Home Blog Page 488

Suspected Gas Leak In Chennai School: চেন্নাইৰ এখন বিদ্যালয়ত গেছ নিৰ্গত হৈ অচেতন ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

35 Students Hospitalised After Suspected Gas Leak In Chennai School
Suspected Gas Leak In Chennai School: চেন্নাইৰ এখন বিদ্যালয়ত গেছ নিৰ্গত হৈ অচেতন ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

চেন্নাই, ২৬ অক্টোবৰ: চেন্নাইৰ ভিলেজ ষ্ট্ৰীটস্থিত(Village Street Chennai) ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত সন্দেহজনক গেছ নিৰ্গত হোৱাৰ ফলত কমেও ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰে(Suspected Gas Leak In Chennai School)। ২৫ অক্টোবৰৰ দুপৰীয়াৰ ভাগত বিদ্যালয়ৰ তিনি মহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাত সংঘটিত হয় এই ঘটনা। হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত এই বিদ্যালয়খনত অভাৱনীয়ভাৱে গেছ নিৰ্গত হোৱাৰ ফলত ঘটনাস্থলীতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে চেতনা হেৰুৱাই পেলায়।

ইয়াৰ পিছতে ততাতৈয়াকৈ আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলক ততাতৈয়াকৈ এম্বুলেন্সৰ জড়িয়তে তিৰুভট্টিয়ুৰৰ চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ (Government General Hospital in Tiruvottiyur) লৈ যোৱা হয়। একাংশ ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে মৃদু লক্ষণ থকা আন একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসাৰ অন্তত ডিচচাৰ্জ দিয়া হয়।

চিকিৎসালয়খনত চিকিৎসাধীন এগৰাকী ছাত্ৰীয়ে কয়, ‘আমি দুদিন ধৰি এই গেছৰ গোন্ধটো অনুভৱ কৰি বিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰিছিলো । কিন্তু বিদ্যালয়ৰ কৰ্তৃপক্ষই এই লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আজি নিৰ্গত হৈ থকা এই গেছৰ বাবে মই উশাহ ল’ব নোৱাৰি অজ্ঞান হৈ পৰিলোঁ, বিদ্যালয় কৰ্তৃপক্ষই মোক পানী খাবলৈ পৰামৰ্শ দিলে যদিও অৱশেষত মোক চিকিৎসালৈ অনা হ’ল।”

আন এগৰাকী আক্ৰান্ত ছাত্ৰৰ মাতৃয়ে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, “বিদ্যালয় কৰ্তৃপক্ষই মোক পলমকৈ অৱগত কৰিছিল। মই বিদ্যালয় আহি পোৱালৈ মোৰ ছোৱালীক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। প্ৰকৃততে কি ঘটিছিল বিদ্যালয় কৰ্তৃপক্ষই তাৰ স্পষ্ট ব্যাখ্যা দিব লাগে।”

ইফালে বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে ষ্টেনলি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ(Stanley Government Medical College Hospital) স্থানান্তৰ কৰা হৈছে। তাৰোপৰি অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক্স-ৰে, চিটি স্কেন আৰু হাওঁফাওঁৰ কাৰ্য্যক্ষমতা পৰীক্ষা সম্পন্ন কৰা হয়।

ষ্টেনলি হাস্পতালৰ পৰা জনোৱা মতে, তেওঁলোকৰ পৰীক্ষাৰ ফলাফল স্বাভাৱিক পোৱা গৈছে। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল যদিও এতিয়া তেওঁলোকৰ অৱস্থা সুস্থিৰ । এদিন পৰ্যবেক্ষণৰ অন্তততেওঁলোকক ঘৰলৈ পঠিওৱা হ’ব।

ইফালে বিদ্যালয়খনৰ গেছ নিৰ্গত হোৱা স্থানটো পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে চলালে অনুসন্ধান । পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বাহিনীটোৰ কামাণ্ডেণ্ট এ কে চেলাখানে কয় যে গেছ নিৰ্গত হোৱাৰ অভিযোগ উত্থাপন হোৱা স্থানত গেছৰ কোনো গোন্ধ পোৱা নগ’ল। ক’ৰ পৰা কেনেধৰণৰ গেছ নিৰ্গত হৈছিল আৰু কিহৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অচেতন হৈ পৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান
Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

গুৱাহাটী, ২৫ অক্টোবৰ: অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ শুকুৰবােৰ মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

প্ৰাপ্ত তথ্য মতে সন্ধিয়াৰ পৰা দুটাকৈ ষ্ট্ৰ’কৰ সন্মুখীন হয় শশী ফুকন। চিকিৎসকে ধাৰাবাহিকভাৱে চেষ্টা চলাহ× আছিল যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

৭৮ বছৰ বয়সত মৃত্যু হয় ‘বিস্ময়’ আৰু ‘প্ৰিয়সখী’ৰ সম্পাদকজন(Founding Editor)। বিগত ডেৰ মাহতকৈও অধিক সময় ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে প্ৰথমে মহানগৰীৰ হায়াট হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

আনহাতে, যোৱা ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্ৰাপ্ত হৈছিল শশী ফুকন। যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে পৰিয়ালে ততাতৈয়াকৈ ভৰ্তি কৰিছিল সমীপতে থকা হায়াট হাস্পতালত। আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

7 shooters of Lawrence Bishnoi gang arrested, they were about to kill a person in Rajasthan
Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

