Home Blog Page 49

এছআইটিৰ সন্মুখত হাজিৰ হল কণ্ঠশিল্পী গীতালী দেৱী । SIT

এছআইটিৰ সন্মুখত হাজিৰ হল কণ্ঠশিল্পী গীতালী দেৱী । SIT
এছআইটিৰ সন্মুখত হাজিৰ হল কণ্ঠশিল্পী গীতালী দেৱী । SIT

SIT । ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনকভাবে মৃত্যুক সাৱটি লোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজিও কন্দুৱাই আছে ৰাজ্যবাসীক। এনে সময়তে চিআইডি আৰু এছআইটিয়েও জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত আগবঢ়াই নিছে। ইতিমধ্যে কালি অসমৰ পৰা যোৱা এছ আই টিৰ দুজনীয়া দলে ছিংগাপুৰত উপস্থিত হৈছে আৰু মঙলবাৰে ছিংগাপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে তিনি ঘণ্টা দৰি আলোচনাত মিলিত হৈছে। এনে ঘটনা পৰিঘটনাৰ মাজতে মঙলবাৰে এছআইটিৰ সন্মুখত হাজিৰ হয় কণ্ঠশিল্পী গীতালী দেৱী। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শিল্পী সমাজৰ হৈ কণ্ঠশিল্পী গীতালী দেৱীয়ে এজাহাৰ দাখিল কৰিছিল।

এজাহাৰকাৰী হিচাপে আজি এছআইটিৰ সন্মুখত সাক্ষ্য প্ৰদান কৰে গীতালী দেৱীয়ে । এছআইটিৰ সন্মুখত উপস্থিত হোৱাৰ পিছত গীতালি দেৱীয়ে সাংবাদিকক কয়, “আমাৰ হাতত যি তথ্য আছে আমি দাখিল কৰিছো । ‌আমাক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য লাগে । জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনেই দোষী ।”তেওঁ লগতে কয়, “এছ আই টিয়ে তদন্তত সহায় কৰিব দিছে । আজি মোক মাতিছিল । মই যিখিনি জানো সেইখিনিৰ ওপৰত সোধা-পোছা কৰিছে । আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ । দোষীয়ে শাস্তি পাওক । জুবিন গাৰ্গ আমাৰ সম্পদ আছিল ।”ছিংগাপুৰলৈ নি জুবিন গাৰ্গক পৰ্যাপ্ত সুবিধা প্ৰদান নকৰা বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে কয় , “এজন চেলিব্ৰিটীক নিলে যি সুবিধা দিব লাগিছিল সেইখিনি দিয়াত ব্যৰ্থ হৈছে । এই ঘটনাটোৰ বাবে এজনেই দোষী নহয় । জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনেই দোষী । আমি ন্যায় পাম বুলি আশাবাদী ।”

সংঘৰ্ষত নিহত আলফা স্বাধীনৰ কেডাৰ আই ওৱান অসম ওৰফে কন্তি

অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ, অৰুণাচল আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত সংঘৰ্ষ
নামচাইৰ ছয়মাইলত সংঘটিত হয় এই সংঘৰ্ষ।


সংঘৰ্ষত নিহত আলফা স্বাধীনৰ কেডাৰ আই ওৱান অসম ওৰফে কন্তি ওৰফে অভিকেশৰ মৰাণ
আই ওৱান অসমৰ ঘৰ তিনিচুকীয়াৰ কৰ্দৈগুৰিত।


প্ৰায় ৭ জনীয়া আলফা স্বাধীনৰ দলৰ সৈতে নিৰাপত্তাৰক্ষীৰ বুধবাৰে সংঘটিত হৈছিল গুলীয়াগুলী
কাকপথাৰৰ সেনা শিবিৰত আক্ৰমণৰ সৈতে জড়িত আছিল আলফা স্বাধীনৰ দলটো।
নিহত আলফা কেডাৰজনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা HK ৰাইফল, এটা গ্ৰেনেড,এটা বেগ আৰু RPG 7 ৰ চেল।

ছিংগাপুৰত কিদৰে চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ?

