Home Blog Page 484

Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ

Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ
Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ ইণ্ডিয়ান কাৰাটে সংস্থাৰ অসম ৰাজ্যিক গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডোৰ অধিনৰ কাৰাটে একাডেমীৰ উদ্যোগত গোৱালপাৰাৰ শোলমাৰাত অনুষ্ঠিত হয় বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ-২০২৪ৰ(Karate Training Camp)।

উল্লেখ্য, ইণ্ডিয়ান গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডো সংস্থাৰ তত্বাৱধানত ৰাজ্যিক ভিত্তিত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটো টেকনিকেল ডাইৰেক্টৰ চিহান সঞ্জীৱ বসুমতাৰী আৰু প্ৰাক্তন সৈনিক তথা ৰাষ্ট্ৰীয় প্ৰশিক্ষক লক্ষণ ৰয়ৰ পৰিচালনাত অনুষ্ঠিত হয়(Martial Arts Training Camp)।

ইফালে বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ আয়োজক তথা খেলৰ ইনষ্ট্ৰাক্টৰ বুদ্ধেশ্বৰ ৰাভাই জনোৱা মতে, প্ৰশিক্ষণ শিবিৰত ১০০গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে(Karate originates from Japan)।

ইফালে ডিচেম্বৰত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব লগা খেলৰ বাবে খেলুৱৈ বাচনি কৰাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে(Indian Karate Association)।

ইফালে গোৱালপাৰা জিলা ড্ৰাগন কাৰাটে একাডেমী গুজু-ৰিউৰ তৰফৰ পৰা জনোৱা মতে প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ইনষ্ট্ৰাক্টৰ ডেৰহাছত নাৰ্জাৰী, বয়ৰাম বসুমতাৰীৰ উপৰি বহু সংখ্যক খেলুৱৈ তথা প্ৰশিক্ষকে অংশগ্ৰহণ কৰে(martial arts management software)।

Aishwarya Rai Bachchan: ৫০ বছৰতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন! কেনেকৈ সম্ভৱ

Aishwarya Rai Bachchan: চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন
Aishwarya Rai Bachchan: ৫০ বছৰতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন

৫০ বছৰতো ইমান চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন। কেৱল খাদ্য আৰু ছালৰ যত্ন ল’লেই নহয়, ঐশ্বৰ্যই পালন কৰে এক বিশেষ জীৱনশৈলী।(Aishwarya Rai Bachchan)

ঐশ্বৰ্য ৰায় বচ্চন ৫০ বছৰ বয়সতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী (Aishwarya Rai Bachchan Hair Care)

তেওঁৰ কেইটামান টিপছ আপোনালৈ আগবঢ়ালোঁ-(Hair and Skin Care Tips)

ঐশ্বৰ্য ৰায় বচ্চনে সহজ ছালৰ যত্নত বিশ্বাস কৰে। কেৱল সেয়াই নহয়, তেওঁ নিয়মীয়া জীৱন যাপন কৰে, যিটো তেওঁৰ যৌৱনৰ অন্যতম কাৰণ।


ঐশ্বৰ্যই সদায় ৰাতিপুৱা সোনকালে উঠে, এইটোৱেই তেওঁৰ অভ্যাস আৰু উঠিয়ে প্ৰথমে ছালখন ভালদৰে ধুই দিয়ে।


ঐশ্বৰ্য ৰায়ৰ মতে ছাল পৰিষ্কাৰ আৰু আৰ্দ্ৰ কৰি ৰখাটো ছালৰ যত্নৰ অন্যতম চাবিকাঠি।

ঐশ্বৰ্যই ফেচ ৱাছেৰে ছালখন ধুই মইশ্ব’ৰাইজ কৰিবলৈ নাপাহৰে। মুখ আৰু হাতত অলপ মইশ্ব’ৰাইজাৰ লগাব আপুনিও।


ঐশ্বৰ্যই বেছি মেকআপ কৰি ভাল নাপায়। তেওঁৰ আটাইতকৈ বেছি ব্যৱহাৰ কৰা দুটা মেকআপ হ’ল আইলাইনাৰ আৰু কাজল। আৰু তেওঁ বহুত ফেচ পাউদাৰ ব্যৱহাৰ কৰে।


ঐশ্বৰ্যৰ মতে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো ছালৰ বাবে উপকাৰী। ইয়াৰ বাবে ঐশ্বৰ্যই মনত ৰাখিছে যে তেওঁ গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।


ঐশ্বৰ্যই ঘৰৰ খাদ্য খাই ভাল পায়। তেওঁৰ খাদ্যত কোনো ভাত বা ৰুটি নাৰাখে।


নিয়মিতভাৱে চুলিৰ তেল প্ৰয়োগ কৰিলে চুলিত ৰক্ত সঞ্চালন উন্নত হয়। ঐশ্বৰ্যই সাধাৰণতে মূৰত নাৰিকল তেল লগাই।


কণী আৰু তেলেৰে তৈয়াৰী এভোকেডো মাস্ক আৰু ঘৰতে বনোৱা মাস্ক মূৰৰ ছালত লগাই ঐশ্বৰ্য চুলিখিনি ৰক্ষণাবেক্ষণ দিয়ে। বাহিৰৰ পৰা কিনা বস্তু তেওঁ ব্যৱহাৰ নকৰে।(Skin Care Aishwarya)

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ
Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।

কিন্তু তিনিচুকীয়া জিলাৰে কাকপথাৰ অন্তৰ্গত কাছিজান গাঁৱতো(Kasijan Reserved Forest) যে হলৌ বান্দৰ পোৱা এই কথা একেবাৰে কম সংখ্যক লোকেহে জানে। অৱশ্যে অসমৰ প্ৰেক্ষাপটত কাছিজানৰ হলৌ বান্দৰে বহু বছৰ পূৰ্বে চৰ্চা লাভ কৰিছিল।

ইয়াৰ ওপৰত অসম চৰকাৰৰ অধীনত থকা বিভাগীয় কৰ্তৃপক্ষ, পৰিৱেশকৰ্মী, প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত দল-সংগঠন, সংস্থা আদি সমূহে আওকাণ কৰাৰ বাবেই কাছিজানৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ অৱহেলিত হৈ ৰ’ল আৰু আজিও অৱহেলিত হৈ আছে(Assam Tourism Sector)।