নতুন দিল্লী, ২৫ অক্টোবৰ: পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি দেশৰ বহুকেইখন ৰাজ্যত লৰেন্স বিষ্ণৈ গেঙৰ বিৰুদ্ধে তীব্ৰ আভিযান আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। বিষ্ণৈ গেঙৰ বিৰুদ্ধে স্পেচিয়েল চেলটোৱে চলোৱা ‘পান ইণ্ডিয়া’ অভিযানৰ সময়ত গেংটোৰ ৭জন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে(7 shooters of Lawrence Bishnoi gang arrested)। লগতে গ্ৰেপ্তাৰ কৰা পৰা শ্বুটাৰকেইজনৰ পৰা জব্দ কৰিছে বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰও।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, ৰাজস্থানত এজন ব্যক্তিক হত্যাৰ পৰিকল্পনা কৰা ৭জন সন্দেহযুক্ত শ্বুটাৰক দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে(Delhi Police Special Cell ) গ্ৰেপ্তাৰ কৰিছে। যোৱা ১২ অক্টোবৰত মুম্বাইত এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড(Baba Siddiqui murder case)ৰ কেইদিনমান পিছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি গ্ৰেপ্তাৰ কৰিলে এই সাতজনক । উল্লেখ্য যে, বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল বিষ্ণৈ গেঙে ।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, পঞ্জাৱ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ দ্বাৰা ৭জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোককেইজনৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও জব্দ কৰা হৈছে। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ঘনিষ্ঠ আৰ্জু বিষ্ণৈৰ নিৰ্দেশ অনুসৰি তেওঁলোকে ৰাজস্থানত কাৰোবাক হত্যাৰ লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে। তথ্য অনুসৰি আৰ্জু বিষ্ণৈ লৰেন্স গেঙৰ সৈতে জড়িত যদিও গেংটোৰ পৰিচালনা কৰি আহিছে আনমোল বিষ্ণৈয়ে।

১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰাত সংঘটিত হোৱা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিৰ হত্যাকাণ্ডৰ আঁৰত আনমোল বিষ্ণৈ জড়িত থকা বুলি ধাৰণা কৰা হৈছে। শেহতীয়াকৈ মুম্বাইৰ এখন আদালতে ছলমান খানৰ ঘৰৰ বাহিৰত কৰা গুলীচালনাৰ ঘটনাত জড়িত দুজন অভিযুক্তৰ এজনক জামিন দিবলৈ অস্বীকাৰ কৰিছিল। আদালতে কৈছিল যে, তেওঁ আনমোল বিষ্ণৈৰ নিৰ্দেশত ছলমান খানক হত্যা কৰাৰ উদ্দেশ্য বা জ্ঞানেৰে এই কাৰ্য সংঘটিত কৰিছিল।

ইফালে লৰেন্স গেঙৰ ওপৰতো এন আই এৰ দৃষ্টি অধিক কঠোৰ কৰিছে। লৰেন্সৰ ভাতৃ আনমোল বিষ্ণৈৰ ওপৰত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা NIA-এ। এই পুৰস্কাৰ ঘোষণাৰ পিছতে এতিয়া লৰেন্সৰ ভায়েক আনমোলৰ অসুবিধা আৰু অধিক বাঢ়িল। সিদ্ধু মুছৱালা হত্যাকাণ্ডৰ গোচৰতো আনমোলৰ নাম সংযুক্ত হৈছিল। ইফালে বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তই পূৰ্বেও হত্যা আৰু ধন দাবীৰ দৰে কেইবাটাও অপৰাধমূলক ঘটনা সংঘটিত কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে।

লগতে পঢ়ক: https://www.dainandinbartagroup.in/salman-khan-gets-death-threat-5-crore-extortion-message/Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

Gogoi's Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ
Gogoi's Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

গুৱাহাটী, ২৫ অক্টোবৰঃ কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi’s Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

নেতাজনে সংবাদ মেল সম্বোধন কৰি সাংবাদিকৰ আগত অভিযোগ কৰি কয় যে কংগ্ৰেছে শাসকীয় এজনৰ বিপৰীতে বিৰোধী ঐক্যৰ এজন প্ৰাৰ্থীৰ নেৰেটিভ ৰচনাৰে আদৰ্শগত আৰু মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী অসমৰ জনগণক গৌৰৱ গগৈ(Gaurov Gogoi) আৰু ভূপেন বৰাৰ নেতৃত্বত এখন ৰাজনৈতিক নীলা ছবি উপহাৰ দিলে৷

জনগণৰ মাজত বিজেপিৰ প্ৰতি খং, ক্ষোভ আৰু মোহভংগ পৰিৱেশৰ মৃদু বতাহ বলিবলৈ আৰম্ভ কৰিছে তেনে সময়তে কংগ্ৰেছ নেতৃত্বই জনগণৰ কংগ্ৰেছ দলৰ প্ৰতি বৃদ্ধি পোৱা জনসমৰ্থন তথা আস্হাৰ বহিঃপ্ৰকাশ বুলি ভাবি চুড়ান্ত অহংকাৰী হৈছে। কংগ্রেছে অসমৰ জনগণৰ আহ্বানক অনুধাৱন কৰিব পৰা নাই আৰু নোৱাৰে৷ নেতাজনে লগতে কয় যে কংগ্ৰেছ দলত প্ৰাৰ্থীৰ টিকট বিক্ৰী হয়৷সাধাৰণ সম্পাদকৰ পদবী বিক্ৰী হয় দহ লাখ টকাত৷

