Home Blog Page 482

Salman Khan: ভাবুকিৰ মাজতে নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ

নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ
নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ

ইটোৰ পিছত সিটো মৃত্যুৰ ভাবুকি লাভ কৰিছে বলিউদৰ ভাইজান ছলমান খানে। ছলমান খানৰ মৃত্যুৰ ভাবুকিৰ মাজতে ছলমানৰ পিতৃয়েও মৃত্যুৰ ভাবুকি লাভ কৰে। মৃত্যুৰ ভাবুকিৰ মাজতে ধনতেৰছৰ দিনা ছলমান খানৰ পিতৃয়ে কিনিলে এখন বুলেট প্ৰুফ গাড়ী।(Salman Khan)এই গাড়ীখনৰ মূল্য ১.৩২ কোটি টকা। গাড়ীখন হৈছে মাৰ্চিডিজ বেঞ্জ জিএলএছ। বৰ্তমান এই গাড়ীখনেও বাতৰিৰ শিৰোনাম দখল কৰিছে কাৰণ ভাইজানক বিষ্ণুই দলৰ পৰা অহৰহ ভাবুকি আহি আছে। শেহতীয়াকৈ নয়ডাৰ এজন যুৱকে অভিনেতাগৰাকীক ভাবুকি দিছিল। বৰ্তমান আৰক্ষীয়ে এই বিষয়ত তদন্তত অব্যাহত ৰাখিছে।(Salim Khan)

ভাবুকিৰ মাজতে কিনিলে গাড়ীখনঃ
দীপাৱলী উপলক্ষে ধনতেৰছত এই গাড়ীখন ক্ৰয় কৰিছিল ছলমান খানৰ পিতৃ চেলিম খানে।(Dhanteras)বিশেষ কথাটো হ’ল চেলিম খানৰ মাত্ৰ কেইদিনমান আগতে ছলমানেও নিছানৰ এখন বুলেট প্ৰুফ গাড়ী কিনিছিল। যাৰ দাম প্ৰায় ২ কোটি টকা।(Salim Khan buys new car after amid death threat)

আকৌ মৃত্যুৰ ভাবুকি লাভ কৰিলে
এফালে বিষ্ণুই গেঙৰ পৰা ভাইজান জীৱনলৈ ভাবুকিৰ সন্মুখীন হোৱাৰ বিপৰীতে এতিয়া আৰু অধিক ভাবুকিৰ খবৰ আহিছে। (Lawrence Bishnoi)বাছলমান খানৰ বাহিৰেও বাবা ছিদ্দিকিৰ পুত্ৰ জীছান ছিদ্দিকীয়েও ভাবুকি লাভ কৰিছে। ভাবুকি দিয়া যুৱকজন নয়ডাৰ আৰু বয়স ২০ বছৰ। আৰক্ষীৰ মতে, ফোনযোগে এই ভাবুকি লাভ কৰিছিল। তেওঁ টকাও বিচাৰিছিল। অৱশ্যে এই ভাবুকিৰ সৈতে জড়িত এজনক নয়ডাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Jaya Kishori Responds to Criticism: মই এগৰাকী স্বাভাৱিক ছোৱালী, সাধু বা সাধ্বী নহয়

Jaya Kishori Responds to Criticism Over Luxury Dior Bag
Jaya Kishori Responds to Criticism: মই এগৰাকী স্বাভাৱিক ছোৱালী, সাধু, বা সাধ্বী নহয়

দিল্লী, ৩০ অক্টোবৰঃ আধ্যাত্মিক প্ৰচাৰক, গায়িকা আৰু প্ৰেৰণাদায়ক বক্তা জয়া কিশোৰীয়ে ২ লাখ টকীয়া ডিঅ’ৰ হেণ্ডবেগ লৈ ফুৰাৰ বিষয়টোকলৈ বিতৰ্কৰ সৃষ্টি হৈছে(Renowned spiritual orator)। বহুতে এইবুলি প্ৰশ্ন কৰিছ- ঈশ্বৰৰ দূতে আকৈ ইমান দামী বেগ কিয় লব লাগে(Jaya Kishori Responds to Criticism)?

বিভিন্ন জনৰ মাজত হোৱা সমালোচনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জয়া কিশোৰীয়ে(Spiritual speaker Jaya Kishori) স্পষ্ট কৰি দিছে যে তেওঁ কেতিয়াও লৌকিক সুখ ত্যাগ কৰাৰ কথা প্ৰচাৰ কৰা নাই।

২৯ বছৰীয়া শোৰীয়েসংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দৃঢ়তাৰে কয় যে, “মই কোনো সাধু, বা সাধ্বী নহয়। মই এগৰাকী স্বাভাৱিক ছোৱালী।” তেওঁ এনে মন্তব্যৰ দ্বাৰা এই কথা স্পষ্ট কৰি দিয়ে যে তেওঁ লৌকিক সুখ ত্যাগ কৰিব নিবিচাৰে।

যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় বক্তা কিশোৰীক কপাহ জন্তুৰ চামৰাৰ পৰা নিৰ্মিত ডাইঅ’ৰ বেগ লৈ থকা দেখা পোৱাৰ ফলত ছ’চিয়েল মিডিয়াত সমালোচনা হৈছিল(Luxury Dior bag)।

কিশোৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বেগটো “কাষ্টমাইজ” আৰু ইয়াত কোনো চামৰা নাছিল। তেওঁ কয় “বেগটো কাষ্টমাইজড বেগ। ইয়াত কোনো চামৰা নাই, আৰু কাষ্টমাইজড মানে আপোনাৰ ইচ্ছামতে বনাই দিব পৰা বেগ ।

সেইবাবেই মোৰ নামো লিখা আছে। মই কেতিয়াও চামৰা ব্যৱহাৰ কৰা নাই, কেতিয়াও ব্যৱহাৰ নকৰো।”

ভণ্ডামিৰ অভিযোগ উত্থাপন কৰা সমালোচকসকলকপ্ৰত্যুত্তৰ দি কিশোৰীয়ে নিজৰ জীৱনশৈলী আৰু দৰ্শনৰ বিষয়ে এনেদৰে কয় “মোৰ ‘কথা’লৈ অহা সকলে ভালকৈয়ে জানে যে মই কেতিয়াও সকলো ‘মোহ মায়া’ (ভ্ৰম) বুলি নকওঁ, টকা উপাৰ্জন নকৰিব বা সকলো ত্যাগ নকৰিব বুলিও মই নকওঁ(Financial independence)।

মই একো ত্যাগ কৰা নাই, গতিকে আপোনালোকক কেনেকৈ ক’ম।” কিশোৰীয়ে যুৱক-যুৱতীসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু আৰ্থিক সফলতাক আকোৱালি ল’বলৈ উৎসাহিত কৰে।

Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম

Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম
Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম

নতুন দিল্লী, ২৯ অক্টোবৰঃ দীপাৱলী সমাগত। সমগ্ৰ দেশৰ হিন্দুধৰ্মীলোকসকলে দীপাৱলীৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দীপাৱলী উপলক্ষে অযোধ্যাত হাজাৰ হাজাৰ দিয়া জ্বলোৱাৰ অভিলেখ ভংগকাৰী প্ৰস্তুতিক প্ৰশংসা কৰে।

উল্লেখযোগ্য যে ৰাম মন্দিৰ(Ram Returns Home) নিৰ্মাণৰ পিছত অযোধ্যাৰ বাবে এয়া প্ৰথম দীপাৱলী(Diwali)।