সম্প্ৰতি অতি তাৎপৰ্যপূৰ্ণ কথা এইয়ে যে, ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কুমচাং চাহ বাগিচা, কাছিজান গাঁৱৰ গাতে লাগি থকা কাছিজান সংৰক্ষিত বনাঞ্চলত গছ-গছনি কটা প্ৰতিযোগিতা চলিছে। বন ৰক্ষাৰ বাবে থকা বন বিভাগৰ কিছু কৰ্মচাৰীয়েই গছ কাটি এক প্ৰকাৰৰ ব্যৱসায়ত নামিছে।

এই অভিযোগ স্থানীয় লোকৰ। অৱশ্যে এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থাই সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছিল। উল্লেখ্য, কাছিজান সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া গাঁও কাছিজানত বৰ্তমান ৬ টাকৈ হলৌ বান্দৰ বিচৰণ কৰি ফুৰা তথ্য পোৱা গৈছে।

অতি শেহতীয়াকৈ ২৩ অক্টোবৰ, ২০২৪ তাৰিখে কাছিজান গাঁৱৰ নৰেন্দ্ৰ মৰাণৰ বাৰীত তিনিটা হলৌ বান্দৰে একেলগে বিচৰণ কৰি ফুৰা দেখা যায়। নৰেন্দ্ৰ মৰাণৰ ভাষ্য অনুসৰি কাছিজান গাঁও প্ৰতিষ্ঠা হোৱাৰ আগৰ পৰাই অৰ্থাৎ ১৯০৩ চনৰ পূৰ্বৰ পৰা কাছিজানত হলৌ বান্দৰ আছিল।

হলৌ বান্দৰ আৰু কাছিজানবাসীৰ মাজত আছে এক নিবীড় সম্পৰ্ক। কাছিজানৰ যুৱক সপোনজ্যোতি মৰাণ, কনক মৰাণ আৰু স্থানীয় লোকে কোৱা অনুসৰি, ২০২২ চনত প্ৰৱল দুমুহাৰ ফলত গছ পৰি এটা হলৌৰ মৃত্যু হয়। ২০২৩ চনৰ ৩ জুন তাৰিখে উচ্চ ক্ষমতাৰ বিদ্যুত পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যু হয় আন এটা হলৌ বান্দৰ। দুষ্প্ৰাপ্য হলৌ বান্দৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে কাছিজানবাসীয়ে(Tinsukia)।

উল্লেখ্য, অসমীয়া সমাজত মানুহ মৃত্যু হ’লে যেনেকৈ নীতি-নিয়ম অনুসৰি তিনিদিনত তিলনী তথা শ্ৰাদ্ধ পাতে ঠিক তেনেকৈ হলৌ বান্দৰৰ মৃত্যুৰ তিনিদিনৰ অন্তত অৰ্থাৎ ৫ জুন তাৰিখে শোকস্তব্ধ কাছিজানবাসীয়ে হলৌৰ আত্মাৰ মুক্তি কামনা কৰি পালন কৰে শ্ৰাদ্ধ। হলৌৰ প্ৰতি থকা মৰমৰ বাবেই আজিও স্থনীয় লোকে হলৌক কল খাবলৈ দিয়ে।

কাছিজানো হ’ব পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ঠাই। কাছিজানত থকা হলৌ বান্দৰসমূহ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। এই সংৰক্ষণৰ দ্বাৰাই হলৌ বান্দৰৰ ওপৰত পৰ্যটন কৰি কাছিজান অঞ্চলৰ বহু যুৱক-যুৱতীয়ে নিশ্চিতভাৱে কৰ্মসংস্থাপনৰ দিশ হিচাবে ল’ব পাৰিব। কাছিজান সংৰক্ষিত বনাঞ্চলখন অতি মূল্যৱান বনাঞ্চল হিচাবে চিহ্নিত হৈছে।

কিয়নো তাত আছে অসমৰ ৰাজ্যিক তথা জাতীয় গছ হোলোং, দুস্প্ৰাপ্য লাজুকী বান্দৰ, ৰাজ্যিক পক্ষী দেওহাঁহ, হাতী, ছাগলী পহু, বাঘ, চৰাই, পখিলা, বনৌষধ, অৰ্কিড, গছ-গছনি ইত্যাদি। সেয়ে এই বনাঞ্চলখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত যথেষ্ট চহকী। গতিকে ইয়াক সংৰক্ষণ কৰিব নোৱাৰিলে অসমৰ এক মূল্যৱান সম্পদ হেৰাই যাবলৈ বৰ বেছি সময় নালাগিব।

তিনিচুকীয়া লিহিৰি ইক’ ক্লাবৰ সম্পাদক সোনজিত মৰাণে কাছিজানৰ হলৌ বান্দৰৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰৰ লগতে প্ৰকৃতিপ্ৰেমী, পৰিৱেশকৰ্মী, পৰিৱেশৰ লগত জড়িত দল-সংগঠনক আহ্বান জনাইছে। কাইলৈ অৰ্থাৎ ২৪ অক্টোবৰ তাৰিখে “বিশ্ব হলৌ দিৱস”। এই দিৱস ২০১৫ চনৰ পৰা সমগ্ৰ দেশতে পালন কৰি আহিছে।

অসমৰ অকণিৰ পাঠ্যপুথিত বহু বছৰ পূৰ্বে প্ৰকাশিত কবি মিত্ৰদেৱ মহন্তৰ- “হলৌ উঠিল টকৌ গছত, লগাই খদৌ মদৌ জৌ জৌ কৈ সৰিল নিয়ঁৰ হ’ল জলৌ জপৌ।” শীৰ্ষক কাব্যশাৰী আজি পুনৰবাৰ দুহাৰি সমগ্ৰ দেশবাসীলৈ ‘বিশ্ব হলৌ দিৱস’ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা

Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা
Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা

গুৱাহাটী, ২৮ অক্টোবৰঃ চৰম ধৈৰ্য আৰু একাগ্ৰতাৰে অসম্ভৱকো সম্ভৱ কৰি দেখুৱাবলৈ সক্ষম হৈছে এজন যুৱক। নগাঁৱত এক ব্যতিক্ৰমী তথা অতিকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি নিজকে সমাজৰ আগত এগৰাকী জনপ্ৰিয় আৰু হৃদয়ৱান যুৱক(Mehdi Xeroxwala) হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজন।