তদুপৰি নেতাজনে বিস্ফোৰক অভিযোগ কৰি কয় যে কংগ্ৰেছ নেতৃত্বই কিছুদিনৰপৰা নিৰ্বাচনৰ প্ৰাকক্ষণত জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থী আচিলাৰে মিত্ৰদলসমূহৰ নিৰ্বাচনী ৰণনীতি বিক্ৰী কৰে৷ ২০২১ চনত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তেতিয়াৰ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত বিৰোধী ঐক্যৰ নিৰ্বাচন কেন্দ্ৰীক ৰণনীতি বিক্ৰী কৰি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিলে৷

সদ্য ঘোষিত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰাৰ লগতে শেহতীয়াকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত আচিলা হিচাপে লৈ অসম সন্মিলিত মৰ্চাই ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনকলৈ শাসকীয় দলৰ এজনৰ বিপৰীতে বিৰোধী ঐক্যৰ এজন প্ৰাৰ্থীৰ যি ৰণনীতি প্ৰস্তুত কৰা হৈছিল সেই ৰণনীতি কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিক্ৰী কৰিলে(Lurinjyoti Gogoi)৷

গৌৰৱ গগৈৰ এনে কাৰ্যই তেওঁক এজন এককেন্দ্ৰিক, অহংকাৰী, অকৃতজ্ঞ আৰু নুন্যতম সৌজন্যতাবোধ নথকা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিলে৷ সংবাদমেলত নেতাজনে পুনৰ অভিযোগ কৰি কয় যে বিজেপি অসমৰ বাবে যেনেদৰে ক্ষতিকাৰক ঠিক তেনেকৈ কংগ্ৰেছ দলো ক্ষতিকাৰক৷ কিন্ত সাম্প্ৰদায়িক, ফেচিষ্ট আৰু দেশৰ একতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিজেপিক এই মূহূৰ্তত ক্ষমতাচ্যুত কৰাৰ প্ৰয়োজনীয়তাৰ বাবেহে আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছিলোঁ৷ কিন্ত এইক্ষেত্ৰত ৰাইজৰ দল দূৰ্বল নহয়৷ অসমত এতিয়াও ঐক্যবদ্ধ, প্ৰগতিশীল, আঞ্চলিক, জাতীয়তাবাদৰ ৰাজনৈতিক শক্তিয়ে অকলেই চৰকাৰ গঠন কৰাৰ ৰাজনৈতিক পৰিৱেশ আছে৷ এইক্ষেত্ৰত নেতাজনে পুনৰবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈক ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ’বলৈ আহ্বান জনায়৷আজিৰ সংবাদ মেলত ৰাইজৰ দলৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক দীপক কোঁৱৰ, ডিমৌ সমষ্টিৰ জেষ্ঠ নেতা মৃণালৰজ্ঞন গগৈ উপস্থিত থাকে।

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !
৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা।

গুৱাহাটী, ২৫ অক্টোবৰ: ২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা।
২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)


৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ’ব ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থী।
সংবাদমেলত মন্তব্য অতিৰিক্ত মুখ্য সচিব ডি কল্যাণ চক্ৰৱৰ্তীৰ। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। প্ৰথমটো পৰীক্ষাৰ পাছত কেন্দ্ৰৰ ভিতৰতে থাকিব লাগিব পৰীক্ষাৰ্থী
PAPER 1ৰ বাবে HSLC উত্তীৰ্ণ ৮,২৭,১৩০গৰাকী আৰু PAPER 2 ৰ বাবে অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ ৫,৫২,০০২ গৰাকী পৰীক্ষা অৱতীৰ্ণ হ’ব। নিগেটিভ মাৰ্কিং থকাৰ বাবে অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে আধা ঘণ্টা সময় ।


যিসকলে পৰীক্ষাৰ নিয়ম উলংঘা কৰে বা বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱা হ’ব। সকলোকে নিৰ্ভীকভাৱে মুক্তমনে পৰীক্ষা দিবলৈ আহ্বান। ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে কৰ্তন হ’ব ইণ্টাৰনেট। পুৱা ৮:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট । মহিলা পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত অতিৰিক্তভাৱে নিয়োগ কৰা হ’ব আশা-অংগনবাড়ী কৰ্মী।

National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ

National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ
National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ

গুৱাহাটী, ২৫ অক্টোবৰ: চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)।

প্ৰতিযোগিতামূলক আৰু অনা-প্ৰতিযোগিতামূলক এই দুই শাখাত ছবিসমূহ প্ৰদৰ্শিত হ’ব। বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান “চলচ্চিত্ৰম”ৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ মূল বিষয়বস্তু হৈছে “আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ”(Our Heritage Our Pride)।

মূল বিষয়বস্তুৰ উপৰি এই মহোৎসৱত ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰাংকন, চিত্ৰাংকন আৰু কাঠত খোদিত কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতিসৌধ আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱা সকল, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিবেশ আদি বিষয়কো প্ৰাধান্য দিয়া হৈছে।

২৬ অক্টোবৰত চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই(Chalchitram)৷ অনুষ্ঠানত উপস্হিত থাকিব ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মাই৷ মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হ’ব প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালান আৰু ধ্ৰুৱজ্যোতি কাকতি প্ৰযোজিত ছবি “দ্য লাষ্ট জেনেৰেশ্যন”(The Last Generation)।