প্ৰায় ১২,৮৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰি চৰকাৰৰ ফ্লেগশ্বিপ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতক ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ সম্প্ৰসাৰণ কৰাৰ পিছত ৰাইজৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) কয় -এই দীপাৱলী ঐতিহাসিক।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই দীপাৱলী ঐতিহাসিক(Historic) হ’ব, কাৰণ ১৪ বছৰৰ পিছত নহয় , ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই উপলক্ষে অযোধ্যাৰ ৰাম লাল্লাৰ জন্মস্থানত নিৰ্মিত মন্দিৰত হাজাৰ হাজাৰ দীপ জ্বলোৱা হ’ব।

মোদীয়ে “এই দীপাৱলী ঐতিহাসিক, ৫০০ বছৰৰ(500 year) পিছত এনে এটা অনুষ্ঠান আহিছে যেতিয়া অযোধ্যাৰ ৰামলাল্লাৰ জন্মস্থানত নিৰ্মিত মন্দিৰত হাজাৰ হাজাৰ দীপ জ্বলোৱা হ’ব।

ই এক আকৰ্ষণীয় উদযাপন হ’ব। এইবাৰ এনে এক দীপাৱালী হ’ব যি ৰামৰ বাবেই হ’ব। ৫০০ বছৰৰ পাছত এই অপেক্ষা পূৰণ হৈছে।’

চলিত বৰ্ষৰ জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লাল্লাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় “ধনতেৰাছ সৌভাগ্য আৰু স্বাস্থ্যৰ উদযাপনৰ দিন কেৱল নহয়, ই ভাৰতীয় সংস্কৃতিৰ জীৱন দৰ্শনৰ প্ৰতীক।

আমাৰ ‘ঋষি’ সকলে কৈছে যে স্বাস্থ্যই হৈছে চূড়ান্ত সৌভাগ্য আৰু চূড়ান্ত সম্পদ।”

Rozgar Mela in Shillong: শ্বিলঙৰ ৰোজগাৰ মেলাত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

গুৱাহাটী, ২৯ অক্টোবৰঃ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত অনুষ্ঠিত ৰোজগাৰ মেলা ২০২৪ত অংশগ্ৰহণ কৰে(Rozgar Mela in Shillong) । সমাৱেশত ভাষণ প্ৰদান কৰি কেইবাহেজাৰ যুৱ প্ৰত্যাশীৰ বাবে নতুন আৰম্ভণি উদযাপন কৰে আৰু এক সমৃদ্ধ, স্বাৱলম্বিতাপূৰ্ণ ভাৰতৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে(government job distribution India)।

মন্ত্ৰীগৰাকীয়ে কয়, “আজি কেৱল এটা অনুষ্ঠান নহয়, ই হৈছে আশা, নতুন আৰম্ভণি আৰু সীমাহীন সম্ভাৱনাৰ উৎসৱ। এই দিনটোত সপোনবোৰে উৰা মাৰিছে আৰু ইয়াৰ দ্বাৰা আমাৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যত আৰু অধিক উজ্জ্বল হৈ উঠিব।” ৰোজগাৰ মেলাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বক প্ৰতিফলিত কৰি আত্মনিৰ্ভৰ ভাৰতৰ বিকাশৰ যাত্ৰাত ইন্ধন যোগায় বুলি তেওঁ উল্লেখ কৰে।

এই পদক্ষেপৰ অংশ হিচাপে দেশজুৰি ৫১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে, যাৰ ফলত যুৱকসকলক ভিন ভিন মন্ত্ৰালয়ৰ বিভাগত বিভিন্ন ভূমিকাত ৰখা হৈছিল। “উন্নত আৰু সমৃদ্ধ ভাৰতৰ দিশৰ আমাৰ যাত্ৰাত কাকো এৰি নোযোৱাটো নিশ্চিত কৰিবলৈ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতি” – মন্ত্ৰীগৰাকীয়ে কয়(Union MoS Pabitra Margherita)। মেঘালয়ত ২০৭ খন নিযুক্তিপত্ৰ প্ৰাৰ্থীসকলৰ মাজত বিতৰণ কৰা হৈছিল, যাৰ ভিতৰত ১৯১ খন ডাক বিভাগৰ, ১৫ খন ৰে’লৱেৰ আৰু এখন এন আই টি, মেঘালয়ৰ(Youth empowerment initiatives India)।

শ্বিলঙত মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু অসমৰ সফল যুৱচামে এই মাইলৰ খুঁটি চিহ্নিত কৰিবলৈ একত্ৰিত হৈছিল, যাৰ দ্বাৰা ভাৰতৰ প্ৰতিটো কোণত উপনীত হোৱাৰ বাবে চৰকাৰৰ সমৰ্পণ প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ ভিতৰত আছে জীৱন্ত আৰু সম্পদসমৃদ্ধ উত্তৰ-পূব। যুৱসকলক তেওঁলোকৰ সেৱাত সমৰ্পণৰ বাবে অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে কয়, “এই দিনটো পৰিসংখ্যাৰ বিষয়ে নহয়, ই আপোনাৰ বিষয়ে । আপোনালোক ভাৰতৰ প্ৰতি থকা আমাৰ চৰকাৰৰ দৃষ্টিভংগীৰ ৰাষ্ট্ৰদূত। আপোনালোকৰ অখণ্ডতা, নিষ্ঠা আৰু প্ৰতিশ্ৰুতি হৈছে আমাৰ দেশৰ বিকাশ তথা ই হ’ব আমাৰ মাতৃভূমি ভাৰতৰ বিকাশৰ ভেটি,” তেওঁ কয়।

সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰেৰণ কৰা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীক দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কলে, “সকলোকে ভৱিষ্যত গঢ়ি তুলিবলৈ একেলগে কাম কৰিবলৈ উৎসাহিত কৰা, যি হৈছে সমৃদ্ধ, সামগ্ৰিক আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে সুযোগেৰে পৰিপূৰ্ণ।”

এই কাৰ্যসূচীৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মাৰ্ঘেৰিটাই ৰোজগাৰ মেলাক ভাৰতৰ ৪০ টা বিভিন্ন স্থানত আয়োজিত এক অবিশ্বাস্য অনুষ্ঠান বুলি অভিহিত কৰে । “মই শ শ সফল যুৱক-যুৱতীক একত্ৰিত হোৱা দেখি গৌৰৱান্বিত, তেওঁলোক নতুন ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহী। চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰা প্ৰাৰ্থীসকলক প্ৰত্যক্ষ কৰি মোৰ মন আনন্দেৰে ভৰি পৰিছে”, তেওঁ লগতে কয়।

তেওঁ লগতে কয়, “এই অনুষ্ঠানটো সঁচাকৈয়ে অভূতপূৰ্ব, আমাৰ সফল যুৱক-যুৱতীসকলক ৫১,০০০ তকৈও অধিক নিযুক্তিপত্ৰ বিতৰণ কৰা হৈছে। আমাৰ যুৱক-যুৱতীসকল আজি সন্মানীয় প্ৰধানমন্ত্ৰীৰ কথা শুনি ইমান ক্ষমতাশালী হৈ পৰিছে, কাৰণ প্ৰধানমন্ত্ৰীয়ে যুৱ আৰু অভিভাৱকসকলক সম্বোধন কৰি কৈছিল যে আমি সকলোৱে ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াইছো। তেওঁ আমাৰ যুৱ আৰু চৰকাৰৰ অংশীদাৰসকলক বিকশিত ভাৰতৰ দিশত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰ বাবে প্ৰশংসা কৰিছে।”

মন্ত্ৰীগৰাকীয়ে এই উল্লেখযোগ্য সাফল্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “কেৱল এগৰাকী মন্ত্ৰী হিচাপে নহয়, ভাৰতৰ নাগৰিক হিচাপে আমি সমৃদ্ধিৰ পথত আগবাঢ়ি অহাৰ লগে লগে নতুন ভাৰতত এই অগ্ৰগতি প্ৰত্যক্ষ কৰি গৌৰৱান্বিত হৈছো।”

