Home Blog Page 49

Rita Chowdhury: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ

জুবিনক্ষেত্ৰত প্ৰৱেশক (Rita Chowdhury) লৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ। নিশা ১০ বজাৰ পাছত জুবিনক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ। মুখ্যমন্ত্ৰীক ক’লে বিশিষ্ট সাহিত্যিকগৰাকীয়ে-

‘মাননীয় মুখ্যমন্ত্ৰী মহোদয়,

কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে৷ সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে৷

জুবিনক ভাল পোৱা সকলোৱে ’জুবিন ক্ষেত্ৰ’লৈ দিনত আহিবলৈ সময় নাপাবও পাৰে৷ দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে৷ কিছুমানে বাৰে বাৰে আহে৷ জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ৷

অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)।

সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া৷ তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ— যিকোনো ঘটনা ঘটিব পাৰে৷

জনজাতিপ্ৰধান ৰাজ্য খনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধাসহকাৰে লাগিব। একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে।

মই এজন দায়িত্বশীল লেখক আৰু মাতৃ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ৷ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ৷

এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ’ব বুলি ভাবোঁ৷

আপুনি এজন পৰিপক্ক ৰাজনীতিক৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ।’

Bihar Polls 2025: তেজস্বী যাদৱঃ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত

তেজস্বী যাদৱঃ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত
তেজস্বী যাদৱঃ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত

বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত।(Bihar Polls 2025)মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেজস্বী যাদৱক বাছনি। বিহাৰ কংগ্ৰেছৰ পৰ্যৱেশক অশোক গেহলটৰ আনুষ্ঠানিক ঘোষণা। পাটনাৰ হোটেল মৌৰ্যত বিৰোধী নেতৃবৰ্গৰ সংবাদমেল। এই সংবাদমেলতে বিৰোধী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা।

২০২৫ চনৰ দুটা পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনলৈ দুসপ্তাহ থকা পূৰ্বে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি বিৰোধী দল মহাজোঁটবন্ধনে বৃহস্পতিবাৰে আৰজেডি নেতা তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰি কেইবা সপ্তাহ ধৰি চলি থকা জল্পনা-কল্পনা আৰু আভ্যন্তৰীণ কাজিয়াৰ অন্ত পেলায়।

সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণাক ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি), কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ বাবে এক বৃহৎ শক্তি প্ৰদৰ্শন বুলি প্ৰচাৰ কৰা হৈছিল। সমস্যা সমাধানকাৰী হিচাপে পাটনালৈ প্ৰেৰণ কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে এই সিদ্ধান্ত নিশ্চিত কৰে।বিহাৰৰ মহাজোঁটবন্ধনে বৃহস্পতিবাৰে পাটনাত এক যুটীয়া সংবাদমেলত এই ঐক্যমতৰ কথা ঘোষণা কৰে।

ঐক্যবদ্ধ স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি গেহলটে কয়, ‘সকলো জ্যেষ্ঠ নেতাৰ সৈতে আলোচনাৰ অন্তত আমি সিদ্ধান্ত লৈছো যে আগন্তুক বিহাৰ নিৰ্বাচনত তেজস্বী যাদৱ বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব। তেওঁৰ সন্মুখত সুদূৰ ভৱিষ্যত আছে।

বৃহস্পতিবাৰে যুটীয়া সংবাদমেলৰ মঞ্চত ব্যৱহাৰ কৰা পোষ্টাৰতো আছিল কেৱল তেজস্বীৰ ছবি। তাত আন বিৰোধী দলৰ নেতাৰ ছবি নাছিল।

পাটনাত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে বিহাৰ নিৰ্বাচনৰ কংগ্ৰেছ পৰ্যবেক্ষক তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট। তেওঁ তেজস্বীৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

তেজস্বীক মুখ্যমন্ত্ৰী পদৰ মুখ হিচাপে ঘোষণা কৰাৰ সমান্তৰালকৈ বিকাশশীল ইনছান পাৰ্টীৰ মুৰব্বী মুকেশ চাহানীক বিৰোধী মিত্ৰজোঁটৰ উপ-মুখ্যমন্ত্ৰী পদৰ মুখ হিচাপে ঘোষণা কৰা হয়। অৱশ্যে উপ-মুখ্যমন্ত্ৰী পদৰ বাবে আৰু অধিক নাম পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