প্ৰতিযোগিতামুলক(উত্তৰ-পূব) শিতানৰ বাবে কেবাখনো মনোগ্ৰাহী ছবি বাচনি কৰা হৈছে। বীৰুবালা-দ্য ক্ৰূছেদৰ (ধীৰাজ কাশ্যপ), প্ৰয়োজন (কৃষ্ণ দাস), দ্য বুৎচাৰ (তাচী ৱাংচু এম জে), ৰং নাম্বাৰ (বিজিত বৰগোহাঁই), জাৰ্নী উইথ এ ডেন্স ফৰ্ম (প্ৰাঞ্জল প্ৰতীম চেতিয়া), আদি শক্তি মা কামাখ্যা (প্ৰদীপ চন্দ্ৰ শৰ্মা), হেভেন অন দ্যা আৰ্থ (প্ৰশান্ত কলিতা), এ চীলভান চাগা (জ্যোতি প্ৰসাদ দাস), ৰাইজিং চানবাৰ্ড্‌চ (সুদেষ্ণা গুপ্তা), দ্য কেয়াৰটেকাৰ (বিশ্বজিৎ দাস), মিছিং কুইজিন (প্ৰাঞ্জল প্ৰতীম চেতিয়া) আৰু টীন্‌চ অৱ নাইন্‌টিন ফ’ৰ্‌টি টু (সমীৰণ ডেকা)।

আনহাতে, অনা-প্ৰতিযোগিতামুলক শিতানত বিয়িং বল্ড (কৃষ্ণ দাস), গৰিশালী (অসমী শৰ্মা), বিচিত্ৰ (তুহীন কণ্যা বৰা), ডেষ্টিনেশ্যন (দীপক কুমাৰ ৰয়), আৰু একাকী (ৰূপম জ্যোতি মালাকাৰ) আদি ছবিসমূহ প্ৰদৰ্শিত হ’ব।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক শিতানত মাই নেশ্যনেল ফ্লেগ (শ্বেতা কুমাৰ দাস), স্বচ্ছতম (মোনাক্ষ এন কানিৰ্কাৰ), জশৱান্ধা (ছ’নিল য়ালাট্টিকাৰ), নিম্বু মিৰ্চি (অতুল সুভাষৰাও কাম্বলে), টাইনী ৱৰ্ল্ড (শশীধৰ কোটে), এ লেটাৰ টু মাই হোম (দেৱজানী হালডাৰ), সুন্দৰবন (অৰিন্দম কোনাৰ আৰু শ্যাম সুন্দৰ পাল), ভুখ (চৈকত বাগৱান), য়েচ চাৰ (মোহিত সিংঘাল), মাল্টি (মৃণাল মিষ্ট্ৰী), দ্য ৱেইটিং (ললিত কুমাৰ ঝা আৰু সুমিত কোহলী), মাইনাচ (অৰিত্ৰ দাস), উমা (অৱন্তি সিন্‌হা), দ্য ভিলেজ অৱ মাস্ক্‌চ (ঋতবৃত মিত্ৰ), প্ৰ’মিজ (ৰৱিকান্ত নাৰায়ণ), ৰেইনব’ ক্লাছৰূম (মাধুৰ্য অলংকাৰ), বিন বয় (বোধ্যায়ন মুখাৰ্জী),

আৰু দ্য লাষ্ট টক (আশীষ ঠাকুৰ) -এইকেইখন ছবি প্ৰদৰ্শিত হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনা-প্ৰতিযোগিতামুলক শিতানত প্ৰদৰ্শিত হ’ব গড্‌চ অব ক্লে- মাটিৰ ঠাকুৰ (অমিত ভট্টাচাৰ্য), ৰিজাৰ্ভ ৱ’মেন ৰাইট (বিজয় কুমাৰ ডোগ্ৰা), ৰাহ মে উনচে (হৰ্ষ পানছলৱাৰ), চাগাৱৰম (দীনেশ বালাশ্ৰী), ডেনিচ এণ্ড হিজ কাম্বালা বাফেলো (প্ৰৱীংক চেট্টী আৰু নীতেশ আঞ্চন), লিটল এক্সপ্লোৰাৰ (চাপ্ৰু ভিভি), এয়াৰ পলিউশ্যন (উমেশ ওৱাই গৌৰৱ), ব্লেক হ’ল (প্ৰদ্যুম্ন), আই এম নট ডাউন (জ্যোতি মাদনানি), খেৰা- দ্য লক্ষ্মী অৱ ছিল্কা (সুদেষ্ণা গুপ্তা), উইম্‌ডাৰমীৰ কী ৰামলীলা (সিদ্ধাৰ্থ ৰাৱাল), ষ্টেটাচ (মদন আৰ কাৰ্তিক), প্ৰূফ অৱ দ্য চ’ল (গুলছন সিং), আৰু মান‌্ৱী (ইন্দ্ৰানী ঘোষ) আদি ছবি কেইখন।

সকলো চলচ্চিত্ৰ অনুগামীৰ বাবে মুকলি থাকিবলগীয়া এই মহোৎসৱ দুয়ো দিনাই পুৱা ১০ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ মুকলি থাকিব। বঁটা বিজয়ী চিত্ৰ নিৰ্মাতাসকলক সামৰণি অনুষ্ঠানত অসমৰ স্বনামধন্য অভিনেত্ৰী মৃদুলা বৰুৱা, ইণ্ডিয়ান ডকুমেন্টৰী প্ৰযোজক সন্হাৰ সভাপতি সংস্কাৰ দেশাই, চলচ্চিত্ৰ নিৰ্মাতা ড: সন্তোষ পাঠাৰে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত পৰিচালক যদুমণি দত্ত, মণিপুৰৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ঐনাম গৌতমৰ লগতে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি তথা চিনেমা অনুৰাগীৰ উপস্থিতিত নগদ ধনৰ পুৰস্কাৰ, ট্ৰফী আৰু প্ৰমান পত্ৰেৰে সন্মানিত কৰা হ’ব।