ৰোজগাৰ মেলা ২০২৪ৰ সৈতে চৰকাৰে ভাৰতৰ যুৱসকলক দক্ষতা আৰু প্ৰশিক্ষণেৰে সমৰ্থন, নিৰ্দেশনা আৰু সজ্জিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ লগতে দেশক নিষ্ঠাৰে সেৱা কৰিবলৈ সাজু কৰ্মশক্তি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছে(Atmanirbhar Bharat job opportunities)।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে আৰু চৰকাৰী বিভাগ তথা সংগঠনসমূহত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। এই বছৰৰ দীপাৱলী বিশেষ হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৫০০ বছৰৰ পাছত অযোধ্যাৰ সুন্দৰ মন্দিৰত ভগৱান শ্ৰী ৰামক স্থাপন কৰা হৈছে আৰু তাৰ পাছত এয়া হ’ব প্ৰথমটো দীপাৱলী। তেওঁ কয় যে কেইবাটাও প্ৰজন্মই এই দীপাৱলীৰ বাবে অপেক্ষা কৰিছে, আনহাতে বহুতে ইয়াৰ বাবে প্ৰাণ ত্যাগ কৰিছে বা প্ৰতিকূলতাৰ সন্মুখীন হৈছে।
প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বৰ্তমানৰ প্ৰজন্ম এনে উদযাপনৰ সাক্ষী হোৱাৰ বাবে অত্যন্ত সৌভাগ্যৱান। প্ৰধানমন্ত্ৰীয়ে কয় যে উৎসৱৰ পৰিবেশত ৫১,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে। তেওঁ নতুন নিযুক্তিপ্ৰাপকসকলক অভিনন্দন জনায় আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে লাখ লাখ যুৱক-যুৱতীক স্থায়ী চৰকাৰী চাকৰি প্ৰদান কৰাটো এক উত্তৰাধিকাৰী যি নিৰন্তৰভাৱে চলি আছে। তেওঁ যোগ দিছিল যে বিজেপি আৰু এন ডি এৰ মিত্ৰশক্তিৰ দ্বাৰা পৰিচালিত ৰাজ্যসমূহতো লাখ লাখ যুৱক-যুৱতীকক নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মই সৰ্বাধিক নিযুক্তি লাভ কৰিব লাগে বুলি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ে দোহাৰে।

চৰকাৰৰ নীতি আৰু সিদ্ধান্তই চাকৰি সৃষ্টিৰ ক্ষেত্ৰত পোনপটীয়া প্ৰভাৱ পেলায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সপ্ৰেছৱে, ঘাইপথ, পথ, ৰে’ল, বন্দৰ, বিমানবন্দৰ, ফাইবাৰ কেবল স্থাপন, মোবাইল টাৱাৰ স্থাপন আৰু দেশৰ সকলো প্ৰান্ততে নতুন উদ্যোগৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে।

লগতে পঢ়ক: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

PM Modi Virtually Inaugurates Cutting-Edge Healthcare Facilities at AIIMS Guwahati
AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

গুৱাহাটী, ২৯ অক্টোবৰঃ আজি এইমছ গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ অৰ্থে একাধিক অত্যাধুনিক স্বাস্থ্যসেৱাৰ সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে(AIIMS Guwahati Healthcare)। অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ, বিধান সভাৰ সদস্য, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিক, কেইবাগৰাকীও অনুষদ, জ্যেষ্ঠ চৰকাৰী বিষয়া আদি উপস্থিত থাকে।

এইমছ গুৱাহাটীত আজি নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত আছে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী দ্ৰুতগতিত প্ৰদান কৰাৰ বাবে ড্ৰোন সেৱা, এটা আধুনিক প্ৰেক্ষাগৃহ আৰু উচ্চ-শক্তিৰ লিনিয়াৰ এক্সেলেৰেটৰ, এইচডিআৰ ব্ৰেকিথেৰাপী ইউনিট আৰু ৪ ডি-চিটি চিমুলেটৰেৰে সজ্জিত ৰেডিঅ’থেৰাপী ব্লক, যিবোৰে অঞ্চলটোত কৰ্কট ৰোগীৰ যত্ন লোৱাত বিপ্লৱৰ সূচনা কৰিব(Advanced Medical Facilities AIIMS)। এনে সুবিধাসমূহৰ লগতে এইমছ গুৱাহাটীয়ে জটিল স্বাস্থ্য প্ৰয়োজনীয়তা থকা ৰোগীসকলক চিকিৎসা প্ৰদান কৰাৰ ক্ষমতা সম্প্ৰসাৰিত কৰিব আৰু কৰ্কট ৰোগৰ চিকিৎসা প্ৰটোকলত উন্নত গৱেষণাৰ লগতে ভৱিষ্যতৰ বাবে ৰেডিয়েচন অংকলজিষ্ট আৰু চিকিৎসা পদাৰ্থবিজ্ঞানীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব(Cancer Treatment Northeast India)।

ইয়াৰ উপৰি উন্নত ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা যেনে ৩টি স্কেনাৰৰ সৈতে মেগনেটিক ৰেজনেন্স ইমেজিং (এমআৰআই) গোট, বিপলেন ডিজি ছাবট্ৰেকছন এঞ্জিওগ্ৰাফী (DSA), কেথ লেব, আন্তৰ্জাতিক মানৰ ৰেডিঅ’লজীৰ সুবিধা আৰু নিউৰোভাস্কুলাৰ, হাড়ৰ স্বাস্থ্যৰ বাবে ডেক্সা স্কেনো আজি উদ্বোধন কৰা হয়(Assam Healthcare) । এইমছ গুৱাহাটীত নতুনকৈ স্থাপিত নিশাৰ আশ্ৰয়স্থলত ৰোগীৰ যত্নৰ বাবে দূৰনিৰ পৰা অহা ৰোগীসকলৰ পৰিয়ালৰ বাবে আশ্ৰয়স্থলৰো ব্যৱস্থা কৰা হৈছে। ফলত ৰোগীৰ সৈতে অহা পৰিয়ালৰ লোকৰ কষ্ট লাঘৱ হ’ব ।

ভাৰতৰ চলিত স্বাস্থ্যসেৱাৰ উন্নতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইমছ গুৱাহাটীৰ সৈতে বিভিন্ন স্থানত উদ্বোধন কৰা এই নতুন সুবিধাসমূহ সুলভ, উচ্চ মানদৰ স্বাস্থ্যসেৱা, বিশেষকৈ সেৱা লাভৰ পৰা দূৰৈত থকা অঞ্চলসমূহৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে(PM Modi AIIMS Inauguration) । তেওঁ ভাৰতৰ স্বাস্থ্য নীতিৰ পাঁচটা স্তম্ভৰ বিষয়ে আলোকপাত কৰে – প্ৰতিৰোধমূলক যত্ন, আগতীয়া চিনাক্তকৰণ, সুলভ চিকিৎসা, সৰু চহৰসমূহত সম্প্ৰসাৰিত স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ।

তেওঁ কয় “ভাৰতে স্বাস্থ্যৰ বিষয়টোত সামগ্ৰিকভাৱে দৃষ্টি ৰাখিছে”। তেওঁ কয় যে ৪ কোটিতকৈও অধিক নাগৰিকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান ভাৰত যোজনা আৰু ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভায়া বন্দনা কাৰ্ডৰ দৰে পদক্ষেপে সকলোৰে বাবে স্বাস্থ্যসেৱাৰ ব্যয় হ্ৰাস কৰিবলৈ চৰকাৰে স্থিৰ কৰা লক্ষ্যকে প্ৰতিফলিত কৰিছে।