৬ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই দুটা পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল ১৪ নৱেম্বৰত ঘোষণা কৰা হ’ব।

প্ৰভাৱশালী দল আৰজেডিয়ে ১৪৩ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বাকী আসনসমূহ চিপিআই(এমএল) আৰু সাহানীৰ ভিআইপিৰ দৰে মিত্ৰশক্তিৰ মাজত বিতৰণ কৰা হৈছে। কালি প্ৰত্যাহাৰৰ শেষ তাৰিখ হোৱাৰ বাবে সকলো আসনত একক প্ৰাৰ্থী নিশ্চিত কৰাত ব্যৰ্থ হ’লে ভোট বিভাজনৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত সম্ভাৱনাময়ভাৱে প্ৰতিদ্বন্দ্বী নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ক লাভৱান হ’ব পাৰে।

Roi Roi Binale: ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ’ল জুবিন গাৰ্গে!

ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ'ল জুবিন গাৰ্গে!
ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ'ল জুবিন গাৰ্গে!

ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ’ল জুবিন গাৰ্গে!(Roi Roi Binale)

সাগৰতে শেষ হ’ল ৰৈ ৰৈ বিনালে ছবিখনৰ ট্ৰেইলাৰ।

বৃহস্পতিবাৰে ছবিখনৰ ট্ৰেইলাৰ মুকলি হয়।

ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছতে প্ৰতিজন লোকৰ মন-মগজু কঁপি উঠিছে।

কিয়নো, ৰৈ ৰৈ বিনালে ছবিখনতে যেন প্ৰাণ শিল্পী জুবিন গাৰ্গে নিজৰ জীৱন কাহিনী নিজেই লিখি গ’ল !

সামাজিক মাধ্যমত এতিয়া চৰ্চাত আছে ছবিখনৰ কেইটামান ডাইলগ।

ডাইলগকেইটা হৈছে-

‘আৰ্টিষ্টৰ এটাই পলিটিক্স…’

‘সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়’

‘গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ…খালি বেছিব লাগে…’

আনহাতে ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছতে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে-

‘চোৱা গ’ল্ডী…তোমাৰ বহুত হেঁপাহৰ, বহুত মৰমৰ ‘ৰৈ ৰৈ বিনালে’ সাজু হৈ উঠিছে লাহে লাহে!’

‘তোমাৰ ইচ্ছা, তোমাৰ সপোন সাকাৰ কৰিবলৈ তোমাৰ কথামতেই সকলোৱে চেষ্টা কৰিছে কামবোৰ ভালকৈ কৰিবলৈ । তুমি আশীৰ্বাদ কৰি থাকিবা … বাট দেখুৱাই থাকিবা’

এতিয়া সকলোৱে ছবিখনৰ মুকলি দিনলৈ অপেক্ষা কৰি আছে।

Zubeen Garg Death Case: SITৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই আজি সম্বোধন কৰিব সংবাদমেল

SITৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই আজি সম্বোধন কৰিব সংবাদমেল
SITৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই আজি সম্বোধন কৰিব সংবাদমেল

ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ উভতিল SIT।

SITৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই আজি সম্বোধন কৰিব সংবাদমেল।(Zubeen Garg Death Case)

তদন্তৰ শেহতীয়া গতি-বিধি সন্দৰ্ভত ৰাজহুৱা কৰিব স্থিতি।

বৃহস্পতিবাৰে ছিংগাপুৰৰ পৰা গুৱাহাটীত উপস্থিত SITৰ দুই বিষয়া।

২০ অক্টোবৰত ছিংগাপুৰলৈ গৈছিল দুজনীয়া SITৰ দল।

দলটোৰ নেতৃত্বত আছিল SITৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তা।

মুন্নাপ্রসাদ গুপ্তাৰ সৈতে গৈছিল IPS তৰুণ গোৱেল।

Zubeen Garg: জুবিন ক্ষেত্ৰৰ বাবে জাৰি SOP: সুৰাপান, সুৰা বিতৰণ, সুৰা সেৱনত নিষেধাজ্ঞা