আয়োজক সমিতিৰ সম্পাদক তথা বিশিষ্ট অভিনেতা ভগৱৎ প্ৰীতমে জানিবলৈ দিয়া মতে, এই মহোৎসৱৰ আয়োজনে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা সকলক চলচ্চিত্ৰ নিৰ্মাণ অকল ধন ঘটাৰ মাধ্যম হিচাপে নহয়, সমগ্ৰ উপ-মহাদেশখনত সামাজিক পৰিবৰ্তনৰ শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব।

Delhi Liquor Policy Case: দিল্লী সুৰা নীতিৰ গোচৰৰ অন্তিমজন অভিযুক্তকো জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Delhi Liquor Policy Case: Supreme Court Grants Bail To Businessman Amandeep Singh Dhall
Delhi Liquor Policy Case: দিল্লী সুৰা নীতিৰ গোচৰৰ অন্তিমজন অভিযুক্তকো জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

নতুন দিল্লী, ২৫ অক্টোবৰ: দিল্লী সুৰা নীতিৰ(Delhi Liquor Policy Case) সৈতে জড়িত দুৰ্নীতিৰ গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ব্যৱসায়ী অমনদীপ সিং ধল্ল(Amandeep Singh Dhall)ৰ জামিন মঞ্জুৰ কৰে। এই নিৰ্দেশৰ পিছত সুৰা নীতি গোচৰৰ আটাইকেইজন অভিযুক্তই জামিন লাভ কৰিলে।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Former Delhi Chief Minister Arvind Kejriwal), আম আদমি পাৰ্টিৰ নেতা মনীষ ছিছ’দিয়া(AAP leaders Manish Sisodia), সঞ্জয় সিং আৰু বি আৰ এছ এম এল এছৰ কে কবিথা(BRS MLS K Kavitha)ক দিল্লী আবকাৰী নীতিৰ অভিযোগত জামিন মঞ্জুৰ কৰিছিল।

ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে(Bench of Justices) কয় যে চিবিআই(CBI) গোচৰটোত প্ৰায় ৩০০ গৰাকী সাক্ষী আছিল যাক লৈ কেন্দ্ৰীয় সংস্থাটোৱে আৰু অনুসন্ধান কৰিব বিচাৰিছে । যাৰ ফলত অতি শীঘ্ৰে এই বিচাৰৰ অন্ত পৰাৰ সম্ভাৱনা নাই। বিচাৰপীঠে উল্লেখ কৰে যে,, ৫০০ দিনতকৈ বেছি সময় কাৰাগাৰত থকা ধল্লক আৰু অধিক সময় জিম্মাত ৰখাটোৱে কোনো উদ্দেশ্য সাধন নকৰে ।

ধল্লৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ ডেভে বিচাৰপীঠৰ সন্মুখত যুক্তি দিছিল যে তেওঁৰ ক্লায়েণ্টৰ বাহিৰে সকলো সহ অভিযুক্তই জামিন লাভ কৰিছে। ইয়াৰ পূৰ্বে সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ধলক জামিন প্ৰদান কৰা হৈছিল ।

ধল্লক উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰি স্পষ্ট কৰি দিয়ে যে গোচৰৰ গুৰুত্ব সন্দৰ্ভত ন্যায়ালয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই । ন্যায়ালয়ে লগতে কয়, বিচাৰ আদালতৰ দ্বাৰা নিৰ্ধাৰণ কৰা চৰ্তসমূহৰ অধীনতহে এই জামিন মঞ্জুৰ কৰা হৈছে।

শুনানিৰ সময়ত বিচাৰপীঠে চিবিআইৰ অধিবক্তাক কয় যে, তেওঁলোকে দোষী সাব্যস্ত হোৱাৰ হাৰৰ ওপৰতহে অধিক গুৰুত্ব দিয়ক যাতে বগা কাপোৰ পৰিধান কৰা অপৰাধীসকললৈ এটা বাৰ্তা দিব পাৰে । চিবিআইৰ অধিবক্তাক বিচাৰপীঠে কয় যে, “আপোনাৰ দোষী সাব্যস্ত হোৱাৰ হাৰ…আপুনি সেইটোৰ ওপৰত মনোনিৱেশ কৰিব লাগিব। আপোনাৰ সাক্ষীৰ সংখ্যাৰ পৰিৱৰ্তে মাণদণ্ডৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।”

২০২৪ চনৰ ৪ জুন তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা ধল্লৰ আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ গৃহীত কৰে। ইয়াৰ মাজতে চিবিআইৰ গোচৰত তেওঁক নিয়মীয়া জামিন দিয়াত অস্বীকাৰ কৰা হৈছিল। এই গোচৰৰ সন্দৰ্ভত চিবিআইয়ে যোৱা বছৰৰ এপ্ৰিল মাহত তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