অনুষ্ঠানত অধ্যাপক পুৰাণিকে এইমছ গুৱাহাটীয়ে উত্তৰ-পূব ভাৰতলৈ উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে আৰু অদূৰ ভৱিষ্যতে ট্ৰমা ইভেকুৱেচন চেণ্টাৰ, এটা শিশু বিকাশ গোট আৰু এটা ষ্ট্ৰোক কেন্দ্ৰ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে।

এই অত্যাধুনিক সেৱাসমূহৰ সৈতে, এইমছ গুৱাহাটী অঞ্চলটোত স্বাস্থ্যসেৱাৰ বাবে এক মুখ্য গন্তব্য স্থান হিচাবে পৰিগণিত হৈছে। প্ৰতিষ্ঠানটো জনসাধাৰণৰ সেৱা কৰাৰ অৰ্থে প্ৰযুক্তিৰ সৈতে সহানুভূতিৰ মিশ্ৰণ ঘটাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছে।

Village avoids diwali celebrations: এখন গাঁও য’ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

why-himachal-pradesh-village-avoids-diwali-celebrations-due-to-ancient-curse
Village avoids diwali celebrations: এখন গাঁও য'ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

নিউজ ডেস্ক, ২৯ অক্টোবৰ: সমগ্ৰ দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী(Diwali celebrations) । কিন্তু ইয়াৰ বিপৰীতে হিমাচল প্ৰদেশৰ হামীৰপুৰ জিলাত এনে এখন গাঁও আছে য’ত দিপাৱলী উদযাপন কৰা নহয়(Village avoids diwali celebrations)। বহু দশক পূৰ্বৰে পৰাই গাওঁবাসীয়ে পাহৰি পেলাইছে দিপাৱলী উদযাপনৰ কথা । দিপাৱলী উদযাপন কৰাটো দূৰৰেই কথা, পোহৰৰ উৎসৱৰ এই দিনটোত গাঁওখনত কোনো খাদ্যও প্ৰস্তুত কৰা নহয় । ইয়াৰ কাৰণ গাঁওখনে বহু দশক পূৰ্বে লাভ কৰা এটা অভিশাপ।

এই গাওঁখন হৈছে হামীৰপুৰ জিলাৰ ভৰঞ্জ মহকুমাৰ অন্তৰ্গত ছাম্মু গাঁও(Himachal Pradesh village) । লোকসকলৰ বিশ্বাস, পূৰ্বতে দি থোৱা অভিশাপৰ বাবে গাঁওখনত দীপাৱলী পালন কৰা নহয় (ancient curse story)। যদি গাঁওখনৰ কোনো ব্যক্তিয়ে এনে কৰে তেন্তে গাওঁখনত দুৰ্যোগৰ সৃষ্টি হয় বা কোনো গাঁওবাসীয়ে অকাল মৃত্যুবৰণ কৰে। সেয়েহে এইবাৰো হামিৰপুৰ জিলা সদৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছাম্মু গাঁৱত পূৰ্বৰ দৰে এইবাৰো নাই দীপাৱলী উপলক্ষ্যে হ’ব লগা আনন্দ উলাহ । বহু শতিকাৰ পূৰ্বৰে পৰাই গাঁওখনত দীপাৱলী উদযাপন পৰিহাৰ কৰি অহা হৈছে। অৱশ্যে দীপাৱলীৰ দিনা চাকি জ্বলোৱা হয়(Diwali traditions); কিন্তু গাঁওখনৰ কোনো এটা পৰিয়ালেও যদি ভুলবশতঃ আতচবাজী জ্বলাই বা ঘৰত খাদ্যও প্ৰস্তুত কৰে, তেন্তে গাঁওখলৈত দুৰ্যোগ অহাটো নিশ্চিত। এনে নহয় যে গাঁওবাসীয়ে এই অভিশাপৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰা নাই। গাঁওখনৰ লোকসকলে কেইবাবাৰো ইয়াৰ পৰা মুক্তি পাবৰ বাবে চেষ্টা কৰিলেও সকলো প্ৰচেষ্টা নিষ্ফল প্ৰমাণিত হৈছিল। এই অভিশাপটোক গাঁওবাসীয়ে ইমানেই ভয় কৰে যে, দীপাৱলীৰ দিনা ঘৰৰ পৰা ওলাই অহাটোও তেওঁলোকে উচিত বুলি নাভাবে।

অভিশাপৰ পৰা মুক্তি পাবলৈ গ্ৰহণ কৰা হৈছে বহু প্ৰচেষ্টা

ঠাকুৰ বিধি চন্দে নামৰ ৭০ উদ্ধৰ বৃদ্ধ লোকজনে কলে, শতিকা ধৰি গাঁওখনত দিপাৱলী উদযাপন কৰা হোৱা নাই। দিপাৱলী উদযাপন কৰিবলৈ চেষ্টা কৰিলেই গাঁওখনত কোনোবা লোকৰ অকালমৃত্যু ঘটে অথবা অন্য কোনো বিপদ আহে। গাঁওখনৰ আন এগৰাকীয়ে বহু আক্ষেপ প্ৰকাশ কৰি কয় যে, যেতিয়া দীপাৱলীৰ উৎসৱটি আহে, তেতিয়া তেওঁলোকৰ হৃদয়খন দুখেৰে কান্দি উঠে, কিয়নো অন্য ঠাইসমূহত সকলোৰে ঘৰসমূহত এক উৎসৱমূখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়, কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ গাঁৱখনত সেইদিনা কাৰো ঘৰতে দীপাৱলী উদযাপন কৰা দেখা নাযায়।

গাঁওখনৰ আন এজন ব্যক্তিয়ে ক’লে যে এই অভিশাপৰ পৰা গাঁওখনক মুক্ত কৰিবলৈ কেইবাবাৰো যজ্ঞ আদিৰোআয়োজন কৰা হৈছে যদিও সকলো বিফল হৈছে। তিনি বছৰ পূৰ্বে গাঁওখনত এখন ডাঙৰ যজ্ঞৰো আয়োজন কৰা হৈছিল। কিন্তু আজিলৈকে এই গাওঁখনে এই অভিশাপৰ পৰা মুক্তি লাভ কৰিব পৰা নাই।

পিছে কি আছিল এই অভিশাপ ?

আপোনালোকক জনাও যে, এই দীপাৱলীৰ দিনাই গাঁৱৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ চিতাত নিজৰ সন্তানসহ সতি হৈছিল। এগৰাকী স্থানীয় বাসিন্দাই জানিবলৈা দিয়া অনুসৰি,, ‘মহিলাগৰাকীয়ে দীপাৱলী উদযাপনৰ বাবে মাকৰ ঘৰত যাবলৈ ওলাইছিল। কিন্তু মহিলাগৰাকয়ে গাঁৱৰ পৰা অলপ আগুৱাই যোৱাৰ সময়তেই তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰ পায় যিজন ৰজাৰ সভাত সৈনিক হিচাপে নিযুক্ত আছিল । মহিলাগৰাকীয়ে সেই আঘাত সহ্য কৰিব নোৱাৰি তেওঁৰ স্বামীৰৰ চিতাত শিশুসহ সতি হৈছিল। লগতে গাঁৱখনক এই অভিশাপ দিছিল যে এই গাঁৱৰ লোকসকলে কেতিয়াও দীপাৱলীৰ উৎসৱ উদযাপন কৰিব নোৱাৰিব। সেই দিনৰ পৰা আজিলৈকে এই গাঁৱত দীপাৱলী উদযাপন কৰা নহয়। লোকসকলে কেৱল সতীৰ মূৰ্তিৰ পূজা কৰে। সেই দিনা যদিহে কোনোবাই দীপাৱলী উপলক্ষ্যে কোনো খাদ্যও বনাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰো ক্ষতি হয় । কিছুবছৰ পূৰ্বে গাঁওখনৰে দুই-এটা পৰিয়ালে দীপাৱলী উদযাপন কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ মাজতে তেওঁলোকৰ ঘৰখনত জুই লগাৰ লগতে পৰিয়ালৰ কেইবাজনো সদস্য অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত মৃত্যুক আকোৱালি লয় । তাৰোপৰি পৰিয়ালকেইটাৰ বাকী সদস্যসকলেও গাঁও এৰি যাবলৈ বাধ্য হৈছিল।