কেৱল মাত্ৰ শিক্ষাৰ্থী সমাজক সহায়ৰ হাত(Students’ Dreams) আগবঢ়োৱাৰ উদ্দেশ্য নগাঁও চহৰৰ আমোলাপট্টি বি বি ৰোডত ‘জেৰক্সৱালা’ নামাৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰা এই দুৰদৰ্শী যুৱকজন হ’ল মেহদী আলম হাজৰিকা। ২৬ বছৰীয়া এই যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ দৰঙীগাঁও।

তেওঁ বিগত প্ৰায় চাৰি বছৰ ধৰি প্ৰতি পৃষ্ঠা জেৰক্সৰ বাবদ মাত্ৰ পঞ্চাশ প‌ইচা আৰু প্ৰতি কপি পিডিএফ প্ৰিন্টৰ বাবদ মাত্ৰ এক টকাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন পূৰণ কৰি আহিছে।

উল্লেখ্য যে নগাঁৱত বৰ্তমান প্ৰতিকপি জেৰক্সৰ দাম কোনোবা প্ৰতিষ্ঠানত দুটকা হোৱাৰ বিপৰীতে কোনোবাখনত তিনি টকা আৰু পিডিএফ প্ৰিন্টৰ প্ৰতি কপিৰ দাম ১০ টকা(World Test Championship)। ছাত্র-ছাত্ৰী সকলক এই সুবিধা দিয়াই নহয় প্ৰয়োজন অনুসাৰে ফটো কপি বা প্ৰিন্ট সমুহ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰি আহিছে এই ব্যতিক্ৰমী ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে।

এইদৰে ইমান কম মূল্যত এই সুবিধা কেনেকৈ প্ৰদান কৰি আহিছে বুলি বিভিন্ন জনৰ কৌতূহলৰ অৱসান ঘটাই সংবাদ মাধ্যমৰ আগত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গৰাকী মেহদী আলম হাজৰিকাই কয় যে অভাৱেই আৱিস্কাৰৰ মুল(Education World)। আৰ্থিক দৈন্যতাই বহু সন্ধান আৰু অনুপ্ৰেৰণা যোগাব পাৰে। মৰিগাঁৱৰ এটা ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি যুৱকজনে একমাত্ৰ ভগ্নীৰ সৈতে বহু আৰ্থিক সমস্যাৰ মাজেৰে ছাত্র জীৱন পাৰ কৰিব লগা হৈছিল।

মেট্ৰিক পা‌ছ কৰি নিজৰ কনিষ্ঠ ভগ্নীৰ সৈতে ২০১৮ চনতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ নগাঁৱলৈ আহি এটা ভাৰাঘৰত দুয়ো থাকিবলৈ লৈছিল(Human Development Magazine)।

বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি থকা কভিডকালীন পৰিস্থিতিত ভগ্নীৰ বাবে প্ৰয়োজন হোৱা গাইড বুক এখন জেৰক্স কৰিবলৈ গৈ এক অৰ্থ সংকট জনিত পৰিস্থিতিৰ সন্মুখীন হৈছিল তেওঁ। তেওঁ পূৰ্বতে অনুমান নকৰাকৈ ৩০০মান পৃষ্ঠা জেৰক্স কৰিবলৈ যাওঁতে জেৰক্সৰ দোকানীয়ে ১৭০০টকা বিচাৰোঁতে চকু কপালত উঠে।

তাৰোপৰি সেই জটিল সময়ছোৱাত অনলাইন ক্লাচ সমূহত দিয়া প্ৰশ্ন কাকতৰ প্ৰিন্ট উলিয়াবলৈ গৈয়ো টকাৰ অভাৱৰ বাবে তেওঁ সমস্যাত পৰে।

ইমান টকা কেনেকৈ দিব তেওঁ তাকে কিছু সময় ভাৱি মনতে কেতবোৰ চিন্তাৰ উদ্বেগ ঘটে। লগতে আন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলেনো কেনেকৈ ইমান টকাকৈ কেৱল জেৰক্সৰ নামত ব্যয় কৰিব।

তাক ভাৱিও আৱেগিক হৈ পৰাৰ লগতে বিষয়টোৱে তেওঁক কিবা নতুন চিন্তাৰ উন্মেষ ঘটাই। ইয়াৰ পৰাই তেওঁ কিছু অনুপ্ৰেৰণাও লাভ কৰে। সৰুৰে পৰা কম্পিউটাৰ চফ্টৱেৰৰ কামত পাকৈত যুৱকজনে বানিজ্য শাখাত সেই বৰ্ষটোতে দ্বিতীয়-তৃতীয় ষান্মসিকত অধ্যায়ন কৰাৰ সমান্তৰাল ভাবে ব্যক্তিগত কোম্পানী এটাৰ সৈতে কম্পিউটাৰ চফ্টৱেৰ কাম কৰি কিছু আৰ্থিক সকাহ লাভ কৰিছিল। এইদৰে কম্পিউটাৰ চলোৱা অথবা প্ৰযুক্তিগত ভাৱে পাৰ্গত যুৱক হাজৰিকাই এটা চফ্টৱেৰ ডেভলপ কৰিবলৈ সক্ষম হ’ল।

এইদৰে তেওঁ এটা প্ৰিন্টাৰ আৰু লেপটপ লৈ কভিডকালীন সময়ত নগাঁও বানিজ্য মহাবিদ্যালয়ৰ সমীপত এখন সৰু দোকান লৈ ব্যৱসায় আৰম্ভ কৰিলে। তেওঁ জনোৱা মতে, তেওঁ আৱিষ্কাৰ কৰা চফ্টৱেৰটোৰ জৰিয়তে কম সময়ত অধিক কপি জেৰক্স আৰু পি ডি এফ ফাইলটো দিয়াৰ লগে লগে কিমান সংখ্যা কপি আৰু ইয়াৰ বিনিময়ত লব লগা ধনৰ পৰিমাণ আদি সকলো আপোনা আপুনি ওলাই আহে।

যাৰ বাবে তেওঁ অতি নগন্য খৰছত শিক্ষাৰ্থী সমাজক নিজৰ ঘৰতে বহি নিজৰ প্ৰয়োজনীয় শৈক্ষিক হাতপুথি সমূহ যোগান ধৰিবলৈ সক্ষম হৈছে। বৰ্তমান নগাঁও জিলাৰ ওপৰিও কাষৰীয়া মৰিগাঁও আৰু হোজাই জিলাৰ ছাত্ৰ-ছাত্ৰীকো এই সুবিধা প্ৰদান কৰি আহিছে।