Zubeen Garg: জুবিন ক্ষেত্ৰৰ বাবে জাৰি SOP: সুৰাপান, সুৰা বিতৰণ, সুৰা সেৱনত নিষেধাজ্ঞা
Zubeen Garg: জুবিন ক্ষেত্ৰৰ বাবে জাৰি SOP: সুৰাপান, সুৰা বিতৰণ, সুৰা সেৱনত নিষেধাজ্ঞা

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ বাবে SOP জাৰি। (Zubeen Garg)

জুবিনক্ষেত্ৰত সুৰাপান, সুৰা বিতৰণ, সুৰা সেৱনতো নিষেধাজ্ঞা প্ৰদান।

পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ।

নিশা ১০ বজাৰ পাছত জুবিনক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ।

আনহাতে জুবিনক্ষেত্ৰত সুৰাসক্ত লোকৰো প্ৰৱেশ নিষেধ।

জুবিনক্ষেত্ৰত সুৰাপান, সুৰা বিতৰণ, সুৰা সেৱনত নিষেধাজ্ঞা।

কামৰূপ মহানগৰ জিলা দণ্ডাধীশে জাৰি কৰিছে এই SOP।

কালি ৰাতি জুবিনক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ।

চাকি-ধূপ জ্বলাই স্বামীলৈ শ্ৰদ্ধাঞ্জলি জুবিনৰ পত্নীৰ।

প্ৰশাসনে জাৰি কৰা SOP, জুবিনক্ষেত্ৰত সুৰা ঢলা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ।

জুবিনক্ষেত্ৰক তীৰ্থস্থানৰ দৰে পবিত্ৰ কৰি ৰখাৰ আহ্বান পত্নী গৰিমাৰ।

অসম চৰকাৰৰ কেবিনেট বৈঠকঃ ৪ লাখ চাহ জনজাতি পৰিয়ালক মাটি পট্টা, শিক্ষকৰ বদলিৰ নিয়মত গুৰুত্বপূৰ্ণ পৰিৱর্তন । ASSAM CABINET

অসম চৰকাৰৰ কেবিনেট বৈঠকঃ ৪ লাখ চাহ জনজাতি পৰিয়ালক মাটি পট্টা, শিক্ষকৰ বদলিৰ নিয়মত গুৰুত্বপূৰ্ণ পৰিৱর্তন । ASSAM CABINET
অসম চৰকাৰৰ কেবিনেট বৈঠকঃ ৪ লাখ চাহ জনজাতি পৰিয়ালক মাটি পট্টা, শিক্ষকৰ বদলিৰ নিয়মত গুৰুত্বপূৰ্ণ পৰিৱর্তন । ASSAM CABINET

Assam Cabinet । অসম চৰকাৰৰ কেবিনেট বৈঠকঃ ৪ লাখ চাহ জনজাতি পৰিয়ালক মাটি পট্টা, শিক্ষকৰ বদলিৰ নিয়মত গুৰুত্বপূৰ্ণ পৰিৱর্তন

গুৱাহাটী, ২৩ অক্টোবৰঃ
আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে বিস্তৃত বিৱৰণ দিয়ে।

🔹 কেবিনেটৰ মুখ্য সিদ্ধান্তসমূহঃ

১. বিধানসভা অধিবেশন

  • অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ হ’ব ২৫ নবেম্বৰৰ পৰা।
  • অধিবেশনত উত্থাপন হ’বলগীয়া বিধেয়কসমূহক লৈ কেবিনেটত আলোচনা কৰা হয়।

২. শিক্ষকৰ বদলিৰ ক্ষেত্ৰত নতুন নিয়ম

  • চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্রীসকলে এতিয়া ৫ বছৰৰ পিছত বদলিৰ বাবে আবেদন কৰিব পাৰিব (পূৰ্বে ১০ বছৰৰ নিয়ম আছিল)।
  • শিক্ষকসকলে ৭ বছৰৰ পিছত বদলিৰ আবেদন কৰিব পাৰিব (পূৰ্বে ১০ বছৰৰ নিয়ম)।
  • এই সিদ্ধান্তৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহত বদলিৰ প্ৰক্ৰিয়া অধিক ন্যায়সঙ্গত আৰু সুকলমীয়া হ’ব বুলি আশা কৰা হৈছে।