ছিংগাপুৰতো যোৰদাৰ গতিত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ছিংগাপুৰ আৰক্ষী আৰু CIDৰ SITৰ মাজত অনুষ্ঠিত হয় প্ৰায় ডেৰঘণ্টাজোৰা বৈঠক। বৈঠকত SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেলে লয় অংশ।

জানিব পৰা অনুসৰি ছিংগাপুৰ আৰক্ষীয়ে এইবৰ্ষৰ ১৯ ডিচেম্বৰৰ পূৰ্বে দাখিল কৰিব কৰ’নাৰৰ তদন্তৰ প্ৰতিবেদন। জুবিনৰ মৃত্যু তদন্তত ছিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিব দিয়ে। অসমৰ ৰাইজক ধৈৰ্য ধৰিবলৈও আহ্বান জনাই ছিংগাপুৰ আৰক্ষীয়ে।


ইতিমধ্যে CIDৰ SITএ য়ে ১৯ ছেপ্টেম্বৰত ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেছিফিক, ছানটেক কনভেনচনো পৰিদৰ্শন কৰিছে SITএ।
জানিব পৰা অনুসৰি ⁠SITএ ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সামৰি দুদিন বা এদিনৰ ভিতৰে উভতি আহিব অসমলৈ।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে সোমবাৰে CIDৰ SIT ছিংগাপুৰত উপস্থিত হৈছিল। অসমৰ সমান্তৰালকৈ CIDৰ SITএ ছিংগাপুৰতো চলাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপর্যপূর্ণ মন্তব্য

মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ শাম কাটিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী থকা উত্তেজনা প্ৰশমন হ’ব
দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ২১ অক্টোবৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে তাৎপর্যপূর্ণ মন্তব্য। মুখ্যমন্ত্ৰী শৰ্মাই কয়- মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ শাম কাটিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী থকা উত্তেজনা প্ৰশমন হ’ব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা প্ৰতিবাদ সন্দৰ্ভত স্পষ্ট মন্তব্য কৰি তেওঁৰ পদত্যাগৰ ফলত প্ৰতিবাদ বহু পৰিমাণে হ্ৰাস পাব পাৰে বুলি কৰা মন্তব্যই বিভিন্ন জনৰ মনত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।সংবাদ মাধ্যমক সম্বোধন কৰি শৰ্মাই কয়, “আজি মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ ততালিকে কমি যাব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী আধা শেষ হৈ যাব।” বৰ্তমানৰ আন্দোলন কেৱল প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ ন্যায় বিচাৰি নহয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় ‘এই আন্দোলন কেৱল জুবিনক ন্যায় দিয়াৰ বাবে নহয়।’
মুখ্যমন্ত্ৰী শৰ্মাই জুবিনৰ প্ৰকৃত অনুৰাগী আৰু তেওঁৰ মৃত্যুৰ পিছত আত্মপ্ৰকাশ কৰাসকলৰ মাজত পাৰ্থক্য থকা বুলি কয় । ”জুবিনক তেওঁৰ জীৱনকালত সমৰ্থন কৰা প্ৰকৃত অনুৰাগীসকল আৰু আনসকল পৃথক গোটৰ পৰা অহা লোক—যিসকলৰ বহুতেই তেওঁৰ সমালোচক আছিল,” । অতিৰঞ্জিত বাতৰি প্ৰকাশৰ জৰিয়তে কিছুমান সংবাদ মাধ্যমে উত্তেজনা বিয়পাই থকা বুলিও মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰে । তেওঁ পৰিৱেশকলৈ হোৱা উদ্বেগৰ বিষয়ত কয় যে কোনো গছ কটা হোৱা নাই আৰু তেওঁ ব্যক্তিগতভাৱে জুবিনৰ সন্মানত সেইবোৰ সংৰক্ষণ কৰাটো নিশ্চিত কৰিছে।
জুবিনৰ উত্তৰাধিকাৰ সংৰক্ষণৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ কথা আলোকপাত কৰি শৰ্মাই শিল্পীগৰাকীৰ অসমাপ্ত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে। ‘সংগীত বিদ্যালয় আৰু মহাবিদ্যালয় সমষ্টিসমূহত স্থাপন কৰা হ’ব আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।’ ‘চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই নকৰে।উচ্চ ন্যায়ালয়ে তদন্তৰ কাম হাতত লৈছে আৰু আৰক্ষীৰ প্ৰতিবেদন শীঘ্ৰে দাখিল কৰা হ’ব।’-জনসাধাৰণক তেওঁ ধৈৰ্য্য ধৰিবলৈয়ো আহ্বান জনায় । তেওঁ লগতে নিশ্চিত কৰে যে এই গোচৰৰ শুনানি ফাষ্ট ট্ৰেক আদালতত হ’ব, নাগৰিকসকলক ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিবলৈ উৎসাহিত কৰা হ’ব।

জুবিন গাৰ্গক স্মৰণ কৰি জন্মদিনত পত্নী গৰিমা শইকীয়া গাৰ্গৰ ছচিয়েল মিডিয়াত আবেগিক পোষ্ট,শিৰোনাম লিখিলে- “গোল্ডি”

জুবিন বিহীন এমাহ পাৰ হৈ গল। এনে সময়তে আজি জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গৰ জন্ম দিন। মঙলবাৰে গৰিমা শইকীয়া গাৰ্গে তেওঁৰ জন্মদিন উপলক্ষে প্ৰয়াত স্বামী সংগীত জগতৰ কিংবদন্তি জুবিন গাৰ্গক গভীৰ আবেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৰিমা গাৰ্গ শইকীয়াই পুৱাই ফেচবুকত তাহানিৰ সুখৰ দিনৰ দুখন মৰমেৰে জীপাল ফটো শ্বেয়াৰ কৰে। , য’ত মাত্ৰ এটা শব্দেৰে কেপচন দিয়া হৈছে — “গোল্ডি”।

যোৱা এমাহ ধৰি গৰিমাই জুবিনৰ ন্যায়ৰ বাবে চলি থকা দাবীৰ ক্ষেত্ৰত আগৰণুৱা হৈ আছে। তেওঁ ৰাজহুৱা আৰু অনলাইন উভয় ক্ষেত্ৰতে নিজৰ দুখ আৰু দৃঢ়তাৰ কথা প্ৰকাশ কৰিছে। সোণাপুৰত সমাৱেশক সম্বোধন কৰাৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়াত আন্তৰিক আবেদন পোষ্ট কৰালৈকে তেওঁ স্বামীৰ মৃত্যুক লৈ সত্য আৰু জবাবদিহিতা বিচৰাত একত্ৰিত হৈ থিয় দিবলৈ সকলোকে আহ্বান জনাইছে। ইপিনে হাজাৰ হাজাৰ অনুৰাগী আৰু শুভাকাংক্ষীয়ে গৰিমালৈ জন্মদিনৰ শুভেচ্ছা জনাইছে। বহুতে তেওঁক শক্তি আৰু কৃপাৰ প্ৰতীক বুলিও অভিহিত কৰিছে।

সূৰ্য উঠা দেশত ইতিহাস ৰচনা: জাপানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলা ছানে টাকাইছি

ইতিহাস ৰচনা কৰিলে জাপানে, দেশখনে লাভ কৰিলে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। জাপানৰ ৰাজনীতিৰ এক উল্লেখযোগ্য মুহূৰ্তত ২১ অক্টোবৰত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভানেত্ৰী ছানে টাকাইছিয়ে দেশ খনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।৬৪ বছৰীয়া টাকাইছিয়ে নিম্ন সদনত ২৩৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী কনষ্টিটিউচনেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী যোছিহিকো নোডাই ১৪৯টা ভোট লাভ কৰে ।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো এবেৰ ঘনিষ্ঠ টাকাইছিয়ে প্ৰধানমন্ত্ৰী পদত বিজয়ী হোৱাৰ পিছতে দেশ খনৰ অৰ্থনৈতিক স্থবিৰতা আৰু আভ্যন্তৰীণ ৰাজনৈতিক সংকট দূৰ কৰিব বুলি ঘোষণা কৰে।নিৰ্বাচিত হোৱাৰ পিছতে টাকাইছিয়ে কেবিনেট গঠনৰ প্ৰস্তুতি আৰম্ভ কৰে। টাকাইচিয়ে নিপ্পন ইশ্বিন ন’ কাই নামেৰেও পৰিচিত জাপান ইনোভেচন পাৰ্টিৰ নেতা হিৰোফুমি যোছিমুৰাৰ সৈতে কৌশলগত মিত্ৰতা গঢ়ি তুলিছে। যদিও জেআইপিৰ সাংসদসকলে কেবিনেটৰ পদ গ্ৰহণ কৰিব বুলি আশা কৰা হোৱা নাই, তথাপিও দুয়োটা দলে মূল সংস্কাৰৰ পদক্ষেপ আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে — য’ত সংসদীয় আসন ১০% হ্ৰাস, সামাজিক সুৰক্ষা সম্পৰ্কীয় সংস্কাৰ, আৰু টকিঅ’ৰ সমান্তৰালভাৱে ওছাকাক “গৌণ ৰাজধানী” হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে।

জিআইপিৰ সংসদীয় নেতা ফুমিটাকে ফুজিটাই কয় যে মিত্ৰজোঁটৰ এই পদক্ষেপে দলৰ ভিতৰত সৰ্বসন্মতিক্ৰমে সমৰ্থন লাভ কৰিছে। টাকাইছিয়ে জেআইপিৰ সদস্যসকলক “কেইবাটাও মন্ত্ৰী পদ” প্ৰদান কৰাৰ পিছতো দলটোৱে সদ্যহতে কেবিনেটৰ বাহিৰত থাকিবলৈ সিদ্ধান্ত লৈছে। দেওবাৰৰ আলোচনাৰ সময়ত জেআইপিৰ প্ৰাক্তন মুৰব্বী নোবুয়ুকি বাবাই নিশ্চিত কৰে যে কোনো সদস্যই চৰকাৰত যোগদান কৰাৰ সম্ভাৱনা নাই। টাকাইছি দেশ খনৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বিষয়টো জাপানত লিংগ প্ৰতিনিধিত্বৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। তেওঁৰ প্ৰধানমন্ত্ৰী পদকলৈ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়তে মানুহে তীক্ষ্ণ দৃষ্টি ৰাখিছে।তেওঁ সংস্কাৰ, শাসন আৰু দলীয় সংহতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতাই জাপানৰ ৰাজনৈতিক পৰিৱেশৰ পৰৱৰ্তী পৰ্যায়টোক সংজ্ঞায়িত কৰিব বুলি আশা কৰা হৈছে।উল্লেখ্য সোমবাৰে নতুন ৰাজনৈতিক অংশীদাৰ বিচাৰি থকা টাকাইছিয়ে নিপ্পন ইশ্বিন নো কাই নামেৰেও পৰিচিত জে আই পিৰ নেতৃত্ব দিয়া ওছাকাৰ গৱৰ্ণৰ হিৰোফুমি যোছিমুৰাৰ সৈতে আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰে । ইপিনে জাপানৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হোৱা বাবে ছানে টাকাইছিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে টাকাইছিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। মোদীয়ে এক্সত এটা পোষ্টত কৈছেঃ
“ছানে টাকাইছি, জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জনাইছো। মই ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰতো শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমাৰ গভীৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা গৰিমা শইকীয়া গাৰ্গৰ । Zubeen Garg

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা গৰিমা শইকীয়া গাৰ্গৰ । Zubeen Garg
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা গৰিমা শইকীয়া গাৰ্গৰ । Zubeen Garg

Zubeen Garg । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা গৰিমা শইকীয়া গাৰ্গৰ
‘জুবিন ক্ষেত্ৰ’ত সংৰক্ষণ কৰা হ’ব শিল্পীগৰাকীৰ স্মৃতি বিজড়িত সম্পদ ৰাজি
দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ২০ অক্টোবৰঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰক ইমান দিন সকলোৱে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ বুলি কৈ আহিছিল যদিও শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা কৰিলে গৰিমা শইকীয়া গাৰ্গে। সোমবাৰে গৰিমা শইকীয়া গাৰ্গে ঘোষণা কৰে যে তেওঁৰ প্ৰয়াত স্বামী জুবিন গাৰ্গৰ সমাধিস্থলীৰ নাম সমাধি ক্ষেত্ৰৰ পৰিৱৰ্তে ‘জুবিন ক্ষেত্ৰ’ হিচাবে পৰিচিত হ’ব। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকীয়া গাৰ্গে কয় যে এই স্থানে জুবিনৰ কলাত্মক আৰু সাংস্কৃতিক অৱদানসমূহ সংৰক্ষণৰ বাবে এক স্থায়ী স্থান হিচাপে কাম কৰিব।তেওঁ কয় “এই ঠাইখনক কেৱল স্মৃতিসৌধ হিচাপে নহয়, বৰঞ্চ জুবিনৰ জীৱন আৰু আদৰ্শৰ প্ৰতি জীৱন্ত শ্ৰদ্ধাঞ্জলি হিচাপেহে স্মৰণ কৰা হ’ব।” তেোঁ লগতে কয় “আজিৰে পৰা ইয়াৰ নাম হ’ব জুবিন ক্ষেত্ৰ। আমি কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছো , যাতে জুবিনৰ বাদ্যযন্ত্ৰ, লেখা, স্মৃতিসৌধকে ধৰি সকলো ব্যক্তিগত সামগ্ৰী ইয়াত সঠিকভাৱে সংৰক্ষণ কৰা হয়।”