কেন্দ্ৰীয় সংস্থাটোৰ মতে, ধল্লে আন অভিযুক্তৰ সৈতে ষড়যন্ত্ৰ কৰি সুৰা নীতি প্ৰণয়নত সক্ৰিয়ভাৱে জড়িত আছিল আৰু বিভিন্ন উপায়েৰে ‘আপ’ক উৎকোচ দিয়াৰ লগতে দক্ষিণ গোটৰ দ্বাৰা ইয়াক উদ্ধাৰ কৰাত সহায় কৰিছিল বুলি অভিযোগ উঠিছিল। চিবিআই আৰু ইডিৰ তথ্য অনুসৰি, আবকাৰী নীতি সংশোধন কৰাৰ সময়ত এই অনিয়ম সংঘটিত হৈছিল আৰু অনুজ্ঞাপত্ৰধাৰীসকলক অযথা অনুগ্ৰহ প্ৰদান কৰা হৈছিল।

লগতে পঢ়ক: নিৰ্বাচন আয়োগে সুশৃংখল প্ৰচাৰৰ অনুমতিৰ বাবে নতুনকৈ মুকলি কৰিলে উন্নীত Suvidha 2.0 মোবাইল এপ্প

Calciferol Rich Foods: কেলচিফেৰলৰ অভাৱ হ’বলৈ নিদিব শিশুৰ শৰীৰত! এই ৫ টা খাদ্য খুৱাব শিশুক

কেলচিফেৰল
কেলচিফেৰল

(Calciferol Rich Foods)কেলচিফেৰল এটা অতি গুৰুত্বপূৰ্ণ ভিটামিন যাক ভিটামিন ডি বুলি কোৱা হয়। সাধাৰণতে সূৰ্যৰ পোহৰৰ জৰিয়তে এই ভিটামিন লাভ কৰে যদিও কেতিয়াবা শীতকালত সূৰ্যৰ পোহৰৰ অভাৱৰ বাবে কিছুমান বিশেষ খাদ্য খাব লাগে। যদি এই ভিটামিনৰ অভাৱ হয় তেন্তে শিশুৱে ৰিকেটছ নামৰ এটা ৰোগত আক্ৰান্ত হয়।(Rickets)

(Calciferol rich Foods Vitamin D)এই ৰোগত শিশুৰ হাড় কোমল হৈ পৰে, যাৰ বাবে তেওঁলোকৰ ভৰি দুখন বক্ৰ আকৃতিৰ দেখাবলৈ আৰম্ভ কৰে।(Calciferol) লগতে এই পুষ্টিকৰ পদাৰ্থৰ উপস্থিতিয়ে কেলচিয়াম শোষণত সহায় কৰে যিয়ে হাড়ক শক্তিশালী কৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি আপোনাৰ ল’ৰা-ছোৱালীক কোনবোৰ কেলচিফেৰল সমৃদ্ধ খাদ্য খুৱাব লাগে জানি লওক-


চৰ্বিযুক্ত মাছৰ ভিতৰত এই মাছ সাধাৰণতে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ কাষৰীয়া দেশসমূহত পোৱা যায়। (Fatty fish)১০০ গ্ৰাম ছালমন খালে দৈনিক প্ৰয়োজনীয় ভিটামিন ডিৰ ৫৬ শতাংশ লাভ কৰিব।(Salmon)

কড লিভাৰ অইল নামৰ মাছৰ তেল অতি পৰিপূৰক। যদি আপুনি মাছ খাই ভাল নাপায় তেন্তে এই তেলৰ জৰিয়তে আপুনি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে। এক চামুচ মাছৰ তেল খালে দৈনিক প্ৰয়োজনীয় কেলচিফেৰলৰ ৫৬ শতাংশ লাভ কৰিব।

আপুনি কণী এনেদৰে খাব যাতে শৰীৰত কেতিয়াও প্ৰটিনৰ অভাৱ নহয়, কিন্তু হয়তো আপুনি নাজানে যে ইয়াৰ কুহুমত ভিটামিন ডি পোৱা যায়। কণীৰ কুহুমত দৈনিক প্ৰয়োজনীয় কেলচিফেৰলৰ ৫ শতাংশ কেলচিফেৰল থাকে।

Mushroomত পুষ্টিকৰ উপাদানৰ অভাৱ নাই। যদি আপুনি একাপ Mushroom খায় তেন্তে দৈনিক প্ৰয়োজনীয় কেলচিফেৰলৰ প্ৰায় ১৭ শতাংশ লাভ কৰিব।

ওটছ হৈছে অতি স্বাস্থ্যকৰ খাদ্য যিটো সাধাৰণতে ব্ৰেকফাষ্টৰ সময়ত খোৱা হয়। (oats)একাপ অটছ খালে দৈনিক প্ৰয়োজনীয় কেলচিফেৰলৰ ১৮ শতাংশ পোৱা যাব। ওজন কমাব পৰা লোক আৰু ডায়েবেটিছ ৰোগীয়ে প্ৰায়ে এই খাদ্য গ্ৰহণ কৰে।

Suvidha 2.0 Mobile App: নিৰ্বাচন আয়োগে সুশৃংখল প্ৰচাৰৰ অনুমতিৰ বাবে নতুনকৈ মুকলি কৰিলে উন্নীত Suvidha 2.0 মোবাইল এপ্প

ECI Launches Upgraded Suvidha 2.0 Mobile App For Streamlined Campaign Permissions
Suvidha 2.0 Mobile App: নিৰ্বাচন আয়োগে সুশৃংখল প্ৰচাৰৰ অনুমতিৰ বাবে নতুনকৈ মুকলি কৰিলে উন্নীত Suvidha 2.0 মোবাইল এপ্প