৩. জনজাতি আৰু চাহ জনজাতি লোকৰ বাবে বিশেষ সিদ্ধান্ত

  • চৰকাৰে ঘোষণা কৰিছে যে জনসংখ্যা নীতিৰ আওতাৰ পৰা চাহ জনজাতি, মৰাণ আৰু মটক জনগোষ্ঠীক বাহিৰত ৰখা হ’ব।
  • চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত কেবিনেটে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • মুঠ ২.৯০ লাখ বিঘা ভূমি চাহ জনজাতি লোকৰ মাজত বিতৰণ কৰিব পাৰিব।
  • এই উদ্যোগত ৪ লাখ পৰিয়ালক মাটিৰ অধিকাৰ দিয়া হ’ব।
  • কেবিনেটে এই প্ৰস্তাৱক একমতভাৱে সমৰ্থন জনায়।

৪. আগন্তুক বৈঠক আৰু পৰ্যায়

  • ২৫ অক্টোবৰত জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ’ব।
  • উক্ত বৈঠকত পৰিয়ালপিছু কিমান ভূমি দিয়া হ’ব সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
  • ইয়াৰ পূৰ্বে ২-৩ নবেম্বৰত চাহ জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব।

৫. নেলী নৰসংহাৰৰ প্ৰতিবেদন

  • তিৱাৰী কমিছনৰ প্রতিবেদন অসম বিধানসভাত দাখিল কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশৰ শ্ৰমশক্তিত ৬ বছৰত ১৭ কোটি চাকৰিৰ সংযোজন

The Governor of Nagaland, Shri R.N. Ravi calling on the Prime Minister, Shri Narendra Modi, in New Delhi on August 08, 2019.