Death threat to Salman Khan: ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক

Mumbai police arrest a man in Noida for issuing death threat to Salman Khan
Death threat to Salman Khan: ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক

নতুন দিল্লী, ২৯ অক্টোবৰ: মুম্বাইত বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতে বলিউড অভিনেতা ছলমান খান আৰু এন চি পিৰ প্ৰয়াত নেতাগৰাকীৰ পুত্ৰ বিধায়ক জীছান ছিদ্দিকীয়ে অজ্ঞাত লোকৰ পৰা ধাৰাবাহিক হত্যাৰ ভাবুকি লাভ কৰি আহিছে(Death threat to Salman Khan)। এনে পৰিস্থিতিত মুম্বাই আৰু নয়দা আৰক্ষীয়ে যৌথ অভিযান চলাই নয়দাৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱকজনৰ বয়স প্ৰায় ২৪ বছৰ বুলি উল্লেখ কৰা হৈছে । এই সন্দৰ্ভত নয়দা আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰৰ তথ্য সদৰি কৰা নাই যদিও মুম্বাই আৰক্ষীয়ে নিশ্চিত কৰিছে যে ছলমান খানক ভাবুকি দিয়াৰ গোচৰৰ সন্দৰ্ভত নয়দাৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ছলমান খান আৰু জীশান ছিদ্দিকীক ফোনযোগে ভাবুকি দিয়া যুৱকজনক মুম্বাই আৰক্ষীয়ে নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰে । নয়দাৰ ৩৯ নং ছেক্টৰ থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্ত ২৪ বছৰীয়া যুৱকজন দিল্লীৰ বাসিন্দা মহম্মদ তায়াব বুলি জানিব পৰা গৈছে । যদিও মুম্বাই আৰক্ষীয়ে ছলমান আৰু জীছানক ভাবুকি দিয়াৰ অভিযোগত মহম্মদ টায়াবক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰিছে, কিন্তু এই সংক্ৰান্তত নয়ডা আৰক্ষীয়ে এতিয়ালৈকে কোনো কথা উল্লেখ কৰা নাই। তাৰোপৰি এনে কোনো গ্ৰেপ্তাৰৰ সন্দৰ্ভত কোনো বিষয়াৰ পৰাও কোনো সঁহাৰি পোৱা নাই।

সূত্ৰ অনুসৰি, ছলমান খান আৰু জীছান ছিদ্দিকীক ভাবুকি দিয়া অভিযুক্ত যুৱকজনক যোৱা দেওবাৰেই গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰই জনোৱা অনুসৰি, শুকুৰবাৰে ছলমান আৰু জীছান খানে ভাবুকি লাভ কৰাৰ পাছতেই দেওবাৰে মুম্বাই আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত যুৱকজনে কাঠমিস্ত্ৰীৰ কাম কৰে আৰু মূলতঃ বেৰেইলীৰ বাসিন্দা যদিও বৰ্তমান তেওঁ দিল্লীত বাস কৰি আছিল।

Arjun Kapoor: প্ৰথমবাৰৰ বাবে বিচ্ছেদৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ অৰ্জুন কাপুৰৰ, ক’লে – আই এম চিংগল

অৰ্জুন কাপুৰে ক'লে - আই এম চিংগল
অৰ্জুন কাপুৰে ক'লে - আই এম চিংগল

বলিউদৰ অভিনেত্ৰী মালাইকা অৰোৰা আৰু অভিনেতা অৰ্জুন কাপুৰৰ প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হোৱা বুলি সামাজিক মাধ্যমত প্ৰায়ে চৰ্চা হৈছে। মালাইকা অৰোৰাৰ সৈতে চলি থকা ব্ৰেকআপৰ খবৰ চৰ্চাৰ পিছত অৰ্জুনে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।(Arjun Kapoor)তেওঁ স্বীকাৰ কৰে যে মালাইকাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ গৈছে। অৰ্জুন কাপুৰে কয় যে তেওঁ এতিয়া চিংগল।(Malaika Arora)কিছুদিনৰ পৰা উৰাবাতৰি ওলাই আছিল যে মালাইকা অৰোৰাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ হৈছে। এতিয়া প্ৰথমবাৰৰ বাবে অৰ্জুন কাপুৰে কয় যে তেওঁ চিংগল আছে। সোমবাৰে ৰাজ থাকৰেৰ দীপাৱলী পাৰ্টিত উপস্থিত হয় অৰ্জুন কাপুৰ। (Arjun kapoor says i am single)

দীপাৱলী পাৰ্টিৰ সময়ত অৰ্জুন কাপুক মলাইকা অৰোৰাক লৈ প্ৰশ্ন কৰিছিল। তেতিয়া অৰ্জুনে ক’লে, ‘নাই, মই এতিয়া অবিবাহিত। এতিয়া অভিনেতাগৰাকী অবিবাহিত হোৱাৰ কথা শুনি অনুৰাগীয়ে ছ’চিয়েল মিডিয়াতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।(Arjun kapoor and Malaika Arora relationship)

ইয়াৰ পূৰ্বেএক প্ৰতিবেদনত কোৱা হৈছিল যে মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্ক বিচ্ছেদ হৈছে। দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। দুয়োজনে বুজাবুজি মাজেৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।(mutual decision of both)জনা যায় যে বিচ্ছেদ হোৱাৰ পিছতো যেতিয়া মলাইকাৰ দেউতাকৰ মৃত্যু হৈছিল তেতিয়া অৰ্জুন মালাইকা ঘৰত উপস্থিত হৈছিল।(breakup)

২০১৮ চনৰ পৰাই মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ প্ৰেমৰ সম্পৰ্কত আছিল। দুয়োজনে বহুবাৰ ছ’চিয়েল মিডিয়াত ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছিল।

আনহাতে বৰ্তমান সিংহামৰ বাবে শিৰোনামত আছে অৰ্জুন কাপুৰ। ৰোহিত শ্বেট্টী আৰু অজয় ​​দেৱগানৰ ছবিখনত অৰ্জুন কাপুৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে অৰ্জুন কাপুৰে পৰ্দাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবিখন ১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব।

Bismoi: “বিস্ময়” সৃষ্টি কৰি গুচি গ’ল ‘বিস্ময় পুৰুষ’ শশী ফুকন

'বিস্ময়' সৃষ্টি কৰি গুচি গ'ল 'বিস্ময় পুৰুষ' শশী ফুকন
'বিস্ময়' সৃষ্টি কৰি গুচি গ'ল 'বিস্ময় পুৰুষ' শশী ফুকন

এটা সোণালী যুগৰ সমাপ্তি ঘটিল। অসমৰ চহকী সাহিত্যাকাশৰ এটি ভোটা তৰা যেন হঠাতে খহি পৰিল। ‘বিস্ময়’ৰ প্ৰাণপুৰুষ, অসমীয়া ভাষা-সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক, বিশিষ্ট সাহিত্যিক শশী ফুকন আৰু নাই। এটা সময় আছিল, যেতিয়া ফোন, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ নাছিল।(Bismoi) সেই তেতিয়াই শশী ফুকনৰ সম্পাদনাত প্ৰকাশিত এখন আলোচনী অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হাতে হাতে আছিল। আলোচনীখনে জন্মৰ পিছৰে পৰাই জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল। আৰু সেইখন আলোচনীয়েই হ’ল ‘বিস্ময়’। যিখন আলোচনীয়ে অসমীয়া বিনোদন সাহিত্যৰ পৃথিৱীত খলকনি সৃষ্টিৰে এটা নতুন যুগৰ সৃষ্টি কৰিছিল। বিস্ময় বুলি ক’লেই প্ৰতিটো পৃষ্ঠা নপঢ়াকৈ কোনেও যেন এৰিবই পৰা নাছিল। কি নাছিল এই আলোচনীখনৰ পাতত। (Shashi Phukan)

গল্প, কবিতা, ৰস ৰচনা, ৰহস্য সাহিত্য, তত্ত্বগধূৰ প্ৰবন্ধ, যুৱ-প্ৰজন্মৰ বাবে উপযোগী লেখা সকলো আছিল এই আলোচনীখনত। বিশেষকৈ, বিস্ময়ৰ পাতত প্ৰকাশিত ‘পত্ৰবন্ধু’ শিতানটো প্ৰতিজন যুৱ-প্ৰজন্মৰ হিয়াৰ আমঠু। অকল যে যুৱ-প্ৰজন্মই এই শিতানটোৰ প্ৰতি আকৰ্ষিত হৈছিল এনে নহয়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সমানে প্ৰিয় আছিল ‘পত্ৰবন্ধু’ শিতান। মোবাইল ফোনৰ জৰিয়তে আজিৰ প্ৰজন্মই যেনেদৰে নানান ঠাইৰ লোকৰ সৈতে ইজনে সিজনৰ সৈতে বন্ধুত্ব গঢ়িবলৈ সক্ষম হৈছে, ঠিক একেদৰে সেই সময়ত যদিও মোবাইল ফোনৰ ব্যৱহাৰ নাছিল তথাপি এই ‘বিস্ময়’ নামৰ আলোচনীখনত সন্নিৱিষ্ট ‘পত্ৰবন্ধু’ শিতানটোৰ জৰিয়তে বিভিন্ন ঠাইৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ অন্তৰংগ বন্ধুত্ব গঢ়ি তুলিছিল। বহু ক্ষেত্ৰত এনে বন্ধুত্বই কেতিয়াবা প্ৰেমলৈও পৰিণত হৈছিল আৰু পিছলৈ বিয়া পৰ্যন্ত হোৱাৰো উদাহৰণ বহুত আছে। এই শিতানটোৱেও বিস্ময়ৰ জনপ্ৰিয়তাত দুগুণ উৎসাহ বঢ়াইছিল পাঠক সমাজৰ মাজত।(Bismoi founding editor Shashi Phukan passes away)


১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰথম প্ৰকাশিত হৈছিল অসমীয়া আলোচনী ‘জোনাকী’। এই আলোচনীখন প্ৰকাশ হৈছিল কলিকতাৰ পৰা। আৰু এই আলোচনীখনৰ জৰিয়তেই প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ সংযোজন ঘটে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰখন সমৃদ্ধিশালী হৈ উঠে। অসমীয়া ভাষা-সাহিত্যৰ বিকাশত ‘জোনাকী’ কাকতখনৰ অৱদান অনস্বীকাৰ্য। জোনাকী কাকতৰ পাততেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ জন্ম হৈছিল। সেই কবিতাটো আছিল চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’। আনহাতে, এই জোনাকীৰ পাততে প্ৰকাশ হৈছিল অসমীয়া প্ৰথম ‘চনেট’ কবিতা। কবিতাটো হৈছে হেমচন্দ্ৰ গোস্বামী ৰচিত চনেট ‘প্ৰিয়তমাৰ চিঠি’। যিটো কবিতাই আজিও প্ৰতিগৰাকী অসমীয়াৰ মাজত সমাদ্ৰিত হৈ আছে। জোনাকী কাকতে সেই তেতিয়াই আলোচনীৰ যি ধাৰা বোৱাই থৈ গ’ল সেই ধাৰা আজিও বৈ আছে অসমৰ প্ৰতিটো চুকে-কোণে। জোনাকী কাকতৰ মাধ্যমেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম সাহিত্যৰ সৃষ্টি কৰে ‘কৃপাবৰ বৰুৱাৰ কাকতৰ তোপোলা’ৰ মাধ্যমেৰে। এই সমষ্ট শিতানৰ মাজেৰে সেই সময়তে আমাৰ অসমীয়া ভাষা-সাহিত্যলৈ যি বৰঙণি আগবঢ়াই গ’ল সেই অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে সেই ধাৰাই আজি অসমীয়া জাতিৰ শিপা নিকপকপীয়াকৈ ধৰি ৰাখিবলৈ সক্ষম হৈছে আৰু যুগ-যুগান্তৰলৈ অলপো হাউলি নপৰাকৈ ধৰি ৰাখিব। এখন আলোচনীয়েই এটা জাতিক সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হয়। একোখন আলোচনীয়েই হ’ল এটা জাতিৰ দাপোণস্বৰূপ। একোখন কাকত-আলোচনীৰ পৰাই প্ৰমাণ কৰিব পাৰি সেই জাতিটো কিমান সংস্কৃতিৱান অথবা চহকী। ভাষাটোৰ শিপা কিমান শক্তিশালী।(Monthly magazine Bismoi)

গতিকে এই কাকত-আলোচনী আৰু সেই সময়ৰ ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ প্ৰচেষ্টাতে আজিৰ অসমীয়া ভাষা-সাহিত্যই বিশ্বৰ বুকুত উচ্চ শিৰে জিলিকি আছে। সেই সময়ত এই ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ বলিষ্ঠ পদক্ষেপ আৰু উদাত্ত কণ্ঠ নোহোৱা হ’লে কেতিয়াবাই অসমীয়া ভাষা বিলুপ্ত হৈ গ’লহেঁতেন। গৈছিলেই। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ আমাৰ চিৰ চেনেহী অসমীয়া ভাষাটো অসমৰ বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয়-আদালত আদিৰ পৰা উঠাই দিয়া হৈছিল সেই সময়ত অসমত কাম কৰি থকা বাঙালী আমোলা-বিষয়াসকলৰ প্ৰৰোচনাত পৰি ব্ৰিটিছসকলে। তেতিয়াৰ সময়খিনিত যদি আমাৰ সাহিত্যৰ কাণ্ডাৰী চন্দ্ৰ কুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰ কুমাৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, জ্ঞানদাভিৰাম বৰুৱা আদি লোকসকলে ভাষা ৰক্ষাৰ ক্ষেত্ৰত গুৰিব’ঠা নধৰিলেহেঁতেন হয়তো সেই সময়তে অসমীয়া ভাষাৰ মৃত্যু হ’লহেঁতেন। সেই সময়ত ‘বাঁহী’, ‘জোনাকী’ আদি কাকতেও অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ লগে লগে খ্ৰীষ্টান মিছনেৰীসকলৰো অসমীয়া ভাষা-সাহিত্য ৰক্ষাৰ ক্ষেত্ৰত অৱদান অনস্বীকাৰ্য। তেওঁলোকে যদিও মুখ্যতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবেহে আহিছিল তথাপি তেওঁলোকৰে একাংশ শুভ চিন্তকে ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথমবাৰৰ বাবে ‘অৰুণোদয়’ নামেৰে এখন কাকত প্ৰকাশ কৰি উলিয়ায়। এই কাকতখন, যিখন কাকত বা আলোচনী অসমীয়া ভাষাৰ প্ৰথম ‘সংবাদ পত্ৰ’ হিচাপে প্ৰকাশ পায়। য’ত হেৰাই যাব ধৰা অসমীয়া ভাষাটো উদ্ধাৰৰ ক্ষেত্ৰত আৱদান আছিল অতুলনীয়। এইখন অৰুণোদয় কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকী আছিল নাথান ব্ৰাউন। অৰুণোদয়ৰ জৰিয়তেই অসমীয়া ভাষাই নতুন ৰূপ পাবলৈ সক্ষম হৈছিল। ১৮৪৬ চনৰ পৰা ১৮৮৮ এই সময়ছোৱা ‘অৰুণোদয় যুগ’ বুলি কোৱা হয়। লগতে, এই আলোচনীখনৰ পাততে কেইবাজনো লেখকৰো জন্ম হৈছিল। এই সময়ত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যক এক নতুন আলোকময় পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।(Bismoi launched in 1968)


ইয়াৰ পৰৱৰ্তী সময়ত ‘প্ৰকাশ’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীয়েও অসমীয়া ভাষা-সাহিত্যৰ অনেক অৱদান আগবঢ়াই আহিছে। এই আলোচনীসমূহৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণ ঘটোৱাৰ লগে লগে বহুতো অসমীয়া লেখক-লেখিকাৰ জন্ম হ’ল। কাৰণ এই কাকত-আলোচনীসমূহৰ জৰিয়তে লিখাৰ বাবে সুযোগ লাভ কৰিছে। যিটো আমাৰ অসমীয়াৰ বাবে অতিকে গৌৰৱৰ বিষয়। তদুপৰি বৰ্তমান অসমত কেইবাখনো দৈনিক বাতৰি কাকত প্ৰকাশ হৈ আছে। তাৰ ভিতৰত– ‘দৈনিক অসম’, ‘দৈনন্দিন বাৰ্তা’, ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্তা’, ‘অগ্ৰদূত’ আদি কাকতে অসমীয়া- ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত অনবদ্য বৰঙণি যোগাই আহিছে। লগে লগে সৃষ্টি হৈছে অসমীয়া লেখক-লেখিকাৰ।
বিস্ময়ৰ প্ৰসংগতে উল্লিখিত প্ৰসংগ উনুকিয়াব লগা হ’ল। বিস্ময় মানেই যেন শশী ফুকন। যিজনে ‘বিস্ময়’ আলোচনীখন জানে সেইজনে সম্পাদকগৰাকীৰো নামটো ভালকৈয়ে জানে। বহুত আলোচনীয়ে হয়তো বহুতে পঢ়িছে, কিন্তু আলোচনীখনৰ নামটো নাপাহৰিলেও আলোচনীখনৰ সম্পাদকগৰাকীৰ নামটো কিন্তু তেওঁ মনত নাই। শশী ফুকন এনে এজন ব্যক্তি যিজনৰ ‘বিস্ময়’ নামটোৰ লগে লগে শশী ফুকনৰ নামটো একেলগে উচ্চাৰিত হ’বই। এয়াও হয়তো শশী ফুকনৰ অন্য এক আকৰ্ষণ। প্ৰচাৰবিমুখ এই মহান ব্যক্তিগৰাকী সম্পাদক হ’ব লাগে কাৰণেই সম্পাদক হোৱা নাছিল। তেওঁৰ এজন সফল সম্পাদক হোৱাৰ এশ শতাংশই গুণ আছিল। এখন আলোচনী সম্পাদন কৰোতে কি কি সমলৰ দৰকাৰ এইগৰাকী সম্পাদকে খুব নিখুঁতভাৱে জানিছিল। আৰু এইখিনি মহান গুণৰ অধিকাৰী হোৱাৰ বাবেই হয়তো ৪০ বছৰ কাল একেৰাহে আলোচনীখন একে জনপ্ৰিয়তাৰে পাঠক সমাজে আঁকোৱালি ধৰি ৰাখিছিল। সাহিত্যৰ সকলোবোৰ দিশ তথা সকলোখিনি গুণ আছিল ‘বিস্ময়’ আলোচনীখনৰ মাজত। এখন আলোচনী সুদীৰ্ঘ দিন একে জনপ্ৰিয়তাৰে পাঠক সমাজৰ মাজত প্ৰচলিত আলোচনী সম্ভৱ এইখনেই হ’ব। ‘বিস্ময়ে’ সেয়ে আজিও ‘বিস্ময়’ সৃষ্টি কৰি আছে পাঠকৰ মাজত। এইসকল অসমীয়া ভাষা-সাহিত্যৰ পূজাৰীৰ অশেষ চেষ্টা আৰু সাধনা, একাগ্ৰতা, জাতি-ভাষা-সাহিত্যৰ প্ৰতি থকা নিৰ্ভেজাৰ স্বাৰ্থৰ বাবেই হয়তো অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হ’ল। এইগৰাকী নীৰৱ সাহিত্য সাধকে হঠাতে ২৫ অক্টোবৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৭৮ বছৰ বয়সত পৰলোকলৈ গমন কৰে। পাঁচ দশক ধৰি যুৱ-প্ৰজন্মক লগতে অসমীয়া জাতিক আলোড়িত কৰি ৰখা ‘বিস্ময়-ব্যক্তি’গৰাকীয়ে অসমৰ সাহিত্যাকাশ সুদা কৰি সকলোকে শোক সাগৰত এৰি গুচি গ’ল নীৰৱে-নিৰলে। অসমীয়া সাহিত্য জগতত বহু লেখক-সাহিত্যিক সৃষ্টিকাৰী আছিল এইগৰাকী মহান ব্যক্তি। ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা ‘বিস্ময়’ আলোচনীখনে অসমীয়া সাহিত্য জগতত এক অনন্য ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিস্ময়ৰ উপৰি শশী ফুকনৰ উদ্যোগতে আন দুখন আলোচনী ‘ৰংঘৰ’ আৰু ‘প্ৰিয় সখী’ প্ৰকাশ পাইছিল। উল্লেখ্য যে এই বিস্ময়ক সাৰথি কৰিয়েই পৰৱৰ্তী সময়ত আন কেইবাখনো বিনোদনধৰ্মী আলোচনী প্ৰকাশ পাইছিল।