ইপিনে, ইমানেই নহয় হৃদয়বান যুৱকজনে অতি কম খৰচত কেৱল শিক্ষাৰ্থী সকলক পৰীক্ষা বা নাম ভৰ্তি, চাকৰিৰ আবেদনৰ ক্ষেত্ৰত অনলাইনৰ কামো কৰি দিয়ে।

আনকি তেওঁ কিছু ছাত্ৰ-ছাত্ৰীক ধন নোলোৱাকৈ কম্পিউটাৰ শিক্ষা দিও নিজৰ বদান্যতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। অকল শিক্ষাৰ্থী সমাজকেই নহয় এটা সৰু ব্যৱসায়ৰ জৰিয়তে নিজে অৰ্থনৈতিক ভাবে স্বচ্ছল হোৱাৰ লগতে আন বহুতক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে যুৱকজন।

লেখকঃ ভাস্কৰ জ্যোতি শ‌ইকীয়া (Bhaskar Jyoti Shaikia)

Dhanteras 2024: কাইলৈ ধনতেৰাছ, ধনতেৰাছত দান কৰক এই সমূহ বস্তু

ধনতেৰাছৰ দিনা দানৰ গুৰুত্বও অতি বেছি
ধনতেৰাছৰ দিনা দানৰ গুৰুত্বও অতি বেছি

সোণ-ৰূপৰ দৰে সমৃদ্ধিশালী বস্তু ক্ৰয়ৰ বাবে ধনতেৰাছৰ দিনটো অতি শুভ। লগতে এই দিনটোত দান কৰাটোও আৱশ্যকীয়। ধনতেৰাছৰ দিনা কোনবোৰ বস্তু দান কৰিব লাগে জানি লওক।(Dhanteras 2024)

কাৰ্তিক কৃষ্ণৰ ত্ৰয়োদশী তাৰিখ অৰ্থাৎ ধন ত্ৰয়োদশী বা ধনতেৰাছৰ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধি লাভৰ দিন। এইবাৰ ২৯ অক্টোবৰ মঙলবাৰে ধনতেৰাছ উদযাপন কৰা হ’ব। ধনতেৰাছৰ দিনা স্বাস্থ্যৰ দেৱতা ধনবন্তৰী, ধন কুবেৰ আৰু মাতৃ লক্ষ্মীক পূজা কৰা হয়।(Dhanteras day donate these things)

ধনতেৰাছৰ দিনা সোণ, ৰূপ, বাচন-বৰ্তন, কাপোৰ-কানি, গহনা আৰু ঝাড়ু ক্ৰয় কৰাটো অতি শুভ। কিন্তু ইয়াৰ সমান্তৰালকৈ ধনতেৰাছৰ দিনটোত দান দিয়াটোও সমানেই জৰুৰী৷ তেতিয়াহে মা লক্ষ্মী সম্পূৰ্ণ দয়ালু হ’ব।(Blessings of goddess laxmi)

ধনতেৰাছৰ দিনটো লক্ষ্মী দেৱীৰ নামত উচৰ্গা কৰা হৈছে। লক্ষ্মী আৰু শুক্ৰ গ্ৰহ বগা বস্তুৰ লগত সম্পৰ্ক আছে। গতিকে ধনতেৰাছৰ দিনা নিজৰ সামৰ্থ্য অনুসৰি চাউল, চেনি, গাখীৰ আৰু আটা আদি বগা বস্তু দান কৰক।

ধনতেৰাছৰ দিনা ঝাড়ু কিনি মন্দিৰত দান কৰাটো অতি শুভ কাম। এই কথাত মা লক্ষ্মী বৰ সুখী। অৰ্থাৎ ধনতেৰাছৰ দিনা মন্দিৰত ঝাড়ু দান কৰাটো দেৱী লক্ষ্মীক সন্তুষ্ট কৰি ধনী হোৱাৰ এক উপায়। এই কাম কৰা ব্যক্তিয়ে কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন নহয়।

ধনতেৰাছৰ দিনা দুখীয়াক গৰম কাপোৰ দান কৰক। সম্ভৱ হ’লে হালধীয়া ৰঙৰ কাপোৰ দান কৰক। ইয়াৰ বাবে বৃহস্পতি ৰাশিফলত শক্তিশালী হৈ উঠে আৰু সুখ আৰু সৌভাগ্য বৃদ্ধি কৰে। ঘৰখন ধন-সম্পত্তিৰে ভৰি আছে।(Donate warm clothes to the poor)

ধনতেৰাছৰ দিনা দুখীয়া আৰু আৰ্তজনক মিঠাই খুৱাওক। ইয়াৰ বাবেই মা লক্ষ্মী অতি সুখী হ’ব ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিব।

Protest Against Rising Prices: আকাশলংঘী মূল্য বৃদ্ধিৰ একক প্ৰতিবাদ শিৱসাগৰৰ সাংবাদিক প্ৰাঞ্জল ৰাজগুৰুৰ

Protest Against Rising Prices: আকাশলংঘী মূল্য বৃদ্ধিৰ একক প্ৰতিবাদ শিৱসাগৰৰ সাংবাদিক প্ৰাঞ্জল ৰাজগুৰুৰ
Protest Against Rising Prices: আকাশলংঘী মূল্য বৃদ্ধিৰ একক প্ৰতিবাদ শিৱসাগৰৰ সাংবাদিক প্ৰাঞ্জল ৰাজগুৰুৰ

শিৱসাগৰ, ২৮ অক্টোবৰ : সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যজুৰি জনসাধাৰণৰ নিত্য ব্যৱহাৰ্য বিভিন্ন খাদ্য পণ্য, দৈনন্দিন জীৱন নিৰ্বাহৰ(Protest Against Rising Prices) বাবে প্ৰয়োজনীয় নানা সা সামগ্ৰী, জীৱন ৰক্ষাকাৰী ঔষধ পথ্য(Life Saving Medicines) আৰু চিকিৎসাৰ(Diet And Treatment) ব্যয় বৃদ্ধি, শৈক্ষিক ব্যয়, ইন্ধন পেট্ৰ’ পণ্য, ৰন্ধন গেছ, বিদ্যুৎ মাচুলৰ পৰিমাণ বৃদ্ধি, ৰাজহুৱা পৰিবহণৰ ভাড়া বৃদ্ধি তথা ৰাজ্যত সক্ৰিয় হৈ থকা গোপন ছিণ্ডিকেটৰাজ, অবৈধ কমিশ্যন লোৱা চক্ৰবোৰৰ দৌৰাত্ম্যৰ বাবে অসমৰ সাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিব লগীয়া হৈছে।

