমাজৰ বা এটা জাতিৰ উন্নতি সাধিব নোৱাৰে।”-এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক,তথা অধ্যাপক ড০উপেন্দ্ৰজিৎ শৰ্মাৰ। ( Harhi College, Dhakuakhana)

আৰম্ভ হ'ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ স্মৃতিগ্ৰন্থ-
“স্বপ্নদ্ৰষ্টা হাৰ্হি” উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে কয় যে-“কেৱল হিতাধিকাৰী সৃষ্টি কৰি অনুদান দি ৰাজ্য এখনৰ নাগৰিক সকলক স্বাৱলম্বী কৰি তুলি নোৱাৰি।নাগৰিক সকলক স্বাৱলম্বী কৰিবলৈ তুলিবলৈ হ’লে চৰকাৰে মূলতঃ তিনিটা সুবিধা প্ৰদান কৰিব লাগিব প্ৰতিজন নাগৰিকক।চৰকাৰে নাগৰিকৰ বাবে সুস্থ শিক্ষা ব্যৱস্থা,সুস্থ-সুলভ চিকিৎসা ব্যৱস্থা আৰু সুচল যাতায়তৰ ব্যৱস্থা কৰি দিলেই ৰাজ্যৰ নাগৰিকসকলআপুনি স্বাৱলম্বী হৈ দেশক উন্নয়নৰ দিশত আগুৱাই নিব পাৰিব।ইয়াৰ বাবে ৰাজ্যত হিতাধিকাৰী সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই।”

হাৰ্হি মহাবিদ্যালয়ে গুণগত জ্ঞানৰ গৰিমা বিলাই অতিক্ৰম কৰিলে গৌৰৱময় ২৫ টি বৰ্ষ


দুপৰীয়া ১-৩০ বজাত ৰূপালী জয়ন্তী মহোৎসৱ উপলক্ষে হাৰ্হি কলেজৰ অধ্যাপক ড০ জিতু কুমাৰ চমুৱাৰ সম্পাদনাত প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ ‘স্বপ্নদ্ৰষ্টা হার্হি’ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ শৰ্মাই-
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা প্ৰসঙ্গত কয় যে অসমীয়া ভাষাৰ নিজস্ব-স্বাভিমানী সত্বাটোক আমি আমাৰ নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ যাব লাগিব।কেৱল ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোক ৰক্ষা কৰিব নোৱাৰে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত দুখ-বেজাৰ পোৱা সকলক এঘৰীয়া কৰিবৰ সময় হ’ল। যিসকলে জাতিৰ গৌৰৱৰ আনন্দৰ সময়ত বেয়া পাই সেই সকলেই আমাৰ জাতিক বিপথে পৰিচালিত কৰিছে। সেইসকলে কিন্তু চৰকাৰী বঁটা-বাহন আগ্ৰহৰে গ্ৰহণ কৰে। অসমীয়া ভাষা জীয়াই থাকিলেহে জাতিটো জীয়াই থাকিব। প্ৰথমতে আমি বিশুদ্ধ অসমীয়া বুলি নিজক পৰিচয় দিব পাৰিব লাগিব; তাৰ পিছতহে আমি সকলো ভাৰতীয়।” এই গ্ৰন্থ উন্মোচনী সভাতে কেইবাগৰাকীও স্থানীয় লেখক-লেখিকাৰ ভিন্ন বিষয়ৰ অন্য তিনিখনকৈ গ্ৰন্থও উন্মোচন কৰা হয়।


ঢকুৱাখনাৰ পূৱ প্ৰান্তত ১৯৯৮ চনতে ঢকুৱাখনা সম জিলাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা উচ্চশিক্ষাৰ বাটকটীয়া অনুষ্ঠান হাৰ্হি মহাবিদ্যালয়ে গুণগত জ্ঞানৰ গৰিমা বিলাই অতিক্ৰম কৰিলে গৌৰৱময় ২৫ টি বৰ্ষ ।সেইয়ে আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰূপালী জ়য়ন্তী মহোৎসৱ। ফলত বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গোবিন্দপুৰস্থিত হাৰ্হি মহাবিদ্যালয়ৰ প্ৰাংগনত পুৱাৰে পৰা দেখিবলৈ পোৱা যায় এক উৎসৱমুখৰ পৰিৱেশ।ৰূপালী জয়ন্তীৰ কাৰ্যসূচী অনুসৰি-পুৱা ৯ বজাত উদযাপন সমিতিৰ সম্পাদক তথা অধ্যক্ষ ড৹ মানসজ্যোতি নেওগে মহাবিদ্যালয়ৰ পতাকা আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ক্ষীৰোদ শইকীয়াই ৰূপালী জয়ন্তী মহোৎসৱৰ মূল পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ অন্যান্য ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে সৰ্বমুঠ ২৫ খন পতাকা উত্তোলন কৰি ৰূপালী জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটাই।