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে প্ৰস্তাৱিত ক্ষেত্ৰখনৰ ডিজাইন আৰু বিন্যাসৰ বিষয়ত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। তেওঁ কয় ‘আজি সকলো সদস্যই ঠাইখনৰ গঠন আৰু নান্দনিকতা সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে।আমাৰ সামূহিক লক্ষ্য হৈছে জুবিনৰ সৃষ্টিশীল মনোভাৱক প্ৰতিফলিত কৰা আৰু তেওঁৰ অনুৰাগীৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰা এখন ঠাইৰ সৃষ্টি কৰা।’

ইয়াৰ পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কনফাৰেন্স হলত ‘জুবিন ক্ষেত্ৰ’নিৰ্মাণ সমিতিৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত, জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ উপস্থিত থাকে।সমিতিখনৰ অন্যান্য গুৰুত্বপূৰ্ণ সদস্যসকলৰ ভিতৰত আছে অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, শ্যামন্তক গৌতম আৰু সুদৰ্শন ঠাকুৰ ।এই পদক্ষেপ জুবিন গাৰ্গৰ চিৰস্থায়ী প্ৰভাৱক সন্মান জনোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে । যাতে জুবিন ক্ষেত্ৰখন আগন্তুক প্ৰজন্মৰ বাবে শিল্প, স্মৃতি, আৰু প্ৰেৰণাৰ এক সজীৱ কেন্দ্ৰ হিচাপে পৰিগণিত হয় সেয়া সকলোৱে কামনা কৰিছে ।

বিৰোধী ঐক্যমঞ্চৰ নাভূত-নাশ্ৰুত কাণ্ড, স্কুবা ডাইভিঙৰ সময়ত হেনো মৃত্যু হৈছিল জুবিন গাৰ্গৰ! Zubeen Garg

বিৰোধী ঐক্যমঞ্চৰ নাভূত-নাশ্ৰুত কাণ্ড, স্কুবা ডাইভিঙৰ সময়ত হেনো মৃত্যু হৈছিল জুবিন গাৰ্গৰ! Zubeen Garg
বিৰোধী ঐক্যমঞ্চৰ নাভূত-নাশ্ৰুত কাণ্ড, স্কুবা ডাইভিঙৰ সময়ত হেনো মৃত্যু হৈছিল জুবিন গাৰ্গৰ! Zubeen Garg


Zubeen Garg । বিৰোধী ঐক্যমঞ্চই প্ৰকাশ কৰা ‘কাঞ্চনজংঘা জুবিন’ স্মৃতিগ্ৰন্থৰ তথ্যকলৈ বিতৰ্কৰ সূত্ৰপাত
দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ২০ অক্টোবৰঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জিবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ হোৱাৰ সময়তেই শিল্পীগৰাকীৰ বিষয়ত ভুল তথ্য প্ৰকাশ পোৱাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। বিৰোধী ঐক্যমঞ্চৰ নাভূত-নাশ্ৰুত কাণ্ড। স্কুবা ডাইভিঙৰ সময়ত হেনো মৃত্যু হৈছিল জুবিন গাৰ্গৰ। বিৰোধী ঐক্যমঞ্চই প্ৰকাশ কৰা ‘কাঞ্চনজংঘা জুবিন’ স্মৃতিগ্ৰন্থত কৰিছিল উল্লেখ কৰিছে এই তথ্য। বিৰোধী ঐক্যমঞ্চৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কালি উন্মোচন কৰা হৈছিল স্মৃতিগ্ৰন্থখন৷ বেদব্ৰত বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছিল বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁয়ে৷ কিন্তু এতিয়াও পোহৰলৈ অহা নাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য৷ এছ আই টিয়ে আৰম্ভ কৰিছে তদন্ত৷ তদন্ত চলি থকাৰ সময়তে বিৰোধী ৰাজনৈতিক দলে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থত উল্লেখ কৰা হৈছে মৃত্যুৰ কাৰণ স্কুবা ড্ৰাইভিং৷

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই৷ এছ আই টিয়ে বিষয়টোক লৈ অব্যাহত ৰাখিছে তদন্ত৷ তৎসত্ত্বেও বিৰোধী ঐক্যমঞ্চই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘কাঞ্চনজংঘা জুবিন’ত জুবিনৰ মৃত্যু স্কুবা ড্ৰাইভিঙৰ সময়ত হোৱা বুলি উল্লেখ কৰা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিৰোধী ঐক্যমঞ্চই কি কাৰণত জুবিনৰ মৃত্যু স্কুবা ড্ৰাইভিঙৰ ফলত হোৱা বুলি উল্লেখ কৰিছে, সেয়া ৰহস্যজনক বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ যিসময়ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি আছে, এছ আই টি গঠন কৰা হৈছে, এছ আই টিৰ দল ছিংগাপুৰলৈকে প্ৰেৰণ কৰা হৈছে, তেনে ক্ষেত্ৰত বিৰোধী ঐক্যমঞ্চই জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা স্মৃতিগ্ৰন্থত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু স্কুবা ড্ৰাইভিঙত বুলি উল্লেখ কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই জুবিন অনুৰাগীসকলে৷ উল্লেখ্য যে প্ৰথম পৰ্যায়ত ছিংগাপুৰ ভ্ৰমণলৈকে যোৱা এজন বিশেষ ব্যক্তিয়ে জুবিন গাৰ্গৰ স্কুবা ড্ৰাইভিঙৰ সময়ত মৃত্যু হোৱা বুলি অসমৰ সংবাদ মাধ্যমক জনাইছিল৷ কিন্তু জুবিন গাৰ্গৰ যে স্কুবা ড্ৰাইভিঙত মৃত্যু হোৱা নাছিল বুলি পৰৱৰ্তী সময়ত সেই সংশ্লিষ্ট ব্যক্তিজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷ ইয়াৰ পিছতো বিৰোধী শিবিৰে স্মৃতিগ্ৰন্থত জুবিনৰ মৃত্যু স্কুবা ড্ৰাইভিঙৰ সময়ত হোৱা বুলি প্ৰকাশ কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে বিভিন্নজনে৷ ৰাজনৈতিক দলে এনেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰাত ৰহস্যৰ সৃষ্টি হৈছে৷ তদুপৰি তদন্ত চলি থকাৰ সময়তেই বিৰোধী ঐক্যমঞ্চৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত এনে তথ্যৰে “তদন্ত প্ৰক্ৰিয়াক প্রভাবিত কৰাৰ চেষ্টা” বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। জুবিন অনুৰাগীসকলে এই ঘটনাক “অসাৱধানজনক আৰু দায়িত্বহীন” বুলি আখ্যা দিছে। বহুতেই বিৰোধীৰ এই প্ৰচেষ্টাক “ৰাজনৈতিক উদ্দেশ্য পূৰণৰ কৌশল” বুলি মন্তব্য কৰিছে। কিয়নো অসমবাসীৰ প্ৰাণৰ শিল্পাগৰাকীৰ অকাল মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত, প্ৰকৃত সত্য এতিয়াও উদঘাটন হোৱা নাই। এনেস্থলত বিৰোধী ঐক্যমঞ্চই ক’ত পালে স্কুবা ড্ৰাভিঙৰ সময়ত জুবিনৰ মৃত্যুৰ তথ্য- এই কথা এতিয়া বিৰোধী ঐক্যমঞ্চৰ পৰা জানিবলৈ বিচাৰিছে প্ৰত্যকগৰাকী অসমীয়াই৷

দুধনৈত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা জিলা সমিতিৰ অতিথ্যত বঁটা প্ৰদান অনুষ্ঠান :মামনী শইকীয়াক শ্বহীদ কনকলতা বঁটা প্ৰদান