বিস্ময়ে ৰাজ্যখনৰ প্ৰতিখন ঠাই, প্ৰতিটো অঞ্চলতে হাজাৰ হাজাৰ পঢ়ুৱৈৰ সৃষ্টি কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিভিন্ন কাৰণত ‘বিস্ময়’ আলোচনীখন প্ৰায় দুবছৰমান বন্ধ হৈছিল যদিও সুখৰ খবৰ যে যোৱা পূজাৰ সময়ত আলোচনীখনে পুনৰ পাঠক সমাজৰ মাজলৈ ওলাই আহিছিল। এই ধাৰা পুনৰ অব্যাহত থাকক তাকেই আজিৰ সময়ত আমি আশা কৰিম। শশী ফুকনৰ জন্ম হৈছিল বিশ্বনাথ চাৰিআলিত। তেওঁ এগৰাকী দক্ষ, বিচক্ষণ আৰু এগৰাকী ৰুচিপূৰ্ণ সম্পাদকেই নাছিল। তেওঁ আছিল প্ৰতিজন পাঠকৰ মন বুজি পোৱা অসাধাৰণ ব্যক্তি আৰু তেওঁ পাঠকে এখন আলোচনী বা কাকতৰ পৰা কি বিচাৰে তাক খুব ভালদৰে জানিছিল, বুজিছিল। সেয়ে হয়তো বঁটা-বাহনে এইগৰাকী ভাষা-সাহিত্যৰ পূজাৰীক ঢুকি নাপালেও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থিতাপি ল’বলৈ সক্ষম হৈছিল। জয় কৰিব পাৰিছিল সকলোৰে অন্তৰ। আৰু সেয়া ‘বিস্ময়ে’ই প্ৰমাণ। আজি এইগৰাকী সাহিত্যৰ পূজাৰীৰ বিয়োগত মৰ্মাহত অসমীয়া। শশী ফুকনৰ বিদেহ আত্মাই সৰগত বাস কৰক আজি তাকেই প্ৰাৰ্থনা জনালোঁ। আমি অসমীয়া হিচাপে সদায় কৃতজ্ঞ হৈ থাকিম এইগৰাকী পুৰোধা ব্যক্তিৰ ওচৰত। অসমীয়া ভাষা-সাহিত্য যিদিনালৈ জীয়াই থাকিব সেইদিনালৈ জীয়াই থাকি ‘বিস্ময় পুৰুষ’ শশী ফুকন।

Amitabh Bachchan on Ratan Tata: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে? কিয় ৰতন টাটাই ধন ধাৰলৈ বিচাৰিছিল মেগাষ্টাৰৰ পৰা

Ratan Tata Amitabh Bachchan: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে
Amitabh Bachchan on Ratan Tata: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে? কিয় ৰতন টাটাই ধন ধাৰলৈ বিচাৰিছিল মেগাষ্টাৰৰ পৰা

ৰতন টাটাই এসময়ত ধন ধাৰে লৈছিল মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰা! যদিও এই কথাষাৰ শুনিবলৈ অবিশ্বাস্য কিন্তু এয়াই সত্য । এই কাহিনীটো ৰিয়েলিটি শ্ব’ কৌন বনেগা কৰোৰপতিত মেগাষ্টাৰ অমিতাভ বচ্চনে নিজমুখেৰে কৰিলে বৰ্ণনা। বলিউড অভিনেতাগৰাকীয়ে বিশিষ্ট উদ্যোগপতি সদ্যপ্ৰয়াত ৰতন টাটাক প্ৰশংসা কৰি অনুষ্ঠানটোত কৈ গ’ল বহু কথা ।(Amitabh Bachchan on Ratan Tata)

উল্লেখ্য যে, উদ্যোগপতি ৰতন টাটাই ৮৬ বছৰ বয়সত ত্যাগ কৰে শেষ নিঃশ্বাস । ২০২৪ চনৰ ৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়। ৰতন টাটাৰ মৃত্যুত দেশবাসীৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকসকলে শোক প্ৰকাশ কৰইল । শোক প্ৰকাশ কৰিছিল ভাৰতৰ চলচিত্ৰ জগতখনৰ লগত জড়িত প্ৰতিগৰাকী তাৰকাইও। শেহতীয়াকৈ মেগাষ্টাৰ অমিতাভ বচ্চনে পুনৰ এবাৰ স্মৰণ কৰিলে বিশিষ্ট উদ্যোগপতি ৰতন টাটাক। জনপ্ৰিয় অনুষ্ঠান ‘কৌন বনেগা কৰোৰপতি’ ত উদ্যোগপতিগৰাকীক স্মৰণ কৰি এসময়ত অভিনেতাগৰাকীৰ পৰা ৰতন টাটাই কিয় আৰু কেনেকৈ ধন ধাৰে ল’ব লগা হৈছিল সেই কাহিনী বৰ্ণনা কৰে।(Ratan Tata borrowed money from Amitabh Bachchan)

‘কৌন বনেগা কৰোৰপতি’ চমকৈ কেবিচিৰ শেহতীয়া এটা খণ্ডত দেখিবলৈ পোৱা যাব ফাৰাহ খান আৰু বোমন ইৰাণীক। এই খণ্ডতে চলচিত্ৰ উদ্যোগটোৰ বিষয়ে বিভিন্ন বিষয় চৰ্চা হোৱাৰ লগতে বিগ বিয়ে তেওঁৰ বহু স্মৰণীয় তথা আমোদজনক কাহিনী বৰ্ণনা কৰা দেখিবলৈ পোৱা যাব । মেগাষ্টাৰগৰাকীয়ে ৰতন টাটাৰ মৃত্যুত পুনৰ এবাৰ শোক প্ৰকাশ কৰি শ্ব’টোৰ এই বিশেষ খণ্ডটোত স্মৰণ কৰিব উদ্যোগপতিগৰাকীকো । শুনিবলৈ পোৱা যাব ৰতন টাটাৰ লগত জড়িত এটা আৱেগিক কাহিনী ।(KBC)

ৰতন টাটাৰ বিষয়ে চৰ্চা কৰি অমিতাভ বচ্চনে উদ্যোগপতিগৰাকীক অতি দয়ালু এগৰাকী ব্যক্তি আছিল বুলি উল্লেখ কৰে । লগতে ৰতন টাটা এগৰাকী ডাউন টু আৰ্থ ব্যক্তি আহিল বুলি উল্লেখ কৰি বিগ বিয়ে ক’লে, তেওঁ আছিল এগৰাকী অতি সহজ-সৰল মানুহ(Kaun Banega Crorepati)।

এবাৰ দুয়ো একেখন বিমানতে যাত্ৰা কৰিছিল লণ্ডনলৈ। লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত বিমানৰ সকলো যাত্ৰী এজন এজনকৈ বিমানবন্দৰৰ পৰা নিজৰ গন্তব্যস্থানলৈ গুচি গৈছিল। মই বিমান বন্দৰতে ৰৈ থকা ৰতন টাটাৰ কাষলৈ গলো । এনে সময়তে তেওঁ কাৰোবাক ফোন কৰিবৰ বাবে কাষতে থকা এটা ক’ল চেণ্টাৰলৈ গ’ল।

ক’ল চেণ্টাৰটোৰ পৰা পুনৰ তেওঁ মোৰ কাষলৈ ঘূৰি আহি সুধিলে, অমিতাভ- মই তোমাৰ পৰা অলপ টকা ধাৰলৈ ল’ব পাৰিমনে? মোৰ হাতত ফোন কৰিবলৈ টকা নাই। সেইদিনা ৰতন টাটাৰ এই কথাত মই আচৰিত হৈছিলোঁ। ..এনেদৰেই অমিতাভ বচ্চনে ৰতন টাটাৰ সৈতে কটোৱা সেই সময়খিনিৰ কথা শ্বেয়াৰ কৰিছিল কেবিচিৰ সেই বিশেষ খণ্ডটিৰ শ্বটিঙৰ মুহূৰ্তত।

এইগৰাকী বিশিষ্ট উদ্যোগপতিৰ যোৱা ৯ অক্টোবৰত বিয়োগৰ বাতৰিটো পোৱাৰ পাছতেই নিজৰ চচিয়েল মেডিয়াৰ হেণ্ডেলত তেখেতক সোঁৱৰি এটা পোষ্ট লিখিছিল। তেওঁ লিখিছিল, ‘আজি এটা যুগৰ অৱসান ঘটিল৷ তেওঁৰ নম্ৰতা, তেওঁৰ মনোভাৱ আৰু কঠোৰ পৰিশ্ৰমে আমাক সদায় অনুপ্ৰাণিত কৰিব। মোৰ প্ৰাৰ্থনা।’