দেশৰ শ্ৰমশক্তিত ৬ বছৰত ১৭ কোটি চাকৰিৰ সংযোজন ঘটিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে। ভাৰত দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম, যি ডিজিটেল, স্বয়ংক্ৰিয় আৰু বহনক্ষম অৰ্থনীতি আৰু দ্ৰুতগতিত উত্থানশীল বিশ্ব শক্তিশালী দেশ হিচাপে অনাগত বছৰবোৰত বিকাশৰ প্ৰাথমিক ইঞ্জিন হ’বলৈ সাজু হৈছে। জনগাঁথনিগত সুযোগৰ বাবে ভাৰতে অনাগত বছৰবোৰত বিশ্বৰ শ্ৰমশক্তিত যোগদান কৰিবলগীয়া নতুন কৰ্মচাৰীৰ প্ৰায় দুই তৃতীয়াংশ যোগান ধৰিবলৈ সাজু হৈছে (বিশ্ব অৰ্থনৈতিক মঞ্চৰ চাকৰিৰ ভৱিষ্যত প্ৰতিবেদন, ২০২৫ৰ তথ্য অনুসৰি)।শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৭-১৮ চনত ভাৰতত কৰ্মসংস্থাপন লাভ কৰা লোকৰ সংখ্যা ৪৭.৫ কোটিৰ পৰা ২০২৩-২৪ চনত ৬৪.৩৩ কোটিলৈ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে, অৰ্থাৎ ছয় বছৰৰ ভিতৰত ১৬.৮৩ কোটি নতুন চাকৰি বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে যুৱকেন্দ্ৰিক নীতিৰ ওপৰত চৰকাৰৰ মনোনিৱেশ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতিফলন ঘটায়। এই বৃদ্ধি বিশেষভাৱে উল্লেখযোগ্য কাৰণ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কেৱল মুঠ ঘৰুৱা উৎপাদনে (জিডিপি) এখন দেশৰ প্ৰকৃত উন্নয়নক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিব নোৱাৰে। কেইবাটাও সমষ্টিগত অৰ্থনৈতিক সূচক বিবেচনা কৰিলে সঠিক ছবি এখন পৰিস্ফুট হয়, যিবোৰৰ ভিতৰত নিয়োগ অন্যতম গুৰুত্বপূৰ্ণ। নিয়োগৰ অৰ্থনৈতিক আৰু সামাজিক দুয়োটা তাৎপৰ্য্য আছে: উচ্চ নিয়োগৰ মাত্ৰাই শক্তিশালী অৰ্থনীতিৰ সংকেত দিয়ে, খৰচক উদ্দীপিত কৰে আৰু স্থায়ী বৃদ্ধিৰ প্ৰসাৰ ঘটায়। বৃদ্ধি অৰ্থপূৰ্ণ হ’বলৈ হ’লে অৰ্থনৈতিক সম্প্ৰসাৰণে উৎপাদনশীল, ভাল দৰমহা পোৱা চাকৰিৰ সৃষ্টিৰ ৰূপ ল’ব লাগিব যিয়ে জীৱিকা আৰু সামাজিক স্থিতিশীলতা বৃদ্ধি কৰে।ভাৰত চৰকাৰে নিয়মীয়াকৈ শ্ৰমশক্তিৰ ধাৰা অনুসৰণ কৰিবলৈ, নীতি নিৰ্ধাৰণৰ পথ প্ৰদৰ্শক কৰিবলৈ আৰু চাকৰিৰ বজাৰৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ নিয়োগৰ জোখ-মাখ কৰে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে সময়ে সময়ে শ্ৰম শক্তি জৰীপ (পিএলএফএছ) কৰে, যিয়ে শ্ৰম শক্তিৰ অংশগ্ৰহণৰ হাৰ (এলএফপিআৰ), শ্ৰমিকৰ সংখ্যাৰ অনুপাত (ডব্লিউপিআৰ) আৰু নিবনুৱাৰ হাৰ (ইউআৰ) আদি মূল সূচকৰ সময়োপযোগী অনুমানবোৰ আগবঢ়ায়।পিএলএফএছৰ শেহতীয়া তথ্য ২০২৫ চনৰ আগষ্ট মাহৰ ৩.৭৭ লাখ ব্যক্তিৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। ইয়াৰে গ্ৰামাঞ্চলত ২.১৬ লাখ আৰু চহৰাঞ্চলত ১.