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা জিলা সমিতিৰ অতিথ্যত জাতীয় চেতনা দিৱসৰ লগত সংগতি ৰাখি দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱনত শ্বহীদ কনকলতা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী প্ৰয়াত ডঃ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে দুধনৈ সমজিলা আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মই । আনহাতে আমাৰ সকলোৰে হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ, বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় লেখিকা সমিতিৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী জয়ন্তী দাসে । ইয়াৰ পিছত লেখিকা সমিতিৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী তথা গোৱালপাৰা জিলা সমিতিৰ সভানেত্ৰী গীতা দাসৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত গোৱালপাৰা জিলা মহিলা সমতা চ’চাইটিৰ সমন্বয়ক মামনী শইকীয়াক “শ্বহীদ কনকলতা বঁটা” প্ৰদান কৰা হয় ।

এখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোছা, চেলেং চাদৰ, কিতাপৰ টোপোলা, চাদৰ, জাপিৰে বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত জাতীয় চেতনা দিৱসৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি সিদ্ধিনাথ শৰ্মা, গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী ডঃ মলিনা দেৱী ৰাভা, দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তৰুণ চন্দ্ৰ চাংমাইয়ে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা ডঃ মৰমী হাজৰিকা ৰাভাই অনুষ্ঠানটিৰ আঁত ধৰাৰ উপৰিও উদ্দেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়ায় । উল্লেখ্য যে, শ্বহীদ বীৰাঙ্গনা কনকলতা বৰুৱাই প্ৰাণ আহুতি দিয়া ২০ চেপ্তেম্বৰ তাৰিখে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জাতীয় চেতনা দিৱস হিচাপে উদযাপন কৰি আহিছে ৷ যোৱা ২০ চেপ্তেম্বৰ ২০২৫ বৰ্ষৰ জাতীয় চেতনা দিৱসটো গোৱালপাৰা জিলা সমিতিৰ আতিথ্যত উদযাপনৰ দিহা কৰা হৈছিল ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বহীদ কনকলতা বঁটা প্ৰদান অনুষ্ঠানো ৰখা হৈছিল ৷ কিন্তু অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত অনুষ্ঠানখন স্থগিত ৰখা হৈছিল ৷ ইপিনে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে উত্তৰ লখিমপুৰৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু তথা সমাজ সেবিকা মানিকী শইকীয়াকো শ্বহীদ কনকলতা বঁটা প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা ডঃ মৰমী হাজৰিকা ৰাভাই।

সফলভাৱে সম্পন্ন হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাতি বিহু পক্ষী গণনা ২০২৫

অসম চৰাই নীৰিক্ষণ নেটৱৰ্ক (Assam Bird Monitoring Network – ABMN) আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ যৌথ উদ্যোগত যোৱা ১৮ অক্টোবৰত “কাতি বিহু পক্ষী গণনা ২০২৫” সফলভাৱে সম্পন্ন হৈ যায়। এই আয়োজনৰ মূল উদ্দেশ্য আছিল চৰাই নিৰীক্ষণক উৎসাহিত কৰা, জীৱ-বৈচিত্র্য সংৰক্ষণ বিষয়ে সচেতনতা বৃদ্ধি কৰা আৰু স্থানীয় সমাজ, বিশেষকৈ মহিলা বনকৰ্মী আৰু যুৱপ্ৰজন্মক জড়িত কৰা। পক্ষীপ্ৰেমী, ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু বনবিভাগৰ কৰ্মচাৰীকে ধৰি মুঠ ৬৩ গৰাকী অংশগ্ৰহণকাৰীয়ে এই গণনাত অংশ গ্ৰহণ কৰে। পক্ষী গণনা কাৰ্যসূচী ক্ৰমে পানবাৰী সংৰক্ষিত বনাঞ্চলত ৰফিকুল ইছলাম, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত সমৰজিৎ ওজা আৰু নিৰজ বৰা, বনবিভাগৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত পাণপুৰত ড° ৰঞ্জিত কাকতি, গামিৰি বনাঞ্চলত ৰাহুল শৰ্মা আৰু কাজিৰঙাৰ আগৰাতলি বনাঞ্চলত দাদুল গগৈৰ তত্ত্বাৱধানত মুঠ পাঁচটা প্ৰধান স্থানত চৰাই জৰীপ গণনা সম্পন্ন হয়। উল্লেখযোগ্য যে এ বি এম এন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পদক্ষেপ এক দৃষ্টান্ত হৈ ৰ’ল।

কিয়নো এ বি এম এন আৰু কাজিৰঙাই বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলক জড়িত হোৱাৰ ক্ষেত্ৰত এয়া প্রথম যৌথ পদক্ষেপ হিচাপে গ্রহণ কৰে। চৰাই জৰীপত সৰ্বমুঠ ১৪৬ টা চৰাই প্ৰজাতি আৰু ১,৯১৯ টা অন্যান্য চৰাইৰ তথ্য পোৱা গৈছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলি বনাঞ্চলত সৰ্বাধিক ৮৯ প্রজাতিৰ তথ্য পোৱা গৈছে, তাৰ পিছতে গামিৰি আৰু পানবাৰীত ৫৯ টা, পাণপুৰত ৫৫ টা আৰু লাওখোৱাত ৩৭ টা চৰাই প্রজাতিৰ তথ্য লাভ কৰা গৈছে। লিপিবদ্ধ কৰা প্ৰজাতিসমূহৰ ভিতৰত দুটা বিপন্ন (শ্বোৱাম্প গ্রাছ বেবলাৰ আৰু পেলাছৰ মাছ ঈগল), ছটা অসুৰক্ষিত (ৰিভাৰ টার্ন, গ্ৰেটাৰ স্পটেড ঈগল, শ্লেণ্ডাৰ-বিল্ড বেবলাৰ, লেছাৰ এডজুটেন্ট, গ্রেট হর্নবিল আৰু শ্বৱাম্প ফ্রাংকলিন), ছটা বিপন্ন হোৱাৰ দিশে যোৱা (উলি-নেকড ষ্টর্ক, নর্ডার্ন লেপউইং, ব্লাছম-হেড পেৰাকিট, গ্রে-হেডেড ফিছ। ঈগল, স্পট-বিল্ড পেলিকান আৰু ৰিভাৰ লেপউইং)। আনহাতে বিপদ সংকুলতাৰ বাহিৰত ১৩২টা প্ৰজাতিৰ পক্ষী পোৱা গৈছে বুলি উদ্যান কর্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।

গণনাত ব্লু-ইয়ার্ড বাৰবেট, ব্লুথ্ৰোট, গ্ৰে-হেডেড ফিশ ঈগল, গ্ৰে-হেডেড লেপউইং, গ্ৰে-হেডেড উডপেকাৰ, গ্ৰেট হৰ্নবিল, গ্ৰেটাৰ ৰেকেট-টেইল্ড ড্ৰংগো, ইণ্ডিয়ান স্পট-বিল্ড ডাক, জাৰ্ডন’স বজ়া, লেছাৰ এডজুটেন্ট, নৰ্দাৰ্ণ লেপউইং, ৰুবি-চীকড ছানবাৰ্ড, স্বেম্প ফ্ৰেংকলিন, টাইগা ফ্লাইকেচাৰ, স্বেম্প গ্ৰাছ বেব্ব্লাৰ, চেষ্টনাট-কেপ্ট বেব্ব্লাৰ, ছ্লেণ্ডাৰ-বিল্ড বেব্ব্লাৰ, প্যালাছ’স ফিশ ঈগল, স্পট-বিল্ড পেলিকান, গ্ৰেটাৰ স্পটেড ঈগল, উলি-নেকড্ ষ্টৰ্ক আৰু ব্লু-নেপড্ পিট্টাৰ দৰে বহু গুৰুত্বপূৰ্ণ আবাসিক আৰু পৰিভ্ৰমী পক্ষীৰ তথ্য লাভ কৰা হয়। বিশেষকৈ, স্বেম্প গ্ৰাছ বেব্ব্লাৰ (এটা বিপন্ন আৰু বিশেষ বাসস্থানৰ প্ৰজাতি), প্যালাছ’স ফিশ ঈগল আৰু গ্ৰেটাৰ স্পটেড ঈগলৰ উপস্থিতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-বৈচিত্র্যৰ গুৰুত্বক প্ৰতিফলিত কৰিছে বুলিও উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। “কাতি বিহু পক্ষী গণনা ২০২৫” এক উল্লেখযোগ্য নাগৰিক-বিজ্ঞান (Citizen Science) উদ্যোগ হিচাপে সংৰক্ষণত জনসচেতনতা আৰু সামাজিক অংশগ্ৰহণ বৃদ্ধি কৰাত সহায়ক হোৱাৰ থল আছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ আশাবাদী।