নতুন দিল্লী, ২৫ অক্টোবৰ: বৃহস্পতিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে(Election Commission of India) উন্নীত Suvidha 2.0 মোবাইল এপ্পটো পুনৰ মুকলি কৰে, যাৰ দ্বাৰা আয়োগে প্ৰাৰ্থী আৰু দলসমূহক প্ৰচাৰ সম্পৰ্কীয় অনুমতি প্ৰদান কৰিব । এই এপ্পটোৰ দ্বাৰা মোবাইল ব্যৱহাৰকাৰীসকলে অনুমতি, ষ্টেটাছ ট্ৰেক আৰু ডাউনলোড অনুমোদন কৰিবলৈ আবেদন কৰিব পাৰিব(Suvidha 2.0 Mobile App) ।

এটা চৰকাৰী বিবৃতি অনুসৰি, প্ৰাৰ্থী আৰু দলসমূহে এতিয়া আৰু অধিক সুবিধাৰ বাবে নতুন আৰু উন্নীত Suvidha 2.0 মোবাইল এপ্লিকেচনতো প্ৰচাৰ সম্পৰ্কীয় অনুমতিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পূৰ্বে প্ৰাৰ্থী আৰু দলসমূহে মোবাইল এপ্পত কেৱল ষ্টেটাছ ট্ৰেক কৰি অনুমোদন ডাউনলোড কৰিব পাৰিছিল আৰু অনুমতি বিচৰাৰ বাবে আবেদন কেৱল অফলাইন মোড বা ৱেব ভিত্তিক পৰ্টেলৰ জৰিয়তেহে কৰিব পাৰিছিল।

শেহতীয়াকৈ আপগ্ৰেড কৰা SUVIDHA এপ্পটোৰ জড়িয়তে এতিয়া প্ৰাৰ্থী আৰু দলসমূহে প্ৰচাৰ সম্পৰ্কীয় সকলো অনুমতি, ষ্টেটাছ ট্ৰেক আৰু ডাউনলোড কৰাৰ লগতে প্ৰেছ নোটৰ দৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ বিভিন্ন আপডেট আৰু শেহতীয়া নিৰ্দেশনা/অৰ্ডাৰ আদি আঙুলিৰ মূৰতে পাবলৈ সক্ষম হ’ব । ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট নীতিত কাম কৰা এই প্লেটফৰ্মটোৱে স্বচ্ছ অনুমতি প্ৰদান নিশ্চিত কৰাৰ লগতে যিকোনো বৈষম্য নোহোৱাত সহায় কৰিব ।

নতুন এপ্পটো মুকলি কৰাৰ সময়ত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে(CEC Rajiv Kumar) কয় যে, আয়োগে এটা নিৰ্বাচনত প্ৰাৰ্থী আৰু দলসমূহৰ বাবে এক সমতাপূৰ্ণ সুযোগ প্ৰদান কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে অহৰহ প্ৰচেষ্টা কৰি অহা হৈছে আৰু Suvidha 2.0 এপ্পটো হৈছে প্ৰযুক্তিৰ সহায়ত এক শক্তিশালী নিৰ্বাচনৰ দিশত আগবঢ়োৱাৰ আন এক উল্লেখযোগ্য পদক্ষেপ । নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে এতিয়াৰ পৰা সহজেই মোবাইলৰ পৰাই অনুমতিৰ আবেদন আৰু ষ্টেটাছ ট্ৰেক কৰিব পাৰিব।

Suvidha 2.0 মোবাইল এপ্পটোৰ জৰিয়তে প্ৰচাৰ সম্পৰ্কীয় যিকোনো অনুমতিৰ বাবে আবেদন কৰিবলৈ প্ৰয়োজনীয় আবেদন প্ৰ-পত্ৰ, ঘোষণাপত্ৰ আৰু অন্যান্য নথি-পত্ৰ ডাউনলোড কৰিব পৰা যাব। আবেদন সম্পন্ন হোৱাৰ পিছত এটা ৰেফাৰেন্স আইডি প্ৰদান কৰা হ’ব, যিয়ে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ আবেদনৰ ষ্টেটাছ ট্ৰেক কৰাত সহায় কৰিব। অনুমতিৰ আবেদনৰ ওপৰত আয়োগে সিদ্ধান্ত লোৱাৰ পিছত সেই আবেদনৰ অৰ্ডাৰৰ কপিও এপ্পটোৰ পৰা ডাউনলোড কৰিব পাৰিব।

এই এপ্পটোৱে ব্যৱহাৰকাৰীক আন বহুকেইটা বৈশিষ্ট্য যেনে মনোনয়নৰ ষ্টেটাছ ট্ৰেক, নিৰ্বাচনৰ সময়সূচী আৰু নিয়মীয়া আপডেট ট্ৰেক কৰা আদিৰ দ্বাৰা সুবিধা প্ৰদান কৰা হ’ব যিবোৰ পূৰ্বতে কেৱল ইচিআইৰ ৱেবছাইটতহে(ECI website) উপলব্ধ আছিল।

লগতে পঢ়ক: Canvaই মুকলি কৰিলে ড্ৰিম লেব AI ইমেজ জেনেৰেটৰ , ভিজুৱেল ছুইটত সংযোগ বহুকেইটা নতুন ফিচাৰ্ছ

Cyclone Dana Landfall Process Complete: ডানাৰ লেণ্ডফল প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ওৰিশাত উদ্ধাৰ অভিযান আৰম্ভ; পুনৰ মুকলি হ’ল ভুৱনেশ্বৰ বিমানবন্দৰ

Cyclone Dana Landfall Process Complete NDRF and ODRAF Begin Restoration Efforts
Cyclone Dana Landfall Process Complete: ডানাৰ লেণ্ডফল প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ওৰিশাত উদ্ধাৰ অভিযান আৰম্ভ; পুনৰ মুকলি হ’ল ভুৱনেশ্বৰ বিমানবন্দৰ

ভুৱনেশ্বৰ, ২৫ অক্টোবৰ: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (Indian Meteorological Department) নিশ্চিত কৰা অনুসৰি ওড়িশা উপকূলত ভয়াৱহ ঘূৰ্ণীবতাহ ডানাৰ লেণ্ডফল প্ৰক্ৰিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে(Cyclone Dana Landfall Process Complete)। ৰাখ্যখনত পৰা ডানাৰ প্ৰভাৱৰ পৰিপেক্ষিতত ভুৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ বিমান সেৱা ২৪ অক্টোবৰৰ বিয়লিৰ পৰা বন্ধ কৰি দিয়া হৈছিল । বৰ্তমান ঘূৰ্ণীবতাহ ডানাৰ লেণ্ডফ’ল প্ৰক্ৰিয়া(Cyclonic storm Dana landfall) সম্পূৰ্ণ হৈ বতৰৰ অৱস্থা উন্নত হোৱাত শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে(Resumption of flight operation at Bhubaneswar airport) ।

প্ৰথম অৱস্থাত শুকুৰবাৰে পুৱা ৯ বজালৈকে বিমানবন্দৰৰ কাম-কাজ বন্ধ ৰখাৰ কথা আছিল যদিও উন্নত বতৰৰ পৰিপেক্ষিতত ৯ বজাৰ পূৰ্বৰে পৰাই পুনৰ আৰম্ভ কৰা হয় বুলি বিমানবন্দৰটোৰ সঞ্চালক প্ৰসন্ন প্ৰধানে নিশ্চিত কৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি পুৱা ৮.২৩ বজালৈকে লেণ্ডফ’ল প্ৰক্ৰিয়া চলি অৱশেষত ই ভূখণ্ডত প্ৰৱেশ কৰিছে। ভূখণ্ডত এই প্ৰক্ৰিয়াটো আৰু এঘণ্টা বা দুঘণ্টা ধৰি চলি থাকিব বুলি আশা কৰা হৈছিল । পূৰ্বানুমান অনুসৰি, ঘূৰ্ণীবতাহ ডানাই উত্তৰ ওড়িশাৰ মাজেৰে উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ লগে লগে ই ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ ইংগিত পোৱা গৈছিল। অৱশ্যে পাৰাদ্বীপৰ ডপলাৰ ৰাডাৰৰ জৰিয়তে সমগ্ৰ পৰিস্থিতিক অবিৰতভাৱে নিৰীক্ষণ কৰি থকা হৈছে।

ইফালে ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (National Disaster Response Force) আৰু ওড়িশা দুৰ্যোগ দ্ৰুত কাৰ্য্য বাহিনী (Odisha Disaster Rapid Action Force)ৰ দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পুনৰুদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভ কৰিছে । অভিযানকাৰী দলে উপকূলীয় জিলাসমূহৰ পথসমূহত উভালি পৰা গছবোৰ আঁতৰাই মূকলি কৰিছে পথসমূহ । ভদ্ৰক জিলাৰ তত্বাৱধানত থকা ওড়িশাৰ উচ্চ শিক্ষা মন্ত্ৰী সূৰ্যবংশী ছুৰাহে কোনো লোক হতাহতি হোৱাৰ খবৰ নিদিলেও বিভিন্ন স্থানত গছ উভালি পৰাৰ ফলত বিদ্যুৎ বিভাগৰ যথেষ্ট ক্ষতি হোৱা বুলি উল্লেখ কৰিছে ।

আনহাতে কেন্দ্ৰপাৰ জিলাৰ ৰাজনগৰৰ তহচিলদাৰ অজয়​মহান্তিয়ে ভিতৰকানিকা অঞ্চলত হোৱা নূন্যতম ক্ষতিৰ কথা উল্লেখ কৰি অঞ্চলটোত কিছু গছ উভালি পৰাৰ লগতে বহুকেইটা খেৰৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিছে। ইফালে বতাহৰ গতিবেগ ঘণ্টাত ৮০ৰ পৰা ৯০ কিলোমিটাৰলৈ হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে যদিও বৰষুণ অব্যাহত আছে । তাৰোপৰি বৃহস্পতিবাৰে নিশা অহা জোৱাৰ-ভাটাৰ সময়ত সাগৰৰ পানীয়ে কিছুমান জলাশয় আৰু নিম্ন অঞ্চল প্লাৱিত হোৱাৰ খবৰ পোৱা গৈছে ।

উল্লেখ্য যে, ৰাজ্যখনৰ ভদ্ৰকৰ চন্দাবালীত ৬ ঘণ্টাৰ ভিতৰত সৰ্বাধিক ১৩১.৬ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে বালাচৌৰত ৪২.৮ মিলিমিটাৰ বৰষুণ হৈছিল।

লগতে পঢ়ক: Cyclone Dana updates: উপকূলীয় ৰাজ্য ওড়িশাত অৱতৰণ সাগৰীয় ঘূৰ্ণীবতাহ ডানা