৬১ লাখ। সৰ্বভাৰতীয় পৰ্যায়ত ২০২৫ চনৰ জুন আৰু আগষ্টৰ ভিতৰত দুয়োটা মূল নিয়োগ সূচকৰ উন্নতি হৈছে: এলএফপিআৰ—যিটোৱে জনসংখ্যাৰ ১৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ কাম কৰি থকা বা কাম বিচাৰি থকা ব্যক্তিসকলৰ অংশক জুখি উলিয়াই। এনে লোকৰ সংখ্যা ২০২৫ৰ জুন মাহত ৫৪.২%ৰ পৰা আগষ্ট মাহত ৫৫%লৈ বৃদ্ধি পাইছে। ডপ্লিউ পি আৰ-জনসংখ্যাত নিয়োজিত ব্যক্তিৰ অংশ প্ৰতিফলিত কৰা জিডিপিও ২০২৫ চনৰ জুন মাহত ৫১.২%ৰ পৰা আগষ্ট মাহত ৫২.২%লৈ বৃদ্ধি পাইছে।ডব্লিউ পি আৰৰ এই বৃদ্ধি গ্ৰাম্য আৰু চহৰ দুয়োটা অঞ্চলতে দেখা গৈছে, যিয়ে সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় উন্নতিত অৰিহণা যোগাইছিল। এই প্ৰৱণতাবোৰে একেলগে এক স্বাস্থ্যকৰ আৰু অধিক সক্ৰিয় শ্ৰমিক বজাৰৰ ওপৰত আলোকপাত কৰে। বিস্তৃতৰূপত ১৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ ব্যক্তিৰ এলএফপিআৰ ২০১৭−১৮ চনত ৪৯.৮%ৰ পৰা ২০২৩−২৪ চনত ৬০.১%লৈ বৃদ্ধি পাইছে আৰু ডব্লিউপিআৰ ৪৬.৮%ৰ পৰা ৫৮.২%লৈ বৃদ্ধি পাইছে।ক্ষেত্ৰীয় ধাৰালৈ চালে ২০২৫ চনৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত কৃষি খণ্ডই সৰ্বাধিক গ্ৰাম্য শ্ৰম শক্তিৰ অংশগ্ৰহণ (পুৰুষৰ বাবে ৪৪.৬% আৰু মহিলাৰ বাবে ৭০.৯%) আছিল, আনহাতে তৃতীয় পৰ্যায়ৰ খণ্ড (সেৱা খণ্ড) চহৰ অঞ্চলত নিয়োগৰ সৰ্বাধিক উৎস আছিল (পুৰুষৰ বাবে ৬০.৬% আৰু মহিলাৰ বাবে ৬৪.৯%)। এই ত্ৰৈমাসিকত দেশত গড়ে ১৫ বছৰ আৰু ততোধিক বয়সৰ ৫৬৪ নিযুত ব্যক্তিয়ে কৰ্মসংস্থাপন লাভ কৰিছিল, ইয়াৰে ৩৯.৭ কোটি পুৰুষ আৰু ১৬.৭ কোটি মহিলা।২০২৪-২৫ চনত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাত (ইপিএফঅ’) ১ কোটি ২৯ লাখতকৈ অধিক ব্যক্তিয়ে যোগ কৰিছিল, যি ২০১৮-১৯ চনত ৬১.১২ লাখ আছিল। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ট্ৰেকিং ব্যৱস্থাটো আৰম্ভ কৰাৰ পিছৰে পৰা কেৱল ২০২৫ চনৰ জুলাই মাহত ২১ কোটি ৪ লাখ ব্যক্তিকে ধৰি ৭.৭৩ কোটিতকৈ অধিক ব্যক্তিয়ে যোগদান কৰিছে। ইয়াৰ দ্বাৰা আনুষ্ঠানিককৰণৰ ক্ৰমবৰ্ধমান স্তৰ আৰু সামাজিক সুৰক্ষাৰ বৰ্ধিত কভাৰেজ প্ৰতিফলিত হয়। ক্ৰমাৎ বৃদ্ধি পোৱা নিয়োগৰ সুযোগ, কৰ্মচাৰীৰ সুবিধাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু ইপিএফঅ’ৰ সফল প্ৰচাৰ কাৰ্যসূচীৰ বাবে ২০২৫ চনৰ জুলাই মাহত ৯.৭৯ লাখ নতুন ব্যক্তিক সংযোজন কৰা হয় (কেৱল ১৮-২৫ বছৰ বয়সৰ গোটত ৬০%)।তদুপৰি, ২০১৭−১৮ চনত আত্মসংস্থাপন ৫২.২%ৰ পৰা ২০২৩−২৪ চনত ৫৮.৪%লৈ বৃদ্ধি পাইছে, আনহাতে অনানুষ্ঠানিক শ্ৰম ২৪.৯%ৰ পৰা ১৯.৮%লৈ হ্ৰাস পাইছে। এই পৰিৱৰ্তনে চৰকাৰী পদক্ষেপৰ দ্বাৰা সমৰ্থিত উদ্যোগীকৰণ আৰু স্বাধীন কামৰ দিশত এক প্ৰবাহক প্ৰতিফলিত কৰে ।

থিম্ফুত অনুষ্ঠিত ১৪ সংখ্যক ভাৰত-ভূটান সীমান্ত ব্যৱস্থাপনা তথা নিৰাপত্তা সম্পৰ্কীয় বৈঠক

ভূটানৰ থিম্ফুত শেহতীয়াকৈ ১৪ সংখ্যক ভাৰত-ভূটান সীমান্ত ব্যৱস্থাপনা তথা নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় দলটোক নেতৃত্ব দিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগৰ সচিব ড০ ৰাজেন্দ্ৰ কুমাৰে তথা ভূটানৰ পক্ষক নেতৃত্ব দিয়ে দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব সোণম ৱাংগিয়েলে।ভাৰতীয় প্ৰতিনিধি দলটোত সশস্ত্ৰ সীমা বল, লেণ্ড পোৰ্ট অথৰিটি অব ইণ্ডিয়া, দূৰসংযোগ বিভাগ, নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো, ভাৰতৰ জৰীপ বিভাগ , শুল্ক বিভাগৰ বিষয়া তথা অসম, পশ্চিম বংগ, ছিকিমল আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি উপস্থিত থাকে ।

উভয় পক্ষই দ্বিপাক্ষিক নিৰাপত্তা সম্পৰ্কীয় সহযোগিতা তথা সীমান্ত ব্যৱস্থাপনাৰ বিষয়সমূহ পৰ্যালোচনা কৰে, য’ত মোবাইল চিগনেল বৃদ্ধি কৰা, সংহত তালাচী চকীৰ বাবে ভৱিষ্যতৰ পৰিকল্পনা , সীমান্তৰ স্তম্ভৰ ৰক্ষণাবেক্ষণ তথা সীমা অতিক্ৰম কৰি চলাচল কৰা আদি বিষয়সমূহ পৰ্যালোচনা কৰা হয়। আলোচনাত ভূটানৰ আৰক্ষীৰ সামৰ্থ্য বিকাশৰ প্ৰসংগয়ো গুৰুত্ব লাভ কৰে।

উভয় দেশৰ প্ৰতিনিধিৰ দলে আন্তৰিক তথা গঠনমূলক আলোচনাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নিৰাপদ, সুৰক্ষিত তথা সমৃদ্ধিশালী সীমান্ত অঞ্চল নিশ্চিত কৰাৰ দিশত একেলগে কাম কৰাৰ সংকল্পৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।বৈঠকত উভয় পক্ষই শক্তিশালী বন্ধুত্বৰ বিষয়টোক পুনৰ দৃঢ় কৰি ভাৰত আৰু ভূটানে পৰম্পৰাগত তথা উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়। ভাগ-বতৰা কৰা ভূগোল, সংস্কৃতি আৰু মানুহৰ মাজত শিপাই থকা সম্পৰ্কৰ ক্ষেত্ৰত চিৰস্থায়ী অংশীদাৰিত্বই আঞ্চলিক সহযোগিতাৰ বাবে আৰ্হি হিচাপে কাম কৰি আহিছে বুলি উভয়ে সহমত ব্যক্ত কৰে। উল্লেখ্য ইয়াৰ পূৰ্বে এনে বৈঠক অনুষ্ঠিত হৈছিল ২০১৯ চনত।

জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশে তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছে – মুখ্যমন্ত্ৰী ।Zubeen

জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশে তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছে – মুখ্যমন্ত্ৰী ।Zubeen
জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশে তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছে – মুখ্যমন্ত্ৰী ।Zubeen

Zubeen । জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশে তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছে – মুখ্যমন্ত্ৰী

বঙাইগাঁও, ২৩ অক্টোবৰঃ
অসমীয়াৰ জীৱনশৈলী আৰু সংস্কৃতিৰ প্ৰতীক জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। বঙাইগাঁৱৰ এক অনুষ্ঠানত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, একাংশ বাওঁপন্থীয়ে জুবিন গাৰ্গক নাস্তিক হিচাপে প্ৰতিস্থাপন কৰাৰ চেষ্টা কৰি আছে। এই প্ৰচেষ্টা দ্বাৰা সনাতন ধৰ্মক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ চলি আছে বুলি মুখ্যমন্ত্ৰীৰ অভিযোগ।

মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “জুবিন গাৰ্গ আছিল শিৱভক্ত। তেওঁৰ শৰীৰত মহাদেৱৰ টেটু আছিল। তেওঁ পূজা কৰিছিল, শিৱক মানিছিল। কিন্তু আজি বাওঁপন্থীয়ে তেওঁৰ চিনেমাৰ সংলাপ – ‘মোৰ জাতি নাই, ধৰ্ম নাই’ – ব্যৱহাৰ কৰি তেওঁক নাস্তিক সজাব চেষ্টা কৰিছে।”

তেওঁ আরও কয়, “ৰীতা চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰত জুবিনে কৈছিল কিমান শিৱক মানে। মোৰ লগতো তেওঁৰ পূজা কৰা বহু ফটো আছে। কিন্তু আজি বাওঁপন্থীয়ে এই সকলো সত্য ঢাকি ৰাখি তেওঁৰ বিপৰীত ছবি প্ৰতিষ্ঠা কৰিবলৈ চাইছে।”

শৰ্মাই অভিযোগ কৰে, “প্ৰকৃত জুবিন যাতে হেৰাই নাযায়, তাৰ বাবে আজি বিজেপি ৰাজপথত নামিছে। যিসকলক জুবিনে ‘নমতা অতিথি’ বুলি কৈছিল, সেইসকলে আজি জুবিন ক্ষেত্ৰত ভিৰ কৰিছে। হিন্দু ধৰ্মৰ বিধি অনুসাৰে তেওঁৰ শেষকৃত সম্পন্ন হৈছে, কিন্তু বাওঁপন্থীয়ে চিনেমাৰ সংলাপৰ অপব্যৱহাৰ কৰি ধৰ্ম আৰু সংস্কৃতি দুৰ্বল কৰিবলৈ চাইছে।”

মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাই কয়, “আমাক দেখুৱাই দিয়ক জুবিনৰ জাতি নাছিল, ধৰ্ম নাছিল বুলি। এই ষড়যন্ত্ৰৰ মাধ্যমেৰে বাওঁপন্থী আৰু কংগ্ৰেছ তথা অখিল গগৈসকলে অসমীয়াৰ ধৰ্ম, জাতি-মাটি, ভেঁটিৰ ওপৰত আঘাত হানিবলৈ চাইছে।”

শৰ্মাৰ এই মন্তব্যে পুনৰ একবাৰ জুবিন গাৰ্গৰ বিশ্বাস আৰু ধৰ্মীয় চিন্তাধাৰা লৈ ৰাজ্যৰ ৰাজনৈতিক বিতৰ্কত নতুন অধ্যায় উন্মোচিত কৰিছে।

ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। ঘটনাটো সংঘটিত হৈছে কেৰালাত।
ৰাষ্ট্ৰপতি মুৰ্মুৱে সবৰীমালা ভ্ৰমণৰ বাবে যোৱা হেলিকপ্টাৰখনৰ চকা বুধবাৰে প্ৰমাদমৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ কৰা হেলিপেডত পুৱা অৱতৰণ কৰাৰ সময়তে আবদ্ধ হৈ পৰে । এই ঘটনাত অৱশ্যে ৰাষ্ট্ৰপতিগৰাকী আঘাত নোপোৱাকৈ ৰক্ষা পৰে। জানিব পৰা মতে হেলিকপ্টাৰখন অৱতৰণ কৰাৰ কিছু মুহূৰ্তৰ পিছতে হেলিপেডৰ এটা অংশ আংশিকভাৱে ভাগি যায় । ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হৈ হেলিকপ্টাৰখন ঠেলি উলিয়াবলৈ চেষ্টা কৰে ।এই ঘটনাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে পথেৰে পাম্বালৈ ৰাওনা হয় । এগৰাকী এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে অন্তিম মুহূৰ্তত হেলিকপ্টাৰখনে অৱতৰণ কৰিবলগীয়া স্থান হিচাপে ষ্টেডিয়ামখন নিৰ্ধাৰণ কৰা হৈছিল আৰু সেয়েহে মঙলবাৰে নিশা ততাতৈয়াকৈ হেলিপেডখন নিৰ্মাণ কৰা হৈছিল ।সেইবাবেই মাটি ঢিলা হৈ আছিল।

প্ৰথমে পাম্বাৰ সমীপৰ নীলাকলত ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ অৱতৰণৰ পৰিকল্পনা কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে অৱতৰণৰ স্থান প্ৰমাদমলৈ সলনি কৰা হৈছিল ।
উল্লেখ্য ৪ দিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীলৈ তিৰুৱনন্তপুৰমত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰে পুৱা পাঠানামথিত্তা জিলালৈ ৰাওনা হয় । প্ৰমাদমৰ পৰা ৰাষ্ট্ৰপতি মুৰ্মুৱে স্থলপথেৰে সবৰীমালাৰ পাম্বালৈ যাত্ৰা কৰে।