সদৌ অসমৰ লগতে শিৱসাগৰ জিলাতো তড়িৎ সময়ত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ(Skyrocketing Prices) ফলত সৰ্বসাধাৰণ দৰিদ্ৰ নিম্ন মধ্যবিত্ত জনসাধাৰণৰ সুচল জীৱন নিৰ্বাহ অতি কষ্টসাধ্য হৈ পৰিছে।

আকাশলংঘী মূল্য বৃদ্ধি ৰোধৰ দাবী

কিন্তু জনতাৰ এনে দুখ দুৰ্গতিৰ আশু সমাধানৰ প্ৰতি বৰ্তমানৰ শাসকীয় ৰাজ্য চৰকাৰে উচিত গুৰুত্ব আৰোপ কৰা নাই। একেদৰে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এই সময়তো কুম্ভকৰ্ণ নিদ্ৰা ভংগ হোৱা নাই।

ৰাজ্য চৰকাৰৰ অসামৰিক যোগান বিভাগৰ মন্ত্ৰীগৰাকীকে সৰ্ব সাধাৰণ ৰাইজৰ দুখ দুৰ্দশা দূৰ কৰিবলৈ তড়িৎ সময়ৰ মূল্য বৃদ্ধিৰ প্ৰকোপ ৰোধৰ বাবে যথোচিত আইন গত উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়েহে অসমৰ বৰ্তমানৰ শাসকীয় চৰকাৰৰ এনে গণবিৰোধী ভূমিকাৰ তীব্ৰ প্ৰতিবাদ আৰু ক্ষোভ সাব্যস্ত কৰিবলৈ আজি ঐতিহাসিক শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিস্থিত সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্ত্তিৰ সন্মুখত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

শিৱসাগৰ নগৰৰ সন্মিলিত যুৱক যুৱতী বৃন্দৰ সৌজন্যত সক্ৰিয় সমাজকৰ্মী, শিৱসাগৰ জিলা গ্ৰাহক সুৰক্ষা সমিতিৰ প্ৰধান সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল ৰাজগুৰু আৰু উদীয়মান যুৱক মুস্তাক আহমেদে এই কাৰ্যসূচী পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে ৰূপায়ন কৰে।

শিৱসাগৰৰ অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ চিন্ময়ী চুতীয়া আৰু শিৱসাগৰ আৰক্ষীৰ নগৰ পৰিদৰ্শক দীপাংকৰ চেতিয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন থলীত উপস্থিত হৈ ৫ দফীয়া মূল্য বৃদ্ধি ৰোধৰ দাবী সম্বলিত স্মাৰক-পত্ৰ গ্ৰহণ কৰাৰ পাছত কাৰ্যসূচী সামৰণি পেলোৱা হয়।

Bihali Is Not Jorhat: বিহালী যোৰহাট নহয়- কোন গগৈৰ ওপৰত ক’লে বিধায়ক পদ্ম হাজৰিকা

Bihali Is Not Jorhat: বিহালী যোৰহাট নহয়- কোন গগৈৰ ওপৰত ক'লে বিধায়ক পদ্ম হাজৰিকা
Bihali Is Not Jorhat: বিহালী যোৰহাট নহয়- কোন গগৈৰ ওপৰত ক'লে বিধায়ক পদ্ম হাজৰিকা

গুৱাহাটী, ২৮ অক্টোবৰঃ কংগ্ৰেছ দলৰ ১৫ বছৰীয়া শাসনকালত অসমত গোষ্ঠী সংঘৰ্ষ, তিনিখুঁটি কাণ্ড হৈছিল, অসম-অৰুণাচল সীমান্তত অৰুণাচলৰ মানুহৰ বাবে সীমান্তৰ লোকসকলে শংকাত দিন পৰা কৰিবলগীয়া হৈছিল, সেইকথা আজি বিহালীৰ(Bihali Is Not Jorhat) ৰাইজে পাহৰিলে নহ’ব।

যেতিয়াই দুৰ্যোগ হৈছে, আমি তেতিয়াই বিহালীৰ ৰাইজৰ কাষত উপস্থিত হৈছোঁ, ৰাইজৰ সৈতে আছোঁ কিন্তু সেইসময়ত কংগ্ৰেছ দলৰ এজনো লোক আহি খবৰ লোৱাতো বাদেই ৰাইজৰ দুখ বুজিবলৈ চেষ্টা কৰা নাছিল।”- দেওবাৰে বিহালীত বিজেপি দলৰ হৈ সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দল তথা সাংসদ গৌৰৱ গগৈক ক্ষোৰধাৰ সমালোচনা কৰে বিধায়ক পদ্ম হাজৰিকাই(MLA Padma Hazarika)।

ক্ৰমে গৰম হৈ পৰিছে বিহালীৰ উপ-নিৰ্বাচনৰ বতাহ। দেওবাৰে বিহালীত এক সংবাদমেল অনুষ্ঠিত কৰি পদ্ম হাজৰিকাই গৌৰৱ গগৈয়ে যোৰহাটৰ দৰে বিহালীতো একেই পৰিস্থিতি হ’ব বুলি কোৱা কথাৰ প্ৰত্যাহ্বান জনাই কয় যে এইখন নৰ্থ বেংক হয়।

নৰ্থ বেংকত পদ্ম হাজৰিকা আছে, ৰঞ্জিত দত্ত আছে। গৌৰৱ গগৈয়ে(MP Gaurav Gogoi) নৰ্থ বেংকৰ(North Bank Assam) মানুহৰ মাজত পূৰ্বৰে পৰা নাছিল, গতিকে ৰাইজৰ ক্ষোভ বুজি পোৱা নাই।

গতিকে তেওঁ নৰ্থ বেংকৰ মানুহৰ মহিমা বুজি উঠা নাই। পূৰ্বৰ চৰকাৰৰ দিনত ঢেকিয়াজুলিৰ পৰা গহপুৰলৈকে কোনবিলাক ঘটনা সংঘটিত হৈছিল, হত্যালিলা সংঘটিত হৈছিল সেইকথা তেওঁ নাজানে নহয়।

ক্ষুদ্ৰ চাহখেতিয়কৰ পৰা আৰম্ভ কৰি পঞ্চায়ত সচিবলৈকে পিএমৱাইৰ ঘৰ পোৱা মানুহৰ পৰাও কিদৰে ধনদাবী কৰি ইয়াত চলিছিল, সেইকথা তেওঁ নাজানে নহয়।

তেওঁ ভাবে কংগ্ৰেছৰ শাসন কালত ইয়াৰ মানুহে বৰ সুখত আছিল, লৰা-ছোৱালীয়ে পঢ়াশুনা কৰিব নাছিল, সেইসময়ত এটা ব্লকত যিমান পইছা আহিছিল এতিয়া পঞ্চায়তত তাতকৈ বেছি পইছা আমাৰ মোদী চৰকাৰৰ দিনত উন্নয়নমূলক কামৰ কাৰণে দিছে। তেওঁ ২৩ তাৰিখৰ পাছত এনেকুৱা কথা আৰু নকয়।

সেই পৰিবেশ ইয়াত তেওঁ নাপায়।কংগ্ৰেছ দলে যেনে ধৰণে ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টি কৰি ভোট আদায়ৰ চেষ্টা কৰিছে সেয়া কৰিব নালাগে। কংগ্ৰেছ দল যে প্ৰতাৰক বা বিশ্বাসঘাতক ! সেই কথা আমি কোৱা নাই, সৌ সিদিনালৈকে একেলগে নলে-গলে লাগি থকা অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে নিজে কৈছে।

সেইবাবে আমি কিবা চাৰ্টিফিকেট নতুনকৈ দিব লাগিব বুলি আমি নাই ভবা। গতিকে প্ৰতাৰক, প্ৰবঞ্চক কংগ্ৰেছ দলটোক আমি উতখাত কৰিব লাগিব, অসমীয়া জাতিৰ স্বাৰ্থত, সুৰক্ষাৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত আৰু নতুন প্ৰজন্মৰ আশা-আকাংক্ষাৰ স্বাৰ্থত আমি বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব কাৰণে ৰাইজলৈ অনুৰোধ যে এইকেইদিন প্ৰচাৰৰ দিনকেইটাত আমাৰ দলৰ ফালৰ পৰা সহাঁৰি জনাবলৈ আহ্বান জনাইছোঁ(Ex CM Tarun Gogoi)।

ইফালে কংগ্ৰেছৰ দিনৰ সেই সন্ত্ৰাস জৰ্জৰ পৰিৱেশৰ কথা উনুকিয়াই কয় যে তৰুণ গগৈৰ পোন্ধৰ বছৰীয়া শাসন কালত মানুহে নিৰাপত্তা লাভ কৰা নাছিল, উগ্রপন্থীৰ হাতত বহু লোকৰ প্রাণ গৈছিল, বিহালী বনাঞ্চলত অৰুণাচলী আততায়ীৰ হাতত বহু অসমীয়াই প্রাণ হেৰুৱাব লগীয়া হৈছিল।

বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ভিমাজুলী, সোনাজুলীত উগ্ৰপন্থীৰ গুলীত মাতৃৰ বুকুত দুগ্ধ পান কৰি থকা দেৱ শিশুক গুলীয়াই হত্যা কৰিছিল। কিন্তু সেই সময়ত কংগ্ৰেছ চৰকাৰৰ কোনো মন্ত্রী-বিধায়ক সেই স্থানত গৈ ভুক্তভোগী ৰাইজৰ কাষত থিয় হোৱা নাছিল। মই সেই সময়ত মাত্ৰ মোৰ এছকৰ্ট লৈ গৈছিলো।

সাংসদ গৌৰৱ গগৈক প্রত্যাহ্বান জনাই পুনৰ বিধায়ক গৰাকীয়ে কয় যে তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী হৈ থকা সময়ত ৰাজ্যৰ কথা কবলৈ দুখ লাগে। বিশ্বনাথ বিহালীৰ অৱস্থা কেনেকুৱা আছিল। কিন্তু কেন্দ্রত বিজেপি চৰকাৰ অহাৰ পিছতে অপাৰেচন অলআউটৰ জৰিয়তে উগ্রপন্থী দমন কৰি এতিয়া শান্তি প্রতিষ্ঠা কৰিছে। আজি শান্তিৰ অসম ২০১৪ চনৰ শেষৰ ফালে দিল্লীত যেতিয়া বিজেপি দলে চৰকাৰ গঠন কৰিলে তেতিয়াৰ পৰাই অসমলৈ শান্তি ঘূৰি আহিছে।

হয় আমাৰ চৰকাৰৰ দিনটো মানুহৰ অসন্তুষ্টি নাই বুলি মই নকও, কিন্তু ১৪ চনৰ ডিচেম্বৰত সেইসময়ত গৃহমন্ত্ৰী ৰাজনাথ সিং বিশ্বনাথ চাৰিআলিলৈ আহি শান্তিৰ অসমৰ কথা কৈছিল। তাৰ পাছতে বহু উগ্ৰপন্থী কৰায়ত্ত হৈছিল, বহুজন মূলসূঁতিলৈ উভতি আহিছিল আৰু এনেদৰেই শান্তিৰ সোণৰ অসম হৈ উঠিছিল।

গৌৰৱ গগৈয়ে কৰা লোকেল-চালানিৰ ৰাজনীতি আৰু অসমীয়া আদিবাসীৰ ৰাজনীতিৰ সন্দৰ্ভত বিধায়ক হাজৰিকাই গৌৰৱ গগৈক আহ্বান জনাই কয় যে আমি সকলো অসমীয়া। জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰি সাতামপুৰুষীয়া এনাজৰি চিঙিব নালাগে বুলিও তেওঁ আহ্বান জনায়।


ইফালে জয়ন্ত বৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ চোলোৱা লোকসকল পুনৰ বিজেপিলৈ ঘুৰি অহাৰ আহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই কয় যে খৰাশিমলুৰ ৰাইজৰ লগত আমাৰ ভাল সম্পৰ্ক আছে, মোৰ বিশ্বাস জয়ন্ত বৰাতকৈ তাত আমাৰ প্ৰতি ৰাইজৰ বেছি বিশ্বাস আছে।

গতিকে আমি যেতিয়া তালৈ যাম সেই ৰাইজে নিশ্চয় আমাক সহাৰি জনাব। কোনোবা যদি বিজেপি দলৰ কাৰ্যকৰ্তা তেওঁৰ লগত এতিয়া আছেও মোৰ বিশ্বাস তাত আমি গলেই তেওঁলোক আকৌ বিজেপি দললৈ ঘূৰি আহিব।

Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’

Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’
Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’

গুৱাহাটী, ২৮ অক্টোবৰঃ ‘গানৰ মাজৰ মিঠা সোৱাদটো বৰ্তমান সময়ত ক’ৰবাত যেন হেৰাই গৈছে, যিটো প্ৰয়োজনীয়৷’ গুৱাহাটী প্ৰেছ ক্লাবত তনুজা চেতিয়াৰ কণ্ঠৰ ‘কবিতা কবিতা লগা গান’ শীৰ্ষক শ্ৰুতিমধুৰ গীতটিৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ এটি উন্মোচন কৰি কণ্ঠশিল্পী মনীষা হাজৰিকাই আৱেগিকভাৱে এইদৰে ব্যক্ত কৰে।

লগতে সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’(Kabita Kabita Lagaa Gan) শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময়(Shrutimodhur Git) কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধিকো মনীষা হাজৰিকাই প্ৰশংসা কৰে৷

কবিতা কবিতা লগা গান

একেধাৰে বিশিষ্ট ফেশ্বন ডিজাইনাৰ, ৰেইকিৰ গ্ৰেণ্ডমাষ্টাৰ তথা কণ্ঠশিল্পী তনুজা চেতিয়াই জনোৱা মতে, গীতটি মুক্তি পোৱাৰ ১৪ বছৰ পাছত ভিডিঅ’ ৰূপ পোৱা কথাটোৱে শিল্পীগৰাকীৰ এটি দীৰ্ঘদিনীয়া সপোন দিঠকত পৰিণত কৰিছে(Guwahati Press Club)৷

এটা মধুৰ, সুবাসিত সোঁৱৰণ, এটা মিঠা স্মৃতি এই গীতটিৰ দ্ধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। অনুষ্ঠানটিৰ মাজতে বিশেষ ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱৰা কণ্ঠশিল্পী জেপি দাসেও এটি ভিডিঅ’ ক্লিপযোগে গীতটিৰ শিল্পী আৰু কলা-কুশলীসকললৈ শুভেচ্ছা আৰু আশিষ জনায়(Singer Manisha Hazarika)৷

দৃশ্য-শ্ৰাব্য সংস্কৰণটিৰ চিনেমাট’গ্ৰাফাৰ ছাজ্জাদ হুছেইন, মেকআপত আছে ৰেচমিনা য়েছমিন, সন্ধ্যা বড়ো আৰু মিনতি ডেকা৷ গীটাৰত ড॰ মৃণাল দাস৷ ‘কবিতা কবিতা লগা গান’ৰ মিক্সিঙৰ কাম কৰিছে লহৰ ডিজিটেলে৷

অনুষ্ঠানটিত গীতটিৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপৰি সমাজকৰ্মী অঞ্জু গগৈ, কণ্ঠশিল্পী চাজু আহমেদ আৰু ভয়চ অৱ ইণ্ডিয়াৰ বিজয়ী মানসী চহৰীয়া উপস্থিত থাকে৷ মনমৰমী মহন্তই আঁতধৰা অনুষ্ঠানটিক অধিক জীপাল কৰি তোলে মানসী চহৰীয়া কণ্ঠৰ ড॰ ভূপেন হাজৰিকাৰ(Dr. Bhupen Hazarika) এটি গীতে৷

Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ ‘ৰঙা শিমলুৰ ৰ’দত’ উন্মোচন

Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ 'ৰঙা শিমলুৰ ৰ'দত' উন্মোচন
Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ 'ৰঙা শিমলুৰ ৰ'দত' উন্মোচন

ধেমাজি, ২৮ অক্টোবৰ : সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ কালি দ্বিতীয় দিনাৰ সন্ধিয়াৰ অন্তিম কাৰ্যসূচী কবি সন্মিলনত ১৪ বাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ আৰু বঁটাৰে সন্মানিত ধেমাজিৰ যুৱকবি মিণ্টু দাসৰ নৱতম কাব্য সংকলন ‘ৰঙা শিমলুৰ ৰ’দত'(Ronga Shimoloor Rodot) উন্মোচন হৈ যায়।

বিশিষ্ট কবি, আবৃত্তিকাৰ জোনমণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গ্ৰন্থকাৰৰ সহধৰ্মিনী ছায়াৰাণী দাসে(Mintu Das)। তাৰ পিছতে সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা গহপুৰৰ বিশিষ্ট কবি, লেখক বংশী বৰাই মাংগলিক উৰুলি ধ্বনিৰ মুখৰিত পৰিৱেশত কাব্য সংকলনখনিৰ শুভ উন্মোচন কৰে।

গ্ৰন্থ উন্মোচনীত সহযোগিতা কৰে ডিব্ৰুগড়ৰ বিশিষ্ট কবি, চিকিৎসক ডা: প্ৰণয় ফুকন, ডিব্ৰুগড়ৰ বিশিষ্ট কবি সংগঠক সুমন দত্ত, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক তথা যোৰহাটৰ বিশিষ্ট কবি উজ্জ্বল পাওগাম, গহপুৰৰ বিশিষ্ট কবি সমালোচক বিপুল দিহিঙীয়া, ধেমাজি(Dhemaji Book Festival) জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি নবীন কামান, সদৌ অসম কবি সন্মিলনৰ সম্পাদক চৈয়দ পাৰভিজ হুচেইনৰ লগতে কেইবাজনো গন্যমান্য ব্যক্তিয়ে।

প্ৰগতিশীল চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈ যুৱকবি মিণ্টু দাসে সমাজৰ খাতিখোৱা লোকসকলৰ মৰ্ম বেদনাক কবিতাত স্ফটিক কাব্যিক ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি উন্মোচক বংশী বৰাই তেখেতৰ উন্মোচনী ভাষণত যুৱকবি মিণ্টু দাসৰ কবিতাৰ দৰ্শন আৰু অন্তনিৰ্হিত তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰে আৰু কবিতাত সাৰ্বজনীনতা আৰু সমাজ চেতনাই মিণ্টু দাসৰ কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে আৰু মিণ্টু দাসৰ কবিতাৰ পৰিসৰৰ বিশালতাৰ কথা উল্লেখ কৰে আৰু সংকলনত সন্নিৱিষ্ট চকা শীৰ্ষক এটি কবিতা আবৃত্তি কৰে উন্মোচকগৰাকীয়ে।

তাৰ পিছতে গ্ৰন্থকাৰ মিণ্টু দাসে গুৱাহাটীৰ সম্ভ্ৰান্ত প্ৰকাশনগোষ্ঠী অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰি উলিওৱা আৰু বিশিষ্ট চিত্ৰশিল্পী হোমেন শইকীয়াই প্ৰচ্ছদ অংকন কৰা কাব্য সংকলনখনিৰ বিষয়ে চমু ব্যক্তব্য প্ৰদান কৰে।

উন্মোচনী অনুষ্ঠানত পাঠশালাৰ যুৱকবি কৌশিক কিশলয়, ডিব্ৰুগড়ৰ বৈদ্যবাইট বুঢ়াগোহাঁই, মৰাণৰ অংকুৰ ৰঞ্জন ফুকন, গহপুৰৰ সঞ্জীৱ বসুমতাৰী, ধেমাজিৰ বিশিষ্ট কবি সাহিত্যিক নিবেদিতা বড়া সন্দিকৈ, ধেমাজি জিলা কবি সন্মিলনৰ উপ-সভাপতি ডা০ পূৰৱী দুৱৰা, ধেমাজি জিলা কবি সন্মিলনৰ সম্পাদক হেমচন্দ্ৰ কছাৰী, চিচিবৰগাঁৱৰ কবি-সাংবাদিক মৃদুপৱন চুতীয়া, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক কল্পজিৎ সোনোৱালৰ লগতে প্ৰায় শতাধিক কবি আৰু কবিতানুৰাগীয়ে সভাত অংশগ্ৰহণ কৰে।

Dandruff Problem: উফিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে পোৱা অতি সহজ ঔষধবিধ ব্যৱহাৰ কৰক

Dandruff Problem: উফিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে পোৱা অতি সহজ ঔষধবিধ ব্যৱহাৰ কৰক
Dandruff Problem: উফিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে পোৱা অতি সহজ ঔষধবিধ ব্যৱহাৰ কৰক

মূৰৰ কাষত উফিৰ বগা টুকুৰা কিয় দেখা পাইছে? তালুৰ কোনোবা এটা অংশত শুকানতা জমা হয় আৰু চুলি সৰা সমস্যা হ’বলৈ ধৰে। মূৰ ফনিয়ালে মোৰ চুলি সৰা এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ উফি প্ৰতিৰোধী শ্বেম্পুৰ সলনি ঘৰুৱা ঔষধৰ ওপৰত নিৰ্ভৰ কৰক।(Dandruff Problem)ঘৰত উপলব্ধ কিছুমান বস্তু ব্যৱহাৰ কৰি চুলি শুকান সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। চুলি আৰু মূৰৰ ছালৰ শুকানতা আঁতৰাবলৈ কি কি ব্যৱহাৰ কৰিব পাৰি জানি লওক-(Homemade Dandruff Reduce Treatment)

কণীৰ কুহুম(egg white)

চুলিৰ উজ্বলতা বঢ়াবলৈ বহুতে চুলিত কেঁচা কণী ব্যৱহাৰ কৰে। ইয়াৰ ফলত চুলি কোমল হৈ পৰে। কিন্তু কেঁচা কণীৰ য়ে চুলিৰ সৌন্দৰ্য্যই বৃদ্ধি কৰে। কণীৰ কুহুমত বায়’টিন থাকে, যিটো এক প্ৰকাৰৰ ভিটামিন আৰু ই চুলিৰ স্বাস্থ্যৰ যত্ন লয়। আৰু কণী ধুনীয়া চুলিৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।(hair care tips)

গ্ৰীণ টি(green tea)

গ্ৰীণ টি খাই ওজন কমাব পাৰে। গ্ৰীণ টি এই চাহৰ বেগটো ব্যৱহাৰ কৰাৰ পিছত ঠাণ্ডা কৰি চকুৰ চাৰিওফালে লগালে ক’লা দাগবোৰ আঁতৰি যায়। এই সকলোবোৰ তথ্য বহুতে জানে। বহুতে নাজানে যে গ্ৰীণ টিয়ে শুকান সমস্যা দূৰ কৰে। গ্ৰীণ টিত ভেঁকুৰ প্ৰতিৰোধী উপাদান থাকে। সেয়েহে প্ৰথমে এই বিশেষ চাহৰ মোনাটো গৰম পানীত তিয়াই দিব। তাৰ পিছত চাহৰ বেগটো ঠাণ্ডা কৰি মূৰৰ ছাল আৰু চুলিত লগাব। প্ৰস্তুত কৰা চাহৰে চুলি ধুব। কেইসপ্তাহমান ব্যৱহাৰ কৰাৰ পিছত ফলাফল দেখা পাব। গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে আমাৰ মূৰৰ ছালৰ যত্ন লয়।

নাৰিকল তেল(coconut oil)

মূৰৰ ছাল শুকাই গ’লে শুকান হোৱাৰ সমস্যা বাঢ়ে। গতিকে নাৰিকল তেলেৰে মূৰৰ ছালখন মালিচ কৰিলে শুকানতা নাইকিয়া হৈ যাব। কিন্তু যদি আপোনাৰ মূৰৰ ছালখন তেলীয়া হয় তেন্তে নাৰিকল তেল ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

এলোভেৰা জেল(Alovera gel)

এই উপাদানসমূহ সামগ্ৰিকভাৱে চুলিৰ স্বাস্থ্যৰ বাবে ভাল। এলোভেৰা জেলেৰে মূৰৰ ছালত মালিচ কৰিলে উফিৰ সমস্যা দূৰ হ’ব। কেইদিনমানৰ ভিতৰতে লাভ কৰিব সুবিধা। কিন্তু মূৰৰ ছালৰ মালিচ আৰু এলোভেৰা জেলৰ দ্বাৰা চুলিৰ মালিচ কৰাৰ পিছত শ্বেম্পুৰে চুলি ধুব লাগিব। এলোভেৰা জেলৰ প্ৰভাৱৰ বাবে চুলি কোমল আৰু কোমল হৈ পৰে। উজ্জ্বলতা বৃদ্ধি পাই।