পতাকা উত্তোলনৰ পূর্বেই উদ্যাপন সমিতিৰ সদস্যা সকলে আৰু মহাবিদ্যালয়ৰ ছাত্রীসকলে আটাইকে ফুলাম গামোচাৰে আদৰণি জনায়।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ টংক ৰাজখোৱাই।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা নৱ-নিৰ্মিত মুখ্য তোৰণ উদ্বোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। আৰু ইয়াৰ পিছতে ঢকুৱাখনা সম জিলাৰ স্বাস্থ্য বিষয়া ডাঃ অতুল চন্দ্ৰ খাউণ্ডে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে।দুপৰীয়া ১২.৩০ বজাত মঞ্চ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ নাথ বৰুৱাই।উদ্ধোধনী ভাষণত ড° বৰুৱাই কয় যে-“শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ আহিলা।শিক্ষাৰ অবিহনে সমাজ এখন পৰিবৰ্তন সম্ভৱ হ’ব নোৱাৰে।সমাজক পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত শিক্ষাই সমাজক জগাই তোলে।শিক্ষাৰ জ্ঞান নহ’লে সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত হ’ব নোৱাৰে।শিক্ষাই সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত কৰি তোলে।এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ জ্ঞান আহৰণ কৰাতো বৰ প্ৰয়োজন।”


তেওঁ লগতে আৰু কয় যে- শিক্ষাৰ জ্ঞান নহ’লে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়।শিক্ষাৰ জ্ঞানে শিক্ষাৰ্থীৰ চকু পোহৰ কৰি তোলে।আন্ধাৰৰ পৰা পোহৰৰ বাটলৈ আগুৱাই
লৈ যাব পাৰে।১২.৪৫ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰম্ভ হয়।ইফালে বিয়লি ২ বজাৰ পৰা-“নতুন শিক্ষানীতি -২০২০ আৰু সংস্থাপনৰ সম্ভাৱনীয়তা”


শীৰ্ষক আলোচনা সত্ৰ অনুস্থিত হয়।লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়া আৰু চন্দ্ৰকান্ত বেজবৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° দীপক শৰ্মাই আলোচক হিচাপে অংশগ্ৰহণ কৰে। আলোচনাত দুয়োজন আলোচকে শিক্ষাৰ সমগ্ৰ ব্যৱস্থাৰ লগত জড়িত মূল্যবোধৰ শিক্ষা,চৰিত্ৰ গঠন, আধ্যাত্মিকতা ইত্যাদি… দিশসমূহৰ আলোচনা কৰাৰ লগতে বহুমুখী গৱেষণা, আবেগিক বুদ্ধিমত্তা,শিক্ষাত মাতৃভাষাৰ গুৰুত্ব ইত্যাদি বিভিন্ন দিশত মননশীল বিশ্লেষণ দাঙি ধৰে।সন্ধিয়া-৫ বজাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়।ইয়াৰ মাজতে হাৰ্হি মহাবিদ্যালয়ৰ অতীত বৰ্তমানক প্ৰতিফলিত কৰি নিৰ্মাণ কৰা এখনি “তথ্যচিত্ৰ” উন্মোচন কৰা হয়।কাইলৈ পুৱা ৯ বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব ৰূপালী জয়ন্তী উপলক্ষে।শোভাযাত্ৰা উদ্ধোধন কৰিব বিশিষ্ট নাট্যকৰ্মী অসীম শৰ্মাই।উল্লেখ্য যে-অহা ১ নৱেম্বৰত সামৰণি পৰিব ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ।